text
stringlengths 0
188k
|
---|
In ৰাজ্য |
ফজলুৰ ৰহমান |
সোণতলী |
৪ মার্চ |
অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পেলাবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হয়। |
শনিবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী সভা৷ বকো সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী নন্দিতা দাসৰ প্ৰচাৰ সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা, বিধায়িনী দলৰ উপ দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে সাংসদ গৌৰৱ গগৈয়ে নন্দিতা দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ জেষ্ঠ্য নেতা ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ অপশাসমনৰ পৰা পৰিত্ৰাণ পাবলৈ মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক নন্দিতা দাসক ভোট দিয়াৰ বাবে সমষ্টিবাসীক আহ্বান জনায়। ৰকিবুল হুছেইনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত বিজেপিয়ে এখনো আসন নাপায়। তৃতীয় পৰ্যায়তো বিজেপি শূণ্য হ’ব বুলি মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিচতে দল সলাই কংগ্ৰেছত অহাৰ বাট বিচাৰিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ এন আৰ চিৰ সময়ত মহিলা সকলক বিজেপি চৰকাৰে কৰা হাৰাশাস্তি বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা গৰাকীয়ে। ভাষণ প্ৰসংগত ৰকিবুল হুছেইনে ২৪ ঘণ্টা বিজুলীৰ যোগান দিয়াৰ বিজ্ঞাপন দি অহা বিজেপিয়ে প্ৰকৃততে ২৪ বাৰ বিজুলী কটাৰ হে ব্যৱস্থা কৰিছে বুলি কয় আৰু এনে অৱস্থাত কংগ্ৰেছে দৰিদ্ৰ ৰাইজক ২০০ ইউনিটলৈ বিনামুলীয়া বিদ্যুৎ যোগান দিব বুলি প্ৰকাশ কৰি অসমত মিত্ৰজোঁটে ১০০ প্লাচ আসন লাভেৰে চৰকাৰ গঠন কৰাৰ নিশ্চিত বুলি দাবী কৰে।অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভীনেত্ৰীৰ দায়িত্বত থকা বকো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ প্ৰচাৰ চলাবলৈ অহা সাংসদ গৌৰৱ গগৈয়ে বিজেপি দল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ ৫ নম্বৰ গেৰান্টীৰ লগতে পুণৰ দক্ষিণ কামৰূপ জিলা প্ৰতিষ্ঠাৰ বাবে ৰাহুল গান্ধীয়ে দিয়া ৬ নম্বৰ গেৰান্টীৰ কথা ৰাইজৰ মাজত দোহাৰে৷ |
নিৰ্বাচনী সভাত বকোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়িকা নন্দিতা দাসে তেওঁৰ আধৰুৱা কামসমূহ পূৰণ কৰিবলৈ তেওঁক পুনৰাই ৰাইজে বিধায়িকা হিচাপে নিৰ্বাচিত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়৷ প্ৰায় পঞ্চাছ হাজাৰ লোকৰ সমাৱেশ ঘটা নিৰ্বাচনী প্ৰচাৰ সভাখনত কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ তথা ভাৰতৰ জনপ্ৰিয় শ্বায়েৰী সম্প্ৰাট ইমৰান প্ৰতাপগড়ী, জনপ্ৰিয় কণ্ঠশিল্পী তথা চাবুৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আজয় ফুকন, মৰিয়নি সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, বাবু বৰুৱা, নেকিব আহমেদ, চট্টিশগড়ৰ মন্ত্ৰী গোলাপ কামৰে প্ৰমূখ্যে নেতৃবৃন্দই দিয়া বক্তব্য আৰু নিৰ্বাচনী গীতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰি তোলে |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>শোণিতপুৰ জিলাৰ বালিপৰাত আজি দান উৎসৱৰ সৈতে সংগতি ৰাখি এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ‘স্পেড লাভ এণ্ড পীচ’ নামৰ স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত বালিপৰা চেণ্টাৰত বালিপৰা এলিট একাডেমিৰ ছাত্র-ছাত্রীসকলৰ দ্বাৰা এই বাটৰ নাটখনি প্ৰদৰ্শন কৰা হয়। |
উল্লেখযোগ্য যে মুক্ত ভাৰতৰ কামনা কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামী সকলৰ অৰিহণাক ৰাইজৰ মাজত প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে এই বাটৰ নাটখনি প্ৰদৰ্শন কৰা হয়। |
ছাত্র-ছাত্রীসকলে মহাত্মা গান্ধী, সৰোজনী নাইডু ,কনকলতা ,বীৰ লাচিতকে আদি কৰি মহান সংগ্ৰামীসকলৰ ভাৱত অভিনয় কৰি বাটৰ নাট, পথ ৰেলী অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। |
সংগঠনটোৰ কৰ্মকৰ্তা জেফৰিন আখতাৰে জনোৱা অনুসৰি অসমৰ প্ৰথমবাৰৰবাবে অনুষ্ঠিত দান উৎসৱৰ জৰিয়তে মহান স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰি ৰাইজক অৱগতকৰণৰ বাবে সংগঠনটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে। |
তদুপৰি প্ৰতিবছৰে ২ অক্তেবৰৰপৰা ৮ অক্তোবৰলৈকে সমগ্ৰ ভাৰততে দান উৎসৱ পালন কৰা হয়। সেয়ে দান উৎসৱৰ লগত সংগতি ৰাখি এনে সজাগতামূলক কাৰ্যসূচী সংগঠনটোৱে আজিৰেপৰা শুভাৰম্ভ কৰিছে আৰু পৰ্যায়ক্ৰমে বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্রীক লৈ ৮ অক্তোবৰলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। |
Recent News |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ৰাজ্যত বান আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীত নদীত জাহ গ'ল এখন থানা। চকুৰ পচাৰতে নৈত জাহ যোৱা এই দৃশ্য বন্দী হয় কেমেৰাত। |
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা। প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায় (Police Station Sink Into River)। |
অৱশ্যে, গৰাখহনীয়াৰ আশংকাৰ পৰিপ্ৰেক্ষিতত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ। গতিকে তাত অকল আছিল দুমহলীয়া অট্টালিকাটো। |
Tags: |
recent অসম |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>আজি দুপৰীয়া বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ বড়োপাৰা গাৱঁৰ পোকালাগি নৈৰ বুকুত এজন যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। যুৱকজন ৰহা বড়োপাৰাৰ গাৱঁৰ দেৱেন্দ্ৰ বসুমতাৰীৰ পুত্ৰ মজুমদাৰ বসুমতাৰী বুলি জানিব পৰা গৈছে। |
ট্ৰেক্টৰখন ধোৱাৰ পাছত ৰহা ডাক বঙলাৰ ওচৰেৰে বৈ যোৱা পোকালাগি নদীত সাঁতুৰিবলৈ যাওঁতে সোঁতত মজুমদাৰ বসুমতাৰী উটি গৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। |
পিছত ৰহাৰ পোকালাগি নদীত সৰভোগ আৰক্ষীৰ সহযোগত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (NDRF) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে (SDRF) উদ্ধাৰ অভিযান চলায় যদিওঁ সন্ধানহীন যুৱকজনক উদ্ধাৰ কৰিব পৰা নাই। |
যুৱকজনৰ সন্ধানত পুনৰ অহাকালি ৰাতিপুৱা ৯ বজাৰ উদ্ধাৰ অভিযান চলোৱা হ’ব বুলি জানিব পৰা গৈছে। |
Recent News |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পৃথক কমতাপুৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোটে অৰ্দ্ধ উলংগ হৈ দিচপুৰ লাষ্টগেইটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। |
প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ পৰা প্ৰতাৰিত, নিস্পেষিত আৰু লাঞ্চিত হৈ অহাৰ অভিযোগ অভিযোগ উত্থাপন কৰি ‘NO ST NO REST’ আমাৰ দাবী ন্যায্য দাবী’, ‘আছে অস্ত্ৰ লোৱা নাই, ল‘লে অস্ত্ৰ ৰক্ষা নাই আদি শ্ল‘গানেৰে উত্তাল কৰি তোলে দিচপুৰ লাষ্টগেইট। |
প্ৰতিবাদত অংশগ্ৰহণ কৰা আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে নৰ্থ-ইষ্ট নাওক কয় যে বিজেপি চৰকাৰে ভোটবেংকৰ স্বাৰ্থত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰি আহিছে। |
তেওঁ লগতে কয়, “অতি পৰিতাপৰ কথা যে কংগ্ৰেছৰ পৰা আদি কৰি বৰ্তমানৰ বিজেপি চৰকাৰে এই জনগোষ্ঠীক সদায় প্ৰতাৰণা কৰি আহিছে। এই চৰকাৰৰ নেতৃত্বত কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাটো দূৰৰে কথা, ভুমি পুত্ৰ তথা খিলঞ্জীয়াক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বিদেশী সজোৱাৰ পৰিকল্পনাহে চলাই থকা পৰিলক্ষিত হৈছে।” |
আনহাতে তেওঁ অভিযোগ কৰে যে বহু কোচ ৰাজবংশী খিলঞ্জীয়া লোকক ডিটেনশ্বন কেম্পত ভৰাই থৈছে এই চৰকাৰখনে। লগতে ডি ভোটাৰ সজাই জনগোষ্ঠীটোক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়। |
তেওঁ চৰকাৰক দাবী কৰি কয়, ‘ডি ভোটাৰৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে। তাৰেপৰি ডিটেনশ্বন কেম্পত থকা কোচ ৰাজবংশীসকলক বিনাচৰ্তে মুকলি কৰি দিব লাগে।” |
আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতাৰণাৰ বলি হৈ অহা বাবেই পৃথক কমতাপুৰ ৰাজ্য গঠনৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে। |
উল্লেখ্য যে প্ৰায় ৫ শতাধিক লোকে অংশ লোৱা অৰ্দ্ধ উলংগ প্ৰতিবাদত তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে বিজেপিক অসমৰ পৰা চিৰবিদায় দিয়াৰো হুংকাৰ দিয়ে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>চৰকাৰে উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ প্ৰতিবাদত বৰপেটাত অৱস্থান ধৰ্মঘট : একেখন মঞ্চত আছু-আমছু- কৃষক মুক্তি |
by পুলেন্দ্ৰ দাস |
September 3, 2018 2:21 pm |
বৰপেটা প্ৰেছ ক্লাৱৰ সন্মুখত চৰকাৰে উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত। ফটো : নৰ্থইষ্ট নাও |
106 |
VIEWS |
Share on FacebookShare on Twitter |
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা উত্তৰ পূব গ্ৰন্থমেলাখনক চৰকাৰে ষড়যন্ত্ৰমূলকভাবে বন্ধ কৰাৰ প্ৰতিবাদত আজি বৰপেটা চহৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ |
ধৰ্মঘটত অংশগ্ৰহণ কৰা শিল্পী, সাহিত্যিক তথা ছাত্ৰ সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় আৰু উত্তৰ-পূব গ্ৰন্থমেলা যথাসময়ত যথা স্থানত অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ |
বৰপেটা প্ৰেছ ক্লাৱ প্ৰাংগনত দিনৰ ১১বজাৰ পৰা ১২:৩০বজালৈ অনুষ্ঠিত এই ধৰ্মঘটত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, আছুৰ উপ সভাপতি প্ৰদীপ দাস, আমছুৰ সাংস্কৃতিক সম্পাদক মণিৰুজ জামান, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক কাজি নাজিমুল হকৰ লগতে বৰপেটা সাহিত্য সভা,বৰপেটা লেখিকা সমাৰোহ, বৰপেটা গ্ৰন্থ মেলা, বৰপেটা ফেচবুক ফ’ৰাম, বৰপেটা প্ৰেছ ক্লাৱৰ লগতে কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ |
আনহাতে, সাংবাদিক অশোক কুমাৰ দাসৰ বিশেষ প্ৰচেষ্টাত অনুষ্ঠিত এই ধৰ্মঘটস্থলীত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ সাংবাদিক মহানন্দ ওজাই আঁত ধৰা এই প্ৰতিবাদী সভাখনত শিল্পী, সাহিত্যিক, ছাত্ৰ সংগঠকসকলে চৰকাৰে উত্তৰ- পূব গ্ৰন্থ মেলা বন্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় ৷ ধৰ্মঘটৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ডিজু বস্তিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। |
ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি ডিজু বস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত কলিয়াবৰ দিশৰ পৰা নগাওঁ অভিমুখে আহি থকা এ এছ ০১ এ চি ৬৯২৩ নম্বৰৰ ট্ৰাকখনত একে দিশৰ পৰা আহি থকা এ এছ ০২ ডি ৯৬৪১ নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে। |
ফলত বাইক আৰোহী দুজন ছিটিকি পৰে আৰু সেই একে দিশতে আহি থকা এ এছ ২৫ চি চি ৩৯৬৫ নম্বৰৰ আন এখন ট্ৰাকে বাইকআৰোহী দুজনক মহতিয়াই নিয়ে। ফলত বাইক আৰোহী দুজন থিতাতে নিহত হয়। |
নিহত যুৱক দুজনক মিছা ১৪ নম্বৰ লাইনৰ মাইনুছ এক্কা (২৯) আৰু দীপু লোহাৰ (২৮) বুলি চিনাক্ত কৰা হৈছে। |
আনহাতে সেই একে সময়তে একে দিশৰ পৰা অহা আন এখন বাইকে উক্ত ট্ৰাকখনত খুন্দা মৰা ফলত বাইক আৰোহী দুজন ক্ৰমে আমনিৰ নিবাসী ৰাহুল ওৰাং আৰু মিছা অঞ্চলৰ বিছু লোহাৰ নামৰ আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। |
পাছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত হোৱা লোক দুজনক চিকিৎসাৰ বাবে স্থানীয় লোকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ধুবুৰী জিলাতো গৰুৰ চোৰাং বেহা অব্যাহত আছে।ন ন কৌশলেৰে ছিণ্ডিকেট চক্ৰই ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আছে চোৰাং গৰু। |
চাপৰ আৰক্ষীয়ে চান্দৰডিঙা পাহাৰৰ শিলডাংগা গাওঁত অভিযান চলাই খেদি খেদি ১২ টা চোৰাং গৰু জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰি থানা লৈ আনে। |
এক গোপন সূত্ৰৰ পম খেদি চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল এটাই উল্লিখিত স্থানত অভিযান চলাই গৰুকেইটা জব্দ কৰে। |
যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীয়েদি বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবেই গৰুকেইটা শিলডাঙ্গালৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। উক্ত চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত চাপৰ আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত হেলেঙ্গা চৰৰ ফজল হ’কৰ পুত্ৰ হুছেইন আলী(৩৬) আৰু চৈয়দ আলীৰ পুত্ৰ আজিদুল শ্বেখ(২২)ক গ্ৰেপ্তাৰ কৰিছে। |
চাপৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৯/৪১১ ধাৰাৰ লগতে ‘আসাম কে’টল প্ৰিজার্ভেচন এক্ট (2021)ৰ ১৩ নং ধাৰামৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তদ্বয়ক বিলাসীপাৰা আদালতৰ জৰিয়তে ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে। |
জব্দকৃত গৰু কেইটাক কাইলৈ ইয়াৰে ৰঙামাটিত থকা গো-শালাত গতাই দিয়া হব বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাকতিয়ে জানিবলৈ দিছে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.