text
stringlengths
0
188k
ইউৰোপীয় তথা আন কিছু সাংবাদিকতাৰ নৈতিকতা নীতিত,[9] জাতি, ধৰ্ম, যৌন অভিমুখীতা আৰু শাৰীৰিক বা মানসিক অক্ষমতাৰ ওপৰত আধাৰিত বাতৰিত বৈষম্যতাকলৈও উদ্বেগ প্ৰকাশ কৰা হয়।[10][11][12][13] ইউৰোপ পৰিষদৰ সংসদীয় সভাই ১৯৯৩ চনত সাংবাদিকতাৰ নৈতিকতা প্ৰস্তাৱত অনুমোদন জনাইছিল যিয়ে সাংবাদিকসকলক নিৰ্দোষ বুলি কৰা ধাৰণাক সন্মান কৰিবলৈ পৰামৰ্শ দিয়ে, বিশেষকৈ এনে ক্ষেত্ৰত য'ত গোচৰ এতিয়াও বিচাৰ হোৱা নাই।[14]
যুক্তৰাজ্যত সকলো বাতৰি কাকত ইণ্ডিপেণ্ডেণ্ট প্ৰেছ ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্বন নামৰ সংস্থাৰ অনুশীলন সংহিতাৰ দ্বাৰা আবদ্ধ। ইয়াত ব্যক্তিৰ গোপনীয়তাক সন্মান কৰা আৰু শুদ্ধতা নিশ্চিত কৰাৰ দৰে বিষয় অন্তৰ্ভুক্ত আছে।
এয়া বিংশ শতিকাৰ আগৰ সংবাদ মাধ্যমৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ বিপৰীত, য'ত সংবাদ মাধ্যমত সৰু বাতৰি কাকত আৰু পত্ৰিকাৰ আধিপত্য আছিল যাৰ সাধাৰণতে এক স্পষ্ট আৰু প্ৰায়ে মৌলিক উদ্দেশ্য আছিল, আৰু তাত ভাৰসাম্য বা বস্তুনিষ্ঠতাৰ অভাৱ আছিল।
সাংবাদিকসকলৰ ওপৰত তৎক্ষণাৎ আৰু প্ৰতিযোগীসকলৰ আগত বাতৰি প্ৰতিবেদন কৰাৰ হেঁচাৰ বাবে, সময়লৈ প্ৰস্তুত আৰু সম্পাদনা কৰা লিখনিতকৈ তথ্যগত ত্ৰুটি অধিক সঘনাই ঘটে। এখন মুখ্য দৈনিক বাতৰি কাকতত আগদিনা প্ৰকাশিত প্ৰবন্ধৰ কেইবাটাও সংশোধন থাকিব পাৰে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ "10 Most Censored Countries," Committee to Protect Journalists, 2 May 2012, page retrieved 23 May 2013.
↑ https://www.pewresearch.org/fact-tank/2017/06/01/circulation-and-revenue-fall-for-newspaper-industry/
↑ "Fourth Estate – Core Journalism Principles, Standards and Practices". Fourth Estate Public Benefit Corporation. https://www.fourthestate.org/core-journalism-principles/। আহৰণ কৰা হৈছে: 2 December 2016.
↑ IFJ (International Federation of Journalists) – Declaration of Principles on the Conduct of Journalists Archived 14 November 2012 at the Wayback Machine (DOC version)
↑ "ASNE (American Society of Newspapers Editors) – Statement of Principles". http://www.asne.org/kiosk/archive/principl.htm। আহৰণ কৰা হৈছে: 2013-03-01.
↑ "APME (Associated Press Managing Editors) – Statement of Ethical Principles". 2008-06-22. http://www.apme.com/ethics/। আহৰণ কৰা হৈছে: 2013-03-01.
↑ "(Society of Professional Journalists) – Code of Ethics". SPJ. http://www.spj.org/ethicscode.asp। আহৰণ কৰা হৈছে: 2013-03-01.
↑ "The Elements of Journalism: What Newspeople Should Know and the Public Should Expect – Introduction | Project for Excellence in Journalism (PEJ)". Journalism.org. 2006-06-19. http://journalism.org/node/72। আহৰণ কৰা হৈছে: 2013-02-23.
↑ Parliamentary Assembly of the Council of Europe – Resolution 1003 (1993) on the ethics of journalism (see clause 33) Archived 26 June 2009 at the Wayback Machine
↑ UK – Press Complaints Commission – Codes of Practice (see item 12, "Discrimination") Archived 14 December 2012 at the Wayback Machine
↑ "Italy – FNSI's La Carta dei Doveri (The Chart of Duties)" (it ভাষাত). http://www.fnsi.it/Contenuto/Documentazione/CarteDeontologiche/Carta_dei_Doveri.htm। আহৰণ কৰা হৈছে: 2012-12-24. (section "Principi")
↑ Spain – FAPE's Código Deontológico (Deontological Code) (see Principios Generales, item 7, "a")
↑ "Brazil – FENAJ's Code of Ethics" (pt ভাষাত). http://www.fenaj.org.br/federacao/cometica/codigo_de_etica_dos_jornalistas_brasileiros.pdf. (20.8 KB) (see Article 6, item XIV)
↑ PACE Resolution 1003 (1993) on the Ethics of Journalism Archived 26 June 2009 at the Wayback Machine (see clause 22)
"https://as.wikipedia.org/w/index.php?title=সাংবাদিকতা&oldid=283694"ৰ পৰা অনা হৈছে
শ্ৰেণী:
সাংবাদিকতা
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters
Webarchive template wayback links
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ২৮ জুন, ২০২১ তাৰিখে ১০:০৪ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
যদি কোনো বাৰ্ষিক পট্টা ভূমি হস্তান্তৰ কৰা হয়, তেন্তে বাৰ্ষিক পট্টা নবীকৰণ নকৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব আৰু বাৰ্ষিক পট্টা বাতিল কৰি ভূমি, চৰকাৰী ভূমিলৈ ৰূপান্তৰিত কৰা হ’ব। বাৰ্ষিক পট্টাৰ ভূমি চৰকাৰী কৰি লোৱাৰ পিছত সংশোধিত ভূমি নীতি, ২০১৯ ত নিৰ্ধাৰিত পদ্ধতিৰে যোগ্য দখলদাৰৰ সৈতে ভূমি মীমাংসিত বা নিষ্পত্তি কৰা হ’ব।
সমৰ্থনকাৰী নথিপত্ৰসমূহ :
১) শেহতীয়া ভূমি ৰাজহৰ ৰচিদ।
২) প্ৰকৃত আবণ্টিত ব্যক্তিৰ পৰা জমিৰ মালিকীস্বত্ব হস্তান্তৰ কৰা বুলি প্ৰমাণ কৰিবলৈ যিকোনো সমৰ্থনকাৰী নথি।<eot>অসমৰ জাতীয় সংগীতৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱাই ‘বীণ ব’ৰাগী’ নামৰ কবিতাটোত মৰাণসকলৰ বিৰুদ্ধে কৰি যোৱা গোষ্ঠীবিদ্বেষী মন্তব্যৰ প্ৰতিবাদত মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ ৰাজহুৱা অনুষ্ঠানত আজিও নাগায় ‘অ’ মোৰ আপোনাৰ দেশ’।
‘লক্ষ্মীনাথ বেজবৰুৱাক আমি সন্মান কৰো। কিন্তু কবিতাটোৰ পৰা ‘কেনেকৈ মৰাণে অসম ধ্বংস কৰিলে’ শাৰীটো গুচাবলৈ আমি চৰকাৰ আৰু অসম সাহিত্য সভাক দাবী জনাইছো,’ ক’লে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে।
লক্ষ্মীনাথ বেজবৰুৱাৰ মন্তব্যৰ লগতে অসমৰ বিভিন্ন বুৰঞ্জী, সাহিত্য আনকি অভিধানটো থকা মৰাণবিদ্বেষী বক্তব্যসমূহ পৰিহাৰ কৰাৰ বাবে অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰক দাবী জনাই পুনৰ স্মাৰক পত্ৰ দিয়াৰ বাবেও আজি ২৮ জুনত গুৱাহাটীত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই।
হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ, সত্যেন্দ্ৰ নাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ ইতিবৃত্ত, নগেন শইকীয়াই সম্পাদনা কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা সংকলন, তচদুক আমানুল হুছেইনৰ অসম বুৰঞ্জী আৰু নাওবৈচা ফুকনৰ অসম বুৰঞ্জীত থকা মৰাণবিদ্বেষী মন্তব্যৰ উদাহৰণো সংগঠনটোৱে সংবাদমেলত দাঙি ধৰে।
অসমৰ সমাজ ইতিহাসৰ বৰ্ণবিদ্বেষী উদাহৰণ দাঙি ধৰি ‘মৰাণসকলো অসমৰ জাতীয় সংগীতটো গাবৰ বাবে ব্যাকুল’ বুলি উল্লেখ কৰি অৰুণজ্যোতি মৰাণে কয় ‘মৰাণসকল প্ৰথমে মৰাণ হৈয়ো অসমীয়া।’
বৰডুমচাত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনত সাহিত্য সভাক এই সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ পিছতো সাহিত্য সভাই একো পদক্ষেপ নল’লে বুলিও মৰাণ সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।
অসমৰ একাংশ বুদ্ধিজীৱীৰ লগতে চৰকাৰ, সাহিত্য সভা আৰু প্ৰকাশন পৰিষদে মৰাণসকলক তুচ্ছ-তাচ্ছিল্য কৰা লেখাসমূহক সাৰ-পানী যোগাই আহিছে বুলিও সংগঠনটোৱে দাবী কৰে।
আনহাতে মৰাণসকলৰ জনজাতিকৰণ, স্বায়ত্ত শাসন, সুকীয়া সঞ্চালকালয় আৰু অসমত উচ্চ সদন স্থাপনৰ দাবীত অহা ২৯ জুলাইত নতুন দিল্লীত প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ বাবেও আজিৰ কাৰ্য্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই নামটোত স্পেনীয় নামাকৰণ পদ্ধতি ব্যৱহাৰ হৈছে; প্ৰথম বা পিতৃস্থানীয় পাৰিবাৰিক নামটো Goya আৰু দ্বিতীয় বা মাতৃস্থানীয় নামটো Lucientes।
ফ্ৰান্সিছক' গয়া
ফ্ৰান্সিছক' গয়াৰ প্ৰতিকৃতি (ভিচেণ্টি ল'পেজ ৱে পৰ্টানা (Vicente López y Portaña) (১৮২৬). কেনভাছত তৈলচিত্ৰ, ৯৩ × ৭৫ চে.মি. Museo del Prado, মাড্ৰিড, স্পেইন)
নাম
ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes)
জন্ম
৩০ মাৰ্চ, ১৭৪৬
ফিউৱেনডেট'ড'ছ, এৰাগন, স্পেইন
মৃত্যু
১৬ এপ্ৰিল, ১৮২৮ (৮২ বছৰ)
বৰ্ডিউ, ফ্ৰান্স
দেশ
স্পেনীয়
পেচা
চিত্ৰ, ভাস্কৰ্য, ছপাকৰ্ম
প্ৰশিক্ষণ
জোছ লুজান
বিপ্লৱ
ৰোমাণ্টিক যুগ
ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) (স্পেনিছ: [fɾanˈθisko xoˈse ðe ˈɣoʝa i luˈθjentes]; ৩০ মাৰ্চ ১৭৪৬ - ১৬ এপ্ৰিল ১৮২৮)এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী (printmaker)। তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল। উপকূলীয় যুদ্ধৰ সময়ছোৱা তেখেতে মাড্ৰিড-তে কটাইছিল আৰু স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা জোছেফ বোনাপাৰ্টেৰ-ৰ প্ৰতিকৃতি অংকন কৰাৰ উপৰিও যুদ্ধৰ ছবি আকিছিল। তেখেতে অংকন কৰা ধ্ৰূপদী আৰু বৈপৰীত্যবিশিষ্ট (ambiguity) যুদ্ধৰ ছবিসমূহক 'যুদ্ধৰ ভয়াবহতা' Desastres de la Guerra (Disasters of War) ক্ৰম বুলি অভিহিত কৰা হয়। গয়াৰ ছবিসমূহত সেই সময়ৰ ইতিহাস আৰু তাৰ ওপৰত তেখেতৰ অভিমত দেখা যায়। তেখেতৰ ছবিত দেখা পোৱা 'বৈকল্পিক সৃষ্টিশীলতা'ৰ (subversive imagination) প্ৰভাৱ আৰু ৰঙ প্ৰক্ষেপণত তেখেতে দেখুওৱা সাহসে পাছৰ প্ৰজন্মৰ শিল্পীসকলক প্ৰভাৱান্বিত কৰা দেখা যায়, বিশেষকৈ এডৱাৰ্ড মানে, পাবলো পিকাছো আৰু ফ্ৰান্সিছ বেকনৰ ছবিত। [1]
তথ্য সূত্ৰ[সম্পাদনা কৰক]
↑ Rico, Pablo J., Goya and Modernism, XXIII Bienal Internacional de São Paulo, archived from the original on 17 January 2008.
"https://as.wikipedia.org/w/index.php?title=ফ্ৰান্সিছক%27_গয়া&oldid=236078"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
স্পেইনৰ ব্যক্তি
চিত্ৰশিল্পী
এই পৃষ্ঠাখন ০৫ জুন, ২০২০ তাৰিখে ০৯:৪২ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বৰপেটাত পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দাখিল কৰিছে জনপ্ৰিয় ধাৰাবাহিক ''বৰলা কাই'' ভোলাৰ মাকৰ চৰিত্ৰত অভিনয় কৰা দেবযানী গায়নে। ফটো : নৰ্থইষ্ট নাও
681
VIEWS
Share on FacebookShare on Twitter
সমাগত পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজ্যৰ ৰাজনীতি এতিয়া যথেষ্ট গৰম হৈ পৰিছে ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোটাৰৰ মন আকৰ্ষিত কৰাৰ বাবে আৰম্ভ কৰিছে ন-ন কৌশল ৷
ৰাজ্যত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা বৰপেটা চহৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷
বিজেপি, কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আজি পুৱাৰে পৰা ভালেসংখ্যক সমৰ্থকক লগত লৈ চহৰখনত উপস্থিত হোৱাত চহৰখনত যথেষ্ট ভিৰ হোৱাৰ লগতে তীব্ৰ যানযঁটৰ সৃষ্টি হয়।
লক্ষণীয় যে, আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত জনপ্ৰিয় অসমীয়া ধাৰাবাহিক “বৰলা কাই”ত ভোলাৰ মাকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা দেৱযানী গায়নে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰা দেখা যায়। গায়নে সুন্দৰীয়াদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পদৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰে।
আনহাতে, মনোনয়ন পত্ৰ দাখিল কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে যদিও প্ৰাৰ্থী সকলৰ ভাগ্য উদয় হ’ব ১২ ডিচেম্বৰতহে।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যোৱা ১ নবেম্বৰত ধলাৰ খেৰবাৰী গাঁৱত দুস্কৃতিকাৰীৰ গুলীত নিহত ব্যক্তিকেইগৰাকীৰ পৰিয়ালৰ লোকসকলক সমবেদনা জনোৱৰ উদ্দেশ্যে আজি আলোচনা পন্থী নেতা প্ৰবাল নেওগৰ নেতৃত্বত এটা ১০০ জনীয়া প্ৰতিনিধিৰ দল শোকস্তব্ধ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয়।
এই সম্পৰ্কত তেওঁ নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ বাক্যশাৰী সাৰোগত কৰি তেওঁৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ দিনাই খেৰবাৰীত দুস্কৃতিকাৰীৰ গুলীত নিহত হোৱা ৫ জনকৈ লোকৰ বাসগৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কাকপথাৰ কেম্পত কালি এখন সভা থকাৰ বাবে যাব পৰা নহ’ল।‘
অঞ্চলটোৰ সকলোকে শান্তি-সম্প্ৰীতি ৰক্ষা কৰি কোনো কাৰণতে গোষ্ঠীগত সংঘাতৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাই পূৰ্বৰে পৰা অঞ্চলটোৰ বাঙালী ভাষী আৰু অন্যান্য জনগোষ্ঠীৰ মাজত তেওঁৰ সম্পৰ্ক ভাল বুলি নেওগে নৰ্থ-ইষ্ট নাওৰ আগত উল্লেখ কৰে।
নেওগে নৰ্থ-ইষ্ট নাওৰ আগত লগতে কয় যে মত বিনিময়ৰ সময়ত অঞ্চলটোৰ ৰাইজে ‘ৰাজনৈতিক নেতাসকলে খাতি খোৱা মানুহক টাৰ্গেট কৰি লয়’ বুলি উল্লেখ কৰি তেওঁলোকক ইয়াৰ পৰা বিৰত থাকিবলৈ কয়।
প্ৰবাল নেওগৰ সৈতে যোৱা আন সদস্যসকলৰ ভিতৰত আছে কাকপথাৰ কেম্পৰ পৰা অন্টু চাওদাং, দিবাকৰ মৰাণকে ধৰি ২০ জন সদস্য, খিলঞ্জীয়া মঞ্চৰ প্ৰতিনিধি, টাই আহোম ছাত্ৰ সন্থাৰ শদিয়া জিলা সভাপতি-সম্পাদক, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধলাৰ স্থানীয় সদস্য, গোৰ্খা ছাত্ৰ সন্থাৰ ৭ জন সদস্য আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য।
আনহাতে দলটোত যোৱা সদস্য সকলে মিলি নিহত লোককেইজনৰ ‘সকামৰ(কাজ) সকলো খৰচ বহন কৰিব’ বুলি নেওগে নৰ্থ-ইষ্ট নাওক জনায়।
উল্লেখযোগ্য যে, নিজকে বাঙালী ভাষীসকলৰ সুৰক্ষাৰ বাবে মাত মাতি অহা বুলি কৈ অহা শিলাদিত্য দেব আজি পৰ্যন্ত ধলাৰ উক্ত গুলীচালনাত নিহতসকলৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হোৱা নাই।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>গুৱাহাটীৰ নদী জলাশয়ৰ সুৰক্ষাৰ বাবে এক সংহত কাৰ্য পৰিকল্পনা কৰাৰ বাবে অনুষ্ঠিত হ’ব এখন কৰ্মশালা – NE Focus
Likes