text
stringlengths 0
188k
|
---|
No comments |
Subscribe to: Post Comments ( Atom ) |
Social Counter |
facebook count=51.5K; |
Follow |
youtube count=2.8M; |
Follow |
twitter count=31.7K; |
Follow |
instagram count=17.4K; |
Follow |
Facebook Meta |
Popular Posts |
Utasav Bidyarambha 2022-23 |
New SMS Format for Sending MDM Report |
TET MCQ Test-2021-52 Sub: Ped |
Recent Posts |
Featured Post |
Viva Voce Compter Science P1 |
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে... |
Popular Posts |
Viva Voce Compter Science P1 |
মৌখিক পৰীক্ষা (Viva Voce) আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে For Viva Voce & Competitive Exam *এই তথ্যসমূহ বিভিন্ন কিতাপ আৰু ইণ্টাৰনে... |
Trick to Count no of Triangles |
How to Calculate Number of Triangles in a Shape | Trick to Count no of Triangles: Calculate number of triangles in a square Type – 1 :... |
MCQ Test for Assam TET-13 Sub: EVS |
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P... |
MCQ Test for Assam TET-12 Sub: Maths |
অসম TET, সাধাৰণজ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিঃ Assam TET, GK & Competitive Preparation MCQ Test দিবলৈ তললৈ স্ক্ৰল কৰক P...<eot>অৰ্থৰ অভাৱত বিগত ২০ মাহে বন্ধ হৈ থকা ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে যোৱা ৭ মাৰ্চত কেবিনেট বৈঠকযোগে ১০.১১ কোটি টকাৰ এক অনুদান মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পিচে, আজি ৫ মাহ অতিক্ৰম কৰাৰ পাছতো মিলটোৱে এই ধনৰাশি লাভ কৰা নাই। |
ৰাজ্য চৰকাৰৰ কেবিনেটে মিলটো পুনৰুজ্জীৱিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল সেই সময়ত উৎফুল্লিত হৈ পৰাৰ লগতে ৰঙিয়াবাসীও আনন্দিত হৈ পৰিছিল। কিয়নো ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৃহৎ সূতাকল ৰূপে পৰিচিত ৰঙিয়াৰ এই মিলটো পুনৰুজ্জীৱিত কৰাৰ বাবে এপ’ল মিল শ্ৰমিক সন্থাৰ লগতে আছুকে ধৰি কেইবাটাও জাতীয় দল-সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। |
জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অনীহাৰ ফলতে আজিকোপতি মিলটোৱে কেবিনেটে অনুমোদন দিয়া ধনৰাশিখিনি লাভ কৰা নাই। বিত্ত বিভাগৰ টেবুলে টেবুলে মিলটোৰ বাবে অনুমোদন দিয়া ১০.১১ কোটি টকাৰ ফাইল যোৱা ৫ মাহ ধৰি ঘুৰি আছে। |
সোমবাৰে এই সন্দৰ্ভত এপ’ল মিল শ্ৰমিক সন্থাই এটা বিবৃতিযোগে বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক সকীয়াই দিছে। সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গাৰাম হালৈয়ে স্বাক্ষৰ কৰা বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন দিয়া ১০.১১ কোটি টকা ৫ মাহৰ পাছতো চৰকাৰৰ বিত্ত বিভাগে মোকলাই নিদিয়াৰ আঁৰত ৰহস্য লুকাই আছে। |
চৰকাৰে এই ধনৰাশিৰ মাত্ৰ ১ কোটি টকা যোৱা মে’ মাহত মোকলাই দিছিল মিলৰ সঞ্চালক মণ্ডলীৰ সভাই এই ১ কোটি টকাৰে বিদ্যুতৰ বকেয়া বিল, শ্ৰমিক-কৰ্মচাৰীৰ এমাহৰ দৰমহা আৰু শেঠিয়া ইণ্টাৰনেশ্যনেলৰ বকেয়া পৰিশোধ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত সচিবজনে এই সমুদায় ধন শেঠিয়া ইণ্টাৰনেশ্যনেলৰ বকেয়া পৰিশোধৰ বাবে জোৰ দিয়ে। পাছত সমবায় বিভাগৰ অতিৰিক্ত সচিবজনৰ হেঁচাত পৰি মিল কৰ্তৃপক্ষই শেঠিয়া ইণ্টাৰনেশ্যনেলকে সমুদায় ১ কোটি টকা পৰিশোধ কৰে। |
আনহাতে, সেই ১ কোটি টকাৰ পাছত এতিয়ালৈকে বাকী ৯.১১ কোটি টকা মোকলাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো সদিচ্ছা দেখুওৱা নাই। |
মৃত্যুৰ দুৱাৰডলিত আহি উপনীত হোৱা এনে পৰিস্থিতিত অহা বিশ্বকৰ্মা পূজাৰ পূৰ্বে যদি চৰকাৰে ধনখিনি মোকলাই দি মিলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে মিলৰ সকলো শ্ৰমিক-কৰ্মচাৰীকে স্বেচ্ছামূলক অৱসৰ দিবলৈ এপ’ল মিল শ্ৰমিক সন্থাই বিবৃতিযোগে চৰকাৰৰ ওচৰত দাবী জনাইছে। |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>গবেষণাই দেখুৱাই যে অন্ত:বিদ্যালয় শিকন আৰু শিক্ষনৰ অভ্যাস কৰোৱা সকলে সহযোগিতাৰে কাম কৰাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিৰোচনত বৃদ্ধি হৈছে । ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ গঠন আৰু বিদ্যালয়ত অধিক শিকন অভিমুখী আৰু অনুসন্ধান ভিত্তিক শিকনলৈ পৰিবৰ্তন হোৱাটো প্ৰতিবেদনত দেখুৱাইছে । গাওঁ অঞ্চলৰ বিদ্যালয়, চহৰীয়া অঞ্চলৰ সুচাৰুৰূপে চলি থকা বিদ্যালয়ৰ লগত সংযোগ কৰি সহযোগিতাৰে কাম কৰা আৰু অভিজ্ঞতা বিনিময় কৰিব পাৰে । |
২.আঁচনিখনৰ অন্তৰ্নিহিত কাৰণ (Rationale for the Programme): - |
যোৰ গঠন বা বন্ধুত্ব আঁচনিৰ দ্বাৰা বিভিন্ন পৰিবেশৰ বিদ্যালয়ৰ ব্যৱধান নোহোৱা কৰা , কথা বতৰা সুচল কৰি তোলা আৰু শিক্ষাৰ জৰিয়তে এজনে আনজনৰ কৃষ্টি সংস্কৃতি বুজি উঠিব । বিদ্যালয়ৰ মাজত বন্ধুত্বই শিক্ষক সকলৰ মাজত উত্তম অনুশীলনৰ অভ্যাস , শৈক্ষিক সমল , উদ্ভাৱন মূলক ধাৰণাৰ বিনিময়ে শিকনৰ ফলাফল উন্নতি কৰাত সহায় কৰিব । |
৩.আঁচনি খনৰ উদ্দেশ্য (Objective of the Programme): |
সকলো ছাত্ৰ-ছাত্ৰীক একেখন মঞ্চলৈ অনা । উভয় বিদ্যালয়ৰ উত্তম অনুশীলনখিনি গ্ৰহণ কৰাত সমৰ্থ হোৱা । ইজনে সিজনৰ লগত অভিজ্ঞতাৰ বিনিময় কৰি যুটীয়া শিক্ষণ ব্যৱস্থা । বন্ধুত্বৰ আত্মীয়তা বৃদ্ধি হব । নিজৰ আৰু আনৰ সৱলতা আৰু দুৰ্বলতা উন্মোচন হব । অধিক প্ৰভাৱশালী অনুশীলন খিনি গ্ৰহণ কৰাৰ সুযোগ পাব । শিকনৰ ব্যৱধান চিনাক্ত কৰিব আৰু তাক পূৰণৰ চেষ্টা কৰিব । বিদ্যালয়ৰ পৰিচালনা আৰু প্ৰশাসনিক সামৰ্থতা শক্তিশালী কৰিব । আদান প্ৰদান, প্ৰতিপালন আৰু একেলগ হৈ থকাত প্ৰেৰণা দিব । ৪.নিৰ্দ্ধাৰিত লক্ষ্য (Target) : - |
a) ছাত্ৰ- ছাত্ৰীৰ বয়স- ৬ৰ পৰা ১৮ বছৰ |
b) শ্ৰেণী – ১ ৰ পৰা ১২ লৈকে |
বিদ্যালয় -চৰকাৰী বিদ্যালয় ,প্ৰাদেশিকৰণ বিদ্যালয়, স্থানীয় নিকায়ৰ বিদ্যালয় , কস্তুৰবা গান্ধী বিদ্যালয় , কেন্দ্ৰীয় বিদ্যালয় , নৱোদয় বিদ্যালয় , আদৰ্শ বিদ্যালয় , আৰু অন্যান্য চৰকাৰী কেন্দ্ৰীয় বিদ্যালয় , ব্যক্তিগত বিদ্যালয় । |
৫.বন্ধুত্বৰ মূলনীতি (Principle of twinning) :- |
গ্ৰাম্য চহৰীয়া বিদ্যালয় ,চৰকাৰী বেচৰকাৰী বিদ্যালয় ,প্ৰাথমিক মাধ্যমিক বিদ্যালয় , আবাসিক অনাৱাসিক বিদ্যালয়ৰ মাজত বন্ধুত্বৰ পদক্ষেপ ল'ব পৰা যাব । সাধৰনতে একে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা উচিত । |
বন্ধুত্ব পাতিবৰ বাবে বিদ্যালয় কেইখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ সংখ্যা, আন্ত:গাঁথনিক সুবিধা, উপলব্ধ সমল, বিদ্যালয়ৰ উন্নতিৰ অগ্ৰাধিকাৰ, ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্য্যতা আদি সকলো তথ্য আদান প্ৰদানৰ জৰিয়তে আত্মীয়তা আৰু পৰস্পৰ বুজাবুজিৰ সৃষ্টি কৰিব । |
ভাল ফলাফল দেখুওৱা বিদ্যালয়ে বিশেষ প্ৰয়োজন সম্পন্ন বিদ্যালয়ক সহায় আগবঢ়াই নিয়াত আঁচনিখন ব্যৱহাৰ কৰিব পৰা হ'ব । |
বিদ্যালয় দুখনৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি সময় ৰেখা বান্ধি লৈ লক্ষ্য ধাৰ্য্য কৰিব লাগে । বিদ্যালয়, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰশাসকৰ মাজত অন্ত সম্পৰ্ক আঁচনিৰ বিনিময় বা হোৱাইটচ এপ, ভিডিঅ কনফেৰেন্সিং, ই-মেইলৰ দৰে প্ৰযুক্তিৰ জৰিয়তে কৰিব পাৰে । |
বন্ধুত্ব দীৰ্ঘস্থায়ী হোৱা উচিত । |
বিদ্যালয় দুখনে এখনে আনখনক প্ৰতিপুষ্টি প্ৰদান কৰিব পৰা হব লাগে আৰু মুখামুখি হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কাৰ্য্য পন্থা থাকিব লাগিব । |
৬.বন্ধুত্বৰ ক্ষেত্ৰ- |
শিকনৰ ফলাফলৰ উন্নতিৰ বিশেষ মনোযোগৰ বাবে বিশেষকৈ গুণগত মানদণ্ড আৰু শিক্ষণ পদ্ধতিৰ উন্নতিৰ কাৰণে বিদ্যালয় সমূহে সহযোগিতাৰে কাম কৰা । |
শিকনৰ ফলাফলৰ উন্নতিৰ কাৰনে খেলাধূলা , কলা আৰু ভাস্কৰ্য্য , উত্সৱ পালন নাইবা বিদ্যালয় পৰ্য্যায়ৰ কাৰ্য্য সহযোগিতাৰে পালন কৰা । |
শিকনৰ ফলাফলৰ উন্নতিৰ কাৰণে উত্তম অনুশীলন সমূহৰ আদান প্ৰদান কৰা । |
পৰিবেশ ,জৈৱ-বৈচিত্ৰ্য ,বতৰ, স্বাস্থ্য, স্বাস্থ্যবিধি ইত্যাদিৰ সচেতনতা বৃদ্ধিৰ কাৰণে উৎসাহ যোগোৱা কাৰ্য্য কৰা । |
স্থানীয় কলা ভাস্কৰ্য্য সংগীতৰ অন্বেষণ কৰা । |
অঞ্চলটোৰ জীৱিকাৰ উপায় / কৃষি উদ্যোগ বা অন্যান্য সেৱাৰ বিষয়ে অৱগত/প্ৰদৰ্শন কৰোৱা । |
৭.জিলা পৰ্য্যায়ত কৰিব লগীয়া ক্ৰিয়া কলাপ (Activities to be initiated at District level)– |
আঁচনিখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব । |
সমিতি (Committee)- |
a) সভাপতি – অতিৰিক্ত জিলা উপায়ুক্ত, শিক্ষা । |
b) সদস্য- জিলা প্ৰাথমিক শিক্ষা বিষয়া । |
c)সদস্য সচিব – জিলা মিছন সমন্বয়ক । |
d)আহ্বায়ক- জিলা আঁচনি বিষয়া তেওঁক ন'ডেল বিষয়া হিচাপে লোৱা হ'ব ।। |
e) সদস্য- অধ্যক্ষ (জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান / শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান, জিলা আঁচনি বিষয়া (সকলো), খণ্ড সমল ব্যাক্তি, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক । জিলা মিছন সমন্বয়কে এজন ন'ডেল ব্যক্তি মনোনীত কৰিব । |
vজিলাবিলাকে বিদ্যালয়বোৰ বাছনি কৰিব আৰু তালিকা প্ৰস্তুত কৰি ৰাজ্যিক মিছন কাৰ্য্যালয়ত জমা দিব । |
জিলাৰ ফালৰ পৰা বিদ্যালয়ৰ বিশেষকৈ গুণগত মানদণ্ড আৰু শিক্ষণ পদ্ধতি উন্নতিৰ কাৰণে সহযোগিতাৰ বিষয়বস্তুৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে । |
জিলাৰ ফালৰ পৰা বিভিন্ন অনা-আৰ্থিক কাৰ্য্যাৱলীৰ কাৰ্য্যকৰী কৰণৰ বাবে কাৰ্য্যাৱলীৰ দিনপঞ্জী প্ৰস্তুত কৰিব । |
জিলাৰ ফালৰ পৰা বন্ধু বিদ্যালয়ৰ কাৰ্য্যাৱলী নিৰীক্ষণ কৰি থকা হ'ব আৰু বিদ্যালয় সমূহক প্ৰতি পুষ্টি প্ৰদান কৰিব । |
জিলাই বন্ধু বিদ্যালয় সমূহে কৰি থকা কাৰ্য্যাৱলীৰ প্ৰতিবেদন সমগ্ৰ শিক্ষাৰ ৰাজ্যিক মিছন কাৰ্য্যালয়লৈ প্ৰেৰণ কৰিব । |
জিলাই উত্তম অনুশীলন সমূহ / আঁচনিৰ উন্নতিৰ প্ৰচাৰ কৰিব যাতে অন্য বিদ্যালয়ে সেইবোৰ গ্ৰহণ কৰিব পাৰে । |
জিলাই বন্ধু বিদ্যালয়ৰ কাৰ্য্যাৱলী নথিভুক্ত কৰি ৰাখিব । |
৮.বিদ্যালয় পৰ্য্যায়ত কৰিবলগীয়া কাৰ্য্য (Activities to be initiated at School level) |
বিদ্যালয় কেইখনৰ মাজত হোৱা কাৰ্য্যাৱলীৰ সমন্বয় ৰক্ষাৰ কাৰণে বন্ধু বিদ্যালয়ে এজন সমন্বয়ক বাচনি কৰিব । |
বিদ্যালয় কেইখনৰ শিক্ষক কৰ্মচাৰী সকলে এজনে আনজনক বুজিবলৈ একেলগে বহি যুটীয়া সভা পাতিব আৰু উদ্ভাৱন মূলক শিক্ষনৰ শিকন পদ্ধতি আৰু খৰচ নোহোৱা বা কম খৰচী শিক্ষণ শিকন সামগ্ৰী ব্যৱহাৰ, বিভিন্ন বিষয়বস্তুৰ উপস্থাপন আদান প্ৰদান কৰিব । |
বিদ্যালয় কেইখনে সহযোগিতা, বন্ধুত্ব বা নিৰীক্ষণৰ বিষয়বস্তু বাচনি/আদান প্ৰদান কৰিব পাৰে । |
দুয়োখন বিদ্যালয়ৰ একে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত, উভয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বয়স, সামৰ্থ্য অনুযায়ী বন্ধুত্ব পাতিব পাৰিব । |
শিক্ষণ শিকন সামগ্ৰী আৰু অন্যান্য কাৰ্য্যাৱলীৰ বাবে উদ্ভাৱনী ধাৰণাৰ আদান প্ৰদানৰ বাবে হোৱাইটচ এপ গোট গঠন কৰিব পাৰে । |
বিদ্যালয় দুখনৰ মাজৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি যদি সম্ভৱ হয় ভইচ কল, হোৱাইটচ এপৰ জৰিয়তে কাৰ্য্যক্ৰমণিকা/ভাৱ বিনিময় কৰিব পাৰে । |
বন্ধু বিদ্যালয় কেইখনে উভয় বিদ্যালয়ৰ আৱশ্যকতা নাইবা দুৰ্বল অংশসমূহ চিনাক্তকৰণ কৰিব য'ত বিদ্যালয় দুখনে ইখনে আনখনক সহায় কৰিব পাৰিব আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান কেনেদৰে মোকাবিলা কৰা হব তাৰ কাৰ্য্য সম্পাদন কৌশল নিৰ্দ্ধাৰণ কৰিব । |
তুলনামূলক ভাৱে ভাল বিদ্যালয় খনৰ পৰিচালনাৰ ভাল অভ্যাস সমূহ আদান প্ৰদানৰ জৰিয়তে আনখন বিদ্যালয়ৰ পৰিচালনা ব্যৱস্থা শক্তিশালী কৰিব পাৰে । |
বন্ধু বিদ্যালয় কেইখনে তেওঁলোকৰ লাভৰ কাৰণে লক্ষ্য আৰু কামৰ সময় ৰেখা/সীমা ঠিক কৰি ল'ব । |
বিদ্যালয় সমূহে তেওঁলোকৰ অংশীদাৰী সকলক জড়িত কৰি কি কি ক্ষেত্ৰত বিদ্যালয় কেইখনে আনখনক সহায় কৰিব পাৰে তাৰ চিনাক্তকৰণ কৰিব । দীৰ্ঘকালীন লাভালাভৰ কাৰণে বিদ্যালয়ৰ সকলো অংশীদাৰক জড়িত কৰিব । |
বিদ্যালয় কেইখনে নিয়মীয়া ব্যৱধানত ইখনে আনখনক আৰু জিলাৰ ন'ডেল বিষয়াক প্ৰতিবেদন দি থাকিব । |
বিদ্যালয় কেইখনে তেওঁলোকৰ উমৈহতীয়া কাৰ্য্যাৱলীৰ ফটো আৰু ভিডিঅ সংৰক্ষণ কৰি ৰাখিব । |
৯.ৰাজ্যিক পৰ্য্যায়ত (At State level) – |
বন্ধু বিদ্যালয়ত হৈ থকা কাৰ্য্যাৱলীৰ প্ৰতিবেদন জিলাৰ ফালৰ পৰা পঠিওৱা প্ৰতি পুষ্টিলৈ থাকিব । বন্ধু বিদ্যালয়ৰ কাৰ্য্যাৱলীৰ তথ্য জিলাৰ পৰা প্ৰেৰণৰ কাৰণে ৰাজ্যিকৰ ফালৰ পৰা এটা ৱেব চাইট(Web site ) গঠন কৰিব । ৰাজ্যিক ফালৰ পৰা পৰিদৰ্শন আৰু নিৰীক্ষণ কৰি থকা হ'ব । |
বন্ধু বিদ্যালয়ৰ আঁচনিত কৰিবলগীয়া কাম সমূহত অনা আৰ্থিক (non-financial) প্ৰকৃতিৰ হ'ব । |
আশা কৰা হয়, এই পদক্ষেপে শিকনৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব যিয়ে ছাত্ৰ- ছাত্ৰী সকলক অন্যৰ বিভিন্ন সংস্কৃতিক পাৰ্থক্য বুজি পোৱা আৰু সন্মান জনাৱ জনা সুশৃংখলিত আৰু উত্পাদনক্ষম ব্যাক্তিৰ সৃষ্টি কৰিব ।<eot>তেতিয়া প্ৰায় নিশা দুইমান বাজিছে , নিৰ্জন নিতাল পৰিৱেশ, হঠাৎ হুলস্থুল লাগিল । বট গছৰ(Banyan tree) তলত হেনো ভূত ওলাইছে ! গছজোপাৰ তলত শুই থকা ৪-৫ জনৰ কাৰোবাৰ ডিঙিত, কাৰোবাৰ বুকুত হেছি ধৰিছে .....। জেঠ মহীয়া গৰমৰ দিন, নিশা পহৰাৰ দায়িত্বত থকা গাওঁৰক্ষী বাহিনীৰ জোৱান কেইজনে চুবুৰিটোত কেইবা পাক মান ঘুৰি বাটৰ দাঁতিতে থকা প্ৰকাণ্ড বট গছজোপাৰ তলত জিৰণি লওঁতে টোপনি আহিল আৰু আটাইকেইজনে শুই পৰিল । সপোনত তেওঁলোকে দেখিলে যে তেওঁলোকৰ কাৰোবাৰ ডিঙিত চেপি ধৰিছে কাৰোবাৰ বুকুত হেছি ধৰিছে আৰু তেওঁলোকৰ উশাহ ল’ব নোৱাৰা অৱস্থা; সাৰপাই চিঞৰ বা বাখৰ কৰি আটাইকেইজনে ঘৰলৈ দৌৰ দিলে । সেই দিনাৰ পৰা নিশা বট গছজোপাৰ তললৈ মানুহ যোৱাৰ কাৰণে ভয় কৰা হ’ল আৰু বিভিন্ন উৰা বাতৰিৰ ফলত ঠাইখিনিৰ পৰিবেশ জয়াল হৈ পৰিল। |
জেউতি – দেউতা, এই ৰাতিখন কলৈ যোৱা, বট গছডালৰ ফালে নাযাব দেই ! |
দেউতা – কিয়, ঐ মাজনী ? |
জেউতি- তাত বোলে ভূত ওলায় ডিঙিত চেপি ধৰে ! |
দেউতা- হয় নেকি ? মইতো আজিলৈ ভূত দেখা নাই ! ভয়য়েই ভূত নেকি ? |
জিজ্ঞাস- নহয় দেউতা, ককাই কৈছে, খুৰাইও কৈছে তেওঁলোকে হেনো সঁচাকৈয়ে ভূত দেখিছে । |
দেউতা- নহয় ঐ , এইবোৰ একো একোটা অন্ধবিশ্বাস । |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.