text
stringlengths
0
188k
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
মৰম আঁচনি যোগে বিতৰণ কৰিলে চুৱেটাৰ, মেট
মৰম আঁচনি যোগে বিতৰণ কৰিলে চুৱেটাৰ, মেট
সুখবৰ
By admin On Feb 19, 2020
0 102
Share
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মী প্ৰিয়াই যোৱা ১৬ ফেব্ৰুৱাৰীত পুৱা স্থানীয় আৱৰ্ত ভৱনত জিলাখনৰ ভালে কেইখন আঙনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ অভৱগ্ৰস্ত শিশুসকলৰ সহায় হোৱাকৈ মিছন ছৌলফুল শিৱসাগৰৰ অন্তৰ্গত ‘মৰম’ পদক্ষেপৰ জৰিয়তে মেট আৰু চুৱেটাৰ বিতৰণ কৰে।
উপায়ুক্ত গৰাকীয়ে সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অন্তৰ্গত জিলাখনৰ গ্ৰাম্যাঞ্চলৰ ৮০ খন, নগৰ অঞ্চলৰ ৩০ খন, আমগুৰিৰ ৮০ খন, নাজিৰাৰ ১৮০ খন, ডিমৌৰ ১৬০ খন আৰু গৌৰীসাগৰৰ ৮০ খন আঙনৱাড়ী কেন্দ্ৰত শিশুসকলৰ বহাৰ সুবিধাৰ বাবে মুঠ ৬১০ খন মেট উপস্থিত চুপাৰভাইজাৰ সকলৰ হাতত প্ৰদান কৰে।
তদুপৰি, জিলাখনৰ চাৰিখন শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয় সমূহৰ অভাৱগ্রস্ত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বাবে উপস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলৰ হাতত মুঠ ১৭২৭ টা চুৱেটাৰ প্ৰদান কৰে। ইয়াৰে আমগুৰিৰ অধীনত ৪৯৭ গৰাকী, খেলুৱাৰ অধীনত ৪২০ গৰাকী, নাজিৰাৰ অধীনত ৩০০ গৰাকী আৰু ডিমৌৰ অধীনত ৫১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সমূহ চুৱেটাৰ লাভ কৰিব।
জিলা উপায়ুক্ত গৰাকীৰ প্ৰচেষ্টা আৰু উদ্যোগত গ্ৰহণ কৰা ‘ছৌলফুল শিৱসাগৰ’ অভিযানৰ অন্যতম প্ৰয়াস “মৰম”ৰ অধীনত সংগ্রহ কৰা বিভিন্ন সামগ্ৰী সময়ে সময়ে জিলাখনৰ বিদ্যালয় সমূহৰ অভাৱগ্রস্ত ছাত্র-ছাত্ৰী আৰু আঙনৱাড়ী কেন্দ্ৰসমূহৰ শিশু সকলৰ মাজত বিতৰণ কৰি আহিছে।
উল্লেখযোগ্য যে, জিলা উপায়ুক্তই বিভিন্ন সময়ত দুখীয়া তথা অভাবী ছাত্ৰ-ছাত্ৰীসকলৰ নুন্যতম প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰম্ভ কৰা এই আন্তৰিক প্ৰয়াস “মৰম”ৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, পেঞ্চিল, বিস্কুত, মোজা, চুৱেটাৰ মেট আদি বিতৰণ কৰি আহিছে। উপায়ুক্ত গৰাকীৰ এই প্ৰচেষ্টাৰ দ্বাৰা অভাৱগ্ৰস্ত শিশু সকল উপকৃত হৈছে। উপায়ুক্ত গৰাকীৰ এনেধৰণৰ<eot>বেলে নৃত্য (ইংৰাজী: Bellet) এক বিশেষ সৌষ্ঠৱপূৰ্ণ পশ্চিমীয়া ধ্ৰুপদী নৃত্য। এই নৃত্য প্ৰদৰ্শন যি পঞ্চদশ শতিকাত ইটালীৰ নৱজাগৰণৰ সময়ত উদ্ভৱ হৈছিল আৰু পিছলৈ ফ্ৰান্স আৰু ৰাছিয়াত এক সংগীতানুষ্ঠান নৃত্যৰূপলৈ বিকশিত হৈছিল। ই তেতিয়াৰ পৰা নৃত্যৰ এক ব্যাপক আৰু উচ্চ কাৰিকৰী ৰূপ হৈ পৰিল। বেলে বিশ্বব্যাপী প্ৰভাৱশালী নৃত্য হৈ আহিছে আৰু আন বহুতো নৃত্য শৈলী আৰু সংস্কৃতিত ব্যৱহৃত বুনিয়াদী কৌশলবোৰত বেলে নৃত্যৰ প্ৰভাৱ দেখা যায়। পৃথিৱীৰ বিভিন্ন বিদ্যালয়ে তেওঁলোকৰ নিজা সংস্কৃতিত বেলে অন্তৰ্ভুক্ত কৰিছে। ফলস্বৰূপে বেলে সময়ৰ লগে লগে পৃথক ধৰণে বিকশিত হোৱা দেখা যায়।
বেলে প্ৰযোজনা কৰোতে একত্ৰিতভাৱে নৃত্য পৰিচালনা আৰু সংগীত অন্তৰ্ভুক্ত কৰা হয়।। এই নৃত্য প্ৰশিক্ষিত বেলে নৃত্যশিল্পীসকলৰ দ্বাৰা পৰিচালনা আৰু পৰিৱেশন কৰা হয়। পৰম্পৰাগত শাস্ত্ৰীয় বেলেবোৰ সাধাৰণতে শাস্ত্ৰীয় সংগীতৰ সৈতে আৰু বিস্তৃত পোছাকেৰে মঞ্চত পৰিৱেশন কৰা হয়। আনহাতে আধুনিক বেলেবোৰ প্ৰায়ে সৰল পোছাকত আৰু বিস্তৃত ছেট বা দৃশ্য অবিহনে পৰিৱেশন কৰা হয়।
ধ্ৰুপদী বেলে নৃত্যৰ লগত আধুনিক কলা সংযোগ কৰি প্ৰদৰ্শন কৰা নৃত্য
ব্যুৎপত্তি[সম্পাদনা কৰক]
বেলে হৈছে এক ফৰাচী শব্দ যাৰ উৎপত্তি হৈছিল ইটালিৰ “বেলেটো” শব্দৰ পৰা। আকৌ এই বেলেটো শব্দটো আহিছে লেটিন শব্দ “বালো বালাৰে”ৰ পৰা অৰ্থ হৈছে "নৃত্য কৰা"।[1][2] শব্দটো ১৬৩০ চনৰ আশে পাশে ফৰাচীৰ পৰা ইংৰাজী ভাষাত ব্যৱহাৰ হʼবলৈ ধৰিলে।
ইতিহাস[সম্পাদনা কৰক]
বেলেৰ উৎপত্তি পঞ্চদশ আৰু ষোড়শ শতিকাৰ ইটালীৰ নৱজাগৰণ আদালতত হৈছিল। ৰাণী কেথেৰিন ডি' মেডিচিৰ প্ৰভাৱত, এই নৃত্য ফ্ৰান্সলৈ বিয়পি পৰিছিল, য'ত ই আৰু অধিক বিকশিত হৈছিল।[3] এই প্ৰাৰম্ভিক আদালতৰ বেলেবোৰত নৃত্যশিল্পীসকল বেছিভাগ অপেশাদাৰ আছিল। এই নৃত্যশিল্পীসকলে অলংকৃত পোছাকেৰে দৰ্শকসকলক প্ৰভাৱিত কৰিছিল। কিন্তু প্ৰদৰ্শনকাৰীসকলৰ চলাচলৰ স্বাধীনতা সীমিত আছিল। [4]
বেলেবোৰ তিনিফালে দৰ্শকৰ সৈতে ডাঙৰ চেম্বাৰত পৰিৱেশন কৰা হৈছিল। ১৬১৮ চনৰ পৰা দৰ্শকৰ সদস্যসকলৰ পৰা দূৰত্বত থকা প্ৰদৰ্শনকাৰীসকলৰ ওপৰত প্ৰচেনিয়াম আৰ্ক ৰূপায়ণ কৰা, যিয়ে তাৰ পিছত প্ৰযোজনাবোৰত পেছাদাৰী নৃত্যশিল্পীসকলৰ কাৰিকৰী কৃতিত্ববোৰ ভালদৰে চাব আৰু প্ৰশংসা কৰিব পাৰে।
ফ্ৰান্সৰ আদালতত বেলে ৰজা "লুইছ XIV"ৰ শাসনকালত বহু উচ্চতাত উপনীত হৈছিল। মানদণ্ড প্ৰতিষ্ঠা আৰু নৃত্য প্ৰশিক্ষকসকলক প্ৰমাণিত কৰিবলৈ লুইছে ১৬৬১ চনত আকাডেমি ৰয়েল ডি ডান্সে (ৰয়েল ডান্স একাডেমী) প্ৰতিষ্ঠা কৰিছিল। [5] ১৬৭২ চনত লুই XIVই জিন-বেপ্টিষ্ট লুলীক আকাডেমি ৰয়েল ডি মিউজিক (পেৰিছ অপেৰা)ৰ পৰিচালক হিচাপে গঢ়ি তোলে। ইয়াৰ পৰা প্ৰথম পেছাদাৰী বেলে কোম্পানী পেৰিছ অপেৰা বেলেৰ উদ্ভৱ হয়। [6] পিয়েৰ বিউচেম্পে লুলিৰ বেলে-মাষ্টাৰ হিচাপে কাম কৰিছিল। তেওঁলোকে একেলগে মিলি বেলেৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। ১৬৮১ চনত, প্ৰথম "বেলেৰিনা"(বেলে নৃত্যশিল্পী) সকলে আকাডেমীত বহু বছৰৰ প্ৰশিক্ষণৰ পিছতহে মঞ্চত প্ৰদৰ্শন কৰিব পাৰিছিল। [7]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ Chantrell, Glynnis (2002). The Oxford Essential Dictionary of Word Histories. New York: Berkley Books. ISBN 978-0-425-19098-2.
↑ Liddell, Henry George; Scott, Robert. "A Greek-English Lexicon". Perseus Digital Library. Archived from the original on 2011-06-29.
↑ Homans, Jennifer (2010). Apollo's Angels: A History of Ballet. New York: Random House. pp. 1–4. ISBN 978-1-4000-6060-3.
↑ Clarke, Mary; Crisp, Clement (1992). Ballet: An Illustrated History. Great Britain: Hamish Hamilton. pp. 17–19. ISBN 978-0-241-13068-1.
↑ "The Art of Power: How Louis XIV Ruled France ... With Ballet". Mental floss. 2017-03-15. Archived from the original on 2017-10-02. Retrieved 2017-10-02.
↑ Craine, Deborah; MacKrell, Judith (2000). The Oxford Dictionary of Dance. Oxford University Press. p. 2. ISBN 978-0-19-860106-7. It is from this institution that French ballet has evolved rather than the Académie Royale de Danse.
↑ Clarke, Mary; Crisp, Clement (1992). Ballet: An Illustrated History. Great Britain: Hamish Hamilton. pp. 17–19. ISBN 978-0-241-13068-1.
"https://as.wikipedia.org/w/index.php?title=বেলে_নৃত্য&oldid=309227"ৰ পৰা অনা হৈছে
শ্ৰেণী:
নৃত্য
অদৃশ্য শ্ৰেণী:
Pages using ISBN magic links
এই পৃষ্ঠাখন ১৬ ডিচেম্বৰ, ২০২১ তাৰিখে ২২:৪৬ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>উঠি অহা চামক কৃষ্ণগুৰুৰ ভক্তি মাৰ্গেৰে নৈতিক চৰিত্ৰ সবল কৰি সুনাগৰিক হিচাপে অৰিহণা আগবঢ়াবলৈ সোণোৱালৰ আহ্বান
by এন ই নাও নিউজ
February 3, 2020 7:36 pm
মুখ্য মন্ত্ৰী সোণোৱাল
333
VIEWS
Share on FacebookShare on Twitter
‘‘কৃষ্ণগুৰু মহাপ্ৰভুৱে আমাক সকলোকে জীৱন সুন্দৰভাৱে পৰিচালিত কৰাৰ বাবে নীতি আৰু আদৰ্শ দেখুৱাই থৈ গৈছে, এই নীতি আৰু আদৰ্শ হৃদয়ংগম কৰি মানৱতাৰ বাণীৰে তথা ভক্তি দৰ্শনেৰে আমি সমাজত শান্তি প্ৰতিষ্ঠাৰ হকে দৃঢ়তাৰে আগুৱাই যাব লাগিব,’’ সৰ্বানন্দ সোণোৱালৰ মন্তব্য।
বিশ্ব শান্তিৰ বাবে সাতদিনীয়াকৈ আয়োজিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন-২০২০ৰ লগত সংগতি ৰাখি নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত ধৰ্মালোচনী সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱালে এইদৰে কয়।
মুখ্য মন্ত্ৰী সোণোৱালে লগতে পৰমগুৰু কৃষ্ণগুৰু ইশ্বৰে আধ্যাত্মিকতাৰ জৰিয়তে শান্তিৰ মাৰ্গদৰ্শন সমাজৰ বাবে দি থৈ গৈছে বুলি উল্লেখ কৰি এই মাৰ্গদৰ্শনৰ দ্বাৰা ৰাজ্যৰ সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা সদভাৱ আৰু সমন্বয় শক্তিশালী কৰি ৰাজ্যখনক দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ যাত্ৰাত আহোপুৰুষাৰ্থ কৰিব লাগিব বুলি কয়।
কৃষ্ণগুৰু মহাপ্ৰভুৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ সমাজৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস ইত্যাদিৰ দৰে নেতিবাচক দিশবোৰ আঁতৰ কৰি সমাজ সংস্কাৰৰ যাত্ৰাত ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব বুলিও সোণোৱালে কয়।
মুখ্য মন্ত্ৰীয়ে উঠি অহা চামক কৃষ্ণগুৰুৰ ভক্তি মাৰ্গেৰে নিজৰ নৈতিক চৰিত্ৰ সবল কৰি ভৱিষ্যতৰ সুনাগৰিক হিচাপে অৰিহণা আগবঢ়োৱাৰ দিশত উদ্বুদ্ধ হ’বলৈও আহ্বান জনায়।
Recent News
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কিছুমান মানুহ ৰৈ যায়, কিছুমান মানুহ বৈ যায়। কিছুমান মানুহে কিবা এটা পোৱাৰ পাছত ৰৈ যায়। কিছুমানে একো নোপোৱাকৈয়ে চিৰদিনলৈ ৰৈ যায়। ৰৈ যোৱা কাহিনীবোৰ দুখৰ আৰু বৈ যোৱা কাহিনীবোৰ সাহসৰ। ৰৈ যোৱাৰ হাজাৰটা কাৰণ অজুহাত বাধা থাকে। কিন্তু মাত্ৰ মানৱীয় প্ৰমূল্যবোধৰ কাৰণৰ বাবেই কোনোবা ওৰে জীৱন বৈ থাকিব পাৰে হেৰাই যোৱা ভৱিষ্যতৰ মাজত, মানুহৰ মাজত, সমাজৰ মাজত। তেনে এগৰাকী যুৱতীয়েই হৈছে সোণালী গগৈ ।
সুখ বিচাৰি অতীতলৈ নাযাব,পুৰণি কথাই আঘাত দিব। ভৱিষ্যতলৈও নাযাব, মনটো আশংকাৰে ভৰি পৰিব। সুখ কেৱল বৰ্তমানতহে পাব সেই মুহূৰ্তটোকে প্ৰাণভৰি উপভোগ কৰক এই কথাষাৰ সৰোগত কৰি দুৰ্ভগীয়ালোকক সহায় কৰি আহিছে সোণালী গগৈয়ে।
গুৱাহাটীৰ ছয়মাইলৰ উৰণীয়া সেতুৰ তলত প্ৰায় এমাহ ধৰি এচাম শিশুক শিক্ষাৰ পোহৰ বিলাই আহিছে সোণালী গগৈয়ে। শিক্ষাৰ পোহৰ নপৰা এইসকল শিশুৱে গচকি পোৱা নাই বিদ্যালয়ৰ বাৰাণ্ডা। বাটে-পথে বটল, খাদ্য বস্তু বুটলি ফুৰা এজাক কণমানি শিশুক যোৱা ১৪ ফেব্ৰুৱাৰি অৰ্থ্যাৎ প্ৰেমৰ দিনটোৰ পৰাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে শিক্ষা দান কৰি আহিছে সোণালীয়ে।
এক ক্ষুদ্ৰ ব্যৱসায় চলাই থকা সোণালী গগৈ সাহিত্য চৰ্চাৰ লগতো জড়িত।
অতি ব্যস্ততাৰ মাজতো সময় উলিয়াই মনত থকা হেপাহ পূৰণৰ উদ্দেশ্যে কণমানি সকলক পাঠদান কৰাত ব্যস্ত হৈ আছে সোণালী গগৈ।
ইপিনে, সোণালীৰ পাঠদান প্ৰক্ৰিয়াক লৈয়ো সন্তুষ্ট কণ কণ শিশুসকল। অ, আ, ক, খ একো নজনা শিশুসকলে এমাহৰ ভিতৰতে অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, ইংৰাজী বৰ্ণমালাকে ধৰি নিজৰ নাম ঠিকনা লিখিব পৰা হৈছে।
ইয়াৰোপৰি পঢ়া-শুনাৰ উপৰিও সুস্থ দেহ মন গঢ়ি তোলাৰ নিমিত্তে সোণালীয়ে ৰাতিপুৱা খেলা-ধূলা শৰীৰ চৰ্চাও কৰাই সোণালীয়ে।
নাৰী দিৱসৰ দিনটোত সোণালীৰ এই প্ৰয়াসৰ শলাগ নিশ্চয়কৈ ল’ব সকলোৱে। নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰাও সোণালীলৈ জনাইছো অলেখ শুভকামনা। প্ৰত্যেকগৰাকী নাৰীৰ বাবে আদৰ্শ হৈ ৰওঁক সোণালী।
Recent News
দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
এজন কয়দীৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল আন এজন কয়দীক
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>লেখকঃ শাহিনুৰ আলম(ইছলামী আৰু বস্তুনিষ্ঠ )১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)২)…
হজৰ মাহ ‘জিলহজৰ তাৎপর্য আৰু আমল:
By aimoflifein Current Affairs, Education July 12, 2021
লেখকঃ শাহিনুৰ আলম গোটেই পৃথিৱীৰ ধর্মপ্রাণ মুছলিম সকলে প্রতিবছৰ এমাহ ৰমজানৰ ৰোজা পালন কৰে। তাৰ পিছত ছাউৱাল আৰু জিলকদ— এই দুমাহ পাৰ হোৱাৰ পাছত আহে পবিত্র হজৰ মাহ জিলহজ।‘এতেকে, তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।’(فصل لربك وانحر)চুৰাহ আল-কাউচাৰ, আয়াত: ০২)জিলহজৰ প্রথম দহ দিন অত্যন্ত তাৎপর্যপূৰ্ণ আৰু পুণ্যময়। হাদিছৰ বিভিন্ন বর্ণনা মতে, এই দহ দিন পৃথিৱীৰ অন্যতম শ্রেষ্ঠ দিন।কোৰ’আনত…<eot>মঙলদৈ ক্ৰীড়া সন্থাই আয়োজন কৰা কুমাৰ জ্যোতিৰেন্দ্ৰনাথ নাৰায়ণ দেব সোঁৱৰণী ‘এ’ দিভিজন আন্তঃক্লাব ফুটবল লীগৰ ফাইনেলত মঙলবাৰে উপনীত হৈছে ছিপাঝাৰ ক্ৰীড়া সন্থা।
মঙলদৈ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত ১মখন ছেমি ফাইনেলত ছিপাঝাৰৰ দলটোৱে দাহি আঞ্চলিক ক্ৰীড়া সন্থাক ২-০ গ’লত পৰাজিত কৰে।
বিজয়ী দলৰ হৈ ভাইটি আহমেদে খেলৰ ৩৫ মিনিটত ১মটো গ’ল দিয়াৰ বিপৰীতে বিকাশ বড়োৱে ৫৮ মিনিটত দ্বিতীয়টো গ’ল দিয়ে।
বুধবাৰে অনুষ্ঠিত হ’ব লগা আনখন ছেমি ফাইনেলত মঙলদৈৰ অৰুণোদয় সংঘ দেওমৰণী আঞ্চলিক ক্ৰীড়া সংঘ।
Recent News
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Home » photogallery » lifestyle »কঁঠালে প্ৰতিৰোধ কৰিব পাৰে কোৰোণা ভাইৰাছৰ লগতে বহু জটিল ৰোগ! আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কঁঠাল গুটিৰ মূল্য জানিলে আচৰিত হ’ব আপুনি
কঁঠালে প্ৰতিৰোধ কৰিব পাৰে কোৰোণা ভাইৰাছৰ লগতে বহু জটিল ৰোগ! আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কঁঠাল গুটিৰ মূল্য জানিলে আচৰিত হ’ব আপুনি
এতিয়া সমগ্ৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হঠাত্‍ বাঢ়িছে কঁঠাল আৰু কঁঠাল গুটিৰ চাহিদা।
News18 Assam
| July 27, 2020, 18:00 IST
1/ 5
ভাতৰ লগত পুৰি পিটিকা কৰি কঁঠাল গুটি নিশ্চয়কৈ আপুনি খাইছে! বহুতৰে হয়টো প্ৰিয় কঁঠাল গুটিৰ পিটিকা। এতিয়া সমগ্ৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হঠাত্‍ বাঢ়িছে কঁঠাল আৰু কঁঠাল গুটিৰ চাহিদা।
2/ 5
বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, কঁঠালত খকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা। আনকি কোৰোণাৰ সংক্ৰমণত বাধা দিব পৰা বিশেষ গুণ আছে কঁঠাল আৰু কঁঠালৰ গুটিৰ। কঁঠালত প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট। যি দেহত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰচূৰ পৰিমাণে প্ৰটিনো আছে কঁঠালৰ গুটিত।
3/ 5
আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা। য’ত এক কেজি কঁঠাল গুটিৰ দাম হৈছেগৈ এক হাজাৰ টকা। গতিকে ভাবকচোন এটা কঁঠালৰ দাম কিমান হ’বগৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত।
4/ 5
বিভিন্ন গৱেষণাত ওলোৱা তথ্যৰ মতে, কঁঠাল আৰু কঁঠালগুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰি কল’ন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে কঁঠালে। আনকি হৃদ ৰোগতো বাধা দিয়ে কঁঠালে।