text
stringlengths 0
188k
|
---|
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বঙাইগাঁও জিলাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে শেহতীয়াকৈ এডাল কেঁকো সাপসহ সাতজন ব্যক্তিক আটক কৰে ৷ |
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি গেৰুকাবাৰী আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল ধেমাজি জিলাৰ জোনাই থানাৰ অন্তৰ্গত ৩ নং ৰায়াঙৰ মামুন বৰগয়াৰী ( ৩২) , ওদালগুৰি জিলাৰ খৌৰাং আৰক্ষী থানাৰ অন্তৰ্গত ৰণেন্দ্ৰপুৰৰ শ্যাম পৰিয়াৰ (৩২), চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত উত্তৰ ৰৌমাৰীৰ চন্দন বড়ো (২৬ ), ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ ৰমজান আলী (৫২), চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দেৱৰবিলৰ ৰহম আলী (৫৪), বিজনী থানাৰ অন্তৰ্গত এলেংমাৰীৰ তালেব আলী (৬১) আৰু বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ১ নম্বৰ জামদহাৰ ছোহৰাব আলী(৫৬) ৷ |
আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে ধেমাজিৰ জোনাই থানাৰ অন্তৰ্গত ৩ নম্বৰ ৰায়াঙৰ মামুন বৰগয়াৰীয়ে কেঁকো সাপডাল মিজোৰামৰ পৰা বিক্ৰীৰ বাবে আনিছিল ৷ |
আৰক্ষীয়ে অভিযুক্ত লোককেইজনৰ পৰা ৭ টা মোবাইল হেণ্ডছেট, এএছ ১৯ কে ০৭৪৪ আৰু এ এছ ২৬ ই ৪০৩০ নম্বৰৰ দুখন মটৰ চাইকেল আৰু নগদ ৪,০৭০ টকা জব্দ কৰিছে৷ জানিব পৰা মতে ব্যক্তিকেইজনে কেঁকো সাপডাল কেইবা লক্ষাধিক টকাত বিক্ৰী কৰাৰ বাবে আনিছিল যদিও আৰক্ষীয়ে খবৰ লাভ কৰি অসামৰিক পোচাকত উপস্থিত হৈ হাতে- লোটে আটক কৰে ৷ আটকাধীন লোক কেইজনক পিচত আৰক্ষীয়ে কেঁকো সাপসহ বন বিভাগৰ হাতত গতাই দিয়ে ৷ |
Recent News |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসমৰ তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাছত, ৰাজ্যৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে অপেক্ষা । কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিউছ কুজুৰৰ কাৰ্যকাল চলিত বছৰৰ জুনৰ মাজত শেষ হব । কাৰ্যকাল শেষ হোৱাৰ পুৰ্বে ৰাজ্য সভাৰ দুখন আসনৰ বাবে নিৰ্বাচন সম্পুৰ্ণ হব লাগিব । |
ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰাজনৈতিক দল সমুহৰ মাজত ইতিমধ্যে কুচকুৱাজ আৰম্ভ হৈছে । ৰাজ্যত যদি বিজেপিয়ে অধিক আসন লাভ কৰে তেনে বিজেপিয়ে কংগ্ৰেছৰ পৰা দুয়োখন আসনে দখল কৰিবলৈ সক্ষম হব । ৰাজ্যসভাৰ এখন আসন জিকিবলৈ দলক ৪৩ ভোটৰ প্ৰয়োজন । তেনেদৰে ৮৬ ভোটৰ প্ৰয়োজন ২ খন আসনৰ বাবে । বৰ্তমান শাসক দলৰ আছে ৮৮ খন আসন । ইয়াৰে ৬১ খন বিজেপিৰ , ১৪ খন অগপৰ আৰু ১২ খন বিপিএফৰ । কেৱল ভূৱন পেগু নিৰ্দলীয় বিধায়ক । আনহাতে কংগ্ৰেছৰ ২৫ খন আসন থকাৰ বিপৰীতে এ আই ইউ ডি এফৰ ১৩ খন আসন আছে । |
অসম বিধানসভাৰ প্ৰমুখ সচিব এম কে ডেকাই প্ৰকাশ কৰে যে চলিত বৰ্ষৰ ১৪ জুনত ৰাজ্য সভাৰ আসনৰ কাৰ্যকাল শেষ হব । সেয়েহে নিৰ্বাচনী আয়োগে জাননী জাৰি কৰিব । |
লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অগপ আৰু বিজেপিয়ে মিত্ৰতা কৰে। বিজেপিয়ে অগপক ৰাজ্যসভাৰ এখন আসন এৰি দিব । ১৪ জুনত শেষ হব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিউছ কুজুৰৰ । |
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি |
Tags: ৰাজ্যসভা |
Categories: শীৰ্ষ বাতৰি |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: [email protected] |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>৭ নৱেম্বৰ, ২০১৪ তাৰিখে ছবিঘৰলৈ আহিছিল ক্ৰিষ্টফাৰ ন’লানৰ কল্পবিজ্ঞানভিত্তিক কথাছবি ‘ইণ্টাৰষ্টেলাৰ’৷ ন’লানৰ কথাছবি বুলিলেই এক প্ৰকাৰে মনটো ভাল লাগি আহে৷ কাৰণ তেওঁৰ কথাছবিৰ বিষয়বস্তু৷ চোৱাৰ পাছত বহুদেৰিলৈ ছবিখনৰ ‘হেংগঅভাৰ’ত থকাটো খাটাং৷ ‘ইনছেপছন’, ‘মেমেণ্ট’’, ‘প্ৰেষ্টিজ’ আদি ছবিৰ কথা ভাবিলে সেই কথা ভালদৰেই বুজা যায়৷ |
কিন্তুু ইণ্টাৰষ্টলাৰে যেন অলপ বেলেগ আছিল৷ প্ৰায় তিনিঘ্ণ্টাৰ এই ছবিখন চাই অহাৰ পাছত বহুতেই কিজানি ভাবিছিল আকৌ এবাৰ চাব লাগিব, যিটো ময়ো ভাবিছিলো৷ কাৰণ আছিল ছবিখনৰ কঠিন বিষয়বস্তু৷ কোৱাণ্টাম বলবিদ্যা (Quantum Mechanics), নিউটনৰ (কলনগণিতীয়) বলবিজ্ঞান (Mechanics), আইনষ্টাইনৰ ‘আপেক্ষিকতাবাদৰ তত্ত্ব’ (Theory of Relativity) আদি অনেক কঠিন বিষয়বস্তুৰে ছবিখন আৱৰি ধৰিছিল৷ এবাৰ চাই বুজি পোৱাটো এক প্ৰকাৰে কঠিন আছিল৷ ৭৫% বুজি পাইছিলো ছবিখন চাই, কিন্তুু বুজিবলৈ বাকী আছিল ২৫%৷ |
গতিকে সহায় ল’লো ইণ্টাৰনেটৰ৷ ইউটিউব ভিডিঅ’ চালো, বহুতো লেখা পঢ়িলো৷ আৰু তাৰ ফলস্বৰূপেই কিবা অলপ বুজি পালো৷ তাৰেই আলমত তলৰ কথাখিনি আগবঢ়ালো৷ |
এটা ‘ৱৰ্মহল’ৰ মাজেদি কুপাৰে (মেথিউ মেককাহানি) আৰম্ভ কৰিছিল এক যাত্ৰা এক নতুন পৃথিৱীৰ সন্ধানত৷ ‘ৱৰ্মহল’ এটা সুৰংগৰ দৰে, যি আছিল দুখন জগতৰ মাজৰ এটা চুটি পথ(চৰ্ট কাট)৷ এই পথা এক অৰ্থত হাইপথেটিকেল বা কাল্পনিক৷ ইয়াক ‘আইনষ্টেইন-ৰ’জেন ব্ৰীজ’ বুলিও কোৱা হয়৷ এই পথত তেওঁলোক মুখামুখি হয় বিজ্ঞানৰ নানা চমকৰ, যিবিলাকৰ বিষয়ে আমি পঢ়িছো, যেনে: থিয়ৰি অৱ ৰিলেটিভিটি, পঞ্চম মাত্ৰা ইত্যাদি৷ চিনেমাখনত কোৱা হৈছিল পঞ্চম মাত্ৰাৰ লোকৰ কথা মানে ‘being from the 5th Dimension’, বাৰে বাৰে উল্লেখ হৈছিল তেওঁলোকৰ কথা৷ তেন্তে কি আছিল এই পঞ্চম মাত্ৰা? তলত তাকেই বুজাবলৈ অলপ চেষ্টা কৰা হ’ল৷ |
প্ৰথম মাত্ৰা: এডাল সৰল ৰেখাকেই কোৱা হয় প্ৰথম মাত্ৰা৷ এটা বিন্দুৰ পৰা আৰম্ভ কৰি আন এটা বিন্দুলৈকে টনা ৰেখাই হৈছে প্ৰথম মাত্ৰা৷ বুজিবলৈ অতি সহজ এই মাত্ৰাৰ কোনো বস্তুৰ কিন্তু কোনো বাস্তৱতা নাই৷ |
দ্বিতীয় মাত্ৰা: যেতিয়া এডাল ৰেখাৰ লগত প্ৰস্থ যোগ দিয়া হ্য় তেতিয়া ই হৈ পৰে এখন সমতল, যি অন্তৰ্গত দ্বিতীয় মাত্ৰাৰ, যাৰ থাকিব মাথো দীঘ-প্ৰস্থ নাথাকিব কোনো উচ্চতা৷ অতি বেছি সমান এখন পিঠিক কোৱা হ’ব দ্বিতীয় মাত্ৰা৷ এনে এখন মাত্ৰাৰো বস্তু বাস্তৱ পৃথিৱীত কল্পনা কৰাটো অতি কঠিন কাম৷ |
তৃতীয় মাত্ৰা: আমি বাস কৰি থকা জগতখন হৈছে তৃতীয় মাত্ৰাৰ অন্তৰ্গত৷ যেতিয়া এখন সমতলত উচ্চতা যোগ দিয়া হয় তেতিয়া ই হৈ পৰে তৃতীয় মাত্ৰাৰ৷ আমি ব্যৱহাৰ কৰি থকা যিকোনো বস্তুৱেই তৃতীয় মাত্ৰাৰ অন্তৰ্গত৷ |
চতুৰ্থ মাত্ৰা: সময় হৈছে চতুৰ্থ মাত্ৰা৷ বৰ্তমান নিজৰ পৃথিৱীখন ভাৱক, তাৰ পাছত আপুনি ভাৱিব পাৰে দহমিনিট আগৰ কথা নতুবা দহ মাহ বা দহ বছৰৰ আগৰ কথা৷ সময়ৰ ৰেখাৰে এই সকলোকেইটা মুহূৰ্ত্ত একে লগে জড়িত কৰিব পাৰি৷ মানে তৃতীয় মাত্ৰাৰ পৃথিৱীখনৰ পৰা আন এটা জাঁপ মাৰিলেই চতুৰ্থ মাত্ৰাৰ এখন নতুন পৃথিৱীত আপুনি উপস্থিত৷ |
এডাল সৰল ৰেখাক যদি আপুনি বেলেগ এটা কোণৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি দেখা পাব এখন সমতল৷ অৰ্থাৎ অলপ সময় আগলৈকে যি বহুতো বিন্দুৰ সমষ্টি আছিল সেইয়া এতিয়া আপোনাৰ সন্মুখত এখন সমতল৷ ঠিক তেনেকৈয়ে এখন সমতলক ভাল দৰে লক্ষ্য কৰক৷ এখন সমতল হৈছে এটা বস্তু বা যিকোনো জীৱিত বস্তুৰ এটা পিঠি যাৰ উচ্চতা বা গভীৰতা নাই৷ এই পিঠিখনৰ ইপাৰে যদি আমি চাবলৈ যত্ন কৰো তেন্তে আমি উপস্থিত হ’ম তৃতীয় মাত্ৰাত৷ |
ঠিক তেনেদৰেই যদি চতুৰ্থ মাত্ৰাতো উপস্থিত হ’বলৈ চেষ্টা কৰিব পাৰো৷ যিদৰে এডাল সৰল ৰেখা হৈছে এখন সমতলৰ এটা পিঠি, এখন সমতল হৈছে এটা বস্তুৰ অৰ্থাৎ তৃতীয় মাত্ৰাৰ বস্তু এটাৰ পিঠি ঠিক সেইদৰে তৃতীয় মাত্ৰাৰো যিকোনো বস্তু সময় ৰেখাডালৰ এখন পিঠি৷ ধৰি লওক আপোনাক এই সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে, তেতিয়া আপুনি আপোনাৰ সময়ৰ ৰেখাডালৰ ওপৰত ভিত্তি কৰি আপোনাৰ অতীত-বৰ্তমান-ভৱিষ্যত সকলো একেলগে চাবলৈ সক্ষম হ’ব৷ |
পঞ্চম মাত্ৰা: ’ইণ্টাৰষ্টেলাৰ’ কথাছবিখনত আমি শেষৰ ফালে দেখা পাওঁ কুপাৰ এখন অদ্ভুৎ জগতত উপস্থিত হৈছে, য’ৰপৰা তেওঁ নিজৰ জীৱনৰ লগত জড়িত সকলো ঘটনা একেলগে চাবলৈ সক্ষম হৈছে৷ সেইখন পৃথিৱীৰ পৰা কুপাৰে জীয়েক মাৰ্ফীক বাইনেৰী ক’ড দিবলৈ চেষ্টা কৰিছে, কথা পাতিবলৈ চেষ্টা কৰিছে৷ ওপৰৰ চতুৰ্থ মাত্ৰাৰ আলোচনাত কৈছিলো যদি আপোনাক সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই লৈ অনা হয় তেন্তে কি হ’ব৷ এই জগতখনেই হৈছে পঞ্চম মাত্ৰা, য’ৰ পৰা আপুনি আপোনাৰ সময়ৰ ৰেখাডাল নিৰীক্ষণ কৰিব পাৰে৷ এনেকুৱা এখন জগত য’ৰ পৰা আপুনি আপোনাৰ জন্মৰ পাছৰ সকলোবোৰ ঘ্টনা একেলগে চাবলৈ সক্ষম৷ সময়ৰ ৰেখা যি আপোনাৰ সকলোবোৰ মুহূৰ্ত্তৰ সমষ্টি৷ |
তেন্তে ইয়াৰ ওপৰতো আন মাত্ৰাৰ কথা কল্পনা কৰিব পাৰি নেকি? পঞ্চম মাত্ৰাৰ ওপৰতো আন অদ্ভুৎ মাত্ৰাৰ এনে কিছুমান কাল্পনিক কথা বাস্তৱ জগতত নহ’লেও ছবিৰ পৰ্দাত দেখিবলৈ নিশ্চয় আশা কৰিম৷ সেয়েহে ‘ইণ্টাৰষ্টেলাৰ’ৰ ছিকুৱেল এখনৰ পৰা কল্পবিজ্ঞানৰ নানা ধৰণৰ চমক আকৌ চাবলৈ পাম ক্ৰিষ্টফাৰ ন’লানৰ পৰা আশা কৰিলোঁ৷ |
ইনছেপছন: সপোনৰ এক মায়াজাল |
~~~~~~~~~~~~~~~~~~~~~~~ |
(Spoilers Alert: চিনেমা খন নাই চোৱা যদি লেখাটো পঢ়িব জানো? ৰিস্ক আপোনাৰ নিজৰ৷ |
← মিচিং জনগোষ্ঠীয় লোক উৎসৱ প: ৰাগ – কোকিল শইকীয়া |
দৃষ্টি … – দেৱিকা ঠাকুৰীয়া → |
You May Also Like |
চলচিত্ৰৰ বিগত আৰু আগন্তুক বৰ্ষ: বলীউদ ২০১৩ আৰু মুক্তিৰ অপেক্ষাত খনচেৰেক অসমীয়া কথাছৱি: এক চমু আলোকপাত (ডেভিদ স্বৰ্গীয়াৰী) |
January 14, 2014 0 |
দুজন ক্ষণ জন্মা গণিতজ্ঞৰ জীৱন আধাৰিত দুখন চলচ্চিত্ৰ |
October 17, 2021 October 17, 2021 0 |
কথাছৱি-ডংগলৰ বিষয়ে: দিগন্ত চহৰীয়া |
December 31, 2016 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
Subsets and Splits