text
stringlengths 0
188k
|
---|
সংস্কৃতিৰ জন্ম যদিও আদিম মানৱৰ গুহাত তথাপি ই সংগঠিত ৰূপ লয় বহু পিছত। মানুহে সমাজ পাতি সংগঠিত ভাবে বসবাস কৰিবলৈ ল’লে শস্য উত্পাদন কৰিবলৈ শিকাৰ পৰা। কৃষি ব্যৱস্থাৰ জন্মই সংস্কৃতিৰো বিকাশ সাধন কৰিলে। সংস্কৃতি শব্দৰ উত্সও বিষ্ণুপ্ৰসাদ ৰাভাই এনেকৈ উল্লেখ কৰিছে: সংস্কৃতত কৃষ > কৰ্ষন > কৃষ্টি > সংস্কৃতি। অৰ্থাৎ সংস্কৃতিৰ জন্ম হৈছে শ্ৰম ব্যৱস্থাৰ ঔৰসত। কৃষিৰ সৈতে সংস্কৃতিৰ অভিন্ন সম্পৰ্ক। ই শ্ৰমজীৱী মানুহৰ বুকুৰ ভাষা। তেওঁলোকৰ হাঁহি-কান্দোন-উল্লাষ-বিষাদ সকলো এই সংস্কৃতিৰেই অংগ। |
জনজাতীয় সমাজ ব্যৱস্থাত য’ত দাস বা সামন্তবাদৰ বিকাশ নোহোৱাকৈয়ে সমাজ আগবাঢ়ে তাত সংস্কৃতিৰ লোকায়ত ৰূপ অন্য সমাজ ব্যৱস্থাতকৈ পৃথক। অসমৰ সমাজ ব্যৱস্থাও তেনে এক ধৰণে বিকাশ লাভ কৰিছে। আদিম সাম্যবাদী সমাজৰ পৰা দাস আৰু সামন্তবাদলৈ বিকাশ নোহোৱাকৈয়ে আহোম ব্যৱস্থাত পাইক প্ৰথাৰ জড়িয়তে এক ধৰণৰ জনজাতীয়-গণতান্ত্ৰিক শাসনে অসমৰ সমাজক বিকাশ ঘটায়। কোঁচ-অসমৰ ক্ষেত্ৰতো এক জনজাতীয় সমাজ ব্যৱস্থাই আছিল। বৃহৎ ভূ-স্বামীৰ আগ্ৰাসন নোহোৱা বাবে (সেই সময়ত জমিদাৰী ব্যৱস্থা নাছিল) জনগণৰ সাংস্কৃতিক বিকাশতো তাৰ প্ৰভাৱ দেখা নাযায়। অসমৰ এই পুৰণি সমাজজীৱনলৈ পৰিৱৰ্তন আনে বৃটিছে। বৃটিছে বৰ্ণবাদ সৃষ্টিৰ জড়িয়তে এচাম শিক্ষিতৰ মানসিকতাৰ পৰিৱৰ্তন সাধন কৰে যি মানসিকতাই মাত্ৰ উপনিবেশিক শাসকৰ সংস্কৃতিকহে উত্তম সংস্কৃতিৰূপে ভবাৰ প্ৰৱণতা জন্ম দিয়ে। এই প্ৰৱণতাই জনগণৰ লোকসংস্কৃতি বিহুক ইতৰৰ সংস্কৃতি বুলি বিদ্ৰূপ কৰিবলৈ লয়। দাস ও সামন্তবাদী সমাজত জন্ম হোৱা হিন্দু ধৰ্মী লোকাচাৰবোৰে নামনি অসমৰ অজনজাতি শ্ৰেণীবোৰক আছন্ন কৰি ৰখা বাবে তেওঁলোকৰ মাজতো বিহু সংস্কৃতিৰ লোকায়ত ৰূপটোৰ প্ৰতি বিৰাগ আদিৰে পৰাই আছিল। কেৱল মাত্ৰ হেমাংগ বিশ্বাসেই মঘাই ওজাক আবিষ্কাৰ কৰি অসমৰ জাতীয় পৰিচয় বিহুক নামনি অসমত গ্ৰহণযোগ্য কৰি তোলাত আগভাগ লয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো বিহুমঞ্চ আন্দোলনৰ ক্ষেত্ৰ হিচাপে লোৱা দেখা যায়। |
বিহু অসমৰ বাপতি সাহোন অৰ্থাৎ পিতৃপুৰুষৰ সম্পত্তি। বসন্তকালত উদযাপন কৰা ৰঙালী বিহুকেই অসমীয়াই সকলোতকৈ অধিক হেঁপাহেৰে বাট চাই থাকে। কাৰণ এই বিহুৰ সৈতে আহে বসন্ত ঋতুৰ প্ৰাচুৰ্যৰে ভৰা অসমীয়া নৱবৰ্ষ। ঋতুৰ মাদকতাই যৌৱনময় কৰি তোলে সকলো। দীৰ্ঘদিনীয়া শীতৰ ৰুক্ষতাৰ পিছত ন-বৰষুণজাকে বৰদৈচিলাৰ সৈতে আহি পথাৰ উৰ্বৰা কৰে। পথাৰৰ কাষত বা নৈৰ বাকৰিত যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে দেহৰ লয়লাস ভংগীমাৰে ঢোল-পেঁপা-গগনা-বাঁহী-সুতুলী-টকা-তাল বজাই সুৰৰ মূৰ্ছনা তুলি নৃত্য-গীত কৰে। লুইতৰ পাৰত কৰবাত ঐনিতম, কৰবাত বাগৰুম্বা, কৰবাত বিহুনাম-হুচৰিৰ সুৰ। এই সকলোতে কিন্তু লুকাই থাকে শস্য উত্পাদনৰ প্ৰতীকী হাবিয়াস। যৌনগন্ধী কথা, সুৰবোৰ প্ৰকৃততে এই আদিম বাসনাৰেই প্ৰতীক। খেতি পথাৰত মুক্ত যৌনাচাৰ, হুদুম দেউৰ পূজাত বৃষ্টি বিচাৰি পথাৰ উৰ্বৰা কৰাৰ বাবে নগ্ন হৈ নৃত্য কৰা, কাতিমাহত লোকচক্ষুৰ আঁতৰত মহিলাসকলে কৃত্ৰিম পুৰুষ লিংগ সাজি যৌনসংগম কৰাৰ অভিনয়, উত্কত যৌনগন্ধী গীত-মাত আদিৰ কৃষ্টিও কৃষি সংস্কৃতিৰ ৰূপ। আনকি কিছুমান লোকবাদ্যৰ তালে যৌন চেতনাৰো উদ্ৰেক কৰে, যেনে- |
গ্ৰীমচোক গ্ৰীমচোক তাতা গিনা চোক |
তাক তাকে গ্ৰীমচোক তাতা গিনা চোক…। |
অসমৰ জনজাতীয় সমাজখন অতি বিচিত্ৰ লোকসংস্কৃতিৰে ভৰপুৰ। কৃষিপ্ৰধান সমাজৰ এই সংস্কৃতিয়ে বিশ্বজুৰি বিয়পি আছে বিভিন্ন ৰূপত। আগতে উল্লেখ কৰা হৈছে যে ঐন্দ্ৰজালিক কৰ্মকাণ্ড জনগণৰ সাংস্কৃতিক উপাদানবোৰৰ সৈতে সংপৃক্ত হৈ আছে। সংস্কৃতিৰ মাজত যৌনগন্ধী আচাৰ, গীত-মাত আদি এই ঐন্দ্ৰজালিক কৰ্মকাণ্ডৰেই অংশ। এইবোৰ অতি প্ৰাচীন লোকাচাৰ। পিছলৈ অহিন্দু ধৰ্মৰ উপাদানবোৰ সমাজ বিৱৰ্তনৰ ভিন্ন সময়ত সংস্কৃতিৰ মাজত প্ৰবেশ কৰিছে। ইয়াৰে বেছিভাগেই কিন্তু আদিম। যেনে, বড়োসকলৰ বাথৌ, ৰাভাসকলৰ দাৰ্মাংদেউ আদি বসন্তকালত হোৱা পূজা-উত্সৱ আদি অহিন্দু লোকাচাৰ। গোপূজা সংগঠিত হিন্দু ধৰ্মৰ পৰা অহাৰ দৰে হুচৰিত ঈশ্বৰ বন্দনা, শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মৰ পৰা প্ৰবেশ কৰা। বিহু সংস্কৃতিৰ আদি ৰূপত সংগঠিত ধৰ্মৰ প্ৰবেশ দেখা নাযায়। ই ধৰ্ম নিৰপেক্ষ কৃষিসংস্কৃতি। |
বিহুৰ মঞ্চৰূপ আজিৰ সৃষ্টি নহয়। আহোম স্বৰ্গদেৱেই প্ৰথমে ৰংঘৰ বাকৰিত অসমীয়া ডেকা-গাভৰুৰ দ্বাৰা বিহু নচুৱাইছিল। পিছলৈ স্বাধীনতা আন্দোলনৰ সময়ত গুৱাহাটীৰ লতাশিলত বিহু অনুষ্ঠিত কৰা হয়। এতিয়া মঞ্চবিহুতেই বিহুৰ অস্তিত্ব ৰৈ যোৱাৰ উপক্ৰম হৈছে। কিয়নো যি ঐতিহাসিক বিৱৰ্তনৰ সাক্ষী হৈ অসমৰ জাতীয় সংস্কৃতিৰ জন্ম হৈছিল সেই ইতিহাস আজিৰ জনসমাজে পাহৰি পেলাইছে। শ্ৰমজীৱীক উপেক্ষা কৰি এতিয়া বিহু হৈছেগৈ মধ্যবিত্তৰ মনোৰঞ্জনৰ উৎস। কিন্তু প্ৰকৃত সংস্কৃতি আৰু তাৰ ৰূপ কৃষিজীৱী সমাজত এতিয়াও মূৰ্তমান। |
উত্সৱবিহীন, প্ৰচাৰবিহীন, সংৰক্ষণৰ অভাৱত পণ্যসংস্কৃতি আৰু হিন্দী ও পাশ্চাত্য আগ্ৰাসন আৰু সম্প্ৰসাৰণৰ হাতোৰাত এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে অসমৰ জাতীয় সংস্কৃতিয়ে। মধ্যবিত্তকেন্দ্ৰীক মানসিকতা গোলামী ৰাজনীতিয়ে এসময়ৰ ঐক্যবদ্ধ শ্ৰমজীৱীজনগণক বিভক্ত কৰি অসমৰ জাতীয় সমাজখন থান বান কৰি পেলাইছে। ইয়াৰ পৰা উদ্ধাৰৰ পথ মোকোলাবলৈ এতিয়া কাৰো আহৰি নাই। সমাজ বিৱৰ্তনৰ দৰে সংস্কৃতিৰো বিৱৰ্তন ও পৰিৱৰ্তন অৱধাৰিত। কিন্তু সেই বিৱৰ্তন ধাবমান কোনফালে সেয়া উপলব্ধি নকৰাকৈ কোনো নাই। সমাজক নিয়ন্ত্ৰণ কৰে মানুহেই। স্থিতাৱস্থাৰ পৰিৱৰ্তনৰ ছাবি-কাঠিও মানুহৰ হাততেই। নতুন প্ৰজন্মৰ বহুতেই এতিয়া জাতীয় সংস্কৃতিকলৈ গৱেষণা কৰিছে, সেইবোৰৰ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে সেয়া নিশ্চয় আদৰণীয়। কিন্তু যি কেৰোণবোৰে সংস্কৃতিক শ্ৰমজীৱী জনগণৰ মৰণা মৰা চোতালৰ পৰা আনি বহুজাতিক বনিকৰ চোতালত বহালেহি সেই কেৰোণবোৰ চিনাক্ত কৰিবলৈ, পণ্যসংস্কৃতি আৰু হিন্দী-পাশ্চাত্য সম্প্ৰসাৰণৰ পৰা জাতীয় সংস্কৃতিক মুক্ত কৰিবলৈ সংগঠিত শিল্পী-সাহিত্যিক আৰু সংগঠিত নৱপ্ৰজন্ম কত। |
এটা পৰাধীন নিৰ্যাতিত জাতিৰ সংস্কৃতি কেতিয়াও নিৰাপদ নহয়। জাতীয় সম্পদৰ ওপৰত জনগণৰ অধিকাৰ স্থাপন হ’লে, জাতীয় পুঁজিৰ বিকাশ সাধন হ’লে, জনগণৰ প্ৰকৃত শাসন আৰু স্বতন্ত্ৰতা থাকিলে সংস্কৃতি কেতিয়াও লুপ্ত হোৱাৰ আশংকা নাথাকে। একমাত্ৰ দুৰ্বল জাতিৰ ওপৰতেই সাংস্কৃতিক আগ্ৰাসন হয়। সেয়ে পৰিৱৰ্তনৰ বাবে প্ৰকৃত ৰাজনৈতিক বিপ্লৱৰ সমান্তৰালকৈ সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন। জাতি এটাৰ ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক মুক্তিয়েহে জাতীয় সংস্কৃতিক মুক্ত কৰিব পাৰে। এই মুক্তিয়েহে প্ৰকৃত বিকাশ আনে। অধিকাৰহীন জনতাৰ সংস্কৃতিৰ বিকাশো নহয়, প্ৰকৃত ৰূপান্তৰো নহয়। হয় মাথোঁ ধ্বংস বা বিলুপ্ত। চীনৰ সমাজতান্ত্ৰিক বিপ্লৱৰ সময়ত মাও ছে তুঙে য়ুনান প্ৰদেশত সাংস্কৃতিক বিপ্লৱৰ আখৰা কৰিছিল। সাংস্কৃতিক বিপ্লৱৰ বিখ্যাত য়ুনান ৰিপোৰ্টত সমাজ পৰিৱৰ্তনত শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীৰ ভূমিকাৰ উল্লেখ আছে। সংস্কৃতিৰ এই অভিধাৰ প্ৰতি অনুপ্ৰাণিত হৈয়েই কলাগুৰু বিষ্ণুৰাভাই কৈছিল- |
“কৃষ্টি সংস্কৃতি ধনী অসমীয়াৰ হাতত নাই….আছে দীন-হীন, ক্লিষ্ট-পিষ্ট দুখীয়া-হজুৱা অসমীয়াৰ হিয়াৰ অন্তস্থলত।” সংস্কৃতিৰ এয়াই প্ৰকৃত নন্দন তত্ব। |
*(ৰূপৰ খাপৰ তৰোৱাল, অৰুনোদই প্ৰকাশন, ২০১০,পৃ ২৫৬, শৰ্মা ৰক্তিম ) |
← তেজাল ঘোঁৰা : মিতালী গোস্বামী |
কাৰবি সমাজ জীৱনত প্ৰচলিত ডেকাচাঙৰ পৰম্পৰা – জিৰকেদাম : যাদবেন্দ্ৰ বৰা → |
You May Also Like |
অসমৰ ধৰ্মীয় বৈচিত্ৰ্য, সহিষ্ণুতা আৰু সমন্বয় (-ৰক্তিম শৰ্মা) |
September 14, 2013 0 |
কমলাপ্ৰিয়া-বীৰ চিলাৰায়ৰ শুভ বিবাহৰ স্বাক্ষৰ ৰামৰাই কুঠী আৰু মধুপুৰ সত্ৰ —দিবাকৰ ৰেণু |
November 21, 2020 0 |
শিক্ষিতৰ লজ্জা : জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা – বিজু সেনাপতি |
July 14, 2016 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ওমলা গীত, নিচুকনী গীত আদি গীতি কবিতাসমূহ এক পৃথিৱী ব্যাপ্ত সংস্কৃতি। শিশু নিচুকাবলৈ শ্ৰুতিমধুৰ এই কবিতা সমূহ (নিচুকনী গীত)-ৰ ব্যৱহাৰ কৰা হয়। আনহাতে পুৰণি কালৰ পৰাই শিশুসকলৰ স্বৰৰ বিকাশৰ বাবে ওমলা গীত গাবলৈ শিকোৱা হয়। এই চুটি চুটি কবিতাসমূহ পৌৰাণিক কাহিনীৰ বা প্ৰাকৃতিক বৰ্ণনাৰে সমৃদ্ধ। অতীতৰ পৰাই প্ৰচলিত হৈ অহা এই ওমলা গীতবোৰ আজিও প্ৰচলিত হৈ আছে। এই ওমলা গীতবোৰৰ শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভুমিকা আছে। বিশেষকৈ শিশুৰ কণ্ঠৰ স্পষ্টতাৰ বিকাশত এই গীতবোৰৰ বিশেষ ভুমিকা আছে। বৰ আকৰ্ষণীয় আৰু সহজে মনত ৰাখিব পৰা ধৰণৰ। লগতে ছন্দোবদ্ধ হোৱাৰ বাবে শিশু সকলে ওমলা গীতবোৰ সহজতে মনত ৰাখিব পাৰে। ঠুনুক-ঠানাক মাত ওলোৱাৰ পৰাই শিশুসকলক ওমলা গীত শিকোৱা হয়। এইবিলাক আওঁৰাইয়ে শিশুৰ উচ্চাৰণৰ অভ্যাস আৰু বোধ শক্তিৰ বিকাশ ঘটে। এই সহজ-সৰল চুটি ওমলা গীতবোৰে শিশুসকলৰ মন বিশেষভাবে আকৰ্ষিত কৰে। ইয়াৰ ধ্বনি-বিন্যাস আৰু ছন্দোবদ্ধ মসৃণতাই শিশুমনক চুই যায় আৰু ইয়াৰ গীতিধৰ্মিতাই মনৰ ৰখাত সহায় কৰে। প্ৰথমতে শিশুৱে এই ওমলা গীতবোৰ একো নুবুজাকৈয়ে মনত ৰাখে। লাহে লাহে এই গীতবোৰৰ অৰ্থবোধ হ’বলৈ আৰম্ভ কৰে। স্মৰণ শক্তি শিশুৰ যথেষ্ঠ বেছি হয়, বাৰে বাৰে আওঁৰাই এইবিলাক স্মৰণ কৰি শিশুমনে ইয়াৰ অৰ্থ বিছাৰিব আৰম্ভ কৰে আৰু এনেদৰে বোধ শক্তিৰ বিকাশত এই ওমলা গীতবোৰে বিশেষ ভূমিকা পালন কৰে। |
শিশুকালৰ বিভিন্ন স্তৰত এই ওমলা গীতবিলাকৰ ভূমিকাও বেলেগ বেলেগ। প্ৰাথমিক স্তৰৰ শিশুবিলাকৰ মাজত চুটি চুটি ওমলা গীত বিলাক বেছি জনপ্ৰিয় হোৱা দেখা যায়। বৰ্দ্ধিত স্তৰৰ শিশুৰ বিকাশতো ওমলা গীত প্ৰভাৱ আছে। শিশুৰ বিকাশত প্ৰতিটো স্তৰত ওমলা গীত বিলাকৰ বেলেগ বেলেগ ভূমিকা আছে। কিছু ডাঙৰ শিশুৰ ক্ষেত্ৰত এই ওমলা গীতবোৰ শিক্ষা দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পৰা যায় বা কৰা হয়। অংক(সংখ্যা), চৰাই-চিৰিকতি, শাক-পাচলি, ফল-মূল, নৈ-নিজৰা, জোন-তৰা আদিক লৈ সৃষ্টি হোৱা বিভিন্ন ছন্দোবদ্ধ কবিতাৰ জড়িয়তে শিশুক মনোৰঞ্জনৰ মাধ্যমত শিক্ষা দিব পৰা যায়। সকলো দেশৰে প্ৰাথমিক স্তৰৰ শিক্ষাত বিভিন্ন ওমলা গীত প্ৰয়োগ কৰা হয়। শিশু মনঃস্তত্বতো এইটো কথা সৰ্বজনগ্ৰাহ্য বুলি বিবেচিত হৈছে যে ওমলা গীত মাধ্যমত শিশুক সহজতে শিক্ষা প্ৰদান কৰিব পৰা যায় আৰু ই শিশুক শিক্ষা গ্ৰহণৰ প্ৰতি আাগ্ৰহী কৰি তোলে। ই শিশুৰ স্বৰৰ বিকাশ, পঠন শক্তিৰ উৎকৰ্ষ আৰু ধ্বনি সচেতনতা বৃদ্ধি কৰে। ওমলা গীতবিলাকৰ শ্ৰুতি মধুৰতাই শিশুক শুনাৰ বাবে আগ্ৰহী কৰি তোলে আৰু ই শিশুৰ মনোযোগ বৃদ্ধিত সহায় কৰে। লাহে লাহে এই মনোযোগে পঢ়াৰ প্ৰতিও এটা আকৰ্ষণ সৃষ্টি কৰে। |
এটা কথা অনস্বীকাৰ্য যে ওমলা গীতৰ সৰ্বোত্তম প্ৰভাৱ মাতৃভাষাৰ মাধ্যমৰ ওমলা গীতবোৰৰ বেছি। ইয়াত মাতৃভাষা বুলি কওঁতে ঘৰুৱা পৰিবেশত ব্যৱহৃত ভাষাৰ কথা কোৱা হৈছে। শিশুৰ প্ৰাথমিক স্তৰৰ বিকাশত শিক্ষাগৃহৰ পৰিবেশতকৈ আচলতে ঘৰুৱা পৰিবেশৰ (home environment) প্ৰভাৱ বেছি। গতিকে ঘৰুৱা পৰিবেশৰ প্ৰকাশৰ মাধ্যমৰ ওমলা গীতবোৰ শিশুৱে বেছি সহজতে আয়ত্ব কৰিব পাৰে। সেই কাৰণে শিশুক যি মাধ্যমত শিক্ষা দিয়া হয় সেই মাধ্যমৰ ঘৰুৱা পৰিবেশ দিব পৰিলে শিশুৰ সৰ্বোচ্চ বিকাশ হয় বুলি কোৱা হয়। নহ’লে শিশুৰ ঘৰুৱা পৰিবেশ আৰু শিক্ষা পৰিবেশৰ পাৰ্থক্যই প্ৰাথমিক স্তৰত এটা সংঘাত সৃষ্টি কৰাৰ অৱকাশ থাকে। বোধশক্তিৰ বিকাশৰ প্ৰাথমিক স্তৰত এই পৰিবেশৰ পাৰ্থক্যই এটা অনাহুত চাপ পেলায়। |
অৱশ্যে আমাৰ পাশ্চাত্য প্ৰীতিয়ে আমাৰ নিজস্ব ওলোমা গীতবিলাকক কিছু অৱহেলিত স্থানলৈ ঠেলি তাৰ ঠাইত নাৰ্চাৰি ৰাইমচৰ প্ৰৱেশৰ বাট মুকলি কৰি দিছে। |
গতিকে, |
“জোনবাই এ বেজী এটি দিয়া |
বেজীনো কেলৈ |
মোনা চিলাবলৈ |
মোনানো কেলৈ |
ধন ভৰাবলৈ”—ৰ স্থান “টুইঙ্কল টুইঙ্কল লিটিল ষ্টাৰে” লোৱা দেখা গৈছে। ইংৰাজী শিক্ষাৰ প্ৰীতিয়ে আমাৰ সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ এই ওমলা গীতবোৰ কিছু পৰিমাণে হ’লেও পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰা যেন দেখা গৈছে। |
← কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা -(ড° অঞ্জল বৰা) |
কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা -(মৌচুমী বৰি) → |
You May Also Like |
ধৰ্ম, অন্ধবিশ্বাস আৰু ‘দেউল’ (হিমজ্যোতি তালুকদাৰ) |
May 15, 2012 0 |
লোকসংগীতৰ প্ৰয়োজনীয়তা (অৰুণজ্যোতি দাস) |
September 12, 2011 0 |
মেঘালয়ৰ মাতৃপ্ৰধান সমাজ আৰু বৈবাহিক জীৱন ( কন্দৰ্প কুমাৰ নাথ ) |
September 18, 2016 1 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.