text
stringlengths
0
188k
১৬৭১ খ্ৰী:ৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে ।লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন
নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে।
সামৰণি:
অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা হ’ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্ব হ’ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বার্থ, দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰ সংগ্ৰামৰ প্ৰতীক ।
Lachit Borphukan short essay in Assamese
চন ১৬২২ ৰ ২৪ নবেম্বৰত অসমৰ বিখ্যাত টাই আহোম সম্প্ৰদায়ৰ লুখুৰাখন বংশৰ মোমাই তামূলী বৰবৰুৱা আৰু আই নাগেশ্বৰীৰ ঔৰসত জন্মা লাচিত বৰফুকনে সৰুৰে পৰাই অফুৰন্ত শক্তি,অদম্য সাহস আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয়েৰে কৰ্মনিষ্ঠা, একাগ্ৰতা, দক্ষতাৰে সামৰিক অসামৰিক দুয়োবিধ শিক্ষাত পাৰ্গত হৈ দোপত দোপে ৰজাৰ হাঁচতিধৰা, ঘোঁৰাবৰুৱা, দোলাবৰুৱা আদি এটাৰ পৰা আনটো পদলৈ পদোন্নতি লাভ কৰি কৰি ক্ৰমান্বয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দুটিমান কঠিন পৰীক্ষা যেনে - এহেজাৰ হাতী চলোৱা, সুবিশাল কলৰ বাৰী নিৰ্ধাৰিত সময়ত কাটি মুকলি কৰা, নিজৰ আত্মমৰ্যদা বিচাৰ কৰা আদিত হেলাৰঙে উত্তীৰ্ণ হোৱাৰ ফলাফলত আহোম সেনাৰ সেনাপতি পদত অধিষ্ঠিত হৈ নিস্বাৰ্থ দেশপ্ৰমেৰে সকলো সৈন্যক উদ্ধুদ্ধ ও নিপুণ সামৰিক কলাৰে প্ৰশিক্ষিত কৰি, ১৬৬৩ চনতে আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সম্ৰাট ঔৰংজেৱৰ মাজত হোৱা "ঘিলাধাৰী চুক্তি" খন ৰজা চক্ৰধ্বজ সিংহই অস্বীকাৰ কৰি মোগল সম্ৰাটক কৰ দিবলৈ বন্ধ কৰাৰ বাবে ভয়ংকৰভাৱে অসম আক্ৰমণ কৰিবলৈ বাৰে বাৰে আহি থকা বিশাল মোগল সৈন্যৰ হাতত ১৬৬৯ চনৰ আলাবৈ ৰণত একেদিনাই দহহাজাৰ আহোম সৈন্যৰ নিৰ্মম মৃত্যুতো বিচলিত হৈ বিজয় স্পৃহা নেহেৰুৱাই ওলোটাই আহোম মহামন্ত্ৰী আতন বুঢ়াগোঁহাইৰ তীক্ষ্ণ মন্ত্ৰনাৰ সহায়ৰ সৈতে মোগলক ঘটুৱাই অসমখনিক কৰতলীয়া চুক্তিৰ পৰা মুক্ত কৰিবলৈহে লাচিত বৰফুকনে অতি ক্ষিপ্ৰতাৰে সৈন্য-সামন্ত আৰু ৰণনীতি প্ৰস্তুত কৰি থকাৰ মাজৰ এটি জৰুৰী গড় বন্ধা কাৰ্যত গাফিলতি কৰা নিজৰ মোমায়েকক "দেশতকৈ মোমাই ডাঙৰ নহয় " বুলি একেঘাপে শিৰচ্ছেদ কৰি নিস্বাৰ্থ দেশপ্ৰেমৰ অমোঘ মন্ত্ৰনা চৌদিশে বিয়পাই একেৰাতিতে উক্ত গড়টো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি চুড়ান্ত ৰণৰ বাবে সসৈন্যে আগুৱাই যোৱাৰ পথত হঠাৎ নিজে টান নৰীয়াত পৰা স্বত্বেও অকণমান থমকি চিকিৎসা লোৱাৰ বিপৰীতে নিজৰ ৰোগশৰ্যাৰ বিচনাখনকেহে ৰণুৱা নাৱত তুলি বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ শৰাইঘাটত সন্মুখৰ পৰা সুদক্ষ নেতৃত্ব দি নিজেও অতুলনীয় বীৰত্বৰে তয়াময়া ৰণ যুঁজি যুঁজি ১৬৭১ চনৰ মাৰ্চ মাহত মোগলক সম্পূৰ্ণৰূপে ঘটুৱাই বিজয়ধ্বজ্জা আঁজুৰি সোণৰ অসমখনিক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰি অৱশেষত চন ১৬৭২ৰ এপ্ৰিল মাহত মৃত্যু বৰণ কৰে।
Lachit Borphukan short note in Assamese
আৰম্ভণি :
অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস লম।
জন্ম :
বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত৷
শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল।
তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল।
দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ?" লাচিতে উত্তৰ দিলে, “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে"
তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক’ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী।
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।
মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।
Advertisement
Share:
Email ThisBlogThis!Share to TwitterShare to Facebook
Newer Post Older Post Home
0 Comments:
Post a Comment
Please Email us at [email protected]
Follow Us On
Enter Your Email ID for FREE Job Alerts
Follow @AssamGovtSakari
LIKE US ON FACEBOOK
Assam Govt Sakari
Important Links
Guwahati Jobs Results ADMIT Card Admission Walk-In Interview BANK JOBS CTET B.Ed State Bank Of India Central Govt Jobs Staff Selection Commission NGO Jobs FREE COURSE
Trending Updates
Lachit Borphukan Certificate Download | Lachit Certificate Download | Lachit Borphukan 400th Anniversary Certificate
Lachit Borphukan App Download Link | Lachit Essay Upload Link
KVS Primary Teacher Recruitment 2022 | Apply Online for 6414 PRT Teacher Vacancy
Jobs By Qualification
Graduate jobs Post Graduate Jobs HSLC Passed jobs HS PASSED JOBS 8th Passed job B.Tech Jobs MBA Jobs ITI Jobs MCA B.Sc Jobs B.Sc Nursing M.Sc Jobs MBBS B.Ed Law Passed Jobs IT Jobs BCA M. Tech Jobs M. Com Jobs MSW CA BBA NET Pharmacist SLET MASS Comm PGDCA
Main Menu
Home
About us
Contact us
BOOKS
Advertise With Us
Privacy Policy
About Us
We are providing Daily FREE Job Alerts about various Central & State Government,public sector undertakings, Educational Institutions and Banks across Assam,North East & India also we provide latest updates about different Exams,Admit,Results,Study material,Books etc.
AssamGovtSakari.com specially provide information regarding various Assam Govt job vacancies,latest private sector and company vacancies in Guwahati, Assam.
This is not a Govt Official job website
Copyright © AssamGovtSakari.com :: Latest Assam Career,Job News in Guwahati,Job in Assam,Recruitment in Assam | Copyright By HRD Web Solutions Enterprise<eot>নিউজ ডেস্ক: বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক সোমবাৰে নিশা আটক কৰিছে আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক।
মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতি মতে, “২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৪ তাৰিখে অপৰাধ শাখা মুম্বাইত পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এটা গোচৰ ৰুজু কৰা হৈছিল।
ৰাজ কুন্দ্ৰাক এই গোচৰটোত ১৯ জুলাইত গ্ৰেপ্তাৰ কৰিছো কিয়নো তেওঁ ইয়াৰ মুখ্য ষড়যন্ত্ৰকাৰী যেন লাগিছে। এই সন্দৰ্ভত আমাৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে। বৰ্তমান তদন্ত চলি আছে,” ।
ৰাজ কুন্দ্ৰাৰ ইউকেত বাস কৰা তেওঁৰ ভাতৃয়ে কেনৰিন নামৰ এটা কোম্পানী গঠন কৰিছিল য’ত এইবোৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। চলচ্চিত্ৰৰ ভিডিঅ’ ভাৰতত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ৱি ট্ৰেন্সফাৰৰ জৰিয়তে বিদেশলৈ প্ৰেৰণ কৰা হৈছিল।
শেহতীয়াকৈ আজি মুম্বাইৰ নেহুলৰ পৰা ৰিয়ান জন নামৰ আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে যথেষ্ট প্ৰমান থকাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
কিছুদিনৰ আগতে পৰ্নোগ্ৰাফিক চলচ্চিত্ৰৰ বাবে গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী গেহেনা বশিষ্ঠ ওৰফে বন্দনা তিৱাৰীয়ে কয়, মুম্বাই পুলিচৰ ওপৰত বিশ্বাস আছে এই ঘটনাৰ দোষী কোন তেওলোকে উলিয়াব পাৰিব। বৰ্তমান জামিনত থকা “মিছ ইন্ডিয়া বিকিনি” বিজয়ী গেহনাই ৰাজ কুন্ড্ৰা দোষী হয়নে নহয় সেই কথা ক’বলৈ অস্বীকাৰ কৰে ।
আনহাতে মডেল অভিনেত্ৰী সাগৰিকা সুহানা সুমনে কয়, এই ৰেকেটৰ দ্বাৰা বহুতৰ জীৱন ধ্বংস হৈছে ,এতিয়া ৰাজ কুন্ড্ৰাৰ নাম পোহৰলৈ আহিছে আৰু বহু লোক আছে সকলো ইয়াৰ অধীনলৈ অহাতো জৰুৰী ।
সাগৰিকা সুহানা সুমনে কয়,”এয়া এটা ডাঙৰ ৰেকেট। ডাঙৰ মানুহ ইয়াত জড়িত হৈ আছে। ৰাজ কুন্দ্ৰাৰ নাম এতিয়া বাৰু প্ৰকাশ হৈছে। লকডাউনৰ সময়ত মোৰ এটা বেয়া অভিজ্ঞতা হৈছিল। আগষ্ট ২০২০ ত মোক এটা ৱেব ছিৰিজত কাম কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। মই ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ উমেশ কামাতৰ পৰা ফোন পাইছিলো। মই অনলাইন অডিচন দিয়াৰ সিদ্ধান্ত লৈছিলো আৰু কল কৰাৰ পিছত তেওঁলোকে মোক উলংগ হৈ অডিচন দিবলৈ কৈছিল।”
অভিনেত্ৰী সাগৰিকা সোনা সুমনে দাবী কৰিছে যে তেওঁ ইয়াৰ পিছত হতবাক হৈ পৰিছিল আৰু সেয়া অস্বীকাৰ কৰি কলটো বন্ধ কৰি দিছিল। ভিডিঅ’ কলটোত তিনিজন লোক আছিল। তেওঁলোকৰ এজনৰ মুখখন ঢাকি থোৱা আছিল, আনহাতে আন এজন সাইলাখ ৰাজ কুন্দ্ৰাৰ নিছিনা আছিল।
লগতে পঢ়ক পেগাছাচ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ; চিকাৰ সাংবাদিক, ৰাজনৈতিক ব্যক্তি
Related
পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ গোচৰত জামিন লাভ শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ
ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰাৰ সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতীয়ে
মহাকাশ পৰ্যটনৰ নতুন দিগন্ত সূচনা কৰি আমাজনৰ প্ৰতিষ্ঠাপকৰ আজি মহাকাশলৈ যাত্ৰা
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,570 other subscribers
Tagged: Raj Kundra, Shilpa Shetty
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
কিতাপৰ পৰিৱৰ্তে হাতত কাচি লৈ পথাৰত ব্যস্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান
‘সংগীত নাটক অকাডেমী বঁটা’ৰ বাবে অসমৰ ৭ গৰাকী শিল্পী নিৰ্বাচিত
২৫ নৱেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে তৃতীয় মাজুলী সংগীত মহোৎসৱ
Latest News
বলিউডৰ অভিনেতা বিক্ৰম গোখালেৰ মৃত্যু November 26, 2022
কিতাপৰ পৰিৱৰ্তে হাতত কাচি লৈ পথাৰত ব্যস্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী November 26, 2022
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ November 26, 2022
FIFA: অষ্ট্ৰেলিয়া vs টিউনিচিয়া November 26, 2022
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান November 26, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে।
নিহত যুৱকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও সেনা সূত্ৰই তেওঁক ‘জান অসম’ বুলি দাবী কৰিছে।
মৃতদেহটো উদ্ধাৰ কৰা পেঙেৰী থানাই তদন্ত অব্যাহত ৰাখিছে।
সেনাই উদ্ধাৰ কৰা বিস্ফোৰক। ছবি- নৰ্থ ইষ্ট নাও।
নিহত যুৱকজনৰ দেহ সম্পূৰ্ণ সামৰিক পোচাক আৰু গ্ৰেনেদেৰে আবৃত হৈ আছে। সেনাৰ সৈতে মঙলবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ জাগুন আৰক্ষী চকী এলেকাৰ লেখাপানীত হোৱা সংঘৰ্ষত যুৱকজন নিহত হোৱা বুলি সন্দেহ কৰা হৈছে।