text
stringlengths
0
188k
ফেৰিঞ্জিয়েল স্লীট (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মুখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
এণ্ড'ষ্টাইল থাকে।[4]
পৃষ্ঠদণ্ডীক অন্য জীৱৰ পৰা পৃথক কৰা, কিন্তু সাধাৰণ সংজ্ঞাৰ ভিতৰত নপৰা অন্য কিছুমান বৈশিষ্ট্য হ'ল:
সকলো পৃষ্ঠদণ্ডী ডিউটাৰ'ষ্টম (deuterostomes), অৰ্থাৎ ভ্ৰূণীয স্তৰত মুখতকৈ আগেয়ে পায়ু বিকশিত হয়।
সকলো পৃষ্ঠদণ্ডীৰ দেহ তল দ্বিপাৰ্শীয়ভাৱে প্ৰতিসম।[5]
সকলো পৃষ্ঠদণ্ডীৰ দেহৰসেৰে পূৰ্ণ একোটা দেহ গহ্বৰ থাকে, লগতে পেৰিটনিয়াম থাকে।[6]
নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহ[সম্পাদনা কৰক]
এক্ৰন ৱৰ্ম বা এণ্টাৰ'নাষ্টসমূহ হেমিক'ৰডেটৰ উদাহৰণ।
হেমিক'ৰডেট[সম্পাদনা কৰক]
হেমিক'ৰডেট ("অৰ্দ্ধ পৃষ্ঠদণ্ডী") সমূহৰ কিছুমান বৈশিষ্ট্য পৃষ্ঠদণ্ডীৰ সৈতে মিল থকা দেখা যায়: ব্ৰেংকিয়েল ছিদ্ৰ শ্বাসনলীত মুক্ত হয় আৰু দেখিবলৈ গিল স্লীটৰ (gill slits) দৰে; ষ্ট'মকৰ্ড (stomochord), ন'ট'কৰ্ডৰ (notochord) সৈতে একে, কিন্তু মুখৰ পৰা আতৰত "ক'লাৰ (collar)"ৰ চাৰিও কাষে থাকে; এডাল অংকীয় স্নায়ুৰজ্জু থাকে, কিন্তু ভেণ্ট্ৰেল নাৰ্ভ কৰ্ডৰ আকাৰ সৰু।
হেমিক'ৰডেটৰ দুটা জীৱিত গোট আছে:
অকলশৰীয়াকৈ থকা এণ্টাৰ'নাষ্ট, যাক সাধাৰণতে "এক্ৰন ৱৰ্ম" বুলি কোৱা হয়। ইহঁতৰ দীঘল প্ৰ'বছছিছ (proboscis) থাকে আৰু প্ৰায় ২০০ লৈকে ব্ৰেংকিয়েল স্লীট থাকে আৰু দেহটো প্ৰায় ২.৫ ফুট পৰ্যন্ত দীঘল হয়। ইহঁত সাগৰ তলীত গাঁত খান্দি বাস কৰে।
টেৰ'ব্ৰাঞ্চ (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।[7]
কণ্টকচৰ্মী[সম্পাদনা কৰক]
এটা ৰঙা নব ছী ষ্টাৰ, Protoreaster linckii, এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ।
পৃষ্ঠদণ্ডী আৰু সিহঁতৰ সম্বন্ধীয় সমূহৰ সৈতে কণ্টকচৰ্মীৰ তিনি প্ৰকাৰৰ পাৰ্থক্য আছে: ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ। ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)। ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত। বেছিভাগ কণ্টকচৰ্মী সাগৰৰ শিলত লাগি থাকে, কিছুমানে অতি ধীৰ গতিৰে চলাচল কৰে আৰু তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ আদিৰ দৰে কিছুমানৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয় আৰু চলাচল কৰিব পাৰে।[8]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ Haeckel, E. (1874). Anthropogenie oder Entwicklungsgeschichte des Menschen. Leipzig: Engelmann.
↑ AccessScience.com. Retrieved 23 December 2012.
↑ Rychel, A.L.; Smith, S.E.; Shimamoto, H.T.; Swalla, B.J. (March 2006). "Evolution and Development of the Chordates: Collagen and Pharyngeal Cartilage". Molecular Biology and Evolution খণ্ড 23 (3): 541–549. doi:10.1093/molbev/msj055. PMID 16280542.
↑ Ruppert, E. (January 2005). "Key characters uniting hemichordates and chordates: homologies or homoplasies?". Canadian Journal of Zoology খণ্ড 83: 8–23. doi:10.1139/Z04-158. http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83। আহৰণ কৰা হৈছে: 2008-09-22.
↑ Valentine, J.W. (2004). On the Origin of Phyla. প্ৰকাশক Chicago: University Of Chicago Press. পৃষ্ঠা. 7 The phylum chordata includes three subphylums: Cephalochoradta, Urochordata, Vertebras. It is determined that urochordates are closer to vertebrates that cephalochordates are due to their chordate–like features as a larval form. ISBN 978-0-226-84548-7. "Classifications of organisms in hierarchical systems were in use by the seventeenth and eighteenth centuries. Usually, organisms were grouped according to their morphological similarities as perceived by those early workers, and those groups were then grouped according to their similarities, and so on, to form a hierarchy."
↑ R.C.Brusca, G.J.Brusca. Invertebrates. Sinauer Associates, Sunderland Mass 2003 (2nd ed.), p. 47, আই.এচ.বি.এন. 0-87893-097-3.
↑ "Introduction to the Hemichordata". University of California Museum of Paleontology. http://www.ucmp.berkeley.edu/chordata/hemichordata.html। আহৰণ কৰা হৈছে: 2008-09-22.
↑ Cowen, R. (2000). History of Life (3rd সম্পাদনা). Blackwell Science. পৃষ্ঠা. 412. ISBN 978-0-632-04444-3.
"https://as.wikipedia.org/w/index.php?title=ক%27ৰডাটা&oldid=234462"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
বৈজ্ঞানিক শ্ৰেণীবিন্যাস
জীৱবিজ্ঞান
এই পৃষ্ঠাখন ০২ জুন, ২০২০ তাৰিখে ২১:২৭ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত আজি সন্ধিয়া এটা আৰক্ষীৰ দলে এক অভিযান চলাই এন আৰ চিৰ এজন কৰ্মচাৰীক এজন লোকৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বিনিময়ত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰে। আটকাধীন লোকজন পুঠিমাৰী গাঁও পঞ্চায়তৰ সচিব আব্দুল মালেক বুলি জানিব পৰা গৈছে।
নৌছাদ আলী নামৰ এজন ভুক্তভোগীয়ে আব্দুল মালেকৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
ধুলা আৰক্ষী চকীৰ অন্তৰ্গত ধশিৰিকাশ গাঁৱৰ নিৱাসী নৌচাদ আলীয়ে মঙলদৈ আৰক্ষী থানাত ৰুজু কৰা গোচৰ অনুসৰি আব্দুল মালেকে নৌচাদ আলীৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবদ ৪ হাজাৰ টকাৰ উযকোচ বিচাৰে। ইয়াৰে ১৫০০ টকা নৌচাদ আলীয়ে আব্দুল মালেকক প্ৰদান কৰে।
কিন্তু আব্দুল মালেকে বিচৰা উৎকোচ দিবলৈ অসমৰ্থ নৌচাদ আলীয়ে পিছত মঙলদৈৰ আৰক্ষীৰ কাষ চাপে। ফলত আৰক্ষীৰ পূৰ্বপৰিকল্পানা অনুসৰি আজি নৌচাদ আলীয়ে আব্দুল মালেকক বাকী ২৫০০ টকা দিওঁতেই আৰক্ষীয়ে আব্দুল মালেকক হাতে-লোটে কৰায়ত্ত কৰে।
ইতিমধ্যে আৰক্ষীয়ে আব্দুল মালেকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি বিষয়া গৰাকী এনেধৰণৰ কাৰ্যত কিমন দূৰলৈকে জড়িত সেই বিষয়ত অনুসন্ধান কৰিছে।
Recent News
কিয় খং উঠিছে ছাকিৰাৰ? আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী!
কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ
বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মুকালমুৱা : মুকালমুৱাত চাঞ্চল্য। এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাত মুকালমুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মূৰ আৰু কঁকালৰ তলৰ অংশ নাই মৃতদেহটোৰ। আৰক্ষীয়ে মৃতদেহটোৰ কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
ৰাজ্যত এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। হত্যা, ডকাইতি, ধর্ষণৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৰাজ্যত। কিছুদিন পুর্বে গুৱাহাটীৰ খানাপাৰা উৰণীয়া সেঁতুৰ কাষৰ নলাত উদ্ধাৰ হৈছিল এটা মৃতদেহৰ কঁকালৰ তলৰ অংশ। মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈছিল যদিও কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ নোহোৱাত মৃতদেহটো কাৰ চিনাক্ত হোৱা নাছিল।
বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এগৰাকী অচিনাক্ত উৱলি যোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মুকালমুৱা আৰক্ষী থানাৰ সন্মুখেৰে মুকালমুৱা সাপ্তাহিক বজাৰলৈ যোৱা পথৰ মাজভাগত উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ। উৱলি যোৱা মৃতদেহটোৰ কাষত এটি মেক্সি পোৱা গৈছে। মৃতদেহটোৰ কঁকালৰ তলৰ অংশ নাই।
কঁকালৰ তলৰ অংশ নথকা মৃতদেহটোৰ মূৰটোও নাই বাবে মৃতদেহটো কৰা চিনাক্ত কৰিব পৰা হোৱা নাই। কম্বলত মেৰিয়াই বস্তাত ভৰাই থোৱা অবস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তই কোনোবা মহিলাক হত্যা কৰি টুকুৰা-টুকুৰ কৰি কাটি শৰীৰৰ অংশ এইদৰে পেলাই থৈ গৈছে।
মহিলা গৰাকীক মৃতদেহটোৰ কাষত সুৰাৰ বটলো উদ্ধাৰ হৈছে। সুৰা পান কৰি দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। খানাপাৰাত কিছুদিন পুর্বে কঁকালৰ তলৰ অংশ উদ্ধাৰ হোৱা মহিলা গৰাকীৰে কঁকালৰ ওপৰৰ অংশ মুকালমুৱাত উদ্ধাৰ হৈছে নেকি বুলি ৰাইজে চৰ্চা কৰাও পৰিলক্ষিত হৈছে। আৰক্ষীৰ তদন্তৰ পিছতে সকলো পোহৰলৈ আহিব।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 4 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 13 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>শ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ আগবঢ়োৱা হৈছে সাহিত্য জগতৰ সন্মানীয় বঁটা বুকাৰ প্ৰাইজ।
তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইদা’ৰ বাবে তেওঁক সন্মানীয় বুকাৰ প্ৰাইজৰ বিজয়ী হিচাপে মনোনীত কৰা হৈছে।
কৰুণাতিলাকাই সোমবাৰে নিশা লণ্ডনত এক অনুষ্ঠানত ব্ৰিটিছ ৰাণী পদবীৰ উত্তৰাধিকাৰী কেমিলাৰ পৰা বঁটা গ্ৰহণ কৰে।
বঁটাটিৰ সৈতে কৰুণাতিলকাই ৫০,০০০ পাউণ্ড পুৰস্কাৰ লাভ কৰে।
কৰুণাতিলকা হৈছে বুকাৰ বিজয়ী দ্বিতীয়গৰাকী শ্ৰীলংকান সাহিত্যিক।
তেওঁৰ পূৰ্বে ১৯৯২ চনত দ্য ইংলিছ পেচেণ্টৰ বাবে মাইকেল ওন্দাতজেই বুকাৰ সন্মান লাভ কৰিছিল।
কৰুণাতিলকাৰ ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইদা’ শ্ৰীলংকাৰ গৃহযুদ্ধত হত্যাৰ বলি হোৱা এগৰাকী যুদ্ধ ফটোগ্ৰাফাৰৰ ওপৰত আধাৰিত উপন্যাস।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আজি FCIৰ গুৱাহাটীৰ গুদামত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বুজ ল’লে সকলো মজুদ খাদ্যসম্ভাৰৰ। তেঁও কয়, এই সময়ত খাদ্যবস্তুৰ বাবে যাতে অসুবিধা নহয় তাৰ বাবে মই বুজ লৈছোঁ।
আঢ়ৈ মাহলৈ খাদ্য বস্তু আছে মজুত আছে আমাৰ হাতত বুলিও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সোণোৱালে। লগতে আন এক বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সৰ্বানন্দ সোণোৱালে। গৃহহীন লোকক ৫ কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা চৰকাৰৰ।
অৱশ্যে ৰেচন কাৰ্ড নথকা সকলক হে দিয়া হ’ব এই সুবিধা। আজি গুৱাহাটীৰ নুনমাটিস্থিত এফ চি আই গুদামৰ লগতে চাংসাৰী গুদামো পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে সৰ্বানন্দই। মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যইয়ো নিৰীক্ষণ কৰিলে FCI ৰ সকলো কাম কাজ।
Photo Credit: @mrigankamohandutta
Published:
20-Apr-20 @ 16:16
Tags
Sarbananda Sonowal
গুৱাহাটী
Noonmati
FCI
Changsari
এফ চি আই গুদাম
3 COMMENTS
Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time<eot>ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ অন্ত পৰাৰ পিছতে ভাৰতীয় দলটো পুনৰ এক দ্বিপাক্ষিক শৃংখলাৰ বাবে সাজু হৈছে। সদ্যসমাপ্ত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পিছত স্বদেশলৈ উভতি আহিছে ভাৰতীয় দলটো।
অধিনায়ক ৰোহিত শৰ্মা, কে এল ৰাহুলকে ধৰি একাধিক খেলুৱৈ প্ৰতিযোগিতাখনত চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ পিছতে দেশী, বিদেশী প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে ক্ৰিকেট বিশেষজ্ঞ আৰু সমালোচকসকলে কেইবাজনো খেলুৱৈক অৱসৰৰ পৰামৰ্শ আগবঢ়াইছে। তেনে সময়তে বি চি চি আইয়ে ঘোষণা কৰিলে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ আৰু এদিনীয়া শংখলাৰ বাবে ভাৰতীয় দলটো।
বি চি চি আইয়ে ঘোষণা কৰা এই দলটোৰ পৰা বাদ পৰিছে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। বাদ দিয়া হৈছে টি-২০ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা কিং কোহলি। একেদৰে বাদ দিয়া হৈছে কে এল ৰাহুল, দীনেশ কাৰ্তিক আদিক।
বি চি চি আইয়ে এই শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ পিছতে তেওঁলোক উৰা মাৰিছে নিউজিলেণ্ডলৈ। এই দলটোত অৱশ্যে সদ্যসমাপ্ত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা বহু কেইজন খেলুৱৈয়ে স্থান লাভ কৰিছে। দলটোলৈ ঘূৰি আহিছে কেইবাজনো অভিজ্ঞ খেলুৱৈ।
ভাৰতীয় দলৰ একাংশ খেলুৱৈ
সেই অনুসৰি টি-২০ আৰু এদিনীয়া শৃংখলাত দলক নেতৃত্ব দিব ক্ৰমে হাৰ্ডিক পাণ্ডিয়া আৰু শিখৰ ধাৱনে।
শৃংখলাৰ বাবে ঘোষিত টি-২০ দলটোঃ হাৰ্ডিক পাণ্ডিয়া (অধিনায়ক) শুভমন গীল, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, দীপক হুডা, ৱাশ্বিংটন সুন্দৰ, ঋষভ পন্ট ল (উইকেট কীপাৰ) , ঈশান কিষাণ, সঞ্জু ছেমচন, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, ভূৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিঙ আৰু উমৰান মালিক।
এদিনীয়া শৃংখলাৰ বাবে ঘোষিত দলঃ শিখৰ ধাৱন (অধিনায়ক), শুভমন গীল, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, দীপক হুডা, ৱাশ্বিংটন সুন্দৰ, শ্বহবাজ আহমেদ, ঋষভ পন্ট (উইকেট কীপাৰ), সঞ্জু ছেমচন, শ্বাৰ্দুল ঠাকুৰ, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, অৰ্শদীপ সিঙ, দীপক চহৰ, উমৰান মালিক আৰু কুলদীপ সেন।<eot>চলিত বৰ্ষৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ক্লাছিক বডী বিল্ডিং প্ৰতিযোগিতাত শৰাইঘাটশ্ৰী খিতাপ দখল কৰে ছাৰ্ভিছেছৰ শৰীৰ চৰ্চা বিদ অনুজ কুমাৰ তালিয়ানে। ৰবিবাৰে মাছখোৱাৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত তালিয়ানে অপূৰ্ব শৰীৰ চৰ্চাৰ কলা প্ৰদৰ্শন কৰি শৰাইঘাটশ্ৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাখন উদ্বোধন কৰে মিঃ ইউনিভাৰ্ছ আৰু পদ্মশ্ৰী প্ৰেমচান্দ ডোগৰাই।
আনহাতে, দিল্লীৰ শৰীৰচৰ্চাবিদ নৰেন্দ্ৰ যাদৱ আৰু ৰেলৱেৰ এন ছাটো সিঙে প্ৰতিযোগিতাখনত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। অসমৰ প্ৰতিভাৱান শৰীৰচৰ্চাবিদ দীপু দত্ত আৰু নয়নমণি নেওগে ক্ৰমে সপ্তম আৰু অষ্টম স্থানহে দখল কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাৰ অন্তত খেলুৱৈসকলক বঁটা প্ৰদান কৰে উদ্বোধক প্ৰেমচান্দ ডোগ্ৰা, চেতন পাথাৰ, সঞ্জীৱ কুমাৰ ফুকন, বসন্ত দাস আদি বিশিষ্ট ব্যক্তিসকলে।
উল্লেখযোগ্য যে, অসম ব’ডি বিল্ডাৰ্ছ আৰু ফিটনেছ সংস্থাৰ সৌজন্যত আৰু আই বি এফৰ সহযোগত শৰাইঘাট জিমে ৩১ সংখ্যক ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী শৰাইঘাটশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
Recent News