text
stringlengths
0
188k
24কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
25তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
26মিস্পী, কফীৰা, মোচা,
27ৰেকম, যিৰ্পেল, তৰলা,
28চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷
< যিহো 17
যিহো 19 >
BREAK EVERY YOKE
Creating and distributing free Bible translations for the web and mobile phones to every tribe on Earth. Click to learn how you can support this work!<eot>ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ক্ষুদ্র ধান বনা কল (Portable Rice mill)ৰ ব্যৱহাৰিক প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয়। শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত কাৰ্বি আংলং জিলাৰ কৃষি সজুলি ভাৰা দিয়া কেন্দ্ৰ আৰু নগাঁও জিলাৰ শংকৰ আজান এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অৰ্ধশতাধিক ব্যক্তিয়ে হাতে-কামে প্ৰশিক্ষণ গ্ৰহণ কৰে।
প্ৰশিক্ষণ কৰ্মশালাটিৰ আৰম্ভণি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই 'ধান উৎপাদনত বিশেষ গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক সকলে কম খৰচত, সুবিধাজনক স্থানত এই ক্ষুদ্র ধান বনা কল ব্যৱহাৰ কৰি উন্নত মানৰ চাউল পাব পাৰিব' বুলি মত পোষণ কৰে। সহকাৰী প্ৰকল্প বিষেশজ্ঞা বিদিশা বৰাই আঁত ধৰা কৰ্মশালাটিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিষেশজ্ঞ স্বৰাজ জ্যোতি বৈশ্য, কাৰিকৰী বিষেশজ্ঞ কমলেশ্বৰ যাদৱ, জন্মেজয় বিচোৱাল, দেৱজিৎ ভূঞা আৰু দুৰ্লভ চন্দ্ৰ কলিতাই ক্ষুদ্র ধান বনা কলৰ ব্যৱহাৰ, মেৰামতি, যন্ত্ৰটোৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আহিলা সমূহৰ পৰিচয়, পৰিচৰ্য্যাৰ ব্যৱহাৰিক জ্ঞানৰ হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰে।<eot>ডিজিটেল ডেস্কঃ শীঘ্ৰেই সলনি হ'ব বি টি আৰৰ ৰাজনীতি ! বিজেপি, আৰ এছ এছৰ আশীৰ্বাদ লৈ পুনৰ বি টি আৰৰ শাসনলৈ অহাৰ পৰিল্পনা বি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে আৰ এছ এছৰ শীৰ্ষ নেতাৰ চৰণ স্পৰ্শ কৰাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
হাগ্ৰামা মহিলাৰী কেন্দ্ৰিক চৰ্চা অব্যাহত থকাৰ মাজতে আজি বি জে পিৰ শীৰ্ষ নেতৃত্বলৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰেৰণ কৰা পত্ৰই পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। বি পি এফ মুৰব্বীগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ এন ডি এত বি পি এফক অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ জনোৱাৰ লগতে মুঠ ৪ টা প্ৰস্তাৱ প্ৰেৰণ কৰিছে।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নড্ডালৈ প্ৰেৰণ কৰিছে এই পত্ৰ। এই পত্ৰখনৰ জৰিয়তে হাগ্ৰামাই লোকসভাৰ নিৰ্বাচনত বি পি এফে বি জে পিক সহায়ৰ আশ্বাস প্ৰদান কৰিছে। তেওঁ এই নিৰ্বাচনত বি পি এফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা উল্লেখ কৰিছে।
ইফালে অসম বিধানসভাত অনানুষ্ঠানিক মিত্ৰতাত থকা বি পি এফৰ এজন বিধায়ক অসম মন্ত্ৰীসভাত কবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে হাগ্ৰামাই। ৰাজ্যৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰা হাগ্ৰামাৰ শেহতীয়া কাৰ্যকলাপে ইউ পি পি এলৰ বাবে যে সংকট নমাই আনিছে সেয়া নিশ্চিত।<eot>ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল কলিয়াবৰত। এই দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱালে ৫ জন লোকে।
কলিয়াবৰৰ হাতীয়েখোৱাৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰাক আৰু হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হ'ল এই দুৰ্ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই আউৰা বাহনখনৰ নম্বৰ AS-05 Q 2683। আনহাতে ট্ৰাকখনৰ নম্বৰ UP 37 AT 2766। জানিব পৰা মতে হুণ্ডাই বাহনখন তেজপুৰ অভিমুখী আছিল। নিহত আটাইকেইজন লোক হুণ্ডাই বাহনখনত আছিল।
ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ বাহনদুখন জব্দ কৰিছে। ইফালে স্থানীয় লোকে হুণ্ডাই বাহনখনত থকা ৫ গৰাকী লোককে উদ্ধাৰ কৰে যদিও আটাইকেইজনৰেই ঘটনাস্থলীতে মৃত্যু হয়।
ইফালে নিহত ৫ জন লোকৰ ভিতৰত ৪ জনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। নিহত এজন লোক বোকাখাতৰ সঞ্জীৱ কুমাৰ পাল বুলি চিনাক্ত কৰা হৈছে।<eot>নগাঁৱৰ বৰদোৱাৰ ধনিয়াভেটি সুৰাপাড়া অঞ্চলত বুধবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত নগাঁৱৰ বটদ্ৰৱাত সংঘটিত ধৰ্ষণৰ চেষ্টা চলোৱা লম্পটক আক্ৰমণ কৰি প্ৰতিহত কৰা মহিলাগৰাকীক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সাহসিকতাৰ বঁ‌টা প্ৰদান কৰা হয়।
যুঁজাৰু দ্যা ফাইটাৰ্চ গ্ৰুপৰ সভানেত্ৰী জোনমণি দেৱী খাউণ্ড, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদ , বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সদস্য ৰাজু গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত ৰাজহুৱা সভাত স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, সমগ্র অসমত খলকনি লগোৱা নগাঁৱৰ সেই বিশেষ সাহসী মহিলাগৰাকীয়ে তেখেতক ধৰ্ষণৰ অপচেষ্টা চলোৱা আবুল কাছেম নামৰ লোকজনৰ গুপ্তাংগ কাটি পেলাইছিল। ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সভানেত্ৰী জোনমণি দেৱী খাউন্দে তেওঁক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ-২০১৮’ৰ সাহসিকতাৰ বঁটা প্ৰদান কৰে।
কালিৰ সভাত সংগঠনটোৰ বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তীয়ে নাৰীসকলৰ সজাগতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত কি দৰে নাৰীসকলৰ লগতে সমাজখনো সচেতন হ’ব লাগে তাৰ বাখ্যা দাঙি ধৰে। আনহাতে, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদে নাৰীসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত ল’ব লগা ভূমিকাৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ লগতে কাৰ্যকৰী সদস্য ৰাজু গগৈয়ে পুৰুষ আৰু নাৰীৰ যৌথ সহযোগতহে এখন সুস্থ সমাজ আশা কৰিব পাৰি বুলি মন্তব্য কৰে।
নাৰীৰ সুৰক্ষাৰ বাবে এইদৰে আগবাঢ়ি অহাৰ বাবে ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ গ্ৰুপক সভাত উপস্থিত লোকসকলে ভূয়সী প্ৰশংসা কৰাৰ লগতে সংগঠনটোৰ উত্তৰণৰ কামনা কৰে।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিশ্বনাথ চাৰিআলি, ২৬ জুনঃ বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত আজি পুৱা সংঘটিত দুৰ্ভাগ্যজনক বিদ্যুস্পৃষ্ট হোৱা ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত এক ৰাজহুৱা সভাত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই কথা ঘোষণা কৰে। ঘটনাটোৰ তদন্তৰ বাবে জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰাও ঘটনাটোৰ এক বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰু কৰ্তব্যত গাফিলতিৰ বাবে প্ৰথম পৰ্যায়ত আজিয়েই দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। মৃতকৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাৰ আৰম্ভণিতে দুৰ্ভাগ্যজনক ঘটনাটোত সকলোৱে দুঃখ প্ৰকাশ কৰে আৰু আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা বিশ্বনাথ ঘাটৰ যুৱক ৰবীন দাসৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উপস্থিত সকলোৱে বিদ্যুৎ বিভাগৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ঘটনাত দোষী সাব্যস্ত হোৱাসকলৰ কঠোৰ শাস্তিৰ দাবী তোলে। ৰাইজে উপায়ুক্তৰ জৰিয়তে অসমৰ শক্তিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে যত মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ লগতে পৰিয়ালৰ এগৰাকী সদস্যক স্থায়ী কৰ্মসংস্থাপন প্ৰদানৰ দাবী তোলা হয়। আজিৰ পৰা দুবছৰৰ আগেয়ে অনুৰূপ ঘটনাত আহত হৈ পিছত মৃত্যুক সাবটি লোৱা একে অঞ্চলৰে দিপক দাস নামৰ লোকগৰাকীৰ পৰিয়ালকো প্ৰয়োজনীয় ক্ষতিপূৰণ আৰু কৰ্মসংস্থাপন প্ৰদানৰ দাবী স্মাৰকপত্ৰখনত উল্লেখ কৰা হয়। সভাত উপস্থিত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জনা শৰ্মাই মৃতকৰ পৰিয়াললৈ তাৎক্ষণিক ক্ষতিপূৰণ হিচাপে আগবঢ়োৱা আঢ়ৈ লাখ টকাৰ এখন চেক প্ৰয়াত ৰবীন দাসৰ পিতৃ কলীয়া দাসৰ হাতত অৰ্পণ কৰে। তেওঁ লগতে মৃতকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত ঠিকাভিত্তিত নিয়োগৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে। আনহাতে, ৰাইজৰ দাবী অনুসৰি মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধিৰ বাবে উপায়ুক্তৰ সহযোগত কোম্পানীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে তথা ৰাইজে দোষী বুলি একমুখে দাবী তোলা এগৰাকী বিশেষ বিষয়াৰ বিৰুদ্ধেও অচিৰেই ব্যৱস্থা গ্ৰহণৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিব বুলি তেওঁ ৰাইজক কথা দিয়ে। এনে দুৰ্ভাগ্যজনক ঘটনা যাতে জিলাখনত পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে ব্যৱ্স্থা লবলৈ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে বিদ্যুৎ বিভাগক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাত সংযম ৰক্ষা কৰা বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে তথা প্ৰকৃত দোষীক শাস্তি বিহাৰ স্বাৰ্থত তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায়। আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা প্ৰমুখ্যে প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ বিষয়াববীয়াসকল আৰু স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিথি তথা সচেতন ৰাইজ উপস্থিত থাকে।<eot>ন্যায্য অধিকাৰৰ বাবে প্ৰতিবাদত বহা সদৌ অসম নাৰ্ছ সন্থাক চৰকাৰে আলোচনাৰ বাবে মাতি অপমান কৰাৰ পাছত আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত নাৰ্ছসকলে পুনৰ প্ৰতিবাদ জনায়।
এই প্ৰতিবাদৰ কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাৰ নাৰ্ছসকলে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পতালত বিগত দুদিন ধৰি ৰূপায়ণ কৰি আছে কৰ্ম বিৰতি কাৰ্যসূচী।
মন কৰিব লগীয়া যে এই কৰ্ম বিৰতি কাৰ্যসূচীৰ মাজতে চিকিৎসা মহাবিদ্যালয়খনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে প্ৰতিবাদকাৰী নাৰ্ছসকলক আৰক্ষীয়ে গাড়ীত উঠাই নিয়াৰ চেষ্টা চলাওঁতেই প্ৰতিবাদকাৰী নাৰ্ছ আৰু আৰক্ষীৰ মাজত হতাহতি হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সম্প্ৰতি আৰক্ষীয়ে নাৰ্ছসকলক চিকিৎসা মহাবিদ্যালয় চৌহদতে আৱদ্ধ কৰি ৰাখিছে।
নাৰ্ছসকলে ন্যায্য প্ৰাপ্যৰ দাবীত কৰ্মবিৰতি পালন কৰিছে যদিও পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ তাৰকা প্ৰচাৰক, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থাকি নাৰ্ছৰ আন্দোলনত কোনো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে নাৰ্ছসকল।
ইফালে চৰকাৰে নাৰ্ছসকলৰ অভাৱ, অভিযোগক কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফল ভোগ কৰিছে সমগ্ৰা ৰাজৰ বিভিন্ন জিলাৰ ৰোগী আৰু অভিভাৱকসকলে।
Recent News
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>চৰকাৰ (ইংৰাজী: Government) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে।[1]
যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়।[2] চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়।
শ্ৰেণীবিভাজনসম্পাদনা কৰক
চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত এৰিষ্ট'টলে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰিছে:[3]
জনকল্যাণৰ হকে হোৱা চৰকাৰ:
এজনৰ শাসন হ'লে ৰাজতন্ত্ৰ (Monarchy)
কেইবাজনমানৰ শাসন হ'লে অভিজাততন্ত্ৰ (Aristocracy)
বহুজনৰ বা ৰাইজৰ শাসন হ'লে ৰাজ ব্যৱস্থা (Polity)
জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবে চলা চৰকাৰ:
এজনৰ শাসন হ'লে স্বৈৰতন্ত্ৰ (Tyranny)
কেইবাজনমানৰ শাসন হ'লে আঢ্যৱন্ততন্ত্ৰ (Oligarchy)
বহুজনৰ শাসন হ'লে গণতন্ত্ৰ (Democracy)
সেইসময়ৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। বৰ্তমানে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰ শাসন গণতান্ত্ৰিক। কিছু দেশত ৰজা বা ৰাণী আছে যদিও সেয়া মূলতঃ পৰম্পৰা ৰক্ষাৰহে প্ৰতীক। ৰজাৰ হাতত বিশেষ একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়।
আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটাভাগত ভগাইছে:
একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ (Dictatorship): একনায়কতন্ত্ৰ হৈছে একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থা।
গণতন্ত্ৰ (Democracy): গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।
গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰতক্ষ গণতন্ত্ৰ (Direct Democracy) চলিছিল। জনসাধাৰণে প্ৰতক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। বৰ্তমানে প্ৰতক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ (Indirect Democracy) বোলে।
লীককে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰ (Constitutional monarchy) আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ (Republic) - এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় (Unitary) আৰু যুক্তৰাষ্ট্ৰীয় (Federal) এই দুই ভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় (Parliamentary) আৰু ৰাষ্ট্ৰপতীয় (Presidential) এই দুভাগত বিভক্ত কৰিছে।
ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্ৰেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয়। ইয়াৰ বিপৰীতধৰ্মী চৰকাৰখন হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰ থাকে। যুক্তৰাজ্য, ফ্ৰান্স, জাপান, ইটালী আদিৰ চৰকাৰ এককেন্দ্ৰীয়, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, ৰাছিয়া, অষ্ট্ৰেলিয়া আদিৰ চৰকাৰ যুক্তৰাষ্ট্ৰীয়।
সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই ইয়াৰ গণতান্ত্ৰিক বৈধতা বিধামণ্ডল বা সংসদৰ পৰা পায়। কাৰ্যপালিকা আৰু বিধামণ্ডল পৰস্পৰ সম্বন্ধিত হয়। এই পদ্ধতিত ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী বেলেগ বেলেগ হয় অৰ্থাৎ ই এক দ্বৈত্ব মুৰব্বী ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন প্ৰধান কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা, ৰাণী বা ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে। ইয়াৰ বিপৰীতে যি চৰকাৰত ক্ষমতাৰ পৃথক্কৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধামণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য'ত কাৰ্যপালিকা বিধানমণ্ডলে ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে।
বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি।
মানচিত্ৰসম্পাদনা কৰক
চৰকাৰৰ প্ৰকাৰ অনুসৰি পৃথিৱীৰ ৰাষ্ট্ৰসমূহ
সম্পূৰ্ণ ৰাষ্ট্ৰপতীয় গণৰাজ্য
অৰ্ধ-ৰাষ্ট্ৰপতীয় গণৰাজ্য
বিধানমণ্ডলত নিৰ্ভৰশীল কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ সৈতে সংসদীয় গণৰাজ্য
সংসদীয় গণৰাজ্য
সংসদীয় সাংবিধানিক ৰাজতন্ত্ৰ য'ত ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ নকৰে (সম্ভৱতঃ আৰক্ষিত ক্ষমতাসমূহক বাদ দি)
দ্বৈত্ব ব্যৱস্থাৰ সাংবিধানিক ৰাজতন্ত্ৰ ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ কৰে (সচৰাচৰ দুৰ্বল সংসদৰ লগত একেলগে)
পূৰ্ণ ৰাজতন্ত্ৰ
একক-দলীয় ৰাষ্ট্ৰ
যিবোৰ ৰাষ্ট্ৰত চৰকাৰৰ বাবে সাংবিধানিক বিধানসমূহ স্থগিত কৰা হৈছে (যেনে: সামৰিক স্বৈৰতন্ত্ৰ)
যিবোৰ ৰাষ্ট্ৰই ওপৰত দিয়া কোনো শ্ৰেণীত নপৰে (যেনে: অন্তৰ্বৰ্তী চৰকাৰ)
কোনো চৰকাৰ নাই
উল্লখযোগ্য যে বহুকেইখন ৰাষ্ট্ৰই নিজৰ সংবিধান অনুসৰি নিজকে বহু-দলীয় গণৰাজ্য হিচাপে গণ্য কৰে, পিছে বহিৰাগ সংস্থাই সেইবোৰক স্বৈৰতন্ত্ৰ ৰূপে বিবেচনা কৰে। এই তালিকাত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ সাংবিধানিক প্ৰকাৰটোহে দেখুওৱা হৈছে, ইয়াত গণতন্ত্ৰৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰসমূহক দেখুওৱা হোৱা নাই।
Economist Intelligence Unit-ৰ দ্বাৰা ২০১৭ চনত প্ৰকাশিত ৰাষ্ট্ৰ অনুসৰি গণতন্ত্ৰৰ সূচক[4]
পূৰ্ণ গণতন্ত্ৰ
৯–১০
৮–৯
ত্ৰুটিপূৰ্ণ গণতন্ত্ৰ
৭–৮
৬–৭
মিশ্ৰিত শাসন
৫–৬
৪–৫
স্বৈৰতান্ত্ৰিক শাসন
৩–৪
২–৩
০–২
পৃথিৱীৰ প্ৰশাসনিক অঞ্চলসমূহ
পৃথিৱীৰ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰসমূহ
এককেন্দ্ৰীয়
যুক্তৰাষ্ট্ৰীয়
তথ্য সংগ্ৰহসম্পাদনা কৰক
↑ "government" -- Dictionary.com: cites 3 separate dictionaries
↑ International Encyclopedia of the Social & Behavioral Sciences. Elsevier. 2001. ISBN 978-0-08-043076-8.
↑ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান: সমাজ বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী. ২০১৪. পৃষ্ঠা. ১৩-২১.
↑ "Democracy Index 2017 – Economist Intelligence Unit". EIU.com. http://pages.eiu.com/rs/753-RIQ-438/images/Democracy_Index_2017.pdf। আহৰণ কৰা হৈছে: 17 February 2018.<eot>কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ২০২৪ চনৰ ভিতৰত চৰকাৰে ২৬টা গ্ৰীণ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব আৰু সমগ্ৰ ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ মাজত যাতায়তৰ সময় কমাই দিব।
RelatedPosts
Data breach and masking of data
December 9, 2022
Bharat Jodo: Thinking beyond Electoral Politics
December 9, 2022