text
stringlengths
0
188k
May 22, 2022 June 9, 2022 0
সম্পাদকীয়
April 23, 2022 April 23, 2022 0
প্ৰবাসী অসমীয়াৰ মনৰ কথা
March 19, 2022 April 13, 2022 0
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে
February 17, 2022 March 26, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>যোৱা নিশা বঙাইগাঁও জিলাৰ কোকিলা বজাৰত কোকিলা আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ দেশীয়ভাৱে প্ৰস্তুত দেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে কোকিলা বজাৰত থকা ভূপেন সাহা নামৰ গেলামালৰ দোকানী জনৰ গুদামৰ পৰা জব্দ কৰে সুৰাখিনি।
আৰক্ষীয়ে ভূপেন সাহাৰ পৰা গুদামৰ ছাবি বিছাৰিছিল যদিও চাবি দিয়াত প্ৰথমতে আমান্তি হৈছিল। কিন্তু আৰক্ষী আৰু গাঁৱৰক্ষীৰ যুটীয়া তালাচী দলটোৱে ভূপেন সাহাৰ হাতেৰেই গুদামৰ তলা ভঙাই জব্দ কৰে সাত কাৰ্টুন বিলাতী সুৰা।
সাহাই অনুপম আৰু ফৰছুন তেলৰ কাৰ্টনত আটকধুনীয়াকৈ সজাই ৰাখিছিল কাৰ্টুনসমূহ।
এই অবৈধ সুৰাৰ ব্যৱসায় বহু দিনৰ পৰাই চলাই আহিছে বুলি দোকানী ভূপেন সাহাই আৰক্ষীৰ আগত স্বীকাৰ কৰে। ঘটনাস্থলীৰ পৰাই সুৰা ব্যৱসায়ী ভূপেন সাহাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় কোকিলা আৰক্ষীয়ে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল! - Factcrescendo Assamese
Skip to content
Friday, December 09, 2022
Hindi
Marathi
Malayalam
Tamil
Gujarati
Odia
English
Bangla
Sri Lanka
Myanmar
Bangladesh
Cambodia
Afghanistan
Factcrescendo Assamese
The fact behind every news!
Home
Archives
Submit For Fact-Check
Our Policies
Privacy Policy
Terms of Use
Code Of Principles
Correction & Submission Policy
Our Methodology
Disclaimer
About Us
Contact Us
Coronavirus
Search for:
FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!
International Partly-False
October 8, 2021 January 28, 2022 Manjori BorkotokyLeave a Comment on FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!
বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ উক্ত দুৰ্ঘটনাৰ হয় ।
ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা হৈছে “হজৰত মহম্মদ (ছ:) ক অপমান কৰা কাৰ্টুনিষ্টৰ দুৰ্ঘটনাত মৃত্যু,,
বৰ কষ্টকৰ মৃত্যুক সাৱটিলে লাৰ্চ ভাইকচে,,, ছুইডেনৰ ৰাজধানী চহৰৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত দুখন গাড়ীৰ মাজত সংঘটিত হোৱা এক
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল,,,”
Facebook Link | Archived Link
এই পোষ্টটোত শিল্পীৰ ছবি আৰু এখন গাড়ী দুৰ্ঘটনাৰ ছবি আছে।
অনুসন্ধানৰ পাছত ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই জানিব পাৰিছিল যে গাড়ী দুৰ্ঘটনাৰ ছবিখন প্ৰকৃততে ২০১৫ চনত নিউজিলেণ্ডত সংঘটিত এক দুৰ্ঘটনাৰ হয় আৰু শিল্পীজনৰ মৃত্যুৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কেনেকৈ পঢ়ক…
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি শিল্পীজনৰ মৃত্যুৰ বাতৰিটো সঁচা নে নাই পৰীক্ষা কৰিবলৈ প্ৰাসঙ্গিক কীৱৰ্ডৰ সৈতে এটা গুগল অনুসন্ধান চলাইছিলো। আমি ৪ অক্টোবৰ, ২০২১ তাৰিখে দ্য চান ইউকেত প্ৰকাশিত এক প্ৰতিবেদন দেখিছিলো যাৰ শিৰোনাম আছিল “পয়গম্বৰ মহম্মদৰ অংকনৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা দুটা হত্যাৰ চেষ্টাৰ পিছত ৰহস্যজনক গাড়ী দুৰ্ঘটনাত নিহত কিলাৰ স্মেছ চুইডিছ শিল্পী।”
বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ এখন গাড়ী দুৰ্ঘটনাত নিহত হৈছিল যেতিয়া তেওঁ চলাই থকা পুলিচৰ গাড়ীখন ৰাস্তাৰ ভুল দিশে গুচি গৈছিল আৰু এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল। চুইডেনৰ ক্ৰোনোবাৰ্গৰ মাৰ্কাৰিডত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। কোৱা হৈছে যে ভিল্কছে ২০০৭ চনত কুকুৰৰ শৰীৰৰ সৈতে পয়গম্বৰ মহম্মদৰ স্কেচ্ছ কৰাৰে পৰা আৰক্ষীৰ নিৰাপত্তাৰ অধীনত বাস কৰি আছিল ।
আমি অনলাইন বিচাৰিলো আৰু ওপৰৰ বাতৰিটোৰ দৰে এই ঘটনাটোৰ বিষয়ে আন বহুতো বাতৰি পঢ়ি চালোঁ কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ থকা দুৰ্ঘটনাটোৰ দৰে ছবি ক’তো বিচাৰি পোৱা নাছিলোঁ। গতিকে আমি এটা গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ চলাবলৈ সিদ্ধান্ত লৈছিলো। অনুসন্ধানটোৱে আমাক ২০১৫ চনত নিউজিলেণ্ডত সংঘটিত এটা দুৰ্ঘটনাৰ বাতৰিৰ দুটা ফলাফল দেখুৱাইছিল।
নিউজিলেণ্ডৰ ওটাগো ডেইলী টাইমছে ২৪ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে প্ৰকাশিত “দুৰ্ঘটনাৰ ফলত চতুৰ্থ ব্যক্তিৰও মৃত্যু” শীৰ্ষক এক বাতৰি প্ৰতিবেদনত একেখন ছবি প্ৰকাশ কৰিছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে নিউজিলেণ্ডত গাড়ী দুৰ্ঘটনাত চাৰিজনীয়া আমেৰিকান পৰিয়াল এটাৰ মৃত্যু হৈছিল।
Screenshot Otago Daily Times report
Otago Daily Times Link | Archived Link
আমি একেটা দুৰ্ঘটনাৰ ওপৰত আন এক বাতৰি পাইছিলো, যি ১৯ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে এনজেড হেৰাল্ডত প্ৰকাশ হৈছিল যাৰ শিৰোনাম আছিল “ট্ৰাক দুৰ্ঘটনাত নিহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিয়াল জীয়েকক নতুন ঘৰত থিতাপি লোৱাত সহায় কৰিবলৈ আহিছিল”। এই প্ৰতিবেদনখনত একেই ছবি আছে যি এতিয়া ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক গাড়ী দুৰ্ঘটনাৰ ফটো যি শেহতীয়াকৈ চুইডেনত সংঘটিত হৈছিল।
ফলাফল
ওপৰোক্ত তথ্য পৰীক্ষাৰ পৰা এইটো স্পষ্ট যে যদিও শিল্পী লাৰ্ছ ভিল্কছৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰি সঁচা, কিন্তু ভাইৰেল হৈ থকা দুৰ্ঘটনাটোৰ প্ৰতিচ্ছবি প্ৰকৃততে নিউজিলেণ্ডৰ আৰু ২০১৫ চনৰ হয় । সেয়েহে দাবীটো আংশিকভাৱে মিছা আৰু ই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক বিপথে পৰিচালিত কৰিব পাৰে।
Title:পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!
Fact Check By: Manjori Borkotoky
Result: Partly False
Tagged Fact CrescendoFact Crescendo Assameseগাড়ী দুৰ্ঘটনাফেক্ট ক্ৰেছেণ্ডো অসমীয়ালাৰ্ছ ভিল্কছ
Post navigation
FACT CHECK: লণ্ডনৰ পুৰণি ভিডিঅ’ নেডাৰলেণ্ডৰ বিদ্যালয়সমূহত গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে