text
stringlengths 0
188k
|
---|
আমাৰ সম্পর্কে |
আমাৰ পৰিচয় |
আমি কি কৰো |
আমাৰ ইতিহাস |
You can find information on Our Ministers, Key Officials, Our Vision,Mission and Functions and more details about our department here. |
যোগাযোগ কৰক |
সঘনাই সোধা প্ৰশ্ন |
মতামত জনাব |
অধিক |
Home ❯ ব্যৱহাৰৰ স্বর্তাৱলীসমূহ |
ব্যৱহাৰৰ স্বর্তাৱলীসমূহ |
এই পোৰ্টেলত উপলব্ধ তথ্যসমূহৰ শুদ্ধতাৰ ক্ষেত্ৰত যদিও সকলো ধৰণৰ যত্ন লোৱা হৈছে, এক আইনী স্বীকাৰোক্তি বা অন্য আইনী উদ্দেশ্যত ইয়াক তুলি ধৰা অনুচিত । তথ্যসমূহৰ শুদ্ধতা, সম্পূৰ্ণতা, ব্যৱহাৰযোগ্যতা আদিৰ ক্ষেত্ৰত এই কাৰ্যালয় কোনোধৰণে দায়ী নহয়। এই ৱেবচাইটত উপলব্ধ হোৱা তথ্যসমূহৰ ভিত্তিত কোনো সিদ্ধান্ত লোৱা বা কাৰ্য কৰাৰ আগেয়ে ব্যৱহাৰকাৰীসকলক সংশ্লিষ্ট চৰকাৰী বিভাগ বা অন্য সংশ্লিষ্ট উৎসৰ সতে তথ্যৰ সত্যতা নিৰীক্ষণ কৰি ল'বলৈ আৰু কোনো পেছাদাৰী ব্যক্তি বা অনুষ্ঠানৰপৰা উপদেশ ল'বৰ বাবে অনুৰোধ জনোৱা হ'ল । |
এই ৱেবচাইট ব্যৱহাৰৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'বপৰা কোনোধৰণৰ তথ্যৰ বিসংগতি, হেৰুওৱা্, ক্ষতিসাধন বা খৰছ হোৱা কোণোধৰণৰ পৰিঘটনাত এই কাৰ্যালয় দায়ী নহ'ব। |
এই ৱেবচাইটত উপলব্ধ হোৱা অন্য ৱেবচাইটৰ যোগসূত্ৰসমূহ জনসাধাৰণৰ সুবিধাৰ বাবেহে যোগান ধৰা হৈছে । সংযোগ হৈ থকা ৱেবচাইটৰ তথ্য বা সেইবোৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত এই কাৰ্যালয় কোনো প্ৰকাৰে দায়িত্বশীল নহয়। তেনে ৱেবচাইটসমূহৰ সকলো সময়তে উপলব্ধ হ'ব নে নহয় সেই বিষয়ে আমি কোনো নিশ্চয়তা দিন নোৱাৰো। |
এই পণ আৰু পৰিস্থিতিসমূহ ভাৰত চৰকাৰৰ আইন অনুসাৰে বৈধ্য হ'ব । এই পণ আৰু পৰিস্থিতিসমূহৰপৰা উদ্ভৱ হ'বপৰা যিকোননো আইনী সূত্ৰপাত একমাত্ৰ ভাৰতীয় আদালতসমূহৰ আইনী গণ্ডীৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব ।<eot>भजन एक साल में बाइबल दिन का पद्य विषय खोज बीबल्स की तुलना करें हाल ही में पढ़ें सहेजे गए मार्ग वीडियो एमएपीएस / समयसीमा / एटलस |
शुरू करने के लिए जोड़ें पादरी की सिफारिश दान करना हमसे संपर्क करें अनुप्रयोगों पवित्र बाइबिल (XML / ऑडियो) सेटिंग्स |
दाखिल करना साइन अप करें सेटिंग्स |
A A A A A |
एक साल में बाइबल |
सितंबर 10 |
ইসাইয়া 11:1-16 |
1. যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব। |
2. যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব। |
3. যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব। |
4. তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব। |
5. ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব। |
6. কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব। |
7. গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব। |
8. কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব। |
9. মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব। |
10. সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব। |
11. পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপ বোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব। |
12. তেওঁ দেশবাসীৰ বাবে এখন নিচান স্থাপন কৰিব, আৰু ইস্রায়েলৰ দেশ ত্যাগ কৰাসকল, আৰু পৃথিৱীৰ চাৰিও চকুৰ পৰা খেদি দিয়া যিহূদাৰ লোকসকলক তেওঁ একত্রিত কৰিব। |
13. তেওঁ ইফ্ৰয়িমৰ অসূয়া বন্ধ কৰিব, আৰু যিহূদাক অত্যাচাৰ কৰাসকলক উচ্ছন্ন কৰা হ’ব; ইফ্ৰয়িমে যিহুদাক অসূয়া নকৰিব, আৰু যিহূদাই ইফ্ৰয়িমক আৰু অত্যাচাৰ নকৰিব। |
14. তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব। |
15. যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব। |
16. মিচৰ দেশৰ পৰা ওলাই অহা দিনা যি দৰে ইস্ৰায়েলৰ বাবে এটি পথ হৈছিল, সেইদৰে অৱশিষ্ট থকা লোকসকলৰ বাবে অচূৰৰ পৰা এটি ৰাজপথ হ’ব। |
ইসাইয়া 12:1-6 |
1. সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে। |
2. চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।” |
3. পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা। |
4. সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। |
5. যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক। |
6. হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।” |
সামসঙ্গীত 106:6-18 |
6. আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ; আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ। |
7. মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে। |
8. তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে। |
9. তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে। |
10. এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে। |
11. জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল। |
12. তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; তেওঁৰ প্ৰশংসাৰ গান কৰিলে। |
13. কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে; |
14. কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে। |
15. তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ। |
16. তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে। |
17. পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে। |
18. তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে। |
প্রবচন 25:3-5 |
3. উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়। |
4. ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে; |
5. তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব। |
২ কৰিন্থীয়া 2:1-17 |
1. সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷ |
2. কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব? |
3. আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।। |
4. বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ। |
5. কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে। |
6. এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট। |
7. এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব। |
8. মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷ |
9. কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ। |
10. যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ; |
11. কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ। |
12. খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল, |
13. মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ। |
14. কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে। |
15. কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। |
16. যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে? |
17. কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।<eot>নলবাৰী চহৰৰ পৰা পূব প্ৰান্তৰ ২০ কিলোমিটাৰ নিলগত অৱস্থিত আমৰা গাঁৱৰ এটি চাৰিজনীয়া সদস্যৰ পৰিয়ালে বিগত ১৫-২০ দিন ধৰি কটাবলগীয়া হৈছে অনাহাৰে । এই হৃদয় বিদাৰক ঘটনা পোহৰলৈ অহাত এতিয়া সমগ্ৰ জিলা তথা অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। |
উল্লেখনীয় যে গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত অৱস্থাত ষ্ট্ৰোক হৈ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা মুৰব্বী বীৰেন চক্ৰৱৰ্তী নামৰ লোকজন যোৱা দুবছৰ ধৰি শয্যাশায়ী হৈ থকাত এতিয়া আহুকালৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত। |
মন কৰিবলগীয়া যে পৰিয়ালটোৰ মুৰব্বীজনৰ পত্নীয়েও দুৰাৰোগ্য ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ উপৰি তেওঁলোকৰ পুত্ৰ সন্তান ব্ৰজেন চক্ৰৱৰ্তীও যোৱা ন বছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ নামত সকলো শেষ সা-সম্পত্তি। |
চিকিৎসালয়ৰ বিছনা আৰু ঘৰত পিতৃ-মাতৃয়ে মৃত্যুৰে যুঁজি থকাৰ মাজতে পুত্ৰ ব্ৰজেনে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ হয়। এই খবৰ লাভ কৰাত স্থানীয় বিধায়ক অশোক শৰ্মাই ছাত্ৰগৰাকীৰ নামভৰ্তীৰ বাবে ৫ হেজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছিল। কিন্তু ইয়াৰ পাছত পৰিয়ালটোৰ দুৰ্বিষহ জীৱন চাবলৈ কোনো ৰাজনৈতিক নেতাৰে আগমন নঘটিল। |
উল্লেখ্য যে যোৱা দুটা বছৰে ওচৰ চুবুৰীয়াই পৰিয়ালটোৰ চিকিৎসাৰ নামত কিছু পৰিমানে আৰ্থিক সাহায্য আগবঢ়াই আহিছিল যদিও এতিয়া সকলো নিৰুপায়। পিতৃ-মাতৃ আৰু ভাতৃক এৰি এতিয়া কলৈকে যাব নোৱাৰে একমাত্ৰ কন্যা নৱনীতা চক্ৰৱৰ্তীয়েও। |
নলবাৰী মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰী নৱনীতাই বন্ধ কৰি দিছে কলেজলৈ যোৱা। অৰ্থ উপাৰ্জনৰ নাই কোনো পথ। সেয়ে যোৱা প্ৰায় ১৫-২০ দিন ধৰি পৰিয়ালটোৱে কটাবলগীয়া হৈছে অনাহাৰে। |
জানিব পৰা মতে ওচৰ-চুবুৰীয়াই চাহ-ভাত দিলে পৰিয়ালটোৱে খাবলৈ পায় নহ’লে অনাহাৰে কটায় নিশা। এনে এক হৃদয় বিদাৰক ঘটনাৰ বলি হোৱা পৰিয়ালটোৰ একমাত্ৰ সুস্থ সদস্যা তথা কন্যা নৱনীতাই এতিয়া জীয়াই থকাৰ তাড়নাত চৰকাৰ তথা সদাশয় লোকৰ ওচৰত সহায়ৰ ভিক্ষা মাগিছে। |
ইয়াৰ উপৰি ওচৰ চুবুৰীয়াইও পৰিৱৰ্তন কামী চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে উক্ত পৰিয়ালটোক সহায় আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে। |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আজি ঘোষণা কৰা ২০২১ বৰ্ষৰ আইচিচি মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে ভাৰতীয় তাৰকা খেলুৱৈ স্মৃতি মান্ধানাক। |
বৰ্ষটোত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ প্ৰদৰ্শন উন্নত নহ’লেও ব্যক্তিগতভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল মান্ধানাই। |
২৫ বৰ্ষীয় বাঁওহতীয়া তাৰকা বেটাৰ গৰাকীয়ে ২০২১ বৰ্ষত এটা শতক আৰু পাঁচটা অৰ্ধশতকৰ সৈতে ৩৮.৮৬ গড়ে ২২ খন আন্তঃৰাষ্ট্ৰীয় খেলত ৮৫৫ ৰাণ সংগ্ৰহ কৰিছিল। |
বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ ৰাচেল হেইহো ফ্লিণ্ট ট্ৰফীৰ দৌৰত মান্ধানাৰ প্ৰতিদ্বন্দী হিচাপে আছিল ইংলেণ্ডৰ টেমি বিউমন্ট, দক্ষিণ আফ্ৰিকাৰ লিজেল লী আৰু আয়াৰলেণ্ডৰ গেবি লুইছ। |
A year to remember 🤩 |
Smriti Mandhana’s quality at the top of the order was on full display in 2021 🏏 |
More on her exploits 👉 https://t.co/QI8Blxf0O5 pic.twitter.com/3jRjuzIxiT |
— ICC (@ICC) January 24, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.