text
stringlengths
0
188k
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
সম্পাদকীয়
October 24, 2022 October 24, 2022 0
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা
September 18, 2022 September 19, 2022 0
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি
August 21, 2022 August 21, 2022 0
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
July 18, 2022 July 23, 2022 0
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা
June 16, 2022 June 16, 2022 0
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত
May 22, 2022 June 9, 2022 0
সম্পাদকীয়
April 23, 2022 April 23, 2022 0
প্ৰবাসী অসমীয়াৰ মনৰ কথা
March 19, 2022 April 13, 2022 0
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে
February 17, 2022 March 26, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব।
আকুপাংচাৰ
সৰলীকৃত চীনা লিপি
针灸
প্ৰতিলিপি
আকুপাংচাৰ হ’ল ধাতুৰ মিহি বেজীৰে মানুহৰ শৰীৰৰ বিশেষ কিছুমান ঠাইত বিন্ধি কৰা এবিধ চিকিৎসা। ই মূলতে: লেটিন ভাষাৰ শব্দ; ‘আকু’ মানে বেজী আৰু পাংচাৰ মানে হ’ল ফুটুৱা।
ইতিহাস[সম্পাদনা কৰক]
আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভাৱন হৈছিল চীনত। খ্ৰীষ্টজন্মৰ ২৮০০ বছৰ আগতে ৰচিত ‘ইয়েলো ইম্পেৰছ ক্লাছিক অৱ্ ইন্টাৰনেল মেডিচিন’ নামৰ গ্ৰন্থখনিত আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ বিশদ বিৱৰণ পোৱা যায়। এইখন গ্ৰন্থক চিকিৎসা বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থ বুলিও আখ্যা দিয়া হয়। চীনা সম্ৰাট ফু চিয়েও আকুপাংচাৰ সম্পৰ্কীয় এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থখনৰ নাম আছিল ‘আই চিং’। বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে যে প্ৰস্তৰ যুগতো আকুপাংচাৰৰ দৰে এবিধ চিকিৎসা পদ্ধতিৰ প্ৰচলন আছিল। তাত অৱশ্যে বৰ্তমানৰ দৰে ধাতুৰ মিহি বেজী ব্যৱহাৰ কৰাৰ সলনি হাঢ় আৰু পাথৰৰ বেজী ব্যৱহাৰ কৰা হৈছিল।
আকুপাংচাৰৰ প্ৰসংগত পিয়েন চুয়ে নামৰ এজন বিখ্যাত চীনা চিকিৎসকৰ উল্লেখ পোৱা যায়। খ্ৰীষ্টপূৰ্ব একাদশ শতিকাত এই চিকিৎসকজনে চীন দেশৰ কুও ৰাজ্যৰ ৰাজকুমাৰৰ আকুপাংচাৰ পদ্ধতিৰে চিকিৎসা কৰি তেওঁক সুস্থ কৰি তুলিছিল। চীন দেশৰ থাং ৰাজবংশৰ আমোলত (৬১৮-৯০৭ খ্ৰীষ্টাব্দ) আকুপাংচাৰ শিক্ষাৰ বাবে কলেজো প্ৰতিষ্ঠা কৰা হৈছিল। কোনো কোনোৰ মতে আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ ভাৰতবৰ্ষত। আজিৰ পৰা ২০০০ বছৰ আগেয়েই ভাৰতত আকুপাংচাৰ সম্পৰ্কীয় এখন সংস্কৃত গ্ৰন্থও লিখা হৈছিল। সম্প্ৰতি এইখন গ্ৰন্থ শ্ৰীলংকাৰ কলম্বোৰ নেচনেল মিউজিয়ামত সংৰক্ষিত হৈ আছে। কিন্তু ভাৰতত প্ৰকৃততে আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ হৈছিল নে নাই তাৰ কোনো প্ৰামাণিক তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
↑ কোনে কেতিয়া ক'ত কেনেকৈ কি আৱিষ্কাৰ কৰিছিল, শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন,২০০১
লগতে পঢ়ক[সম্পাদনা কৰক]
Deadman, P.; Baker, K; Al-Khafaji, M. (2007). A Manual of Acupuncture. Journal of Chinese Medicine Publications. ISBN 0951054651.
Jin, G.; Jin, J.X.; Jin, L.L. (2006). Contemporary Medical Acupuncture – A Systems Approach. Springer. ISBN 7040192578.
Ulett GA (2002). "Acupuncture". In Shermer M. Acupuncture. ABC-CLIO. pp. 283–. ISBN 978-1-57607-653-8. http://books.google.com/books?id=Gr4snwg7iaEC&pg=PA283.
William FW, ed (2013). "Acupuncture". Acupuncture. Routledge. pp. 31–. ISBN 978-1-135-95522-9. http://books.google.com/books?id=vH1EAgAAQBAJ&pg=PT31.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Acupuncture সম্পৰ্কীয় মিডিয়া ফাইল।
Acupuncture বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
"https://as.wikipedia.org/w/index.php?title=আকুপাংচাৰ&oldid=169055"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
পোখালি
বিকল্প চিকিৎসা
অদৃশ্য শ্ৰেণী:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ১৪ জুলাই, ২০১৭ তাৰিখে ১৪:২৪ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাক অসন্মান কৰি নাগৰিকত্ব বিধেয়কৰ প্ৰতি সমৰ্থন অব্যাহত ৰখা শাসক দল বিজেপিৰ বিৰুদ্ধে অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱস্থান ল’ব আছুৱে।
বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে আছু আৰু ২৮টা সংগঠনে শনিবাৰে ৰাজ্যজুৰি কৰা প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত সংগঠনটোৰ এই স্থিতি ঘোষণা কৰিছে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল গগৈয়ে।
“আমি আসন্ন পঞ্চায়ত নিৰ্বাচনত তেওঁলোকক উচিত শিক্ষা দিম, কাৰণ তেওঁলোকে অসমীয়া মানুহৰ আৱেগৰ সৈতে খেলা কৰিছে। আমি নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবী জনাইছো, কাৰণ বিধেয়কখন অসমীয়া-বিৰোধী,” ডিব্ৰুগড়ত আছুসহ সংগঠনকেইটাৰ ঐক্যবদ্ধ প্ৰতিবাদত এই ঘোষণা গগৈৰ। হিন্দু বাংলাদেশীক অসমলৈ অনাৰ বাবে চৰকাৰৰ পৰিকল্পনা ‘অসহ্যকৰ’ বুলিও মন্তব্য কৰিছে আছু নেতাগৰাকীয়ে।
যোৱা ৮ নৱেম্বৰত ‘জাতিধ্বংসী’ বিধেয়ক বিৰোধিতাত বিশাল প্ৰতিবাদেৰে ৰাজধানী দিচপুৰ কঁপাই তোলাৰ পিছত শনিবাৰে অসমৰ প্ৰত্যেক জিলা সদৰতে বিক্ষোভ প্ৰদৰ্শন কৰে আছুকে ধৰি সংগঠনকেইটা।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বিধেয়কৰ প্ৰতি ‘সদৰ্থক’ মত থকা বুলি জনাজাত বৰাক উপত্যকাৰ প্ৰত্যেক জিলা সদৰতো শনিবাৰে আছু আৰু সংগঠনকেইটাৰ আহ্বানত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ হোৱাটো অত্যন্ত তাৎপৰ্য্যপূৰ্ণ।
বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত শনিবাৰে আছু-২৮টা সংগঠনৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।
অসমৰ সাৰ্বজনীন (popular) জনমতৰ পক্ষত অৱস্থান লৈ অহা আছুৰ এই স্থিতিয়ে নিৰ্বাচনত নিঃসন্দেহে শ’লঠেকত পেলাব শাসকীয় দলটোক। ৰাজ্যৰ ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বদায়ী হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ ঐক্যমঞ্চ নেছ’ৰো অন্যতম উদ্যোক্তা আছু।
যোৱা বিধান সভা নিৰ্বাচনত ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে ব্যাপক অধিষ্ঠানবিৰোধী ঢৌৰ পিছতো সংখ্যাগৰিষ্ঠ ভোট লাভ কৰা কংগ্ৰেছক বাদ দিলেও অত্যন্ত প্ৰভাৱশালী ‘অৰাজনৈতিক’ দল-সংগঠনসমূহৰ এই স্থিতিয়েই পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে প্ৰধান প্ৰত্যাহ্বান হ’ব শাসকীয় বিজেপিৰ বাবে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰায় ৭০টাকৈ সংগঠনে ইতিমধ্যে বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ ‘সংকল্প’ ঘোষণা কৰিছে।
আক্ৰাছু, প্ৰাক্তন আলফা ঐক্যমঞ্চ, চিলাৰায় সেনা, আছা, আমছু, সদৌ চাওতালী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থাকে ধৰি ১৪টা সংগঠনেও শনিবাৰে বিধেয়কৰ বিৰুদ্ধে কোকৰাঝাৰ প্ৰে’ছ ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে।
Recent News
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত যোৱানিশা এটা সাতজনীয়া ডকাইতৰ দলে ট্ৰাকৰ পৰা বৈধ বিলাতী সুৰা লুট-পাত কৰাৰ প্ৰচেষ্টা চলায় ৷ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দল উপস্থিত হৈ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত ডকাইত দুটা ক্ৰমে বিজনীৰ বাটাবাৰীৰ মামদ ফুলচান আলী(৩২) আৰু মোনাকোচাৰ ৰিয়াজ আহমেদ(২৬)। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখে বিলাতী সুৰা কঢ়িওৱা WB 51C 4956 নম্বৰৰ ট্ৰাকখনক ডকাইতৰ দলটোৱে বৰপেটাৰ পৰা অনুসৰণ কৰে। ট্ৰাকখনৰ চালকে ভয়তে ডাঙাইগাঁওস্থিত ভাই ভাই ধাবাত ৰখাই দিয়ে ট্ৰাকখন।
ইয়াৰ পিছতো ডকাইতৰ দলটোৱে ট্ৰাকখনৰ কাগজ-পাতি, সামগ্ৰীৰ চালান কাঢ়ি লৈ পেলাই দিয়ে আৰু বিলাতী সুৰাসমূহ লুট কৰাৰ চেষ্টা চলায়। কোনো লোকে বিজনী থানাৰ আৰক্ষীক এই বিষয়ে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 01EH 9896 নম্বৰৰ এখন এল্টো গাড়ী, নম্বৰ প্লেটবিহীন এখন টিভিএছ আপাছি বাইকসহ দুজন ডকাইতক গ্ৰেপ্তাৰ কৰে ৷
অৱশ্য দলটোৰ আন পাঁচজন পলাই সাৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলাতক ডকাইতকেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
Tags:
অসম
Facebook