text
stringlengths
0
188k
যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ
যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ
সুখবৰ
By admin Last updated Sep 9, 2022
0 65
Share
সমগ্ৰ অসমবাসীৰ লগতে মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। দলংখনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান U.P.State Bridge Corporation Limited-ৰ সৈতে আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক কৰে ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। ৯২৫.৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান দলংখনৰ দৈৰ্ঘ্য হব ৮.০২৫ কিলোমিটাৰ। বৈঠকখনত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কামৰ অগ্ৰগতি মন্ত্ৰী নেওগক অৱগত কৰাৰ লগতে কিছু ক্ষেত্ৰত চৰকাৰৰ আৰু সহযোগিতা বিচাৰে। মন্ত্ৰী নেওগেও প্ৰতিষ্ঠানটোৰ কাম-কাজ খৰতকীয়া কৰাৰ লগতে তেওঁলোকৰ অনুৰোধসমূহ শীঘ্ৰে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
ইফালে, বিত্তমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাটত নিৰ্মাণ হবলগীয়া গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰী সংস্থা ‘Larsen & Turbo Construction Building & Factories’ ৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৬৩১.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া চিকিৎসা মহাবিদ্যালয়খন নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
আজিৰ দিনৰ বিয়লি ৪ বজাৰ পৰা বিত্তমন্ত্ৰী অজন্তা নেওগ ৰাজ্যৰ জ্যেষ্ঠ কৰ আৰু চৰকাৰী নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।
0 65
Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail
admin 6345 posts 25 comments
Prev Post
ভূপেনদাৰ অমৃত সোঁৱৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক জীৱন যুঁজত আগুৱাই যোৱাত প্ৰেৰণা যোগায়- সুধাকণ্ঠ ড০ভূপেন হাজৰিকা সমন্বয় বঁটা অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া<eot>Lionel Messi: কাটাৰেই শেষ, আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ, বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছিয়ে
by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 9:29 am
103
VIEWS
Share on FacebookShare on Twitter
Lionel Messi says the 2022 World Cup in Qatar কাটাৰ বিশ্বকাপেই হ’ব শেষ বিশ্বকাপ। তাৰ পিছত লিঅ’নেল মেছিক আৰু বিশ্বকাপত দেখা নাযাব। বাওঁ ভৰিৰ যাদুকৰজনে নিজেই তেওঁৰ ভৱিষ্যতৰ বিষয়ে জনাই দিছে। এই বাতৰি সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে।
মেছিয়ে কৈছে, “এইটো (কাটাৰ বিশ্বকাপ) মোৰ অন্তিম বিশ্বকাপ। সিদ্ধান্তটো লোৱা হৈ গৈছে।‘’ অৱশ্যে, বিশ্ব ফুটবলৰ ৰাজকুমাৰক পেৰিছ ছেইণ্ট জাৰ্মেইন বা বাৰ্চিলোনাৰ জাৰ্চীত খেলি থকা দেখা যাব নে নাই সেয়া তেওঁ স্পষ্ট কৰা নাই। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে ২০২৩ চনত সেই বিষয়ে সিদ্ধান্ত ল’ব।
আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনে সিদ্ধান্ত লৈছে যে কাটাৰত অনুষ্ঠিত বিশ্বকাপত ফুটবলাৰসকলে ডিয়েগো মাৰাডোনাৰ ছবি পকেটত ৰাখিব। মেক্সিকো বিশ্বকাপৰ মহান নায়কক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
ইপিনে, কাটাৰ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে মাৰাডোনাৰ যোগ্য শিষ্য মেছিয়ে কয় যে এই বিশ্বকাপ তেওঁৰ অন্তিম বিশ্বকাপ হ’বলৈ গৈ আছে। যিহেতু এইটো মেছিৰ অন্তিম বিশ্বকাপ হ’বলৈ গৈ আছে, সেয়ে তেওঁৰ অনুৰাগীসকলে ইতিমধ্যে ক’বলৈ আৰম্ভ কৰিছে, “কাপটো ঘৰলৈ আনিবই লাগিব।”
আৰ্জেণ্টিনাই শেষবাৰৰ বাবে ১৯৮৬ চনত বিশ্বকাপ জিকিছিল। তাৰ পিছত, আলেচেন্দ্ৰো চাবেইৰাৰ প্ৰশিক্ষণত নীলা-বগা জাৰ্চী ধাৰী দলটোৱে ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল। কিন্তু মেছিৰ সপোন সেইবাৰ জাৰ্মানীয়ে ভাঙি পেলাইছিল। চাৰি বছৰৰ পিছত ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত ফ্ৰান্সৰ হাতত বিধ্বস্ত হৈ মেছিৰ আৰ্জেণ্টিনাই মেগা টুৰ্ণামেণ্ট এৰিব লগা হৈছিল।
বহুলোকে মেছিৰ বিষয়ে অভিযোগ কৰে যে তেওঁ ক্লাবৰ জাৰ্চীত অধিক সফল। ক্লাব ফুটবলত তেওঁ শ্ৰেষ্ঠসকলৰ ভিতৰত শ্ৰেষ্ঠ কিন্তু ৰাষ্ট্ৰীয় দলৰ হৈ এলএম ১০ সৰ্বশ্ৰেষ্ঠ ছন্দত উজলি উঠা নাই। এটা ডাঙৰ ট্ৰফী জিকিব পৰা নাই। কিন্তু ক্লাব পৰ্যায়ত সাতটা বেলন ডি’ অৰ জিকিছে। মেছিয়ে তেওঁৰ কেৰিয়াৰৰ শেষত উপনীত হৈ কোপা আমেৰিকা জিকিছে। তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকলে মেছিকলৈ সপোন দেখিবলৈ আৰম্ভ কৰিছে। এতিয়াৰ পৰা অনুৰাগীসকলে আশা কৰিছে যে মেছিয়ে কাটাৰ বিশ্বকাপতেই সেই আকাংক্ষিত বিশ্বকাপ জিকিব। আশা মেছিয়ে কাপ জিকিয়েই বিশ্বকাপ সমাপ্ত কৰিব।
মেছিৰ বয়স বৰ্তমান ৩৫ বছৰ। পৰৱৰ্তী বিশ্বকাপৰ সময়ত তেওঁ প্ৰায় চল্লিশ স্পৰ্শ কৰিব। চল্লিশ বছৰ বয়সত মেছিয়ে চিনাকি ছন্দত বিশ্বকাপ খেলাটো সম্ভৱ নহয়। সকলোৱে বহু আগতেই ধৰি লৈছিল যে কাটাৰ বিশ্বকাপেই মেছিৰ অন্তিম বিশ্বকাপ হ’ব। এতিয়া এটা কথা নিশ্চিতকৈ ক’ব পাৰি যে কাটাৰ বিশ্বকাপত সকলোৰে মধ্যমনি হৈ থাকিব লিঅ’নেল মেছি।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নৰেন্দ্ৰ মোডীৰ দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭২ টকাৰ পৰা ১১২ টকা পালেগৈ, চৰকাৰক প্ৰশংসা কৰাৰ কোনো প্ৰয়োজন নাইঃ বিধায়ক অখিল গগৈ
by Rajarshi Saharia May 22, 2022 May 22, 2022
Share this:
নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। পেট্ৰ’লৰ প্ৰতিলিটাৰত মূল্য ৯ টকা আৰু ডিজেলত ৭ টকা হ্ৰাস কৰাৰ বাবে চৰকাৰক প্ৰশংসা কৰাৰ কোনো প্ৰয়োজন নাই বুলি ক’লে অখিল গগৈয়ে।
সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয়-”পেট্ৰ’ল-ডিজেলৰ দাম নৰেন্দ্ৰ মোডীৰ দিনত ৭২ টকাৰ পৰা ১১২ টকা পালেগৈ। যেতিয়া ৭২ টকা পেট্ৰ’লৰ দাম আছিল, তেতিয়া এক বেৰেল খাৰুৱা তেলৰ দাম আন্তৰাষ্ট্ৰীয় বজাৰত আছিল ১৩৭ ডলাৰ। আজিৰ দিনটোত এক বেৰেল খাৰুৱা তেলৰ দাম ১০৫ ডলাৰ। ১০৫ ডলাৰ এক বেৰেলত হওঁতে আজি পেট্ৰ’লৰ দাম ১১২ টকা আৰু ১৩৭ ডলাৰ হৈ থাকোতে পেট্ৰ’লৰ দাম আছিল ৭২ টকা। গতিকে ৭২ টকাৰ পৰা ১১২ টকা কৰি তাৰ ৯ টকা যদি কমাই দিয়ে তেন্তে সেই সন্দৰ্ভত প্ৰশংসা নিশ্চয় কৰিব নালাগে।”
লগতে তেওঁ কয়- ”চৰকাৰে জনগণৰ ওপৰত ব্যাপক ৰূপত মূল্যবৃদ্ধি ঘটাইছে। নৰেন্দ্ৰ মোডী শাসনলৈ আহোতে এটা গেচ চিলিণ্ডাৰৰ দাম আছিল ৪৪১ টকা আছিল। তাৰে ২৫০ টকা ৰাজসাহায্য পাইছিলো। অৰ্থাৎ এটা গেচ চিলিণ্ডাৰৰ দাম আছিল কেৱল ২০০ টকা। আজিৰ দিনটোত এটা গেচ চিলিণ্ডাৰ ঘৰত আহিবলৈ ১১০০ টকা লাগে। দাম ১০৫৫টকা। যিটো গেচ চিলিণ্ডাৰ আমি ২০০ টকাত ক্ৰয় কৰিছিলো, সেই গেচ চিলিণ্ডাৰটো আজি ১১০০ টকাত কিনিছো। আৰু চৰকাৰী ৰাজসাহায্য নাই। কেন্দ্ৰীয় চৰকাৰে, নৰেন্দ্ৰ মোডী চৰকাৰ বাধ্য হৈ আবকাৰী শুল্কৰ ৮ টকা বা ৯টকা কমাইছে। তাক লৈ চৰকাৰক প্ৰশংসা কৰাৰ প্ৰয়োজন নাই। অতি সোনকালে পেট্ৰ’ল-ডিজেলৰ মূল্য জিএছটিৰ অন্তৰ্গত কৰি পূৰ্বৰ ৭২ টকালৈ ঘূৰাই অনাৰ বাবে আমি দাবী উত্থাপন কৰিম।”
Related
পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৪০পইচাকৈ হ্ৰাস
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্যঃগুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৩.৪৬ টকা
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,588 other subscribers
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
বিশ্বৰ আটাইতকৈ দীঘল ছাস্পেনছন দলংঃ এঘন্টাৰ পৰিৱৰ্তে মাত্ৰ ৬ মিনিটতে হ'ব পাৰিব পাৰ
মেচ: ইংলেণ্ড (৩) বনাম ৱেল্‌ছ (০): বিশ্বকাপৰ Tactical Analysis
শিলচৰত আজি প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ কেবিনেট বৈঠক
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) - বিশ্বকাপৰ Tactical Analysis
Latest News
নুমলীগড় শোধনাগাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ November 30, 2022
নগাঁৱত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; তিনিজনক আটক November 30, 2022
মেচ: ইংলেণ্ড (৩) বনাম ৱেল্‌ছ (০): বিশ্বকাপৰ Tactical Analysis November 30, 2022
মৰাণ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ২২ ছাত্ৰক বহিষ্কাৰ November 30, 2022
ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ চাঞ্চল্যকৰ অভিযোগ November 30, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত লতিবাৰীৰ মাজগাড়ী আৰু সৰু বালিসিহা গাৱঁত এছ এছ বি আৰু বন বিভাগে অভিযান চলাই আজি ২ জুলাইত দুটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰে।
জব্দকৃত মিলৰ মেচিন, জেনেৰেটৰ আৰু কাঠৰ কুন্ডাখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷
কিন্তু মিল দুটাৰ এজনো কৰ্মচাৰীক কৰিব নোৱাৰিলে অভিযানকাৰী দলে।
এচ এচ বিৰ ২৪ নং বেটেলিয়নৰ সহযোগত তামুলপুৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন বিষয়া ফুকন চন্দ্ৰ ডেকাৰ নেতৃত্বত দিনৰ ভাগত অভিযানটো চলোৱা হৈছিল।
ভৱিষ্যতেও এনে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে চোৰাং কাঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে বন বিভাগে।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>2A mailman mailing list to discuss matters related to Assamese Wikipedia, as an authentic discussion forum
A mailman mailing list to discuss matters related to Assamese Wikipedia, as an authentic discussion forum উপ-অনুচ্ছেদ টগ'ল কৰক
2.1Discussion
2.2Your opinion
2.3তথ্যসুৰক্ষা
2.4লিষ্ট মুকলি কৰিব পাৰি
3প্ৰবন্ধ শীৰ্ষত বানানৰ সমস্যা সম্পৰ্কে এটা প্ৰস্তাৱ
4নতুন প্ৰবন্ধ
নতুন প্ৰবন্ধ উপ-অনুচ্ছেদ টগ'ল কৰক
4.1আলোচনাৰ সাৰাংশ
5প্ৰৱন্ধৰ আৰম্ভণি সম্পৰ্কে
6ৱিকিপ্ৰকল্পসমূহৰ নাম
সূচীপত্ৰ টগ'ল কৰক
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/1
ভাষা যোগ কৰক
লিংক যোগ কৰক
প্ৰকল্প পৃষ্ঠা
আলোচনা