text
stringlengths
0
188k
June 16, 2022 June 16, 2022 0
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত
May 22, 2022 June 9, 2022 0
সম্পাদকীয়
April 23, 2022 April 23, 2022 0
প্ৰবাসী অসমীয়াৰ মনৰ কথা
March 19, 2022 April 13, 2022 0
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে
February 17, 2022 March 26, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বৰ্তমান বাণিজ্যিক বিশ্বৰ লোভনীয় হাত বাউলিক বিদায় দি আই আই টি খড়গপুৰৰ এগৰাকী স্নাতকে শিক্ষাৰ পোহৰ বিলাবলৈ আহি উপস্থিত হৈছে অসমৰ দুৰ্গম অঞ্চল মাজুলীত। ছিংগাপুৰৰ এটা বহুজাতিক কোম্পানীৰ আকৰ্ষণীয় চাকৰি বাদ দি তেওঁ দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলক সেৱা আগবঢ়াবলৈ অসমলৈ আহিছে।
মহাৰাষ্ট্ৰৰ ছাটাৰাৰ বিপিন ধানে ২০১৫ চনৰ অক্টোবৰত লোভনীয় চাকৰি ত্যাগ কৰি তেওঁৰ সপোন লৈ মাজুলীলৈ আহে। তেওঁ এতিয়া কুলামু গাঁৱৰ পিছপৰা মিচিং সম্প্ৰদায়ৰ শিশুসকলৰ বাবে হামিংবাৰ্ড স্কুল নামৰ এখন সহ পাঠ্যক্ৰমৰ বিদ্যালয় চলাই আছে।
বৰ্তমান পঞ্চম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত মুঠতে ২৪০জন ছাত্ৰ-ছাত্ৰী আছে। বৰ্তমানলৈ বিদ্যালয়খন কোনো শিক্ষা পৰিষদৰ অধীনতলৈ যোৱা নাই। তদুপৰি, শিশুসকলক নিৰ্দিষ্ট পাঠক্ৰমতে আবদ্ধ কৰি ৰখাৰ বিপৰীতে স্থানীয় বিষয়ৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়।
জীৱন সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ শিক্ষা তথা কৃষি বিষয়ক শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। শিশুসকলে যাতে অতিৰিক্ত পাঠ্যক্ৰম (খেল-ধেমালিকে ধৰি অন্যান্য জীৱনাদীপ্ত ক্ৰীড়াসমূহ আৰু সৃষ্টিমূলক কাম)ৰ অনুশীলন কোনো কাৰণতে পাহৰি নাযায় তালৈ ধানে অত্যন্ত খেয়াল ৰাখে।
বিদ্যালয়খনে নিজেই ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ সমস্ত খৰচ বহন কৰে। শিশুসকলৰ মনোযোগ ধৰি ৰখাৰ বাবে সকলো পৰ্যায়তে আকৰ্ষণীয় শিক্ষণ পদ্ধতিৰ প্ৰয়োগ কৰা হয়।
উল্লেখযোগ্য যে বিদ্যালয়খন সুকলমে পৰিচালনাৰ বাবে স্থানীয় সম্প্ৰদায়টোৱে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সম্প্ৰদায়টোৰ মাজৰ পৰাই শিক্ষক নিৰ্বাচন কৰাৰ লগতে বিদ্যালয়খনৰ ভূমি দান কৰাকে আদি কৰি ঘৰ সজাসৈকে সকলো কামতে তেওঁলোকে যোগাইছে অনবদ্য অৰিহনা।
আই আই টিৰ স্নাতক ডিগ্ৰীধাৰী উচ্চ শিক্ষিত বিপিন ধানে এনে এটা কাম বাচি লৈছে য’ত অৰ্থকৰী চিন্তাৰ অৱকাশ নাই, আছে মাথোঁ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাৰ মানসিক তাড়না।
Recent News
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনতা ভৱনত ( (Janata Bhawan) লোক নির্মাণ (গৃহ) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন মূলধন আন্তঃগাঁথনি প্ৰকল্প সম্পর্কীয় এক দীঘলীয়া বিস্তৃত পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে (CM review meeting with senior officials of the Public Works (Housing) Department)।
এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত কেইটা হ'ল ক্ৰমে:
১) প্ৰকল্পসমূহৰ দক্ষ আৰু দ্ৰুত কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে বিভাগটোৰ ৩৭টা সংমণ্ডলক শক্তিশালী কৰা আৰু ইয়াৰ অংশ হিচাপে প্ৰতিটো সংমণ্ডলত ব্যক্তিগত আর্কিটেক্টক সুবিধা প্রদানেৰে নতুন আর্কিটেক্ট পদ সৃষ্টি কৰা ।
২) প্ৰতিটো সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক অতিৰিক্ত কার্যবাহী অভিযন্তা আৰু অতিৰিক্ত অভিযন্তাৰ সহায়ত গাঁঠনিগত ডিজাইন অনুমোদনৰ ক্ষমতা প্ৰদান কৰা হ'ব । এই উদ্দেশ্যত লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) আয়ুক্তই অভিযন্তাসকলৰ বাবে এক ৰিফ্ৰেচাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব ।
৩) অতি প্ৰত্যাহ্বানজনক গাঁথনিগত ডিজাইনৰ ক্ষেত্রত প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলৰ বিশেষজ্ঞ সেৱাসমূহো গ্রহণ কৰা হ’ব ।
৪) প্ৰকল্পৰ সময়মতে সম্পূর্ণকৰণ নিশ্চিত কৰাৰ বাবে পৰ্যবেক্ষণ কৰাটো মুখ্য অভিযন্তা আৰু অধীক্ষক অভিযন্তাসকলৰ ভূমিকা হ'ব ।
৫) সকলো সংমণ্ডল আৰু উপ-সংমণ্ডল কাৰ্যক্ষমতা বৃদ্ধিৰ হেতু দ্ৰুত পদোন্নতি আৰু নিযুক্তি কৰা হ'ব ।
৬) ৫০ কোটি টকাৰ ওপৰৰ সকলো প্ৰকল্প পি এম চিৰ জৰিয়তে সম্পাদন কৰা হ'ব ।
বুধবাৰৰ বৈঠকত মুখ্যমন্ত্রীয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়, সমন্বিত উপায়ুক্ত কাৰ্যালয়, চৰকাৰী মহাবিদ্যালয়, আদর্শ মহিলা মহাবিদ্যালয়, নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অসম ভৱন আৰু অসম গৃহ, জনতা ভৱনত মুখ্যমন্ত্রী ব্লক, বিধানসভা ভৱন আৰু একত্ৰিত সঞ্চালকালয়ৰ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পর্কেও বুজ লয় । লগতে চাহ বাগিচাত নিৰ্মাণ কৰা ৮৪খন আদর্শ হাইস্কুল এপ্ৰিলৰ মাজভাগত উদ্বোধন কৰা হ'ব বুলিও ঘোষণা কৰে ।
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>“নাই, নোৱাৰোঁ মই একো লিখিবলৈ। চাল্লা, ডিমাগটো আজিকালি মোৰ একেবাৰে খালী হৈ গ’ল – খালী…” বটলটোৰ শেষকণ পানীয় সন্মুখত থকা গিলাচ তিনিটাত অলপ অলপ কৈ বাকি দি খালী বটলটো জোকাৰি স্বপ্ননীলে ক’লে।
মদ, চিগাৰেট আৰু ভাঙৰ নিচাই এতিয়াও তাৰ মন আৰু মগজুটো ভাৰশূন্য কৰিব পৰা নাই। অবাধ্য কলিজাটোৰ ধপধপনিটো বাঢ়িছেহে তাৰ। কি কৰিব সি? আজিকালি সি হাঁহিব খুজিও হাঁহিব নোৱাৰে – কান্দিবৰ বাবেও কাৰণ বিচাৰি নাপায়। তাৰ দুচকুত সপোনৰ ভৰ অথচ চকুৰ পতা জাপ খোৱাবলৈও ভয়!
পায়েঙৰ কিন্তু নিচা অলপ লাগিছিল। ক’ৰপৰা জানো গোটাইছিল স্বপ্লনীলটোৱে এই ছাঁই মদসোপা। বুকুখনত চোন তাৰ সোপা মাৰি ধৰা যেন লাগিছে। পুৰা গাহৰিৰ মঙহ এটুকুৰা প্লেটখনৰ পৰা লৈ পায়েঙে ক’লে, “চাল্লা এই ধুনীয়া ছোৱালীবোৰে আমাৰ দৰে কম উপার্জন কৰা ল’ৰাৰ লগত বিয়া পাতিবলৈ নিবিচাৰে – আমাৰ আবেগবোৰক লৈ খেলা কৰিবলৈ হে বিচাৰে। প্রেম প্রেম খেলা। হুহ .. দুনিয়াৰ চব ধুনীয়া ছোৱালীৰ মুখত বগৰীৰ গুটিৰ দৰে শালমইনা উঠক – সিহঁতৰ গেলা কলিজাখনৰ দৰে মুখখনো গেলি যাওক।”
“এইজনী কেই নম্বৰ অ পায়েং ?” – স্বপ্ননীলে ইষৎ দুষ্ট হাঁহি এটা মাৰি সুধিলে।
“নাই অ’। এইবাৰ এইজনীক মই বৰ ভাল বুলিয়েই ভাবিছিলোঁ – সব কথা কৈছিলোঁ তাইক মোৰ। আজিহে গম পালোঁ তাইৰ আগতেই বিয়া ঠিক হৈ আছে – টকা থকা ইঞ্জিনিয়াৰ এটাৰ লগত। মোক হেনো তাই ভাল বন্ধু বুলিহে ভাবিছিল। “ভাল বন্ধু” ..ধুৰ ..!!”
“ছোৱালীবোৰৰ “ভাল বন্ধু” হোৱাটোও বৰ বিপদজনক।” – কথাষাৰ কৈয়েই অৰ্ণৱে তাৰ গিলাচটোত থকা পানীয়খিনিত দীঘলীয়া শোহা এটা মাৰিলে।
বহি থকা চকীখন কিছু দূৰলৈ ঠেলি স্বপ্লনীলে অন্যমনস্ক ভাৱে মেজখনত ভৰি এটা তুলি দিলে। এইখন মেজ তাৰ অতি মৰমৰ। মেজখনে বিভিন্ন সময়ত তাৰ বিভিন্ন প্রয়োজন পূৰণ কৰে। কেতিয়াবা পঢ়াৰ মেজ – কেতিয়াবা খোৱাৰ মেজ আৰু কেতিয়াবা মন ভাল লাগিলে চিঞৰি চিঞৰি গোৱা সুৰবিহীন গানবোৰত তাল মিলাবলৈ এই মেজখনে তবলাৰ কামো কৰে। মাকৰ লগত মত বিৰোধ হ’লে – সমাজৰ কিবা কথাত খং উঠিলে এই মেজখনতেই তাৰ দুটামান মাৰ-ভুকু লগাই মনটোত শাঁত পেলায়। আজি ডাঙৰ কাম এটা শেষ হোৱাৰ আনন্দত সি পায়েং আৰু অৰ্ণৱক মাতিছে – ভাত এসাঁজ খাবলৈ। টি ভি চিৰিয়েলখনৰ নাট্য ৰূপান্তৰৰ কামটো যেনেতেনে শেষ হ’ল। কামটো তাৰ মনৰ পচন্দ মতে শেষ নহ’ল যদিও হাতলৈ দুটা পইচা অহাত সি সুখী। আৰু সেই সুখ ভগাই ল’বলৈকে তাৰ বন্ধুকেইটাক মাতিছিল। কিন্তু ক’তা, আনন্দৰ সলনি চোন অনামী দুখৰ ছাঁয়া এটাইহে সিহঁতক পিছে পিছে খেদি ফুৰিছে!
নিশা গভীৰ হৈ যোৱাৰ লগে লগে অনিল পায়েং আৰু অৰ্ণৱ বৰা নামৰ সম্ভাৱনাৰে ভৰা যুৱক দুজনৰ হা-হুমুনিয়াহ আৰু জীৱনৰ প্রতি থকা অকাৰণ ক্ষোভবোৰ বাঢ়ি গৈছে- সুৰাৰ ৰাগীও বাঢ়ি গৈছে। স্বপ্লনীলে আজি স্বপ্ন ভংগৰ গান শুনিবলৈ বিচৰা নাছিল। নতুনকৈ জীয়াই থাকিবলৈ, সপোন দেখিবলৈ বিচাৰিছে সি – কিন্তু সপোনবোৰ সদায় আধা দেখোঁতেই সাৰ পাব লগা হয় তাৰ। সেয়ে তাৰ আজিকালি চকুৰ পতা জাপ খোৱাবলৈও ভয় লাগে।
০০০০০
মাকৰ লগত তাৰ বয়সৰ পাৰ্থক্য কিমান বছৰৰ বাৰু… ১৭বছৰ?? নাই ১৬ বছৰৰ হ’ব। ১৪ বছৰ বয়সতে বিয়া হৈছিল মাকৰ। নৈষ্ঠিক বামুণৰ ঘৰৰ ছোৱালী। গাভৰু হোৱাৰ আগতেই তাৰ মাকক বিয়া নিদিলে যদিও গাভৰু হোৱাৰ পাছতে বিয়া দিবলৈ হুলস্থূল লগাই দিছিল হেনো – ঘৰৰ মানুহে। মাকৰ বিয়াৰ দুবছৰৰ পিছতে জন্ম হৈছিল সি। গতিকে তাৰ আৰু মাকৰ বয়সৰ পাৰ্থক্য ১৬ বছৰহে হ’ব। তথাপি তাৰ লগত মাকৰ মতৰ পাৰ্থক্য যে দুটা যুগৰ পুৰণি ধৰণৰ। দেউতাকেই তাৰ সকলোতকৈ ভাল বন্ধু আছিল। সৰু ভনীয়েকজনীৰ জন্মৰ দিনাই দেউতাকৰ মৃত্যু হৈছিল! কিমাননো বয়স হৈছিল তেতিয়া তাৰ? মাত্র ১২ বছৰ!! গোলাঘাটৰ পৰা আহি আছিল দেউতাক। মাকক হঠাৎ হস্পিটেললৈ নিয়াৰ কথা শুনি হয়তো চিন্তিত হৈ বেছি জোৰেৰে গাড়ী চলাইছিল। আৰু সেয়ে গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই ৰাস্তাৰ গৰাৰ পৰা খাৱৈত বাগৰি পৰিল আৰু দেউতাকে তাতেই চিৰ বিদায় ল’লে – তাৰ কণমানি ভনীয়েকজনীক নেদেখাকৈ – সিহঁতক মাত নলগোৱাকৈ চিৰদিনৰ বাবে গুচি গ’ল তাৰ মৰমৰ দেউতাক!
উস্ কি যে দিন আছিল সেইটো!! দেউতাকক হেৰুওৱাৰ বাবে আইতাক আৰু মাকে হিয়া ভাঙি কান্দিছিল। “ভগবান” বোলা অদৃশ্যজনক হেঁপাহ পলুৱাই গালি দিছিল। তাৰ কিন্তু সিদিনা মাক আৰু আইতাকৰ যন্ত্রণাকাতৰ মুখ কেইখনতকৈ তেওঁলোকে কণমানি ভনীয়েক জনীৰ প্রতি কৰা নিৰ্দয়তাহে বেছি স্পষ্টকৈ মনত আছে। মাক, আইতাক কোনেও তাইক একোলা দাঙি মৰম কৰিব বিচৰা নাছিল – সমবেদনা জনাবলৈ ঘৰলৈ অহা আপোন মানুহবোৰক আইতাকে চিঞৰি চিঞৰি কৈছিল,“এই কুলক্ষণীজনীয়ে জন্ম হৈয়েই দেউতাকৰ মূৰটো খালে। ভগবানে এইজনীকে মাৰি নিনিলে কিয়? অহ..মোৰ এটাই ল’ৰা – তাকো কণা-বিধাতাই লৈ গ’ল। এইজনীক লৈ যোৱা হ’লেই ভাল আছিল! অহ ..আহ!”
টেঁৱা টেঁৱা কৈ কান্দি নিজৰ দুৰ্ভগীয়া অৱস্থিতিৰ ঘোষণা দি তাই ভাগৰি পৰিছিল। … আলফুলে দাঙি ধৰিছিল সি কণমাণি ভনীয়েকক। ইস্ ফুলৰ দৰে কোমল এই পিটকলি ছোৱালীজনীয়েনো দেউতাকৰ মূৰ খাব পাৰেনে? ..কাকো চুই চাবলৈ দিয়া নাছিল সি তাইক। তাৰ বাকী দুজনী ভনীয়েক ঘৰটোৰ কোনোবা এটা চুকত বহি বুজি নোপোৱা ঘটনা প্রবাহক লক্ষ্য কৰি স্তব্ধ হৈ ৰৈছিল।
০০০০
হাতত লৈ থকা চিগাৰেটডাল জ্বলি জ্বলি হাতখন পুৰিবলৈ লওঁতেহে স্বপ্লনীল বৰ্তমানৰ জগতলৈ ঘূৰি আহিল। তাৰ ঘৰত যে দুটা বন্ধু বহি আছে আৰু সিহঁতক নতুন বছৰৰ আগমন আৰু পুৰণি কাম এটা সফলতাৰে সমাপ্তি হোৱাৰ আনন্দত সিয়েই খাবৰ বাবে মাতিছিল – সেই কথা এতিয়াহে তাৰ অনুভৱ হ’ল। আজিও সি দুখৰ নিমখীয়া বৰষুণত তিতি আছে। আৰু তাৰ এই বন্ধু কেইটা! সিহঁতে জানো জানে টকা, প্ৰেম, সফলতা –সকলো পোৱাৰ পিছতো যে মানুহ সুখী হ’ব নোৱাৰে!! পায়েঙে এজনী সঁচা প্রেয়সীৰ প্রেমৰ অভাৱত দুখী হৈছে – অৰ্ণৱে টকাৰ অভাৱত দুখী হৈছে। আৰু সি? সি কিহৰ অভাৱত ইমান দুখী সদায়!! তাক ভালপোৱা প্রেয়সীৰ অভাৱ নাই। টকা পইচাৰো বিশেষ অভাৱ নাই – সফলতাই গগণ চোৱা নাই যদিও য’তেই হাত দিয়ে তাতেই কৃতকাৰ্য হয়। তথাপিও তাৰ বুকুৰ ভিতৰত হোঁ হোঁ কৰি অনবৰতে ধুমুহা এজাক বলি থাকে … বৰষুণ ভালপোৱা সি যৌৱনত ভৰি দিয়াৰ পৰাই বৰষুণৰ পৰা পলাই থাকিব ল’লে। কিন্তু পাৰিছেনে বাৰু! সি যে অনবৰতে দুখৰ নিমখীয়া বৰষুণত তিতি থাকে।
“বাৰ বাজি গ’ল। ভাতকেইটা খাই লওঁ আহ।” স্বপ্ননীলে তাৰ বন্ধু দুটাক মাত লগালে। অৰ্ণৱে নতুন সুৰাৰ বটল এটা খুলি লৈছিল হে। সি মাত লগালে,“ ক’তা নীল, তইচোন খোৱাই নাই মদ। ৰ’ এই বটলটো শেষ কৰি লওঁ –তাৰ পিছত খাম। পেহলে পিনা – উচকে বাদ খানা।” জীৱনত এইকণেই আনন্দ সিহঁতৰ। সুৰাৰ নিচা আৰু দুখৰ নিচাক সনা পিটিকা কৰি জীয়াই লয় কেইটামান আপুৰুগীয়া মুহূৰ্ত।
“নাই অ’। কাইলৈ ৰাতিপুৱাই বাইদেউ এজনীক লগ ধৰিম বুলি কথা দি থৈছোঁ। বহুত দূৰৰ পৰা আহিছে। কাইলৈ ৰাতিপুৱাই তেওঁৰ ফ্লাইট আছে ঘূৰি যোৱাৰ। আজি বেছি নিচা হ’লে ৰাতিপুৱা সাৰ নাপাম।”
“বাদ দে সেইবোৰ কথা – কাইলৈ লগ নাপালে বেলেগ এদিন লগ কৰিবি। জীৱনটো বৰ দীঘল … ”
অৰ্ণৱৰ কথা শেষ নহওঁতেই পায়েঙে মাত লগালে,“কোনে ক’লে জীৱনটো বৰ দীঘল বুলি? জীৱন তেনেই ক্ষন্তেকীয়া বন্ধু – সেই সিদিনা আইৰ কোলাত উঠি সাধু শুনাৰ কথা মনত আছেই। সময়ত বিয়াখন হৈ যোৱা হ’লে এতিয়া মোৰ ল’ৰাক কোলাত লৈ সাধু শুনাই থাকিলোহেঁতেন। সময় এক দুৰন্ত পক্ষী!”
সঁচাকৈয়ে সময় এক দুৰন্ত পক্ষী – স্বপ্ননীলে ভাবিলে। ফুলৰ পাহিৰ দৰে কোমল, লেহুকা কণমানি ভনীয়েকজনীও গাভৰু হৈছিল তাৰ অলক্ষিতে। ডাঙৰ ভনীয়েকজনীৰ চোন বিয়াৰ বয়সেই পাৰ হ’বৰ হ’ল! তাই এতিয়া চাকৰি বিচাৰি আছে। চাকৰি কৰা ছোৱালীৰ হেনো বিয়াৰ বজাৰত বেছি দাম। – এয়া মাকৰ কথা। মাজু ভনীয়েকৰ কাৰণে ল’ৰা ওলাইছে। কিন্তু ডাঙৰজনীক বিয়া নিদিয়াকৈ মাজুজনীক বিয়া নিদিয়ে মাকে। দেখাই-শুনায়ো বৰ ভাল নহয় সিহঁত দুজনী। মানুহৰ লগত সহজে মিলিবও নোৱাৰে। কিন্তু সৰু ভনীয়েকজনী সিহঁতকৈ বেলেগ আছিল। সৃষ্টিকৰ্তাই ডাঙৰ ভনীয়েক দুজনীৰ ৰূপবোৰো যেন কাঢ়ি নি সৰু ভনীয়েকজনীক দিছিল। কাৰণ তেওঁ জানিছিল- জন্মৰে পৰা সংসাৰৰ দুখৰ বন্যাত ভাহি যাব খোজা ছোৱালীজনীক অকল ৰূপ আৰু গুণেহে খামোচ মাৰি ধৰি ৰাখিব পাৰিব। সপোনসনা নাম দিছিল সি তাইক। দিন যোৱাৰ লগে লগে মাকৰ মৰহি যোৱা মমতা অলপ অলপকৈ সজীৱ হৈ আহিছিল। কিন্তু আইতাকে কোনো দিনেই সহজ ভাবে ল’ব নোৱাৰিলে তাইক। ঘৰৰ কোনো শুভ কামতেই ভাগ ল’বলৈ নিদিয়ে। কথাই প্রতি কেটেৰ-জেঙেৰ কৰে। মৃত্যুৰ সময়লৈকে আইতাকে তাইক দেউতাকৰ মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰিয়েই গ’ল। সঁচা কথা ক’বলৈ গ’লে অকল তাৰ মৰম-চেনেহতে তাই জীয়াই আছিল। সি পঢ়িবৰ বাবে হোষ্টেললৈ যোৱাৰ সময়খিনি এক বুজাব নোৱাৰা দুঃসময় তাইৰ বাবে আৰু তাৰ বাবে এক বুজাব নোৱাৰা যন্ত্রণা। পিতৃত্বৰ অনুভৱ সি তাইৰ মাজেদিয়েই কৰিছিল।
০০০
সকলো কথাই কৈছিল সি অভিব্যক্তিক। সকলোৱে অৱহেলা কৰা সৰু ভনীয়েকক সি নিজৰ জীয়েকৰ দৰে মৰম কৰাৰ কথা কৈছিল। মাকৰ সঁচা মৰম নোপোৱা ছোৱালীজনীক অভিব্যক্তিয়ে মাকৰ মৰমেৰে বুৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল – সি নিবিচৰাকৈয়ে। সেইজনী অভিব্যক্তিয়ে তাৰ ঘৰলৈ গৈ যি অপমান আৰু দুখ পালে তাৰ অভিশাপ আজিও সি বহন কৰিবলগীয়া হৈ আছে। মাজে মাজে বৰ খং উঠে অভিব্যক্তিলৈ। কিয় বুজি নাপালে তাই তাক। মাকৰ প্রায় সকলো কথাই সি তাইক কৈছিল। মাক বেছি পঢ়া-শুনা কৰা মানুহ নহয় –সেয়ে ৰক্ষণশীল মনোভাৱ এৰিব পৰা নাই। জাত-পাত নিমিলা – ল’ৰাৰ দৰে সাজ সজ্জ্বা কৰি, ল’ৰাৰ লগত ঘূৰি ফুৰা ছোৱালী এজনীক বোৱাৰী কৰি এইখন ঘৰলৈ অনাতকৈ সকলোকে বিহ খুৱাই মাৰি পেলাম বুলি কৈছিল মাকে। স্বপ্ননীলকো অভিব্যক্তিৰ সন্মুখতে নিকৃষ্ট গালিৰে থকা-সৰকা কৰি পেলাইছিল মাকে। তথাপিও মাকৰ এষাৰ কথাৰো প্রতিবাদ কৰা নাছিল সি। প্রতিবাদ কৰিছিল ভনীয়েক সপোনসনাই। আৰু মাকে একেপাত চৰতে তাইৰ মুখখন বন্ধ কৰি দিয়াই নহয় – দুৰ্বল ছোৱালীজনীৰ নাকৰ পৰা তেজৰ নদী বোৱাই দিছিল। তেজ আৰু তেজ … অভিব্যক্তিৰ মূৰ ঘূৰাই গৈছিল।
ঘোট ঘোটকৈ গিলাছটোৰ পৰা মদ গিলিবলৈ ধৰিলে সি। সেই দিনটোৰ কথা পাহৰি থাকিব বিচাৰে সি। এগিলাছ, দুগিলাছ…এবটল দুবটল নহয় পৃথিৱীৰ সমস্ত সুৰা আৰু ৰাগীয়াল বস্তুৱেও তাৰ এই দুখৰ ৰাগীৰ লগত ফেৰ মাৰিব নোৱাৰিব।
অভিব্যক্তি গুচি গ’ল তাৰ জীৱনৰ পৰা – ভনীয়েক সপোনসনাও গুচি গ’ল ….
০০
মাকে ভাবি পোৱা নাছিল – ইমান জোৰকৈতো ছোৱালীজনীক মাৰা নাছিল তেওঁ। কেনেকৈ এয়া হ’ল!! উস্ এই ছোৱালীজনীয়ে জন্ম হৈয়ে তেওঁক যি যন্ত্রণা দিলে মৃত্যুৰ পিছতো লগ নেৰিলে। অভিব্যক্তিৰ মতে স্বপ্লনীলৰ মাক এগৰাকী হত্যাকাৰী। এগৰাকী হত্যাকাৰীৰ পুতেকৰ লগত তাই বিয়া হ’ব নোৱাৰে। নিজৰ সন্তানক হত্যা কৰা এগৰাকী পাষণ্ডী নাৰী তাৰ মাক! তাইৰ চকুৰ সন্মুখতে তেওঁ মাৰিছিল ছোৱালীজনীক। তাইৰ নাকৰ পৰা, মুখৰ পৰা ওলোৱা তেজেৰে নৈ বৈ গৈছিল আলহী বহা কোঠাটো! মূৰ্চা গৈছিল ছোৱালীজনী। মাকে কিন্তু ঘূৰি চোৱা নাছিল জীয়েকক। ক’ব নোৱাৰা হৈ পৰি যোৱা সপোনসনাক অভিব্যক্তি আৰু সি ধৰি বিচনাত শুৱাই দিওঁতেহে মাকৰ সম্বিত আহিছিল। ডাঙৰ জীয়েক দুজনীক চিঞৰি চিঞৰি মাতিছিল মাকে।
“তাইৰ নাকেৰে এনেকৈ মাজে মাজে তেজ ওলায়েই … মই একো কৰা নাই।” মাকে অভিব্যক্তিৰ তীক্ষ্ন চাৱনি সহ্য কৰিব নোৱাৰি আঁতৰি গৈ পাকঘৰত সোমাই হুকহুকাই কান্দিছিল। সমাজৰ কিছুমান অন্ধসংস্কাৰে সৰুতেই কুটি কুটি খাই হিয়াখন খহাই পেলোৱা এগৰাকী দুৰ্ভগীয়া নাৰী তেওঁ। মাতৃৰ মমতা আৰু সমাজৰ ৰীতি-নীতিৰ টনা আজোৰাত তেওঁ ৰুক্ষ হৈ পৰিছে। ইতিমধ্যে ডাঙৰ ভনীয়েক দুজনীয়ে অভিব্যক্তিক পতিয়ন নিয়াইছিল যে মাজে মাজে সৰু ভনীয়েকৰ এনে হয়। আজি কিছুদিনৰ পৰা তাইক মূৰ্চা যোৱা ৰোগ এটায়ো লগ লৈছে। মাকে এই কথাটো ককায়েকৰ পৰা লুকুৱাই থ’ব কৈছিল। নহ’লে মিছাতে বেছি চিন্তা কৰিব। যিহে ল’ৰা; ভনীয়েকৰ এইবোৰ খবৰ পালে শেষৰ পৰীক্ষাটো নিদিয়াকৈয়ে গুচি আহিব। টকা–পইচা, পঢ়া-শুনা, সংস্থাপন আদি একোৰে চিন্তা নকৰে ল’ৰাটোৱে। মগজটো ভাল কাৰণেহে ইমান ভাল কলেজ এখনত পঢ়িবলৈ পাইছে।
অলপো সময় নষ্ট নকৰি স্বপ্ননীলে সপোনসনাক হস্পিতেললৈ লৈ আনিছিল। মাক সিহঁতৰ লগত আহিব খুজিছিল যদিও সি মানা কৰিলে। ডাঙৰ ভনীয়েকজনী আৰু অভিব্যক্তিক লৈ সি ওচৰৰ হস্পিতেলখনলৈ আহিল। ডাক্টৰে তাইক গুৱাহাটীলৈ লৈ যাবলৈ ক’লে। তাৰপিছত এক অন্য অধ্যায় …. সি গম পাইছিল ভনীয়েক সপোনসনাৰ কুমাৰীত্বক কোনোবাই চুৰমাৰ কৰি পেলাইছিল!! সি পাগল হৈ পৰিছিল। বহুবোৰ ৰহস্য সি উদ্ঘাটন কৰিছিল। সমাজত থকা মানুহৰূপী কিছুমান পশুক মাৰি পেলাবৰ বাবে সি উদ্যত হৈছিল। মাকলৈ তাৰ প্ৰচণ্ড খং আৰু অভিমান হৈছিল। কিয় বাৰু মাকে তাৰপৰা কথাবোৰ লুকুৱাই থৈছিল – কিয়? প্রশ্নটো মনলৈ আহিলেই মেজখনত এটা ভুকু মাৰিবলৈ উদ্যত হয় সি।
০০০
সেই ৰাতি আৰু আজিৰ এই ৰাতি – কিবা বাৰু সাদৃশ্য আছে নেকি ?
অভিব্যক্তিয়ে তাক লগ ধৰিবলৈ বিচাৰিছিল। শেষবাৰৰ বাবে। গোটেই নিশা সি মদ খাইছিল আৰু বেহুচ হৈ ৰাতিপুৱাৰ সময়ত টোপনিত ঢলি পৰিছিল। সি যেতিয়া সাৰ পাইছিল তেতিয়ালৈ অভিব্যক্তিয়ে তাক এৰি গুচি গৈছিল। এবাৰো ফোন এটা নকৰিলে তাই তাক। এটা মাত্র মেচেছ দিছিল ফোনত “তুমি কিয় নাহিলা, নীল?? তুমি অহা হ’লে মই হয়তো থাকি গ’লোহেতেন! ঠিক আছে আৰু কেতিয়াও নিবিচাৰিবা মোক। সময় আৰু সুযোগ এবাৰেই মাত্র আহে –মনত ৰাখিবা।” সঁচা কথা, সুযোগ আৰু সময় এবাৰেই আহিছিল, তাকো সি হেৰুৱালে। ভনীয়েকৰ চিকিৎসাৰ বাবে ভিন ভিন ঠাই আৰু হস্পিতেলত বগাই থাকোঁতে কেম্পাচ ইণ্টাৰভিউত পোৱা চাকৰিটোত যোগদান কৰিব নোৱাৰিলে। জীৱনৰ প্রতি কিবা এটা ক্ষোভ-হতাশাই তাক বহুদিনৰ বাবে কোঙা কৰি পেলাইছিল। অভিব্যক্তিৰ লগত হোৱা ভুল বুজা-বুজি, মাকৰ লগত হোৱা যুক্তি যুদ্ধ আদিয়ে তাক ভাগৰুৱা কৰি পেলাইছিল।
মৰমৰ ভনীয়েকজনীক হেৰুৱাই সি একপ্রকাৰ পগলাৰ দৰে হৈ পৰিছিল। জীৱন-মৃত্যু আদিৰ বিষয়ে জানিবলৈ নানা দৰ্শনৰ কিতাপ পঢ়িছিল। ইঞ্জিনিয়াৰিং বিষয়ৰ কিতাপবোৰ দলিয়াই দৰ্শন শাস্ত্রৰ কিতাপেৰে মেজ ভৰাই দিছিল। ভাল লাগিছিল তাৰ। লিখা-মেলা কৰিবলৈ লৈছিল। ভাল লাগিছিল – ডাঙৰ ডাঙৰ কবি সাহিত্যিকৰ সান্নিধ্য আৰু স্বীকৃতি পাই। তথাপিও মনটোৱে শান্তি বিচাৰি পোৱা নাছিল। ধুনীয়া ধুনীয়া বহুতো ছোৱালী কাষ চাপি আহিছিল তাৰ বন্ধুত্ব, তাৰ সান্নিধ্য বিচাৰি। বেছি সংখ্যক ধুনীয়া ছোৱালীয়ে হয়তো তাক প্রেমিক হিচাপেই বিচাৰিছিল। সি কিন্তু কাৰো মাজত প্রেম বিচাৰি পোৱা নাছিল। মাকৰো অসন্তুষ্টি বাঢ়ি গৈ আছিল। গুৱাহাটীত থকা তাৰ ভাড়াঘৰটোলৈ প্রায়ে মাক আৰু ভনীয়েক দুজনী আহি গৈ থাকে। তাৰ মনৰ শূন্যতা কিন্তু কোনেও ভৰাব নোৱাৰে; চুই চাবটো নোৱাৰেই !!
আজিৰ পৰা প্রায় এবছৰৰ আগতে নতুন মানুহ এগৰাকীৰ লগত চিনাকি হৈছে সি। সুন্দৰ কবিতা লিখে মানুহগৰাকীয়ে। “বাইদেউ” বুলি সম্বোধন কৰা মানুহগৰাকীক কিন্তু সি কেতিয়াও দেখা নাই। তথাপিও তেওঁৰ লেখা, কবিতাবোৰৰ মাজত সি নিজকে বিচাৰি পায়।
ধুমুহাই বাহ ভঙাৰ পাছত
জুই লগা আকাশত
উৰিছে অকলশৰে অচিন চৰাই….
বাতৰি কাকতখনত কবিতাটো পঢ়িয়েই তলত দিয়া কবিগৰাকীৰ নম্বৰটোত ফোন কৰিবলৈ তত হেৰুৱাইছিল সি। মিঠা এটা শান্ত মাতে তাৰ মনটো বহুখিনি শান্ত কৰি দিছিল। লাহে লাহে চিনাকি আৰু পৰিচয় বাঢ়ি গৈছিল। সি অলপ অলপকৈ নিজক উদঙাই দিছিল – সুখী সেই নাৰীগৰাকীৰ ওচৰত। মাকৰ মমতা, অভিব্যক্তিৰ দৰে দৃঢ়তা, সপোনসনাৰ দৰে শান্তিৰ নীৰৱতা – সকলো সেই একেগৰাকী নাৰীৰ মাজতেই আছে। জীয়াই থাকিবলৈ নতুনকৈ প্রেৰণা পাইছিল সি। কিন্তু আচৰিত তাৰ মন! আজিকালি সি অনবৰতে বিচাৰে তাক জীয়াই থাকিবলৈ প্রেৰণা দিয়া সেই নাৰীগৰাকী যেন দুখৰ বৰষুণত তিতি জুৰুলি-জুপুৰি হওঁক। সি যেন নিজ হাতে তেওঁৰ দুখবোৰ মচি দিব আৰু দুখৰ বৰষুণত তিয়াই লিখা তেওঁৰ কবিতাবোৰ পঢ়ি সি নিজেই জীপাল হ’ব! কিয় ইমান স্বাৰ্থপৰ তাৰ মন! নামহীন এক বিষাদ আৰু অস্থিৰতাই তাক উদ্ভ্ৰান্ত কৰি তুলিলে। নাই, সি স্বাৰ্থপৰ হ’ব নোৱাৰে। দেউতাকে তাক সৰুতে কৈছিল, “তুমি সৎ, সাহসী আৰু নিঃস্বাৰ্থ ব্যক্তি হ’ব লাগিব। মমৰ দৰে জ্বলি, নিজে গলি গৈয়ো যদি আনক পোহৰাব পাৰা, তেনে জীৱনটো অৰ্থপূৰ্ণ হ’ব।”
ইমানবোৰ মদ, চিগাৰেট আৰু ভাঙেও তাক ভাৰশূন্য কৰিব নোৱাৰিলে। ভাত খাই কিতাপেৰে ভৰি থকা তাৰ বিচনাখনৰ ওপৰতে চিৎ ভোলোঙা খাই তাৰ দুই বন্ধু শুই পৰিল। চেলফোনত হেডফোনটো লগাই সি তাৰ প্রিয় গায়ক বব মাৰ্লেৰ গান এটা শুনিবলৈ লৈ দেখিলে পুৱা ৬ বাজি গ’ল। লৰালৰিকৈ সি ফোনত নম্বৰ এটা লগালে, “বাইদেউ, চ’ৰি মই আজি আপোনাক দেখা কৰিবলৈ যাব নোৱাৰিম। কালি ৰাতি মোৰ বন্ধুৰ আড্ডাত বহু ৰাতি হ’ল। এতিয়া গাটো ভাল লগা নাই – ওলাই নাযাওঁ আৰু। বেয়া নাপাব দেই!!”