text
stringlengths 0
188k
|
---|
মৰাণ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ২২ ছাত্ৰক বহিষ্কাৰ November 30, 2022 |
ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ চাঞ্চল্যকৰ অভিযোগ November 30, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>প্ৰতিষ্ঠা দিৱসলৈ বাছ দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া দিব নোৱাৰে বুলি নেটৱৰ্কৰ মালিকে কোৱাত অসন্তুষ্ট চুতীয়া ছাত্ৰ সন্থাই এই ঘোষণা কৰিছে |
by অভীক চক্ৰবৰ্তী |
September 9, 2018 10:07 pm |
586 |
VIEWS |
Share on FacebookShare on Twitter |
ডিব্ৰুগড় জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অহা ১৩ ছেপ্তেম্বৰত জিলাখনত নেটৱৰ্ক বাছ বন্ধ ঘোষণা কৰিছে। অহা ১১ ছেপ্তেম্বৰত গুৱাহাটীত হ’ব লগা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসলৈ কোম্পানিটোৱে ২খন বাছ যোগান ধৰিব বুলি আশ্বাস দি কথা নৰখা বুলি অভিযোগ তুলি নেটৱৰ্কৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছে সংগঠনটোৱে। |
ডিব্ৰুগড় জিলাত নেটৱৰ্কৰ বাছ বন্ধৰ কাৰ্য্যসূচী চুতীয়া ছাত্ৰ সন্থাৰ |
নেটৱৰ্কৰ অধীনত তিনিচুকীয়া, ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দৈনিক প্ৰায় ২০-২৫খন বাছ চলাচল কৰে। |
নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা বতৰাত সংগঠনটোৰ জিলা সভাপতি জিতু শইকীয়াই কয়, ‘গুৱাহাটী আৰু ডিব্ৰুগড়, তিনিচুকীয়াৰ মাজত চলাচল কৰা নেটৱৰ্ক ট্ৰেভেলছৰ বাছসমূহ আমি বন্ধ কৰিছো। গুৱাহাটীত অহা ১১ ছেপ্তেম্বৰত হ’ব লগা আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ বাবে কোম্পানিটোৰ মালিকে ২খন বাছ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া মালিকজনে কইছে যে তেওঁ আমাক বাছ দিব নোৱাৰে।’ |
বাছ যদি দিবই নোৱাৰে তেন্তে আমাক প্ৰতিশ্ৰুতি দিছিল কেলেই বুলি শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছে। |
সভাপতিগৰাকীয়ে কয়, ‘আমি নেটৱৰ্কৰ মালিকক লৈ ভীষণ অসন্তুষ্ট কাৰণ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁ আমাৰ মানুহৰ কাৰণে বাছ যোগান ধৰা নাই।’ |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>দুবছৰৰ বিৰতিৰ পিছত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনে ঘূৰাই আনিছে ৮০ৰ দশকৰ অস্থিৰ সময়ৰ স্মৃতি |
by Chandan B Gohain April 19, 2021 April 19, 2021 |
Share this: |
১০ এপ্ৰিল ২০২১। ৰাতি পূৱাবলৈ তেতিয়াও কিছু পৰ বাকী আছে, নিজৰ এজনীয়া ৰূমত শুই থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ অভিনৱ চেতিয়াই জনা নাছিল ক্ষন্তেক পিছতে তেওঁৰ লগত কি হ’বলৈ গৈ আছে। |
এদিন পূৰ্বে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একটা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গৈছিল। নিৰ্বাচনত পৰাজিত গোটৰ এদল উত্তেজিত ছাত্ৰই হোষ্টেলত সোমাই তেওঁলোকক সমৰ্থন আগনবঢ়োৱা ছাত্ৰক প্ৰহাৰ কৰা আৰম্ভ কৰে। অভিযোগ মতে পৰাজিত প্ৰাৰ্থীসকল সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত আছিল। আনহাতে ‘আছু’ৰ উক্ত গোটটোৰ মতে হোষ্টেলৰ এটা ভিতৰুৱা বিবাদক তেওঁলোকৰ বিৰোধী পক্ষই অতিৰঞ্জিত কৰি তাত সাম্প্ৰদায়িক ৰং সানিছে। |
আৰু পঢ়কঃ নিৰ্বাচনৰ ফলাফলৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ ওপৰত আক্ৰমন |
বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ এক দীঘলীয়া পৰিক্ৰমা আছে। ৮০ৰ দশকত চলা অসম আন্দোলনৰ উপৰি ‘কা’ বিৰোধী আন্দোলনৰ সময়তো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক বিশেষ ভূমিকা পালন কৰিছিল। ‘কা’ আন্দোলনৰ সময়ত ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপি নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছিল। |
ছাত্ৰসকলৰ প্ৰতিবাদত বহাৰ দৃশ্য |
এটা হত্যাকাণ্ডৰ স্মৃতি |
ছাত্ৰাৱাসৰ মুখ্য তত্ত্বৱধায়ক পল্লৱী ডেকা বুজৰবৰুৱাৰ মতে বিশ্ববিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলেহে ইয়াৰ ছাত্ৰ-ৰাজনীতি নিৰ্ণয় কৰে, বাহিৰৰ কোনো ৰাজনৈতিক সংগঠনক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিয়া নহয়। |
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ৰাহুল চেত্ৰীৰ মতে বিভিন্ন পেয়িং গে’ষ্ট, মেছ আদিত থকা ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত বিশ্ববিদ্যালয়ৰ ১৬টা হোষ্টেলে নিৰ্বাচনত ভাগ লয়। |
“২১৩ গৰাকী আৱাসী থকা পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাসৰ প্ৰাৰ্থীসকলে সাধাৰণতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতাত নামে। নৱাগতসকলৰ বাবে অনুষ্ঠিত সভাত তেওঁলোকক সকলো ধৰণৰ ৰাজনৈতিক আনুগত্য পৰিহাৰ কৰি কেৱল বিশ্ববিদ্যালয়ৰ উন্নয়ণৰ বাবে কাম কৰিবলৈ কোৱা হয়। ইয়াৰ পিছতো কোনো আৱাসীয়ে এনে সংগঠনৰ সদস্য হৈ থাকিব খুজিলে তেওঁক হোষ্টেল এৰি যাবলৈ কোৱা হয়” চেত্ৰীয়ে কয়। হোষ্টেলত সোমোৱাৰ সময়ত তেওঁ নিজেও এই নিয়ম মানিব লগা হৈছিল। |
চেত্ৰীৰ দৰে একাংশ প্ৰাক্তন তথা বিভিন্ন বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ইষ্টম’জ’ক জনোৱা মতে ইয়াক বুজিবলৈ আমি ১৯৮৬ চনত সংঘটিত ছাত্ৰ নেতা সৌৰভ বৰাৰ হত্যাকাণ্ডৰ ঘটনালৈ ওভতি যাব লাগিব। হত্যাৰ কিছু বছৰ পূৰ্বে তেতিয়াৰ আছু নেতা সৌৰভ বৰাই প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনে নেতৃত্ব দিয়া আছু গোটে জনজাতীয়, মুছলমান আৰু বঙালী সম্প্ৰদায়ৰ লোকসকলক একাষৰীয়া কৰাৰ অভিযোগ তুলি আছুৰ পৰা ওলাই গৈছিল। |
বৰাই বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপ-পঞ্জীয়ক দিব্য হাস গোস্বামীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ আনে আৰু বাঁওপন্থী সংগঠন আৰ্মকা (United Reservation Movement Council of Assam)ত যোগ দিয়ে। সৌৰভ বৰা হত্যাকাণ্ড সন্দৰ্ভত চি.বি.আইয়ে কৰা প্ৰাৰম্ভিক তদন্তত নাম থকা পাঁচ গৰাকী অভিযুক্তৰ ভিতৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো নাম আছিল। কিন্তু, ২০১২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উপযুক্ত প্ৰমাণৰ অভাৱত সোণোৱালক নিৰ্দোষী বুলি ৰায় দিয়ে। |
“এনে ঘটনা-পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিত ৰাজনৈতিক সংগঠনৰ অংশগ্ৰহণ নিষেধ কৰাৰ সিদ্ধান্ত লোৱা হয়। বিশ্ববিদ্যালয়ৰ বাহিৰৰ কোনো ৰাজনৈতিক সংগঠনৰ পতাকা, পুস্তিকা বা সভা আদি অনুষ্ঠিত কৰিবলৈ দিয়া নহয়।” চেত্ৰীয়ে কয়। |
একাংশ ছাত্ৰ-ছাত্ৰীয়ে ইষ্টম’জ’ক জানিবলৈ দিয়া মতে এই যুঁজৰ এটা ফালে থাকে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাস আৰু আনটো ফালে থাকে মফিজুদ্দিন হাজৰিকা ছাত্ৰ নিৱাস আৰু মাইলছ ব্ৰনছন ছাত্ৰ নিৱাস। ছোৱালী হোষ্টেলসমূহৰ ভিতৰত আইডেউ সন্দিকৈ হোষ্টেল ‘নিৰ্দলীয়’ আৰু মামণি ৰয়ছম গোস্বামী ছাত্ৰী নিৱাস নিৰ্দলীয়সকলৰ বিপৰীত পক্ষত। |
পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাস |
এইবাৰৰ নিৰ্বাচনৰ প্ৰাকক্ষণত, পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাসৰ ‘নিৰ্দলীয়সকলৰ’ বিৰোধীসকলে ‘নিৰ্দলীয়সকল’ এন.এছ.ইউ.আই, এ.বি.ভি.পি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা সমৰ্থিত বুলি অভিযোগ আনে। স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নতুনকৈ নিৰ্বাচিত সাধাৰন সম্পাদক হিমালয় বাৰিকে কয়, “আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে, তেওঁলোক কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি শপতনামা দিছে।” |
দুটা বছৰৰ বিৰতিৰ পিছত, যোৱা ৮ এপ্ৰিলৰ নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ১৮টা পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। চেত্ৰীৰ মতে ২০১৯ চনত, নিৰ্দলীয়সকলে তেওঁলোকৰ বিপৰীত পক্ষই এখন পেপাৰত বেক লাগি থকা এগৰাকী প্ৰাৰ্থীক মনোনিত কৰা বুলি অভিযোগ তোলাত নিৰ্বাচন বাতিল কৰা হৈছিল। “বিশ্ববিদ্যালয়ৰ স্পষ্ট নিয়ম আছে, পেপাৰ ক্লিয়াৰ নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে। কৰ্তৃপক্ষৰ ওচৰত আমি উক্ত বিষয়টো উত্থাপন কৰা দিনাখনেই ছাত্ৰজনৰ বহী পুনৰীক্ষণ কৰা হয় আৰু তেওঁক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হয়। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে নিৰ্বাচনৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। যোৱা বছৰ ক’ভিড-১৯ প্ৰ’টকলৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল” চেত্ৰীয়ে লগতে কয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০১৯ৰ নিৰ্বাচনৰ তদন্ত এতিয়াও সম্পূৰ্ণ কৰা নাই বুলি চেত্ৰীয়ে লগতে কয়। |
দুঃস্বপ্ন |
এইবাৰ আটাইকেইটা পদতে নিৰ্দলীয় প্ৰাৰ্থীসকলে জয়লাভ কৰিছে। বিশ্ববিদ্যালয় প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে ফলাফল ঘোষণাৰ নিশা নিৰ্দলীয়সকলৰ দূৰ্গ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাসত এক পাৰ্টিৰ আয়োজন কৰা হৈছিল। উক্ত নিশা মফিজুদ্দিন হাজৰিকা ছাত্ৰ নিৱাসৰ আৱাসী অভিনৱ চেতিয়াই নিজৰ ৰূমত থাকি তেওঁৰ প্ৰজেক্টৰ প্ৰেজেণ্টেশ্যনৰ কামত ব্যস্ত আছিল। |
“পুৱতি নিশা প্ৰায় ২.৩০ বজাত মোৰ ৰূমৰ দৰ্জাত কোনোবাই জোৰত ঢকা মাৰে। মই টোপনিৰ পৰা সাৰ পাই দৰ্জাখন খোলাৰ লগে লগে কেইবাজন ল’ৰা ৰূমৰ ভিতৰলৈ সোমাই আহে আৰু মোক উদ্দেশ্যী ডাঙৰ ডাঙৰকৈ গালি পৰা আৰম্ভ কৰে। আটাইকেইখন মুখেই মোৰ চিনাকী আছিল। যোৱা ৬টা বছৰে তেওঁলোকৰ সৈতে মই একেলগে সময় পাৰ কৰিছো। মোৰ এনে লাগিছিল যেন মই এটা বেয়া সপোনহে দেখি আছো।” তেওঁ কয়। অভিনৱ চেতিয়াই ২০১৮-১৯ চনত ‘আছু’ গোটৰ সমৰ্থনত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। “তেওঁলোকে বাৰে বাৰে এটায়ে প্ৰশ্ন কৰিছিল যে মই কিয় তেওঁলোকৰ হৈ এইবাৰ প্ৰচাৰ কৰা নাছিলো।” তেওঁ লগতে কয়। |
তেওঁৰ ৰূমলৈ সোমাই অহা ল’ৰাকেইজনৰ মুখত মদৰ গোন্ধ আছিল বুলি উল্লেখ কৰি চেতিয়াই লগতে কয়, “তেওঁলোকে মোৰ বাহিৰলৈ টানি নিয়ে আৰু এক চেকেণ্ডৰ বাবেও কোনো কথা নুশুনি মোক চৰিয়াবলৈ ধৰে। তদুপৰি ৰড আৰু চোকা বস্তুৰে তেওঁলোকে মোক প্ৰহাৰ কৰাৰ লগতে মই পিন্ধি থকা চোলাটো ফালি পেলায়।” |
প্ৰায় দুঘণ্টা ধৰি এইদৰে মাৰপিট চলাৰ পিছত তেওঁ পিন্ধি থকা শ্বাৰ্টটো সলাই ল’বলৈ কোৱা হয়। |
“মদৰ নিচাতে তেওঁলোকৰ এজনে মই বিশ্ববিদ্যালয়ৰ বাহিৰৰ এটা ৰাজনৈতিক সংগঠনৰ সৈতে সম্পৰ্ক ৰাখি হোষ্টেল বিৰোধী কাৰ্য্যত জড়িত আছো বুলি মোক ক’বলৈ কয়। ইয়াৰ পিছত তেওঁলোকে কয় যে মই হোষ্টেলৰ ছাত্ৰসকলক লগ কৰাৰ পিছত এই কথা স্বীকাৰ কৰিছো আৰু কোনেও মোক জোৰ কৰি এই ভাষ্য কোৱা নাই।” তেওঁ লগতে কয়। |
তেওঁক যি কৰিলৈ কোৱা হৈছিল তাকেই কৰা বুলি উল্লেখ কৰি চেতিয়াই কয়, “এই ঘটনাই মোক মই শুনিবলৈ পোৱা কেম্পাছৰ ভিতৰত সংঘটিত লোমহৰ্ষক ঘটনাবিলাকলৈ মনত পেলাই দিলে। আক্ৰমণকাৰী দলটোৰ এজনে মোক মাৰি পেলাব লাগে বুলি চিঞৰোতে বহু বছৰ পূৰ্বে সংঘটিত সেই হত্যাকাণ্ডৰ কথাটো মোৰ মনলৈ আহিছিল। তেওঁলোকে মোক এৰি দিয়াৰ বিনিময়ত মই ভাষ্য দিবলৈ মান্তি হৈছিলো।” |
অভিনৱে তেওঁৰ অধিবক্তা পিতৃক ফোন কৰি ঘটনাটো জনোৱাত তেওঁ অভিনৱক বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত থকা আৰক্ষী চকীত এজাহাৰ দিবলৈ কয়। “তেওঁলোকে ভাঙি পেলোৱা মোৰ ফোনটোৰ লগতে মোক আক্ৰামণ কৰা চোকা বস্তুবিলাক আৰক্ষীৰ ওচৰত জমা দিও।” ছাত্ৰজনে কয়। |
আৰক্ষীক গোচৰ দি পিছদিনা পুৱাই ছাত্ৰজনে ঢকুৱাখনাৰ নিজৰ ঘৰলৈ গুচি যায়। |
মূল লেখা : Elections, not violence: Dibrugarh University’s fight to stay independent |
বৰ্ণবাদৰ কালিমা |
মনোহৰ পেগু নামৰ এগৰাকী স্নাতক মহলাৰ ছাত্ৰৰ ক্ষেত্ৰটো অভিনৱ চেতিয়াৰ দৰে অনুৰূপ ঘটনা ঘটিছিল। পেগু মাইলছ ব্ৰনছন হোষ্টেলৰ আৱাসী, যিখনক মূলত আছুৰ কেন্দ্ৰস্থল হিচাপে ধৰা হয়। “তেতিয়া পূৱা ৩.৩০ বাজিছিল। কেইজনমান চিনাকী ল’ৰাই মোক চৰ-ঘোচা মাৰি বাহিৰলৈ টানি নিয়ে য’ত মোক মাৰিবলৈ এদল ল’ৰা ৰৈ আছিল।” পেগুয়ে কয়। |
বিশ্ববিদ্যালয়ত পাৰ কৰা যোৱা দুটা বছৰত পেগুৰ লগতে মিচিং সম্প্ৰদায়ৰ আন কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ লগ লাগি এটা অধ্যয়ণ চক্ৰ গঢ়ি তোলে। |
তেওঁ কয়, “এইবাৰৰ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থী আমাৰ সম্প্ৰদায়ৰ হোৱা হেতুকে তেওঁলোকে মোৰ ওপৰত মিচিং ভোটবিলাক নিজৰ ফালে অনাৰ অভিযোগ তোলে। ইয়াৰ উপৰি মই নিৰ্বাচনটোক সাম্প্ৰদায়িক ৰূপ দিবৈলৈ চেষ্টা কৰা বুলিও তেওঁলোকে অভিযোগ কৰে।” |
চেতিয়াৰ দৰে পেগুৰ ওপৰতো এঘণ্টা ধৰি নিৰ্য্যাতন চলোৱাৰ পিছত এখন লিখিত ভাষ্য দিবলৈ হেঁচা দিয়া হয়। |
“মই যদি লিখিত ভাষ্য প্ৰদান নকৰো তেওঁলোকে মোক হত্যা কৰিব বুলি ভাবুকি দিছিল। সৌভাগ্যক্ৰমে, সুযোগ বুজি মই ওচৰৰ এটা হোষ্টেললৈ পলায়ন কৰিবলৈ সক্ষম হওঁ। তেওঁলোকে মোৰ বুকুত বহু কেইবাৰ প্ৰহাৰ কৰাৰ ফলত মই ভালকে উশাহ ল’ব পৰা নাছিলো। লগৰবিলাকে মোক বিশ্ববিদ্যালয়ৰ ডিস্পেনচেৰিলৈ লৈ যায়। মই এগৰাকী অধ্যাপকক ঘটনাটো অৱগত কৰো।” তেওঁ লগতে কয়। |
আক্ৰমণৰ ফলত আঘাটপ্ৰাপ্ত মনোহৰ পেগু |
উক্ত দিনা মনোহৰ পেগু আৰু অভিনৱ চেতিয়াই ৰজাভাটা আৰক্ষী থানাত দুটা পৃথক গুচৰ দাখিল কৰে। ইপিনে মনোহৰ পেগুৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰত তেওঁ এজন ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰা বুলি অভিযোগ অনা হয়। অৱশ্যে পেগুৱে উক্ত গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হয়। ১০ এপ্ৰিল তাৰিখে নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয় চৌহদত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। |
সামপ্ৰদায়িক বিষবাষ্প |
ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰতীক ঠুবাই জনোৱা মতে বিষয়টো তদন্ত কৰি থকা হৈছে। “উক্ত ঘটনাৰ পিছত আমি বিশ্ববিদ্যালয় চৌহদৰ নিৰাপত্তা নিশ্চিত কৰো। আমি দুয়োটা পক্ষৰ ভাষ্য গ্ৰহণ কৰিছো। তদন্ত চলি আছে।” তেওঁ জনায়। |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু নিৰোদ বৰুৱাই বিষয়টোৰ তদন্তৰ বাবে এখন অনুশাসন কমিটি গঠন কৰে। “বিহু বন্ধৰ পিছতেই কমিটিখনে তদন্ত আৰম্ভ কৰিব। অহা ১৯ এপ্ৰিলত আমি পুনৰ ছাত্ৰকেইজনৰ শুনানি ল’ম আৰু ইয়াৰ পিছতেই অভিযুক্তসকলৰ বিৰুদ্ধে থকা অভিযোগ সঁচা হ’লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিম।” বৰুৱাই কয়। |
কমিটিয়ে আক্ৰমণৰ বলি হোৱা বুলি অভিযোগ তোলা ছাত্ৰকেইজনৰ শুনানি গ্ৰহণ কৰিছে বুলি জানিবলৈ দি মুখ্য ৱাৰ্ডেন বুজৰবৰুৱাই কয়, “অভিযুক্ত ছাত্ৰকেইজনৰ শুনানি ল’বলৈ এতিয়াও বাকী আছে। বিহু বন্ধ খোলাৰ পিছতেই আমি তেওঁলোকৰ শুনানি গ্ৰহণ কৰিম।” |
আনহাতে, ঘটনা সন্দৰ্ভত অভিযুক্তসকলে আন এখন ছবিহে দাঙি ধৰিছে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী অভিযুক্তই ইষ্টম’জ’ৰ আগত কয় যে মনোহৰ পেগুয়ে কেম্পাছত সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছিল। “তেওঁৰ ওপৰত আক্ৰমণ হোৱাই নাছিল। দুগৰাকী মিচিং প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ গৈ তেওঁ গোটেই বিষয়টোক এক সাম্প্ৰদায়িক ৰূপ দিছিল” তেওঁ কয়। |
ইফালে অভিনৱ চেতিয়াক আক্ৰমণ কৰা ঘটনাটোত জড়িত এগৰকী অভিযুক্ত কৈলাশ কুটুম মিচিং সম্প্ৰদায়ৰ ছাত্ৰ। নিৰ্দলীয়সকলক সমৰ্থন আগবঢ়োৱা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰক ফোনত ভাবুকি দি থকা কুটুমৰ এটা অ’ডিঅ ক্লিপ অলপতে বাহিৰলৈ আহিছে। ক্লিপটোত কুটুমে ছাত্ৰজনক ‘তুমি বিশ্ববিদ্যালয়ৰ পৰা ওলাব নোৱাৰিবা’ বুলি কোৱা শুনা যায়। |
চেতিয়াই দিয়া এজাহাৰত নাম থকা ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিড হাজৰিকাই কয় যে ২০১৯-২০২০ চনৰ নিৰ্বাচনত চেতিয়াই মফিজুদ্দিন হাজৰিকা হোষ্টেল পৰা ব্যাপক সমৰ্থন লাভ কৰি সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। |
“তেওঁৰ কাৰ্য্যকালত চেতিয়াই আমাৰ হোষ্টেলৰ ১২ গৰাকী ছাত্ৰক ধনৰ টোপ দি আমাৰ বিৰোধী পক্ষত নিছিল, ফলত আমি পৰাস্ত হৈছিলো। বিষয়টো পিছত বুজাবুজিৰ ভিত্তিত মীমাংসা হৈছিল যদিও এইবাৰ উক্ত ১২ গৰাকী ছাত্ৰৰ ৩ গৰাকীয়ে আমাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয়। তেওঁ মোৰ ওপৰত মিছা অভিযোগ আনিছে। মই পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিলো। তেওঁৰ একো হোৱা নাছিল। এটা ভিতৰুৱা কথাক জোখতকৈ বেছি বঢ়াই কোৱা হৈছে।” হাজৰিকাই কয়। |
দুয়োটা পক্ষই এতিয়া বিহু বন্ধ শেষ হোৱালৈ অপেক্ষা কৰি আছে। এক দীৰ্ঘদিনীয়া তিক্ত বিবাদত আবদ্ধ এই ছাত্ৰসকলৰ সন্মুখত এতিয়া দুখন যুদ্ধ – এফালে তেওঁলোকৰ পৰীক্ষা আনফালে অনুশাসন কমিটিৰ ৰায়। |
এনে ঘটনাবিলাকে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত বিৰূপ প্ৰভাৱ পেলাব বুলি অধ্যাপকসকলে উদ্বিগ্নতা প্ৰকাশ কৰে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী অধ্যাপকে কয়, “কেম্পাছৰ ভিতৰত আমি ৰাজনৈতিক সংগঠনবোৰক অনুমতি নিদিয়াৰ এক যুক্তিসংগত কাৰণ আছে, ই তেনেকৈয়ে থকা উচিত। আমি ছাত্ৰৰ ৰাজনৈতিক কাৰ্যকলাপৰ বিৰোধী নহয়, কিছুমান সংগঠনৰ লগত থকা সম্পৰ্কক লৈহে আমি উদ্বিগ্ন।” |
মূল লেখক: অনুপম চক্ৰবৰ্তী, সাংবাদিক |
Related |
নিৰ্বাচনৰ ফলাফলৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ ওপৰত আক্ৰমন |
ৰেগিঙৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰক দুবছৰৰ বাবে বহিষ্কাৰ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ পৰাজয় |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,596 other subscribers |
Tagged: Dibrughar, Dibrughar police, Dibrughar University |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে |
Review Blast: EP 03 || Bulu Film |
গুজৰাট আৰু হিমাচল প্ৰদেশত কোনে মাৰিব শেষ হাঁহি? |
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’ |
স্পেইন (০) ০ বনাম মৰক্কো ৩ (০): বিশ্বকাপৰ Tactical Analysis |
Latest News |
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’ December 8, 2022 |
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে December 8, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.