text
stringlengths 0
188k
|
---|
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
Covid 19ExplainedHealth ReportICMR |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
আপুনি ওজন হ্ৰাস কৰিব বিচাৰে নেকি ? এই ৫ টা উপাদানে যাদুৰ দৰে চৰ্বি হ্ৰাস কৰিব ... |
৭০% লোকে নিবিচাৰে ৰোনাল্ডো পৰ্তুগালৰ হৈ খেলক ! চাঞ্চল্যকৰ তথ্য ... |
দীপিকা পাডুকনে ফিফা বিশ্বকাপত এটা বিশেষ দায়িত্ব লাভ কৰিছে, বিশ্বত প্ৰথমবাৰৰ বাবে এগৰাকী অভিনেত্ৰীয়ে এই সুযোগ পাইছে ... |
শিশুৰ অধিকাৰ বিষয়ত সংবাদ পৰিৱেশন কৰা মেডিয়া ফে'লোক সম্বৰ্ধনা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ |
ফিফাৰ ফাৰ্ষ্ট বয়ৰ সৈতে ৰোল নং ২৮-ৰ যুঁজ, ব্ৰাজিলে কেনে ধৰণৰ দল নমাব ফিল্ডত ? |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে সোমবাৰে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত... |
হাতী-মানুহৰ সংঘাতৰ পৰিণতি! ডিগবৈ, জয়পুৰত মৃত অৱস্থাত উদ্ধাৰ দুটা বনৰীয়া হাতী |
Two wild elephants were found dead ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শনিবাৰে দুটা বনৰীয়া হাতী মৃত অৱস্থাত পোৱা গৈছে। ডিগবৈ আৰু... |
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু |
পার্থ প্রতীম মহন্তৰ বিৰুদ্ধে অভিযোগ তুলি ছচিয়েল মিডিয়াত 'মানহানিকৰ' বিভিন্ন 'আপত্তিজনক' ভিডিঅ' আপলোড কৰাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেওঁৰ... |
আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন (কে)-আলফা (স্বাঃ) উগ্ৰপন্থীৰ গুলীচালনা |
Suspected NSCN (K) and ULFA (I) militants fire স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ... |
Students’ drowned in Siang river: ছিয়াং নদীত ডুবি সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ |
ডিব্ৰুগড়: Students' drowned in Siang river অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ৰাণেঘাটত দেওবাৰে চিয়াং নদীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ ডুবি সন্ধানহীন হৈছে।... |
ডিব্ৰুগড়ৰ বৈদুল্লা খানৰ বাসগৃহত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান |
ডিব্ৰুগড়: ডিব্ৰুগড় জিলা প্ৰশাসনে মঙলবাৰে পুৱা উচ্ছেদ অভিযান চলাই ডিব্ৰুগড়ৰ ঘোৰামাৰাত বৈদুল্লা খানৰ বাসগৃহ ভাঙি পেলায়। বৈদুল্লা খান পশু অধিকাৰ... |
অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান |
এক বৃহৎ ৰাজনৈতিক চমক সৃষ্টি কৰি দেওবাৰে ডিব্ৰুগড়ত আম আদমী পাৰ্টিত ৫০০০ ৰো অধিক লোকে যোগদান কৰে। আপে উজনি অসমত,... |
ডিব্ৰুগড়ত উত্তেজিত চাহ বাগিচাৰ শ্ৰমিকে জীৱন্তে জ্বলাই দিলে শিশু হত্যাকাৰীক |
ডিব্ৰুগড়ৰ ৰহমৰিয়া আৰক্ষীৰ চকীৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে এটি ৫ বছৰীয়া শিশুক হত্যা কৰাৰ বাবে হত্যাকাৰীজনক উত্তেজিত চাহ বাগিচাৰ... |
মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ |
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালৰ কৰ্মচাৰীৰ গাফিলতিৰ স্বৰূপ উদঙাই মৃতকৰ আত্মীয়ক আনৰ মৃতদেহ চমজাই দিয়াৰ ঘটনা সংঘটিত হৈছে। অভিনাশ বৰা... |
Journalist commits suicide অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ! |
Journalist commits suicide তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৫১বছৰীয়া বিকাশ মৰানে সোমবাৰে নিশা নিজ বাসগৃহতে নিজকেই গুলীয়াই আত্মহত্যা কৰে। আৰক্ষী সূত্ৰই জানিবলৈ... |
Page 1 of 19 1 2 … 19 Next |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জুলাই মাহত কনফাৰেন্স এখনত অংশগ্ৰহনৰ বাবে আমেৰিকালৈ যাব লাগে৷ আমেৰিকাৰ ভিছাৰ আকৌ ঝামেলা ধেৰ, ক’ৰ কি কি যে তথ্য, নথি-পত্ৰ লাগে৷ চৌধ্য-পুৰুষৰ আঁতি-গুৰি মাৰি দিব লাগে, বিৰক্তিয়ে লাগিছে৷ তাতে মই ভাৰতৰ নাগৰিক হৈ নৰৱেৰ পৰা ভিছাৰ বাবে আৱেদন কৰাৰ বাবে আৰু বেছি সমৰ্থনমূলক নথি-পত্ৰ দিব লাগে৷ আমেৰিকাৰ দূতাৱাসৰ পৰা মেইল কৰিলে নৰৱেৰ কৰ-বিষয়া আৰু জনসংখ্যা পঞ্জীয়কৰ কাৰ্য্যালয়ৰ পৰা এখন নথি লাগে৷ ৰাতিপুৱাই অফিচলৈ যাঁওতে কৰ অফিচলৈ গ’লো৷ গৈ দেখো অফিচৰ দুৱাৰ বন্ধ, আৰু সন্মূখত কেইজনমান কৰ্মচাৰী চকী পাৰি বহি আছে৷ গাত সাৱধানসূচক স্ফূৰদ্দীপ চোলা৷ মই বোলো এতিয়াহে খা, কিবা হ’ল! চুচুক চামাক্কৈ আগবাঢ়ি গ’লো৷ গৈ সুধিলো যে অফিচ বন্ধ নেকি৷ বাহিৰত ৰৈ থকা কেইজনৰ ইংৰাজীৰ জ্ঞান সীমিত, মোৰো স্থানীয় ভাষাৰ জ্ঞান তথৈবচ৷ উপায় নাই! আকাৰে ইংগিতে কথাবোৰ বুজালো৷ ভাগ্য ভাল মই যিখন নথি লাগে তাৰ নামটো নৰৱেজিয়ান ভাষাতে কাগজ এখনত লিখি লৈ গৈছিলো৷ তেতিয়াহে তেওঁলোকে ক’লে যে ধৰ্মঘট চলিছে, অনিৰ্দিষ্ট ধৰ্মঘট৷ দেশজুৰি চৰকাৰী কৰ্মচাৰী সকলে যোৱা এসপ্তাহ ধৰি অনশন কৰি আছে৷ মৰ বাপেকে এতিয়া, মই এই মূলুকতে থাকিয়ো একো গমেই পোৱা নাই, অথচ অসমৰ বন্ধৰ বাতৰি ৰৌজাল-বৌজাল৷ ইয়াত স্কুল, ক’লেজ, গাড়ী-মটৰ সকলো দেখোন প্ৰাত্যহিক সাধাৰণ ভাৱেই চলি আছে৷ অসমত প্ৰতিদিনাই কোনোবা নহয় কোনোবা জিলা, মহকুমা বন্ধ থাকেই৷ হিংসা, গাড়ী-মটৰ, দোকান পোহাৰ ভঙা, লাঠিচালনা, গুলীচালনা যেন কিবা সাধাৰণ ৰুটীন৷ এখন দেশত এসপ্তাহ ধৰি দেশজোৰা ধৰ্মঘট আৰু মই গমেই নেপাঁও৷ নিজকে কিবা বুৰ্বকৰ নিচিনা লাগিল৷ বাৰু যিকি নহওক, সেমনা সেমেন কৰি মোৰ নিজৰ অফিচৰ ফালে ৰাওনা হ’লো৷ ৰাস্তাত দেখিলো বিভিন্ন ঠাইত বিভিন্ন অফিচৰ সন্মূখত একেদৰেই জুম পাতি পাতি কিছুমান লোক একেধৰণৰ সাৱধানমূলক জেকেট পিন্ধি ৰৈ আছে৷ ৰাস্তাত কোনো ধৰ্না নাই, সমদল নাই, পুলিছো নাই৷ নৰৱে পৃথিৱীৰ অন্যতম শান্তিপ্ৰিয় দেশ আৰু ইয়াত সৰ্বসাধাৰণতে ৰাস্তাত অস্ত্ৰধাৰী পুলিছ কেতিয়াও দেখা পোৱা নেযায়৷ আজি দেশজোৰা ধৰ্মঘটৰ দিনটোও তাৰ ব্যতিক্ৰম নহ’ল৷ |
মই তাৰ পৰা উভতি গৈ অফিচ পালোগে৷ মোৰ সহকৰ্মী ডঃ য়েনছ্ ৰহলফক সুধিলো তেখেতে ধৰ্মঘটৰ কথা কিবা জানে নেকি৷ তেখেতে তেতিয়াহে মোক অলপ বিতংভাৱে ক’লে৷ আৰু ক’লে যে দৰাচলতে আমিও অফিচ বৰ্জ্জন কৰিব পাৰো৷ কিন্তু আমাৰ গৱেষণাগোটৰ কোনেও বৰ্জ্জন কৰা দেখা নেপালো৷ বিভিন্ন বিভাগৰ কৰ্মচাৰী সংগঠনৰ হৈ এজন বা দুজন প্ৰতিনিধি হিচাপে গৈ ধৰ্মঘটত অংশ লৈছে৷ কিন্তু ইয়েই মোটামুটি ৰাজহুৱা প্ৰশাসন ব্যৱস্থা, পুলিচ, কৰ বিভাগ, শিশুকল্যাণ বিভাগ, চাফাই বিভাগ আদি মোটামুটি অচল কৰি তুলিছে৷ চৰকাৰে সঘনাই ধৰ্মঘটকাৰীৰ লগত আলোচনাত বহিছে৷ পেপাৰত নিউজবোৰ পঢ়িলো৷ ইতিমধ্যে এক বিশ্বজোৰা বাতৰি হৈ পৰিছে এই ধৰ্মঘটৰ কথা৷ নৰৱেৰ চৰকাৰী কৰ্মচাৰী সকলে ১৯৮৪ চনৰ পিচত প্ৰথমবাৰৰ বাবে এই দৰে ধৰ্মঘটত নামিছে৷ ধৰ্মঘটৰ কাৰণ বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ লগত ফেৰ মাৰিব পৰাকৈ দৰমহা বৃদ্ধি কৰিব লাগে৷ |
পৃথিৱীৰ ভিতৰতে অন্যতম ধনী নৰৱে এখন সমাজতান্ত্ৰিক দেশ৷ মানৱ সম্পদ বিকাশৰ সূচাংকৰ (Human Development Index) তালিকাত যোৱা কেইবাবছৰ ধৰি নৰৱেই পৃথিৱীৰ ভিৰতে প্ৰথম স্থানত আছে৷ ইয়াৰ মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ৷ ইয়াত ধনী-দুখীয়াৰ প্ৰাৰ্থক্য বেছি নহয়, আৰু দুৰ্নীতি প্ৰায় শূণ্য৷ ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰত্যেকজন নাগৰিকৰ বা ইয়াত বসবাস কৰা, কাম কৰা প্ৰতিজন লোকৰে এটা চিনাক্তকৰণ সংখ্যা (National Identity Number) থাকে৷ আলু-পিয়াঁজ কিনাৰ পৰা, হাতী-ঘোঁৰা, ঘৰ-গাড়ী, মোবাইল চিম, বেংক একাউন্ট সকলোতে সেই নম্বৰটো লাগে৷ সেইটোৰ অবিহনে কোনো ইয়াত থাকিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে৷ গতিকে কোনেও অৰ্থনৈতিক দুৰ্নীতিত লিপ্ত হ’বই নোৱাৰে৷ ইয়াত কাৰ কিমান সম্পত্তি (মোৰ দৰে সাধাৰণ এজনৰ পৰা ৰজালৈকে), কোনে কিমান উপাৰ্জ্জন কৰিছে, কিমান কৰ দিছে সকলো তথ্য ৰাজহুৱা ভাৱে উপলব্ধ৷ দৰমহা যিমানে বাঢ়ি যায়, কৰৰ পৰিমাণ সিমানেই বাঢ়ি যায়৷ মই ৩২% কৰ দিওঁ, মোৰ বছে ৪৭% কৰ দিয়ে৷ ১০ মিলিয়নৰ ক্ৰ’নাৰৰ ওপৰত যাৰ দৰমহা বা উপাৰ্জ্জিত সম্পত্তি আছে সকলোৰে ওপৰত বছৰি ৬০ % কৰ৷ গতিকে মোটামুটি ধনী-দুখীয়াৰ পাৰ্থক্য বেছি নহয়৷ কিন্তু বেচৰকাৰী খণ্ডত দৰমহা অলপ বেছি৷ সেয়ে চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলে দৰমহা সংশোধনৰ দাবীত ধৰ্মঘট কৰিছে৷ ইয়াৰ কৰ ব্যৱস্থাৰ, সামাজিক সমভাৱৰ ব্যৱস্থাৰ প্ৰতিও বহুলোক বীতশ্ৰদ্ধ৷ কাৰণ কোনোবাই অধিক কষ্ট কৰি, বা অতি কুশলতাৰে কাম কৰিলেও লাভাণ্বিত নহয়৷ দৰমহা বা উপাৰ্জ্জন যিমানে বাঢ়ে, কৰৰ পৰিমানো সিমানেই বাঢ়ে, গতিকে শেষত গৈ একেই৷ অৱশ্যে স্বাস্থ্য তথা সামাজিক সুৰক্ষা ১০০% বিনামূলীয়া৷ তদুপৰি পঢ়া-শুনা কৰি ডিগ্ৰী পোৱাৰ পাচতো যদি কোনোৱে চাকৰি পোৱা নাই, তেন্তে চৰকাৰে মাহে ৯০০০ ক্ৰ’নাৰ (প্ৰায় ৮০ হাজাৰ ভাৰতীয় টকা) নিবনুৱা ভাত্তা দিয়ে৷ গতিকে চাকৰি নেথাকিলেও কোনেও নেখাই নমৰে৷ |
নৰৱেই অতি উদাৰ ভাৱে বহু আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থীক আশ্ৰয় দি আহিছে৷ বিশেষকৈ চোমালিয়াৰ বিদ্ৰোহ, ভিয়েটনাম যুদ্ধ, শ্ৰীলংকাৰ গৃহযুদ্ধ, ইৰাক-ইৰাণ-আফগানিস্থানৰ যুদ্ধৰ সময়ৰ বহু শৰণাৰ্থীক উদাৰ ভাৱে আশ্ৰয় দি আহিছে ইয়াৰ চৰকাৰে৷ কিন্তু নিজৰ নাগৰিক আৰু এনে মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাই৷ শিক্ষা-দীক্ষা, সামাজিক সুৰক্ষা, স্বাস্থ্য সকলোবোৰ ১০০% প্ৰদান কৰিছে৷ বিভিন্ন বিষয়ৰ কৰ্মমূখী প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে নিজে স্বাৱলম্বী হৈ কাম কৰিব পাৰে৷ বহুতেই তেনে ধৰনে কামত যোগদান কৰিছে৷ কিন্তু কিছুমানে প্ৰশিক্ষণ লোৱাৰ অন্তত, চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত জানি-বুজি দুৰ্বল প্ৰদৰ্শন কৰে যাতে নিয়োগকৰ্ত্তাই চাকৰি নিদিবলৈ বাধ্য হয়৷ তেতিয়া চাকৰি নেপালো বুলি কৈ তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়া সা-সুবিধা আদায় কৰি থাকিব পাৰিব৷ বহু এনে শৰনাৰ্থীয়ে ধৰ্মীয় আচাৰৰ দোহাই দি বহুক্ষেত্ৰত ইয়াৰ সাংবিধানিক নীতিক উলংঘা কৰি সমান্তৰাল সংবিধান চলোৱাৰ কথাও কেতিয়াবা শুনা যায়৷ এনেবোৰ কথা-কাণ্ডই পৰিশ্ৰম কৰা বহু চৰকাৰী চাকৰিয়ালক অসন্তুষ্ট কৰি তুলিছে৷ কোনোৱে নিষ্ঠাসহকাৰে পৰিশ্ৰম কৰি কৰ দিব আৰু কোনোবাই সেই টকাৰে বিনাপৰিশ্ৰমেৰে উপভোগ কৰিব৷ যদিও শান্তিপ্ৰিয় নৰৱেজিয়ান সকলে কাকো ৰাজহুৱাকৈ বেয়াকৈ কোৱা, গালি দিয়া বা বৰ্ণবৈষম্যমূলক আচৰণ কৰাৰ নজিৰ বিৰল৷ অন্ততঃ মই আজিলৈকে দেখা নাই৷ |
ইয়াতো বিভিন্ন কৰ্মচাৰী সংগঠন আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইটামান সংগঠনে চৰকাৰৰ লগত বুজা-পৰালৈ আহি ইতিমধ্যে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰহসংখ্যকেই এতিয়াও ধৰ্মঘট অব্যাহত ৰাখিছে৷ প্ৰয়োজন হ’লে চৰকাৰী খণ্ডৰ প্ৰায় ৩০০০০০ কৰ্মচাৰীয়ে একেলগে ধৰ্মঘটলৈ আহি প্ৰশাসন অচল কৰি দিয়াৰ ভাবুকি দিছে৷ মোৰ মনে হয় ৰাজনীতিকৰ চৰিত্ৰবোৰ বিশ্বব্যাপী একেই৷ দুৰ্নীতি নকৰিলেও বহুক্ষেত্ৰত তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰে৷ কূটনীতিৰে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ নেতাসকলৰ মতামতক ভাগ ভাগ কৰোৱাত যে চৰকাৰৰ হাত নাই তাক নুই কৰিব নোৱাৰি, যদিও এইয়া মোৰহে সম্পূৰ্ণ ব্যক্তিগত ধাৰণা৷ |
বাৰু যিকি নহওক, অফিচ আহি পায় আমেৰিকাৰ দূতাৱাসলৈ মেইল কৰিলো যে এই এই অৱস্থা, কি কৰা যায়৷ ইতিমধ্যে মোৰ অধ্যাপক, আমেৰিকাৰ পৰা নিমন্ত্ৰণ জনোৱা কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক দুয়োজনে পৰিস্থিতি সন্দৰ্ভত অচল’ত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ভিছাৰ কথা এতিয়া ভগৱানেহে জানে৷ কিন্তু অতি দুখজনক ভাৱে ঘৰ আহি পাই দেখিলো ভাৰত বন্ধৰ ডাঙৰ ডাঙৰ হেডলাইন খবৰ অসমৰ বাতৰি কাততত৷ ভাৰতৰ আন প্ৰদেশত বন্ধ হৈছেনে নাই নেজানো, অসমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷ অনেক ঠাইত হিংসাত্মক ঘটনাও হৈছে হেনো৷ আমাৰ অসমৰ ৰাইজৰ বাবে বন্ধ বুলি ক’লেই যেন এক উৎসৱৰ নিচিনা হৈ পৰিছে৷ এইখিনিতে ২০০৪/২০০৫ চন মানৰ এটা খবৰ মনত পৰিছে৷ মই তেতিয়া চেন্নাইত অধ্যয়নৰত আৰু কাঞ্চীপুৰমত থাকো৷ সেইবাৰো বিজেপিয়ে ভাৰত বন্ধৰ আহ্বান দিছে, কাৰণ কাঞ্চীপুৰমৰ শংকৰাচাৰ্য্যক কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বাৰু সেইটো বেলেগ কথা, আচল কথাটো শুনিলে ৰাইজৰ চকু কপালত উঠিব৷ মই ঘৰলৈ ফোন কৰিলো, আৰু গম পালো যে সেইদিনা ভাৰত বন্ধ আৰু অসমত তাৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ মইটো আচৰিত, আমাৰ ইয়াত একোৱেই নাই, সব খোলা, সাধাৰণ ভাৱে জন-জীৱন চলি আছে৷ বুজক ৰাইজে এতিয়া, কাঞ্চীপুৰমৰ ঘটনাক লৈ ভাৰত বন্ধ অথচ কাঞ্চীপুৰমৰ মানুহেই নেজানে আৰু অসমত সৰ্বাত্মক বন্ধ পালন৷ এইয়াই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ৷ কামত ফাঁকি দিয়া অসমীয়া জাতিয়ে খোলা হ’লেহে বেয়া পায়৷ আমাৰ মিডিয়াইও বন্ধ হ’লে ভাল পায়, গৰম গৰম ব্ৰেকিং নিউজ থাকে৷ সেয়ে দিনে দিনে অধঃপতন হৈছে আমাৰ জাতিৰ, এক ধূসৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ সমাজ, বিফল ৰাজনৈতিক নেতৃত্ব, বিফল বৌদ্ধিক নেতৃত্ব, বিফল সংবাদ মাধ্যম৷ |
প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে? |
(নৰৱেৰ ধৰ্মঘট সম্পৰ্কে বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ লিংক এটা দিলো৷ সাৱধানমূলক জেকেট পিন্ধা লোকৰ ফটো ইয়াত দেখা পাব৷) |
http://www.bbc.co.uk/news/world-europe-18188917 |
–**– |
← বিপ্লৱৰ ফেন্টাচী- (অজয় লাল দত্ত) |
আশা -(কাকলি বৰুৱা) → |
You May Also Like |
ইচ্ছাশক্তি – ড° সমাদৃতা গোস্বামী |
November 30, 2016 0 |
দুঃসাহসিক ভ্ৰমণ বিষয়ক দুখন গ্ৰন্থত ৰহস্যময় হিমালয় আৰু তিব্বত – ধীৰেন শইকীয়া |
June 16, 2020 0 |
পৃথিৱীতকৈ তিনিগুণ ডাঙৰ এটা নতুন গ্ৰহ – পংকজ বৰুৱা |
December 17, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Subsets and Splits