text
stringlengths
0
188k
[…] ৪) কৌতুক আৰু কাইথেলী অঙ্ক : দণ্ডীৰাম দত্তৰ অৱদান। লেখক: অভিজিত দত্ত। সাহিত্য ডট অৰ্গ্‌, জুন, ২০১৯। […]
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>আত্মজীৱনী (ইংৰাজী: Autobiography) এজন মানুহৰ জীৱনৰ স্ব-লিখিত বিৱৰণ বুলিও কোৱা হয়। ১৭৯৭ চনত ইংৰাজী সাময়িকী দ্য মান্থলী ৰিভিউত উইলিয়াম টেইলৰে প্ৰথমবাৰৰ বাবে "আত্মজীৱনী" শব্দটো অৱজ্ঞাসূচকভাৱে ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ এই শব্দটোক সংকৰ হিচাপে পৰামৰ্শ দিছিল, কিন্তু ইয়াক "পেডান্টিক" বুলি নিন্দা কৰিছিল। কিন্তু বৰ্তমানৰ অৰ্থত ইয়াৰ পৰৱৰ্তী ব্যৱহাৰ কৰিছিল ১৮০৯ চনত ৰবাৰ্ট চাউথীয়ে।[1]ঊনবিংশ শতিকাৰ আৰম্ভণিতে নামকৰণ কৰা সত্ত্বেও প্ৰথম ব্যক্তিৰ আত্মজীৱনীমূলক লেখাৰ উৎপত্তি হয় প্ৰাচীন কালত। ৰয় পাস্কেলে আত্মজীৱনীক আলোচনী বা ডায়েৰী লিখাৰ সময়ে সময়ে আত্ম-প্ৰতিফলিত পদ্ধতিৰ পৰা পৃথক কৰি লক্ষ্য কৰিছে যে "[আত্মজীৱনী] হৈছে সময়ৰ এটা বিশেষ মুহূৰ্তৰ পৰা এটা জীৱনৰ পৰ্যালোচনা, আনহাতে ডায়েৰীখন যিমানেই প্ৰতিফলিত নহওক কিয়, এটা ধাৰাবাহিকৰ মাজেৰে গতি কৰে।" সময়ৰ মুহূৰ্তৰ সংখ্যা"।[2] এইদৰে আত্মজীৱনীত ৰচনাৰ মুহূৰ্তৰ পৰাই আত্মজীৱনীৰ জীৱনৰ বুজ লয়। জীৱনীকাৰসকলে সাধাৰণতে বহুতো নথি আৰু দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে যদিও আত্মজীৱনী সম্পূৰ্ণৰূপে লেখকৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি লিখা হ’ব পাৰে। স্মৃতিগ্ৰন্থৰ ৰূপটো আত্মজীৱনীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত যদিও ই পাস্কেলে দাবী কৰা মতে আত্মজীৱনীকাৰে নিজৰ জীৱনৰ পৰ্যালোচনা কৰাৰ সময়ত আত্মাৰ ওপৰত কম আৰু আনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা থাকে। [2]
হিপ্পোৰ চেন্ট অগাস্টিনে প্ৰথম পশ্চিমীয়া আত্মজীৱনী 'কনফেচনছ' লিখিছিল,প্ৰায় ৪০০ চনত, ফিলিপ ডি চেম্পেইনৰ প্ৰতিকৃতি, ১৭ শতিকা।
সূচী
1 জীৱনী
1.1 জীৱন
1.2 আধ্যাত্মিক আত্মজীৱনী
1.3 স্মৃতিগ্ৰন্থ
1.4 কাল্পনিক আত্মজীৱনী
2 তথ্যউৎস
জীৱনীসম্পাদনা কৰক
জীৱনসম্পাদনা কৰক
আত্মজীৱনীমূলক ৰচনাবোৰ স্বভাৱতে বিষয়ভিত্তিক। লেখকে স্মৃতিসমূহ সঠিকভাৱে মনত পেলাবলৈ অক্ষমতা—বা অনিচ্ছা—কিছুমান ক্ষেত্ৰত বিভ্ৰান্তিকৰ বা ভুল তথ্যৰ সৃষ্টি কৰিছে। কিছুমান সমাজবিজ্ঞানী আৰু মনোবিজ্ঞানীয়ে লক্ষ্য কৰিছে যে আত্মজীৱনীই লেখকক ইতিহাস পুনৰ সৃষ্টি কৰাৰ ক্ষমতা প্ৰদান কৰে।[3]
আধ্যাত্মিক আত্মজীৱনীসম্পাদনা কৰক
আধ্যাত্মিক আত্মজীৱনী হৈছে লেখকৰ ঈশ্বৰৰ প্ৰতি কৰা সংগ্ৰাম বা যাত্ৰাৰ বিৱৰণ, তাৰ পিছত ধৰ্মান্তৰকৰণ এটা ধৰ্মীয় ধৰ্মান্তৰকৰণ, প্ৰায়ে পশ্চাদগমনৰ মুহূৰ্তৰ দ্বাৰা বাধাপ্ৰাপ্ত। লেখকে তেওঁলোকৰ জীৱনক ঈশ্বৰৰ সৈতে মুখামুখি হোৱাৰ জৰিয়তে ঐশ্বৰিক উদ্দেশ্যৰ প্ৰদৰ্শন হিচাপে পুনৰ ফ্ৰেমৱৰ্ক কৰিছে। আধ্যাত্মিক আত্মজীৱনীৰ আদিম উদাহৰণ হ'ল অগাস্টিনৰ কনফেচনছ যদিও পৰম্পৰাটোৰ সম্প্ৰসাৰণ ঘটি জাহিদ ৰোহাৰীৰ এণ অটোবায়'গ্ৰাফী আৰু ব্লেক এলক স্পিকছৰ দৰে গ্ৰন্থত অন্যান্য ধৰ্মীয় পৰম্পৰাকো অন্তৰ্ভুক্ত কৰা হৈছে। আধ্যাত্মিক আত্মজীৱনীখনে প্ৰায়ে তেওঁলোকৰ ধৰ্মৰ সমৰ্থন হিচাপে কাম কৰে।[4]
স্মৃতিগ্ৰন্থসম্পাদনা কৰক
স্মৃতিগ্ৰন্থ এখন আত্মজীৱনীৰ পৰা চৰিত্ৰত অলপ বেলেগ। আত্মজীৱনীত সাধাৰণতে লেখকৰ "জীৱন আৰু সময়"ৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও স্মৃতিগ্ৰন্থ এখনত লেখকৰ স্মৃতি, অনুভৱ আৰু আৱেগৰ ওপৰত অধিক চমু, অধিক অন্তৰংগ মনোনিৱেশ কৰা হয়। ৰাজনীতিবিদ বা সামৰিক নেতাসকলে তেওঁলোকৰ ৰাজহুৱা কাৰ্যকলাপৰ বিৱৰণ লিপিবদ্ধ কৰি প্ৰকাশ কৰাৰ উপায় হিচাপে প্ৰায়ে স্মৃতিগ্ৰন্থ লিখি আহিছে। এটা প্ৰাৰম্ভিক উদাহৰণ হ’ল জুলিয়াছ চিজাৰৰ কমেণ্টেৰী ডি বেলো গেলিকো, যাক কমেণ্টেৰীজ অন দ্য গেলিক ৱাৰছ বুলিও কোৱা হয়। গ্ৰন্থখনত ছিজাৰে গেলিক যুদ্ধত স্থানীয় সেনাৰ সৈতে যুঁজি কটোৱা ন বছৰত সংঘটিত হোৱা যুদ্ধৰ বিষয়ে বৰ্ণনা কৰিছে। তেওঁৰ দ্বিতীয়খন স্মৃতিগ্ৰন্থ Commentarii de Bello Civili (বা Commentaries on the Civil War) হৈছে খ্ৰীষ্টপূৰ্ব ৪৯ৰ পৰা ৪৮ চনৰ ভিতৰত গ্নিয়াছ পম্পেইয়াছ আৰু চেনেটৰ বিৰুদ্ধে গৃহযুদ্ধত সংঘটিত হোৱা পৰিঘটনাৰ বিৱৰণ। [5]
কাল্পনিক আত্মজীৱনীসম্পাদনা কৰক
"কাল্পনিক আত্মজীৱনী" শব্দটোৱে কোনো কাল্পনিক চৰিত্ৰৰ বিষয়ে লিখা উপন্যাসক বুজায় যেন চৰিত্ৰটোৱে নিজৰ আত্মজীৱনী লিখিছে, অৰ্থাৎ চৰিত্ৰটো প্ৰথম ব্যক্তিৰ কথক আৰু উপন্যাসখনে চৰিত্ৰটোৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা অভিজ্ঞতাকে সম্বোধন কৰিছে। ডেনিয়েল ডিফ’ৰ মল ফ্লেণ্ডাৰছ ইয়াৰ আৰম্ভণিৰ উদাহৰণ। চাৰ্লছ ডিকেন্সৰ ডেভিদ কপাৰফিল্ড এনে আন এটা ক্লাছিক, আৰু জে ডি চেলিংগাৰৰ দ্য কেচাৰ ইন দ্য ৰাই কাল্পনিক আত্মজীৱনীৰ এক সুপৰিচিত আধুনিক উদাহৰণ। মূল সংস্কৰণৰ প্ৰথম পৃষ্ঠাত উল্লেখ কৰা অনুসৰি চাৰ্লট ব্ৰণ্টেৰ জেন আয়াৰ কাল্পনিক আত্মজীৱনীৰ আন এক উদাহৰণ। প্ৰকৃত চৰিত্ৰৰ আত্মজীৱনী বুলি কোৱা কল্পকাহিনীৰ ৰচনাসমূহৰ ক্ষেত্ৰতো এই শব্দটো প্ৰযোজ্য হ'ব পাৰে, যেনে, ৰবাৰ্ট নাইৰ মেম'ইৰছ অৱ লৰ্ড বাইৰন।[6]
তথ্যউৎসসম্পাদনা কৰক
↑ "autobiography", Oxford English Dictionary
↑ 2.0 2.1 Pascal, Roy (1960). Design and Truth in Autobiography. প্ৰকাশক Cambridge: Harvard University Press.
↑ "Autobiography". Essaydepot. https://www.essaydepot.com/doc/41066/A-Study-On-Mobile-Communication-System। আহৰণ কৰা হৈছে: 16 July 2022.<eot>প্ৰতিটো জাতিৰে নিজৰ একোটা জাতীয় উৎসৱ আছে। সেই জাতীয় উৎসৱৰ দ্বাৰা জাতিটোৰ নিজা সংস্কৃতি প্রকাশ পায়। অসমীয়া জাতিৰ জাতীয় উৎসৱ হ’ল বিহু । বিহু, কৃষি সম্পর্কীয় আনন্দৰ উৎসৱ।
শ্রেণী আৰু বিৱৰণঃ
বিহু তিনিটা, চ'ত আৰু ব'হাগৰ দোমাহীত (সংক্রান্তি) ৰঙালী বিহু, আহিন কাতিৰ দোমাহীত কঙালী বিহু আৰু পুহ আৰু মাঘৰ দোমাহীত ভােগালী.বিহু অনুষ্ঠিত হয়।
চ'ত আৰু ব'হাগৰ দোমাহীত পতা বিহুক ৰঙালী বিহু বা ব'হাগ বিহু বােলা হয়। সাদিন ধৰি এই বিহু পালন কৰা হয় যদিও ঘাইকৈ তিনিদিনহে প্রকৃততে উৎসৱ মুখৰ হয়। বিহুৰ প্রথম দিনটো অথাৎ চ'তৰ শেষ দিনা গৰু বিহু। পুৱাতে গৰু-ম'হক মাহহালধি সানি ওচৰৰ খাল, পুখুৰী বা নৈ আদিত গা ধুৱায় । তাৰ পাছত বাঁহৰ শলাত (চাট) গাঁথি নিয়া লাও, বেঙেনা, হালধি, কেৰেলা আদি গৰুক খুৱাই চৰিবলৈ এৰি দিয়ে। মানুহেও গা ধুই গোঁসাইক সেৱা কৰি জ্যেষ্ঠ জনক সেৱা জনায়। নাহৰ পাতত
মহাদেৱৰ মন্ত্ৰ লিখি ঘৰত আৰি থয়। এনেকৈ থলে বতাহ-বৰষুণৰ পৰা ৰছৰটোত ৰক্ষা পৰে বুলি ভবা হয়। আবেলি গৰু ঘৰলৈ আহিলে জাগ দি নতুন পঘাৰে বন্ধা হয়। দীঘলতি, মাখিয়তি পাতেৰে গৰুক বিচা হয় আৰু লাও পিঠা খুৱাই ধুপ-ধুনা জ্বলায়। ৰাতিলৈ মানুহে জেতুকা পিন্ধে।
বিহু নাচ ( মুকলি বিহু )
ব'হাগৰ প্ৰথম দিনা মানুহ বিহু। পুৱাতে উঠি মাহ-হালধি সানি গা-ধুই মানুহে বিহুৱান (নতুন গামােচা) লয়, নতুন কাপােৰ পিন্ধে। নামঘৰ, গোঁসাই ঘৰত নাম কীর্তন কৰে। ডেকা-গাভৰু সকলে ঢােল-পেপা, গগণা, তাল আদিৰে মানুহৰ ঘৰে ঘৰে হুঁচৰি গায়। ব'হাগ বিহু প্রকৃততে আনন্দ উৎসৱ। খােৱাতকৈ আনন্দ কৰাহে এই বিহুৰ উদ্দেশ্য। সেইবাবেই এই বিহু ৰঙালী বিহু বুলি কোৱা হয়। ৰঙালী বিহুৰ মূল আকর্ষণ হুঁচৰি। এসময়ত এই হুঁচৰি পথাৰত গছৰ তলত গাইছিল। আজিকালি নগৰচহৰ সকলাে ঠাইতে বিহু সন্মিলন পতা হয়। এই বিহু অসমৰ সকলাে জনজাতিয়েই নিজা সংস্কৃতিৰে পালন কৰে।
আহিন-কাতি মাহৰ দোমাহীত কাতি বিহু বা কঙালী বিহু হয়। এই বিহুৰ তাৎপর্য হ’ল ধাননি পথাৰত, ঘৰৰ উন্নতিৰ বাবে তুলসী ভেটি সাঁজি নতুন তুলসী গছ কই সন্ধ্যা চাকি জ্বলাই নাম-কীৰ্তন কৰা হয়। এই সময়ছােৱাত মানুহৰ অভাৱ হয় বাবে খােৱা বা আনন্দ কৰা নহয়। সেই বাবেই কঙালী বিহু বুলি কোৱা হয়। এই বিহুৰ ব্যাপকতাও কম।
পুহ আৰু মাঘ মাহৰ দোমাহীক মাঘ বিহু বা ভােগালী বিহু বুলি কোৱা হয়। পুহ । মাহত খেতিয়কে খেতি চপাই ভঁৰাল পূর্ণ কৰে। বাৰীত আলু, শাক-পাচলি, মাছৰাে। উভৈনদী হয়। সেইবাবে এই বিহুত খােৱা-লােৱা বেছি হয়। বিহুৰ আগদিনা উৰুকা ।
সেইদিনা পিঠা-পনা কৰে, ৰাইজে সামূহিক ভাৱে ভােজ-ভাত খায়। পথাৰ, নামঘৰ, বা ঘৰে ঘৰে বাঁহ কাঠেৰে মেজি সাঁজে। বিহুৰ দিনা পুৱাই গা ধুই সেই মেজি জ্বলাই দিয়ে। নামনি অসমত ভেলাঘৰ সাঁজি (খেৰৰ) জুই জ্বলােৱা হয়। উৰুকাৰ ৰাতি বহুতেই ৰং ৰহইচ কৰি উজাগৰে থাকে। বিহুৰ দিনা নামঘৰ্ত, নাম-কীর্তন কৰে। ইঘৰৰ মানুহ সিঘৰলৈ গৈ, খােৱা-বােৱা কৰে। মাঘ বিহুত ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুজ, নাও খেল আদি হয়। নগাঁও আৰু নামনি অসমত এই বিহু ব্যাপক ভাৱে পালন কৰা হয়।
সামৰণিঃ
বিহু আমাৰ জাতীয় উৎসৱ। এই বিহুত অসমীয়াৰ নিজস্বতা প্রকাশ পায়। সকলাে জনজাতি আৰু অজনজাতি মিলি যে অসমীয়া জাতি গঠন হৈছে বিহুয়েই তাক প্রমাণ কৰিছে। সেইবাৰে বিহুক অসমীয়া জাতিৰ 'একতাৰ উৎসৱ'।<eot>‘কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যু আমাৰ সমাজ তথা বৌদ্ধিক জগতৰ বাবে অপূৰণীয় ক্ষতি’। বিশিষ্ট চিন্তাবিদ, সমাজকৰ্মী, ৰাজনীতিক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত এইদৰে গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আজি মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তাত কয় যে সমাজ জীৱনলৈ কৰ্ণেল গোস্বামীয়ে যি অৰিহণা আগবঢ়াই গৈছে সেয়া ৰাজ্যৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব। বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়াত গোস্বামীয়ে নিৰ্মোহ বিশ্লেষণ আগবঢ়াই গৈছে।
দীঘলীপুখুৰী পাৰত যুদ্ধ স্মাৰক নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰয়াত গোস্বামীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল। তদুপৰি কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰি বৌদ্ধিক জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱা বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।
এই শোক বাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে কৰ্ণেল গোস্বামীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, এগৰাকী স্তম্ভলেখক আৰু দেশৰ প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ বৃহস্পতিবাৰে মাজনিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটিছিল।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অভিভাৱকে সময়ত মাচুল দিব নোৱৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে বৰপেটাৰোডত। বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনত এই ঘটনা সংঘটিত হৈছে।
জানিব পৰামতে বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্ভুক্ত বিদ্যালয়খনত ছমহীয়া পৰীক্ষাৰ পূৰ্বে সকলো অভিভাৱকক জুন মাহ পৰ্য্যন্ত মাচুল আদায় দিবলৈ জনোৱা হৈছিল, যদিও তাৰ পিছতো ভালে সংখ্যক অভিভাৱকে মাচুল আদায় দিব পৰা নাছিল।
কিন্তু সেই কাৰণতে বিদ্যালয় কৰ্তৃপক্ষই এই মাচুল অনাদায় থকা ছাত্ৰ-ছাত্ৰীসকলক আজিৰ পৰা অনুষ্ঠিত ছমহীয়া পৰীক্ষাত বহিবলৈ দিয়া নহ’ব বুলি বাহিৰত এখন ব’ৰ্ডত জাননী দিয়ে। কেৱল সেয়াই নহয়, এই ছাত্ৰী-ছাত্ৰীসকলক এটা সুকীয়া কোঠাত ভৰাই আবদ্ধ কৰি ৰখা হয় আৰু বাকীসকলৰ পৰীক্ষা লোৱা হয়।
তাৰ ফলত অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হয়। পিছত অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পৰিণতিত এঘন্টা পলমকৈ তেওঁলোকক পৰীক্ষা দিবলৈ দিয়া হয়৷
আনহাতে এই লৈ বিদ্যালয়খনৰ বাহিৰতো আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বেচৰকাৰী বিদ্যালয়ে মাচুলৰ নামত এইদৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলিব পৰাটোৱে চৰকাৰৰ এই সম্পৰ্কীয় সুস্পষ্ট নীতি নথকাটোকে সূচায় বুলি কয় সচেতন নাগৰিকসকলে।
“শিক্ষাবৰ্ষ শেষ হোৱা নাই নহয় যে এই অভিভাৱকসকলে মাচুল নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক পণবন্দী কৰিব লাগিব। কিবা অসুবিধা থাকিব পাৰে। পৰীক্ষাৰ বহী বা নম্বৰ নিদিয়াকৈ ৰখাই থোৱাৰ ব্যৱস্থাটোও ল’ব পাৰিলে হেঁতেন বিদ্যালয় কৰ্তৃপক্ষই।” এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক বিদ্যালয়খনৰে এজন অভিভাৱকে।
Recent News
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ
আসন এক, প্ৰাৰ্থী অনেক! মুখ্যমন্ত্ৰীৰ পদবীত কোন- আজি বৈঠকত সিদ্ধান্ত ল’ব হিমাচল কংগ্ৰেছে
চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অলিম্পিক স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলীট নীৰজ চোপ্ৰাক পৰম বিশিষ্ট সেৱা মেডেল সন্মানেৰে সন্মানিত কৰা হ’ব।
অহা কাইলৈ অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়ত তাৰকা খেলুৱৈ গৰাকীক এই সন্মান প্ৰদান কৰা হ’ব।
ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI এ আজি টুইট কৰি কয়, “টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ৪ ৰাজপুতানা ৰাইফলছৰ সুবেদাৰ নীৰজ চোপ্ৰাই গণতন্ত্ৰ দিৱসত পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হ’ব।”
Tokyo Olympics Gold medalist Subedar Neeraj Chopra of 4 Rajputana Rifles awarded the Param Vishisht Seva Medal on Republic Day
(File photo) pic.twitter.com/LqS3g1yfLz
— ANI (@ANI) January 25, 2022
উল্লেখ্য যে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই যোৱা বৰ্ষত অনুষ্ঠিত টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰিছিল।
২০০৮ চনত বেইজিংত অভিনৱ বিন্দ্ৰাৰ স্বৰ্ণ জয়ৰ পিছত অলিম্পিকত ই এইয়া আছিল ব্যক্তিগত শাখাত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক।
আনহাতে ট্ৰেক এণ্ড ফিল্ড শাখাত ব্যক্তিগত ভাৱে অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল নীৰজ চোপ্ৰা।
স্মৰ্তব্য যে যোৱা বৰ্ষত নীৰজ চোপ্ৰাক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ