text
stringlengths 0
188k
|
---|
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 14 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>মুকালমুৱা : ক’ভিডৰ তৃতীয়টো ঢৌৰ লহৰৰ মাজতেই ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ প্রান্তে প্রান্তে ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাইজ। ইতিমধ্যে ভেলা ঘৰ মেজি নিৰ্মাণ কৰি উৰুকাৰ নিশা সকলো মিলি এসাজ খাবলৈ সকলো অপেক্ষাত। |
ভোগালীক আদৰণি জনাবলৈ সমগ্ৰ ৰাজ্যবাসীৰ লগতে এতিয়া তত নাই নালবাৰীবাসী ৰাইজৰ। আনন্দত আত্মহাৰা হৈ পৰিছে জিলাখনৰ ডেকাৰ পৰা বৃদ্ধলৈকে৷ ভোগালীকলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে নলবাৰী জিলাৰ বাউসীয়াপাৰা গাঁওবাসীৰ মাজত। |
প্ৰতি বছৰে এক ব্যতিক্ৰমী ভেলা ঘৰ আৰু মেজি নিৰ্মাণ কৰি বাউসীয়াপাৰা গাঁওবাসীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এইবেলিও এক ব্যতিক্ৰমী ভেলা ঘৰ নিৰ্মাণ কৰিছে বাউসীয়াপাৰা গাঁৱৰ ৰাইজে। এইবেলি নাও আকৃতিৰ এটি ভেলা ঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে বাউসীয়াপাৰাত। |
ভোগালী বিহুলৈ মাজত মাজত কেইটামান দিন বাকী থকা অৱস্থাত নাও আকৃতিৰ এই ভেলা ঘৰখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত আনন্দত আত্মহাৰা হৈছে গাঁওবাসী। বিশেষকৈ যুৱতী আৰু মহিলা সকলে বহু নাম গাই আৰু বহু নৃত্য কৰি প্ৰকাশ কৰিছে আনন্দ। |
নালবাৰী জিলাৰ বাউসীয়াপাৰা গাঁৱৰ ৰাইজ ভোগালীক আদৰিবলৈ প্ৰস্তুত যদিও ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে গাঁওবাসীৰ মাজত নাই পূৰ্বৰ দৰে উৎসাহ। এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিয়ম পালন কৰি উৰুকা পালন কৰিব বাউসীয়াপাৰা গাঁৱৰ ৰাইজে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 12 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 22 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ |
Read More... |
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 14 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>জীৱনত কিছুমান বিশেষ বস্তুই বেলেগ ভাৱে আকৰ্ষণ কৰে৷ তেনে বস্তু দেখিলেই এবাৰলৈ হ’লেও দৃষ্টি ৰৈ যায় তাত, হয়তো কিছু কৌতুহল, কিছু ৰোমাঞ্চ, কিছু স্মৃতি নতুবা কিছু অহৈতুকী প্ৰীতিৰে৷ সৰুতে যেতিয়া স্কুললৈ গৈছিলো, মোৰ স্মৃতিৰ জোলোঙা জোকাৰিলে পাওঁ, সেই সময়ত আমাৰ ঘৰত খুব সম্ভৱ এটিয়ে ছাতি আছিল, বেঁকা মুঠিৰ কাঠৰ দাণ্ডিৰে ডাঙৰ দীঘল ছাতিটো দেউতাই স্কুললৈ নিছিল৷ ডাঙৰ ছাতিটোৰ তলত প্ৰয়োজনত আমাৰ প্ৰায় চাৰিওটা ভাই-ভনীকে দেউতাই সুমুৱাই ল’ব পৰা আছিল৷ ঘৰে পথাৰে ল’বলৈ প্ৰায়বোৰ ঘৰতেই আছিল বাঁহ আৰু টকৌ পাতেৰে নিৰ্মিত জাপি৷ জাপি স্কুললৈ নিব পৰাকৈ আমি সেইদিনত ইমান পুৰণিদিনৰ বুলি ভবা নাছিলো আৰু ছাতি নিবলৈও আমি আধুনিক বা সচ্ছল জীৱনৰ অধিকাৰী হৈ পৰা নাছিলো৷ তেতিয়া আমি বৰষুণত বাটৰ কাণত থকা কচুৱনিৰ পৰা ডাঙৰ কচুপাত এটি চিঙি লৈয়ে বৃথা চেষ্টা কৰিছিলো বৰষুণ ৰোধ কৰিবলৈ৷ দাপৰীয়া বৰষুণে ঘৰ আহি পোৱালৈ চিৰাচিৰ কৰিছিল কচুপাত৷ এতিয়া সেই কচুৱনিবোৰ আলিৰ কাণত নাই৷ কাচিৎ কৰবাত তেনে এটি কচুপাত দেখিলে মনটো মূহূৰ্ত্তৰ ভিতৰত উভতি দৌৰে ল’ৰালিলৈ আৰু কচুপাতটো হৈ পৰে এখন্তেকৰ বাবে দৃষ্টি কাঢ়ি নিয়া মোৰ আকৰ্ষণৰ বস্তু৷ |
হাইস্কুলত পঢ়ি থকা দিনত বাইদেউক দিয়া হৈছিল এটি ফুলাম দীঘল ছাতি৷ বাইদেউ স্কুললৈ নাযাবৰ দিনা সেইটো হাতত লৈ মই যেতিয়া স্কুললৈ যাওঁ তেতিয়া মোৰ মনত এক বেলেগ ধৰণৰ আনন্দ আৰু গৌৰৱে বাহ লয়৷ এতিয়া মনত পৰিলে ভাৱোঁ মোৰ সেই গৌৰৱ আৰু আনন্দ পৃথিৱী জয় কৰি অহা নেপোলিয়নৰ গৌৰৱ আৰু আনন্দতকৈ যেন কোনো গুণেই কম নাছিল৷ ডাঙৰ বুলি বাইদেৱে সকলো বস্তু আগতে পাইছিল৷ কলেজ পাওঁতে পালে এটি মেড ইন চাইনা কলম আৰু এটি দুভাঁজ কৰিব পৰা ছাতি, মানে ফল্ডিং ছাতি৷ কলেজ মানেই গাড়ীত অহা-যোৱা আৰু গাড়ীত দীঘল ছাতি নিলে হেণ্ডিমেন কণ্ডাক্টৰে বন্দুক বুলি জোকায়৷ সেয়ে তাই ফল্ডিং ছাতি পোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগে তাইৰ আগৰ দীঘল নলীয়া জোঙা ছাতিটো মোৰ হ’লগৈ৷ মোৰ নিজাকৈ এটি ছাতি হোৱাত আনন্দ যিমান লাগিছিল সিমান দুখ লাগিছিল সৰু হৈ ওপজি সকলো আধা পুৰণি বস্তু পোৱাৰ বাবে৷ এটা ফল্ডিং ছাতিয়ে মোৰ স্বপ্নত বহুদিন বৰষুণ আগুৰি থাকিল৷ পিছত যেনিবা পালোঁ আকৌ সেই আধাপুৰণিটো৷ এটি নীলা ৰঙৰ চুইচ টিপা ছাতিয়ে মোৰ কলেজীয়া দিনকেইটাৰ প্ৰায়খিনি সময় আৱৰি ৰাখিছিল৷ সেইটোও মোক কিনি দিয়া নহয়৷ তথাপি নিম্নবৃত্ত পৰিয়ালৰ সন্তান হৈ মোকাবিলা কৰি চালোঁ সকলো পুৰণি আৰু মনে নিমিলাৰ সৈতে৷ এদিন সেইটো কলেজৰ পুথিভঁৰালত এৰি আহিলোঁ৷ পিছত মনত পৰি বিচাৰি গৈ আৰু নাপালোঁ৷ বৰ দুখ লাগিছিল ছাতিটো হেৰুৱাই৷ |
উপাৰ্জনমুখী হৈ উঠাৰ লগে লগে কিনি ল’লো এটি মোৰ পচন্দৰ বেঙুনীয়া ৰঙৰ তিনি ভাঁজ কৰিব পৰা ছাতি৷ এদিন হেৰাই থাকিল গাড়ীত সেইটোও৷ আকৌ কিনিলোঁ দুই ভাঁজৰ এটি, সেইটোও গাড়ীত হেৰাল৷ আকৌ কিনিলোঁ, আৰু হেৰোৱা নাই যদিও ৰং উৱলি গ’লেই আকৌ কিনোঁ৷ ছাতিৰ প্ৰতি থাকি গ’ল এক অহৈতুকী মোহ৷ হাতত ছাতি থাকিলেও চাওঁ বজাৰৰ চকুত লগা ছাতি কেইটা৷ কিন্তুু মন কৰিছোঁ বেগত লোৱাৰ সুবিধাৰ বাহিৰে আৰু একো সুবিধা নিদিয়ে এই নিত্য নতুন ছাতিবোৰে সেই পুৰণি দীঘল ছাতিটোৰ দৰে৷ তাত নিজৰ লগতে লগত যোৱাগৰাকীকো ল’ব পাৰিছিলো তলত সুমুৱাই আৰু এতিয়াৰ ছাতিবোৰৰ দৰে এচাটি বতাহতে উলটি যোৱাৰ দৰে নিশকটীয়াও নাছিল সেই ছাতিবোৰ, যি প্ৰয়োজনত হৈ পৰিছিল আমাৰ আত্মৰক্ষাৰো আহিলা৷ সাম্প্ৰতিক সময়ৰ ব্যক্তিকেন্দ্ৰিকতাৰ বিপৰীতে সেই ছাতিবোৰ যেন আছিল সমাজকেন্দ্ৰিক, অৰ্থাৎ মোৰ বিপৰীতে আমাৰ৷ এতিয়া ভাবোঁ আমি যেন আধুনিক হৈছোঁ কেৱল ব্যাহ্যিকতা প্ৰদৰ্শনত, এটি ৰঙীন ফুলাম ভাঁজযুক্ত ছাতি লৈ আত্মসন্তুষ্টি লভিছোঁ, যিয়ে সঠিকভাৱে ৰোধ কৰিব নোৱাৰে প্ৰখৰ ৰ’দ, সহিব নোৱাৰে বতাহযুক্ত বৰষুণ৷ কোৱা হয়— ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, কিন্তুু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে৷ , কিন্তুু এই আধুনিক নিশকটীয়া ছাতিবোৰে সেই সাহস অথবা আত্মবিশ্বাস দিব পাৰিবনে? মোৰ এনে লাগে এইবোৰ তাহানিতে আমি চিঙি লোৱা কচুপাতৰেই নামান্তৰ৷ |
ছাতিবোৰ ডাঙৰ আছিল, বহল আছিল, মনবোৰো ডাঙৰ আছিল, বহল আছিল৷ ছাতিবোৰ সংকুচিত হ’ল, হাতৰ পৰা বেগত ল’ব পৰা, মনবোৰো সংকুচিত হ’ল, আনক দিব নোৱাৰাকৈ ৰ’ল দুখন খালী হাত৷ |
এতিয়া তেনে এটি ছাতি লাগে যিয়ে বৰষুণত থিয় হোৱাৰ সাহস দিয়ে কেৱল মোক নহয়, মোৰ সৈতে মোৰ সংগীজনক, বন্ধুজনক, আমাক, আমাৰ সমাজখনক৷ তেনে এটি ছাতিৰ অভাৱত যেন হেৰাই গৈছে আত্মবিশ্বাস ধুমুহা বৰষুণৰ মাজেৰে মানুহ হৈ খোজ কঢ়াৰ৷ |
হেজাৰ বিজাৰ নৈৱ প্ৰযুক্তিৰ ছাতিৰ মাজত সেই ছাতিটো বিচাৰি মই জীৱনৰ বিপনিত প্ৰতিদিনেই এবাৰলৈ চাওঁ, কোনটো চুকত ওলমি আছে মোক আত্মবিশ্বাস দিব পৰা সেই ছাতিটো যি আত্ম বিশ্বাসে এটি পৰিয়ালক পৰিয়াল, এখন ঘৰক ঘৰ, দেশক দেশ আৰু পৃথিৱীক পৃথিৱী কৰি আৱৰি ৰাখি, মোক আমিলৈ উত্তৰণ ঘটাই ধুমুহা বৰষুণৰ মাজতো একেটা বিন্দুত একেলগে থিয় কৰাই সফল কৰি তোলে মানুহৰ জয়যাত্ৰা৷ |
টোকা: |
দাপৰীয়া– দোপালপিতা বৰষুণ বুজাবলৈ ব্যৱহাৰ কৰা কথিত শব্দ৷ ■■ |
← কেলকুলেটৰ -চামচুল হক |
সাৱিত্ৰী -লম্বোদৰ গগৈ → |
You May Also Like |
বিসৰ্জন (ৰূপাংকৰ চৌধুৰী) |
August 14, 2014 0 |
তিনিবাৰত নিবাৰ (এটা আধৰুৱা গল্প) (প্ৰতিভূ দত্ত) |
April 14, 2013 0 |
সপোনৰ_বিষয়ে_কিছু_কথা – হিতেশ্বৰ শৰ্মা |
October 19, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>মানহানিৰ গোচৰত তিৰুৱনন্তপুৰম আদালতে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ জাননী জাৰি কৰিছে। অহা ২ মে’ত প্ৰসাদক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। |
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ তৰিছিল তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে। |
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ২০১৮চনৰ ডিচেম্বৰত তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ পত্নী সুনন্দ পুষ্কৰৰ মৃত্যুকলৈ কুৰুচিপূৰ্ণ মন্তব্য কৰিছিল। |
এই ঘটনাক লৈ কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰথমতে আইনী জাননী প্ৰেৰণ কৰি শশী থাৰুৰক ‘হত্যাকাৰী’ বুলি কোৱাৰ বাবে নি:চৰ্ত ক্ষমা খোজাৰ দাবী কৰে। |
শশী থাৰুৰে জানিবলৈ দিয়া মতে, ভাৰতীয় দণ্ডবিধিৰ ৩০৮ আৰু ৪৯৮ ধাৰা অনুসৰি দিল্লী আৰক্ষীয়ে সুনন্দ পুষ্কৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত সমাপ্ত কৰে। |
তেওঁলোকে ইয়াৰোপৰি অতিৰিক্ত মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত এটি চূড়ান্ত প্ৰতিবেদনো দাখিল কৰে। |
উক্ত প্ৰতিবেদনত হত্যাৰ কোনো তথ্য উল্লেখ কৰা নাছিল বুলি কংগ্ৰেছ সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে। |
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে জনায় যে ২৮ অক্টোবৰত ৰবিশংকৰ প্ৰসাদে এটি ২ মিনিট ১৮ ছেকেণ্ডৰ ভিডিঅ’ প’ষ্ট কৰিছিল। |
তাত ৰবিশংকৰ প্ৰসাদে সাংবাদ মেলত বহি শশী থাৰুৰৰ বিৰুদ্ধে একাধিক মিছা, বিদ্বেষমূলক তথা মানহানিকৰ মন্তব্য প্ৰকাশ কৰিছিল। |
থাৰুৰে জানিবলৈ দিয়ে যে কেবল মাত্ৰ ভুল তথ্য প্ৰচাৰ কৰিবলৈ তথা অপমান কৰিবলৈকে প্ৰসাদে এনে মন্তব্য কৰিছিল। |
ৰাইজৰ আগত কংগ্ৰেছ সাংসদগৰাকীৰ মানহানি কৰিবলৈকেই কেন্দ্ৰীয় আইন মন্ত্ৰী গাৰীকয়ে এনেধৰণৰ কাম কৰিছিল বুলি থাৰুৰে অভিযোগ কৰে। |
ইপিনে, তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে জাননী প্ৰেৰণ কৰি ৪৮ ঘন্টাৰ ভিতৰত ৰবিশংকৰ প্ৰসাদক নি:চৰ্ত ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে তেওঁৰ টুইটাৰৰ পৰা মিছা তথ্যৰে ভৰা ভিডিঅ’টো অঁতৰাই দিবলৈকো কয়। |
Subsets and Splits