doc_id
large_stringlengths 32
64
| text
large_stringlengths 0
560k
| type
large_stringclasses 3
values |
---|---|---|
b0dc87533681ed2ac678850fad845f82a3091a5e | ৰিভলভাৰ (- নিশাংক মিলন )
কান্ট্ৰি চং এটাৰ দৰে পাৰ হৈ যায় তেঁও,
থকাসৰকা চহৰ আহত নিদ্ৰাৰ ;
চাল্লা কি যে ব্যাপাৰ !
তাৰিত ডুবি থাকে মাতাল কলিজা,
বাগৰি হাঁহাকাৰ !
মাৰিজুৱানা নে লিপ-লাইনাৰ ?
মহা হেংঅভাৰ !
কিম্বা শূন্যতাৰ কয়দী;
পুৰাতন অৰ্থহীনতাৰ শিকলি চিগি,
কালৰ খোপাৰ আকাশীগংগা ;
বুকুত চিগাৰেটৰ ধোঁৱাৰ আন্দোলন,
জ্বলাই থৈ আহিছো মোৰ মুক্তিৰ চিতাত,
আৰু ঘোষণা কৰিছো জীৱনৰ বাবে জীৱৰ জেহাদ;
মাডাম,
স্বৰ্গৰ লজেন্স আপোনাৰ হাততেই ৰাখক;
লোলুপ দৰ্শক;
তাতকে দেখোন বাঈজীৰ কোঠাই ভাল ! !
চ্চিল্ড বিয়েৰ আৰু চিকেন পকোৰাৰ শ্লোক পঢ়ক,
পাৰ হওক বৈতৰণী,
ডিচকাউন্ট ৰে'টত ! !
নে কি কয় ? ?
সংযমৰ ষোড়শোপাচাৰ,
উলংগ নগৰত ধোবাৰ কি কাম ? ?
ফাঁচিকাঠত ওলমক চব পয়গম্বৰ, চব অৱতাৰ ;
ভৰি থৈ নামি আহক মৈথুন মনচুন,
তিতক এই আকাশ ব্যোম,
আৰু মানুহ হৈ পৰক ভালপোৱাৰ শ্ৰেষ্ঠতম চমত্কাৰ;
যেন কোনো দুৰ্দ্ধৰ্ষ গেৰিলা,
মই তুলিকাৰ ৰাতি আৰু আপুনি উজাগৰ মনালিচা;
আঃ কি যে মজা !
মাডাম,
চৌপাশে যদি কেৱল শূন্যতাৰ ব্ৰেকেট,
অৰ্থনো ক'ত ?
এই জীৱনৰ স্থাপত্যই হয় যদি মহাশূন্যৰ হাতৰ অসমাপ্ত নিৰ্মাণ,
কি পাব ঢেলপুঙা বিগ্ৰহত ঢালি আয়ুসৰ মিঠা মদ;
আৰু আপুনি নাচে,
আৰু বাৰে বাৰে মুখথেকেচা খাই পৰে,
হে হে শিকলি পিন্ধা বান্দৰ হৈ আৰুনো কিমান নাচে ?
বিষাদৰ উপবাস, শান্তিৰ ব্ৰত;
ধোঁৱাচাঙত তুলি থওক যুক্তিৰ শুকান লাওখোলা,
আৰু হিয়া খুলি আত্মহত্যাৰ মজা লওক;
হাঁওফাও ভৰাই প্ৰেমৰ অম্লজান লোৱা;
সুখৰ শীতত, দুখৰ জাৰত চুমাৰ চুৰট হোঁপক,
আপোনাৰ চকুৰ দিয়াচলাইৰে জ্বলাই দিয়ক;
অৰ্থহীনতাৰ অৰ্থক !
জাগৃতিৰ যুক্তিনো ক'ত ?
মানুহ হৈ ভালপাই চাওক মোক, মই আপোনাক;
প্ৰেম হব চিৰসুন্দৰ ঈশ্বৰ আমাৰ ;
স্বৰ্গৰ কি দৰকাৰ ?
ঈশ্বৰ নাম যাৰ ! ! | web |
cfbe53ac2b52d24f9e9186246700bd7d0768d430 | মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে গোৱালপাৰা জিলাৰ বানপীড়িত অঞ্চল ভ্ৰমণ কৰি বানপীড়িত ৰাইজৰ পৰিস্থিতিৰ বুজ লয়।
শুকুৰবাৰে গোৱালপাৰা জিলা ভ্ৰমণৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দ্বাৰকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি তাত আশ্ৰয় গ্ৰহণ কৰা শিশুসকলৰ লগতে অন্যান্য আৱাসীসকলৰ সৈতে মত-বিনিময় কৰে।
শিবিৰ দুটাত আশ্ৰয় গ্ৰহণ কৰা লোকসকললৈ পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য, খোৱাপানী, চিকিৎসা আদি সা-সুবিধা আগবঢ়াবলৈ জিলা উপায়ুক্তক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
যিহেতু সামাজিক দূৰত্ব কোভিড-১৯ক পৰাভূত কৰাৰ মূল অস্ত্ৰ হিচাপে বৰ্তমানলৈ পৰিগণিত হৈছে সেয়ে আশ্ৰয় শিৱিৰসমূহতো কঠোৰ ৰূপত সামাজিক দূৰত্ব বাহাল ৰখাতো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব বুলি সোণোৱালে লগতে কয়।
মুখ্য মন্ত্ৰীয়ে স্থানীয় সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ো ভ্ৰমণ কৰে আৰু আশ্ৰয় শিৱিৰসমূহত থকা শিশুসকলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লয়।
তেওঁ আশাকৰ্মীসকলৰ সৈতেও মত-বিনিময় কৰে আৰু বান-খহনীয়াৰ লগতে কোভিড-১৯ৰ সময়ত ৰাজ্যখনলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে শলাগ লয়। | web |
3f88eda0233676a50ca97093e4afc2b08788f708 | সদ্যঘোষিত তৃতীয় বৰ্গৰ নিযুক্তিৰ পৰীক্ষাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ জিতুমণি দাসে। ৰঙিয়া কলেজৰ কেণ্টিনত কাম কৰে জিতুমণি দাসৰ পিতৃয়ে। কলেজত থকা কেণ্টিনখনত দিনটো কাম কৰি চলাই আহিছে পৰিয়ালটো।
নানান দুখ-দুৰ্দশাৰ মাজতে ডাঙৰ-দীঘল হৈ জিতুমণিয়ে কৰি গৈছিল নিজ কৰ্তব্য। শেষত কষ্টৰ ফচল হৈ আহিল সেই ফলাফলটো। তৃতীয় বৰ্গৰ নিযুক্তিৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে জিতুমণি।
এই খবৰ বিয়পি পৰাৰ লগে লগে আনন্দ-উল্লাহ সকলোৰে মাজত। জিতুমণিৰ পৰিয়ালতো আনন্দৰ বন্যা। পিতৃৰ দুচকুত চকুলো। নিকা আৰু স্বচ্ছ নিযুক্তিৰ এই ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে পৰিয়ালটোৱে। গাঁওবাসীয়েও জিতুমণিৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published : | web |
64861cabcb4f60136aaa2b72a926bf96650f2473 | ডিজিটেল ডেস্কঃ ঢাল, তৰুৱাল অবিহনে যুঁজত নামিছে ৰাজ্যৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমুৰ গামোচা ৰাজ্যত নিষিদ্ধ ঘোষণা কৰাৰ পাছতে বিভিন্ন স্থানত বিভাগীয় বিষয়াই পাৱাৰলুমুৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাইছে।
কিন্তু কোনবোৰ গামোচা বহিঃৰাজ্যত মেচিনত তৈয়াৰ হৈ অহা আৰু কোনবোৰ গামোচা অসমত স্থানীয় ভাৱে উৎপাদন কৰা সেই বিষয়ে পৰীক্ষা কৰিবলৈ নাই সুব্যৱস্থা। আজি অসম বিধানসভাৰ শূন্য কালীন ঘন্টাত কংগ্ৰেছৰ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে কৰা এটা প্ৰশ্নত বিভাগীয় মন্ত্ৰীয়ে দিয়া উত্তৰত এই কথা স্পষ্ট হৈছে।
বৰক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে পাৱাৰলুমৰ গামোচা সন্দৰ্ভত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী উ জি ব্ৰহ্মই কয়, অসমত বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে কোনো পৰীক্ষাগাৰ নাই। যাৰ বাবে বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।
বিধায়ক দিগন্ত বৰ্মনে পূৰ্বে প্ৰশাসনে গঁড় খৰ্গ আৰু ড্ৰাগছ দাহন কৰাৰ দৰেই বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা দাহ কৰাৰ বাবে আহ্বান জনায়। এই প্ৰসংগতে ইউ জি ব্ৰহ্মই কয়, বহিঃৰাজ্যৰ গামোচাৰ বিষয় ৰাজ্য চৰকাৰ সচেতন।
বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধীনত একোখনকৈ কমিটী গঠন কৰা হৈছে। এই কমিটীবোৰে বহিঃৰাজ্যক গামোচাৰ বিৰুদ্ধে কাম কৰি আছে।
ইয়াৰোপৰি তেওঁ যোৱা এপ্ৰিলৰ পৰা এতিয়ালৈকে প্ৰায় এটা বছৰত ১৬ হাজাৰ বহিঃৰাজ্যৰ গামোচা জব্দ কৰা বুলিও উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ কয়, বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে ৰাজ্যত কোনো পৰীক্ষাগাৰ নাই।
যাৰ বাবে গামোচা পৰীক্ষা কৰিবলৈ কলিকতাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলগীয়া হয়। কিন্তু কলিকতাৰ পৰীক্ষাগাৰৰ পৰা কোনো প্ৰতিবেদন লাভ নকৰে। যাৰ বাবে গামোচা পৰীক্ষাৰ ক্ষেত্ৰত বিভাগে স্থানীয় বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
| web |
3a160b6c17a07a0482a7bfd843d9b999e94e20d0 | জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাঃ
ক'ৰ'নাত জৰ্জৰিত অসমৰ জনসাধাৰণৰ বিপদকালত সকলো পক্ষই আগবাঢ়ি আহিছে সহায় কৰিবলৈ। যি যেনেকৈ পাৰিছে দৰিদ্ৰজনক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। জামুগুৰিহাটতো সংগঠন, কৰ্মচাৰী তথা ব্যক্তি বিশেষে অব্যাহত ৰাখিছে দৰিদ্ৰজনক সহায়ৰ কাম। এনে সময়তে চতিয়া সমষ্টিৰ একাংশ আত্মসহায়ক গোটো আগবাঢ়ি আহি কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়াই এই জটিল পৰিস্থিতিত জনসাধাৰণক সহায় কৰি আন এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। নিজৰ উপাৰ্জনৰ পৰা কেইটামান টকা সঞ্চয় কৰাৰ লক্ষ্যৰে জন্ম হোৱা আত্মসহায়ক গোটে এই বিপদৰ সময়ত তাৰ পৰাই আংশিক অনুদান আগবঢ়াই মানৱতাৰ পৰিচয় দিছে চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ ৫০ৰো অধিক আত্ম সহায়ক গোটে। অসম ৰাজ্যিক জীৱিকা অভিযানৰ জীৱিকা সখী চিন্ময়ী ভূঞা আৰু চিম্পী কলিতাৰ বিশেষ তৎপৰতাত পঞ্চায়তটোৰ অন্তৰ্গত ধলাইবিল, টুপীয়া, ১ নং বৰপথাৰ,২ নং বৰপথাৰ, নবিল,টৌভঙা,বৰমতা(ক), বৰমতা(খ)কে ধৰি একাধিক গাঁৱৰ পঞ্চাশৰো অধিক আত্মসহায়ক গোটৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ ১০ হাজাৰ আৰু চতিয়া সমষ্টিৰ বিধায়ক পুঁজিলৈ ১০ হাজাৰকৈ মুঠ ২০ হাজাৰ টকা আগবঢ়ায়। গোটকেইটাৰ তৰফৰ পৰা জীৱিকা সখী চিন্ময়ী ভূঞা আৰু চিম্পী কলিতাই 'কন্যকা' কৃষি পামত সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। ইফালে উপাৰ্জনৰ পৰা কেইটামান ধন সঞ্চয় কৰিবলৈ গঠন হোৱা আত্মসহায়ক গোটৰ দৰে অনুষ্ঠানে এনেদৰে গাঁঠিৰ ধন জনসাধাৰণৰ কল্যাণৰ বাবে আগবঢ়াই যি মহানুভৱতাৰ পৰিচয় দিলে তাক সকলোৱে শলাগ লৈছে । | web |
28876f895113092d0d180ab103655bcd5e35822f | ৰাজ্য নিবনুৱালৈ ভাল খবৰ। ২২ছেপ্টেম্বৰত আৰু ১২ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্যে চৰকাৰে। অসম আৰক্ষী কনিষ্টবল, উপ-পৰিদৰ্শকৰ ৫২০০পদৰ প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ। ইয়াৰ লগতে ২৫৬ গৰাকী লোকনিৰ্মাণ বিভাগ, উচ্চশিক্ষা, গ্ৰামোন্নয়ণ, কাৰিকৰি শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগত এই নিযুক্তি পত্ৰ বিতৰণ কৰিব।
উল্লেখ্য যে চলিত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে বাছনি পৰীক্ষাৰ অনুষ্ঠিত হৈছে। আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকৰ পিছতেই বিবৃত্তি জৰিয়তে এই কথা জনাই অসম চৰকাৰে। গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ।
তাপৰ্যপুৰ্ণ কথা অসম চৰকাৰৰ ১লাখ নিযুক্তি অংশ হিচাপে বিতৰণ কৰিব এই নিযুক্তি পত্ৰ। পূৰ্বতে ৩০ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছে চৰকাৰে। ১২হাজাৰ নিযুক্তি পিছত ১লাখ নিযুক্তি লক্ষ্য ৪২হাজাৰলৈ বৃদ্ধি পাব। | web |
5a4c51225e96df910616c6c9d1255a64a21c21201e20f83006334a99b93a1d26 | চমুকৈ সেইসময়ৰ উল্লেখযোগ্য ঘটনাসমূহ হ'ল - ১৮৪৩ চনত বন্দীবেটী ৰখাটো নিষেধ কৰি আইন ৰচনা, ১৮৩৬ চনৰপৰা ১৮৭২ চনলৈ অসমীয়া ভাষাক শিক্ষা আৰু চৰকাৰী কামৰপৰা নিলগাই ৰখা, বেপ্টিষ্ট মিছনেৰীৰদ্বাৰা শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদই (১৮৪৬-৮৩)ৰ প্ৰকাশ, ১৮৭৪ চনত অসম বংগৰপৰা পৃথক হোৱা, ব্ৰিটিছ চৰকাৰৰ চাহ শিল্পৰ নীতিয়ে স্থানীয় কৃষিত মাধমাৰ শোধোৱা। (ইতিমধ্যে ১৮৩৯ চনত আৰম্ভ কৰা চাহ খেতিত সত্তৰৰ দশকত ভালদৰেই প্রতিষ্ঠিত হৈছিল), চৰকাৰী নীতিয়ে সৰ্বসাধাৰণ ৰাইজক দুইধৰণে হেঁচা দিছিল-ৰাজহ বৃদ্ধি আৰু কানি খেতি বন্ধ কৰি চৰকাৰীভাৱে কানি যোগান ধৰা, ইতিমধ্যে ৰায়তৱাৰী ভূমি বন্দৱক্তিৰ আইনীৰূপ গ্রহণ, ১৮৩৯-১৯০১ ত বন্দৱক্তি মাটিৰ এক-চতুর্থাংশ চাহ বাগিচাৰ অধীনলৈ যোৱা আদি ।
এনেবোৰ ঐতিহাসিক কাৰকৰ বাবেই ঊনৈশ শতিকাৰ ত্ৰিশৰ দশকৰ ভাবনা কুৰি শতিকাৰ ত্ৰিশৰ দশকত সলনি হ'বলৈ বাধ্য হৈছিল। হলিৰাম, যজ্ঞৰাম, আনন্দৰাম, হেমচন্দ্ৰ বৰুৱা, (১৮৩৫-১৬), গুণাভিৰাম বৰুৱা (১৮৩৭-৯৪) আদি পশ্চিমীয়া সভ্যতাৰ অনুৰাগী আছিল আৰু বিপর্যস্ত এখন ৰাজ্যলৈ ব্ৰিটিছৰ জৰিয়তে শিক্ষা-দীক্ষা, সা-সুবিধা আহিব বুলি আশা কৰিছিল। নিজৰ দেশ আৰু ভাষা-সাহিত্যলৈ এওঁলোকৰ অৰিহণা আৰু চিন্তাভাবনা কম নাছিল। সামান্য নবিচ হৈও হৰকান্তই ভূমি-নীতিৰ বেলিকা ডালটন চাহাবৰ মুখে মুখে উত্তৰ দি ৰূঢ় উত্তৰ পোৱাত আহত হৈছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ বাতৰিয়েও হৰকান্তক অশান্তিত ভোগাইছিল কিন্তু তেওঁৰ চিন্তাধাৰা আছিল এনেধৰণৰ 'বিফল হৈ বিখ্যাত হোৱাৰ অৰ্থ নাই। বৰঞ্চ সফল হৈ অখ্যাত হৈ থকা মানুহহে সমাজলৈ প্ৰকৃত অৰিহণা যোগাব পাৰে।' (পৃষ্ঠা ৬৩)
আনন্দৰামেও তেওঁক চাহাবে বিশ্বাসত নোলোৱাত অশান্তি পোৱাৰ কথাৰ মৰ্মস্পশী বর্ণনা আছে উপন্যাসখনত। (পৃষ্ঠা ৬৫) অসমীয়া পুনৰ প্ৰচলনৰ বাবে আনন্দৰাম বেনামী পুস্তিকা প্ৰচাৰ কৰাৰো উল্লেখ আছে। পাঠ্যপুথি ৰচনাৰ জৰিয়তেও যথেষ্ট অৱদান আগবঢ়াইছিল। মুঠতে অসমৰ নৱ জাগৰণৰ শিৰোমণি আছিল আনন্দৰাম। পিছৰ পৰ্যায়ত তেওঁৰ খুড়াক গুণাভিৰামে সেই প্রচেষ্টা অব্যাহত ৰাখিছিল। সেই সময়ৰ আন এগৰাকী অগ্ৰণী প্ৰথম ভাৰতীয় চাহ খেতিয়ক মণিৰাম দেৱানৰ চৰিত্ৰই উপন্যাসখনত ভুমুকি মাৰিলেও বিস্তাৰ লাভ কৰা নাই। কিন্তু ঐতিহাসিকভাৱে দেৱানৰ দূৰদৰ্শিতা, বুদ্ধিমত্তা আৰু অৰ্থনৈতিক দিশত জাতি এটাক আগবঢ়াই নিয়াৰ বাবে লোৱা ভূমিকা উলাই কৰিব পৰা বিধৰ নহয়।
ঊনৈশ শতিকাৰ শেষ ভাগত নতুনকৈ গঢ়ি উঠা ক্ষুদ্র মধ্যবিত্ত শ্রেণীটো শিক্ষাদীক্ষাত কিছুদূৰ আগবাঢ়িছিল আৰু জাতীয় জীৱনত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল । তেওঁলোকৰ মাজৰ কেইজনমানৰ চৰিত্ৰই বিপন্ন সময়ত ভুমুকি মাৰিছে। এওঁলোক হ'ল - হেমচন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা (১৮৫১-১৯০৭), মাণিক চন্দ্ৰ বৰুৱা (১৮৫১-১৯১৫), আনন্দৰামৰ পুত্ৰ অন্নদাৰাম ঢেকিয়াল ফুকন (মৃত্যু ১৮৮৪), গঙ্গাগোবিন্দ ফুকন (১৮৪১১৯২৬)। ডা-ডাঙৰীয়া, চহকী খেতিয়ক শ্ৰেণীৰ মাজৰপৰা উৎপত্তি হোৱা মধ্যবিত্ত
শ্ৰেণীটোৱে তেতিয়াও ব্ৰিটিছৰাজ প্ৰসংগত দ্বিধা দ্বন্দ্ব আঁতৰাই স্পষ্ট দৃষ্টিভংগী গ্ৰহণ কৰিব পৰা নাছিল। এইচামৰ সমসাময়িক দীননাথ বেজবৰুৱা ডাঙৰীয়াৰ পুত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ (১৮৮৬-১৯৩৮) কলম অসমৰ বাবে উৎসর্গিত হ'লেও তেওঁৰ দৃষ্টিভংগীও স্পষ্ট নাছিল বা ব্ৰিটিছ শাসনক অনিষ্টকাৰী বুলি গণ্য কৰা নাছিল । অসমৰ অগ্ৰণীসকলৰ বেলিকাতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তটো এনে প্ৰৱণতা দেখা গৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰো ইয়াৰ ব্যতিক্রম নাছিল। কিন্তু তেওঁলোকৰ দেশপ্ৰেম আছিল সন্দেহাতীত। ঐতিহাসিক জটিল পৰিস্থিতিত ব্যক্তিৰ ভূমিকাক সৰলীকৰণ কৰিলে নচলে। চৌধুৰীয়ে উপন্যাসখন ৰচনা কৰোঁতে ঐতিহাসিক এই সত্য মনত ৰাখিছে। জটিল এই পৰিস্থিতিৰ মাজত লক্ষ্মীনাথৰ সুদূৰপ্ৰসাৰী ভূমিকাক বিপন্ন সময়ত উপযুক্তভাৱেই অংকন কৰা হৈছে। তেওঁ হৈ পৰিছে নতুন আৰু পুৰণিৰ সংযোগ সেতু। অমিয় কুমাৰ দাস, মাধৱ বেজবৰুৱা, কমলেশ্বৰ চলিহা, কেদাৰনাথ গোস্বামী প্রমুখ্যে ডেকাচামৰ বাবে বেজবৰুৱা আছিল আদৰ্শস্বৰূপ । আনন্দ ফুকনৰ সময়ৰ নৱজাগৰণৰ ধাৰাবাহিকতা বেজবৰুৱালৈ বিস্তৃত আছিল। কুৰি শঙ্কিাৰ সাহিত্য, ৰাজনীতি আৰু সংস্কৃতিৰ পথাৰৰ আগৰণুৱা ডেকাচামৰ বাবে অতীতৰ এই ঐতিহ্যলৈ আছিল পৰম শ্রদ্ধা আৰু স্বাধীনতা সংগ্ৰামৰ আহ্বানো আছিল তীব্র। পদ্মনাথ গোহাঞিবৰুৱা, বলিন নাৰায়ণ বৰাৰ চৰিত্ৰয়ো ভূমুকি নমৰাকৈ থকা নাই।
ইতিমধ্যে অসমৰ ৰাজনীতি সৰ্বভাৰতীয় ৰাজনীতিৰ লগত সাঙোৰ খাই পৰিছে আৰু আঞ্চলিক চেতনায় গা কৰি উঠিছিল। কংগ্ৰেছলৈ নতুন তেজৰ আমদানি ঘটিছে। বিপন্ন সময়ত দেশভক্ত তৰুণৰাম ফুকা, নবীন চন্দ্ৰ বৰদলৈৰ প্ৰাধান্য বেছি। কাৰণ এওঁলোকৰ উদ্যোগতেই সৰ্বভাৰতীয় ৰাজনীতিৰ লগত অসমৰ সম্পৰ্ক স্থাপন হৈছিল। অমিয কুমাৰ দাস, মহেন্দ্ৰমোহন চৌধুৰী আদি নেভাৰো ডেকা-চিন্তাৰ প্ৰকাশ ঘটিছে উপন্যাসখনৰ সামৰণিত। তৰুণৰাম ফুকনৰ আভিজাত্য, উদাৰ দৃষ্টিভংগী, মানুহৰ লগত সম্পৰ্ক, অস্থিৰ অৱস্থান আদিৰ বৰ্ণনা প্ৰাঞ্জল। বিলাৎ ফেৎ যদিও ফুকনৰ মানুহৰ প্ৰতি মোহ শলাগিবলগীয়াধৰণে ঔপন্যাসিকে উপস্থাপিত কৰিছে। কিন্তু সাধাৰণ মানুহে ফুকনক কিদৰে চাইছিল তাৰ বৰ্ণনা দক্ষতাৰে কৰিছে চৌধুৰীয়ে। বৈৰাগীৰ মুখেৰে সাধাৰণ মানুহ আৰু ফুকনহঁতৰ দৰে নেতাৰ ব্যৱধান স্পষ্টকৈ প্ৰকাশ পাইছে।
'ফুকন চাহাবহঁতৰ দৰে মানুহে আমাৰ দৰে মানুহক মানুহ বুলিয়ে নগনে।...ফুকনৰ ঘৰৰ মানুহে যে গৰু হুকিয়াই খেদাদি আমাক তাৰপৰা খেদি দিছিল " (পৃঃ ২৩৮)। ১৯৩৯ত সাধাৰণতে দেশৰ আনঠাইৰ দৰে অসমৰ ডেকাচামো আন্দোলন সন্দৰ্ভত উদ্বিগ্ন আছিল। মানি ল'লেও মহাত্মা গান্ধীৰ পাঁচ ছেপ্টেম্বৰৰ 'আমি এতিয়াই ভাৰতৰ মুক্তিৰ কথা ভবা নাই' ঘোষণাত তেওঁলোক সন্তুষ্ট হোৱা নাছিল।
উপন্যাসখনৰ সামৰণিৰ অধ্যায়ত আন্দোলন প্রসঙ্গত অমিয় কুমাৰ দাসৰ আত্ম সমালোচনা স্পষ্ট। তেওঁ তেতিয়া জে'লত। অমিয় কুমাৰ দাসৰ বাবে আন্দোলন হৈ পৰিছে নিৰ্জীৱ আৰু আনুষ্ঠানিকতা। সৰ্বসাধাৰণৰ অকুণ্ঠ সমর্থনৰ প্ৰয়োজনীয়তাৰ কথাত তেওঁ ভাবিছে। শিক্ষিত সেই সময়ৰ মধ্যবিত্ত শ্ৰেণীৰ দোষ-দুৰ্বলতাৰ কথাও তেওঁৰ মনলৈ
আহিছে। হৰকান্ত, আনন্দ ফুকন, গুণাভিৰাম, হেমচন্দ্ৰ, মাণিকচন্দ্র, লক্ষ্মীনাথ, নবীন বৰদলৈ, তৰুণ ফুকনৰ জীৱন বীক্ষাকো তেওঁ উলাই কৰিব পৰা নাই।- এনে দ্বিধা দ্বন্দ্বৰে কুৰি শতিকাৰ চাৰিটা দশক অসমৰ ইতিহাসৰ পৰা মেলানি মাগিছিল উন্মাদনাভৰা সময়ক স্বাগতম জনায়।
অতি দক্ষতাৰে শিল্পিতভাৱে মেদিনী চৌধুৰীয়ে অসমৰ ইতিহাসৰ বিপৰ্যস্ত এটা শতিকাক উপন্যাস ৰূপত উপস্থাপন কৰিছে। ঔপনিৱেশিক বা জাতীয়তাবাদী ধাৰা অতিক্রম কৰি চৌধুৰীয়ে ইতিহাসক নির্মোহভাৱে চাই বাস্তৱ কল্পনাৰে বিপন্ন সময়ৰ মাজতো মমৰিত অসমীয়া সমাজৰ জীৱন প্ৰবাহৰ মনপৰশা চিত্র আঁকিছে। উপন্যাসখনত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ভূমিকাক গুৰুত্বপূৰ্ণ দেখুওৱা হৈছে যদিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখা দিয়া বিক্ষোভ আদিৰ ইঙ্গিতো আছে।
মেদিনী চৌধুৰী অসমীয়া সমাজৰ এক ব্যতিক্রমী ব্যক্তিত্ব। তেওঁৰ অৱদানে অসমীয়া সমাজ আৰু সাহিত্যক সমৃদ্ধ কৰিছে। তেওঁৰ প্ৰতিভা বিশাল, জিজ্ঞাসা অসীম আৰু উপলব্ধি হ'ল মানৱতাৰে সিক্ত। তেওঁৰ দৰে এগৰাকী লেখক পাই নিসন্দেহে অসমীয়া সমাজ সমৃদ্ধ হৈছে। তেওঁৰ ৰচনাসম্ভাৰে অসমীয়া সাহিত্যক অন্য এক মাত্রা দিছে। সেয়া হ'ল যুক্তি, মনন আৰু মানৱতাবাদী দৃষ্টিৰ এক উজ্জ্বল পৰিক্ৰমা! তেনেই কম লেখকৰ ৰচনাহে এনে ভাবনাৰে সমৃদ্ধ। তেওঁৰ ব্যক্তিত্ব বৰণীয়, তেওঁৰ অৱদান স্মৰণীয় আৰু দুদৃষ্টি মানৱ হিতৈষী।
এইগৰাকী মহৎ লেখকক অসমীয়া সমাজে চিৰকালে শ্ৰদ্ধাৰে স্মৰণ কৰিব।
'দৈনিক জনমভূমি, গুৱাহাটী, মঙলবাৰ, ২৫ ফেব্ৰুৱাৰী, ২০০৩ৰ হেমন্ত বৰ্মনে মেদিনী চৌধুৰীৰ সাহিত্য অকাডেমি বঁটাপ্রাপ্ত 'বিপন্ন সময়'ৰ সুন্দৰ আলোচনাৰে শ্রদ্ধাঞ্জলি যাচিলে- 'মেদিনী চৌধুৰী, এখন উপন্যাস আৰু শ্ৰদ্ধাঞ্জলি'
মেদিনীদাৰ স্মৃতিত
পদ্ম পাটৰ
খবৰটোৱে মোক বিতত কৰা নাছিল। কিন্তু চানমাৰিৰ ঘৰটোলৈ আগবঢ়াৰ লগে লগে হৃদয়-মন কঁপি উঠিছিল। কেনেকৈ মুখামুখি হওঁ- সেই ঘৰখনৰ পদূলিটোৰ স'তে, কেনেকৈ মুখামুখি হওঁ অঞ্জনৰ স'তে? জীৱন যুদ্ধত কোনোদিনে নাহাৰিম বুলি ভাবি সেই সাহিয়াল লোকজনে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। জীৱন হেনো এনেকুৱাই। সেই সাহসী, কলমটোৰে জগত জিনিব বিচৰা লোকজন অক্লান্ত ৰূপত যি মৃত্যুৰ আগমুহূৰ্তলৈকে কমলটোক জীৱন সাৰথি কৰি লৈ আছিল- সেই কলমটোও নির্বাক হ'ল। মেদিনীদা নাই- কথাষাৰ যেন মানি ল'ব নোৱাৰো মই। মেদিনীদা আজি নীৰৱে শুই আছে কাকো আমনি নকৰাকৈ। মই কাষ চাপি গৈছিলো। হাতৰ শুকুলা ফুলকেইপাহে উচুপি উঠিছিল । ধৈৰ্যৰ বান্ধ খুলি গৈছিল মোৰ। মেদিনীদাক আৰু জীৱনৰ কাষত জীৱন সংগীৰূপে ৰাখিব নোৱাৰা 'পাণু' নবৌৱে হুকহুকাই কান্দি উঠিছিল। গোটেই কোঠাটোৱে যেন উচুপি উঠিছিল । মেদিনীদাই এইদৰে, এনেকৈ সকলোকে কন্দুৱাই এৰি যাম বুলিতো এদিনো কোৱা নাছিল।
মেদিনীদা আছিল এক জীৱন্ত ইতিহাস। 'অনন্য প্ৰান্তৰ' যি এবাৰ পঢ়িছে গম পাইছে অসমৰ মাটি, পানী, বায়ুৰ লগত মেদিনী চৌধুৰীৰ কি সম্পৰ্ক আছিল। গুৱাহাটীৰ পৰা শিৱসাগৰলৈ এই সুদীর্ঘ পথছোৱাৰ দুয়োকাষৰ ঠাইবোৰৰ ইতিহাস বৰ্ণিত কৰিছিল 'অনন্য প্ৰান্তৰ'ত। সেই গ্ৰন্থখনেই আছিল মেদিনী চৌধুৰীৰ প্ৰথম প্ৰকাশিত গ্রন্থ আৰু অতি জনপ্রিয়, ভ্রমণ উপন্যাস হিচাপে সমাদৃত হৈছিল পাঠক সমাজত। সেই যাত্রাই যাত্রা- তাৰপিচত মেদিনী চৌধুৰীৰ কলম থমকি ৰোৱা নাই। ইখনৰ পিচত সিখন উপন্যাস, গ্ৰন্থ একাধাৰে লিখি গৈছে। মেদিনী চৌধুৰীৰ লেখাৰ বিষয়ক লৈ বহুতে বিস্মিত হয়। গুৱাহাটী নগৰীৰ জীৱন ইতিহাস লিখিছে, নিজৰ জীৱন বৃত্তান্ত লিখিছে, মহাপুৰুষ মাধৱদেৱৰ জীৱন আধাৰত উপন্যাস ৰচনা কৰিছে, বিপ্লৱী বীৰ কলাগুৰু বিষ্ণু ৰাভাৰ জীৱনীমূলক উপন্যাস লিখিছে, ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন, অসমৰ সেই সময়ৰ অস্তিত্ব ৰক্ষা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ৰাজ্যৰ আগশাৰীৰ নেতৃবৃন্দৰ জীৱন কথাৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত ৰচনা কৰা 'বিপন্ন সময়' নামৰ গ্ৰন্থখনিয়ে মেদিনী চৌধুৰীলৈ কঢ়িয়াই আনিছিল ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা। বঁটাৰ বাবে কোনো লেখকেই নিজৰ ৰচনা সৃষ্টি নকৰে। মেদিনী চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা পোৱা বুলি ৰাজ্যখনৰ আগশাৰীৰ প্ৰতিষ্ঠান এটাই যেতিয়া অসমীয়া সাহিত্যৰ বুৰঞ্জীত এই বঁটা পোৱাৰ আগতেই সেই ইতিহাসত সেই বিশিষ্ট তথ্য সন্নিৱিষ্ট কৰিছিল তেতিয়া এই মেদিনী চৌধুৰীয়ে কৈছিল- তেওঁলোকে লিখিব পাৰে কিন্তু মইতো বঁটা পোৱা নাই, লিখিছে লিখক। তেওঁ ৰেচম আৰু বয়ন বিভাগৰ সঞ্চালক হৈ থাকোতে চীনলৈ গৈছিল- তাৰ পৰা ঘূৰি আহি লিখিছিল 'য়াংজু নদীৰ পাৰ' আৰু 'চীনৰ ছাত্র আন্দোলন' নামৰ দুখন গ্ৰন্থ।'ফেৰেংগাদাও'বিষ্ণু ৰাভাক লৈ লিখা বৃহৎ উপন্যাস। 'যাদুঘৰৰ কীৰ্তিমুখ', 'খোলাকটিৰ তাল', 'তাত নদী নাছিল'- তেওঁ ৰচিত উপন্যাসসমূহৰ অন্যতম। তাত নদী নাছিল গ্ৰন্থৰ বাবে অসম
প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল। ত্ৰিশখনৰো বিচিত্ৰ শৈলীৰ গ্ৰন্থ ৰচনাকাৰী মেদিনী চৌধুৰীয়ে ইংৰাজীতো 'দি ট্রাইব্ছ অব্ আছাম প্লেইনছ্', 'মেকিং অব্ এ লীডাৰ' আৰু এখন বড়ো সমস্যাৰ বিষয়ে লিখা ইংৰাজী গ্রন্থ প্রণয়ন কৰিছিল।
সেই 'পচোৱা', 'ৰামধেনু', 'মণিদীপ', 'সমকালীন' নামৰ আলোচনীবোৰত লিখা আৰম্ভ কৰি মেদিনী চৌধুৰী আৰু থমকি ৰোৱা নাছিল। অসমৰ বিভিন্ন আলোচনী, পত্রপত্ৰিকাত আশীটাৰো অধিক গল্প, ডেৰশ-দুশ প্রবন্ধ ৰচনা কৰি গৈছে। মেদিনী চৌধুৰীয়ে তেতিয়াৰ ৰামধেনুৰ গল্প প্রতিযোগিতাত তৃতীয় বঁটা লাভ কৰিছিল। প্রথম বঁটা পাইছিল প্রতুল শৰ্মাই। এই গল্পবোৰ সংকলন ৰূপত প্ৰকাশ পোৱা নাই। মেদিনী চৌধুৰীয়ে দত্তবৰুৱা এণ্ড কোম্পানীৰ সহায়ত অসমীয়া গল্প সংকলন এটাৰ সম্পাদনা কৰিছিল। প্রবন্ধকাৰ, ঔপন্যাসিক, গল্পকাৰ মেদিনী চৌধুৰী 'দৈনিক শান্তিদূত' আৰু তেতিয়াৰ 'নতুন অসমীয়া'ত সাংবাদিকতা কৰাই নহয়, চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচত অধুনালুপ্ত সমকাল আৰু সূত্ৰধাৰ নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল।
এসময়ৰ ৰাজনীতিক, প্রাক্তন মন্ত্ৰী সমৰ ব্ৰহ্ম চৌধুৰীয়ে মেদিনীৰ 'ফেৰেংগাদাও' প্ৰকাশ কৰিছিল । উল্লেখযোগ্য যে একেটা মাত্ৰ বছৰতে সেই তেতিয়া 'বৈৰাথী প্ৰকাশনে' প্ৰকাশ কৰা এই বৃহৎ গ্ৰন্থখন আমি বিক্ৰী শেষ কৰিছিলো গোটেই অসমতে ঘূৰি। এই 'ফেৰেংগাদাও' উপন্যাসখনৰ মাধ্যমেৰেই মই মেদিনীদাৰ আপোন ভাতৃ হৈ পৰিছিলো এদিন । এদিন এই দাদাৰ সহযোগতেই 'সংবাদ সাপ্তাহিক' নামৰ সাদিনীয়া কাকত এখনো প্ৰকাশ কৰিছিলো। এই মেদিনীদাৰ লগত মাজে মাজে মোৰ মতবিৰোধ হৈছিল। তেতিয়া দাদাই পুৱাই মূৰত ডাঙৰ পাগুৰি মাৰি (ঠাণ্ডা দিনত) মোৰ ঘৰ ওলাইছিলহি মোক অবাক কৰি। কেনে যে বিচিত্ৰ মনৰ মানুহ আছিল এইজন! কেতিয়াবা সন্ধিয়া আহি চিঠি এখন লিখি পিচদিনা পুৱা ছয় বজাতে ওলাই থাকিবলৈ কৈ যায়হি। চিঠিত উল্লেখ থাকে- পাঁচ দিনৰ বাবে বাহিৰলৈ যাব। (মোৰ শ্ৰীমতী মিনুৰ হাতত টকা পাঁচশ দি যায়।) লগত যাব এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক নামটো নকয়। পিচদিনা পুৱাই হাজিৰ । মোৰ হাতত পাঁচোটামান ফিল্ম দি কয়-ব'লা । অলপ পিচতে দেখো সাহিত্যিক হোমেন বৰগোহাঞি আমাৰ পাঁচদিনীয়া যাত্রাপথৰ সহযাত্রী। এইদৰে এই মেদিনীদাই নি কাৰ্বি ৰজা লিংদকপৰ ঘৰ পোৱাইছেগৈ সেই হামৰেণৰ কাৰ্বি পাহাৰত। সেইদৰে তিনিচুকীয়াৰ টিংৰাই ৰেচম পামলৈ আমাক দোভাগ ৰাতি শুকান গাহৰিৰ মঙহ আৰু সাজপানী খাবলৈ দিছে। এদিন নি আমাক কোচবিহাৰ দেখুৱাইছে আৰু তাৰ পৰা আনি কোকৰাঝাৰত পাৰ্বতীহঁতৰ হতুৱাই জু খুৱাই ৰং চাইছে মেদিনীদাই। কি যে বিচিত্ৰ দিনবোৰ পাৰ নকৰিলো এই মেদিনীদাৰ লগত ।
এসাগৰ দুখত ডুবি আছে এতিয়া চানমাৰিৰ সেই ঘৰখন। ডাইনিং টেবুলত উকা, ছোফাছেটযোৰ উকা। ডাইনিং টেবুলত বহি আৰু এতিয়া সেই বৃহৎ বৃহৎ উপন্যাসবোৰ লিখিবলৈ মেদিনীদা নাই। মেদিনীদা গ'ল আমাক নিৰাশ্রয় কৰি।
'অসমীয়া প্রতিদিন' শনিবাৰ, ১৫ ফেব্ৰুৱাৰী, ২০০৩/২ ফাল্গুন ১৯২৪ শক। পদ্ম পাটৰে লিখিলে - "মেদিনীদাৰ স্মৃতিত "
মেদিনী চৌধুৰী ঃ অৱমূল্যায়ন হ'ল
ইছমাইল হোছেই ন
এজন সৃষ্টিশীল আৰু সমাজ-দৰদী ব্যক্তিৰ ভূমিকা সমাজ কল্যাণ আৰু সমাজ গঠনৰ ক্ষেত্ৰত কিমান গভীৰ হ'ব পাৰে সেই কথা ব্যক্তিজনৰ জীৱিত কালত সম্পূৰ্ণকৈ অনুধাৱন কৰা বৰ টান। বিশেষকৈ গুণীৰ গুণ নুবুজা আমাৰ এই সমাজত অনুধাৱন কৰাটো অতিকৈ জটিল কাম। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আদিব আদিৰ জীৱনকৰ্ম আৰু সংঘাতৰ কাহিনী যিসকলে ভিতৰৱাকৈ জানে তেওঁলোকে আমাৰ সমাজখন গুণীৰ গুণ বুজাত কিমান যে কৃপণ সেই সম্পৰ্কে আগতীয়াকৈ ধাৰণা পোষণ কৰিব
আমাৰ এই লেখাত যিগৰাকী ব্যক্তিৰ বিষয়ে ক'ব খুজিছো সেইজন ব্যক্তি, বিশিষ্ট ঔপন্যাসিক মেদিনী চৌধুৰীও জীৱিত কালত কিছু পৰিমাণে উপেক্ষিত হৈ আছিল। বিশেষকৈ অসমীয়া সাহিত্যলৈ চৌধুৰীয়ে আগবঢ়াই যোৱা অৱদানৰ তুলনাত তেখেতৰ মূল্যায়ণৰ মাত্ৰা বৰ সুখকৰ আৰু আনন্দদায়ক নাছিল। এইজন ব্যক্তি সুস্থ-সবল হৈ থকা সময়ত আমিও ব্যক্তিগতভাৱে অনুভৱ কৰা নাছিলো তেখেতৰ ভৱিষ্যৎ অনুপস্থিতিৰ কথা, কিন্তু যোৱা প্ৰায় চাৰিটা মাহ ধৰি চৌধুৰীদেৱে যেতিয়া লেখা-মেলা, চলন-ফিৰণ, কথা-বতৰা আৰু খোৱা-লোৱা প্রায় বন্ধ কৰি দিছিল তেতিয়াহে আমি অনুভৱ কৰিছিলো তেখেতৰ সান্নিধ্যৰ গুৰুত্বৰ কথা।
মেদিনী চৌধুৰী এগৰাকী ঔপন্যাসিক আছিল। কেৱল ঔপন্যাসিক বুলি ক'লৈ হয়তো ভুল কৰা হ'ব- তেখেত আছিল অসমৰ শ্ৰেষ্ঠ ঔপন্যাসিসকলৰ এজন। 'ফেৰেংগাদাও' উপন্যাসখনৰ মাজেৰে অসমীয়া সাহিত্যত সফল জীৱনী-ঔপন্যাসকৰ বাটকটীয়া আছিল মেদিনী চৌধুৰী। এইগৰাকী সাহিত্যিক যে জনজাতি সমাজত জন্মগ্রহণ কৰিছিল সেই কথা হয়তো বহুতেই নাজানে। অসমৰ জনজাতি সমাজৰ পৰা, বিশেষকৈ বড়ো জনজাতি সমাজৰ পৰা মেদিনী চৌধুৰীৰ দৰে বহুমুখী প্রতিভাৰ লেখক-সাহিত্যিক যে ভৱিষ্যতে ওলাব সেই আশা যোৱা দুটা দশকৰ ঘটনাৱলী দেখি-শুনি আমাৰ মনলৈ অহা নাই।
মেদিনী চৌধুৰীৰ জীৱন-চৰ্যা বৰ এটা সাংঘাতিক বিষয় নহয় যদিও একেবাৰে এৰাব পৰাবিধৰো নহয়। চৰকাৰী চাকৰি, সাহিত্য-চৰ্চা, পৰিয়ালৰ পোহপালন আদিৰ উপৰি চৌধুৰীৰ জীৱনৰ কিছু চিন্তা আৰু কৰ্মই অসমৰ সমাজজীৱনক বহুলভাৱে চহকী কৰি গৈছে। আজীৱন মানৱতা আৰু সমন্বয়ৰ হকে কাম কৰি যোৱা এইগৰাকী সাহিত্যিকৰ জন্ম হৈছিল ১৯২৭ চনত, কামৰূপ জিলাৰ গোৰেশ্বৰৰ জনজাতি অধ্যুসিত ৰামছা গাঁৱত। এক মধ্যবিত্ত পৰিয়ালৰ সন্তান চৌধুৰীয়ে শিক্ষা জীৱন পাৰ কৰিছিল নলবাৰীৰ গৰ্ডন হাইস্কুল আৰু গুৱাহাটীৰ কটন কলেজত। কুৰি শতিকাৰ চল্লিশ-পঞ্চাশৰ দশকত চৌধুৰীয়ে শ্বিলঙৰ অফিচত কেৰাণী, শিক্ষকতা আদি চাকৰি কৰাৰ পিচত ১৯৪৯-৫১ চনৰ কালছোৱাত 'অসমীয়া' আলোচনীত সহ-সম্পাদকৰূপে কাম কৰিছিল। কিছুদিন 'দৈনিক শান্তিদূত'
কাকতত কাম কৰিছিল যদিও ১৯৫৬ চনত তেখেতে অসম অসামৰিক সেৱাৰ চাকৰিত যোগদান কৰে। ১৯৮৫ চনত চৌধুৰীদেৱে অসম চৰকাৰৰ ৰেচম বিভাগৰ সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিচত তেখেতে 'সমকাল' আৰু 'সূত্ৰধাৰ' নামৰ আলোচনী দুখন সম্পাদনা কৰিছিল।
বিশ্ব সাহিত্যৰ নোবেল বঁটা যিসকল সাহিত্যিকে লাভ কৰিছে তেওঁলোকৰ সাহিত্যকৃতিৰ স্বীকৃতিস্বৰূপে ছুইডিশ একাডেমীয়ে থোৰতে এটি মন্তব্যও প্ৰকাশ কৰে, য'ত সাহিত্যিকগৰাকীৰ লেখাৰ বৈশিষ্ট্য, মূল সুৰ আৰু শৈলীৰ কথা উল্লেখ থাকে। মেদিনী চৌধুৰীয়ে তেখেতৰ জীৱনজোৰা সাধনাৰ ফলস্বৰূপে ১৯৯৯ নত সাহিত্য অকাডেমি বঁটা লাভ কৰিলেও ছুইডিশ একাডেমীৰ দৰে সাহিত্য অকাডেমিয়েও হয়তো লেখাৰ বৈশিষ্ট্যৰ বিচাৰ কৰিছে। কিন্তু বঁটা পালে বুলিয়েই যে সেই বিচাৰ শুদ্ধ হ'ব সেই কথা নদি ক'ব নোৱাৰি । কাৰণ, সৈনিক শিল্পী বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত ৰচিত 'ফেৰেংগাদাও' আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস 'বণ্ডুকা বেহাৰ'ৰ মাজেৰে চৌধুৰীয়ে অসমীয়া উপন্যাস সাহিত্যলৈ নতুনত্বৰ যি জোৱাৰ আনিছিল তাৰ স্বীকৃতিস্বৰূপে তেখেতক অকাডেমি বঁটা প্ৰদান কৰা নাছিল । এই দুখন উপন্যাসতকৈ তুলনামূলকভাৱে দুৰ্বল আৰু কম জনপ্ৰিয় উপন্যাস 'বিপন্ন সময়'ৰ বাবেহে চৌধুৰীক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। এনেকি ১৯৭১ চনতে লিখা 'অনন্য প্ৰান্তৰ' নামৰ উপন্যাসখনৰ বাবে চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা পাব বুলি বহুতেই তাহানিতে কোৱা-কুই কৰিছিল। চৌধুৰীৰ জীৱনৰ এই তিনিওখন উপন্যাসে সাহিত্য অকাডেমিৰ স্বীকৃতি নাপাই 'বিপন্ন সময়' উপন্যাসে পোৱা কথাৰ বিচাৰ কৰিলে বুজিব পাৰি যে কেৱল অকাডেমিৰ মতামত বা স্বীকৃতিয়েই মেদিনী চৌধুৰীৰ সাহিত্য-মূল্যায়নৰ শেষ সীমাৰেখা নহয় ।
বঁটা-বাহনৰ স্বীকৃতি যিয়েই নহওক কিয়, মেদিনী চৌধুৰীৰ সাহিত্যৰ প্ৰতিষ্ঠানিক স্বীকৃতিত কৰ্তৃপক্ষই যে বহুগুণে অৱহেলা কৰিছিল সেইকথা এতিয়া আৰু লুকাই থকা নাই । সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ আগলৈকে চৌধুৰীৰ সাহিত্য-স্বীকৃতিৰ ক্ষেত্ৰত এনে প্রশ্নও উত্থাপন হৈছিল যে কেৱল জনজাতি হোৱা বাবেই চৌধুৰীৰ মূল্যায়নত যথেষ্ট পলম হৈছে। আমাৰ বিচাৰত অভিযোগটো সম্পূৰ্ণৰূপে সত্য নহ'লেও একেবাৰে মিছাও নহয়।
যিয়ে নহওক, পলমকৈ মূল্যায়ন হ'লেও এইগৰাকী সাহিত্যিকে অসমীয়া সাহিত্য আৰু অসমৰ সমাজৰ প্ৰতি প্ৰভৃত পৰিমাণৰ অৱদান আগবঢ়াই গ'ল। কেৱল এগৰাকী ঔপন্যাসিক হিচাপেই যে অৱদান আগবঢ়াই গৈছে তেনে নহয়, তত্ত্ব আৰু আলোচনামূলক গ্ৰন্থৰ মাজেৰেও চৌধুৰীয়ে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে। চৌধুৰীৰ 'লুইত, বৰাক আৰু ইছলাম' গ্ৰন্থখন নপঢ়িলে তেখেতৰ চিন্তাৰ গভীৰতা, জীৱনাদৰ্শৰ স্বচ্ছতা আৰু বহল মনৰ পৰিচয় পোৱা টান। এই গ্ৰন্থখনে চৌধুৰীৰ অদ্বিতীয় সৃষ্টিৰূপেই স্বীকৃতি পোৱা নাই, অসমৰ সমাজ জীৱনৰ সমন্বয়ৰ সেতুখন গঢ়াতো গ্রন্থখনে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। তদুপৰি চৌধুৰীদেৱৰ দ্বাৰা ৰচিত শেহতীয়া গ্ৰন্থ 'সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন'খনো এক অমূল্য সৃষ্টি। গ্ৰন্থখনৰ পাতত
বৈদিক যুগৰ পৰা শংকৰদেৱৰ যুগলৈ ভাৰতৰ সমাজ জীৱনৰ ইতিহাস আৰু তাৰ বিবৰ্তনৰ ধাৰা ঐতিহাসিক প্রেক্ষাপটত বিশ্লেষণ কৰিছে আৰু বস্তুসন্মত দৃষ্টিভংগীৰে গ্ৰন্থখনৰ পাতত মূল্যায়ন কৰিছে। 'লুইত, বৰাক আৰু ইছলাম' গ্ৰন্থখনৰ পাতত হিন্দু-মুছলমান সমন্বয়ৰ ধাৰাটো সচেতনভাৱে তুলি ধৰাৰ দৰে চৌধুৰীদেৱে সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন' শীর্ষক গ্ৰন্থখনতো ভাৰতীয় সমাজ জীৱনৰ বৰ্ণবাদী ব্যৱস্থাৰ মূল দৰ্শন আৰু তাৰ শিপাডাল চিনাক্ত কৰিছে। চৌধুৰীৰ এই গ্ৰন্থখনৰ মূল উপজীব্য দুটা দিশত প্ৰতিভাত হৈ উঠিছে- তাৰে এটা হ'ল বৰ্ণবাদৰ ছত্ৰছায়াত বৈষ্ণৱ ভক্তিধৰ্মৰ জন্ম আৰু আনটো হ'ল উচ্চ বৰ্ণবাদৰ প্ৰতিবাদত বৈশ্য-শূদ্ৰৰ জাগৰণ আৰু বৌদ্ধধৰ্ম গ্ৰহণ । চৌধুৰীয়ে গ্ৰন্থখনৰ পাতত এই দুটা দিশ তুলি ধৰিবলৈ যাওঁতে ৰাষ্ট্ৰীয় নিপীড়ন আৰু প্ৰতিৰোধৰ ধাৰাটোৰো বিশ্লেষণ কৰিছে। আমাৰ জীৱনৰ স্মৰণীয় ঘটনা এয়ে যে ৭৬ বছৰীয়া সাহিত্যিকগৰাকীৰ এই অমূল্য গ্ৰন্থখনিৰ উন্মোচনৰ ভাৰ আমাৰ দৰে তৰুণৰ ওপৰত প্ৰদান কৰিছিল প্রকাশক কমল দাসে। ২০০২ চনৰ উত্তৰ-পূব গ্ৰন্থমেলাৰ 'প্ৰতিদিনসাদিন' গোষ্ঠীৰ আড্ডাত গ্ৰন্থখন উন্মোচন কৰোতে আমি কৈছিলো যে মেদিনী চৌধুৰী সুস্থ হৈ উঠিলে 'সৰ্বভাৰতীয় ভক্তি আন্দোলন আৰু শংকৰদেৱৰ মূল্যায়ন' শীর্ষক গ্ৰন্থখনতকৈও মূল্যৱান গ্রন্থ সৃষ্টি কৰিব পাৰিব। অসমৰ মুছলমান সমাজৰ ইতিহাস আৰু ঐতিহ্যৰ ওপৰত তেনে এখন গ্ৰন্থ চৌধুৰীয়ে ৰচনা কৰাৰ কাম আৰম্ভ কৰাৰ কথাও আমি জানো। আমাৰ পৰা কিছু তথ্য-সমলো তেখেতে সংগ্ৰহ কৰিছিল। মহৎ কামটি আৰম্ভ কৰিলেও কালে তেখেতক জীয়াই থাকিবলৈ নিদিলে।
বৃত্তিগতভাৱে এগৰাকী আমোলা হ'লৈও ছাত্ৰাৱস্থাৰ পৰাই চৌধুৰীদেৱ আছিল সমাজৰ শোষিত-নিপীড়তসকলৰ প্ৰতি সহানুভূতিশীল। ৰামছা গাঁৱৰ মধ্যবিত্ত পৰিয়ালৰ এই সন্তানটিয়ে ছাত্ৰাৱস্থাতে, অর্থাৎ ১৯৪২-৪৩ চনতে বাৰ্মাৰ পৰা ভাগি অহা দুৰ্গতসকলৰ সাহায্য অভিযানত ভাগ লৈছিল। ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন আৰু ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিদেশী বিতাড়ন আন্দোলনৰ সময়তো চৰকাৰী আমোলা হৈ গোষ্ঠীগত বিভেদ আৰু সংঘাত নিবাৰণৰ হকে তেখেতে কাম কৰিছিল। ১৯৯৫-৯৭ চনৰ কালছোৱাত 'সূত্ৰধাৰ' আলোচনীখন সম্পাদনা কৰি চৌধুৰীদেৱে নতুন লেখক সৃষ্টি আৰু অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশৰ আলোকপাত কৰাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। জীৱনৰ এটা বিশেষ সময়ত সমাজবাদী আন্দোলনত জড়িত হ'লেও শেষ বয়সত শাসকীয় ৰাজনীতিৰ বিশেষ নেতা কিছুমানৰ সৈতে চৌধুৰীৰ সহৃদয়তা গঢ়ি উঠিছিল। ইয়ে তেখেতৰ সামাজিক জীৱনৰ মূল্যায়নত কিছু হেঙাৰ সৃষ্টি কৰিলেও এজন দায়বদ্ধ লেখক আৰু ব্যক্তি হিচাপে চৌধুৰীদেৱ সদায় মহান হৈয়ে থাকিব।
'সাদিন', চতুৰ্দশ বছৰ, সংখ্যা ৮, শুকুৰবাৰ, ২১ ফেব্ৰুৱাৰী, ২০০৩, ইছমাইল হোছেইনে লিখিলে "মেদিনী চৌধুৰী : অবমূল্যায়ন হ'ল" অভি দুখেৰে খেদ প্ৰকাশ কৰিলে তেওঁৰ মনক। উপযুক্ত মূল্যায়ন চৌধুৰীক নিদিয়াৰ হকে
আমাৰ গুৰুঃ মেদিনী চৌধুৰী
আমাৰ পৰম শ্ৰদ্ধাৰ মেদিনী চৌধুৰীদেৱৰ লগত আমাৰ চিনাকি হোৱাৰ সৌভাগ্য ঘটে প্রায় এক দশক আগত ককাইদেউ মহম্মদ ছাদ্দুলাৰ জৰিয়তে। সেই সময়ত 'সূত্ৰধাৰ' আলোচনীৰ সম্পাদক আছিল তেখেত। চৰ-চাপৰিৰ জীৱন আৰু সমস্যা সম্বন্ধে আলোচনীখনত লিখিবলৈ তেখেতে চৰ-চাপৰিৰ লেখকৰ সন্ধানত এদিন ছাদুল্লাৰ সৈতে এই অভাজনৰ ভাড়াঘৰত উপস্থিত হৈছিলহি। সেয়াই আৰম্ভণি। তাৰ পিছত প্ৰায় এক দশকজুৰি বিভিন্ন ঠাইত, বিভিন্ন ৰূপত লগ পাইছোঁ - তেখেতক।
মেদিনী চৌধুৰীদেৱৰ সংস্পৰ্শলৈ আহি আমি অনুভৱ কৰিছিলোঁ- তেখেতৰ জ্ঞানৰ গভীৰতা। বিভিন্ন বিষয়ৰ ওপৰত থকা তেখেতৰ অগাধ জ্ঞানে আমাক আপ্লুত কৰিছিল। অসমৰ বিভিন্ন অঞ্চলৰ ক'ত ঘটনা, ক'ত ব্যক্তিৰ কথা কৈছিল তেখেতে।
মেদিনী চৌধুৰীদেৱ আছিল মাটিৰ মানুহ। কেতিয়াও কাৰো লগত খং-ৰাগ কৰাটো তেখেতক নেদেখিলোঁ। অইন অনেক লেখকৰ দৰে তেখেতৰ গাত অহমিকাবোধ নাছিল। অইনৰ কথা ক'ব নাযাওঁ- আমাৰ নিজৰে ব্যক্তিজীৱনৰ অনেক সমস্যাৰ কথা আপোনমনে শুনি তাৰ সমাধানৰ বাট উলিয়াই দিছিল।
চৌধুৰীদেৱ আছিল এক জীৱন্ত প্রতিবাদ। বিবেক-বিবেচনাক বন্ধকত দি, ভটিয়নী সোঁতত চিন্তাৰ ৰী মেলি দি নিজৰ স্বাৰ্থপূৰণৰ বাবে তেখেতে কেতিয়াও চেষ্টা কৰা নাছিল। বৰঞ্চ অন্যায়-অত্যাচাৰ দেখিলেই তেখেতে প্রতিবাদ কৰিছিল নিজৰ লেখাৰে, নিজৰ কৰ্মৰদ্বাৰা।
অসম আন্দোলনৰ সময়ত অসমৰ এচাম লোকে অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ, অসমীয়া ঐতিহ্যৰ ধাৰক-বাহক অসমৰ মুছলমানসকলক শতৰু জ্ঞান কৰিব লোৱাত তেখেতে অসমৰ মুছলমান তথা ইছলাম সম্বন্ধে সঠিক বার্তা প্রকাশ কৰিবলৈ ৰচনা কৰিছিল 'লুইত, বৰাক আৰু ইছলাম'।
ব্যক্তিজীৱনত সম্পূৰ্ণৰূপে যুক্তিবাদী চৌধুৰীদেৱে নিজৰ কোষ্ঠীখনকে মূল্যহীন, অন্ধবিশ্বাস বুলি ফালি পেলাইছিল। সঠিক অৰ্থতে তেখেত আছিল এজন ধৰ্মনিৰপেক্ষ ব্যক্তি। জাত-পাত, ধর্ম-ভাষা আদিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সকলো প্ৰকাৰৰ বিভাজনৰ তেখেত দুৰ্ঘোৰ বিৰোধী আছিল।
নিঃস্বাৰ্থপৰায়ণ চৌধুৰীদেৱে নিজৰ কথা খুব কমেই ভাবিলে। চৰকাৰী বিষয়া হিচাপে দীৰ্ঘদিন চাকৰি কৰিও তেখেতে তেখেতৰ নিজৰ থকা ঘৰটোকে সম্পূৰ্ণৰূপে সাজি উলিয়াব নোৱাৰিলে। উপকাৰৰ প্ৰতিদান বিচৰাবিধৰ লোক নাছিল তেখেত। অনেক প্ৰভাৱশালী মন্ত্রী, বিষয়াৰ সৈতে মধুৰ সম্বন্ধ থকাৰ পিছতো একাংশ লেখক-সাহিত্যিকৰ দৰে চৌধুৰীদেৱে সেই সম্বন্ধক নিজৰ ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ নকৰি সকলোৰে পৰম শ্ৰদ্ধাৰ পাত্ৰ হৈয়ে থাকিল। চৌধুৰীদেৱে আমাৰ দৰে নগণ্যজনকো কিদৰে গল্প,
প্রবন্ধ, লিখিব লাগে, সেয়া হাতত ধৰি শিকাই দিছিল বুলিয়েই ক'ব লাগিব। লগ পালেই সুধিছিল-নতুন কিবা লিখিছোঁ নেকি। অৱহেলিত চৰ-চাপৰিৰ সমাজখনৰ প্ৰতি তেখেতৰ আছিল গভীৰ অনুকম্পা। সেয়েই হয়তো সেইখন সমাজৰ সমস্যাৱলী সঠিকৰূপত আমাৰ দৰে সেই সমাজৰ উদীয়মান সকলৰ দ্বাৰা সকলোৰে সমুখত উত্থাপিত হোৱাটো বিচাৰিছিল তেখেতে।
উপন্যাস, গল্প, চিন্তা উদ্রেককাৰী লেখা তথা ইতিহাসৰ বস্তুনিষ্ঠ অধ্যয়নেৰে অসমীয়া সমাজজীৱন তথা সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছিল। কিন্তু তেওঁৰ মৃত্যুত অসমীয়া সাহিত্যাকাশৰ পৰা অন্তর্হিত হ'ল এটি উজ্জ্বল নক্ষত্ৰ। তেওঁৰ সাহিত্য কৃতিৰ অন্যতম সৃষ্টি- অনন্য প্ৰান্তৰ, তাত নদী নাছিল, ফেৰেংগাদাও, বিপন্ন সময় আদি উল্লেখযোগ্য।
অসমৰ সংবাদ আৰু সাহিত্য জগতলৈ অতুলনীয় বৰঙণি আগবঢ়াবলৈ সক্ষম হোৱা চৌধুৰীদেৱে সৰ্বমুঠ বাইশখন গ্ৰন্থ ৰচনা কৰি অসমৰ সাহিত্যৰ বৰঘৰত নিগাজি স্থান হৈছিল। প্রশাসনিক বিষয়া হৈও তেওঁ সাহিত্যৰ ক্ষেত্ৰত বিশিষ্ট আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। সাহিত্যিক হিচাপে চৌধুৰীদেৱে আত্মপ্ৰকাশ কৰিছিল গল্পকাৰ হিচাপে। আমাৰ সাহিত্য জগতৰ গুৰুস্বৰূপ মেদিনী চৌধুৰীদেৱক অকালতে হেৰুৱাই আমি মর্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক- এয়াই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
'দৈনিক জনমভূমিতেই হাফিজ আহমেদে, লিখিলে - চৌধুৰীদেৱ আছিল এক জীৱন্ত প্রতিবাদ। আৰু তেওঁ কলমেৰে চিহ্নিত কৰিছে 'আমাৰ গুৰুঃ মেদিনী চৌধুৰী"
মেদিনী চৌধুৰীৰ কৃতী
প্রচণ্ড আত্মবিশ্বাসী, সংযত শিল্পৰ খনিকৰ মেদিনী চৌধুৰী অসমীয়া সাহিত্য জগতত এক সুপৰিচিত নাম। সৰ্বমুঠ একুৰি দুখন গ্ৰন্থ ৰচনা কৰি চৌধুৰীয়ে ইতিমধ্যে অসমীয়া সাহিত্যৰ বৰঘৰত বৰপীৰা পাৰি লবলৈ সক্ষম হৈছে। উপন্যাস, কবিতা, চুটিগল্প, প্রবন্ধ, সাহিত্য আদি সকলো দিশলৈকেই তেওঁ আগবঢ়াইছে বিশিষ্ট অৱদান। ইংৰাজী তথা বাংলা ভাষাতো তেওঁ লিখিছে। এসময়ত 'দেশ' নামৰ বাংলা পত্রিকাতো প্রকাশিত হৈছিল মেদিনী চৌধুৰীৰ প্ৰবন্ধ । প্রসঙ্গক্রমে উল্লেখ কৰিব পাৰি, প্ৰখ্যাত বঙালী লেখক সুনীল গংগোপাধ্যায়ে 'দেশ'ত প্ৰকাশিত চৌধুৰীৰ প্ৰবন্ধাৱলীৰ ভূয়সী প্রশংসা কৰিছিল সেই আলোচনীৰ পাততেই।
চৌধুৰীৰ জন্ম হৈছিল ১৯২৯ চনত, কামৰূপ জিলাৰ গোৰেশ্বৰৰ ওচৰৰ ৰামছা গাঁৱত। স্নাতক উপাধি লাভ কৰাৰ পিছত তেওঁ প্ৰথমতে 'অসমীয়া' আৰু পিছলৈ গৈ 'দৈনিক শান্তিদূত' কাকতত উপ-সম্পাদকৰূপে কাম কৰিছিল। অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰাৰ আগেয়ে মাজতে কিছুদিন তেওঁ শিক্ষকতাও কৰিছিল। দীর্ঘদিন চৰকাৰী চাকৰিয়াল হিচাপে সেৱা আগবঢ়াই অসম চৰকাৰৰ ৰেচম বিভাগৰ সঞ্চালক হিচাপে এওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো পূর্ণোদমে চলি থাকে তেওঁৰ সাহিত্য চৰ্চা।' গ্ৰন্থ প্রণয়ন কৰা, বিভিন্ন কাকত, আলোচনীত বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ আদি ৰচনা কৰাৰ উপৰি পষেকীয়া 'সূত্ৰধাৰ' আলোচনীৰ সম্পাদকৰ দায়িত্বও তেওঁ পালন কৰে প্ৰায় দুবছৰ কাল ধৰি।
১৯৫৪ চনত টংলাৰ ওচৰৰ ভেৰগাঁৱৰ স্বৰ্গীয় ভগীৰাম ডেকাৰ দুহিতা প্রণিতা ডেকাৰ লগত বিবাহপাশত আবদ্ধ হয়। এগৰাকী পুত্র সন্তান অঞ্জন চৌধুৰী (বেংক বিষয়া) আৰু তিনজনী কন্যা সন্তান ক্রমান্বয়ে মঞ্জুমালা ব্ৰহ্ম (ই এ চি, কোকৰাঝাৰ), পাৰমিতা বসুমতাৰী আৰু বিনিন্দিতা সোণোৱাল- এই চাৰিগৰাকী সুশিক্ষিত, সুসন্তানৰ পিতৃ মেদিনী চৌধুৰী। পুত্র-কন্যা সকলোৰে বিয়া পাতি দিয়াৰ পিছত জী-বোৱাৰী, পুত্ৰ জোঁৱাই, নাতিনাতিনীসহ বর্তমান মেদিনী চৌধুৰীৰ এখন বিশাল সুখৰ সংসাৰ।
গল্পকাৰ হিচাপে চৌধুৰীয়ে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথম গল্প 'সীমাৰেখা' প্রকাশিত হৈছিল 'অসমীয়া' কাকতত । পিছলৈ গৈ এইজনা লেখকে উপন্যাস ৰচনাত মনোনিবেশ কৰে। তেওঁৰ প্ৰথমখন উপন্যাস 'অনন্য প্ৰান্তৰ' (১৯৭২) প্ৰকাশৰ লগে লগেই তেওঁ ঔপন্যাসিক হিচাপে প্রতিষ্ঠা লাভ কৰে। সমালোচন ড° গোবিন্দ প্রসাদ শৰ্মাৰ মতে, "ইতিহাস আৰু কিম্বদন্তীৰ সমাহাৰেৰে ৰচি উলিওৱা এই চমকপ্রদ উপন্যাসখন গভীৰ অসমীয়া দেশপ্ৰেমৰ মনোৰম প্ৰকাশ।" তেওঁৰ দ্বিতীয়খন উপন্যাস 'বেণ্ডুকা বেহাৰ' প্রকাশিত হয় ১৯৭৬ চনত। 'বণ্ডুকা বেহাৰ' অসমীয়া সাহিত্যৰ দ্বিতীয়খন জীৱনীমূলক উপন্যাস আৰু মাধৱদেৱৰ জীৱনভিত্তিক প্রথম উপন্যাস। উপন্যাসখন প্ৰকাশৰ লগে
লগেই সমালোচকসকলৰ দৃষ্টি আকর্ষণ কৰে। কিতাপখনৰ ভাষাৰ পবিত্ৰতা আৰু প্ৰকাশ তথা বিষয়বস্তুৰ ভাৰসাম্য ৰক্ষা পোৱা নাই বুলি দুই-এক সমালোচকে অৱশ্যে অভিযোগ কৰে। সেইদৰে মাধৱদেৱৰ দৰে স্থিতধী পুৰুষ এজনক চিত্ৰিত কৰোতে লেখকে প্রয়োজনীয় সতর্কতা অৱলম্বন নকৰাৰ অভিযোগো উত্থাপিত হৈছিল। দুই-এজনে আকৌ উপন্যাসখনত ৰাজনীতিৰ গোন্ধো পাইছিল। এইক্ষেত্ৰত সাহিত্যিক নগেন শইকীয়াই 'প্ৰকাশ' আলোচনীৰ তৃতীয় বছৰ, প্ৰথম সংখ্যাত 'বণ্ডুকা বেহাৰ' সম্বন্ধে আগবঢ়োৱা সমালোচনালৈ আঙুলিয়াব পাৰি। 'বণ্ডুকা বেহাৰ' সম্বন্ধে এনে বিৰূপ সমালোচনাৰ যথোপযুক্ত উত্তৰ দিয়ে তীৰ্থ ফুকনে 'প্রকাশ' আলোচনীৰে নৱেম্বৰ, ১৯৭৭ সংখ্যাত। 'বণ্ডুকা বেহাৰ'ৰ বিষয়বস্তুৰ মৌলিকতা, তথা মাধৱদেৱৰ সময়ৰ জটিল আৰু অমূল্য সামাজিক ধাৰুণাবোৰ কলাসন্মতভাৱে ঔপন্যাসিকে ফুটাই তুলিবলৈ সক্ষম হোৱা বুলি কৈ মন্তব্য কৰিছিল, "বণ্ডুকা বেহাৰ' পঢ়ি মোৰ লুনাকাৰস্কীৰ দৰেই ক'বৰ মন যায়- Glorious is the writer who can express a complex and valuable social idea with such powerful artistic simplicity that reaches the hearts of millions Glorious is also the writer who can reach the hearts of millions
with a comparatively simple, elementary content..." ইয়াৰ পিছত প্ৰকাশিত হয় চৌধুৰী ডাঙৰীয়াৰ উপন্যাস 'তাত নদী নাছিল'। হোমেন বৰগোহাঞিৰ মতে, উপন্যাসখন 'কামৰূপৰ হাবিতলীয়া জনজাতীয় গাঁৱত ওপজা এটা ল'ৰাৰ শৈশৱৰ পৰা কৈশোৰলৈ আৰু কৈশোৰৰ পৰা যৌৱনলৈ উত্তীৰ্ণ হোৱাৰ বিচিত্ৰ, যন্ত্রণাময় ইতিহাস। গাঁৱৰ পাঠশালাৰ পৰা গুৱাহাটীৰ কটন কলেজলৈ পথ পৰিক্ৰমাৰ কাহিনী। যৌন চেতনাৰ উন্মেষ আৰু প্ৰেমৰ ৰূপৰেখা। খুব সম্ভৱ, সেই ল'ৰাটো মেদিনী নিজেই।... মেদিনী চৌধুৰীয়ে তেওঁৰ নিজৰ বা তেওঁৰ কাহিনীৰ নায়কৰ কথা ক'বলৈ গৈ ক'বলগীয়া হৈছে দখৰ, মঙলু, কেৰপাই.... কচু, 5, ৰামচিয়া আদি বিচিত্ৰ নৰ-নাৰীৰ কথা, গাঁৱৰ গছ-গছনি, নৈ, বিল, চৰাই-চিৰিকটিৰ কথা...' (গ্ৰন্থ সমালোচনা, প্রকাশ, ১৯৭৮)। উপন্যাসখনৰ অজস্ৰ ঠাইত মেদিনী চৌধুৰীয়ে সহজ-সৰল হৃদয় পৰশা ভাষাৰে প্ৰকৃতিৰ সুন্দৰ, কবিত্বময় বর্ণনা দিছে। টমাচ হাৰ্ডিৰ উপন্যাসৰ নিচিনাকৈ এইখন উপন্যাসতো প্রকৃতি কেৱল পটভূমিয়েই হৈ থকা নাই, এটা প্ৰধান চৰিত্ৰলৈও ৰূপান্তৰিত হৈছে। 'তাত নদী নাছিল' উপন্যাসখনিত তাৰাশংকৰ বন্দোপাধ্যায়ৰ 'হাসুলী বাকেৰ উপকথা' বা মাণিক বন্দোপাধ্যায়ৰ 'পদ্মা নদীৰ মাঝি'ৰ সমকক্ষ বুলি ক'ব নোৱাৰিলেও এইবোৰৰ সমজাতীয় উপন্যাস বুলি ক'ব পাৰি।
১৯৮২ চনত প্ৰকাশিত হয় সৈনিক শিল্পী বিষ্ণু ৰাভাৰ জীৱনভিত্তিক উপন্যাস 'ফেৰেংগাদাও'। উপন্যাসখনিক অতি আকর্ষণীয় জীৱন অভিজ্ঞতাৰ এক সাৰ্থক কাহিনীৰূপ বুলি ক'ব পাৰি।'ফেৰেংগাদাও' সম্বন্ধে চৌধুৰীয়ে নিজেই কৈছে, 'ফেৰেংগাদাও'লিখিছিলো পাঁচ বছৰমান অনুসন্ধানৰ পিছত। লিটন ষ্টেচি আৰু আঁদ্রে ম'ৰাৰ কেতবোৰ কথা পঢ়াৰ পিছত। ঐতিহাসিক শুদ্ধতা আৰু জীৱন বৈচিত্ৰ্যৰ সমন্বয় ৰখাৰ যত্ন কৰিছিলো তাত। তাৰ নায়ক গৰাকীয়ে সৰু মাছৰ কাঁইট বাছি খোৱাৰ পৰা সাধাৰণ অজ্ঞ মানুহবোৰক জমিদাৰৰ শোষণৰ কথা বুজোৱালৈকে, অসমৰ সশস্ত্র আন্দোলনৰ ইতিহাসৰ পৰা চীনা আক্ৰমণৰ
সময়ত নায়ক লাঞ্ছিত হোৱাৰ কাহিনীলৈকে, কল্পিত বা অকল্পিত সমস্ত কথাৰ মাজত নায়কৰ যি উত্তৰণ ঘটিছিল, সি নায়কৰ সবলতা-দুর্বলতাৰে সহযোগী সুযোগ লাভ কৰিছিল । বোকাত পোত গৈ থকা হীৰা এডোখৰ যেন ধুই-মচি, ঘঁহি-মাজি প্ৰকৃত ৰূপত দাঙি ধৰা হৈছিল তাত।" (নিবন্ধিত অনুভৱ : ১৯৯৭), 'ফেৰেংগাদাও'ত প্ৰকৃততেই বিষ্ণু ৰাভা নামৰ মানৱৰূপী হীৰাডোখৰৰ জীৱনৰ হুবহু প্রতিচ্ছবি প্রতিফলিত হৈছে।
চৌধুৰী ডাঙৰীয়াৰ অইন কেইখনমান অন্যতম উপন্যাস হ'ল-"যাদুঘৰৰ কীৰ্তিমুখ", "সপোন সপোন লাগে", "ফাগুনত আজাৰৰ ফুল" আৰু "বিপন্ন সময়"। "বিপন্ন সময়' উপন্যাসখনৰ বাবে ১৯৯৯ চনত এওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। 'বিপন্ন সময়' সম্বন্ধে সাহিত্য অকাডেমিৰ ফালৰ পৰা কোৱা হৈছে, "Bipanna Samay' is a historical novel depicting the pioneers who with sheer mental strength and conviction brought the long isolated Assamese people from the dark uncertainties following British occupation in the 19th century to the mainstream of Indian nationhood..... This novel is adjudged a significant addition to the Indian novel in Assamese."
'অনন্য প্ৰান্তৰ' আৰু 'য়াংজু নদীৰ পাৰ' চৌধুৰীৰ দুখন সুখপাঠ্য ভ্রমণ কাহিনী। 'অনন্য প্ৰান্তৰ'ত অসমৰ বিভিন্ন অঞ্চলৰ ঐতিহাসিক কাহিনী ক'বৰ প্ৰয়াস কৰা হৈছে। 'য়াংজু নদীৰ পাৰ' চীন দেশ ভ্ৰমণ কৰি সেইখন দেশৰ নানা দিশত আলোকপাত কৰি লিখা এক বিচিত্র গ্রন্থ।
এইগৰাকী প্ৰচাৰবিমুখ লেখকৰ অনেক প্রবন্ধ বিভিন্ন কাকত-আলোচনীত সিঁচৰিত হৈ আছে। সংকলিত প্রবন্ধ সংকলন 'নিবন্ধিত অনুভৱ' (১৯৯৭) তেওঁৰ বিচিত্ৰ অনুভৱৰ দলিল । 'লুইত, বৰাক আৰু ইছলাম' (১৯৮২) চৌধুৰীয়ে অসম আন্দোলনৰ সময়ত ৰচনা কৰি উলিয়ায়। পৰিস্থিতিৰ ধামখুমীয়াত পৰি সেই সময়ত অসমৰ এচাম লোকে অসমৰ ঐতিহ্য-পৰম্পৰাৰ ধাৰক-বাহক ইছলামধর্মী লোকসকলক শতৰু বুলি জ্ঞান কৰিবলৈ লোৱাত অসমৰ যাউতিযুগীয়া ঐক্য-সংহতিৰ পৰিবেশ সমুলঞ্চে নষ্ট হোৱাৰ উপক্ৰম হৈছিল। এনে ক্ষতিকাৰক প্ৰভাৱ বিনষ্ট কৰিবলৈ অসমৰ মুছলমানসকল তথা ইছলাম সম্বন্ধে সঠিক বার্তা প্ৰকাশ কৰিবলৈকেই লেখকে এই কিতাপখন প্রণয়ন কৰি উলিয়াইছিল। সেইদৰে ইংৰাজী ভাষাত লিখিত- 'The Bodo Dimasas of Assam' নামৰ গ্ৰন্থত তেওঁ বড়ো-ডিমাচাসকলৰ ঐতিহাসিক প্রেক্ষাপট, সমাজ-জীৱন, ঘৰুৱা ৰীতি-নীতি, উৎসৱ-পাৰ্বণ আদি সকলোবোৰ কথা সহজ-সৰল ভাষাৰে বৰ্ণনা কৰিছে।
'মণিৰাম পাটৰ কেনি গ'ল।' নামৰ গল্প সংকলনটিত সন্নিৱিষ্ট তথা তেওঁৰ অসংকলিত গল্পবোৰলৈ মন কৰিলে দেখা যায়- তেওঁৰ গল্পত সমাজৰ দলিত, পীড়িত শ্ৰেণীৰ প্ৰতি এক গভীৰ অনুকম্পা প্রকাশিত হৈছে। গল্পকাৰ চৌধুৰীৰ বহুবোৰ গল্পতে সেয়ে কৰণ ৰসৰ অনুভূতি এটাই পাঠকক বিমুগ্ধ নকৰাকৈ নাথাকে।
চৌধুৰী ডাঙৰীয়াৰ সংস্পৰ্শলৈ অহা সকলো লোকেই তেওঁৰ গভীৰ অধ্যয়ন পিপাসু মনৰ পৰিচয় পাইছে। আনহাতে, সমাজৰ দৰিদ্ৰ, মেহনতী লোকৰ প্ৰতি তেওঁৰ আছে অপৰিসীম মমতা। 'সহজ-সৰল জীৱন-যাপন কৰা' কিন্তু 'উচ্চ আকাংক্ষা' পোষণ কৰা জাত-পাত, ধৰ্ম-বৰ্ণ আদিৰ ওপৰত কৰা সকলো ধৰণৰ বিভাজন বিৰোধী।
ব্যক্তি জীৱনত তেওঁ সম্পূৰ্ণ যুক্তিবাদী। নিজৰ কোষ্ঠীখনকে তেওঁ ফালি পেলাইছিল মূল্যহীন, অন্ধবিশ্বাস বুলি। চৌধুৰীৰ ব্যক্তি জীৱন আৰু সাহিত্য-কৰ্মতো এইদৰে প্ৰতিফলিত হৈছে এক প্রতিবাদী সত্তা।
মেদিনী চৌধুৰী এজন ভাল তবলাবাদকো। অলপতে এক ঘৰুৱা মেলত বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাই তেওঁ গীত পৰিবেশন কৰা কেইবাখনো সভাত চৌধুৰী ডাঙৰীয়াই তবলা সংগত কৰাৰ কথা আমাক জনাইছিল।
অসম আৰু অসমীয়াৰ সততে মংগল কামনা কৰা, বিবেক-বিবেচনাক বন্ধকীত থৈ কেতিয়াও ভটিয়নী সোঁতত চিন্তাৰ ত্ৰীখন মেলি নিদিয়া, অন্যায়-অনীতিৰ লগত কেতিয়াও আপোচ নকৰা ব্যক্তি তথা সাহিত্যিকৰূপে আমাৰ অতিকেই আপোন মেদিনী চৌধুৰী।
'দৈনিক অসম' ২৩ মাঘ, বৃহস্পতিবাৰ, ১৯২৪ শক, ফেব্ৰুৱাৰী, ২০০৩ত হাফিজ্জ আহমেদে আকৌ লিখিছে "মেদিনী চৌধুৰীৰ কৃতী"।
মেদিনীমোহন চৌধুৰী এটি অনুভৱ
শৈলেন্দ্ৰ কুমাৰ ভট্টাচার্য
অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ জগতৰ পৰা আৰু এজন প্ৰতিভাধৰ ব্যক্তি অন্তর্হিত হ'ল। তেওঁ হ'ল মেদিনীমোহন চৌধুৰী। ইতিমধ্যে যোৱা কিছুদিনৰ ভিতৰতে অসমীয়া সাহিত্যৰ ভালেকেইজন বৰেণ্যে ব্যক্তিক আমি হেৰুৱালো। তেওঁলোক নিজস্ব গুণেৰে মহীয়ান আছিল। এনে ক্ষতি অপূৰণীয়। মেদিনী চৌধুৰীৰ বিয়োগে এনে এক সন্তাপেই আনি দিছে। 'অনন্য প্ৰান্তৰ'ৰ দৰে ব্যতিক্রমধর্মী উপন্যাস আৰু 'লুইত বৰাক, ইছলাম'ৰ দৰে সম্প্ৰীতিৰ সূত্ৰ ধাৰা গ্ৰন্থৰ লেখক মেদিনী চৌধুৰীৰ বিয়োগ অসমবাসীৰ বাবে দুখৰ খবৰ। এপিনে প্ৰশাসনৰ বাঘজৰী ধৰি আনপিনে কলমেৰে পঢ়ুৱৈৰ মন জয় কৰোতা সাহিত্যিকস্বৰূপে তেওঁৰ খ্যাতি অনন্য। কিন্তু দুখ লাগে এই ক্ষেত্ৰত আমাৰ অসমীয়া মানুহৰ সাৰ-সিকতিবিহীন ৰূপটো দেখি। দুই-এজন প্রথিতযশা সাহিত্যিক, গুণমুগ্ধ আৰু সম্পৰ্কীয় লোক কেইজনমানৰ বাহিৰে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গুৱাহাটীৰ দৰে ঠাইতো মানুহ গোটখোৱা নাছিল। এনে ঘটনা অন্য কেইবাজনো যশস্বী সাহিত্যিক, শিল্পীৰ ক্ষেত্ৰতো দেখা গৈছিল। যি ক্ষেত্ৰত এনে লোকসকলৰ গ্ৰহণযোগ্য সৃষ্টি জীৱিত অৱস্থাতেই প্ৰকাশক আৰু হিতাকাংক্ষীৰ তৎপৰতাত চমকপ্রদভাৱে পোহৰলৈ আহিব লাগে, বহুল প্রচাৰৰ ব্যৱস্থা হ'ব লাগে আৰু সাহিত্যিক অথবা শিল্পীগৰাকীক প্ৰাপ্যখিনি দিব লাগে, সেই ক্ষেত্ৰত এনে সফল লোকৰ ভালেখিনিয়েই অৱহেলিত হৈ আছে। এনে অৱস্থাত একোজন বিশিষ্ট শিল্পীসাহিত্যিকৰ সৃষ্টি সম্ভাৰক আমাৰ সমাজত তেওঁৰ মৰণৰ পাচত মানুহে পাহৰি যোৱাটো অসম্ভৱ নহয়।
বর্তমান অসমীয়। সমাজখনৰো অসংখ্য পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ে। আজিৰ পাঠ্যপুথিত ভূগোল আৰু বুৰঞ্জী বিষয় নগণ্য ৰূপতহে ৰখা হৈছে। তেনেস্থলত আজিৰ প্ৰজন্মই শংকৰদেৱ, লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদ আদিৰ দৰে মনীষীৰ সৃষ্টি-সম্ভাৰৰ প্ৰতি আগ্রহান্বিত হোৱাও টান । ফলত প্রয়াত অসমীয়া শিল্পী-সাহিত্যিকসকলৰ ভৱিষ্যতো ধুঁৱলী-কুঁৱলী পৰিবেশত আচ্ছন্ন। অপসংস্কৃতিৰ দৌৰাত্ম্য, ইংৰাজী মাধ্যমৰ পঢ়া-শুনা আৰু পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণৰ দিনত আজিৰ প্ৰজন্মই অসমীয়াৰ সাহিত্য, ইতিহাস অধ্যয়ন কৰাটো দূৰৰ কথা যেন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত দেখা গৈছে যে আমাৰ সাহিত্য-শিল্পৰ মূল্যায়ন কৰোতাৰো ভৱিষ্যতে হয়তো অভাৱ ঘটিব। এনে এক সমস্যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া পৰিয়ালবোৰতো এক সজাগতাৰ প্ৰয়োজন। তদুপৰি অগ্ৰণী প্ৰকাশন প্রতিষ্ঠানবোৰেও সাহিত্য-শিল্পৰ প্ৰসাৰতাৰ আৱশ্যকীয় দিশটোলৈ চকু দি এক ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিব লাগিব । আজি নন্দ তালুকদাৰৰ দৰে মানুহ ওলাবনে? সাহিত্য জাতিৰ দাপোণ। পথ প্ৰদৰ্শকো। আজিৰ বৈষায়িক প্রতিযোগিতাৰ দিনত সাহিত-সংস্কৃতিৰ চৰ্চা কৰা লোকো আমাৰ সমাজত মুষ্টিমেয়। এনে এক বাতাৱৰণৰ মাজত আমি কামনা কৰো যাতে এক ন-সজাগতাৰে সৃষ্টি কৰাৰ বাবে আমাৰ অসমীয়া
জাতি সচেষ্ট হয়। এইক্ষেত্ৰত পিচে কেতিয়াবা আমাৰ অর্থনৈতিক সমস্যায়ো মানুহক বিপাঙত পেলায়। পিচে অৰ্থৱানসকলে যদি তৎপৰতাৰে নখ জোকাৰে, নৈ ব'বই। অসমত প্ৰতিভাৰ অভাৱ নাই; লাগে স্ফূৰণৰ বাবে এক সুস্থ বাতাৱৰণ।
অসমীয়া প্রতিদিন, মঙলবাৰ, ২৫ ফেব্ৰুৱাৰী ২০০৩, ১২ ফাল্গুন, ১৯২৪ শক।
মেদিনী নাৰ্জি চৌধুৰী
অনুপ বৰুৱা
বহুকেইখন সুখপাঠ্য উপন্যাস, গল্প, ভ্রমণ কাহিনী আৰু মূল্যৱান প্ৰবন্ধৰ লেখক তথা অসমৰ সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যিক মেদিনী চৌধুৰী আৰু আমাৰ মাজত নাই। সাহিত্য অকাডেমি বিজয়ী এই বিশিষ্ট সাহিত্যিকগৰাকী আমাৰ বোধেৰে এগৰাকী নিৰ্ভীক তথা স্পষ্টবাদী বক্তাও আছিল। প্রয়াত সাহিত্যিকগৰাকীৰ মৃত্যুত অন্তৰত গভীৰ দুখ অনুভৱ কৰাৰ লগে লগে তেখেতৰ জীৱনকালৰ পাহৰিব নোৱাৰা এটি বিশেষ কথাও আমাৰ মনত পৰিছে আৰু বহুতৰে হয়তো মনত পৰিব পাৰে।
কেইবছৰমান আগৰ কথা। বছৰটো তথা চনটোৰ কথা ভালদৰে মনত নাই। হঠাতে দেখা পাইছিলো মেদিনী চৌধুৰী নামটোৰ পৰিৱৰ্তে প্ৰকাশ পোৱা মেদিনী নার্জি চৌধুৰী নামটো। দেখি আমি আচৰিত হৈছিলো। বোধহয় ই কোনো বিশেষ ক্ষোভৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ কাৰণ আছিল। কিন্তু বিশিষ্ট লেখক, ডাঃ ধ্ৰুৱজ্যোতি বৰাই বিশেষ ক্ষোভ প্রকাশ কৰা এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবৰ বাবে অনুৰোধ কৰি বাতৰি কাকতৰ পৃষ্ঠাত কিছু কথা লিখিছিল। পুনৰ দেখিছিলো মেদিনী চৌধুৰী নামটো। কিহৰ বাবে আৰু কাৰ ওচৰত ক্ষোভ প্ৰকাশ কৰি তেখেতে তেখেতৰ নামটোৰ মাজতে 'নাজি' উপাধিটো লগাই দিছিল বুলি পোৱা নাছিলো। ডাঃ বৰাৰ কথাখিনি পুনৰ পঢ়িবলৈ পালে নিশ্চয় কিছু কথা বুজি পাম। বোধহয় অসমত বহু বছৰ আগৰে পৰা দেখা দিয়া জাতিগত বৈষম্যই ইয়াৰ প্ৰধান কাৰণ আছিল। যি নহওক, ডাঃ বৰাৰ অনুৰোধ তেখেতে এবাৰতেই ৰক্ষা কৰিছিল । ডাঃ ধ্ৰুৱজ্যোত বৰাই কোনখন কাকতত কি বুলি লিখিছিল আমাৰ একো মনত নাই। কিন্তু ঘটনাটো মনত থাকিল। তথাপি ক'ব খোজো যে বৰা ডাঙৰীয়াই লিখা কাকতখন বোধহয় 'সাদিন' অথবা 'বুধবাৰ' আছিল ।
মেদিনী চৌধুৰীৰ সান্নিধ্যৰ স্মৃতি
স্বনীন নাথ
মেদিনী চৌধুৰী ছাৰৰ দেহাৱসানৰ বাতৰি পাই মৰ্মাহত হৈছোঁ আৰু মনটো উৰা মাৰি গৈছে তেওঁৰ সৈতে ক্ষণিক সান্নিধ্য পোৱা মুহূৰ্তবোৰলৈ। ১৯৮৩ চনৰ এপ্ৰিল মাহৰ কোনোবা এটা দিনৰ কথা। মহীশূৰৰ Central Sericultural Research and Training Institute-ৰ পৰা আমি অসমৰ দহজন ছাত্রই Post Graduate Diploma in Sericulture (PGDS) পাঠ্যক্রম সুকলমে সমাপ্ত কৰি ছমাহমান ঘৰতে বহি থকাৰ পিছত চাকৰিৰ খবৰ ল'বলৈ গোট খাইছিলো তেতিয়া ভঙাগড়ত থকা ৰেচম বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত। কাৰ্যালয়ত উপস্থিত হৈ গম পালো যে বিভাগত নতুনকৈ সঞ্চালক হিচাপে যোগদান কৰিছে অসমৰ এজন প্ৰখ্যাত আৰু ব্যতিক্রমধর্মী লেখক, সাহিত্যিক মেদিনী চৌধুৰীয়ে। বুকুখন ধপ্ধপাই উঠিল। গাটো ৰাইজাই কৰিবলৈ ধৰিলে। ভয়ত নহয়, তেওঁৰ দৰে সাহিত্যিক এজনক লগ পোৱাৰ আনন্দতহে। ইতিমধ্যে তেওঁৰ 'অনন্য প্ৰান্তৰ', 'বণ্ডুকা বেহাৰ', 'ফেৰেংগাদাও' আদি পঢ়ি শেষ কৰিছোঁ। তেওঁৰ ব্যতিক্ৰমী লেখাই তেতিয়াই মনত গভীৰ সাঁচ বহুৱাইছিল। সেই 'অনন্য প্রাপ্তৰ'ৰ লেখকজনক, 'ফেৰেংগাদাও'ৰ স্ৰষ্টাজনক লগ পোৱাৰ, তেওঁৰ মুখামুখি হোৱাৰ এক তীব্র আকাংক্ষাই মোক উদ্বাউল কৰি তুলিলে। শেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই ছাৰে আমাক তেওঁৰ কোঠালৈ মাতিলে। প্ৰথমতে আমাক বহিবলৈ দিলে আৰু আমাৰ পৰিচয় ল'লে। তাৰ পিছত তেওঁ এনেকুৱা সুন্দৰ, বন্ধুত্বপূর্ণ ব্যৱহাৰেৰে আৰু সহৃদয়তাৰে আমাৰ লগত কথা পাতিলে যে আমাৰ ভাব হ'ল যেন আমি এজন সঞ্চালকৰ লগত নহয়, এজন অন্তৰঙ্গ বন্ধুৰ লগতহে কথা পাতি আছোঁ। শেষত ছমাহৰ ভিতৰত বিভাগীয় নিয়োগপত্ৰ প্ৰেৰণৰ প্ৰতিশ্ৰুতি আদায় কৰি আমি তেওঁৰ পৰা বিদায় লৈ আহিলোঁ। সঁচাকৈয়ে ছমাহৰ ভিতৰতে আমি চাকৰিৰ নিয়োগ-পত্ৰ পাইছিলো আৰু কামত যোগদান কৰিছিলো।
তেওঁ কথাই-কামে এক আছিল। তেওঁৰ কথা আৰু কামৰ মাজত কোনো পার্থক্য আমি কেতিয়াও দেখা নাছিলো। ৰেচম বিভাগৰ সঞ্চালকৰূপে তেওঁ গাৱে-ভূঞে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল। গাঁৱৰ পলুপালক আৰু বিভাগীয় কৰ্মচাৰীসকলক লগ ধৰি তেওঁলোকৰ অভাৱ-অভিযোগ, সুবিধা-অসুবিধাৰ বুজ লৈছিল আৰু সেইবোৰ পাৰ্যমানে দূৰ কৰাৰ চেষ্টা কৰিছিল। নিৰহংকাৰী, বন্ধুত্বসুলভ ব্যক্তিত্বৰ অধিকাৰী ছাৰে শীর্ষ বিষয়াৰ পৰা তলখাপৰ বনুৱাজনলৈকে সকলোৰে লগত একেই সু-সম্পর্ক বজাই ৰাখিছিল। ফলত সকলোৱে তেওঁলোকৰ মনৰ ক্ষোভ, দুখ-বেজাৰ, অসুবিধা অকপটে আৰু নিসংকোচে ছাৰৰ আগত ব্যক্ত কৰিবলৈ সুবিধা পাইছিল।
১৯৮৩ চনৰ অক্টোবৰ মাহত মই প্রথম চৰকাৰী চাকৰিত যোগদান কৰাৰ প্ৰায় তিনি মাহমানৰ পিছৰ কথা। ধূপধৰাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান দক্ষিণে ঘন অৰণ্যৰ মাজত ভকতপাৰা মুগা ফাৰ্মত (যিখনৰ মই পৰিচালক আছিলো) এদিন হঠাৎ ছাৰ গৈ
ওলাল। ছাৰৰ লগত বিভাগৰে দুজনমান শীৰ্ষ বিষয়া। ছাৰক তেনেকৈ হঠাতে দেখি মোৰ তালুৰে জিউ যোৱা অৱস্থা। ছাৰক ক'ত বহুৱাওঁ, কি খুৱাওঁ? ঘন জংঘলত দুখনমান চকী-মেজেৰে এটা জৰাজীৰ্ণ কাৰ্যালয়। তাৰ চাৰিওফালে চোমনি। তথাপি আথে-বেথে চকী এখন ছাৰলৈ আগবঢ়াই দিলো। ছাৰ কিন্তু নবহিল। মোৰ কান্ধত হাত থৈ ছাৰে ক'লে- ব'লা, ফাৰ্মখন অলপ চাই আহোঁ। ফার্মখন চাই থাকোতে চোমনিৰ তলত কাম কৰি থকা বনুৱাকেইজনক দেখি তেওঁ সিহঁতৰ ফালে আগবাঢ়ি গ'ল। সিহঁতৰ লগত আন্তৰিকতাৰে কথা পাতিলে। সুখ-দুখৰ খবৰ ল'লে। টকা-পইচা ঠিকমতে পাইছে নে নাই সুধিলে। দেখিলো, সিহঁতৰ লগত কথা পাতি তেওঁ যেন সন্তুষ্ট হৈছে। সেই সময়ত ফাৰ্মখনৰ উৎপাদনো বৰ ভাল আছিল। সাতে সোতৰই মিলি ফাৰ্মখন পৰিদৰ্শন কৰি ছাৰ সন্তুষ্ট হোৱা যেনেই লাগিল। শেষত যাবলৈ ওলাই তেওঁ মোক সুধিলে- 'তুমি ক'ৰপৰা বজাৰ কৰা?'
: 'ধূপধৰাৰ পৰা'- মই ক'লো?'
: 'ইমান দূৰ বাট কিহত অহা-যোৱা কৰা??
: 'খোজকাঢ়ি, ছাৰ।'
: 'কিয় তোমাৰ চাইকেল নাই নেকি?' মই নাই বুলি উত্তৰ দিয়াত তেওঁ ক'লে'তুমি চাইকেল এখনৰ বাবে এটা প্রপোজেল দিয়া। মই টকাৰ চেংচন দিম। তোমাক চাইকেল এখনৰ বৰ দৰকাৰ। বুজিছানে ডেকা ল'ৰা?' তাৰ পিছত পিঠিত মৃদু চাপৰ এটা মাৰি 'মই মাজে-সময়ে আহি থাকিম' বুলি কৈ তেওঁ গাড়ীত উঠিল। মই কৃতজ্ঞতাত মূৰ দুপিয়াই ছাৰক ধন্যবাদ জনালোঁ। কথা দিয়া মতেই তেওঁ এখন চাইকেল কিনিবলৈ ১২০০ টকাৰ অনুমোদন দিছিল আৰু মই এখন নতুন চাইকেল কিনি নতুন উদ্যমেৰে কামত আত্মনিয়োগ কৰিছিলোঁ। আহ! কি মধুৰ সুন্দৰ দিন আছিল সেইবোৰ। ইয়াৰ পিছতো কেইবাবাৰো গুৱাহাটীৰ পৰা গোৱালপাৰালৈ অহা-যোৱা কৰোতে তেওঁ ফাৰ্মৰ্থনত সোমাই মোৰ খা-খবৰ লৈ গৈছিল। অফিচৰ কামত গুৱাহাটীলৈ গ'লেই তেওঁক দেখা কৰি মাতষাৰ দি আহিছিলো তেওঁ দিয়া বহুতো মূল্যৱান উপদেশ আৰু মৰম। সেই মধুৰ সান্নিধ্যৰ স্মৃতি মোৰ মনত এতিয়াও সজীৱ হৈ আছে আৰু চিৰদিন থাকিব।
সঞ্চালক মেদিনী চৌধুৰী সাহিত্যিক মেদিনী চৌধুৰীৰ সৈতে একাকাৰ হৈ ঘূৰি ফুৰিছিল মানুহৰ হৃদয়ে হৃদয়ে। ৰেচম বিভাগৰ সঞ্চালক হিচাপে তেওঁ ১৯৮৫ চনত ভাৰতীয় প্ৰতিনিধিৰ আঠজনীয়া দল এটাৰ লগত এজন অন্যতম প্রতিনিধি হিচাপে চীনদেশ ভ্রমণ কৰাৰ সুযোগ পাইছিল। সেই সময়ত পাটশিল্পত চীনে বিশ্বৰ সকলো দেশৰ ভিতৰত শ্রেষ্ঠ স্থান অধিকাৰ কৰিছিল আৰু তাকেই অধ্যয়ন কৰাই আছিল ভাৰতীয় দলটোৰ প্ৰধান উদ্দেশ্য। সেই চীন ভ্ৰমণৰ অভিজ্ঞতাৰে লিখা 'য়াংজু নদীৰ পাৰ' (প্ৰথম প্রকাশ- ফেব্ৰুৱাৰী, ১৯৮৭ চন) অসমীয়া ভ্রমণ সাহিত্যত এক অভিনৱ সংযোজন। চীন ভ্ৰমণ সমাপ্ত কৰি আহিয়েই তেওঁ ৰেচম বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ এখন সভা পাতি তাত তেওঁৰ ব্যক্তিগত অভিজ্ঞতাবোৰ ব্যক্ত কৰিছিল আৰু অসমত পাটশিল্পৰ উন্নয়নৰ বাবে যৎপৰোনাক্তি চেষ্টা কৰিছিল। অসম চৰকাৰৰ বিভিন্ন বিভাগত সঞ্চালক
হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও তেওঁৰ আটাইতকৈ প্রিয় বিভাগ আছিল ৰেচম বিভাগ। তেওঁ এই বিভাগটোক অন্তঃকৰণেৰে ভাল পাইছিল। সেইকথা বিভিন্ন প্রসঙ্গত তেওঁ নিজেই ব্যক্ত কৰিছিল। ইয়াৰ এটা মূল কাৰণ আছিল এয়ে যে ৰেচম শিল্পটোৰ কামকাজবোৰ মূলতঃ কেন্দ্ৰীভূত আছিল। চহৰ-নগৰৰ পৰা আঁতৰৰ ভিতৰুৱা, দুর্গম অঞ্চলতহে আৰু সেই আওহতীয়া ঠাইবোৰ ঘুৰি পকি, শত-সহস্ৰ দৰিদ্ৰজনৰ লগত মনৰ কথা পাতি তেওঁ এক বিৰল অভিজ্ঞতা লাভ কৰিছিল। ইয়াৰ প্ৰভাৱ তেওঁৰ সাহিত্যকর্মতো পৰিছিল বুলি তেওঁ নিজেই স্বীকাৰ কৰিছিল। প্রখ্যাত সাহিত্যিক, সাংবাদিক, হোমেন বৰগোহাঞিৰ কেইবাটাও লেখাত, ছাৰৰ লগত অসমৰ বিভিন্ন ঠাইত একেলগে ঘূৰি ফুৰি হোৱা অভিজ্ঞতাৰ সৰস বৰ্ণনা প্ৰকাই পাইছে। ১৯৮৬ চনত এই ৰেচম বিভাগৰ সঞ্চালক হিচাপেই তেওঁ অৱসৰ গ্ৰহণ কৰে। কিন্তু অৱসৰৰ পিছতো বিভাগীয় বিষয়াকৰ্মচাৰীসকলৰ লগত তেওঁ অনৱৰতে সম্পৰ্ক ৰাখিছিল আৰু দিহা-পৰামর্শ আগবঢ়াইছিল।
তেওঁৰ অবৰ্তমানত ৰেচম বিভাগে হেৰুৱালে এজন সু-পথ প্রদর্শকক।
'আমাৰ অসম' ২০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০০৩, খনীন নাথৰ স্মৃতি পটত "মেদিনী চৌধুৰীৰ সান্নিধ্যৰ স্মৃতি সোঁৱৰিলেক
তাৱৈৰ স্মৃতিত
নিবেদিতা বৰা
সেয়া আছিল ১৯৭১ চনৰ শেষৰ ফালৰ কোনোবা এটা মাহ। মই তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। বৃত্তি পৰীক্ষা সমাগত। গতিকে প্ৰায়ে স্কুললৈ নোযোৱাকৈ ঘৰতে পঢ়া-শুনা কৰো। কাৰণ, নতুনকৈ আৰম্ভ হ'বলগীয়া পাঠ নাই।
এদিন এখন উজ্জ্বল মুখেৰে স্কুলত শিক্ষকতা কৰা মায়ে স্কুলৰ পৰা আহিয়েই এখন নীলা ৰঙৰ চিঠি মোৰ হাতত দিলেহি পঢ়ি চাবলৈ। সেয়া হেনো আমাৰ আমৈৰ চিঠি, অৰ্থাৎ মাৰ সখীয়েকৰ চিঠি। আমৈয়ে এটা বিশেষ খবৰেৰে চিঠিখন লিখিছে। খবৰটো হ'ল - আমাৰ তাৱৈ মেদিনীমোহন চৌধুৰী মাৰ্ঘেৰিটাৰ পৰা শ্বিলঙলৈ বদলি হৈছেপৰিবহণ বিভাগৰ অৱৰ সচিব হিচাপে। গতিকে মালৈ আন এটা দায়িত্ব- সোনকালে তাৱৈহঁতৰ চাৰিটা ল'ৰা-ছোৱালীৰে সৈতে ছজনীয়া পৰিয়ালটোৰ বাবে ভাড়াঘৰ এটাৰ বন্দৱক্ত কৰা।
সেই নীলা চিঠিখন আৰু মাৰ উজ্জ্বল মুখখন মোৰ এতিয়াও বৰ ভালদৰে মনত আছে। ইয়াৰ আগলৈকে আমি তাৱৈ-আমৈৰ কথা শুনিহে আছিলো মাৰ মুখেৰে। কিন্তু খুব সোনকালে তেখেতসকলৰ লগত দেখাও হ'ব, এইকথা ভাবিয়েই ভাল লাগিছিল ।
ইতিমধ্যে আমি গম পালো যে তাৱৈয়ে সচিবালয়ত যোগদান কৰিছেহি। কিন্তু তেওঁৰ পৰিয়াল অনা নাই। শ্বিলঙৰ স্কুলত ল'ৰা-ছোৱালীৰ নামভৰ্তিৰ ব্যৱস্থা হ'লেহে আমৈহঁত আহিব।
১৯৭২ চনৰ আৰম্ভণিৰ ফালৰ কোনোবা এটা দিন। এদিন দেউতাৰ লগত অফিচৰ পৰা কোনোবা দুজন মানুহ আহিল- তেখেতসকলক মই আগতে দেখা মনত নপৰে। মায়ে ক'লৈ-এজন হেনো তাৱৈ। মই তাৱৈক নমস্কাৰ জনালো। তাৱৈহে হাঁহি এটা মাৰি ক'লে-'তেখেতকো নমস্কাৰ কৰা'। মই আনজন মানুহকো নমস্কাৰ কৰিলো লগতে বুজিও পালো যে দুজন বয়োজ্যেষ্ঠ মানুহৰ লগত পৰিচয় হ'লে, দুয়োজনকে বেলেগে নমস্কাৰ কৰাটো সুৰুচি আৰু শিষ্টাচাৰৰ পৰিচায়ক। সেয়াই আছিল তাৱৈৰ লগত মোৰ প্ৰথম দেখাদেখি । তাৰ পিছত সুদীৰ্ঘ ত্ৰিশ বছৰ বিভিন্ন কাৰণত তাৱৈৰ সান্নিধ্যলৈ আহিছো আৰু প্রত্যেকবাৰেই তেখেতৰ পৰা কিবা এটা শিকিছো।
তাৱৈৰ পৰিচয় এজন সাহিত্যিক আৰু প্ৰশাসনীয় বিষয়া হিচাপে। তেওঁৰ বিভিন্ন লেখা মই পঢ়িছো যদিও সামান্য জ্ঞানেৰে তেওঁৰ সাহিত্যৰাজি বিচাৰ কৰাৰ সাহস মোৰ নাই। কিন্তু তেওঁৰ সান্নিধ্যই মোৰ চিন্তাশক্তিক নতুন ৰূপ দিয়াৰ উপৰি কিদৰে উচ্চ চিন্তা কৰিব পাৰি তাকো শিকাইছিল।
১৯৭২ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহ হ'ব বোধকৰো- মোৰ সঠিকভাৱে মনত নাই। শ্বিলঙৰ অ'কলেণ্ডৰআমাৰ ঘৰৰ ওচৰতে মায়ে এটা ভাড়াঘৰ বন্দৱম্ভ কৰিলে- তাৱৈহঁতৰ বাবে। আমাৰ ঘৰৰ পৰা তৱৈহঁতৰ ঘৰলৈ মাত্র তিনি মিনিটমানৰহে বাট। চিৰিকেইটা
বগাব পাৰিলেই হ'ল। প্রথমতে অলপ সংকোচ ভাব হ'লেও তেওঁলোকৰ ছোৱালী তিনিজনী আৰু আমৈৰ মৰমে সেই ভাব নোহোৱা কৰিলে। সেই ঘৰখনত মই ভালপোৱা এবিধ বস্তুৱে ঠাহ খাই আছিল। সেয়া হ'ল কিতাপ।শাৰী শাৰীকৈ সজাই থোৱা অসংখ্য কিতাপৰ আলমাৰিৰ মাজতেই তাৱৈৰ বিছনাখন। আমৈৰ পৰা জানিব পাৰিছিলো যে সেয়া বিছনা নহয়, এটা বাচহে। বাকচটো হেনো কিতাপেৰে ভৰি আছে। দিনটোত আমি তিনিবাৰমান তাৱৈহঁতৰ ঘৰলৈ যাওঁ। বন্ধৰ দিনত যাবলৈ অলপ সংকোচবোধ কৰো, কাৰণ সেই বিছনাৰূপী বাচটোত কেতিয়াবা শুই, কেতিয়াবা চকীত বহি তাৱৈয়ে পঢ়ি থাকে-একেধাৰে পৰীক্ষাত পঢ়াৰ দৰে, মনোযোগেৰে। লগতে থাকে জাপে জাপে খবৰ কাগজ। সেই সময়ত মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। তলত তিনিটা ভাই-ভনী। আমি গ'লৈ পঢ়ি থকা অৱস্থাতো তাৱৈয়ে অকণো বিৰক্তি পোৱা যেন নেদেখুৱায়, বৰং কেতিয়াবা হাঁহি উঠা কথা কৈ, কেতিয়াবা বিশ্বকোষ মেলি লৈ দুই-এটা কথা সুধি আমাক কিছু নতুন কথাৰ সম্ভেদহে দিছিল। এজন মানুহে এনেকৈও যে পঢ়িব পাৰে সেয়াই প্রথম দেখিছিলো।
মাজে মাজে তেখেত আমাৰ ঘৰলৈও আহিছিল। সময় কোনো ঠিক নাই। কেতিয়াবা ৰাতিপুৱা ন-মান বজাতে ওলাবহি-এৰী চাদৰখন গাত লৈয়েই, বগা ঢকঢকীয়া পাইজামা পৰিধান কৰিয়েই। আমি পঢ়ি থাকিলে কিনো পঢ়িছো খবৰো কৰে।
অ'কলেণ্ডত থকা সময়তে তেখেতে মোক ইংৰাজী বিশ্বকোষ কেনেকৈ পঢ়িব লাগে তাকো শিকাইছিল। ইয়াৰ আগলৈকে বিশ্বকোষ বা Encyclopediaনো কেনেধৰণৰ কিতাপ হ'ব পাৰে মোৰ কোনো ধাৰণাই নাছিল বা এনেধৰণৰ কিভাগৰ নামো শুনা নাছিলো। সেই ৰংচঙীয়া ছবিৰে তাৱৈৰ লগত পঢ়িবলৈ শিকা বিশ্বকোষকেইখনলৈ মোৰ আজিও মনত পৰে।
১৯৭২ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰৰ ডাক-তাঁৰ বিভাগে পোন্ধৰ বছৰ বয়সৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে এখন চিঠি লিখা প্রতিযোগিতা পাতিলে। চিঠিৰ বিষয় আছিল'বন্ধুলৈ এখন চিঠি'। ময়ো এই প্রতিযোগিতাত যোগদান কৰিম বুলি এখন চিঠি লিখি তাৱৈক দেখুৱালো। তাৱৈয়ে পঢ়ি চাই গোট গোট আখৰেৰে মন্তব্য লিখিলে-'বেছ ভালহৈছে'। মনে মনে মোৰ খঙো উঠিল। তাৱৈয়েতো আৰু অলপ কিবা যোগ দিব পাৰিলেহেঁতেন! তাৱৈলৈ ক্ষোভেৰে চিঠিখন প্রতিযোগিতাৰ বাবে পঠিয়াই দিলো। তিনি মাহমানৰ পিছত খবৰ আহিল যে এই চিঠিখন ভাৰতৰ চাৰি হাজাৰ পাঁচশমান প্রতিযোগীৰ মাজত প্ৰথম হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতক প্রতিনিধিত্ব কৰিবলৈ ব্যৱস্থা কৰা হৈছে। এই বাতৰি 'পি টি আই'ৰ বাতৰি হিচাপে অসম তথা ভাৰতৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পালে। তেতিয়াৰ আকাশবাণী দিল্লী আৰু ৰেডিঅ' বাংলাদেশেও এই বাতৰি প্ৰচাৰ কৰিছিল। আমাৰ ঘৰখন বেছ উছৱমুখৰ হৈ উঠিছিল। তাৰ পিছত দিল্লীৰ পৰা খবৰ আহিল যে ডাক-তাৰ বিভাগে ১৯৭২ চনৰ ৯ অক্টোবৰ দিনটো শ্বিলং ক্লাবত পুৰস্কাৰ বিতৰণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছে। লগতে চিঠিখনৰ এটা ইংৰাজী প্ৰতিলিপিও বিচৰা হ'ল। তেতিয়া আমাৰ দেউতা কৃষ্ণকান্ত বৰা আৰু তাৱৈয়ে লগলাগি চিঠিখন ইংৰাজীলৈ অনুবাদ কৰে। চাকৰিৰ ব্যস্ততাৰ মাজতো কমেও তিনিদিনমান আমাৰ
ঘৰলৈ আহি দেউতাক সহায় কৰি দিছিলহি। সম্ভৱ এই ইংৰাজী প্ৰতিলিপিখনেই ভাৰতক প্রতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে জেনেভালৈ পঠোৱা হৈছিল।
সেই আনন্দৰ জোৱাৰ মাৰ যাওঁতে-নৌ যাওঁতেই এদিন আবেলি তাৱৈ আমাৰ ঘৰলৈ আহি ড্রইংৰূমত বহি দেউতাৰ লগত কথা পাতি আছিল। বাহিৰৰ বাৰাণ্ডাত মই অকলে খেলি আছো। এনেতে তাৱৈৰ কিছুমান কথাই মোৰ কোমল মনৰ চিন্তাবোৰ জোকাৰি গ'ল। তেখেতে দেউতাক কৈছিল-'চাওক বৰা, আপোনাৰ ছোৱালীজনীয়ে যে সৰ্বভাৰতীয় স্তৰত এটা পুৰস্কাৰ পালে তাৰপৰাই প্ৰমাণ হ'ল যে তাইৰ লগৰ আনবোৰতকৈ তাইৰ প্ৰতিভা অলপ হ'লেও বেছি। গতিকে পঢ়াশুনাত আনতকৈ তাই অলপ হ'লেও বেছি সুবিধা পাব লাগিছিল। মানে ধৰক, ইয়াতকৈ ভাল এখন স্কুলত, য'ত ভাল competition পাব, য'ত প্ৰতিভা বিকাশ হোৱাৰ কিছু বেছি সুবিধা আছে, তেনে স্কুলত। কিন্তু নহয়, তেনেবোৰ স্কুলত ধনী মানুহৰ ল'ৰা-ছোৱালীহে পঢ়িব পাৰিব-টকাৰ জোৰত, প্ৰতিভা কম হ'লেও হ'ব। লগতে, অভিভাৱক হিচাপে আপুনিও এইকথা চিন্তা নকৰে। অর্থাৎ সকলোবোৰ ভাল 'এচামৰ বাবে সংৰক্ষিত'। তেনেকৈয়ে একো একোটা ব্যৱস্থাপনা চলি আহিছে। কথাবোৰ ভাবি চাবচোন। এই ব্যৱস্থাপনা মানে system সদায়েই চলি থাকিলে ভাল হ'বনে? দেউতাই কথাবোৰ কিমান ভাবিলে মই নাজানো। মোৰ কিন্তু সেই কথাবোৰ খুব ভাল লাগিল। যুক্তিবোৰ খুব ভাল লাগিল।
১৯৭৩ চন, ৰাজধানী স্থানান্তৰিত হোৱাৰ বাবে আমি শ্বিলং এৰিবলগীয়া হ'লো। তেতিয়া দেউতা অসম সচিবালয়ৰ কৰ্মচাৰী। মাক গুৱাহাটীৰ তাৰিণী চৌধুৰী স্কুললৈ বদলি কৰা হ'ল। তাৱৈ বদলি হ'ল যোৰহাটলৈ, শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে। স্কুল ছুটীৰ পিছত আমি তিনিওজনী ভনী উভতিছো মাৰ লগত। হঠাতে উলুবাৰীত এখন গাড়ী আমাৰ ওচৰতে ৰ'লহি। দেখিলো, তাৱৈ আৰু আমৈ। তাৱৈয়ে আমাক গাড়ীত উঠিবলৈ ক'লৈ আৰু চালকক ৰাজগড়ৰ আমাৰ ঘৰলৈ গাড়ী চলাবলৈ নির্দেশ দিলে। আচলতে চৰকাৰী কামতহে তাৱৈ গুৱাহাটীলৈ আহিছিল, কিন্তু আমাৰ মৰমতে 'ৰাজগড়ৰ নতুন ঘৰটো এপাক চাই যাওঁ" বুলিয়েই আমাৰ ঘৰলৈ আহিল এনেকুৱাই আছিল তাৱৈৰ আন্তৰিকতা। ১৯৭৫ চন।মই দশম শ্রেণীত পঢ়ো। এইবাৰ তাৱৈ গুৱাহাটীলৈ বদলি হ'ল। খানাপাৰৰ এটা ভাড়াঘৰত থাকে। সেই সময়ত অসমীয়া বিষয়ত আমাৰ অতিৰিক্ত পাঠ্যপুথি আছিল- 'চোৰ ধৰা, পিম্পৰা গুচোৱা'। ভালেমান শব্দ বুজি পোৱা নাই। এদিন বুনৰ (তাৱৈৰ মাজু জীয়ৰী) লগত ৰাতি থকাকৈ খানাপাৰালৈ গ'লোগৈ। গধূলি পঢ়া নহ'ল, সেইদিনা অফিচৰ পৰা ঘূৰি আহোঁতে পলম হোৱাৰ বাবে। পিছদিনা ৰাতিপুৱাই তাৱৈয়ে কিতাপ-পত্ৰ উলিয়াবলৈ ক'লে। মই নজনা কথাবোৰ সুধি ল'লো। স্কুললৈ যাবৰ পৰত মোৰ হাতত কাৱৈয়ে দুটকীয়া নোট এখন দিলে- মোৰ যে ইমান ভাল লাগিছিল। কাৰণ তেতিয়ালৈকে মা-দেউতাৰ বাহিৰে আন কোনো বংশ-পৰিয়ালৰ পৰা তেনেদৰে টকা পোৱা মনত নপৰে। তাৱৈহঁত কিছুদিন তাৰিণী চৌধুৰী স্কুলৰ পিছফালে থকা চৰকাৰী আবাসতো আছিল। তাৰ পিছতহে চানমাৰি কলনিৰ চৰকাৰী আবাসলৈ যায়গৈ। আমি মাজে মাজে তেখেতসকলৰ ঘৰলৈ গৈছিলো। কেতিয়াবা তেখেতৰ কথা ক'বলৈ সময়েই
নাথাকে। খুব ব্যস্ত হৈ লিখি থাকে। আমিও বুজি পোৱা হ'লে। । গতিকে বেয়া নাপাওঁ। কেতিয়াবা ঘৰত আলহী-অতিথি বেছি হ'লে চাদৰ ওপৰত বহি একান্তমনে লিখি থাকেগৈ। কিন্তু কথা পাতিলে নতুনকৈ দুই-এটা কথা যে জানিব পাৰিম সি ধুৰুপ । এদিন তেখেতে মোক এখন মেপ দেখুৱাইছিল। মেপখনত সেই সময়ৰ অসমৰ কোনবোৰ পাহাৰত বিষ্ণু ৰাভাই আত্মগোপন কৰিছিল তাক দেখুওৱা হৈছিল। কোনটো পাহাৰত থকা কালত খোৱাবস্তুৰ অভাৱত বান্দৰ পুৰি খাবলগীয়া হৈছিল তাকো দেখুৱাইছিল। আন এদিন দেখিছিলোএখন তালিকা। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ জনজাতি মানুহৰ খাদ্যাভ্যাস আৰু সেই খাদ্যৰ পৰা উপলব্ধ হোৱা ভিটামিনৰ বিষয়ে লিখা আছিল। অসমৰ প্ৰায়বোৰ বড়ো গাভৰুৰে ধুনীয়া চুলিটাৰিৰ কাৰণো এই খাদ্যাভ্যাসেই। মাজে মাজে আকৌ খুহুতীয়া কথাও কৈছিল। সেইবোৰ কথা মনত পেলাই যিকোনো সময়তে অকলশৰীয়াকৈ হ'লেও হাঁহিব পাৰি। প্ৰশাসনীয় বিষয়াৰ পৰা আঁতৰি তাৱৈ আছিল ৰগৰ কৰিব পৰা বিৰল গুণৰ অধিকাৰী
কোনটো বিষয়তনো তাৱৈৰ জ্ঞান নাছিল? সকলো বিষয়ৰে শেহতীয়া খবৰবোৰ তেখেতৰ পৰা জানিব পৰা হৈছিল। আনকি চিকিৎসা বিজ্ঞানৰো। জ্ঞানৰ লিপ্সাই তেখেতক ঘৰ সজাৰ পৰা আঁতৰাই ৰাখিলে। বৰ্তমানৰ দুৰ্নীতিৰ দিনত তাৱৈৰ দৰে প্ৰশাসনীয় সেৱাৰ বিষয়া এজনে জীৱনকালত এটা ঘৰ সাজিব নোৱাৰিলে- সঁচা কথা, লগতে আচৰিত হ'বলগীয়াও। কিন্তু অসমীয়া সাহিত্যত তেখেতৰ অৱদানে নিশ্চয় এখন নতুন ঘৰৰ সূচনা কৰি থৈ গ'ল।
উচ্চ পদবীত থাকিলে মানুহ সাহসেৰে থাকে- ক্ষমতা থকাৰ বাবে। ১৯৮৬ চনত অৱসৰ গ্ৰহণৰ পিছতো তাৱৈৰ এই সাহসৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। আগৰ দৰেই আমি গ'লেই তাৱৈৰ পৰা মনৰ খোৰাক যোগাব পৰা কথা আৰু আমৈয়ে যতনাই দিয়া চাহ-জলপানেৰে আপ্যায়িত হৈছিলো। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত তেখেতৰ মাজু জোঁৱাই দুৰ্গা বসুমতাৰী স্বৰ্গগামী হয়। এই ঘটনাই যেন তেখেতৰ সত্তাক জোকাৰি গ'ল। সেই সময়ত তেখেত নিজেও অসুস্থ। তেখেতে কৈছিল- 'মই কেইবছৰমান বেছিকৈ জীয়াই থাকিব পৰা হ'লে ভাল আছিল। অন্ততঃ বুনৰ ছোৱালীজনীৰ বিয়ালৈকে।' পিছে ভগৱানে মঞ্জুৰ নকৰিলে সেই আশা। অৱশ্যে আমি সৰ্বসাধাৰণে বিশ্বাস কৰা, সকলো আশা পূৰণ কৰিব পৰা ভগৱানজনক তাৱৈয়ে বিশ্বাস নকৰিছিল ।
আমাৰ অসম, ১২ এপ্রিল, শনিবাৰ, ২০০৩, নিবেদিতা বৰাই লিখিলে 'তাৱৈৰ স্মৃতিত।
'বণ্ডুকা বেহাৰ', 'ফেৰেংগাদাও'ৰ স্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি মানৱতাবাদী মেদিনী চৌধুৰী
জিষ্ণু মেধিৰ
'সাহিত্যক হোৱাটো মই আকস্মিক ঘটনা বুলি নাভাবোঁ। ইয়াৰ বাবে মোৰ এক সচেতন প্রচেষ্টা আছিল। মই যথেষ্ট পঢ়া-শুনা কৰিছিলো।' যথেষ্ট আত্মবিশ্বাসেৰে এনেদৰে কোৱা মেদিনী চৌধুৰীয়ে তেওঁৰ এই প্ৰবল আত্মবিশ্বাসৰ সত্যতা ইতিমধ্যে প্ৰমাণ কৰিছে মহাপুৰুষ মাধৱদেৰ জীৱন আধাৰিত 'বণ্ডুকা বেহাৰ' (১৯৭৬), বিষ্ণু ৰাভাৰ জীৱনক লৈ লিখা 'ফেৰেংগাদাও'(১৯৮২), নাট্যাচাৰ্য ব্ৰজ শৰ্মাৰ জীৱনৰ আধাৰত ৰচনা কৰা 'খোলাকটিৰ তাল'ৰ দৰে গ্ৰন্থৰ দ্বাৰা। এবাৰ এক সাক্ষাৎকাৰত ঔপন্যাসিক, পল্পকাৰ শ্রদ্ধেয় মেদিনী চৌধুৰীয়ে কৈছিল- 'সামাজিক-সাংস্কৃতিক জীৱনৰ স্বীকৃতি অস্বীকৃতিৰ চিন্তা মনলৈ নাহে। মোৰ সাহিত্য সৃষ্টিৰ এটা মিছন আছে। অসমৰ শোষিতবঞ্চিত-নির্যাতিত-নিপীড়িন জনগণৰ আশা-আকাংক্ষা, দুখ-দুর্দশাৰ সমস্যাবোৰক তুলি ধৰাই মোৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য। তাকে কৰিবলৈ যাওঁতে মোক কোনে স্বীকৃতি দিলে, কোনে মোক অৱহেলা কৰিলে তালৈ মোৰ কোনো ভ্রূক্ষেপ নাই।'
এইজন মেদিনী চৌধুৰীক অকল ঔপন্যাসিক, গল্পকাৰ বুলিয়েই অভিহিত কৰিব পাৰি জানো? কোনো কোনো জাত্যভিমানী সাহিত্য-সমালোচকে উপেক্ষা কৰিলেও এজন পণ্ডিত-চিন্তাবিদ হিচাপে এক সুপৰিচিত আছে বিশিষ্ট কথাশিল্পীজনৰ। তেওঁৰ চিন্তনে, তেওঁৰ সৃজনশীলতাই, তেওঁৰ ঋদ্ধিয়ে অসমীয়া উপন্যাসজগতখনক কেইবাটাও মৌলিক দিশৰ উন্মোচন কৰিছে। তেওঁৰ ভিতৰত সোমাই থকা অনন্য মেধা আৰু সৃজনীশক্তিৰ বলতেই মহাপুৰুষ দুজনাৰ জীৱনৰ আধাৰত চৈয়দ আব্দুল মালিক আৰু লক্ষ্মীনন্দন বৰাই উপন্যাস ৰচনা কৰাৰ পূৰ্বেই ৰচনা কৰি উলিয়াইছিল মহাপুৰুষ মাধৱদেৱৰ জীৱন আধাৰিত 'বণ্ডুকা বেহাৰ।
সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাসতে এক নতুন আংগিকৰ জন্ম দিছিল মেদিনী চৌধুৰীয়ে। ১৯৭২ চনত প্ৰকাশ পোৱা প্ৰথম উপন্যাস 'অনন্য প্ৰান্তৰত ব্যৱহাৰ কৰিছিল ভ্ৰমণ বৰ্ণনাৰ দৰে কথনশৈলী। অসমৰে ভূগোল-ইতিহাস-ঐতিহাসিক স্থানৰ বৰ্ণনাৰে 'অনন্য প্ৰান্তৰ' তেওঁৰ অভিনৱ সৃষ্টি। ইতিহাসৰ ওপৰত থকা গভীৰ অধ্যয়নৰ পৰিচয় দিছে 'লুইত বৰাক আৰু ইছলাম 'ত।এই গ্ৰন্থখনেই প্ৰমাণ কৰিছে অসমত হিন্দু আৰু ইছলাম ধৰ্ম-সাংস্কৃতিক সম্পৰ্কত প্রভৃত জ্ঞান থকা অসমীয়া ব্যক্তি সম্ভৱতঃ দ্বিতীয়জন নাই। তথাকথিত ধর্মপ্রাণ নোহোৱা সত্ত্বেও চৌধুৰী আছিল হিন্দুৰ বেদ-উপনিষদ-পুৰাণৰ সুপণ্ডিত। একেদৰে ইছলাম ধৰ্ম সম্পৰ্কীয় জ্ঞানৰ ভঁৰালো টনকিয়াল আছিল তেওঁৰ। মাধৱদেৱৰ জীৱন আধাৰিত 'বণ্ডুকা বেহাৰ'ত শাস্ত্ৰজ্ঞ গোবিন্দ আৰু মাধৱৰ মাজত যি তাত্ত্বিক আলোচনা প্রকাশ পাইছে, তাতেই জানিব পাৰি মেদিনী চৌধুৰীৰ অপৰিসীম তত্ত্বজ্ঞানৰ কথা।
ব্যক্তিগত জীৱনত মানৱতাবাদত বিশ্বাসী চৌধুৰীৰ সাহিত্য-কৰ্মতো প্রতিফলিত হৈছে মানৱতাবাদ। এটা প্ৰসংগ উল্লেখ কৰিলে বিশিষ্ট কথাশিল্পীজনে আজীৱন মানৱতাবাদত বিশ্বাস ৰাখি অহাটো স্পষ্ট হ'ব। এক অতি সাত্ত্বিক জীৱন-চৰ্যাৰ মাজেৰে দিন পাৰ কৰা মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত উপন্যাস ৰচনা কৰা লেখক চৌধুৰীয়ে কিদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এক বিপ্লৱী জীৱন-বিলাসী তথা ৰোমাণ্টিক ব্যক্তিৰ জীৱনক লৈ উপন্যাস ৰচনা কৰিছিল বুলি এবাৰ এক প্রশ্ন উত্থাপিত হৈছিল। উক্ত কাৰ্য ঔপন্যাসিকজনৰ এক স্ববিৰোধী সিদ্ধান্ত আছিল নেকি বুলিয়েই অনুৰাগী পাঠকে তেনে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। কিন্তু সেই জটিল প্রশ্নটোৰে এক সহজ উত্তৰ দিছে চৌধুৰীয়ে। তেওঁ কৈছিল-মাধৱদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনত কৰ্মক্ষেত্ৰৰ বিস্তৰ প্ৰভেদ আছিল যদিও এটা বিষয়ত দুয়োৰে মিল আছিল যথেষ্ট। সেয়া দুয়োৰে হৃদয়। হৃদয়ৰ উচ্চতাৰে সমৃদ্ধ আছিল মাধৱদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভা। এই সমৃদ্ধিয়ে যিকোনো মানৱতাবাদী লেখককেই আকৃষ্ট কৰিব পাৰে।
এইজন মানৱতাবাদী মেদিনী চৌধুৰীয়ে বিচৰণ কৰা পৃথিৱীখনৰ অনুভৱঅভিজ্ঞতা বর্ণাঢ্য হোৱা বাবেই তেওঁৰ ব্যক্তিত্বই লাভ কৰিছিল এক বিৰল বিশিষ্টতা। প্ৰচাৰবিমুখ, সদালাপী মেদিনী চৌধুৰীৰ কায়িক অনুপস্থিতিয়ে ৰামধেনু যুগৰ অন্যতম প্রতিনিধি এজনৰ অভাৱ অনুভূত কৰাব অসমৰ সুধীসমাজৰ মাজত । কেতিয়াও বঁটাসম্মান, স্বীকৃতি আদিলৈ গুৰুত্ব নিদিয়া মেদিনী চৌধুৰীয়ে প্ৰকৃততে, এক আক্ষেপ বুকুত লৈয়েই হয়তো আঁতৰি গ'ল আমাৰ মাজৰ পৰা। এই লেখাৰ আৰম্ভণিতে উদ্ধৃত কৰা চৌধুৰীৰ কথাখিনিয়েই আমাক জনাই গৈছে তেওঁৰ অনুচ্চাৰিত আক্ষেপঅভিমানৰ কথা।
১৪ ফেব্ৰুৱাৰী শুকুৰবাৰ ২০০৩ চনৰ 'আমাৰ অসম 'ত লিখিছিল 'বহুকা বেহাৰ', 'ফেৰেংগাদাও'ৰ স্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি। মানৱতাবাদী মেদিনী চৌধুৰী। বণ্ডুকা বেহাৰ আৰু ফেৰেংগাদাওৰ পাঠকসকলে এক স্ববিৰোধী সিদ্ধান্ত বুলিয়ে ধৰি লৈছিল। কিন্তু জিষ্ণু মেধিৰ লিখনি আৰু চৌধুৰীদেৱে উত্তৰত কোৱা কথা - "মাধৱদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনত কৰ্মক্ষেত্ৰৰ বিক্তৰ প্ৰভেদ আছিল যদিও এটা বিষয়ত মিল আছিল যথেষ্ট । সেয়া দুয়োৰো হৃদয়। হৃদয়ৰ উচ্চতাৰে সমৃদ্ধ আছিল মাধৱদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভা।"
জিষ্ণু মেধিৰ কলমেৰে -
অসমীয়া সাহিত্যত মেদিনী চৌধুৰীৰ সুবাস
জগত বৰা
আমি সৰু থাকোঁতেই মেদিনী চৌধুৰীৰ নাম শুনিছিলো। তেওঁক আমি মাটিৰ হাকিম' বুলিয়েই জানিছিলো। যেতিয়া আমি 'বাহিৰা কিতাপ' পঢ়িব পৰা হ'লো, তেতিয়া তেওঁৰ অনবদ্য ৰচনাসমূহ পঢ়ি ৰসাপ্লুত হোৱাৰ লগতে তেওঁ যে এজন অসমৰ খ্যাতিমান শক্তিশালী লেখক, সেই কথাৰ উমান পালো। তেওঁৰ 'তাত নদী নাছিল', 'ফেৰেংগাদাও', 'অনন্য প্ৰান্তৰ', 'বণ্ডুকা বেহাৰ' আদি উপন্যাস পঢ়ি জানিব পাৰিলো তেওঁৰ ৰচনাৰীতিৰ অভিনৱত্ব। 'তাত নদী নাছিল' উপন্যাসত তেওঁ শৰণীয়া কছাৰী লোকেৰে ভৰা গোৰেশ্বৰ অঞ্চলৰ পটভূমিত ৰচিত এখন আত্মজৈৱনিক নতুন স্বাদৰ উপন্যাস। তাত তেওঁ আনকি গোৰেশ্বৰ অঞ্চলৰ থলুৱা মাত-কথাকো স্থান দি উপন্যাসৰ কথকতাত এক নতুনত্ব আনিছিল । প্রয়াত মেদিনী চৌধুৰী যেতিয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা নাছিল, তেতিয়া আমি তেওঁক জনজাতি বুলিয়েই উপেক্ষা কৰাৰ অভিযোগ আনি দুই-এখন কাকতত চিঠি লিখিছিলো। কিন্তু পৰৱৰ্তী কালত অকাডেমিৰ বঁটা পোৱাত তেওঁৰ অনুৰাগীসকল আনন্দিত হৈছিল। এইখিনিতে এষাৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা মনলৈ আহে। যিদিনা তেওঁলৈ অকাডেমিৰ বঁটা ঘোষিত হৈছিল, সেইদিনা আমি গুৱাহাটীৰ পৰা নিজ ঘৰলৈ গৈছিলো। আমাৰ ঘৰৰ অলপ দূৰতে তেওঁৰ বায়েকৰ ঘৰ। বায়েকগৰাকী বহুদিন আগতে বৈধৱ্য্য জীৱন কটাব লগা হৈছে। ল'ৰা-ছোৱালীকেইটাও বুজন হৈ উঠা নাছিল। গতিকে তেওঁৰ আৰ্থিক অৱস্থা অতিশয় শোচনীয়। আমাৰ ঘৰলৈ গ'লে বায়েকৰ ঘৰ আগতে পায়। ঘৰলৈ গৈ থাকোঁতে দেখিলো তেওঁৰ বায়েকে পদূলিমুখতে ধান নে আন কিবা চৰুত উখুৱাবলৈ ধৰিছে। বায়েকক মই ক'লো- বাই, তহঁতৰ মেদিনী ছাৰে দেখোন চৰকাৰৰ পৰা পুৰস্কাৰ পাইছে, গম পাইছ নে নাই? বায়ে মিচিকিয়া হাঁহি মাৰি ক'লে- পুৰস্কাৰ পাইছে ভাল হৈছে; পিছে সি দেখোন আমাৰ খা-খবৰেই নলয় ! আমি দুখীয়া নহয়, সেয়ে। বাইৰ এই আক্ষেপ মিহলি উত্তৰ শুনি মোৰ মনটো বেয়া লাগিল । ভাবিলো- তেওঁৰ (চৌধুৰী) বিৰুদ্ধে গোৰেশ্বৰ অঞ্চলৰ মানুহৰ থকা ক্ষোভ বা আক্ষেপবোৰ সঁচা নেকি। যি কি নহওঁক, মেদিনী চৌধুৰীৰ মেধা, অভাৱনীয় স্মৃতিশক্তি আৰু অননুকৰণীয় বাগ্মিতাৰ পৰিচয় তেওঁৰ সংস্পৰ্শলৈ অহা প্রত্যেকেই জানে। এইজনা মহীৰূহৰ মৃত্যুত গোৰেশ্বৰবাসীৰ লগতে সমগ্ৰ অসমৰ গুণগ্রাহীসকল ম্রিয়মাণ হৈ পৰিছে। তেওঁৰ মৃত্যুৰ দিনত আমিও আমাৰ গভীৰ শোক আৰু শ্রদ্ধা নিবেদন কৰিলো। তেওঁৰ সাহিত্য-সুবাস চিৰদিন অম্লান-অক্ষয় হৈ থাকক !
১৪ ফেব্ৰুৱাৰী শুকুৰবাৰ ২০০৩ চনৰ আমাৰ অসম' কাকতত মনৰ আক্ষেপ মেদিনীৰ মৃত্যুৰ পিচতো আছে বুলি জগত বৰা গোৰেশ্বৰ, ৰংমহল লিখাত আভাস এটা প্রকাশ পাইছে। তেওঁ উল্লেখ্য কাহিনীত মেদিনীৰ বায়েক প্রকাশিয়ে ভুল কৰিছে যেন পাওঁ । মেদিনীহঁতৰ নিজা বায়েক নাই। ৰামছা গাঁৱৰ নিশ্চয় বহু চিনাকি আছে, লিখাৰ আগতে
| pdf |
b6e347935168336d876985d731aebb90e0381224 | বৃহস্পতিবাৰে তিনিচুকীয়াৰ ধলাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ পাছত শুকুৰবাৰে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত শিৱসাগৰত গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছিল আলফা নেতা জিতেন দত্তক ।
আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অনুমতি পাই গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰাৰ পাছত শুকুৰবাৰে সন্ধিয়া ৭ বজাত পাণবজাৰ থানালৈ লৈ অনা হৈছিল আলফা নেতাগৰাকীক । ৰাতিটো পাণবজাৰ আৰক্ষী থানাতে আলফা নেতাগৰাকীক ৰাখি আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয় ।
মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে ৫ দিনৰ বাবে আলফা নেতাগৰাকীক আৰক্ষীৰ জিম্মাত বিচাৰিছিল । কিন্তু আদালতে আৰক্ষীৰ সেই আবেদনক নামঞ্জুৰ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে প্ৰাক্তন আলফা নেতাগৰাকীক ।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে উচটনিমূলক মন্তব্য কৰাৰ অপৰাধত আলফা নেতাগৰাকীৰ বিৰূদ্ধে ৰুজু কৰা হৈছিল গোচৰ । সেই গোচৰৰ ভিত্তিতেই আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ।
ইফালে আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা খবৰ বিয়পি পৰা লগে লগেই জিতেন দত্ত জিন্দাবাদ, আলফা জিন্দাবাদ আদি ধ্বনিৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ দেখিবলৈ পোৱা গৈছে ।
পাণবজাৰ আৰক্ষী থানাতো আজি পুৱাৰ ভাগত একেই পৰিবেশ দেখিবলৈ পোৱা গৈছিল আলফা নেতাগৰাকীৰ সমৰ্থকসকলৰ পৰা । ইফালে আদালতত হাজিৰ কৰাৰ সময়তো বাহিৰত আলফা নেতাগৰাকীৰ সমৰ্থকসকলে জয় ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলা দেখা যায় । | web |
3ea02aa02709b9eed1b79a18261531f7e63bfdca | 1 Senhor, endu ke anhembo'ea.
Ejapyxaka ajerurea re.
Xembovai ke, ojeroviapy ha'e heko porã va'e reiko vy.
2 Nerembiguai aiko ramo xemboayvu eme,
3 Ha'e gui xerovaigua kuery ma xerakykue monha,
yvy rupi xereity vy xere opyrõmba.
Xemoĩ pytũa py,
yma ete ma omano va'ekue rami.
4 Ha'e nunga rupi xenhe'ẽ nonhanimavei,
xepy'a eta rei ma guive.
5 Xema'endu'a teĩ yma guare re.
Aikuaa pota aikovy nerembiapokue ha'e javi re,
xema'endu'a ndepo py rejapo va'ekue re.
6 Ha'e nunga rupi xepo aupi ndevy.
Xenhe'ẽ nda'evei ndere, yvy ipiru reia rami.
7 Senhor, xembovai voi ke,
mba'eta xenhe'ẽ py nanhanimavei ma.
Ejexa uka e'ỹ eme xevy,
omanogue rupa py oguejy va'e rami apyta e'ỹ aguã.
aje'ive reve taendu ndegui xemboaxya.
exa uka tape aguata aguã va'e.
9 Senhor, xereraa jepe ke xerovaigua kuery gui,
mba'eta ndee ma anhemiaty.
10 Xembo'e ke ndee reipotaa rupi aiko aguã,
mba'eta ndee ae Xeruete.
yvy joja porãa rupi.
11 Senhor, nderery re vy xemoingove.
eipe'a xenhe'ẽ ojexavaia gui.
12 Xemboaxya rupi emokanhymba xerovaigua kuery.
Emomba ke xenhe'ẽ mbojexavaia kuery ha'e javi,
nerembiguai aiko ramo.
Mboraeirã Davi ombopara va'ekue.
| web |
d6c3d8d9939f55248096849a29fa48b195803432cc993479f5f379378ddd0c82 | মূল গ্ৰন্থকাৰৰ পৰিচয়
"বিষাদ-সিন্ধু" প্রণেতা মীৰ মোছাৰ ৰফ হোচেন ১৮৪৮ খৃষ্টাব্দত নদীয়া জিলাৰ কুমাৰখালিৰ ওচৰৰ লাহিনীপাৰা গাওঁত জন্মগ্রহণ কৰে । চাকৰীৰ পদমৰ্য্যাদা অনুসাৰে তেওঁলোকে বংশগত ভাবে "মীৰ" উপাধি লাভ কৰে।
মীৰ মোছাৰৰফ হোচেন ৪০ বছৰ ধৰি সাহিত্যৰ সেৱা কৰিছিল। এই সাহিত্য সেৱাৰ মাজেদি দেশ আৰু সমাজত তেওঁৰ পৰিচয় সাহিত্যিক হিচাবে, তেওঁৰ প্ৰতিভাৰ পৰিচয় পাইছে। তেওঁ যি সময়ত সাহিত্য সেৱাত হাত দিছিল তেতিয়া সাহিত্য সেবীসকলৰ অসুবিধাৰ অন্ত নাছিল। তেতিয়া কাগজো প্ৰচুৰ ভাবে পোৱা নগৈছিল। ছাপাখানাৰ সংখ্যা মুষ্টিমেয় । এনে সময়ত হোচেনে সাহিত্য চৰ্চা আৰম্ভ কৰে। গতিকে কিমান বাধা-বিঘিনিৰ মাজত তেওঁ সাহিত্য চৰ্চা কৰিব লগা হৈছিল সেয়া সহাজ অনুমেয়।
মীৰ চাহাবৰ লিখিত গ্রন্থ খুব কম নহয়। তেওঁৰ সৰু-ডাঙৰ ২৫ খন কিতাপৰ বৰ্ত্তমান সন্ধান পোৱা গৈছে! বিষাদ-সিন্ধু ওলোৱাৰ লগে লগ্নে সাহিত্য সমাজত আলোড়ণ পৰে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰেও মীৰ চাহেবৰ সাহিত্য প্রতিভাক প্রশংসা কৰি গৈছে । এনেকুৱা বিশুদ্ধ আৰু প্ৰাঞ্জল ভাষাত কোন মুছলমানে কিভাপ লিখিব পাৰে, মীৰ চাহেবৰ "বিষাদ-সিন্ধু" ছপা হৈ ওলোৱাৰ আগতে কোনোৱে ধাৰণা কৰিব পৰা নাছিল। মীৰ চাহেৰে "আজিজুন্নাহাৰ" নামৰ এখন মাহেকীয়া পত্রিকা উলিয়াইছিল । খুব সম্ভব এয়। মুছলমান সমাজৰ সৰ্ব্বপ্রথম মাহেকীয়া পত্রিকা। ক'ৰ পৰা কোন চনত এয়া সৰ্ব্বপ্রথম প্রকাশ হৈছিল, দুখৰ বিষয়
| pdf |
18d023aafb78ed9a86ad417e8b856f52 | পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা।
পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা।
Share this:
পশ্চিমবংগৰ এছ এছ কে এম হাস্পতালৰ অসাধ্য সাধন। ডিঙিত আঢ়ৈ ইঞ্চিৰ গজাল লাগি ধৰা এটি শিশুক নতুন জীৱন দিলে হাস্পতালখনৰ চিকিৎসকে।
ৰাজ্যখনৰ উত্তৰ দিনাজপুৰৰ ছফিকুল আলী নামৰ এজন লোকৰ দুবছৰীয়া পুত্ৰ মোস্তাকিম আলী। শুকুৰবাৰৰ দিনা খেলি থকাৰ মাজতে মোস্তাকিমে উশাহ নিশাহত কষ্ট পোৱাৰ লগতে বমি কৰিবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃয়ে একো ধৰিব নোৱাৰি লগে লগে স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। আৰু স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰায়গঞ্জ মেডিকেল কলেজ আৰু পিছত মালদহ মেডিকেল কলেজলৈ শিশুটিক ৰেফাৰ কৰা হয়।
এক্স-ৰে কৰাত ধৰা পৰে যে, শিশুটিৰ শ্বাস-প্ৰশ্বাস নলীত এডাল গজাল লাগি ধৰি আছে। আৰু তেতিয়াই মালদহ মেডিকেল কলেজৰ পৰা শিশুটিক এছ এছ কে এম হাস্পতাললৈ ৰেফাৰ কৰা হয়।
আৰু অস্ত্ৰোপচাৰৰ অন্তত আচৰিত হৈ পৰে চিকিৎসকসকল। প্ৰায় আঢ়ৈ ইঞ্চিৰ এডাল গজাল লাগি ধৰিছিল শিশুটিৰ ডিঙিত। এক কথাত জীৱনলৈ সংকট নামি আহিছিল শিশুটিৰ। কিন্তু বৰ্তমান শিশুটি বিপদমুক্ত। বৰ্তমান পৰ্যবেক্ষণৰ বাবে শিশুটিক পেডিয়েট্ৰিক আই চি ইউত ৰখা হৈছে।
হাস্পতালখনৰ ই এন টি বিশেষজ্ঞ অৰুণাভ সেনগুপ্তাই জনাইছে যে, 'শিশুটিক হাস্পতাললৈ অনাত যথেষ্ট পলম হৈছিল। গতিকে আমাৰ প্ৰত্যাহ্বান বাঢ়িছিল। প্ৰায় আঢ়ৈ ইঞ্চিৰ গজাল ডিঙিত লাগি ধৰিছিল। এনে ঘটনাৰ ফলত শ্বাস-প্ৰশ্বাস নলী চূড়ান্ত ভাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে আনকি ৰোগীৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। কিন্তু অস্ত্ৰোপচাৰ সফল হোৱাত আমি এতিয়া সুখী।
আনহাতে শিশুটিৰ দেউতাকে জনাইছে যে, 'যিদৰে মোস্তাকিমৰ শৰীৰৰ অৱনতি ঘটিছিল, আমি আশাই এৰি দিছিলো। কিন্তু আল্লাৰ কৃপাত এতিয়া বিপদমুক্ত হৈছে। সঁচাকৈ ডাক্তৰসকল আল্লাৰ অন্য ৰূপ।'
Beetroot Benefits: স্বাস্থ্যৰ বাবে শীতকালৰ মহৌষধ বীট, ভিন্ন ৰোগৰ পৰা আপোনাক কেনেদৰে দূৰত ৰাখে বীটে?
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
| web |
f39ecab00ad686cdf6fa156b4acba6e9c7abfd91 | চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে ৰীমা দাসে ।ৰীমা দাসৰ বুলবুল কেন ছিং ছবি আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত পুৰস্কৃত হৈছে।ছবিখনত অভিনয় কৰা অভিনেতা মনোৰঞ্জন দাসক পাৰদৰ্শিতা বঁটা লাভ আগবঢ়াইছে।আনহাতে ২০১৮ বৰ্ষৰ প্ৰভাৱশালী ৫০ গৰাকী যুৱ ভাৰতীয় তালিকাত ৰীমা দাসৰ নাম সন্নিৱিষ্ট হোৱা খবৰে অনুৰাগীসকলক আনন্দিত কৰি তুলিছে ।
| web |
1c48db4e9dd0677dea1b5b2ae236b117 | পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ - বিকাশপেডিয়া\nমূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ\nচৰাই হৈছে প্রকৃতিজগতৰ এনে এক প্রাণী যিয়ে চিৰদিন আমাক লৈ যায় এক ৰহস্যময় জগতলৈ। শিহৰিত ক'ৰে মন মস্তিষ্কক পলে পলে । প্রাকৃতিক বনাঞ্চলেৰে ,জলাশয়েৰে পৰিপূৰ্ণ অসমভূমিত, আমি দেখা পাওঁ বিবিধ প্রজাতিৰ চৰাই । কেতবোৰ আমাৰ ঘৰচীয়া , কেতবোৰ আলহী । কেতবোৰ চকুৰ চিনাকী কেতবোৰ আকৌ কাচিৎহে দৃষ্টিগোচৰ হয়। কিন্তু , আজি কেৱল অসমতে নহয় সমগ্র পৃথিৱীতে দ্রুতগতিত কমি আহিছে চৰাই । সংকটাপন্ন আজি ,প্রকৃতিৰ বিনন্দীয়া পক্ষীকুলৰ জীৱন। কিছুমান চৰাই বিলুপ্ত হৈছে আৰু কিছুমান অৱলুপ্তিৰ পথত । সেয়ে পক্ষীবিদসকলে পক্ষী সংৰক্ষণৰ কথালৈ গভীৰভাবে চিন্তান্বিত হৈছে। এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লোৱা হৈছে । তথাপিও বিশেষ লাভান্বিত হোৱা নাই ।\nআহকচোন, পক্ষীসংৰক্ষণৰ প্রয়োজনীতানো কি আৰু কেনেকৈ সেইসম্পৰ্কে আমি বিশেষজ্ঞসকল অভিমত সম্পৰ্কে জ্ঞাত হওঁ ----\nনীতিগতঃ--- কেৱল আনন্দ বা উদৰৰ চাহিদা পুৰণৰ হেতু , একেখন পৃথিৱীৰ অন্য বাসিন্দাক শোষণ ক'ৰা আৰু হত্যা ক'ৰাৰ নৈতিক অধিকাৰ আমাৰ নাই । যি হাৰত আমি কণী , মাংস আৰু শিল্প উদ্যোগত ৰংচঙীয়া গৃহসজ্জাৰ সামগ্রী নিৰ্মাণৰ বাবে আমি চৰাইৰ ৰঙীন পাখি বা ছাল ব্যৱহাৰ কৰো, সেয়া অমাৰ্জনীয় । বন্ধ হোৱা উচিত ।\nনান্দনিকতাঃ--- পৃথিৱীৰ প্রতিটো জীৱৰে প্রজাতি কেৱল এবিধ সৌন্দৰ্যবৰ্ধনৰ বাবেই নহয়, ই ক্রমবিকাশ প্রক্রিয়াৰ এনে এক অপৰিহাৰ্য সম্পদ, যাৰ অবিহনে বিশৃংখল হৈ যাব পৃথিৱীৰ জীৱজগত । প্রতিটো জীৱৰ প্রজাতিয়ে অনন্য যাৰ ঠাই আন কোনেও পূৰাব নোৱাৰে।\nবাস্তবিকতাঃ--- পৃথিৱীৰ যিকোনো এটা জীৱৰ প্রজাতিৰ বিলুপ্তি ঘটাৰ মূলতে হ'ল ,পৃথিৱীৰ পৰিবেশৰ অৱনতি । কিয়নো প্রতিটো জীৱ-প্রজাতিকে বৰ্তি থাকিবৰ বাবে উপযুক্ত পাৰিপাৰ্শ্বিকতাৰ প্রয়োজন হয়। প্রানীকূলৰ বিলুপ্তি , প্রাকৃতিক পৰিবেশৰ অৱনতিৰ অশণি-সংকেত।\nঅৰ্থনৈতিক কাৰণঃ---- কোনো এবিধ প্রজাতি সংৰক্ষণ কৰাৰ পূৰ্বে আমি জনা প্রয়োজন যে কিয় এই প্রজাতি বিলুপ্ত হৈছে ? পৰিলক্ষিত হৈছে যে কোনো এবিধ প্রাণীৰ মৃত্যুৰহাৰ যেতিয়া প্রজনন হাৰতকৈ কমি যায় তেতিয়া সেইবিধ প্রাণীৰ সংখ্যা কমি যায়।সেয়ে ইয়াৰ অকাল মৃত্যুৰ সুনিৰ্দিষ্ট কাৰণ জৰীপ কৰি তাৰ প্রতিকাৰৰ ব্যৱস্থা কৰিব লাগে । আইনৰ দ্বাৰা চিকাৰ, কণী সংগ্রহ আৰু পক্ষী সংগ্রহ বন্ধ কৰি মৃত্যুৰ হাৰ কমাব পাৰি কিন্তু প্রজননৰ হাৰ বঢ়াবৰ বাবে ,যথেষ্ট জৈৱিক জ্ঞান আৰু কুশলতাৰ প্রয়োজন । যদি সুপৰিকল্পিতভাবে চিৰিয়াখানা , বিনোদনৰ পাৰ্ক আদিৰ ব্যৱস্থা ক'ৰা হয় , যথেষ্ট লাভান্বিত হ'ব পাৰি ।\nবিজ্ঞানসন্মতঃ--- জীৱবিদসকলৰ বাবে, এটা প্রজাতিৰ বিলুপ্তিৰ অৰ্থ হ'ল-- সম্ভাৱনাপূৰ্ণ গৱেষণাৰ এক সমলৰ মৃত্যু হোৱা । হয়তো সি এক নতুন বৈজ্ঞানিক আবিষ্কাৰৰ উৎস আছিল।\nবহুবোৰ কাৰকে পক্ষীকূলৰ বিলুপ্তিৰ ক্ষেত্রত পোনপটীয়া প্রভাৱ পেলাইছে । তাৰ ভিতৰত অন্যতম কাৰক হৈছে ডি.ডি.টি.ৰ ভয়াবহ প্রতিক্রিয়া। ডি.ডি.টি. আৰু ডিলড্রিনৰ বাবে ,বহুবিধ ঈগল আৰু শেন চৰাই মৃত্যুমুখত পৰিছে । পৃথিৱীৰ বহুঠাইত মানুহে প্রাকৃতিক অৰণ্যৰ বহুলাংশে ধ্বংস কৰাৰ ফলত বহুবিধ চৰাই আজি বিলুপ্ত হৈ গৈছে ।\nপক্ষী সংৰক্ষণৰ বাবে ল'ব লগা ৩টা প্রয়োজনীয় পদক্ষেপঃ---\n১। আছুতীয়া বন্যভূমিৰ প্রসাৰ আৰু সংৰক্ষণ। য'ত মানুহৰ প্রভাৱ নুন্যতম হ'ব। যাতে পক্ষীকূলে পাই সাছন্দ্যৰে প্রাকৃতিক পৰিবেশত বাস আৰু বংশবিস্তাৰৰ সুযোগ ।\n২। বিপন্ন চৰাইক বধ কৰা , ধৰা আৰু কণী সংগ্রহ কৰা কাৰ্য কঠোৰ আইন প্রণয়নৰ দ্বাৰা বন্ধ ক'ৰা উচিত।\n৩। বন্দী অৱস্থাত ৰাখি বিপন্ন চৰাইৰ পোৱালী জগোৱা, আৰু পাছত প্রাকৃতিক আবাসলৈ এৰি দি প্রাকৃতিক পৰিবেশত , স্বাভাবিকভাবে সিহঁতৰ বংশবিস্তাৰৰ ব্যৱস্থা ক'ৰা ।\nআজি মানুহে নিজৰ প্রয়োজনত, দ্রুতগতিত ধ্বংস কৰি আহিছে অৰণ্য। সেয়েহে হেৰাই গৈছে পৃথিৱীৰ পৰা বহুতো চৰাই ।\nএখন পূৰ্ণ পৰ্যায়ৰ অৰণ্যৰ বাবে প্রয়োজন হয় শ' শ' বছৰ । হেৰাই যোৱা চৰাইবোৰ পুনৰ ঘূৰাই পামনে ?\nএজন পক্ষীবিদৰ মতে জীৱজগতৰ অস্তিত্ব নিৰ্ভৰ কৰিছে,--- মানুহ আৰু প্রকৃতিৰ মাজত এটা নতুন ভাৰসাম্যযুক্ত পাৰস্পৰিক সম্পৰ্কৰ সুদৃঢ় সেতুবন্ধনত ।\nলেখিকাঃ অনিতা গগৈ ।
| web |
fb9adfddace4e0d2ed65af61e2fc17d6b8575bec | টাউনৰ পৰা নাতিনীয়েকে আহি ককাকক দেউতাকে দিয়া নতুন স্মাৰ্টফোনটোত নেটপেক এটা ভৰাই ককাকৰ ফেচবুক একাউণ্ট এটা খুলি দিলে আৰু হোৱাটছএপটোও চালু কৰি দিলে!
: এতিয়াৰে পৰা তুমি আমাৰ ফটোবোৰ চাই থাকিব পাৰিবা। এইটো পাপা চোৱা। ইয়াতে এনেকে এবাৰ চুই দিলে এনেকুৱা হ'ব আৰু ইয়াতে তুমি পাপালৈ, মোলৈ, মালৈ কিবা লিখিবা। ফটো কেনেকে দিয়ে শিকাম। এইয়া চোৱা মোৰ নম্বৰটোত এনেকে চুই দিলেই এনেকে ওলাব ...! লিখা এতিয়া কিবা!
ককাকে হোৱাটছএপত নাতিনীৰ ফটোৰ তলতে লিখি থোৱা ষ্টেটাছ দেখিলে!
: এইটো কি লিখি থৈছ তোৰ ফটোৰ তলত?
: অ' সেইটো মোৰ ষ্টেটাছ। মাহ লাইফ মাহ ৰুলজ্!
: মাহ লাইফ মাহ ৰুলজ্? ? কি মানে?
: মাহ মানে কি? ?
: ইইইই ...মাহ মানে মোৰ! মোৰ লাইফ!
: জানো জানো জানো হে! এইটো নতুন ষ্টাইল। মাহ মানেই মাই! আজিকালি চবেই এনেকেই লিখে অ' ককা!
: কি চবেই লিখে? চবেই লিখিলে বুলিয়েই তইও লিখিবি? ? বাপেৰ কোন ককাৰ কোন নাজান? ভাষা এটাৰ এনেকৈ শ্ৰাদ্ধ পাতিবি?
: ইই ককা চাবাচোন। দুদিন পিছত যেতিয়া ফেচবুক, হোৱাটছএপ চলাবা ভালকৈ তেতিয়া দেখিবা এইটো ষ্টাইলতে চবেই লিখে। এনেকৈ লিখাবোৰ চব এডুকেটেড ষ্টুডেণ্টেই! ষ্টাইল আক'!
: যদি তেনেকুৱাই তেন্তে নালাগে মোক লৈ যা এইডাল ফোন! ইস! কথা শুনা!
: হেৰি কিনো ল'ছালিৰ লগত যুঁজি আছে? ? ভাত হ'বৰ হ'ল। ইনছুলিন ল'লেনে?
: আইঅ'! কিয় নলয়! কিহে পালে? | web |
44e672af9972689ed31b472cedc99b9f | ডিজিটেল ডেস্কঃ ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে সোমবাৰে য়াংগুন চহৰৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। প্ৰতিবাদকাৰীসকলে স্বাধীনতাকামী নেত্ৰী আং চান চ্যুকীৰ মুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে ম্যানমাৰৰ পৰা সেনা বাহিনীৰ শাসন আঁতৰাবলৈও দাবী জনাইছে।
ম্যানমাৰ সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ পাছত দেওবাৰে নিশাৰ পৰা দেসখনত বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা। কিন্তু অৱশেষত ম্যানমাৰত পুনৰ বাহাল কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা। উল্লেখ্য যে, ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰে আৰু ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান চ্যুকীক আটক কৰে।
| web |
baaf73c111c9729e22f25d6c83f8ec7357339f68 | ৱাটছএপ বৰ্তমান সময়ৰ এক গুৰুত্বপূর্ণ বস্তু। এদিন ৱাটছএপ ব্যৱহাৰ নকৰাকৈ থাকিব পৰাটো প্ৰায় অসম্ভৱ। কিন্তু জানেনে, নৱেম্বৰ মাহত একাধিক ফোনত বন্ধ হৈ যাব পাৰে ৱাটছএপ? ১ নৱেম্বৰৰ পৰা আহিছে নতুন নিয়ম, যাক কার্যকৰী কৰিব লাগিব এন্ড্রয়েড ফোন ব্যৱহাৰকাৰীয়ে। যদি এতিয়াই তেওঁলোকে চাটৰ বেক আপ নকৰে তেনেহ'লে পৰিব পাৰে সমস্যাত।
স্মার্টফোনটিৰ Settingsত যাওক। তাত গৈ About phoneত ক্লিক কৰক। তাত চাওক, ফোন Android 4. 0. 4 ৰ কম নেকি। যদি কম হয়, তেনেহ'লে সলনি কৰিব লাগিব ফোন। নহ'লে আৰু কাম নকৰিব ৱাটছএপে।
আগতীয়া সতর্কতা হিচাপে চাটৰ বেক আপ লৈ ৰাখক। তাৰ বাবে প্রথমে ৱাটছএপত গৈ WhatsApp settingsত যাওক। তাৰ পিছত click to Settings Chatsত ক্লিক কৰক। Chat backupলৈ গৈ Back up to make a backup কৰি লওক।
ৱাটছএপে কাম কৰা বন্ধ কৰিব ৪০টাৰো অধিক মোবাইল ফোনত। যাৰ ভিতৰত আছে, Samsung: Galaxy Trend II, Galaxy SII, Galaxy S3 mini, Galaxy Xcover 2, Galaxy Core & Galaxy Ace 2 ফোনবোৰো। | web |
2ea5b59a18f00cdf117e152c2df08d1b9fa6fde4 | বিগত কেইমাহমানৰ পৰাই অনুৰাগীৰ অতিকে প্ৰিয় হৈ পৰিছে ঋষভ পন্ত । বেটৰ সৈতে তেওঁৰ স্থিৰতা আৰু উন্নত উইকেট কিপিঙৰ দক্ষতাৰ বাবে তেওঁ সম্প্ৰতি ক্ৰিকেট টাউনৰ সবাতোকৈ চৰ্চিত নামৰ শাৰীত উপনীত হৈছে ।
তাৰ পাচতে অধিনায়কৰূপে পন্তৰ দক্ষতাক ভূয়সী প্ৰশংসা কৰিছিল সকলোৱে । কেৱল এয়াই নহয়, দেওবাৰে হালধীয়া বাহিনী অৰ্থাৎ CSK বাহিনীয়ে প্ৰতিযোগিতাত জয়ী হৈ ডাগআউটলৈ উভতি অহা পণ্টক আগুৰি থকা এখন ফটোৱে ছ'চিয়েল মিডিয়াত দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। বহু অনুৰাগীয়ে এই মুহূৰ্তটোক "দিনটোৰ বিশেষ ফটো" বুলি অভিহিত কৰিছিল, আনহাতে আন একাংশই ইয়াক IPLৰ পূৰ্বৰ ছিজনত CSK দলৰ চেলফিত অংশগ্ৰহণ কৰা পণ্টৰ ফটোৰ সৈতে তুলনা কৰিছে।
- First Published : | web |
50cd47bd0b8b6d9bbb5d1670f36a1e6e16dcb549 | যদি মহিলাৰ দেহত কেলচিয়ামৰ অভাৱ হয়, তেন্তে নখবোৰ দুৰ্বল হৈ পৰে। তদুপৰি, নখবোৰ শুকান আৰু ইয়াৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰে। যদি আপোনাৰ দেহতো এনে লক্ষণবোৰো দেখা দিয়ে, সোনকালে এবাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।
কেলচিয়ামৰ অভাৱ হ'লে পেশীৰ বিষো হ'ব পাৰে। যেতিয়া হাড়ত কেলচিয়াম জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰত কেলচিয়ামৰ অভাৱ ঘটে। তদুপৰি, হাড়ৰ বিষ আৰু 'ক্ৰেম্প'ৰ দৰে সমস্যাও বৃদ্ধি হ'ব পাৰে।
কেলচিয়ামৰ অভাৱ হ'লে দাঁতত বিষ হয়। যিহেতু বেছিভাগ কেলচিয়াম দাঁত আৰু হাড়ত সঞ্চিত থাকে, সেয়েহে শৰীৰত ইয়াৰ অভাৱ হ'লে দাঁত বিষৰ সমস্যা হ'ব পাৰে।
কেলচিয়ামৰ অভাৱ হ'লে মহিলাৰ শৰীৰৰ হাড়বোৰো দুৰ্বল হয়। হাড়ে কেলচিয়াম সংৰক্ষণ কৰে আৰু ই হাড়বোৰ স্বাস্থ্যৱান ৰাখে। কিন্তু যেতিয়া ইয়াৰ অভাৱ হয়, শৰীৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে।
যদিও মহিলাসকলে প্ৰায়ে শৰীৰত দুৰ্বলতা অনুভৱ কৰে। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবেও দুৰ্বলতা হ'ব পাৰে। কেলচিয়ামৰ অভাৱ হ'লে মহিলাসকলে কথা পাহৰিবলৈ আৰম্ভ কৰে আৰু গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰে। | web |
07dc87469a10e3a873ff712f5935906df738dc77 | অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে উত্তৰাখণ্ড চৰকাৰে মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ পাঁচ কোটি টকা বৰঙনি হিচাপে আগবঢ়াইছে।
মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত চৰকাৰী খবৰ অনুসৰি উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে শুকুৰবাৰে ফোন যোগে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বৰ্তমান বান পৰিস্থিতিৰ বিষয়ে কথা পাতে।
ৰাৱাটে অসমৰ বানআক্ৰান্ত জনতাৰ প্ৰতি দুখ ব্যক্ত কৰাৰ লগতে অসম চৰকাৰৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ প্ৰশংসা কৰে।
চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে, মুখ্য মন্ত্ৰী ৰাৱাটে অসম চৰকাৰক অসমৰ বানপীড়িত জনসাধাৰণৰ ক্ষয়-ক্ষতিৰ পৰিমান কম কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে পাৰ্য্যমানে সহায় কৰি যাব বুলি আশ্বাস দিয়ে।
আনহাতে, ৰাৱাটে মুখ্য মন্ত্ৰী সোণোৱালক উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ৫ কোটি টকা বৰঙণি হিচাপে আগবঢ়োৱাৰ কথা উল্লেখ কৰে।
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক এই সহায়ৰ বাবে অসমৰ জনতাৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। | web |
f3f38391ffe4b0cb136ae1a7e4c9df2c5701f4f1 | প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগী এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে অভিনেতাগৰাকীৰ মৃত্যুত হতাশ হৈ পৰি ছত্তীশগড়ৰ দুৰ্গ জিলাত বুধবাৰে নিশা আত্মহত্যা কৰে।
বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।
সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী প্ৰয়াত অভিনেতাগৰাকীৰ অত্যন্ত গুণমুগ্ধ আছিল বুলি আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতিৰে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে আত্মহত্যা কৰাৰ সময়ত কিশোৰীগৰাকী ঘৰত অকলে আছিল।
"কিশোৰীগৰাকীৰ পিতৃ-মাতৃ যেতিয়া উভতি আহে, তেওঁলোকে ভিতৰৰ পৰা দুৱাৰখন বন্ধ দেখা পায়। পিতৃয়ে পিছপিনেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁৰ কন্যাক চিলিঙত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে,"-আৰক্ষীয়ে কয়।
"আমিও মৃত কিশোৰীগৰাকীয়ে লিখা এটা আত্মহত্যা টোকা উদ্ধাৰ কৰো য'ত কোৱা হৈছে যে অভিনেতা সুশান্তে এই পৃথিৱী এৰি গুচি যোৱাৰ বাবেই তেওঁৱো নিজৰ জীৱন ত্যাগ কৰিলে,"-আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।
আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁলোকে ঘটনাটো সকলো দিশৰ পৰা অনুসন্ধান কৰিছে আৰু কিশোৰীগৰাকীৰ হাতৰ আখৰো মিলাই চাইছে।
মৃত কিশোৰীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে ছোৱালীজনী প্ৰয়াত অভিনেতাগৰাকীৰ অনুৰাগী আছিল আৰু তেওঁৰ মৃত্যুৰ পাছত হতাশ হৈ পৰিছিল। ছোৱালীজনীয়ে তেওঁৰ ছবিৰ ভিডিঅ' তথা গানবোৰ বৰকৈ চাবলৈ লৈছিল।
ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। | web |
5c1d826669102a8533d994a2b5b580d3b1468fa897f50d3010586b7f9e23c34c | এক দেশ-এক ব্যৱস্থা
'ৰাষ্ট্ৰ প্ৰথম-নাগৰিক প্ৰথম' ভাবনাৰে নতুন যাত্রা
ভাৰতৰ যুৱক-যুৱতীয়ে কেৱল উন্নত চহৰেই নিবিচাৰে বৰং সবাতোকৈ ভাল গাঁৱো বিচাৰে। সিঁচৰতি হৈ থকা সুবিধাসমূহ একত্ৰিত কৰা কেন্দ্ৰিক ব্যৱস্থাৰ নামেই হৈছে -এক দেশ, এক ব্যৱস্থা। যাৰ বাবে যোৱা ৯ বছৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ যি যুৱকযুৱতী, কৃষক, মহিলা, ব্যৱসায়ী, সকলো লোকৰ জীৱনক সুগম কৰি আছে...
দ্ৰুতগতিত সলনি হোৱা আধুনিক সময়ত যিকোনো লোক এনে বিকাশৰ আকাংক্ষী যি তেওঁলোকক জীৱনৰ প্ৰতিটো খোজত সহজতাসুগমতাৰ অনুভৱ কৰায়। আজিৰ আকাংক্ষী নাগৰিকে ব্যৱস্থাৰ পৰিৱৰ্তন দেখা পাবলৈ কোনেও দীঘলীয়া সময়লৈ অপেক্ষা কৰিবলৈ সাজু নহয়। এই আকাংক্ষা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ৯ বছৰত ব্যৱস্থাসমূহৰ একীকৰণৰ লগতে এনে সুবিধা উপলব্ধ কৰাইছে যি জনজীৱনক সুগম কৰি তুলিছে। ইয়াৰ বাবে ত্বৰিত নিৰ্ণয় লোৱা আৰু তাক দ্ৰুতগতিত বলৱৎ কৰা আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো যেতিয়া সময় সীমিত হয় তেতিয়া দিশ আৰু কাৰ্যশৈলী নিৰ্ধাৰণ কৰাটো বহুত মহত্বপূৰ্ণ হৈ পৰে। 'ৰাষ্ট্ৰ প্ৰথম-নাগৰিক প্ৰথম' আজি ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ইয়াৰ বিপৰীতে আগতে এই চিন্তা আছিল যে চৰকাৰে সকলো কৰিব কিন্তু, এতিয়া চিন্তা এনে হৈছে যে চৰকাৰে সকলোৰে বাবে কৰিব।
যোৱা বছৰবোৰত দেশত 'ৱান নেচন ৱান ৰেচন কাৰ্ড', 'ৱান নেচন ৱান মবিলিটী কাৰ্ড'ৰ দৰে কেইবাটাও ব্যৱস্থা বলৱৎ কৰা হৈছে। এনেধৰণৰ সুবিধাৰ সৈতে আমাৰ জনতাও সংযুক্ত হৈ আছে আৰু সমগ্র দেশো। একেলগে আমাৰ এটা নতুন অনুভৱ হৈছে, যেন দেশ উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিম কোণে কোণে সংযুক্ত হৈ আছে।
- নৰেন্দ্ৰ মোদী, প্রধানমন্ত্রী
নিউ ইণ্ডিয়া সমাচাৰ । ১৬-৩১ মে', ২০২৩
| pdf |
a0f075498c1b5ea166a57efb8d0277274824b6ec | ১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষনা কেন্দ্ৰ চমুকৈ (ISRO)-ত যোগদান কৰিছিল আব্দুল কালামে। ভাৰতৰ পৰমাণু পৰীক্ষণত আব্দুল কালামৰ অৱদান আছিল অপৰিসীম । ISRO-ৰ সৈতে 20 বছৰ জড়িত হৈ থকাৰ পিচত 10 বছৰৰ বাবে DRDO-ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল কালাম । 'অগ্নি' আৰু 'পৃথ্বী' মিছাইলৰ নিৰ্মাণ কাৰ্যতো কালামৰ অৱদান আছিল উল্লেখনীয়। আব্দুল কালাম 2002 বৰ্ষৰ 18 জুলাইত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল । 2007 বৰ্ষৰ 25 জুলাইলৈকে আব্দুল কালামে দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৫ চনৰ ২৭ জুলাইত উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙত আকস্মিকভাৱে নিয়তিৰ ওচৰত হাৰ মানিছিল ডo আব্দুল কালাম । আব্দুল কালামৰ মৃত্যু আছিল সমগ্ৰ দেশ তথা বিশ্বৰ বাবেই আছিল অপূৰণীয় ক্ষতি। আজিৰ তেখেতৰ মৃত্যুবাৰ্ষিকীৰ দিনা সমগ্ৰ দেশেই শ্ৰদ্ধাৰে সুৱৰিছে এইগৰাকী দেশৰ সুপুত্ৰক।
- First Published : | web |
d58ef66766b8292eb893952d01d943f5b8489e8d | সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানীত ধনশিৰি নদীত পৰি মৃত্যু বিতুল গগৈৰ। কথমপি প্ৰাণ ৰক্ষা তেওঁৰ পত্নী জানমনি গগৈ আৰু সম্পৰ্কীয় ৰাতুল গগৈৰ। উল্লেখ্য যে নদীৰ বাঢ়নি পানীৰ মাজেৰে বিপদ সংকুলভাৱে ইপাৰৰ পৰা সিপাৰলৈ এখন সৰু টুলুঙা নাৱেৰে যাত্রা কৰোতে হঠাৎ তেখতৰ পত্নী নাওখনৰ পৰা নদীত পৰি যায়। যাৰবাবে তেখেতে পত্নীক ৰক্ষা কৰিবলৈ নদীত জপিয়াই পৰে।
উল্লেখ্য যে তেখেতৰ পত্নীক খন্তেক সময়ৰ পিছত ৰাইজে জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও বিতুল গগৈক SDRF বাহিনীয়েও উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। শেষত আজি স্থানীয় ৰাইজৰ তেখেতৰ মৃতদেহ দৃষ্টিগোচৰ হোৱাত ৰাইজে মৃতদেহটো উদ্ধাৰ কৰে। তাৎপর্যপূর্ণ কথাটো হ'ল যে তেওঁলোকে যিখন নাৱেৰে যাত্রা কৰিছিল সেই নাওখন এটা বালি মহলত বালি উঠাবলৈ ব্যৱহাৰ কৰা নাও আছিল। নাওখনৰ গৰাকীয়ে নাওখন এনেদৰে এৰি দিয়াত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। | web |
686b35a5fe923123d415b087fc782c38 | কংগ্ৰেছে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে নিশা অসম গণ পৰিষদেও বৰপেটা আৰু ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে।
অগপৰ সভাপতি অতুল বৰাৰ বাসভৱনত নিশা অনুষ্ঠিত হোৱা দলীয় বৈঠকৰ পাছতে দলে বৰপেটাৰ পৰা প্ৰাক্তন অগপ মন্ত্ৰী তথা প্রাক্তন ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাস আৰু ধুবুৰীৰ পৰা জাৱেদ ইছলামক প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে ঘোষণা কৰে।
বৰপেটাত অগপ আৰু মিত্ৰদলৰ সমৰ্থিত প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, দুয়োটা মুছলমান জনসংখ্যা প্ৰধান সমষ্টি বৰ্তমান এ আই য়ু ডি এফৰ দখলত আছে। বদৰুদ্দিন আজমল আৰু আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে ক্ৰমে ধুবুৰী আৰু বৰপেটাত সাংসদ হিচাপে আছে। ২০১৯ লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফে ছিৰাজুদ্দিন আজমলক প্ৰাৰ্থীত্ব নিদি বদৰুদ্দিনৰ অতি ঘনিষ্ঠ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আনহাতে, প্ৰাৰ্থিত্ব লাভ কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে কুমাৰ দীপক দাস। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকক শিখণ্ডি আখ্যা দি দাসে একমাত্ৰ কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাক ঢাকিবৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী দি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
7bf522569e70daca4fa9f2d8fe9f58d64bcde42e | গৌৰীপুৰঃ সুদীৰ্ঘ ৩৬ বছৰ পিচত ৰূপচীৰ পৰা গুৱাহাটীলৈ উৰিব বিমান। ৬ ঘণ্টীয়া যাত্রা অতিক্ৰম কৰিব পাৰিব মাথোঁ এতিয়া ২০ মিনিটত। আপোনাৰ বাবে অহা অক্টোবৰ মাহৰ পৰা ৰূপচী বিমান বন্দৰত উৰিব বিমান। ৩৩৬ একৰ মাটিকালিত ১৮০০ মিটাৰ ৰানৱে সাজু হৈছে ৰূপচী বিমান বন্দৰত।
কেন্দ্ৰীয় চৰকাৰৰ উৰান আঁচনি অধিণত ৬৯ কোটি টকা ব্যয় কৰি ন-ৰূপত সজোৱা হৈছে ৰূপচী বিমান বন্দৰটো। এতিয়া ২০ মিনিটত ৰূপচী পৰা গুৱাহাটীলৈ যাব পাৰিব একোজন যাত্রী। অপেক্ষা মাথোঁ চৰকাৰী ঘোষনালৈ, উল্লেখ্য যে দ্ধিতীয় বিশ্বযুদ্ধৰ সময়ত বিটিচিয়ে নিৰ্মাণ কৰিছিল এই বিমান বন্দৰটো। ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ কলকাতালৈ চলিছিল বিমানসেৱা।
১৯৮২ চনত ৰূপচী বিমান বন্দৰ পৰা অন্তিম বাৰৰ বাবে উৰিছিল বায়ুদূতৰ নামৰ বিমানখন। আৰু ৩৬ বছৰ পাছত এই সু-খবৰ আনিছে ভাৰত চৰকাৰে। স্বাভাৱিকতে এতিয়া উৎফুল্লিত ধুবুৰী বাসীৰ লগতে নামনি অসমৰ প্ৰত্যেকজন লোক। ধুবুৰী আৰু BTAD ৰ সীমান্তত অৱস্তিত ৰূপচী বিমান বন্দৰ মুকলি হ'লে আৰ্থ সামাজিক দিশত সূচনা হ'ব যুগান্তকাৰী পৰিবৰ্তন। অনাগত দিনত অসমৰ লগতে ঢাকা, কলকাতা, নেপাল, ভূটানলৈ ৰূপচী বিমান বন্দৰ পৰা চলিব বিমান আৰু এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত যোগাযোগ স্থাপন কৰিব এই বিমান বন্দৰে। | web |
8c984ba9de2219480716b235f5fea3f4da711251 | শিলচৰ ৰেল ষ্টেচনত ১৭ আৰু ১৮ অক্টোবৰত বৰাকৰ একাংশ বাঙালী সম্প্ৰদায়ৰ দষ্কৃতিকাৰীয়ে অসমীয়াৰ স্বাভিমানত গুৰুতৰভাৱে আঘাত হানিছে । অসমতে অসমীয়াৰ ভাষা ধ্বংস কৰাৰ বাবে একাংশলোকৰ চলি আছে ব্যাপক গতিত ষড়যন্ত্ৰ । কাৰণ বৰাকত মুকলিকৈ অসমীয়া ভাষাৰ ওপৰত চলা আক্ৰমণেই তাৰ প্ৰমাণ । অসমক কোনো কাৰণতেই ত্ৰিপুৰা বা কাশ্মীৰ হ'বলৈ দিয়া নহ'ব । ৰাজ্যখনত ৰাজ্য ভাষা আইনমতে অসমীয়া । তেনেস্হলত শিলচৰ ৰেল ষ্টেচনত এখন জল জীৱন মিছনৰ চৰকাৰী ভাষাৰ ফলকত ক'লা ৰং সানি ' বাংলা লিখুন ' বুলি একাংশ দুস্কৃতিকাৰীয়ে অসমীয়া ভাষাক অপমান কৰি অসমীয়া আৰু বাঙালী সম্প্ৰদায় লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবহে বিচাৰিছে । গতিকে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব বিচৰা অথবা ভাতৃত্বভাৱে থকা দুয়োটা সম্প্ৰদায়ক সমাজত বিভাজনৰ সৃষ্টি ৰাজনীতি কৰিব বিচৰা এনে লোকৰ বিৰুদ্ধে শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলি সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ এলেকাস্হ মাজবাট আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজবাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আজি মাজবাট থানাত এই এজাহাৰ দাখিল কৰাৰ সময়ত মাজবাট শাখা সাহিত্য সভা আৰু মাজবাট আঞ্চলিক জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছিল বুলি মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু কলিতাই আজি এক প্ৰেছ বিবৃতি যোগে জনোৱাৰ লগতে ৰাজ্যখনত দুয়োটা সম্প্ৰদায়ৰ লোককে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
- থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ'ল ধৰ্ষণ আৰু হত্যাৰ! | web |
77ffefd2c7ba87a7dc0da380742cf851e0dce0f8 | ডিজিটেল ডেস্ক : সমাজে গণ্য কৰা অনুপযুক্ত পোছাক পৰিধান কৰাৰ বাবে গণ ৰোষৰ বলি হৈ মৃত্যুক সাৱটি লোৱা ২২ বৰ্ষীয়া মাহছা আমিনৰ ঘটনাই সমগ্ৰ বিশ্বত তোলপাৰ লগোৱাৰ পাছতেই বৃহস্পতি বাৰে নিউ ইয়ৰ্কত এক সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল চি এন এনে । এই সাক্ষাৎকাৰ আছিল ইৰাণৰ ৰাষ্ট্ৰপতি এব্ৰাহিম ৰাইছি আৰু চি এন এন ৰ বৰ্ষীয়ান সাংবাদিক খ্ৰিষ্টিএন আমানপৌৰৰ মাজত । বৃহস্পতি বাৰে হঠাৎ খ্ৰিষ্টিএন আমানপৌৰে ইন্টাৰনেটত প্ৰকাশ কৰা এখন স্থিৰ চিত্ৰই সলনি কৰি দিয়ে সমগ্ৰ দৃশ্যপট ।
এখন চকীত খ্ৰিষ্টিএন আমানপৌৰ বহি থকাৰ ওপৰিও সন্মুখত আছিল এখন খালী চকী । যিখন চকীত বহি সাক্ষাৎকাৰ দিয়া কথা আছিল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে । ছবিখনৰ সৈতে লিখা আছিল "মই নম্ৰভাৱে প্ৰত্যাখান কৰিলো..." । ইয়াৰ পাছতেই সমগ্ৰ বিশ্বজুৰি খলকনি তোলে ছবিখনে ।
বাতৰি অনুসৰি, শিৰত আবুৰ ল'বলৈ প্ৰত্যাখান কৰাৰ বাবেই খ্ৰিষ্টিএন আমানপৌৰক সাক্ষাৎকাৰ নিদিলে ইৰাণৰ ৰাষ্ট্ৰপতি এব্ৰাহিম ৰাইছিয়ে । চি এন এনৰ মুখ্য আন্তৰ্জাতিক ঘোষক খ্ৰিষ্টিএনে এই অনুৰোধ নম্ৰভাৱে প্ৰত্যাখান কৰাৰ পাছতেই ইন্টাৰনেটত প্ৰকাশ কৰে সাক্ষাতকাৰ বাতিল হোৱাৰ কথা । বৰ্তমান ইৰাণৰ অস্থিৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰপতি গৰাকীয়ে এনে অনুৰোধ কৰা বুলি জানিবলৈ দিয়ে এক বিশেষ সূত্ৰই ।
উল্লেখ্য যে, বৰ্তমান ইৰাণত বোৰ্খা প্ৰথাৰ বিৰুদ্ধে যোৱা এসপ্তাহ ধৰি পৰিলক্ষিত হৈছে বহু প্ৰতিবাদ আৰু বিতৰ্কৰ । মহিলাসকল ৰাজপথলৈ আহি জ্বলাই দিয়া পৰিলক্ষিত হৈছে বোৰ্খা । আনহাতে ২০২২ বৰ্ষতে ভাৰতত বোৰ্খাৰ সমৰ্থনত দেখা গৈছিল প্ৰতিবাদী কাৰ্যসূচী । কৰ্ণাটকাৰ বহু শিক্ষাৰ্থীয়ে শিক্ষা অনুষ্ঠানত বোৰ্খা পৰিধান কৰি অহাৰ বাবে বিষম ৰূপ লৈছিল ঘটনাই ।
বিশ্বৰ দুই প্ৰান্তত বোৰ্খাৰ বিৰুদ্ধে আৰু সমৰ্থনত হোৱা প্ৰতিবাদে প্ৰমাণ কৰে যে এই আন্দোলন কেৱল আবুৰৰ বাবে নহয় বৰং বৰ্তমানৰ পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে হে ।
| web |
20abd17ea2419e118830e94cbec853ec6144f348 | 1 Konojel kꞌu ri kinimaꞌqil ri e chꞌawenelabꞌ cho ri Dios, chikixoꞌl ri achyabꞌ kechaꞌ wi rech jeriꞌ kakitzuj sipanik cho ri Dios rumal ri makaj. 2 Rech jeriꞌ ri Dios kutoqꞌobꞌisaj kiwach ri man kꞌo ta ketaꞌmabꞌal xuqujeꞌ ri e sachinaq kanoq, rumal kuchomaj chi ri winaq e junam rukꞌ areꞌ man kꞌo ta kichuqꞌabꞌ. 3 Rumal riꞌ, rajawaxik wi chi ri chꞌawenel cho ri Dios kutzuj sipanik cho ri Dios rumal ri umak xuqujeꞌ rumal ri kimak ri tinimit.
4 Man kꞌo ta jun chike ri achyabꞌ ri xaq pa rech wi kukꞌam ri patanijik rech kux chꞌawenel cho ri Dios pa kiwiꞌ ri winaq, xane are ri Dios kachꞌabꞌen apanoq jetaq ri xkꞌulmatajik rukꞌ ri Aarón. 5 Je xuqujeꞌ ri Cristo man xaq ta pa rech wi xubꞌan chꞌawenel cho ri Dios pa kiwiꞌ ri winaq, xane are ri Dios xraj chi jeriꞌ kakꞌulmatajik, are ri Dios xbꞌin che: At, at nukꞌojol kamik xinux atat✡ 5:5 Salmos 2:7. 6 Xuqujeꞌ pa ri Tzꞌibꞌatalik kubꞌij: At, at chꞌawenel wi cho ri Dios pa kiwiꞌ ri winaq jetaq ri xuxik ri Melquisedec.✡ 5:6 Salmos 110:4. 7 Ri Cristo are xkꞌojiꞌk cho ri uwachulew xubꞌan chꞌawem rukꞌ mochꞌochꞌem xuqujeꞌ rukꞌ oqꞌej, xuta che ri Dios chi kakol che ri kamikal, xtataj kꞌu ri uchꞌawem rumal cher xubꞌano rukꞌ mochꞌochꞌem. 8 Pune ukꞌojol ri Dios, xretaꞌmaj ri nimanik rumal ri kꞌaxkꞌolal. 9 Are xtoꞌtaj ri Cristo chubꞌanik ronojel ri karaj ri Dios, xuxik kolonel rech jeriꞌ xuya kikoltajem konojel ri kenimanik. 10 Rumal riꞌ ri Dios xubꞌan che ri Cristo chi xuxik kinimal chꞌawenelabꞌ pa kiwiꞌ ri winaq jetaq ri xuxik ri Melquisedec.
11 Sibꞌalaj kꞌo na kaqabꞌij chirij we jastaq riꞌ, kꞌax kꞌu ubꞌixik chiꞌwe rumal cher kꞌax kibꞌan chuchꞌobꞌik. 12 Rajawaxik ya waꞌ we ta ix aꞌjtijabꞌ chik, xa kꞌu rajawaxik kixtijox chi na junmul rech kakꞌut na chiꞌwach ri qas tzij rech ri Dios ri man kꞌax ta uchꞌobꞌik. Pa juleꞌ taq tzij chik, ix xaq jeꞌ leche na kitijo, man kixkwin ta na kitij ko taj jastaq. 13 Ri xaq xwi leche kutijo, man qas ta retaꞌm riꞌ ri kubꞌij ri tzij rech sukꞌal, jer kꞌo jun laj nitzꞌ akꞌal ri kꞌa katuꞌn na. 14 Are kꞌu ri ko taq jastaq tijowik rij, xaq xwi ri winaq ri e nimaꞌq chik ketijowik, are waꞌ ri winaq ri kekwinik kakichꞌobꞌ ri utz xuqujeꞌ ri man utz taj, jeriꞌ rumal cher naqꞌatal chike kakichꞌobꞌ rij ri jastaq.
| web |
2a6dcfed0e1237e9470074a899dff9f8be100361 | বিৰাট কোহলীয়ে ১০৪৩ দিনৰ পিছত দেশৰ মাটিত অৰ্জন কৰিলে শতক !
মঙলবাৰে বৰ্ষাপাৰাত প্ৰথমখম এদিনীয়া মেচ ! যান-বাহনক লৈ কি নিৰ্দেশনা ?
অক্ষৰ পেটেলে জাদেজাৰ স্থান লৈছে নেকি ? কিংবদন্তী ক্ৰিকেটাৰে কি ক'লে ?
টীম ইণ্ডিয়াৰ পৰা বাদ পৰিছে ডেথ-অভাৰ বিশেষজ্ঞ পেচাৰ! কেৰিয়াৰ শেষ নেকি ?
IND vs SL: প্ৰথম দিনাই ১৬টা উইকেটৰ পতন, আয়াৰৰ যুজাৰু ইনিংছ !
ৰোহিত শৰ্মাৰ টেষ্ট দলত বাদ পৰিল পূজাৰা, ৰাহানে আৰু ইশান্ত! কোনে পালে স্থান?
IND Vs SL: আজি হ'বনে ভাৰত-শ্ৰীলংকাৰ দ্বিতীয়খন T-20 মেচ ? | web |
457e5d5692759a74967073aa3e017b48d07a6ccbd53e73a72a90aa3990fe9213 | यू পা ধূীা ছোৱলীী
ভুলালে চিঠি ছাপ লৈ এখন দুখন কৰি চিঠিৰ ওপৰত অহা নামবোৰ ইখনৰ পাছত লিখন কৰি ৰুটিয়াই চাই। সি ৰাহিৰৰ বাৰান্দাৰ আৰামী চকি খনতে লাহেকৈ বন্ধে থাক বাতৰি কাগজৰোৰ এফলীয়াকৈ থৈ চিঠিবোৰ পঢ়ে, দেউতাকৰ খিনি এফলীয়াকৈ ৰাখে। হৰি, সি হৰিক মাতে। হৰিয়ে ওচৰতে ঠিয় হয়।
তো নে এইখিনি দেউতাক দে
হৰিষে চিঠিবোৰ লৈ খবৰ কাগজ কেইখন লম্ব বাজোতেই চুলালে হৰিক বাধা দিয়ে। 'খৰৰ কাগজ থাওক, চিঠি খিনিকে লৈ য
হৰিয়ে চিঠি খিনি লৈ যায়।
চুলালৰ নামৰ পষ্ট কাৰ্ডত দিয়! চিঠিবোৰ এখন দুখন কৰি চালে। মিলৰ নামৰ বুক পষ্ট চিঠিবোৰ খুলিলে। 'অ' বস্তুৰ নামৰ তালিকা সি খুলিয়েই এফলীয়াকৈ ৈ দিলে। তাৰ পাছত খামৰ ভিতৰত অহা এখন চিঠি ফালিলে। বৰ ধুনীয়া আখৰ। অহাৰ ঠিকনাটে। পঢ়িলে দুইতপৰীয়া গাওঁ। চিঠি খন জুতিয়াই নামটো পঢ়িলে পুজলী। চিঠিখন সি পঢ়ি গল।
'দারা ঘোষ মৰমৰ'
"জয় জয়তে পুৰণি বচীয়া সেৱা গ্ৰহণ কৰিষ। কীরা চিনাকি আপুনি see যি নাচ ৈ
সদায় মোৰ অন্তৰত জ্বলি থাকিব। আপোনাৰ পৰা চিঠি পাম পাম বুলি সঙ্গয়ে চিন্তা কৰো। কিন্তু ক'তা? সন্ধ্যা, ৰাতিপুৱা প্ৰায়ে নৈ ঘাটলৈ যাও কিন্তু নিৰাশ মনটোৰে আৰু ভাগৰুৱা দেহাটোলৈ ঘূৰি আহো। চৰাঘৰৰ দুৱাৰ মুখৰ স্থল পদ্ম জোপ। আপুনি দেখাতকৈ এতিয়। খুব ফুলিছে।" তাৰ হাঁহি উঠ যায়। এইবোৰ কথানো চিঠিত লেখেনে, ধেৎতেৰি ।
আকৌ সি পঢ়ি যায়।
"বিশেষ এটা কথাৰ কাৰণে লিখিলো যে আপোনালোকৰ নগৰৰ শ্যামগুৰি বাগানৰ গ্ৰোজত আমি পাঁচ পুৰ। মাতি পাইছো। যদি পাৰে অলপ সহায় অলপ সহায় যুগুতি কৰি ঘৰ দুৱাৰ দুট। মান ঠিয় কৰি দিব । আমাৰ গাওঁৰ প্রায় বিচ ঘৰ মান মানুহেও আমাৰ নিচিনাকৈ ভাত মাটি পাইছে । আৰু তেখ্তেসকলেও সহায় কৰিম বুলি কৈছে। আমাৰ ইয়াত যি মাটি বাৰী আছে সকলো বেচি কিনি যি পাও আপোনাৰ পৰিশোধ কৰিম। বিশেষ একে। নাই । উত্তৰৰ প্রত্যাশাত। ইতি
আপোনাৰ - প্রণীসি চিঠিখন পঢ়ি তাৰ জেপৰ ভিতৰত গৃমুৱাই বলে। দিন যায়, দিন আছে আকৌ যায়। প্রায় বিচ বাইছ
দিন মানৰ মূৰত ফ্লুইড পৰীয়া ৰাইলে তা
ঘৰ দুৱাৰৰ কাৰণে কাঠ বাঁহ কাতিলেহি। চুলালে নামে নামে মাতিবোৰ চমজাই দিলে। পুতলীহঁতৰঘৰ দুৱাৰ সজাৰ গাত ললে। খেৰ ৰাহ বেত সকলো দুলালে যোগাৰ কৰি দিলে।
হুলালৰ সহায় পাই দদায়েকে শলাগ ললে আৰু কলে, এৰা বাঁৰী দুখুনী মানুহক সহায় কৰিলে ঈশ্বৰে দুপইছ। দিব দেউতা।" দদায়েকৰ সঁহাৰিটে। দুলালৰ কানত সেইদিন। ভাল শুনিলে।
সিও এনেয়ে ক'লে, "এবং কিনো কৰিব বাৰী
দুখুনী মানুহ । বাৰু দিয়া গুণ নহলেও উপকাৰ হব।" দুলালে কথাটো ঠোৰতে কৈ বলে ।
দুলালে মনতে ভাবিলে অ' মানুহবোৰ ঈশ্বৰৰ ভক্ত। প্রায় এমাহৰ ভিতৰত ধৰ দুৱাৰ সকলো ঠিক ঠিকনা ৈ গপ। নতুন গাওঁখনৰ নাম দিলে লুইতপৰীয়। গাওঁ। ঘৰ দুলাৰ হলত কিছু দিনৰ মূৰত মানুহ আহি ভৰি পৰিলহি । অহাৰ এদিনৰ পাচত গাৱৰ মানুহে এটা ডাঙৰ সকাম পাতিলে। দুগাল, মহত্ত আৰু বহুতক সিহঁতে নিমন্ত্রণ কৰিলে। দুলালেও বাইজক সেই দিনত এটা নামঘৰ দি বুলি প্রতিশ্রুতি দিলে। ৰাইজেও ছলালক পৰি পৰি আশীৰ্ব্বাদ দিলে।
দিনবোৰ আগবাঢ়ি যায়। মাহ বদলি হয়। চুলাল মাৰোৱাৰী জনৰ সৈতে আহমদাবাদলৈ গৈ মিলটো দহলাখ টকাত চুক্তিকৰি ছবছৰৰ কিষ্টিত বন্ধুবৰ্ত্ত কৰিলে। মাৰোবাৰী জনে গাত ললে। ভুলাল এমাহ মান থাকি কেই লাখ মান টকা দি মিলটোৰ ইঞ্জিন আদি মেচিনবোৰ স্পিসিয়েল ট্রেইন যোগে পঠালে। আহোতে কলিকতাৰ পৰা মেচিনবোৰ বহুৱাৰৰ কাৰণে এটা কোম্পানীক ভাৰ দিলে। আৰু আহমদাবাদৰ আগৰ পুৰ্ণ। কামকৰা কিছুমান মানুহ লগতলৈ আহিল।
ধুম ধামেৰে কাম আৰম্ভ কৰি মেচিনবোৰ বহুৱাবলৈ লাগিল। প্রায় চাওঁতে চাওঁতে তিনি চাৰিশ মানুহে মহা পয়োভৰে কামত আগবাঢ়ি গল।
দিনে দিনে ট্রেইন যোগে মালা মাল আহিল। শস্য শ্যামলা অসম আইৰ এটি ডাঙৰ অভাব পূৰ্ণ হল।
মহন্তই আজৰি সময়ত দুলালক সহায় কৰে। মহন্তৰ ওগৰত তাৰ দিলে সাধাৰণ ঠিকা ঠুকলিবোৰ চাই চিতি ৰদ্ৰকৰি দিয়া ।
নতুন কটন মিলটোৰ প্রায় পাঁচ মাইল মান দূৰতে নতুন লুইত পৰীয়া গাওঁখন। উৎসৱ আদি হলে চুলালক নিয়ন্ত্রণ কৰে লুইড পৰীয়া ৰাইছে। আছ যাছ কৰাত তুলাল বাইজৰ আপোনৰ নিচিনা হল।
প্রায় চাৰিমাহৰ খচৰ কথা। ভেডিয়াও মিল, সম্পূর্ণ মেচিন আদি বহুৱাই আদায় হোৱা নাই।
ফাল্গুন মাহৰ ফ্ৰেৰ ফেৰীয়া ৰতাহ। চুলালে গৰ্ম আল ষ্টাৰটো পিন্ধি মালি কেইতাক ফুল পুলি বিলাক কবলৈ দখুৱাইছে কেইটামান মালিয়ে কৰি পুলি বিলাকৰ বন বাত বোৰ গুছাই দিছে। কেইটামানে পানী দিছে। সমর ভঙিয়া দিনৰ আচৈটা মান বাতিছে।
সি কিবা এটা কাৰণত হৰিফ মাতিৰ খোজোড়েই উত্পতি দেখে 'য ফেইজন মান মানুহ গেটখন খুলি বঙলাৰ ফালে আগবাঢ়ি আহিছে।
ওচৰ পালত দেখে যে লুইভ পৰীয়া ৰাইজৰাইজৰ প্রায় বোৰকে সি চিনি পায়। মুখিয়াল কেইজনে ভুলালক দুলালেও প্রতি নমস্কাৰ দি পৰ্তিকৰ দীঘল বেঞ্চ খনত বহিবলৈ দিয়ে। সি আৰামী চী ব্যাৰ লগে লগেই সুধি উঠিল, "পাচে ৰাইজ দেখোন কি মন কৰি আহিল।"
"এৰা হাকিমৰ ওচৰলৈকে আহিলো। আহিলো কেলেই আমাৰ গাওঁত আৰু চখে কুলাই পাচিয়ে নধৰা হৈছে।" তাৰে মুখিয়াল জনে তাৰ ফালে চাই কয়।
"কি হৈছেনো? মই আপোনালোকৰ গাওঁৰ ফালে সিদিনা গৈছিলোছে। ইতিমধ্যেই সি চুৰটটো এলাই লন্তু এ নাম ঘটাৰ কাম সম্পূর্ণ হলনে? বোধহর ওপৰত চিৎপাত্ত। মাবি আদার হন।
মাত্ৰ বাটচৰাটোহে বাকী।
সিও দুই
এদিনতে হব। এইটো হাকিমে ডাঙৰ কাম কৰি দিলে ৰাইজক। হাকিমৰ ছয় হেজাৰ মান খৰচ যাব পায়।"
তাৰে ভিতৰত আন এজনে মাত লগালে, 'এইটো দেউতাই থলেছে।"
দুলালৰ ঘৰৰ পৰা প্রায় তিনি মাইল যান দুৰতে লুইত পৰীয়া গাওঁখন। সেয়ে অগপ আচহুরা । মানুহৰ আহ যাহ কম। দুলাল ধনীৰ ঘৰৰ পৰা হলেও তাৰ গপ দৰপ নাই। মানুহৰ লগত হলি গদি কথা পাতে। সেই দেখি সকলোৱে দেৱতাৰ দৰে ভক্তি কৰে, আৰু মানুহে তাক ভাল পায় ।
"হাকিমে আমাৰ ফালে যোৱা বুধবাৰেই গৈছিল হয়?" তাৰে মুখিয়াল জ্বনে স্থলালৰ ফালে চাই কয়। "এৰ' বু থই কি বৃহস্পতিয়েই। অ' হয় ঠিক
বুধ বাৰেই।"
'আপুনি অহা ছুদিনৰ পাচৰ পৰাই আমাৰ গাওঁত আৰু তত নাই
'কি হৈছে।' দুলালে অলপ আচৰিত হৈ সোধে। 'হবলৈ নাই, প্রায় তিনিজন শেষ।" তাৰে এজনে দ্বপৰাই মাত লগালে। কলেৰা হৈছে ।"
'ইস্ কেতিয়াৰ পৰ।' সি সম বেদনাৰ ঘুৰত সোধে। "যোৱা পৰহিৰ পৰা"
"বোৱ। পৰহিৰ পৰা ? কোনোবা ডাক্তৰ চাক্তৰ লগাই
হিলেনে নাই?'
"নাই, সেই দেখিছে হাকিমৰ ওচৰলৈ আহিে এটা দিহা পৰামৰ্শ দিব বুলি। এখৰত যে টানেই "কাৰ ঘৰত ""
"সেই নাম ঘৰটোৰ ওচৰত বাৰী মানুষ অনীৰ" "পুতলীৰ মাক" তাৰে এজনে কয়।
"অ' পাছে কালিয়েই ডাক্তৰ লগাব লাগিছিল। এতিয়া দেৰিহে হল। বাৰু" বুলি কৈয়ে সি ভিতৰ সোমাই গল। ভিতৰৰ পৰা কিবা এটা পনীয়া দেৱাইৰ বটল আনি তাৰে মানুহ এজনৰ হাতত দি কলে। "মই এতিয়াই ডাক্তৰ পঠাই দিম । আপোনালোকে ডাক্তৰ নোযোৱা পৰ্যাস্ত এই চিচাটোৰ পৰা পাঁচটোপাল কৰি তিনি ঘণ্টাৰ আঁতৰে শীতৰে খুৱাওকগৈ । যাৰ যাৰ হৈছে প্রত্যেককে খুৱাৰ। ইস কালিয়েই অহা হলে মানুহ কেইজন মৃত্যুৰ মুখত পৰিবলৈ নেপায়। ৰাইজ এতিয়। সোনকালে যাওক।"
মানৰ পাচত "পাবলিক হেলথ প্ৰত্যেক মানুহক কলেৰা ইনজেকচন দিয়ালে আৰু প্ৰত্যেককে কেনেকৈ সাৱধানে থাকিব লাগে, খাৰ লাগে একোটা পৰামৰ্শ দিলে।
ডাক্তৰ কেইজন প্রায় ৰাতি আঠমান ৰজাত আজবি হৈ গল। বেমাৰীৰ ভিতৰত আটাইতকৈ টান আছিল পুতুলীৰ মাকৰ ।
ভুলালে গাৱঁৰ প্রত্যেক ঘৰতে ভাক্তষৰ হতুৱাই ইনজেকচন দিয়াৰ পাচত পুতলীহঁতৰ ঘৰ সোমাল।
| pdf |
dd89bd16466e1fb76cfc22f64818906b3c6eef14 | উল্লেখযোগ্য যে, ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বিভিন্ন কলা কৃষ্টিৰ প্ৰদৰ্শন কৰাৰ লগতে দুপৰীয়া এখন মুকলি সভাও অনুষ্ঠিত হয় । আজি ধূপগুৰিত উদযাপিত আন্তৰ্জাতিক মাতৃ দিৱসৰ বিভিন্ন কাৰ্যসূচী সমূহত কোকৰাঝাৰ পূৱ জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ চৰকাৰৰ মনোনীত পাৰিষদ মাধৱ ছেত্ৰীৰ লগতে সদৌ ৰাভা মহিলা পৰিষদৰ বিষয়ববীয়া আৰু জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৰাভা জনগোষ্ঠীৰ মহিলা আৰু আই-মাতৃ সকলে অংশ গ্ৰহণ কৰে। সদৌ কোকৰাঝাৰ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী তৰুলতা টাংগোই সংবাদ মাধ্যমৰ জৰিয়তে সকলো আই মাতৃক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি মাতৃসকলক ত্যাগ আৰু মমতাৰ প্ৰতীক বুলি অভিহিত কৰে। সাম্প্ৰতিক সময়ত মাতৃ জাতিৰ ওপৰত চলি থকা বিভিন্ন ধৰণৰ অত্যাচাৰ আদি বন্ধ কৰাৰ ক্ষেত্ৰত সকলোকে মাৰ বান্ধি থিয় হবলৈ আহবান জনায় । ইয়াৰোপৰি পুৰুষ সকলৰ সমান্তৰালকৈ কন্যা সন্তানেও শিক্ষা -দীক্ষা গ্ৰহণ কৰাৰ সুযোগ পোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ।
আনহাতে, বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সন্তান জন্মৰ পিছত এগৰাকী মাতৃয়ে প্ৰথম গৰাকী শিক্ষয়িত্ৰীৰ ভূমিকা পালন কৰি সন্তানক সু -নাগৰিক ৰুপে গঢ়ি তোলাত অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি সমগ্ৰ মাতৃ সকলক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰে । বৰ্তমান সমাজত বহুতো সন্তানে ডাঙৰ হৈ পিতৃ মাতৃক অৱহেলা কৰে । সেইবোৰ বেয়া কথা বুলি মন্তব্য কৰি ভাৰতীয় পৰম্পৰা অনুসৰি সন্তানে তেওঁলোকৰ যত্ন কৰাৰ আহবান জনায় । লগতে সমাজ এখন সুন্দৰ আৰু সুস্থ কৰি ৰাখিবলৈ এটা পৰিয়ালৰ ভূমিকা অনেক। গতিকে মাতৃ সকলে সন্তান লালন -পালন কৰাৰ লগতে তেওঁলোকৰ চৰিত্ৰ গঠনৰ দিশটো লক্ষ্য ৰাখিবলৈ আহবান জনায় । বিধায়ক ইছলাৰীয়ে সমাজত বেয়া মাতৃও বহুত আছে বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে এখন সমাজৰ ভয়ংকৰ স্খলন হয়। গতিকে সকলোকে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি যাবলৈকো বিধায়ক গৰাকীয়ে আহবান জনায় ।
- First Published : | web |
7d5f32a1942743bc7e14a4f397de994867c45bdb | কোন হ'ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য? দৌৰত প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰাক্তন অধ্যক্ষ খগেন চন্দ্ৰ বৰদলৈ আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী। এই লৈ এতিয়া শিবিৰে শিবিৰে অব্যাহত আছে গুণা-গঠা।
উল্লেখ্য যে, কালি ঘোষিত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল অনুসৰি শাসকীয় বিজেপি দলে অভূতপূৰ্ৱ সাফল্য লাভ কৰি পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৩ খন আসন লাভ কৰি তিৱা স্বায়ত্ত পৰিষদ দখল কৰে।
বিজয় উল্লাসত মত্ত থকা প্ৰাৰ্থীসকলৰ মাজৰ কোনগৰাকী প্ৰাৰ্থীয়ে লোভনীয় মুখ্য কাৰ্যবাহী পদটো লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।
পূৰ্বৰ আটাইকেইজন মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে আছে সীমাহীন দুৰ্নীতি আৰু কেলেংকাৰিৰ অভিযোগ। পৱন মান্তাৰ লগতে তুলসী বৰদলৈ, খগেন চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈ অহাৰ লগতে প্ৰাক্তন মুখা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও আছে বিয়াগোম দুৰ্নীতি, কেলেংকাৰিৰ লগতে যৌন কেলেংকাৰিৰো অভিযোগ।
সেয়ে ৰমাকান্ত দেউৰীয়ে পুত্ৰ মদন দেউৰীক মুখ্য কাৰ্যবাহী সদস্য হোৱাতো তিৱা জনসাধাৰণে বিচৰা নাই।
ইফালে মুখ্য কাৰ্যবাহীৰ পদটো লাভ কৰাৰ আশাৰে আটাইকেইগৰাকী সদস্যই দলীয় তথা চৰকাৰৰ শীৰ্ষ মহলৰে সঘন যোগাযোগ অব্যাহত ৰখা বুলিও এটি বিশেষ সূত্ৰই নৰ্থ ইষ্ট নাওৰ আগৰ সদৰী কৰিছে।
আনহাতে, বিগত সময়ত শাসনৰ নামত কেৱল লুণ্ঠন, অবাধ দুৰ্নীতি, কেলেংকাৰিৰে সামগ্ৰিকভাৱে তিৱা পৰিষদখনক অস্থিৰ কৰি সমষ্টি উন্নয়নৰ ফালে পিঠি দি সদস্যসকলে কোৰোনাৰে ৰাইজৰ ধনসমূহ উদৰস্থ কৰিছিল বুলি সবৰ্ত্ৰে চৰ্চা চলিছে।
তেনে ক্ষেত্ৰত নৱ-নিৰ্বাচিত পাৰিষদসকলে ক্ষমতা লাভৰ মোহত আচ্ছন্ন হৈ পূৰ্ৱৰ ধাৰাবাহিকতাকে অক্ষুণ্ণ ৰাখিব নেকি? এনে বহু প্ৰশ্নই এতিয়া পৰিষদৰ অন্তৰ্ভূক্ত সাধাৰাণ ভোটাৰৰ মনত সন্দেহৰ ওপিছে।
উল্লেখ্য যে এখন শক্তিশালী, সৱল নেতৃত্বৰ পৰিষদ গঠনৰ যোগে পিছপৰা জনগোষ্ঠীটোৰ লগতে পৰিষদৰ এলেকাধীন আন জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰীক বিকাশৰ হেতুকে গঠিত তিৱা পৰিষদখনৰ কৰ্মদক্ষতা ওপৰতে নিৰ্ভৰ কৰিছে পৰিষদৰ ভৱিষ্যত।
সেয়ে হয়তু পৰিৱৰ্তনৰ স্বাৰ্থত মধ্য অসমৰ জনসাধাৰণে অভূতপূৰ্ৱ জনাদেশ দি পৰিষদখন গঠনত গেৰুৱা বাহিনীক বিপুলভাৱে সমৰ্থন আগবঢ়াইছিল।
সেই কথা উপলব্ধি কৰি এতিয়া কেনেদৰে নৱ-নিৰ্ৱাচিত পৰিষদখনক দুৰ্নীতিমুক্ত, নিকা পৰিষদ গঠন কৰে সেয়াহে অনাগত সময়ত লক্ষণীয় হ'ব বুলি জিলাখনৰ ৰাজনৈতিক বিশ্লেষক মহলত মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। | web |
d386d5a5e80af7cfe9486400a6087c8bf798e0c6 | - - সি হেনো বিয়া পাতিলে। ল'ৰা-ছোৱালীও আছে হেনো। সি তাৰ বিয়াৰ খবৰো তাক নিদিলে! আচৰিত কথা। এসময়ত তাৰ লগত সীমান্তৰ কিমান নিবিড় সম্পৰ্ক আছিল!
মদ খাবলৈ এৰিলেনে বাৰু সি? নাই, সি ক'ত মদ খাবলৈ এৰিব! কছাৰী ৰজাই মদ নাখায় কোনে খাব? " মদৰ নিচাত পগলা হৈ ছোৱালী হোষ্টেলৰ সন্মুখতে থকা ফিল্ডখনথ ৰাতি এটা বজাত কি নৃত্য কৰিছিল সি!
(উৎসঃ শেষৰ ফালে কিয়দাংশ ইণ্টাৰনেটৰ পৰা) | web |
22cbdd0ef60b1abdef8de83492b8a8a50acabaf54c2534e01e99ab8734ee9df3 | ৪। ঘৰখনেই শিশুৰ আচল শিক্ষাৰ ঠাই। শিশুৰ বাবে ঘৰখন এখন বিদ্যালয়, সমাজখন মহাবিদ্যালয় । তেনে ক্ষেত্ৰত অভিভাৱক আৰু সমাজৰ লগত প্রত্যেক শিক্ষকেই সমন্বয় ৰখা কর্তব্য।
৫। আৱশ্যক বোধে স্কুলৰ প্ৰধান শিক্ষকজনে সহকাৰী শিক্ষকৰ ওপৰত স্কুলৰ কৰ্তব্য কামত- ভাগে ভাগে প্রত্যেক জনকে দায়িত্ব দিব । তেতিয়াহে স্কুল পৰিচালনাত সুফল পাব ।
৬। সহকাৰী শিক্ষকে বুজি নোপোৱা যি কোনো কথা প্রধান শিক্ষক তথ' লগৰ সহকাৰী শিক্ষকৰ লগত আলোচনা কৰি কথাটো বুজি লৈহে কর্তব্য পালনত প্ৰয়োগ কৰিব । পোৱাৰ সম্ভাৱনা থাকে ।
শিক্ষকসকল দেশৰ মংগলকামী লোক। দেশৰ ছাত্ৰ-ছাত্ৰীক প্রকৃত নাগৰিক ৰূপে গঢ় দিয়াৰ দায়িত্ব অর্পিত হৈছে। এই গুৰু দায়িত্ব পালন কৰিবলৈ যাওঁতে মোৰ বোধেৰে শিক্ষকে তলত লিখা কথা খিনিলৈ মন কৰিব লাগে ।
ক) শিক্ষকৰ উপদেশবোৰ "উপদেশতকৈ আৰ্হি বেছি কাৰ্য্যকৰী" তেনে কাৰ্য্যতহে সুফল পাব।
(খ) শিক্ষক সদায় সদাচাৰী, সদালাপী আৰু মিষ্টভাষী হব লাগে। (গ) শিক্ষকৰ পিন্ধা সাজ-পোচাক নিয়মীয়া আৰু চাফচিকুণ
হব লাগে ।
(ঘ) শিক্ষকৰ সমদৃষ্টি আৰু নিৰপেক্ষ গুণ থাকিব লাগে ।
(ঙ) শিক্ষকে ছাত্র ছাত্রীৰ আগত ধূমপান কৰা, খং ৰাগ কৰা কাৰ্য্য নকৰি নৈতিক চৰিত্ৰত মহীয়ান হোৱা কাৰ্য্যহে ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰদৰ্শন কৰিব। কিয়নো ছাত্র-ছাত্রীয়ে শিক্ষক শিক্ষয়িত্ৰীক সদায় অনুকৰণ কৰে। অনুকৰণ সিহঁতৰ সহজাত প্রবৃত্তি ।
(চ) শিক্ষকৰ গাত অধ্যৱসায গুণ থাকিব লাগে।
গুণ ছাত্র-ছাত্রীৰ পঢ়া-শুনা, খেলা-ধূল। সকলোতে প্রযোজ্য ।
শিক্ষকৰ গাত অধ্যৱসায় গুণ থাকিলেহে ছাত্র-ছাত্রীয়ে অনুকৰণ কৰি লব পাৰিব ।
ইয়াৰ উপৰিও শিক্ষক বিষয় জ্ঞান, কর্তব্য জ্ঞান, নিয়মানুরর্তিতা, সময়ানুৱৰ্ত্তিতা আদি গুণেৰে বিভূষিত হৈ শিক্ষাদান কাৰ্য্যত ব্রতী হ'লে শিক্ষক জাতিটোৱেই দেশবাসীৰ মনত আদৰণীয় আৰু পূজ্য হৈ থাকিব বুঙ্গি মোৰ দৃঢ় বিশ্বাস। শিক্ষক, শিক্ষয়িত্ৰী পালমাৰা বিধৰ হব নেলাগে । প সমাৰী বিদ্যা শিকালে বা শিকিলে তেনে বিদ্যাই কোনো কাম নিদিয়ে।
ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শ্রীনিৰঞ্জন নায, প্রধান শিক্ষক
দীঘলদাৰি মজলীয়া বিদ্যালয়, নগাওঁ : অসম
চমু জীৱনী : নগাওঁ জিলাৰ ৰহা মৌজাৰ অন্তৰ্গত দেউবালি কাকতি গাৱঁত এটি দুখীয়া কৃষক পৰিয়ালত জন্ম হওঁ ১৯৩৩ চনত । গাৱঁৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ হয়। ৰহা হাইস্কুলৰ (এতিয়া। উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৩য় মান শ্ৰেণীত নাম লগাওঁ । ১৯৪৮ চনত "পিতৃদেৱে বিধবা মা আৰু ছয়টি সস্তান এৰি স্বৰ্গগামী হয়। তেতিয়াৰপৰা ঘৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লগাত পৰে । দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি ১৯৫০ চনত প্ৰৱেশিকা পৰীক্ষা কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত উত্তীর্ণ হওঁ । অর্থাভাৱত উচ্চ শিক্ষা লাভৰ আশা বাদ দি ১৯৫১ চনত ৰহা মজলীয়া বিদ্যালয়ত সহকাৰী শিক্ষকব পদত মৰকল হওঁ। ১৯৫৩ চনত ডেপুটেশ্যন পাই যোৰহাট নর্মাল স্কুলত ২য় বার্ষিকত ভর্তি হওঁ । ১৯৫৫ চনত অসম নর্মাল শিক্ষাৰ শিক্ষান্ত পৰীক্ষাত গণিত, ভূগোল, ছবি আঁকা, হাতৰ কাম আৰু শিক্ষা প্রদান বিষয়ত সম্মান সহকাৰে
উত্তীর্ণ হওঁ । একেদৰেই ১৯৫৮ চনত তিতাবৰ উচ্চ বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰৰপৰা সুখ্যাতিৰে প্ৰশিক্ষণ পাছ কৰোঁ।
১৯৫৬ চনত বিবাহ কৰো আৰু সেই বছৰতে প্রধান শিক্ষকৰ পদলৈ প্ৰমোচন পাই বৰঙাৰাৰী মজলীয়া স্কুলত যোগদান কৰোঁ। ১৯৫৮ চনত ওচৰৰ দীঘলদানি মজলীয়া বিদ্যালয়লৈ বদলি হৈ আহে। আৰু তেতিয়াৰপৰা বিদ্যালয়খনিৰ উন্নতি কল্পে আত্মনিয়োগ কৰি আহিছো। লগে লগে কেন্দ্র, মহকুমা আৰু প্ৰাদেশিক স্তৰৰ ভিন্ ভিন্ সভাৰ সদস্য আৰু সম্পাদকৰ দায়িত্ব লৈ শিক্ষা ক্ষেত্ৰৰ বিকাশ সাধন আৰু সতীর্থসকলৰ মৰ্য্যাদা বৃদ্ধিৰ হকে পাৰ্য্যমানে সেৱা কৰি আহিছো। তাৰোপৰি নিজ অঞ্চলত এখন প্রাথমিক, আন এখন ইংৰাজী মজলীয়া আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয় প্রতিষ্ঠা কৰি কাৰ্য্যনিৰ্বাহ সমিতিবোৰৰ সম্পাদকৰ গধুৰ দায়িত্ব বহন কৰোঁ। সম্পাদকৰ কাম যে অতি কষ্টসাধ্য সেই কথা কৰোতা সকলে নিশ্চয় জানে। পৰমেশ্বৰৰ কৃপাত আৰু ৰাইজৰ সহযোগত আটাই কেইটি শিক্ষানুষ্ঠান সম্প্রতি পূর্ণাঙ্গ হৈ উঠিল ।
সাহিত্য সেৱাৰ প্ৰতি অনুৰাগ নাছিল বুলি কলে মিছা কোৱা হয়। ছাত্রজীৱনৰ পৰাই কবিতা আৰু প্ৰৱন্ধ লিখি পঢ়ি ভাল পাইছিলো। যোৰহাট নর্মাল স্কুলত পঢ়ি থাকোতেই ১৯৫৫ চনত মোৰ প্ৰথম লিখা কবিতা পুথি "পুষ্পবন" যোৰহাটৰ সাদা দাস কোম্পানীয়ে প্ৰকাশ কৰিছিল আৰু পাতনিখন লিখিছিল যোৰহাটৰে প্রবীন সাহিত্যিক ৺খতি নাৰায়ণ শৰ্মাদেৱে । তিতাবৰ উচ্চ বুনিয়াদী প্রশিক্ষণ কেন্দ্রত প্রশিক্ষণ লৈ থাকোতে "কিশলয়" নামৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হৈ দুটি সংখ্যা প্রকাশ কৰে।। সদৌ অসম মঙ্গলীয়া স্কুল শিক্ষক সন্থাৰ মুখপত্র "শিক্ষা প্ৰদীপৰ সম্পাদক আছিলে।।
১৯৮০ চনলৈ ঘৰুৱা আৰু সমজুৱা জঞ্জালত হাবু-ডাব খাই ফুৰোঁতে একাণপতীয়াকৈ সাহিত্য চৰ্চা কৰিবলৈ সুযোগ নাপালো।
পিচত ওপৰত উনুকিয়াই অহা অনুষ্ঠান কেইটি পূৰ্ণ হৈ নিজস্ব গতিত্ত আগবাঢ়ি যাব পৰা হোৱাত আহৰি পাই অঞ্চগৰ শিক্ষিত যুৱকযুৱতী সকলৰ সহযোগত "কলঙ পৰীয়। সাহিত্য চ'ৰা" নামৰ এটি অনুষ্ঠান পতা হয় । চ'ৰাই আজিকোপতি মোক সভাপতিৰ দায়িত্বত ৰাখিছে। চ'ৰাৰ মুখপত্র "পদুমনিয়ে" সাতোটি বছৰত সাতোটি সংখ্যা প্রকাশ কৰিছে। লগে লগে মোৰ লিখা "শান্তিৰ সন্ধান গদ্য সংকলন, "পঞ্চপুষ্প" গল্প সংগ্ৰহ আৰু "শনি পুথি" প্যাকাৰত সাহিত্যানুৰাগী ভিন্ ভিন্ প্রকাশকৰ উদ্যোগত প্রকাশ পায় । অপ্রকাশিত তথ্যপূর্ণ কেবাখনো পাণ্ডুলিপি প্রস্তুত হৈ আছে ।
তাৰোপৰি সৃষ্টি, কালপুৰুষ, পদুমনি, যুগবানী, বোকাৰ পদুম' অসম সাহিত্য সভা পত্রিকাদি আলোচনীত আৰু বাতৰি কাকতত ভিন, তিন সময়ত লিখা ভালেমান প্ৰৱন্ধ প্রকাশ পাই আহিছে। কালপুৰুষ জ্যোতিষ আলোচনীৰ প্ৰৱন্ধ প্রতিযোগিতাত প্রথম স্থান অধিকাৰ কৰি পুৰষ্কৃত হৈছোঁ। অসম সাহিত্য সভাৰ আজীৱন সদস্য হৈ আছো। পাঠ্য পুথিৰ সন্দৰ্ভত দোষ গুণ আঙুলিয়াই দি পাঠ্যক্রম সংশোধনত অৰিহণা যোগাই আহিছো। কলা সংস্কৃতিৰ চর্চাত স্থানীয় ভাওনা পাতি বিভিন্ন চৰিত্ৰৰ অভিনয় কৰিছো। অদ্যাপি সর্বজন 'সুখায় সর্বজন হিতায় চ' পৰাখিনি সামাজিক কাম কৰি থকা হৈছে। অসম চৰকাৰে কৃতী শিক্ষক হিচাবে ১৯৮৪/৮৫ চনৰ বাবে পুৰস্কাৰ প্ৰদান কৰিছে। সম্প্ৰতি সদৌ অসম জ্যোতিষ পৰিষদৰ এজন কাৰ্য্যনির্বাহক সদস্য।
শিক্ষা ব্যৱস্থাৰ মতামতঃ - ভিন, ভিন, সময়ত ভিন ভিন বাতৰি কাকত আৰু আলোচনীত "শিক্ষা আৰু শিক্ষক", "শিক্ষা আৰু সমাজ", "শিক্ষা আৰু ৰাজনীতি" শীর্ষক ভালেমান প্ৰৱন্ধ প্রকাশ পাইছে। সেইবোৰত সময়োপযোগী শিক্ষা ব্যৱস্থাৰ মতামত ডাঙি ধৰা হৈছে। তথাপি অতি চমুকৈ কওঁ যে, বৃটিছ শাসন কালত শিক্ষাৰ উদ্দেশ্য আছিল কেৱল কেৰাণীগিৰিৰ বাবে উপযুক্ত কৰি
তোলা। সেই অনুপাতে সেই কালৰ শিক্ষাৰ লক্ষ্য আছিল কেৱল 3R অর্থাৎ Reading, Writting and Arithmetic. স্বাধী নোত্তৰ যুগত মহাত্ম। গান্ধীৰ নেতৃত্বত শিক্ষাৰ লক্ষ্য ও উদ্দেশ্য বাস্তৱমুখী কৰি গঢ়িবলৈ বুনিয়াদী শিক্ষ। নীতি ৰাষ্ট্ৰই গ্ৰহণ কৰিলে । এই শিক্ষাক 4H অর্থাৎ Hoad, Heart Hand and Health বুলিব পাৰি। বৰ্তমান বিজ্ঞানৰ সম্প্ৰসাৰণ হোৱাত পৃথিৱীখন সৰু হৈ পৰিছে, আনকি পৃথিৱীখন এখন ঘৰৰ দৰে হৈছে আৰু পৃথিৱীৰ নৰনাৰী একেটি পৰিয়ালৰ লেখিয়া হৈছে। শিক্ষানীতি আৰু পদ্ধতিও তেনে পটভূমিত গঢ় লোৱ। উক্তি । বৰ্তমানৰ শিক্ষাৰ লক্ষ্য 'আত্মবৎ সর্বভূতেষু, ভাতৃবৎ চ সর্বভূতেষু" হোৱা বাঞ্ছনীয়। তথাপি কৃষি প্রধান দেশ ভাৰতক উদ্যোগমুখী কৰি তুলিবলৈ পৰ্য্যাপ্ত কাৰিকৰী শিক্ষা অর্থাৎ হাতে কামে লাগি অভিজ্ঞত। অৰ্জন কৰাৰ শিক্ষা প্ৰৱৰ্তন কৰা বাঞ্ছনীয়। এজন নাগৰিক চাকৰিমুখী নহৈ স্বাৱলম্বী হব পৰাৰ শিক্ষা ব্যৱস্থা হোৱ। ভাল। উত্তৰ পুৰুষৰ ওপৰতে দেশৰ ভৱিষ্যৎ নির্ভৰ কৰে যেতিয়া ৰাষ্ট্ৰই সৰ্বতে। প্ৰকাৰ প্ৰষত্নৰে অধিক খৰচ বহন কf উত্তৰ পুৰুষক বাস্তৱমুখী কর্মঠ শিক্ষা প্রদান কৰিব লাগে। আশা কৰো নতুন শিক্ষ। অচনিয়ে ( New Education Policy ) অদূৰ ভৱিষ্যতে এই লক্ষ্যত উপনীত কৰাব । দিনে দিনে বাঢ়ি অহা তথাকথিত শিক্ষিত নিবনুৱা সমস্যাই আমাৰ দেশৰ যুৱশক্তিৰ অপচয়ৰ ছবিখনি বিশ্বৰ আগত ডাঙি ধৰিছে আৰু ডেকা শক্তি অথলে গৈছে । যি শিক্ষা পদ্ধতিয়ে হাজাৰ হাজাৰ যুৱকক কর্মমুখী কৰিব নোৱাৰে সেই পদ্ধতিক ভাল বুলি কব নোৱাৰি ।
সতীৰ্থসকললৈ পৰামৰ্শ : কবি জন্ম হয়, তৈয়াৰ নহয় । সেই দৰে প্রকৃত শিক্ষক জন্ম হয়, যি সম্মুখত থকা ছাত্ৰ-ছাত্ৰীৰেই নহয় সমাজখনৰে। শিক্ষক হৈ পৰে অৰ্থাৎ সমাজত এজন আদর্শ পৰামৰ্শদাতা ৰূপে গণ্য হয়। এনে শিক্ষক সাম্প্রতিক কালত নাই এনে নহয় ; বিৰল। বৰ্তমানৰ স্কুল কলেজৰ সংখ্যালৈ চাই তেনে গুণী
জ্ঞানী শিক্ষক অধিক পোৱা নাযায়। সৰহখিনি শিক্ষকে পেটৰ দায়ত পৰিহে শিক্ষকতাক বৃত্তি হিচাবে লয়। গুণী শিক্ষক হবলৈ সাধনাৰে। আৱশ্যক। আমি যি চান শিশুৰ আগত শিক্ষা প্রদান কৰো সেই সকল আচলতে পূর্ণ মানুহ । আমাৰ শিক্ষকৰ দুর্বলতা বা শিক্ষা প্ৰদানৰ বিমুখতাখিনি ছাত্র ছাত্রীয়ে দেখে আৰু বুজি পায়। শিশুসকলৰ মন পৈণত কাৰণেই আমি প্ৰকাশ কৰা শব্দবোৰ আৰু আমাৰ অভাৱবোৰ সংযত আৰু যথোপযোগী হোৱা প্রয়োজন। তেওঁলোকক দিব পৰাখিনিত অপাৰগ হলে আমাৰ দৈন্যতাখিনি বুজি উঠে আৰু প্ৰাপ্যখিনি নাপালেই হুমুনিয়। কাঢ়ে । তেনে হতাশাবোৰ লগ লাগি অভিশাপত পৰিণত হয়
আমাৰ বহুত শিক্ষকৰে ধাৰণা যে ডিগ্রী বা প্রশিক্ষণ পাচ কৰিলেই প্রকৃত শিক্ষক হওঁ আৰু আমাৰো যে জ্ঞান আহৰণ কৰিব লগা আছে সেই কথা লৈ ভ্রুক্ষেপ নকৰোঁ। সেই কথা প্রকৃত শুদ্ধ নহয়। আজীৱন জ্ঞান আহৰণৰ স্পৃহ। যাৰ থাকে তেওঁহে প্রকৃত শিক্ষক হয়। অধ্যয়ন পুষ্ট মন সদায় সতেজ আৰু তেওঁহে যুগোপযোগ। শিক্ষা প্ৰদান কৰিবলৈ সমর্থ হয়। প্রবাদ আছে যে "পঢ়াই পঢ়ে ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন।" পঢ়াজনৰ অধ্যয়নৰ প্ৰতি যেনে অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন পঢ়াওঁতা জনেও কি কৌশলেৰে ভাল পঢ়াব পাৰি তাৰ প্ৰতি সজাগ থকা প্রয়োজন।
এই কথাও অনস্বীকাৰ্য্য নহয় যে ৰাজনীতিৰ বা সমাজনীতি মেৰপাকত পৰি বা উপযুক্ত ক্ষেত্র তথা পৰিবেশৰপৰা বঞ্চিত হৈ বহুঞ্জন আগ্রহী শিক্ষকে শিক্ষ। প্ৰদানত আত্মনিয়োগ কৰিবলৈ সুযোগ নাপাই যন্ত্ৰৰ দৰে গতানুগতিক হৈ পৰে আৰু নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাত ব্যর্থ হয়। তথাপি সুযোগ সন্ধানী সকলে নিজস্ব কৰ্তব্য আন্তৰিকতাৰে পালন কৰিলে শিক্ষাৰ ক্ষেত্ৰখন বহুগুণে প্রোজ্জ্বল হব বুলি কব পাৰি। আজি কালি ৰাজনীতিকৰ স্বাৰ্থপূৰণৰ বলি হৈ শিক্ষকৰ ক্ষেত্ৰখন কলুষিত হৈছে।
জাতীয় চৰকাৰে শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ কল্যাণৰ হকে সকলোখিনি কৰিব পৰা নাই যদিও ভালেখিনি যে ইতিমধ্যে কৰিছে তাকো মুই কৰা টান । ধনৰ প্ৰতি আগ্ৰহী হোৱাতকৈ গুণ আৰু কৰ্তব্যৰ প্ৰতিহে হব লাগে। ধন সদায় নাথাকে কিন্তু এজন সু শিক্ষকৰ যশ মান, কৃতিত্ব ছাত্ৰসকলৰ মনত আজীৱন সজীৱ হৈ থাকে। সেই গুণৰাশি প্ৰদৰ্শন কৰিবলৈ প্ৰযত্ন কৰিলে শিক্ষকজন নিশ্চয় চিৰ স্মৰণীয় হব। আজিৰ শিশুক ভৱিষ্যতৰ বাবে প্ৰকৃত কৰি গঢ়িব পাৰিলে তেনে নাগৰিকৰ দ্বাৰা দেশৰো মঙ্গল হব আৰু সমাজৰে। হিত সাধন হব। সতীৰ্থসকলে শিক্ষকতাক ধন ঘটাৰ উপায় বুলি গণ্য নকৰি পৱিত্ৰ কৰ্তব্য বুলি ভাবিলে শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সাধনত সফল হব সন্দেহ নাই। ওম্ শান্তি ।
ৰাজ্যিক পুৰষ্কাৰপ্ৰাপ্ত শ্ৰীযূ, লেশ্বৰ কাকতি, প্রধান শিক্ষক
দেৰগাঁও মৌজাৰ পূৰ্বাঞ্চলৰ টেকেল। বৰুৱা গাঁৱত ১৯৩১ চনৰ ২৮ আগষ্টত মোৰ জন্ম হয়। পিতৃৰ নাম স্বৰ্গীয় ৰত্ন কাকতি আৰু মাতৃৰ নাম স্বৰ্গীয়া মুহিলা কাকতি। মোৰ পিতৃদেৱ এগৰাকী কৃষক ।
মোৰ প্ৰাথমিক শিক্ষ। আৰম্ভ হয় হলৌ গাও প্রাইমাৰী বিদ্যালয়ত। ১৯৪৫ চনত এম্ ভি আৰু ১৯৪৭ চনত এম্ ই পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ ৭ম মান শ্ৰেণলৈকে পঢ়ি ঘৰুৱা অৱস্থা শোচনীয় হোৱাত শিক্ষা সাং কৰি খেতি-বাতি আৰু ঘৰুৱা শিক্ষকতা কৰি উপাৰ্জনৰ পাতনি মেলো ।
শিক্ষাদানৰ প্ৰতি মন আগ্রহী হোৱাত গোলাঘাট মহকুমাৰ ডেপুটি ইন্সপেক্টৰ মহোদয়ক এখনি আবেদন দি সাক্ষাত কৰো । মোৰ প্ৰতি বিভাগীয় কর্তৃপক্ষ সদয় হৈ মবঙ্গী মৌজাৰ অতি দুর্গম স্থান ৰকিয়াল গাঁৱত শিক্ষকতা কৰিবৰ সুযোগ পাওঁ আৰু ৭।২।৪৯
তাৰিখৰপৰা শিক্ষকতা জীৱনত ভৰি দিওঁ। পাচ পৰা অঞ্চলৰ বাসিন্দা বুলি অৱজ্ঞা নকৰি গাঁৱৰ ৰাইজক সুপথেৰে পৰিচালিত কৰি কণ কণ ছাত্র ছাত্রীক পোহৰৰ পথ দেখুৱাৰ লগতে বয়সীয়াল সকলৰ নিৰক্ষৰতা দূৰ কৰা হয় ।
১৯৫১ ৫২ চনত খোৱাং গুৰু ট্রেইনিং অনুষ্ঠানৰপৰা ড্ৰিষ্টিংচন লৈ গুৰু ট্রেইনিং প্রশিক্ষণ পাচ কৰো।
ৰাজ্যিক শিক্ষা সংস্থাৰ ২ নং প্ৰকল্পত বিদ্যালয়খনি অর্ন্তভূক্ত কৰাত সকলো দিশতে প্রশিক্ষণ আদি লৈ শিক্ষাৰ মানদণ্ড উন্নতিৰ কাৰণে প্রচেষ্টা চলোৱা হয়। দেৰগাওঁ টাউন অভ্যসন বিদ্যালয়ৰ বর্তমান সময়লৈকে ৪৮ জন ছাত্র ছাত্রীয়ে যোগ্যতাবে বৃত্তি লাভ কৰিছে ।
মই সমাজৰ সকলো ক্ষেত্ৰতে জড়িত আৰু সমাজৰ কাম কৰি ভাল পাওঁ। সেয়ে দেৰগাঁওৰ সকলো অনুষ্ঠান প্রতিষ্ঠানৰ লগত সম্পর্ক আছে। মোৰ মহাপুৰুষ শঙ্কৰদেৱৰ কলা, কৃষ্টি, সাংস্কৃতিক কৰ্মৰাজিত ৰাপ আছে। গায়ন, ভাওনা, নাম প্ৰসংগ, বৰগীত আৰু অন্যান্য গীত মাত আদি গোটেই জীৱন চৰ্চা কৰি আহিছো। ১৯৮৩ চনত অসম চৰকাৰে কৃতী শিক্ষক হিচাপে যোগ্যতাৰ পুৰস্কাৰ প্ৰদান কৰে ।
অসম চৰকাৰৰ তত্ত্বাৱধানত হোৱা অসম প্রাথমিক বৃত্তি পৰীক্ষাৰ পৰীক্ষক হিচাবে মূল্যায়ন কৰিবলৈ সুযোগ পাওঁ।
বর্তমান শিক্ষা ব্যৱস্থাৰ মতামত :
বৰ্তমান শিক্ষা ব্যৱস্থাৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মতামত গুনা যায়। কিন্তু এইটো ঠিক যে আমাৰ শিক্ষা ব্যৱস্থাত কিছুমান কেৰো আছে আৰু তাক আঁতৰাবলৈ সমাজত এটা জাগৰণ হোৱা দেখা গৈছে। স্বাধীনতাৰ দুকুৰি বছৰ হৈ যোৱাৰ পিছতো আমাৰ দেশত
শিক্ষিতৰ হাৰ আশানুৰূপে বৃদ্ধি পোৱা নাই। এখন স্বাধীন আৰু গণতান্ত্রিক দেশত সৰ্বসাধাৰণক শিক্ষিত কৰি তুলিবলৈ আমাৰ শিক্ষা ব্যৱস্থাক প্রস্তুত কৰি তুলিব লাগিব। ৰাষ্ট্ৰীয় নতুন শিক্ষা ব্যৱস্থাই দেশখনত শিক্ষাৰ ক্ষেত্ৰত বিশেষ ধৰণৰ পৰিবৰ্তন আনিব বুলি আশা কৰিব পাৰি । কিন্তু প্রাথমিক শিক্ষাৰ উন্নতিৰ ওপৰত আমি সদায় গুৰুত্ব দি আহিব লাগিব ।
ভৱিষ্যত শিক্ষক-শিক্ষয়িত্ৰীলৈ পৰামৰ্শ :
দেশৰ যি কোনো শিক্ষা ব্যৱস্থাকেই ফলপ্রসু কৰি তুলিবলৈ হলে শিক্ষকৰ প্ৰচেষ্টাই হ'ল মূল কথা। অভিভাৱক তথা সমাজকো সচেতন কৰি তুলিবলৈ হ'লে শিক্ষকসকলেই চেষ্টা কৰিব লাগিব। বিশেষকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থাত শিশুসকলৰ ভৱিষ্যত জীৱন চৰিত্ৰ গঠন কৰাত শিক্ষকসকলৰ দায়িত্ব অসীম। শিক্ষকসকলৰ প্ৰতিও, তেওঁলোকৰ অসুবিধা আৰু অভাৱবোৰৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আছে সঁচা, কিন্তু ছাত্ৰৰ মাহুত নিয়মানুবর্তিতা, সংযম, শিক্ষাৰ প্ৰতি একনিষ্ঠতা, চৰিত্ৰৰ দৃঢ়তা সৃষ্টি কৰিবৰ বাবে আমাৰ শিক্ষকসকলৰ যথেষ্ট পৰিশ্ৰম একাগ্ৰতা, ধৈৰ্য আৰু কিছু ত্যাগৰ প্রয়োজন। শিক্ষক হিচাবে প্রত্যেক শিক্ষকেই প্রয়োজনীয় অৰ্হতাৰে নিজক প্ৰস্তুত কৰি লব লাগিব ।
ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শ্রীঠানুৰাম শৰ্মা
জীৱনী হৈছে একোজন পুৰুষৰ কর্মময় জীৱনৰ চমু ইতিহাস। জীৱন কালৰ সুখ-দুখ, হাঁহি-কান্দোন, ঘাট-প্রতিঘাটৰ একোখন বাস্তৱ ছবি জীৱনীত প্রতিফলিত হয়। একোজন আদর্শ পুৰুষৰ আদৰ্শৰ চানেকিয়ে হৈছে পৰবৰ্ত্তী সমাজখনৰ বাবে উন্নতিৰ সোপান। মোৰ শৈক্ষিক জীৱনৰ চমু ইতিহাস পৰবৰ্ত্তী সমাজ খনৰ বাবে কেনে আদর্শনীয় সেযা মোৰ বাবে ভাবাতীত কথা। তথাপি ত্রুটী বিচ্যুতিৰ মাজেদি অতীত হোৱা মোৰ জীৱনৰ চমু পৰিচয় দাঙি ধৰিলোঁ।
১৯২৮ চনৰ ৩১ ডিচেম্বৰত নগাওঁ জিলাৰ কাছমাৰী মৌজাৰ বেবেজীয়া গাঁওত মোৰ জন্ম হৈছিল। মোৰ পিতাৰ নাম ৺মণিৰাম শৰ্ম। আৰু মাতৃৰ নাম শ্রীমতী ভদ্রেশ্বৰী দেবী। দেউতা ঐশ্বৰ্য্যশালী লোক নাছিল। কোনোমতে পেট ভাত মুকলি কৰি খাই আছিল । মাটি-বাৰি বুলিবলৈ মাত্ৰ কেই বিঘা মান মাটি আছিল। তেখেতৰ প্রধান জীৱিকা যজমান বৃত্তিয়ে আছিল বুলিব পাৰি ।
১৯৩৩ চনত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল। দেউতাই মোক বেৰেজীয়া প্রাথমিক বিদ্যালয়ত নাম ভৰ্ত্তি কৰাই দিছিল। ভেভিয়া শ্ৰীযুত জীৱন বৰাদেৱ বিদ্যালয়ৰ হেড, পণ্ডিত আছিল। তেওঁ স্বভাৱত বৰ অমায়িক আছিল। আমাৰ বাবে তেওঁ এজন আদর্শনীয় শিক্ষক আছিল । ১৯৩৮ চনত এই বিদ্যালয়ৰ পৰ। উত্তীৰ্ণ হৈ বেবেজীয়। হাইস্কুলত ভৰ্ত্তি হৈছিলোঁ। এই বিদ্যালয়ত মই অষ্টমমান শ্ৰেণীলৈকে পঁঢ়িছিলোঁ। ছাত্র হিচাপে মই মধ্যমীয়া আছিলোঁ। ইমানতে মোৰ শিক্ষা জীৱনৰ অন্ত পৰিছিল। কিয়নো সেই সময়ত চিৰ নমস্য ৺দেশভক্ত তৰুণ ফুকন, ৺কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আদি দেশ প্রেমীক নেতাসকলে অসমত ভাৰত স্বাধীনতা আন্দোলনৰ গুৰি ধৰিছিল। আমাৰ নগাওঁ জিলাতো ৺মতিৰাম বৰা, ৺পূৰ্ণ শৰ্মা আদি নেতাসকলৰ সবল নেতৃত্বত এই আন্দোলনৰ ভৰপক হৈছিল। মই বিয়াল্লিশৰ গণ আন্দোলনত অংশ গ্ৰহণ কৰিছিলোঁ। ১৯৪৩ চনত কৰ্ণাটকত গাওঁ ৰক্ষী বাহিনীৰ প্ৰশিক্ষণ লবলৈ গৈছিলোঁ। তেতিয়া নগাঁৱৰ পৰা ৺ বসুদেৱ শৰ্মা আৰু ৺সতীন্দ্ৰ শৰ্মাহতো গৈছিল। এই প্রশি ক্ষণৰ কাল ৬ মাহ আছিল। প্ৰশিক্ষণৰ পাছতে মোক নগাওঁ জিলাৰ গাওঁ ৰক্ষী বাহিনীৰ নায়ক হিচাপে নিযুক্তি দিছিল । মই মোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিলোঁ। দায়িত্ব পালন কৰিও বৰ আমোদ পাইছিলোঁ।
ইয়াৰ পাছত নিবনুৱা জীৱন যাপন কৰাটে। মোৰ পক্ষে বৰ অসহনীয় হৈছিল। সেই কাৰণে আত্ম নিৰ্ভৰশীল বৃত্তি অবলম্বন কৰিম বুলি ভাবি ১৯৪৩ চনত মই কঠিয়াতলী মৌজাৰ গক বন্ধ। ৰিজাৰ্ভৰ ওচৰত নামবৰ গাওঁলৈ আহি ফল-মূলৰ বাগিছা প্ৰতিষ্ঠা কৰিছিলোঁ। এইটোৱে আছিল মোৰ জীৱিকাৰ তেতিয়া একমাত্র সম্বল। এনেতে ১৯৪৯ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে মাননীয় শিক্ষা মন্ত্রী মতিৰাম বৰাই প্ৰাইমাৰী স্কুলৰ শিক্ষক হিচাপে মোক নিযুক্তি দিয়ে। মই দৰমহা পাইছিলো ১২ টকা মাত্র। এইদৰে মোৰ শৈক্ষিক জীৱন
আৰম্ভ হৈছিল। প্রথমে মই নগাওঁ জিলাৰ ভেগৌগুৰি প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিলোঁ। তেতিয়। নগাওঁ জিলা শিক্ষা সংমণ্ডলৰ ডি. আই আছিল ৺জয় কান্ত শর্মা।
চাকৰি জীৱন আৰম্ভ হোৱাৰ ৩ বছৰৰ পাছত মোৰ সাংসাৰিক জীৱন আৰম্ভ হৈছিল। ৺সোনাৰাম বৰঠাকুৰৰ একমাত্ৰ জীয়ৰী শ্রীমতী সাবিত্রী দেবীৰ সৈতে মোৰ শুভ বিবাহ হৈছিল। আর্থিক অৱস্থা পুতৌ জনিত হোৱাৰ বাবে মোৰ বৈবাহিক জীৱনৰ প্ৰাৰম্ভিক কাল নানা আহৈ-আহুকালৰ মাজেদি পাৰ হৈ গৈছিল ।
মই কঠিয়ালী আৰু ভেলৌগুৰি অঞ্চলৰ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত আছিলোঁ। সেই সময়ত কঠিয়াতলীত উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিল ১৯৪৯ চনত কঠিয়াতলীত চন্দন চিং বৰদলৈ এম, ই স্কুল প্রতিষ্ঠ হৈছিল ১৯৫৯ চনত কঠিয়াতলী হাইস্কুল প্রতিষ্ঠ। হৈছিল । এই দুয়োখন স্কুলৰ প্ৰতিষ্ঠাপক কৰ্মীসকলৰ সৈতে ময়ে। জড়িত আছিলো। কিন্তু ভেলৌগুৰি এম, ইস্কুলখন মোৰ চেষ্টাতে গঢ় লৈ উঠিছিল। ১৯৬০ চনত মোক এই স্কুলৰ সম্পাদক হিচাপে নিযুক্তি দিয়ে। মোৰ কাৰ্য্যকালৰ ভিতৰতে স্কলখনে চৰকাৰী মঞ্জুৰী পাইছিল । ইয়াৰ উপৰিও সৰু সুৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো মই জড়িত আছিলোঁ। এইদৰে মোৰ চাকী জীৱন নানা ঘাট-প্ৰতিঘাট আৰু কৰ্মৰ মাজেদি অতিবাহিত কৰি ১৯৮৬ চনৰ ৩১ মার্চ'ত অৱসৰ পাওঁ ।
শিক্ষকৰ সমূহ গুণ মোৰ নাছিল। কিন্তু প্রকৃত শিক্ষক হবলৈ যৎপৰোনাস্তি হ'লেও চেষ্টা কৰিবলৈ কৃপানালী কৰা নাছিলোঁ। শিক্ষকতা মই পেশা বা বৃত্তি হিচাপে লোৱা নাছিলোঁ। শিক্ষকতা মোৰ জীৱনৰ ব্ৰত আছিল। ফুল কুমলীয়া ল'ৰা ছোৱালীহঁতক পাঠ দান কৰি অপাৰ আনন্দ পাইছিলোঁ। ১৯৮৭ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মোক অসম চৰকাৰে "অসম ৰাজ্যিক বটা" আগ বঢ়াইছিল। চৰকাৰে প্ৰদান কৰা কৃতি শিক্ষকৰ এই বঁটাটোৱে মোৰ শ্ৰম সাৰ্থক
হোৱাৰ স্বাক্ষৰ বহন কৰিলে। তথাপি মই ইয়াৰ বাবে বেছি আমোদ পোৱা নাই। মই নিজ হাতে গঢ়ি তোলা ছাত্র-ছাত্রীসকলে যে আজি দেশৰ ধৰণী স্বৰূপ হৈ পৰিছে, ইয়াত হে বেছি আনন্দ পাইছোঁ।
প্ৰকৃত ছাত্ৰ গঢ়ি তোলাই প্রত্যেকজন শিক্ষকৰ কৰ্তব্য হওক এয়ে আমাৰ কামনা।
শিক্ষানীতিৰ ওপৰত মতামত :শিক্ষা বুলিলে সাধাৰণতে আমি লিখা-পঢ়া আৰু গণনা কৰাৰ কথাই বুজেঁাঁ। প্ৰকৃততে লিখা-পঢ়া আৰু গণনা কৰাকেই এটি শিশু তথা মানব জীৱনৰ সৰ্বাঙ্গ বা সম্পুর্ণ শিক্ষা বুলি আমি শ্ব নোৱাৰে । আমি তেতিয়াহে এটি শিশুক সম্পূর্ণ শিক্ষা প্রাপ্ত বুলি কব পাৰিম, যেতিয়া। শিশুটিৰ শাৰীৰিক, মানসিক আৰু নৈতিক আৰু আধ্যাত্মিক বিকাশ ঘটিব ।
মই পঞ্চাঙ্গ পদ্ধতি, সমন্বয় পদ্ধতি, বেল্টন পদ্ধতিৰ কিতাপ আৰু আৰুণিক, প্রহ্লাদ আদি গুৰুসকলৰ তত্বজ্ঞান, পূৰ্বব আশ্ৰমৰ শিক্ষাৰ কিতাপসমূহ পঢ়ি যি অভিজ্ঞতা পাইছিলোঁ ইয়াৰ পৰা বুজিব পাৰিছোঁ, যে পূৰ্বৰ গুৰুসকলৰ আশ্ৰমৰ শিক্ষাতকৈ বৰ্তমানৰ শিক্ষানীতি বহুত উজু হ'ল। কিন্তু তুলনামূলক ভাবে আধ্যাত্মিক শিক্ষা বিলুপ্তিৰ পথত। বর্তমান আধ্যাত্মিক জ্ঞান শিক্ষাৰ মাজত নাই বুলিব পাৰি । ইয়াৰ ফলত শিশুৰ মানসিকতাত ঘুনে ধৰিছে আৰু নৈতিক অধপতন হৈছে। সৎ শিক্ষা বুলিলে আধ্যাত্মিক আৰু নৈতিকতালৈ লক্ষ্য ৰাখি শিক্ষা দান কৰাকেই বুজায়। এই দৃষ্টিভঙ্গিৰ মাধ্যমেৰে শিক্ষা দান কৰিলেহে প্ৰকৃত ছাত্ৰ গঢ়ি তুলিব পাৰি ।
শিক্ষাৰ ডাঙৰ ডাঙৰ প্ৰমাণ পত্ৰ পালেই মানুহ প্রকৃত শিক্ষিত হৈছে বুলিব নোৱাৰি। এইবোৰ ব্যৱসায়ৰ আহিলাহে মাত্র। এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিছো - এজন শিক্ষকে এখন গাওঁ বা নগৰত দধীচি মুনিৰ নিচিন। এজন ছাত্ৰ তৈয়াৰ কৰিম বুলি বন্ধ কৰিলে আংশিক ভাবে শতকৰা বিশজনকহে উপকৃত কৰাব পাৰিব। ইয়াৰ
প্ৰধান কাৰণ হৈছে। বংশানুবর্তন, পৰিবেশ আৰু অৰ্থনৈতিক অৱস্থা আদিৰ হেঁচা। এইবোৰ হেঁচাৰ বাবেই বাকীসকল ক্ষতি গ্ৰস্ত হোৱাৰ মূল কাৰণ। কিন্তু সেইবোৰ কাৰণ অধ্যয়ন কৰি শিক্ষা দান কৰিলেহে ছাত্র সংলে উপকৃত হ'ব বুলি ভাবোঁ আৰু শিক্ষক সকলৰে। সেইটোৱে কর্তব্য হ'ব লাগে।
ভবিষ্যত শিক্ষকৰ প্ৰতি পৰামৰ্শ :"পঢ়াই পঢ়ে ৰুৱে পাণ
এই তিনিয়ে নিচেন্তে আন।"
এই প্রবচন ফাঁকিৰ পৰা বুজা যায় - শিক্ষা গ্ৰহণ কৰাটো যিমান টান কাম, ঠিক তেনেকৈ পঢ়োৱা অৰ্থাৎ শিক্ষা প্ৰদান কৰাটোও সহজ নহয়। শিক্ষক হ'বলৈ হ'লে নিজেও এক প্ৰকাৰ শিক্ষার্থী হ'ব লাগিব । শিক্ষা দান বা পাঠদান কৰাৰ আগতে বিষয় তথা পাঠটোৰ বিষয়ে পুংখানুপুংখ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব লাগে সকলো ছাত্র-ছাত্রী সমান মেধাবী নহয়। তেওঁলোকৰ মন আৰু মগজুও সমান নহয়। সেই কাৰণে তেওঁলোকৰ মানসিক আৰু অদ্যান্য পৰিবেশৰ কাৰণ অধ্যয়ন কৰিহে শিক্ষা দান কৰিব লাগে। তদুপৰি পাঠদানৰ উপযুক্ত আৰু লাগতীয়াল আহিল। আৰু পৰিবেশ সজাই পৰাই লোৱা ভাল। আহিলা সমূহৰ অভাবেও পাঠদান কার্য্যত বাধা সৃষ্টি কৰা দেখা যায়।
কেতিয়াবা ছাত্রইহে শিক্ষক জনতকৈ ওজা হোৱা দেখা যায়। ছাত্ৰৰ উত্তৰ আৰু প্ৰশ্নৰ পৰাও বহুত শিকিব লগীয়া কথা থাকিব পাৰে । এই ক্ষেত্ৰত শিক্ষক অতিষ্ঠ হ'ব নালাগিব । উপস্থিত বুদ্ধি খটুৱাই ছাত্ৰজনে সন্তুষ্ট হোৱাকৈ উত্তৰ দিব লাগিব।
শিক্ষক জন আৰ্হি হ'ব লাগিব। তেওঁৰ সাজ-পোছাক, কথাবতৰা, ছাল-চলন, আচাৰ-ব্যৱহাৰ অনুকৰণীয় হোৱা বাঞ্চনীয়। কণ কণ ছাত্র-ছাত্ৰীয়ে নিজৰ অভিভাবকতকৈও শিক্ষকৰ কথা বেছি
অনুকৰণ আৰু অনুসৰণ কৰা বাস্তৱত দেখা যায়। সেয়েহে শিক্ষক বা শিক্ষয়িত্রী নিতান্তই শ্রদ্ধাভাজন, আদর্শবান হোৱাটো প্রয়োজন । ফুল পুলিক মালিয়ে যিদৰে যত্ন লয়, সেইদৰেই শিক্ষকে ছাত্র-ছাত্ৰীক যত্ন লোৱা প্ৰয়োজন। এই দিশৰপৰা শিক্ষকৰ দায়িত্ব যথেষ্ট।
মোৰ শিক্ষকতাৰ কালচোৱাত এইদৰে বিভিন্ন দিশত পোৱা অভিজ্ঞতাৰ পৰা মই পৰৱৰ্তী শিক্ষকসকলৰ প্ৰতি পৰামৰ্শ আগ বঢ়ালো ।
ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক
শ্রীজিতেন্দ্র নাথ শৰ্মা, অৱসৰ প্ৰাপ্ত প্রধান শিক্ষক
তেতিযা আহিন মাহৰ ২ তাৰিখ ১৯৩২ চনৰ ২ আহিন তাৰিখত বাটশৰ গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম ৺হৰিবান্ত শৰ্মা আৰু মাতৃ গোবিন্দ। প্রিয়া দেৱী । পিতৃ-মাতৃযে উভযে ধৰ্মাপৰাযণ আছিল। পিতৃদেৱ সংস্কৃত শিক্ষা প্ৰেমী লোক আছিল । পিতৃদেৱৰ মই ২ ল'ৰা সন্তান। শাস্ত্রীয় মতে ৫ বছৰ বয়সত বিদ্যাৰম্ভ হ'ল ৬ বছৰ বযসত গাঁওৰ পৰা ২ মাইল আঁতৰত থকা নিম্ন প্রাইমাৰী স্কুলত পিতাই নাম লিখাই দিলে। ১৯৩৭ চনত "বর্নি" নিম্ন প্রাইমাৰী স্কুলৰ পৰা প্ৰাইমাৰী স্কুল পাছ কৰিলো । ১৯৪১ চনত ২য় বিভাগত এম, ই পাছ পৰিলো । ১৯৪২ চনৰ গণ আন্দোলনত প্রায় ৪ মাহৰে। অধিক কাল সমাজৰ তথা নিজ গাওঁৰ সংগঠনমূলক কামত নিজকে আত্মনিয়োগ কৰিছিলো। ১৯৪২ চনৰ গণআন্দোলনে স্কুলত নাম কাটিলে। গাঁওৰ এজন
লোকে আমাক তিনিজন ল'ৰাক লগত নিপুনঃ স্কুলত নাম ভর্তি কৰাই দিলে। শ্ৰেণীত পঢ়ি থাকি ১৯৪৭ চনত কলিকতা বিশ্ব বিদ্যালয়ৰ অধীনত Matriculation পৰীক্ষা পাছ কৰিলো। ঘৰৰ আৰ্থিক অৱস্থা সন্তোষজনক নাছিল যদিও পিতাৰ অনুমতি সাপেক্ষে কলেজত নাম লগালো।
শিক্ষকতাৰ পটভূমি :
১৯৫০ চনত শাই এ মহলাৰ ফাইনেল পৰীক্ষা দি ককয়া হাইস্কুলত সহকাৰী শিক্ষক হিচাপে প্রায় ২ বছৰ কাল কাম কৰিলো। তাৰ পিচত "নবাৰী ছোৱালী হাইস্কুলত" এটি সহকাৰী শিক্ষকৰ পদ খালী হোৱাত গাঁওৰ ।'বা চহৰত থকাৰ আশাতে যোৱা ১৯৫১ চনৰপৰা ১৯৫৫ চনৰ ৩১ আগষ্টলৈ কাম কৰিলো।
চৰকাৰী চাকৰিলৈ মন•ে ইচ্ছা হ'ল। বুনিয়াদী শিক্ষা বিভাগৰ বিশেষ বিষয়াই প্রধান আঞ্চ সহকারী শিক্ষকৰ কাৰণে জলপানী দি শিক্ষক প্রশিক্ষণৰ কাৰণে আবেদন পত্র খুজিলে। মই তিতাবৰ উচ্চ বুনিয়াদী প্রশিক্ষণ মহা বদ্যালয়ত প্রশিক্ষণ লোৱাৰ কাৰণে সুযোগ পালো। নলবাৰী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক পদৰপৰা ১ বছৰৰ কাৰণে "উচ্চ বুনিয়াদী শিক্ষক প্রশিক্ষণ"ত নাম ভৰ্তি কৰিলো। ইয়াৰ পিছত ৩ মাহৰ কাৰণে গুৱাহাটী ছাত্রীবাৰীৰ আৰবান্, বেছিক স্কুলতো Guwahati Satribari Basic School ) কাম কৰিছিলো। যোৱ। ১৯৫৭ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখত "নলবাৰী সত্ৰ মজলীয়া বিদ্যালয়ত" প্রধান শিক্ষক হিচাপে কামত যোগদান কৰিছিলো। ২৯ বছৰৰো অধিক কাল "প্রধান শিক্ষক হিচাপে কাম কৰি জন সমাজত সুখ্যাতি লাভ কৰি আহিছো । গোটেই নলবাৰী জিলাৰ ভিতৰতে এই নলবাৰী সত্ৰ মজলীয়া বিদ্যালয়ৰ মজলীয়। শেষান্ত পৰীক্ষাৰ ফলাফল ভাল।
মই প্রধান শিক্ষক হৈ থাকোতে প্রাইমাৰী শাখাত বৃত্তি পোৱাৰ
উপৰিও মজলীয়া শেষান্ত পৰীক্ষাত পুৰণি কামৰূপ জিলাৰ ভিতৰত ৬ষ্ঠ স্থান পাই মলীয়া পৰীক্ষাত বৃত্তি পাইছিলে। ১৯৬২ চনত নলবাৰী কলেজত তিনিবছৰীয়া বি, এ, পাঠ্যক্ৰম নৈশ শাখাত আৰম্ভ হ'ল, মইও মনৰ আবেগ ৰাখিব নোৱাৰি বি এ ত নাম ভৰ্তি কৰিলো । বহু কষ্টেৰে মই যোৱা ১৯৬৯ চনত বি-এ পাছ কৰিলো ।
মই বি-এ, পাছ কৰাত বিদ্যালয়ৰ ছাত্ৰসকলে মোক ওলগ জনাইছিল । দুগুণ উৎসাহেৰে স্কলৰ কামত লাগি গলো। সমাজতো আগতকৈ সমস্য। অলপ বাঢ়িল যেন। ঘৰৰ ল'ৰা-ছোৱালী আটাই কেইজন ডিগ্ৰীধাৰী হ'ল । হ'ল। কাৰণ পিতাক-মাকক ল'ৰা-ছোৱালীয়ে অনুকৰণ কৰে। ডাঙৰ ল'ৰাটোকো এম্ এছ ছি, পঢ়ুৱালে। সিও এম. এছ ছিত ১ম শ্ৰেণীৰ ৩য় স্থান লৈ পাছ কৰিলে।
১৯৮১ চনত নলবাৰীত প্রতিস্থা হোৱা আইন মহাবিদ্যালয় নলবাৰী সত্ৰ মজলীয়া বিদ্যালয়তে নলবাৰী আইন কলেজখন খোলাৰ কাৰণে লিখিত অনুমতি দিলো। ব্যস্ততাৰ মাজতো আনন্দ আছে। এইদৰে কলেজৰ শ্রেণীসমূহত উপস্থিত থাকি আইন কলেজৰ ৩য় বার্ষিক পালোগৈ। আইন কলেজৰ পাঠ্যক্রম শেষ কৰিলো। লাহে লাহে চাকৰি অৱসৰৰ সময় ওচৰ চাপিলেহি। এই স্কুলত ২৯ বছৰৰো অধিককাল কাম কৰিলো। যোৱা ৩018।৮৬ তাৰিখে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকৰ হাতত ১৯ বছৰীয়া প্রধান শিক্ষকৰ সকলো দায়িত্ব সমজাই দি ঘৰলৈ আহিলো। অবসৰ পালো।
অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰাও মজলীয়া পৰ্য্যায়ৰ শিক্ষা দানৰ ক্ষেত্ৰত, একনিষ্ঠ আৰু কৃতিত্বপূর্ণ সেৱাৰ স্বীকৃতিৰূপে ৰাজ্যিক বঁটা, নগদ ধনৰ বঁটা আৰু এখন প্রশংসাপত্ৰ লাভ কৰিলে।।
শিক্ষা ব্যৱস্থাত মতামত :
শিক্ষা ব্যৱস্থা স্থবিৰ বা স্থিতিশীল (static) নহয়। ই হৈছে গতিশীল (dynamic)। দেশ বা সমাজ এখনৰ শিক্ষা ব্যৱস্থা দেশখনৰ
| pdf |
77d826f21f005453deb776217e3c11ddfc70a3be | কৰ্ণাটকত সিদ্ধান্ত লোৱা হৈছে মুখ্যমন্ত্ৰীৰ নাম। ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব সিদ্দাৰামাইয়া, যাৰ বিষয়ে কংগ্ৰেছ দলে শীঘ্ৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব। কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্ত লৈছে সিদ্দাৰমাইয়াৰ নাম। অতি সোনকালে তেওঁলোকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। একে সময়তে কাইলৈ সিদ্দাৰমাইয়াই শপত ল'ব পাৰিব। বৰ্তমান চৰ্চালৈ আহিছে চিদ্দাৰমৈয়াৰ সম্পত্তিৰ বিষয়ে....
বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ লগতে দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে সিদ্দাৰামাইয়াৰ ১৯ কোটি টকাৰো অধিক সম্পত্তি আছে। কংগ্ৰেছৰ অন্যতম ধনী নেতা সিদ্দাৰমাইয়া। ইয়াৰে ৯. ৫৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৯. ৪৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে ১৩টা গোচৰ চলি আছে। ছিদ্দাৰমাইয়াৰ হাতত আছে নগদ ৭ লাখ ১৫ হাজাৰ, ৬৩ লাখ ২৬ হাজাৰ ৪৪৯ বেংক জমা, ১৩ লাখ টয়োটা ইনোভা গাড়ী, ৫০ লাখ ৪ হাজাৰ ২৫০ সোণৰ গহনা আৰু বহুতো বস্তু। আনহাতে স্থায়ী সম্পত্তিৰ ভিতৰত আছে ১ কোটি ১৫ লাখ টকাৰ কৃষিভূমি, ৩ কোটি ৫০ লাখ অকৃষিভূমি, ৫ কোটি মূল্যৰ বাণিজ্যিক ভৱন আৰু ৬ কোটি মূল্যৰ ফ্লেট আৰু ঘৰ।
আনহাতে, শিক্ষাৰ কথা কওঁতে সিদ্দাৰামাইয়াই মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চিত স্নাতক ডিগ্ৰী লাভ কৰে, তাৰ পিছত তেওঁ অধিবক্তাৰ বৃত্তি বাছি লয়। ছিদ্দাৰমাইয়াৰ বিৰুদ্ধে ১৩টা গোচৰ ৰুজু হৈছে। চিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ মাজত চাৰিদিনৰ মাৰাথন যুজঁৰ অন্তত কংগ্ৰেছে সিদ্দাৰামাইয়াৰ নামত অনুমোদন জনাইছে। | web |
12be762c1a7a7f2c8ba82521fb7efe04a0cf97fe | কবিতা লিখি অসম আৰক্ষী হাতত গ্ৰেপ্তাৰ হোৱা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক পৰীক্ষাত বহাত অনুমতি আদালতৰ। গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে বন্দী হৈ থকা ছাত্ৰী গৰাকীক পৰীক্ষা দিয়া অনুমতি প্ৰদান কৰে।
কাৰাবন্দী অৱস্থাতে নিৰাপত্তা ব্যৱস্থাৰ মাজত স্নাতক দ্বিতীয় ছেমিষ্টাৰ পৰীক্ষা দিব পাৰিব। উল্লেখ্য বিগত ১৮মে'ত গ্ৰেপ্তাৰ হৈ বন্দী হৈ থকা ছাত্ৰী গৰাকী অহা ১৬জুলাই পৰা পৰীক্ষা আছে। | web |
b80826cafc9b44e90006f5f5500f4e44254a9c7668e95c61d2a6e3de5e2706bc | Book Title
একঃ কোনো কাম কৰাৰ সময়ত আল্লাহ তা'আলাৰ ওপৰত ভৰসা কৰা। কিয়নো কাম আৰু কামৰ কাৰণ উভয় আল্লাহৰ ফয়চালা আৰু তাকদীৰৰ লিখনি।
দুইঃ মনৰ সুখ আৰু অন্তৰৰ প্ৰশান্তি লাভ। কিয়নো নিজ দায়িত্ব হিচাপে কার্যকাৰণ সম্পন্ন কৰাৰ পিছত মনে যেতিয়া এই কথা জানিব পাৰিব যে, আটায়ে আল্লাহৰ ফয়চালা সেয়ে অনাকাংখিত যি ঘটিবলগীয়া সেয়া ঘটিবই তেতিয়া মন নিশ্চিত থাকিব। আৰু অন্তৰে প্রশান্তি লাভ কৰিব। আৰু আল্লাহৰ ফয়চালাত সন্তুষ্টি থাকিব। এনে মূহুৰ্তত তাকদীৰত বিশ্বাসী এজন লোকৰ বাহিৰে আন কোনোৱে ইমান সুন্দৰ জীৱন, শক্তিশালী মন আৰু প্ৰশান্ত হৃদয়ৰ অধিকাৰী হ'ব
তিনিঃ উদ্দেশ্য অর্জন হলে আত্মগৌৰৱ আৰু অহংকাৰ পৰিত্যাগ কৰা। কিয়নো উদ্দেশ্য অর্জন হোৱাটো আল্লাহৰেই অনুগ্রহ ও কল্যাণ আৰু মুক্তি লাভৰ কাৰণ। সেয়ে নেক বান্দাহ আল্লাহ তা'আলাৰ কৃতজ্ঞতা আদায়ৰ মাধ্যমত আত্মগৌৰৱ আৰু অহংকাৰ পৰিত্যাগ
চাৰিঃ উদ্দেশ্য অর্জন নহলে অথবা অপ্রত্যাশিত কিবা ঘটিলে অন্তৰৰ পৰা অশান্তি আৰু অস্থিৰতা দূৰ কৰা। কিয়নো বান্দাহৰ ভাগ্যত যি ঘটে সেইটো আল্লাহ তা'আলাৰেই ফয়চালা। যিজন পৃথিৱী আৰু আকাশৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ যিটো ফয়চালা, সিটো হবই। এই ক্ষেত্ৰত কেৱল পুণ্যবান লোক সকলেহে ধৈর্য ধাৰণ কৰে আৰু পৰকালৰ পুৰষ্কাৰ কামনা কৰে। আল্লাহ তা'আলা কৈছে
ما أصاب من مصيبة في الأرض ولا في أنفسكم إلا في كتب من قبل أن تبرأها إن ذلك على الله يسير © لكيلا تأسوا على ما فاتكم ولا تفرحوا بما اتلكم والله لا يحب
كل مختال فخور
| pdf |
971f085942eb6c29d76a3d63538c8012a07b604c | Begin typing your search above and press return to search.
যোৱা দেওবাৰে শিৱসাগৰৰ আৰজে ক্লাৱত ২০১৮ বৰ্ষৰ সন্মানীয় ড° মইদুল ইছলাম বড়া বটাঁ অনুষ্ঠান আয়োজন কৰি জনপ্ৰিয় লেখক তথা সমাজ সেৱক ময়ূৰ বড়াক এই বটাঁ প্ৰদান কৰা হয়। অনুষ্ঠান খনৰ আয়োজন কৰে অৰুনোদয় সাহিত্য সভাই আৰু কবি প্ৰেম গগৈয়ে সহযোগিতা আগবঢ়ায়। ৰাজ্যিক শক্তি মন্ত্ৰী তথা সোনাৰিৰ বিধায়ক তপন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
শিৱসাগৰ কমাৰ্চ কলেজৰ অধক্ষ্য তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড° সৌমাৰ জ্যেতি মহন্তই মত প্ৰকাশ কৰি কয় যে; ড° মইদুল ইছলাম বড়া এগৰাকী মুক্তি যুঁজাৰু আছিল লগতে এগৰাকী শিক্ষাবিদ আৰু জনপ্ৰিয় লেখক আছিল। তেওঁ বৃটিছ শাসনৰ সময়ত ঢ়াকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কোনো ৰহস্য জনক কাৰনত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। | web |
2bd0053f5cd89c4e035715616a59a8402392dbd5 | কালি সন্ধিয়া বিস্ময় আলোচনীৰ সম্পাদক শশী ফুকনদাৰ লগত কথা পাতিছিলোঁ। কথা প্ৰসঙ্গত ফুকনদাই ক'লে, "আজিকালি নিশাৰ সময়ছোৱাত পঢ়া-লিখা নকৰোঁ। সেই সময়ত মই ৰেডিঅ' শুনিহে ভালপাওঁ। " ফুকনদাই ৰেডিঅ' শুনাৰ কথা কোৱাৰ লগে লগে মোৰ মনটোও সেই শৈশৱ, কৈশোৰৰ ৰেডিঅ' শুনা দিনবোৰলৈ উৰা মাৰিলে।
চীনা যুদ্ধৰ কেইদিন হেনো নতুন ৰেডিঅ'টো ঘৰৰ চোতাললৈকে উলিয়াই দিছিল। চুবুৰীৰ প্ৰায়বোৰ মানুহেই চোতালতে চকী, মূঢ়া, পীৰা পাৰি লৈ বয়সানুসাৰে বহি সকলোৱে নীৰৱে বাতৰি শুনিছিল। বাতৰি শেষ হোৱাৰ পিছতো, এপৰমান সময় সকলোৱে পিছৰ পৰ্য্যায়ত কি হব পাৰে তাকে লৈ বিচাৰ-বিমৰ্ষ কৰিছিল।
তেতিয়াৰ দিনত ৰেডিঅ' ঘৰে ঘৰে নাছিল। ৰেডিঅ' থকা মানুহ কেইঘৰক ওচৰ-চুবুৰীয়াই ধনী মানুহ বুলিয়ে ভাবিছিল। ৰেডিঅ' থকা মানুহে চোতালৰ দুমূৰে দুটা জাতিবাঁহৰ খুঁটা পুতি, তাতে ইটো খুঁটাৰপৰা সিটো খুঁটালৈ ক'লা বৰণীয়া সূতাৰ ইনচুলেশ্যন লগোৱা এডলীয়া তাঁৰ এডাল বান্ধে। তাৰে মাজভাগৰপৰা আকৌ এডাল তেনে তাঁৰ জোৰা দি আনি এটা প্লাষ্টিকৰ ক'ভাৰ লগোৱা ৰঙা পিন এটাত জোৰা দিয়ে। সেই পিনটো ৰেডিঅ'ৰ পিছফালে এটা বিন্ধাত গোঁজ্ মাৰি লগাই দিব লাগে, তেহে ৰেডিঅ'ৰ মাতষাৰ ওলায়। এই বাঁহৰ খুটা, তাঁৰ আদিৰে গোটেই যতনটোক 'এৰিয়েল' বুলি কৈছিল। আমাৰ মায়ে আকৌ আমি ডেকা হোৱালৈকে আকাশত বেছিকৈ বিজুলী-ধেৰেকনি মাৰিলে, আখল ঘৰৰ য'ৰ কাম ত'তে পেলাই ফোঁ ফোৱাই আহি ৰেডিঅ'ৰ পিছফালৰ পৰা এৰিয়েল নামৰ পিনটো উলিয়াই থয়। আকাশত বিজুলী ঢেৰেকনি বেছিকৈ মাৰিলে, আমাক ঘৰত ৰেডিঅ' বজোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছিল। পিছলৈ, এই দুটা খুঁটাৰ এৰিয়েলৰ সলনি, এটা জাতিবাহঁৰ খুঁটাৰ একেবাৰে ওপৰত পাইথাগোৰাচৰ উপপাদ্যৰ নিচিনাকৈ ত্ৰিভুজ এটাৰ আকাৰত বাহঁৰ টুকুৰা দুটা গজালদি লগাই তাৰ পৰাই এৰিয়েল লগাব পৰাৰ যোগাৰ হৈছিলগৈ। সেইটোকে সেই সময়ত এক বিশিষ্ট উদ্ভাৱন বুলি গণ্য কৰিছিল।
তেতিয়াৰে পৰা প্ৰায় ১৯৭৫ চন মানলৈকে ঘৰত ৰেডিঅ' ৰাখিলে, লাইচেঞ্চ ৰাখিবও লাগিছিল। পিছলৈ বছৰি প্ৰায় পোন্ধৰ টকা মানৰ ষ্টাম্প এটা ডাকঘৰত গৈ লগোৱাই আনিব লাগিছিল। মায়ে জানুৱাৰী মাহ সোমোৱাৰ লগে লগে আমাক ডাকঘৰলৈ পঠিয়াই 'ৰেডিঅ'ৰ লাইচেঞ্চৰ ষ্টাম্প' আহিলেনে নাই খবৰ কৰোৱাই থাকে। মোৰ মনত থকা ষ্টাম্পটোত মৃদঙ্গ, তবলা আদিৰ ফটো আৰু 'আকাশবাণী' বুলি হিন্দীত আৰু লগতে All India Radio বুলি ইংৰাজীত লিখা আছিল। মাজে মাজে চৰকাৰী ইঞ্চপেক্টৰ আহি কেতিয়াবা লাইচেঞ্চৰ বহীত টিকট লগোৱা হলনে নাই চাই যায়হি। মই এদিন মাক সুধিলোঁ, "আমি পইছা দিহে ৰেডিঅ' কিনিলোঁ, আকৌ বছৰি লাইচেঞ্চৰ নামত কিয় ধন দিব লাগে? " মায়ে ৰেডিঅ' ষ্টেশ্যনৰ কথাবোৰ মোক বুজাই বাতৰি, গীত আদিৰ কথাৰে কিবাকিবি বুজাইছিল। মই গোটেইবোৰ বুজি নাপালোঁ, কিন্তু, কেবাবছৰলৈকে এটা কথা মোৰ মগজুত নিগাজিকৈ বহি আছিল যে আমি দিয়া, বছৰি এই পোন্ধৰ টকাটোৰ কাৰণে লতা মঙ্গেশকাৰ, মহম্মদ ৰফীহঁতে পুৱাৰে পৰা নিশালৈকে ৰেডিঅ' ষ্টেশ্যনত বহি গান গাই থাকে!
আমাক পুৱাতে শেতেলি এৰুৱাবলৈ মায়ে আহি ৰেডিঅ'টো বজাই দিয়ে, মানে আজিকালিৰ ভাষাত কবলৈ গ'লে 'ৰেডিঅ" অন কৰি দিয়ে। যদি ৰেডিঅ'ই একো মাতবোল নকৰে, তেতিয়া গম পাওঁ যে পুৱা ছয় বাজিবলৈ কমেও আধাঘণ্টামান আছে। তেতিয়া গাত লৈ থকা নিহালিখন অকণমান টানি আজুৰি লৈ কাণ-মূৰ ঢাকিহে লওঁ। তাকে নহৈ যদি 'টোঁ....... . ' কৈ শব্দ এটা হয়, তেনে কাপোৰখন এহাত এহাত মানকৈ ভৰিৰ ফালে ঠেলি এঙামুৰি এটা দি মাক চাহ একাপৰ কাৰণে ফৰমাইচ দি দিয়াই ভাল। মায়ে ৰেডিঅ'টো বন্ধ কৰি দি আঁঠুৱাখনৰ চাৰিটা মূৰ চাৰিওচুকৰ চাৰিটা গজালৰ পৰা এৰুৱাই আঁঠুৱাখন শুই থকা 'মই'টোৰ ওপৰতে বাঘৰ জাল পেলোৱাদি পেলাই থৈ যায়। সেইটো ছিগনেল আওকাণ কৰা মানে যিকোনো মুহূৰ্ততে বিচনীৰ নালটো আমাৰ কলাফুলত পৰাটো নিৰ্ঘাত।
তেতিয়া ল'ৰালৰিকৈ উঠি ভাল ল'ৰাৰ নিচিনাকৈ আখললৈ গৈ জ্বলি থকা কাঠখৰি এডালৰ আগটোৰ অঙঠাকণ ভাঙি লৈ তাতে উতলি থকা কেটলীৰ পানী অকণ বাকি টুথপেষ্টৰ যোগাৰ কৰি লওঁ। পুৱাৰ সকলো কাম খৰ। মায়ে বাকী দিয়া চাহকাপৰ লগত কাটা বিস্কুট এডোখৰ লৈ পঢ়া টেবুলত বহাৰ আগতেই ৰেডিঅ'টো বজাই দিওঁ। লগে লগে ৰেডিঅত টেঁ.... টেঁ.... কৈ আমাৰ ককাহঁতৰ দিনৰে পৰা চলি থকা বাজনা এটা বাজে। পিছত হে জানিছিলোঁ, সেই বাজনাটো 'ৱাল্টাৰ কাফমান' নামে এজন চেক লোকে বজাইছিল, ১৯৩৬ চনতে। পিছত সেইটো সঙ্গীত সমগ্ৰ স্বাধীন ভাৰতবৰ্ষৰে 'আকাশবাণী'ত পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে বাজিছিল। এই যন্ত্ৰসঙ্গীতটো হেনো কিছুদূৰ 'ৰাগ শিৱৰঞ্জনী'ৰ লগত মিল আছে। আন এটা কথাও আমাৰ ভালকৈ মনত আছে। দক্ষিণ ভাৰতৰ ফালে ভাৰতীয় ৰেডিঅ'ৰ বিষয়ে ঘোষণা কৰোঁতে All India Radio বুলিহে কয়। এবাৰ কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰততো 'আকাশবাণী' কোৱাটো বাধ্যতামুলক কৰিছিল। পিছে, দক্ষিণৰ MGR আদিৰ দৰে নেতাসকলৰ পৰা ধমক খাই, দুই-চাৰিদিনতে আকৌ All India Radio বুলি ক'বলৈ এৰি দিছিল।
মিডিয়াম ৱেভৰ ৫২৬ দশমিক তিনি এক মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড়....... . এনেকৈয়ে আমাৰ পুৱাৰ চাহকাপ, অঙ্কৰ কিতাপৰ 'দ্বিঘাত সমীকৰণ' আদিৰ দৰে অঙ্কবোৰ আৰু ৰেডিঅ'ত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ভক্তিগীত একেলগে চলিছিল। আধাঘণ্টামান পিছত ৱাংচু, নক্তে আদি অনুষ্ঠানবোৰ আৰম্ভ হ'লে একো বুজি নাপাওঁ বাবে ৰেডিঅ'টো বন্ধ কৰি থওঁ। ৭ বাজি ৫ মিনিটৰ আগে আগে আকৌ ৰেডিঅ'টো আৰম্ভ কৰি দিওঁ। তেতিয়াও নক্তে অনুষ্ঠান চলিয়ে থাকে। তাতো একো নুবুজোঁ যদিও "নক্তে প্ৰগ্ৰাম আটকলা টুৱেন্টা" বুলি ক'লে বুজি পাওঁ যে, নক্তে অনুষ্ঠান শেষ হৈ এতিয়া দিল্লীৰ পৰা অসমীয়া বাতৰি দিব।
"এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ লিলি দাস মালিকে..." এই বাক্যশাৰী এসময়ত প্ৰায় সকলো অসমীয়াৰ অতি মৰমৰ বাক্য আছিল। বাতৰিৰ পিছত যদিও ৰেডিঅ'টো চলি থাকে, তথাপিও তেতিয়া আমাৰ মগজু হোমৱৰ্ক কৰি নিবলৈ দিয়া অঙ্কবোৰ, আৰু উত্তৰবোৰেহে পাক খুৱাই ৰাখে। 'সংস্কৃত শিক্ষাৰ অনুষ্ঠান' আদি কথাবোৰ মগজুত নোসোমায়। চাৰে আঠবজাৰ গীতিমঞ্জৰীত ধুনীয়া ধুনীয়া অসমীয়া আধুনিক গীতবোৰ বাজিলেহে এটা কথা বুজি পাওঁ যে, ৰেডিঅ'ৰ ভলিউমটো ঘৰৰ সকলোৱে শুনাকৈ বঢ়াই দি স্কুললৈ যাবলৈ ওলাবৰ হয়।
ৰেডিঅ'ৰ ভলিউমৰ লগতে মনত পৰিছে, আগতে ৰেডিঅ'বোৰ বেটেৰীতহে চলিছিল। তেতিয়া চহৰৰ বাদে বাকী অঞ্চলৰ ৰাইজৰ ঘৰে ঘৰে বিজুলী সংযোগ নাছিল বুলিবই পাৰি। বহুতে বিজুলী সংযোগ থাকিলেও বেটেৰীতহে ৰেডিঅ' চলাইছিল। বেটেৰীটোও প্ৰায় ইটা এচপৰাতকৈ অকণমানহে সৰু আছিল। ৰঙা ৰঙৰ বেটেৰীটোৰ ভল্টেজ বুজাবলৈ তাতে ৯ ভল্ট বুলি ইংৰাজীত 9 লিখা থাকে। তাৰ মাজতে ক'লা মেকুৰী এটা বহি থাকে। বেটেৰী শেষ হবৰ সময় হলে, ৰেডিঅ'ৰ মাতষাৰ সৰু হৈ আহে। তেতিয়া দুদিনমান ঘনাই ঘনাই বেটেৰীটো ৰ'দত দি বেটেৰীটোক জীৱনশক্তি বঢ়াবলৈ চেষ্টা কৰোঁ। সৰুতে এই পেলনীয়া বেটেৰীটোকে আমি আমাৰ খেলাঘৰত টেবুল হিচাপে সজাই থওঁ। বেটেৰী শেষ হলে বা ৰেডিঅ' কিবা কথাত বেয়া হলে, সেই কেইদিন মাৰ মূৰটো গৰম হৈ থাকে, আৰু আমাৰো ঘৰখন মৰিশালি যেন লাগে।
নিশাৰ অনুষ্ঠানবোৰ তুলনামুলকভাৱে বেছি জনপ্ৰিয় আছিল। দূৰদৰ্শন আৰম্ভ হওতে যিদৰে 'চিত্ৰহাৰ' বা দেওবাৰে পুৱা দিয়া 'ৰংগোলী' জনপ্ৰিয় আছিল, সেইদৰেই আমাৰ দিনত আকাশবাণী গুৱাহাটীৰ 'কল্পতৰু' বা আকাশবাণী ডিব্ৰুগড়ৰ 'সুৰৰ সাতেসৰী' জনপ্ৰিয় আছিল। এই অনুষ্ঠানবোৰৰ নামকৰণ কৰোঁতে যিটো সূক্ষ্ম মননশীলতাৰ পৰিচয় দিছিল, সেইটো ভাবিলে তবধ মানিব লাগে। শ্ৰোতাৰ অনুৰোধত তেওঁলোকে যিটোকে শুনিব বিচাৰে, সেই শ্ৰোতাসকলৰ দীঘল তালিকাখন পঢ়ি তেওঁলোকৰ মনে বিচৰা গীতটো শুনোৱাই দিয়া কাৰণে সৰগৰ কল্পবৃক্ষৰ অনুকৰণত 'কল্পতৰু' ৰখা; আকৌ ডিঙিত পিন্ধা সাতসেৰিয়া মণিডালৰ অনুকৰণত কেৱল সাতটা গীতহে বজোৱা অনুষ্ঠান হিচাপে 'সুৰৰ সাতেসৰী' ৰখাটোৰ আঁৰত, অনুষ্ঠানৰ উদ্যোক্তাসকলৰ চিন্তা-চৰ্চাক শ্ৰদ্ধা জনাবই লাগিব। বাকীবোৰ অনুষ্ঠানৰো নামবোৰ ইমান খাপ খাই পৰিছিল! যেনে, আইদেউৰ বুলনি বা ঘৰজেউতি, ডাক পখিলী, যুৱবাণী, সেউজী চ'ৰা ইত্যাদি ইত্যাদি। পিছে সেই সময়ৰ আকাশবাণী ডিব্ৰুগড়ে শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে দেওবাৰৰ সন্ধিয়া আগবঢ়োৱা 'বৰ্ণালী' নামৰ অনুষ্ঠানটো বোধহয় জনপ্ৰিয়তাৰ শীৰ্ষত আছিল। এইটো অনুষ্ঠানৰ ঘোষক হিচাপে চৈয়দ চাদুল্লাই গমগমীয়া কণ্ঠস্বৰেৰে সৈতে, "নমস্কাৰ প্ৰিয় শ্ৰোতাবন্ধু. . " বুলি আৰম্ভ কৰা বাক্যশাৰীয়ে আজিও বহুতকে গভীৰ নষ্টালজিয়াৰে আৱেগিক কৰি তুলিব পাৰিব।
নাটক পৰিবেশনৰ দিশত আকাশবাণীয়ে সমাজত কিমান যে প্ৰভাৱ পেলাইছিল, ভাবিলে আচৰিত হ'ব লাগে। তেতিয়াৰ শ্ৰোতাসকলো বাধ্যত পৰিয়েই ধৈৰ্য্যৱান হ'বলগা হৈছিল। সপ্তাহত এবাৰকৈ আধাঘণ্টাৰ বাবে পৰিবেশিত হোৱা ধাৰাবাহিক নাটকখন শুনিবলৈ ৰাইজে ৰেডিঅ'ৰ সন্মুখত বহি বহি অপেক্ষা কৰাৰ কথা বোধহয় আজিৰ চাম ল'ৰা- ছোৱালীয়ে ক'লেও বিশ্বাস কৰিবলৈ টান পাব। পিছে, সেই সময়তে অসমৰ সাহিত্য জগতৰ ৰথী- মহাৰথী সকলৰ সৌজন্যত অসমীয়া ৰাইজে বিভিন্ন সামাজিক, পৌৰাণিক, ধেমেলীয়া, কৰুণ, ৰহস্যমূলক আদি বিভিন্ন ৰসৰ নাটক উপভোগ কৰিবলৈ পাইছিল। ৰেডিঅ'ৰ এই নাটকৰ জগতখনে মোক গভীৰভাৱে আকৰ্ষিত কৰিছিল। মই নিজে মঞ্চ নাটকত অভিনয় কৰিছিলোঁ। ডেকা বয়সত নাটক লিখিবলৈ আৰম্ভ কৰিছিলোঁ। অৱশেষত যেনিবা মই লিখা শিশু উপযোগী এখন নাটৰ পৰিচালনাৰে সেউজীচ'ৰাত আৰু আন এখন স্বৰচিত নাটক পৰিচালনা আৰু অভিনয়েৰে যুৱবাণী অনুষ্ঠানত ভাগ লৈ মোৰ এই আকৰ্ষণৰ জগতখনৰ লগত কিছু চিনাকি হৈ লৈছিলোঁ।
ৰেডিঅ'ৰ কথা কৈ কৈ মই নিজেই নষ্টালজিক হৈ পৰিছোঁ। পিছে কিছুদিনৰ আগতে বন্ধু এজনৰ মুখেৰে, বৰ্তমানৰ চৰকাৰে পৰ্য্যায়ক্ৰমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ইতি পেলাবলৈ পৰিকল্পনা কৰা বুলি শুনি গভীৰ দুখ অনুভৱ কৰিছোঁ। | web |
b8acfea45a00a2ac7709816cc7ed60ff9ad12bf3 | ছাত্ৰী গৰাকীয়ে কলা শাখাত ৪৮০ লাভ কৰি ৯৬ % নম্বৰেৰে ৫ম স্থান দখল কৰে । দৈনিক ৮ ৰ পৰা ১০ ঘণ্টা অধ্যয়ন কৰা এই মেধাৱী ছাত্ৰীগৰাকী ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা পুহি ৰাখিছে।
আনহাতে, কলা শাখাত শিৱসাগৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱীস্তুতি হাজৰিকাই দশম স্থান লাভেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
লগতে পঢ়কঃ HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?
চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে মুঠ ৪৭৩ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰে।
শলগুৰিৰ মালবিকা হাজৰিকা আৰু পৰাণজ্যোতি হাজৰিকাৰ কন্যা দেৱীস্তুতি হাজৰিকা।
লগতে পঢ়কঃHS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?
চৰকাৰী বিদ্যালয়খনৰ এই ফলাফলত আনন্দৰ জোৱাৰ উঠিছে শলগুৰিত। | web |
a33cb43c38df042493f78f926354d72cda7b3dbc481381b9b335329ffd8d438e | ॥১২৬।। সত্ৰীয়া সংস্কৃতিৰ স্বর্ণৰেখা
ইয়াতো আতাৰ গৃহৰ পৰা থগি আনে। পাঠ অৱসানে চৰিত পাঠ কৰে । বদলা আতাই কমল্লাবাৰী স্থান নিৰ্ম্মাণ কৰি তাত প্রায় ২২ বছৰ কাল থাকি ধৰ্ম্ম প্ৰচাৰ কৰি তেৰাৰ দেহত্যাগলৈকে এই খণ্ড চৰিত পাঠ হয়।
চৰিত অৱসানে পাঠ সামৰে আৰু লগে লগে হৰিধ্বনি কৰি গায়ন বায়নৰ জোৰা আৰম্ভ হয় । ইয়াতো তাল ঘূৰাই ৩/৪ জোৰা তালিয়াই নৃতা কৰে। গায়নে থিয় চাহিনি ঘোষা গায়(গ - ৩) "থিয় চাহিনি ঘোষ।"
অ' হৰি এহে বদুলা আতা গুৰুদেৱ দুখানি চৰণ হে অভয় চৰণ
হে ৰাতুল চৰণ।
কায় বাক্য মনে হেৰা পশিলো শৰণ ।
হৰি লৈলো হৰি লৈলো শৰণ ইবেলি । মই অধমক পাৱে নেপেলাইবা ঠেলি ॥ নমো নমো কৃষ্ণ অনাথৰ নাথ দেৱ । মোত পৰে অনাথ নাহিকে আন কেৱ ।।
থিয় চাহিনি ঘোষা ঘোষা অৱসানে বৰপেটীয়া ধেমালি বজায়। ইয়াত বিহাৰ নাচ অনুষ্ঠান প্ৰদৰ্শন কৰা নহয় । ধেমালিৰ মাজতেবায়ন সকলে আসনৰ ওচৰত আঁঠুকাঢ়ি বহি "কৰুণাময় ৰাম কৰুণাময়" এই ঘোষা জোকা সম্পূর্ণে গাব। প্রতিফাকি ঘোষা অবসানে বায়ন সকলে খোলত বোল
ধেমালি শেষ হ'লে গায়নে অহিৰ ৰাগ দি "গোবিন্দ চিন্তই বাল গোপালং" এই গীত গায়। তদৱসানে সিন্ধৰা ৰাগ দি (লগে লগে) "জয় জয় নন্দ নন্দন পৰমানন্দ বন্দে। বাল গোপালং" এই গীত গোৱা হয় । বদলা আতাৰ প্ৰয়াপৰ তিথি শুক্লা একাদশী। সেইবাবে গোবিন্দ চিন্তস্থ বাল গোপালং" এই গীত গোৱাৰ উপৰিও "জয় জয় নন্দ "এই গীত পিছত গোৱাৰ এটি কাহিনী বদলা আতাৰ চৰ্তিত আছে। (বদলা আতা প্রয়াণৰ সময়ত)
এহি বুলি আতা পাছে অসুস্থ ভৈলন্ত। সেৱক সকলে পাশ চাপি আসিল । কীৰ্ত্তন ঘৰত প্ৰসজৰ অন্তে পাছে । গায়ন সকলে গীত গাইবে লাগি আছে ।।
গোবিন্দ চিত্তোহে। গীত গাইয়া আছন্ত । শুনিলেক ভক্তে গোঁসাই বৈকুণ্ঠে য ইবন্ত ॥ গীত এৰি তাৰা সবে আৱৰিলা আসি ।। ভক্তক চাহিয়া আতা বুলিলা আম্বাসি । গীত এৰি এহিক্ষণে আসিলা কিসক। চলিয়োক সৱে পুনু কীৰ্ত্তন ঘৰক ।। পুনৰ্ব্বাৰ গাউক গীত কৰিয়া উৎসৱ। অনিশি সৱে মিলি কৰা হৰি ৰৱ ।। শুনি হেন ভক্তসৱে আতাৰ বচন । পুনৰপি গীত গাইবে লৈলা ৰঙ্গ মন ॥
* জয় জয় নন্দ" গীত যেতিক্ষণে গাইলা । পুনৰ্ব্বাৰ আতা আৰু এক ভাৱ হৈলা । (বদলা আতাৰ চৰিত)
সঞ্জীয়া সংস্কৃতিৰ স্বৰ্গৰেখা ।।১২৭।।
পর্ব্বোক্ত আদর্শ মতে ইটোৰ পিছত সিটো গীত গাই সামৰা 'সংয়াটা গীত বৰ গাম্ভীর্য্য। ইয়াৰ পিছতে ঘোষা কীৰ্ত্তন আৰু ওজ। অনুষ্ঠান হয়। নতুন ওজাও উঠে। তদৱসানে ন ধেমালি আৰম্ভ হ হয় চাহিনি ঘোষা নিম্ন স্থানত লিখা হ'ল।
হৰিহৰে বয় দোলা ধৰ্ম্মে ধৰে ছাতি ।
সেই দোলাত চৰি যায় কোন পুৰুষৰ নাতি ॥ হৰি লৈলো হৰি লৈলো শৰণ ইবেলি।
মই অধমক পাৱে নেপেলাইবা ঠেলি।
ন ধেমালিৰ ঘোষাঃডক্তি সৰোবৰে কৃষ্ণ পদএহিমতে দাৰুকে বোলন্তে পাছে ৰথ ।
আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ ।।
ষশ-ৰস মধু পানে
পৰম আনন্দে ডকত ভ্রমৰ জাকে।
পঙ্কজত পৰি নিৰে
ৰাম মাম ৰাজহংসৰাৱ
মত্ত হয়। অতি সাৱধানে
শুনি থাকে ।
।।১২৮।। সত্ৰীয়া সংস্কৃতিৰ স্বর্ণৰেখা
শেষৰ ঘোষ! :
হৰি নাম ৰসে
প্ৰেম অমৃতৰ নদী
কীৰ্ত্তন হয়।
শ্ৰীমন্ত শঙ্কৰে
বৈকুণ্ঠ প্রকাশে
পাৰ ভাঙ্গি দিলা
ঘোষ। অৱসানে ভাটিয়ালী ৰাগত "ব্যৱস। কৰিয়ো ভাই হৰিৰ চৰণ
ধন সাৰ" এই গীত গায়। ইয়াক "টিকুনৰ গীত" বুলি কয়। গীতৰ শেষত ঘোষ। কীৰ্ত্তন, খোল তালৰ নিত্য প্রসঙ্গ, নাম, ঘোষা কীৰ্ত্তন আৰু পাঠ গায়। পাঠত প্রহলাদ চৰিতৰ ৬টা আৰু শিশুলীলাৰ প্ৰথম ৪টা কীৰ্ত্তন ঘোষ। কথনেৰে গাব। পৰে ওজা গাই বৰ ধেমালি আৰু ঘোষা ধেমালি বায় । ইয়াত গোৱা থিয় চাহিনি ঘোষ। : -
বহে ব্ৰহ্মাণ্ডক ভেদি ॥
'আতাৰ স্থান আতাৰ স্থান।
দুয়োজন। গুৰু আসি কৰিছে নিৰ্মাণ ।। হৰি লৈলো হৰি লৈলো শৰণ ইবেলি ॥ মই অধমক পাৱে নেপেলইিবা ঠেলি ॥ বৈকুণ্ঠৰ পৰা আইলো ৰথে সমন্বিতে। ঘোৰাক পঠাইল। মই থাকিলে। ভূমিতে
( ইত্যাদি )
বৰ ধেমালিৰ পৰে ঘোষা ধেমালি বাই সামৰিব। ইয়াৰ পিছতে ঘোষ।
(8 - ঘ) ভাঙ্গনী'
ঘোষা কীৰ্ত্তন অৱসানে অহিৰ ৰাগত "শ্যাম কমললোচন" গীত গাই "যাৱ। ঘোষা' আৰু তদবসানে বদলা আতাৰ পূৰ্ব্ব পুৰুষৰ পৰা আৰম্ভ কৰি তেৰাৰ মহা প্ৰয়াণৰ শেষ কৃত্য পর্যন্ত চৰিত পাঠ কৰে। চৰিত থলে ঘাই বস্তু সংবৰণ প্ৰসাদ আদি বিতৰণ নিত্য প্ৰসঙ্গাদি সমাপনে সেই দিনাৰ কাৰ্য্য সমাধা কৰা হয়।
(৫ - ক) কীৰ্ত্তন সম্বৰণ
তিনিওজনা গুৰুৰ কীৰ্ত্তন অৱসানে "কীৰ্ত্তন সামৰা" বা "কীৰ্ত্তন সম্বৰণ" বা "ধেমালি সামৰা" অনুষ্ঠান হয়। পুৱা নাম প্রসঙ্গত এখনি থগি দিয়ে। চুলুসীয়া আৰু ধৰি গোৱ। ঘোষ। দুকুরূপ গোৱাৰ পিছত পাঠকে
সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা ।।১২৫।।
জনসাধাৰণৰ কোলাহলৰ বাদে অন্য একো অনুষ্ঠান নেদেখি ক'লে "আমি এখনি ধৰ্ম্ম পুথি পোৱা হ'লে পঢ়িলোহেঁতেন"। এনেতে এগৰাকী লোক আহি সুধিলে - আপোনাক কি পূথি লাগে। বদলা আতাই ক'লে কি পৃথি
আছেনো ? তেওঁ উত্তৰ দিলে আমাৰ হাতত কেইবাখনো শাস্ত্র আছে। তাৰ ভিতৰত "পাণ্ডবী গীতা ও এখন । বদলা আতা "পাঙবী গীতা" আমাৰ মখস্থ আছে। তাৰ বাহিৰে আৰু কিবা আছে যদি দিয়ক । তেওঁ জোলোঙাৰ পৰা ভক্তি "ৰত্নাৱলী" শাস্ত্রখন উলিয়াই দি ক'লে - এয়া এখন ভাল শাস্ত্র আপোনাক দিলো। পঢ়ি ভাল পাব। বদলা আতাই পূৰ্ব্বতে সেই পুথিখন পোৱা নাছিল। নতুন পুথি পাই আনন্দত অধীৰ হৈ উঠিল আৰু দাতা জনক প্রশংসা কৰিলে। দাতাজন পুথিখন দি বদল। আতাৰ সাক্ষাতে অন্তৰ্ধ্যান হ'ল। আতাই ভাবিলে এয়া ভগৱন্ত ঈশ্বৰৰহে দান। এই ভাবি এফালৰ পৰা পঢ়িব ধৰিলে। মাজতে উক্ত "ভৰত প্ৰমুখ্য কৰি শুন। পুত্রগণ" এই খণ্ডটো প্রকাশ পালে আৰু মনতে থিৰাং কৰিলে "যি জনা গুৰুৱে এই পুথি ৰচনা কৰিছে, তেওঁকে গুৰু গ্ৰহণ কৰিম"। সেই শুভাদর্শকে নিৰ্ভৰ কৰি ভক্তি ৰত্নাৱলী পথি আৰু উক্ত প্রসঙ্গটো পাঠ করা হয়।
(গ-২) "শিশুলীলা"ৰ কীৰ্ত্তন দিয়াৰ উদ্দেশ্য বদল। আতা কীৰ্ত্তনত "শিশুলীলা" অধ্যায়ৰ কীৰ্ত্তন দিয়াৰ প্ৰধান কাৰণ হ'ল শিষ্যই গুরুক ঈশ্ব বৰ প্রতীক বুলি কয় যেনে -"বিশিষ্ট গুৰুক অকপটে সেৱা কৰি। মানিব গুৰুক এহেন্তেসে মহা হৰি' (নিমিন্ৱসিদ্ধ সংবাদ) কথা গুৰু চৰিত আছে (বদলা আতাৰ শিশুকালৰ বৃত্তান্ত প্রসঙ্গত) - - "আৰু এদিন ব্ৰহ্মপুত্ৰৰ চাপৰি লুহিয়াত গৰু মেলিছে। কুমাৰে নাৱ ৰাখি চঞ্চ সলাইছে। তাৰে আতা গোৰ টিঙতে উঠি শুলে। চ'ত মহা বৰ ধ্রুপ। কুমাৰ আহি দেখে অনন্তে ফণাৰে ছাঁকৈ আছে। তেতে মাতে। আতা উঠিল, ফণাও জলতে লুকাল। আশ্চর্য্য অদ্ভুত হৈ বোলে আৰা শুদালোক নহয়, ঈশ্বৰ অংশ কোনোৱা আহিছে"। আতাৰ এই লীলা শ্ৰীকৃষ্ণৰ "ফণায়ে ধরিলা ছত্র আসি সৰ্পৰাজে" ৰ লগত মিলোৱা হয়।
দ্বিতীয় এটা কাৰণ হ'ল - বদলা আতা শিশুকালৰ পৰাই শিশু কৃষ্ণৰ ধানত, কৃষ্ণলীলা গুণানুবাদৰ প্ৰেমত উন্মত্ত আছিল কাৰণেও তেৰাৰ প্রয়াণৰ তিথিত "শিশুলীলা"ৰ কীৰ্ত্তন দিয়া হয়। মহাপুৰুষ মাধৱদেৱে শেষ বয়সত অন্তৰঙ্গা বিশিষ্ট পান্ন শিষ্যক চাৰি নামৰ মালা সমৰ্পণ আৰু চাৰি বস্তুৰ আচাৰ্য্য পাতি উজনীলৈ প্ৰেৰণ কৰিছিল বাবেও চাৰ্তিা কীৰ্ত্তন দিয়া হয়।
| pdf |
655cf7f0f36a8815dc3c8d36bd226dfa | ভিলেইন - তৃপ্তি মাধুৰী বৰগোঁহাই - ফটাঢোল\nOctober 3, 2019 ফটা প্ৰেম\tOne comment\nভিলেইন - তৃপ্তি মাধুৰী বৰগোঁহাই\n"ঐ, তোৰ হিৰ'লে ৰওঁতে ৰওঁতে আমাৰ ফালে জিৰ' হ'ব.."\n" - এ ৰহ ঔ এইজনী"\nচকুদুটা ডাঙৰ কৰি উত্তৰ দিয়াত বৰ্ষা মনে মনে ৰ'ল।\n"তোক কথা এটা ক'বলৈ আছে, স্কুল যোৱাৰ আগত\nদলঙৰ আগত ৰ'বিচোন, একেবাৰে 'ইম্পৰটেণ্ট' কথা।" - চকলেট এটা হাতত দি সি কোৱা কথা কেইশাৰীয়েহে মোৰ অধৈৰ্য মনটোক ধৰি ৰাখিছিল।\n"বৰ্ষা, তই থেন-থেনাই থাকিব নালাগে, তই যা স্কুললৈ, মই গৈ আছোঁ।"\nবেল পৰাৰ আগে আগে কোনোমতে স্কুল পোৱাৰ আশাত তাই কোবা-কোবিকৈ গুচি গ'ল।\nমই ৰৈ গ'লোঁ, মনত কেৱল এটাই আশা 'ইম্পৰটেণ্ট' কথাটো মই ভবাটোৱেই হওক...\n"পাতলীয়া বয়সৰ কুমলিয়া মন\nবুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ.."\n" আওও... তই এইখন কি গাব লৈছ হেৰৌ, পাতলীয়া বয়স ঠিকে আছে কিন্তু দন্দুৰী স্বভাৱৰ মানুহে কুমলীয়া মন বুলিলে শোভা নাপায়, আৰু তই তোৰ অভিজিত চাৱন্তৰ 'মোহাৱতেই লুটাওঁংগা' বাদ দি মিঠা ক্ষণত ধৰিছ যে? কিবা কুক্ষণে পাইছে নেকি?"\nমোৰ খং চাবলৈকে কোৱা কথাখিনিৰ উত্তৰ মই মিচিকিয়া হাঁহিৰে দিয়াত তাই অলপ আচৰিত হ'ল.. তাতে টিফিন খোৱা সময়ত মুখৰে টু শব্দ এটা নকৰাজনীৰ মুখত গান, খাটাং কিবা গণ্ডগোল হৈছে। পিছে সেইয়া যে মোৰ বাবে বুকুৰ মাজৰ প্ৰথমটি ধুমুহাৰ মিঠা বহিঃপ্ৰকাশ, সেয়া তাইৰ সপোনৰো অগোচৰ।\nনৱম শ্ৰেণীত 'ক্ৰাছ' মানে কি নাজানাটো স্বাভাৱিক, পিছে মই প্ৰথম নে দ্বিতীয় শ্ৰেণী থাকোতে '1st Indian idol' হোৱা অভিজিত চাৱন্তক যে সপোন কোঁৱৰ দেখাদি দেখিছিলোঁ সেই কথা ঘৰত, বন্ধু-বান্ধৱী সকলোৱে জানে, মই গান শিকাৰ প্ৰেৰণাৰ ক'ৰ পৰা কেনেকৈ আহিছিল সেই কথাও কাৰো অগোচৰ নহয়। সকলো ঠিকে আছিল, হঠাতে এদিন ওলালহি নিবিড়দাদা, আমাৰ গাঁৱৰে ল'ৰা, চতুৰ্থমান শ্ৰেণীলৈকে ইয়াতে পঢ়ি গুৱাহাটীৰ খুড়াকৰ ঘৰলৈ গৈ দ্বাদশ শ্ৰেণীলৈকে তাতে পঢ়িছিল.. ডিগ্ৰীৰো এটা semester তাতে পঢ়ি আহি এতিয়া ইয়াৰ কলেজতে নামভৰ্তি কৰিছেহি।\n"ঐ নিৰি" স্কুললৈ দেৰি হৈ আছিল, তাতে ঘৰৰ নামদি কোনোৱাই চিঞৰি মতাত কোনেনো মাতিছে বুলি খঙতে মুখখন ঘূৰাওঁতে একেবাৰেই আচৰিত হৈ ৰৈ গ'লোঁ..বাইকখন তেনেই ওচৰ পাইছিলহি।\n"কি হ'ল, মোক চিনি পোৱা নাই নেকি.. মই নিবিড় আকৌ.. তোকো মই চিনিবই পৰা নাছিলোঁ, পিছে ঘৰখন চিনি পাওঁ, তহঁতৰ ঘৰত তয়েই একমাত্ৰ সন্তান যেতিয়া ওলাই আহোঁতে ভাবিলোঁ তয়েই হ'বি! কি হ'ল ঐ, ভেৱা লাগিলি যে?"\nনিবিড়, নিবিড় মূৰতে পাগুলিব ল'লোঁ, সৰুতে একেলগে খেলা-ধূলা কৰা কেটেং-মেটেং ল'ৰা এটাৰ ছবি মনলৈ আহিল।\n"তুমি দেখোন একেবাৰে অভিজিত চাৱন্তৰ নিচিনা হৈ গ'লা.." আচৰিতভাৱে কেতিয়ানো মুখৰ পৰা কথাষাৰ ওলাল মই গমকে নাপালোঁ, চকুদুটা তেতিয়াও মোৰ টৰ-টৰকৈ মেল খাই আছে।\n"অহ হয় নেকি? তয়ো ধুনীয়াজনী হ'লি, চুলিকোছাও ইমান দীঘল হ'ল.. ক্লাছ নাইন পালিগৈ, অংকত বোলে তই বৰ ভাল, মোক দেউতাই কৈছে.... " গুৱাহাটীৰ পৰা কেতিয়া আহিলে, ক'ত নাম লগালে, এমাহো যে হোৱা নাই অহা ইত্যাদিবোৰ অনৰ্গলভাৱে কৈ যোৱাত মই কেৱল বেঙাৰ দৰে চাই ৰ'লোঁ।\n"ব'ল মই কলেজলৈ গৈ আছোঁ, তোকো স্কুলত নমাই দিম" কেতিয়া বাইকত উঠিলোঁ, কেতিয়া স্কুল পালোঁগৈ একো গমকে নাপাওঁ, মোক নমাই হাঁহি এটা মাৰি নিবিড়দা গুচি গ'ল.. মই ক'তে মৰোঁ, হাঁহিটোও সাইলাখ সপোন কোঁৱৰৰ দৰে। ক্লাছত সোমাওঁতে সদায়ৰ দৰে আজিও অভিনৱে মাত লগালে, "নিৰিবিলি.. আহিলা" ছোৱালীবোৰৰ মতে স্কুলৰ সকলোতকৈ মৰমলগা ল'ৰা! পিছে মোৰ আকৌ তাক দেখিলেই খঙে চুলিৰ আগ পাইগৈ, বৰ্ষাৰ মতে তাৰ মোলৈ মন, পিচে ভয়তে নকয়।\n"উমম... " হাঁহি এটা মাৰি উত্তৰ দিয়াত সিও অলপ আচৰিত হ'ল। গোটেই দিনটো কেৱল এটা কথাই কাণত বাজি থাকিল "... তয়ো বহুত ধুনীয়া হ'লি দেখিব, চুলিকোছাও দীঘল হ'ল..."\nএনেকৈয়ে ছটাকৈ দিন পাৰ হ'ল, ইচ্ছা কৰি ময়ো অলপ দেৰিকৈ স্কুললৈ বুলি ওলোৱা হ'লোঁ লগ পোৱাৰ আশাতেই, লগো পাওঁ, নিতৌ সি স্কুলত থৈ আহেগৈ। এদিনটো মৌমিতাবায়েও দেখিছে আমাক খুড়াৰ লগত কলেজলৈ গৈ থাকোঁতে.. পিছে "প্যাৰ কিয়া তৌ ডৰনা ক্যা"। বৰ্ষাই মোৰ স্বভাৱত নিকা পৰিৰ্ৱতন দেখি মতি-গতিযে বৰ ঠিক নহয় ভালদৰেই বুজি উঠিল।\n"তোৰ কি হৈছে কচোন? খং নুঠে নেকি আজি-কালি? আৰু কথা কম কৱ! যি কেইটা কৱ একেবাৰে হাঁহি মাৰি নম্ৰভাৱে ক'বলৈ লৈছ যে? আৰু মেখেলা-চাদৰযোৰো এক সপ্তাহৰ পৰা পৰি-পাটীকৈ পিন্ধিবলৈ লৈছ!"\nমই তাইক বিৱৰি ক'লোঁ কথাখিনি, "কালিলৈ বোলে কিবা ইমপৰটেণ্ট কথা ক'ব।"\n"কাইলৈতো প্ৰপজ দে'.., ঐ কাইলৈ ময়ো ৰৈ থাকিম তোৰ লগত প্লিজ..।" তাই যি সাত জাঁপ মাৰি কথাকেইটা ক'লে মই নুই কৰিবই নোৱাৰিলোঁ। পিছে ন বজাতে অহা মানুহৰ খবৰ নাই, চাৰে ন বাজিবৰ হ'ল...\nকথাখিনি ভাবি থাকোঁতেই বাইক এখন ওচৰ পালেহি...\n"তোৰ চাগে দেৰিয়েই হ'ল ন? মই থৈ আহিমগৈ দে..শুনচোন কথাটো..।"\n"কোৱা।" মই আগ্ৰহেৰে ক'লোঁ।\n"বহুদিনৰ পৰা ক'ম বুলি ভাবি আছোঁ তাইক, প্ৰথম দেখাতেই ভাল লাগিছিল, কলেজত একে চেমিষ্টাৰ হ'লেও তাই B.A। লগেই নাপাওঁ, তাই ক্লাছো ইমান কৰে, বাপেকে অনা-নিয়া কৰে, কেনেকৈ মই কওঁ বাৰু তই কচোন..।"\n"তাই? কোন তাই?"\n" মৌ-মিতা আকৌ.. তোৰ খুড়াৰ ছোৱালী, মই সদায় তাইক চাবলৈ বুলিয়েই ৰৈ থাকোঁ, তেতিয়াই তোকো লগ পাঁও.. শুনচোন আজি প্ৰপজ দে', এই চিঠিখন দি দিবিচোন। তইতো মোৰ নিজৰ ভণ্টীৰ নিচিনা, এইকণ হেল্প কৰিদেচোন প্লিজ... মোৰ তাইক চিধা-চিধিকৈ দিবলৈ লাজ লাগে..।"\nবাইকৰ পৰা নামি ঘূৰি নোচোৱাকৈ স্কুললৈ বুলি খোজ ল'লোঁ।\n"আজিয়েই দিবি দেই নিৰি, কাইলৈ মোক জনাবি..।" চিঞৰি কোৱা কথাকেইটা মোৰ কাণত নোসোমাল। ইতিমধ্যে ক্লাছ আৰম্ভ হৈছেই, প্ৰথম পিৰিয়ড অংক.. সেয়ে হয়তো গালি কেইটা নুশুনাকৈ সোমাই অহাৰ সুবিধাকণ পালোঁ। ক্লাছ শেষ হওঁতেই পোনচাতেই অভিনৱৰ ওচৰ পালোঁগৈ,\n"... তই কালি স্কুল অহাৰ আগত মোলৈ ৰ'বি দলঙৰ আগত, একেলগে আহিম। কি হ'ল? ৰ'বি নে নাই ক? কেৱল এদিনৰ বাবে.. লাগিলে মই তই কৰিব নোৱাৰা অংকবোৰ কৰি দিম..।"একেবাৰে ধুমুহা অহাদি আহি কথাকেইটা কোৱাত সি থত্-মত্ খাইছিল যদিও সন্মতি জনালে। মুখৰ ৰং দেখি কিবাযে অঘটন ঘটিছে বৰ্ষায়ে ভাল দৰেই গম পাইছিল..!\nআমাৰ কাষৰ ঘৰখনেই খুড়াৰ ঘৰ। সন্ধিয়াই মৌ-মিতাবাৰ হাতত চিঠিখন দিলোঁগৈ, বোলো আমাৰ নিবিড় দাদায়ে দিছে।\n"তোক দেখোন মই তাৰ লগত দেখিছোঁ বাইকত এদিন.. মোকো ইমান চাই থাকে কলেজত..!"\n"অকল মোকেই নহয়, মোৰ লগৰযে বৰ্ষাকো থৈ আহে কেতিয়াবা.. আৰু দলঙৰ কাষতে ৰৈ থাকে ছোৱালী চাবলৈকে... মই সৰুৰে চিনাকি বুলি উঠিছিলোঁ বাইকত.. মোক আকৌ তোমাক এইখন কোনো প্ৰকাৰে দিবলৈ সহায় বিচাৰিলে.. চহৰত থাকি অহা ল'ৰা, উতনুৱা হ'বই.., এনে ল'ৰাৰ পৰা ভয়হে আজি-কালি।" মই মিছা মাতিলোঁ\n"ৰ' নিৰি তাক এশিকনি দিব লাগিব।"\nকাগজ-কলম উলিয়াই মৌ বায়ে লিখাত লাগিল, মোৰ কেইটামান শাৰীহে মনত আছে -"দ্বিতীয়বাৰলৈ এনেধৰণৰ চিঠি যদি আহে নাইবা ভণ্টীক দিচটাৰ্ব কৰ.. পুলিচৰ সহায় ল'ম..।"\nপিছদিনা সময়মতেই অভিনৱ আৰু মই দলংৰ আগত লগ হ'লো। "লৰা এজন আহিব, ওচৰ পালেই আমি হাঁহি হাঁহি কথা পতা আৰম্ভ কৰিম.. বুজিছনে?"....\nসি আচৰিত হ'ল। যথা সময়ত নিবিড় দাদা আহিল, মই মৌবাৰ চিঠিখন গুজি দিলোঁ তাৰ হাতত।\n"এতিয়া নালাগে পিছত চাবা।"\n"হ'ব বাৰু, তোক থৈ আহোঁ ব'ল।"\n"মই আজি অভিনৱৰ লগতে যাম, তুমি যোৱা।"\n"বাৰু হ'ব দে" .. তেনেই সাধাৰণভাৱে উত্তৰ দি কোন ল'ৰা কি কথা একো নুসুধি ভো-ভোৱাই গুচি যোৱাত মোৰ অলপ খং উঠিল!\n"আজিৰ তোৰ অংকৰ হম-ৱৰ্কখিনি মই কৰি দিম দে।"\n"নালাগে, তোমাৰ লগত এনেদৰে স্কুললৈ খোজ কাঢ়ি আহিব পৰাটোৱেই মোৰ বাবে বহুত ডাঙৰ কথা।" লাজ লাজকৈ অভিয়ে কোৱা কথাকেইশাৰীয়ে জ্বলা জুইত ঘিঁউহে ঢালিলে। খঙে-ৰাগে একো নাই হৈ স্কুললৈ কুবাকুবিকৈ খোজ ল'লোঁ।\nকথাখিনি ছবছৰ পুৰণি, সেইদিনাৰ পৰা নিবিড়দাক মই ৰৈ থকা দেখা নাই, দুখে-ভয়ে পঢ়াতে মন দি এতিয়া phD কৰি আছে, মৌবা এতিয়া স্কুল এখনত সোমাল। মিছা মাতি নিবিড় দাদাক ভিলেইন সজাইছিলোঁ যদিও তেওঁৰ অধুৰী প্ৰেম কাহানীৰ আচল ভিলেইন যে মইহে আছিলোঁ, এই কথা এতিয়া ভাবিলে হাঁহিও উঠে.. কিন্তু তাতকৈয়ো বেছি বেয়া লাগে!... পিচে প্ৰত্যেকটো কাহিনীতে ভিলেইনৰ প্ৰয়োজন, নহ'লে সেই প্ৰেম কাহিনী ৰোমাঞ্চকৰ নহয়.. নে কি কয়? তদুপৰি সেই বয়সে "তুমহাৰী খুচি মেই মেৰা খুচী.." এইষাৰ নহয়, "তুম হমাৰা নহি তৌ ঔৰ কিচিকা নহি" এইষাৰহে মানিব বিচাৰে, - এই বুলিয়েই সান্ত্বনা লভোঁ, বেলেগ উপায়ো নাই যে!\n« ষ্টেণ্ডাৰ্ড' বন কৰা মানুহজন - কুকী কল্পিতা মহন্ত\nলেডীগেং লীডাৰৰ আদাম-টিজিঙ - ইন্দ্ৰাণী তালুকদাৰ »\nহা হা হা। ভিলেইন গৰাকী কমলিকায়ে যেন একেবাৰে।
| web |
d6ff619eb271eadcba44ff7a844c1ec27683f2ae | সন্ত্ৰাসবাদক জিনি অৱশেষত জীৱন যুদ্ধত হাৰ মানিবলৈ বাধ্য হ'ল 'জুম'। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি দুই সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰত সেনাক সহায় আগবঢ়োৱা ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত যুঁজাৰু কুকুৰ 'জুম'- এ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
এনকাউণ্টাৰৰ সময়ত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা জুমে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত চিৰকালৰ বাবে চকু মুদে। এক বিবৃতি যোগে ভাৰতীয় সেনাই জুমৰ মৃত্যুৰ খবৰ সদৰী কৰে।
বিবৃতিটোত উল্লেখ কৰা মতে চিকিৎসাধীন হৈ থকা জুমে পুৱা প্ৰায় ১১ঃ৪৫ বজালৈকে ভালদৰেই সঁহাৰি দি আছিল যদিও হঠাতে জোৰে জোৰে উশাহ ল'বলৈ আৰম্ভ কৰে আৰু বাগৰি পৰে। লগে লগে যুঁজাৰু কুকুৰটোৱে প্ৰাণত্যাগ কৰে।
জুমৰ মৃত্যুত শোক প্ৰকাশ কৰি ভাৰতীয় সেনাই সন্মান প্ৰদৰ্শন কৰাৰ লগতে সাহস আৰু বীৰত্বৰে জুমে দেশলৈ আগবঢ়োৱা সেৱা সদায়ে দেশে সুঁৱৰিব বুলি উল্লেখ কৰি সেনাই জুমলৈ শেষ সন্মান জনায়।
উল্লেখ্য যে সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ জুম গুৰুতৰভাৱে আহত হৈছিল। জুমৰ বীৰত্বৰ কাহিনীয়ে লাভ কৰিছিল ব্যাপক চৰ্চা।
দেওবাৰে নিশা টাংপাৱা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। সোমবাৰে পুৱা সেনাই জুমক সন্ত্ৰাসবাদী থকা ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰিছিল।
সন্ত্ৰাসবাদীৰ সন্ধান উলিওৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া জুমে দক্ষিণ কাশ্মীৰত বহুকেইটা অভিযানৰ অংশ হিচাপে সেৱা আগবঢ়াইছিল। সোমবাৰে জুমক আন অভিযানৰ দৰেই সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোত প্ৰাথমিক আক্ৰমণৰ দায়িত্ব দিয়া হৈছিল।
দুৰ্ভাগ্যবশতঃ অভিযানৰ সময়ত জুমৰ শৰীৰত দুটাকৈ গুলী লাগে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু গুৰুতৰ আঘাতৰ পাছতো জুমে বীৰত্বৰে যুঁজ দিয়ে আৰু জুমৰ এই সাহসিকতাৰ সহায়তে দুই সন্ত্ৰাসবাদী নিহত হয়।
অভিযানৰ মাজতে জুমক ততাতৈয়াকৈ সেনাৰ এডভান্স ফিল্ড ভেটেৰিনেৰী হস্পিটেললৈ লৈ যোৱা হৈছিল। এই চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা অৱস্থাতে জুমে অৱশেষত মৃত্যুক আঁকোৱালি লয়। | web |
233bb371d4c01a335cb00fcea53ccdcf | হোজাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ - HindusthanSamachar Assamese\nহোজাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ\nহোজাই, ১৮ মে' (হি.স.)। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অধ\n18 May 2022 20:50:23\nহোজাই, ১৮ মে' (হি.স.)। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অধীনৰ মান্ডুলীত বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। ডিমা হাচাওত বিগত কিছুদিন ধৰি প্ৰবল বৰষুণ দি থকাৰ ফলত নামনি অঞ্চলৰ কপিলী নদীৰ পানী বৃদ্ধি হৈ কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰিছিল। কপিলীৰ বানে লংকা অঞ্চলৰ মান্ডুলীত মৰা কপিলীৰ কাষৰ গঢ়কাপ্তানি পথৰ এচোৱা উটুৱাই নিয়াত কাষৰীয়া অঞ্চলটো জলমগ্ন হৈ পৰিছিল।\nজলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষক লগত লৈ জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মান্ডুলীৰ বানে চিঙা স্থানত গৈ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পানী কমাৰ লগে লগে এই গড়কাপ্তানি পথটিৰ চিঙা অংশ পুনৰ মেৰামতি কৰি উন্মুক্ত অংশ বন্ধ কৰি দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্তসকলৰ বাবে উপযুক্ত সাহাৰ্য সামগ্ৰী আৰু পশুধনৰ বাবেও খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।\nমান্ডুলী পৰিদৰ্শন কৰাৰ সময়ত উপস্থিত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে যে প্ৰায় ১৮ বছৰৰ মূৰত অঞ্চলটো বানাক্ৰান্ত হৈছে আৰু সাধাৰণ ৰাইজে স্বাভাৱিকতেই কিছু সমস্যাত পৰিছে। ডিমা হাচাওত এটা ৰাতিৰ ভিতৰতে প্ৰবল বৃষ্টিপাত হোৱাৰ বাবেই কপিলীৰ পানী এনেদৰে উফণ্ডি উঠি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকৃতিৰ লগত সদায় যুঁজাটো টান যদিও চৰকাৰ আৰু প্ৰশাসনে হোজাই জিলাৰ যিবোৰ অঞ্চলত বানে মথাউৰি অথবা পথ ভাঙি পেলাইছে সেই সকলোখিনি কাম পুনৰ কৰিবলৈ ব্যৱস্থা ল'ব।\nআজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বানাক্ৰান্ত ৰাইজৰ লগতো মত বিনিময় কৰি তেওঁলোকৰ খবৰ লয় আৰু প্ৰশাসনৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয় এখনত স্থাপন কৰা সাহাৰ্য বিতৰণ কেন্দ্ৰ এটাৰো বুজ লয়। বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
| web |
1ff23e98aee719ac87d35a6bac61af12d7697e89024a0681c3cd122b8d86397e | উপনিৱেশবাসীবিলাকৰ সৈন্যবাহিনী নাছিল, কিন্তু আৱশ্যক হ'লে যুদ্ধক্ষেত্ৰৰ পৰা পিচ হ হ'কি যাবলৈ আৰ, যদ্ধ চলোৱাৰ সুযোগ আৰ, শাসনৰ যোগান ধৰিবলৈ তেওঁলোকৰ এখন বিৰাট দেশ আছিল। তেওঁলোকে সৈন্যবাহিনী এটা সংগঠিত কৰি ললে আৰু, শেহত ৱাছিংটন তাৰ প্ৰধান সৈন্যাধ্যক্ষ হ'ল। কেইখনমান ঠাইৰ যুদ্ধত তেওঁলোকৰ জয় হৈছিল আৰু ফ্ৰান্সৰ সম্ভৱতঃ পৰণি শত্ৰু, ইংলেণ্ডক আঘাত কৰাৰ উপযুক্ত সময় বুলি ভাবি উপনিৱেশবিলাকৰ লগত যোগ দিছিল। স্পেনেও ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। এনে অৱস্থাত উপনিৱেশবিলাকতকৈ ইংলেণ্ডৰ বেচি অসুবিধা হৈছিল, তথাপি যদ্ধখন বহৃত বছৰ চলি আছিল। ১৭৭৬ খৃষ্টাব্দত উপনিৱেশবিলাকে "স্বাধীনতাৰ ঘোষণা" নামৰ প্ৰখ্যাত ঘোষণাটো কৰিছিল। ১৭৮২ খৃষ্টাব্দত যদ্ধখন শেষ হৈছিল, আৰু, যদ্ধত লিপ্ত থকা দেশ কেইখনৰ মাজত "পেৰিচৰ শান্তি" নামৰ যি সন্ধি হৈছিল, তাত ১৭৮৩ খৃষ্টাব্দত চহী কৰা হৈছিল।
এইদৰে আমেৰিকাৰ উপনিৱেশ তেৰখন লগ লাগি এখন স্বাধীন গণৰাষ্ট্ৰ হৈছিল, সেই ৰাষ্ট্ৰখনক আমেৰিকাৰ যুক্তৰাজ্য বোলা হৈছিল। কিন্তু বহহৃত কাললৈকে প্ৰতিখন ৰাজ্যই আনবিলাক ৰাজ্যক সন্দেহৰ চকুৰে চাইছিল আৰ, প্ৰত্যেকখন ৰাজ্যই নিজক প্ৰায় স্বাধীন বদলি ভাবিছিল। সমূহীয়া জাতীয়তাৰ ভাব ক্লমে ক্লমে হে হৈছিল। দেশখন বিৰাট আছিল আৰু ই ক্ৰমে ক্ৰমে পশ্চিম ফাললৈ বিস্তৃত হৈছিল। আধুনিক জগতৰ এইখনেই প্রথম ডাঙৰ গণৰাষ্ট্ৰ আছিল। সেইকালত ক্ষুদ্র চুইজাৰলেণ্ড আন এখন মাথোন প্রকৃত গণৰাষ্ট্ৰ আছিল। যদিও হলেণ্ডৰ শাসন গণৰাষ্ট্ৰীয় নীতিত চলিছিল, তথাপি তাত অভিজাতসকলৰহে আধিপত্য আছিল। ইংলেণ্ডত অকল ৰাজতন্ত্রই নচলিছিল। ইয়াৰ পার্লামেন্ট ধনী জমিদাৰৰ সৰু, শ্ৰেণীটোৰ হাতৰ মুঠিত আছিল। সেই কাৰণে যুক্তৰাজ্যৰ গণৰাষ্ট্ৰখন নতুন এক প্ৰকাৰৰ দেশ হৈছিল। ইউৰোপ আৰু এচিয়াৰ দেশবিলাকৰ দৰে ইয়াৰ অতীত নাছিল। দক্ষিণ ফালৰ খেতিৰ পামবিলাকত চলা পদ্ধতিটো আৰ, দাসত্বৰ বাহিৰে দেশখনৰ আনবিলাক ঠাইত সামন্তপ্ৰথাৰ চিন নাছিল। পৰষান রুমে রুম চলা আভিজাত্য ইয়াত নাছিল। ৰুৰ্জ্জোৱা বা মধ্যবিত্ত শ্ৰেণীৰ সংবর্ধনত এইদৰে প্ৰায় প্রতিদ্বন্দ্বিতা নাছিল, সেই কাৰণে এই শ্ৰেণীটোৰ দ্রুত সংবর্ধন হৈছিল। স্বাধীনতাৰ যদ্ধেৰ কালত এই দেশৰ লোকসংখ্যা চাৰি নিততকৈ কম আছিল। দুবছৰৰ আগত ১৯৩০ খৃষ্টাব্দত ই প্রায় ১২৩,০০০,০০০ আছিল।
জৰ্জ্জ - ৱাছিংটন যুক্তৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল। তেওঁ ভার্জিনিয়া ৰাজ্যৰ এজন ডাঙৰ জমিদাৰ আছিল। এই যৰে আন যিসকল মহৎ লোকক গণৰাষ্ট্ৰৰ প্রতিষ্ঠাতা বলি বিবেচনা কৰা হয়, তেওঁলোক আছিল টমাচ পেইন, বেঞ্জামিন ফ্রেঙ্কলিন, পাত্নিক হেনৰি, টমাচ জেফাৰচন, আডাম্, আৰ, জেম্চ, মাঞ্চিন। বেঞ্জামিন ফ্রোঙ্কলিন বিশেষকৈ প্ৰসিদ্ধ লোক আৰু, শ্রেষ্ঠ বৈজ্ঞানিক আছিল। ল'ৰাবিলাকৰ চিলা উৰুৱাই তেওঁ প্ৰমাণ কৰি দেখৱাইছিল যে মেঘৰ বিজলি বিজলিশক্তিৰে সৈতে একে
১৭৭৬ খৃষ্টাব্দৰ "স্বাধীনতাৰ ঘোষণা"ত কোৱা হৈছিল যে "সকলো মান্দহে
সমান হৈ জন্ম গ্রহণ কৰে।" বিশ্লেষণ কৰি চালে দেখা যায় যে এই উদ্ভিটো কাচিৎহে শদ্ধ, কাৰণ কিছুমান মান্দহ দুব্বল, কিছুমান সবল, কিছুমান আন কিছুমানতকৈ বেচি দন্ধিমান আৰু, সমর্থ হয়। কিন্তু উক্তিটোৰ অন্তর্নিহিত ভাবটো যথেষ্ট স্পষ্ট আৰু, প্রশংসনীয়। উপনিৱেশবাসীবিলাকে ইউৰোপত সামন্তপ্ৰথাৰ বাবে হোৱা অসাম্যবিলাকৰ পৰা আঁতৰত থাকিব খাজিছিল। এইটোৱেই বৰ বেচি উদ্ধৃতিৰ কথা আছিল। সম্ভৱতঃ স্বাধীনতাৰ ঘোষণাটো ৰচনা কৰা লোকসকলৰ বহহুতে ভলটেয়াৰ আৰ, ৰুচোৰপৰা আৰম্ভ কৰি ১৮শ শতাব্দীৰ ফ্ৰান্সৰ দার্শনিক আৰ, ভাব,কসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
"সকলো মান্দহ সমান হৈ ওপজে" - তথাপি সেই দেশত দুর্ভগীয়া নিগ্রোবিলাক আছিল, তেওঁলোক গোলাম আছিল আৰ, তেওঁলোকৰ প্ৰায় একো অধিকাৰ বা স্বত্ব নাছিল। তেওঁলোকৰ গতি কি হৈছিল ? সংবিধানৰ লগত তেওঁলোকক কেঁনেকৈ খাপ খঊৱা হৈছিল ? তেওঁলোক খাপ নেখাইছিল, এতিয়াও খাপ নাই। বহহৃত বছৰৰ পাচত উত্তৰ ফালৰ ৰাজ্যবিলাকব লগত দক্ষিণ ফালৰ ৰাজ্যবিলাকৰ দৰ্ঘোৰ গৃহ-যদ্ধে হৈছিল, আৰ, তাৰ ফলত দাসত্ব প্রথা নিষিদ্ধ কৰা হৈছিল। কিন্তু নিগ্ৰোৰ সমস্যাটো এতিয়াও আমেৰিকাত চলি আছে।
ইতিমধ্যে আমি ১৮শ শতাব্দীৰ দুটো বিপ্লৱৰ কথা অতি চমকৈ আলোচনা কৰিছোঁ। এই চিঠিত মই তৃতীয় বিপ্লৱটোৰ অৰ্থাৎ ফৰাচী বিপ্লৱৰ বিষয়ে তোমাক অলপমান কম। তিনিওটা বিপ্লৱৰ ভিতৰত ফ্ৰান্সৰ এই বিপ্লৱটোৱে বেচি উত্তেজনাৰ সৃষ্টি কৰিছিল। ইংলেণ্ডত আৰম্ভ হোৱা শিল্প-বিপ্লৱটো অতি গুৰুত্বপূৰ্ণ বিপ্লৱ আছিল, কিন্তু ই রুমে রুমে আৰ, অতি সৰহ ভাগ মানহৰ অলক্ষিতে হৈছিল। সেই কালত অতি কম মানহে ইয়াৰ প্ৰকৃত তাৎপর্য উপলব্ধি কৰিছিল। কিন্তু ফৰাচী বিপ্লৱটো বিস্ময়বিমূঢ় ইউৰোপত বজ্ৰপাতৰ দৰে হঠাৎ সংঘটিত হৈছিল। ইউৰোপ তেতিয়া ৰজা আৰু, সম্রাটৰ অধীনত আছিল। বহুকালৰ আগতে প্রাচীন "পৱিত্ৰ ৰোমান সাম্ৰাজ্য" অচল হৈছিল, কিন্তু কাগজে-কলমে ই তেতিয়াও আছিল আৰ, ইয়াৰ ভূতটোৱে ইউৰোপৰ ওপৰত তেতিয়াও দীঘল ছাঁ পেলাই আছিল। ৰজা আৰু, সম্রাট, ৰাজসভা আৰু, কাৰেঙেৰে ভৰি থকা ইউৰোপৰ এই সমাজখনত জনসাধাৰণৰ মৰ্মস্থলৰ পৰা এই অদ্ভুত আৰু, ভয়ঙ্কৰ সৃষ্টিটোৰ আৱিৰ্ভাব হৈছিল; ই আও-পৰণি ৰীতি আৰু, বিশেষ স্বত্ববিলাকলৈ আওকাণ কৰিছিল, ৰজা এজনক তেওঁৰ সিংহাসনৰপৰা ওফৰাই পেলাইছিল আৰু, আনবিলাক ৰজাকো তেনে গতি হোৱাৰ ভয় খুৱাইছিল। ইউৰোপৰ ৰজা আৰু, বিশেষ স্বত্ব ভোগ কৰি থকা মানুহবিলাকে যি জনসাধাৰণক
বিশ্ব-ইতিহাসৰ জিলিঙন্ি
ইমান দিন তুচ্চ কৰি দমাই ৰাখিছিল, সেই জনসাধাৰণৰ, এই বিদ্ৰোহৰ সন্মুখত যে তেওঁলোক ভয়ত ক'পিছিল, তাত আচৰিত হব লগীয়া কি আছে ?
ফৰাচী বিপ্লৱটো আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দৰে হঠাৎ হৈছিল। কিন্তু কোনো কাৰণ নাইবা বহুদিনীয়া ক্রমবিকাশ নোহোৱাকৈ বিপ্লৱ আৰ, আগ্নেয়গিৰিৰ বিস্ফোৰণ হঠাতে নহয়। আমি আগ্নেয়গিৰিৰ আকস্মিক বিস্ফোৰণটো দেখি আচৰিত হওঁ; কিন্তু পৃথিৱীৰ ওপৰ ভাগৰ তলত একেৰাহে বহৃত যড়্গ বহুতো শক্তিৰ ঘাত প্রতিঘাত হয় আৰু, জইবিলাক একে লগ হয় আৰু যেতিয়া ওপৰৰ খোলাটোৱে সেইবিলাক ধৰি ৰাখিব নোৱাৰা হয়, তেতিয়া সেইবিলাক হঠাৎ বিস্ফৰিত হৈ আকাশলঙ্ঘা ভয়ঙ্কৰ অগ্নিশিখালৈ ৰূপান্তৰিত হয় আৰু, আগ্নেয়গিৰিৰ কাষেদি তাপত গলা পদার্থবিলাক তললৈ হৰহৰাই বৈ আহে। ঠিক সেইদৰেই যিবিলাক শক্তিয়ে শেহাৰত বিপ্লৱত হঠাৎ দেখা দিয়ে, সেইবিলাকে সমাজৰ তল ভাগত কাম কৰি থাকে। তুমি পানী তপতাই থাকিলে ই উতলে, কিন্তু তুমি জানা যে 'ই বেচিকৈ তপত হৈ হৈ হৈ উতলা অৱস্থাটো পায়।
ভাৱধাবা আব্ব, অর্থনৈতিক অৱস্থাই বিপ্লৱৰ সৃষ্টি কৰে। কৰ্তৃত্ব চলোৱা অবিবেচক মান,হবিলাকে তেওঁলোকৰ ভাৱৰ লগত খাপ নোখোৱা কোনো কথাকে নজে, তেওঁলোকে ভাৱে যে আন্দোলনকাৰীবিলাকে বিপ্লৱৰ সৃষ্টি কৰে। আন্দোলনকাৰীবিলাকে প্রচলিত অৱস্থাত অসন্তুষ্ট হৈ পৰিৱৰ্ত্তন বাঞ্ছা কৰি তাৰ অর্থে - কাম কৰে। প্রত্যেক বৈপ্লৱিক যগতে তেওঁলোকব সংখ্যা যথেষ্ট হয়, প্রচলিত আন্দোলন আৰু, অসন্তুষ্টিয়েই তেওঁলোকক সৃষ্টি কৰে। কিন্তু এজন আন্দোলনকাৰীৰ নিৰ্দ্দেশতে লাখ লাখ মানুহ কাষলৈ আগ নেবাঢ়ে। সৰহ ভাগ মানহে আন সকলো কথা বাদ দি নিৰাপত্তা বাঞ্ছা কৰে, তেওঁলোকৰ যিখিনি আছে, তাক হেৰুৱাবৰ সম্ভাৱনা তেওঁলোকে নিবিচাৰে। কিন্তু যেতিয়া অর্থনৈতিক অৱস্থা এনে হয় যে তেওঁলোকৰ দৈনন্দিন দমূখ-কষ্ট বাঢ়ে আৰ, জীৱনটো তেওঁলোকৰ কাৰণে অসহনীয় বোজা হয়, তেতিয়া দুর্ব্বল মানহবিলাকো সম্ভাৱ্য বিপদৰ সন্মুখীন হবলৈ সাজ; হয়। তেতিয়াহে তেওঁলোকে আন্দোলনকাৰীৰ কথা শনে, তেওঁলোকৰ মনত লাগে যে আন্দোলনকাৰীয়ে তেওঁলোকক দুৰ্গতিৰপৰা মুক্ত হবলৈ বাট দেখাৱাইছে।
মোৰ বহৃত চিঠিত মই জনসাধাৰণৰ যাতনা আৰ, কৃষকবিলাকৰ বিদ্ৰোহৰ কথা তোমাক কৈছোঁ। এচিয়া আৰু, ইউৰোপৰ প্ৰত্যেকখন দেশতে কৃষকবিলাকৰ এনে বিদ্ৰোহ হৈছিল, সেইবিলাক বিদ্ৰোহৰ ফলত সঘনে প্ৰচুৰ ৰক্তপাত আৰ, নিষ্ঠুৰ উৎশীড়ন, হৈছিল। তেওঁলোকৰ যাতনাই তেওঁলোকক বৈপ্লৱিক কামলৈ উদগাইছিল, কিন্তু সাধাৰণতে তেওঁলোকৰ লক্ষ্য-স্থানৰ বিষয়ে নিজৰ কোনো স্পষ্ট ধাৰণা নাছিল। চিন্তাৰ এনে অস্পষ্টতাৰ কাবণে, মতবাদৰ এনে অভাৱৰ কাৰণে সঘনে বিফলতাত তেওঁলোকৰ চেষ্টাৰ অন্ত পৰিছিল। ফৰাচী বিপ্লৱত আমি এটা নতুন কথা দেখিবলৈ পাওঁ আৰু, সেই কথাটো যেনে-তেনে ইমান বিস্তৃত ভাৱে হৈছিল - সেই কথাটো হৈছে বৈপ্লৱিক কামৰ কাৰণে অর্থনৈতিক উদগনিৰ লগত ভাৱবিলাকৰ মিলন। খেতিয়া এনে মিলন হয়, তেতিয়াই প্রকৃত বিপ্লৱ হয় আৰু, প্রকৃত বিপ্লৱে জীৱন আৰু
সমাজৰ সমগ্ৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু, ধার্মিক গাঁথনিটোৰ গঢ় লৰায়। ১৮শ শতাব্দীৰ শেষৰ বছৰ কেইটাত ফ্রান্সত আমি এনে হোৱা দেখিবলৈ পাওঁ।
ফৰাচী ৰজাবিলাকৰ বিলাসিতা, অকর্মণ্যতা আৰু দৰ্নীতিৰ বিষয়ে আৰু জনসাধাৰণৰ অতি ক্লেশকৰ দাৰিদ্ৰৰ বিষয়ে মই আগতে তোমাক কৈছোঁ। ফৰাচী মানহৰ মনত হোৱা আলোড়নৰ বিষয়ে আৰ, ভল্টেয়াৰ, বচো, মণ্টেকু আৰু আন বহহুতে প্রচলিত কৰোৱা নতুন ভাৱবিলাকৰো তোমাক আগতে আভাস দিছোঁ। এইদৰে অৰ্থনৈতিক যাতনা আৰু, মতবাদৰ সংগঠন - এই দুয়োটা পদ্ধতি একেলগে চলি আছিল আৰু ইহ'তৰ পৰম্পৰ ঘাত-প্রতিঘাত হৈছিল। জাতি এটাৰ মানুহৰ মাজত মতবাদ এটা সংগঠিত হবলৈ দীঘলীয়া সময় লাগে, কাৰণ নতুন ভাববিলাক ক্রমে ক্রমে নিজৰি তেওঁলোকৰ মনত সোমাব লাগে আৰু, অতি কম সংখ্যাৰ মান্দহেহে তেওঁলোকৰ পুৰণি মত মত আৰু মনৰ ধাৰণা এৰি দিবলৈ আগ্ৰহ কৰে। অতি সঘনে এনে হয় যে যি কালত নতুন মতবাদ এটা প্রতিষ্ঠিত হয় আৰু মানুহবিলাকে নতুন ভাৱসমূমূহ গ্ৰহণ কৰিব পৰা হয়, সেই কালত এই ভাবিলাকেই আংশিকভাৱে অচল হয়। এই কথাটো লক্ষ্য কৰিলে মনত কৌতূহল হয় যে ইউৰোপৰ শিল্পবিপ্লৱৰ আগৰ যগঢোক মূল কৰি ১৮শ শতাব্দীৰ ফৰাচী দার্শনিকসকলৰ ভাৱবিলাকৰ সংবর্ধণ হৈছিল, কিন্তু প্রায় ঠিক সেই কালতে ইংলেণ্ডত শিল্প-বিপ্লৱ আৰম্ভ হৈছিল আৰু ই উদ্যোগ আৰু জীৱিকা নির্বাহৰ পদ্ধতি ইমান বেচিকৈ পৰিৱৰ্ত্তন কৰিছিল যে বাস্তৱতে বহ‡তো নতুন ফৰাচী মত অমূলক হৈছিল। শিল্পবিপ্লৱৰ উন্নয়ণ বাস্তৱতে পাচত হৈছিল আৰ, ফৰাচী দার্শনিকসকলে স্বাভাৱিকতে ভৱিষ্যতত কি হব তাক অনুমান কৰিব নোৱাৰিছিল। তথাপি তেওঁলোকৰ ভাৱবিলাকেই বহতো পৰিমাণে ফৰাচী বিপ্লৱৰ মতবাদৰ মূলত আছিল আৰু বৃহৎ উদ্যোগবিলাকৰ প্ৰচলনৰ লগে লগে তেওঁলোকৰ ভাৱবিলাক আংশিক ৰূপে অচল হৈছিল।
যি কি নহওক, এই কথাটো স্পষ্টকৈ জনা গৈছে যে বিপ্লৱটোত ফৰাচী দার্শনিকসকলৰ এই ভাৱ আৰু, মতবিলাকৰ ফল অতি শক্তিশালী হৈছিল। পূর্বে আন্দোলন আৰু বিদ্ৰোহত জনতা সক্ৰিয় হোৱাৰ বহহৃত দৃষ্টান্ত আছিল; এতিয়াৰ ফৰাচী বিপ্লৱৰ দৃষ্টান্তটো সচেতন জনতা, বৰং সচেতনভাৱে চলোৱা জনতা, সক্ৰিয় হোৱাৰ এটা অসাধাৰণ দৃষ্টান্ত আছিল। ইয়াতে ফ্ৰান্সৰ এই গৰুত্বপূৰ্ণ বিপ্লৱটোৰ প্ৰাধান্য
মই তোমাক আগতে কৈছোঁ যে ১৭১৫ খৃঃত ১৫শ লয়ে তেওঁৰ আজো ককাক ১৪শ লাইৰ পাচত সিংহাসন আৰোহণ কৰি ৫৯ বছৰ ৰাজত্ব কৰিছিল। তেওঁ এনেকৈ কোঝ বুলি প্রবাদ আছে যে "মোৰ পাচত প্রলয় হব"; আৰু তেওঁ সেই ভাৱেৰেই কাম কৰিছিল। তেওঁ উলাহেৰে নিজৰ দেশখনক অতল গহৰত পেলাইছিল। বৃটেনব বিপ্লৱ আৰু ইংৰাজ ৰজাৰ মূৰে কটা যোৱাৰ পৰা তেওঁৰ শিক্ষা নহ'ল। । ১৭৭৪ খৃঃত তেওঁৰ পাচত তেওঁৰ নাতি ১৬শ লাই ৰজা হ'ল, এওঁ অতি মূহূৰ্খ আৰ, নির্বোধ আছিল। তেওঁৰ পত্নী মেৰি আল্টোৱাটে অস্মীয়াৰ হেপ্চৰাৰ্গ বংশৰ সম্রাটৰ ভনীয়েক আছিল।
তেৱোঁ অতি মূৰ্খ আছিল, কিন্তু তেওঁৰ এক প্ৰকাৰৰ অদমনীয় মনৰ বল আছিল। ১৬শ লাই সম্পর্ণে তেওঁৰ কৰ্তৃত্বাধীন আছিল। "ৰজাৰ ঐশ্বৰিক স্বত্বৰ" ভাৱটোৱে লইতকৈও বেচিকৈ তেওঁৰ মন পৰিপূৰ্ণ কৰি ৰাখিছিল আৰ, তেওঁ জনসাধাৰণক ঘিণ কৰিছিল। স্বামী-স্ত্রী দুয়ো লগ লাগি সকলো কাম এনেদৰে কৰিছিল যে ৰাজতন্ত্ৰৰ ভাৱটো জনসাধাৰণৰ কাৰণে ঘৃণনীয় হৈছিল। বিপ্লৱ আৰম্ভ হোৱাৰ পিচতো ৰাজতন্ত্ৰৰ প্ৰশ্নত ফৰাচী মানুহবিলাকৰ কোনো স্পষ্ট ধাৰণা নাছিল, কিন্তু লাই আৰু, মেৰি আল্টোৱানেটে তেওঁলোকৰ কার্যকলাপ আৰু অবিবেচনাবিলাকৰ দ্বাৰা গণৰাষ্ট্ৰ অৱশ্যম্ভাবী কৰিছিল। পিচে তেওঁলোকতকৈ বেচি জ্ঞানী মানুহে প্ৰায় একো কৰিব নোৱাৰিলেহে'তেন। ঠিক সেই দৰেই ১৯১৭ খৃষ্টাব্দৰ ৰূচিয়াৰ বিপ্লৱৰ অলপ আগৰ কালচোৱাত ৰুচিয়াৰ জাৰ আৰু, জাৰিণাই (সম্রাট আৰু, সম্রাজ্ঞীয়ে) বিস্ময়কৰ অবিবেচনাৰে চলিছিল। এনে মানুহবিলাকে গভীৰ সঙ্কট বেচি গভীৰ হৈ যোৱাৰ লগে লগে যেনে বেচিকৈ অবিবেচক হৈ নিজৰ নিপাতত বৰঙণি যোগায়, তাক দেখিলে আচৰিত হব লাগে। লেটিন ভাষাত এটা প্ৰসিদ্ধ প্রবচন আছে যে ঈশ্বৰে যাক নিপাত কৰিব খোজে, তাক তেওঁ প্ৰথমতে বলিয়া কৰে; এই প্ৰবচনটো তেওঁলোকৰ গাত ভালকৈ খাটে। সংস্কৃত ভাষাত ইয়াৰ প্ৰায় সমর্থক এটা প্রবচন আছে যে "বিনাশকালে বিপৰীত বৰ্দ্ধিঃ"।
সামৰিক যশ সঘনে ৰাজত্য আৰু, একনায়কত্ববাদৰ এটা ধৰনী হৈ আহিছে। যেতিয়াই দেশৰ ভিতৰত অশান্তি হয়, তেতিয়াই জনসাধাৰণক অন্যমনস্ক কৰিবৰ অৰ্থে ৰজা নাইবা শাসনত অধিষ্ঠিত দলটোৰ মন দেশৰ বাহিৰত সামৰিক অভিযান চলোৱালৈ আকৃষ্ট হয়। কিন্তু ফ্রান্সত সামৰিক অভিযানবিলাকৰ ফল বেয়া হৈছিল। সাত বছৰীয়া ৰণৰ ফল হৈছিল ফ্ৰান্সৰ পৰাজয় আৰু এই পৰাজয় ৰাজতন্ত্ৰৰ কাৰণে আকস্মিক বিপদ হৈছিল। দেৱলীয়া অৱস্থা ক্লমে বেচিকৈ ওচৰ চাপিছিল। আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধত ফ্রান্সে যোগ দিয়াৰ ফল হৈছিল বেচি ভগন। এই ধনবিলাক ক'ৰপৰা আহিছিল ? সম্ভ্রান্ত লোকসকল আৰ, ধৰ্ম্মযাজকসকল আছতীয়া স্বত্ব ভোগ কৰা লোক আছিল আৰু অতি সৰহ ভাগ কৰৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছিল আৰ, তেওঁলোকে আছ,তীয়া স্বত্ববিলাক এৰি দিবলৈ অকণো মন নকৰিছিল। কিন্তু অকল ধাৰ মাৰিবলৈকে নহয়, ৰাজসভাৰ অপৰিমিত ব্যয় যোগাবলৈকো ধন নোগোটালে নচলে। জনসাধাৰণৰ, সাধাৰণ মানুহবিলাকৰ কি হৈছিল? ইংৰাজ লিখক কাৰ্লাইলে ফৰাচী বিপ্লৱৰ বিষয়ে লিখাৰ পৰা মই তেওঁলোকৰ বৰ্ণনা এটা দিম। তুমি দেখিবলৈ পাবা যে তেওঁৰ লিখাৰ এটা বিশেষ ৰীতি আছে আৰ, তেওঁ লিখা বর্ণনাবিলাক সঘনে বৰ প্ৰাণস্পৰ্শী হয়। তেওঁ কৈছিল :
"কাম কৰা মানুহবিলাকৰ লগত সম্পর্ক'টোও ভাল নহয় । দূর্ভাগ্যসূচক! কাৰণ তেওঁলোকৰ মানূহ শিৰপৰা পচিশ নিষত আছে। পিচে আমি তেওঁলোকসকলোকে মঠতে এটা অস্পষ্ট, সংক্ষিপ্ত, ভয়ঙ্কৰ কিন্তু অস্পষ্ট আৰু, ইতৰ জনতা প্ৰৰূপে আমাৰ পৰা বহহৃত দূৰৈত থকা গোট দলি, নাইবা বেচি দয়াল, ভাষাত "জনসাধাৰণ" বুলি ভাবোঁ। তেওঁলোক প্ৰকৃততে জনসাধাৰণ; তথাপি অসাধাৰণ কথা এই যে তুমি যদি কল্পনাৰ বলত বহল ফ্ৰান্সৰ দেশখনৰ সকলো ঠাইলৈকে তেওঁলোকক
অনুসৰণ কৰি তেওঁলোকৰ মাটিৰ প'জাবিলাকৰ, ঘৰৰ ওপৰৰ কোঠালীবিলাকৰ আৰু গ'ৰালবিলাকৰ ভিতৰলৈ যোৱা, তেনেহলে তুমি দেখিবা যে জনসাধাৰণত সকলোবিলাক একক আছে। প্রত্যেক এককৰে নিজৰ অন্তৰ আৰু নিজৰ দখ-কষ্ট আছে; প্রত্যেকেই নিজৰ গাৰ ছালেৰে আবৃত হৈ তেনেবিলাক ঠাইত থাকে, তুমি যদি তাক চিকুটা, তেনেহলে তাৰ তেজ ওলাব।"
এই বর্ণনাটো অকল ১৭৮৯ খৃষ্টাব্দৰ ফ্ৰান্সৰ লগতে নহয়, ১৯৩২ খৃষ্টাব্দৰ ভাৰতবৰ্ষৰ লগতো কিমান সন্দৰকৈ মিলে। আমিও বহুতে ভাৰতবৰ্ষৰ "জনসাধাৰণ" বহৃত কুৰি নিহৃত খেতিয়ক আৰু, বনৱাক একেটা মঠতে ধৰি তেওঁলোকক এটা অস্খীয়া, অভজা জন্তু বদলি নেভাবোঁ নে ? বহহৃত যুগ ধৰি তেওঁলোক ভাৰ বোৱা জন্তু হৈ আহিছে আৰু এতিয়াও তেনে হৈ আছে। আমি তেওঁলোকৰ প্ৰতি "সহান,ভূতি" দেখৱাওঁ আৰু তেওঁলোকৰ ৰক্ষক স্বৰূপে তেওঁলোকৰ উপকাৰ কৰাৰ কথা কওঁ। তথাপি আমি তেওঁলোকক ব্যক্তি আৰু আমাৰ লগত বেচি অমিল নথকা মানহ বদলি কাচিৎ হে ভাবোঁ। আমি মনত ৰাখিলে ভাল হয় যে তেওঁলোকৰ মাটিৰ প'জাত তেওঁলোকৰ বিতং জীৱনধাৰা আছে আৰু আমাৰ সকলোৰে দৰে তেওঁলোকেও ভোক, শীত আৰু, কষ্ট অনুভৱ কৰে। আমাৰ বহহুতো আইনত পাৰ্গত ৰাজনীতিবিদে সংবিধান আদিৰ বিষয়ে ভাৱে আৰ, কয়, কিন্তু তেওঁলোকে যি মানুহবিলাকৰ কাৰণে সংবিধান আৰু, আইন কৰে তেওঁলোকৰ কথা পাহৰে। মাটিৰ প'জা আৰু, চহৰৰ অতি লেতেৰা আৰ, অস্বাস্থ্যকৰ অঞ্চলত বাস কৰি থকা আমাৰ কোটি কোটি মানহৰ কাৰণে ৰাজনীতিৰ অৰ্থ ক্ষুধাতুৰবিলাকৰ কাৰণে আহাৰ, গাৰ কাপোৰ আৰু আশ্রয়।
১৬শ লইৰ অধীনত ফ্ৰান্সৰ অৱস্থা এনে আছিল। তেওঁৰ ৰাজত্বব প্ৰাৰম্ভতে ক্ষধাতুৰবিলাকৰ কেইবাটাও বিক্ষোভ প্রদর্শন হৈছিল। এইবিলাক অনেক বছৰ চলি আছিল, কিছুমান দিনৰ বিৰামৰ পাচত পনৰ কেইবাটাও কৃষকৰ বিদ্ৰোহ হৈছিল। ডিজোঁত আহাৰৰ কাৰণে হোৱা এনে এটা সংঘৰ্ষত সেই ঠাইৰ গভৰ্ণৰজনে (শাসকজনে) অনাহাৰী মান,হবিলাকক কৈছিল, "ঘাঁহ গজিছে, পথাৰলৈ গৈ ঘাঁহৰ কোমল পাতবিলাক খাই জীয়াই থাকাহক।" বিৰাট সংখ্যাৰ মানুহ ব্যৱসায়ী-মগনীয়া হৈছিল। চৰকাৰী ঘোষণাত কোৱা হৈছিল যে ১৭৭৭ খৃষ্টাব্দত ফ্রান্সত এঘাৰ লাখ মগনীয়া আছিল। ফ্রান্সৰ এই দাবিদ্র্য আৰু দুৰ্গতিৰ কথা যেতিয়া আমি ভাৱোঁ, তেতিয়া কেনে অনিবাৰ্য্যভাৱে ভাৰতবৰ্ষৰ কথা আমাৰ মনলৈ আছে !
কৃষকবিলাক অকল আহাৰৰ ক্ষুধাতে আতুৰ নাছিল, তেওঁলোক মাটিৰ ক্ষধাতো আতুৰ আছিল। সামন্তপ্রথা মতে সম্ভ্রান্ত লোকসকল মাটিৰ মালিক আছিল আৰু, মাটিৰ পৰা হোৱ। আয়ৰ সৰহীয়া এটা ভাগ তেওঁলোকৰ হৈছিল। কৃষকবিলাকৰ কোনো স্পষ্ট ভাৱ নাছিল, কোনো স্পষ্ট লক্ষ্যও নাছিল, কিন্তু তেওঁলোক মাটিৰ গৰাকী হ'ব খুজিছিল। যি সমান্তপ্রথাই তেওঁলোকক দমন কৰি আছিল, তেওঁলোকে তাক দ্বিণ কৰিছিল। তেওঁলোকে সম্ভ্রান্ত মান,হবিলাকক আৰু ধৰ্ম্মযাজকবিলাককো ঘিণ কৰিছিল আৰু যি "গেবেল" বা লোশ-কৰ দুখীয়াবিলাকৰ গাত বিশেষকৈ লাগিছিল, তাকো দ্বিপাইছিল (আকৌ ভাৰতবৰ্ষৰ কথা ভাবি চোৱা !)।
কৃষক সম্প্ৰদায়ৰ অৱস্থা এনে অছিল, তথাপি ৰজা আৰু, ৰাণীয়ে বেচি ধনৰ কাৰণে হৈ-চৈ লগাইছিল। চৰকাৰৰ ব্যয়ৰ কাৰণে ধন নাছিল আৰু ধাৰ বাঢ়ি গৈছিল। মেৰি আণ্টোৱানেটে "ঘাটি পৰা মহিলা" বলি উপলঙা কৰা নাম পাইছিল। ধন সংগ্ৰহ কৰাৰ কোনো উপায় নাছিল। অৱশেষত ১৬শ লয়ে নিৰূপায় হৈ ১৭৮৯ খৃষ্টাব্দৰ সেই মাহত "ষ্টেচ্ জেনেৰেল" আহ্বান কৰিছিল। এই সংসদখন অভিজাত, ধর্ম্মযাজক আৰ, জনসাধাৰণৰ - এই তিনিটা শ্ৰেণীৰ প্রতিনিধিৰে গঠিত হৈছিল; এই তিনি শ্রেণীৰ প্ৰত্যেকটোকে "এষ্টেট" বোলা হৈছিল। সংগঠনত ই বৃটিছ পার্লামেন্টৰ লগত অমিল নাছিল, বৃটিছ পার্লামেন্টতো অভিজাত আৰু, ধৰ্ম্মযাজকসকলেৰে গঠিত "হাউচ অব্ লৰ্ডচ" আৰু, জনসাধাৰণৰ "হাউচ অব, কমঞ্চ" আছে। কিন্তু এই দুই সংসৰ্গৰ মাজত বহুতো পার্থক্য আছিল। কেইবা শ বছৰ বৃটিছ পার্লামেণ্টৰ বৈঠক প্রায় নিয়মীয়াকৈ হৈ আছিল আৰু পৰম্পৰা, নিয়ম আৰু, পদ্ধতিৰে সেই সংসদ সদসংগঠিত কৰা হৈছিল। "ষ্টেট্চ্, জেনেৰেল"ৰ বৈঠক কাচিৎ হৈছিল আৰু ইয়াৰ কোনো পৰম্পৰা নাছিল। দুয়োখন সংসদতে উচ্চ শ্রেণীবিলাকৰ প্রতিনিধি আছিল। বৃটেনৰ "হাউচ অব্ কমঞ্চ"ত উচ্চশ্রেণীৰ প্রতিনিধি "ষ্টেট্চ্; জেনেৰেল"ত থকা উচ্চশ্রেণীৰ প্ৰতিনিধিতকৈ বেচিহে আছিল। কোনোখন সংসদতে কৃষক সম্প্ৰদায়ৰ প্ৰতিনিধি নাছিল।
১৭৮৯ খৃষ্টাব্দৰ ৪ মেইৰ দিনা ৰজাই ভাছাইত "ষ্টেট্চ্, জেনেৰেল"ৰ বৈঠক মুকলি কৰিছিল। কিন্তু তিনিওটা শ্ৰেণীৰ প্ৰতিনিধিবিলাকক তেনেকৈ মাতি নি গোটোৱাৰ কাৰণে তেওঁ শীঘ্ৰে অননুতাপ কৰিব লগীয়া হ'ল। আৰম্ভণিৰে পৰা তৃতীয় শ্ৰেণীয়ে, অর্থাৎ জনসাধাৰণ বা মধ্যবিত্তৰ শ্রেণীবিলাকে কোনো বাধা-নিষেধ নেমানি টানি ধৰিছিল যে তেওঁলোকৰ সন্মতি নোলোৱাকৈ কোনো ৰকমৰ কৰ বহুৱাব পৰা নহব। ইংলেণ্ডৰ দৃষ্টান্ত তেওঁলোকৰ সন্মূখত আছিল, তাত "হাউচ অব্, কমঞ্চে" স্বত্ব প্রতিষ্ঠিত কৰিছিল। অলপ আগতে ঘটা আমেৰিকাৰ দৃষ্টান্তটোও তেওঁলোকৰ চকুৰ আগত আছিল। তেওঁলোকে বব ভুলকৈ ভাবিছিল যে, ইংলেণ্ডখন মূহূক্ত দেশ। প্ৰকৃততে এইটো এটা ভ্ৰম আছিল। কাৰণ অভিজাত আৰ, জমিদাৰ শ্ৰেণীয়ে ইংলেণ্ডত আধিপত্য কৰি সেই দেশ শাসন কৰিছিল। ভোট দিয়াৰ অধিকাৰ অতি সীমাবদ্ধ হোৱাৰ কাৰণে পার্লামেন্টতো সেই দুই শ্ৰেণীৰ এদনীয়া ক্ষমতা আছিল।
যি কি নহওক, তৃতীয় শ্রেণীয়ে, অর্থাৎ জনসাধাৰণে যি অলপ কৰিছিল, সেইখিনিয়েই ৰজা লাইৰ মানত অনুচিতভাৱে বেচি হৈছিল। তেওঁলোকক• সভাঘৰৰপৰা খেদাই পঠালে। প্রতিনিধিবিলাকৰ গুচি যোৱাৰ ইচ্ছা নাছিল। ওচৰৰে টেনিচ খেলা পথাৰ এখনত গোট খাই তেওঁলোকে শপত গ্ৰহণ কৰিলে যে সংবিধান এখন প্রতিষ্ঠিত নকৰালৈকে তেওঁলোক লগ এৰাএৰি নহব। ইয়াকে "টেনিচ খেলা পথাৰৰ শপত" বোলা হয়। তাৰ পাচত যেতিয়া ৰজাই সামৰিক শক্তি প্রয়োগ কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁৰ নিজৰ সৈন্যবিলাকে যেতিয়া তেওঁৰ আদেশ মানিবলৈ অমান্তি হ'ল, তেতিয়াই চূড়ান্ত মহহূৰ্ত্তটোৰ উদয় হল। বিপ্লৱত সদায় চূড়ান্ত মূহূৰ্ত্ত তেতিয়াই হয়, যেতিয়া প্রধান ধৰণী সৈন্যবাহিনীয়ে জনতাত থকা তেওঁলোকৰ ভাই-ককাইবিলাকক গুলিয়াবলৈ অমান্তি হয়। এই ভর খাই সৈমান
হৈছিল, কিন্তু তাৰ পাচত তেওঁ সাধাৰণতে যেনে অবিবেচনাৰে কাম কৰে, সেই নিয়মে তেওঁ নিজৰ মানুহবিলাকক গুলি কৰি বধ কৰিবলৈ বিদেশী সৈন্যৰ দল আনিবৰ কাৰণে ষড়যন্দ্ৰ কৰিলে। দেশৰ মানদহবিলাকৰ কাৰণে এই ষড়যন্ত্র অসহনীয় হ'ল, আৰু স্মৰণীয় ১৪ জুলাইৰ দিনা তেওঁলোকে পেৰিচত বিদ্ৰোহ কৰি বাস্তিল, দুৰ্গৰ বন্দীশালখন দখল কৰি তাত থকা বন্দীবিলাকক মুক্ত কৰি দিলে।
বাস্তিল দৰ্গৰ পতন বৰঞ্জীৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। ই বিপ্লৱটো আৰম্ভ কৰালে ; দেশৰ সকলো ভাগতে জনতা-বিদ্ৰোহৰ ই সঙ্কেত স্বৰূপ হ'ল। ফ্ৰান্সৰ পৰণি ব্যৱস্থা, - সামন্তপ্রথা আৰু, মহিমান্বিত ৰাজতন্দ্ৰ আৰু, আছ,তীয়া স্বত্ব - অন্ত পৰাৰ কথা ই বাজালে; ইউৰোপৰ সকলো ৰজা আৰ, সম্রাটৰ কাৰণে ই ভয়ঙ্কৰ আৰু, বিভীষিকাপপূৰ্ণ অশুভ লক্ষণ। যি ফ্রান্সে একালত মহিমান্বিত ৰজাৰ আদৰ্শ চলাইছিল, সেই ফ্রান্সেই এতিয়া নতুন এটা আদর্শ দাঙি ধৰিলে; ইউৰোপে দেখি তবধ মানিলে। কিছমানে কামটো ভয় আৰ, অস্থিভাৱে নিৰীক্ষণ কৰিছিল, কিন্তু বহহুতে ইয়াত আশাৰ থল দেখিছিল আৰ, ভৱিষ্যতত বেচি ভাল দিনৰ আশ্বাস পাইছিল। ১৪ জুলাইৰ দিনটো এতিয়াও ফ্ৰান্সৰ জাতীয় উৎসৱৰ দিন, আৰু প্ৰতি বছৰে এই উৎসৱ দেশৰ সকলো ভাগতে পতা হয়।
১৪ জুলাইৰ দিনা পেৰিচৰ বিশৃঙ্খল জনতাৰ হাতত বাস্তিল দৰ্গৰ পতন হোৱা দেখা গৈছিল। কিন্তু ক্ষমতাত অধিষ্ঠিত মান,হবিলাক সঘনে এনে বিচাৰবদ্ধিহীন হয় যে ১৩ জুলাইৰ দিনা গধূলি ভাছাইত ৰজাৰ সম্মানৰ অৰ্থে এটা উৎসৱ হৈছিল। তাত নাচ-গান হৈছিল, আৰ, বিদ্রোহী পেচিৰ বিৰুদ্ধে অলপ পাচতে হব লগা যদ্ধত জয় লাভৰ কামনা কৰি ৰজা আৰ, ৰাণীৰ সম্মূখত সাৰা পান কৰা হৈছিল। আচৰিত কথা যে, বাজতন্দ্ৰৰ ভাৱটোৱে ইউৰোপত এনে অসাধাৰণভাৱে প্ৰভুত্ব কৰিছিল। বর্তমান যগত আমি গণতন্ত্ৰৰ লগত অভ্যস্ত হৈছোঁ আৰু, বজাৰ কথা কাচিৎ হে গহীনকৈ ভাবোঁ। যি কেইজন ৰজা পৃথিৱীত আছে, তেওঁলোকৰ বিপৰ্যয় হ'ব পাৰে বুলি ভয় কৰি তেওঁলোকে চাৰিও ফালে চাই-চিতি অতি সাৱধানে চলে। তথাপি, সৰহ ভাগ মানহ ৰাজতন্দ্ৰৰ ভাৱটোৰ বিৰোধী, কাৰণ ই শ্রেণী বিভাগৰ ব্যৱস্থাটো ৰাখে, আৰু, আছতীয়া হৈ থকাৰ আৰ মিছা গৌৰৱৰ ভাৱত উদগনি দিয়ে। কিন্তু ১৮শ শতাব্দীৰ ইউৰোপত এনে নাছিল। সেইকালৰ মানহবিলাকৰ কাৰণে ৰজা নথকা দেশ এখনৰ কথা ভবা অলপ টান আছিল। সেই কাৰণে ঘটনাক্রমে এনে হৈছিল যে লাইৰ অবিবেচনা আৰ, চেষ্টা কৰি চলোৱা উদ্ভণ্ডালিৰ সত্বেও তেওঁক ৰজা ভঙাৰ কথা কেতিয়াও উঠা নাছিল। প্রায় আৰ, দুবছৰ তেওঁলোকে তেওঁক আৰ, তেওঁৰ ষড়যন্দ্রবিলাক সহ্য কৰি আছিল; আৰু যেতিয়া তেওঁ পলাই যাবলৈ চেষ্টা কৰি ধৰা পৰিছিল, তেতিয়াহে ফ্রান্সে ৰজা নোহোৱাকৈ চলিবলৈ সিদ্ধান্ত কৰিছিল।
কিন্তু এই ঘটনা পাচত হৈছিল। ইতিমধ্যে "ষ্টেচ্ জেনেৰেল" গূচি "নেচনেল এচেম্ক্লি" (জাতীয় বিধান সভা) হৈছিল আৰ, ৰজা সাংবিধানিক বা নিয়ন্ত্রিত হৈছিল বুলি ভবা হৈছিল - অর্থাৎ বিধান সভাই তেওঁক যি কৰিবলৈ কৈছিল, তাকেহে তেওঁ কৰিছিল বুলি ভবা হৈছিল। কিন্তু তেওঁ এই ব্যৱস্থা বৰ বেয়া পাইছিল আৰু
মেৰি আল্টোৱাণেটে ইয়াক ততোধিক বেয়া পাইছিল, আৰু পেৰিচৰ মানহে তেওঁলোকক বৰ বেচি ভাল নেপাইছিল আৰ, তেওঁলোকে সকলো প্ৰকাৰৰ ষড়ষন্ত্র চলাই আছিল বলি সন্দেহ কৰিছিল। সেই কালত ৰজা আৰু ৰাণীয়ে ভাছাইত ৰাজসভা পাতিছিল; পেৰিচৰ পৰা ভাৰ্ছাই ইমান দূৰৈত আছিল যে পেৰিচৰ মানহে তেওঁলোকৰ ওপৰত চকু ৰাখিব নোৱাৰিছিল। ভাছাইত ৰজা আৰু বাণীয়ে চলোৱা উৎসৱ আৰ, বিলাসিতাৰ কাহিনী আৰ, গজববিলাক শনিও পেৰিচৰ ক্ষধাতুৰ মানহবিলাক উত্তেজিত হৈছিল। সেই কাৰণে এটা অতি অদ্ভুত শোভাযাত্ৰা কৰি ৰজা আৰু, ৰাণীক পেৰিচৰ টইলাৰি ৰাজপ্রাসাদলৈ নিয়া হৈছিল। ইয়াৰ পাচৰ চিঠিখনত মই বিপ্লৱটোৰ কাহিনী কম।
ফৰাচী বিপ্লবৰ বিষয়ে তোমালৈ লিখিবলৈ মই অলপ টান পাইছোঁ। সমলৰ অভাৱৰ কাৰণে নহয়, সমল অতি প্ৰচুৰ হোৱাৰ কাৰণেহে এনে হৈছে। বিপ্লৱটো আছিল এটা বিস্ময়কৰ আৰ, একেবাহে পৰিৱৰ্তন হৈ থকা অভিনয়, যিবিলাক অসাধাৰণ ঘটনাৰে ই পৰিপাৰ্ণ আছিল, সেইবিলাকে এতিয়াও আমাক মতুগ্ধ, আতঙ্কিত আৰ, উত্তেজিত কৰে। ৰজা, আৰ 'ৰাজনীতিজ্ঞসকলৰ ৰাজনীতিৰ ক্ষেত্ৰ হয় তেওঁলোকৰ গপ্ত আলোচনা কক্ষ নাইবা আছ,তীয়া কোঠালী, অবোধ্য ৰহস্যৰ জাল এখনে এনে বাজনীতি আবৰি ৰাখে। সতর্ক - ঢাকনি এখনে অনেক পাপ লকাই ৰাখে, আৰু ভদ্র ভাষাই উচ্চাকাঙ্খা আৰ, লোভৰ প্রতিদ্বন্দিতাৰ কাৰণে হোৱা সংঘাত গোপন কৰি ৰাখে। আন কি, যেতিয়া এনে সংঘাতৰ কাৰণে ষদ্ধ হয় আৰু এনে লোভ আৰ, উচ্চাকাঙ্খাৰ কাৰণে অসংখ্য যবকক মৃত্যুৰ মখলৈ পঠোৱা হয়, তেতিয়াও এনে নীচ উদ্দেশ্যৰ উল্লেখ কৰি আমাৰ কাণ কলষিত কৰা নহয়। তাৰ পৰিৱৰ্তে - আমাক কোৱা হয় মহৎ আদৰ্শ আৰ, মহৎ কাৰণৰ কথা আৰু, কোৱা হয় যে এইবিলাকৰ কাৰণে চৰম ত্যাগ কৰিব লাগে।
কিন্তু বিপ্লৱ তেনেই বেলেগ। পাথৰ, ৰাস্তা আৰ, ৰজা ইয়াৰ ক্ষেত্ৰ, ইয়াৰ পদ্ধতি কঠোৰ আৰু, অনিয়ন্ত্রিত। যিবিলাক মানুহে বিপ্লৱ কৰে, তেওঁলোকে ৰজা আৰ, ৰাজনীতিজ্ঞসকলৰ দৰে শিক্ষাৰ সযোগ নেপায়। তেওঁলোকৰ ভাষা অসংখ্য ষড়ষন্দ আৰ, কুৎচিৎ অভিপ্রায় লকাই ৰাখিব পৰাকৈ মাৰ্জিত আৰ, ভদ্র নহয় । তেওঁলোকৰ একোতে অবোধ্য ৰহস্য নেথাকে; তেওঁলোকৰ মনত যিবিলাক ভাৱ হয়, সেইবিলাক ঢাকি ৰখা তেওঁলোকৰ ঢাকনি নেথাকে; তেওঁলোকৰ গা ঢকা কাপোৰো অতি কম। বিপ্লৱত ৰাজনীতি, ৰজা, নাইবা ব্যৱসায়ী ৰাজনৈতিক মানহৰ খেলা হৈ
নেথাকে। তেতিয়া বাস্তৱতাৰ লগত ৰাজনীতিৰ সম্পর্ক হয় আৰু ইয়াৰ অন্তকালত থাকে স্বাভাৱিক মানৱ প্ৰকৃতি আৰু, ভোকাতুৰ মানহৰ শব্দা পেট।
ফ্রান্সত ১৭৮৯ খৃঃৰ পৰা ১৭৯৪ খৃঃ লৈ এই পাঁচোটা ভাগ্য নিয়ন্ত্ৰণ কৰা বছৰত ভোকাতুৰ জনসাধাৰণ এইদৰে সক্রিয় হোৱা আমি দেখিবলৈ পাওঁ। তেওঁলোকেহে ভয়াতুৰ ৰাজনীতিজ্ঞবিলাকক কামত লাগিবলৈ বাধ্য কৰিছিল আৰু তেওঁলোকৰ হতুৱাই ৰাজতন্ত্র, সামন্ত-প্ৰথা আৰ, ধৰ্মযাজকবিলাকৰ আছ,তীয়া স্বত্ববিলাক বদ কৰাইছিল। ভয়ঙ্কৰ "গিলোটিন" নামৰ বলিশালত তেওঁলোকৰহে মূৰ কটা গৈছিল আৰ, অতীতত যিবিলাক মানহে তেওঁলোকক দমন কৰি ৰাখিছিল আৰু, তেওঁলোকে নতুনকৈ লাভ কৰা মযুক্তিৰ বিৰূদ্ধে যিবিলাক মানহে ষড়যন্ত্র কৰিছিল বলি তেওঁ লোকে সন্দেহ কৰিছিল, সেই সকলোবিলাকৰ ওপৰত তেওঁলোকেই প্রতিশোধ লৈছিল। ফটা-ছিটা কাপোৰ পিন্ধা, শব্দা ভৰিৰে ফৰা এই মান,হবিলাকেই হৰাম ৰাকৈ গোটাই লোৱা অস্ত্রশস্ত্ৰৰে তেওঁলোকৰ বিপ্লৱ ৰক্ষা কৰিবলৈ যাহলৈ উধাতু খাই গৈছিল আৰু তেওঁলোকৰ বিৰূদ্ধে যোৱা ইউৰোপৰ শিক্ষিত সৈন্যবাহিনীক ওলোটাই খেদি পঠিয়াইছিল। ফ্ৰান্সৰ এই মানহবিলাকে অসাধাৰণ কৃতিত্ব দেখাৱাইছিল, কিন্তু বহুত বছৰব ভয়ঙ্কৰ কষ্ট আৰ, সংঘৰ্ষৰ পাচত বিপ্লৱৰ শক্তি শেষ হোৱাত ই নিজৰ বিৰুদ্ধেই য'জিবলৈ উঠি নিজে সৃষ্টি কৰা কামবিলাক নষ্ট কৰিবলৈ ধৰিছিল। তেতিয়া প্ৰতিবিপ্লৱ হৈছিল আৰু, এই প্রতিবিপ্লৱে বিপ্লৱটোক গিলি পেলাইছিল আৰ, যি জনসাধাৰণে বিপ্লৱৰ কাৰণে একোলৈকে ভয় নকৰি ইমান কষ্ট ভোগ কৰিছিল, তেওঁলোকক "শ্রেষ্ঠ" শ্রেণীবিলাকৰ শাসনৰ অধীনলৈ ওলোটাই পঠিয়াইছিল। প্রতিবিপ্লৱৰপৰাই সৰ্বাধিনায়ক আৰু, সম্রাট নেপোলিয়নৰ উদ্ভৱ হৈছিল। কিন্তু প্রতিবিপ্লৱ নাইবা নেপোলিয়নে জনসাধাৰণকে তেওঁলোকৰ পৰণি ঠাইলৈ ওলোটাই পঠিয়াব নোৱাৰিছিল। বিপ্লৱৰ প্ৰধান দখলবিলাক কোনোৱে নাইকিয়া কৰিব নোৱাৰিছিল, আৰু, কোনোৱে ফৰাচী জাতিৰ মনৰপৰা, প্ৰকৃততে ইউৰোপৰ আন আন জাতিৰ মনৰপৰা - যি কালত অলপ দিনৰ কাৰণে হলেও দৰৱস্থাত পৰি থকা মান,হবিলাকে তেওঁলোকৰ দাসত্ব ওফৰাই পেলাইছিল - সেই দিনবিলাকৰ মধৰ আৰ, তাঁর স্মৃতি গূচাব নোৱাৰিছিল।
বিপ্লৱৰ আগছোৱাত কতৃত্ব লাভৰ চেষ্টা কৰা বহতো দল আৰ, সমষ্টি আছিল। ৰাজতদ্ৰীবিলাকে ১৬ই লাইক সাৰ্ব্বভৌম ৰজা কৰি ৰাখিবলৈ ব্যৰ্থ আশা কৰিছিল; নম উদাপন্থীবিলাকে সংবিধান এখন বিচাৰিছিল আৰ, ৰজাক নিয়মতান্ত্রিক ৰজা স্বৰূপে ৰাখিবলৈ তেওঁলোক মান্তি হৈছিল; নৰম গণতন্ত্রীবিলাকক "জিৰোঁন্দিৰ" দল বোলা হৈছিল; বেচি উগ্র গণতন্ত্রীবিলাকক "জেকবিন" বোলা হৈছিল, কাৰণ তেওঁলোকে জেকবিন মঠৰ বহুল কোঠালীটোত তেওঁলোকৰ সভা পাতিছিল। এই কেইটাই প্রধান সমষ্টি আছিল, আৰ, এইবিলাকৰ ভিতৰত আৰু, এইবিলাকৰ বাহিৰেও বহ,তো ভাগ্যন্বেষী মানুহ আছিল। এনে সমষ্টি আৰ, ব্যক্তিৰ সমৰ্থনকাৰী স্বৰূপে ফ্ৰান্সৰ, বিশেষকৈ পেৰিচৰ জনসাধাৰণ আছিল, তেওঁলোকে নিজৰ স্তৰৰ বহঢ়তো অজ্ঞাত নেতাৰ অধীনত কাম কৰিছিল। বিদেশত, বিশেষকৈ ইংলেণ্ডত, "এমিগ্রে" (দেশান্তৰিত মানহ) নাম পোৱা ৰাজতন্ত্রী ফৰাচী সম্ভ্রান্ত মান,হবিলাক আছিল
বিপ্লৱৰ পৰা পলাই গৈ তেওঁলোকে বিপ্লৱৰ বিৰূদ্ধে অবিৰতভাৱে ষড়যন্ত্র চলাই আছিল। ইউৰোপৰ সকলো শক্তি বিপ্লৱী ফ্ৰান্সৰ বিৰুদ্ধে উঠিছিল। সংসদী কিন্তু সম্ভ্রান্ততন্ত্রী শাসন চলোৱা ইংলেণ্ডে আৰ, ইউৰোপৰ প্ৰধান ভূমি ভাগৰ ৰজা আৰু সম্রাটসকলে জনসাধাৰণৰ এই আচহৱা বিস্ফোৰণত সমানে ভয় খাইছিল আৰু, তেওঁলোক সকলোৱে ইয়াক দমন কৰিবলৈ চেষ্টা কৰিছিল।
ৰাজতন্ত্রীবিলাকে আৰু, ৰজাই ষড়যন্ত্র কৰিছিল, কিন্তু তেনে কৰি তেওঁলোকে নিজৰ বিনাশ চম, চপাইহে লৈছিল। "নেছনেল এচেম্ব্লি'তে (ফ্ৰান্সৰ সদনত) প্ৰথমতে নৰম উদাপন্থীৰ দলটো আন সকলো দলতকৈ বেচি প্রধান আছিল, তেওঁলোকে ইংলেণ্ড আৰু আমেৰিকাৰ লগত এক প্ৰকাৰে মিলা সংবিধান এখন বিচাৰিছিল। মিৰাবো তেওঁলোকৰ নেতা আছিল। প্রায় দুবছৰ তেওঁলোক সদনত ক্ষমতাত অধিষ্ঠিত আছিল আৰু, বিপ্লৱৰ প্ৰথম কেইদিনৰ কৃতকার্যতাত উল্লাসিত হৈ তেওঁলোকে বহ,তো চমৎকাৰ ঘোষণা কৰিছিল আৰ, কিছুমান প্রধান পৰিৱৰ্তন সাধিছিল। বাস্তিল দৰ্গৰ পতনৰ কুৰি দিনৰ পাচত ১৭৮৯ খৃঃব ৪ আগষ্টৰ দিনা সদনত এটা নাটকীয় দৃশ্য হৈছিল। সদনৰ আলোচ্য বিষয় আছিল সামন্তসকলৰ অধিকাৰ আৰু, আছতীয়। স্বত্ব ৰদ কৰা। সেই সময়ত ফ্রান্সৰ পাৰিপাৰ্শ্বিকতাত এনে কিবা এটা হৈছিল যি দেশৰ সকলো মানহৰে অন্তৰ স্পৰ্শ কৰিছিল আৰ, আনকি সামন্ত জমিদাৰবিলাকো কিছুমান দিন মুক্তিৰ নতুন সৰাৰ ৰাগিত মতলীয়া হৈছিল। ডাঙৰ ডাঙৰ সম্ভ্ৰান্ত লোক আৰু, খৃষ্টিয়ান ধৰ্মৰ নেতাসকল সদন-ঘৰত থিয় হৈ তেওঁলোকৰ সামন্ত অধিকাৰ আৰু আছ,তীয়া স্বত্ববিলাক এৰি দিয়াত তেওঁলোকে পৰস্পৰ প্ৰতিযোগিতা চলাইছিল। এইটো তেওঁলোকৰ অকপট আৰ, উদাৰ ইঙ্গিত আছিল, কিন্তু কিছু মান বছৰলৈ ইয়াৰ বেচি ফল পোৱা নগৈছিল। কিন্তু কাচিংহে আছতীয়া স্বত্ব ভোগ কৰা শ্রেণী এটাক এনে উদাৰ মনোবৃত্তিয়ে প্ৰণোদিত কৰে; নাইবা এনেও হব পাৰে যে আছ,তাঁয়া স্বত্ব অন্ত পৰাৰ সময় ওচৰ চাপিছে বলি এই শ্ৰেণীটোৱে উপলব্ধি কৰে; গতিকে সাধ, উদাৰ্তা দেখৱোই উত্তম পথ। বাপৱে যেতিয়া অস্পৃশ্যতা গচাবৰ কাৰণে অনশন কৰিছিল, তেতিয়া ভাৰতবৰ্ষৰ বৰ্ণ-হিন্দু,সকলে এনে ধৰণৰ এটা বিস্ময়কৰ ইঙ্গিত প্ৰকাশ কৰা আমি মঠেই কেইদিন মানৰ আগতে দেখিবলৈ পাইছিলো, আৰ, যাদ,কৰৰ মাৰি এডালৰ দ্বাৰা হোৱাৰ দৰে সমগ্ৰ দেশখনৰ ওপৰেদি আবেগৰ ঢৌ এটা পাৰ হৈ গৈছিল। হিন্দুসকলে পূর্বে যিডাল শিকলিতে তেওঁলোকৰ জাতিভাই বহৃতক বান্ধি ৰাখিছিল, সি কিছ, পৰিমাণে খহিছিল আৰ, বহত যগ হাজাৰ হাজাৰ যিবিলাক দুৱাৰ পূৰ্বে এই অস্পশ্যবিলাকৰ কাৰণে বন্ধ আছিল, সেই সকলোবিলাক তেওঁলোকৰ কাৰণে উন্মত্ত হৈছিল।
এইদৰে উৎসাহৰ উল্লাসত বিপ্লৱী ফ্ৰান্সৰ জাতীয় সদনে অন্ততঃ প্রস্তাবিত দাসত্ব, আছ,তীয়া স্বত্ব, সামন্ত আদালত, সম্ভ্রান্ত মানহ আৰ, ধৰ্ম্মযাজকক কৰৰপৰা ৰেহাই দিয়া আৰু আন কি উপাধি লোৱা প্ৰথাও ৰদ কৰিছিল। অসাধাৰণ কথা আছিল এই যে ৰজ়া তেতিয়াও আছিল যদিও সম্ভ্রান্ত সম্প্রদায়ে তেওঁলোকৰ উপাধি হেৰুৱাইছি।
তাৰ পাচত সদনে "মানহৰ অধিকাৰ সম্পৰ্কীয় ঘোষণা" এটা গৃহীত কৰিবলৈ
আগ বাঢ়িছিল। এই প্রসিদ্ধ ঘোষণাটোৰ ভাৱটো সম্ভৱতঃ "আমেৰিকাৰ স্বাধীনতা ঘোষণা"ৰ পৰা লোৱা হৈছিল। কিন্তু আমেৰিকাৰ ঘোষণাটো চুটি আৰু সৰল, আৰু ফ্রান্সৰ ঘোষণাটো দীঘল আৰু অলপ জটিল। যিবিলাক অধিকাৰে মানুহৰ সাম্য, স্বাধীনতা আৰু সংখ নিশ্চিত কৰে বুলি ভবা হৈছিল, সেইবিলাকেই মানহৰ অধিকাৰ আছিল। সেই কালত এই ঘোষণাটো অতি চমৎকাৰ আৰ, দঃসাহসী যেন লাগিছিল, ' আৰ, তাৰ পাচত প্রায় ১০০ বছৰ ই ইউৰোপৰ উদাৰপন্থী আৰ, গণতন্ত্রীবিলাকৰ চনদ আছিল। পিচে বর্তমান কালত ই অচল আৰু আমাৰ যুগৰ কোনো সমস্যাকেই সমাধান নকৰে। এই কথাটো আবিষ্কাৰ কৰোঁতে জনসাধাৰণে দীঘলীয়া সময় লৈছিল যে আইন মতে সাম্য হলেই আৰু ভোটৰ অধিকাৰ থাকিলেই এইবোৰে প্ৰকৃত সাম্য, স্বাধীনতা বা সখে নিশ্চিত নকৰে, জনসাধাৰণক শোষণ কৰাৰ আন উপায় ক্ষমতাত অধিষ্ঠিতবিলাকৰ হাতত তেতিয়াও থাকে। ফৰাচী বিপ্লৱৰপৰা এতিয়ালৈকে চিন্তাৰ বহুতো উন্নয়ণ বা পৰিৱৰ্ত্তন হৈছে, সম্ভৱতঃ বৰ্ত্তমান কালৰ অতি ৰক্ষণশীলবিলাকেও "মানুহৰ অধিকাৰ ঘোষণা"ৰ আড়ম্বৰী নীতিবিলাক গ্ৰহণ কৰিব। কিন্তু তাৰ অৰ্থ এনে নহয় যে তেওঁলোকে প্রকৃত সাম্য আৰ, স্বাধীনতা দিব খোজে, আমি সকলোৱে বেচি কষ্ট নকৰাকৈয়ে এই কথাটো বুজিব পাঁৰো। এই ঘোষণাটোৱে প্ৰকৃততে ব্যক্তিৰ সম্পত্তি নিৰাপদ কৰিছিল। সামন্ত প্ৰথা আৰু বিশেষ স্বত্ব সম্পৰ্কৰ আন কাৰণত ডাঙৰ সম্ভ্ৰান্ত মানহ আৰ, ধৰ্ম্মযাজকবিলাকৰ জমিদাৰী বাজেয়াপ্ত কৰা হৈছিল। কিন্তু সম্পত্তিৰ গৰাকী হোৱাৰ অধিকাৰটোক পৱিত্ৰ আৰু, অলঙ্ঘণীয় অধিকাৰ বদলি ভবা হৈছিল। সম্ভৱতঃ তুমি জানা যে এতিয়া উন্নত ৰাজনৈতিক চিন্তা মতে ব্যক্তিগত সম্পত্তি অনিষ্টকৰ বলি, আৰু পৰা যায় মানে ইয়াৰ লোপ পেলোৱা উচিত বুলি বিবেচনা কৰা হয়।
"মাননূহৰ অধিকাৰ ঘোষণা" বর্তমান কালত আমাৰ কাৰণে অতি সাধাৰণ এখন দলিল যেন লাগিব পাৰে। কালিৰ উচ্চ আদর্শবিলাক অতি সঘনে আজি অতি সাধাৰণ হয়। কিন্তু যি কালত ইয়াক প্ৰচাৰ কৰা হৈছিল, তেতিয়া ই সমগ্ৰ ইউৰোপত তীব্র অনুভূতিৰ সৃষ্টি কৰিছিল, আৰ, তেতিয়া এনে লাগিছিল যে ইয়াত দুর্গতি ভোগা আৰু পদদলিত সকলোৰে কাৰণে বেচি ভাল দিনৰ যথোচিত আশ্বাস আছিল। কিন্তু ৰজাই ঘোষণাটো ভাল নেপাইছিল; তেওঁ এনে অপৱিত্ৰ নিন্দাবাদত বিস্ময়াম্বিত হৈছিল আৰ, তেওঁ ইয়াৰ মঞ্জুৰ কৰিবলৈ অমান্তি হৈছিল। তেওঁ তেতিয়াও ভাছাইত আছিল। এই সময়তে পেৰিচৰ বিশৃঙ্খল জনতা এটাই মহিলাবিলাকৰ নেতৃত্বত ভাৰ্ছাইৰ কাৰেঙলৈ গৈ ৰজাক ঘোষণাটো মঞ্জুৰ কৰিবলৈ বাধ্য কৰিয়ে নেৰিছিল; তেওঁলোকে তেওঁক পেৰিচলৈ যাবলৈকো বাধ্য কৰিছিল। এই আচৰিত সমদলটোৰ কথাকে মই ইয়াৰ আগৰ চিঠিখনৰ শেষৰ ফালে উল্লেখ কৰিছিলোঁ।
সদনখনে আন বহহুতো সংস্কাৰ সাধন কৰিছিল। ধৰ্ম্মযাজকবিলাকৰ অপৰিমিত সম্পত্তিবিলাক চৰকাৰৰ দ্বাৰা বাজেয়াপ্ত কৰা হৈছিল। ফ্ৰান্সৰ দেশখন ৮০ টা ভাগত নতুনকৈ বিভক্ত কৰা হৈছিল, মোৰ বিশ্বাস যে সেই ভাগবিলাক এতিয়াও আছে। পূৰণি সামন্ত আদালতবিলাকৰ ঠাই পূৰাবলৈ উন্নত ধৰণৰ আদালত স্থাপন কৰা হৈছিল। এই সকলোবিলাকৰপৰা উপকাৰ হৈছিল, কিন্তু এইবিলাক বেচি
নাছিল। মাটি পাবলৈ ব্যগ্ল হোৱা কৃষক সম্প্রদায়ে আৰু আহাৰ পাবলৈ ব্যগ্ৰ হোৱা চহৰৰ সাধাৰণ মান্নুহবিলাকে এইবিলাকৰপৰা বেচি উপকাৰ নেপাইছিল। বিপ্লৱটোত বাধা পৰা যেন দেখা গৈছিল। তোমাক আগতে কৈছোঁ যে জনসাধাৰণৰ, কৃষক সম্প্ৰদায়ৰ আৰু চহৰৰ সাধাৰণ মানুহৰ প্ৰতিনিধি সদনখনত মঠেই নাছিল। মিৰাবোৰ নেতৃত্বত মধ্যবিত্ত শ্রেণীয়ে তাত আধিপত্য চলাইছিল; যেতিয়াই তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকৰ উদ্দেশ্য সিদ্ধি হৈছিল, তেতিয়াৰ পৰা তেওঁলোকে বিপ্লৱ বন্ধ কৰিবলৈ অহোপৰষাৰ্থ কৰিছিল। আনকি, তেওঁলোকে ৰজা লাইৰ লগত মিত্রতা কৰি প্ৰদেশবিলাকত কৃষক সম্প্ৰদায়ৰ মান হক গুলি কৰি বধ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ নেতা মিৰাবো বাস্তৱতে ৰজাৰ গপ্ত পৰামৰ্শদাতা হৈছিল। আৰু, যি সাধাৰণ মানুহবিলাকে আগতে ঝুলি দৰ্গ ধ্বংস আৰু, দখল কৰি ভাবিছিল যে সেই কামৰ দ্বাৰা তেওঁলোক বন্ধন-মক্ত হৈছিল, সেইবিলাক মানহে এতিয়া ঘটা ঘটনাবিলাক দেখি আচৰিত হ'ল। তেওঁলোকৰ মুক্তি আগৰ দৰেই বহহৃত দূৰৈত থকা যেন লাগিল। পুৰণি জমিদাৰবিলাকে যিদৰে তেওঁলোকক তলত পেলাই ৰাখিছিল, নতুন "জাতীয় সদনে" প্রায় তেনেদৰেই তেওঁলোকক ৰাখিলে।
বিপ্লৱৰ স্নায়কেন্দ্ৰ পেৰিচৰ মান্নুহবিলাকে সংসদত হতাশ হৈ তেওঁলোকৰ বৈপ্লৱিক শক্তি প্রকাশৰ আন এটা পথ পাইছিল। এই পথটো আছিল পেৰিচৰ "কমিউন" বা পৌৰ-সভা। নগৰখনৰ প্ৰত্যেক আঞ্চলিক ভাগৰ পৰা বহতো সভ্য পৌৰসভালৈ নিৰ্বাচিত কৰা হৈছিল। "কমিউন" খনৰ আৰু, প্রত্যেক আঞ্চলিক ভাগৰো শক্তিশালী আৰু, সক্রিয় সন্ধা আছিল, এই সকলোবিলাক সন্থাৰ সাধাৰণ মান,হবিলাকৰ লগত প্রত্যক্ষ সম্পর্ক - আছিল। "কমিউন" খন আৰু, বিশেষকৈ আঞ্চলিক ভাগবিলাক বিপ্লৱৰ আগৰণৱা হৈছিল আৰ, নিৰ্জ, আৰ, মধ্যবিত্ত শ্রেণীৰ প্ৰাধান্য থকা সংসদখনৰ প্ৰতিদ্বন্দী হৈছিল।
ইতিমধ্যে বাস্তিল দৰ্গ পতনৰ বছেৰেকীয়া উৎসৱৰ দিন পৰাত পেৰিচৰ মান,হবিলাকে ১৪ জুলাইত এটা ডাঙৰ উৎসৱ পাতিছিল। ইয়াক "সংঘবদ্ধ দলৰ উৎসৱ" বোলা হৈছিল। পেৰিচৰ সাধাৰণ মানুহবিলাকে নগৰখন সজাবলৈ মজৰি নোলোৱাকৈ কাম কৰিছিল। কাৰণ তেওঁলোকে অন্যভৱ কৰিছিল যে উৎসৱটো তেওঁলোকৰ আছিল।
১৭৯০ খৃঃত আৰু ১৭৯১ খৃঃত বিপ্লৱটো এনে অৱস্থাত আছিল। সংসদখনৰ সকলো বিপ্লৱী - উৎসাহ আগতে নাইকিয়া হৈছিল আৰু তাত নানা পৰিৱৰ্তন হৈছিল; কিন্তু পেৰিচৰ সাধাৰণ মানুহৰ শক্তি তেতিয়াও উতলি আছিল, কৃষক সম্প্রদায়ে তেতিয়াও লোলপ দৃষ্টিৰে মাটিলৈ চকু দি আছিল। এনে অৱস্থা বহহৃত দিন চলি থাকিব নোৱাৰিলে; বিপ্লৱ আগৱাই যাব লাগিব নতুবা ই একেবাৰে লোপ পাব লাগিব। ১৭৯১ খৃঃৰ আগছোৱাত নৰমপন্থী নেতা মিৰাবোৰ মৃত্যু হ'ল। তেওঁ ৰজাৰ লগত গোপনে ষড়যন্ত্র কৰিছিল যদিও সাধাৰণ মানুহবিলাকৰ প্ৰিয় আছিল আব্দ, তেওঁলোকক সংযত কৰি ৰাখিছিল। ১৭৯১ খৃঃৰ ২১ জুনত এটা ঘটনা ঘটে আৰু ইয়েই বিপ্লৱটোৰ ভবিতব্য স্থিৰ কৰিলে। এই ঘটনাটো আছিল ৰজা লাই আব্দ মেৰি আল্টোৱাণেটৰ ছদ্মবেশত পলায়ন। তেওঁলোকে বদখি কৰি প্ৰায় সীমান্ত পাই
| pdf |
16ff411065215283f890f3837d6c52f96c255b83 | কিছু বিক্ষিপ্ত চিন্তা, কিছু বিক্ষিপ্ত কথা আৰু কামেৰে শনি আৰু দেওবৰীয়া টাইমপাচ (সুৰজিত্ নেওগ)
আমাৰ দৰে ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সপ্তাহৰ অন্তত শনিবাৰ আৰু দেওবাৰবোৰৰ আকৰ্ষণ তথা প্ৰয়োজন অপৰিসীম। আকৰ্ষণ এইবাবেই যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পুৱা চাৰে আঠ বজাৰপৰা ৰাতি চাৰে আঠ বা ন বজালৈকে গেবাৰি (মানে গৰু খাটন বা গাধ খাটন ! ! ) খটাৰ পিছত নিত্য নৈমিত্তিক কামখিনি বা দৈনিক অপৰিহাৰ্য্য কামখিনিৰ বাদে দিনটোৰ শেষত আন কিবা গঠনমুলক কাম কৰিবলৈ শক্তি, ইচ্ছা বা ধৈৰ্য্য একোৱেই নাথাকেগৈ। কেৱল শৰীৰটো চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা খাদ্য গ্ৰহণৰ বাদে মানসিক পুষ্টিৰ বাবে কিতাপ এখন পঢ়া, নিজৰ প্ৰিয় গীতটো শুনা বা নিজে ভাল পোৱা বাদ্যযন্ত্ৰটো টুং-টুঙোৱা, টিভিত ভাল কিবা এটা অনুস্থান বা বোলছবি এখন চোৱাৰ আনকি নিকটাত্মীয় কাৰোবাৰ লগত দুৰভাষতে হওক, কথা এষাৰ পতাৰ বাবেও যেন সময়ৰ টনাটনি। নিজ পুত্ৰ-পৰিবাৰৰ লগতো কেইষাৰমান কথা (তাকো অতি প্ৰয়োজনীয়! ! ) ৰাতি শোৱাপাটিতহে হয়। সততে শুনি অহা 'সময়ৰ সদব্যৱহাৰ'ৰ ওপৰত এতিয়ালৈকে 'অৰ্জা' সকলো জ্ঞান, প্ৰায় নিয়মীয়াকৈ (বছৰত এবাৰকে হলেও) উপস্থিত থকা 'টাইম মেনেজমেন্টৰ' ওপৰত বিভিন্ন অনুস্থান, বিজ্ঞজনৰ এইবিষয়ত দিয়া ভাষণ ইত্যাদিবোৰ সপ্তাহৰ এই পাঁচোটি দিনত অসাৰ যেন ভাৱ হয়...। আৰু এই পাঁচোটি দিনৰ শৃংখলৰপৰা ওলাই আহিবলৈ উদগ্ৰীৱ হৈ থকা মনটো বা শৰীৰটোৰ বাবে সেয়ে সপ্তাহান্তিকৰ এই দুটাদিন যেন জীৱনৰ আটাইতকৈ অমূল্য সময়বোৰ অন্যতম।
কিমান যে কাম? বাৰিষাৰ আগমনৰ লগে লগে ঘৰৰ বাৰীখনত চাৰিওফালে ঘাহ-বন এডাল এডাল কৈ হৈ আগুৰি ধৰিছে। চিকুনাব লাগে; এওঁক কলোঁ, এই শনিবাৰে তোমাৰ লগত এইবোৰ চাফা কৰিম। গেৰেজটোৰ ওপৰত মকৰাজালে আগুৰি ধৰিছে। এওঁ ঢুকি নোপোৱা, ঘৰটোৰ ওপৰৰ ফালে অলপ অলপ মকৰাজাল হৈছে, সেইবোৰ আঁতৰাব লাগে। এই শনিবাৰে কৰিম। ফুলৰ টাবথোৱা দীঘল লোহাৰ ৰেইলিংখন অলপ অলপ মামৰে ধৰিছে; বৰষুণ ভালকৈ অহাৰ আগেয়ে ক'লা ৰংটো দি দিব লাগিব। ৰঙৰ টেমা আৰু ব্ৰাছ দুডালমানো আনি থোৱা আছে। ৰং দিলেই হ'ল। এই শনিবাৰ আৰু দেওবাৰে ৰং মাৰিমেই। ঘৰৰ সন্মুখৰ কেঁচা বাটডোখৰ এইকেইদিন বৰষুণত একেবাৰে পথাৰৰ ঘেলঘেলীয়া বোকা হোৱা দৰে হৈছে। প্ৰতিবেশী শৰ্মা, দাস, দেৱদা, বলেনহঁতৰ লগত আলোচনা কৰি জামমাটি বা আন তেনে কিবা পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। গাইপতি পাঁচশ মানকে উঠালে হৈ যাব লাগে; অফিচতে বহি মনে মনে হিচাপ এটা কৰিলোঁ। নাই, এনেকৈ আৰু সেই লেতেৰা বাটটোৰে নোৱাৰি দেই; এই শনিবাৰে আলোচনা কৰি দেওবাৰে বাটটো ঠিক কৰিবই লাগিব। গাড়ীখনৰ তলৰফালটো চাব নোৱাৰা হৈছে; জি. এচ. ৰোডৰ ফিনফিনিয়া ৰাস্তাৰ ওপৰত মানুহবোৰে যেন মোৰ বোকাৰে পোতখোৱা গাড়ীখনলৈ চাই ফিচিঙা-ফিচিং কৰি কয় 'এহ, গাড়ী চলাই হে, চাফা যে কৰিব লাগে তাকো নিশিকিলে! ' . . নাই নাই, এই শনিবাৰে শুই উঠি চাহ খাই প্ৰথম কাম গাড়ী ধুম। কিমান যে কাম? মনে মনে হিচাপ কৰি চাওঁ, এই দুটা দিনত হ'বগৈ নে বাৰু? হ'ব হ'ব, কিয় নহ'ব? কিনো ডাঙৰ কথা, সময়ৰ সদব্যৱহাৰ কৰিম আক'। টাইম মেনেজমেন্ট. . বছ। ইমান দিনৰ কাগজে-পত্ৰই শিকা কথাখিনি এইবাৰ ব্যৱহাৰিক দিশত সুপ্ৰয়োগ কৰাৰ সময় সমাগত। মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাবে অপেক্ষা।
অলেখ কিবা কিবি কৰাৰ আশাৰে এটা ফৰকাল মন লৈ শুক্ৰবাৰে নিশা বিচনাত পৰিলো। চিৰাচৰিত অভ্যাসৰ তাগিদাত শনিবাৰেও পুৱা ঠিক ছয বজাত সাৰ পালোঁ। ইকাটি সিকাটি কৰি থাকোতে থাকোতে সাত বাজিবৰ হ'ল। বিচনাত মই আৰু ল'ৰাটো; এওঁ উঠি গ'লেই ইতিমধ্যে। কুকুৰ মেকুৰী কেইটাৰ বিননি, ভোক লাগিছে; আমি খাওঁ নাখাওঁ, সিহঁতকটো সময়মতে দিবই লাগিব। লেলাই ধেণ্ডাই উঠি, মুখ-হাত ধুই তলৰ খোৱা মেজ পাওঁগৈ মানে চাৰে আঠ বাজিলেই। আহ, আক' সেই একে সময়। সদায় খোৱাৰ সময়। আজি কিবা অফিচ আছে নেকি? অলপ দেৰিকৈ চাহ জলপান খাম; এওঁক কলোঁ। 'আমাৰ অসম' খন মেলি ল'লোঁ, প্ৰথম পৃষ্ঠাত পঢ়িবলগীয়া একো খবৰ নায়েই। ট্ৰিবিউনখন ইতিমধ্যে ল'ৰাটোৱে কব্জা কৰিছেই। চাহ খাই থাকোতে আক' এবাৰ নিজকে নিজে সোৱঁৰাই ললোঁ; আজিৰ কামৰ বিষয়ে। জলপান খাই উঠি টিভিটো লগালো ন'মান বজাত; আজিৰ ব্ৰেকিং নিউজকেইটা চাই লওঁ বুলি। মনৰ মতন (মানে গা ৰম ৰমাই যোৱা ! ) ব্ৰেকিং নিউজ নায়েই। গোটেই কিটা চেনেল লিৰিকি বিদাৰি চালোঁ; নাই কতো তেনে কোনো ভাগি চিগি যোৱা খবৰ নাই। এইবাৰ পকালোঁ ৰাষ্ট্ৰীয় (তথাকথিত ! ) চেনেল কেইটাত। আন খবৰ নাথাকিলেও, অন্তত দেশৰ বিভিন্ন প্ৰান্তত এটা হলেও ধৰ্ষন আৰু নৃশংস হত্যাৰ বাতৰি থাকেই...! !
ক্ৰিং ক্ৰিং ক্ৰিং... 'হেৰা, তোমাৰ ফন হে... হুঁ লোৱা' বুলি পৰিবাৰলৈ তেওঁৰ মোবাইলটো আগবঢ়াই দিলো। এওঁ লগে লগেই চিঞৰি উঠিল; "এহ মোৰ দুয়োখন হাত লেতেৰা, কঠালৰ আঠা লাগি আছে। তুমিয়েই ধৰাছোন। " মই ফ'নটো ধৰাত সিফালৰ পৰা ক'লে, মই ৰক্তিমৰ মাকক বিচাৰিছিলোঁ। মই বোলোঁ "মোক ক'ব পাৰে যদি কওকচোন, এওঁ এতিয়া ফ'ন ধৰিব পৰা অৱস্থাত নাই। মই স্পীকাৰ ম'ডত দি দিছো আপুনি কথা পাতক। " বুলি ফ'নটো এওঁৰ ওচৰত ধৰিলোঁ। কথা-বতৰাৰ সাৰাংশখিনি হ'ল - ল'ৰাটোৰ স্কুলৰ আগন্তুক বসন্ত উত্সৱত সি দুটা আধুনিক গীতত, এটা বিহুত তবলা বজাব আৰু এটা মিচিং বিহু নৃত্যত নাচিব। গতিকে প্ৰেক্টিচৰ বাবে তাক বিদ্যালয়লৈ লৈ যাব লাগে আজি...! ! যি আজ্ঞা বুলি ওলালোঁ ল'ৰাটোক লৈ। ঘূৰি আহি পাওঁ মানে দুপৰীয়া ভাত পানী খাই এওঁলোকৰ আৰোহণলৈ যাবৰ হ'লেই। ময়ো কিনো কৰিম বুলি বিচনাখনতে বাগৰ এটা দিলোঁ। আজিৰ কামখিনি আবেলিকে কৰিম। হঠাৎ ক্ৰিং ক্ৰিং ক্ৰিং... ধৰমৰাই উঠি ফ'নটো ধৰিলোঁ . . 'কি কৰিছা? " এওঁ সিফালৰ পৰা মাত লগালে। "এহ, শুই আছিলোঁ হে! ইমান দেৰি হ'ল গমকে নাপালো। " ... এওঁ ধমকিৰ সুৰত ক'লে "আও, ইমান মেৰাই মেৰাই শুব লাগে নে? শুনা, বৰষুণ দিব, কাপোৰ খিনি আৰু আচাৰখিনি ভৰাই দিয়া। সোনকালে। আৰু শুনা, ইহঁতকেইটাক (মানে আমাৰ চাৰিঠেঙীয়া কেইটা) খোৱা দি বাহিৰত অলপ উলিয়াই দিবা প্ৰস্বাৱ পাইখানা কৰি ল'বলে। আমাৰ অলপ দেৰি হ'ব, থ্ৰেডিং কৰিম আৰু মাইনাৰ পেইন্টিঙৰ বস্তু কিনিব লাগিব। " মইও 'ওঁ' বুলি শলাগি ফ'নটো থৈ বাহিৰলৈ চাওঁতে দেখো আন্ধাৰেই হ'ল। হঠাৎ মনত পৰিল আজি ৰাতি ক্লাবো আছে, মনটো ভাল লাগি গ'ল।
এওঁ সোঁৱৰাই দিয়ামতে কামখিনি কৰি উঠো মানে মাক-পুতেক আহি পালে। চাহ একাপ কৰি আবেলিৰ জলপান আমি তিনিওটাই খাই উঠি দেখোঁ চাৰে সাত বাজো বাজো। ক'লা ডাড়ি বিচাৰি নোপোৱা মুখখন অলপ চিকুণাই লওঁ বুলি বাথৰুমত সোমালোঁ। ৰাতি বাৰ মান বজাত শুবলে লৈ মনত পৰিল, আজি দেখোন ৰুটিন মতে একো কামেই নহ'ল। হ'ব, অহা কালি আৰু এদিন আছে হাতত... একেদিনাই অলপ কষ্ট হ'ব, একো নাই। মাজত এওঁ মাত লগালে "কাইলৈ ৰ'দ দিলে ইহঁতকেইটাক (চাৰিঠেঙিয়া কেইটা) গা ধুৱাব লাগিব; দুসপ্তাহেই হ'ল গা নোধোৱা সিহঁতক। " মই হ'ব বুলি শলাগি শুবলৈ যো-জা কৰিলোঁ।
ছয়বজাত টোপনি ভাঙিল। আজি আৰু লিং লাং নকৰোঁ বুলি তুৰন্তে উঠি দেখো বাহিৰত ধাৰাষাৰ বৰষু্ণ। ভালেই হ'ল, কাম এটা কমিল বুলি গাড়ীখন গেৰেজৰ পৰা উলিয়াই বাহিৰত দিলো; বৰুণ দেৱতাৰ কৃপাত ফ্ৰি চাৰ্ভিচিং। "হেৰা, শুনাছোন, এই মকৰাজাল এৰোওৱা লাঠিডাল ক'ত হে? " বুলি সুধিছোহে, এওঁ মাত লগালে "আহাঁ চাহ খাই লোৱাহি। " চাহ জলপানখাই উঠি "এই বৰষুণত আজি আৰু ক'ত কুকুৰ মেকুৰী গা ধুৱাবা হে" বুলি পৰিবাৰক কম বুলি ভাবোঁতেই দেখোঁ ৰ'দটো টিক টিকাই ওলাই আহিছে। হ'ব হ'ব, চব কৰিম আজি.... ঘাহঁ-বন চিকুণাম, ৰং মাৰিম, মকৰাজাল এৰুৱাম, ঘৰৰ সন্মুখৰ বাট ঠিক কৰিম, কুকুৰ মেকুৰী গা ধুৱাম, টিভি চাম, পৰিবাৰৰ লগত কথা পাতিম...। সদ্যহতে বাতৰি কাকতখন চাই লওঁ বুলি আৰামেৰে বহিছোঁহে, ল'ৰাটোৱে মাত লগালে "দেউতা, তোমাক কালি ক'বলৈ পাহৰিলোঁ; আজি আকৌ প্ৰেকটিচ আছে নহয়. . । " কি বুলি থৰ লাগিলোঁ... মানে পুনৰ যোৱাকালিৰ ৰুটিনৰ পুনৰাবৃত্তি. . ! ! চেহ. . উপায় নাই।
আবেলি এওঁলোক যোৱাৰ পিছত টিভিটো মেলি বহিলোঁ. . . ৰাষ্ট্ৰীয় চেনেল কেইটাত গৰমা-গৰমি... আমাৰ শ্ৰেষ্ঠ অসমীয়া অৰ্ণৱে দেখোন একদম ফালি দিছে... ৰেলমন্ত্ৰীৰ ভাগিনীয়েকে ১ কোটি টকা ঘোচ লৈ চিবিআইৰ হাতত ধৰা পৰিল। ইতিমধ্যে চাকৰি কৰি সোঁৱে বাঁৱে টকা ঘটা এজনক আৰু বেছি টকা খোৱাৰ সুবিধা থকা পদোন্নতিৰ বিনিময়ত ২ কোটিৰ টকাৰ উত্কোচ! হিচাপ কৰিলোঁ, এক কোটি, মানে এশ লাখ টকা... ওৱা, ইমান টকাৰ ঘোচ দিয়েনে? আমাৰ ইয়াত দৰমহা নোপোৱা মাষ্টৰ চাকৰিৰ পৰা অসম লোক সেৱা আয়োগলৈ ৫০ হাজাৰৰ পৰা ২ লাখ বা অতি বেছি ২০ লাখ... হেৰৌ তোৰ যদি দুই কোটি টকাই আছেই চাকৰি কৰ কিয়? মজা পালি এতিয়া? ... চেনেল পকাই গৈছোঁ... হঠাৎ আমাৰ লোকেল ব্ৰেকিং নিউজ এটাত চকু পৰিল.... তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহু সমিতিৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ বিহু কমিটিৰ ফালৰ পৰা দান দক্ষিণাৰ পৰিমাণ ফিক্সড কৰা হৈছে। শ্ৰীপুৰীয়া অঞ্চলৰ প্ৰতি ঘৰৰ পৰা নুন্যতম এহাজাৰৰ পৰা দুহাজাৰ, প্ৰতিখন পাণ-তামোলৰ দোকান, সৰু সুৰা চাহ দোকান, ঠেলাৱালা, ৰিক্সাৱালা, কুহিয়াৰৱালাৰ পৰা এহাজাৰ টকা, দৰবৰ দোকানৰ পৰা দুহাজাৰ, কাপোৰ, হাৰ্ডৱেৰ বা তেনেজাতীয় দোকানৰ পৰা দুইৰ পৰা দহহাজাৰ, ব্যৱসায়ীৰ পৰা বিছ হাজাৰ টকাৰ নূন্যতম চান্দা ধাৰ্য্য কৰা হৈছে.... ! ! বাহ. . ! ! এয়া হে খাটি অসমীয়া বিহু...। তিনিচুকীয়াৰ স্থানীয় চেনেল এটাৰ লগত জড়িত মোৰ পৰিবাৰৰ বায়েকলৈ ফ'ন লগালোঁ কথাটো কনফাৰ্ম কৰিবলে। হয়, তেওঁ ক'লে। তেওঁলোকৰ চেনেলৰ মালিকৰ পৰাও হেনো ৫০ হাজাৰ টকা বিচাৰিছে... ভাল লাগিল শুনি ! ! অসমীয়াৰ বাপতি সাহোন বিহুটো যদি তুমি দকা হকা দাবী ধমকি দি চান্দা তুলি নাপাতিলাই তেন্তে কি অসমীয়া হে? ? অসমীয়া বিহু জীয়াই থাকিব কেনেকে? ? হুঁহ ...! ! তাৰোপৰি বিহুৰ নামত ইমান খটাৰ পিছত যদি নিজলৈ দুপইছা নাথাকে সেইয়া কেনেকৈ হ'ব...? ? যিকি নহওক, বাতৰি আৰু নাচাওঁ বুলি ভাল একচন মুভি এখনকে লগাই বহি গলোঁ...! !
ইতিমধ্যে এওঁলোক আহি পাইছে... আহিয়েই এওঁ কলে. . "আজি ধ'কলা কে খাম দেই ... লগত ম'ম' . . " . . শনিবাৰ, দেওবাৰৰ গধুলিৰ চাহ কাপ কৰাটো মোৰ কাম... খাই বৈ উঠি এওঁক ক'লোঁ. . "ব'লা ওপৰৰ বাৰাণ্ডাত অলপ বহোঁগৈ; কথা পাতিম। " ... এওঁ খেং খেঙাই উঠিল "কি যে কোৱা? এতিয়া মই তোমাৰ লগত পেন পেনাই থাকিলে হ'ব নেকি? ভাত পানী কোনে ৰান্ধিব? কালিলৈ দেওবাৰ নহয়। ল'ৰাৰ স্কুল, তোমাৰ অফিচ নাই নেকি? সোনকালে খাই বৈ উঠি নুশুলে ৰাতিপুৱা কেনেকৈ উঠিম. . ? " মই লাহেকৈ নেগুৰডাল পেলাই আতৰি যোৱা মেকুৰীৰ দৰে চুচুক চামাককে আহি অকলেই বাৰাণ্ডাত বহি চিগাৰেট এটা জ্বলাই বহিলোঁহি .... ভাবিলোঁ, নাহ, এতিয়া মোৰ কিছু নিজস্বভাৱে সময় কটোৱা খুবেই প্ৰয়োজন... তললৈ নামি আহি কাটগ্লাচৰ চেটটোৰ পৰা মোৰ প্ৰিয় গ্লাচটো লৈ ফ্ৰিজটো খুলি বৰফ কেইটুকুৰা মান উলিয়াই লওঁতেই এওঁ মাত লগালে . . "যোৱা, মই চিকেন কেইটুকুৰা মান ফ্ৰাই কৰি লৈ গৈ আছোঁ"... মনটো ফৰকাল লাগি গ'ল.... এম্পলিফায়াৰ বক্সটোত গীটাৰখন লগাই লৈ টুং টুঙাইছো. . "যদি কাহানিবা সুৰবোৰ শেষ হয়, নাও মেলোতেই ভাৱ সাগৰত.... " ... হ'ব. . বাকীখিনি কাম অহা শনিবাৰে আৰু দেওবাৰে কৰিম ...কৰিমেই এইবাৰ. . ! ! ! | web |
30b0ed9a0de21f81ddeaf5a5c140246510758664 | গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গনাইজেচন (GCLO)ৰ প্ৰতিষ্ঠাপক সভাপতি নিৰ্মল ৰায়ৰ এক ভিডিঅ' বাৰ্তাই বৰ্তমান যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বাৰ্তাত নিৰ্মল ৰায়ে GCLOৰ কোনো কমিটি কোকৰাঝাৰ জিলাত গঠন কৰা হোৱা নাই বুলি জনায়। তেওঁ GCLOৰ সদস্য কোকৰাঝাৰ বা গোসাঁইগাঁৱত নথকাৰ কথা উল্লেখ কৰে।
অসম আৰক্ষীয়ে কোকৰাঝাৰৰ গোসাঁইগাঁৱত GCLOৰ যি ছয়জন সদস্য আটক কৰা দেখাইছে এয়া সম্পূৰ্ণ ভূৱা বুলি নিৰ্মল ৰায়ে মন্তব্য কৰে। ৰায়ে আৰক্ষীয়ে নিৰহ কোচৰাজবংশী জনসাধাৰণক হাৰাশাস্তি কৰা দুৰ্ভাগ্যজনক ঘটনা বুলি ব্যক্ত কৰে। ইয়োৰেপৰি ৰায়ে কয় যে, "আমি GCLOৰ ফালৰ পৰা আৰক্ষীক ধিক্কাৰ জনাইছোঁ। " শেষত 'জয় কমতাপুৰ', 'জয় কোচ ৰাজবংশী' আৰু 'জয় শিৱচণ্ডী' আদি ধ্বনি দি ভিডিঅ' বাৰ্তা সমাপ্ত কৰে। উল্লেখ্য যে, এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰক্ষীয়ে গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা GCLOৰ সন্দেহজনক ছয় সদস্যক আটক কৰিছিল। ধৃত যুৱক কেইজন গোসাইগাঁও অঞ্চলৰ গৌতম ৰায়, অভিজিৎ বশিষ্ঠ, সঞ্জীৱ ৰায়, মনোজ বৰ্মন, উত্তম ৰায় আৰু দ্বীপেশ ৰায় বুলি জানিব পৰা গৈছে। | web |
7e658f19c48c068b63add2ca85eb6c5323a388ae80b59cc2317ff9378e58b423 | ।। কুঁহিয়াৰ শালৰ শব্দ ।।
পুৰণিকালৰেপৰা অসমত প্ৰচুৰ পৰিমাণে কুঁহিয়াৰ উৎপন্ন হৈছিল। কুঁহিয়াৰৰ জাত ভিন্ ভিন্। জাভা, বোম্বাই পাখৰি আদি। বাৰিষা কালত ৰোপণ কৰা কুঁহিয়াৰবোৰ লক্ষ্মীপূজাৰ কালৰেপৰা খাবলৈ আৰম্ভ কৰে। পূজা-পাতলত কুঁহিয়াৰ নহ'লেই নহয় । পুহ মাহৰেপৰা কুঁহিয়াৰৰ গুৰিতকৈ আগটোহে অধিক মিঠা হয়। অসমীয়াত এষাৰ কথা আছে - 'আঘোণ গৈ পৰিল পুহ। কুঁহিয়াৰৰ গুৰি এৰি আগ চুহ'। ফাগুন মাহ পৰাৰ লগে লগে কুঁহিয়াৰ পেৰা আৰম্ভ হয়। কুঁহিয়াৰ পেৰি তাৰপৰা ৰস উলিয়াই সেই ৰস পগাই গুড় প্রস্তুত কৰাটো এটা কষ্টসাধ্য কাম। এই কাম আগতে শালৈসকলে সম্পন্ন কৰিছিল। বিভিন্ন মিঠাই আৰু গুড় প্রস্তুত কৰা শালৈসকলৰ উল্লিখন কথা গুৰুচৰিত আৰু পুৰণি তামৰ ফলিত পোৱা যায় (প্রাচ্য শাসনাৱলী, ফলি নং ৩১) কুঁহিয়াৰ পেৰা হয় কুঁহিয়াৰ শালত (কা. কেৰ্কা শাল)। ইয়াৰ সৈতে সম্পর্ক থকা কেইটামান শব্দ হ'ল - কৰণি, কাতৰি, কেঁচা ৰহ, খৰ মিঠাই (কা.) গেদেৰি (গুড় পাগোতে পোনতে পেলোৱা গেদ অংশ), চালনী, জাকি, জাবৰি (ৰসহীন, কুঁহিয়াৰ গছৰ খণ্ড), জুলীয়া গুড়, জেলুকা গুড়, ঢিমা মিঠাই, থালী, নিচিলা (জাবৰি ৰসত বান্ধি দি কৰা মিঠাই), ফুট (জেলেকা ফুট, পকা ফুট, ৰোৱা ফুট), ভীম মূৰী (মূৰীয়াল), ৰহীপাট, সেওট আদি।
।। কৃষি সম্বন্ধীয় লোক বিশ্বাস।।
অসমীয়া মানুহ প্ৰধান ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে কৃষি সম্বন্ধে অসমীয়া মানুহৰ মাজত ভালেখিনি লোকবিশ্বাস দেখিবলৈ পোৱা যায়। অসমীয়া মানুহৰ প্ৰধান খেতি ধান। ধান খেতি কৰিবলৈ হাল বাঁওতে প্রথম দিনা পূবমুৱা বা দক্ষিণমুৱাকৈ হাল জোৰা হয়। একাদশী, পূর্ণিমা, অমাৱস্যা, দোমাহী, পূজা পর্ব আদিত হালখতি পালন কৰা হয়। পথাৰত কঠিয়া ৰোৱাৰ প্ৰথম দিনা কলগছ এডাল পুতি গৃহস্থই লক্ষ্মী দেৱীক আৰাধনা কৰি বাঁও হাতেৰে প্ৰথমে গোছা দিয়ে। কঠিয়া ৰোৱাৰ শেষৰ দিনাখন ৰোৱনীয়ে পথাৰত তিনি মুঠি ডাঙৰ ডাঙৰ গোছাৰে পথাৰত ভঁৰাল সাজি কঠিয়া ৰোৱাৰ সামৰণি মাৰে। খেতিত পোক-পৰুৱাই নধৰিবৰ কাৰণে ভাঙৰ গছ আদি পোতা হয়। আহু ধান পুহ-মাঘ আৰু শালি ধান জেঠ- আহাৰ মাহত কৰিব লাগে। খেতি চপোৱাৰ আগতে ভাল দিন চাই আগ অনা হয়। ধান চপোৱা শেষ হোৱাৰ পিছত ধানবোৰ ভঁৰালত ৰখা হয়। ঋতুমতী হোৱা অৱস্থাত তিৰোতাৰ ভঁৰাল ঘৰত প্ৰৱেশ নিষেধ। গা নোধোৱাকৈও ভঁৰাল চুব নাপায় । নতুন ধানৰ চাউলৰপৰা প্ৰসাদ দি ন-খোৱা ভোজ পতা হয়। ভাদআহিন মাহত মাহখেতি কৰিব লাগে। আনহাতে কলগুলি ভাদ মাহত পুতিব নাপায় । নাৰিকল খাই তামোল গছ ৰুলে তামোলবোৰ খাবলৈ নাৰিকলৰ লেখীয়া হয়। তামোল
গছৰ পুলি তিনি চাৰিবাৰ উঠাই ৰুলে চাপৰতে লাগে। তামোল ফাটি সৰিলে তামেঃস গছৰ গুৰিত গৰুৰ কেঁচা গোবৰ দিয়া হয়। নাৰিকলৰ প্ৰথম থোক ওলালে একে উশাহতে থোকটো কাটি দিয়া হয়। নাৰিকল গছত ফল নধৰিলে গছডালত এটা ফুটা কৰি তাত চাৰি বস্তি জ্বলোৱা হয়। মাঘ বিহুৰ মেজিৰ বাঁহেৰে আম, কঁঠাল, নাৰিকল, তামোল আদি গছত কোবালে ফল বেছিকৈ ধৰে বুলি এটা বিশ্বাস আছে। পাণ শাওন মাহত ৰব লাগে। ঋতুমতী অৱস্থাত তিৰোতাই পাণ ছিগা নিষেধ। ফাগুন-চ'তত বাঁহ গছৰ গুৰিত মাটি দিব লাগে। বাঁহ গছ চৌহদৰ দক্ষিণ আৰু পূৱদিশত ৰুব নালাগে। লাও, কোমোৰা, জিকা, ভোল আদি ৰোৱা সময়ত ল'ৰা ছোৱালী বোকোছাত লৈ ৰুলে ফল প্ৰচুৰ পৰিমাণে লাগে। জিকা আৰু ভোল মংগল আৰু শনিবাৰে ৰব নালাগে। বাৰীত হোৱা বিভিন্ন খেতিত লোকৰ মুখবা চকু নালাগিবৰ বাবে খেৰৰপৰা সজা চৌ আঁৰি দিয়া হয় আৰু পচা ফলবোৰ তিনিডাল শলাৰে বিন্ধাই নঙলাৰ মুখৰ বাটত থৈ দিয়া হয়।
কি. ক.
।। কেঁচাইখাতী ।।
কেঁচাইখাতীক তাম্ৰেশ্বৰী অথবা একজটা নামেৰেও জনাজাত। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ হ'ল আদ্যা শাক্তি। এই আদ্যা শক্তিৰেই কালী, চণ্ডী, তাৰা, উগ্রচণ্ডা, চামুণ্ডা, তাম্ৰেশ্বৰী, একজটী, কেঁচাইখাতী আদি ভিন্ন ৰূপ বুলি শাক্ত পন্থীসকলে বিশ্বাস কৰি আহিছে। শক্তি ৰূপক ভয়ংকৰ নাৰী মূৰ্তিৰ কল্পনাৰ পৰম্পৰা এক উল্লেখযোগ্য বৈশিষ্ট্য। একেদৰে অসমতো প্রাচীন কালৰেপৰা এনে পৰম্পৰ। ঢলি আহিছে। তাত্ৰেশ্বৰী, কেঁচাইখাতী আদি শক্তিৰূপৰ উৎস আৰ্য-ভিন্ন প্ৰজাতিৰ। পিছলৈ আযীয় ধ্যান-ধাৰণাৰ লগত একীভূত হৈ শক্তি ৰূপৰ অংগাংগী হৈ পৰে।
অসমৰ আৰ্য-ভিন্ন জনগোষ্ঠীৰ মাজত কেঁচাইখাতী বা তাম্ৰেশ্বৰী জনপ্রিয় শক্তিৰূপী দেৱী। এই দেৱীৰ সমুখত প্ৰাচীন কালত নৰবলিৰ বিধান আছিল। দেওবাৰ নৃত্য এই পূজাৰ অপৰিহাৰ্য অংগ। আজিকালি নববলিৰ পৰিৱৰ্তে দেৱীৰ সমুখত ম'হ, ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয়।
উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ তাম্ৰেশ্বৰী মন্দিৰনামৰ উপন্যাসত তাম্ৰেশ্বৰী অথবা কেঁচাইখাতী পূজাৰ বিশদ বিৱৰণ পোৱা যায়।
।। কেঁকোৰা দোলা ।
আহোম যুগত ৰজা, ডা-ডাঙৰীয়া আৰু গোসাঁই মহন্তসকলৰ এবিধ সম্ভ্রান্ত বাহন আছিল দোলা। অৱশ্যে দোলা সৰ্বভাৰতীয় বাহন আৰু সংস্কৃত সাহিত্যতো ইয়াৰ বিবৰণী পোৱা যায়। অসমৰ দোলাৰ নাম কেইবাটাও। যেনে কেঁকোৰা দোলা, চেক ল
দোলা, পাৰ্হি দোলা আদি। আহোমসকলৰ পূৰ্বে চুতীয়াসকলে কেঁকোৰা দোলা ব্যৱহাৰ কৰিছিল। ১৪২২-২৩ শকত আহোমসকলে চুতীয়াৰ বিৰুদ্ধে ৰণ দি তেওঁলোকক পৰাজিত কৰি তেওঁলোকৰপৰা যিবোৰ সম্পদ লাভ কৰিছিল তাৰে অন্যতম আছিল কেঁকোৰা দোলা। আহোম ফ্রা চেং মুংগ বৰগোহাঁয়ে ইয়াক নতুন ৰূপত সজাই তোলে। হৰকান্ত বৰুৱা সদৰামিনৰ ভাষাৰেই - 'তলে কেঁকোৰা দোলাকে লুটিয়াই ওপৰে কেঁকোৰা মাৰি দি তলে কাপোৰৰ পৰ্হি ও নালৰপৰা ছুটিকৈ ঢেকৰ দাপোণ লগাই, নক্সা লৰাই কেঁকোৰা দোলা কৰিলে।' (আসাম বুৰঞ্জী) পাৰ্হি আৰু কেঁকোৰা দোলাৰ সাদৃশ্য দেখুৱাই ড° লীলা গগৈয়ে লিখিছে- 'দুয়োবিধ দোলাৰে ছৈৰ দুয়োমূৰে ফেঁট তোলা আৰু ওপৰলৈ ওখ হৈ ঘোৰ খোৱা ।মাৰিডালৰ গলধনত বিন্ধা থাকে। ঢেকৰৰ ওপৰলৈ যোৱা লোহা, পিতল বা কাঁহৰ খুটাত দুয়োমূৰে দুটা জোঙা খুটি থাকে। দুয়োমূৰৰ খুটি ছৈৰ বিন্ধাত খুৱাই দিয়ে। তেতিয়া দোলাত যাওঁতে ৰ'দ-বৰষুণ নাপায়।' (টাই সংস্কৃতিৰ ৰূপৰেখা) কেঁকোৰা আৰু পাৰ্হি দোলাত দুখনকৈ দাপোণ ৰখাটো উল্লেখযোগ্য।
না. দা.
কেৰু কাণত পিন্ধা অলংকাৰ। ইয়াক অকল সোণৰে গঢ়া হয়। বাখৰ খটোৱা নহয় । অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল। অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে। ই আছিল বৰপেটা অঞ্চলৰ বিশেষ মর্যাদাসম্পন্ন অলংকাৰ। এতিয়া বৰপেটাৰ বাহিৰে অন্যান্য ঠাইতো কেৰু গঢ়োৱা হয়। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই কিছু পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ'বলৈ ধৰিছে। অতি দুখীয়া সম্প্ৰদায়ৰ মহিলাই সোণৰ সলনি ৰূপৰ কেৰু গঢ়ায়ো পৰিধান কৰে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে - সোণৰ কেৰু, ৰূপৰ কেৰু, বাঙ্গাম কেৰু, বৰৈ দিয়া কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি।
প্র. শ.গো
।। কোচ আমোলৰ অসমত শৈৱধৰ্ম।।
'পুৰণি কমতাৰাজ্যৰ ৰাজধানীক কেন্দ্ৰ কৰি জীপ পাই উঠা কোচ ৰাজবংশই.... কামৰূপৰ প্ৰাচীন শৈৱধৰ্মৰ ঐতিহ্যৰ ভেঁটিত নিজকে গঢ় দি তুলিছিল যেন লাগে । শৈৱধৰ্মী ব্ৰাহ্মণৰ প্ৰভাৱ তেওঁলোকৰ ৰাজধানীত পৰাৰ আগতো কালিকা পুৰাণত বর্ণিত ধৰণৰ জনজাতীয় শিৱ পূজা কোচ ৰজাসকলে নিশ্চয় পৈত্রিক বিভূতিৰূপে পাইছিল।' (ড° মহেশ্বৰ নেওগ-অসমৰ ধৰ্মৰ বুৰঞ্জী ; আন্ধাৰ আৰু পোহৰ)। কোচ ৰাজ্য প্রতিষ্ঠাতা বিশ্বসিংহ শিৱ বীৰ্য-শস্তৃত। তেওঁ দেৱী দুৰ্গাৰ্ক পূজা কৰাৰ লগতে কমতেশ্বৰী মন্দিৰৰ
| pdf |
ad93af6c65f1574c020469afd25c6a1b | ভাৰতবৰ্ষত পালন কৰা দীপান্বিতা বা দীপাৱলী বা দেৱালী আজিকালি সৰ্ববৃহৎ উৎসৱ বুলি গণ্য কৰা হয়। সমগ্ৰ ভাৰততে অতি উলহ-মালহেৰে এই উৎসৱ পালন কৰা হয়। ভাৰতৰ হিন্দু উৎসৱসমূহৰ ভিতৰত ই সৰ্ববৃহৎ আৰু বছৰৰ অন্তিম বুলি বিবেচনা কৰা হয়। পোহৰৰ উৎসৱ দীপান্বিতাত চৌদিশ বন্তি, আকাশবন্তি, বিজুলী চাকি, বিজুলী চাকিৰ মালাৰে উজলাই তোলা হয়। ঘৰ-দুৱাৰ, ৰাজহুৱা স্থান, মঠ-মন্দিৰৰ প্ৰাঙ্গণ উজলি উঠে। শৰৎ কালত পালন কৰা দীপান্বিতা আহে বিজয়া দশমী বা দশাহৰা(দছেৰা) উৎসৱৰ পিছৰ অমাৱস্যাৰ নিশা। হিন্দু বিশ্বাস মতে দীপান্বিতা হ'ল পোহৰৰ উৎসৱ। এই উৎসৱ আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়, অসুৰৰ(অধৰ্ম) বিৰুদ্ধে সুৰ(ধৰ্ম)ৰ জয়, অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ জয় আৰু নিৰাশাৰ বিৰুদ্ধে আশাৰ জয় বুলি মনা হয়। অমাৱস্যাৰ ঘোৰ অন্ধকাৰক দীপাৱলীৰ পোহৰেৰে আঁতৰ কৰি দশোদিশ উজলাই তোলা হয়। দীপান্বিতা বুলি ঘৰ-দুৱাৰ, মন্দিৰ, সকলোৰে প্ৰাঙ্গণ পৰিষ্কাৰ কৰি সজাই-পৰাই তোলা হয়। সকলোৱে দীপান্বিতা বুলি ন সাজ পিন্ধে, ঐশ্বৰ্যৰ অধিকাৰী দেৱী লক্ষ্মী আৰু শক্তিৰ অধিকাৰী মা কালীৰ পূজা কৰে। আত্মীয়-স্বজনৰ মাজত মিঠাই আৰু আন উপহাৰ আদান-প্ৰদান কৰে। দীপাৱলীৰ দুদিন আগতে ত্ৰয়োদশীৰ দিনা পালন কৰা হয় 'ধনতেৰশ' আৰু এদিন আগতে 'ভূত চতুৰ্দশী'ৰ দিনা পালন কৰা হয় কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সোঁৱৰণত 'নৰক চতুৰ্দশী'। এইকেইদিনো বন্তি প্ৰজ্বলন কৰা হয়। জৈন ধৰ্ম মতে মহাবীৰৰ মোক্ষ লাভ কৰা দিনত দীপান্বিতা পালন কৰা হয়।
| web |
38b03f71255da56b9fe874873ca11f7064e301cac21097f32f02d92adfe7646a | পুনৰ আৰম্ভ হ'ল সেই আড্ডা, সেই উচ্ছৃঙ্খল জীৱন, সেই বেকাৰ বন্ধুৰ সঙ্গ - হঠাতে প্ৰিয়ংকাৰ লগত পৰিচয়। এক অপ্রত্যাশিত পৰিস্থিতিৰ মাজত। কি পৰিস্থিতিৰবশবৰ্ত্তী হৈ তাইৰ লগত মোৰ পৰিচয় হৈছিল সেই কথা আপোনাৰ আগত ব্যক্ত নকৰো। নাট্যকাৰ : সেই কথা গোপনে ৰাখিবলৈ তুমি প্ৰতিশ্ৰুতিবদ্ধ নেকি? প্রতিশ্রুতিবদ্ধ হয়তো মই নহয়। প্রতিশ্রুতিবদ্ধ নহলেও কিছুমান কথাৰ গোপনীয়তা ৰক্ষা কৰা উচিত। কোনো পৰিস্থিতিতেই তাক ভঙ্গ কৰিব নালাগে - তাতেই সকলোৰে মঙ্গল।
তোমাৰ ইচ্ছা নাই যেতিয়া বাৰু জোৰ নকৰো। তাৰ পিছত ? মিছাৰ আশ্ৰয় নোলোৱাকৈ এই কথা মই উচ্চস্বৰে কব পাৰো যে প্রিয়ংকাই মোক বচালে - জীৱন দান দিলে। অকল তায়েই মোক বুজিছিল - অকল তায়েই মোক কৈছিল - মোৰ এই অৱস্থাৰ কাৰণে মই অকণো দায়ী নহয় - দায়ী গোটেই সমাজ ব্যৱস্থাই। পিংকীয়ে দৃঢ়তাৰে কৈছিল যে - এই সমাজখন পৰিবৰ্ত্তন কৰিব পাৰি। মোৰো যেন তাইৰ কথাত দ্বিধাহীন ভাবে পতিয়ন জন্মিছিল - পৰিবৰ্ত্তন কৰাটোৱেই একমাত্র কাম - জীয়াই থকাৰ একমাত্ৰ
(বাধা দি) নোৱাৰা - নোৱাৰা - তুমি অকলে এই সমাজখনৰ পৰিবৰ্ত্তন সাধিব। তোমাৰ লগত মানুহ ক'ত?
আছে। মোৰ লগত মানুহ আছে। বহুত মানুহ। এশ, হাজাৰ, লাখ কোটি। আপুনি মোক অকলশৰীয়া বুলি নাভাবিব।
তুমি পাহৰি নাযাবা ববী, পৰিবৰ্ত্তনৰ কাৰণে যে এক জাগৰণৰ প্রয়োজন। প্রচণ্ড জাগৰণ।
সেই জাগৰণ সমাগত নাট্যকাৰ । জাগৰণৰ প্ৰচণ্ড শক্তিক বাধা দিব কোনে? নোৱাৰে। সেই শক্তিক ভেটা দিব কোনেও নোৱাৰে। বলীয়া লুইতক ভেটিব কোনে? নাট্যকাৰ। আমি জীয়াই থাকিম নাট্যকাৰ । আমি নমৰো। আমি মৃত্যুঞ্জয়।
অশোক ঃ
(আন্ধাৰ নামি আহে। আন্ধাৰৰ মাজত ববী অদৃশ্য হয়। লগে লগে নাট্যকাৰৰ মাত স্পষ্টকৈ শুনা যায়।)
সমাজৰ পৰিবৰ্ত্তন সাধিবলৈ নতুন প্রজন্ম অথবা উত্তৰ পুৰুষ সকল সক্ষম হবনে নহয় খাটাংকৈ কোৱা টান। ভৱদেব কাকতিৰ কনিষ্ট পুত্ৰ ববী আৰু একমাত্ৰ জীয়ৰী জুমিৰ কৃতকৰ্ম্মই আপোনালোকক কলৈ লৈ যায় - সেই কথা নিৰীক্ষণ কৰাৰ বাহিৰে অন্য উপায় নাই। কিন্তু বৰপুত্ৰ অশোক আৰু বোৱাৰীয়েক অঞ্জলিয়ে ভৱদেব কাকতিৰ সংসাৰখন কিমান জীপাল কৰি তুলিছে তাৰ ভূ ভা নিশ্চয়
আপোনালোকে লব পাৰে।
(ক্ষীণ পোহৰৰ মাজত অশোক আৰু দেৱযানী উদ্ভাসিত হৈ উঠে।) (মাকৰ হাতত কেইখন মান এশ টকীয়া নোট গুজি দি) মা, এইটো মাহত এই খিনিয়েই দিব পাৰিলো।
হঠাতে কি হ'ল আকৌ?
হঠাতে নহয় মা। তোমাক মই আগেয়ে জনাব লাগিছিল - কিন্তু কি কাৰণত জানো জনোৱা নহল। দোষ মোৰেই। কি কথা নজনালি ?
এইবাৰ যে ঘৰখন চলাবৰ বাবে আগৰ সমানে টকা দিব নোৱাৰিম। কিনো অসুবিধা হ'ল?
হয়তো অসুবিধা নহলহেতেন। টিনাৰ এড্মিছনতো কিছু এক্সট্রা টকা খৰচ হ'ল। তাইৰ স্কুলৰ ইউনিফর্ম, কিতাপপত্ৰ এইবোৰততো খৰচ আছেই । বিয়াৰ পিছত অঞ্জুকো ভাল কাপোৰ এসাজ দিম দিম বুলি কৈ আজি পৰ্য্যস্তও দিব পৰা নাই। এইবাৰ তেওঁকো এসাজ কাপোৰ কিনি দিলো। তেওঁ অৱশ্যে নালাগে বুলিয়েই কৈছিল। তেওঁতো কবই। মইহে নুশুনিলো। দিম দিম বুলি কৈ তেওঁকনো আৰু কিমান দিন আভুৱা ভাৰি থাকিম?
টিনাৰ এড্মিছনৰ কথা বাৰু বুজিলো। অঞ্জুক তই অহা মাহতো কাপোৰ সাজ কিনি দিব পাৰিলিহেতেন।
(এনেতে ক্ষিপ্ৰতাৰে অঞ্জলিৰ প্ৰৱেশ)
মোক কিন্তু ভুল নুবুজিব মা। মই কাপোৰ সাজ কিনিবলৈ তেওঁক কিন্তু অকণো জোৰ কৰা নাছিলো। তেওঁ যি কৰিছে নিজ ইচ্ছাৰেই কৰিছে। (কিছু ৰৈ) মই কিবা নাজানোনে কি ঘৰখন চলাবলৈ প্ৰতি মাহে দিয়া টকাৰ পৰিমাণ হঠাতে কম হলে ঘৰখনৰ কেনে ধৰণৰ বেমেজালিৰ সৃষ্টি হব পাৰে। (বিদ্রূপাত্মক ভঙ্গীৰে) অহা মাহতনো মোক কিয় কাপোৰ কিনি দিব লাগিছে? সেই সাজ কাপোৰ নোহোৱাকৈ মই জানো চলি থকা নাই? মা-দেউতাৰ ঘৰৰ পৰা অনাবোৰকে পিন্ধি এতিয়াও অন্ত কৰিব পৰা নাই। দিব বোৱাৰী - দিব। তোমাক কাপোৰ নিদি কাক দিব? তুমিতো জানাই বোৱাৰী ঘৰখনৰ খৰচ দিনে দিনে কেনেকৈ বাঢ়ি গৈছে। দেউতাৰাৰ পেঞ্চনৰ টকা কেইটাৰে টানি টুনি আধা মাহেই পাৰ নহয়। ববীয়ে ভালদৰে বি এ পাচ কৰিও আজিলৈকে ফুটা কঢ়ি এটাও উপার্জ্জন কৰিব পৰা নাই । জুমিৰ পঢ়া শুনাৰ বাবদো প্রতিমাহে কিছু পৰিমাণৰ ধন খৰচ কৰিব লগীয়া হয়। তেনেস্থলত মাহটোৰ বাকী কেইটা দিন চলাবৰ বাবে স্বাভাৱিকতেই অশোকৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। মই জানো সি খুব বেছি দৰমহা পোৱা চাকৰি নকৰে। তাৰো এখন সংসাৰ আছে। এইবোৰ সত্বেও অশোকৰ মাহিলি দৰমহাৰ ওপৰত নিৰ্ভৰশীল হৈ ভৱদেব কাকতিৰ সংসাৰ চলাব লগীয়া হোৱা কথাটো বৰ দুখজনক হৈছে। সেই কথাটোৰ কাৰণেই আমি অন্তৰত কষ্ট পাই আছো । তাৰ প্ৰতি অন্যায় কৰা বুলি কেতিয়াবা আমাৰ ধাৰণা হয় । তথাপি কি কৰিবা? সি আমাৰ বৰপুত্ৰ। ঘৰখনৰ প্ৰতি তাৰো এটা দায়িত্ব আছে। সি দায়িত্ব পালন নকৰিলে যে ঘৰখনৰ আটাইকেইটা প্ৰাণীয়েই আধা মাহ লঘোণে ভোকে থাকিব লগীয়া হব। তেনে কাম কৰাটো আমি তাৰ পৰা নিবিচাৰো। কাৰণ পুত্ৰ হিচাপে তাৰ ওপৰত আমাৰ এক অধিকাৰ আছে।
দেৱযানী ঃ
উপাৰ্জ্জনৰ এক বিকল্প পথ নোলোৱালৈকে সি যেন তাৰ কৰ্ত্তব্য কৰি যায় - সেইটোৱেই আমি তাৰ পৰা বিচাৰো।
তথাপি তোমাক মনে মনে থাকিবলৈ কৈছো নহয়।
তই তেওঁক অযথা আগ ভেটি ধৰিছ কিয়? তেওঁ কি কবলৈ বিচাৰিছে কবলৈ নিদিয় কিয়?
মইতো একো মিছা কথা কবলৈ ওলোৱা নাই । এটা নিৰ্ঘাত সঁচা কথাহে কবলৈ ওলাইছো।
(এনেতে ভিতৰৰ পৰা তৰা নৰা চিঙি ভৱদেৱ কাকতিৰ প্ৰৱেশ।) (আহোতে কৈ আহে) ৰবা বোৱাৰী, এখন্তক ৰোৱা। মোকো তোমাৰ সঁচা কথাখিনি শুনাৰ পৰা বঞ্চিত নকৰিবা। অশোক : এই সময়ত আকৌ আপুনি ইয়ালৈ কিয় আহিছে দেউতা?
ভৱদেৱ :
মই অহাত কিবা ভুল হ'ল নেকি? কলৈ আহিব লাগে কলৈ আহিব নেলাগে তাৰ এদাল লক্ষণ ৰেখা টনা বুলিতো তহঁতে মোক কাহানিও জনোৱা নাই। তহঁতে ঘৰুৱা কিবা এটা কথা 'চিৰিয়াচলি' আলোচনা কৰি থকাটো অহৰহ মোৰ কাণত বাজি আছে। সেয়েহে ভাবিলো ময়ো সেই কথাৰ ভাগ নলও কিয় ? মই অহাত যদি তহঁতৰ কিবা অসুবিধা হৈছে তেনেহলে ঠিক আছে মই যাওঁ।
আপোনালোকৰ আশা তেওঁ ভঙ্গ নকৰে মা। তাৰ কাৰণে চিন্তা নকৰিব। কিন্তু আপোনালোকৰ আশা পূৰণ কৰিবলৈ গৈ তেওঁ নিজৰ ভবিষ্যৎ জীৱন যাতে বিপদাপন্ন কৰি নেপেলাই তালৈ চকু দিয়াহে উচিত।
(একো নুবুজি) জীৱন বিপন্ন। তাৰ মানে? তুমি যি কবলৈ বিচাৰিছা তাক পোনপটীয়াকৈ কৈ নিদিয়া কিয়?
(বিৰক্ত হৈ) আহ - অঞ্জু, তুমি এইবোৰ কি আজে বাজে কথা উলিয়াই লৈছা? কথা কবলৈ একো নাই যদি মনে মনে থাকা। তুমি হকা-বধা নকৰিবাছোন। মই জানো নহয়, কি কব লাগে, কি কব নালাগে।
| pdf |
b43c01731518556189d7015b0c597841e2cd65bc | সমগ্ৰ বিশ্বজুৰি ক'ৰ'নাৰ ভয়াবহ সংক্ৰমণ চলি থকাৰ সময়ত আফ্ৰিকা মহাদেশত পুনৰ আৰম্ভ হৈছে মাৰাত্মক ইবোলাৰ সংহাৰ।
বুধবাৰে আফ্ৰিকা মহাদেশৰ ডেমোক্ৰেটিক ৰিপাব্লিক অফ কংগোত সপ্তাহটোত দ্বিতীয়গৰাকী ব্যক্তিৰ ইবোলাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।
কংগোৰ পূব প্ৰান্তত পুনৰ এগৰাকী ব্যক্তিৰ ভয়াবহ ইবোলাৰ ফলত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
সাত মাহ পূৰ্বে কংগোত সংহাৰী ইবোলাৰ ফলত অন্তিমগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত পুনৰ একেলগে দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বাতৰিয়ে সকলোকে আতংকিত কৰি তুলিছে।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ কংগোত ইবোলাৰ গণ সংক্ৰমণ আৰম্ভ হোৱা নাই আৰু পৰিস্থিতি স্বাভাৱিক হৈয়ে আছে।
বিশ্ব স্বাস্থ্য সংস্থাই পৰিস্থিতি বৰ্তমানলৈ স্বাভাৱিক হৈ থকা বুলি উল্লেখ কৰিলেও ক'ৰ'নাৰ সমান্তৰালভাৱে ইবোলাক লৈ সতৰ্ক হৈ থাকিবলৈ কংগোৰ প্ৰশাসনক আহ্বান জনাইছে। | web |
342927bcbfa09c9e7ff5faa8f74aa1fd3bb52c2b | নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলত সোমাবাৰে দিনদুপৰতে দুটাকৈ গৃহত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলৰ যুক্তি বৰুৱা আৰু নিৰোধ কুমাৰ বৰা নামৰ দুগৰাকী লোকৰ ঘৰত সোমবাৰে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দিনৰ প্ৰায় ১০. ৩০ মান বজাত এটা চোৰৰ দলে প্ৰৱেশ কৰি আ-অলংকাৰৰ লগতে নগদ ধন লুটি নিয়ে।
যুক্তি বৰুৱা নামৰ লোকজনৰ ঘৰৰ পিছফালৰ খিৰিকী ভাঙি সোণৰ গহনাৰ লগতে নগদ প্ৰায় ১০ হাজাৰ টকা চোৰ কৰি নিয়াৰ লগতে সমীপতে থকা নিৰোধ কুমাৰ বৰাৰ ঘৰৰ পিছফালৰ দৰ্জা ভাঙি প্ৰায় পাচ তোলা সোণ-ৰূপৰ গহনাৰ লগতে নগদ প্ৰায় ৩০ হাজাৰ টকা লুটি নিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে শীঘ্ৰেই চোৰৰ লগটোক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে অঞ্চলটোত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনায়। | web |
b63d8e297e38cf466e52fa1e43b35236fc2531af | ওদালগুৰিঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতাও সিমানেই বৃদ্ধি পাইছে। পিছ পৰি ৰোৱা নাই হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলো। তৃতীয় বাৰৰ বাবে পৰিষদ দখলৰ কুচকাৱাজ আৰু অধিক তীব্ৰতৰ কৰি তুলিছে বিপিএফে। তাৰে অংশ হিচাপে আজি বিটিচিৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ ফুহুৰাবাৰী ভিচিডিচিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত হয় বিশাল যোগদান সভা।
৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰন বড়োৰ উপস্থিতিত ফুহুৰাবাৰী প্ৰাইমাৰী কমিটীৰ যুৱ মৰ্চাৰ সভাপতি মজিবুৰ ৰহমানৰ নেতৃত্বত কংগ্ৰেছ আৰু এআইইউডিএফ দল ত্যাগ কৰি এশৰো অধিক যুৱক আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। আজি দলত যোগদান কৰা যুৱ কৰ্মীসকলক নিষ্ঠা তথা নিঃস্বাৰ্থভাৱে দলৰ হৈ কাম কৰি যাবলৈ বিধায়ক চৰন বড়োৱে আহ্বান জনায়।
আগন্তুক বিটিচি নিৰ্বাচন সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নত বিধায়কগৰাকীয়ে কয় যে বিগত দুটা নিৰ্বাচনত বিটিচিৰ সৰ্বস্তৰৰ ৰাইজে যেনেদৰে মৰম কৰিছে ঠিক অনুৰূপ ধৰণে তৃতীয় বাৰৰ বাবেও ৰাইজে বিটিচিৰ শাসনভাৰ বিপিএফকে দিব বুলি মন্তব্য কৰে। আনহাতে বিভিন্ন সংবাদ মাধ্যমত বিপিএফ আৰু ইউপিপিএলৰ মাজত হোৱা মিত্ৰতাৰ খবৰ সন্দৰ্ভত বিধায়কগৰাকী অজ্ঞাত বুলি কৈ ৰহস্যজনকভাৱে বিষয়টোৰ ওপৰত কোনো মন্তব্য দিয়াৰ বিৰত থাকে। | web |
147ec35e8e87c595e8cd55e772e729ddbc544a07 | নাৰায়ণপুৰৰ এটা উৰুখা পঁজাত হাঁহি বিৰিঙিছে। নাৰায়ণপুৰ ধলপুৰৰ বাগিচাবৰী গাঁৱৰ হৰেন বৰা আৰু অমিলি বৰাৰ পুত্ৰ দেৱজিত বৰাই আৰক্ষী বিভাগৰ কামাণ্ডু বেটেলিয়েন পদত উত্তীৰ্ণ হৈছে।পিচপৰা গাঁওখনৰ কৃষিজীৱি পৰিয়ালটোৰ মুখলৈ দেৱজিতে কঢ়িয়াই আনিছে হাঁহি আনন্দ। উল্লেখ্য যে দেৱজিতে বহু কষ্টৰে শিক্ষা গ্ৰহণ কৰাৰ মাজতে শাৰিৰীক অনুশীলন কৰি গাঁৱখনলৈ এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। | web |
909c5bf34ec5f05b46397bb05bac0e64f9c04181 | বৈঠকৰ অন্তত জেহাদীৰ বিৰুদ্ধে হুংকাৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ। অসম আৰক্ষীয়ে সামাজিক পৰিস্থিতিৰ লগতে ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে । জেহাদীয়ে হওঁক বা অন্য শক্তিয়ে হওঁক কাকো সুদাই এৰা নহ'ব । শিৱসাগৰত আৰক্ষী উচ্চ পদস্থ বিষয়াৰে হোৱা বৈঠকৰ অন্তত এই সকিয়নী অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ । জেহাদীৰ বিৰুদ্ধে বহু ভিতৰলৈ অসম আৰক্ষী সোমাই যাবলৈ সক্ষম হোৱা বুলিও মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ।
লক্ষ্যণীয় যে শিশু আৰু নাৰীজনীত অপৰাধ ৰোধৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ । শিৱসাগৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে হোৱা বৈঠকৰ পিছতে এই ঘোষণা ডিজিপিৰ। শিৱসাগৰক পাইলট প্ৰজেক্ট হিচাপে লৈ কাম আৰম্ভ কৰা বুলি সদৰি কৰে ভাস্কৰজ্যোতি মহন্তই । মহিলাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ১১ খন জিলাত বিশেষ কোষ গঠন কৰা হৈছে ।
যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাক কিদৰে সহায় কৰিব পৰা যাব তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে মন্তব্য প্ৰকাশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ । | web |
ac0a01835a8cab9667e10e4e5d270df011491af00b4a3e46b0e35d046b5d4835 | - মোৰ বিয়া তোৰ জন্মৰ আগতে হৈছে, তোৰ বয়স কিমান
জান ? অঙ্গুলৈ চাই ডাক্তৰে সুধিলে। - জানো। অঞ্জৱে উত্তৰ দিলে।
-কিমান বছৰ হল শেৰ ? -আঠ বছৰ। নহয় মা?
বন্দনাই ক'লে অন্যমনস্কভারে।
- তেন্তে শুন মোৰ বিয়া হোৱা এঘাৰ বছৰ হ'ল। ডাক্তৰ কৈ উঠি হঠাৎ বন্দনালৈ চাই দেখিলে - বন্দনাই তলমূৰ কৰিছে।
- মাৰ বিয়াৰ আগ ত ?
- নিশ্চয় ।
- মা তোমাৰ বিয়া হোৱা কিনান বছৰ হ'ল ?
-এই ছোৱালীজনীৰ মুখখন এবাৰ মেলখালে আৰু বন্ধ
নহয় । বন্দনাই ভোৰাভাৰাই ব'লৈ।
- মই কওঁ শু7/ মাৰৰ বিয়া হোৱা প্ৰায় নবছৰমান হ'ল। - আপুনি মাৰ বিয়ালৈ গৈছিল ?
- নাই যোবা।
- তেন্তে কেনেকৈ জানিলে ?
- তোৰ মানু মাহীযে কৈছে। - অ' ।
বন্দনা কেতিয়া অন্যমনস্ক হৈ পৰিছিল, ডা ডঃ হুৱৰাই মন কৰা নাছিল। এটি কৌতূহলী শিশুৰ মনৰ খোৰাক জোগাই
হুৱৰা ব্যস্ত হৈ পৰাৰ লাগ লাগ বন্দনাই স্মৃতিৰ অৰণ্য ফালি অতীত জীৱনলৈ উভতি গ ল । বিয়া হোৱা নবছৰ পাৰ হৈ গল। তাৰপিছত এটি সৰুকৈ মনোৰম ঘৰ, সেই ঘৰতে উলি আছিল অৰপৰ অপৰূপ কান্তি। অঞ্জুৰ জন্মৰ প্রত্যাশাত শান্তিৰ মম চাই কেনেকৈ আকোৱালি লৈছিল ৰন্দনাৰ সমস্ত সত্তাক, কিন্তু তাৰপিছত ভাৰপিছত কেনেকৈ আহিল সময়ৰ উত্তাল প্রবাহ ?
জীৱন তৰণী কোন দিশে উঠি গ'ল বাৰু ? প্রবল ধুমুহাত পালচিঙা নাওখন আহি আদি কত ৰৈছেই ? বন্দনাই চকুৱেলি ভালকৈ চাব খুঞ্জিলে -দে খাল সমুখত ডা দুবৰাই চাই আছে, ডাক্তৰৰ দুটি উজ্জ্বল চকু, সেই বহুল চকুযুৰিত প্ৰতিবিম্বিত হৈছে বন্দনা আৰু অঞ্জনাৰ ছায়াচিত্র। যেন ডাৱৰ আৰু 'পাহ'ৰৰে খেলিমেলি হৈ যোৱা এখন আকাশ, - কি ভাবছে ?
ডা ছবৰাই বন্দ াক নিৰীক্ষণ কৰি সুধি'ল। ডাক্তৰৰ প্ৰশ্ন ত তন্মযতা ভাঙ যোবাত বন্দনাই লাহে লাহে কৰলৈ ধৰিলে আপোনাৰ মুল্যবান সময় আমি ষ্টি কৰিছো। বাহিৰত বহু ৰোগী বহি আছে।
নষ্ট সমূলি হোৱা নাই । (ৰাগীসকল ভালক চিকিৎসা কৰিবলৈ চিকিৎসকৰে। সায়ে সময়ে অবকাশৰ প্ৰ যাজন হয়। গোটেই দিনটো বোগীসকলক লৈখে ব্যস্ত থাকো । আপোনালোকব দৰে মানুহ পালে কথাবতৰা পাতি ভাল লাগে। মোৰতো আন একো আৰু ৰিলে চেচন নাই। তাৰপিছত খ স্তকলৈ আটাইকেইজন নিমাত। বন্দনাই চাদৰৰ আগটোত এ নয়ে এটা গাঁঠি দিছিল। অঞ্জনাই কমাল ধন মেলি আকৌ চাৰ্ভি'জ কৰিছিল । ডা দুৱৰাই হাতৰ কলমটোৰে ঘুৰণীযা বৃত্ত আঁকিছিল এটা নহয় দুটা নহয়, প্রায় সাতটা। এনতে হুৱাৰত টক্ টক্ শব্দ হ'ল।
- কাম ইন প্লিজ। ডাক্তৰে ভিতৰৰপৰা মাতিলে। নার্চগৰাকীযে সোমাই আহি গাড়ী অহাৰ খবৰ দিলত ডা দুৱৰাই বন্দনাৰ ফালে চাই ক'লে আপোনালোক এতিয়া গাড়ীতে যাওকগৈ । ডাক্তৰৰ নিৰ্দেশত বন্দনাই অঞ্জুৰ হাতত ধৰি বিনম্রসুৰত ক'লে, - আহেঁ। তেন্তে ।
- আকৌ কেতিয়া আহিম মহা - যেতিয়াই তোৰ মন যায়।
| pdf |
3f1adc0f7f9d5a3a51b3095e7f1886db7c2d5373 | মেষ :- জ্যোতিষশাস্ত্র অনুযায়ী, বছৰৰ প্রথম সূর্যগ্রহণ হ'ব মেষ ৰাশি। ১৫ দিনৰ ব্যৱধানত যি দুটি গ্রহণ হ'ব, তাৰ শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতকসকলে। কর্মস্থলীত উন্নতিৰ যোগ সৃষ্টি হৈছে। মেষ ৰাশিৰ যিসকল জাতকে ব্যৱসায় কৰে, তেওঁলোকে মুনাফা লাভ কৰিব। এই সময়ত আপুনি যদি নতুন কোনো কাম আৰম্ভ কৰে, তেনেহ'লে সেয়া ভাল হ'ব পাৰে।
সিংহ :- সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত চন্দ্রগ্রহণ আৰু সূর্যগ্রহণৰ প্রভাব পৰিব। এই সময়ত সিংহ ৰাশিৰ জাতকসকলৰ আর্থিক অৱস্থাৰ উন্নতিৰ সম্ভাবনা আছে। চাকৰিত পদোন্নতি হ'ব পাৰে। আয়ৰ নতুন দিগন্ত উন্মোচিত হোৱাৰ সম্ভাবনা আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্রত অধিক গুৰুত্ব দিব লাগিব।
ধনু :- ধনু ৰাশিৰ জাতকসকলৰ ওপৰত দুয়োটি গ্রহণৰেই শুভ প্রভাৱ পৰিব। এই সময়ত চাকৰিৰ ক্ষেত্রত নতুন সুযোগ পাব ধনু ৰাশিৰ জাতকসকল। তেওঁলোকৰ আর্থিক অৱস্থা ভাল হ'ব। সূর্যগ্রহণ আৰু চন্দ্রগ্রহণৰ সময়ত আপোনাৰ আধৰুৱা হৈ থকা কাম পূর্ণ হোৱাৰ প্রবল সম্ভাৱনা আছে। | web |
7e81c62055a282fe654b56b09299f0bef9bd3be1 | এয়া একেবাৰেই সঁচা নহয় যে কেৱল নিজৰ পছন্দৰ বিষয়ে পৰ্যাপ্ত জ্ঞান থাকিলেই পৰীক্ষাত ভাল ফলাফল পাব পাৰি, বা ক্লাছত ভাল নম্বৰ পাব পাৰি আৰু সহজেই চাকৰি পাব পাৰি। ইয়াৰ বাবে বহুতো কাৰকে কাম কৰে। তেনে এটা কাৰক হ'ল সাধাৰণ জ্ঞান।
আজি এই প্ৰতিবেদনত চাকৰিৰ সাক্ষাৎকাৰ বা লিখিত পৰীক্ষাত আহিব পৰা কিছুমান প্ৰশ্নৰ ওপৰত আলোকপাত কৰিছোঁ। গতিকে জানি থোৱা ভাল। কেৱল এয়াই নহয়, বন্ধু-বান্ধৱীৰ সৈতে বা ঘৰত আড্ডা মাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ বাবেও এই ধৰণৰ সাধাৰণ জ্ঞান অতি উত্তম।
প্ৰশ্ন : কোনখন দেশক সূৰ্য উঠা দেশ বুলি কোৱা হয়? উত্তৰ : জাপান। প্ৰশ্ন : "To Kill a Mockingbird" নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ : হাৰ্পাৰ লী।
প্ৰশ্ন : বিখ্যাত শিল্পকৰ্ম 'মনালিচা' কোনে অংকন কৰিছিল? উত্তৰ : লিওনাৰ্ডো ডা ভিঞ্চি। প্ৰশ্ন : টেলিফোনৰ উদ্ভাৱক কোন? উত্তৰ : আলেকজেণ্ডাৰ গ্ৰাহাম বেল।
প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ কোনখন? উত্তৰঃ প্ৰশান্ত মহাসাগৰ। প্ৰশ্ন : 'ৰোমিঅ' আৰু জুলিয়েট' নাটক কোনে লিখিছিল? উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰ।
প্ৰশ্ন : চীনৰ মুদ্ৰা কি? উত্তৰঃ চীনা ইউয়ান (ৰেনমিনবি)। প্ৰশ্ন : মাধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ : ছাৰ আইজাক নিউটন।
প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? উত্তৰঃ চাহাৰা মৰুভূমি। প্ৰশ্ন : আপেক্ষিকতাবাদ তত্ত্বৰ সৃষ্টিকৰ্তা কোন? উত্তৰ : এলবাৰ্ট আইনষ্টাইন।
প্ৰশ্ন : কোনখন দেশক "মাজনিশাৰ সূৰ্যৰ দেশ" বুলি কোৱা হয়? উত্তৰ : নৰৱে। প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? উত্তৰঃ ইন্দিৰা গান্ধী।
প্ৰশ্ন : আয়তনৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ কোনটো? উত্তৰ : চুপিৰিয়ৰ হ্ৰদ। প্ৰশ্ন : "১৯৮৪" গ্ৰন্থখনৰ লেখক কোন? উত্তৰ : জৰ্জ অৰৱেল।
প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? উত্তৰ : নীলা তিমি। প্ৰশ্ন : ৰাছিয়াৰ মুদ্ৰা কি? উত্তৰ : ৰাছিয়ান ৰুবল।
প্ৰশ্ন : কোন উদ্ভিদত সাপ নাহে? উত্তৰঃ ঘৰৰ পৰা সাপ আঁতৰাই ৰাখিবলৈ সৰ্পগন্ধ নামৰ উদ্ভিদ ৰোপণ কৰা হয়। এই উদ্ভিদক সাপৰ শত্ৰু বুলি গণ্য কৰা হয় আৰু সাপ কেতিয়াও ইয়াৰ ওচৰলৈ নাহে।
এয়া একেবাৰেই সঁচা নহয় যে কেৱল নিজৰ পছন্দৰ বিষয়ে পৰ্যাপ্ত জ্ঞান থাকিলেই পৰীক্ষাত ভাল ফলাফল পাব পাৰি, বা ক্লাছত ভাল নম্বৰ পাব পাৰি আৰু সহজেই চাকৰি পাব পাৰি। ইয়াৰ বাবে বহুতো কাৰকে কাম কৰে। তেনে এটা কাৰক হ'ল সাধাৰণ জ্ঞান। | web |
84ac33c7d7fdae10fcb53ea4d2ffef894b464457 | গোলাঘাট জিলাৰ বোকাখাতৰ নাহৰজান তিনি আলিৰ সমীপত আজি ৰাতিপুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
মৃত যুৱকজনক মিকিৰচাঙৰ বিহৰা চাহ বাগিচাৰ ৰিংকু টামাৰিয়া বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে পথৰ দাঁতিত পৰি থকা যুৱকজনে কলা চাৰ্ট, নীলা জিনচ আৰু কেনভাচ পৰিধান কৰি আছিল। ইয়াৰ উপৰি যুৱকজনৰ কানত হেড ফোনো লাগি থকা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ অধিক তথা সংগ্ৰহৰ বাবে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। | web |
c43e88730d557af49c7fe7f33166dcdd78cfc565 | Published on :
Updated on :
- অৰুণাচল প্রদেশৰ ফিনভিৰুত অস্ত্র ভাণ্ডাৰ উদ্ধাৰ।
- গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰিলে অস্ত্র ভাণ্ডাৰ।
- বিশেষ সূত্রৰ পমখেদি চলাইছিল উগ্রপন্থী বিৰোধী অভিযান।
- অভিযানত উদ্ধাৰ এটা AK56 ৰাইফলসহ ৪ জাঁই সক্রিয় গুলী।
- লগতে উদ্ধাৰ দুটা Single Shot ৰাইফল, এটা পিষ্টল।।
- উদ্ধাৰ ৩ জাঁই সক্রিয় গুলী আৰু ৪৫০ গ্রাম বিস্ফোৰক সামগ্রী।
- অস্ত্র ভাণ্ডাৰৰ লগতে উদ্ধাৰ ৪০ গ্রাম ড্রাগছ।
- উদ্ধাৰ হোৱা অস্ত্র-শস্ত্রসমূহ মানমৌ আৰক্ষীক গতাই দিছে সেনাই।
- বৰ্তমানেও সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্রপন্থীবিৰোধী অভিযান।
| web |
900be0e49b53849a272bb3ad3f7697281e3794a7 | কৃষক সংগঠনৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আজি অনুষ্ঠিত হোৱা সপ্তমলানি বৈঠকখন পূৰ্বৰ তুলনাত কিছু পৃথক হিচাপে বিবেচিত হৈছে।
কৃষক-চৰকাৰৰ মাজৰ আলোচনা আজিও যে বিফল সেয়া স্পষ্ট হৈ পৰে যেতিয়া কৃষকসকলে মন্ত্ৰীসকলৰ লগত ভোজন নকৰি নিজে লগত লৈ অহা খাদ্য গ্ৰহণ কৰে।
সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কৃষক সংগঠনৰ প্ৰতিনিধিৰ লগত চৰকাৰৰ হৈ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, ৰেল আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশে আলোচনাত অংশ লয়।
আলোচনাৰ পূৰ্বে, দুয়ো পক্ষই কৃষক বিক্ষোভত প্ৰাণ হেৰুওৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মন্ত্ৰী আৰু কৃষক সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মাৰ শান্তি বিচাৰি দুই মিনিট মৌনতা অৱলম্বন কৰে।
কিছু সময় আলোচনাৰ পিছত যেতিয়া মন্ত্ৰীসকলে কৃষকসকলক একেলগে ভোজন কৰিবলৈ কয় তেতিয়া কৃষকৰ প্ৰতিনিধি দলে তেওঁলোকৰ অনুৰোধ পোনছাতেই নাকচ কৰে।
মন্ত্ৰী তিনিজনক কৃষকে কয়, 'আজি আপোনালোকৰ লগত খাদ্য গ্ৰহণ নকৰো। আপোনালোকে আপোনালোকৰ খাদ্য খাওক, আমি আমাৰ খাম'।
একেলগে ভোজন গ্ৰহণৰ অনুৰোধ অস্বীকাৰ কৰা কাৰ্যত স্পষ্ট হৈ পৰিছে যে দুয়ো পক্ষৰ মাজত হোৱা সপ্তমলানি আলোচনাও বিফল।
উল্লেখ্য যে ইয়াৰ আগৰ আলোচনাত কৃষক প্ৰতিনিধি আৰু মন্ত্ৰীসকলে একেলগে খাদ্য গ্ৰহণ কৰিছিল।
জানিব পৰা মতে, আজিৰ বৈঠকতো কৃষকসকলে নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত অলৰ-অচৰ আছে। | web |
99c0e384cc5815da66ebaccbcb37c71dddb96d16 | প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল আৰু তেওঁ আই চি ইউত আছে।
কিছুদিন পূৰ্বে ক'ভিড১৯ পজিটিভ চিনাক্ত হোৱা গায়কজন চিকিৎসাধীন অৱস্থাত আছিল।
গায়কজন চিকিৎসাধীন হৈ থকা এম জি এম হেলথকেয়াৰৰ বিবৃতি মতে ১৩ আগষ্টৰ ৰাতি তেওঁৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খায়।
"১৩ আগষ্টৰ শেষ ৰাতি তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁৰ যত্ন লৈ থকা বিশেষজ্ঞ চিকিৎসা গোটৰ পৰামৰ্শৰ ভিত্তিত তেওঁক আই চি ইউলৈ লৈ যোৱা হয় আৰু তেওঁ লাইফ চাপ'ৰ্টত আছে আৰু তেওঁৱ অৱস্থা জটিল হৈ আছে," বিবৃতিত প্ৰকাশ।
গায়কজন বৰ্তমান ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ গোটৰ নিৰীক্ষণত আছে আৰু তেওঁৰ স্বাস্থ্যৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে।
১৩ আগষ্টত এম জি এম হেলথকেয়াৰৰ বিবৃতিত গায়কজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু তেওঁৰ অক্সিজেন স্তৰ স্বাভাৱিক বুলি প্ৰকাশ পাইছিল। | web |
95e08669f3508e8bd68e87f9dab6a75d270372a763fe7543b98db5180268a8a8 | স্বপ্ন সত্য বাত্তর
খুজি দেখিছিল - ঘৃণালে পুতলা, জোতা, আনকি মেমচাহাবৰ চুলিৰ ফিতা-কাটা আদিও তাত পেলাই থৈ গৈছে। সেইবোৰ সি বঙলাত থৈ আহিছিলগৈ। বিচনাখন ঠিক কৰিব খুজি দেখে, এপাত কাণৰ দুল। ৰাতি পৰি যোৱা চিতাৰ ভুল - ইমান ধুনীয়া ! এটা চুমা খাইছিল সি দুলপাটক। তাৰ পাচত সি দুলপাট হাতত লৈ চিতাহঁতৰ ঘৰ পাইছিলগৈ। চিতাৰ বাপেক-মাক কামলৈ গৈছিল। তায়ে আহি তাক বহিবলৈ দিছিল। কিন্তু, হঠাতে তাই কেনেকুৱা গহীন হৈ গৈছিল। সি দুলপাট উলিয়াই দিছিল। তাই সুধিছিল - ইমান দামী দুল ক'ত পালি বুলি । সি ৰাতিৰ লাজ লগা কথাখিনি বাদ দি তাইক সুধিছিল - মেমচাহাবৰ লগত আগদিনা তাই কি বজাৰ কৰিলে। তাই দুখ কৰি কৈছিল, মেমচাহাবে তাইক ভুলতে বঙ্গাৰতে এৰি থৈ আহিছিল বুলি । অকলে পাঁচ মাইল বাট আহিবলৈ ভয় লাগি তাই লাইনৰে এটাৰ আগত বাপেকক মাতি পঠিযাই ৰজাৰৰ ওচৰতে থকা তাইৰ মাহীয়েকৰ ঘৰত বহি আছিল। বাপেক গৈ তাইক আনোতে ৰাতি দত্ যাব্জি গ'ল । সেই কাৰণেই ৰাতি তাই মেঘুৰ ওচৰলৈ যাব নোৱাৰিলে । মেঘুৱে সপোন দেখা মানুহৰ দৰে কিছুপৰ তাত বহি থাকি গুচি আহিছিল । তাৰ মূৰত এটা নতুন বুদ্ধি খেলাইছিল । সি আহি আয়াজনীক দুলপাট দেখুৱাই সুধিছিল, কাৰ হ'ব পাৰে। আয়াই কৈছিল, মেমচাহাবে দুল হেৰুৱাই গোটেইখন বিচাৰি ফুৰিছে আৰু সেইপাটেই মেমচাহাবৰ। তাই দৌৰ মাৰি মেমচাহাবক দিবলৈ গৈছিল। মেঘু গৰু নাছিল। আগদিন। মেমচাহাবে সি চিতাৰ লগত কথা পতা শুনি থকা, চিতাক বজাৰত এৰি থৈ অহা, তাৰ কোঠাত সি ফুচফুচাই কোৱা বহুত কথাৰ উত্তৰতো তাই একো নোকোৱা, ওলাই যাওঁতে তাক যাবলৈ নিদি অকলৈ গৈ তাই বঙলালৈ উঠা খট্খটীৰ ওচৰত নেদেখা হোৱা, পুৱা নিজৰ কোঠাত মেমচাহাবৰ চুলিৰ ফিতা-কাঁট। আদি পোৱা আৰু এই মেমচাহাবৰ দুলপাট - সকলো একেলগ কৰি সি বুজিছিল, ৰাতি তাৰ ওচৰলৈ অহাজনী চিতা নহয। আৰু সেইজনী কোন সি জানিও মুখ ফুটাই উচ্চাৰণ কৰিব নোৱাৰিছিল। লগে লগে তাৰ মনত পৰিছিল, চিতাজনীয়ে ৰাতি আহোতে মেমচাহাবৰ দৰে শাৰী পিন্ধি অহাৰ কথা, চিতাৰ গাটো খুব কোমল কোমল লগাৰ কথা - মেমচাহাবক প্রায়ে মালিচ কৰি দিওঁতে বিমান কোমল লাগিছিল, সিমান কোমল । আৰু, চিতাৰ নাকৰ ফুলটো যে তাৰ এবাৰো হাতত লগা নাছিল। সেই আছাৰতো চিতাজনীক মেমচাহাবৰ সমান বগা বগা যেন দেখিছিল সি। আৰু, চিতা অহা কথা আছিল গোটেই ৰাতি থাকিবলৈ ! বহুত কথা ভাবি সি বুজিব পাৰিছিল, জীৱনত প্ৰথম একেখন বিচনাতে আন্ধাৰত পোৱা মাহুহজনী কোন হ'ব পাৰে, সেই কথা ভাবি চাবলৈ তাৰ জ্ঞান নাহিল। সেই নিশা অন্ধকাৰত অহা মানুহজনীৰ হাতত সি একপ্ৰকাৰ আত্ম-সমৰ্পণ কৰিছিল। কলিকতাত মেমচাহাবৰ চিকিৎসাৰ বিষয়েওসি কোনো দিন কাকো ক'ব পৰা নাছিল । সেইছিনাও নক'লে। নাজ, খং আৰু যিণত সি চিতাৰ মায়াও ত্যাগ কৰিছিল। আৰু, কাকো নোকোৱাকৈ সোণাবালি চাহ-বাগিচা চিৰদিনৰ কাৰণে এৰি আহিছিল - ভরত, সম্মেহত, বিতৃষ্ণাত।
মিচেচ, বৰাৰ মনত পৰি গ'ল, প্রথম যিদিনা তেওঁ বীৰেনৰ ভনীয়েক মীৰাৰ লগত ক্লাবলৈ গৈছিল - ভাঙৰ ডাঙৰ মাহুহৰ, বহুত চাহাব-মেষ থকা ক্লাবটোলৈ। অবাক হৈ তেওঁ চাৰিওফালে চাইছিল। ইয়াত মতা মাহুৎ দেখি মাইকী মাহুতে লাজ নকৰে, ভৰি দিলেই দলিচাখন সোপোকা হৈ সোমাই যায়, কোনেও কালৈকো লক্ষ্য নকৰে, সকলোৱে ইংৰাজীতে কথা কয়। তেতিয়া তেওঁ দশমমানৰ ছাত্ৰী। কিন্তু, ইমান খৰকৈ ইংৰাজীত কথা পতা মীৰাজনীৰ কথাবোৰ তেওঁ বুজিব পৰা নাছিল। সেইদিনা মিচেচ, বৰাৰ খুব ভাল লাগিছিল। কেৰাণীৰ জীয়েক হোৱাতকৈ ডাইৰেক্টৰৰ জীয়েক হোৱ। কিমান সুখৰ ভাবিছিল। ক্লাবটে। ক্লাবৰ জীৱনটে। এনেয়ে নহ'লেও বিয়াৰ পিচত পাবলৈ মিচেচ, বৰাই মনে মনে সংকল্প কৰিছিল। হয়তো সেই কাৰণেই সেইদিনাই প্রথম বিয়া কৰোৱাৰ কথা ভাবিছিল, - - বীৰেনকে বিয়া কৰোৱাৰ কথা ভাবিছিল। লগে লগে ভাবিছিল, ডাইৰেক্টৰৰ পুতেকলৈ কেৰাণীৰ জীয়েকক সামাজিকভাৱে বিয়া দিয়া অসম্ভৱ। সেই কাৰণে হয় বাপেকে কিবা ভাগ্যৰ গুণত ভাইৰেক্টৰৰ পদবী পাব লাগিব, নহ'লে বীৰেনে তেওঁক ভাল পাই জোৰকৈ বিয়া কৰাব লাগিব। বীৰেনৰ লগত পলাই গৈ নাটকীয়ভাৱে গোটেই অসমতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সপোন এটাৰ ৰামধেহুৱে সেইদিনা তেওঁৰ মনটো জুৰি পেলাইছিল। তাৰ পিচত - ক্লাব, চোষা, আর্ডালি, গাড়ী, স্পেনিয়েল, শাৰী,......আৰু কত কি ভাবিছিল তেওঁ । চাওঁতে চাওঁতেই বীৰেনৰ বিয়া হৈ গৈছিল। সেই সময়ত তেওঁ বীৰেনৰ কাৰণে বেজাৰ কৰিবলৈ শিকা নাছিল, বৰঞ্চ ভাল পাইছিল বীৰেনৰ বিয়াত ৰং-ধেমালি কৰি ।
তাৰ এবছৰমান পিচতে তেওঁ থুলুক-ঘানাককৈ শুনিছিল নিজৰ বিয়াৰ কথা - হেমন্ত বৰাৰ লগত । বৰাক তেওঁ আগেয়েও দেখিছিল - বি-এ পাছ কৰি আহি বৰাই প্রথম চাপ্পাই চুপাৰিন্টেণ্ডেণ্টৰ চাকৰি পোৱাৰ কাৰণে থুউৱা মিঠায়ে। খাইছিল দহ মাহমানৰ আগতে। তেওঁৰ বয়স ভেতিয়। ১৬ বছৰমান হ'ব। উস্, কি যে বয়স সেইটো! দেহাটো ইমান গধুৰ যেন লাগে। কাৰোবাৰ গাত সদায় ওলমি থকাৰ ইচ্ছা হয়। কিভাপে-কাগজে দেখা ধুনীয়া ডেকাৰ ছবিয়েও যেন বুকুত চেপি ধৰি উপাহ ল'ব নোৱাৰা কৰি দিয়ে। তেওঁ মনে মনে বৰাকেই ভাল পাই পেলাইছিল প্ৰেমত নপৰাকৈ যেন বিয়। কৰাব নোৱাৰি।
মিচেচ, বৰাই এদিন বুজিলে যে বিশেষ কোনো ৰূপ বা গুণৰ দ্বাৰা আকৰ্ষিত হৈ তেওঁ মিস্টাৰ বৰাক প্রথম ভাল পোৱা নাছিল, ভাল পাৰৰ কাৰণে অধৈৰ্ধ হৈ পৰা নিজৰ মনটোক সন্তুষ্ট কৰিবৰ কাৰণেই, হাতৰ মুঠিৰ মাজত নিজৰ কৰি পাব পৰা প্রথম মানুহজন হিচাপেই, - তেওঁ মিষ্টাৰ বৰাক ভাল পাই পেলাইছিল। কিন্তু, এই কথা তেওঁ বুজি পালে বহুত পলমকৈ - তেওঁৰ বৈৱাহিক জীৱনৰ তৃতীয় বছৰৰ কোনোবা এটা গতান্থগতিক দিনত হে। সেইদিন মিস্টাৰ বৰাৰ প্রতীক্ষাত তেওঁ অভ্যাসবশতঃ ঘৰৰ আগফালে বৈ খাছিল। বৰা ৰাতি ঘৰলৈ ঘূৰি আহোতে বহুত পলৰ হৈছিল। বিচেৰ্চ বৰাৰ বুকুখন চিৰিংকৈ উঠিছিল - জীৱনৰ উপচি পৰা বয়ল তিনিট। এনেয়ে যোৱা যেন লাগিছিল। বিয়াৰ পাগৰ সপোনবোৰ সেইদিনা মনত
মন পা
স্বপ্ন সত্য বাস্ত
পৰিছিল। সেইবোৰ সপোন দিঠকত পৰিণত হোৱা দূৰৰ কথা - সপোনবোৰকে তেওঁ মনত সজাব নোৱাৰিছিল। প্ৰেমত পৰাৰ প্ৰয়োজনত তেওঁ বৰাৰ প্ৰেমত পৰিছিল, আৰু এতিয়া প্রয়োজন হ'লেও বৰাৰ লগত প্ৰেমিকাৰ উন্মাদনা লৈ অভিনয়ো কৰিব নোৱাৰ। হৈছিল। বুকুখন কিবা বৰ ৰিঙা ৰিঙা লাগিছিল। আশ্রয় বিচাৰি তেওঁ ৰাধা-কৃষ্ণৰ ফটোখনৰ আগত কৰবোৰে কিবা এটা মিনতি কৰিছিল।
দিনবোৰ বাগৰিছিল গতাহুগতিকভাৱে। মন আৰু শৰীৰৰ সকলো শক্তি প্রয়োগ কৰি মিচেচ, বৰাই গিৰিয়েকৰ ঘৰত-মন-বহা কৰিব খুজিছিল। নিজৰ সকলো আকর্ষণী শক্তি কামত লগাইছিল। সকলোকে বিফল কৰি গিৰিয়েক ফাইল আৰু ফটিকাৰ সংগ মুখত একেদৰেই থাকি গৈছিল ।
সেইদিনা - বিয়াৰ তিনি বছৰৰ পিচত - এটা সন্তানৰ মাক হোৱাৰ পিচত - মিচেচ, বৰাই বৈৱাহিক জীৱনৰ হিচাপ কৰিছিল। পোৱা নোপোৱাৰ হিচাপ কৰিছিল। তেওঁ যে মিস্টাৰ বৰাৰ কাৰণে বাটলৈ চাই ৰৈ আছিল, তাক পাহৰি গৈছিল। সেই হিচাপত পোৱাৰ ঘৰত তেওঁ পাইছিল - চৰকাৰী ওথ খাপৰ বিষয়াৰ ঘৈণীয়েক হিচাপে বিভাগীয় চকীদাৰ-চাপ্ৰাচী আৰু আন আন সম-পৰ্যায়ৰ বিষয়াৰপৰা লাভ কৰা মৌখিক মান-সম্মান, এটি সন্তান আৰু আন কেবাটিৰে। অজ্ঞানিত সম্ভাৱনা, মিস্টাৰ বৰাৰ ক্রমবর্ধমান অমনোযোগ আৰু আনক বুজাব নোৱাৰা এবিধ অৱজ্ঞা, পৰিৱৰ্তনৰ সম্ভাৱনা নথকা ভৱিষ্যতৰ ছবি .....ইত্যাদি। বাকীৰ ঘৰত আছিল - বুখ, শান্তি, তৃপ্তি আৰু কত কি ? এইবোৰ ভাবি ভাবি সেইদিন। তেওঁ ক'ব নোৱাৰাকৈ টোপনি গৈছিল। দুৱাৰ খোলাৰ শব্দত চকু মেলি দেখিছিল, সুৰাৰ ৰাগিত থিয় হ'ব নোৱাৰ। 'বৰা'ক। ভাত-পানী নোখোৱাকৈ, কোনো কথা নোকোৱাকৈ কাপোৰে-কানিয়ে, জোতাই-মোজাই ওই পৰিছিল বৰা। এই ঘটনা গতানুগতিক ধৰণৰ। নতুনত্ব তাত নাছিল। কিন্তু, মিচেচ, বৰাৰ সেইদিনা অসহ্য লাগিছিল। অতি অকলশৰীয়া যেন লাগিছিল। বৰাৰ টোপনি ভাঙিবলৈ চেষ্টা কৰিছিল। বৰাৰ সৈতে বহুত কথাৰ মীমাংসা কৰিব খুজিছিল। কিন্তু, নাকৰ শব্দৰ সামান্ত পৰিৱৰ্তন হোৱাৰ বাহিৰে ধৰাৰ কোনো সাৰ-সিকতি তেওঁ নাপাইছিল। মিচেচ, বৰাৰো আৰু ভাত খোৱা নহৈছিল । ৰাতি-তেওঁৰ চকু-পানীবোৰ বৰাৰ বুকুৰ নোমৰ মাজেদি ব্যর্থভাৱে বৈ গৈছিল - কোনো প্রতিক্ৰিয়াৰ সৃষ্টি নকৰাকৈ।
এই দৰেই ৰাতি আৰু দিনৰ লুকা-ভাকু খেলাৰ মাজেদি মিচেচ, বৰাৰ দিনবোৰ গৈ আছিল। "দিন" মানে 'কেঁকো-তে কোকৈ কঢ়িয়াই নিয়া বোজা'। পৃথিৱীখন জেৰেঙা পথাৰ যেন লাগিছিল।
নিজৰ সকলো ৰূপ-যৌৱনেৰে, খানকি গোটেই জীৱনটোৰেও, মিস্টাৰ বৰাক বৰষুৱ। কৰিব নোৱাৰি লাহে লাহে মিচেচ্ বৰাৰ অন্তৰত প্ৰতিশোধৰ ভাবে শক্তি লঞ্চয় কৰিবলৈ ধৰিছিল। সেই প্রতিশোধ চৰিতাৰ্থ কৰিবলৈ গৈয়েই কিছুদিনৰ ভিতৰতে মিচেচ বৰা হৈ পৰিছিল ক্লাবৰ নিয়মীরা সভ্যা, ঘৰৰ কাম-কাজৰ কাৰণে সমর নোপোৱা আধুনিকা, নিজে আদব-সাহব কবি নষ্ট নকৰি 'মরা'ৰ শাসমত সানক গ म'বলৈ যा वजन पগामिনो नाक 'এ মাাবাৰ' পৰিৱেই। 'ৰিউটি'।
পাটিলৈ যোৱা আৰু পাৰ্টি দিয়া, চিনেমাৰ আলোচনা আদি হৈ পৰিছিল দৈনন্দিন প্রধান কর্তব্য। মিস্টাৰ বৰাৰ কাৰণে চাহ-জলপান গোটাই, ভাত গৰমকৈ ৰাখি বৈ থকাৰ নিচিনা কামবোৰৰ অৱসান হৈছিল। ৰাজনীতিচৰ্চাৰ নামত ৰাজনৈতিক নেতাৰ ব্যক্তিগত চৰিত্ৰ-চৰ্চাত বৰাৰ লগত যোগ দিয়া হৈছিল। বিয়াৰ আগতে ডাইৰেক্টৰৰ পুতেক বীৰেনৰ লগত ক্লাবলৈ প্রথম দিন। যাওঁতে যিবোৰ ভৱিষ্যৎ কল্পনা কৰিছিল, বৰাৰ লগত বিয়া হোৱাৰ পিচত বৰাক 'মাহুহ' কৰাৰ চেষ্টা কৰোঁতে যিবোৰ কল্পনা পাহৰাৰ উপক্ৰম হৈছিল - সেইবোৰেই সেইদিন। মিচেচ, বৰাৰ জীৱনত বাস্তৱ হৈ দেখা দিছিল। বিয়াৰ আগৰ জীৱনৰ অন্ততঃ এটা সপোন দিঠক হোৱাৰ আনন্দত তেওঁ আত্মহাৰা হৈছিল। ধৰ্মান্তৰ গ্ৰহণ কৰি ত্যাগ কৰা ধৰ্মটোক ঘিণ কৰাৰ দৰে তেৱেঁ। ইয়াৰ আগতে কটোৱা জীৱনটোক দ্বিণ কৰিবলৈ ধৰিছিল। প্রতিশোধৰ ভাবে অনা মানসিক বিকৃতিয়েই তেওঁৰ প্ৰকৃতিত পৰিণত হৈছিল - অশান্তিকেই শান্তি বুলি সাৱটি লৈছিল। 'ক্লাবৰ একমাত্ৰ আকৰ্ষণ' বুলি যিদিন। এজন ক্লাবৱালাই তেওঁক তোষামোদ কৰিছিল, সেইদিনা মিচেচ, বৰাৰ সৰুতে ভূগোলত পঢা পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ কথা মনত পৰিছিল। তেওঁৰ চাৰিওফালে থকা কোনোৱেই যেন তেওঁৰ আকৰ্ষণ উপেক্ষা কৰি আঁতৰি যাব নোৱাৰিব ।
বহুতৰ লগতে তেওঁৰ চিনাকি হৈছিল - - দেশী-বিদেশী ডেফা-বুঢ়া, মতা-তিৰোতা আদি সকলো মানুহ। তেওঁৰ মনটো ক্লাবৰ ব্রিজ-কমত পৰ। কাৰ্পেটখনৰ নিচিন হৈ পৰিছিল - প্ৰতি নৱাগতৰ পৰশত সোপোক। হৈ সোমাই যায়, কিন্তু পৰিচয় বা সম্বন্ধৰ পদ-চিহ্ন চিৰস্থায়ীকৈ নাৰাখে ; আকৌ আগৰ দৰে নিমজ সমান হৈ পৰে। দুইএজন পুৰুষৰ লগত সম্বন্ধ কেতিয়াবা গাঢ হৈ পৰিছিল। সেই আটাইকেইজনেই আছিল অনা-অসমীয়া, বিদেশী। বিদেশীৰ বিষয়ে জনাৰ ইচ্ছা আৰু বিদেশীক অসমীয়া ছোৱালী কিমান 'ফৰৱাৰ্ড' বুজাবলৈ যাওঁতেই মিচেচ, বৰ। এইবোৰ পাৰত পৰিছিল। দুই-এজনৰ লগত সম্বন্ধ ইমান গাঢ় হৈছিল যে বিৱাহিত স্বামী আৰু বন্ধুৰ মাজত থকা পার্থক্যৰ সীমা-ৰেখা উদ্ধাৰ কৰোতে তেওঁ কষ্ট কৰিবলগীয়া হৈছিল কেতিয়াবা হয়তো নজনাকৈ চেৰাই যোৱা সীমালৈ লাজে-ভয়ে উভতি আহিবলগীয়া হৈছিল।
বয়সক বাধা দিব নোৱাৰি, কিন্তু লুকুৱাব পাৰি। ক্রীম-পাউডাৰ পাক সাজপাৰেৰে মিচেচ, বৰায়ো বয়স লুকুৱাইছিল। হুলুকায়ো উপায় নাছিল। কাৰণ, বয়স বাঢ়িলেও তেওঁৰ মনৰ মাহুহজনী গাঙ্ক হৈ আছিল - তৃপ্তিৰ আশা সেউজীয়া হৈ ৰৈছিল - বাব খোজা যৌৱনটোৰ বেছি ভালকৈ উপভোগ কৰি লোৱাৰ বাসনা বৃদ্ধি পাইছিল। যৌৱনৰ লগতে যেন জীৱনৰে। শেষ। কেতিয়াবা সন্দেহ হৈছিল, পৱনাৰ আছি পৰিছে বুলি। সন্দেহ অমূলক নাছিল। সেই কাৰণেই তেওঁ ভয় খাইছিল। নিজক, নিজৰ ৰূপক চিৰস্থায়ী কৰাৰ কাৰণে প্রাণপণে চেষ্টা কৰিছিল - শিল্পীস্বলত আন্তবিকভাবে।
ঠিক সেই সময়তে তেওঁ অভাক হেখিছিল। বেন মাহুহ নহয় এটা প্রাণশক্তিৰ আধাৰ হে। আন প্ৰণৱ কৰাৰ কাষণে বিলাবলৈও যেন তাৰ প্ৰাণ-শক্তি
স্বপ্ন সত্য ৰাঘৱ
আছে। কিন্তু সি যে সাধাৰণ খবৰ-কাগজৰ ৰিপোৰ্টাৰ! মনটোৱে বাধা দিছিল। কিন্তু, যিদিনা তেওঁ জানিছিল যে বোজনীও অভিজাত পৰিয়ালৰ 'ননীৰ পুতলা' তাৰ কাৰণে বলিয়া, সেইদিনা তেওঁ অভয়ৰ সামাজিক স্টেণ্ডাৰ্ডৰ কথা পাহৰি পেলাইছিল। নিজে বুঢ়ী হৈ যোৱা নাই বুলি প্ৰমাণ কৰিবৰ কাৰণেই সেই গাভৰুহঁতৰ লগত প্রতিযোগিতাত যোগ দিবৰ কাৰণে নিজে নজনাকৈয়ে সাজু হৈছিল ।
অভয়ৰ সৈতে চিনাকি হ'ল। প্ৰথমতে তাক বেয়া লাগিছিল ! তাৰ পিচত সিমান বেয়া লগা নাছিল। তাৰ পিচত ভালেই যেন লাগিছিল। কিন্তু, যিদিনা তাক ভাল লাগিছিল, সেইদিনা তালৈ ভয়ে। লাগিছিল। অতি ভয় লগার্কৈ ভয় লাগিছিল। কিন্তু, ই যেন কিবা আচৰিত ধৰণৰ ভয়। এই বুজিব নোৱাৰা অকাৰণ 'ভন্ন'টোলৈ অভয়তকৈও বেছি ভয় লাগিছিল। সেইবিধ 'ভয়'ৰ সীমাৰ লগত ভাল পোৱাৰ সীম। চিনিব নোৱাৰাকৈ মিলি থাকে। জীৱনত আগেয়েও এবাৰ তেনেকুৱা ভয় লাগিছিল বুলি মিচেচ বৰাৰ মনত পৰিছিল। তেওঁৰ মনত পৰি গৈছিল, বিয়াৰ দিনা ৰাতি নতুন আচবাব-পত্ৰেৰে সজোৱ। কোঠালিটোত সোমাই তেওঁৰ ঠিক একেটা ভয়েই লাগিছিল। এই কথা মনত পৰি তেওঁৰ আৰু বেছি ভয় লাগিছিল। তেওঁৰ দৌৰি পলাবৰ মন গৈছিল। কিন্তু, এনেতে মনৰ ভিতৰৰপৰা কোনোবাই তেওঁক কৈছিল - 'অভয়ে তোক পাচে পাচে খেদি নগ'লে তই সেইদৰে পলাই গৈ সুখ পাবি জানো'। ভয়ত মিচেচ, বৰা জিকাৰ খাই উঠিছিল। সৰুৰেপৰা শিকি অহা অভ্যাসৰ কাৰণেই ব্লাউজটে। দাঙি বুকুত থুৱাই দিছিল।
বহুত দিন তেওঁ ভাবি চাইছিল, কিন্তু অভয়ক এইদৰে ভয় কৰে। তেওঁ জানে। বৰাক এৰি অভয়ৰ লগত গুচি যাব পাৰিব ? সামাজিক প্রথামতে বিয়া কৰোৱ। গিৰিয়েক বৰা, ভাল হওক, বেয়া হওক গিৰিয়েক। আনকি, আন কাৰোবাৰ লগত প্রেম কৰিবলগীয়া হ'লেও তেওঁ বৰাৰ সৈতে সকলো সম্পর্ক শূন্য কৰি প্ৰেমত পৰিব নোৱাৰে - বৰাক গিৰিয়েক ৰূপে মানি লৈ তাৰ পিচত হে লুকাই-চুৰকৈ প্ৰেম কৰিব পাৰে । আৰু, ইমান দিনে এজন মাহুহৰ সুখ-দুখৰ ভাগী হৈ একেলগে থকাৰ মাজেদিও এটা সম্বন্ধ গঢ়ি উঠিছে, মোহ জাগিছে - ষি মোহৰ কাৰণেই বেয়া হ'লেও বহুত দিন থকা পুৰণি ভাড়া-ঘৰ এৰি নতুন ভাল এটালৈও বাবৰ মন নাযায়। আৰু, একমাত্র সন্তান ৰণী, সি যে তেওঁৰ বৰাৰ লগত নিজক পাহৰি কটোৱা কেইটামান মুহূৰ্তৰ কেঁচ। চিনতাক তেওঁ কেনেকৈ এৰি যাব ? সেইদিনা মিচেচ, বৰাই প্রথম অঙ্গুভৱ কৰিছিল, বৰাক তেওঁ বহুত কথাতে বেয়া পালেও মুঠতে ভাল পাবলৈ বাধ্য আৰু নিজে বহুত বিষয়ত বৰাক বেয়া বুলি মত প্রকাশ কৰিলেও খানে বেয়া বোলা তেওঁ সহ কৰিব নোৱাৰিব।
ইমানবোৰ বুজি-ঘুজিও অভয়ৰ নামটো কিন্তু মিচেচ, বৰাৰ হিয়াৰ ভিতৰত তেজৰ হবে নিমাতে চলাচল কৰি আছিল। তেওঁ গম পাইছিল, কিন্তু বন্ধ কৰিব নোৱাৰিছিল। মিচেচ, বৰাই গম পাইছিল, - তেওঁৰ মনটোৱে অভয়ক যেনেকৈ আপোন কৰিব খুজিছিল, তেনেকৈ আপোন কৰিবলৈ তেওঁৰ হিয়াড ঠাই নাছিল। নেইবিধ আপোনৰ কাৰণে থকা সকলো ঠাই বৰাই অধিকাৰ কৰি আছিল।
অভয়ৰ সৈতে চিনাৰি হোৱাৰ দিনৰপৰাই তেওঁৰ মনটোৱে অভাব কাৰণে হিচাক
মাজত ঠাই উলিওৱাৰ চেষ্টা কৰি থকাও তেওঁ অহুভৱ কৰিছিল। প্রথম যিদিনা তেওঁ জানিব পাৰিলে যে তেওঁৰ হিয়াত অভয়ৰ কাৰণে যথেষ্ট ঠাই আছে, সেইদিনা তেওঁ অতি আচৰিত হৈছিল - নিজে হঠাতে এখন সাম্রাজ্যৰ সম্রাজী হোৱা হ'লে বিমান আচৰিত হ'লেহেঁতেন, তাতকৈও বেছি আচৰিত হৈছিল। মনটোৱে কৰ। যোগাৰ-যন্ত্ৰ তেওঁ মনে মনে লক্ষ্য কৰিছিল। তেওঁ দেখিছিল - বৰ। নিজৰ ঠাইতে আছে। স্বামী হিচাপে তেওঁ পাবলগীয়া সকলোখিনি একেদৰেই পাই থাকিব। মাত্র এটুকুৰা ঠাই অলাগতিয়ালভাৱে খালী পৰি আছে - যিটুকুৰা ঠাইত বিয়াৰ আগতে ভাল পাওঁতে বৰাক বহুৱাইছিল। তাতে এতিয়া থাকিব অভয়। ঘৰ-সংসাৰ, ৰণী, খানকি মিচেচ, বৰ। নিজেও মিষ্টাৰ বৰাৰ হৈয়ে থাকিব। কিন্তু, কোনেও নেদেখা সেই এনেয়ে পৰি থকা হিয়াৰ মাজৰ ঠাইকণত থাকিব 'অভয়'।
সেইদিন। তেওঁ খুব ধুনীয়াকৈ ভাবিছিল অভয়ৰ কথা। দন্দ-খৰিয়াল নকৰিবৰ কাৰণে সৰু ল'ৰা-ছোৱালীক দিয়াৰ দৰে নিজৰ মৰমখিনি মনে মনে ভাগ কৰি দিছিল বৰা আৰু অভয়ৰ মাজত। ভাগ তেওঁ এইদৰে কৰিছিল : - বৰা গিৰিয়েক - অভয় 'কেঁচা-সোণ'। যেতিয়াই বিচাৰে তেতিয়াই তেওঁ বৰাৰ কাষত - কিন্তু, নিবিচৰা সময়খিনি অভয়ত বুকুত। বৰাৰ গাত হাত দি তেওঁ ওই থাকিব-অভয়ক মনে মনে মনত ৰাখিব। বৰাৰ লগতে তেওঁ সংসাৰ কৰিব - অভয়ৰ লগত পলাই যোৱাৰ কল্পনা কৰিব। বৰাৰ লগত বাহিৰত ফুৰিবলৈ যাব - অভয়ৰ লগত ঘৰৰ ভিতৰতে বৰাই ধৰিব নোৱাৰাকৈ চকুৰে কথা পাতিব। কিবা কথাত খং উঠিলে বৰাক তেওঁ যুক্তিৰে বুজাব - অভয়ক বুকুত সুমাই মৰম কৰি 'থং কৰিব নাপায় নহয় সোণটো' বুলি ক'ব। সন্তানৰ বাপেক হ'ব বৰা - কিন্তু দেখাত অভয়ৰ নিচিনা হ'বলৈ ভগৱানক খাটিব...।
এইবোৰ ভাবি ভাবি তেওঁ সেইদিন। নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছিল। ৰাতিপুৱা উঠি তেওঁ বৰাক কৈছিল - "কিয় জানো, মোৰ আজিকালি খুব ভয় ভয় লাগে।" সপোন ৰাজ্যৰপৰাই বাস্তৱলৈ চকু ঘূৰাই তেওঁ দেখিছিল - অভয়ৰ লগতে আছে কলংক, অশান্তি, বদনাম আৰু কত কি ?
কেইদিনমানৰ ভিতৰতে তেওঁ অতি কঠোৰ হৈ পৰিছিল। অভয়ৰ বিপক্ষে সঁচা-মিছা বহুত কথা তাৰ খবৰ-কাগজৰ সম্পাদকলৈ লিখিছিল। তাক শ্বিলঙৰপৰা আঁতৰাই নিনিলে কাগজৰ বদনাম হ'ব বুলিও লিখিছিল। অভয়ৰ বহুত দোষৰ বিষয়ে মন্ত্রী আৰু ওথ খাপৰ বিষয়াসকলকো কৈছিল - যাতে সকলোৱে চেষ্টা কৰি অভয়ক শ্বিলঙৰপৰা বেগেতে পঠিয়াই দিয়ে। অভয় গীতৰি গ'লেই যেন তেওঁৰ সকলো ভয় দূৰ হ'ব -অভয়ক পাহৰি যাব পাৰিব। গিৰিয়েককে। তেওঁ আদেশৰ স্থৰত কৈছিল, অভয়ক ৰাতে ঘৰলৈ অনা বন্ধ কৰে। বেচ গহীনভাৱেই তেওঁ কৈছিল, "ৰিপোৰ্টাৰক তোষামোদ কৰি কিবা নিউজ বা নিজৰ নাম যদি ছপা কৰিব খোজা, তবে অফিচতে কৰিবা । ঘৰলৈ অনাৰ কোনো ধৰকাৰ নাই। সেইপাটক মোৰ দেখিবৰ মন নাযায়।" বৰাই হাঁহি হাঁহি উত্তৰ দিছিল - কেনেকৈ জানিবা সি বিভ্ৰানি তোমাৰ কাৰণেই খাছে।" মিচেচ বৰাৰ বুকুখন কঁপি উঠিছিল। মুখখন
স্বপ্ন সত্য বা
ৰঙা পৰি গৈছিল - বৰাই অভয় তেওঁৰ কাৰণে অহা বুলি কোৱাৰ কাৰণে নহয়, বৰাৰ লগত কথা পাতি থাকোঁতেই মনটোৱে অভয়ক বিচাৰি হাত দুখন মেলি দিয়াৰ কাৰণে। "ছিঃ - কেনেবাকৈ যদি ধৰা পৰি যাওঁ" - সেইদিনা তেওঁ ভাৰিছিল, উপভোগ কৰিছিল।
কিন্তু, কি বিপদ - কাগজৰ সম্পাদকেও কোনো কাণসাৰ নকৰিলে, মন্ত্রী-সচিব আদিয়েও অভয়ক পঠিয়াব নোৱাৰিলে, বৰায়ে কোনো গুৰুত্ব নিদিলে। মিচেচ বৰাৰ খুব খং উঠিছিল। মিস্টাৰ বৰাক কৈ দিবৰ মন গৈছিল - "চাবা, পিচত কিবা এটা হ'লে মোক দোষ নিদিব।। মনটোক মই বান্ধি ৰাখিব নোৱাৰোঁ।" কিন্তু, এইবোৰ কথা চেপি ৰাখি বৰাক তেওঁ কৈছিল, "মই কোৱা কথাবোৰত তুমি আজি কালি একেবাৰে গুৰুত্ব নিদিয়া।"
দুৰাহমানৰ ভিতৰতে অভয় তেওঁৰ বহুত ওচৰ চাপি অহা মিচেচ, বৰাই গম পাইছিল। কিন্তু, কোনো উপায় নাছিল নিজক আঁতৰাই ৰখাৰ। যিমানেই আঁতৰি যোৱাৰ চেষ্টা কৰিছিল, সিমানে ওচৰ চাপি হে গৈছিল । যিমানে বেয়া পাৰৰ চেষ্টা কৰিছিল, সিমানে ভাল পাই আহিছিল। ই যেন ব্ৰহ্মপুত্ৰৰ পলসত পৰাৰ নিচিনা কথা। তেওঁ ভাবি চালে - প্রথমে অভয় আহিছিল, চাকৰে চাহ দিছিল। তাৰ পিচত নিজে দিছিল। তাৰ পিচত গল্প কৰিছিল। তাৰ পিচত শাসনৰ সুৰত চুলিত তেল নধঁহাৰ কাৰণে 'টান কথা' কৈছিল। তাৰ পিচত কিছু বিয়া কৰোৱা নাই সুধিছিল ..। এইবোৰ সদায় তেওঁ বৰা আগত থাকোতেই কৰিছিল। কাৰণ, সাধাৰণতে সি বৰা থাকোতে হে আহিছিল। দ্বিতীয় কাৰণ হ'ল, বৰাই জনাকৈ কৰা কামবোৰ দোষণীয় হ'ব নোৱাৰে আৰু সেই সুযোগ লৈ অভয়েও সাহ পাব নোৱাৰে । কিন্তু, বৰা আগত বহি থাকোঁতেও তেওঁ এনে কিছুমান কাম কৰিছিল, যিবোৰ বৰাৰ চকুত পৰা নাছিল। যেনে, ওচৰেদি যাওঁতে অভয়ৰ গাত গাটে। এঁহাই গৈছিল, আকলুৱা দৃষ্টিৰে তালৈ চাইছিল, চাদৰৰ আঁচলটো উৰি গৈ তাৰ মুখত লগাকৈ এৰি হিছিল। লাহে লাহে অভয়ক অকলে লগ পোৱাৰ ইচ্ছ। তেওঁৰ প্ৰৱল হৈ আহিছিল। আনকি, সেই আশাতে তেওঁ ক্লাবলৈ যোৱা কমাই দিছিল - কিজানি অভয় হঠাতে ওলায়হি। ক্লাবৰ কোনো মাহুহকে তেওঁৰ ভাল নলগা হৈছিল। আন কাৰোবাক অকণমান ভাল লাগিলেও যেন অভয়ৰ ভাগৰ মৰম হে নিষ্ঠুৰভাৱে কাঢ়ি আনি দিবহি লাগিব।
নিজৰ মনৰ দুৰ্বলতাৰ কথা তেওঁ ভালকৈ জানিছিল। সেই কাৰণেই তেওঁ কেবাহিনো বৰাক ক'ব খুজিছিল - "মোক ধৰা, মই পৰিব খুজিছোঁ, তোমাৰপৰ। আতৰি যাব খুজিছোঁ, নিজক বান্ধি ৰখাৰ শক্তি মোৰ নাই। কিন্তু, এইবোৰতো আৰু য'ব পৰা কথা নহয়। এইবোৰ কথাৰ অৰ্থটো বুজাবলৈকে তেওঁ বৰাক কেবাদিনো কৈছিল - "মোক তুমি আজিকালি মৰম নকৰা হৈছা। এনেকৈ মৰম নকৰা হ'লে মই কিন্তু গুচি যাম।" বৰাই "পাগলী" বুলি গভীৰভাৱে হাঁহিছিল।
ইয়াৰ পিচৰ এদিনৰ কথা। ড্রইং-কমত বহি বৰা আৰু অভয়ৰ সৈতে তেওঁ ৰাজ্যৰ পাতি আছিল। হঠাতে তেওঁ ধির হওঁতে শাৰীখন ক'ৰবাত লাগি থকাৰ
কাৰণে পৰি যাব খুজিছিল। ওচৰতে থকা অভয়ে থাপ, মাৰি তেওঁৰ হাতখন ধৰিছিল। তেওঁ উশাহ-নিশাহ বন্ধ হৈ ইমান ৰঙা পৰি গৈছিল যে দৌৰি পোৱনি কোঠালৈ গৈ আৰ্চীত নিজৰ মুখ চায়ো নিজেই লাভ পাইছিল। কপালত বিৰিঙি উঠা ঘামবোৰ আঁচলেৰে মচি দিছিল। কিবা এক অহেতুক আনন্দত অভয় যোৱাৰ পিচতে বৰাক জোৰকৈ ধৰি দীঘলীয়াকৈ চুমা খাই দিছিল ।
তাৰ পিছত আজি পোন্ধৰ দিনমান আগৰ ঘটনা। মিচেচ, বৰাই মূৰ কামুৰিছে বুলি কোৱাৰ পিচতো বৰা অফিচলৈ গুচি গৈছিল। যূৰ যে বেছিকৈ কামুৰিছিল ক'ব নোৱাৰি। কিন্তু মূৰ কামোৰাৰ লগে লগে মূৰত আৰু এটা চিন্তা সোমাইছিল। বৰাৰ তেওঁৰ প্ৰতি থকা মৰম জুখি চাবৰ মন গৈছিল। তেওঁৰ গা বেয়া লাগোতেও বৰা বেতিয়া দৈনন্দিন গতান্থগতিক কামলৈ একেদৰেই ওলাই গৈছিল, তেতিয়া তেওঁ মর্মাহত হৈছিল। ভাবিছিল - তেওঁ মৰিলেও বৰাৰ কোনো পৰিৱৰ্তন নহয়। ৰ ছখ লাগি চকুকিট। সেমেকিছিল। ভাত-পানী নোখোৱাকৈ তেওঁ বিচনাতে পৰি আছিল। এনে সময়তে দিনৰ প্ৰায় বাৰমান বজাত - দুৱাৰত কোনোবাই টুকুৰিয়াইছিল। চাকৰটো আহি খবৰ দিছিল, অভয় আহিছে। তেওঁ আচৰিত হৈ গৈছিল। সঁচাকৈ তেওঁ সেই সময়ত অভয়ৰ কথাই ভাবি আছিল। কোনো কথা নভবাকৈ চাকৰটোক তেওঁ আদেশ দিছিল, অভয়ক শোৱনি কোঠালৈকে লৈ আহিবলৈ। ভয় কৰিব নজনা অভয়টো ভয়ে ভয়ে সোমাই আহিছিল। আনৰ শোৱনি কোঠাত সোমোৱা বিষয়ত অনভ্যস্ত অভয়ৰ মুখখনৰ দোবী দোষী ভাবটো অতি আকর্ষণীয়, অতি পৱিত্ৰ যেন লাগিছিল। ইচ্ছা কৰিয়েই অতি ক্ষীণ মাতেৰে মিচেচ বৰাই "বহক" বুলি শিতানৰ ফালে বিচনাতে লাগি থকা চকীখনলৈ আঙুলিয়াই দিছিল। অভয় বহিছিল। তেওঁ একে। নোসোধাকৈয়ে অপৰাধীৰ দৰেই সি জবানবন্দি দিছিল - "এই ফালেদি যাওঁতে বৰ পিয়াহ লগাত পানী এগিলাচ খাই যাওঁ বুলি সোমালো। বেমাৰী গাত আপোনাকে। মিছাকৈ বিৰক্ত কৰিলোঁ।" মিচেচ, বৰাই তাক চেপি ধৰাৰ সকলো উন্মাদন। সংযত কৰি উত্তৰ দিছিল - "আপুনি মাহি বৰ উপকাৰ হে কৰিলে; অকলে অকলে ইমান বেয়া লাগিছিল। বিশেষ কাম নাই যদি অকণমান বহিলে বৰ ভাল পাম।" অপৰাধৰ হাত সাৰি নিশ্চিন্ত হোৱা অপৰাধীৰ দৰে অভয়ে প্রাণৰপৰা ওলোৱা তৃপ্তিৰ হাঁহিটো চেপি ধৰি ওঁঠত মিলাই দি উৎসাহেৰে কৈছিল - "আপুনি যাবলৈ আদেশ নকৰালৈকে বহিম।"
তাৰ পিচত কথা পাতিছিল - বহুত কিবা-কিবি কথা পাতিছিল। এনেতে চাকৰটোৱে অভয়ৰ কাৰণে কফি আৰু মিচেচ, বৰাৰ কাৰণে বাৰ্লি আনিছিল। নিজৰ অসুখ হোৱা বুলি বুজাবৰ কাৰণেই তেওঁ চাকৰটোক বালি দিবলৈ কৈছিল। অভয়ে কফি খাই শেষ কৰিলে, কিন্তু তেওঁ তেতিয়ালৈকে বালি খাবলৈ আৰম্ভই কৰা নাছিল। এবাৰ তেওঁ অতি কষ্ট পোৱা যেন কৰি ঘূৰটো দাড়ি এসোৱাহ খাই ওই পৰিছিল - ভাগৰ লগা যেন দেখুৱাইছিল। অভয়ে চাই আছিল বুলি তেওঁ জানিছিল। সি "কি হ'ল" বুলি হুধিছিল। তেওঁ কৈছিল, "চামুচেৰে খাওঁ, মূৰটো দাঙিলে পৰি যাওঁ যেন লাগে!" তেওঁ ওই দুই চামুচেৰে খাব খোজোঁতে পৰি গৈছিল বিচনাত। খেচো
| pdf |
dd6fe4e85e35d587cc8b01c7c86c9b0ebb020eeb | বটদ্ৰৱাঃ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ নামলগোৱা, ভকত সৰুপাইৰ দাসক সোমবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি সদস্য বৃন্দ আৰু ভকত বৈষ্ণৱৰ উপস্থিতিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ২১ বছৰ নিৰলস সেৱা আগবঢ়োৱা সৰলমনৰ নামলগোৱা সৰুপাই দাসক পৰিচালনা সমিতিৰ কাৰ্যালয়ত সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সম্বৰ্ধনা জনোৱা হয়।
ভকত গৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা পাটৰ চেলেং, গামোচা, গ্ৰন্থ, কুঁহিলাৰ কঠ আৰু পাঁচ হাজাৰ এশ টকাৰে সম্বৰ্ধনা জনোৱা হয়। | web |
45197a745211e0620179fcf3232a4d6b4bd21acf | চিৰাং জিলা সদৰ জে এচ বি অসামৰিক চিকিৎসালয়ত কৰ'না আক্ৰান্তৰ সেৱাত দিনে নিশাই ব্ৰতী হৈ থকা সকলৰ প্ৰতি সেনাই বেণ্ড প্ৰদৰ্শন কৰে । আজি দেওবাৰে ভাৰতীয় সেনাৰ ৫ম গাৰোৱাল ৰাইফলচৰ তৰফৰ পৰা জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰদৰ্শন কৰে বেণ্ড । সেনাৰ এই বেণ্ড প্ৰদৰ্শনৰ উদ্দেশ্য হৈছে কৰ'না মহামাৰীৰ পৰা দেশ বাসীক ৰক্ষাৰ বাবে দিনে নিশাই কাম কৰি যোৱা স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তা সকলক উৎসাহিত কৰা ।
সেনাৰ এই পদক্ষেপৰ শলাগ লয় জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডা° মনোজ কুমাৰ দাসে । চিকিৎসালয় খনৰ ৰোগী চিকিৎসক সকলোৱে সেনাৰ বেণ্ড উপভোগ কৰে । সেনাৰ এই বেণ্ড প্ৰদৰ্শনক স্বাস্থ্য বিভাগৰ কৰ্মী সকলে শলাগ লয়। সেনাই যিদৰে সীমান্তত দিনে নিশাই কৰ্তব্যত থাকি নিৰাপত্তা দিয়ে, একেদৰে এই দুৰ্যোগৰ সময়ত কৰ'না মহামাৰীৰ পৰা দেশবাসীক ৰক্ষাৰ বাবে স্বাস্থ্যখণ্ডৰ লোক সকলে দিনে নিশাই সেৱা আগবঢ়াই গৈছে। | web |
10c65ce8de43104094a5a2169322dd413fb8b819 | গুৱাহাটীৰ ১৫ মে'ৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত ৫জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে এখন সংবাদমেল দি কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ৰাজহুৱা কৰিছে।
আলফা স্বাধীনৰ অভাৰ গ্ৰাউণ্ড ক্ৰিয়াকলাপ যথেষ্ট বৃদ্ধি হোৱাৰ কথাটো স্পষ্ট হৈ পৰে আয়ুক্তজনৰ ভাষ্যত।
"আলফাৰ বিচাৰধাৰা প্ৰচাৰ কৰিবলৈ শিক্ষিত লোকৰ দৰকাৰ হয়। বহুতে সমাজৰ সন্মানীয় অৱস্থানত থাকি আলফাৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকে। এওঁলোকে অ'ভাৰগ্ৰাউণ্ডত কাম কৰি আছে" সংবাদ মাধ্যমৰ আগত ঘটনাটোৰ আঁতি-গুৰি ফঁহিয়াই দেখুৱাবলৈ চেষ্টা কৰা আয়ুক্ত দীপক কুমাৰৰ ভাষ্য।
তেওঁ লগতে কয় গোটেই ছেৱেন ছিষ্টাৰ্ছ লগ লাগি ভাৰতৰ পৰা পৃথক হোৱাৰ বাবে গোটেই সাতখন ৰাজ্যৰ পৰা সহানুভূতি আদায়ৰ চেষ্টা চলিছে। "অপাৰেইশ্যন ছেৱেন ছিষ্টাৰ্ছ" শীৰ্ষক ফেইচবুক অভিযানৰ প্ৰসংগ টানি আযুক্তজনে এইদৰে কয়।
তেওঁ সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।
সুৰক্ষাকৰ্মীৰ ওপৰতহে আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি কৰা আলফা স্বাধীনৰ দাবী সন্দৰ্ভত কয় যে বিস্ফোৰণটোৰ ফলত অসামৰিক লোকহে বেছি আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কয়, "যদি সুৰক্ষাকৰ্মীৰ ওপৰত কৰিব বিচাৰিছিল মলৰ সন্মুখত কিয় কৰিছিল? গতিকে আলফাৰ কাম অসমৰ ৰাইজৰ বিৰুদ্ধে গৈছে"।
যিমানেই ডাঙৰ মানুহ নহওক জড়িত সকলোৰে বিৰুদ্ধে "কঠোৰ পদক্ষেপ" লোৱা হ'ব বুলি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াজনে সকীয়াই দিয়ে।
উল্লেখযোগ্য যে ঘটনাটোত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এতিয়ালৈ পাঁচজনক গ্ৰেপ্তাৰ কৰিলে। প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ পাছত শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছে আলফাৰ বোমা বিশেষজ্ঞ বুলি আৰক্ষীয়ে দাবী কৰা গোলাঘাটৰ অমিত বল্লভ গোস্বামী, নগাঁৱৰ ইন্দ্ৰমোহন বৰা আৰু গুৱাহাটীৰ চিন্ময় লহকৰ। | web |
6ff910b015c86455a2c560aba2b9098f0da14029 | হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত থকা মাছ অস্বাভাৱিকভাৱে মৃত্যু হোৱা বিষয়টো পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত এই বিষয়টো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়াই মুখ্য মন্ত্ৰীক এই ঘটনাৰ সবিশেষ অৱগত কৰে আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনায়।
বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কামৰূপ জিলাৰ উপায়ুক্তক হাজোৰ মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ সৈতে আলোচনা কৰি মীন বিভাগৰ সহযোগত উপযুক্ত পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিয়ে।
এই দিশত প্ৰয়োজন হ'লে বিশেষজ্ঞ নিয়োগৰ ব্যৱস্থা কৰিবলৈও মুখ্য মন্ত্ৰীক নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰীয়ে কয় যে ঐতিহাসিক এই পুখুৰীত থকা মংস্যকে ধৰি অন্যান্য ধৰি অন্যান্য জলজ জীৱসমূহ সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয়।
অলপতে সংঘটিত হোৱা এই অস্বাভাৱিক ঘটনাৰ বিজ্ঞানসন্মত কাৰণসমূহ উলিয়াই লৈ এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
এই পুখুৰীৰ পানী যাতে কোনো ধৰণৰ বৰ্জিত পদাৰ্থৰ দ্বাৰা বিনষ্ট নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
আজি এই বৈঠকত সাংসদ কুইন ওজা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মীন বিভাগৰ শীৰ্ষ বিষয়া, হাজো মাধৱ পুখুৰী সংৰক্ষণ সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। | web |
ff3ebad171e7681fcf771e389b914d44c3e45178 | নাহৰকটীয়াত আজি পুৱা এটা ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। নহাৰকটীয়াৰ বাহধাৰীত ৰেল লাইনৰ পৰা বাগৰি পৰে নামনিমুৱা এখন মালবাহী ৰে'লৰ ৭ টাকৈ ডবা।
নামনিমুৱা মালবাহী ৰে'লখন দাইলভৰ্তি আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে কি দৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল তাক বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
ইফালে আজি পুৱা সংঘটিত এই ভয়ংকৰ মালবাহী ৰে'ল দুৰ্ঘটনাত কোনো হতাহত হোৱা নাই বুলিও জানিব পৰা গৈছে।
ইফালে আজি সংঘটিত এই দুৰ্ঘটনাৰ বাবে উক্ত ৰেলপথটোৰে অহা ৫ দিনৰ বাবে উজনিমুৱা আৰু নামনিমুৱা ৰে'লৰ চলাচল বন্ধ থাকিব বুলিও জানিব পৰৈ গৈছে। | web |
466a84f6c7014607cd10cbc5fa8740d1a29248fc | দেওবাৰে দৰং জিলাৰ সদৰ মঙলদৈত জিলা হস্ততাঁত আৰু বয়ন বিভাগে জিলা প্ৰশাসনৰ সহযোগত মুকলি কৰা গামোচা মেলা-২০১৮ নামৰ বিহুৱানৰ মেলাখনে উঠি অহা হস্ততাঁত শিল্পীসকলৰ বাবে এটা আশাৰ বতৰ কঢ়িয়াই আনিছে। এসপ্তাহ ধৰি চলিবলগীয়া এই মেলাখনত মঙলদৈ চহৰৰ স্থানীয় শিপিনীৰ দ্বাৰা বোৱা গামোচা প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰি কৰা হ'ব।
জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত মঙলদৈৰ বিধায়ক গুণুজ্যোতি দাসে এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল শিপিনী, ক্ৰেতা, বিভিন্ন আত্মসহায়ক গোট আৰু সংগঠনৰ সদস্যসকল দৰঙৰ হস্ততাঁত আৰু বয়ন বিভাগৰ সহকাৰী আয়ুক্ত হেমাশ্ৰী খনিকৰ আৰু সহকাৰী সঞ্চালক বিপুলজ্যোতি কলিতা, পি কে গোস্বামী, মঙলদৈ পৌৰসভাৰ সভাৰ সভাপতি প্ৰতাপ বৰদলৈ, মহিলা উদ্যোগী উপাসনা ডেকা আৰু শেৱালী কলিতা গোস্বামী বিখ্যাত ব্যক্তি উপস্থিত আছিল।
ভাষণত মঙলদৈৰ বিধায়ক দাসে মঙলদৈৰ উঠি অহা সিপিনীসকলক এই বৃত্তিটো এটা পেছা হিচাপে গ্ৰহণ কৰি বজাৰৰ ব্যাপক চাহিদা পূৰণ কৰাৰ বাবে আহ্বান জনায়। শিপিনীৰ এই উদ্যোগে অসমৰ বাহিৰৰ আৰু চুবুৰীয়া বাংলাদেশৰ যান্ত্ৰিক তাঁতত বোৱা গামোচাৰ আমদানি বন্ধ কৰিব বুলি তেওঁ মন্তব্য কৰিছে। | web |
935a61f37e8e73d1f6b761ebb28b996257d1abfc0bcf658634c5899a3a828b4a | আচাৰ্য্য বিনোৱ। ভাবেৰ একেষাৰ কথাৰ ওপৰত - তাৰে ভাৱ লৈ প্ৰৱন্ধ দুটামান লিখিবলৈ প্ৰেৰণা পাইছিলো। সেই প্ৰৱন্ধকিটাকে কিতাপ আকাৰে ছপাই উলিওৱাৰ এই প্ৰয়াস ।
কিতাপখনত বিজ্ঞানৰ বা অন্য বিষয়ে দিয়া তথ্য-পাতি আৰু অঙ্কবিলাক বিশ্ব ৰাষ্ট্ৰ সঙ্ঘৰ কৃষি বা অর্থনীতি বিভাগৰ ৰিপোৰ্টৰপৰা, অধ্যাপক হেৰিচন ব্রাউল আৰু ব্ৰাট্ৰেণ্ড ৰাচেল প্ৰমুখ্যে বৈজ্ঞানিক আৰু দাৰ্শনিক কেজনমানৰ কিতাপ বা প্ৰৱন্ধৰপৰা সংগ্ৰহ কৰা হৈছে ।
কিতাপখনৰ মূলভাৱটোৰ কাৰণে ওপৰত উল্লেখ কৰা খ্যাতনামা লোকসকলৰ ওচৰৰ আমি সুজিব নোৱৰাকৈ ধৰুৱা। তেখেতসকললৈ মই মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।
ভাৱ বা তথ্য-পাতি আনৰপৰ। লোৱা হৈছে যদিও কিতাপখনৰ যুক্তিবিচাৰৰ দায়িত্ব সম্পূর্ণভাৱে মই নিজে গ্ৰহণ কৰিব লাগিব। ভাৱ, তথ্য বা অঙ্ক নানা ঠাইৰপৰা ললেও, নিজৰ মতেহে যুক্তিবিলাক অৱতাৰণা কৰা হৈছে। সেই কাৰণে, যুক্তি বিচাৰৰ আৰু সিদ্ধান্তৰ যি দোষ-ত্রুটী ঘটিছে, সেই সকলো মোৰ নিজৰ
কিতাপখন ছপা কৰোতে, প্রুফ চোৱাৰ অসুবিধাত কিছু ভুল থাকি গ'ল । ই বৰ পৰিতাপৰ বিষয়। আশাকৰো, ৰাইজে তাৰ কাৰণে আমাক ক্ষমা কৰিব ।
শ্রীবিজয় ভাগৱতী
| pdf |
245762f4bb8a3a114a60132c9d349894eb4e6a88 | সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য __উৎকৃষ্ট বিকল্প ৰাজ্যসভা নে পুনৰ আছু ?
উইং কামাণ্ডাৰ অভিনন্দন কেনেকৈ পাকিস্তান পালে?
বিপিএফ , অগপ পুনৰবাৰ লোকসভাত সাংসদ শূন্য হব ?
বেক ফুটত হিমন্ত বিশ্ব শৰ্মা. .
আঠ লাখ ভোটত জিকিম ২০১৯ ত.... | web |
88dcc831eaea8038c9b6afbefd7d03925afa9c1c | অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত থকা অফিচাৰ্ছ ক্লাবত শিৱসাগৰ প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত ২৩ ছেপ্তেম্বৰত এক বুনিয়াদী প্ৰশিক্ষণ(Basic training) অনুষ্ঠিত হয়। প্ৰশিক্ষণৰ শুভাৰম্ভণী কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নিয়ন্ত্ৰক ডাঃ লক্ষ্মণন এছ।
উপায়ুক্তই সকলোকে অভিবাদন জনোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত এক সাৰুৱা মন্তব্য ৰাখে। এই প্ৰশিক্ষণত ১০০ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, স্কাউটচ্ গাইডচ্, এনচিচি কেদাৰ, খণ্ড প্ৰতিপালক, কৰ্মচাৰী আদিয়ে ভাগ লয়। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই অনুষ্ঠান আঁত ধৰাৰ লগতে অসামৰিক প্ৰতিৰক্ষা আৰু দুৰ্য্যোগৰ ওপৰত বিষদ বিৱৰণৰ দাঙি ধৰে । লগতে তেওঁ অসামৰিক প্ৰতিৰক্ষাৰ বিষয়েও প্ৰশিক্ষাৰ্থী সকলক অৱগত কৰে।
আনহাতে উক্ত সভাত উপস্থিত থাকি শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত মহম্মদ আল আজাহাৰ আলীয়ে নিজৰ ভাষণ প্ৰসংগত, যি কোনো দুৰ্য্যোগ হ'লে নিজকে বচোৱাৰ লগতে আনকো কেনেকৈ বচাব পাৰি তাৰ ওপৰত সুন্দৰ মন্তব্য ৰাখে। সভাত মুখ্য প্ৰতিপালক প্ৰদীপ খেমকা, আঞ্চলিক প্ৰতিপালক (সংমণ্ডল ৱাৰ্ডেন) গোবিণ বৰা, স্তম্ভ প্ৰতিপালক (পোষ্ট ৱাৰ্ডেন) সঞ্জীৱ ফুকন, প্ৰতিপালক প্ৰবীণ বৰগোহাঁই, জেহিৰুদ্দিন খান, অমূল্য বৰুৱা ,এনচিচিৰ আৰিফা বেগম,বীনা গোস্বামী,ৰূপালী বৰুৱা, প্ৰশান্ত কুমাৰ অধ্যাপক, স্কাউটচ্ গাইড মাখন বৰা, পৱন বৰা, অংকুৰিমা বৰুৱা আদি উপস্থিত থাকে।
প্ৰতিপালক সঞ্জীৱ ফুকনে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰশিক্ষণ লৈ তেখেতৰ কি লাভ হৈছিল আৰু প্ৰশিক্ষণৰ যোগেদি মাকক বচোৱাৰ লগতে ৫ বছৰ কেনেকৈ বচাই ৰাখিছিল সেই বিষয়ত ন-শিকাৰু সকলক অৱগত কৰে। এই প্ৰশিক্ষণ প্ৰায় ৪৩ দিনৰ অন্ততঃ শেষ হ'ব বুলি উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই জানিবলৈ দিয়ে। | web |
2ed055c641f2bcce1731eef474c483e7 | পেপাৰকাপত ধুমুহা কলকাতাৰ সোমঋতাৰ\nমূল- ৰাজদুলাল মুখাৰ্জী\n'মোৰ মা-দেউতা বৰ ভাল। সকলো কথাতেই তেওঁলোকে মোৰ কাষত থিয় দিয়ে। কিন্তু যেতিয়াই মোৰ মাক মোৰ বিষয়ে কোনোবাই সোধে, তেওঁ বিষণ্ণ স্বৰেৰে উত্তৰ দিয়ে যে তেওঁৰ জীয়ৰীয়ে উপাৰ্জনৰ বাবে কেটলী বিক্ৰী কৰে।' নিজৰ ব্যৱসায় ষ্টাৰ্টআপ পেপাৰকাৰ (Papercup) সম্পৰ্কে ক'বলৈ গৈ প্ৰথমতেই এই কথা ক'লে ২৪ বছৰীয়া সোমঋতা গুহই।\nপঢ়াশুনা শেষ হ'লে এটা ভাল চাকৰি। সাধাৰণতে এনেকুৱাই হয়। সোমঋতাই কিন্তু সেই চিনাকি বলয়ৰ বাধা বিচৰা নাছিল। আনহাতে কি কৰিবলৈ বিচাৰে সেয়াও ঠিৰাং কৰিব পৰা নাছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ ছাত্ৰী হৈ থকা অৱস্থাত। সৃষ্টিশীল কাম কৰি আনন্দ পাইছিল তেওঁ। মাত্ৰ চখপূৰণৰ বাবেই তেওঁ আৰম্ভ কৰিছিল পেপাৰকাপ। দৈনন্দিন ব্যৱহাৰ হোৱা কিছুমান বস্তুক নান্দনিক ৰূপ দিয়াৰ উদ্যোগ। বিশ্ববিদ্যালয়ত থকাৰ সময়ত এই ব্যৱসায় নিতান্তই অতি সৰু আছিল। পৰৱৰ্তী সময়ত ইয়াক ডাঙৰ ৰূপ দিয়াৰ কথাও চিন্তা-ভাবনাও সিমান মনলৈ অহা নাছিল। এইবোৰ কথা ২০১০ চনৰ।\nনিতান্তই চখ পূৰণৰ বাবে যি কাম আৰম্ভ কৰিলে সেয়া কিন্তু মন্থৰিত নহ'ল। সোমঋতা লাগি থাকিল। চাৰিবছৰৰ অন্তত ২০১৪ চনত সংস্থা হিচাপে পঞ্জীকৃত হ'ল পেপাৰকাপ। প্ৰডাক্ট বুলিবলৈ সাধাৰণ কিছুমান সামগ্ৰী। কিন্তু বহুতেই নিজৰ ওচৰত ৰাখিবলৈ বিচাৰে। এয়াই বিশেষত্ব। বিগত তিনিমাহত ই-কমাৰ্চ ৱেবছাইটৰ মাধ্যমেৰেও ইয়াৰ বিক্ৰী আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে সোমঋতাই। ইয়াৰ আগতে থাৰ্ড পাৰ্টী ৱেবছাইট, যেনে- ফেচবুক ইত্যাদিৰ মাধ্যমেৰে পেপাৰকাপ বিক্ৰী কৰা হৈছিল। কিছু ইভেণ্টৰো আয়োজন কৰা হৈছিল যি এতিয়াও কৰা হয়। এইবোৰ ইভেণ্টত মাথোঁ পেপাৰকাপ প্ৰদৰ্শন আৰু বিক্ৰী কৰা নহয়, লগত থাকে লাইভ জেমিং ছেছন, স্প'কেন ৱৰ্ড পয়েট্ৰি, লাইভ আৰ্ট। ষ্টাৰ্টআপ হিচাপে কাম আৰম্ভ কৰাৰ পিছতে বিগত এবছৰত কৰ্প'ৰেট ক্ষেত্ৰতো সামগ্ৰী লৈ উপস্থিত হৈছেগৈ পেপাৰকাপ। পেপাৰকাপ ফ্লেগশ্বিপ প্ৰ'ডাক্টৰ মাজত আছে সুদৃশ্য কেটলি। য'ত ছবি আৰু ৰঙেৰে ভৰাই তোলা হৈছে পৌৰাণিক কাহিনী, লোককথা, দৃশ্যাৱলীৰে। ইয়াৰ বাহিৰেও আছে মাগ, ঘৰ সজোৱাৰ বিভিন্ন সামগ্ৰী।\nকিবা এটা সামগ্ৰী প্ৰস্তুত কৰাটো এটা কথা। সেয়া বিক্ৰী কৰাটো অন্য কথা। এই প্ৰসংগত সোমঋতাৰ বক্তব্য, 'পাঁচ বছৰ আগতে মই যি কৰিবলৈ ওলাইছিলোঁ, তেতিয়া অতি কম মানুহেহে এই পথত আগুৱাইছিল। কিন্তু এতিয়া বজাৰ অতি সীমাৱদ্ধ হৈ পৰিছে। ছুপাৰ ছেচ্যুৰেটেড বুলি ক'ব পাৰি। একেটা ক্ষেত্ৰতে অসংখ্য মানুহে কাম কৰিছে। যি কাৰণত ই কমাৰ্চতো ঠেলা-হেঁচা আৰম্ভ হৈছে। প্ৰথম ১০টাৰ মাজত থাকিবলৈ হ'লে বিশাল বজাৰত ডাঙৰ ডাঙৰ সংস্থাৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব। কিন্তু কম্পিটিচনৰ এই চেলেঞ্জক স্বাগতম জনাওঁ। আৰু এটা ডাঙৰ বিষয় হ'ল ফাণ্ডিং। কিন্তু সঠিক সময়ত মই তাৰ ব্যৱস্থা কৰি ল'ব পাৰিম বুলি মোৰ আশা আছে।' লগে লগে আৰু অলপ সংযোজনেৰে সোমঋতাই ক'লে, 'মোৰ ব্যৱসায় আগুৱাইছে ই-কমাৰ্চৰ পথেৰেই। ইউৰোপ-আমেৰিকাৰ তুলনাত ভাৰতত ই-কমাৰ্চৰ বজাৰ এতিয়াও সৰু। কিন্তু ভাৰতত ই-কমাৰ্চ অতি দ্ৰুতবেগত আগুৱাইছে। য'ত কোটিৰ ঘৰত অনলাইন ক্ৰেতা আছে, তাত আপুনিওতো ভাগ পাবই। এতিয়া কথা হ'ল যিমান সম্ভৱ সিমানেই বেছি সেই বজাৰ দখল কৰা।'\nবজাৰত টিকি থকাৰ কি পৰিকল্পনা আছে পেপাৰকাপৰ? এই ব্যৱসায়ত ধাৰাবাহিক যুঁজ, হাৰ নমনা মনোভাৱতে জোৰ দিছে সোমঋতাই। একমাত্ৰ সেয়া কৰিব পাৰিলেই বিশাল বজাৰৰ প্ৰতিযোগীসকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা যাব বুলি তেওঁ ভাবে। তাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে তেওঁ। তিনিটা বিশেষ অৱলোকন। প্ৰথম, ই-কমাৰ্চত যিমান সম্ভৱ সিমান বেছি উপস্থিতি নিশ্চিত কৰা, লক্ষ্য আৰু অধিক মানুহৰ কাষ চপা। দ্বিতীয়, কৰ্প'ৰেট ক্লায়েণ্টসকলৰ বাবে প্ৰথম পচন্দ হিচাপে প্ৰতিভাত হোৱা, কৰ্প'ৰেট ক্ষেত্ৰত উপহাৰ সামগ্ৰীৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু এনে ইভেণ্টৰ আয়োজন কৰা য'ত সমান্তৰালভাৱে লাইভ মিউজিক, কবিতা, শিল্পৰ সৈতে ব্যৱস্থা থাকিব সামগ্ৰী বিক্ৰীৰ।\nপেপাৰকাপৰ অধিকাংশ সামগ্ৰীয়ে হাতেৰে প্ৰস্তুত কৰা আৰু সেয়া সমাজৰ পিছপৰা মহিলাসকলৰ দ্বাৰা কৰোৱা হয়। এই কামত যুক্ত নহ'লে যিসকলে হয়তো পৰিচাৰিকা হিচাপেই উপাৰ্জন কৰিব লাগিলহেঁতেন। এইসকল মহিলাৰ সন্মুখত উপাৰ্জনৰ পথো মুকলি হৈ পৰিছে। সোমঋতা অৱশ্যে অকলশৰীয়া নহয়, পেপাৰকাপৰ ক'-ফাউণ্ডাৰ হিচাপে আছে শুভজিৎ পাঁজাও। ব্যৱসায় চলাবলৈ যি পৰিমাণৰ পুঁজিৰ প্ৰয়োজন তাৰ ব্যৱস্থা দুয়োজনে মিলাই কৰিছে। পিছে বজাৰত কিমান সঁহাৰি লাভ কৰিছে? সোমঋতাৰ উত্তৰ, 'আমি বজাৰ নুবুজোঁ, আমি বুজোঁ মানুহক।' মানুহৰ মন বুজাতেই ব্ৰতী হৈ আছে পেপাৰকাপ। ই-কমাৰ্চ ৱেবছাইটতো আছেই, সমান্তৰালভাৱে প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে ইভেণ্টৰো আয়োজন কৰা হয়। কলেজ ফেষ্টত গিফট্ স্পনছ'ৰ হিচাপে সহযোগিতা কৰা হয়। সোমঋতাৰ অনুভৱ, যিদৰে চলিছে সেয়া আৰু কিছুদিন ধৰি ৰাখিব পাৰিলে বহুদূৰ আগুৱাই যাব পেপাৰকাপ।\nপিছলৈ উভতি চালে কেনে লাগে? এই ব্যৱসায়ত ভাললগা, বেয়া লগা দুয়োটাই আছে সোমঋতাৰ। যিমানেই সৰু নহওঁক, তেওঁ নিজৰ ধৰণে কৰাৰ চেষ্টা কৰিছে, ই প্ৰতিটো মুহূৰ্ততে তৃপ্তি দিয়ে। আৰু কাম কৰাৰ বাবে শক্তি দিয়ে। কিন্তু চৌপাশৰ মানুহে যিদৰে তেওঁক নিৰুৎসাহিত কৰিছে, উপহাস কৰিছে সেয়া আজিও পাহৰিব পৰা নাই। সোমঋতাৰ কথাৰে, 'কোনোবাই অন্য ধৰণে ভাবিছে বা কৰিব বিচাৰিছে মানেই যেন কামটো গোলমলীয়া। নিশ্চয় ইয়াৰ আঁৰত অন্য কাৰকো আছে। আমাৰ সমাজত এনেদৰেই ভবা হয়। মোৰ ক্ষেত্ৰতো সেয়েই হৈছিল। ষ্টাৰ্টআপ আকৌ কি, এইবোৰ ইমানেই বেয়া যে সকলোৱে সাৰগৰ্ভ জ্ঞান দিয়ে। কোনো কোনোৱে উপদেশ দি কয়, হবি হিচাপে এইবোৰ ভাল, কিন্তু কৰিবলৈ গ'লে চাকৰিয়েই ভাল। আচলতে এই ধৰণৰ মানুহে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল নাপায়। তেওঁলোকৰ বাবে জীৱন হৈছে যিমান পাৰি প্ৰত্যাহ্বানমুক্ত হৈ থকা। তেওঁলোকে এনে জীৱন কটাইছে যে আনৰ জীৱনো তেনেকুৱাই হোৱা উচিত। কিন্তু এইবোৰ অন্তঃসাৰশূন্য কথাত মই দিশ সলনি নকৰোঁ। যি ভাবিছো, তাকেই কৰিছো। লাজ কৰিলে কিন্তু নচলিব।' আৰু এতিয়া? 'ইমানেই থ্ৰিল যে কি ক'ম। ঠিক যেন চিনেমাৰ দৰেই। প্ৰতিদিনেই কমবেছি একেই কাম কৰিলেও প্ৰতিটো দিনেই যেন অন্য ধৰণৰ। ব্যস্ততা, দৌৰাদৌৰি, মিটিং, নতুন নতুন মানুহৰ সৈতে বাক্য বিনিময়, নতুন আইডিয়া। আপুনি অন্য ধৰণৰ কাম এটাযে কৰিছে সেয়াই আনন্দ। বিগত এটা বছৰ ধৰি মই উদ্যোগৰ বাহিৰে অন্য একো চিন্তা কৰিব পৰা নাই। যদি ব্যৰ্থ হওঁ, তেতিয়াও বিচাৰিম এগৰাকী উদ্যোগপতি হ'বলৈ', গৰ্বেৰে ক'লে সোমঋতাই।
| web |
53db29c09b328dff42eccbdb6a93efb024047ac6 | গৌৰীপুৰঃ গৌৰীপুৰৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ বৰাইবাৰী ৩ য় খণ্ড গাঁৱত এম জি এনৰেগাৰ কামত চলিছে বিয়াগোম দুৰ্নীতি। ৩ লাখ ৮,১৫৬ টকাৰ কাম মাত্র ৫০ হাজাৰ টকা কৰি সমাপ্ত কৰিলে বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আঞ্জুমা আহমেদ। যোৱা ২০১৮-১৯ বিত্তীয় বৰ্ষত চৰকাৰে কালি মন্দীৰৰ লেন্ট উন্নয়নৰ বাবে আবন্টন দিয়া MGNREA কামত চলাই আছে দুৰ্নীতি। হায় অসম চৰকাৰ হায় পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলে ৰ বিভাগত চলি আছে দুৰ্নীতি কান শাৰ নাই মন্ত্ৰী ডাঙৰীয়াৰ।
যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছিল আঞ্জুমা আহমেদ। কিন্ত এতিয়া তেওঁ নামি পৰিছে নেকি MGNREA কামৰ দুৰ্নীতিত। আচলে তেওঁ দুৰ্নীতি কৰাৰ কাৰনে পঞ্চায়ত নিৰ্বাচন খেলিছিল নেকি বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আঞ্জুমা আহমেদ। আৰু তেওঁৰ লগত এম জি এনৰেগা দুৰ্নীতি কৰাত জৰিত আছে নেকি বৰাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব। এই সন্দৰ্ভত দেবীতোলা উন্নয়ন খণ্ড বিষয়া কিবা পদক্ষেপ লব নে নাই সেয়া হ'ব পৰবৰ্তী সময়ত লক্ষণীয়। | web |
04928605368ccb942e2d838c8be2b0f1721e3940 | 1 Luku miꞌe pe, Jisas plihe nate gere me lenge jetalah kin ninde ŋanar pinip umun Galili. Leꞌe yaŋah ŋaiye kin nate ŋasambe kitikin nal lenge jetalah. 2 Saimon Pita, Tomas, naŋ umburꞌe kin Didimus, topoꞌe Nataniel tikin moi Kana nal Galili, topoꞌe lenge talah hoi tikin Sebedi, topoꞌe lenge jetalah ŋoinde hoi tikin Jisas yarp topoꞌe. 3 Luk 5.5Saimon Pita ŋana lenge tinge lalme luku na, "Ŋam mala mil mahaiꞌe ŋuyoꞌ." Tinge yiname kin na, "Poi ya mut topoꞌme nin." Taꞌe luku pe, tinge lalme yal yanah loumbil pinip pe, tinge yal. Kom ŋaiye ŋup sokoloh uku nenge nat pe, tinge yukur jete ŋuyoꞌ ende, pakai.
4 Sehei ŋaiye ŋau tambaram anah pe, Jisas nate gan nal pinip umun tikih. Kom lenge jetalah yukur sisyeme nange luku Jisas. 5 Miꞌe pe, Jisas gal lenge na, "Lenge lahyambe, yip si jite ŋuyoꞌ syeꞌ lakai?" Tinge yungwisme wusyep kin na, "Pakai." 6 Luk 5.6Kin ŋana lenge na, "Yiche tem yil juh loumbil pinip umbur ŋaiye syep non pe, pa jite ŋuyoꞌ syeꞌ." Taꞌe luku pe, tinge yiche tem yal jah pinip pe, tinge yukur tatame ŋaiye ka plihe jite tem yute yunuh. Detale, ŋuyoꞌ wula wula sekete si yate jah tem. 7 O jetalah, ŋaiye Jisas ŋende nihararme, ŋaname Pita na, "Lahmborenge ilyeh iki li!" Somohon Pita si nungul temhroŋ mwate ŋaiye kin ŋende wah. Ŋupe ŋaiye Pita ŋasande nange luku Lahmborenge pe, kin plihe gah temhroŋ mwate kin pe, kin papalai nangah ŋende taijeleꞌ nal pinip umun tikih. 8 O lenge jetalah syeꞌ yarp yanah loumbil pinip pe, tinge yat pinip umun tikih, jite tem ŋaiye tikin papararme ŋuyoꞌ. Tinge yukur yarp wohme pinip umun tikih. Ki taꞌe ŋaiye 100 mita.
9 Ŋupe ŋaiye tinge yate jere pinip umun tikih pe, tinge yetekeꞌe nih ende susyuꞌ topoꞌe ŋuyoꞌ tikir anah nih, topoꞌe kakah ŋanar. 10 Miꞌe pe, Jisas ŋana lenge na, "Yenge ŋuyoꞌ syeꞌ ŋaiye tukwini yip jite liki yut." 11 Taꞌe luku pe, Saimon Pita nal plai anah loumbil pinip pe, kin kete tem ŋaiye papararme ŋuyoꞌ embere lalme nate ŋanah pinip umun tikih. Wutuꞌ tinge lalme luku tatame ŋuyoꞌ 153, kom tem yukur ginir. 12 Jisas ŋana lenge na, "Yip yute yambaꞌe ŋai yono." O jetalah ende yukur ŋisilihme kin na, "Nin lahmende liki?" Detale, tinge hiꞌjarnge topoꞌe tinge si sisyeme nange liki Lahmborenge. 13 Taꞌe luku pe, Jisas nambaꞌe kakah nangang lenge miꞌe pe, kin plihe nambaꞌe ŋuyoꞌ pe, kin nangang lenge topoꞌe. 14 Leꞌe nihun kin ŋaiye Jisas nate gereme lenge jetalah kin, ŋupe ŋaiye kin si nule miꞌe no, kin plihe tahar.
20 Jon 13.25Pita bunjenge pe, kin ŋetekeꞌe jetalah uku, ŋaiye Jisas ŋende nihararme gande tinge hindi nat. Kin miyeꞌ ilyeh uku, ŋaiye tinge yono ŋai yarp no, kin hwai nal tuwur hehernge Jisas, topoꞌe kin ŋisilihme na, "Lahmborenge, lahmende ka ember nin el syep lenge wachaih?" 21 Ŋupe ŋaiye Pita ŋetekeꞌe miyeꞌ uku pe, kin ŋisilihme Jisas na, "Lahmborenge, o detaꞌe laime miyeꞌ eꞌe?" 22 Jisas nungwisme wusyep kin na, "Ŋaiye ŋam masande nange ka orp tutume ŋaiye ma mut pe, luku ki ŋainde nin lakai? Nin gunde ŋam!" 23 Taꞌe luku pe, wusyep sisil nalꞌe nalꞌe lenge jetalah syeꞌ tikin Jisas nange jetalah ilyeh uku yukur ka ole. Kom Jisas yukur ŋanange nange jetalah uku yukur ka ole, pakai. Kin ŋanange na, "Ŋaiye ŋam masande nange kin ka orp tutume ŋaiye ma mut pe, leꞌe yukur ŋainde nin?" 24 Kin jetalah ilyeh uku, ŋaiye kin ŋanange nalaŋatme wusyep eꞌe, topoꞌe kin nainge wusyep eꞌe gah tup. Pe poi sisyeme nange ŋaimune ŋaiye kin ŋanange no, kin nainge pe, ki bwore mise.
25 O ŋaiꞌe ŋaiꞌe wula wula syeꞌ ŋaiye Jisas ŋende topoꞌe. Kom ŋaiye ka yinge tup junde ŋaiꞌe ŋaiꞌe lalme ilyeh ilyeh, ŋaiye kin ŋende pe, taꞌe dou ŋaiye kekep poi lalme leꞌe, yukur tatame ŋaiye ya se member tup eꞌe.
| web |
73e258d50052b09247fca8d539c96f85 | আশ্ৰফ ঘানীয়ে প্ৰথমাৱস্থাত কলম্বিয়া বিশ্ববিদ্যালয়ত আইন পঢ়িবলৈ ইচ্ছা কৰিছিল যদিও তেখেতে সাংস্কৃতিক নৃতত্ব বিষয়টোক গুৰু বিষয় হিচাপে লৈছিল।
আশ্ৰফ ঘানীয়ে ৰুলা শাদীক বিয়া কৰাইছিল।[4] লেবানীজ খ্ৰীষ্টিয়ান পৰিয়ালত ৰুলা শাদীৰ জন্ম হৈছিল।[5] আশ্ৰফ ঘানী আৰু ৰুলা ঘানী হ'ল দুই সন্তানৰ পিতৃ-মাতৃ। পুত্ৰজনৰ নাম হ'ল মাৰিয়াম আৰু কন্যাজনীৰ নাম হ'ল তাৰিক।
২০০২ চনত আফগানিস্তানলৈ প্ৰত্যাবৰ্তনৰ পূৰ্বে তেঁও বিশ্ব বেংকত কৰ্মৰত আছিল। জুলাই, ২০০২ৰ পৰা ডিচেম্বৰ, ২০০৪ লৈকে তেঁও আফগানিস্তানৰ বিত্ত মন্ত্ৰণালয়ৰ প্ৰধানৰ দায়িত্বত থাকি তালিবান চৰকাৰৰ সৃষ্ট অৰ্থনৈতিক সঙ্কট দূৰীকৰণৰ কাম কৰি যায়। ২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেঁও চতুৰ্থ স্থানত আছিল। তেঁওৰ প্ৰতিদণ্ডী আছিল হামিদ কাৰজাই, আব্দুল্লাহ ওৰামাজান বাছাৰদোষ্ট। ২০১৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম পৰ্বৰ ভোটত ৩১.৫০% ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। আব্দুল্লাহে লাভ কৰিছিল ৪৫.০০% ভোট। ফলশ্ৰুতিত পুণৰায় নিৰ্বাচনৰ প্ৰয়োজন হয়। তেঁও হৈছে আফগানিস্তানৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি, দপ্তৰৰ দ্বায়িত্বগ্ৰহন কৰে ২০১৪ চনৰ ২৯ ছেপ্তেম্বৰত। তেঁওৰ পূৰ্বসূৰী আছিল হামিদ কাৰজাই। ইয়াৰ পূৰ্বে তেঁও ২২ ডিচেম্বৰ ২০০৪ ৰ পৰা ২১ ডিচেম্বৰ ২০০৮ লৈ কাবুল বিশ্ববিদ্যালয়ৰ আচাৰ্য (পূৰ্বসূৰী হাবিবুল্লাহ হাবিব) আৰু ২ জুন ২০০২ ৰ পৰা ১৪ ডিচেম্বৰ ২০০৪ লৈ বিত্ত মন্ত্ৰী (পূৰ্বসূৰী হেদায়ত আমিন আৰছালা) আছিল।
আফগান নাগৰিকৰ ৰাষ্ট্ৰীয় কৰ্মকাণ্ডত যোগদানৰ সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ২০০৫ চনত প্ৰতিষ্ঠিত এটি সংগঠনৰ তেঁও সহ-প্ৰতিষ্ঠাতা আছিল। ২০০৫ চনত টেড বাৰ্তাত আফগানিস্তানৰ ন্যায় ভংগ হোৱাত ৰাষ্ট্ৰৰ পুণঃগঠনৰ কথা কয়। তেঁও জাতিসংঘ উন্নয়ন কৰ্মসূচীৰ সদস্য। ২০১৩ চনৰ অন-লাইন ভোটত বিশ্বৰ শীৰ্ষ ১০০ জন বুদ্ধজীবীৰ ভিতৰত ৰিচাৰ্ড ডকিন্সৰ পিছত তেঁওৰ অৱস্থান আছিল দ্বিতীয়। এই ভোট প্ৰক্ৰিয়া ফৰেইন পলিচি আৰু প্ৰছপেক্ট সাময়িকীৰ মাধ্যমত পৰিচালিত হছিল। ইয়াৰ পূৰ্বে ২০১০ চনতো একে ভোট প্ৰক্ৰিয়াত তেঁওৰ নাম অন্তৰ্ভুক্ত আছিল।
| web |
48ce2d03fe61f53715c22687b5c78ff165a083bd | Tianhui - etakchi UV LED chip ishlab chiqaruvchilari va etkazib beruvchilardan biri ODM / OEM UV led chip xizmatini taqdim etadi.
Ushbu sahifada siz 260nm ledga qaratilgan sifatli kontentni topishingiz mumkin. Shuningdek, siz 260nm led bilan bog'liq so'nggi mahsulotlar va maqolalarni bepul olishingiz mumkin. Agar sizda biron bir savol bo'lsa yoki 260nm led haqida ko'proq ma'lumot olishni istasangiz, biz bilan bog'laning.
260nm ishlab chiqarish sohasida Zhuhai Tianhui Electronic Co., Ltd. ko'p yillik tajribaga ega bo'ldi. Biz ishlab chiqarishni amalga oshirish uchun yuqori sifatli materiallarni qabul qilishni talab qilamiz. Bundan tashqari, biz xalqaro standartlarni sinovdan o'tkazuvchi tashkilotlardan ko'plab sertifikatlar oldik. Shunday qilib, u shunga o'xshash mahsulotlarga nisbatan yuqori sifat va ishlashga ega va uni qo'llash istiqbollari tobora kengayib bormoqda.
Ijtimoiy media marketing uchun qimmatli platforma sifatida paydo bo'lganligi sababli, Tianhui onlayn obro'sini oshirishga tobora ko'proq e'tibor qaratmoqda. Sifat nazoratiga ustuvor ahamiyat berib, biz yanada barqaror ishlashga ega mahsulotlarni yaratamiz va ta'mirlash tezligini sezilarli darajada kamaytiramiz. Mahsulotlar ijtimoiy tarmoqlarning faol foydalanuvchilari bo'lgan mijozlar tomonidan yaxshi qabul qilinadi. Ularning ijobiy fikr-mulohazalari mahsulotlarimizni Internetda tarqalishiga yordam beradi.
Zhuhai Tianhui Electronic Co., Ltd. orqali biz mijozlarga kerak bo'lgan 260nm yo'nalishni loyihalashtiramiz va muayyan talablarni tushunish uchun ularning ovozini diqqat bilan tinglaymiz.
| web |
a412f884d1614f6daf91f6e1c7db83c3020e2147 | Begin typing your search above and press return to search.
প্ৰায় ১২ লাখ জনসংখ্যা থকা গুৱাহাটী মহানগৰত দৈনিক ২০০ মিলিঅন লিটাৰ প্ৰয়োজন হয় যদিও চৰকাৰী খণ্ডই মাত্ৰ ২৫ শতাংশ পানীহে যোগান ধৰিব পাৰে। এইখিনি পানী মাত্ৰ তিনি লাখ লোকেহে ব্যৱহাৰ কৰিব পাৰে। ৩০শতাংশ অৰ্থাৎ ১২লাখ লোকেহে নালৰ পানী লাভ কৰে। ৪ টা পানী যোগান প্ৰকল্পৰ কাম হৈ আছে যদিও কাম কিমান দূৰ আগবাঢ়িছে সেয়াহে জানিব পৰা হোৱা নাই। । পানীৰ এই সংকটৰ সুযোগ গ্ৰহন কৰি বহুতে ব্যৱসায় চলাই আছে আৰু যদি অৱস্থা এনেদৰে থাকিবলৈ হয় তেওঁলোকৰ বাবে লাভ হব। চৰকাৰৰ ৰাইজলৈ পিঠি দিয়া কাৰ্য্যৰ সুযোগ গ্ৰহন কৰি "পানী মাফিয়া"ই গুৱাহাটীত ৰাজত্ব চলাই আহিছে। গুৱাহাটীবাসী ৰাইজে পানীৰ অসুবিধাবোৰ নিৰাময় কৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিশোতী পূৰন কৰিব বুলি আশা কৰিছে। | web |
3ab2057262e37c06d408843ad6de75b89ed827c8 | মহাৰাষ্ট্ৰ ৰায়গড়ৰ উপকূলত কিছু সময় পূৰ্বে কেইবাপ্ৰকাৰৰো মাৰণাস্ত্ৰসহ এখন সন্দেহজনক নাও উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ৰায়গড়ৰ হৰিহৰেশ্বৰ তীৰৰ ওচৰত জব্দ কৰা নাওখন কেইবাটাও এ কে ৪৭ ৰাইফল, গুলী-বাৰুদ তথা বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি হৈ আছিল বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে।
ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমান স্থানীয় আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। নাওখন উদ্ধাৰৰ পাছতে আৰক্ষীয়ে জিলাখনত উচ্চ সতৰ্কতা জাৰি কৰাৰ লগতে অঞ্চলবোৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
প্ৰকাশিত বাতৰি অনুসৰি জব্দ কৰা নাওখন অষ্ট্ৰেলিয়াত নিৰ্মিত। নাওখনত থকা লোকসকলে হৰিহৰেশ্বৰ সাগৰৰ পাৰত প্ৰৱেশৰ বিষয়ে উপকূলৰক্ষী সকলক অৱগত কৰা নাছিল বুলিও বাতৰি প্ৰকাশ পাইছে।
নাওখনত এই যুদ্ধাস্ত্ৰ উদ্ধাৰক কেন্দ্ৰ কৰি সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা কৰা হৈছে। উল্লেখ্য যে হৰিহৰেশ্বৰ তীৰ মুম্বাইৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰ আৰু পুনেৰ পৰা ১৭০ কিলোমিটাৰ দূৰত।
এনে অৱস্থাত এক ভয়াৱহ কূটাঘাতৰ আশংকাত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। | web |
163eaaee70669c53775fb4ed84e9e649ff571e5e | 1 Sabat tenaḡa Yesu na tauwai muriwatanama mate yaḡoda sipinama nopodiḡa a naḡonaḡona. Be na tauwai muriwatanama kani ya karatidi be taudi yaḡoda a ragaudina be a kanidina. 2 Be Parisi nama a kitakitana, taudi Yesu a riuena, "Yodi kuya kita, uma yabedima Sabat nopone nam sibo koya voivoiedi, be tam am tauwai muriwatanama ta voivoiedi." 3 Be Yesu ya paribeedi be ya riuna, "Guyau Deivid na banagama mate kani ya karatidi, be aba Deivid ya voivoiena, vutuna taumi koya sievi bo ibewa? 4 Tauna Mamaitua na vadae ya naḡo be buredi waiaiainidima ya ragaudi be na banagama mate a kanidina. Be tarawatu e riuriuna da inam buredidima pirisi taudiḡa sibo a kanikanina. 5 Be mate taumi tarawatu koya sievi bo ibewa da Sabat raḡanine pirisi tempol nopone Sabat na tarawatuma tawai kati kotovina,* Pirisi taudi Sabat na tarawatuma tawai kati kotovina, baninama taudi Sabat raḡanine tempol nopone ta noyanoyana. be inam nam gewagewa ti voivoiena. 6 Taugu yà riuriuemina banaga tenaḡa uma nopode tauna ya saḡa vavasaḡana, nam maika tempol. 7 Mamaitua boni umanama ya riuna,
13 Dabudine Yesu inam tauḡominama ya riuena, "Nimamma kwa kawa didimani." Naumeki da tauḡoma nimanama ya kawa didimani be nimanama ya vere munaḡana, nimanama ḡesau maika. 14 Be Parisi a dobi a naḡo be Yesu kana kasirama a tomtomna da sibo ai gurina.
15 Be Yesu ya kataie da Parisi taudi aba a voivoiena, vutuna aubainama tauna inam gabunama ya gose be wari kedae ya naḡona. Be banaga toitoi Yesu ai muriwatane be tauna banaga sidesidedima matabudi yai yawasanidina 16 be ya riu vavasaḡedina da taudi nam aitau sibo a riue da tauna aba banegina. 17 Uma kauidima matabudi Bada boni peroveta Aisaia ḡarone aba ya giugiuedina, ruvane nama a tubuḡana.
Aisaia boni umanama ya riuna,
18 "Uma tauna inam taugu yau taunoyama, vutuna è vinena.
Tauna vutuna nuaguma e paḡopaḡona, be taugu yàwai nuaverena tauna ḡarone.
Taugu Aruiguma nopone yà boru be tauna tokare yau waitarapirima banaga matabuna ḡarodie e rauguguyena.
19 Tauna tokare nam aitau mate tai saḡasaḡa be e rasedi. Tauna nam tokare kedaḡa e yogoyogo babara be bonanama ta vaie.
20 Be vagara viriviri kusewinama nam tokare e kotova pore. Be kai punanama nopone e rarau karakaratana, tauna tokare nam ei tiriri gaba. Tauna nama e voiana naumeki da raḡan damone dobu matabuna nopone banaga e kawa didimana rovodina.
24 Raḡanine Parisi umanama a vaivaiena, taudi a riuna, "Inam penama adi guyauma isanama Belsebul, tauna Yesu ya koku be na rewapanama Yesu ya ute da penama ḡesaudima e tavutavu dobiḡedina." 25 Be Yesu taudi adi noḡotama ya kataiena aubainama ya riuedina, "Deḡoda aba waiguyaunama tauname e dariḡa munaḡena, tokare taunaḡa e kawa gewagewa munaḡena. Be ai meagai nopone taudiḡa tai kawa ḡasiḡasi be ta dariḡa munaḡedina, taudi tokare ta kawa gewagewa munaḡedina. Be ai vada nopone taudiḡa tai kawa ḡasiḡasi be ta dariḡa munaḡedina, taudi tokare ta kawa gewagewa munaḡedina. 26 Inam kauinama teneḡinama nama, deḡoda Seitan tauname na penamama sibo i tavutavu dobiḡedina, inam tokare tauname e dariḡa munaḡena, be na waiguyauma nam tokare e kena watana. 27 Vutuna aubainama deḡoda taugu sibo Belsebul na rewapanae penama e tavutavu dobiḡedina, naumeki da taumi Parisi ami tauwai muriwatanama taudi aitau na rewapanae penama ta tavutavu dobiḡedi? Taudi koi taraviredi, aitau isane penama ta tavutavu dobiḡedi. Taudi ḡarodie tokare ko banavi da ami giuma inam kaikaiyovunama. 28 Be taugu Mamaitua Aruinama na rewapanae penama yà tavutavu dobiḡedina. Inam kauine taumi ko kataie da Mamaitua na waiguyauma kaiteka ḡaromie ya tavana.
29 "Nam aitau tauḡoma wairewapaninama na vadama e gigi da e saḡa, be na purapurama e danene rovodi. Ibewa da noḡone inam tauḡominama wairewapaninama e vunuḡi da e pani dokena, muriḡa be e saḡa da na purapurama e danenedina. 30 Deḡoda tauna aitau nam taugu ḡarogu, naumeki da tauna taugu ewai ḡavieguna. Be tauna aitau nam taugu mate kama noyanoya tenaḡana, inam tauna yau noyama e kawakawa gewagewana.
31 "Vutuna aubainama yà riuriuemina da gewagewa be waidiboḡa matabudi Mamaitua tokare e noḡota poredina. Be aitau da Arua Babau ewai diboḡina, inam gewagewanama Mamaitua tokare nam e noḡota pore. 32 Deḡoda aitau Banaga Natunama ḡarone e riuriu viravirana, naumeki da tauna na gewagewama tokare Mamaitua e noḡota porena. Be aitau da Arua Babau ḡarone e riuriu viravirana, naumeki da tauna na gewagewama yodi be nokoi ya naḡona, tokare Mamaitua nam airaḡan e noḡota poredi.
39 Be tauna ya riuedina, "Uma kimtinama taumi gewagewa be badara banegimima be yodi mataira kitanama ko ḡoeḡoena. Be taumi nam tokare mataira ko kita, ibewa da peroveta Jona ḡarone aba ya tubuḡana, vutunaḡa tokare ko kitana. 40 Jona tauna iyana nopone ya miana raḡan rabuiteḡa be kupi rabuiteḡa. Inam kauinama teneḡinama nama Banaga Natunama tokare doḡa nopone e kenana raḡan rabuiteḡa be kupi rabuiteḡa. 41 Be maraetara raḡanine Ninive banegidima be taumi uma kimtinama mate gurie be ko midisuḡu munaḡana raḡanine, taudi tokare ta riuemina da taumi sibo gienae koya naḡona. Baninama boni Jona ya rarau guguyana raḡanine, Ninive banegidima taudi na giuma a vaie be noḡota vitara a paḡona. Be yodi uma dobudine banaga tenaḡa tauna Jona ya saḡa porena, be tauna na giuma taumi nam koma vaie be noḡota vitara koma paḡopaḡona. 42 Be mate maraetara raḡanine dobu Saba guyaunama waivinama taumi uma kimtinama mate gurie be ko midisuḡu munaḡana. Be tauna mate tokare e riuemina da taumi sibo gienae koya naḡona. Baninama boni inam guyaunama waivinama tauna dobu damone, be ya tavana, Solomon na nuauyauyama vaienama aubainama, be yodi uma dobudine banaga tenaḡa tauna Solomon ya saḡa porena, be tauna na giuma taumi nam komawai beavaiena.
*12:5: Pirisi taudi Sabat na tarawatuma tawai kati kotovina, baninama taudi Sabat raḡanine tempol nopone ta noyanoyana.
| web |
89f385aff261db8bc015feb5f94517ecc3df3555 | মোচিক দিয়া যিথ্ৰোৰ পৰামৰ্শ।
7 মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ'ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল'লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ'ল। 8 তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক'লে।
12 তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
17 তেতিয়া মোচিৰ শহুৰেকে মোচিক ক'লে, "তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়। 18 এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব। 19 মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা। 20 তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
24 সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে। 25 মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে। 26 তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল। 27 তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ'ল।
| web |
ec3463f229bf96e920f6c79acd29db3374d9db43 | বদৌচা স্প'ৰ্টছ ক্লাৱৰ উদ্যোগত, অসম ক্ৰীড়া সন্থাৰ তত্বাৱধানত অসমৰ ১৬টা স্থানত আজিৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ১৩ সংখ্যক "বদৌচা কাপ ২০২১" ফুটবল প্ৰতিযোগিতা । আজি প্ৰথম দিনাৰ উদ্ধোধনী খেল ৰাজ্যৰ আন দুটা স্থানৰ লগতে বালিজান ৰাজহুৱা খেলপথাৰতো অনুষ্ঠিত হয় ।
অসম-অৰুণাচল সীমান্তৰ বালিজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উদ্ধোধনী খেলৰ পতাকা উত্তোলন কৰে বদৌচা স্প'ৰ্টছ ক্লাৱৰ উপ-সভাপতি নিলকান্ত ফুকনে আৰু স্মৃতি তৰ্পণ কৰে জয়ন্ত দহোটীয়াই । ১৩ সংখ্যক বদৌচা কাপৰ বালিজান ৰাজহুৱা খেলপথাৰত গ্ৰুপ এইছ-ৰ আজিৰ খেল অনুষ্ঠিত হয় আপাৰ আছাম এফ চি বনাম নৱজ্যোতি এফ চি কৰদ্দৈগুৰিৰ মাজত ।
আপাৰ আছাম এফ চি দলে নৱজ্যোতি এফ চি কৰ্দ্দৈগুৰি দলক ২-০ গ'লত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে । আপাৰ আচাম এফ চি দলৰ হৈ ২৫ আৰু ৩৮ মিনিটত দুটাকৈ গ'ল দিয়ে মহেশ পুৰাণে । মুখ্য পৰিচালক হিচাপে খেল পৰিচালনা কৰে বিদ্যুত বৰুৱাই, সহযোগী পৰিচালক হিচাপে ৰিয়াজ চুতীয়া, ৰকি চাউৰকে সহায় কৰে, চতুৰ্থ ৰেফাৰী হিচাপে সহযোগ কৰে ইনুত চাউৰকে । | web |
b91c161860b8006a2172d81614fe3420a434ca41 | 1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক;
আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ;
স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
3 কিয়নো যিহোৱা মহান ঈশ্বৰ,
সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
4 পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে,
পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
5 সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে;
তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
6 আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ,
আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
7 কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা;
তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা।
8 তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা;
তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।* মিৰীবা অর্থাৎ বিবাদ, মচ্ছা অর্থাৎ পৰীক্ষা (যাত্রা 17:7 পদ)
9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল,
তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
10 চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো।
*95 অধ্যায়ঃ8 মিৰীবা অর্থাৎ বিবাদ, মচ্ছা অর্থাৎ পৰীক্ষা (যাত্রা 17:7 পদ)
| web |
6cdb1e85135ae202ed95da8a051175961683aa7c | আজি দেশৰ অন্যতম অগ্ৰণী কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণে সম্পূৰ্ণ কৰিলে গৌৰৱময় ২৬ টা বছৰ। এই উপলক্ষে দিল্লীত কৃষি জাগৰণৰ মুখ্য কাৰ্যালয় উদযাপন কৰা হয় বাৰ্ষিকী অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্হিত থাকে প্ৰতিষ্ঠানৰ মুৰব্বী, এডিটৰ-ইন-চিফ এম চি ডমিনিক, সঞ্চালক চাইনী ডমিনিক, মুখ্য কাৰ্যকৰী বিষয়া ড০ পি কে পন্ত, কণ্টেন মুৰব্বী সঞ্জয় কুমাৰ সমন্বিতে উপস্হিত থাকে কৃষি জাগৰণৰ পৰিয়ালবৰ্গ। কেক কাটি অনুষ্ঠানটো উদযাপনৰ নেতৃত্ব দিয়ে প্ৰতিষ্ঠানৰ মুৰব্বী এম চি ডমিনিকে।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰতিষ্ঠাপক সম্পাদক এম চি ডমিনিকে কয়, "আজি কৃষকসকলৰ সৈতে আমাৰ যাত্ৰাৰ ২৬ বছৰ পূৰ্ণ হৈছে। বিগত বছৰবোৰত প্ৰতিষ্ঠানচোৱে ইয়াৰ নিজা অনন্য অভিলেখ স্থাপন কৰিছে। আহক আমি সকলোৱে অনাগত দিনবোৰত আমাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ একেলগে কাম কৰোঁ। তেওঁ লগতে কয় যে বহুতো প্ৰত্যাহ্বানৰ সৈতে প্ৰতিষ্ঠানটোৱে আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তেওঁ এই দীঘলীয়া যাত্ৰাৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনায়।
"আগন্তুক দিনবোৰতো, আমি ভাল কামেৰে এক নতুন ইতিহাসৰ প্ৰস্তাৱনা লিখিম। লগতে, আমি কৃষকসকলৰ সৈতে থিয় হওঁ আৰু তেওঁলোকৰ উপাৰ্জন দুগুণ কৰোঁ আহক। দেশৰ প্ৰতিটো কোণত তেওঁলোকৰ কণ্ঠস্বৰ প্ৰদান কৰাত আগভাগ লওঁ আহক। ২৬ বছৰ আগতে এইটো এক সপোন আছিল। আজি যেন এইটো বাস্তৱত পৰিণত হৈছে। আজি দেশৰ প্ৰতিটো কোণতে মাহেকীয়া আলোচনী আৰু ডিজিটেল ৱেবছাইটৰ জৰিয়তে কৃষি জাগৰণৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈছে। মাহেকীয়া আলোচনীখনৰ পৰা আৰম্ভ হোৱা আমাৰ যাত্ৰা এতিয়াও যুৱ দলটোৰ সৈতে দৃঢ়ভাৱে আগবাঢ়িবলৈ সাজু হৈ আছে। "-তেওঁ এনেদৰে কয়।
উল্লেখ্য যে এই অনুষ্ঠানত কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী য়ে উদযাপনত অংশগ্ৰহণ কৰিছিল। | web |
6694c15d33d034db94d9ae8202c6c4099188255c | শিক্ষা বিভাগৰ গুণোৎসৱৰ নামত চূড়ান্ত প্ৰহসন। নিশা ৯ বজালৈকে শিক্ষক সমাজে লাভ কৰা নাই গুণোৎসৱৰ প্ৰশ্নকাকত। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ দূৰণিবটীয়া শিক্ষকৰ বিলৈ। এফালে শিক্ষক সমাজৰ ক্ষোভ,আনফালে শিক্ষা বিষয়াৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা। পুৱা গুণোত্সৱ আয়োজনৰ বিপৰীতে মাজনিশালৈ প্ৰশ্নকাকত নোপোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে শিক্ষক-অভিভাৱকে। এই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান সচেতন লোকসকলৰ। | web |
69d6e8b7ff8536b39bb389235616020b27414736a531d4755686b334d9118e57 | গণেশ গগৈৰ ৰচনা সম্ভাৰ
কমলা : কোন ? [অনন্ত নিমাত] কোন ? [উঠি আহি চাকিৰ শলিতা বঢ়াই দিয়ে । কক্ষ উজ্জ্বল আলোকিত হয় । আচৰিত হৈ] মন্ত্রীপুত্র, ইয়াত কিয় ?
অনন্ত : ৰাজকুমাৰী -
কমলা : কোনে আপোনাক অধিকাৰ দিছিল এনেদৰে এই সময়ত মোৰ কক্ষত প্রবেশ কৰিবলৈ ?
অনন্ত : অধিকাৰ কোনেও দিয়া নাই । অন্ধৰ দৰে আহিছে। আলোকৰ আশাত, এফেৰি শান্তি পাওঁ বুলি ।
কমলা : বুজিছো, কিন্তু আপোনাৰ অভদ্র আচৰণ অশোভনীয় । অনন্ত : অভদ্র আচৰণে মোক কলুষিত কৰিব নোৱাৰে ৰাজকুমাৰী, যদি তুমি মোৰ প্ৰণয়ৰ অৰ্য্য গ্ৰহণ কৰিব পাৰা । কমলা : [খঙেৰে] কিহৰ অৰ্ঘ্য ?
অনন্ত : প্রণয়ৰ অৰ্ঘ্য ।
কমলা : মন্ত্রীপুত্র, কাশ্মীৰৰ ৰাজকুমাৰীয়ে তোমাৰ প্ৰণয়ৰ অৰ্য গ্রহণ নকৰে । গ্ৰহণ কৰিলে কৰিখ পাৰে, কাশ্মীৰৰ কোনো ভিক্ষাৰিণীয়ে ।
: অভিমান নকৰিবা কমলা ।
[কাষ চাপি যায়]
কমলা : আত্ম-সম্মান হীন উন্মাদ, আঁতৰ হোৱা । অনন্ত আঁতৰে] অনন্ত : ৰাজকন্যা, ই প্ৰণয় উপেক্ষা নে পৰীক্ষা ?
কমলা : ৰাজকন্যাই উন্মাদৰ কথাত উত্তৰ নিদিয়ে । দূৰ হোৱা । [আনফালে গুচি যায়]
অনন্ত : [স্বগতঃ] সপোনৰ মাধৈ মালতী মৰহি গ'ল । প্ৰেমৰ প্ৰদীপ নিৰ্ব্বাপিত হ'ল, বাৰু । [প্রস্থান]
৪র্থ দৃশ্য-নৈৰ পাৰ [অনন্তৰ প্রবেশ)
অনন্ত : [নিজে নিছে। প্ৰতিৰোধ ল'ম । প্রতিশোধ ল'ম ! প্রতাপসিংহৰ ওপৰত প্ৰতিশোধ ল'ম । বিজয়সিংহৰ পাত প্রতিশোধ
ল'ম। সৈন্য উত্তেজিত কৰিম, প্ৰজা বিদ্রোহী কৰিম। সামান্ত এটা সেনাপতিয়ে মোক অপমান কৰিছে, সামান্য এজনী ছোৱালী কাৰণে কাশ্মীৰ ধ্বংস কৰিব খুজিছে, আৰু মই কাশ্মীৰৰ মন্ত্ৰীপুঞ্জ ভাবী মন্ত্ৰী হৈ এই স্বেচ্ছাচাৰিত। চাই থাকিম ? প্রতাপসিংহ, তই ভাবিছ কাশ্মীৰত যুদ্ধ-তৰঙ্গ তুলিম, আৰু বিজয়সিংহ, তুমি ভাবিছা কমলাৰ কাৰণে লক্ষ লক্ষ নিৰীহ প্ৰঙ্গ নৰমেধ যজ্ঞত আহুতি দিম ! সি নহৈছে, অ' হ'লহেঁতেন যদি কমলাই মোক ভাল পালেহেঁতেন। কিমান দিন কিমান চেষ্টা, কিমান অনুনয় বিনয় কৰিলোঁ, তেও তাইৰ চকুত এটি চেনেহ চারনি নেদেখিলো, এষাৰি মৰমৰ মাত নেপালোঁ! ইমান অভিমানিনী তাই ! তাইৰ ওপৰতো প্রতিশোধ ল'ম ! অনন্তক অৱজ্ঞা কৰাৰ যোগ্য পুৰস্কাৰ দিম ! [বীৰেন্দ্ৰসিংহৰ প্ৰৱেশ]
বীৰেন্দ্ৰ : আঙ্গুনি বোলে মোক এবাৰ লগ পাব খুজিছিলে ? অনন্ত : তোমাক লগ পাবলৈ বুলিয়েই ইয়াত ৰৈ আছোহি ; অলপ কথা
আছে ।
বীৰেন্দ্ৰ : কওক কি কথা ।
অনন্ত : [ভাবি] প্রাগজ্যোতিষৰপৰা কিমান সৈন্য আহিব কিবা খবৰ পোৱানে ?
বীৰেন্দ্ৰ : একো খবৰ নেপাওঁ ।
অনন্ত : মই শুনিছে। বিশ্বসিংহৰ পোন্ধৰ লক্ষ সৈন্য আহিব ।
বীৰেন্দ্ৰ : [আচৰিত হৈ] পোন্ধৰ লক্ষ আহিব !
বীৰেন্দ্ৰ : আমাৰ যে মুঠ সৈত ন লক্ষ মাত্র ! অনন্ত : মই কি কৰিম ?
বীজৰঞ্জঃ আপোনাক এই সংবাদ দিলে কোনে ?
গিয়ক বিশ্বাসযোগ্য লেহোল হ'লে নই তোমার
নকলোহেঁতেন ।
গণেশ গগৈৰ ৰচনা সভাৰ
বীৰেন্দ্ৰ : মহাৰাজে এই কথা গম পায়নে ?
অনস্ত : মহাৰাজ আৰু প্রধান সেনাপতি হয়ো গম পায় । বীৰেন্দ্ৰ : মোক কিন্তু এই কথা জানিবলৈ দিয়া নাই । অনন্ত : তুমি সেনাপতিৰ সহকাৰী মাত্ৰ । তোমাক এই সংবাদ দিয়াটো তেওঁলোকে আৱশ্যক বুলি নেভাবেই । অথচ তুমিয়েই ছাৰে ছয় লক্ষতকৈও অধিক কাশ্মীৰী সৈন্য আজি সাত বছৰে অজস্র কষ্ট স্বীকাৰ কৰি গঢ়ি তুলিছা ।
বীৰেন্দ্ৰ : মহাৰাজ আৰু সেনাপতিৰ উদ্দেশ্য কি ? অনস্ত : উদ্দেশ্য মহৎ ।
বীৰেন্দ্ৰ : মই একো বুজিব পৰা নাই ।
অনন্ত : চলুৱে চলুৱে বুকুৰ তেজ দি গঢ়া সৈন্য বাহিনী নিৰ্মূল আৰু তাৰ লগে লগে তোমাৰ নিধনেই তেওঁলোকৰ উদ্দেশ্য ।
বীৰেন্দ্ৰ : আপুনি কৈছে কি !
অনন্ত : মূৰ্খ ! তোমাৰ এক ইঙ্গিতত ছাৰে ছয় লক্ষ কাশ্মীৰী সৈন্যই প্রয়োজন হ'লে, ৰজা আৰু প্ৰধান সেনাপতিৰ বিৰুদ্ধে থিয় হ'ব বুলি তেওঁলোকে জানে । সেই কাৰণেই তোমাৰ শক্তি হ্ৰাস কৰিবলৈ আৰু পাৰিলে তোমাকে। চিৰ-বিদায় দিবলৈ এই যুদ্ধৰ আয়োজন । বীৰেন্দ্ৰ, প্ৰাগজ্যোতিষৰ পোন্ধৰ লক্ষ প্ৰতাপী সৈন্যৰ সগত প্রতাপসিংহই নিজে যুদ্ধ কৰি প্ৰাণ নিদিয়ে । দিব লাগিব সহকাৰী সেনাপতিয়ে অর্থাৎ তুমি, আৰু তোমাৰ ছাৰে ছয় লক্ষ কাশ্মীৰী ভায়ে ।
বীৰেন্দ্ৰ : মই ইয়াৰ প্ৰতিবাদ কৰিম ।
অনন্ত : কিহৰ প্ৰতিবাদ কৰিবা ! তুমি আজ্ঞাবাহী ভৃত্য ; প্ৰভুৰ আদেশ শিৰোধাৰ্য্য কৰাই তোমাৰ ধৰ্ম্ম ।
বীৰেন্দ্ৰ : মই আদেশ পালন নকৰোঁ ! বিদ্রোহ কৰিম !
অনন্ত : বীৰেন্দ্ৰসিংহ, তোমাৰ হৃদয়ত সিমান সাহ থকা হ'লে তুমি আজি সহকাৰী সেনাধ্যক্ষ হৈ অকালতে মৃত্যুদণ্ড ভোগ কৰিব নেলাগিলেহেঁতেন ।
বীৰেন্দ্ৰ : মৃত্যুদণ্ড !
অনন্ত : হয়, মৃত্যুদণ্ড! প্ৰাগজ্যোতিষৰ লগত কাশ্মীৰৰ যুদ্ধ মানে, তোমাৰ মৃত্যুদণ্ড !
বীৰেন্দ্ৰ : [অধৈৰ্য্য হৈ] কাশ্মীৰত এনে কোনো শক্তি নাই, যি শক্তিয়ে বীৰেন্দ্ৰসিংহক মৃত্যুদণ্ড দিব পাৰে । মই এই মুহূৰ্ত্ততে মোৰ সেনা লৈ বিজয়সিংহক বন্দী কৰিম ।
[প্রস্থানো্যত । তিনিটা সৈন্য লৈ প্ৰতাপসিংহৰ প্ৰবেশ]
প্ৰতাপ : সেই শুভ মুহূৰ্ত্তৰ আগতে প্রতাপসিংহই বীৰেন্দ্ৰসিংহক বন্দী কৰিব । [সৈন্যক] বন্দী কৰ। 'সৈন্যই বীৰেন্দ্ৰক বন্দী কৰে। - অনন্তক] আৰু তুমি কাশ্মীৰৰ প্ৰজা হৈ, ৰাজশক্তিৰ বিৰুদ্ধে সেনাধ্যক্ষক উত্তেজিত কৰিছা। [সৈন্যক] বন্দী কৰ। [এটা সৈন্য আগবাঢ়ে]
অনন্ত : [সৈন্যক] সাৱধান ! [সৈন্য থমকি ৰয়] প্রতাপসিংহ, মই ৰাজভৃত্য নহওঁ। মই মন্ত্ৰীৰ জ্যেষ্ঠ পুত্ৰ, কাশ্মীৰৰ স্বাধীন যুৱক । তোমাৰ সৈন্যই মোক বন্দী কৰিব নোৱাৰে ।
প্ৰতাপ : তোমাৰ নিচিনা শত সহস্র বিদ্রোহী মন্ত্রীপুত্রক প্রতাপসিংহৰ সৈন্যই বন্দী কৰিব পাৰে । [খঙেৰে] বন্দী কৰ। [দুটা সৈন্যই অনস্তক বন্দী কৰে ; গম্ভীৰ স্বৰে] অনন্ত আৰু বীৰেন্দ্ৰসিংহ, তোমালোকে জনা উচিত কাশ্মীৰ অৰাজক নহয়; মহাৰাজ বিজয়সিংহৰ ন্যায়দণ্ডৰ তলত কাশ্মীৰ ৰাজ্য সুপ্রতিষ্ঠিত । [সৈন্যক ইঙ্গিত দি প্রস্থান। সৈন্যই অনন্ত আৰু বীৰেন্দ্ৰসিংহক লৈ প্ৰস্থান কৰে]
৫ম দৃশ্য-বিজয়সিংহৰ কক্ষ (বিজয়সিংহই শয্যাত অৰ্দ্ধশায়িত হৈ এখন পুখি পঢ়ি থাকে। ব্যস্ত হৈ ৰাৰ প্রবেশ)
: বিজয় বিজয় !
| pdf |
a8790b93e8e3727ff36aec921192c0249a46fcb1 | সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ 'নীট 'ত বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি চহৰৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগৰ ৰৌতাষ্টেচনৰ দুজন শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰৌতা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জানিব পৰা মতে , ৰৌতাষ্টেচন নিবাসী গিৰিলাল দাস আৰু মলয়া দাসৰ পুত্ৰ কূলদীপ দাসে 'নীট 'ৰ পৰীক্ষাত সৰ্বমুঠ ৫৭৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে- কূলদীপ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰৌতা চেক্ৰেট হাৰ্ট স্কুলৰ পৰা পৰীক্ষা দি ৮৯ শতাংশ নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱাৰ বিপৰীতে তেজপুৰ চাইঞ্চ একাদেমীৰ পৰা পৰীক্ষা দি ৮৪ শতাংশ নম্বৰ লাভ কৰিছিল আৰু সদ্যঘোষিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সৰ্বমুঠ ৫৭৫ নম্বৰ পাই উত্তীৰ্ণ হয় । আনহাতে , ৰৌতাষ্টেচন নিবাসী ভোগীৰথ পাঠক আৰু লাৱন্য পাঠকৰ পুত্ৰ দিব্যজ্যোতি পাঠকে সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা 'নীট' ত সৰ্বমুঠ ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে দিব্যজ্যোতি পাঠকে ৰৌতা ছেক্ৰেট হাৰ্ট স্কুলৰ পৰা পৰীক্ষা দি মেট্ৰিকত ৯২ শতাংশ আৰু নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হাইচেকেণ্দাৰীত ৮৯ শতাংশ নম্বৰ লাভ কৰিছিল আৰু এতিয়া সদ্যঘোষিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা দি ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
- থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ'ল ধৰ্ষণ আৰু হত্যাৰ! | web |
172bae2effa851d4d25f896cc349b8071b4ba90bef138cb6fdcc053907ef9d6c | "নাই প্রথমে আশ্ৰম আৰম্ভহে হৈছে। লাহে লাহে লোক সংখ্যা বাঢ়িব। আশ্ৰম হ'বৰ আজি মাথোন এবছৰহে হ'ল।"
"এই বছৰত অসমত কেৱল অনাথ পালা এহাল। আৰু নাপালা। ধন্য তোমালোকৰ আৰম্ভ। ধন্য তোমালোকৰ আশ্ৰম। মোৰ এনে আশ্ৰমত সহায় কৰিবলৈ একো নাই। যোৱা। যোৱা। টেকেলি আন ঠাইত গটোৱা। তিৰোতাজনী ক'ৰ?"
"এজনী বামুণী বিধৱা। তাই পতিতা হৈছে। যাৰ লগত পতিত হৈছে সেই মতাজন আৰু তাই ইয়াত আছেহি।"
"ইস আৰু সুন্দৰ। অৱশ্যে তিৰোতাজনীক সমাজে নেওচা-কেওচা দিয়াত তাই ক'তো ঠাই নোপোৱাত এনে আশ্রমত আশ্রয় লোৱাটো একরকম ভালেই হৈছে। কিন্তু তেনে পাতকিক কিয় আশ্ৰমে ৰাখিছে? এনেকৈ নানা পাপ কৰি আকৌ হালে সৈতে সুন্দৰভাৱে বহি বহি খাবলৈ সকলো সম্ভোগ পাইছে। এনে অনাথ আশ্রমে সমাজত বিশৃংখলাৰ বাহিৰে কি কৰিব পাৰে? যেয়ে অঘাইত, পাপ কৰি সমাজৰ পৰা খেদা খাইছে তাক বহি খুওৱাটোৰ আয়োজনটো দেখিছো সুন্দৰ আশ্ৰমৰ সৃষ্টি। নিয়া নিয়া টেকেলি আঁতৰ কৰা। এনে আশ্ৰমৰ মই পক্ষপাতী নহওঁ।"
"সেইবিলাক যে মুছলমান বা খৃষ্টীয়ান হৈ যাব।" "সেই ভয়ৰ কাৰণে সিহঁতক নিতৌ পাপ কৰিব দি এলেহুৱা নিষ্কর্মী কৰি আশ্ৰমত খুৱাবা? তিৰোতাজনীয়ে ক'তো সহায় নেপায় হ'বলা। হঠাৎ উত্তেজনাবশতঃ বা প্রলোভনত পাপ কৰিছে, তাইক আশ্ৰমত লোৱা, তাতে মান্তি আছো। কিন্তু কৰি খাব পাৰা, পুৰুষ সমাজৰ শৃংখলতা ডেৱাই অঘটন ঘটাইছে তাক কিয় আশ্রয় দিবা। বিশেষতঃ হিন্দু সমাজেতো তাক আকৌ গ্রহণো কৰে। কেৱল উদ্ধাৰ পাবলৈ কিবা এটা দণ্ড দিব লাগে। এনে স্থলত সি সমাজ এৰি এনেভাৱে আশ্রমত সোমাই সদায় পাপ কৰি বহি বহি খাবলৈ পাব কিয়?"
"কেতিয়াও নহয় কেতিয়াও নহয়। ভুল নুবুজিবা। পতিতা-বিধৱাৰ নিমিত্তে আজি হিন্দুৰ আশ্ৰম আৱশ্যক। শতবাৰ কম। কিন্তু সেই আশ্রম কেৱল বহি খোৱা আশ্রম হ'ব নেলাগিব। সেই আশ্রমত এনে কিছু মান কাম থাকিব লাগিব যি কৰি বিধৱাই বা অনাথ সকলে কেৱল নিজৰ প্ৰৱৰ্তন আৰু কে'বাজনকো প্রবর্তন কৰিব পাৰিব। এনে আশ্ৰমৰ সৃষ্টি নহ'লে তোমালোকৰ আশ্ৰমৰ দ্বাৰা একো কাম নহব।"
"ভেঙে কি আপুনি পতিতা বিধৱাসকলক হিন্দুৰ পৰা সদায় এৰি দিব?"
"তেন্তে এনে আশ্ৰম নকৰে কিয়?"
"এইবাৰ ঠিক কৈছা। সেই সম্বন্ধে যে ভবা নাই সেইটো নেভাৱিবা। কিন্তু পৰা নাই। কিন্তু পৰা নাই বুলি আগবঢ়া নাই।"
"নিজেও নকৰিব। আনে কৰিব গ'লেও হকা-বধা কৰিব।"
নিশ্চয় হকা-বধা কৰিম। ভুল আদৰ্শই, ভুল পন্থাই দেশৰ ভৱিষ্যত আদৰ্শত, উৎসাহত বা কামত বহুতো হানি কৰে। তাত হকা-বাধা কৰাত আপত্তি হ'ব নোৱাৰে। বিশেষতঃ তোমালোকৰ আশ্ৰমত উদ্যোগ বোলা বস্তু সমূলি দেখা নাই। একোটা সংঘ কৰি কিছু মান টকা-পইচা নষ্ট কৰি দেশৰ ভৱিষ্যত জাগৰণত বহুতো হানি কৰে।"
"আপুনি জানো কেতিয়াবা গৈছে?"
"নাই যোৱা। কিন্তু এই কথা নহয়। এবছৰত দুজন অনাথহে বিচাৰি পালা। ইয়াতে তোমালোকৰ উদ্যোগৰ প্ৰমাণ পোৱা যায়। আকৌ সেই দুজনৰো খোৱা-লোৱা সম্ভাৰমুঠি ভিক্ষাৰ ওপৰতহে নিৰ্ভৰ কৰে কিয়। সিহঁতৰ হতুৱাই চলাই বা হাল-কোৰ ধৰাই মাটি চহাই সিহঁতৰ খোৱালোৱাটো উলিয়াবলৈ চেষ্টা নকৰা কিয়?"
"সেইবোৰ কৰিলেও ততালিকে খোৱা-লোৱাটো মিলে জানো?"
"যদি সেইবোৰতো নিমিলে তেন্তে আৰু কাম কৰিব পাৰা। তোমালোকৰ আশ্ৰম ষ্টেচনৰ ওচৰতে। তোমাৰ সৈতে তোমালোকৰ পৰিয়াল তিনিজন। সেই তিনিজন সুবিধামতে যাত্ৰীসকলৰ মাল কঢ়িয়াই পইছা লৈ নিজকে নিজে প্রৱৰ্তন কৰিব নোখোজা কিয়? নে গেৰুৱা কাপোৰ পিন্ধাৰ কাৰণে সেইটো লাজ লাগে?"
দৈবচন্দ্ৰ তালুৰুদাৰ উপন্যাস সাহিত্য
টেকেলি অনা মানুহজন নিমাত হৈ ৰ'ল। নগেন্দ্র বৰুৱাই কৈয়ে থাকিল। "যি আন্দোলনেই নহওক স্বাৱলম্বী হ'ব লাগিব যি আশ্রমেই নহওক সেইবিলাকৰ উদ্দেশ্য কিছুমান কৰি ল'ব পাৰা, শিক্ষিত মানুহ তৈয়াৰ কৰিব পৰা হ'ব লাগিব। নহ'লে সেইবোৰ সৃষ্টি মিছা। যি শিক্ষাই নহওক সেইবিলাক শাৰীৰিক নৈতিক হিছাপে স্বাৱলম্বী মানুহ গঢ়ি তুলিব নোৱাৰে - সেই শিক্ষাও মিছা।" এইবুলি কৈ নগেন্দ্ৰ বৰুৱা ঘৰ সোমাল। ঘৰৰ পৰা ঘৈণীয়েকক ক'লে, "আজিলৈ অলপ চাউল দি তেওঁক খেদোৱা আৰু কোৱা যেন আৰু কেতিয়াও এনে আশ্ৰমলৈ বুলি খুজিবলৈ মোৰ তালৈ নাহে।"
"এইকেইটা মাছ আনিছোঁ।" বুলি মংগলীয়ে খালৈটো নগেন্দ্ৰ বৰুৱাৰ ঘৈণীয়েকলৈ আগবঢ়াই দিলে। নগেন্দ্ৰ বৰুৱাৰ ঘৈণীয়েকে হাত মেলি ক'লে, "ক'তনো আজি মাছ পালি। মাছ দেখিছো বৰ সুন্দৰ ভাঙন মাছ নহয় জানো?"
"বাৰু" এইবুলি কৈয়ে নগেন্দ্ৰ বৰুৱাৰ ঘৈণীয়েক ভিতৰলৈ সোমাই এখন সুন্দৰ শাৰী হাতত লৈ আহি মংগলীলৈ চাই ক'লে, "এইখন শাৰী তই নে। শাৰীখন বেছি পুৰণি হোৱা নাই।"
মংগলীয়ে থিয় হৈ ৰ'ল। নগেন্দ্ৰ বৰুৱাৰ ঘৈণীয়েকে শাৰীখন আগবঢ়াই "ধৰ বাৰু কিবা লাগিব?"
"নাই একো নালাগে।"
'তেন্তে নে কেতিয়াবা আহিবি! শাৰীখন ল।" ঠিক এনে সময়তে নগেন্দ্ৰ বৰুৱা ঘৰ সোমালহি। মংগলীয়ে ক'লে, "মই যাওঁ আই। আপোনাৰ শাৰী
নগেন্দ্ৰ বৰুৱা সোমোৱাত তাই ভয় খাই তেনে বুলি কোৱা ভাবি ঘৈণীয়েকে ততালিকে ক'লে, "তই ভয় কৰিব নালাগে, মইতো লুকুৱাই দিয়া নাই। তেওঁ আহিল বুলি ভয় কৰিব লাগেনে?"
মংগলীয়ে হাঁহি মাৰি ক'লে, "ভয় কৰিম কিয়? মইতো চুৰ কৰিবলৈ অহা নাই।" "তেন্তে?"
"গুৰুদেউৰ মানা। কাৰো পৰা একো কাপোৰ নিব নোৱাৰিম। বিশেষতঃ বিলাতী কাপোৰ।"
"তই আজিকালি আগৰ ঘৰত নাথাক?"
"নাথাকোঁ আই। মই আজিকালি অনাথ আশ্ৰমত আছোঁ।" নগেন্দ্ৰ বৰুৱাই অনাথ আশ্ৰমৰ কথা শুনিয়ে ততালিকে ঘূৰি "কোন অনাথ আশ্রমত?" বুলি সুধিলে।
"ওচৰতে আছে।"
"তহঁতক কি গুৰুৱে একো ভিক্ষা কৰিবলৈ বা একো কাপোৰ নিবলৈ হাক দিছে?" "হয়।" "কিমানজন আছে?" 'প্রায় দহজন।"
"তোতকৈ ডাঙৰ নে সৰু?"
'প্রায় সমানেই। দুজনী ডাঙৰো আছে।" "আটাইইেজনী ছোৱালী?"
"নহয় তিনিজন সৰু সৰু ল'ৰাও আছে।" নগেন্দ্ৰ বৰুৱাই অলপ আচৰিত ভাব দেখুৱাই সুধিলে, "বাৰু তহঁতে ভিক্ষা কৰি নাখাৱ যদি কি কৰি খাৱ?" "আশ্রমত আটাইকেউজনে এৰী-পলু পোহো। কেইজনমানে সূতাও কাটো।"
"আশ্ৰমত প্রায় পাঁচ পূৰা মাটি আছে। তাত সকলো ৰকম ফল-মূল আছে। সেই ফল-মূলবিলাক নিতৌ দুজনে বজাৰলৈ লৈ গৈ বেচো।"
"সেই পাঁচ পূৰা মাটিৰ ভিতৰত দুপুৰা মাটি গুৰুদেৱে নিজে চহায়। গৰুৰে হাল বায়। তাৰেই প্ৰায় খোৱা টান হয়।"
"আৰু ? আৰু ক, তহঁতৰ আশ্ৰম দেখো বৰ সুন্দৰ।"
"আশ্রমত কে'বাজনীও গাই-গৰু আছে। সেই কেইজনী ৰাতি পুৱাই আমি ধীৰাওঁ। তাৰে গাখীৰ প্ৰায়
৫ সেৰ সদায় আমাৰ ভিতৰৰ দুজনে বেচো। যদি আপোনালোকক লাগে আমি গাখীৰ নিতৌ দিব পাৰো।"
"বঢ়িয়া। তেন্তে তহঁতৰ আশ্ৰমৰ ভিতৰতে শাক-পাচলিও আছে ?"
"তই দেখো এৰী কাপোৰ পিন্ধিছ ? তহঁতৰ আটাই-বিলাকে এৰী কাপোৰকে পিন্ধ?"
"বাৰু তহঁতে দিনটো কি কি কৰিব লাগে?" "ৰাতিপুৱা উঠিয়েই আটাইকেউজনে গা ধোও। তাৰ পিছত ফল-মূল বোটলে, দুজনে এৰীপাত বিচাৰি আনে, দুজনে এৰী সূতা কাটে। দুজনে গোসাই ঘৰ আৰু আন আন ঘৰ-চোতাল মচে। দুজনে গাই ধীৰায়। গুৰুদেৱে ৰাতি নৌপুৱাওঁতেই উঠি হাত-মুখ ধুই হাল বাব যায়। তাৰ পিছত সেই তুলি অনা ফুলবোৰ দুজনে বেচিব যায়। আনবোৰে পলুবোৰ ভাল কৰাত, হাঁহ-পাৰৰ কণীবোৰৰ পৰা ওলোৱা পোৱালি বিলাকক খুওৱাত আৰু আশ্ৰমৰ খোৱা-লোৱা ৰন্ধা-বঢ়াত ব্যস্ত থাকো।"
"বঢ়িয়া তাৰ পিছত?"
"গুৰুদেৱে হাল মেলি আহি নিজে ৰান্ধি-বাঢ়ি খাই আশ্ৰমৰ ডাঙৰ আঁহত গছৰ তললৈ আহি জিৰণি লয়। আমিও আটাইবোৰে তেতিয়া তালৈকে আহিব লাগে। তেতিয়া গুৰুদেৱে পঢ়ে আৰু আমাক সেইবোৰৰ অৰ্থ ভাঙি দি যায়।"
"তই শাল্ববোৰৰ মোল পোৱা হৈছ?"
"হয়, গুৰুদেৱে কৈছে মোৰ হেনো স্মৰণ শক্তি
। তেওঁ যি পঢ়ে প্ৰায় মোৰ মনত থাকে।" "কীৰ্তনৰ পদ তোৰ মনত আছে?" "আছে।"
"বাৰু এটা গাচোন।"
তাই গাব ধৰিলে"মোক বিকর্ষণ অৰে বৰ্বৰ।
মোত পৰে আৰ আছে ঈশ্বৰ।। পেলাইলো কাটি তোক খাণ্ডা ধৰি
দেখো কেনমতে ৰাধয় হৰি।। হৰিলে জগতৰ দশ
কত আছে তাৰ কহ উদ্দেশ শুনি হ্রাদে বোলয় বাণী ব্যাপক বিভূ প্রভু চক্রপাণি সবাতে আছত্ত জগত স্বামী স্ফটিক শুষতো দেখোছো আমি। তাই গায়ে থাকিল.....
নগেন্দ্র বৰুৱাই ক'লে, "সুন্দৰ, তহঁতৰ আশ্রম চাবলৈ মোৰ বৰ ইচ্ছা হৈছে। আৰু কি কৰ?"
"তাৰ পিছতে আবেলি শাক-পাচলিবোৰত পানী দিওঁ। কোনোৱে কোনোৱে আশ্ৰমৰ ভিতৰতে থকা পুখুৰীত মাছ মাৰে, কোনোৱে সন সূতাৰ জাল বাওঁ।"
ঘৰৰ ভিতৰৰ পৰা এজনাই গালে। গছৰে পাতৰে কত প্রাণী জীয়ে
কত আছে বেৰতে চৰি কিনো পাত আনিছ লিহিৰি লিহিৰি চেঙেলীয়া ৰ'দকে কাটি কৰি। বেৰত জিলিকিছে ঐ মুখৰে জখলা কেতিয়া পিন্ধিবা এৰীৰে মেখলাকিনো পাত আনিছ চেচেনীয়া লিহিৰি লিহিৰি।
সুন্দৰ গীতৰ ধ্বনিত নগেন্দ্র বৰুৱাই এখন সপোন ৰাজ্যত থকা যেন পাই হঠাৎ ভাবিলে তেওঁ কোন পার্থিব কবিতা ৰাজ্যত? এপিনে এনে বাস্তবতা আনপিনে এনে কবিতাৰ সৌন্দৰ্য।
নগেন্দ্ৰ বৰুৱাই তেনেকৈ ঘৰ হৈ চাই থাকোতে মংগলী ওচৰ পোৱাত বৰুৱাই সুধিলে, "মংগলী তোৰ গুৰু ক'ত ?"
"তেওঁ হাল যাব ধৰিছে। কিন্তু আশ্ৰমত সোমাওতে লগ পোৱা নাই?"
"ক'তা এজন চুলি থকা গাঁৱলীয়া ধৰণৰহে মানুহ দেখিছোঁ। গাত কানি-কাপোৰ নাই। কেৱল আঁঠুমূৰীয়া ধূতি এখনহে।"
"এটা ৰঙা আৰু হালোৱাৰে জানো হাল বোৱা নাই?" "এৰা বাইছে।"
"তেন্তে তেওঁৱেই। আপুনি সৌৱা গছৰ তলতে বহক। মই এতিয়াই এৰীৰ পাতবোৰ পলুক.দি আহে।"
"বাৰু" বুলি কৈয়ে নগেন্দ্ৰ বৰুৱাই গছৰ তলত পতা এটা শিলত বহি আশ্ৰমৰ চৌদিশে চাব ধৰিলে। হঠাৎ তেওঁৰ চকুত পৰিল এজাক ৰাজহাঁহ আৰু পাতিহাঁহে সুন্দৰ পুখুৰীত চৰি থকা। তাৰ পিছত দূৰৈত তেওঁ দেখিলে পুখুৰীৰ এটা পাৰত আকৌ সেই পোন প্রথমে দেখা ১৬/১৭ বছৰীয়া ছোৱালীজনীয়ে কাপোৰ আচাৰিব ধৰিছে।
নগেন্দ্ৰ বৰুৱাই সেই পিনে চায়ে থাকিল। আশ্ৰমৰ নীৰলতা আৰু গছ-গছনিৰ সেউজীয়া বৰণ আৰু দূৰৈত গোৱা মনোহৰ সঙ্গীতৰ ধ্বনিয়ে নগেন্দ্ৰ বৰুৱাক খতেকলৈ সংসাৰৰ সকলো দুখ-তাপ পাহৰাই ৰাখিলে। এনেতে মংগলীয়ে আহি ক'লে, "আপুনি আমাৰ কপাহ-তলী চাব?"
"বাৰু ব'ল।"
কপাহ-তলী পায়ে নগেন্দ্ৰ বৰুৱাই হঠাত চকুত পৰিল এডাল গছত ডাঙৰকৈ লিখা- "স্বাধীনতাৰ পথ কোনে মুকলি কৰিব?"
নগেন্দ্ৰ বৰুৱাৰ গা শিৱৰি উঠিল। তেওঁ আন সকলো আওকাণ কৰি গৱৰ্ণমেণ্টৰ কামত সোমালেও তেওঁ যে দেশপ্রেমিক স্বাধীনতা শব্দে কত ভাৱ, কত আশাৰ সঞ্চাৰ কৰে। তাৰ পিছত সেই কপাহ-তলীৰ মাজেৰে গৈ পালেগৈ এখনি সুন্দৰ কুঞ্জবন। সেই কুঞ্জবনত চৌকাষে লিখা আছে - এঠাইত শিল্প উন্নতি, আন ঠাইত সমাজ সংস্কাৰ, ধৰ্ম উদ্বোধন বা কৰ্ম, ত্যাগ আৰু মৃত্যুঞ্জয় দূৰ কৰাৰ সাম্রাজ্য। আন এঠাইত বিশ্বপ্রেম। আৰু এঠাইত দেখিলে আৰু আখৰেৰে লিখা- "ভাৰতৰ স্বাধীনতাৰ আৱশ্যক বিশ্বৰ মংগলৰ কাৰণে। বিশ্বৰ পৰা ভয়ংকৰ অন্তৰ দণ্ড লোপ কৰিবলৈ। আমাৰ পবিত্ৰ অহিংসাৰ মাজেৰে ফুটাই
তুলিবলৈ। প্রেম, ভক্তি আৰু কৰ্মেৰে বিশ্বত জাগৰণ আৰু ঈশ্বৰ উপলব্ধি। নগেন্দ্ৰ বৰুৱাই হাঁহি পেলালে। বোধ-কৰোঁ ডাঙৰ ডাঙৰ কথাবোৰ লিখা দেখি নগেন্দ্র বৰুৱাৰ মনটো যেন উপলুঙাবোধ হ'ল।
তাৰ পিছত লাহে লাহে আকৌ চাই এটা শিলত দেখিলে
"হববুল ওতন। মনলা ইমান।" ইয়াৰ অৰ্থ কি?
নগেন্দ্ৰ বৰুৱাই চাইয়ে থাকিল। সেইপিনে চাই থাকোতে হঠাৎ শুনিলে কোনোবাই কোৱা, আপোনাক তালৈ মাতিছে। নগেন্দ্ৰ বৰুৱাই উভতি চাই দেখিলে - সেই ১৬/১৭ বছৰীয়া ছোৱালীজনীয়ে নগেন্দ্ৰ বৰুৱাক মাতিছেহি।
নগেন্দ্ৰ বৰুৱাই অলপ থমক খাই সুধিলে, "কোনে?"
"তেওঁ আহিল।"
"হয় মংগলীয়ে আপোনাৰ কথা কৈছে। আপোনাৰ কথা শুনি মোক মাতিবলৈ পঠাইছে।"
"মংগলী ক'ত?"
মংগলীয়ে গুৰুদেউক কিবা আলপৈচান ধৰিছে। নগেন্দ্ৰ বৰুৱাই উঠি লাহে লাহে খোজ ল'লে। সেই সুন্দৰী ছোৱালীজনীয়েও লাহে লাহে গৈ থাকিল। নগেন্দ্ৰ বৰুৱাই ছোৱালীজনীৰ প্ৰতি খোজত কত সুন্দৰ সুন্দৰ বস্তু কল্পনাত পালে কোনে জ্ঞানে? দুয়ো গৈ গুৰুদেৱৰ কাষ পোৱাত - নগেন্দ্ৰ বৰুৱাই দেখিলে তেওঁ এখন ডাঙৰ পীৰাত বহি কাষতে কিছুমান ফল লৈ যাব ধৰিছে। বৰবৰুৱাক নিলগতে দেখি ক'লে, "আহক, মংগলী কেইটামান ফল লৈ আহ। মংগলীয়ে অনাত গুৰুৱে নগেন্দ্ৰ বৰুৱালৈ আগবঢ়াই ক'লে, "দুখীয়াৰ ঘৰলৈ আহিছে কি খাব। গছৰ ফল-মূল দুটা এটা খাওক। সেই ওচৰৰ পীৰাখনতে বহুক।"
নগেন্দ্ৰ বৰুৱাই হাঁহি ক'লে, "জগতত দুখীয়া আৰু সুখীয়া কোন ইয়াৰ বিচাৰ কৰা বৰ টান। কিছুমান টকা পুতি থলেই যে সুখীয়া তাৰ কিবা কাৰণ আছেনে? পুতি থোৱা সকলৰতো হাহাকাৰেই কেতিয়া চোৰে নিয়ে, কেতিয়া ডকাইত আছে- এই ভয়তে ৰাতি-দিন টোপনি নাই। কিন্তু আপুনি কি মহাসুখেৰে খাই আছে।
কি আনন্দত কাম কৰিছে। কি ভাবেৰে কাৰো ওচৰত হাত পাতিৰ নলগাকৈ আছে। আৰু সেইবিলাকৰ উপৰিও প্ৰকৃতিৰ উপাদানবোৰ গোটাই লৈ খোৱা লোৱাৰ পৰা বা পিন্ধা-উৰা প্ৰকৃতিৰ সৃষ্টিৰ বস্তুবোৰ সজ ব্যৱহাৰ কৰি কেনে বিমল আনন্দ লভিছে। মই ইচ্ছা কৰোঁ গোটেই জগতখনতে টকা-পইছাৰ খোৱা-কামোৰ এৰি বেহা-বেপাৰৰ হেঁতা-ওপৰা ত্যাগ কৰি এনেভাৱে প্রত্যেকে নিজৰ আৱশ্যকীয় বস্তুবোৰৰ সজ ব্যৱহাৰ কৰিলেই জগত স্বৰ্গীয় আনন্দৰ ঠাই হ'লহেঁতেন।"
ক'ব নোৱাৰো মানুহৰ আদৰ্শ ক'ত শেষ হয়। ভয়ংকৰ কল-কাৰখানা, জাহাজ, এৰোপ্লেন, জেপলিন, বন্দুক, বাৰুদ মেচিনগানতে শেষ হয় নে এনেভাৱে Simple living high thinking ৰ ঠাইত পৰিণত হয়। ডাঙৰ ডাঙৰ জটিল জটিল economic theory যে সংসাৰৰ সমস্যাবোৰ জটিলহে কৰিছে হৰলা। যিয়ে নহওক বর্তমান মই বৰ সুখেৰে আছো। বাৰু সেইবোৰ কথা পিছত' হম। প্ৰকৃতিৰ বস্তুকেইটা লোৱা।"
নগেন্দ্ৰ বৰুৱাই কটাৰিৰে কাটি কাটি ফলকেইটা খাব ধৰিলে। গুৰুদেৱে ক'লে, "অইন দেশত যিয়ে নহওক বর্তমান ভাৰতত এনে পন্থাই আৱশ্যক। তদুপৰি ভাৰতৰ সৈন্যবাহিনী সব্জাবলৈ এনে Self supporting (স্বাৱলম্বী) আশ্রম গঢ়ি তোলাৰ দৰ্কাৰ। নহ'লে পেটত একো নেখাই দেশৰ কাম কৰা কঠিন। মোৰ আশ্ৰমত এতিয়া যিমানে মানুহ আহে সিমানেই নিজে কৰি খাব পাৰে। পেটৰ ভাতকেইটাৰ কাৰণে ভাবিব নেলাগে। অর্থাৎ মানুহৰ সংখ্যা অনুসৰি মাটিৰ সংখ্যা অলপ বেছি কৰি গ'লেই হ'ব। বিশেষকৈ অসমত যেতিয়া ইমান হাবি পৰি আছে- বোধ কৰোঁ মোৰ আশ্ৰমত একলাখ হ'লেও ঠাই দিব পাৰিম।"
নগেন্দ্ৰ বৰুৱাই মাত লগালে, "অর্থাৎ আপুনি আশ্ৰমত মানুহ বঢ়াৰ লগে লগে হাবি-জঙ্ঘন ভাঙি আশ্ৰমৰ ফলমূল আৰু ধানৰ খেতি কৰা ঠাই বেছি কৰি যাব? যি নহওক আপোনাৰ আশ্ৰমৰ উদ্দেশ্য কেৱল মানুহক স্বাৱলম্বী কৰা নে আৰু কিবা?"
"সেইটো ৰহুত কথা। মুঠৰ ওপৰত দেখত নিজ ভৰিত থিয় হৈ ডাঙৰ ডাঙৰ চেষ্টান্ত ৰত থাকিবলৈ
মানুহে তৈয়াৰ কৰিব পৰাটোৱে উদ্দেশ্য। লাহে লাহে স্বাধীনতাৰ মোল পাবলৈ সমাজৰ কুসংস্কার, কুনীতিবোৰ গুচাবলৈ আৰু পৰিলে নিৰ্ভীক যেতিয়াই তেতিয়াই ভাল কামৰ কাৰণে সৰিব পৰা মানুহ গঢ়িবলৈ। সেইবিলাক এতিয়াও কৰিব পৰা নাই। যেতিয়া এই উদ্দেশ্য কৈ একো লাভ নাই।"
নগেন্দ্ৰ বৰুৱাই ফলকেইটা খাই খাই বহুত কথা ভাবিলে। সেই সময়ত নগেন্দ্ৰ বৰুৱাৰ মনত যে এটা ডাঙৰভাৱে হেন্দোলদোপ লগাইছিল অত সন্দেহ নাই। হঠাৎ নগেন্দ্ৰ বৰুৱাই ক'লে, "আজিলৈ যাওঁ। মই অইন সময়ত আহিম।"
সময়ৰ সোঁতত নগেন্দ্ৰ বৰুৱাৰ তিৰোতা ঢুকালত তেওঁ আৰু নতুনকৈ ঘৰ নকৰি, সকলো সম্পতি আশ্ৰমৰ নামতে দি তেওঁ আশ্রমতে বাস কৰিলে। লগে লগে চৰকাৰী কামো এৰি দি আশ্ৰমৰ গুৰুৰ দৰে সাধাৰণভাৱে জীৱন-যাপন কৰিব ধৰিলে। অতীতৰ সকলো সুখ-দুখ পাহৰি নতুন ৰাজ্যত নতুন জীৱন-যাপন কটাব ধৰিলে। দিনে-ৰাতি কেৱল যঁতৰ চলাই সূতা কটা, গৰু পোহা আৰু পথাৰত চৰোৱাই তেওঁৰ কৰ্তব্য হৈছে। দুপৰীয়া সময়ত পথাৰত ডাঙৰ গছৰ তলত জুৰ লৈ নানা তৰহৰ কিতাপ আৰু বাতৰি কাকত পঢ়াত সময় নিছে। লাহে লাহে আশ্ৰমৰ অৱস্থ আৰু টনকিয়াল হৈছে। আশ্ৰমত প্রায় ১০০ মানুহ গোট খাইছে। আশ্ৰমৰ মাটি আগতকৈ প্রায় দহগুণে বাঢ়িছে। ল'ৰা-ছোৱালীবিলাকে এতিয়াও লিখা-পঢ়া শিকিব ধৰিছে। সিদিনা নগেন্দ্ৰ বৰুৱাই পুখুৰীৰ পাৰত অকলে বৰশি বাই বহি আছিল। এনেতে শুনিলে কোনোবাই নিলগত গীত শইছে। যতেকে দেখিম ঐ ততেকে লেখিম
যতেকে শুনিম
তথেকে গম
মেৰে বতৰা।
দৈবচন্দ্ৰ ভালুকথাৰ উপন্যাস সাহিত্য
এনে পুণ্য আশ্রমত প্রেম-গীত শুনি নগেন্দ্ৰ বৰুৱা আচৰিত হ'ল। তেওঁৰ মনত এই গীতৰ ধ্বনিয়ে ভাব তুলিলে যেন এইয়া এলা-পেচা গীত নহয়। হৃদয়ৰ পৰা ওলোৱা কোনোৰা বিৰহীৰ মর্মভেদী সুৰ। নগেন্দ্ৰ বৰুৱাই আকৌ বৰশি বাব ধৰিলে আকৌ শুনিলে গীত -
জোনেও চিকোণ ঐ সূযো চিকোণ চিকোণ আকাশৰে তৰা কেতেকী ফুলতে গোন্ধে মলমলায় চিকোণ ঐ মলয়াৰ সৰাচৰা। মলয়াবারতে কিনো বাতৰি আনে মনতে উঠিছে ঢৌ
কোন কাহানিয়ে মনতে লুকালে মনৰে কথা মনতে পৰে সৌ!!
নগেন্দ্ৰ বৰুৱাই এই সুৰ শুনি সহজতে বুজিলে যে এয়া তাৰিণীৰ খোজ চাইয়ে তেওঁ পোন প্রথমে আশ্ৰমত ভাবত বিভোৰ হৈছিল। এই তাৰিণীৰ চকুৱে চকুৱে পৰি সিদিনা তন্ময় হৈছিল। তাৰ পিছত আশ্ৰমত যদিও তেওঁ ইমান দিন আছে, যদিও কে'বাদিনো বহুত সময়ত নানা তবহৰ কথা-বতৰা তাৰিণীৰ লগত হৈছে তথাপি আজিলৈকে এনেভাৱে নিলাভাৱে অকলে অকলে তাৰিণীৰ কণ্ঠস্বৰ শুনিব পোৱা নাই। নগেন্দ্ৰ বৰুৱাৰ ঘৈণীয়েকৰ মৃত্যুৰ পিছত তেওঁ এই আশ্ৰমলৈ আহিছিল। গতিকে তেওঁ শত চেষ্টা কৰিও হিয়াত ওপজা ঘৈণীয়েকৰ পূৰ্বস্মৃতি পাহৰিব পৰা নাছিল। আজি এনেভাৱে বৰশিৰ ধ্যানত মগ্ন হৈ থাকোতে তাৰিণীৰ কণ্ঠশ্বৰ অসময়ত সচকিততে নগেন্দ্ৰ বৰুৱাৰ মনত ইমান দিনৰ পিছত ঘৈণীয়েকৰ বিৰহ সুৰত ঝঙ্কাৰ দি তুলিলে। নগেন্দ্র বৰুৱাই কথমপি শোক চেপা দি লাহে লাহে উঠি তাৰিণীয়ে কি কৰি গীত গাব ধৰিছে চাবলৈ গৈ দেখিলে নিলগৰ জুৰিৰ কাষত ভাৰিণীয়ে গা-ধুই উঠি কাপোৰ সলাৰলৈ আঠী কাপোৰে আগুৰা অৱস্থাত। তাৰিণীৰ স্তন-যুগল তেতিয়া মুকলি বায়ুৰ স্পৰ্শত আপোন পাহৰা। ঠিক তেনে অৱস্থাত নগেন্দ্ৰ বৰুৱাৰ চকুৱে চকুৱে তাৰিণীৰ চকু পৰিল। তাৰিণীয়ে কথমপি
ততাতৈয়াকৈ কাপোৰ পিন্ধি খোজ ল'লে। নগেন্দ্র বৰুৱাই ৰ লাগি চায়েই ৰ'ল। নগেন্দ্র বৰুৱাই সেইপিনে, থিয় হৈ কত কথা ভাবিলে। তাৰ পিছত বৰশি লৈ মনত পৰি উভতি আহি আকৌ পুখুৰীৰপাৰ পালেহি। তেতিয়া বৰশিত এট। মাছ বজি টনা-আজোৰা কৰিব ধৰিছে। বৰশিৰ পূঙা এবাৰ ওপৰলৈ এৰাৰ তললৈ গতি কৰিছে, তেওঁ ততাতৈয়াকৈ বৰশিত ধৰি টান মাৰোতে দেখিলে সুন্দৰ চেনিপুঠি মাছ এটা বৰশিত আহিল। মাছটো ওপৰত তুলিয়ে নগেন্দ্ৰ বৰুৱাই আৰু মাছ নামাৰি বৰশি সামৰি পুখুৰীৰ পাৰত বহিল। বহাৰ লগে লগে তেওঁক বহুতো ভাবে আকুল কৰিলে। তেওঁৰ ঘৈণীয়েকে চেনিপুঠি পালে কি কৰে, কেতিয়াবা বৰশি বাই মাছ ধৰিলে ঘৈণীয়েকে কত ৰং ধেমালি কৰে ইত্যাদি নানা কথা ভাবিব ধৰিলে। তদুপৰি আজি তাৰিণীৰ দৃশ্যই ঘৈণীয়েকৰ উজ্জ্বল মূর্তি, মৰমৰ কণ্ঠস্বৰ, প্রেম-সপ্তাৰ, ৰং-ধেমালি এটা এটাকৈ অতীতৰ দুই-তিনিদিনৰ সম্বন্ধ তেওঁৰ মনত উদয় হ'ল। বেলি ঢলি পৰিল। নগেন্দ্ৰ বৰুৱাৰ চকুত দুধাৰি চকুলো আপোনা-আপুনি বৈ আহি মাটিত পৰি সন্ধিয়াৰ আন্ধাৰত লুকাই পৰিল। তথাপি নগেন্দ্ৰ বৰুৱাই ভাবিয়ে থাকিল। হঠাৎ পিছৰ পৰা মংগলীয়ে মাতিলে, "আপুনি ইয়াত কি কৰিছে? আন্ধাৰ হ'লহি। সিপিনে গুৰুদেৱে আপোনাক গীতা পঢ়িবলৈ মাতিছে।" নগেন্দ্ৰ বৰুৱাই চক্ খাই উঠি পিছ পিনে চাই দেখিলে তেওঁ আশ্ৰমৰ লগত সম্বন্ধ আনোতা সংগলী আৰু তাইৰ লগত তাৰিণী। নগেন্দ্ৰ বৰুৱাই অলপ থমক খাই ক'লে, "মংগলী কেতিয়া সন্ধিয়া হ'ল ক'বকে নোৱাৰিলোঁ। তহঁতে কলৈ যাৱ?"
"পুখুৰীলৈ পানী নিবলৈ আহিছোঁ। তাৰিণী বাইদেউ আহিছে। আপোনাক গুরুদেৱে গীতা পঢ়িব মাতিছে।" "বাৰু গৈছোঁ।"
"আপনি বহুতপৰ ইয়াত বহি আছিল কিয়? মরে এৰীৰ পাত নিব আহোতে আপুনি ইন্নতে দুবৰি ৰনতে পৰি আছে।"
·নগেন্দ্ৰ বৰুৱাই নামাতি তাৰিণীৰ সন্ধিয়াৰ পঞ্জীবপূর্ণ
সুন্দৰ চকু জুৰি চাই ৰ'ল। হঠাৎ ক'লে, "মংগলী
তোৰ আয়েৰৰ কথা মনত পৰে?"
"নপৰিব কিয়? তেওঁ বৰ ভাল আছিল। তেওঁ এই আশ্ৰমত থকা হ'লে কতই ভাল পালেহেঁতেন। আমাৰ তাৰিণী বাইদেউৰ লেখিয়া তেওঁ আশ্ৰমত আদৰ পালেহেঁতেন। তেওঁ মোক সেই কেইদিনতে কেনে ধৰণৰ মৰম কৰিছিল।"
নগেন্দ্ৰ বৰুৱাই নামাতি শুনিয়ে থাকিল। মংগনীয়ে ক'লে, "তাৰিণী বাইদেউ আইতাক দেখা হলে দুয়ো বৰ বঢ়িয়াভাৱে সখি কৰিব পাৰিলেহেঁতেন।"
নগেন্দ্ৰ বৰুৱাৰ সেই সময়ত দুচকুৰপৰা দুখাৰি চকুলো বৈ অতীতৰ কত স্মৃতিৰ ঢৌ উঠি মাটিত পৰিলহি।
তাৰিণীয়ে এনে সময়তে সাহস যোগাই ক'লে, "মংগলী তই তেওঁৰ কথা কৈছ, কিন্তু সিপিনে চা দেউতাৰৰ মনত কেনে শোক উপজিছে। তেওঁৰ কথা আপুনি পাহৰি পেলাওক। আমি আপোনাৰ সকলো আলপৈচান ধৰিম। আপুনি দুখ নকৰিব।"
"সেই দুবছৰতে মই কেনে স্বর্গীয় ৰাজ্যত আছিলোঁ কোনে জানিব। তেওঁৰ অবিহনত মই সকলোপিনে নিৰাশ আৰু আন্ধাৰ দেখিছোঁ । সকলো সময়তে সকলো ঘটনাতে তেওঁৰ স্মৃতিয়ে মোক ব্যাকুল কৰিছে। এইবুলি কৈয়ে নগেন্দ্ৰ বৰুৱাই তাৰিণীৰ চ'কুত পৰাত দেখিলে তাইৰ সুন্দৰ মুখখনি কলা পৰিছে।"
নগেন্দ্ৰ বৰুৱাই চায়ে থাকিল। তাৰ পিছত দেখিলে তাৰিণীৰ সুন্দৰ চকুযুৰিত দুধাৰ চকুলো আপোনা আপুনি বৈ আহিছে।
নগেন্দ্ৰ বৰুৱাই সুধিলে, "তাৰিণী তই কিয় কান্দিছ?"
তাৰিণীয়ে তাৰ উত্তৰত একো নকৈ ক'লে, "ব'লক গীতা পঢ়িবলৈ পলম হ'ব। আটাইকেইজনে লাহে লাহে খোজ ল'লে।"
জজিকালি ভাবিী নগে া সका এলপৈচান হবে। নগের বাৰ ওচৰত ডাঙৰ ডাঙৰ
কিতাপবোৰৰ অৰ্থ বুজি লয়। দেশৰ বাতৰি কাকত পঢ়ি সেই সম্বন্ধে আলোচনা কৰে। সিদিনা নগেন্দ্র বৰৱাই সূতা কাটি ভাগৰি জিৰণি ল'বলৈ গধূলি শোৱা পাটিত গা পেলাইছে এনেতে তাৰিণী কৈ ক'লে, "আপোনাৰ কাপোৰবোৰ বাহিৰতে আছে।" নগেন্দ্ৰ বৰুৱাই ক'লে, "থাকিব দিয়া সেইবোৰ কাপোৰৰ আৰু মোৰ আৱশ্যক নাই।"
"মই এতিয়া নিজে ভালকৈ সূতা ফাটিব শিকিছোঁ বেতিয়া মোৰ আৰু কাপোৰৰ কি অভাব? বিশেষতঃ ইপিনে লাহে লাহে কাপোৰৰ সংখ্যাও কমাইছো।" সেইটো হয়। আপোনাৰ ৰুটা সূতাবোৰ মই
নিও। এখন কাপোৰ লগাওঁগৈ।" "কি কাপোৰ লগাব খোজা?" "আপোনালৈ এখন ধুত্তি।"
'বাৰু! বুজিছা তাৰিণী তুমি দেখিছো লাহে লাহে সকলো অভাৱত চকু দিব ধৰিলা। মোৰ ধূতি নোহোৱা হ'ব ধৰিছে বুলি কেতিয়াৰ পৰা লক্ষ্য কৰিছা?"
তাৰিণীয়ে এই কথাত লাজ পাই আৰু নামাতিলে। নগেন্দ্ৰ বৰুৱাই লাহে লাহে ক'লে, "তোমাৰ স্বামী ঢুকাইছে?"
তাৰিণীয়ে ক'লে, "ক'ব নোৱাৰো। শুনিছো বোলে মোৰ হয় বছৰ বয়সতে। তোমাৰ স্বামীলৈ মনত পৰে?"
"একো মনত নপৰে। কত ভাৰিছোঁ তেওঁৰ ছবি মনত আনিবলৈ, কত নিশা উজাগৰে আছো। কিন্তু সকলো মিছা।"
"তোমাক কিমান সৰুতে বিয়া গিছিল?" "শুনিছো ছেনো তেতিয়া পাঁচ বছৰ।"
"স্বামীক তুমি মেদেখিলাই। স্বামী মূর্তি কেনেকৈ ধ্যান কৰিবা? বাৰু তাৰিণী তুমি এই আমলৈ কেনেকৈ আহিলা ৭
"সেইবোৰ বহুত কথা। আপুনি শুনিৰ বুি লাহে লাহে কম মোৰ দুৰ্ভাগ্যৰ কথা। আগুন কমান वि
দৈৰচন্দ্ৰ তালুকদাৰ উপন্যাস সাহিত্য
"মোৰ বিয়াৰ পিছত স্বামী ঢুকায়। তাৰে কিছুমান দিনৰ পিছত মোৰ আই-বোপাই ইহ সংসাৰ পৰিত্যাগ কৰে। মোৰ দহ বছৰ বয়সত মামাৰ ঘৰত থাকো। তাতে মই মানুহ হওঁ। মামাৰ ঘৰত এজন দুষ্ট চাকৰ আছিল। মামা প্রায় ঘৰত নাথাকেই। বিলাতলৈ (কোচ বিহাৰলৈ) যায়। মামাৰ বুঢ়ী মামী আৰু সৰু ল'ৰা এটা থাকে। সেই চাকৰটোৱে গোটেই ঘৰখন চলায়। মোৰ দূর্ভাগ্যৰ ফলত মই তাৰ চতুৰতাৰ জালত পৰো। তাতে মোৰ সকলো নষ্ট হয়। পিছত মোৰ এটা ল'ৰা জন্মে। গাঁও-ভূঁইত সেই কথা ওলাই পৰাত মামা বিলাতৰ পৰা উভতি আহি সমাজৰ ভয়ত মোৰ অশ্বক্ৰান্তত এৰি থৈ যায়। তাৰ পিছত মই কিছু মানদিন খুজি-মাগি খাই আছিলো। মোৰ ৰূপ-যৌৱন দেখি বহুতো সন্ন্যাসীয়ে মোক পুতৌ কৰিছিল। বহুতে মোক আকৌ বিপদত পেলাব ধৰিছিল। পিছত এদিন ইপিনে খুজিব আহোতে গুৰুৰ আশ্ৰমলৈ আহো। ইয়াতে সকলো সম্ভেদ পাই মই গুরুদেৱৰ ওচৰ চাপি ইয়াতে থাকিব খোজো। গুৰুদেৱে একো আপত্তি নকৰাত তেতিয়াৰ পৰা ইয়াতে আছো। ইয়াতে মই জ্ঞান লাভ কৰিব ধৰিছো। কিতাপ মই আগেয়ে পঢ়িব পাৰিছিলোঁ। ইয়াত ভাল পুথিবোৰ পঢ়ি সেইবিলাক গুৰুদেৱৰ পৰা বুজি লৈ লৈ মই এতিয়া জটিল গীতা, ভাগৱতো বুজি পাওঁ। মোৰ মনত এতিয়া অতীতৰ সকলো ঘটনাবোৰ ভাবি মোৰ অজ্ঞান অৱস্থাত কৰা কামবোৰৰ বাবে কত অনুতাপ কৰিছোঁ। ঈশ্বৰে মোক আৰু কেইবছৰ আগেয়ে কিয় এনে জ্ঞান নিদিলে। তেনেহ'লেতো মোৰ সর্বনাশ হ'ব নোৱাৰে। মই মিতিৰ কুটুমৰ পৰা আঁতৰ নহলোঁহেতেন। এইবোৰ কৈয়ে তাৰিণীয়ে কান্দি পেলালে। নগেন্দ্ৰ বৰুৱাই তাইৰ চকুজুৰি মুচি দি ক'লে, "নাকান্দিবা। অতীত অতীতত লয় হয়। এতিয়া বর্তমানৰ কথা ভাবা।"
"মোৰ আৰু কি ভাবিবরৈ আছে? মই সতী-সাবিত্ৰীৰ কথা দময়ন্তীৰ কথা ভাবি ভাবি কত ৰং পাওঁ। কিন্তু মোৰ অৱস্থা কি? সেইবোৰ পঢ়ি পঢ়ি কতবাৰ মোৰ আগৰ স্বামীৰ কথা ভাবিছোঁ। কিন্তু তেওঁ মোক এৰি গ'ল? তেওঁ থকা হ'লেতো মোৰ এনে অৱস্থ হ'ব নোৱাৰে।"
"কেতিয়া কাৰ কি হয় কোনে জানে? এই কাৰণে মানুহে কর্মফলত বিশ্বাস কৰে।"
"কর্মফল! আগৰ জনমত এনে কি পাপ কৰিছিলো যে মই স্বামীৰো মুখ দেখিবলৈ নেপালো। এইবুলি কৈয়ে তাই হুক হুকাই কান্দিব ধৰিলে।"
নগেন্দ্ৰ বৰুৱাই থমক খাই ৰৈ কি ক'ব কি নক'ব ভাবি বিমোৰত পৰি হিন্দু ধৰ্মৰ অৱস্থাৰ কাৰণে ভাবিলে। হায় এনে সৰু কালতে ছোৱালী বিয়া দি কত তিৰোতাৰ সর্বনাশ হিন্দুৱে ওচৰ চপাই আনিছে। মানুহৰ সর্বনাশ কেনেকৈ কৰে ইয়াতকৈ আৰু তাৰ কি জ্বলন্ত প্রমাণ হ'ব পাৰে?"
"তাৰিণী আৰু নাকান্দিবা। হ'বলগীয়া যি আছিল হৈ গ'ল। এতিয়া ভাবি ভাবি শোক কৰিলে কি হব? তুমিতো স্বামীক কাহানিও দেখা পোৱা নাই। কিন্তু মোৰ অৱস্থা কি?"
তাৰিণীয়ে একো নুবুজি সুধিলে, "আপোনাৰ অৱস্থা মানে?" "তাৰিণী মোৰ যে গোটেই শৰীৰ আজি জৰ্জৰিত। মোক যে কি শোকে প্রত্যেক মুহূর্ততে কত ভাৱত আকুল কৰিছে। উস্ তাৰিণী নেদেখাতকৈ দেখি তাৰ স্মৃতিৰ বোজা প্রত্যেক মুহূর্তে বব লাগিলে সি যে কি ভয়ানক! চোৱা তাৰিণী, মোৰ পৰিবাৰৰ মৃত্যুৰ পিছৰ পৰা মোৰ এখন্তেকো শান্তি নোহোৱাত পৰিছে। তেওঁৰ যে কিমানবোৰ ভাল গুণ আছিল, মৰম-দয়াৰে হিয়া ভৰপূৰ আছিল। তাৰিণী আজি তোমাৰ দৰে মোৰো সৰ্বনশীয়া বিৰহ। প্রত্যেক মুহূৰ্ততে এই স্মৃতিয়ে মোক আকুল কৰিব ধৰিছে, তিল তিলকৈ মোক পুৰি দেই মাৰিব ধৰিছে।"
"তথাপি আপুনি তেখেতক দেখিছিল। তেওঁৰ কথা-বতৰা শুনি ৰং পাইছিল। মই আজিলৈকে তেওঁক মনতে আনিব নোৱাৰিলোঁ। কোনটো অৱস্থাৰ গুৰুত্ব কম বা বেছি কব নোৱাৰোঁ। কিন্তু আমি পুরো একে পথৰে পথিক যে সেইটো বুজিছোঁ।"
"তাৰিণী তোৰ হিয়াৰ শোক মই মর্মে মর্মে অনুভৱ কৰিব পাৰিছোঁ।" এইবুলি কৈয়ে নগেন্দ্র বন্ধাই ক'ব নোলৰোতে তাৰিণীৰ হাতৰ আঙুলি পিহিব ধৰিলে। পুরো ভেকলৈ নিমাত হৈ লি।
এৰি কৰবালৈ অন্তবান হৈছিল। বহুদিনৰ পিছত তেওঁ নানা দেশ ভ্ৰমণ কৰি' নানা তীর্থস্থান চাই শেষত মনত পৰি আকৌ অসমলৈ ঘূৰি আহি গুৱাহাটীৰ ওচৰত আশ্ৰম পায়হি। যদুনাথ এতিয়া মেট্রিকুলেচনত ফেল হোৱা ল'ৰা হৈ থকা নাই তেওঁৰ এতিয়া গণ্ডীৰ জ্ঞান জন্মিছে। ইংৰাজী, পাছী, সংস্কৃত অসাধাৰণ পাৰ্গতালি। তেওঁ এইকেইটা ভাষা কত সুন্দৰ কিভাপ পঢ়িছে ভাৰ সীমা-সংখ্যা নাই। সেইবিলাক পঢ়ি-শুনি লগে লগে নানা ধর্মগ্রন্থ পঢ়ি বেদাঙ ফিল ছকিত তেওঁ মন দিছে। জীবন মৃত্যুৰ পার্থক্য পাহৰি তেওঁ আদৰ্শ কৰি লৈছে ত্যাগ, নির্ভীকতা আৰু কৰ্ম। জীৱন ধাৰণৰ খোৱা লোৱাৰ পৰা তেওঁ নিজে সকলো কাম কৰি লগে লগে সমাজৰ উপকাৰৰ অৰ্থে চেষ্টা কৰাই তেওঁৰ মহান উদ্দেশ্য। এই কাৰণে তেওঁ হেনো দুবাৰ কোনো কোনো ঠাইত জেলো খাইছে।
বৰ্তমান তেওঁৰ জেল খাটিবলৈ সমূলি ইচ্ছা নাই। দেশৰ হকে দুই-চাৰি আবাৰ টান কথা কৈ গৱৰ্ণমেণ্টৰ কোপত পৰি জেল খাটি তেওঁ বিশেষ একো কাম নহয় বুলি ভাবি এটা নীৰৱ সাধনাত লাগি পৰিছে। তেওঁ ভাবিছে জাতি গঠন কর্মী গঢ়া একতা বঢ়োৱা আৰু প্ৰেমক বশীভূত কৰাই দেশক আগুৱাব পাৰি। আনকি প্রবল প্রতাপী গৱৰ্ণমেণ্টকো দুবাৰ টান কথা নকৈ উদ্দেশ্য থিক ৰাখি সেই উদ্দেশ্যৰ ডোলেৰে তেওঁলোককো টানি অনাই তেওঁলোকক সাধনাৰ আলম কৰি লোৱাই আচল কর্তব্য। অৱশ্যে টান গছৰ ডানত তালিকে বেঁঝ কৰা বৰ টান সঁচা। তেওঁ ভাবিছে কাপোৰৰ সূতা কাটিব সঁচা কিন্তু মাক্টোৰৰ কল-কাৰখানা বন্ধ কৰো বুলি কৈ গৱৰ্ণমেণ্টক জোকাই নল'ৰ। বৰং দেশক জগাই তুলিব। স্বৰাজ পাওঁ নেপাওঁ বৰ্তমানলৈ সেইটো নেভাবি মাক্টোবৰ কল-কারখানা বন্ধ হওক বা নহওক সেইটো ভাবিব নেলাগে। আমি নিজৰ ভৰিৰ ওপৰত থিয় হওঁ আহা। আমি দুর্ভিক্ষৰ কৰাল গ্ৰাসৰ মুখৰ পৰা সৰিবলৈ সমৰ্থ হওঁ শাহা। নহলে আমিও মহিম। আমি হলেও গৱৰ্ণমেন্টবো আধ্যা পৰিব। জমি অনুষ্ঠা বর্জন কৰোঁ আহা। দশ্য হলেও
চকুৱে চকুৱে পৰি খন্তেক থৰ হৈ ৰ'ল। হঠাৎ সেই ভাৱ হৃদয়ংগম কৰি নগেন্দ্ৰ বৰুৱাই লাজতে হাত এৰি দিলে। বৰুৱাই সহজে উপলব্ধি কৰিব পাৰিলে যে পৰৰ তিৰোতাৰ হাত চুই তেওঁ এনেভাৱে কথা-বতৰা কোৱা অন্যায় হৈছে। হঠাৎ নগেন্দ্ৰ বৰুৱাই ক'লে, "তাৰিণী এতিয়া বাৰু যোৱা। মই অলপ শুই লওঁ।"
টোপনি আহিল। অৱশেষত আচহুৱা সপোন এটি দেখি সাৰ পালে। বৰুৱাই সপোনত দেখিছিল যেন তাৰিণীয়ে তাইৰ সকলো কথা ভাঙি-পাতি তেওঁ শোক পাটিতে বহিছিল। কথা কওঁতে কওঁতে দুয়ো আপোন-পাহৰা হ'ল।
লাহে লাহে যেন তাৰিণীয়েও টোপনিতে তেওঁৰ কাষতে ঢলি পৰিল। তেওঁক বুকুত সাবটি ধৰি ক'লে, "তাৰিণী! তই মোৰ পুৰি দেই মৰা বুকুত আজি শান্তি দিলি। মই মোৰ আগৰ সকলো শোকৰ স্মৃতি পাহৰিব পাৰিম। তেতিয়া দোকমোকালি হেঙুলি ঊষাই প্রকৃতি ৰাজ্যত নানান সৌন্দৰ্যৰ ঢৌ তুলিছে। নগেন্দ্ৰ বৰুৱাই যেতিয়া সাৰ পালে তেওঁ দেখিলে সচাঁকৈ তেওঁ সপোনৰ আৰাধনাৰ তাৰিণী তেওঁৰ কাষতে থিয় হৈ লাহকৈ ক'ব ধৰিছে, "আপুনি মোক কিয় মাতিছে? কি হৈছে? কিয় এনেকৈ চিঞৰি উঠিছে?" বৰুৱাই তাৰিণীক ওচৰতে দেখি ভাবিব ধৰিলে তেওঁ সচাঁকৈ সপোনতে এনে কাণ্ড দেখিলে নে দিঠকত? কঁপি উঠিল। পৰ তিৰোতাৰ লগত আচৰণ সম্বন্ধে বৰুৱাৰ মনত গীতাৰ কেবাটিও উপদেশে খনক লগালে। শোৱা-পাটিৰ পৰা ততালিকে জাঁপ মাৰি উঠি গুচ গুচ দায়িনী বুলি তাইৰ হাত দূৰলৈ ঠেলি তেওঁ আতঁৰ হ'ল। সিদিনা ওৰে দিনটো তেওঁৰ মনৰ ভাব কেনে হৈছিল, কোনে ক'ব? তেওঁ উঠি গোটেই আশ্ৰমখন ঘূৰি ঘূৰি পুখুৰীৰ পাৰত বহিলগৈ। সেই পুখুৰীৰ কত ভেটফুল আনন্দত হাঁহি আছে। কিন্তু বৰুৱাৰ সিদিনা একো মন-কাণ নাই। তেওঁ কেৱল এটা আচৰিত ভাৱনা হৈ গোমোঠ মাৰি বহি থাকিল।
নগেন্দ্ৰ বৰুৱাৰ গুৰু বদুলাখে সফরে মেট্রিকুলেচনলৈ ফেল হৈয়েই হওফ জান কাৰতেই হওক ঘৰ
দৈচ ভালাৰ উপন্যাস সহিত্য
সফলাকে, ভাই ভাই কৈ আলিঙ্গন কৰিবলৈ সকলোকে
উদাৰতাৰে যুগ্ধ কৰিবলৈ, এই অস্পৃশ্যতা নি কেৱল হীন জাতিৰ সমান কৰিবলৈয়ে নহয়দুৱৰ্তী, বেমাৰী, আনকি কুণ্ঠৰোগী আদিকো পৰিচৰ্যা কৰি ৰোগমুক্ত কৰি জ্ঞানৰ পোহৰ বিলাই মানসিক উৎকর্ষ সাধি তাকো ভাই বুলি সাবটি ল'ব পাৰিলে উদ্দেশ্য সফল হ'ব।
এনে আদর্শ আগত লৈ তেওঁ আজি আশ্ৰমত শান্তিত আছে। লাহে লাহে আশ্ৰমৰ কৰ্মীদল বেছি হ'ব ধৰিলে। লগে লগে গৱৰ্ণমেণ্টৰে অলপ চকু পৰিছে।
সিদিনা যদুনাথে গীতা পঢ়ি পঢ়ি ক্লেৱাং মাগ গমঃ পাথ" এই কথাষাৰ মনত কৰিছে। এনেতে তাৰিণীয়ে ওচৰ চাপি আহি ক'লে, "প্রভু আপোনাৰ গাখীৰ আনি
যদুনাথে তাৰিণীৰ মুখলৈ চাই অলপ ধমকি ক'লে, "ভাৰিগী। তুমি ইমান শুকাই যাব ধৰিছা কিয়?" জাৰিণীয়ে এই কথাৰ একো উত্তৰ দিব নোৱাৰি থিয় হৈ ৰ'ল। "নামাতা কিয়? তোমাৰ সকলো কথা ভাঙি কোৱা। আশ্ৰমত কিবা অসুবিধা হৈছেনেকি?"
তাৰিণীয়ে ক'লে, "একো অসুবিধা হোৱা নাই প্রভূ। আশ্ৰমত মই বৰ সুখেৰেই আছিলো।" "তেতে?"
অৰিণীয়ে একো নামাতিলে।
যদুনাথে ক'লে, "সকলো স্পাকে কোৱা। অলপো ওপুত নাৰাখি কোৱা-মেলা কৰাই আশ্ৰমৰ ৰীতি। তোমাৰ কিবা অসুখনেকি তাৰিণী?"
'নহয় একো অসুখ নহয়।"
'এইটো বৰ আচৰিত কথা। খোৱা-লোৱাত কষ্ট হোৱা নাই। কিন্তু তুমি ক্ষীণাই যাব ধৰিছা।"
ভেতিয়াও তাৰিণীয়ে একো নেমাতিলে। যদুনাথে কৈরে গ'ল, "আজিকালি অসমৰ ছাত্ৰসকলৰ মাজত
সমস্যা। খোৱা-লোজব কষ্ট নাই, বেমাৰ-আজাৰ নাই; কিন্তু দিনে দিনে গাল-মুখ শুকাই
যার। च েএইবিলाकर भाजड कू-ভाস মনৰ উদ্বেগ আৰু চঞ্চলতা জাগিয়ে কাৰণ। তোমাৰ মনত কিবা আপত্তি হৈছ যেন লখিছে।"
তাৰিণীয়ে একো নামাতিলে। যদুনাকে'লে, "তোমাৰ চকু দেখি, মূখৰ বিৱণতা দেখি মোৰ বোধ হৈছে যেন তোমাৰ মনত কিবা অশান্তি হৈছে। তুমি সঁচাকৈ সকলো ভাঙি কোৱা।"
তাৰিণীয়ে এইবাৰ মন মনে নাথাকি ক'লে, "মোক ক্ষমা কৰক, মোৰ মনটো সদায়ে যেন ধান বানিব ধৰিছে। মই একো উৱাদিহ নেপাওঁ।"
"তোমাৰ মনত কি ভাৰ আহে?" তাৰিণীৰ মুখেৰে ওলাল- "মোহ" "কোৱা থামিলা কিয়?" "মোৰ স্বামী ক'ত?"
"তুমিয়েইতো কৈছা তোমাৰ স্বামীৰ মৃত্যু হৈছে।" "তেওঁক জানো লগ পাব নোৱাৰোঁ?" যদুনাথে একো নেমাতিলে। কিয়নো যদিও হিন্দু ধর্মমতে আস্থা আৰু অগাধ বিশ্বাস থাকিলে পৰজন্মতো মিলন হয় বুলি কোৱা আছে, কিন্তু তেওঁ সেইটো বিশ্বাস নকৰে। তেওঁৰ ভাব জীৱনত যি চেতনা শক্তি আছে সেই শক্তিৰ হ্ৰাস নহয় মানেই জীৱন! সেই শক্তিৰ হ্ৰাস হৈ আন কোনো শক্তিত মিল হ'লেই মৃত্যু। অৱশ্যে শক্তি আমৰণ অভগণ বা হিন-দেৰী নহ'লেও এটা শক্তি আন এটা শক্তিত মিলি যোৱা বা এটা শক্তি আন এটা শক্তিৰ পৰা আঁতৰ হোৱা স্বাভাৱিক। মানুহৰ জীৱনো সেই একে. ধৰণৰে। যেতিয়ালৈকে মানুহৰ শক্তি থাকিব তেতিয়ালৈ জীৱন। সেই শক্তি আন শক্তিত লীন হৈ পৰিলেই মানুহৰ মৃত্যু। গতিকে যদুনাথে কেনেকৈ তাৰিণীৰ কয় যে পৰকালত তুমি তেওঁৰ লগত মিলিবলৈ পাবা। আৰু আদ্ধাৰ ভৱিষ্যতৰ পৰকাল বা কেনে ৰহস্যৰে আগুৰা তাক কোনে জানে? সেই আজাৰৰ গভীৰতালৈ আশাপালি কোনে বর্তমান অঞ্চলে নিরাবলৈ ইচ্ছা কৰে? পৰফাললৈ হক নহওক বর্তমানত লাগে ফুলি উঠা ফুলৰ দৰে জাৰুৱমক হৈ গোন্ধ বিলাবলৈ। পিছত মৰি গলৈ যি হয় হওফ মৰকেই বা জীয়াইয়ে থাকক বা আন্ধাৰত খেপিয়াই হা-হুমুনিয়াৰে সহায় লওক।
• চাৰিণীয়ে যদুনাথক কিন্তু ভাবি ধরা দেখি আকৌ
জানো তেওঁক লগ পাবৰ উপায় দিব নোৱাৰে।" যদুনাথে ক'লে, "যাক দেখা নাই তাৰ কথা ভাবি কিয় ব্যাকুল হৈছা?" এনে সময়তে নগেন্দ্ৰ বৰুৱাই ওচৰ চাপি বহিলহি। তাৰিণী কাষত থৈয় হৈ থকা নগেন্দ্ৰ বৰুৱাই মন কৰা নাছিল। তেওঁ বহিয়ে সুধিলে, "এই আশ্ৰমৰ উদ্দেশ্য কি?"
যদুনাথে সুধিলে, "আজি হঠাৎ এই প্রশ্ন কিয় বৰুৱা?"
"উদ্দেশ্য নোহোৱাকৈ কাম কৰা যে নিষ্ফল সেই কাৰণে"সেইটো সঁচা। এই আশ্ৰমৰ উদ্দেশ্য একাষাৰতে ক'ব লাগিলে কর্মী, জ্ঞানী আৰু ভাবুকৰ সৃষ্টি কৰা লগে লগে শান্তি পোৱা।"
"কিন্তু মই অহাৰ পৰা ইয়াত শান্তি পাম ছাৰি সদায় মনত অশান্তিহে পাব ধৰিছোঁ।"
"কাৰণ কিয় বৰুৱা? খোৱা-লোৱাত কিবা অসুবিধা হৈছে?"
"খোৱা-লোৱাইতো মানুহৰ শ্ৰেষ্ঠ কাম নহয়।" "সেইটো সঁচা হ'লেও খোৱা-লোৱাৰ অভাৱত মানুহে আন শান্তি বিচাৰিব নোৱাৰে। যি নহওক ইমান পৰে তাৰিণীয়ে ভাঙি কৈছে যে তাইৰ স্বামীক লগ পোৱাই দিব লাগে। সেয়ে তাইৰ অশান্তি। তোমাৰ অশান্তি কিহত বৰুৱা?"
তাৰিণীৰ কথা যদুনাথৰ মুখত শুনাত নগেন্দ্র বৰুৱাৰ মনে মনে খং উঠিল। নগেন্দ্ৰ বৰুৱাৰ ভাব হ'ল তাৰিণীয়ে কি ৰকমে এনে অশোভন কথা যদুনাথৰ আগত ব্যক্ত কৰিলে।
যদুনাথে আকৌ ক'লে, "বৰুৱা, তাৰিণীয়ে স্বামী পাব পাৰে নে নোৱাৰে সেই বিচাৰ তোমাৰ ওপৰতে অৰ্পিলো। সেই সম্বন্ধে হিন্দুমত আৰু বর্তমান পাশ্চাত্য মতৰ লগত সামঞ্জস্য কৰি ভূমিয়ে এটা সিদ্ধান্ত
নগেন্দ্ৰ বৰুৱাই এইবাৰ খং কৰি ক'লে, "তিৰোতাই পুৰুষ বিচাৰি বাউলী হ'লেও পুরুষ বিচাৰি ফুৰাই আশ্ৰমৰ উদ্দেশ্য মহয়। মই সেইবোৰ ভাৱনা গা পাতি ল'ব নোৱাৰোঁ। আনৰ লগত সেইবোৰ কথা
উলিয়াব। এইটো বৰ চৰিত কথা, আপোনারে আশ্ৰমৰ নামত কত গোপনীয় কৰ কৰে।" .
যদুনাথে ফ'লে, "বাৰু বৰুৱা যদি বে যাওক। তাৰিণী ভূমি মনৰ অশান্তি দূৰ কৰিবলৈ চেষ্টা কৰা। আপোনা-আপুনি ভাল পাবা। আৰু স্বামী সুখেই
তোমাৰ একমাত্ৰ বাঞ্ছনীয় হয় তেন্তে এই আশ্ৰমত কত্ত ডেকা আছে, তেওঁলোকৰ এজনৰ লগত তোমাৰ বিয়া পাতি দিও। কোন স্বামী আছিল, তেওঁক কণ্ঠ লগ পাবা, সেইবোৰ অলীক ভাৱনা এৰি আকৌ নতুন স্বামীৰ লগতে লগ লাগি জীৱন আনন্দৰ কৰ্মমন্দিৰ কৰি তোলা।"
তাৰিণীয়ে ক'লে, "প্রভু আপুনি কি কয়? মোৰ স্বামীক মই দেখা নেপালেও তেওঁৰ লগতে যে মোৰ বিয়া হৈছিল সেই কথা মই জানো। এনেস্থলত মোক আকৌ বিয়ালৈ উদ্গনি দিয়ে কিয়? মই স্রষ্টা হলেও সেইয়া যে অজ্ঞানত কৰিছিলোঁ! এতিয়া জ্ঞান উদয় হোৱাত মই আন স্বামীৰ কথা কেনেকৈ আনিব
"তাৰিণী! ভুল। ডাঙৰ ভুল! সৰুতে যি বিয়া হৈছিল সেইয়া বিয়াই নহয়। যি স্বামীৰ মূখ দেখা নাই সেইজন স্বামী নহয়। কেৱল কিছুমান প্রাণহীন নিয়মৰ অধীন হৈ ফুৰিলেই নহয়। আৰু সেই স্বামীৰ কাৰণে হা-হুমুনিয়া কাঢ়ি ফুৰাও পাপ বুলিহে বিবেচনা কৰোঁ। তোমাৰ কেঁচুৱা অৱস্থাতে বিয়া হৈছিল। তেনেদৰে আন এজনে ক'ব পাৰে হিন্দুৰ পৰকালৰ বিশ্বাসমতে ক'ব পাৰে তেঁওৰ বিয়া আগৰ কালতে এজনৰ লগত হৈছিল গতিকে আৰু কাৰো লগত বিয়া হ'ব নোৱাৰে। তেওঁ হা-হুতাশ, শোক-তাপ লৈ এই জীৱন নিয়াওক। এনেবোৰ কথা কিছুমান চলি হা প্রাণহীন নিয়মৰ বাহিৰে আন একো নহয়।
নগেন্দ্ৰ বৰুৱাই তেওঁৰ কথা তলমূৰ কৰি মনে মনে শুনিয়ে আছিল। হঠাৎ তেওঁ চকু তাৰিণীৰ চকুৱে চকুৱে পৰিল। ভাৰিণীয়ে তেতিরা বসুনাধৰ কথা শুনি छन, न बाटे চাই चছি। श्रन्धान गुण निफ ভादन ভीर मখি क
দৈবচন্দ্র তালুকদাৰ উপন্যাস সাহিত্য
হৈছিল। তেনে অৱস্থাত নগেন্দ্ৰ বৰুৱাৰ চকুত পৰাত তাৰিণীয়ে লাজতে তলমূৰ কৰিলে। নগেন্দ্ৰ বৰুৱাৰ মনতো এটা ডাঙৰ ভূঁইকঁপ উঠিল। তাই আৰু অলপো নৰৈ পোনচাতে ওলাই গ'ল। এনেতে নগেন্দ্র বৰুৱাই যদুনাথক প্রশ্ন কৰিলে, "তেন্তে আপুনি বাল্য বিবাহ নেমানে?"
সৰু ল'ৰা-ছোৱালীয়ে পুতলাৰে ৰা ফটা কাপোৰেৰে দৰা-কইনা সাব্জি বা সিহঁতৰ মাজতে দৰা-কইনা কৰি যেনে বিয়াৰ ভাওনাৰ খেল কৰে, তেনে অৱস্থাত আচল বিয়া দিলেও তেনে বিয়াৰ বিয়া বুলি ক'ব পাৰিনে? আৰু তাৰ পিছত দৰা মৰিল বুলি অকণমানি ছোৱালীজনীক গোটেই জীৱন বিধৱা সজাই সংসাৰময় এন্ধাৰ আৰু নিৰাশপূৰ্ণ কৰিব পাৰিনে?"
নগেন্দ্ৰ বৰুৱাই আৰু নামাতিলে। এনেতে দেখিলে তাৰিণী লাহে লাহে আঁতৰ হ'ল। নগেন্দ্ৰ বৰুৱাই আৰু তর্ক-বিতর্ক নকৰি কেৱল ক'লে, "হিন্দুৰ বিয়াই ডাঙৰ সমস্যা। তাতে বাল্য বিবাহ আৰু জটিল সমস্যা!"
"এপিনে যেনে জটিল তেনে আকৌ সৰল।" "আপোনাৰ হিছাপে ক'ব লাগিলে দেখো হিন্দুৰ বিয়াই নহয় তাৰ মানে?"
"এই চাওক হিন্দুৰ দৰা-কইনাই কেতিয়াবা দেখা-দেখি নোহোৱাকৈও বিয়াৰ সম্বন্ধ হয়। তিৰোতাৰ স্বামীলৈ অনুভূতি নাই। আকৌ পুৰুষৰ মনতো কইনা সম্বন্ধে ভাল-বেয়া, প্রেম ভাল পোৱাৰ ভাৱ নাই। সেই মিলন কেৱল প্রাণহীন যন্ত্ৰৰ মিলন নহয়নে? সেই মিলনত বিয়াৰ আচল মৰ্মই বা ক'ত থাকে? যেনেকৈ সৰু সৰু ল'ৰা-ছোৱালীয়ে একো নজনাতে বিয়াত বহে, তেনেকৈ ডাঙৰতো বাপেক-মাকে ঠিক কৰা দৰা-কইনাৰ লগত বহি চলি অহা প্রথামতে বিয়া শেষ কৰে। ভেঙে এই বিয়া এখন ভাওনা বা খেল স্বৰূপ নহ'লনে? স্বামী-স্ত্ৰীৰ সম্বন্ধ কেৱল লগুণ-গাঁঠি আৰু বামুণৰ নুবুজা মন্ত্রতে শেষনে? মই ক'বৰ হলে আপুনি যেনেকৈ বয়সত সৰু ধৰি বাল্য বিবাহৰ বিরুদ্ধে কৈছে ময়ো তেনেকৈ অনুভূতি আৰু প্ৰাণ নোহোৱা দৰা-কইনাই নেদেখা অৱস্থাত হোৱা বিয়া এটা প্রাণহীন এখা বুলি ক'লে অন্যায় কৰা নহৰ। তেন্তে
দেখিছোঁ যি ভারত বাল্য বিবাহ উঠোৱা যায় সেই ভাৱতে হিন্দুৰ বিয়াৰ অন্ত হয়। তাত প্ৰেমৰ অংকুৰেই বা ক'ত? দুটা প্রাণহীন ভাৱহীন যন্ত্র একেলগে বহুৱাই দাম্পত্য প্ৰেমৰ আদৰ্শ দাঙি ধৰা হাঁহিয়াতৰ কথাৰ বাহিৰে কি হ'ব পাৰে?"
"যদি বিয়া হোৱাৰ পিছত দুয়োৰো পৰস্পৰৰ প্রতি ভালপোৱা জন্মে তেন্তে সেই বিয়াৰ সাৰ্থকতা থাকে।"
"সেইটো বেলেগ কথা। ভৱিষ্যতে প্ৰেমৰ অংকুৰ জন্মিব সেই আশাত জোৰাফন্দা দিয়া কথা এটা আচৰিত ধৰণৰ প্ৰথা।"
"কিন্তু বর্তমানে এটা প্রথাতে বিয়া চলিলেও অতীতৰ পৰা হিন্দুৰ আৰু সাতবিধ বিয়া আছে। তাৰ ভিতৰত গন্ধৰ বিয়াও পৰে।"
"সেয়ে হ'লেও বর্তমান সময়ৰ প্ৰথাই আমাৰ আলোচ্য। যদি যন্ত্রই যন্ত্রই বিয়া হ'ব নোৱাৰে, যদি বিয়াত প্রাণ লাগে, ভাৱ লাগে, আনন্দ লাগে, সুখ লাগে, কল্পনা লাগে, তেন্তে দৰা-কইনাৰ বিয়াৰ আগেয়ে মিলন আৱশ্যক বুলি নক'ব জানো?"
নগেন্দ্ৰ বৰুৱাই "বিয়াৰ সমস্যাটো আজি আৰু জটিল কৰিলা দেখো। বাৰু আন সময়ত ভাবি চাম। কিন্তু এটা কথা উল্লেখ কৰো, পাশ্চাত্য ধৰণৰ বিয়াত দৰা-কইনাৰ স্বাধীন নির্বাচন থাকিলেও তাতো অলেখ ডায়ভোৰ্ছ (divorce) আৰু অশান্তি আছে। এতিয়া অলপ কাম আছে। এই সম্বন্ধে অলপ পিছত কথা হ'ম।"
নগেন্দ্ৰ বৰুৱায়ো "বাৰু অইন সময়তে কথা হম" বুলি লাহে লাহে আঁতৰ হৈ দেখিলে, তাৰিণীয়ে এডাল শেৱালি গছৰ তলত কিছুমান শেৱালি ফুল লৈ মালা গুঠিব ধৰিছে।
নগেন্দ্ৰ বৰুবাই লাহে লাহে ভৰিব খোজত ভৰ দি তাৰিণীৰ পিছত থিয় হ'ল। তাৰিণীয়ে এক মনে-গুঠি আছে। নগেন্দ্ৰ বৰুৱাই অলপ চাই থাকিয়ে কব নোৱাৰো, তেওঁৰ মনত কি ভাৱ খেলালে, ততালিকে হাত দুখন আগবঢ়াই তাৰিণীৰ চকুত ধৰিলে। লগে লগে নগেন্দ্র বৰুৱাৰ হাত ভাৰিদীৰ
সুন্দৰ ৰাঙলি গাল দুখনি স্পৰ্শত তেওঁৰ প্ৰত্যেক সিৰে সিৰে তেজৰ সোঁত বৈ গ'ল। সেই হাতৰ স্পৰ্শত বৰুৱাই যেন কিবা এটা শান্তি অনুভৱ কৰি হাত দুখনি আনন্দেৰে সাবটি ধৰি লাহেকৈ মাতিলে "তাৰিণী।" বৰুৱা আকৌ নিমাত হ'ল।
নগেন্দ্ৰ বৰুৱাই তাৰিণীৰ একো সঁহাৰি নাপাই আকৌ আৱেগৰ সুৰত ক'লে, "তাৰিণী!" এইষাৰ কথাত নগেন্দ্ৰ বৰুৱাৰ হৃদয়ৰ কত কথা, কত আশা, কত আৱেগ লুকাই আছিল কোনে জানে?
কিন্তু তাৰিণীয়ে ততালিকে হাত এৰুৱাই ক'লে, "আপুনি।" নগেন্দ্ৰ বৰুৱা নিস্পন্দ হৈ থাকিল।
তাৰিণীৰ সেই "আপুনি" কথাষাৰে নগেন্দ্ৰ বৰুৱাক আঘাত দিলে।
তাৰিণী আৰু খস্তেকো নৰৈ কঠিন সুৰে কৈ উঠিল, "ছিঃ আপোনাৰ" বুলিয়েই হাতৰ মালাডাল ছিঙি লাহে লাহে আঁতৰ হ'ল। নগেন্দ্ৰ বৰুৱাই চাইয়ে থাকিল। তাৰিণীৰ সেই নুফুটা কথাষাৰৰ অৰ্থ নগেন্দ্ৰ বৰুৱাই একো ধৰিব নোৱাৰিলে। কিন্তু তাইৰ কণ্ঠস্বৰত যেন এটা ঘৃণা, তাইৰ খোজকেইটাত যেন এটা অশ্ৰদ্ধাৰ ভাব, মালাছিঙা অৱস্থাত যেন তাইৰ এটা অস্পৃহাৰ ভাব, নগেন্দ্ৰ বৰুৱাৰ মানস পটত হাজাৰ ৰকমে ফুটি উঠিল। বৰুৱাই ভাৱত বিমোৰ হৈ লাহে লাহে নিজৰ কোঠা পালেগৈ।
নগেন্দ্ৰ বৰুৱাই আৰু তাৰিণীৰ বাতৰি লোৱা নাই। তাৰিণীয়েও নগেন্দ্ৰ বৰুৱাৰ কাষ চপা নাই। নগেন্দ্র বৰুৱা আলপৈচান ধৰিবলৈ অহা নাই। দুয়োৰে মনত এটা বিৰক্তি ভাব। দুয়োৰো মনত ভাল-ৰেয়াৰ কল্পনা, আশা-নিৰাশাৰ ছবি ভাহিছে। নগেন্দ্ৰ বৰুৱাই ভাবিছে তেওঁৰ সচাকৈ ভুল হৈছে। পৰৰ তিৰোতা তাৰিণীক তেনেকৈ ধৰি নিজে কৰ্তব্যৰ পৰা বহুত দূৰত আঁতৰি পৰিছে। লগে লগে তাৰিণীৰ ঘৃণা অশ্রদ্ধা বঢ়াইছে।
ইপিনে তাৰিণীৰ মনত বেলেগ ভাব খেলিছ ? অতীতৰ স্মৃতি ভাগৱত গীতাৰ জ্ঞান, স্বামীভক্তি আকৌ নিজৰ স্রষ্টা জীৱন, আনপিনে নগেন্দ্র বৰুৱাৰ প্ৰতি জন্মা ভালপোৱা বা প্রেম এই আটাইল্মিক ভাৱৰ জাউৰীয়ে তাৰিণীক সাধাৰণ জগতৰ পৰা ক'বলৈ টানি নিছে। যেতিয়া তাইৰ সীতা- সাৰিত্ৰীৰ পতি ভক্তি লৈ মনত পৰিছে। তেতিয়া তাইৰ এটা জীৱন আকৌ নতুনকৈ জন্মা প্রেম অনুৰাগৰ প্ৰতি খং ঘৃণা জন্মিছে, লগে লগে নগেন্দ্ৰ বৰুৱাৰ আচৰণ ভীষণ অন্যায় বুলি ভাৰিছে। সেই সময়ত তাইৰ জীৱন ধৰি থকা মিছা বুলি মৃত্যুলৈ ৰাট চাই এটা নিৰাশ হুমুনিয়াহ কাঢ়িছে আকৌ তাইৰ নগেন্দ্ৰ বৰুৱাৰ মধুৰ স্পৰ্শ, সুন্দৰ মুখৰ গঢ়, প্রেম ভাব আৰু লগে লগে বিয়া সম্বন্ধে তাইৰ গুৰুৰ মতৰ কথা মনত পৰিছে। একোবাৰ তাই ভাৱিছে- অতীত ভুল জীৱন অন্ত কৰি নগেন্দ্ৰ বৰুৱাৰ আৰাধনা উপাসনাতে জীৱন কটাব। তাই নগেন্দ্ৰ বৰুৱাৰ কল্পনাতে ৰং আৰু আনন্দ পাব। ইত্যাদি ভাৱৰ খেলি মেলিতে মংগলীয়ে গোৱা শুনিলেকোৱা তই নাহিবি
বাতৰি নানিবি ঐ
বিলৰে পদুম বিলতে থাকক নিছিঙো গধূলি মই।
বিলতে পূজিম গোঁসাই খাপিম
ছিঙিবৰ কিনো সকাম ঐ
পূজাতে লাগিৰ চৰণে সেৱিব
মলয়াতে হালি জালি ৰৈ।।
মংলীৰ সুন্দৰ গীতে তাৰিণীক আকৌ জগাই তুলিলে। তাই সকলো ভাব এৰি শুনিয়ে থাকিল। মংগলীয়ে আকৌ গালেনাৱৰীয়া ঐ
তৃঃ লুং নাওখনি লৈ ৰিবৰিব বতাহতে
शডিनি গৈ কতে ওলাবি ঐ
মুকলি মনৰে উলাহ সোঁততে
ভটিয়াই দিছ নাৱ
কৰে নাৱৰীয়া ক'তে ওলাবি
কি গীতৰ ধৰি তান
অন্তৰ তোৰ উগুল গুল বাহিৰত ঢৌৰ হিল্লোল
সমূখত আকাশ বিয়পি
অনাদি অনন্ত কুল
তোৰ হিয়া জালি কিবা ভাৱত আকুল ঐ
তাৰিণীৰ মনত ভাব আজি সেই গীতৰ সুৰ স্বৰূপ। তাই আৰু ভাৱৰ জাউৰীত সাঁতুৰিব নোৱাৰি, যি হয় হওক ভাবি আৰু আকুলতা নবঢ়াও, ভটিয়নী পানীত উটি যাওঁ। য'তে লাগে লাগক, যি সুৰত গীত ওলায় ওলাওক। সতীৰ প্রেম অতীত স্মৃতি বৰ্তমানৰ অনুৰাগৰ হেন্দোলনিত নাও বুৰে বুৰক, যতে লাগে লাগক নহ'লে ভাল ঘাটত লাগি আনন্দ উলাহৰ সহচৰ হওক বুলি ভাবি তাই লাহেকৈ উঠি আহি মংগলীক বাটভ দেখা পাই সুধিলে, "মংগলী ক'লৈ যাৱ?" "তাৰিণী বাইদেউ আজি কেইদিনমানৰ পৰা তোমাৰ হাঁহি-সুখ নেদেখি, তোমাক ঘৰৰ পৰা প্ৰায় ওলোৱা নেদেখি আজি তোমাক উলিয়াই নিও বুলি আহিছোঁ।" "কলৈ?" "পুখুৰীৰ পাৰলৈ। তাত এজোৰ ৰাজহাঁহ এৰি দিছোঁ। সিহঁতে একেলগে যেনেভাৱে সাতুৰি যায় দেখিলে ৰং লাগে। তাৰিণীয়ে কৈ উঠে, "সংসাৰত সকলোৰে যোৰ আছে। কিন্তু!" "কিন্তু কি বাইদেউ।" "আমি সদায় অকলে অকলে ফুৰিব লাগে। কিয়? দুয়ো একেলগে ফুৰিম। সচাকৈ বাইদেউ এইকেইদিন তুমি নোলোৱাত মই অকলে অকলে কাম কৰি আমনি পাইছো এটা কথা শুনিছা?" "কি?" নগেন্দ্ৰ দেউতাৰ বৰ বেমাৰ নহয়। "বেমাৰ? কেতিয়াৰ পৰা?" "আজি চাৰিদিন হ'ল। গুরুদেৱে ভাতে এইকেইদিন আছে। কালি গুৰুদেৱেও তোমাৰ বাতৰি সুধিছিল। তোমাৰ আকৌ বেমাৰ ওথবা কৰা ভাব আছে নহয়।" "এৰা পিছে তেওঁ কি ক'লে?" "মই কলো তাৰিণী বাইদেউৰো গা অসুখ। গুৰুৱে ক'লে এৰা আজি কেইদিনমানৰ পৰা তেওঁ আশ্ৰমৰ একো কাম কৰিব
পৰা নাই।" "বাৰু মংগলী তইয়ে বৰুৱাক আলপৈচান ধৰিবি। ময়ো চাষ। পিছে এতিয়া তেওঁ কেনে আছে?" "কালি বৰ বেছি সান্নিপাত চৰিছে।" বাৰু ব'ল বুলি কৈ দুয়ো অলপ গৈ হঠাৎ কি ভাবি তাৰিণীয়ে ক'লে, "নাই মই এতিয়া নাযাওঁ মংগলী মোৰ কাম আছে। তই ভালকৈ আলপৈচান ধৰিবি দে। যা তাতে থাকগৈ। এতিয়া গীত গাই ফুৰিব নালাগে।"
নগেন্দ্ৰ বৰুৱাৰ জ্বৰ কমক ছাৰি বেছিহে হৈ আহিল। অচেতন অৱস্থাত কত কথা বলকে ঠিক নাই। তাৰিণীয়ে অহুকাণে পহুকাণে বৰুৱাৰ অৱস্থা শুনি লাজ অভিমান সকলো পাছ কৰি বেমাৰীৰ আলপৈচান ধৰিছেহি। কিন্তু তাইৰ একাণপতীয়া শুশ্রূষায়ো বৰুৱাৰ অৱস্থা ভাললৈ আনিব পৰা নাই। সিদিনা দুপৰ নিশা অকলে তাৰিণীয়ে বৰুৱাৰ মূৰ শিতানত বহি পদুম পাতেৰে বাও দি আছে। ওচৰতে মংগলী শুই আছে। তেতিয়া বাহিৰ বিশ্ব গভীৰ টোপনিত নিতাল মাৰিছে। মাজে মাজে ৰৈ ৰৈ যম-ডাকিনীয়ে বিকট চিৎকাৰ কৰি গভীৰ ৰাতি আৰু বেছি গভীৰ কৰি তুলিছে। ঘৰৰ ভিতৰত চাকিগছিয়ে প্রত্যেক ধিমিকৰ লগে লগে উদাস ভাবত চাই থকা বৰুৱাৰ চকুজুৰিলৈ একোবাৰ চাই চাই তাৰিণীয়ে কত কথা ভাবিছে কোনে ক'ব? তাৰিণীৰ মনক কত সংশয় জন্মিছে, সেইজুৰি চিৰ কাললৈ মুদিলে তাৰিণীৰ বর্তমান সুখ-আনন্দ নহ'ব। তাই ভাবি ঠাউনি পোৱা নাই। তাই আন সুখ নাপালেও যে বৰুৱাৰ এনে অৱস্থাত আলপৈচান ধৰি কপাল মূৰ লাৰি অসুখীয়া প্ৰাণত অলপ সুখ দিছে। ঈশ্বৰে জানো সেই এই নিষ্ঠামান সুখৰ পৰাও দূপলীয়া তাৰিণীৰ বঞ্চিত কৰিব? তাৰিণীয়ে ভাবি থাকোতে তাইৰ কে'বাদিনো টোপনি নহা চকু চিলি-মিলিকৈ মূদ খালে। তাইৰ মূৰ ঢলি পৰিল। হঠাৎ যম-ডাকিনী আকৌ ভীষণ শব্দ কৰিলে। তাই চক্ খাই উঠিল। ততাতৈয়াকৈ মংগলীক মাতিৰ খোজোতে শুনিলে বৰুৱাই ক'ব ধৰিছে "মোৰ আৰু
ইহ-সংসাৰত আৱশ্যক নাই। তাৰিণী তোক চুই মই মহাপাপ কৰিছো। তোক মই নুবুজিলোঁ। মোৰ সতী-সাধ্বী তিৰোতাৰ লগে লগে মোৰ সকলো ভাহি গৈছে" বুলি তেওঁ কান্দিব ধৰিলে। গো-গোৱনি শব্দ হ'ল। তাৰিণীয়ে ততালিকে মংগলীক নামাতি বৰুৱাৰ চকুলৈ চাই ক'লে, "আপুনি এবাৰ ভালকৈ কথা কওঁক। আজি কেইদিন আপোনাৰ জ্ঞান অহা নাই। মোক আপুনি চিনিছেনে?"
"চিনিছে। সকলো চিনিছো। এটা এটা যমদূত ক'লৈ নিবি? কোনে নিবি?"
"ছিঃ কি কয়। মোক আপুনি চিনি পোৱা নাই। এতিয়াই আপুনি মোৰ নাম কোৱা নাছিল জানো? মইয়ে তাৰিণী?"
বৰুৱাই এবাৰ বৰকৈ চকু মেলিলে। চকু ভয়ংকৰ ৰঙা।.... তাৰিণীয়ে ক'লে, "আপুনি সুস্থিৰ হওক।" যম-ডাকিনীৰ আকৌ শব্দ।
নগেন্দ্ৰ বৰুৱাৰ গোঁ গোঁৱনি শব্দ বেছিকৈ হৈ আহিল। আকৌ কথমপি তেওঁ ক'লে, "তাৰিণী, তাৰিণী, এবাৰ মই তোমাক বুকুত লোৱাৰ আশাত সকলো পাহৰিছিলোঁ। কিন্তু আকৌ কিয় জগাই তুলিছা?"
তাৰিণীয়ে এক মনে সেই কথাষাৰ শুনিয়ে থাকিল। নগেন্দ্ৰ বৰুৱাই ক'লে, "তুমি আহিছা! তুমি বিধৱা হৈয়ো কিয় এনে ৰূপৱতী, গুণৱতী! কিয় প্রত্যেক কথাই তুমি মোৰ তিৰোতাৰ স্মৃতি জগাই তোলা? নাই, তুমি আহিছা। মোৰ দুখত পমি গৈছা। আহা, আহা, তাৰিণী তুমি মোৰ বাকী জীৱনৰ লগৰী"
এই বুলি মাটিত জাঁপ মাৰি পৰিব ধৰোঁতে তাৰিণীয়ে কোনোমতে সাবটি ধৰি তেওঁক আকৌ শোৱাপাটীত ভালকৈ থলে। কিন্তু তাৰিণীৰ মনত বিজুলী স্পৰ্শৰ দৰে ভমক্ কৰি কিবা জ্বলি উঠি তাৰিণীৰ গোটেই শৰীৰ উচুপিচ কৰিব ধৰিলে। তাৰ পিছত তাৰিণীয়ে খণ্ডেকলৈ নগেন্দ্ৰ বৰুৱাক এক ধ্যানে চাই থাকিল। তেওঁৰ আজানুলম্বিত দেহ, সুন্দৰ ভ্ৰু-যুগল, মনোৰম চকু আৰু গুৱনি নাক দেখি তাৰিণীৰ গোটেই শৰীৰ মদনৰ পঞ্চশৰে বিন্ধিব ধৰিলে।
পুৱতী নিশা বৰুৱা সুস্থিৰ হৈ "অলপ পানী" বুলি চিঞৰিলে। তাৰিণীয়ে পানী দিলে।
দুদিন পিছত নগেন্দ্ৰ বৰুৱা অলপ সুস্থিৰ হ'ল। সন্নিপাত জ্বৰ কমি আহিছে। মূৰত পানী ঢলোতে ঢালোতে তেওঁৰ আগৰ স্মৃতি উদয় হৈছে। কথাষাৰ অলপ অলপ অর্থ থকা হৈছে। কথাবোৰ অলপ অলপ অর্থ থকা হৈছে। তেওঁ সিদিনা ভৰিৰ কাষত তাৰিণীক দেখা পাই চিনিব পাৰি
"তুমি ইয়াত ৰহি আছা?" "হয়, আপুনি ভাল পাইছে?"
"ভাল পাইছো, জ্বৰ বোধ কৰোঁ আৰু বেছি নাই।" আজি প্রায় দহু দিন আপোনাৰ চেতন নাছিল। "কি কৰিবা, মূৰৰ ভ্ৰম। মোৰ আৰু জীৱলৈ হেঁপাহ নাই।"
"তেনে কথা কিয় কয়?"
"তাৰিণী। মানুহৰ ইচ্ছা আৰু আনন্দৰ বস্তু নোহোৱা হ'লে কি আশালৈ জীয়াই থাকো? তাৰিণী তোমাক মই বৰ ভাল পাওঁ।"
তাৰিণীয়ে নামাতিলে। বৰুৱাই ক'লে, "কোৱা তাৰিণী তুমি মোৰ আশা পলুৱাবা?" "আপুনি আগেয়ে ভাল হওক।"
"মই ভাল হ'ম। তাৰিণী আৰু ভয় নাই, তুমি কেৱল আশা দিয়া।" "আপুনি ভ্ৰষ্টা বাল-বিধৱা তিৰোতাকে কেনেকৈ গ্ৰহণ কৰিব? সমাজে যে আপোনাক নেওচিব। লগে লগে আপোনাৰ ইমান দিনে যি সম্মান-গৌৰৱ আছে সকলো লয় হ'ব।"
নগেন্দ্ৰ বৰুৱাই নামাতিয়ে চাই ৰ'ল।
অলপ পিছত ক'লে, "তাৰিণী। তাৰিণী মই সকলো তোমাৰ কাৰণে জলাঞ্জলি দিম। তুমি মোক মোৰ বুলি এবাৰ কোৱা।"
তাৰিণীয়ে একো নামাতি চায়ে ৰ'ল। নগেন্দ্ৰই আকৌ ক'লে, "সমাজে মোৰ অন্তৰৰ তুই কি বুজিব? আৰু এটা কথা। যদি তুমি মাঝি হোৱা তেন্তে তোমাক লৈ মই অচিনাকি ঠাইত বাস কৰিমগৈ। কেৱে আমাক নিচিনিব। মোৰ মান-সম্ভ্ৰমৰ কথাও নাজানিব। আমি সুখেৰে দিন নিয়াব পাৰিম।"
তাৰিণীয়ে ক'লে, "আপুনি আপেয়ে ভাল হওক।"
নগেন্দ্ৰ বৰুৱাই অলপ বাৰু হৈ গভীৰ টোপনিত শুই আছে। কাষতে মংগলীয়ে বহি পাজী কাটি আছে। তাৰিণীয়ে খোৱা-লোৱাৰ যোগাৰ কৰিব ধৰিছে। গভীৰ টোপনিত নগেন্দ্ৰ বৰুৱাই কৈছে, "তাৰিণী, মই তোক বিয়া কৰাম, লোকে যি বোলে বোলক।"
এই কথাষাৰ মংগলী আৰু তাৰিণীৰ কাণত পৰিল। মংগলীয়ে সৰু ছোৱালীৰ চঞ্চলতাৰে ক'লে, "শুনা বাইদেউ, দেউতাই কি কৈছে।" তাৰিণী লাজতে কি ক'ব কি নক'ব ভাবি থমক খাই থাকোঁতে যদুনাথ আৰু কেইজনমান শিষ্য সেইখিনি পালেহি। যদুনাথে তাৰিণীক চায়ে ক'লে, "তাৰিণী : তুমি আৰু নগেন্দ্ৰ - " নাই, কথাষাৰ ফুটাই তুলিব নোৱাৰিলে -
যদুনাথে কৈ গ'ল, "এই আশ্রম পুণ্যস্থান, পাপ চঞ্চলতা বা ভোগৰ ঠাই নহয়। ইয়াত আছে- ত্যাগ আৰু আনন্দ আৰু ধৈৰ্য সহিষ্ণুতা।
তাৰিণীয়ে নামাতি শুনিয়েই থাকিল। তাৰিণীৰ ভাব হ'ল - কোনোবাই কিবা কথা তেওঁৰ গুৰুৰ আগত লগাইছে। অথবা গুৰুৱে নগেন্দ্ৰ বৰুৱাৰ বলকা অৱস্থাত কিবা কথা শুনিছে।
এনেতে নগেন্দ্ৰ বৰুৱাই সাৰ পালে। যদুনাথে সুধিলে, "বৰুৱা কেনে পাইছা?" "অলপ ভাল পাইছোঁ।"
"তাৰিণীৰ শুশ্রূষাত কোন ভাল নহৈ পাৰে।
এই কথাষাৰত সকলোৱে তলমূৰ হৈ ৰ'ল। কোনোৱে উত্তৰ নিদিলে যদুনাথে কিবা অলপ ভাবি থাকি হঠাৎ ক'লে, "বৰুৱা তুমি ভাল হৈ এইবাৰ এই আশ্ৰমৰ পৰা যাব লাগিব।"
"য'তে ইচ্ছা।"
নগেন্দ্ৰ বৰুৱাই কিয় বুলি নুসুধি যদুনাথৰ মুখলৈ চাই ৰৈ দেখিলে যেন যদুনাথৰ মুখত কিবা এটি বেয়া ভাব খেলিছে। খণ্ডেকলৈ গোটেইকেইজন নিস্তব্ধ হ'ল।
তাৰিণীয়ে তেতিয়াও তাত থিয় হৈ আছিল। নগেন্দ্র বৰুৱাই কিবা ভাবি থাকোতেই তেওঁৰ চকু তাৰিণীৰ চকুত পৰিল। নগেন্দ্ৰ বৰুৱাৰ ভাব যেন তাৰিণীয়ে তেওঁ সিদিনা বুকু উলিয়াই কোৱা কথা সকলো যদুনাথক কৈছে। নগেন্দ্ৰ বৰুৱাৰ তাৰিণীৰ ওপৰত ভয়ংকৰ খং-অভিমান হ'ল। কিন্তু হায়। সেই সময়ত নগেন্দ্ৰ বৰুৱাই ভালকৈ চালে বুজিলেহেঁতেন তাৰিণীৰ চকুত - দুধাৰ চকুলো আপোনা-আপুনি নিজৰি আহিব ধৰিছে। যদুনাথে নগেন্দ্ৰ বৰুৱালৈ চাই ক'লে, 'আনন্দ, শান্তি, ব্রহ্মচাৰ্যৰ ঠাইত - চঞ্চলতা, কাম বা ভোগৰ ঠাই নাই।"
নগেন্দ্ৰ বৰুৱাৰ এইবাৰ ভয়ংকৰ খং উঠিল। তেওঁ মনে মনে আজি কিছুমান দিনৰ পৰা যদুনাথৰ কথা বতৰাবোৰ বেয়া লাগিছিলেই কিন্তু তাৰ প্ৰত্যুত্তৰ ফুটাই ক'ব নোৱাৰিছিল। আজি এনে অৱস্থাতে বিশেষতঃ বেমাৰৰ দুৰ্বল অৱস্থাত তেওঁ উদ্ধত্য বা খং দমাই ৰাখিব নোৱাৰিলে। ততালিকে ক'লে, "নাথাকো তোমাৰ আশ্ৰমত। তুমি যি আশ্ৰম কৰিছা বুজিছোঁ।"
যদুনাথে নামাতি এজন শিষ্যক ক'লে, "আজি সকলোৱে ঈশ্বৰৰ নাম-প্ৰসংগ কৰি সকলোৱে লাঠি খেলা কাড়-ধনু খেলা খেলিব লাগিব। সকলোৱে নিজৰ নিজৰ কৰ্তব্য কৰি লক্ষ্য বিন্ধিবলৈ চেষ্টা কৰিব লাগিব। যেন বহু-দূৰৰে পৰা লক্ষ্যভেদ কৰিব পাৰি। আৰু বহি থাকি দুর্বল মন লৈ থাকিলে নহ'ব। দেখাব লাগিব হাজাৰ হাজাৰ কাড়-ধনুৱে বন্দুকৰ গুলিৰ আগত কেনেভাৱে কাম কৰে। গুপ্ত সৃষ্টিয়ে আমাৰ মূল পথ।"
"কাঁইটক কাঁইটেৰে উভালি পেলোৱা আমাৰ উদ্দেশ্য। অন্তকৰণ থাকিলে অন্তকৰণ দেখুৱাই সেও মনাব পাৰি। কিন্তু অন্তকৰণ নহ'লে সমানে সমানে ফেৰ পতাই কাৰ্য সিদ্ধি। তদুপৰি উদাৰতা, সৰলতাই, কূটীলতাপূর্ণ শত্ৰুক আৰু বহুতো সুবিধা দিয়ে। সেই কাৰণে আজি আকৌ চতুৰে চতুৰে আওৰঙজেৱৰ লগে লগে শিৱাজীৰ সৃষ্টি আৱশ্যক।"
"তেন্তে শান্তিৰ আৰু আশা নাই।"
"কিহৰ শান্তিৰ কথা কোৱা? সমুখত ৰণ ভেৰী
তুমি কোৱা শান্তি, সমৰ শেষ পর্বতে অন্ত। শান্তি পৰ্ব এতিয়া অতীত। বর্তমান দমন নীতিয়ে শ্রেষ্ঠ কীর্তি। দেখুৱাব লাগিব আমি সিহঁতৰ লগত সাতুঁৰিব পাৰো নে নোৱাৰো। দেখুৱাব লাগিব মৃত্যুক আমি হাঁহি হাঁহি আলিংগন কৰিব পাৰোঁ, কিন্তু অবাবত নহয়.....
"সৃষ্টি আৰু শত্ৰু হানি সেই মৃত্যুৰে স্মৰণীয়।" "আপোনাৰ শত্ৰু যেয়ে পাপলৈ ভয় নকৰে সেয়ে।
শত অস্ত্র-শস্ত্র দীনক অবাবত লাঞ্ছনা দুখ-কষ্ট দিয়ে। যেয়ে চোৰ-লম্পটৰ দৰে হাজাৰ হাজাৰ মানুহৰ অন্নজল কাঢ়ি নিব পাৰে, যেয়ে তিৰোতাৰ মান-মৰ্য্যদা কেৱল খেলাৰ বস্তু বুলি ভাবে, যেয়ে কৌটি কৌটি নৰ-নাৰীক দুর্বলা-নিৰ্বলা বুলি ভাবি, গৰু-ছাগলীতকৈ দুর্ব্যৱহাৰ কৰিব পাৰে, সেয়ে মানুহৰ শত্ৰু, মোৰ শত্রু। মানুহ হৈ মনুষ্যত্ব সমূলি যেয়ে জলাঞ্জলি দি গৰু ম'হতকৈও, বাঘ-শিয়ালতকৈও যেয়ে অন্যায় আচৰণ কৰিব পাৰে, সেয়ে মানুহৰ পৰম শত্রু। আৰু সেই শত্রুক জিনিবলৈ গুপ্ত সৃষ্টি - এইয়ে যে শ্রীকৃষ্ণৰ নীতি। গীতাৰ আদৰ্শ নিজৰ অন্যায়ৰ নিমিত্তে হাজাৰবাৰ সহিবা। কিন্তু যি অন্যায়ৰ দ্বাৰা হাজাৰ হাজাৰ লোকৰ অন্যায় হয় সেই অন্যায় ৰুধিবলৈ নিজৰ প্ৰাণো দিবা। সেই কাৰণে শ্রীকৃষ্ণ শিশুপালে তেওৰ নিজৰ অন্যায় কৰা নানা দোষ সহিও পিছত ধৰ্ম ৰাজ্য নষ্ট কৰিবলৈ উদ্যত হৈ ৰাজহুৱা যজ্ঞ ধ্বংস কৰিবলৈ ওলোৱাত সুদৰ্শন চক্ৰৰে দমন-নীতি প্ৰচাৰ কৰিছিল। লক্ষ লক্ষ ৰজাক জৰাসন্ধে বন্ধ কৰি থৈ অন্যায় পাপৰ জয়ধ্বজা জগতত দুন্দুভি শব্দে বজাব খোজাত শ্রীকৃষ্ণই কোনো শক্তি ক্ষয় নকৰি গুপ্ত সৃষ্টিৰে ভীমৰ দ্বাৰা জৰাসন্ধক বধি দমন-নীতি প্ৰচাৰেৰে জগতত শান্তি আৰু লক্ষ লক্ষ নির্দোষী ৰজাৰ মুক্তি আনিছিল।"
"সম-দম দুয়ো নীতিৰে আৱশ্যক। তুমি শক্তিশালী নহ'লে থকাতো কেৱল তোমাৰ কাপুরুষতা। তোমাৰ অন্যায় তুমি সহি থাকি ত্যাগৰ আচল আদর্শ দেখুওৱা। কিন্তু হাজাৰ হাজাৰ প্ৰাণীৰ অন্যায় হোৱাত কাপুৰুষৰ দৰে সহি থাকি দমন-নীতিৰ আশ্ৰৱ নল'লে, তোমাৰ বৰ্তব্য ক'ত? ব'লা আজিয়েই সকলোবোৰ পৰিত্যাগ
কৰা, কাঁইটেৰে কাঁইট উভালি গুপ্ত সৃষ্টি কৰোঁ" বুলিয়েই যদুনাথে ততালিকে খোজ ল'লে। মূহূর্ততে আন সকলোৱে পিছে পিছে গ'ল। নগেন্দ্ৰ বৰুৱাই যদুনাথৰ কথাত ঋগ্বেক সাহস পাই ভাবিৰ ধৰিলে তেওঁ উদ্দেশ্য কি? কিন্তু যিয়ে নহওক তেওঁ আৰু এনে কাপুৰুষভাৱে তেওঁৰ আশ্ৰমত এখণ্ডেকো থাকিবলৈ ইচ্ছা নকৰে। লাগে যদি মৃত্যুকে আলিংগন কৰিব। নগেন্দ্ৰ বৰুৱাই, সেই দুর্বল দেহেৰে উঠি বহিল। ওচৰত মংগলীয়ে সুধিলে"কি কৰে? পাৰিব?"
নগেন্দ্ৰ বৰুৱাই ক'লে, "নাই, নোৱাৰো, মংগলী। মই এতিয়া পৃথিৱী ভ্ৰমণ কৰিব পাৰোঁ। মই আৰু এই আশ্রমত খন্ডেকো নাথাকো" বুলিয়েই খোজ ললে। অকণমানি মংগলীয়ে তেওঁক ৰাখিব নোৱাৰি ততালিকে লৰি গৈ তাৰিণীৰ ওচৰত সকলো বাতৰি দিলে। তাৰিণীয়ে নগেন্দ্ৰ বৰুৱাৰ সকলো উদ্দেশ্য বুদ্ধি একো নকৈ কেৱল খোজ ল'লে। তেতিয়া সন্ধিয়া নগেন্দ্র বৰুৱা আশ্ৰমৰ দুৱাৰ-দলিত। এনেতে তাৰিণীয়ে মাত দিলে "শুনক।"
নগেন্দ্ৰ বৰুৱাই উভতি তাৰিণীক দেখি ভয়ংকৰ খং উপজিল। নগেন্দ্র বৰুৱাই ভাবিলে এই তাৰিণীয়ে তেওঁৰ সকলো অন্তৰৰ কথা ভাঙি তেওঁক সকলো মান-মর্যাদা ৰসাতললৈ নিছে। তেওঁ ভাবিছে তেওঁৰ প্রধান দোষ কেৱল তাইক অন্তৰেৰে ভালপোৱতো তাৰ দোষ ভাল পোৱাৰ মোহত তাইৰ মন নুবুজি তাইক সৰলভাৱে সকলো কথা ভাঙি কৈ তাইৰ নীচ মনক লাই দিয়াটো।
নগেন্দ্ৰ বৰুৱাই তাৰিণীৰ নীচ মনৰ কথা ভাবি তাইৰ মুখ দর্শনো পাপ বুলি ভাবি আকৌ উভতি খোজ ল'লে।
তাৰিণীয়ে আকৌ মাতিলে শুনক। কেৱল এয়াৰ কথা নগেন্দ্ৰ বৰুৱাই অনিচ্ছাসত্ত্বেও আকৌ এই সংকীর্ণ-মনা নীচ তিৰোতা জনীয়ে তাৰ আৰু কি সৃষ্টি কৰিব আহিছে, শুনি যায় বুলি ধমক খাই ৰ'ল। সৰলা তাৰিণীয়ে ততালিকে তেওঁৰ অতত ধৰি ক'লে, "আপুনি বলৈকে যায় মোকো তালৈ নিয়ক।"
| pdf |
7720c6c2474a2c9f9dc5e481d61c995f1e35dcde | ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা পাকিস্তানী জেট বিমানক গুলীয়াই ভূপতিত কৰিছিল ভাৰতীয় বায়ুসেনা বিষয়া অভিনন্দন বৰ্তমানে। তাৰ পিছত শত্রুপক্ষৰ বিমানৰ পিচা কৰি প্ৰৱেশ কৰিছিল প্রতিবেশী দেশখনৰ সীমাৰ ভিতৰত। তাতেই তেওঁৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাকিস্তানী সেনাৰ হাতত আটক হৈছিল তেওঁ। সেই অভিনন্দন বর্তমানকে দিয়া হৈছে পদোন্নতি। উইং কমাণ্ডাৰ অভিনন্দনক গ্রুপ কেপ্টেইনলৈ পদোন্নতি দিয়া হৈছে।
তেওঁৰ পদোন্নতিত অনুমোদন জনাইছে কেন্দ্রই। অৱশ্যে নতুন পদ খালী হ'লেহে তেওঁক চৰকাৰীভাবে উক্ত পদত অধিষ্ঠিত কৰোৱা হ'ব। কিন্তু নিজৰ পোছাকত উক্ত ৰেঙ্ক লগাব পাৰিব।
উল্লেখ্য, ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীত সীমান্ত পাৰ হৈ পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি জইশ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতীয় বায়ুসেনাই। প্ৰতিশোধ ল'বলৈ সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডৰ ওপৰত টহল দি থাকে পাক বায়ুসেনাৰ বিমান।
ফলত দুই দেশৰ মাজত পৰিস্থিতি ক্রমে উত্তপ্ত হৈ উঠে। ২৭ ফেব্রুৱাৰীত পাক সেনাৰ এখন এফ-১৬ বিমান পিচা কৰি সীমান্তৰ সিপাৰলৈ খেদি পঠিয়ায় অভিনন্দনে। পিছত গুলী কৰি সেইখন ভূপতিত কৰে উইং কমাণ্ডাৰ অভিনন্দনে। তেতিয়াই পাক ভূখণ্ডত দুৰ্ঘটনাগ্ৰস্ত হয় তেওঁৰ মিগ-২১ বিমান। আটক হ তেওঁ।
দীর্ঘ কূটনৈতিক আলোচনাৰ পিছত ১ মার্চত অভিনন্দনক মুক্তি দিয়ে পাকিস্তানে। সেই বছৰতেই ভাৰতৰ তৃতীয় সর্বোচ্চ বীৰত্ব সন্মান বীৰচক্র দিয়া হয় অভিনন্দনক। | web |
02af655064a64dca93391fe77b8a9ee06d502d27 | কোভিড মহামাৰীয়ে গোটেই বিশ্বৰে জীৱন শৈলীত ব্যাপক প্ৰভাৱ পেলাইছে। আনকি এতিয়াও কৰ'নাৰ অৱসান কেতিয়া গটিব সেয়া কোৱাটো কঠিন হৈ পৰিছে। এই মুহূৰ্তত কৰ'নাৰ সংহাৰে সমগ্ৰ বিশ্বকে আতংকিত কৰি ৰাখিছে।
কৰ'নাক নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ উপায় উদ্ভাৱণৰ বাবে ব্যস্ত হৈ পৰিছে বিশ্বৰ সমস্ত বিজ্ঞানী মহল।
ইয়াৰ মাজতে ভৱিষ্যতে আৰু যদি কোনো এনে মহামাৰী আহে, তাক ৰুধিবলৈ এখন কোভিড প্ৰুফ চহৰ গঢ়ি তুলিব চীনে।
অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। কৰ'নাৰ উৎপত্তি স্থল চীনতেই নিৰ্মাণ হ'বলৈ আগবাঢ়িছে এই কোভিড প্ৰুফ চহৰ।
ভৱিষ্যতে মহামাৰী দেখা দিলে ইয়াক ৰোধ কৰিবলৈ তথা লকডাউনৰ বিধি সঠিকভাৱে মানি চলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে।
বাতৰি অনুসৰি, মহামাৰীৰ সংহাৰজনক পৰিস্থিতিত সাধাৰণ নাগৰিকৰ জীৱন সুৰক্ষিত কৰাৰ বাবে নতুন ডিজাইনৰ এখন সম্পূৰ্ণ 'কোভিড-প্ৰুফ' স্মাৰ্ট চিটি নিৰ্মাণ কৰি তোলা হ'ব। ইয়াক গঢ়ি তোলা হ'ব দেশখনৰ জিয়ানগান নিউ অঞ্চলত।
বাতৰিত কোৱা হৈছে যে লণ্ডন চহৰৰ দৰে গঢ়ি তোলা হ'ব বেইজিঙৰ এই স্মাৰ্ট চিটিখন। ইয়াত সকলো উচ্চ প্ৰযুক্তিৰ সুবিধা থাকিব।
বৃহৎ বেলকনিসমূহক বিভক্ত কৰি বনোৱা থ্ৰি-ডি প্ৰিন্টাৰ আৰু গ্ৰীণ হাউছসমূহে ভৱিষ্যতে লকডাউনৰ সময়ত আৱাসীসকলক অধিক আৰামদায়ক পৰিৱেশ আগবঢ়াব।
ইয়াৰ প্ৰধান ৰূপকাৰগৰাকীৰ মতে হুবেই প্ৰদেশৰ এই কমপ্লেক্সটোত কাঠৰ এপাৰ্টমেন্ট ব্লক, ছাদৰ পথাৰ তথা ৰিন্যুৱেবল এনাৰ্জী থাকিব। প্ৰতিটো ব্লকতে আৱাসীসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত ঠাই থাকিব।
বাৰ্ছিলোনাৰ গুয়ালাৰ্ট আকিটেক্টে যোৱা মাহত জিয়ানগান চহৰৰ এই কোভিড-প্ৰুফ বিল্ডিঙৰ নক্সা প্ৰস্তুত কৰা প্ৰতিযোগিতাত বিজয়ী হৈছে। ইয়াত ৰাষ্ট্ৰপতি জিনপিঙক পৰৱৰ্তী যুগৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে তুলি ধৰা হৈছে।
বাতৰি অনুসৰি, চীনৰ প্ৰস্তাৱিত এই নতুন কোভিড-প্ৰুফ চহৰত নাগৰিকসকলৰ বাবে সকলোধৰণৰ সুবিধা থাকিব। | web |
6062c13c28520ac00ef9cd1fa6e9f7137d7ffb07 | কুঁজ ওলোৱা ৰুক্ষ হাঁহিটোৱে হাউলি খোজ কাঢ়িছে।
শেষ মানে সেই হাঁহিটোৱেই যদিও নাজানো।
বিশেষ একো প্ৰতিক্ৰিয়া নেদেখোঁ।
(অৱশ্যে এইবোৰ মোৰ ধাৰণাৰ বাহিৰত)
আকাশত আঁকি দিয়া,
জীয়াই থকা এটা এটা মৃতদেহ।
শেষৰ পিঠিত শেষৰ এটা গধুৰ বোজা।
শেষৰ বুকুত পূৰণৰ বৰ নেওতা।
এখন নুমাই যোৱা সংবিধান থাকে,
জ্বলালেও নজলা সংবিধান।
এক বিশেষ ৰবটিক কায়দাত চলি থাকে।
আৰু চলি থাকে মই নিজৰ বুলি ভাবি থকা ভৰি দুখন,
চকু দুটা, বিশেষভাবে মনটো।
'মই' বুলি মোৰ একো নাই!
পানী বৈ থকা কেঁচা খৰি।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত 'নীলা চৰাই'ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত 'নীলা চৰাই'ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰকঃ
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব। | web |
f9b2ef978c4362bb6f137c5dd0733bb6 | কবিতা আৰু শিশু মনস্তত্ত্ব -(অনুপমা বৰগোহাঁই) - সাহিত্য ডট অৰ্গ\nৰাজধানী দিল্লীৰ এখন বিদ্যালয় :\n - শিক্ষয়িত্ৰী ৰূপমে কাল্পনিক বিলাহী এটা হাতত লৈ "বিলাহী" পাচলিটো যে কিমান ভাল আৰু ইয়াক খালে যে হাতীৰ সমান বল হয় তাক নাৰ্চাৰী ক্লাচৰ কণমানি শিশুকেইকেইটাক বুজাই আছে, কবিতা এটাৰ জৰিয়তে। কণমানি ৰোহনে সেয়ে ককায়েকক 'যুজঁত' হৰুৱাবলৈ আৰু হাতীৰ সমান বল পাবলৈ মাকক সদায় বিলাহীৰ চাটনি দিবলৈ জেদ কৰে!!\n"ৰেড লাইট ৰেড লাইট\nহোৱাট ডু য়ু চে\nআই চে ষ্টপ..."\n - গীতাঞ্জলীয়ে সেয়া কে.জি. ক্লাচৰ কণমানিকেইটাক ট্ৰেফিক চিগনেলৰ ৰং কেইটাৰ অৰ্থ বুজাই আছে, কবিতাৰ ছন্দত!! গাড়ীত উঠি স্কুললৈ অহা চাৰিবছৰীয়া কণমানি শোভমে ট্ৰেফিক চিগনেলৰ ৰঙা লাইটক অমান্য কৰি গাড়ী চলোৱা দেউতাকৰ বিষয়ে শিক্ষয়িত্ৰীৰ ওচৰত গোচৰ দিয়েহি।\nএইবাৰ আহোঁ অসমৰ এখন বিদ্যালয়লৈঃ\n"ঘড়ীটোৱে কয় শুনা টিক টিক টিক\nসময় গৈছে উৰি ঠিক ঠিক ঠিক।"\n - প্ৰথম শ্ৰেণীৰ তৰু বাইদেৱে দেৱালত থকা ঘড়ীটোলৈ দেখুৱাই কণমানিকেইটাৰ লগত গাই আছে।\n"পুৱাৰ নিয়ৰে কয় টুপ টুপ টুপ\nনজগাবা ভাইটিক চুপ চুপ চুপ !!"\nআৰু কত যে ধুনীয়া ধুনীয়া কবিতা!\nপৃথিৱীৰ অলেখ গুণী-জ্ঞানী, মহৎ কবি আৰু সমালোচকে কবিতাৰ নানা সংজ্ঞা নিজৰ ভাষাত প্ৰকাশ কৰিছে। তাৰ ভিতৰত কলেৰিজে দিয়া কবিতাৰ সংজ্ঞাটোৱেই সম্ভৱতঃ অতি সৰল আৰু বোধগম্য। কলেৰিজৰ মতে, "বাচকবনীয়া শব্দৰ সুন্দৰ বিন্যাসেই হৈছে কবিতা" (Best words in the best order: Coleridge)। শব্দ হ'ল কল্পনা আৰু অৰ্থ-ব্যঞ্জনাৰ বাহন। শব্দৰ ওপৰত কবিয়ে কল্পনা আৰু বাস্তৱৰ ৰহন সানি শব্দক ৰসাল আৰু ৰূপোৱালি কৰি ছন্দোময় ৰূপ দিলেই কবিতাৰ সৃষ্টি হয় আৰু এনে কবিতাই বিশেষ-নিৰ্বিশেষৰ, বাস্তৱ-অবাস্তৱৰ, ইন্দ্ৰীয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়াতীতৰ, বিশ্বাস আৰু অবিশ্বাসৰ, ক্ষণিক আৰু চিৰন্তনৰ, বাস্তৱ আৰু আদৰ্শৰ ভাব বা বস্তুসত্ত্বাক চাক্ষুক কৰি, ৰূপৰ সহায়ত পাঠকৰ চিত্তত আলোড়ন তোলে।\nপৃথিৱীৰ সকলো দেশতে শিশুৰ চৰিত্ৰ সাৰ্বজনীনঃ অবোধ মনৰ অপৈণত ভাব, কল্পনা, অপাৰ কৌতুহ'ল, আনন্দময় চঞ্চলতা, ঠেঁহ-ৰোহ, উলাহ প্ৰকাশ ইত্যাদি সৰ্বত্ৰ একে। শিশু মানৱ সমাজৰ অমূল্য সম্পদ। সেইদৰে শিশুৰ বাবে ৰচা গদ্য, পদ্য বা কবিতাও সাহিত্যৰ অমূল্য সম্পদ। শিশুৰ বাবে সৃষ্ট বুলি সেই সাহিত্যক পেলাই থলে বা গুৰুত্ব নিদিলে সমাজৰ অপূৰণীয় ক্ষতি হ'ব। শিশুৰ মন ডাঙৰ মানুহৰ মনৰ এক অপৈণত অৱস্থা হ'লেও স্বভাৱসূলভ কিছুমান লক্ষণে শিশুমনক এক স্বকীয় ৰূপে প্ৰকাশ কৰে। শিশুৰ মনোবিকাশৰ দুটা দিশ আছেঃ শিশুৱে জন্মতে লৈ অহা প্ৰতিভা আৰু পৰিবেশৰ প্ৰভাৱ। পৰিবেশৰ প্ৰভাৱে জন্মগত দিশটোও কৰ্ষিত কৰে। পৰিবেশৰ প্ৰভাৱত শিশুৱে কিছুমান নতুন গুণো আৰ্জন কৰি ফুলৰ দৰে ফুলি উঠে আৰু প্ৰকৃত পৰিবেশৰ অভাৱ হলে জন্মগত প্ৰতিভাও মৰহি যাব পাৰে! নিচেই সৰু বয়সটো শিশুৰ অনুভৱৰ বয়স। সেই বয়সত শিশুৱে কল্পনা কৰিব নোৱাৰে, ভাবিব নোৱাৰে; কিন্তু অনুভৱ কৰিব পাৰে। শব্দ, স্পৰ্শ , ৰং আৰু সোৱাদ আদিৰ অনুভৱে একো সময়ত তাক তৃপ্তি আৰু একো সময়ত তাক কষ্ট দিয়ে। সুৰৰ লয় আৰু শব্দৰ ধ্বনিৰ নিচুকনি গীতে তাৰ আবেগিক উৎকণ্ঠা নিৰাময় কৰে। পৃথিৱীৰ প্ৰায় সকলো দেশতে সহজ-সৰলভাবে ৰচনা কৰা নিচুকনি গীত আছে। কিছু ডাঙৰ হৈ শিশুৱে কল্পনা কৰিবলৈ, ভাবিবলৈ শিকে। সেই সময়ত ছন্দোময় কবিতাৰ যোগেদি তাক বৰ্ণ শিকোৱা হয়। কল্পনাৰ ঘোঁৰা দৌৰাই জোনবাইৰ দেশলৈ লৈ যোৱা হয়। সজ উপদেশ দিয়া হয়। নিজতকৈ সৰু ভায়েক-ভনীয়েকক যত্ন ল'বলৈ শিকোৱা হয়। উদাহৰণস্বৰূপে, মিত্ৰদেৱ মহন্তৰ "শুলে ভনী শুলে" এই কবিতাটোৱে শিশু, প্ৰাপ্তবয়স্ক সকলোৰে মনত অকণমানি ফুলকলি যেন কেঁচুৱা এটিৰ আৰু তাইক ল'ব লগা যত্ন আদিৰ ছবি দৃশ্যমান কৰি তোলে।\n"আমাৰ ভনী শুলে শুলে\nজগত নিজান জান\nৰুণ নিদিবি বাহৰ পাৰৈ\nমৌ নেগাবি গান"\n - কি সুন্দৰ কবিতা!! তিনি-চাৰি বছৰৰ পৰা ন-দহ বছৰলৈকে শিশুৰ "কল্পনাৰ বয়স"। কল্পনাত চিন্তাৰ যুক্তিযুক্ততা নাথাকে। ডাঙৰৰ কল্পনাতকৈ শিশুৰ কল্পনা বেলেগ। ডাঙৰ মানুহে কল্পনাক নিয়ন্ত্ৰণ কৰিব পাৰে কিন্তু শিশুৱে নোৱাৰে। শিশুৰ কল্পনা ওলট-পালট সপোনৰ দৰে। শিশুৱে বাস্তৱৰ অভিজ্ঞতাক কল্পনাৰ ৰহন সানি ওলট-পালট কৰি ভাল পায়। নীলপৰী, জলকুঁৱৰী, পক্ষীৰাজ ঘোঁৰা, ৰাৱণৰ এশখন মুখ, দুৰ্গাদেৱীৰ দহখন হাত, গণেশৰ দৈহিক অৱয়ব, উৰণীয়া মানুহ, কথা ক'ব পৰা চৰাই ,জন্তু ইত্যাদি শিশুৰ কল্পনাপ্ৰৱণ মনে বৰ পচন্দ কৰে। আকাশৰ জোন-বেলি-তৰা, নৈৰ পাৰৰ বালি, সাগৰৰ নীলিম জলৰাশি সকলোতে লাগে তাৰ অবাধ বিচৰণৰ সুবিধা। শিশু সাহিত্যিকে নিজকে শিশুৰ মনৰ স্তৰলৈ নমাই তাৰ কল্পনাৰ লগত নিজৰ কল্পনা মিলাই ৰচনা কৰে অনুপম কবিতা।\n"বলাছোঁ ওলাই আই\nদিম মই দেখুৱাই।\nসেইদিনা মাকে মলয়ৰ সতে\nচালে উৰণীয়া তৰা\nহেজাৰ বিজাৰ জোনাকী পৰুৱা\nপোহৰে বননি ভৰা।"\n(উৰণীয়া তৰাঃ নৱকান্ত বৰুৱা)\n - শিশু মলয়ৰ দৃষ্টিৰে কবিয়ে আকাশত চকু টিপিয়াই থকা তৰা আৰু বননিত শুই থকা হেজাৰ বিজাৰ জোনাকী পৰুৱাৰ সাদৃশ্য দেখিছে। শিশু আৰু কবিৰ অপৰূপ কল্পনাৰ ওলট-পালট চিত্ৰ এখন কবিতাৰ জৰিয়তে দেখুওৱা হৈছে। পশু-পক্ষী জগতৰ প্ৰতিও শিশুৰ স্বাভাৱিক আকৰ্ষণ আছে। শিশুৰ মনৰ এই কোমল অনুভুতিবোৰ কবিতাৰ জৰিয়তে সুস্থ আৰু সবলভাৱে গঢ়ি তুলিব পাৰি।\n"হলৌ উঠিল টকৌ গছত\nলগাই খদৌ মদৌ\nজৌ জৌ কৈ সৰিল নিয়ৰ\nহ'ল জলৌ জপৌ"\nলাই পুলি লৰাই ৰুলোঁ\nৰুলোঁ লৰাই লফা।\nটাঘোৰ ঘূৰাই মাতা।"\nশুৱনি আমাৰ গাঁওখন অতি\nডাল ভৰি ভৰি ফল-ফুল লাগে\nকত পাওঁ তলসৰা।\nএনেবোৰ "ছন্দোময় সুন্দৰ শব্দৰ বিন্যাসৰ চিত্ৰ" বা কবিতাই শিশুৰ মনৰ জগতত আনন্দৰ সৃষ্টি কৰাই নহয়, শিশুৰ ভিতৰত থকা সৃজনশীলতাক প্ৰস্ফুটিত আৰু বিকশিত হ'বলৈ সাৰ পানী দিয়ে! দুখৰ কথা এয়াই যে আমাৰ অসমীয়া ভাষাত শিশুৰ উপযোগী সাহিত্যৰ, বিশেষকৈ কবিতাৰ সংখ্যা নিচেই নগণ্য।\n"ৰাতি পুৱা হ'ল উঠা সোণ ফেৰি",\n"আহে মোৰ প্ৰিয় ল'ৰা উপদেশ ধৰা,\nকায়-মনোবাক্যে তুমি বিদ্যা-শিক্ষা কৰা"।\n - এনেবোৰ ছন্দোবদ্ধ পোনপটীয়া উপদেশবোৰ উপকাৰী যদিও শিশুৰ মনত দোলা দিব পৰা কবিতা নহয়। উপদেশধৰ্মী শব্দবোৰতো এটা ৰসৰ প্ৰলেপ দিলেহে শিশুৱে গ্ৰহণ কৰিব পাৰে। সম্ভবতঃ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই পোনপটীয়াকৈ নীতি-শিক্ষা দিয়া সহজ-সৰল পদ্য ৰীতিৰ পৰিবৰ্তন সাধি শিশুৰ মনস্তত্ত্বসন্মত পদ্য ৰচনাৰ আৰ্হি দাঙি ধৰে। জ্যোতিপ্ৰসাদৰ পাছত ৰংঘৰ নামৰ শিশু আলোচনীখনত প্ৰেমধৰ দত্ত, অনন্ত দেৱ শৰ্মা আদিয়ে এই ধাৰাত শিশু কবিতা লিখিছিল। বৰ্তমান সময়ত আন দিশলৈ মন নকৰি একমাত্ৰ গগন চন্দ্ৰ অধিকাৰীয়েহে বোধকৰোঁ একানপটীয়াকৈ শিশু কবিতা ৰচনাত নিজকে প্ৰবৃত্ত কৰিছে। লিমাৰিক বোলা লঘু পদ্যবিধো আমাৰ ভাষাত এতিয়াও চালুকীয়া অৱস্থাত আছে। বেবেৰিবাং বা ননচেন্স পদ্যৰ ক্ষেত্ৰত নবকান্ত বৰুৱাৰ পাছত সাৰ্থক কবি নাই। উঠি অহা শিশু কবি-সাহিত্যিকসকলে এইসকল কবিৰ কবিতাক আৰ্হি হিচাপে লৈ অধিক শিশু কবিতা সৃষ্টি কৰি বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিলে, গ্ৰন্থ ৰূপত প্ৰকাশ কৰিলে বা শিশুকবিতাৰ কৰ্মশালা আয়োজন কৰি চৰ্চা কৰিলে আমাৰ শিশুসকলৰ কল্পনা আৰু বাস্তৱৰ ওলট-পালট পৃথিৱীখন আৰু সুন্দৰ হৈ উঠিব!! এনে সুন্দৰ মনৰ শিশুৱে ডাঙৰ হৈ পৃথিৱীখন সুন্দৰ কৰাত অধিক বৰঙণি যোগাব।\n← অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ -(অঞ্জনা তামুলী)\nবিষয়-কবিতা; কিছু ব্যক্তিগত অনুভৱ - (নিবেদিতা হাজৰিকা) →\naaji aapunar likhoni bur porhiboloi pai hosakoi bohut val lagil,.,
| web |
c9031490080b51f4ef2cd307a9c495f358c84dd7 | 1 হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ* যা. 13:21 তলত আছিল, আৰু সকলোৱেই সাগৰৰ† যা. 14:22 মাজেদি পাৰ হৈছিল। 2 মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ'ল। 3 তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ‡ যা. 16:15, 35 ভোজন কৰিছিল, 4 সকলোৱেই একে আত্মিক জল§ যা. 17:6 পান কৰিছিল। কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট।
5 তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ'ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ'ল।
11 তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে। 12 এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক। 13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
18 ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক। চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে? 19 তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
20 তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। 21 আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ'ব নোৱাৰে। 22 নতুবা, আমি প্ৰভুৰ ঈৰ্ষা* দ্বি. বি. 6:15; 32:21 জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
23 সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে। 24 প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক। 25 যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি† নুসুধি-নুপুচি বিচাৰ নকৰাকৈ সেইবোৰ ভোজন কৰিব; 26 কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। 27 খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি‡ নুসুধি-নুপুচি বিচাৰ নকৰাকৈ, যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।
28 কিন্তু কোনোৱে যদি আপোনালোকক, "এয়ে বলি দিয়া আহাৰ হয় বুলি কয়", তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব। 29 দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়? 30 মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
| web |
9899aeff977a95b2593ffb27c76fcd1c73f05d82 | শেহতীয়াকৈ এটা বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ'টোত এটা সিংহই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ'টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।
আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত "SabiSabiReserve" নামৰ ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ'পালোঁ। এই ভিডিঅ'টো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই।
ভিডিঅ'টোত থকা বৰ্ণনা অনুসৰি দক্ষিণ আফ্ৰিকাৰ ছাবি ছাবি ৰাষ্ট্ৰীয় উদ্যানত মেট টেম্পাৰলে (Matt Temperley) নামৰ ব্যক্তি এজনে এই ভিডিঅ'টো ৰেকৰ্ড কৰিছিল। ভিডিঅ'টোত দেখা সিংহটো হৈছে N'waswishaka মতা সিংহ। দক্ষিণ আফ্ৰিকাত অৱস্থিত এটা ব্যক্তিগত গেম ৰিজাৰ্ভ হৈছে ছাবি ছাবি ৰিজাৰ্ভ। য'ত পৰ্যটকে ছাফাৰী বাহনেৰে বন্যপ্ৰাণী চোৱাৰ ব্যৱস্থা আছে।
আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো অসমৰ কৰিমগঞ্জ জিলাৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰ ছাবি ছাবি ৰাষ্ট্ৰীয় উদ্যানৰহে আৰু লগতে ভিডিঅ'টো পুৰণিও।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ' প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰেঃ | web |
cee81665b027ca188b516846087e3f3c56a7de5b | (Benign prostatic hyperplasia or enlargement, BPH/BPE)
প্ৰাত্যহিক জীৱনত ৪০-৫০ বয়সোর্ধ্ব পুৰুষসকলে সঘনাই সন্মুখীন হোৱা এটা সমস্যাই হৈছে BPH। প্ৰায় ৯০ শতাংশ পুৰুষৰ ক্ষেত্ৰতে এই ৰোগবিধ হোৱা দেখা যায়। প্ৰষ্টেট গ্ৰন্থিটো এটা আখৰোট (walnut) আকাৰৰ গ্ৰন্থি, যিটো মূত্ৰথলীৰ ঠিক তলত পুৰুষৰ লিংগ(Urethra)ৰ গুৰিত মূত্রৰ বহিঃনিৰ্গমন পথৰ দুয়োকাষে অৱস্হিত। এই গ্ৰন্থিটোৱে এবিধ ৰস ক্ষৰণ কৰে যাক Semen বুলি কোৱা হয়, যিয়ে শুক্ৰাণুসমূহৰ পৰিবহণ আৰু গৰ্ভধাৰণত সহায় কৰে। বয়সৰ লগে লগে এই গ্ৰন্থিটো বিভিন্ন কাৰণত আকাৰত ডাঙৰ হয় যাৰ ফলত মূত্ৰবাহী নলীৰ দুয়োকাষে যথেষ্ট চাপৰ সৃষ্টি হয় আৰু প্ৰস্ৰাৱ নিৰ্গমনত যথেষ্ট অসুবিধা হয়। সাধাৰণতে অতিস্থূলতা, হৃদৰোগ, ডায়েবেটিচ ৰোগত আক্ৰান্ত ব্যক্তিৰ লগতে যিসকলে শাৰীৰিক শ্ৰম নকৰে, তেওঁলোকৰ ক্ষেত্রত অথবা বংশগত কাৰণত এই গ্ৰন্থিটোৰ সতকাই বৃদ্ধি হোৱা দেখা যায়।
১) প্ৰস্ৰাৱৰ বেগ ৰাখিব নোৱৰা (Urgency)
২) সঘনাই পেচাপ লগা (Frequency)
৩) পেচাব কৰাৰ সময়ত বল দিব লগা, টোপ টোপকৈ হোৱা (Hesitancy)
বহুসময়ত ৰোগাক্ৰান্ত ব্যক্তিয়ে এই লক্ষণবোৰক স্বাভাৱিক বুলি জ্ঞান কৰি চিকিত্সকৰ কাষ নাচাপে যাৰ ফলত এই ৰোগবিধৰ চিকিত্সা সময়মতে নকৰিলে পেচাপ সম্পূৰ্ণৰূপে বন্ধ হোৱা দেখা যায়। ইয়াৰ লগতে কিডনীৰ ঊর্ধ্বক্ৰমীয় বীজাণু সংক্ৰমণ (Ascending urinary tract infection), পেচাপত ৰক্ত অহা (Himaturia), কিডনী ফুলি যোৱা (hydronephrosis) আদি সমস্যাই দেখা দিয়ে। তদুপৰি সময়ৰ লগে যৌন ক্ষমতাও হ্ৰাস পায়।
#পৰীক্ষা (Investigations)
১) তলপেটৰ আল্ট্ৰাছ'ন'গ্ৰাফী (USG lower abdomen, KUB)
২) PSA (Prostate specific antigen)
প্ৰাথমিক চিকিত্সা হিচাপে ৰোগীক সকাহ দিয়াৰ বাবে প্ৰস্ৰাৱ পথেৰে Catheter লগাই দিয়া হয় যাতে ৰোগীয়ে পেচাপ কৰোতে বিষ অনুভৱ নকৰে। বহু সময়ত প্ৰ'ষ্টেট গ্ৰন্থিটোৰ বৃদ্ধিৰ বাবে মুত্রথলীৰ বহিঃনিৰ্গমন পথটো সম্পূৰ্ণ বন্ধ হৈ যায়, যাৰ ফলত Catheter দিব পৰা নাযায়। এনে অৱস্হাত ৰোগীৰ তলপেটত বিন্ধা (Supra pubic puncture) কৰি প্ৰস্ৰাৱ কৰোৱা হয়। তদুপৰি আধুনিক চিকিত্সা-পদ্ধতিত Dutasteride, Tumsulosin, Flavoxate জাতীয় ঔষধৰ লগতে পেচাপৰ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি উপযুক্ত Antibiotics আৰু Alkalizer দিয়া হয়। ঔষধৰদ্বাৰা সুফল নাপালে অস্ত্রোপচাৰ (TURP) কৰা হয়।
আয়ুৰ্বেদিক চিকিত্সা-পদ্ধতিত ব্যৱহৃত নিম্নলিখিত ঔষধিসমূহ অত্যন্ত উপযোগী - Kanchanar guggulu, Raudra Ras, Vrihat bangeswar ras, Triphala guggulu, Chandraprabha Vati, wellprost capsule, Renalka syp, Himplasia Tablet, Neeri syp, Green punarnava syp ইত্যাদি (উল্লিখিত ঔষধসমূহ চিকিত্সকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব) *ডাঃ মেদিনী বৰ্মন, MO(Ayu) | web |
58728154e5c86d83edcbcc4017f9fc0828596c55 | মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ।
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। বাটে-পথে ফুৰোতে সতর্ক হওক। বিদ্যাত মধ্যম।
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ'ব। সৰুসুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। আর্থিক প্রাপ্তিৰ আশা।
কর্কট : পূৰ্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত। শৰীৰো ভালে যোৱাৰ কাৰক। অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম।
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল, দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব।
কন্যা ঃ কর্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ'ব। শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ'ব। ভ্রমণাদিত মধ্যম।
তুলা : কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ'লে ভয় কম বিদ্যাত যত্নৰ ফ লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ । দাম্পত্যত ভালেই।
বৃশ্চিক ঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ'ব পাৰে। হ'বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ। মুঠতে কিছু অসুবিধাৰ কাৰক। পূৰ্বৰ্ষাঢ়াৰ জাতক জাতিকাই সাৱদান থাকিলে ভাল।
ধনু : উন্নত দিনৰ অনুমান। যোগাযোগৰ খুব বেয়া নহ'ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকুলো নহ'ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম।
মকৰ : ভঙা পতা কৰি ভাল পাব পুৰিণ পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণত সষ্টম হওক। কিন্তু কোনোৰ প্রিয় বন্ধু-বান্ধৱীৰ সগত সুখ লাভ ।
কুম্ভ : ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ'লেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনোযোগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে, লোহ, লক ইস্পাত, কাঠ, কয়সা ৰসায়নত লাভ।
মীন : আর্থিক যোগাযোগত কিছউদ্দিন উপকৃত তথা খৰচ । মতান্তৰ হ'ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰুসুৰা সংবাদকে গুৰুতৰ বুলি নল'ব। ভ্ৰমণত সাৱধান। নতুন সম্পদ ক্রয়। | web |
bf04a71ed1fff15c3669958a82f01bd5eb69d8ec | বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়।
আজিৰ এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ, ডি এফ অ' ৰোহিনী বল্লভ শইকীয়া, অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা কুশল শৰ্মা, অসম বাঁহ অভিযান প্ৰকল্পৰ উপ সঞ্চালক ডিম্পী বৰা, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সত্যপ্ৰিয়া শিৱ কুমাৰ উপৰিও স্থানীয় গাওঁবুঢ়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে।
সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে হাতত ৰং লৈ হাতীৰ চিত্ৰত ৰং সানি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আদৰণী ভাষণ দিয়ে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মনে।
অনুষ্ঠানটো পৰিচালনা কৰে গুৱাহাটীৰ ফাইন আৰ্ট চ'চাইটিৰ সম্পাদক জ্যোতি প্ৰসাদ দাস আৰু চিত্ৰ শিল্পী মাধুৰ্য্য ভাগৱতীয়ে। | web |
dff33fb261ad94f598d9f319ad673dda82d7f214 | বিশ্ব বজাৰত এক অনন্য অভিলেখ স্থাপন কৰিলে অসমৰ চাহে (Assam's Tea)। চাহৰ নিলাম (Tea auction) বজাৰত ৰেকৰ্ড (Record) মূল্যত বিক্ৰী (Sales) হ'ল অসমৰ চাহ। চাহ বিক্রীত সৰ্বকালৰ এই অভিলেখ স্থাপন ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ। মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ'ল্ড চাহ বিক্ৰী হৈছে প্ৰতিকেজিত ১ লাখ ১৫ হাজাৰ টকা মূল্যত।
কলকাতা চাহ নিলাম কেন্দ্ৰত এই চাহ ৰেকৰ্ড মূল্যত বিক্ৰী হয়। উক্ত মূল্যত মনোহাৰী গ'ল্ড চাহ ক্ৰয় কৰে হায়দৰাবাদৰ নিলোফাৰ কাফে নামৰ প্ৰতিষ্ঠানটোৱে।
উল্লেখ্য, ইয়াৰ পূৰ্বে বিগত বছৰত মনোহাৰী গ'ল্ড টি ৯৯,৯৯৯ টকাত বিক্ৰীৰ দ্বাৰা অভিলেখ গঢ়িছিল। ২০২০ চনতো সেই সময়ৰ ৰেকৰ্ড ৭৫ হাজাৰ টকা প্ৰতি কেজিত বিক্ৰী হৈছিল মনোহাৰী গ'ল্ড চাহ। তাৰ পূৰ্বৰ তিনি বছৰতো চাহৰ সৰ্বাধিক বিক্ৰী মূল্যৰ অভিলেখ আছিল মনোহাৰী চাহ বাগিচাৰ নামত। | web |
d45eb01db57f61dc78135c99746df661 | যাত্রাপুস্তক2- पवित्र बाइबिल [ইণ্ডিয়ান ৰিভাইচ ভাৰচন] - (যাত্রা 2)\nলেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।\nপাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ'ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।\nকিন্তু তেওঁ যেতিয়া দেখিলে যে, ল'ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল'লে, পাছত সেই পাচিটোত ল'ৰাজনক সুমুৱাই ল'লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।\nতাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ'ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।\nফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।\nতেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক'লে, "এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।"\nতেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক'লে, "আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?"\nফৰৌণৰ জীয়েকে ক'লে, "যোৱা।" তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।\nফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক'লে, "আপুনি এই ল'ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।" তেতিয়া মহিলা গৰাকীয়ে ল'ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।\nল'ৰাটি যেতিয়া ডাঙৰ হ'ল, তেওঁ ল'ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ'ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক'লে, "কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।"\nমোচি যেতিয়া ডেকা হ'ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।\nতেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপায়, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।\nতাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক'লে, "তোমাৰ ভাইক কিয় মাৰিছা?"\nকিন্তু মানুহ জনে ক'লে, "আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?" তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক'লে, "বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ'ম পালে।"\nফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ'ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।\nমিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।\nতেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।\nছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ'ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, "আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?"\nতেওঁলোকে ক'লে, "এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।"\nতেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, "তেওঁ ক'ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।"\nমোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ'ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।\nচিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম ৰাখিলে। মোচিয়ে ক'লে, "মই বিদেশত প্ৰবাসী হৈ আছোঁ।"\nবহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ'ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।\nতেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।\nঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।
| web |
b5a188a8aa52d9717e5391b0da0286508f316f51 | আজি মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২-ৰ এক উত্তেজনাপূৰ্ণ মেচত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ জয়লাভ কৰে।
ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি পাকিস্তানক প্ৰথমে বেট ধৰিবলৈ দিয়াত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে।
১৬০ ৰাণৰ লক্ষ্য লৈ বেটিঙত নমা ভাৰতীয় দলটোৱে মাত্ৰ ৭ অভাৰতে ৩৩ ৰাণ সংগ্ৰহ কৰি ৪ টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই চাপৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক এক প্ৰকাৰ ধৰাশায়ী কৰি তোলে। ইয়াৰ লগে লগে দলটোৱে যোৱা বছৰ বিশ্বকাপত ১০ টা উইকেট হেৰুৱাৰ প্ৰতিশোধো ল'বলৈ সক্ষম হয়।
প্লেয়াৰ অ'ৱ দ্যা মেচ অৰ্জন কৰা বিৰাট কোহলীয়ে ৫৩ টা বলত ৬ টা চাৰি আৰু ৪ টা ছয়ৰে সৈতে সংগ্ৰহ কৰে ৮২ ৰাণ।
- First Published : | web |