doc_id
large_stringlengths
32
64
text
large_stringlengths
0
560k
type
large_stringclasses
3 values
6eb37eaa53cc94639ccd749059466964383b4d80
কেৰালাত তেল পাম খেতিত দেখা পোৱা এটা হাতীৰ জাক বৰ্তমান চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। পাঁচজনীয়া হাতীৰ জাকটোৰ মাজত এটা পোৱালি হাতী আছে যাৰ শুঁড়ডাল কটা। মঙলবাৰে সন্ধিয়া এঝাট্টুমুখামত কেৰালাৰ বৃক্ষৰোপণ নিগমৰ অধীনত তেল পাম খেতিলৈ অহা এই জাকটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। এজন স্থানীয় লোক সজিল শাজুৰ দ্বাৰা জনোৱাৰ পিছত কেৰালা আৰক্ষীৰ বিশেষ শাখাৰ এজন বিষয়া জিলেশ চন্দ্ৰনে এই ভিডিঅ'টো তুলিছিল। এই দৃশ্য অথিৰাপ্পিলি ত্ৰিচুৰ কেৰেলাৰ ওচৰৰ। ঠাইখন ত্ৰিচুৰ চহৰৰ পৰা ৫৩ কিলোমিটাৰ নিলগত অৱস্থিত। উল্লেখ্য যে, এই ভিডিঅ'টোৰ পাছতেই বৰ্তমান প্ৰশ্ন হৈছে কেনেদৰে নোহোৱা হ'ল হাতী পোৱালীটোৰ শুঁড়ডাল। কোনোবা দুষ্কৃতিকাৰীৰ ফলত হাতী পোৱালীটোৰ এই পৰিণাম হৈছে নেকি সেইয়া এতিয়াও অস্পষ্ট।
web
ef12dbf767fde7d240bf1a76683144f9125eb734
কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাবাৰীত আজি প্ঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে অসমৰ একমাত্ৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে। টেঙাবাৰী জনতা বিদ্যাপীঠ প্ৰেক্ষাগৃহত আয়োজিত কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০টা পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে নেতা-কৰ্মীৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সকলো বিষয় বিতংভাবে আলোচনা কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বলিষ্ঠ প্ৰাক্তন সাংসদৰ লগতে অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সভাত উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে মিত্ৰতা অবিহনে অকলে অৱতীৰ্ণ হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক জাতিধংসী আখ্যা দি ইয়াৰ তীব্ৰ বিৰোধিতাৰে তেওঁ কয় যে অসম গণ পৰিষদ দলে কোনো কাৰণতে এই বিধেয়ক মানি লোৱা নাই আৰু নলয়। এই বিধেয়ক গৃহীত কৰিলে অসম গণ পৰিষদ দলে মিত্ৰতা ভংগ কৰিব বুলিও ষ্পষ্ট কৰি দিয়ে। তেওঁ লগতে কয় যে ভাৰতীয় সংবিধানখনক অৱমাননা কৰিছে এই বিধেয়কখনে। ইতিমধ্যে কেবাখনো ৰাজ্যৰ সাংসদৰ সৈতে অগপই আলোচনা কৰি সংসদৰ মজিয়াত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আগভাগ লোৱাৰ কথাও দোহাৰে। আনহাতে, কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সমষ্টি সমিতিৰ সভাপতি মুকুন্দৰাম চৌধুৰী সভাত উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ অন্তৰ্গত ১০টা পঞ্চায়ত অগপৰ দখললৈ আনিবলৈ নেতা-কৰ্মীসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি আগবাঢ়িবলৈ আহবান জনায়। সভাত প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, প্ৰাক্তন বিধায়ক হীৰেণ দাস, দৰং জিলা অগপৰ সম্পাদকদ্বয় অপুৰ্ব ডেকা আৰু স্বৰাজ কুমাৰ ডেকা, দৰংজিলা অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী মীৰা দত্ত, সম্পাদিকা নিবেদিতা ডেকা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হবিবৰ ৰহমান উপস্থিত থাকে। ইয়াৰ উপৰি অগপৰ ভ্ৰাতৃ সংগঠন অসম যুৱ পৰিষদৰ ৰাজ্যিক কৰ্যনিৰ্বাহক নৱ কুমাৰ ডেকা, দৰংজিলা যুৱ পৰিষদৰ সভাপতি শৰৎ ডেকা, সম্পাদক বিচিত্ৰ বৰুৱা, সমাজকৰ্মী যাদৱ শইকীয়া, টেঙাবাৰী পঞ্চায়তৰ সম্পাদক খৰ্গ হাজৰিকাকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। প্ৰায় তিনি শতাধিক অগপ কৰ্মী উপস্থিত থকা সভাখন সঞ্চালনা কৰে কলাইগাঁও সমষ্টি পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি ক্ষীতেন্দ্ৰ শৰ্মাই।
web
e129d6aa83c00ca6c45bd8aa17f56c6262f1d920
নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে যুৱ পেছাদাৰী পদৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক! নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টে যুৱ পেছাদাৰী (কৃষি) খালী পদৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। নেৰিৱালম নিযুক্তি ২০২২ চাকৰিৰ খালী পদ ২০২২ ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক। নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট (নেৰিৱালম), তেজপুৰে যুৱ পেছাদাৰী (কৃষি) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে। নিযুক্তিৰ বিষয়ে অধিক বিৱৰণ তলত দিয়া হৈছেঃ যুৱ পেছাদাৰী (কৃষি) অত্যাৱশ্যকীয় : বি. কৃষি আৰু সংশ্লিষ্ট বিজ্ঞানত এম. কৃষি/কৃষি জৈৱ ৰসায়ন/ মাটি বিজ্ঞান/ মাটি ৰসায়ন/কৃষি পৰিসংখ্যা/জলসিঞ্চন পানী ব্যৱস্থাপনা / প্ৰয়োগ জৈৱ প্ৰযুক্তি বা সমতুল্যত বিশেষজ্ঞতা লাভ কৰি ধাৰাবাহিকভাৱে ভাল শৈক্ষিক অভিলেখ আৰু সমগ্ৰ ক্ষেত্ৰত নূন্যতম ৫৫%। জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন মন্ত্ৰালয় হৈছে ভাৰতত জলসম্পদৰ বিকাশ আৰু নিয়ন্ত্ৰণ সম্পৰ্কীয় নিয়ম-কানুন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা। ১৯৮৫ চনৰ জানুৱাৰী মাহত তদানীন্তন জলসিঞ্চন আৰু শক্তি মন্ত্ৰালয়ৰ বিভাজনৰ পিছত মন্ত্ৰালয়গঠন কৰা হৈছিল, যেতিয়া জলসিঞ্চন বিভাগক জল সম্পদ মন্ত্ৰালয় হিচাপে পুনৰ গঠন কৰা হৈছিল। জুলাই ২০১৪-ত, মন্ত্ৰালয়ক "জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়" লৈ পুনৰ নামকৰণ কৰা হয়, যাৰ ফলত ইয়াক গংগা নদী আৰু ইয়াৰ উপনদীবোৰত প্ৰদূষণ সংৰক্ষণ, বিকাশ, ব্যৱস্থাপনা আৰু হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় গংগা নদী অৱবাহিকা কৰ্তৃপক্ষ হিচাপে গঢ়ি তোলা হয়। ২০১৯ চনৰ মে মাহত, জল শক্তি মন্ত্ৰালয় গঠন কৰিবলৈ এই মন্ত্ৰালয়ক খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ৰ সৈতে একত্ৰিত কৰা হয়।
web
e8c9918b9347157ea29c63f2f8d1246e1ce88723
নিউজ ডেস্কঃ ১৯৭৬ চনত মৃণাল সেন পৰিচালিত 'মৃগয়া' ছবিৰে বলিউডত অভিষেক ঘটিছিল মিঠুন চক্রৱর্তীৰ। প্রথম ছবিয়েই ছুপাৰ হিট। অসম্ভৱ ব্যৱসায় কৰিছিল 'মৃগয়া'ই। শ্ৰেষ্ঠ নৱাগত অভিনেতা হিচাবে ছবিখনৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল। কিন্তু তাৰমানে এইটো নহয় যে, সেই এখন ছবিয়েই তেওঁক সাফল্যৰ শিখৰত উঠাই দিছিল। ইয়াৰ পিছত কেইখনমান ছবিত তেওঁ খুব সৰু কাম পাইছিল। কিন্তু কোনো কামকেই সৰু হিচাবে নাচায় মিঠুনে। সেয়ে শ্বুটিং ছেটত স্পট বয়ৰ কামো কৰিছিল। ১৯৮২ চনৰ 'ডিস্কো ডেন্সাৰ' ছবিখনেই আছিল সেই জখলা, যিয়ে মিঠুনক তাৰকা খ্যাতিৰ শিখৰত আৰোহণ কৰাইছিল। 'ডিস্কো ডেন্সাৰ' কৰি ভাৰতৰ বাহিৰত, বিশেষকৈ ৰাছিয়া আৰু কাজাখস্তানতো তুমুল জনপ্রিয় হৈ উঠে তেওঁ। সেই সময়ত মিঠুনৰ তাৰকা খ্যাতি কোন পর্যায়ত উপনীত হৈছিল সেয়া এটা সৰু কাহিনীৰেই বুজি পাব। 'ডিস্কো ডেন্সাৰ' ছবিখন মুক্তি পোৱাৰ পিছত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাজাখস্তানলৈ গৈছিল অভিনেতাগৰাকী। মিঠুন যে কাজাখস্তানলৈ গৈছে, সেই খবৰ আগতীয়াকৈ পাইছিল তাৰ লোকসকলে। বিমানবন্দৰৰ বাহিৰত লাখ লাখ মানুহৰ ভিৰ হৈছিল কেৱল মিঠুনক এক পলক দেখিবৰ বাবে! কাজাখস্তানে যে তেওঁক ইমান মৰম দিব, সেয়া কল্পনাও কৰিব পৰা নাচিল তেওঁ। বিমানবন্দৰৰ বাহিৰত ভৰি থোৱা মাত্ৰকে বিপুল সংখ্যক মানুহে একেলগে 'জিমি জিমি' বুলি চিঞৰা আৰম্ভ কৰে। কাৰণ, 'ডিস্কো ডেন্সাৰ'ত মিঠুনৰ চৰিত্রটোৰ নাম আছিল জিমি। মজাৰ কথা যে, সেই একেটা দিনতে কাজাখস্তানৰ তৎকালীন ৰাষ্ট্ৰপতিৰ এক অনুষ্ঠানো আছিল।
web
67e7a1863c9cabfbf8cf1d7f6c7af71cc9c1dc80
Begin typing your search above and press return to search. পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT ), গুৱাহাটীত জুনিয়ৰ প্ৰজেক্ট ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল। পদৰ নাম : জুনিয়ৰ প্ৰজেক্ট ফেলো । দৰমহা :২৩,৫০০/- ৰ পৰা ২৮,৫১০/- টকা, মাহিলী । শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ BTech/ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক। আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত ই-মেইলত অন্তিম তাৰিখ ০৪ অক্টোবৰ, ২০২১ বা তাৰ আগত প্ৰেৰণ কৰিব লাগিব।
web
efea0e037828b6ce7f1bcd896da2da768c482512b06f65f3be1bd1f4bee9d16c
'গাঁৱত নিশ্চয় কিবা হৈছে, - নহ'লে ইমান কোলাহল কিয়! ডেকাজনে নিজকে কোৱাৰ দৰে কথাষাৰ ক'লে। 'অ, - হয়; আজি বজাৰ দিন। পিছে, বজাৰ ভাগিছেই। মাথোন গধূলি হোৱাত তাত বোধহয় মদৰ আড্ডা বহিছে! খেতিয়কজনে যেন পাহৰা কথাষাৰ ঘপ্কৰে মনত পৰাত কৈ উঠিল। ডেকাজনৰ নাম আছিল মাইকেল হেনচাৰ্ড আৰু তিৰোতাজনীৰ নাম চুচান। তেওঁলোক গৈ বজাৰৰ ভিতৰত সোমাল। বজাৰত তেতিয়াও ঘোঁৰা, ভেড়া আদি বেচা-কিনা হৈয়েই আছিল। দিনৰ ভাগতে ভাল ঘোঁৰা, ভেড়াবেৰ ডাঙৰ বেপাৰীয়ে কিনি লৈ যোৱাৰ পিছত বেচিব নোৱাৰা একেবাৰে লেৰেলা ক্ষীণবোৰ বিক্ৰিদাৰসকলে কম দামতে নীলামত বিক্রি কৰিবলৈ চিঞৰ-বাখৰ লগাইছিল। তদুপৰি পুতলা আদি মনোহাৰী সামগ্ৰীৰ দোকান আৰু মদৰ দোকানবোৰত মানুহৰ অত্যন্ত ব্যস্ততা আৰু হুলস্থূল লাগি পৰিছিল। এনেতে বজাৰৰ একাষে থকা দুখন দোকানলৈ ডেকাজনৰ চকু পৰিল। এখনৰ সন্মুখত লিখা আছিল - 'আপেলৰ পৰা তৈয়াৰী ঘৰুৱা মদ,' আৰু আনখনৰ সন্মুখত লিখা আছিল "উৎকৃষ্ট বিলাতী মদ।' হেনচাৰ্ডে চিন্তা কৰি প্ৰথমখন দোকানত সোমাব খুজিছিল; কিন্তু ঘৈণীয়েক চুচানে ক'লে, 'নহয়, নহয়, মই বিলাতী মদহে ভাল পাওঁ। অকণমানি এলিজাবেথ জেনেও ইয়াক খাই ভাল পাব। ইমান বাট খোজ কাঢ়ি অহা ভাগৰত তুমিও ইয়াক খাইহে ভাল পাবা। বিলাতী মদ স্বাস্থ্যৰ কাৰণেও ভাল। আহা,- এইখন তম্বুৰ তলতে সোমাওঁ।' ঘৈণীয়েক চুচানৰ কথামতেই হেনচাৰ্ডে আৰু একো নকৈ দ্বিতীয়খন তম্বুৰ তললৈ সোমাই গ'ল। চিম্বুটো ঠেক; কিন্তু যথেষ্ট দীঘল। দুয়োকাষে থকা ঠেক অথচ দীঘল মেজবোৰত তেতিয়াও মদৰ গিলাচ লৈ অনেক মানুহে লাগ-বান্ধ নোহোৱা কথা কৈ হাঁহি-খিকিন্দালি কৰি আছিল। সন্মুখৰ পিনে এটা কোণত কয়লাৰ চুলা এটাৰ ওপৰত পাত্ৰ এটা বহাই বগা কাপোৰ পিন্ধা কুন্ধচ আদহীয়া তিৰোতা এগৰাকীয়ে খৰ্ খ্ৰ শব্দ কৰি লাহে লাহে কিবা লাৰি আছিল। গম আৰু অন্যান্য ফলৰ ৰসৰ পৰা তৈয়াৰী মদ বিলাতী মদৰ লগত মিহলাই তেওঁ ডাঙৰ পাত্ৰ এটাত বাকি দিয়াত এক আকর্ষণীয় গোন্ধ বিয়পি পৰিছিল হেনচাৰ্ডৰ বৰ ভাল লাগিল। তেওঁলোক একাষে বহিল আৰু ফলৰ ৰস মিহলি মদ দুগিলাচ দিবলৈ ক'লৈ। হেনচাৰ্ডে লালে লাহে তম্বুটোৰ ভিতৰখনত ভালদৰে চকু ফুৰাবলৈ ধৰিলে। এখন টেবুলৰ তলত লুকাই ৰখা কেইটামান মদৰ বটললৈ তেওঁৰ চকু পৰিল। সেইবোৰ অতি চোকা মদ আছিল। হেনচাৰ্ডে লোভ সামৰিব নোৱাৰি তাৰে এবটল দিবলৈ মদ বেচা তিৰোতাগৰাকীক ক'লে। এই বটল শেষ কৰি আৰু এঘটল খুজিলে। চুচানে বাধা দিব খুজিছিল। সমুদায় মূল্য আদায় দি চুচান তাৰ পৰা উঠিব বিচাৰিছিল। এইবিধ চোকা মদে ইতিমধ্যে হেনচাৰ্ডৰ গাত ধৰিছিল। ওচৰৰ আন টেবুলৰ কাষত বহি মদ খোৱা মানুহবোৰলৈ চাই চাই হেনচাৰ্ডে লাগ-বান্ধ নাইকিয়া কথা বলকিবলৈ ধৰিলে। চুচানে বৰ অস্বস্তিবোধ কৰিলে। কেঁচুৱাজনীয়ে কেমেৰাই উঠি ঠেন-ঠেনাবলৈ ধৰিলে। তাৰ পৰা যিমান সোনকালে পাৰে ওলাই আহিবলৈ চুচানে বিচাৰিলে। তেওঁ গিৰিয়েকক ক'লে - 'মাইকেল, আমি যাওঁ ব'লা। আমাৰ দেখোন থকাৰ ব্যৱস্থা এতিয়ালৈকে ছোৱাই নাই।' চুচানৰ কথালৈ হেনচার্ডে অকণো কাণ নিদিলে। ক্ৰমে আন্ধাৰ হৈ আহিছিল। দোকান-বজাৰবোৰৰ ইতিমধ্যে ভালেখিনি সামৰি মানুহবোৰ ঘৰলৈ যোৱাৰ যো-জা কৰিছে। চাৰিওফালে লেম্প-চাকি জ্বলি উঠিল। তম্বুৰ তলতো লোধোমা কুন্ধচ তিৰোতাগৰাকীয়ে কেইডালমান মম জ্বলাই দিলে। চুচানৰ কোলাত কেঁচুৱাজনীয়ে দীঘলকৈ দুটামান হামি মাৰি টোপনি গ'ল । চুচানে বহুতো আপত্তি কৰি বাধা দিয়া সত্ত্বেও এটাৰ পিছত এটাকৈ চাৰিটা চোকা মদৰ বটল ঢোক্-ঢোক্কৈ গিলি হেনচাৰ্ড প্ৰায় উন্মাদৰ দৰে হৈ পৰিল। অনর্গল কথা বলকিবলৈ ধৰিলে। এজনী বেয়া তিৰোতাই এজন ভাল স্বামীৰ জীৱনলৈ কিদৰে হতাশা আৰু দুৰ্যোগ নমাই আনিব পাৰে, কিদৰে স্বামীৰ জীৱন ধ্বংস কৰিব পাৰে, বাল্য বিবাহে মানুহৰ ভৱিষ্যৎ আশা-আকাঙ্ক্ষা, জীৱন কিদৰে শেষ কৰিব পাৰে, এয়েই আছিল হেনচাৰ্ডৰ বকনিৰ বিষয়-বস্তু। হেনচার্ডে অত্যন্ত তিক্ততাৰে ক'বলৈ ধৰিলে - "মই সঁচাকৈ এজন জধামূৰ্খ আছিলোঁ। মাত্ৰ ওঠৰ বছৰ বয়সতে মই বিয়া কৰালোঁ। তাৰ ফলত আজি মোৰ এই অৱস্থা।" ঘৈণীয়েক চুচান আৰু নিজৰফালে আঙুলিয়াই দেখুৱাই যেন নিজ পৰিয়ালৰ চৰম দৰিদ্ৰতাৰ কথা তাত থকা মানুহবিলাকৰ আগত সাব্যস্ত কৰিব বিচাৰিলে। গাভৰু তিৰোতা চুচানে গিৰিয়েক মাইকেল হেনচাৰ্ডৰ এনেকুৱা কথা বহুতবাৰ শুনি আহিছে। গতিকে এয়া তেওঁৰ কাৰণে একো নতুন কথা নহয়। গিৰিয়েকৰ কথালৈ তেওঁ অকণো কাণ নিদি কোলাত টোপনি যোৱা কেঁচুৱাজনী কাষৰে আন এখন বেঞ্চত শুৱাই থৈ হাত-ভৰিবোৰ পোনাই ল'লে। কেঁচুৱাজনীয়ে এবাৰ চকু মেলি হাত-ভৰি অলপ লৰচৰ কৰি পুনৰ চকু জপাই টোপনি গ'ল। 'বিয়া নৌহওঁতেই মাত্ৰ পোন্ধৰ চিলিঙেৰে মই মোৰ ঘাঁহ যোগান ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তাত মই ইমান লাভবান হৈছিলোঁ যে, মই ভাবোঁ সেই সময়ত সেই ব্যৱসায়ত মোৰ লগত ফেৰ মাৰিব পৰা কোনো লোক ইংলেণ্ডত নোলাব। কিন্তু কি হ'ব? বিয়া কৰি মই সকলো পন্দ কৰিলোঁ । এতিয়াও যদি মই এই কদর্য বান্ধোনৰ পৰা মুক্ত হ'ব পাৰোঁ, মোৰ বিশ্বাস, মই তাতকৈও উন্নতি কৰিব পাৰিম।' হেনচাৰ্ডে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। এনেতে তম্বুটোৰ সন্মুখতে এজন ঘোঁৰা বেপাৰীয়ে তেওঁৰ কাণী বুঢ়ী ঘোঁৰা এজনী নীলামত বিক্ৰি কৰিব খুজি চিঞৰি চিঞৰি কোৱা কথাখিনি হেনচাৰ্ডৰ কাণত পৰিল, - - আৰু মাত্ৰ এজনী ঘোঁৰা বাকী। ৰাইজ, সোণালী সুযোগ। কম দামতে পাব। আহক, আহক, - সুন্দৰ ঘোঁৰা এজনী কিনাৰ পৰা আপোনালোক বঞ্চিত নহ'ব। ঘোঁৰাজনী যদিও বুঢ়ী হৈছে তাইৰ চকু এটা যদিও নষ্ট হৈছে, যদিও তাইৰ পিঠিত ঘাঁ লাগিছে, তথাপি তাইৰ এতিয়াও যথেষ্ট শক্তি আছে; সুন্দৰ কাম কৰিব পাৰে। ঘোঁৰা বেপাৰীৰ চতুৰ কথাখিনি শুনি হেনচাৰ্ডৰ মনলৈ হঠাতে এটি ভাৰ আহি গ'ল,
pdf
0bed41fc38af2cf41e3bdd04a1e361ed
কোভিড-১৯ মহামাৰী সামৰণি পৰাৰ পাছত মাৰ্কিন প্ৰশাসনে কৰ্কট ৰোগ নিৰ্মুল কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে উল্লেখ কৰে। মিচিগানত অনুষ্ঠিত হোৱা ফাইজাৰ ভেকচিনৰ উৎপাদন সম্পৰ্কীয় এখন বৈঠকত দেশৰ শীৰ্ষস্থানী বিজ্ঞানী সকলৰ সৈতে অংশগ্ৰহণ কৰি বাইডেনে কৰ্কট ৰোগ নিৰ্মুলৰ ক্ষেত্ৰত সকলোৱে সংঘবদ্ধ হৈ কাম কৰিব লাগিব বুলি কয়। কৰ্কট ৰোগৰ বাবে বিশ্বত প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু পৰিয়াল বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখিন হ'বলগীয়া হৈছে। এতিয়ালৈ চিকিৎসা বিজ্ঞানত কৰ্কট ৰোগ সম্পৰ্কে যথেষ্ট গৱেষণা চলি আছে যদিও ইয়াক সম্পুৰ্ণ ৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান ওলোৱা নায়।
web
b525a5a88e7a6a0c12a1296895460f1c55a38e3cfb32f1b04270454d92d6e939
ভাগৱত পঢ়ে তথা কণ্ঠ অনুপাম। সবে মিলি তাই দিলা কবিব্ৰদ্ধ নাম । কবিৰ নাম ভৈলা জগতে প্রখ্যাত। মোড়ল সকলে তথা শুনে ভাগৱত ॥ ভাগৱত শুনি তাৰা সন্তোষ লভিলা। কথা ভাগৱত বৰনগৰে কৰিলা ॥" শেষত গুৱালপাৰা নগৰখানৰ নামৰপৰাই গোটেই জিলাখানৰ নাম গুৱালপাৰা হোৱাৰ নিচিনাকৈ, আৰু নগাওঁ নগৰৰ নামেই গোটেই জিলাথানৰ নাম নগাওঁ হোৱাৰ দৰে, বৰনগৰ নামটোৱে গোটেই অঞ্চল টোকে বুজোৱা হল। তাৰ বাবেই আজিৰ বৰনগৰ মাত্ৰ এখান গাওঁ বা নগৰ নহয়। আগেয়ে উল্লেখ কৰা বাৰাদি, গণকুছি, সুন্দৰী, পাটৰাউদী, বাসকুছি, ভানীপুৰ প্ৰভৃতি ঠাইত শঙ্কৰদেৱ, দামোদৰদেৱ মাধৱদেৱ, হৰিদেৱ আদি ওফ সকলে সত্ৰ পাতি ধৰ্ম্মপ্ৰচাৰ কৰিছিল তাৰ সকলোৱে জানে ; আৰু সেই কাৰণেই সেইবোৰ ঠাই প্রসিদ্ধ। হালধীয়া পাৰু ডিঙানগৰে। ভৱানন্দ সাউদ ৰা ঠাকুৰ আতাৰ চৰিত্ৰ সংক্ৰান্তত প্রসিদ্ধ বুলি জানিব পাৰা গৈছে। শেষত বৰনগৰৰ প্রসিদ্ধি থাকিল কিহত ? ই এক কৃষি-প্রধান ঠাই; তাৰ বাবেই এই ঠাইৰ প্ৰসিন্ধিনে? মে ইরাভ চার্কেল আফিচ, থানা, ইংৰাজী স্কুল, ৰেল ষ্টেচন আদি ৰাকাৰ বাবেই এই ঠাই প্রসিদ্ধ ? আচল কথা কব লাগিলে বর্তমান বৰনগৰৰ প্রসিদ্ধি ইয়াৰ প্ৰাচীনত্বৰ বাবে। বৰনগৰ নামটোৱেই মহাৰাজ নৰনাৰায়ণৰ প্ৰতি অন্তৰত অগাই দিয়ে, পাক এই বক্ষনগৰতেই সবুয়েৰে ৰাজধানী বিজয়পুৰ স্থাপনা কৰিছিল দেখি 'খৰনগৰ আদি লেখত লৰ লাগা ঠাই । তদুপৰি এক কালত ই শাস্ত্ৰালোচনাৰ কেন্দ্ৰ আছিল, আৰু ইয়াৰ ৰাজ সভাত পণ্ডিত আৰু সাহিত্যিক সকলৰ মাজত ধৰ্ম্ম আৰু সাহিত্যৰ চৰ্চা হৈছিল। এই কেন্দ্ৰৰ সঞ্জীৱনী শক্তিত এক কালত অসমীয়া ধৰ্ম্ম-সাহিত্যই জকমকীয়া হৈ উঠি আজিকে। প্রভৃতি অসমীয়া ৰাইজক . সৌন্দৰ্য্য বিলাই আছে। এনে অৱস্থাত এই ঠাইৰ প্ৰসিদ্ধি অনিবাৰ্য্য । আজি কালি বৰনগৰ বুলিলে দমকা-চকাবাউসী আৰু ৰূপসী মৌজাৰে হোৱা এটা চার্কেলক বুজায়, কোনো গাওঁ বা নগৰক নবুজায়। কোচ ৰাজত্বৰ সময়তো বৰনগৰ নামটোৱে নগৰ এখানক বুজোৱাৰ বাহিৰে এনেকুৱা এটা চার্কেল বা পৰগনাকো বুজাইছিল বুলি অনুমান হয়। সেই সময়ত এই পৰগনাৰ সীমা পশ্চিমে মৰা-মনাহ, উত্তৰে বিজনী পৰগনা, পূবে মৰা-মনাত আৰু দক্ষিণে চাউলখোৱা নৈ আছিল বুলি বোধ হয়। কামৰূপ জিলাৰ বৰ্ত্তমান বৰনগৰ অঞ্চলৰ পশ্চিম সীমাত উত্তৰ অংশত ধীৰ নামে এটি সৰু নৈ আৰু দক্ষিণ অংশত ইয়াৰ লগত লগ লাগ। মনাহৰ হুঁতি এটা আছে। বৰপেটা মহকুমাৰ হাল। পাকৰি ডাক বহুলাৰপৰা পাঁচ মাইলমান পূবে উত্তৰ সদৰ ৰাস্তাৰ উপৰত এখান বৰ দীঘল কাঠৰ দলং পোৱা যায়। ইয়াৰ তলত এখান বহুল মৰা নৈ আছে। সোঁত নাম বুলিয়েই কব পাৰি; কিন্তু পানীদ, ফাগুণ-চৈত মাহতো হুওখায়। আজি কালি ইয়াৰ নাম মৰা-ঘনাহ । বৰদলৈ ডাঙৰীয়াই তেখেতৰ 'মনোষতী'ত ইয়াকেই চাউলখোৱা মনাহ বুলি উল্লেখ কৰিছে। উত্তৰ সীমাৰো কিবা লৰচৰ হৈছে যদি তাৰু জানা টান ; তথাপি বিজনী যৌজা এতিরাও এই সীৰাত আছে। ১৮৯৭ খৃষ্টাৰৰ তুইকঁপত বৰপেটা একেবাৰেই তলক যায়। সেই সময়ত বিলাজাৰ, বেভৰাৰী, ভেৰা প্রভৃতি উক্ত চৌহদৰ ভিতৰৰ গাওঁৰ প্ৰায় চিনচাৰ নাইকিয়। হৈ পৰিছে । এইবোৰৰ কিছুমান ঠাই যদি কালি বৰপেটা
pdf
c5139f476312e2a82cc4734e016576f9d44afbbf2d7fcccc21c72de993567c03
মাজনিশাৰ সাধু : জনা গাভৰৰ বিয়া বুঢ়া ৰজাই নিজে মহা আডম্বৰেৰে গোপীচন কোঁৱৰৰ লগত জনা গাভৰুৰ বিয়া পাতিলে । বিয়া হৈ গ'ল। বিয়াৰ পাছত কোঁৱৰে সথিয়েক কলিধনৰে সৈতে জনা গাভৰুক লৈ নিজৰ ঘৰলৈ যাত্ৰা কৰিলে। সিফালে কোঁৱৰৰ বাৰী মাকে কটকী পঠিয়াই এইবোৰ খবৰ আগধৰি নিলে। তেওঁ তিনি দিন আগৰেপৰা কোঁৱৰক আদৰিবলৈ বাটত যা যোগাৰ কৰি ৰাখিলে। নপোণ কুঁৱৰীয়ে তেওঁলোকৰ 'শতৰু' আহিব বুলি কান্দিবলৈ ধৰিলে। যেতিয়া জনা গাভৰুক লৈ কোঁৱৰ আৰু কলিধন পালেগৈ তেতিয়া হাঁহি-কান্দোনৰ ৰোল উঠিল । আনন্দত অধীৰ হৈ মাকে জনা গাভৰুৰ মুখলৈ চাই থাকিল। জনা গাভৰুৰ মুখলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন চকু যুৰি স্বৰ্গৰ তৰা, গাললৈ কি চাবা হাতলৈ কি চাবা জনা গাভৰুৰ জিলিকে নিলগৰ পৰা। ভৰিলৈ কি চাবা জনা গাভৰুক সেন্দুৰী আম যেন কঁকাল যেন বীণৰে নলা, ঠানুৱা ঠানুৱা চুলিবোৰ সেওঁতা ফলা। গালৈ কি চাবা জিলিকে নিলগৰ পৰা, দেখে বাৰী মাকে ইহঁত নপোণতকৈ চৰা। গোপীচনে কিন্তু নিজৰ প্ৰতিজ্ঞাৰ কথা পাহৰা নাই। তেওঁ গৈ পায়ে কুঁৱৰীহঁতক ক'লে - "তোমালোকে কি চাই আছা? মই যাবৰ সময়ত তোমালোকক কৈছিলোঁ নহয যে জনা গাভৰুক বিয়া কৰাই আনিব পাৰিলে তেওঁৰ দীঘল চুলিকোচাৰ আগটো কাটিম। তোমালোকে এতিযা চোৱা মই মোৰ প্ৰতিজ্ঞা ৰাখিম।" এইবুলি কোঁৱৰে জনাৰ কলডিলীযা খোপাটো মেলি দিলে। চুলিয়ে গৈ আঁঠুৰ তলত থকা কলাফুল ছুলে। কোঁৱৰে আলফুলকৈ ধৰি তাৰ আগটো কাটি উঠি বচনক ৰাখিলোঁ ইমান দীঘল চুলি মোৰে ঐ গাভৰু বচনক ৰাখিলোঁ মোৰ ; কেলেই লাগিছে চাৰি আঙুল কাটিলো তাৰ। তেতিয়া কোঁৱৰৰ নপোণ কুঁৱৰীয়েও জনা গাভৰুক মাজত লৈ আদৰ-সাদৰ কৰি ভিতৰলৈ নিলে। ঘৰে বাহিৰে ৰং-ৰহইচৰ ৰোল উঠিল। দৰং জিলাৰ পশ্চিমে কামৰূপৰ উত্তৰ-পূব অঞ্চলত তেতিয়া এজন ৰজা আছিল, নাম ৰামচন্দ্র। সিংহাসনত উঠাৰ পাছত তেওঁ নাম লৈছিল ইন্দ্ৰনাৰায়ণ। এসময়ত ৰজা ৰামচন্দ্র মৃগয়ালৈ গৈছিল। ব্ৰহ্মপুত্ৰৰ বিশাল চাপৰিত পছ চিকাৰ কৰি ফুৰি থাকোতে এদিন তেওঁ ৰাতিপুৱা জাৰকালিৰ ৰ'দ- কাঁচলিত জিলিকি থকা এগৰাকী আটক ধুনীয়া দীপলিপ গাভৰু দেখিবলৈ পালে। অকলে অকলে নৈৰ পাৰত তেনেকৈ ৰৈ থকা ধুনীয়া গাভৰুজনীক দেখি ৰজা আচৰিত হ'ল। ৰজাও সেই সময়ত অকলশৰীয়া হৈ আছিল। তেওঁ বুকুত সাহ বান্ধি লৈ গাভৰুৰ ওচৰ চাপিল আৰু তেওঁৰ পৰিচয় বিচাৰিলে। গাভৰুৱে ক'লৈ তেওঁ এগৰাকী ৰাজকন্যা। ৰজাৰ লগত নাওত উঠি ভটীয়াই যাওঁতে মাহীমাকে ছল কৰি তেওঁক নদীৰ পাৰত এৰি গ'ল। এতিয়া তেওঁ নিঃসহায় নিঃসম্বল। ৰজাই তেতিয়া নিজৰ পৰিচয় দিলে আৰু রাজকন্যাক আশ্রয় আৰু অভয় দি ৰাজধানীলৈ লৈ গ'ল। গাভৰৰ ৰূপে ৰজাক মতলীয়া কৰিলে। তেওঁ গাভৰু ৰাজকন্যাক বিয়া কৰাই পাটৰাণী পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। গাভৰুৱেও ওজৰ-আপত্তি নকৰি ৰজাৰ লগত বিয়াত বহিল। তেওঁ ৰাণী হৈ নাম ল'লে চন্দ্ৰপ্ৰভা। এই গাভৰগৰাকী আচলতে এগৰাকী জলকুঁৱৰীহে আছিল। মানুহৰ সঙ্গ আৰু আচাৰ-ব্যৱহাৰনো কেনে তাৰ জুতি ল'বলৈ তেওঁ ৰজা ৰামচন্দ্ৰৰ লগত তেনেকৈ বিরা সোমাইছিলহি। এই বিয়াৰ কিছু কালৰ পিছত এটা অঘটন ঘটিল। ৰামচন্দ্ৰৰ সুখময় ৰাজ্যৰপৰা মাৰি-মৰক, অতিবৃষ্টি, অনাবৃষ্টি, জলপ্লাৱন আদি দুৰ্যোগবোৰ এটাৰ পাছত এটাকৈ নৃগুচা হ'ল। চাৰিওফালে প্ৰজাৰ হাহাকাৰ উঠিল। পিছত ৰজা, ৰাজপুৰোহিত, মন্ত্ৰী আদি নগৰৰ জ্ঞানী লোকসকলে এদিন এদিনকৈ তিনিদিন একেৰাহে সপোন দেখিলে যে ৰজাই ৰাণীক ত্যাগ কৰিব লাগে। ৰাণী চন্দ্ৰপ্ৰভাক ব্ৰহ্মপুত্ৰত উটাই দিব লাগে। জলদেৱতাৰ ৰোষত ৰাজ্যত এনে অঘটনবোৰ ঘটিছে। লুইত কুপিত হৈছে। ৰাণীক তেনেকৈ ত্যাগ নকৰিলে দেশৰ অপায়-অমঙ্গলবোৰৰ অবসান নঘটে। ৰজাই তেতিয়া পণ্ডিত-ব্রাহ্মণ, মন্ত্রী-সজ্জন সকলোৰে লগত পৰামৰ্শ কৰি দেশৰ মঙ্গলৰ বাবে ৰাণী চন্দ্ৰপ্ৰভাক ত্যাগ কৰিবলৈ স্থিৰ কৰিলে। তেওঁ নিজে গৈ মাজনিশাৰ সাধু ঃ মাদৈ-কটা চকুলো টুকি টুকি এই নিষ্ঠুৰ সিদ্ধান্তৰ কথা ৰাণী চন্দ্ৰপ্ৰভাক ক'লে। চন্দ্রপ্রভা মান্ডি হ'ল। তেওঁ ইয়াকে মাথোঁ ক'লে - "মহাৰাজ মই সাজু আছোঁ; মাত্ৰ এটা কথামোৰ বৰ্তমান গাত লেঠা আছে। মই জানো মোৰ এটি পুত্ৰ উপজিব। আমাৰ এই ক্ষণস্থায়ী মিলনৰ চিন স্বৰূপে মোৰ পুত্ৰই যাতে তোমাৰ ৰাজ্যৰ গৰাকী হয় তাকে তুমি বাঞ্ছা কৰিবা আৰু মই গ'লে তুমি পুনঃ বিয়া নকৰাবা। মই তোমাক ৰাজকন্যা বুলি চিনাকি দিছিলোঁ যদিও আচলতে মই জলকুঁৱৰীহে।" ৰজাই এই কথা শুনি আৰু বেচিকৈ মুগ্ধ হৈ চকুলো টুকিবলৈ ধৰিলে। অন্তত দুয়োৰেপৰা দুয়ো বিদায় ল'লে। চন্দ্ৰপ্ৰভাক কলৰ ভূৰত তুলি হৰিধ্বনি কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উঠাই দিয়া হল। কোৱা বাহুল্য যে সেই সময়ত ৰাণী চন্দ্রপ্রভা গর্ভবর্তী আছিল। বাণ-বাৰিষাৰ কোবাল সোঁতে ভূখন চকুৰ পচাৰতে ভঙীয়াই লৈ গ'ল। সি গৈ গৈ নীলাচল পৰ্বতৰ দাঁতিত গছ এজোপাত লাগি ৰ'ল। নীলাচল পৰ্বতৰ দাঁতিত মহাপীঠ কামাখ্যা তীৰ্থৰ নিচেই নিকটতে সেই সময়ত জিতাৰি নামে এজন ব্ৰাহ্মণে আশ্ৰম পাতি বাস কৰিছিল। জিতাৰি ব্ৰাহ্মণে স্নানৰ কাৰণে ঘাটলৈ গৈ কলৰ ভূৰত লুইতৰ বুকুত উটি যোৱা নিঃসহায় ৰাণীক দেখি যতনেৰে পাৰলৈ তুলি আনিলে আৰু আলফুলকৈ আশ্ৰমত ৰাখি পৰিচৰ্য্যা কৰিলে। যথা সময়ত ৰাণী চন্দ্ৰপ্রভাই এটি পুত্র সন্তান প্ৰসৱ কৰিলে। সন্তানটিৰ মূৰত আৰি মাছৰ দৰে চিন আছিল। সেই চিন থকা বাবেই হওক বা নৈত মাছৰ দৰে উটি আহিছিল কাৰণেই হওক - -তেওঁৰ নাম ৰখা হ'ল আৰিমত্ত। জিতাৰি বামুণৰ আশ্রমতে থাকি আৰিমত্ত বাঢ়ি আহিল। বল-বিক্ৰম আৰু বুদ্ধি-কৌশলত তেওঁৰ সকলো কামৰ মাজেদি ৰাজ লক্ষণ ফুটি ওলাল। ইফালে ৰাণী চন্দ্ৰপ্ৰভাক ব্ৰহ্মপুত্ৰত বিসর্জন দি ৰজা ৰামচন্দ্ৰ শোকত বিহ্বল হ'ল। সংসাৰ তেওঁৰ মানত তেনেই অসাৰ অসাৰ যেন লাগিল। কেইমাহমান ৰাজ্য শাসন কৰাৰ পাছত তেওঁ ৰাজ্যভাৰ মন্ত্ৰীসকলৰ হাতত শোধাই দিলে আৰু পূবমুৱা হৈ তপস্যাৰ কাৰণে যাবলৈ ধৰিলে। তেওঁ গৈ তেজপুৰৰ ওচৰৰ বিশ্বনাথত কিছুদিন থাকিল আৰু তাতে পুনঃ বাহুবলেৰে এখন সৰু ৰাজ্য পাতি শান্তিত থাকিবলৈ ল'লে। তেওঁ তেতিয়া তাতে প্রতাপগড় নামে ঠাইত ৰাজধানী পাতি প্রতাপনাৰায়ণ নাম ল'লে। এসময়ত জিতাৰি-ব্ৰাহ্মণ এই ৰজা ৰামচন্দ্ৰৰে পুৰোহিত আছিল আৰু তেওঁ যি কৈছিল সেয়ে ৰাজ্যত বেদৰ বাণী হৈ পৰিছিল। ৰামচন্দ্ৰ তেনেকৈ বৈৰাগী হৈ যোৱা বুলি শুনি আৰু মন্ত্ৰীসকলেই ৰাজ্য চলাইছে বুলি জানিব পাৰি এদিন পুৰোহিত জিতাৰি গৈ ৰাজধানীত উপস্থিত হ'ল। ৰাজ্যৰ সকলো লোকে তেওঁক বৰ আদৰসাদৰ কৰিলে আৰু ৰজাপতা বিষয়ত পৰামৰ্শ সুধিলে। তেওঁ তেতিয়া আশ্ৰমলৈ গৈ আৰিমত্তক লগত লৈ আহিল আৰু সিংহাসনত বহুৱালে। ৰজা ৰামচন্দ্ৰই সিংহাসন ত্যাগ কৰি যোৱাৰ সময়ত কৈছিল যে তেওঁৰ বংশৰ লোক নহালৈকে সেই সিংহাসনত কোনো বহিব নোৱাৰিব আৰু বহিলেও সিংহাসন বাগৰি পৰিব। মন্ত্ৰীসকলে তাৰ প্রমাণ চাবৰ কাৰণে এদিন তেওঁলোকৰে এজনে সিংহাসনত বহিব খুজিছিল - কিন্তু সিংহাসন কাতি হৈ বাগৰি পৰিব খোজাত তাত আৰু বহা নহ'ল। আৰিমত্ত কোঁৱৰ তাত বহাত সিংহাসন কিন্তু অচল-অটল থাকিল। সেইবাবে সকলোৱে আৰিমত্ত কোঁৱৰকে ৰজা বুলি গ্ৰহণ কৰিলে। ৰজা হৈ আৰিমত্ত কোঁৱৰে কেইবাগৰাকীও কুঁৱৰীৰ পাণি গ্ৰহণ কৰিলে। তেওঁ ৰাজ্যখনত শান্তি স্থাপন কৰি তাৰ সীমা বঢ়াবৰ কাৰণে মন মেলিলে। পুৰণি ৱৈদ্যৰ গড়টোকেই তেওঁ দুর্ভেদ্য কৰি সজাই তাৰ ভিতৰত ৰাজধানী পাতি ল'লে। এই গডটোক আজিও বৈদ্যৰ গড আৰু আৰিমত্তৰ গড় এই দুয়ো নামত জনা যায়। ৰঙিযাৰপৰা প্ৰায় ৩ মাইল উত্তৰে এই গডৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা যায়। এই গডৰ উত্তৰ-পূব কোণে থকা বেতনা নামৰ ঠাইতে ৰজা ৰামচন্দ্ৰৰ পুৰণি ৰাজধানী আছিল। ৰজা আৰিমত্তৰ বিক্ৰমৰ কথা সেই সময়ত মানুহৰ মুখে মুখে হৈ পৰিছিল। পছিমৰ ফিঙুৱা কোঁৱৰ নামে এজন কোঁৱৰে আহি তেওঁত শৰণ লৈ তেওঁৰ আশ্ৰয়তে থাকিবলৈ লৈছিল। ফিঙুৱা কোঁৱৰ আছিল পছিমত থকা কমতাপুৰ নামে ৰাজ্যৰ এজন কোঁৱৰ, ৰজা দুর্লভনাৰায়ণৰ বংশধৰ। ফিঙুৱা কোঁৱৰ দেখাই-শুনাই বাহুবলী আৰু জাকত জিলিকা লোক আছিল। তেওঁৰ প্ৰতি দয়াপৰবশ হৈ আৰিমত্ত ৰজাই তেওঁৰ ৰাজধানীৰ উত্তৰ সীমাতে চাপাতল নামে ঠাইতে তেওঁৰ কাৰণে সুকীয়া ৰাজভৱন সজাই দিছিল। দিন গৈ অহাৰ লগে লগে ফিঙুৱা কোঁৱৰ ৰজা আৰিমত্তৰ পৰিযালৰে এজন লোক যেন হৈ পৰিছিল। কুঁৱৰীসকলেও তেওঁক বৰ মৰমেৰে চাইছিল। নক'লেও হ'ব যে কোঁৱৰ তেতিযা অবিবাহিত আছিল। ৰজায়ো তেওঁক ইমান ভাল পাইছিল যে কোঁৱৰৰ ৰাজভৱনো আৰিমত্তৰ দ্বিতীয় ৰাজভৱনৰ দৰে হৈ পৰিছিল। তাত হয়-হস্তী, দাস-দাসী, কাৰিকৰ-মিস্ত্ৰি সকলো আছিল। ফিঙুৱা কোঁৱৰক তেনেকৈ থকা-মেলাৰ সকলো সা-সুবিধা কৰি দি ৰজা আৰিমত্তই পূবপিনে ৰাজ্য বিভাৰ কৰিবলৈ মন মেলিলে। তাতে এটা দুর্ঘটনা ঘটিল। ভূঞা নামৰ সৰু সৰু ৰজা কিছুমানে পূবে থকা ৰজা প্রতাপনাৰায়ণৰ প্ৰকোপ সহিব নোৱাৰি বুধিৰে তেওঁৰ লগত মহা প্ৰতাপী ৰজা আৰিমত্তৰ ৰণ লগাবলৈ ফাং পাতিলে। ৰজা আৰিমত্তই তেতিযালৈকেও প্রতাপনাৰায়ণক তেওঁৰ পিতৃ বুলি জানিব পৰা নাছিল। তেনেকৈষে দুয়োৰো মাজত ত্যাময়া ৰণ লাগিল আৰু ৰণত আৰিমত্তই নিজেহাতে পিতৃ প্রতাপনাৰায়ণক বধ কৰিলে। ই তাহানিৰ অৰ্জুন-বব্ৰুবাহনৰ বা ৰুক্তম-ছোহৰাবৰ যুদ্ধৰ দৰে পিতা-পুত্ৰৰ মাজত হোৱা যুঁজৰ এটি নিকৰুণ কাহিনী। যুদ্ধৰ অন্তত নিজ ৰাজ্যলৈ বীৰদৰ্পে উভতি আহি ৰজা আৰিমত্তই যেতিয়া মাক চন্দ্ৰপ্ৰভাৰপৰা সকলো কথা জানিব পৰিলে তেতিয়া অনুতাপ আৰু অনুশোচনাত তেওঁৰ অন্তৰ তেনেই ডেইপুৰি যাবলৈ ধৰিলে। তেওঁ দান-পুণ্যৰ কামৰ দ্বাৰা নিজৰ মাজনিশাৰ সাধু : মাদৈ-কটা পিতৃবধ মহাপাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ মন মেলিলে। কথিত আছে যে তেওঁ হেনো যাগ-যজ্ঞাদি কৰি উঠি যেতিয়া যজ্ঞৰ বস্তু কোনেও গ্ৰহণ নকৰাত ব্ৰহ্মপুত্ৰত সমৰ্পণ কৰিছিল, তেতিয়া মহাবাহু ব্ৰহ্মপুত্ৰয়ো সেইবোৰ গ্ৰহণ নকৰি ঢৌৰে কোবাই পাৰলৈ দলিযাই দিছিল। তাৰ পিছত এইবোৰ অন্য নৈত অৰ্পণ কৰা হৈছিল; কিন্তু অন্য নৈবোৰেও তাকেই কৰিছিল। কোনো কোনো নৈয়ে সেইবোৰ পাৰলৈ দলিয়াই দিব নোৱাৰি হেনো নিজৰ গতিকে সলাইছিল। শিৱসাগৰৰ মৰিদিখৌ বোলে তাৰে এটা উদাহৰণ। তেনেকৈয়ে যাগ-যজ্ঞ অন্ত কৰি ৰজা আৰিমত্তই পুৰোহিতৰ উপেদেশ মতে এটা বিৰাট ব্ৰহ্মভোজন পাতিছিল। কিন্তু ব্রাহ্মণসকলেও পিতৃবধী ৰজাৰ ঘৰত জাজলপান, সিধা-পাতি আদি একো গ্রহণ নকৰিলে। ব্ৰাহ্মণ-সজ্জনক খুৱাবৰ কাৰণে যিবোৰ বস্তু সংগ্ৰহ কৰা হৈছিল সেইবোৰ অকাৰণতে নষ্ট হৈ গ'ল। মানুহে কয় যে ব্রাহ্মণক খুৱাবৰ কাৰণে তৈয়াৰ কৰা পৰ্বত আকাৰৰ পিঠাগুড়িৰ দৌলে আজিও পিঠাগুড়ি পর্বত নাম লৈ তেজপুৰৰ ওচৰত ৰজা আৰিমত্তৰ পিতৃবধৰ কলঙ্ক-কাহিনীৰ সাক্ষ্য দিব লাগিছে। এনেকৈ ভগা অন্তৰ লৈ ৰজা আৰিমত্ত পুনঃ ৰাজধানীত সোমাল। তাত কিছুকাল মন মাৰি থকাৰ পাছত এদিন ফিঙুৱা কোঁৱৰে তেওঁক নিজঘৰলৈ ভোজনাথে নিমন্ত্ৰণ কৰিলে। ৰজা আৰিমত্তই সেই নিমন্ত্রণ প্রত্যাখ্যান কৰিবৰ উদ্দেশ্যে ক'লে--- "কোঁৱৰ, মই আনৰ ঘৰত খাবলৈ এৰিছোঁ মোৰ থোৱাৰ জুতি বেলেগ। বাহিৰত সেই জুতিত মোক কোনেও খুৱাব নোৱাৰে। গতিকে তুমি বেযা নাপাৱা, মই তোমাৰ ঘৰলৈ খাবলৈ নাযাওঁ। আৰু দ্বিতীযতে মই পুৰুষৰ হাতে নাখাওঁ।" কোঁৱৰো কিন্তু সহজে এৰা বিধৰ লোক নহয়। তেওঁ ক'লে - "মহাৰাজ, যদি আপুনি মোৰ ঘৰত ঠিক আপোনাৰ ঘৰত খোৱাৰ দৰে জুতিত উঠাকৈ নাৰীযে সজোৱা অন্ন-ব্যঞ্জন খাবলৈ নাপায়, তেনেহলৈ মই আপোনাৰ বন্ধু গুচি দাস হম !" ৰজা মাস্তি হ'ল। ফিঙুবা কোঁৱৰে ইমানকৈ (জাৰ দি কথা কোৱাৰ গুৰ আছিল অন্য ক'ৰবাত। আৰিমত্ত ৰজাৰ নিচেই নুমলীয়া ৰাণী মায়াদেৱীৰ লগত কোঁৱৰৰ গুপুত সম্ভাৱ আছিল। ফিঙুবা কোঁৱৰে দেখাদেখিকৈ টু ব্ৰাব নিজৰ ৰাজভৱনলৈ নিব নোৱাৰে গতিকে আৰিমত্ত ৰজা যুদ্ধত ৰত থক। বালডোখৰতেই তেওঁ কাৰিকৰ লগাই দুয়োখন ৰাজভৱনৰ মাজত এনে এটা সুৰুঙ। মাটিৰ তলেদি গোপনে নির্মাণ কৰালে, যে সেই সুৰুঙাইদি ৰণীযে ইচ্ছা কৰিলেই অলপ সময়ৰ ভিতৰতে অপ্ৰয়াসে গৈ ফিঙুৱা কোঁৱৰৰ অট্টালিকাত উপস্থিত হ'ব পাৰে। কেতিয়াবা ৰাতি গৈ তেওঁ পুৱতি নিশা কুকুৰাই ডাক দিওঁতেই উভতে। ইফালে আৰিমত্তক নিমন্ত্ৰণ কৰি আহি ফিঙুৱা কোঁৱৰ অভ্যর্থনাৰ যা-যোগাৰত লাগি গ'ল। ৰাণী মাসাদেৱীয়েও মাথা ধৰাৰ দৰেই কাম কৰিলে। তেওঁ ভালকৈ পিন্ধিঅতুলচন্দ্ৰ বৰুৱা ৰচনাৱলী (৩য় খণ্ড) উৰি গৈ ছদ্মভাৱে থাকিয়েই ৰজাৰ কাৰণে ৰন্ধা-বঢ়া আদি সকলো কৰিলে। যথা সময়ত কোঁৱৰ ফিঙুৱা আৰু ৰজা আৰিমত্ত দুয়ো মহা আয়মেৰে খাবলৈ বহিল। মায়াদেৱীয়ে ভাবিলে, ভালকৈ ওৰণিয়ে বাৰণিয়ে গৈ অম্ল ব্যঞ্জন দিলে ৰজাই তেওঁক চিনিব নোৱাৰিব ; বৰং তেওঁ নিজৰ ঘৰত খোৱা যেনহে পাব। এই ভাবি তেওঁ ভালকৈ সাজি-কাচি গৈ দুযোকো ভাত-আঞ্জা দিবলৈ ধৰিলে। ৰজ' আৰিমত্তই, ঠিক নিজৰ ঘৰত সৰু মাদৈয়ে ৰান্ধি দিয়া অন্ন-ব্যঞ্জন ভুঞ্জা যেনেই অনুভৱ কৰিলে। বিলনীয়া মহিলাগৰাকীৰ চাল-চলন আৰু লাহ-বিলাহে কিন্তু তেওঁৰ মনত অলপ সন্দেহৰ উদ্রেক নকৰাকৈ নাথাকিল। তেওঁ এবাৰ ভাবিলে মোৰ আশ্ৰিত বন্ধু ফিঙুৱা কোঁৱৰৰ নিজৰ পত্নী নাই ; তেওঁ মোক সন্তোষ দিবৰ কাৰণে হয়তো কোনোবা ওচৰ-চুবুৰীয়া তিৰোতাক ৰান্ধনী নিযুক্ত কৰিছে। - তথাপি ঘটনাৰ ৰহসাটো ঠিককৈ বুজিবৰ কাৰণে তেওঁৰ এটা বুধি কৰিলে - এবাৰ আঞ্জাৰ বাটিত কথাৰ লাছতে আচম্বিতে এনেকৈ হাত জুবুৰিয়াই দিলে যে বিলনীয়া ৰাণীৰ বিহামেখেলাত আঞ্জাৰ ছিটিকনি গৈ ভালকৈয়ে পৰিল। ৰাণীয়ে সেইটো লক্ষ্য কৰিবই নোৱাৰিলে। ইফালে খোৱা শেষ হ'লত ৰজা আৰ্মিত্তই নিজৰ ৰাণী মায়াদেৱীনো ঘৰত আছে নে নাই তাকে চাবৰ উদ্দেশ্য জৰুৰী কাম থকা বুলি কৈ পোনেই আলিয়েদি ঘোঁৰা ঢেঁকুৰাই ৰাজভৱন পালেহি। ৰজাক অহা দেখি মায়াদেৱীয়েও অকণো সময় নকটাই সুৰুঙাইদি গোপনে ততাতৈয়াকৈ আহি ৰাজকাৰেং ল'লেহি। তেওঁ আহিল সঁচা কিন্তু পোছাক সলাবলৈকে সময় নাপালে, ৰজা গৈ পোনেই তেওঁৰ ওচৰত হাজিৰ হ'ল। ৰজাই পৰীক্ষা কৰি চাই নিজে পেলাই দিয়া আঞ্জাৰ ছেকা ৰাণীৰ কাপোৰত দেখিলত ৰহস্য বুজিবলৈ তেওঁৰ আৰু একো বাকী নাথাকিল। ৰাণীক সোধাত বাণীয়ে পোনেই আসৈ মাতিলে। ৰজাই আৰু একো প্রমাণ নলৈ এনে পৈশাচিক পাপকাৰ্য আৰু বিশ্বাসঘাটকতাৰ কাৰণে ৰাণী মায়াদেৱীক কটোৱালৰ হতুৱাই তেতিয়াই গডৰ এটি চুকত কটালে। যি ঠাইত ৰাণী মায়াদেৱীৰ শিৰচ্ছেদ কৰা হ'ল সেই ঠাই আজিকোপতি মাদৈকটা নামে পৰিচিত। এই ঠাই ৰঙিয়াৰ পিতৃ-হত্যা, পত্নী-হত্যা, বন্ধু-বিচ্ছেদ, পত্নীৰ বিশ্বাসঘাটকতা আদিৰ শোক আৰু সম্ভাপত ৰজা আৰিমত্ত বাতুল সদৃশ হ'ল। তেনে অৱস্থাত অনাই-বনাই ঘূৰি ফুৰোঁতে তেওঁ শোচনীয়ভাৱে মৃত্যুৰ মুখত পৰিল। ইফালে তেওঁৰ চেনেহৰ জীয়ৰী লক্ষৰাযো পিতৃ-বিয়োগৰ বতৰা পাই স্থিৰে থাকিব নোৱাৰি ওচৰেদি বৈ যোৱা পুঠিমাৰী নৈৰ কোবাল সোঁতত জাঁপ দি প্ৰাণ ত্যাগ কৰিলে। এই লক্ষতৰাৰ নামেৰেই তেতিয়াৰেপৰা পুঠিমাৰী নৈৰ সেইছোৱাক আজিকোপতি মানুহে লখাইতৰা বোলে। তাৰ পিছত? তেতিয়া অসমৰ ৰাজধানী আছিল ৰংপুৰ নগৰত। ৰংপুৰ নামে কামে ৰংপুৰ আছিল। ৰং-ৰহইচ, আমোদ-আনন্দ ভাত দিনে-নিশাই চলি আছিল। ৰজাৰ ৰং-চ'ৰাত ভালকৈ নাচ-গান কৰি দেখুৱাব পৰা লোকে তেনেকৈয়ে জীৱিকা নির্বাহ কৰিব পাৰিছিল। সেইদেখি গাঁৱৰ নামঘৰবোৰৰ আগত নাচ-গানৰ আখৰা চলিছিল। সেই সময়ত ৰংপুৰৰ ৰাজ-সিংহাসনত ৰজা আছিল স্বৰ্গদেৱ শিৱসিংহ। শিৱসিংহ বিলাসী ৰজা আছিল। তেওঁৰ মাদৈ আছিল কেইবাগৰাকীও। ৰাজকাৰ্যাৰ পৰা অৱসৰ পালেই পাৰিষদবৰ্গক লগত লৈ তেওঁ প্ৰায়ে ৰাজধানীৰ বাহিৰত ফুৰি আমোদ লভিছিল। কেতিয়াবা অকলে অকলেও ভেশছন কৰি ফুৰিছিল। তেওঁ এদিন তেনেকৈ ভেশছন কৰি ফুৰি থাকোঁতে শগুনপৰা নামে এখন গাঁৱৰ নামঘৰত দুজনী নাচনী ছোৱালীযে ঢোলৰ ছেৱে ছেৱে কঁকাল ঘূৰাই নাচি থকা দেখিলে। অসংখ্য লোকে সেই ছোৱালীদুজনীৰ নাচ বেঢ়ি বেটি চাইছিল। ছোৱালীদুজনী বাযেক-ভনীয়েক, আৰু দেখাত যেন ঠিক একে সাঁচতে গঢ়া। বয়স বাৰ-চৈধ্য বছৰ হ'ব। ৰজাই ওচৰৰে গছ এজোপাত ঘোঁৰাটো বান্ধি থৈ ৰাইজৰে এজন হৈ নাচ চালে। সিহঁতৰ অপূৰ্ব নাচ, হাতৰ মুদ্ৰা, চকুৰ পাক আদি দেখি ৰজা তেনেই মুগ্ধ হ'ল। তেওঁৰ আনকি পুৰস্কাৰ দিবলৈও মন গৈছিল, কিন্তু নিদিলে, কাৰণ তাকে কৰিলে তেওঁক ৰজা বুলি কোনোবাই সন্দেহ কৰিব পাৰে। তাৰে কেইমাহমান পিছত অন্য এদিন ৰজা সেই পিনেদি যাওক। সেইদিনা পালী-পহৰীয়া, লগুৱা-লিকচৌবোৰো তেওঁৰ লগতে আছিল। সেই একে দুজনী ছোৱালীকে সিদিনা তেওঁ কলহত পুখুৰীৰপৰা পানী নি বাৰীৰ শাক-পাচলিত দি থকা দেখিবলৈ পালে। ছোৱালী দুজনীৰ পৰিচয় ল'বলৈ তেওঁৰ বৰ মন গ'ল। ছোৱালীহঁতৰ বাপেকক সুধি তেওঁ জানিব পাৰিলে যে সিহঁতৰ এজনীৰ নাম ফুলমতী, আনজনীৰ দমযস্তী ; মাক নাই, মাহীমাকহে আছে। ঘৰৰ অৱস্থা শোচনীয় হোৱা বাবে সিহঁতে নাচ-গান শিকিছে আৰু ঘৰৰ সকলো কাম নিজেই কৰে। ৰজাই সিহঁতৰ নাচ নিজে দেখিছে ; দেখিছে যদিও একো নক'লেঃ মাত্ৰ ইয়াকে ক'লে - "সিহঁতক ভালকৈ নাচ-গান শিকিবলৈ দিবা। নাচত ভাল হলে হয়তো ৰাজসভালওৈ সিহঁতে নাচিবলৈ কেতিয়াবা নিমন্ত্রণ পাব পাৰে।" ইয়াকে কৈ ৰজাই দহোটা সোণৰ মুদ্ৰা সিহঁতক দিলে আৰু বিদায় ল'লে। ছোৱালী দুজনীৰ ৰূপ-গুণ, নাচ, চকুৰ পাক আদিয়ে ডেকা ৰজা শিৱসিংহৰ মনত সপোন ৰচনা কৰিলে আৰু তাৰেই ফুলত ভূতে পোৱা মানুহৰ দৰে তেওঁ সঘনে সেই বাটেদি অহা-যোৱা কৰিবলৈ ধৰিলে, কেতিয়াবা ছদ্মবেশত যায, কেতিয়াবা ৰজাৰ ৰাজ আভৰণত। এনেকৈ এদিন পাৰিষদবর্গক লগত লৈ গৈ ৰজা সেই ঠাইত উপস্থিত হ'ল। সে দিনাও নামঘৰৰ প্ৰাঙ্গণত ফুলমতী আৰু দনযন্তাৰ নাচ পূৰ্ণ উদ্যমে চলি আছিল। {জাই সদলবলে সেই নচ উপভোগ কৰিলে। তেওঁ দুয়োর নাচনী ছোৱালীকে সোণব মুদ্রা উপহার দিলে আৰু বাৰেঙলৈ দুযোবো নিবলৈ মনস্থ কৰি সিহঁতৰ বাপেকৰ সুধিলে - "ইহঁতৰ ৰজাৰ কাৰেঙৰ নাচনী কৰি নিলে যাবলৈ দিবা নে?" বাপেকে উত্তর দিলে-- "স্বর্ণাদর্ডর আদেশ হ'লে বন্দীয়ে কালিলৈযে সিহঁতক বাৰেডনে নিজেলে যান। বসার আদেশ দিলে আৰু ফুলনতী দমযস্তীর্ণ কাৰেঙত বখা হন, ৰজাই, নাচনীহঁতৰ জাত কূল বিচাৰি চাই সিহঁত ভাল জাতৰে বুলি জানি আৰু আনন্দ পালে, আৰু ফুলমতীক বিয়া কৰালে। বিয়া কৰাই নহয, বুদ্ধিমতী ফুলমতীক তেওঁ পাটমাদৈ পাতিলে বাবা মাদৈসকল তেওৰ তলতীয়া হ'ল। ফুলমতীয়ে ফুলেশ্বৰী কুঁৱৰী নাম ল'লৈ। ফুলেশ্বৰী কুঁৱৰীৰ ৰূপ আৰু গুণে ৰজাব তেনেই বশ কৰিলে। তেওঁ নামত মাথোন ৰজা হৈ থাকিল, পাটৰাণী ফুলেশ্বৰীযেহে ৰাজ্যভাৰ চলাবলৈ ধৰিলে। ফুলেশ্বৰী কুঁৱৰীয়ে তেতিযা পোনেই বাপেক-মাকহঁতক শগুনপৰা গাঁৱৰপৰা তুলি নি ৰংপুৰ নগৰৰ ওচৰতে থকা কালুগাঁৱত পাতিলে। উদ্দেশ্য হ'ল - ৰজাঘৰৰ পৰা মাক-বাপেকলৈ ইটো-সিটো সদায পঠিয়াই থকা। ৰজাৰ চাংমাযে মাছে-মঙহে জুতি লগাই ৰন্ধা বিবিধ ব্যঞ্জন খাই থাকিও কিন্তু বাপেক-মাকৰ ঘৰত তাহানি খোৱা পোনা মাছৰ আঞ্জা, খোলাত দিয়া চৰ্চ্চৰীয়া পুঠীমাছ, খাৰ'লি আৰু পোৰা হাঁহ-কণীৰে নিমখ-তেল-জলকীয়াৰ লগত খোৱা পইতা ভাতৰ জ্বতিৰ কথা ৰাণীয়ে পাহৰিব পৰা নাছিল। সেইবোৰলৈ মনত পৰিলে তেওঁ ভাবে এদিন বা এবেলাৰ বাবে হ'লৈও তেওঁ যেন এবাৰ বাপেকীৰ ঘৰলৈ যাব। কিন্তু দেখাদেখিকৈ সেইটো সম্ভৱপৰ নহয়, কাৰণ ৰজাঘৰলৈ বিযা দিয়া ছোৱালীক মাক-বাপেকৰ ঘৰলৈ যাবলৈ দিয়া নিষেধ, কাৰণ মাক বাপেক হ'ল প্ৰজা, ৰজাঘৰৰ বহুত তলত। এই নিয়মকে মানি আজিপর্যন্ত দৰঙী ৰজাসকলে - - ৰাজ্য নোহোৱা ৰজা যদিও - ছোৱালীক বিয়া কৰাই নিয়াৰ পাছত মাক-বাপেকৰ ঘৰলৈ যাবলৈ নিদিয়ে। গতিকে ফুলেশ্বৰী কুঁৱৰী যায় কেনেকৈ? তেওঁ যাব লাগিলে গোটেইখন ৰাজ্য ৰজনজনাই নাযাব জানো? পিছে ৰাণীযে এটা বুদ্ধি পাঙিলে। এসময়ত ৰজা ৪/৫ দিনৰ বাবে ৰাজধানীৰপৰা দূৰলৈ গৈছিল। সেই ছেগতে এদিন পাটৰাণী ফুলেশ্বৰীযে দিনদুপৰীযা যেতিয়া কাৰেঙৰ পালী-পহৰীয়া, দুৱৰী-চন্তৰীবোৰে জিৰণি লৈ আছিল সেই মাজনিশাৰ সাধু : তাৰ পিছত সময়ত এগৰাকী লিগিৰীৰ পোছাক পিন্ধি ল'লে আৰু কাৰোফালে অকণো নোচোৱাকৈ সোঁ সোঁকৰে কাৰেঙৰপৰা বাহিৰ হ'ল। তেওঁ সেইদৰে ৰাজধানীৰ পৰা বাহিৰ হৈ পোনে পোনে গৈ কালুগাঁৱত থকা বাপেকৰ ঘৰত ওলাল। ঘৰত তেতিয়া কোনো নাছিল। মাক-বাপেকহঁতে তেওঁলোকৰ পুৰণি ভতুৱা কুকুৰটোকে ঘৰ-ৰখীয়া কৰি এৰি ঘৰৰ দুৱাৰবোৰ বান্ধি থৈ খেতিৰ পথাৰলৈ গৈছিল। তাহানিৰ ফুলমতী বাইদেউক দেখি কুকুৰটোৱেও নেজডাল লৰফৰ কৰি আনন্দহে প্ৰকাশ কৰিলে। সি অকণো নুভূকিলে। সাধাৰণতে কোনো আচৱা মানুহ গ'লে তাৰ ভুভুকনিত গোটেইখন গাঁও খলক লাগে আৰু তেতিযা ঘৰত সোমোৱা দুৰৰ কথা কোনোৱে চোতালত ভৰি দিবলৈকে সাহ নকৰে। ৰাণীযে গৈ কাৰো কাৰণে অপেক্ষা নকৰি পোনেই ৰান্ধনীঘৰত সোমাল আৰু খাবৰ কাৰণে ক'ত কি আছে বিচাৰিবলৈ ধৰিলে। চৰৰ ঢাকনী উদিয়াই দেখে কেইটামান পইতা ভাত মাত্র আছে। আঞ্জাৰ চৰুতো আঞ্জা নাই--খোলাত দিয়া চৰ্চৰীয়া পুঠীমাছৰ ফিচা দুখনমান মাত্র ঢাকন দি থোৱা আছে। বাহিৰৰ কোঠালিটোৰ তুঁহৰ জুইৰ ওপৰতে টেকেলিটোত পানী বহুৱাই দিযা আছে। তুঁহৰ জুইকুৰা অলপ খোঁচৰি চাই পালে তাৰে ভিতৰত এটা হাঁহকণী আছে। আটালত খাৰলি আৰু জলকীয়াও পালে। মিঠাতেলৰ চিচাটোৰ তলিত দুটোপামান মাত্র মলমলীয়াকৈ গোন্ধোৱা পেৰাতেল আছিল। ৰাণীয়ে পইতা ভাতকেইটাৰ লগত চৰ্চৰীয়া খোলাত দিযা পুঠী মাছৰ ফিচা, পোৰা হাঁহকণী, খাৰ'লি, নিমখ-তেল-জলকীয়া - এই সকলোবোৰ লৈ হেঁপাহ পলুৱাই খালে আৰু বটাত থকা শুকান তামোলৰ লগত চোতালত সৰি থকা পকা পাণ এপাতেৰেই মুহুদি কৰি - দুৱাৰত গাঁথি দি থৈ লৰালৰিকৈ উভতিল। তেওঁ তৰা-নৰাছিঙা বেগ দি আহি ৰাজধানীত সোমাল। ৰাজধানীত সোমাওঁতে তেওঁ এবাৰ দুৱৰীৰ হাতত ধৰা পৰিবই ধৰিছিল - - কাণে কাণ মাৰিহে সাৰিল, দুৱৰীযে তেওঁক ৰাণী আইদেউৰ ওচৰলৈ যোৱা কোনোবা লিগিৰী বুলি আগুৰি নধৰিলে । পটেশ্বৰী হ'লেও হাজাৰে হওক ফুলেশ্বৰী আছিল তিৰোতা মানুহ, পেটত কথা নৰয়। সন্ধিয়া সতিনীয়েক মাদৈহঁতৰ আগত নিজৰ বুদ্ধি আৰু কৌশলৰ কথা কৈ তেওঁলোকৰপৰা বাঃ বাঃ নল'লে মানে তেওঁ সুখ নাপালে। তেওঁ কেনেকৈ ভেশছন কৰি দুৱৰী-প্ৰহৰী, চাওডাং-লিগিৰী সকলোৰে চকুত ধূলি মাৰি গৈ মাকবাপেকৰ ঘৰত তৃপ্তিৰে পইতা ভাত খাই আহিল সেইকথা বাকী ৰাণীসকলক ক'লে। সতিনীয়েকহঁতেও 'বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে পাৰ্টমাদৈ ফুলেশ্বৰী কুঁৱৰীৰ কথাত হাঁহিলে আৰু আচৰিত হৈ বাঃ বাঃ দিলে ; ভিতৰে ভিতৰে কিন্তু পাৰিলে তাৰ মজা দিবলৈও চিন্তা নকৰাকৈ নাথাকিল। ৰজা উভতি আহিলত সতিনীয়েক কেট্টগৰাকীয়ে পাটমাদৈ উপস্থিত নথকা ছেগত ৰজাৰ আগত লগালে, বোলে "আমি হ'লৈ স্বৰ্গদেৱক নোসোধাকৈ ৰাজধানীৰ ভিতৰতো ইকাতি-সিকাতি কৰিব নোৱাৰোঁ - পাটমাদৈয়ে মাকৰ ঘৰলৈ গৈ গাঁও ফূৰি আহিলেও দাই-জগৰ নাই।" ৰজাই ভালকৈ সোধাত আটাইকেইজনীয়ে একমুখে কথাটো লগালে। ৰজাই ক'লে, "বাৰু এই কথাৰ কালিলৈ প্ৰমাণ লোৱা হ'ব। প্রমাণ পালে উচিত দণ্ড বিহা যাব, প্রমাণ নাপালে কিন্তু চাবা!" কুঁৱৰীহঁতৰ ভয় লাগিল। ৰজাই বুজি পাই ক'লে - "কালিলৈ বাৰু দুপৰীয়া খাই-বৈ উঠি মই বিশ্রাম নলওঁ, তোমালোকৰ লগত আলাপো নকৰোঁ। মই জৰুৰী ৰাজকাৰ্য থকা বুলি বাহিৰ চ'ৰালৈ ওলাই গৈ গোপনে আহি সৌ সিটো কোঠালিত বহি থাকিম। তোমালোকে তেতিয়া তেওঁক মাকৰ ঘৰলৈ কেনেকৈ গৈছিল সুধিবা। তোমালোকে সুধিব নোৱাৰিলে লিগিৰীহঁতৰে কাৰোবাক লগাই দিবা সুধিবলৈ। তেতিয়া তেওঁ কি কয় মই শুনিম। তেওঁৰ মুখেৰে শুনিলে মোক আৰু অন্য প্রমাণ নালাগে।" পিছদিনা কুঁৱৰীহঁতে সেইমতে কাম কৰিলে। চকু টিপিয়াই দিয়াত এজনী লিগিৰীয়ে সুধিলে - "আইচু দেউতা, সিদিনা আপুনি কি বুদ্ধিৰে মাকৰ ঘৰলৈ গৈছিল কওকচোন, শুনি বৰ ভাল লাগিছিল।" তাতে হযভৰ দি মাদৈসকলেও ক'লে"সচাকৈয়ে সেইটো কথা আপোনাৰ মুখেদি শুনিলে কিবা আচৰিত সাধুকথা শুনা যেনহে লাগে। কওকচোন বাৰু কোনেও নো বাটত আপোনাক অকলে অকলে যোৱাত একো সোধা বা জোকোৱা নাছিলনে?" ৰাণীয়ে তেতিয়া ভেশছন কৰি যোৱাৰেপৰা আদ্যোপান্ত সকলো কথা ক'বলৈ ধৰিলে। কৈ কৈ গৈ পইতা ভাত খাই পুনৰ কেনেকৈ উভতি আহিল আৰু উভতি আহিও কেনেকৈ সেই পইতা ভাত খাৰ'লি আৰু পোৰা হাঁহকণী আদিৰ সোৱাদ পাহৰিব পৰা নাই তাৰে সৰস বর্ণনা দি টকালি পাৰোঁতে - ৰজাই আৰু সহি থাকিব নোৱাৰিলে। তেৱোঁ ইঃ বুলি টকালি পাৰি ক'লে - "হয় নে? তাৰ পিছত?" পাটৰাণীৰ গা চিৰিংকৈ উঠিল। সেইবুলি তেওঁ বিবুধি নহ'ল। তেওঁ টপৰাই উত্তৰ দিলে - "তাৰ পিছত আৰু কি হ'ব মহাৰাজ? তাৰ পিছত বন্দীযে সাৰ পালোঁ। সাৰ পাই দেখো য'ৰে মই ততেই আছোঁ।" পাটমাদৈ ফুলেশ্বৰীৰ এনে বিশ্বাসযোগ্য কথাত ৰজা সঁজাত গ'ল। তেওঁ বুজিলে যে ৰাণীয়ে সঁচাকৈয়ে সপোনৰ কথাকে বাকী মাদৈহঁতকো কৈছিল - সিহঁতে কেবল বুজিব নোৱাৰিহে কেঁচুকে সাপ বুলি ভাবিছে। ৰজাই কাকো শাক্তি নিদিলে। দৈৱজ্ঞই গণনা কৰি চাই ৰজা শিৱসিংহৰ ছত্রভঙ্গ যোগ পৰা বুলি কোৱাত তেওঁ ৰাজপাট এই ফুলেশ্বৰী কুঁৱৰীৰ হাততে এৰি দি শান্তি লাভ কৰিছিল। নিজৰ অদূৰদৰ্শিতাৰ হেতুকে মোৱামৰীয়া ভক্তসকলক বলিৰ তেজৰ ৰঙা ফোঁট পিন্ধাই নগুৰ-নাগতি কৰি এইগৰাকী ৰাণীয়ে দেশখন কেনেকৈ জ্বলাই তুলিছিল - - - বুৰঞ্জীৰ পাঠকসকলে সেই কথা ভালকৈ জানে। কথাৰ নাভাঙিবি থোৰ, আদখিনি তোৰ আদখিনি মোৰ অসমৰ ৰজা আছিল তেতিয়া স্বৰ্গদেৱ গৌৰীনাথ সিংহ। ৰজা হৈ তেওঁ গড়গাঁৱৰ তিনি খলপীয়া ওখ কাৰেংঘৰত থাকিবলৈ লৈছিল। কাৰেংঘৰটো বৰ ওখ বাবে তাৰ ওপৰত টুপত বহি জাৰকালি ৰ'দ ল'বলৈ ভাল। ৰজাই প্রায় সদায়ে কাৰেংঘৰৰ ওপৰ টুপৰ আগচালিত বহি ৰঙা ৰ'দ লৈ আৰাম কৰে। কাৰো গাত ৰ'দ নপৰোঁতে ৰজাৰ গাত পৰেহি। ৰাতিপুৱাৰ কাঁচি ৰ'দত গাভৰু লিগিৰীবোৰে ৰজাক গা-মূৰ পিটিকি দি তেল-তেঙা ঘঁহি দিয়ে। দূৰণিৰ গছ-গছনিত দৃষ্টি ৰাখি ৰজা গৌৰীনাথ সিংহই জাকালি সদায় এই সুখ উপভোগ কৰে। এপৰমান বেগি উঠিলে ৰজাৰ চকুত সদায় ক'ৰবাৰ কজলা প্রতিবিম্ব এটি পৰেহি। সেইটো আচলতে কি বা কিহৰ জিলমিলনি তেওঁ নাজানে। পালী-পহৰীয়াসকলক তেওঁ তাৰ পম খেদিবলৈ কয়, কিন্তু সিহঁতে তাৰ একো উৱাদিহকে নাপায়। ৰহস্য ৰহস্য হৈয়ে থাকে। শেষত ৰজাই নিজেই অকলে অকলে পম খেদি সেই উৰহি গছৰ উলিয়ালে। কাৰেঙৰ পোনে পোনে সুবিশাল পথাৰ এখনৰ মূৰত এখন গাঁও আছে। সেই গাঁৱেদি পৰ্বতীয়া নিজৰা এটি বৈ গৈছে। নিজৰাৰ দুয়ো দাঁতিত মানুহৰ বসতি। তাৰেই কোনো এঘৰ লোকৰ গাভৰু জীয়ৰী এজনীয়ে সদায় কাঁচিয়লি ৰ'দ গাত লগাই নিজৰাৰ পানীত গা ধোৱে আৰু গা ধুই উঠি ৰদত চুলি মেলি দি খন্তেকৰ বাবে থিয় হৈ থাকে। চুলিও কম চুলি নাছিল - থিয় হৈ উধনীরা খোঁপাটো মেলি দিলে সি গৈ কঁকালৰ নামনিত পৰে। ভাৰত চুলি মেলি নিদিলে তিতা চুলিকোচাৰে তাই মূৰটো পোনকৈয়ে ৰাখিব নোৱাৰে, গোটেই মানুহজনী ধেনু-ভিৰীয়া হৈ যায়। তাইৰ কিচ্কিচীয়া ক'লা চুলিকোচাত পৰা ৰ'দৰ চিক্কিনি গৈ কাৰেঙত ৰা লৈ থকা ডেকা ৰজা গৌৰীনাথ সিংহৰ চকুত পৰি চকুত অলক লগায়। ৰজাই গোপনে অনুসন্ধান কৰি জানিব পাৰিলে যে সেই ছোৱালীজনীৰ নাম ভৰাৱতী আৰু তাইৰ বাপেকৰ নাম সোন্দৰ বণিরা। ভৰাৱতীৰ যাক নাই, ঢুকাবৰ প্ৰায় ৮/১০ বছৰ হৈছে। তেতিরা বাপেকো প্রায় পামতে থাকে। পাম বেছি দূৰত নহয়, তথাপি ৰখিব লাগে। বাপেক ঘৰত নাথাকিলে ককায়েক ধনঞ্জয়ৰ লগতে থাকি ওৰাৱতীয়ে, কাপোৰ ৰই, ৰন্ধা-বঢ়া কৰি ঘৰখন ৰাখি থাকে। কেতিয়াবা বাপেক ঘৰত থাকে, কেতিয়াবা ককায়েক থাকে। ঘৰৰ অৱস্থা একেবাৰে শোচনীয় নহ'লেও স্বচ্ছল নহয়। ৰজাই চল চাই কঠীয়া পাৰিলে। ঘৰত কোনো নথকা সময়ত এদিন তেওঁ তৰাৱতীৰ ঘৰলৈ ফুৰাৰ ছলেৰে গৈ ভৰাৱতীক ৰজা বুলি নিজৰ পৰিচয় দিলে। তৰাৱতীয়েও স্বৰ্গদেৱক যথাসাধ্যে আদৰ-অভ্যর্থনা কৰিলে। তাৰ পিছত ৰজা সঘনে তৰাৱতীৰ ঘৰলৈ যাবলৈ ধৰিলে আৰু অকল যোৱারে নহর, যোৱাই পতি ধনপইচাৰে তৰাৱতীহঁতক বাৰুকৈয়ে সহায় কৰিবলৈ ধৰিলে। তেনে কাৰ্যত তৰাৱতীৰ ককায়েক আৰু বাপেকে ৰজাৰ আশয় অলপ বুজিব পাৰিও চকু-কাণ নিদিয়াকৈ থাকিল। এইদৰে এডেও দুডেওকৈ ৰজা বহুতখিনি আগবাঢ়িল। গঞা ওচৰচুবুৰীয়াই ৰজাৰ এনে কাৰ্যলৈ একেবাৰে নজৰ নিদিয়াকৈ নাছিল। তথাপি 'বৰলোকৰ হলে সেয়ে হ'ব লীলা; সৰু লোকৰ হ'লে, তাক ধৰি বান্ধি কিলা' বুলি সকলোৱে মুখ ফুটাই একো কোৱা নাছিল। ৰজায়ো সেই কথা একেবাৰে গম নোপোৱাকৈ নাছিল। গতিকে তেওঁ এটা বুদ্ধি কৰিলে। দিনত তেওঁ সেই বাটেদি সমূলি নোযোৱা হ'ল ; এন্ধাৰৰ ছেগ লৈ তালৈ ৰাতি যাবলৈ ধৰিলে। যায় কেনেকৈ? মাজনিশা ৰজাই ধোঁৰাশালৰপৰা কাজলী ঘূৰী এজনী আনি তাইৰ পিঠিত উঠি একে জাঁপে গড় চেৰাই সোণাৰি গাঁওলৈ ঢাপলি মেলে আৰু ৰাতিৰ ভিতৰতে কাম সমাধা কৰি উভতি আহি কাৰেঙত ওই থাকে - কেৱে তাৰ ফুটকে নাপায়। কোনোবা পৰীয়াৰখীয়াই কেতিয়াবা কিবা বু-বু-বা-বা কৰিলে তাক ৰজাই কিবা অন্য চেলু উলিরাই কাটি পেলায়। এইদৰে অনেক নিপৰাধী দুৰী, পৰীয়া, চাউডাং, ৰখীয়া এনেয়ে কটা গ'ল। কাৰণ, জানিলেও জগৰ, নাজানিলেও জগৰ। ৰজাই কেতিয়াবা কোনো গ্ৰহৰীক সোধে 'কালি নিশা ক'ৰবাৰ চোৰ-মাকাৰ আহিছিল নেকি দেখিছিলি নে? তেতিরা সি যথাযথ উত্তৰ আকাৰে-ইঙ্গিতে দিব পাৰিব লাগিব, কিন্তু পোনে পোনে ৰজাৰ ফালে টোঁৱালেও বিপদ। চোৰ অহা-যোৱা কৰাৰ ইঙ্গিত দিব নোৱাৰিলেও বিপদ ; কাৰণ ৰজাই জানে। দুয়ো পিনে বিপদ। দুয়ো পিনে কটা যায়। এনেকৈ কটা যাবলৈ ধৰাত প্ৰহৰী, ৰখীয়া আদি কামৰ বাবে কোনো আগবাঢ়ি নহা হ'ল। গাঁও মূৰি পাল পাতি পহৰা দিবলগীয়া হ'ল। এদিনৰ কথা। সেইদিনা বতৰটো আছিল গোমা। মেঘে ওদোলাই আছিল। এটা খ্ৰীৱাই খবৰ খজুৱতিত ৰব নোৱাৰি ভাবিলে ৰজাৰ ঘৰলৈ গৈ পৰীয়া হৈ কটা যোৱাই ভাল, নহ'লে খৰৰ খজুৱৰ্তিত ৰ'ব নোৱাৰি। তাতে ডাৱৰীয়া বতৰত খৰৰ খজুৱতি বেছি হয়। সেই দেখি সি গৈ সেইদিনাৰ প্ৰহৰীৰ তালিকাত নিজৰ নামটো দিলে। ৰাতিৰ প্ৰহৰী। ৰজাৰ সিংহদ্বাৰত সিখৰ খজুৱাই খজুৱাই বহি থাকিল। ইফালে সিদিনা মানুহে ৰাতি ভাত-পানী খাই উঠাৰ পাছতেই এজাক বৰষুণ আহিল। লগতে অলপ বতাহো আছিল। সেইদেখি জাৰৰ দিন নহ'লেও জাৰ নমা যেন অনুভৱ হৈছিল। বৰষুণ আৰু বতাহ থামিল কিন্তু বিজুলীৰ চিক্কিনি চলি
pdf
42481667b09ab22cc32dcbd522ac7f8e47a64818
ক্ষুধাৰ আঁৰৰ অৰ্থনীতি-(ড৹ জয়দীপ বৰুৱা) ক্ষূধা (hunger) বা ভোকৰ ধাৰণা এহাতে যিদৰে অতি সহজ, পৰিচিত আৰু সাধাৰণ, সেইদৰে পিছে ই জটিল তথা বহুমাত্ৰিকো। পৰ্যাপ্ত আৰু উপযুক্ত খাদ্যৰ অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা অৱস্থা এটাকে সামগ্ৰিকভাৱে ক্ষুধাৰ ধাৰণাই সামৰি লয়। সেয়ে হ'লেও, পেটত খুদকণ এটা নপৰা লঘোনীয়া অৱস্থাৰ পৰা উপযুক্ত খাদ্যৰ অভাৱত পুষ্টিহীনতাত ভোগালৈ- এই সকলো প্ৰসংগ ক্ষুধাৰ ধাৰণাটোৱে সামৰি লয়। মনকৰিবলগীয়া যে, "উপযুক্ত খাদ্য" বুলি কওঁতে খাদ্যৰ পৰিমাণগত আৰু গুণগত দুয়োটা দিশেই আহি পৰে। ৰাষ্ট্ৰ সংঘৰ অন্তৰ্গত খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ সংজ্ঞা অনুসৰি কোনো এজন ব্যক্তিৰ বয়স, লিংগ বা কৰ্ম অনুসৰি প্ৰয়োজন হোৱা ন্যূনতম শক্তি অথবা কেলৰিৰ বাবে প্ৰতিদিনে যিমান পৰিমাণৰ আহাৰ বা খাদ্য লাগে তাৰ অভাৱেই ক্ষুধাৰ অৱস্থা নিৰ্দেশ কৰে। এইফালৰ পৰা ক্ষুদ্ধা আৰু দাৰিদ্ৰ সম পৰ্যায়ৰ, কিয়নো ভাৰতৰ দৰে ভালেমান দেশেই দাৰিদ্যৰ ধাৰণাটো নিৰ্দিষ্ট পৰিমাণৰ কেলৰিৰ সৈতে সংযুক্ত কৰি ৰাখিছে। সহজ ভাষাত দুবেলা দুসাজ পেট পূৰাই খাবলৈ নোপোৱাৰ কথাটোৱে ক্ষুধাৰ অৱস্থা এটা বৰ্ণনা কৰে। ইয়াৰ বিপৰীতে পুষ্টিহীনতাৰ প্ৰসংগটো অধিক জটিল আৰু গুৰুতৰ। মানৱ দেহৰ পূৰ্ণ পুষ্টিৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ কেলৰিৰ লগতে যাৱতীয় খনিজ পদাৰ্থ, ভিটামিন তথা শক্তিযুক্ত সুষম আহাৰৰ প্ৰয়োজন। পুষ্টিহীনতাৰ ফলত, বিশেষকৈ কম বয়সীয়া ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত, ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায়, না না বেমাৰে হেঁচা মাৰি ধৰে, মগজুৰ বোধ শক্তি ব্যাহত হয়, কৰ্মত বিৰূপ প্ৰভাৱ পৰে আনকি জীৱনকালো সংকুচিত হয়। গতিকে ক্ষুধাৰ এই বহল ধাৰণাটোৱে খাদ্যৰ গুণগত দিশটো উন্মোচিত কৰে। বিশ্বৰ ১১৬ খন দেশ সামৰি প্ৰস্তুত কৰা বিশ্বৰ ক্ষুধাৰ সূচাংক (Global Hunger Index) অনুসৰি ২০২১ চনত ভাৰতৰ ক্ষুধাৰ সূচাংক হ'ল ২৭. ৫ আৰু স্থান হ'ল ১০১। ২০১২ চনত এই সূ্চাংকৰ মান আছিল ২৮. ৮। মন কৰিবলগীয়া যে ভাৰতৰ ক্ষুধাৰ এই সূচাংক "গুৰুতৰ" (serious) হিচাপে চিহ্নত হৈছে আৰু যোৱা দশক জুৰি অৱস্থাৰ বৰ উন্নতি হোৱা নাই। এই কথাটো ভালকৈ টলকি চাবৰ বাবে এই ক্ষুধাৰ সূচাংক নিৰ্মাণ প্ৰক্ৰিয়াটোলৈ অলপমান মন কৰিব লাগিব। বিশ্ব ক্ষুধাৰ সূচাংক নিৰ্মাণ কৰা হয় তিনিটা কথাৰ ওপৰতঃ প্ৰথম, খাদ্যৰ যোগানৰ অভাৱ (inadequate supply of food); দ্বিতীয়, শিশুৰ পুষ্টিহীনতাৰ অনুপাত আৰু তৃতীয়, শিশু মৃত্যুৰ হাৰ। ভাৰতত ক্ষুধাৰ ধাৰণাটো খাদ্যৰ অভাৱতকৈও অধিক প্ৰভাৱিত শিশুৰ পুষ্টিহীনতা আৰু শিশুৰ মৃত্যুৰ হাৰৰ দ্বাৰা। যিখিনি সময়ত (২০১২-২০২১) ভাৰতত ক্ষুধাৰ সূচাংক প্ৰায় অপৰিবৰ্তিতভাৱে "গুৰুতৰ" বুলি অভিহিত কৰা হৈছে সেইখিনি সময়ত ভাৰতত খাদ্য শস্যৰ উৎপাদান লক্ষ্যনীয়ভাৱে হ্ৰাস পোৱা নাই, বৰং ক্ৰমাৎ বৃদ্ধিহে পাইছে। উদাহৰণ স্বৰূপে, ২০২০-২১ বৰ্ষত ভাৰতত খাদ্য শস্যৰ উৎপাদনে নতুন অভিলেখ সৃষ্টি কৰি ৩০৮. ৬৫ মিলিয়ন টন হোৱা বুলি চৰকাৰীভাৱেই জনাইছে। গতিকে সমসাময়িক ক্ষুধাৰ কাৰণ খাদ্যৰ যোগানত নাটনি বুলি ভৱাৰ অৱকাশ নাই। ইয়াৰ বিপৰীতে দেশৰ পুষ্টিহীনতাৰ ছবিখন বিশেষভাৱে চিন্তনীয়। ২০১৯ -২০২০ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্যই দেখৱাইছে যে ভাৰতৰ ৫ বছৰৰ তলৰ মুঠ শিশুৰ ৩২. ১ শতাংশৰে দেহৰ ওজন বয়স অনুপাতে কম। সেইদৰে ৩৫. ৫ শতাংশৰ আকৌ দেহৰ উচ্চতা বয়স অনুপাতে কম। উল্লেখযোগ্য যে অসমৰ ক্ষেত্ৰত এই অনুপাতো প্ৰায় একে - ক্ৰমে ৩২. ৮ আৰু ৩৫. ৩ শতাংশ। অৰ্থাৎ আমাৰ দেশৰ (লগতে ৰাজ্যৰো) এক তৃতীয়াংশ শিশুৱেই গুৰুতৰ অপুষ্টিহীনতাত ভুগি আছে। একেদৰে জানিব পৰা গৈছে যে ৫ বছৰৰ তলৰ মুঠ শিশুৰ ৬৭ শতাংশই ৰক্তহীণতাৰ চিকাৰ। স্বাভাৱিকতে প্ৰশ্ন হয় যদিহে দেশত খাদ্যৰ যোগানৰ অভাৱ ঘটা নাই এনে ব্যাপক শিশু অপুষ্টিৰ কাৰণ কি? ইয়াৰ উত্তৰৰ বাবে ক্ষুদ্ধাৰ অন্তৰালৰ অৰ্থনীতিত এভুমুকি মাৰিব লাগিব। ক্ষুধা সম্পৰ্কীয় অৰ্থনৈতিক চিন্তা-চৰ্চা আৰু গৱেষণাই এই কথা প্ৰায় নিশ্চিত কৰিছে যে খাদ্যৰ উৎপাদন অথবা যোগান ক্ষুধাৰ বাবে গুৰুত্বপূৰ্ণ হ'লেও সৰ্বশেষ কথা নহয়। খাদ্যৰ পৰ্যাপ্ত যোগান থাকিলেও জনসাধাৰণে তাক লাভ কৰিব তেনে কোনো নিশ্চিতি নাই। তাৰ কাৰণ হ'ল কোনো এজন ব্যক্তিয়ে কোনো এক উৎপাদিত সামগ্ৰীৰ কিমানখিনি উপভোগ কৰিব পাৰিব সেয়া নিৰ্ভৰ কৰিব সেই ব্যক্তিজনৰ সেই বিশেষ সামগ্ৰীবিধৰ ওপৰত থকা অধিকাৰ বা স্বত্ত্বৰ ক্ষেত্ৰত। ক্ষুধা আৰু দাৰিদ্ৰৰ না না দিশ সম্পৰ্কে চিন্তা-চৰ্চা কৰা নবেল বঁটা বিজয়ী অৰ্থনিতিবিদ অমৰ্ত্য সেনে সেই অধিকাৰক বুজাবৰ বাবে entitlement ৰ ধাৰণাটো ব্যৱবাৰ কৰিছে। সেনে দেখুৱাইছে যে entitlement ৰ ধাৰণাটোৱে ব্যক্তি আৰু সামগ্ৰীৰ মাজৰ এনে এক সম্পৰ্ক নিৰ্দেশ কৰে যাৰ মাধ্যমেদি ব্যক্তিজনে সেই বিশেষ সামগ্ৰীৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি ভোগ কৰিব পাৰে। তেখেতে এইটোও দেখুৱাইছে যে এই সম্পৰ্ক বিভিন্ন ধৰণেৰে সাব্যস্ত কৰিব পাৰি যেনে নিজা মালিকীস্বত্ত্ব, উত্তৰাধিকাৰী, বিনিময় অথবা ক্ৰয়। দেখা যায় যে সমকালীন সমাজত য'ত নিজৰ অধিকাংশ মৌলিক প্ৰয়োজনেই বজাৰৰ ওপৰত নিৰ্ভৰশীল, তেনে ক্ষেত্ৰত ক্ৰয়েই হ'ল যিকোনো সামগ্ৰীৰ উপভোগৰ ঘাই কথা। গতিকে প্ৰয়োজনীয় খাদ্য ক্ৰয় কৰাৰ ক্ষমতা নাথাকিলে খাদ্যৰ যোগান পৰ্যাপ্ত হ'লেও উপভোগৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এতিয়া কথা হ'ল মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ কাৰণ কি? ক'বলৈ হ'লে ই এক বহুতৰপীয়া প্ৰক্ৰিয়া। সমকালীন সময়ত খাদ্যৰ মূল্যবৃদ্ধি আৰু তাৰ সমান অনুপাতে আয়ৰ বৃদ্ধি নোহোৱাটো মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। চৰকাৰী-বেচৰকাৰী বিভিন্ন পৰিসংখ্যাৰ পৰা এই কথা জনা যায় যে বিগত প্ৰায় তিনিটা দশকত ভাৰতত মূল্যবৃদ্ধিৰ পৰিমাণ গড়ে ৩ শতাংশ হোৱাৰ বিপৰীতে সেই একেখিনি সময়তে দেশৰ কৃষক আৰু শ্ৰমিকসকলক সামৰি প্ৰায় ৮০ শতাংশ লোকৰ আয়ৰ গড় বৃদ্ধিৰ পৰিমাণ ২ শতাংশতকৈ কম। নকলেও হয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকৰ আয়ৰ এনে অৱস্ফীতিত ক্ৰমে জটিল হৈ পৰা নিবনুৱা সমস্যাৰো এক ব্যাপক প্ৰভাৱ আছে। বিভিন্ন অৰ্থনীতিবিদে ইতিমধ্যে এই কথা বিশ্লেষণ কৰি দেখুৱাইছে যে সমসাময়িক ক্ষুদ্ধা, বিশেষকৈ ব্যাপক তথা গুৰুতৰ পুষ্টিহীনতাৰ অন্তৰালৰ কাৰণ হ'ল সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ আয়ৰ সৰ্বাত্মক অৱস্ফীতি। এইখিনিতে এন এছ এছ অ'ৰ ২০১৭-১৮ বৰ্ষত কৰা উপভোক্তা ব্যয় সমীক্ষাৰ এটা ফলাফল উল্লেখ কৰিব পাৰি। এই সমীক্ষাৰ তথ্যৰ আধাৰত ২০১৯ চনৰ ১৪ নবেম্বৰ তাৰিখে Business Standard কাকতত এটি বাতৰি প্ৰকাশিত হয়। এই বাতৰিত কোৱা হয় যে বিগত সময়ত ভাৰতত গড় মাহিলী উপভোক্তা ব্যয় ৩. ৭ শতাংশ হ্ৰাস পাইছে আৰু গ্ৰামাঞ্চলত এই হ্ৰাসৰ পৰিমাণ সৰ্বাধিক ৮. ৮ শতাংশ। স্বাধীনতাৰ পাছত এনে ব্যাপক ব্যয় হ্ৰাসৰ বাতৰিত চৰকাৰ ব্যতিব্যস্ত হৈ পৰে আৰু এই সমগ্ৰ সমীক্ষাটোকে কাৰিকৰী আঁসোৱাহ থকা বুলি বাতিল কৰে। মনকৰিবলগীয়া যে ২০১১ চনৰ পিছত ভাৰতত কোনো উপভোক্তা ব্যয় আৰু তাৰ আধাৰত দৰিদ্ৰৰ পৰিসংখ্যা চৰকাৰে সদৰি কৰা নাই। এতিয়া কথা হ'ল সাধাৰণ মানুহৰ আয়ৰ এনে অৱস্ফীতিৰ কাৰণ কি? ভালেমান অৰ্থনীতিবিদৰ মতে আয়ৰ এনে ব্যাপক অৱস্ফীতিৰ গুৰিতে আছে দুই ধৰণৰ সংকোচন। প্ৰথম, উৎপাদনৰ ব্যয়ৰ অনুপাতে দামৰ বৃদ্ধিৰ পৰিমাণ নগন্য। এই ক্ষেত্ৰত এটা উদাহৰণেই যথেষ্ট। চৰকাৰী পৰিসংখ্যা অনুসৰি বিগত বিশ বছৰত কৃষিৰ উৎপাদন ব্যয়ৰ বৃদ্ধিৰ হাৰ প্ৰায় ৩০০ শতাংশ; আনহাতে কৃষিজাত সামগ্ৰীৰ দামৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ২০ ৰ পৰা ৩০ শতাংশ। দ্বিতীয়, ১৯৯১ চনত আঁকোৱালি লোৱা মুক্ত বজাৰ অৰ্থনীতিৰ ফলত চৰকাৰী খণ্ডৰ পৰা শিক্ষা, স্বাস্হ্যকে ধৰি নানান অত্যাৱশ্যকীয় সামগ্ৰী বেচৰকাৰী খণ্ডলৈ যোৱাৰ ফলত খাদ্যৰ বাবে নিৰ্দ্ধাৰিত আয়ৰ পৰোক্ষ সংকোচন ঘটিবলৈ ধৰে। অৰ্থাৎ, সামগ্ৰিকভাৱে ক'বলৈ গ'লে সমসাময়িক অৰ্থনৈতিক ব্যৱস্থা তথা নীতিৰ ফলত ব্যাপক হাৰত হোৱা আয়ৰ সংকোচন তথা অৱস্ফীতিয়ে সাম্প্ৰতিকালীন ক্ষুধা আৰু পুষ্টিহীনতাৰ প্ৰধান কাৰণ। এই প্ৰসংগতে এটা কথা উনুকিয়াই থ'ব পাৰি যে স্থানীয় লোকৰ আয়ৰ ব্যাপক সংকোচন তথা অৱস্ফীতি বৃটিশ উপনিবেশিক শাসনৰো এক উল্লেখনীয় অৰ্থনৈতিক চৰিত্ৰ আছিল বুলি অনেক অৰ্থনীতিবিদে উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, উৎসা পাটনায়কে তেঁওৰ Republic of Hunger গ্ৰন্হত সবিস্তাৰে আলোচনা কৰিছে। এনে অৰ্থত নব্যউদাৰবাদী মুক্ত অৰ্থনীতি আৰু ঔপনিবেশিক অৰ্থনীতিৰ মাজত যে বিশেষ পাৰ্থক্য নাই সেই কথা অনুধাৱন কৰিবলৈ অসুবিধা নহয়। অৰ্থাৎ ক'ব পাৰি ক্ষুধা আৰু অপুষ্টি নব্যউদাৰবাদী অৰ্থনীতিৰ এক ব্যৱস্থাগত ফল তথা অনিবাৰ্য পৰিণতি।
web
a1ebba8459d0d0c4005529bcd90cb3f8e31a34ce
সাক্ষাৎকাৰ- অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ৰ সৈতে এখন্তেক। হাঁহি যদি মূল বিষয় হয় তেন্তে তেওঁ সেই বিষয়ত বিশাৰদ। প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো পৰিস্থিতিৰ বুদ্ধিদীপ্ত উত্তৰ তেওঁৰ ওঁঠত অহৰহ ওলমি ৰয়। অভিনয় স্বতঃস্ফূৰ্ত ৰসাল আৰু কৃত্ৰিমতাবিহীন। তাহানিৰে পৰা স্থূল হাস্যৰসে অধিপত্য বিস্তাৰ কৰি ৰখা অসমীয়া কমেডীৰ জগতখনত নিৰ্মল হাস্যৰস প্ৰদানেৰে তেওঁ জিলিকি উঠিছে ব্যতিক্ৰমী হৈ। নগাঁৱৰ বুকুৰ পৰা ওলোৱা আন এক উজ্জ্বল প্ৰতিভা। নাম সিদ্ধাৰ্থ শৰ্মা। পিচে শদিয়াৰ পৰা ধুবুৰীলৈ বেছিভাগ দৰ্শকে তেওঁক সেই নামেৰে নেজানে। তেওঁ বিখ্যাত কে. কে দা বুলিহে। হয় আপোনালোকে ঠিকেই ধৰিছে। ইয়াত আমি ৰেঙণি টি. ভিত প্ৰচাৰিত অসমৰ আটাইতকৈ জনপ্ৰিয় ধাৰবাহিক 'বেহাৰবাৰী আউট পোষ্ট'ৰ চৌদিশে সমাদৃত চৰিত্ৰ কৃষ্ণ কমল খাটনিয়াৰ ওৰফে কে. কে দাৰ কথাই কৈছোঁ। চতুৰ, ধুৰ্ত, কথা চহকী অথচ ৰসাল চৰিত্ৰটো স্ব-প্ৰতিভাৰে প্ৰাণ দি জীপাল কৰি কম সময়তেই ৰাইজৰ বুকুৰ আপোনহৈ পৰে। জনপ্ৰিয় হাস্যমধুৰ ধাৰাবাহিকখন কে. কে দাৰ অবিহনে লোণহীন ব্যঞ্জন। কে. কে-মোহনৰ যুটি বুলিলে ৰজনী-তুলসীৰ দৰে অসম বিখ্যাত। কে. কে দা অসমৰ কপিল শৰ্মা আৰু মোহন যেন সুনিল গ্ৰোভাৰ। আমাৰেই সৌভাগ্য যে সেই ৰাইজৰ মৰমৰ কে. কে দা ওৰফে সিদ্ধাৰ্থ শৰ্মা আজি আমাৰ ফটাঢোলৰ সাক্ষাৎকাৰ শিতানৰ মূখ্য অতিথি। চৰিত্ৰটোৰ দৰেই বুদ্ধিদীপ্ত আৰু প্ৰত্যুৎপন্নমতি তেওঁৰ কথা-বতৰাবোৰ। কিন্তু তেনেই সহজ, সৰল, সৎ, নম্ৰ আৰু বিনয়ী স্বভাৱৰ সিদ্ধাৰ্থ দা সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৃষ্ট আছিল। নৱপ্ৰজন্মৰ বহু প্ৰতিভাই অভিনয়ক পেশা হিচাপে লৈ আগবাঢ়িব পাৰিম নে নাই চিন্তা কৰি থকাৰ সময়ত তেওঁ আদৰ্শ হৈ দেখা দিছে। আহকচোন আপোনালোকৰ মৰমৰ শিল্পীজনৰ বিষয়ে আৰু অলপ কাষৰ পৰা জানো। ফটাঢোলঃ নমস্কাৰ সিদ্ধাৰ্থ দা, আমি ফটাঢোল আলোচনীৰ পৰা আহিছোঁ। পোন প্ৰথমে ফটাঢোলৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ। সিদ্ধাৰ্থ শৰ্মাঃ নমস্কাৰ, মই ফটাঢোল গোটটোৰ কথা ফেচবুকত প্ৰায়ে পাই থাকোঁ। ধন্যবাদ, মোৰ পৰাও ফটাঢোললৈ শুভেচ্ছা থাকিল। ফটাঢোলঃ ধন্যবাদ সিদ্ধাৰ্থ দা। আমাৰ ফটাঢোল ই-আলোচনীৰ প্ৰতি সংখ্যাতে এইমাহৰ অতিথি নামেৰে এটা শিতান থাকে, য'ত অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। ফেব্ৰুৱাৰী মাহৰ অতিথিৰ ৰূপত আমি আপোনাৰ মনৰ কথা কিছুমানৰ উমান ল'বলৈ আহিছোঁ। সিদ্ধাৰ্থ শৰ্মাঃ মোক যে এই মাহৰ অতিথি হিচাবে মনত পেলালা তাৰ বাবে পুনৰ ধন্যবাদ। ফটাঢোলঃ তেনে আগবাঢ়োঁ আজিৰ কথা-বাৰ্তালৈ। আপোনাৰ পৰা প্ৰথমতে জানিব বিছাৰিম আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে, সাধাৰণ যুৱক সিদ্ধাৰ্থ শৰ্মাৰ পৰা আজিৰ কেকেদালৈ কেনেকৈ আৰম্ভ কৰিছিল এই যাত্ৰা? সিদ্ধাৰ্থ শৰ্মাঃ আচলতে আমি অভিনয়ৰ লগত জড়িতসকলে দুটা জীৱন জীয়াই থাকোঁ। এটা হ'ল কে কেৰ ৰিল লাইফ আনটো সিদ্ধাৰ্থ শৰ্মাৰ ৰিয়েল লাইফ। বাস্তৱৰ চৰিত্ৰটোৰ লগত যিমান সময় থাকোঁ অভিনীত চৰিত্ৰটিকো প্ৰায় একে সময় দিব লগা হয়। খুব কষ্টৰে তালমিল খুৱাই চলি যাওঁ আৰু। অ' তুমি কি সুধিছিলা? মোৰ যাত্ৰা! আমি সাংস্কৃতিক পৰিবেশ এটা ঘৰতে পাইছিলোঁ। সৰুতে খুব নাটক কৰিছিলোঁ, বাইদেৱে গান গাইছিল, মায়েও নাটক ভাল পাইছিল। পৰিবেশটো খুবেই ভাল আছিল। মোৰ দেউতা হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিঞ্চিপাল, দেউতায়ো নাট নিৰ্দেশনা কৰিছিল। আমাৰ পূজাবাড়ীত তেতিয়া নাটক হয়। দেউতাৰ নিৰ্দেশনাত প্ৰথম নৃত্য নাটিকাত ভাও পাইছিলোঁ; কিন্তু ভাও পাবলৈ বহুত জোৰ কৰিব লগা হয় তেতিয়া হে পাওঁগৈ। তেনেকৈ আগবাঢ়িলোঁ, এন এচ ডিৰ কৰ্মশালাত অংশ ললোঁ। তাৰ পাছত দীপক দা, নৱ দা, মৃদুল গুপ্তাদা, মানস ভাগৱতীদাক লগ পালোঁ, শিকিলোঁ। এনেদৰেই মোৰ অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এখন নাটক কৰিছিলোঁ, বিভিন্ন ঠাইত বেষ্ট এক্টৰৰ পুৰস্কাৰ পাইছিলোঁ, মানুহবোৰৰ মৰম আৰু উৎসাহ পাই ভাবিলোঁ মইচোন অভিনয়টো মন দি কৰিব পাৰোঁ। তাৰ পাছতে অভিনয়ৰ প্ৰতি ধাউতি বাঢ়ি আহিল। ভবা নাছিলোঁ অভিনেতা হ'মগৈ বুলি কিন্তু হ'লোঁগৈ আৰু। ফটাঢোলঃ অভিনয়ক পেশা হিচাপে ল'ম বুলি ভাবিছিল নে? সিদ্ধাৰ্থ শৰ্মাঃ ভবা নাছিলোঁ অভিনয় কৰি যে খাব পাৰিম। কিন্তু মোৰ এটা দৃঢ়তা আছিল যে অভিনয়ক পেশা হিচাবে ল'বলৈ হ'লে খাব পৰাকৈ ল'ম। আনক কোৱা নাছিলোঁ পিচে, বহুতে ভাবিব পাৰে এয়া পাগলামীৰ বাহিৰে একো নহয়। মইনো কি এনে ব্যতিক্ৰম যে বেলেগ কৰিম। গতিকে ভিতৰি ভাবোঁ মই অভিনয়ক এনেকৈ ল'ব লাগিব যাৰ জৰিয়তে মই ভালদৰে চলিব পাৰোঁ। এতিয়া চাৰিজনীয়া পৰিয়ালটোৱে সুন্দৰকৈ খাই বৈ চলি আছোঁ দেখোন। ফটাঢোলঃ আপোনাৰ শিক্ষাজীৱনৰ বিষয়ে কওকচোন? সিদ্ধাৰ্থ শৰ্মাঃ মোৰ শিক্ষা আৰম্ভ হৈছিল ঘৰৰ কাষৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত দেউতাৰ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ, শংকৰদেৱ হাইস্কুল ওজৰা গাঁঁৱত। হায়াৰচেকেণ্ডাৰী বাপুজীত আৰু কলেজীয়া শিক্ষা এডিপি কলেজত। ফটাঢোলঃ হাস্যৰস বুলি ক'লে আজিৰ তাৰিখত যথেষ্ট কঠিন কাম। নৰ্মেল হাস্যৰস বুলি ক'লে স্থূলহাস্যৰসকে আজিকালি সকলোৱে বুজে। বিভিন্ন অংগী ভংগীৰে ব্যংগাত্মক বাৰ্তাতকৈ য'ত দৈহিক বাৰ্তাহে যায়; কিন্তু আপোনালোকৰ কমেডীত সেইটো দেখা নাযায়। আপুনি প্ৰতিটো ব্যংগৰে সমাজলৈ একো একোটা বাৰ্তা বহন কৰিবলৈ সক্ষম হয়। এইটো নৰ্মেল হাস্যৰসতকৈ কিমান কঠিন হয় বাৰু? সিদ্ধাৰ্থ শৰ্মাঃ মোৰ বাবে কঠিন নহয়, মোৰ স্বাভাৱিকতে আহি যায়। নাটক কৰাৰ দিনত এই বিষয়ে নৱদায়ো কৈছিল। মোৰ অংগী ভংগী নাছিল কিন্তু কথা বহুত বেছি কৈছিলোঁ। নক'বলগীয়া ঠাইতো মই কথা কমেই আৰু। নৱদাই তেতিয়া লেকাম ডাল ধৰিছিল, বেলেগে যেতিয়া কয় অমুকে কথা বেছি কয় তেতিয়া ভাবোঁ এইবোৰ নকৰাকৈ মইনো কেনেকৈ থাকিব পাৰোঁ। তাৰ পাছত এক ডেৰ বছৰ ধৰি নিজকে শিকালোঁ কেনেকৈ কথা ক'ব লাগে। মানুহে মডুলেচন (কথাৰ সুৰ)বোৰতো ৰস পাই, সব কথাতেই চিঞৰ বাখৰ কৰি হহুঁৱাব লাগে বুলি মই নাভাবোঁ। মানুহে হাঁহক কিন্তু মই যাতে বেছি কৰিছোঁ বুলি নাভাবে সেইটো মনত ৰাখিয়েই চিনবোৰ কৰি যাওঁ। মানুহে ফূৰ্তি পাই হাঁহি হাততালি দিলে প্ৰতিজনৰ মনত বেছি কৰাৰ প্ৰৱণতা এটা আহিয়েই যায়। প্ৰতিজন অভিনেতাৰে আহে, মোৰো আহে। সেইসময়ত মই প্ৰচণ্ড ধৈৰ্য্য ধৰোঁ, কেতিয়াবা মোৰো বেছি হৈ যায় কিন্তু প্ৰায়েই নহয়। ফটাঢোলঃ আপোনাৰ ক্ষেত্ৰত দেখা পোৱা এটা গুণ, যিয়েই প্ৰশ্ন নহওক আপোনাৰ উত্তৰ সদায়েই বুদ্ধিদীপ্ত। সেয়া অনস্ক্ৰীপ্ত নে আউট অফক্ৰীপ্ত হৈ নিজেই কৈ দিয়ে? সিদ্ধাৰ্থ শৰ্মাঃ আমিতো স্ক্ৰিপ্তমতেই কওঁ বাৰু। যিখিনি যোগ কৰিব লাগে সেইখিনি ডাইৰেক্টৰক কৈ দিওঁ যে এনেকৈ ক'ম। মোৰ সহশিল্পী গৰাকীকো কওঁ যে এইটো মই এনেকৈ ক'লে তোমাৰ যদি অসুবিধা নহয় তুমি এনেকৈ ক'বা। অসুবিধা নহ'লে তাই/তেওঁ তেনেকৈয়ে কৰে, কেতিয়াবা ময়ো দুয়োজনৰ সুবিধামতে কৰোঁ। জীৱনত বিভিন্ন চৰিত্ৰৰ মানুহ লগ পাইছোঁ, বিশেষকৈ গাঁও অঞ্চলত। মই নিজেও গাঁৱৰ যে, মোৰ কথাবোৰো তেনেকুৱাই। তেওঁলোকে ইমান সুন্দৰকৈ মডুলেচন (সুৰমিশ্ৰিত) কৰি কথাবোৰ কয়, সৰু বাক্য এটাকে সুৰেৰে ভাঁজ কৰি কয় যে শুনিবলৈ বৰ শুৱনি লাগে। সেইবোৰ খেয়াল কৰি থাকোঁ, তেনেকৈয়ো শিকিছোঁ বাৰু। বিশেষকৈ গাঁও অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ কথা বতৰাত এই সুৰটো শুনিবলৈ পোৱা যায়। চিটি লাইফত সেইটো দেখা নাযায়, বৰ যান্ত্ৰিক কথা বতৰা ইয়াত। ফটাঢোলঃ বহুতবিলাক ভুক্তভোগীয়ে কয় যে মানুহ হেনো দুই প্ৰকাৰৰ থাকে, এজন জীৱিত আৰু এজন বিবাহিত। আপুনি বিয়াৰ পিছত কি অনুভৱ কৰিছে? ফটাঢোলঃ বাৰু ৰিল লাইফ, ৰিয়েল লাইফ শুনিলোৱেই আপোনাৰ পৰা। এই দুইটা লাইফৰ সামঞ্জস্য কেনেকে কৰে? এতিয়া আপুনি বেহাৰবাৰীৰ মণি বৌ আৰু ঘৰৰ অৰিজিনেল বৌৰ মাজত সামঞ্জস্য কেনেকে ৰাখে? সিদ্ধাৰ্থ শৰ্মাঃ অহ! ( হাঁহি মাৰি) ৰিল লাইফৰ বাৰু কথাই বেলেগ। ইয়াততো লিখিত মতে যাব লাগে। বেছিলৈতো যাব নোৱাৰি। ইয়াত সীমা আছে কিন্তু তাত সীমা নাই। যিমান যাব পাৰি(হাঁহি মাৰি)। ফটাঢোলঃ এই কনমাণিটো বৰ মৰম লগা হৈছে আপোনাৰ? কিছুদিন আগতে ভিডিঅ' এটা ভাইৰেল হৈছিল। ফটাঢোলঃ ভাল ভিডিঅ'। এনেই মানুহে বহুত আশীৰ্বাদ দিছে। সিদ্ধাৰ্থ শৰ্মাঃ হয় হয়! সকলোকে মানে আলোচনীৰ জৰিয়তে ধন্যবাদ দিছোঁ। ফটাঢোলঃ এনেই ভৱিষ্যতে অসমতে থাকিব নে বেলেগ চিনেমাৰ অফাৰ পালে মানে কেতিয়াবা ধৰক বেলেগ ভাষাৰ হিন্দি, বঙালী ভাষাৰ চিনেমাৰ অফাৰ পালে কৰিবনে? সিদ্ধাৰ্থ শৰ্মাঃ আচলতে মানে মোৰ সেইটো এটা নিজৰ খুব দুৰ্বল দিশ। মই খুব ভালকৈ হিন্দী, ইংৰাজী একো নাজানো ক'ব। সেইটো কাৰণতে মই অলপ ভিতৰি ভিতৰি নিজৰ ওচৰতে লাজ পাওঁ, দুখ পাওঁ এনেকুৱা হয়। মই এতিয়া যেনেকুৱা এখন ঘৰৰ পৰা আহিলোঁ তাত আমি ইংলিচ চিংলিচ কোৱা নহয় কোনো কাৰণত। Good morning টো ক'লেও লাজহে লাগে। গতিকে মনটো যায় বাৰু। এবাৰ যদি বলিউদত কাম কৰিব পাৰিলোঁ হয় বা বেঙ্গলী। এতিয়া অলপ ভিতৰি ভিতৰি মাইনাচ ওৱান, টু পইণ্ট মান চেষ্টা কৰি থাকোঁ আৰু। যদি জীৱনত তেনেকুৱা কিবা সুবিধা আহে তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে কৰিম। আৰু সেই সময়টোলৈ ৰৈ নাথাকোঁ, তাৰ আগতে কৰিম। এতিয়া লাহে লাহে কৰিমেই মানে। মোহনৰ লগতো পাতি আছোঁ কথা। মানে আমি অলপ ট্ৰেইনিং এটা ল'ব লাগে। ইংৰাজী আৰু হিন্দীৰ খুবেই প্ৰয়োজন। নক'লেও ভাষাটো অলপ জানি থোৱাটো ভাল। ফটাঢোলঃ মানে কে. কেয়ে সৈ-নাকাঢ়ে? সিদ্ধাৰ্থ শৰ্মাঃ হয়। সি মুঠতে জনাটোহে দেখুৱাব। ফটাঢোলঃ থাকে সমাজত তেনেকুৱা মানুহ আছে। ফটাঢোলঃ আপোনাৰ জীৱনৰ কিবা ৰসাল ঘটনাৰ বিষয়ে ক'ব নেকি? যিটো মানে মনত থকা আৰু পাব্লিকেও ভালপোৱা। সিদ্ধাৰ্থ শৰ্মাঃ তেনেকুৱা ঘটনাটো ঘটিয়েই থাকে। কিছুমান মনত আছে, কিছুমান পাহৰি যাওঁ। বহুত ঘটনাই ঘটে ডেই টু ডেই লাইফত। আগতে প্ৰায়ে ঘটিছিল এনেকুৱা ঘটনা। আগতে যে নাটক কৰিবলৈ যাওঁ। মই আৰু মোৰ বন্ধু পৱন। সি এতিয়া 'চানমাৰি'খনৰ ডিৰেকশ্যন কৰি আছে। আগতে যেতিয়া একেলগে নাটক কৰোঁ, নাটকখন কৰি মই বেষ্ট এক্টৰ পাওঁ। মানুহবোৰে আহি আকৌ তাকহে লগ কৰে। লগ কৰে কৰক, সেইটো ডাঙৰ কথা নহয়। কিন্তু মোক মানে পাত্তা নিদিয়াকৈ তাক লগ কৰে। সেইকাৰণে খং উঠে। তাৰো চুলি দীঘল আছিল মোৰো আছিল, দুয়োটা অলপ শকত আছিলোঁ। হাইটটোও অলপ একেই আছিল। সেইকাৰণে তাক আহি বেছিকৈ লগ কৰে। আৰু সি এবাৰলৈও কৈ নিদিয়ে যে মই নহয় সিহে। কাষতে বহি থাকিলেও মানে নকয়। সেইসময়ত সেইবোৰ কথাই কিন্তু মোক বিৰাট মাথা গৰম কৰিছিল। তেতিয়া হাঁহিছিলোঁ। আৰু মোৰ বিয়াখন। মোৰ বিয়া মানে বহুত টেনশ্যনৰ মাজত পাতিছিলোঁঁ, পইচা-পাতিৰ অভাৱ। তেতিয়ালৈকে ঘৰত ভালকৈ পইচা-পাতিও নাই, মোৰো নাই। বিয়াৰ ৰিচেপছনৰ দিনা চাৰে দহটা, এঘাৰটামান বাজিছে। মানুহ অহা নাই। পৰিয়ালটো আছে আৰু কইনাজনী। তাই সাজি-কাচি আহি বহি আছে। মই ঘপককৈ দেখিলোঁ তাই মোলৈ চাই হাঁহি মাৰিলে, ময়ো হাঁহি মাৰিলোঁ। মই আঁতৰৰপৰা তাইক চাই আছোঁ। তেতিয়া মোৰ মনলৈ বেলেগ একো কথাই অহা নাই। মনলৈ এটাই আহিছে যে ছোৱালী আনি ঘৰ সোমোৱাই দিলোঁহি, পইচা পাতি নাই, নাই আৰু। বেণ্ড পাৰ্টি মতাই আনি কৈছোঁ বজা। মানে গোটেই পৰিয়ালে নাচিছোঁ আৰু। মানুহ সেইখিনি সময়ত বিয়া খাবলৈ আহিছে সবকে নাচি নাচি আদৰি আনিছোঁ। সব পাগল হৈ গৈছে বোলে দৰাৰ কি হ'ল। ইমান টেনশ্যনত এতিয়া টেনছন ফ্ৰী। ছোৱালী আহি ঘৰ সোমাই গ'ল। সেই মুহূৰ্তটো ভাল লগা মুহূৰ্ত। ফটাঢোলঃ আপোনাক চিনেমাতো দেখিলোঁ, চিৰিয়েলতো দেখিলোঁ, এতিয়া ভ্ৰাম্যমাণত যোৱাৰ কিবা পৰিকল্পনা আছে নেকি? সিদ্ধাৰ্থ শৰ্মাঃ ভ্ৰাম্যমাণত আচলতে মই বেহৰবাৰী কৰাৰ দুবছৰ আগতেই আছিলোঁ। ব্ৰহ্মপুত্ৰ আৰু সঞ্জিৱনী। গতিকে ভ্ৰাম্যমাণত একেবাৰে নোযোৱা মানুহৰ যিটো হেঁপাহ সেইটো হেঁপাহ মোৰ নাই। মই গ'লে দুটা বস্তুৰ লোভতে যাব লাগিব। এটা ধৰক পইচা আনটো বেলেগ এটা কেৰেক্টাৰ কৰিবলৈ মানে বেহৰবাৰীক বাদ দি। সেই দুটা বাদ দি মোৰ এনেকুৱা হোৱা নাই যে ঘৰখন এৰি মই যাব পাৰিম। মতাত মোক প্ৰত্যেক বছৰে মাতে মই নিজেই পইচাৰ কথাই নুশুনো। মোক কয় আপোনাক ইমান দিম মই নাপাতোঁ। এইবোৰ লোভৰ বস্তুটো সেয়ে পইচা পাতিৰ কথা ক'লে কওঁ যেতিয়া যাম বুলি ভাবিম তেতিয়া পাতিম। এতিয়া সদ্যহতে ভবা নাই কিন্তু পিছত যাব লাগিব আৰু। ফটাঢোলঃ এতিয়া প্ৰেমৰ কথা কওকচোন। কেইবাৰ পৰিছে এতিয়ালৈকে? সিদ্ধাৰ্থ শৰ্মাঃ প্ৰেমৰ কথাটো চুটিকৈ মানে টিৰিক টাৰাককৈ পৰা হয় চিৰিয়াছলী হে ধৰক কথাটো মোৰ ভাল লাগিছে, কিন্তু মোক ভাল নাপায়। এতিয়া ফাইনেলী যিগৰাকী মোৰ ঘৰত আছে, সেইগৰাকীৰ লগতে প্ৰেম হ'ল। মানে মই যাক পালোঁ আৰু। তাইক লৈ মই এতিয়া সুখীও। আচলতে মই খুউব প্ৰেমিক মানুহো নহয়। মোৰ প্ৰেমটো মানে মোৰ ভিতৰি থাকে। মই মিঠা মিঠাকৈ একো ক'বও নাজানো। মই কামটো কৰি দিব পাৰিম, তেওঁৰ কাৰণে গেবাৰি কৰি দিব পাৰিম কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ। ফটাঢোলঃ কলেজীয়া দিনত তেনেকুৱা প্ৰেম কিবা হৈছিল নে? সিদ্ধাৰ্থ শৰ্মাঃ নাই কলেজীয়া দিনত নাই। স্কুলত এবাৰ তেনেকুৱা এটা হৈছিল। ছোৱালী এজনীয়ে এবাৰ মোৰ কিবা কিতাপ এখন বিচাৰিলে। মানে মই ওপৰৰ ক্লাছলৈ গ'লোঁ যে সেই আগৰ ক্লাছৰ কিতাপখন তাই মোক বিচাৰিলে। মই তাইক দিলোঁ কিন্তু কিতাখনত কভাৰ লগোৱা নাছিলোঁ। তাই আকৌ মোক কভাৰ লগাই কিতাপখন দিলে। মোক সেই কথাটোৱে অলপ টোকৰ দিলে। তাই কিয় কভাৰ লগাই দিলে। তাইৰ মোৰ প্ৰতি আকৌ কিবা আছে নেকি। তাকে ভাবি মাজে মাজে অলপ আঁৰ চকুৰে চাইছিলোঁ, তায়ো চাইছিল। সেইটো তেনেকেই আধা হৈ ৰৈ গ'ল আৰু। ফটাঢোলঃ মানে অসমৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আপুনি আৰু মোহন দুয়োজনেই দুটা জনপ্ৰিয় চৰিত্ৰ। সিদ্ধাৰ্থ শৰ্মাঃ (হাঁহি হাঁহি)ঠেংকিউ দেই। ভাবিছে যে আকৌ। ফটাঢোলঃ নাই নাই সকলোৱে মানি লোৱা কথা এইটো। সমজোৱা হিচাপে সবেই স্বীকৃতি দিছে। মানে যি ক্ষেত্ৰত ব্যংগ বুলি ক'লে কে. কে আৰু মোহনক ফেৰ মাৰিব পৰা ব্যঙ্গ নাই। বৰ্তমান সময়ত চলিত ব্যঙ্গ। আপুনি চেলিব্ৰিটি হিচাপে যিটো ফিলিঙছ, সেই ফিলিঙছটো কেনেদৰে অনুভৱ কৰিব? সিদ্ধাৰ্থ শৰ্মাঃ এ সেইটো, সেইটো অবুভৱ নকৰোঁ দিয়ক। সেইটো মানে অনুভৱ কৰিলে অলপ মূৰত ধৰে। মানে চিনিয়ৰ হ'লে অলপ ক্ষতি হয়। মানে চিনিয়ৰ দেই। উঠি দিয়ে যে, এনেকুৱা। ইয়াত আমাৰ যিখিনি মোতকৈ সৰু, মই কাষত ৰ'লে উঠি দিয়ে। সেইবিলাকে মোক অশান্তি কৰে। চিনিয়ৰ হ'লে, মই চেলিব্ৰিটি হ'লে, জনপ্ৰিয় হ'লে, মই ভাল এক্টৰ হ'লে মোৰ কৰিবলগা নথকা যেন লাগে। এইটো অলপ মূৰত ধৰিছিল। যেতিয়া হঠাৎ আগদিনালৈকে একো নাই পিছদিনাখন এনেকুৱা হৈ গৈছে, মই কৰোবাত গ'লেই এশ মানুহে এহেজাৰ মানুহে ফটো উঠে। সোমাই গ'লেই চিঞৰি দিয়ে। হঠাৎ ইমান ডাঙৰ এটা পৰিৱৰ্তন! কৰবাত যিটো মানে এটকাৰ কথা ভাবোঁ, কৰবাত শ্ব' এখনত গ'লেই দহহেজাৰ টকা দি দিয়ে! হঠাৎ হৈ যোৱা পৰিৱৰ্তনটোৱে অলপ মূৰত ধৰিছিল। এটা সময়ত মোৰটো ভগৱানক ক'বলৈ একো নাই; এনেকুৱা হৈ গৈছিল। কি ক'ম আৰু হৈয়ে গ'ল আৰু। মইতো এক্টৰ হ'বলৈকে বিছাৰি আছিলোঁ। পাই গ'লোঁ দেখোন। এতিয়া । সবেই এক্টৰ বুলিয়ে জানে। তাৰ পাছত সেইটো ফালিবলৈয়ো মই বহুত কষ্ট কৰিবলগীয়া হৈছে। যে মই সেইটো বিছাৰি অহা নাই আৰু মই কৰা আৰু মোৰ জনপ্ৰিয় হোৱা আৰু মোৰ অভিনয় সত্বাটোক মই মোৰ জীয়াই থকালৈকে জীয়াই ৰখা বেলেগ বেলেগ কথা। এটা কাম, নিজে ভালপোৱা কাম এটা সততাৰে গোটেই জীৱন কৰি থকাটোৱেহে বোলে মানে জয়! মই আজি কে. কে হ'লোঁ মোক মানুহে চিনি পালে, কাইলৈ মই জীয়াই থাকিম বা চাকৰি ব্যৱসায়ত সোমাই যাম সেইটো মোৰ কাৰণে জয় হ'ব নেকি? গোটেই জীৱন কৰি যোৱাটোহে কথা। ফটাঢোলঃ ফটাঢোলৰ যিবিলাক সদস্য আছে ধৰক আমি যিবিলাক কাম কৰি আছোঁঁ আমাৰতো ব্যঙ্গ সাহিত্যৰ প্ৰসাৰেই মেইন। কিন্তু লগতে আমি সামাজিক কামো কৰি আছোঁ। আমি ধৰক দুখীয়া মানুহক কাপোৰ কানিও দিছোঁ এই ঠাণ্ডাৰ দিনত। ৰাস্তাত পৰি থকা মানুহক বহু কাপোৰ কানি দিছোঁ। আমাৰ ফটাঢোলৰ সদস্যসকলক। আপুনি কি মছেজ দিব বা আপুনি কি ক'ব বিচাৰিব? সিদ্ধাৰ্থ শৰ্মাঃ প্ৰথম কথা, এই চিন্তাটো মোৰ ভাল লাগে। প্ৰথম কথা লক্ষ্মীনাথ বেজবৰুৱাই এই সাহিত্যৰ ওপৰতেই চৰ্চা কৰিছিল। তাৰ পিছত মোৰ নিজেৰো ব্যংগটো ভাল লাগে, কৰিও থাকোঁ। আপোনালোকৰ এই চিন্তাবিলাকো মোৰ ভাল লাগে। মোৰ শুভেচ্ছা থাকিল। ভাল হওক আৰু। ময়ো যদি কিবা সহায় কৰিব পাৰোঁ কেতিয়াবা আপোনালোকক মানে অকণমানকৈ হ'লেও মোৰ চিন্তাই যদি আপোনালোকৰ কামত দিয়া বুলি কেতিয়াবা ভাবে, ময়ো সহযোগিতা আগবঢ়াম আৰু দুখীয়া মানুহক যিটো সহায় কৰাৰ প্ৰচেষ্টা ল'লে, সেইটো যদি আপোনালোকে মোক অনাগত দিনত মানে সেই সুবিধাটো দিয়ে, মই কাপোৰ দি হ'লেও, পইচা দি হ'লেও বা মানুহটো থাকি হ'লেও আপোনালোকক সহায় কৰিম। কৰিছোঁ। আপুনি ইমান জনপ্ৰিয় ৰাইজৰ অতিকে মৰমৰ ৰাইজে আপোনাক ইমান ভাল পাই যে সন্ধিয়া আঠ বজালৈ ৰৈ থাকে বেহাৰৱাৰী চাবলৈ। ইউ টিউবত কে. কে মোহন ভাইৰেল। মানুহে ডাওনলোড কৰি কৰি চাই। ষ্টেজ প্ৰগ্ৰাম বিহু ফাংচন কত কিমান কি! ইমানবোৰৰ মাজত আপুনি ভাবিছিল নে কেতিয়াবা যে ফটাঢোল নামৰ অনলাইন মেগাজিন এখনত ইন্টাৰভিউ দিবলৈ পাম বুলি? ফটাঢোলঃ বহুত ধন্যবাদ। সিদ্ধাৰ্থ শৰ্মাঃ আৰু সকলো সদস্যক মোৰ ফালৰপৰা শ্ৰদ্ধা প্ৰণাম। লগতে অতিথি হিচাপে আপোনালোকে মোক বিচাৰিলে তাৰ বাবে ধন্যবাদ। পৰিচিতিঃ চিৰিয়েলঃ চিনেমাঃ থিয়েটাৰঃ
web
ac8ddb2b03356a64dedf3a5d774f4f8f34c39187
নিউজ ডেস্কঃ ভাৰতীয় জনতা পার্টীৰ নলবাৰী জিলা মহিলা মৰ্চাৰ অন্তৰ্গত বড়িগোগ বনভাগ মহিলা মৰ্চাৰ দ্বিতীয়খন কার্যনির্বাহক সভা আজি ঘগ্ৰাপাৰস্থিত বিজেপিৰ মণ্ডল কাৰ্যলয়ত অনুষ্ঠিত কৰা হয়। বিজেপিৰ বড়িগোগ বনভাগ মহিলা মৰ্চাৰ সভানেত্ৰী মণিকা ভৰালীয়ে সঞ্চালনা কৰা সভাত মহিলা কার্যকর্তাসকলক সম্বােধি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ভাষণত কয় যে, ভাৰতীয় জনতা পার্টীক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলা শক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । যিকোনাে কাম সমাজত সুস্থিৰভাৱে সম্ভৱ কৰি তুলিবলৈ হ'লে মহিলাসকলে অগ্রণী ভূমিকা গ্রহণ কৰিব লাগিব । এই কাম যুগে যুগে মহিলাই কৰি আহিছে । অসমত বিজেপি চৰকাৰ গঠন প্রক্রিয়াত মহিলা কার্যকর্তাসকলৰ উল্লেখযােগ্য ভূমিকা আছে । আগন্তুক পঞ্চায়ত নির্বাচনত মহিলা কর্মকর্তাসকলে চৰকাৰ পুনৰ গঠন কৰাৰ বাবে মুখ্য ভূমিকা গ্রহণ কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । সাংসদ গৰাকীয়ে লগতে কয় যে, পুৰুষ-মহিলা উভয়ে ৰাষ্ট্র নির্মাণত সমর্পিত মনােভাৱেৰে কাম কৰি আহিছে । ভাৰতবৰ্ষত পাঁচ হাজাৰ বছৰীয়া সিন্ধু সভ্যতা, সংস্কৃতিৰ পৰম্পৰা আৰু মূল্যবােধ আছে এই মূল্যবােধে আমাক শিক্ষা প্রদান কৰি আহিছে । অসমক আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ'লে মহিলাসকলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব। অসমত এনে এখন চৰকাৰ লাগে যিয়ে সমন্বয় আৰু বিকাশ, ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিব পাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ছয় বছৰীয়া শাসন কালত অসাধ্য সাধন কৰিছে যাৰ ফলত ৰাষ্ট্রৰ পৰিৱর্তন সম্ভৱ হৈ উঠিছে । প্রধানমন্ত্রীয়ে সমগ্ৰ ৰাষ্ট্ৰৰে সম উন্নয়ন আৰু সকলােকে সম মর্যাদা দি কাম কৰি আহিছে। ডিজিটেল ব্যৱস্থাৰে প্রতিগৰাকী হিতাধিকাৰীলৈ ধন প্রদান, মহিলা সৱলীকৰণ, বৃদ্ধ-বৃদ্ধা, বিধৱা, দিব্যাংগ, যুৱক-যুৱতী, খেতিয়ক, শ্রমিক ইত্যাদি সকলােৱে উপকৃত হ'ব পৰাকৈ কাম কৰি আহিছে। এই পৰিৱর্তন ভাৰতীয় জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে । প্রধানমন্ত্রীয়ে মূল্যবােধৰ আধাৰত গণতন্ত্রক শক্তিশালী কৰিবলৈ কাম কৰি অহা বাবে জনসাধাৰণৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে। প্রধানমন্ত্রীৰ আদৰ্শৰে ৰাজ্য চৰকাৰেও সকলােৰে সমবিকাশ আৰু সম মর্যাদাক গুৰুত্ব দি সমন্বয়ৰ মাধ্যমৰে অসমক আগুৱাই নিয়াৰ যাত্ৰাত অগ্ৰসৰ হৈছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে। ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই ভাষণত কয় যে, উন্নয়নমূলক যিবােৰ আঁচনি গ্ৰহণ কৰা হৈছে তাক সফল ৰূপত ৰূপায়ণ কৰা হৈছে। বিনামূলীয়া ৰন্ধন গেছ যােগান আঁচনিৰ জৰিয়তে মহিলাসকল উপকৃত হ'বলৈ সক্ষম হৈছে। ইয়াৰ ফলত পৰিৱেশ সংৰক্ষণতাে ইতিবাচক প্রভাৱ পৰিছে। সেউজীয়া বাতাবৰণ জীয়াই ৰখাৰ এক বাতাবৰণৰ সূচনা হ'ল। ৰাজ্যখনৰ কৃষিখণ্ডত আজি নৱ প্ৰজন্মই সফলতাৰ বাট বিচাৰি পাবলৈ সক্ষম হৈছে । কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডত উৎপাদন বৃদ্ধি পাইছে কাজিৰঙাত গঁড়, মানহত বাঘৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি নেতা গৰাকীয়ে নিজৰ ভাষণত কয় যে, এনেধৰণে অসমৰ বুকুতে বহু সফলতাৰ কাহিনীৰ সৃষ্টি হৈছে। মহিলা মৰ্চাই সমগ্ৰ অসমতে সক্রিয়তা প্রদর্শন কৰি আহিছে বুলি মন্তব্য কৰে। সভাত নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মাধৱী ৰাজবংশী,মহিলা মৰ্চাৰ জিলা প্ৰভাৰী ৰীতা দত্ত,,বিজেপিৰ জিলা সামাজিক মাধ্যমৰ আহ্বায়ক পাৰ্থ প্ৰতীম তালুকদাৰ,জিলা বিজেপিৰ সম্পাদক নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক মনোজ ডেকা, সম্পাদক মৃগেন শৰ্মা আদিয়ে ভাষণ দিয়ে। মণ্ডল মহিলা মৰ্চাৰ সম্পাদিকা ৰুমী শীলে আঁত ধৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয়।
web
28bcc9788dba91d55dc4984ee3022ae80d3c1ba0
1 Winjauru un joma odak e dho nembe, winjuru un pinje man mabor: koa e nywolna ne oluongo nyinga. 2 Ne omiyo lewa obedo ka ligangla mabith, e bwo tipo mar lwete ne opanda; kendo ne opanda e olalone. 3 Ne owachona niya, 4 To ne awacho ni, "Asetiyo matek kayiem nono; aseketho tekra kayiem nono. 5 To koro Jehova Nyasaye wacho kama; jal mane ochweya e ich mondo abed jatichne, kendo achok jo-Israel ire, nimar aseyudo duongʼ e wangʼ Jehova Nyasaye, kendo Nyasacha ema osebedo tekrena. 6 Owacho ni: kata mondo iduog dhood joka Jakobo, kendo mondo iduog jo-Israel manok mane odongʼ. Abiro miyo ibed ler mar ogendini, 7 Ma e gima Jehova Nyasaye, ma Jares ji kendo Ngʼat Maler mar Israel wacho, kendo ma en misumba jotend piny: "Ruodhi nochungʼni malo koneni, kendo jotelo koneno ma to nopodhni auma, 8 Ma e gima Jehova Nyasaye wacho, "E ndalona mag kech abiro dwoko kwayoni, chutho ne akonyi e odiechiengʼ mar warruok; e kinda gi ji mondo ires piny, mi ipog ji kuonde ma yande odongʼ gunda, kendo giniyud kuonde kwath e gode matindo. 10 Kech ok nokagi kata riyo ok nologi, bende liet mar kama otimo ongoro, kata chiengʼ marieny makech ok nomigi olo. Jal ma chunye opongʼ gi kech, ema notelnigi mi tergi kuonde sokni mag pi. kendo anabug yorena madongo duto maber. 12 To ne, ginibi ka gia mabor; moko kawuok yo nyandwat, moko kawuok yo yimbo, 13 Go koko nikech mor, yaye polo, bed gi ilo, yaye piny, weruru matek, un gode! kendo obiro bedo gi kech ne joge machandore. 14 To Sayun nowacho niya, "Jehova Nyasaye osejwangʼa; mi ok obedo gi kech e kothe mane onywolo. Kata ka dipo ni wiye nyalo wil, An to wiya ok nowil kodi. kendo isiko ka ineno anena e wangʼa. kendo jogo manoyako gigi noringi kaduogo iri. 18 Tingʼ wangʼi malo kendo ingʼi koni gi koni: Jehova Nyasaye wacho niya, gi thiwni madhako rwako kata ka law maber ma miaha rwako. gunda kendo pinyi odongʼ nono, to koro ibiro yudo ni pinyi odoko matin ma ok oromo jogi dakie, kendo jogo mane otieki biro bedo kodi mabor. nowachni kiwinjo ni, Kaeni tin-nwa; dwarnwa kama lach mondo wadagie. 21 Eka inipenjri e chunyi ni, 'En ngʼa mane onywolona jogi? Ne an gi kuyo kendo ne an migumba, ne otera e twech kendo ojwangʼa. En ngʼa manopidhogi? Ne adongʼ kenda, 22 Ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: "Winji, abiro luongo Ogendini, abiro chungo bandecha ne oganda kaka ranyisi, kendo ginikel nyigi ka gitingʼogi e gokgi. ema nobed kaka mineu ma ritou. Ginikulre auma e nyimu ka wengegi ngʼiyo piny; kendo gininangʼ buru manie tiendu. 24 Bende dima jolweny maroteke gik ma giseyako, koso dires joma otwe e lwet ngʼama kwiny? 25 To ma e gima Jehova Nyasaye wachoni: "Ee, joma otwe inyalo gol e lwet jolweny maroteke, kendo ngʼama omaki inyalo gamo e lwet joma kwiny; anaked gi jogo makedo kodu, kendo anares nyithindu. mi anami gimer gi rembgi ka joma omadho kongʼo. ni an Jehova Nyasaye e Jawarni,
web
c2fe85761a4f04586554859172b550270cc6c573
সূৰ্যাস্তৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত প্ৰৱেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। শনিবাৰে সদগুৰুৰ সৈতে নিশা কাজিৰঙাত জীপ ছাফাৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে বন্যপ্ৰাণী সুৰক্ষা আইন মতে সূৰ্যাস্তৰ পিছত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দেওবাৰে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীয়ে কয়, "বন্যপ্ৰাণী সুৰক্ষা আইন মতে এনে কোনো কথা নাই যে ৰাষ্ট্ৰীয় উদ্যানত ৰাতি সোমাব নোৱাৰে । Wildlife Wadenএ অনুমতি দিলে ৰাতি দুই বজাতো সোমাব পাৰে ।" তেওঁ লগতে কয়, "কাজিৰঙাৰ ৰাস্তাৰ কিছু মেৰামতি হোৱা নাই । কাম চলি আছে, হৈ গ'লেই দুই-এদিনতে খুলি দিব । সদগুৰুৰ পবিত্ৰ হাতেৰে মুকলি হৈছে । বিশ্বজুৰি এক বাৰ্তা গৈছে । কাজিৰঙাত সদগুৰু আৰু গুৰু ৰবিশংকৰ অহাত এক বাৰ্তা গৈছে বিশ্বজুৰি । দুয়োজনৰ অনুগামী বহুত আছে । ইয়াৰ ফলত এইবাৰ কাজিৰঙাত পৰ্যটকৰ সংখ্যা আগতকৈ বাঢ়িব বুলি আশা কৰিছোঁ ।"
web
7541bfc6c81049d04b9d4f9e2c3456f02617d74d
সচৰাঁচৰ সংসদত গৃহীত আইন, চৰকাৰী অধ্যাদেশ, নিৰ্দেশনা, জাননী আদি সাধাৰণ ৰাইজৰ বোধগম্য নহয়। কাৰণ অতি জটিল ভাৱে দাঁত-ভঙা শব্দ ব্যৱহাৰ কৰি দীঘল বাক্যৰ প্ৰয়োগৰে ইংৰাজীত সেই সমূহ লিখা হয়। ফলত অসাধু চক্ৰই ৰাইজক ভুল বিশ্লেষণ আগবঢ়াই বিপথে পৰিচালিত কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে সুভাষ বিজয়াৰণ নামৰ এজন ব্যক্তি। তেওঁ সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে । লেখ আবেদন খনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়ে-এ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক মতামত দিবলৈ নির্দেশ দিছে । আবেদনকাৰীয়ে আবেদনৰ যোগেদি আইন মহাবিদ্যালয়ত 'সাধাৰণ ইংৰাজীত আইনী লিখন' শীর্ষক এটা বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰো পোষকতা কৰিছে। অধিবক্তা সকলে ন্যায়ালয়ত যাতে দাঁত-ভঙা শব্দৰ ব্যৱহাৰ নকৰি সাধাৰণ ভাষাত যুক্তি প্ৰদান কৰে এই দিশটো পদক্ষেপ বিচাৰিছে আবেদনকাৰীয়ে। - First Published :
web
1a8867deb5c41e6ab48bb8fec9a9a8f9395d7bde
এগৰাকীয়ে এই বছৰতে মিছ ছাউথ ইণ্ডিয়াৰ খিতাপ জিকিছিল। সিমানেই নহয়, আনছি কবীৰে (Ansi Kabeer) ২০১৯ চনত মিছ কেৰালাৰ খিতাপো জয় কৰিছিল। সেই বছৰে মিছ কেৰালা প্ৰতিযোগিতাৰ ৰানাৰ আপ হৈছিল অঞ্জনা ছাহজাহান (Anjana Shahjahan)। সোমবাৰে কেৰালাত মৰ্মান্তিক পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱায় দুয়োগৰাকী মডেলে। ইণ্ডিয়া টুডেত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, আনছি কবিৰ আৰু অঞ্জনা ছাহজাহান দুয়োগৰাকী মডেলিঙৰ সৈতে জড়িত আছিল। সেইদিনা কেৰালাত এখন গাড়ীৰে গৈ আছিল দুয়ো। হঠাৎ গাড়ীৰ আগত এখন চাইকেল আহি ওলোৱাত চাইকেল আৰোহীক বচাবলৈ গৈ এজোপা গছত খুন্দা মাৰে গাড়ীখনে। ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিটিলা আৰু এডাপ্পাল্লিৰ মাজৰ চক্ৰপৰম্ভুৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গাড়ীখন এনেকুৱাকৈ ক্ষতিগ্ৰস্ত হয় যে সেইখন আৰু মেৰামতি কৰা অৱস্থাত নাই। স্থানীয় সংবাদ মাধ্যমৰ খবৰৰ পৰা জনা গৈছে যে কোচীত এক ফটোশ্বুটৰ কাম কৰি ত্ৰিশূৰৰ ফালে উভতিছিল আনছি আৰু অঞ্জনা। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। গাড়ীত থকা আন দুজন লোকো আহত হয়। তেওঁলোকক এৰ্নাকুলামৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
web
bcda11d467133ec013a86f129655b8c1b30fdbb5
কিছুদিন পূৰ্বে হায়দৰাবাদৰ এজন ব্যক্তিয়ে এটা জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী কোম্পানীক মেছেজ কৰি কৈছিল যে তেওঁ নিবিচাৰে কোনো মুছলমান ব্যক্তিৰ হাতত খাদ্য পঠোৱাটো। এইবাৰ এনে সাম্প্ৰদায়িক মনোভাবৰ বিৰুদ্ধে গৰ্জি উঠিল তেলেংগানাৰ বহু লোক। তেলেংগানা মটৰচালক সন্থাৰ বিষয়ববীয়া শ্বেইখ ছালাউদ্দিনে লোকজনৰ বাৰ্তাৰ স্ক্ৰীণশ্বট পোষ্ট কৰি খাদ্য সৰবৰাহকাৰী সংস্থাক ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ছালাউদ্দিনে নিজেই এটা সংস্থাৰ বাবে দুৱাৰে দুৱাৰে খাদ্য যোগান ধৰে। তেওঁ টুইট কৰি কয় যে আমি (অনলাইন খাদ্য প্ৰদানকাৰী) প্ৰতিটো ধৰ্মৰ লোকক অৰ্থাৎ হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ সকলোকে খাদ্য যোগান ধৰো। তেওঁ সংশ্লিষ্ট সংস্থাক এনে ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে ছালাউদ্দিনৰ এই অনুৰোধৰ সন্দৰ্ভত এতিয়ালৈকে কোম্পানীটোৱে ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই। কিন্তু এই পৰিঘটনা নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো বহু লোকে ডেলিভাৰী বয়সকলৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰি খাদ্য লʼবলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য, ২০১৯ চনৰ অক্টোবৰ মাহত হায়দৰাবাদৰ বাসিন্দা অজয় কুমাৰে কেটাৰিং কোম্পানীৰ ওচৰত অভিযোগ কৰিছিল যে খাদ্যত মচলাৰ অভাৱ আৰু ডেলিভাৰী বয়জন মুছলমান। গতিকে তেওঁ 'Negative Rating' দিয়ে। তদুপৰি, অহাবাৰৰ পৰা এজন হিন্দু লʼৰাক খাদ্য দিবলৈ পঠিয়াবলৈ অনুৰোধ জনায়। একে বছৰতে মধ্যপ্ৰদেশৰ জবলপুৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। অমিত শুক্লা নামৰ এজন ব্যক্তিয়ে অনা হিন্দু ডেলিভাৰী বয়ে খাদ্য ডেলিভাৰী কৰিবলৈ অহাত অৰ্ডাৰ বাতিল কৰে। সেই সময়ত ব্যক্তিজনক খাদ্য যোগান কোম্পানীয়ে জনাইছিল, 'খাদ্যৰ কোনো ধৰ্ম নাই'। হায়দৰাবাদৰ এই ঘটনা পোহৰলৈ অহাৰ পাছত বিশিষ্ট লোকসকলেও ইয়াক গৰিহণা দিয়ে। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে এই ঘটনাটোত টুইট কৰি প্ৰশ্ন উত্থাপন কৰে যে, এনে ঘটনা এটাৰ পিছত এটাকৈ সংঘটিত হোৱাৰ পিছতো সংশ্লিষ্ট সংগঠনসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে? বহু নেটিজেনে কাৰ্তিৰ এই মন্তব্যক সমৰ্থন কৰা দেখা গৈছে।
web
e180ee587acca6a1debc9668fb65e78f2abb723bc974043f28b9105d7d54b12b
।। একৈশ ।। নেখলিউভে ঠিক কৰিছিল যে চাষ-বাকৰ সকলোকে বিহার দি ঘৰটো কাৰোৰাক ভাড়ালৈ দি সি নিজে অন্য ঠাইলৈ গুচি যাৰ। কিন্তু তাৰ পৰিচাৰিাজনীয়ে বুজাই ক'লে যে অহুকালি কোনো মানুহে ভাড়ালৈ ঘৰ লবলৈ নাহে। তাৰ উপৰি তেওঁতো কৰবাত নহয় কৰৰাত থাকিবই লাগিব আৰু ঘৰৰ বন্ধ বাহানিও ফৰৰাড ৰাখিব লাগিব। নেখলিউদতে ভাবিলে মাছলভাৰ গোচৰটো শেষ নোহোৱালৈকে এতিয়াই জীৱনধাৰাৰ পৰিৱৰ্তন কৰি কোনো লাভ নাই। অৱশ্যে তাঁৰ অসুবিধাও হব বহুত। যদি মাহলভাই মুক্তি পায়, নাইৰা তাই যদি দেশৰ পৰা নিৰ্বাসিত হয় তেন্তে সিওতো ভাইৰেই লগ লব লাগিব। এই ছবিধৰে কিবা এবিধ হব; ভেডিয়া দেখা যাব। সি আগৰ কথামতে উকীল ফানাৰিণৰ ঘৰলৈ গ'ল। উে তাক অন্য এটা কোঠাত বছরাপেনি। ইতিমধ্যে উকীলজনে যোবর্ণমাৰ আপীলৰ খচৰাখন প্রস্তুত কৰি ৰাখিছিল। নেখলিউন্নয়.. ৰহুৱাই লৈ তেওঁ এখন কাগজ উলিয়ালে। তেওঁ যি কেইটা বুদ্ধি দাঙি ধৰি আপীলটো কৰিৰ খুজিছে সেইখিনি পড়ি শুনালে। কেইটা আছিল চমুকৈ এনে ধৰণৰ : (১) মৃত যেকোড নামৰ সদাগৰজনৰ সন্থাদি পৰীক্ষাৰ নেছিকেল ৰিপোৰ্ট পাঠ কৰাত প্রধান বিচাৰপতিয়ে বাধাদান কৰিছিল । সেইবাবে সেই ৰিপোর্ট আদালতত উত্থাপিত হোৱা নাই ; (২) মাহুলভাৰ বিৰাহী পক্ষৰ কথাৰ উত্তৰ দিওঁতে তাইৰ অধঃপতনৰ কাৰণ বিষদভাবে এটা এটাকৈ দৰ্শাৰ বুজিছিল। ডেডি প্রধান বিচারপতিয়ে তেওঁক সেইকথা কবলৈ নিবিলে। বিচাৰপডিয়ে কৈছিল যে মূল বিষয়ৰ পৰা আতৰি যেন অন্য অর্বাত্তম প্রসংগ উত্থাপন কৰা নহয়। এই ক্ষেত্ৰত চিনেটৰ হুঁচিন্তিত অভিমত এই যে ফৌজদাৰী গোচৰৰ আছামীৰ দায় দায়িত্ব নিৰূপণৰ সহায়ক হিচাপে অপৰাধীৰ চৰিত্ৰ বিশ্লেষণ আৰু সাধাৰণভাবে তেওঁৰ নৈতিক দৃষ্টিভঙ্গী ৰিচাৰ কৰি চোৱাটে। অতি যুক্তিযুক্ত কথা হব লাগে ; (৩) প্রধান বিচাৰপতিয়ে জুৰিসকলৰ আগত গোচৰৰ বিষয়ে সম্পুৰ্ণ বিবৃতি দিয়াৰ সময়ত ফৌজদাৰী দণ্ডবিধিৰ কৰিছিল; কাৰণ আইনমতে অপৰাধৰ সঠিক দণ্ড কেনেকুৱা হব পাৰে সেই কথা জুৰিসকলক জনোৱা নাই । তেওঁ° কোৱা নাই যে মাছলভাই বিষ প্রয়োগৰ কথা স্বীকাৰ কৰা সত্ত্বেও হত্যাৰ দোষত মাহল ভাক দোষী নকৰা অধিকাৰো জুৰিসকলৰ আছিল; যিহেতু শ্বেলকোভক হত্যা কৰাৰ অভিপ্রায় নাছিল গতিকে জুৰিসকলে ৰায় দিব পাৰিলেহেঁতেন যে একমাত্র অসাৱধানতাৰ কাৰণেহে ছোৱালীজনী দোষী। তাইৰ অসতর্কতাৰ বাবে সদাগৰজনৰ মৃত্যু হৈছিল হয়. পিছে তাইৰ সেয়া অভিপ্রায় নাছিল; আৰু (৪) জুৰিসকলে আদালতৰ প্ৰশ্নৰ উত্তৰত কোৱা কথাত আছিল পৰস্পৰবিৰোধী মত। মাছলভাৰ বিৰুদ্ধে অভিযোগ হৈছে যে একমাত্র অর্ধলাভৰ প্রলোভনৰ স্বাৰ্ধতহে খেলকোভক বিহু 'খুৱাই' হত্যা কৰা হৈছে ... অর্থলিপ্স! অবিহনে তাইৰ কোনো উদ্দেশ্য থাকিব নোৱাৰে। অথচ জুৰিসকলে ৰায় দিওঁতে কৈছেই যে অৰ্থ অপহৰণ নাইবা মূল্যবান যন্ত্ত আত্মসাৎ কৰাৰ অভিপ্রায় মাছগভাৰ নাছিল। ইয়াৰ দ্বাৰা বুজা যায় যে জুৰিসকলে মাছলভাক নৰহত্যাৰ দায়ৰ পৰা অব্যাহতি দিব খুজিছিল। প্রধান বিলৰপতিৰ বিবৃতিৰ অসম্পূর্ণতাৰ বারেছে ভুল বুঝাবুজি হল থাক জুৰিসকলে ৰায়দান কৰিবৰ সময়ত এই মত ব্যায়ভাবে পেচ কৰিব নোৱাৰিলে। গতিকে এই বারদান প্ৰসংগত জুৰিসকলৰ একান্ত উচিত আছিল আহালত-বিধিৰ ০১৬ আৰু ৮০৮ ধাৰ। প্ৰয়োগ কৰা। সেই অনুমতি দান কৰাজে। প্রধান বিচাৰপণ্ডিৰ পক্ষে উচিত খাছিল, তুৰিসকলক এই ভূলটে। দেখুৱাই 'দিয়া আৰু-পাহানীৰ অপৰাধৰ প্ৰশ্নটো পুনৰ বিৰেচনা কৰি স্থিৰ সিদ্ধান্তলৈ
pdf
0d4b92e3847bda749827a5db502dc3f5b3bcb6ed
ত্ৰিপুৰাৰ এটা প্ৰাচীন উৎসৱসমূহৰ এটা তথা চাকমা সম্প্ৰদায়ৰ ঘাই উৎসৱ বিজু উৎসৱৰ বাবে সাজু হৈছে ৰাজ্যখনৰ উনাকোটি জিলাৰ চাকমাসকল। উৎসৱটোৰ সৈতে সংগতি ৰাখি জিলাখনৰ পেচৰথাল ব্লকৰ অধীনৰ নবীনচাৰা হাই স্কুলৰ খেলপথাৰত এখন মেলাৰ আয়োজন কৰা হৈছে। ১৫ এপ্ৰিল পৰ্য্যন্ত চলিব লগীয়া এই মেলাখন মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে অহা ১৩ এপ্ৰিলত উদ্বোধন কৰিব বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। উল্লেখযোগ্য যে চাকমাসকলৰ এই সামাজিক আৰু ধৰ্মীয় পৰম্পৰাৰ ভিতৰুৱা এই উৎসৱটো অসমীয়া মানুহৰ ৰঙালী বিহুৰ দৰেই উদযাপন কৰা হয়। ইয়াক কৃষিৰ সৈতে সম্পৰ্ক থকা বুলিও কোৱা হয়, যিটো খেতিৰ বতৰৰ আৰম্ভণিতে উদযাপন কৰা হয়। চ'তৰ শেহৰ দুদিন আৰু বহাগৰ প্ৰথম দিনটো ধৰি এই উৎসৱ পালন কৰা হয়। প্ৰথমৰ দিনটো ফুল বিজু আৰু দ্বিতীয় দিনটোক মূল বিজু বুলি কোৱা হয়। শেষৰ দিনটো হ'ল গচ্ছে-পচ্ছে (গছে-পাতে? ) বিজু। উৎসৱৰ দিনকেইটাত গীত-নৃত্য কৰাৰ উপৰি নতুন সাজপাৰ কৰা, পিঠাপনা বনোৱা আৰু অতিথি আপ্যায়ন কৰা, হিংসাৰ পৰা বিৰত থকা আদিবোৰ হ'ল ইয়াৰ মূল বৈশিষ্ট্য। সূত্ৰটোৱে জনোৱামতে উৎসৱ অনুষ্ঠানটোলৈ অসম, ছিকিম, মণিপুৰ, নাগালেণ্ড আৰু বাংলাদেশকে ধৰি বিভিন্ন ঠাইৰ পৰা অতিথি অহাৰ কথা। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালিৰ কাৰ্য্যসূচীও লোৱা হৈছে। উল্লেখ কৰিব পাৰি যে বিজু উৎসৱ বাংলাদেশৰ চাকমাসকলেও একেই পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে প্ৰতি বছৰে পাতি আহিছে। বাংলাদেশৰ চাকমাসকলৰো এইটো ঘাই উৎসৱ। বিশেষকৈ ৰঙামাটিত থকা চাকমাসকলে এই উৎসৱটো বেছ উলহ-মালহেৰে পাতে।
web
b607f9506ed8a4fd54102e1e068f44905daa19aa
গুৱাহাটী :AJPত ব্যক্তি পূজা নচলিব, সমূহীয়া নেতৃত্বৰে পৰিচালিত হ'ব দল - মুখ্য কাৰ্যালয় মুকলিৰ পিছত এই মন্তব্য জগদীশ ভূঞাৰ ,গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা-কৰ্মীসকলে নৱগঠিত অসম জাতীয় পৰিষদ চমুকৈ AJPৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি হ'ল। গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা-কৰ্মীসকলে। জগদীশ ভূঞাৰ মতে, ব্যক্তিগত ধ্যান-ধাৰণাৰে AJP দল পৰিচালিত নহয়। সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। দলৰ নেতৃত্বত কোন থাকিব আৰু কোন নেতাৰ দ্বাৰা দলটো পৰিচালিত হ'ব সেই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থকা জগদীশ ভূঞাই দল এতিয়া নৱেম্বৰৰ জাতীয় ৰাজনৈতিক আভিৱৰ্তনৰ বাবে ব্যস্ত বুলি সদৰি কৰে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদ বুথৰ পৰা জিলা পৰ্যায়লৈ গঠন কৰাৰ কামো আৰম্ভ হৈছে। দেওবাৰে নতুন কাৰ্যালয়টোতে LDPৰ ৭২ গৰাকী ব্যক্তিয়ে AJP দলত যোগ দিয়ে।
web
360dbd2bd902abe9d84062a39261912f630240b6
দীৰ্ঘদিন ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি অহা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকলৰ সমৰ্থনত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে। দেশৰ ৰাজধানী দিল্লীত অলিম্পিয়ান মল্লযুঁজাৰু সকলে চলাই থকা প্ৰতিবাদ আৰু তেওঁলোকৰ ওপৰত পুলিচী নিৰ্যাতনৰ বিৰোধিতা কৰি ৰাইজৰ দলে এই শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ এই শান্তিপূৰ্ণ অনুষ্ঠানত শতাধিক কৰ্মীয়ে ম'মবাতি জ্বলাই মল্লযুঁজাৰুৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। দলটোৰ এই শান্তিপূৰ্ণ প্ৰতিবাদত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, ৰাইজৰ দলৰ উপদেষ্টা তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বিশেষ শাখা দিলীপ বৰা, ৰাইজৰ দলৰ উপদেষ্টা তথা বিশিষ্ট নাৰী অধিকাৰ কৰ্মী সুমিত্ৰা হাজৰিকা। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দ্বিপেন বেজবৰুৱা, শৰৎ ফুকন, বিশিষ্ট লেখক আৰু অধিবক্তা কিশোৰ কুমাৰ কলিতা আৰু ৰাইজৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু অলক নাথৰ লগতে অন্যান্য নেতা কৰ্মীয়ে এই প্ৰতিবাদত যোগদান কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাইজৰ দলে শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি এক মিনিট মৌনতা অৱলম্বনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা শান্তিপূৰ্ণ প্ৰতিবাদত নিজৰ মন্তব্য ৰাখি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে নাৰী নিৰ্যাতনকাৰীক ৰক্ষণাবেক্ষণ দিয়াই নহয় দেশৰ আইন ব্যৱস্থা ভৰিৰে মোহাৰি পেলাইছে। মল্লযুঁ34জাৰু সকলৰ প্ৰতিবাদ বিজেপিৰ দিনত হোৱা তিনিটা ঐতিহাসিক প্ৰতিবাদৰ এটা বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে জনতাৰ ক্ষোভৰ জুইয়ে এদিন বিজেপি চৰকাৰক দহিব। মল্লযুঁজাৰু সকলৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দিল্লীলৈ ৰাইজৰ দলৰ এটা প্ৰতিনিধি দল প্ৰেৰrrণ কৰিব বুলিও ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।
web
f032773d39a5ade10fc3e1734e0ef7054c797761
আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত International Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি NASA ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক , বনাই তুলসীজান নিবাসী কংকণ কিশোৰ দত্তই । কংকণ কিশোৰ দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱায়ো এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । আমেৰিকাৰ হাৱাইত থকা PAN STARRS টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰামৰ সহায়ত বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন IASC ক যোগান ধৰিছিল এওঁলোকে। দলীয় ভাবে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল। ক'ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ চাৰি শিক্ষকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে। ইপিনে কংকণ কিশোৰ দত্তৰ এই সফলতাত সমগ্ৰ টীয়কবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰি অনাগত দিনতো এনে কাৰ্যৰ জড়িয়তে কংকণ কিশোৰ দত্তই সমগ্ৰ ৰাজ্যবাসীক গৌৰান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।
web
3816a827efeaaac42792682a4b3e77d4
লক্ষ্য সজাগতা বৃদ্ধি আৰু নিযুক্তিঃ এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰে এছিয়াৰ প্ৰথমখন কেফে মুকলি\nকলকাতাত মুকলি কৰা হৈছে এখন বিশেষ কেফে। এই কেফেখন পৰিচালনা কৰা সকলো কৰ্মচাৰীয়েই এইচ.আই.ভি পজিটিভ। এইদৰে এই কেফেখন এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত এছিয়াৰ প্ৰথমখন কেফে হিচাপে পৰিগণিত হৈছে।\n'কেফে পজিটিভ' নামৰ এই কেফেখনৰ উদ্দেশ্য হৈছে এইচ.আই.ভি সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু এইচ.আই.ভি পজিটিভ লোকসকলৰ বাবে নিযুক্তি সৃষ্টি কৰা।\n'কেফে পজিটিভ'ত মুঠ ৭ জন কৰ্মচাৰী আছে। এই আটাইকেইজন কৰ্মচাৰী এইচ.আই.ভি. পজিটিভ।\nকেফেখনৰ গৰাকী কল্লোল ঘোষে আনন্দঘৰ নামৰ এটা বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটোৱে মানসিকভাৱে অসুস্থ শিশু আৰু এইচ.আই.ভি পজিটিভ লোকৰ বাবে কাম কৰে।\nঘোষে জানিবলৈ দিয়া মতে তেওঁ ফ্ৰেংকফুর্টৰ এখন কেফেৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। এই কেফেখন সম্পূৰ্ণৰূপে এইচ.আই.ভি পজিটিভ লোকৰ দ্বাৰা পৰিচালিত হৈছিল।\n"শিশু ন্যায় আইন অনুসৰি ১৮ বছৰ বয়সৰ পিছত তেওঁলোক শিশুগৃহত থাকিব নোৱাৰে। এই শিশুসকল ক'লৈ যাব? তেওঁলোকক নিযুক্তিৰ প্ৰয়োজন।" - ঘোষে কয়।\nঘোষে জানিবলৈ দিয়ে যে তেওঁ প্ৰথমবাৰৰ বাবে ২০১৮ চনত এখন কেফে খুলিছিল আৰু এতিয়া এই ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। ঘোষে লগতে কয় যে তেওঁ পূৱ ভাৰতত ৩০ খন এনে ধৰণৰ কেফে মুকলি কৰাৰ পৰিকল্পনা কৰিছে আৰু প্ৰশিক্ষণৰ বাবে ৮০০ জন লোকক বাচনি কৰিছে।\nঅৱশ্যে, ঘোষে কৈছিল যে কেফেখনৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া সদায়ে ইতিবাচক নহয়। "কিছুমান লোকে কৰ্মচাৰীসকল এইচ.আই.ভি. পজিটিভ বুলি জানিব পাৰিলে অস্বস্তিত পৰে। আমি তেওঁলোকক সকলো কথা বুজাই দিওঁ। বুজি পোৱা অধিক সংখ্যক লোক কেফেত থাকে যদি, কিছুমানে ওলাই যায়।" - ঘোষে কয়।\nঘোষে লগতে কয় যে আৰম্ভণিতে কেফেখনৰ প্ৰতি চুবুৰীয়া মানুহৰ এটা ঋণাত্মক ধাৰণা আছিল। কিন্তু সোনকালেই উপলব্ধি কৰিছিল যে এইচ.আই.ভি. পজিটিভ লোকসকল আন সকলো মানুহৰ দৰেই।
web
1e0f3d0d38330df825d223542ae5e379724821c8
।Yam khoomTsis yog: ।FOB Chaw nres nkoj: Yog tias koj txhawj xeeb txog qhov chaw txee dai khaub ncaws ntau heev thiab cov neeg coob coob? 5 tier trousers hangers. Txhua lub hanger tuaj yeem tuav tau 5 lub ris tsho, ris tsho lossis lwm yam khaub ncaws. Maximize kom txuag tau koj lub txee dai khaub ncaws thiab ua kom huv si thiab ua kom zoo. Stainless hlau khaub ncaws trousers hangers organizer. Rust-resistant thiab ruaj khov siv.Smooth nto thiab khawb kuj. Smooth nto nrog pob tshab roj hmab txheej ntawm qhov kawg ntawm lub hanger kom tsis txhob cov khaub ncaws poob los ntawm lub hanger. Tau tshaj txhua yam khaub ncaws.Zoo meej rau dai koj cov ris tsho hauv qab, ris, ris, ties, phuam qhwv caj dab, thiab lwm yam. Ua kom nws compact thiab teeb tsa. Khaws cov ris kom huv si thiab teeb tsa ntawm tus ncej thiab huv si.Koj yuav nyiam tuaj yeem dai ntau lub ris thiab txuag chaw. Txhua lub hanger tuaj yeem dai rau 5 lub ris / khi tib lub sijhawm. Lipu Hometime Cov Khoom Siv Hauv Tsev Co., Ltd muaj cov kws tshaj lij QC system. Tsis muaj teeb meem rau cov hangers yas, hlau hangers los yog ntoo hangers, cov hangers yuav tsum tau kuaj ib tug los ntawm ib tug kom zoo. Ua ntej loj ntau lawm ntawm khaub ncaws hangers, peb yuav ua hanger qauv thiab xim qauv kom paub meej tias nws; Ua ntej ua zaub mov xa tuaj, peb yuav xyuas cov thawv loj, qhov hnyav, ntau, bar code scanning, hanger loj, hanger xim, cardboard xim, cardboard loj, kuaj logo thiab lwm yam. 1) Peb siv 5-txheej tuab tuab ntawm corrugated carton sau nrog pearls paj rwb, tiv thaiv khaub ncaws hangers los ntawm co thiab khawb. 2) Peb them nyiaj ntau rau lub xub pwg nyom thiab hooks.Cov paj rwb tuab tuab tuaj yeem txo qhov kev sib txhuam ntawm cov hangers thiab tiv thaiv lawv. 3) Nws tuaj yeem ua tau raws li kev thauj mus los hauv hiav txwv ntev. 3. Los ntawm Express:Peb tuaj yeem xa cov xaj me me lossis kuaj los ntawm DHL, UPS, TNT, FEDEX, EMS, thiab lwm yam, thov ua siab zoo qhia peb qhov chaw nyob nrog tus lej zip thiab cov ntaub ntawv tiv tauj, peb yuav kuaj xyuas tus nqi rau koj siv.
web
90ebc9e16e1b818e821dad37e8959278efb1bfd6
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সপ্তম স্থান দখল কৰিছে গুৱাহাটীৰ TC GOVT GIRLS HS & MP SCHOOL ছাত্ৰী তথা কামৰূপ জিলাৰ ডিমু নিবাসী নিশা শৰ্মাই । নিশাই মুঠ ৫৯১ নম্বৰ লাভ কৰি ৯৮. ৫ শতাংশৰে সপ্তম স্থান দখল কৰি বিদ্যালয়ৰ লগতে বৃহত্তৰ ডিমু অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ । কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু গাঁৱৰ অশ্বনী শৰ্মা আৰু গিতাঞ্জলী দেৱীৰ কন্যা নিশাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰে সমগ্ৰ ডিমুবাসী। ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ মন নিশা শৰ্মাৰ । নিশাৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে । নিশাই বাইহাটা চাৰিআলিৰ ৰামানুজ একাডেমীত নামভৰ্তি কৰাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
98fcf7266f3e6d5c16c7c05a87a3ae8c
ৰাজ্য পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড অসম লিখিত পৰীক্ষা উপ-পৰিদৰ্শক (এছআই) আন সশস্ত্ৰ শাখা (UB)ৰ 597 টা পোষ্টৰ বিষয়ে এক আনুষ্ঠানিক অধিসূচনা জাৰী কৰে। 2018 আৰু 2019 বৰ্ষৰ অসম আৰক্ষী এছ.আই. নিযুক্তিৰ বাবে প্ৰয়োগ কৰা প্ৰাৰ্থীসকলে এতিয়া সময়ৰ ভিতৰত তেওঁলোকৰ এডমিষ্ট কাৰ্ড ডাউনলোড কৰিব পাৰে। অসম আৰক্ষীৰ অধীনত উপ-পৰিদৰ্শকৰ ৫৯৭ টা পোষ্টৰ বাবে অনলাইন আৱেদন দাখিল কৰা সকলো প্ৰাৰ্থীয়ে ৰাজ্য পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড েকৰা আগন্তক লিখিত পৰীক্ষাৰ বাবে তেওঁলোকৰ এডমিণ্ট কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হয়। পদক্ষেপঅনুসৰি এডমিষ্ট কাৰ্ড ডাউনলোডপ্ৰক্ৰিয়া তলত দিয়া হৈছে, আপোনাৰ এডমিষ্ট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰদৰ্শিত পদক্ষেপবোৰ সাৱধানে অনুসৰণ কৰক। প্ৰথমে আপোনাক আপোনাৰ এপ্লিকেচন প্ৰপত্ৰৰ প্ৰয়োজন যিঅনলাইন এপ্লিকেচন প্ৰক্ৰিয়াৰ সময়ত প্ৰদান কৰা হৈছিল। পৰীক্ষাৰ স্থানত প্ৰাৰ্থীসকলে কোনো ম'বাইল ফোন, স্মাৰ্ট ৱাচ, কেলকিউলাৰ, বেগ আৰু গহনা বা আন কোনো ইলেক্ট্ৰনিক গ্যাজেট আনিব নালাগে। এই নিয়ম উলংঘা কৰা যিকোনো লোকক পৰীক্ষাত উপস্থিত হোৱাত প্ৰতিবন্ধিত কৰা হ'ব আৰু তেওঁৰ নামভৰিত কৰা হ'ব। এই বিজ্ঞাপন অনুসৰি, আই-কাৰ্ড, আই-কাৰ্ডৰ ফটো প্ৰতিলিপি, পোষ্ট কাৰ্ড আকাৰৰ ফটো, এডমিণ্ট কাৰ্ড জাৰী কৰা হৈছিল। পৰীক্ষা কেন্দ্ৰত আন কোনো সামগ্ৰীৰ অনুমতি দিয়া নহ'ব আৰু প্ৰৱেশপথত বা কেন্দ্ৰৰ যিকোনো স্থানত কোনো সঞ্চয় সুবিধা উপলব্ধ নহ'ব।
web
cd88e2ee05c3ed77b971cd4183a3f1a75072085e8217bba3009b2f2dc0178d06
কোচ আৰু কছাৰী আদি ৰজাসকলৰ ৰাজৰ সাহিত্য 328 বলিনাৰায়ণে বিজয়পুৰ এৰি দৰঙলৈ গুচি যায়। আহোম বৰা প্ৰভাপসিংহই বলিনাবারণক ধর্মনাৰায়ণ নাম দি ৰফলীয়া ৰঙী ৰা-ৰূপে পাতে। বর্ষনাৰায়ণৰ বংশৰ দৰঙী ৰজাসকলে মঙলদৈত ৰাজধানী কৰি অসমীয়া সাহিত্যৰ নতুন এটি কেন্দ্র প্রতিষ্ঠা কৰে। মহাৰাজ নৰনাৰায়ণে ৰাম সৰস্বতী, কংসাৰি কায়খ আদিৰ যোগে মহাভাৰতৰ বিবিধ খণ্ড অনুবাদৰ যি উদ্ভোগ কৰিছিল, তেওঁৰ বংশধৰসকলে সেই আচনিতে তেওঁলোকৰ শক্তি প্রয়োগ কৰিছিল। আনফালে Fর্তী মাসকলৰ পৃষ্ঠপোষকতা অসমীয়া সাহিত্যত বিবিধভাৱে ফলগ্রহ হৈ পৰে। মহাভাৰত অম্লাদ দৰঙী কোৱৰৰ তলেও চলি থাকিল। কিন্তু চাৰিন কৰিয়ে বৈৱৰ্ড পুৰাণ একেলগে ভাঙিবলৈ লোৱাটো এটা অর্থপূর্ণ কথা। স্থানীয় প্রধাসমতে স্বকবি নাবায়ণদেৱৰ নতুন ডাযা-পুৰাণ 'পদ্ম।-পুৰাণ' ধর্ষনাৰায়ণৰ ৰাজত্বৰ ৰচনা দৰঙী ৰাজ্যৰ অসমীয়া সাহিত্যলৈ এটি বিশিষ্ট দান 'ৰাজ-বংশাৱলী' নামৰ পক্ষ ব্ৰঞ্জীসমূহ, বৈষ্ণৱ সাহিত্যৰ আদৰ্শই তাৰ হঠত অনুপ্রেরণা যোগাইছিল। দৰঙী ৰাজবংশৰ পৃষ্ঠপোষকতা ৰাম সৰস্বতী যায় সৰস্বতীৰ কথা আগৰ এটি অধ্যায়তে আলোচনা কৰি অহা হৈছে। এওঁ (যদি একজন কৰিয়েই হয়) দুখনমান পুথি দৰঙী ৰাজ্যত ৰচনা কৰিছিল। সিবু-যজ বনপर्व বনাৰারণৰ आদেশত লিা। উােগ-পতো ধে वयंনাৰায়ণৰ কথা লিখিছে। বৰ্থনাৰায়ণৰ ৰাच বর্ণনাৰায়ণৰ ৰাজত্ব কালতে সরস্বতীয়ে আমদের কাব্য' ৰচনা কৰে নৱবৈষ্ণৱ যুগৰ এজন শ্রেষ্ঠ কবিয়ে Feী বজাৰ পৱিত তেওঁ শ बारा সমাপন क।ে গেন্টিনার পাঠক বাম সৰস্বতীৰ পিছত Feী বাজার এখন ভাঙৰ কবি হন তেওঁর পূত্র গোপীনাথ পাঠক। এই সভাপর্ব, রোগপর্ব থাক বর্গারোহণ পদ কৰে। পদ-ৰচনাত এওঁৰ যাম সৰস্বতীৰ হবেচয়া পুত্র থাক সমকক্ষ বুঝি ক'ব পাৰি। মহাভাৰতৰ রোগপৰ্বৰ পদত গোনাবে বর্ণনাধারণ নাম पर यण ৰণি কৰিছে। বর্ণৰোহণ পর্যন্ত বর্ষবাবারণ ভাবতা ক
pdf
c3a5efc30bfb3c2d2939ff9797d3e557aa2ab6ddac19d3cc2970c988c8e1191d
কাৰেঙৰ লিগিৰী চত্তৰী-- শেহনিশা বপুৰা ! (আচৰিত হৈ ) বপুৰা-- ( মাত বহি হুল উলিয়াই ) মোৰ কি জগৰ। ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ। হবতো শেহ নিশা-সন্ধিয়া ল।গোতে জালোৱা যদি বালিচ'ৰাত নাও লগাদি কোটোহা বাহৰ জোঙত পাগি থাকেহি। চম্তবী - পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰী টোলৰ পাছা বাৰীত দেখিবলৈ ভাল হোৱা নাই । বপুৰা - ( আচৰিত হৈ ) কি কি লিগিৰী ঢোলৰ পাছবাৰী - ? চত্তৰী- নজনা ভাওনো কিয় ধৰ ? বপুরা - হৰি - হৰি ! চন্তৰী- আৰু তই কিন্তু সঙ্গে সঙ্গে - বহুবা - হৰি হৰি [ এনেতে বিজুলী নেগেৰে আহি সুন্দৰ তাতে ওলাই হি। চন্দ্রবীগেলে নেৱা ও দইি দুত ঠিয় হয়। বপুৰা থৰমৰ খাই ৰয় সুন্দৰৰ ইঙ্গিতত চত্তৰী সেৱ। জনাই ওচি যায়। বপুৰাই ধেৰো ঘেটোকৈ ] আঙ্গি তিনিদিনে শুকান খৰিৰ দুখত - দিনত সময়ে নাপাও - কেঁ।ৱৰৰ আলপৈচান ধৰোতে। সুন্দৰ - ( চকু গাঁখি থোপা কৰি) কথা নাসাজিবি মই তোক সুদর্শনৰ তাত দেখিছিলো বগুন্ধা - এঃ দেখিছিলেই যদি - এনেরে মিছা মাতিলে। পিছে - সুন্দর গোম,ঠা হৈ বাধাদি ) থ এতিয়া মোৰ কথা শুন। এতি য়াই যা। মোৰ হাইডাল বোলৈাৱা নৈফুৰা নাওখন - নাৱলীয়াৰ সতে সাজু কৰগৈ। মই আজি এতিয়াই কুঁৱৰীৰ মতে বালিভাত খাবলৈ যাম ।
pdf
cb9b237edbe949c578d366008c6ae2e926d917f3ef673755e4fc75af38d0cdf6
গদাধৰ । কিমতে উদ্ধাৰ হয় দুর্ণামৰপৰা, চিন্ত। সকলোৱে । বঃ ফুঃ। - চিন্তৰিছে। বিস্তৰ হেৰ। ! ইন্দ্ৰবংশী ৰাজকুল, আজি পৃথিবীত, তল গল দুৰ্ণামত ! লাগিছে তবধ জানো, স্বৰ্গত দেৱতা, দেখি মৰতত মানৱৰ অনুচিত কাজ ; - দেখি আৰু, মহাসতী জয়মতী পীড়নৰ দশা ! শাপিছে দিনকে জানো, সতীকুলে হাঁয়, ই ৰাজ্যৰ পতনৰ হেতু । নাই আজি ৰাজলক্ষ্মী অসমৰ ; ত্যেজিছে দেবীয়ে । ত্যেজিল সতীয়ে যেই । বাজিছে হিয়াত দেৱতা আদেশ বাণী, - নাই দোষ মোৰ । কৰ্ত্তব্য পালন হেতু হলো প্রতিশ্রুত, - নডৰাওঁ কাকো। দুৱৰী। - ৰাজদূত উপস্থিত, দেউতা-ঈশ্বৰ ! বঃ ফুঃ। - ক্ষন্তেক পলমে দেখা। দূত - শুশ্রূষাৰে ৰখা হোক আলহী টোলত। ভাল, দেউতা ঈশ্বৰ.! এৰোঁ আজিলই । নাপায় সম্ভেদ যেন অহা-ৰাজদূতে আজিৰ মন্ত্ৰণা কথা । ( দুৱৰীৰ প্ৰৱেশ ) ( সকলোৰে প্ৰস্থান )
pdf
f916d8c4d01ef35d734988efd22782d463a4777d
কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তিৰাজ মন্ত্ৰী গিৰিৰাজ সিঙৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবাটোকৈ প্ৰেৰণাদায়ক বৈশিষ্ট্য হৈছে যে, তেওঁ এগৰাকী মহান শ্ৰোতা। জনসাধাৰণৰ সমস্যা বুজি উদাহৰণসহ তেওঁ কাম কৰিব পাৰে। "মই তেওঁৰ ওচৰলৈ যেতিয়া ৰাজ্যিক মন্ত্ৰী হিচাপে বা কেবিনেট মন্ত্ৰী হিচাপে যাওঁ, মই এনে কোনো ধাৰণা আলোচনা কৰো যিয়ে জনতাৰ জীৱনৰ মান উন্নত কৰিব পাৰে বুলি তেওঁ ভাবে, তেন্তে তেওঁ কথাখিনি অতি গুৰুত্ব সহকাৰে শুনে আৰু আলোচনা কৰে। আৰু সকলো দিশ চালিজাৰি চাই কাৰ্যকৰী কৰে। এইটো তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছে। " কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে News18. comত এনেদৰে কয়। প্ৰধানমন্ত্ৰীৰ আন এটা বিশেষত্ব হৈছে- তেওঁ উদ্ভাৱনৰ প্ৰচাৰ কৰে আৰু যদি সেয়া জনসাধাৰণৰ বৃহত্তৰ কল্যাণৰ বাবে হয়, তেন্তে তেওঁ ইয়াক সৰ্বাধিক গুৰুত্ব দিয়ে, সিঙে কয়। বিজেপি নেতাজনে লগতে কয় যে, প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভঙ্গীয়ে তেওঁক অনুপ্ৰাণিত কৰে আৰু মোদী মন্ত্ৰীসভাৰ সদস্য হিচাপে নিজে গৌৰৱ অনুভৱ কৰে। প্ৰধানমন্ত্ৰীক পাৰ্টী মেন আৰু তেওঁৰ মন্ত্ৰীসকলে কঠোৰ টাস্কমাষ্টাৰ বুলি অভিহিত কৰা সন্দৰ্ভত সিঙে কয় যে, তেওঁ এজন নেতা যি উদাহৰণৰ দ্বাৰা নেতৃত্ব দিয়ে। "আপুনি 'হাৰ্ড টাস্কমাষ্টাৰ' বা 'অনুপ্ৰেৰণাৰ ফাউণ্টেইন' বুলি ক'ব নেকি? প্ৰতিজন মন্ত্ৰীয়ে অনুভৱ কৰে যে যদি প্ৰধানমন্ত্ৰীয়ে ইমান কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে তেওঁ নিজৰ ফালৰ পৰাও কাম কৰিবলৈ চেষ্টা কৰা উচিত," তেওঁ কয়। মই ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি কৃতজ্ঞ। কেইবছৰমান আগতে মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ এই বিষয়ে জানিব পাৰিছিল। আৰু তেওঁ মোক কৈছিল যে, ৰাজনীতিবিদসকলৰ আটাইতকৈ বেয়া অভ্যাস টো হ'ল যে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে পাহৰি যায় আৰু আমি ইয়াক উপেক্ষা কৰা উচিত নহয়। " মন্ত্ৰীজনে লগতে কয়। - First Published :
web
8fe38a66a311c78a34d40b006308ffb8c6054766
খাৰিজা বিজনীঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানকলৈ ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ ফেচবুক প'ষ্ট। মানাহত এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধিকলৈ উৎফুল্লিত জনপ্ৰিয় ক্ৰিকেটাৰগৰাকী। চলিত বৰ্ষত মানাহত তৃতীয়টো গঁড়ৰ পোৱালীৰ জন্ম হোৱাক লৈ আনন্দিত ক্ৰিকেটাৰ তথা প্ৰকৃতিপ্ৰেমী ৰোহিত শৰ্মা। অসম তথা বিটিচিৰ বন বিভাগ, আন্তঃৰাষ্ট্ৰীয় গঁড় সংৰক্ষণ সংস্থা আৰু WWF-INDIAৰ কৰ্মক শলাগ লয় ক্ৰিকেটাৰগৰাকীয়ে। উল্লেখ্য যে ২০১৮ চনৰ পৰা দেশৰ গঁড় এম্বেচেদৰ হিচাপে নিযুক্ত হৈ আছে জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী।
web
15dd3050a2662b16bef456ad46c225c47745ba147d70eaff8b19581c4ba43ddb
চনৰ ১৬ মাৰ্চত বিধান পৰিষদত দিয়া এক ভাষণত নুৰুদ্দিন আহমদেও লাইন প্ৰথাৰ বিলুপ্তিৰ দাবী কৰি কয় যে ই পমুৱাসকলৰ অসমীয়া জাতিসত্তাৰ লগত চামিলকৰণত বাধা জন্মাইছে। নগাঁৱৰ অসমীয়া মুছলমান নেতা খানবাহাদুৰ নুৰুদ্দিন আহমদেও সংৰক্ষিণী সভাৰ সমুখত এক মৌলিক প্রশ্ন উত্থাপন কৰি কয়, My Hindu friends of Assam valley, in order to prevent them from falling into the hands of the Domiciled and Settlers' Association, have been telling the immigrants that they regard them as Assamese people. But it is no use call- . ing them Assamese without giving them the status of Assamese, (*) এই বিতৰ্কিত লাইন প্ৰথাৰ ধাৰণা প্ৰথমতে উত্থাপিত হৈছিল ১৯১৬ চনত আৰু ১৯২০ চনত ইয়াক আইনীৰূপ দিয়া হৈছিল। ই বিপুল সংখ্যক পমুৱা মেহনতী মানুহক থলুৱা অসমীয়াসকলৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। অৱশ্যে এই সম্পৰ্কে ব্ৰিটিছৰ ব্যাখ্যা আছিল বেলেগ। অসমীয়া সকলক পমুৱা-প্ৰৱজনৰ পৰা বচোৱাৰ বাবেহে এই প্রথা প্ৰবৰ্তন কৰা বুলি ব্ৰিটিছে কৈছিল। যি কি নহওক এই লাইনেই দুটা প্ৰধান সম্প্ৰদায়ৰ মাজত বিতৰ্ক আৰু বিৰোধৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই সংঘাতত কোন পক্ষ শুদ্ধ আছিল, কোন ভুল আছিল তালৈ নগৈ আমি মাথো ইয়াকে ক'ব খোজোঁ যে দুয়ো পক্ষই দুই পৃথক, আনকি পৰম্পৰবিৰোধী পথেৰে যাত্ৰা আৰম্ভ কৰিছিল। অসহিষ্ণুতা আৰু নৰাতংকৰ পৰিণতি ঘটিছিল ব্যাপক সাম্প্রদায়িক সংঘৰ্ষত, অপূৰণীয় ক্ষতি হৈছিল অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ। এই সংঘাতৰ পম খেদিলে আমি সংৰক্ষিণী সভাৰ আত্মীকৰণৰ নীতিত উৰহী গছৰ ওৰ পাওঁগৈ। সংৰক্ষিণী সভা আৰু জাতীয় মহাসভা, দুয়োটাৰে প্ৰতিষ্ঠাপক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ডাঙিধৰা আঁচনিয়ে অসমীয়া জাতিগঠন প্রক্রিয়াক থিয়ৈ থিয়ে দুভাগ কৰাটো নিশ্চিত আছিল। ৰায়চৌধুৰীয়ে কৈছিল যে প্ৰতিটো জাতিয়ে নিজৰ গৃহভূমি বিচাৰে। বাঙালীয়ে বংগত থাকিব, অসমীয়া অসমত থাকিব। কোনো বঙালীয়ে অসমত ব্যৱসায় বা চাকৰিৰ বাবে আহিলেও তেওঁলোক ইয়াত আলহী হিচাপে থাকিৰ লাগিব, গৃহস্থ হ'ব নোৱাৰে। তেওঁলোক ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থাকিব লাগিব। বংগত উপভোগ কৰা অধিকাৰ তেওঁলোকে ইয়াত নাপায়। এই বিষয়ত কোনো আপোচ নহয়। (৯৯) এনেকৈয়ে সংৰক্ষণী নেতৃত্বই অসমত দুই শ্ৰেণীৰ নাগৰিকত্বৰ পোষকতা কৰিছিল। ইয়াৰ দ্বাৰা বাঙালীসকলৰ উচ্চাত্মিকা মনোভাৱত ভাটা পৰিব বুলি আশা কৰা হৈছিল যদিও ফল বুমেৰাং হ'ল। বাঙালীসকলতো বাদেই জনজাতিসকলেও নিজৰ ভাষা-সংস্কৃতি জলাঞ্জলি দিবলৈ নাৰাজ হ'ল; দ্বিতীয় শ্রেণীৰ নাগৰিকত্ব' বৰণ কৰি লোৱাটো দূৰৰ কথা। Assam Legislative Council Proceedings, (1936) Vol,16., p.340. as.cited in Planter Raj to Swaraj, p.210. ৯৯। অম্বিকাগিৰী ৰায়চৌধুৰী গ্ৰন্থত সদানা চলিহাৰ প্ৰৱন্ধ, পৃ-১৪৯ অসমীয়া জাতি গঠন প্রক্রিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ কিন্তু তথাপিও সংৰক্ষিণী-নেতৃত্বই তেওঁলোকৰ সেই 'আত্মীকৰণ'ৰ নীতিৰ সম্ভাব্য প্ৰতিক্ৰিয়াৰ বিষয়ত সম্পূর্ণ উদাসীন হৈ থাকিল। ১৯৩৭ চনত জৱাহৰলাল নেহৰুক দিয়া স্মাৰকপত্ৰত সভাই (১) ব্ৰিটিছৰ আমোলত বহিৰাগতৰ (সেয়া কিন্তু ব্ৰিটিছ নহয়;) শোষণ, (২) চিলেটৰ পৃথকীকৰণ, (৩) লাইন প্রথাই উৎসাহিত কৰা মৈমনচিঙীয়া প্ৰব্ৰজন আদি প্রশ্নবোৰ পুনৰ দোহাৰিলে । (১০০) এই খিনিতে উল্লেখযোগ্য যে অসমীয়া সংৰক্ষিণী সভাই অসমীয়াকৰণ প্ৰক্ৰিয়া জ্বান্বিত কৰাৰ বাবে বেচৰকাৰী 'ডমিচাইল চাৰ্টিফিকেট' প্ৰদান কৰাৰো প্ৰস্তাৱ হৈছিল (১০১) কিন্তু কোন অসমীয়া আৰু কোন অসমীয়া নহয়? সংৰক্ষিণী নেতা, ব্ৰিটিছ- তোৰণকাৰী নীলমণি ফুকনে সংৰক্ষিণী সভাৰ ১৯৩২ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতিৰ ভাষণত এই প্ৰশ্নৰ উত্তৰ দি কয় অসমীয়াক মাতৃভাষা বুলি গ্ৰহণ কৰা সকলহে কেৱল অসমীয়া । তেওঁ চুবুৰীয়া পাহাৰীয়া জনজাতিসকলে নিজা ভাষা পৰিত্যাগ কৰি অসমীয়া গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায়। এক অদ্ভুত যুক্তি আগবঢ়াই তেওঁ কয় যে পাহাৰী এলেকা বিলাকৰ প্ৰশাসন যিহেতু অসমৰ পৰা পঠোৱা টকাৰে চলে এতেকে তেওঁলোকে অসমীয়া গ্ৰহণ কৰিব লাগে। হিন্দু মহাসভা বা হিন্দু মিশ্যনে (পাহাৰী জনজাতিসকলক) কেৱল হিন্দুলৈ ধৰ্মান্তৰিত কৰিলেই নহ'ব, তাত স্থায়ী ধর্মপ্ৰচাৰকো দিব লাগিব। নওঠা জাতিৰ মাজত ভগৱানো নঙঠা হৈ পৰে। সেই কাৰণে সেইবোৰ জাতিক মানুহ কৰিব লাগিৰ। অৰ্থাৎ সংৰক্ষিণী সভাই সিবোৰক অসমীয়া কৰিব লাগিব। (১০২) এনেকৈয়ে গঢ়ি তোলা হৈছিল এক উগ্ৰজাতীয়তাবাদী প্ৰচাৰধাৰা। প্ৰথমতে ফুকনে ফটোৱা জাৰি কৰিলে যে পাহাৰীয়া জনজাতিসকলে অসমীয়া গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকৰ মাতৃভাষা পৰিত্যাগ কৰিব লাগিব। তাৰপাছত তেওঁ সিসকলৰ মাজত হিন্দুধৰ্ম প্ৰচাৰৰ পোষকতা কৰিলে। তৃতীয়তে তেওঁ সিসকলক নঙঠা অসভ্য বুলি ক'বলৈ ধৃষ্টতা দেখুৱালে আৰু চতুৰ্থতে তেওঁ সিসকলক শিক্ষা দিয়াৰ কথা ক'লে 'যাতে তেওঁলোক অসমীয়া হ'ব পাৰে' - (অসমীয়া হোৱাৰ শিক্ষা মানুহ হোৱাৰ শিক্ষাতকৈ বেলেগ তাৰমানে?) এনে নীতিৰ পৰিণতি সম্পর্কে আমি পৰবৰ্তী অসম সাহিত্য সভা সম্পৰ্কীয় অধ্যায়ত বিতংকৈ দেখুৱাম বাবে ইয়াত নবহলাওঁ। ফুকনৰ জনজাতি-বিৰোধী আৰু ব্ৰিটিছপন্থী মানসিকতাৰ প্ৰতিফলন আমি দেখোঁ যেতিয়া তেওঁ অদমনীয় পাহাৰী জনজাতিসকলক দমন কৰা বাবে সাধন ৰায়বাহাদুৰ, যাদৱ ৰায়বাহাদুৰ আৰু লাহন পুলিচ অ'চিৰ ভূয়সী প্রশংসা কৰে। (১০০) ১৯৩২ চনৰ অসমীয়া সংৰক্ষিণী সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ অভিভাষণত ৰাজহুৱাভাৱে কোৱা ফুকনৰ উক্ত কথাষাৰে অসমীয়া জাতিগঠন প্রক্রিয়াত কি মাৰ-ঘাত মাৰিছিল, সেয়া সহজেই অনুমেয়। আচৰিত হ'বলগা একো নাথাকে যেতিয়া এনে উগ্রজাতিদাম্ভিক কথা100 AICC Papers, File No. p.4/ (1)/22, 1937, NMML as cited in the Political History of Assam, Vol. II, p.334. Sosi Planter Raj to Swaraj, p. 213. ১০০। সংৰক্ষিণী সভাত ফুকনৰ বক্তৃতা, বাঁহী, জানুৱাৰী, ১৯৩৩ বতৰাৰ বাবেই ফুকনে শ্বিলঙত কেপ্তেইন উইলিয়ামচন চাংমাৰ ঘৰত এদল খঙাল জনজাতিনেতাৰ মুখামুখি হ'ব লগা লয়। (১০৪) নীলমণি ফুকন কেৱল উগ্ৰজাতিদাম্ভিকতাতে ক্ষান্ত থকা নাছিল; তেওঁ ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰো আশ্ৰয় লৈছিল। তেওঁ হিন্দু মহাসভালৈ মুকলি আহবান জনাইছিল জনজাতিসকলৰ মাজত হিন্দু ধৰ্ম প্ৰচাৰৰ বাবে। তেওঁ আনকি এইবুলিও ঘোষণা কৰিছিল যে অসমীয়া মুছলমানে অ-হিন্দু আচৰণ কৰা নাই আৰু কৰিবও নোৱাৰে।(১০৫) ইয়াৰ অৰ্থ পৰিষ্কাৰঃ অ-হিন্দু আচৰণক ইয়াত অনা-অসমীয়া, আনকি অসমীয়া-বিৰোধী আচৰণৰ লগত সমার্থক কৰা হৈছে। মন কৰিবলগীয়া যে একেসময়তে ফুকনে ব্রিটিছ সাম্রাজ্যবাদী শাসকৰ ওচৰত সম্পূৰ্ণ নিৰ্ভৰশীলতাৰ নীতি মানি চলিছিল। জনজাতি বিৰোধী, ধর্মান্ধ, উগ্ৰজাতিদান্তিক উক্ত অভিভাবগত একেই উশাহতে তেওঁ অসমীয়া জাতিক সংৰক্ষণ কৰিবলৈ ব্ৰিটিছ শাসকৰ ওচৰত সবিনয় নিবেদন জনাই কৈছিল যে চৰকাৰী পৃষ্ঠপোষকতা অবিহনে কোনো জাতিয়ে ইয়াৰ জাতীয় সত্তা বচাই ৰাখিব নোৱাৰে, এতেকে (ব্ৰিটিছ) চৰকাৰেও (অসমীয়া জাতিক বচাবলৈ)(১০৬) বলপ্রয়োগ কৰি অসমীয়া জাতি গঠন কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্রস্তাৱৰ লগত অম্বিকাগিৰীৰ ধাৰণাৰো সংগতি আছিল। সংৰক্ষিণী সৰ্শনৰ ব্যাখ্যা আগবঢ়াই অম্বিকাগিৰীয়ে কৈছিল যে এজন মানুহৰ দেহৰ ভিন্ ভিন্ অংগবোৰৰ যেনেকৈ ভিন্ন ভিন্ন স্বার্থ থকাটো অমংগলীয়া তেনেকৈ জাতিৰ ভিতৰত সংখ্যালঘুৰ ভিন্ন স্বার্থ একাটো বিপজ্জনক। সংৰক্ষিণী দৰ্শনে জাতিৰ ভিতৰত কোনো সংখ্যালঘু অধিকাৰ মানি নলয় আৰু কোনো ডমিচাইল ৰা আন সম্প্রদায়ৰ অস্তিত্বও স্বীকাৰ নকৰে । (১০৭) এনেকৈয়ে সংখ্যালঘুৰ অধিকাৰ মানি লোৱাটো দূৰৰে কথা, অসমীয়া জাতিসত্তাৰ ভিতৰত বিভিন্ন নৃগোষ্ঠীবোৰৰ অস্তিত্ব পর্যন্ত মানিবলৈ অস্বীকাৰ কৰি সংৰক্ষিণী নেতাসকলে প্ৰকৃততে এটা এক-ভাষিক, এক-সাংস্কৃতিক একাশ্ম জাতিৰ পোষকতা কৰিছিল। কিন্তু বৈচিত্র্যবর্জিত তেনে জাতি বাস্তৱত সম্ভৱ নাছিল। এইটো সঁচা যে জাতি গঠনৰ প্ৰক্ৰিয়াত বৈচিত্র্য ক্রমাগত লয় পায়। কিন্তু সেইবুলি জোজবৰদস্তি কৰি অসহিষ্ণুতাৰে জাতি 'বনাৰলৈ গ'লে হিতে বিপৰীত হয়। সংৰক্ষিণী নেতৃবৃন্দই আনকি অসমীয়া জাতিক বিলুপ্তিৰ পৰা বচাবৰ বাবে ভাৰতৰ পৰা বিচ্ছিন্নতাৰ কথাও পৰোক্ষভাবে উল্লেখ কৰিছিল।(১০৮) ভাষিক-আঞ্চলিক ভাৱাবেগ থকা সত্ত্বেও অসমীয়া মানুহ অৱশ্যে ইমান দূৰলৈকে যাবলৈ সাজু নাছিল। সেয়েহে নিৰ্বাচনৰ বতৰত সংৰক্ষিণী নেতৃত্বই বাৰম্বাৰ বোন্দাথেকেচা খাইছিল। (১০৯) (নীলমণি ফুকনে ১০৪। ত্রৈলোক্যনাথ গোস্বামী : অভীতৰ কথা, গুৱাহাটী, ১৯৯০ ১০৫। সংৰক্ষণী সভাত ফুকনৰ বক্তৃতা, ৰাঁহী, জানুৱাৰী, ১৯৩৩ ১০৬। ঐ, ১০৭। অম্বিকাগিৰী আৰু তেওঁৰ জীৱন দর্শন। ১০৮। নেহৰুলৈ স্মাৰকপত্র, AICC Filesp 4 (1) 1937 cited in Planter Raj to Swaraj, p 257 :: অসমৰ ইতিহাস : অধ্যয়ন আৰু ৰচনা, পৃ-২৩
pdf
8c7393883c254311d3146cda4524a6909dfc4095
মণিপুৰৰ বিষ্ণুপুৰ জিলাত অলপতে অসম ৰাইফলছ আৰু বিষ্ণুপুৰ ক'মাণ্ডোয়ে চলোৱা এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই বিষ্ণুপুৰ জিলাৰ ইশোক মাখা লেইকাইৰ পাট অঞ্চলৰ পৰা উক্ত অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰা হয় বুলি কালি ইম্ফলৰ পৰা অসম ৰাইফলছৰ জনসংযোগ কাৰ্যালয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ২টা এম ১৬ ৰাইফল, ৪টা এ কে-৫৬ ৰাইফল আৰু লান্সাৰৰ সৈতে ১টা এ ৪ ৰাইফল আছে বুলি জানিব পৰা গৈছে। অৱশ্যে উক্ত অস্ত্ৰ-শস্ত্ৰ সমূহ কেতিয়া উদ্ধাৰ হৈছে সেই কথা প্ৰেছ বিবৃটোত জনোৱা হোৱা নাই।
web
8485f3ebe571eb81903b454e22a11918aac5b8a4896f5cd9a1e96567774cd1c4
নেযায়।" মহেন্দ্ৰ বৰুৱাৰ পাৰিবাৰিক জীৱন লুখৰ নহয়। ল'ৰাৰ চাকৰি, ছোৱালীৰ বিয়া আদি ভালেখিনি সমস্যা আছে। ৰাতিপুৱাল। সৎকাৰৰ সকলো যা যোগাৰ হ'ল। শ' শ্মশানলৈ নিবৰ বাবে সকলো সাজু হ'ল। মানুহৰ ভীৰ কমি আহিল। শ' কান্ধত লোৱাৰ লগে লগে বনমালীয়ে হুক্কাই কান্দিবলৈ ধৰিলে। মীৰাই আচলেৰে চকু মোহাৰিলে। চন্দন আৰু ৰণেনৰ ঘৈণীয়েক জড়পদাৰ্থৰ দৰে ৰৈ থাকিল। তেওঁলোকৰ মুখ ভাবলেশহীন। চুবুৰীয়া মানুহবোৰ গ'লগৈ। ঘৰখনত এভিয়া চন্দনৰ ঘৈণীয়েক শিখা, ৰণেনৰ ঘৈণীয়েক বিনীতা আৰু তেওঁৰ ল'ৰা-ছোৱালীহাল, মীৰা, বনমালী আৰু দুই-এক আত্মীয়। বনমালীয়ে অনুভৱ কৰিলে ঘৰখনত যেন কোনো নাই। মীৰাই মাকৰ ফ'টো এখন পটিক'ৰ টেবুল এখনৰ ওপৰত থৈ সুন্দৰকৈ সজাইছে। বনমালীয়ে শেৱালীফুল একাজলি আনি ফ'টোখনৰ কাষত থলে। শেৱালী ফুল বৰ ভাল পাইছিল সাত্ৰিীয়ে। হঠাৎ শিখা সোমাই আহি বনমালীক ক'লে - "এতিয়া এইবোৰ বাদ দিয়াচোন। ঘৰ-দুৱাৰবোৰ অলপ চাফা কৰা । মানুহ-দুমুহবোৰ আহিব।"- বনমালীৰ শৰীৰটো শিৰশিৰাই উঠিল। খন্তেক পিচত বিনীতা সোমাই আহি শিখাক ক'লে - "অলপ ওই ল'ব পৰা হ'লে ভাল আছিল নহয় বাইদেউ। গোটেই নিশাটো নোশোৱাকৈ থকাটো ধেমালি নহয় দেই । মই বাৰু বাদ আপোনাৰ কিন্তু এই সময়ত Rest-ৰ প্ৰয়োজন।" - বুজাব নোৱাৰ। বেদনাত স্তব্ধ হৈ গ'ল বনমালী। সি অনুভৱ কৰিলে সাবিত্ৰীৰ এইখন ঘৰৰ মানুহবোৰৰ চেতনাত কেতিয়াবাই মৃত্যু হ'ল। সেইবাবে ছাগৈ যোৱাকালি সাবিত্ৰীৰ মৃত্যুৱে তেওঁলোকৰ মনত কোনো জোকাৰণি তুলিব পৰা নাই। যন্ত্রচালিতৰ দৰে বনমালীয়ে ঘৰ সাৰিছে। চ'ফা মুচিছে। ইমানদিনে সি নিজক এইখন ঘৰৰ ভৃত্য বুলি ভবা নাছিল। কিন্তু আজি তাক শিখাই কামৰ নিৰ্দেশ দিয়াৰ লগে লগে সি অনুভৱ কৰিলে ভাৰ পৰিচয় এটা সাধাৰণ ভৃত্যৰ বাহিৰে এইখন ঘৰত অন্য একো নহয়। সাবিত্রীয়ে কিন্তু তাক নিজৰ পুত্ৰৰ দৰেই মৰম কৰিছিল। সি এইখন ঘৰলৈ দাঠ বছৰ বয়সতে অহা। নিচেই সৰুতে তাৰ মাকৰাপেক ঢুকাইছিল। মোমায়েক-মামীয়েকে তাক তুলিতালি পাঠ ৰছৰীয়া কৰি তাক সাবিত্ৰীৰ ঘৰত দিলেহি। তাৰপিচত এইখন ঘৰত তাৰ বিশ বছৰ পাৰ হৈ গৈছে । এতিয়া সি ডেকা। সাবিত্ৰীৰ মৰমৰ উন্নত সি কেতিয়া বিশ বছৰ পাৰ হৈ আহিল, সি গমেই নেপালে। সাবিত্ৰীয়ে তাক স্কুললৈয়ো পঠাইছিল। সিহে দুদিনমান গৈ এৰি দিলে। এল. পি. স্কুলৰ প্ৰথম শ্ৰেণীত তাৰ বয়সীয়। ল'ৰা নায়েই । তাৰ লাজ লাগিল। সাবিত্ৰীহঁতৰ খেতি-বাতি আছে। ডাঙৰ হৈ সি খেতিত লাগিল । বাৰীখনো চাই। ভিতৰত কাম কৰিবলৈ ল'ৰা এটা আছে । সি আজিলৈকে চ'ফা মচা, ঘৰ সৰা - এইবোৰ কৰা নাই । তাৰ নিজকে পৰাধীন যেন লাগিল। খৰি দিয়। মানুহবোৰ ঘূৰি অহা নাই। পাচফালৰ চোতাললৈ আহিল বনমালী। গৰু-গাইবোৰ মেলাই নাই। এই ছুদিন কি খাইছে ভগবানেহে জানে। গৰুক দানাপানী দিয়া কামটো সদাই সাবিত্ৰীয়েহে কৰি আহিছে । যোৱ। দুদিনে এই কথাটে। বনমালীয়ে চিন্তাই কৰা নাই । লৰালৰিকৈ দানাপানী আনি গৰুসোপাৰ আগত দিলেহি সি। বনমালীয়ে দানাপানী দিয়া দেখি গৰুসোপাই তালৈ সন্দেহেৰে চালে । দমৰা কেইটাই ইফালে সিফালে চাই দানাত মুখ দিলে। ইহঁতৰ লগত বনমালীৰ সম্পৰ্ক আছে। কিন্তু গাইকেইজনীয়ে বনমালীলৈ চেঁাঁচা মাৰি খেদি আহিল। পোৱালী দুটাই সভয়ে তাৰ ফালে চালে। বনমালীৰ শোকে খুন্দা মাৰি ধৰিলে। গৰুসোপাই তাক সহজভাৱে লব পৰা নাই। পাৰ'জাককে। মাতি মাতি চোতাললৈ নমাব নোৱাৰিলে বনমালীয়ে। আটাইজাকে শিলপৰা কপৌৰ দৰে ধৰ লাগি বনমালীৰ ফালে চাই আছে। ৰৈ অহা চকুপানী বাধা দিব নোৱাৰিলে সি। গৰু-গাই, ছাগলী, হাঁহ-পাৰ - এইবোৰৰ খোৱা ৰোৱাৰ হিচাপ ৰাখিছিল সাবিত্ৰীয়ে। সেইবাবে সাবিত্রীক নেদেখি সিহঁত বিস্মিত, হয়তো বেদনাহতো। শ্মশানৰপৰা মানুহবোৰ আহিল। গা-ধুই লৌকিক কৰ্ম কৰি চন্দন, ৰণেন আৰু অভিজিত বাৰাণ্ডাত বহিছে। চুবুৰীয়া ডেকাবোৰো সিহঁতৰ ওচৰতে বহি আছে। কিবা কথা পাতি গোটেইজাকে হাঁহিছে। চন্দনহঁতেও। মীৰাই ট্ৰেত লৈ অনা চাহ একাপ একাপকৈ সকলোকে দিছে। "ইমানবোৰ আজিকালি মানিব নোৱাৰি দেই। অন্ততঃ চাহ একাপ, চিগাৰেট এটা...।" - অভিজিতে কৈছে। দিনটে। যিমানে আগবাঢ়িছে মানুহৰ আহ-যাহে। বাঢ়ি আহিছে। কথা, হাঁহি, টেপ, গাজ। আদিৰ সোঁতত সাবিত্ৰী নামৰ মানুহজনীৰ মৃত্যুৰ খবৰ তল পৰি গৈছে। বনমালীৰ কিবা ভয় ভয় লাগিল। এৰাতিৰ ভিতৰতে মানুহে মানুহক এনেদৰে পাহৰেনে ? সন্তানৰ ওচৰত মাকৰ গুৰুত্ব ইমান পলকতে কমি যায়নে ? আবেলি পৰত ৰম। পালেহি, লগত গিৰিয়েক। ৰমাহঁতৰ নিজৰ গাড়ী আছে । গিৰিয়েক-ঘৈণীয়েক ছয়ে। নিজৰ গাড়ীৰেই আহিছে। এবছৰীয়া ছোৱালীজনী থৈ আহিছে। বিয়াৰ পিচত ৰমাৰ বহুত পৰিৱৰ্তন হৈছে । চেহেৰালৈ সৌন্দৰ্য্যৰ লগতে গাম্ভীৰ্য্যও আহিছে। বনমালীয়ে গম পাইছে কাইলৈ পুৱাই ৰমা যাবগৈ। ইয়াত থাকিব নোৱাৰে বহুত অসুবিধা। বনমালী স্তব্ধ হৈ গ'ল। ৰমালৈ বৰ মৰম আছিল সাবিত্ৰীৰ। তাইক বিয়া দিয়াৰ এমাহমান পাচলৈকে কান্দি আছিল সাবিত্ৰীয়ে। অথচ মাকৰ বাবে ৰমাৰ দুটোপাল অশ্ৰু নাবাগৰিল। ৰমাৰে নহয় ঘৰখনৰ কাৰে। সাবিত্ৰীৰ মৃত্যুত শোক কৰিবলৈ সময় নাই। বনমালীৰ দৌৰি এইখন ঘৰৰপৰা ওলাই যাবৰ মন গ'ল । ঘৰৰ ভিতৰত যেন উশাহ বন্ধ হৈ যাব খুজিছে। পদুলি ঘুৰলৈ ওলাই আহিল বনমালী। বাহিৰত দিনান্তৰ অনুজ্জ্বল আকাশ। বিয়লিৰ কৰুণ হৈ অহা মুখলৈ চাই বনমালীয়ে ভাবিলে - -বেলিটোৱে বিদায় লবৰ পৰত গোটেই পৃথিবীখনে যেন কান্দে। পশু-পক্ষীবোৰেও আপোনজনৰ মৃত্যুত শোক কৰে। পৃথিবীৰ বহুকোটি বছৰ হ'লহি। এতিয়াও ইয়াৰ নিয়ম-কানুন একে আছে। পশু-পক্ষীৰ লগত অৰণ্যৰ, অৰণ্যৰ লগত মাটিৰ, মাটিৰ লগত ৰ'দ-বৰষুণৰ সম্পৰ্ক অটুট আছে। এটাৰ অবিহনে খানটোৰ ক্ষয়-ক্ষতি হয় - হৈছে। কিন্তু মানুহৰ মন সলনি হৈ গৈ আছে। মৰম, চেনেহ, দয়া, ক্ষমা - এইবোৰ নহ'লেও মাহুহৰ এতিয়া চলি গৈছে। এইবোৰৰ লগত সম্পৰ্ক নৰখাকৈ মানুহ এভিয়। জীয়াই থাকিব পাৰিছে। পাৰিব। আচৰিত। লাহে লাহে এন্ধাৰ নামিল। বনমালীৰ ঘৰৰ ভিতৰ সোমাবলৈ কিবা ভয় লাগিল। ঘৰৰ ভিতৰত যেন প্রেম-ভালপোৱাবিহীন এজাক মৃত মানুহ ঘূৰি ফুৰিছে। মৃত মানুহুসোপাৰ মাজলৈ যাবলৈ বনমালীৰ ভয় গ।
pdf
90b129e9629e5e9098e14373c96492f1abcc41cb8dda30c548e820e4c93b1f67
কোনোবাই আহি তুসীক মাতি লৈ যায । কালোন্দীৰ বেয়া লাগিছে । তুসীক দেখা মাত্রকে তাই কলে, - -মোক লৈ ব'ল । এতিযাই লৈ ব'ল । তই যাগৈ, - তুল্সীযে কয । মই কেনেকৈ যাম । মিটিং শেষ হোৱা নাই, মই গ'লে কেনেকৈ হব । - তই বুদ্ধা নাই, কালোন্দীযে কয, মোক লৈ ব'ল । আৰু তোৰ মিটিং শেষ হৈছে । তই অদ্ভুত কৰিলি । মোক এতিযাই, এই মাত্রকে লৈ ব'ল । তুল্সীযে তাইৰফালে ভালকৈ চালে । তাই মানুহজনী ঘামি গৈছে । তাইৰ কিবা অত্যন্ত কষ্ট হৈছে, সি বুজি পায । সি তাইক ধৰি থিয় কৰাই দিয়ে । তাই তাৰ গাতে আঁউজি ধীৰে ধীৰে খোজৰ মূৰত খোজ দি গৈ থাকে । ঘৰ পাযেই তাই বিছনাত ছাটি-ফুটি কৰি থাকে । তাইৰ বিম্টো ক্রমান্বয়ে বাঢ়ে । পূবে বগা দাঁৰ দিয়াৰ লগে লগে কালোন্দীৰ পুত্র সন্তান এটি জন্ম হয় । তৃতীয় অধ্যায় প্রায় আঠবছর বাল চাদিনীঘাট অঞ্চলটো পৰিত্যক্ত হৈ আছিল । ভূমিকম্পৰ সময়ত চাঁদিনীয়ে প্রায় সমগ্র বাগিচাখন গ্ৰাস কৰিছিল । এহাতে ভূমিকম্পই তীব্ৰ জোকাৰণিৰে মাটি ভাগত বহল দ গাত খান্দি দিলে, আনহাতে চাঁদিনীযে তীব্রবেগে সোমাই আহি গাঁতাবাৰ পানীৰে পূৱাই দিলে । বাৰিষা কালত চ'দিনীঘাট বাগিচা এটা হ্ৰদ্ৰ দাৰ হ'ল সতিযা পানীযে ঢৌ ·খলিবলৈ ধৰিলে, তে িশ পাৰণা হ'ল যেন চাঁদিনী নৈখনে দুমাইল বহলহৈ সেই অঞ্চলটো আগুৰি পেলালে । খৰালি দেখা গ'ল যেনখনে পাৰ ভাঙি বাগিচাৰ ফালে গতি কৰিলে হয়, কিন্তু গোটেইখন বাগিচা নৈৰ বুকুলৈ যোৱা নাই । বিৰাট ডাঙৰ দ ঠাইবিলাকত পানী জমা হৈ থকা বাবে বাৰিষা কালত একাকাৰ হৈ পৰে। অৱশ্যে চাহপুলিবোৰ প্ৰাযে শেষ হৈ গৈছে । বাগানৰ মালিকসকলৰ চিন্তা বাঢ়িবলৈ ধৰিলে । এহাতে সুযোগবোৰ বাঢ়ি আছে, আনহাতে সমস্যাবোৰ বাঢ়ি আছে । এতিয়া আৰু নাৱেৰে চাহৰ বাকচ কঢ়িয়াব নালাগে । সমগ্ৰ ভাৰতবৰ্ষৰ লগত ৰেলগাড়ীৰ সংযোগ হ'ল, জাহাজৰ ব্যৱস্থা সুচল হ'ল । সুবিধাবোৰ বাঢ়িল । আনফালে ৰূপহীজানৰ পৰিধি নাবাঢ়িল;বৰং ইমান কষ্টেৰে গঢ়ি তোলা চাঁদিনীঘাটৰ বিৰাট অঞ্চলটো নাইকিয়া হ'ল । বনুৱাক বেছি সময় কামত খটুৱাই নাইবা বনুৱাৰ সংখ্যা বঢ়াই, নাইবা আন পদ্ধতি অৱলম্বন কৰি উৎপাদন কিমান বঢ়াব পাৰি ? সেয়ে অধিক ভূমিৰ প্ৰয়ো।।। নহলে আন বাগিচাৰ লগত, আন কোম্পানীৰ লগত প্ৰতিযোগিতা কৰাৰ ক্ষমতা নাহে । ফিন্লে চাহাবে নানা ৰকমৰ চিন্তা কৰে । চাহতলীৰ বাবে আনফালে মাটি পোৱা সহজ কথা নহয় । দৰাচলতে সেই চিন্তা কৰি লাভ নাই, তেওঁ জানে । চাঁদিনীঘাট ! বাৰে বাৰে তেওঁৰ মনলৈ আহে সেই একেটা সমাধান - চাঁদিনীঘাট ! যদি কিবাকৈ চাঁদিনীঘাট উদ্ধাৰ কৰিব পাৰি তেনে তেওঁৰ চিন্তা দূৰ হয় । কিন্তু কেনেকৈ ? পানী বন্ধ হৈ থকা সেই অঞ্চলটো কেনেকৈ তেওঁ উদ্ধাৰ কৰিব, কেনেকৈ তেওঁ চাহপুলি গজাব । তেওঁ নিৰাশ হয়, তথাপি সেই চিন্তাটো তেওঁ পৰিত্যাগ কৰিব নোৱাৰে । কাৰণ তেওঁ বহুবাৰ পৰিদৰ্শন কৰি দেখিছে যে সেইটো অঞ্চলত পানী বন্ধ হৈ আছে, কিন্তু গোটেইটো অঞ্চল তললৈ বহি যোৱা নাই । মেকেন্জি অহাৰ পিছত ফিন্লেৰ উৎসাহ বাঢ়িল । মেকেজি কৰ্মঠ আৰু সাহসী । কিবা এটা কাম কৰো বুলি ধৰিলে, যি কোনো প্ৰকাৰে তেওঁ কামটো কৰিহে এৰিব । বিপদ-বিঘিনিৰ কথা তেওঁ বেছি চিন্তা নকৰে । কিন্তু ফিন্লেই ভাবে যে মেকেন্জি দুর্দান্ত প্ৰকৃতিৰ লোক আৰু তেওঁ অতিপাত মদ খায় । কোনো এটা কামৰ সম্পূৰ্ণ ভাৰ তেওঁৰ ওপৰত দিবলৈ ফিন্লেই আশংকাও কৰে । তেনেকুৱা এজন মানুহক বিলাতৰপৰা সুদূৰ আসামলৈ কোম্পানীয়ে কিয় পঠালে, ফিন্লেই অনুমান কৰিব পাৰে । চাহ বাগিচাবোৰ চাহ-হাবি বুলিও জনাজাত । ইয়াত এফালে হিংস্ৰ অৰণ্য আৰু হিংস্ৰ জন্তু, আনফালে অসভ্য দুর্দান্ত কুলী । তেতিয়াও বিলাতৰ মালিকসকলৰ বহুতৰে মনত এনেকুৱা ধাৰণাই আছিল । এনেকুৱা ঠাইত মেকেন্জিৰ দৰে মানুহৰ প্ৰয়োজন । যিয়ে অন্ততঃ সাঁতুৰিব নোৱাৰাৰ বাবে ফ্ৰেদ্ৰিৰ্কৰ দৰে নৈত বুৰি নমৰে, যিয়ে দৰকাৰ হলে কুলীক কোবাই বগৰাই থব পাৰে, যি বনৰীয়া জন্তু দেখিলে ভয় নকৰি গুলী কৰি মাৰিব পাৰে । ফিন্লেই ভাবে, এনেকুৱা ধাৰণাৰ ফল হ'ল মেকেজি । এসপ্তাহ কাল মেকেজিয়ে চাঁদিনীঘাট অঞ্চলটো পৰিদৰ্শন কৰি ফুৰিলে । বোকা পিটনিৰ মাজেদি, ঘন জংঘলৰ মাজেদি, নৈৰ পাৰেদি, অকাতৰে ঘোঁৰাত উঠি, তেওঁ অঞ্চলটোৰ নতুন এখন মেপ তৈয়াৰ কৰিলে । তেওঁ এবাৰ চাই অহাৰ পিছতে গম এজাৰ মানুহ - ১৬ পাইছিল যে যিখিনি ঠাই সম্পূর্ণ পৰিত্যক্ত হৈ আছিল, তাৰ আধাখিনি মাটি চাহ খেতিৰ উপযুক্ত কৰি তোলাটো দুঃসাধ্য নহব । কিন্তু যিমানেই নলৰ পাছত নল তেওঁ খুঁটি পুতি মেপ তৈয়াৰ কৰি ভালকৈ গমি-পিতি চাবলৈ আৰম্ভ কৰিলে, তিমানেই তেওঁৰ বিশ্বাস হ'ল যে নৈৰ পাৰেদি ওখ মথাউৰি কৰি দিব পাৰিলে, এক-তৃতীয়াংশ মাটি বাদ দি, বাকী অংশবোৰ চাহৰ উপযোগী কৰি তুলিব পাৰি । তেওঁ দুগুণ উৎসাহেৰে কামত লাগি গ'ল । চাঁদিনীৰ পাৰে পাৰে মেকেন্জিয়ে বহুদিন ঘোঁৰাত উঠি ঘূৰি ফুৰিছে । এটা মূৰৰপৰা আনটো মূৰলৈ প্ৰায় দুমাইলজোৰা চাঁদিনীৰ পাৰটো বাগানৰ সীমা বুলি ধৰি লোৱা হৈছে । অন্ততঃ বাগিচাৰ মেপত সীমাটো তেনেকৈযে ধৰা আছে । নৈখনৰ পাৰেদি এই দুমাইল ঠাই মেকেন্জিয়ে দহ-বাৰমান পৰীক্ষা কৰিছে । নৈৰ পাৰেদি কোনখিনি ঠাইৰপৰা বাগিচাৰ ভিতৰলৈ সোমোৱা বাট কৰিবপৰা যায, কোনখিনি ঠাইবেছি দ, কোনখিনিৰে পানীৰ সোঁত বাগিচাৰ ভিতৰলৈ অহাৰ সম্ভাৱনা, তেওঁ এই আটাইবোৰ কথা সম্পূৰ্ণকৈ জানে, যেন তেওঁৰ চকুৰ আগতে ভাহি থকা ছবি । চাঁদিনীৰ উত্তৰ পাৰে বাগিচা, দক্ষিণে জংঘল । কেতিয়াবা, মাজে সময়ে মেকেন্জিয়ে ভাগৰ পলুৱাবলৈ নৈৰ পাৰতে বহে আৰু দক্ষিণলৈ চায় । উত্তৰ ফালে চাওঁতে চাওঁতে তেওঁৰ যেন চকু বিষাই যায় । কিমান জুখিব, কিমান মেপ আঁকিব । কিমাননো পিটনিবোৰকে চাই থাকিব । কিন্তু এবাৰ চাঁদিনীৰ পাৰত বহিলে, মেকেন্জিৰ বহি থাকিবলৈ মন যায় । তেওঁৰ সম্মুখত, কিছু নিলগত পূব, পশ্চিম, দক্ষিণ তিনিওটা দিশ যেন আপোনা-আপুনি উজলি আহে । সোঁফালে মুখ ঘূৰাই চালে দেখা যায় নীলা, - ঘন জংঘলৰপৰা ওপৰলৈ উঠি অহা নীলা আভা । বাঁওফালে মুখ ঘূৰাই চালে দেখা যায় পাহাৰ, ক্রমে ক্রমে ওখতকৈও ওখ হৈ যোৱা পাহাৰ, পাহাৰৰ পাছত পাহাৰ । যেন সিফালে পাহাৰৰ বাহিৰে আন কোনো বস্তু নাই । খাপ খাপকৈ পাহাৰবোৰ ক্ৰমে ওপৰলৈ গৈ থাকে, আৰু খাপ খাপকৈ নীলাবোৰ গাঢ় হৈ গৈ থাকে । পশ্চিমৰ ফালেও নীলা, কিন্তু পোহৰ সোমাই থকা নীলা । এনেকুৱা যেন লাগে যেন নীলা আকাশখন পশ্চিমে ক'ৰবাত মাটিৰ লগত মিলি গৈছে আৰু ক'ৰবাৰপৰা বৈ অহা পোহৰৰ শিখাবোৰ নীলাৰ মাজত সোমাই ফাটি গৈ চাৰিওফালে বিয়পি গৈছে । বেছিপৰ সেইফালে চাই থাকিলে চকু মুদি দিবলৈ মন যায় । বাগিচাৰ সীমা পাৰ হৈ পূবলৈ পাহাৰৰ ফালে মেকেন্জিয়ে ঘোঁৰাত উঠি চাঁদিনীৰ পাৰেদি কেবাবাৰো অহা-যোৱা কৰিছে । সেইফালটো ওখ । সইফালে ক'ৰবাত চাঁদিনীৰ প্ৰবল সাঁতটো কিজানিবা ভেটা দি পূবৰ ফালটো ৰক্ষা কৰিব পাৰি । কিন্তু মেৰ্কেন্জিৰ আচৰিত লাগে যে সেইপিনে গ'লে গৈ থাকিবৰ মন যায়, যেন কিবা এটা শক্তিয়ে টানি লৈ গৈ থাকে । যেন দূৰৰ পাহাৰৰ মাজৰপৰা কিহবাই মাতি থাকে । অৱশ হু মেকেন্জিৰ জৰীপৰ কাম সম্পূৰ্ণ হৈ গ'ল । ফিন্ন্সেৰ আনন্দৰ সীমা নাইকিয়া ল । যিখিনি তথ্যপাতি সংগ্ৰহ কৰি মেকেন্জিয়ে তেওঁৰ অভিমত দাঙি × ৰা.., তাত ফিন্লেই কোনো ভুল-ত্রুটি নেদেখিলে । মেকেন্জিৰ মতে প্ৰথম বছৰতে 'শেষ অৰ্থ ব্যয় নকৰাকৈয়ে পোন্ধৰ শতাংশ মাটিত চাহপুলি ৰুবপৰা যাব । দ্বিতীয় বছৰত চাঁদিনীৰ উজনি ফালে নৈৰ পাৰৰ ওচৰেদি মথাউৰি এটা দিব পাৰিলে পঁইত্রিশ শতাংশ মাটি উদ্ধাৰ হব । তাৰ দুই-তিনি বছৰ পিছত নৈৰ অৱস্থা বুজি অর্থ ব্যয় কৰি যথোচিত ব্যৱস্থা লব পাৰিলে সেই অঞ্চলটোৰ আধা মাটি চাহখেতিৰ উপযোগী কৰি তোলা সম্ভৱপৰ হব । প্রথম পাঁচ বছৰ উকলি যোৱাৰ পিছত বাকী থকা আধাখিনি মাটিৰ কিমান অংশ উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিব লাগিব । পৰামৰ্শটো ফিন্লেৰ মনঃপুত হয় । এক-চতুর্থাংশ মাটিৰ কাম তেওঁ হাতত ললে । আশাকৰা মতে কাম কৰিব পাৰিলে দহ ভাগৰ এভাগ মাটিত সেই একেটা বছৰতে তেওঁ পুলি লগাব পাৰিব । ফিন্লে আৰু মেকেন্জি দুয়ো পূৰ্ণ উদ্যমেৰে কামত লাগি গ'ল । ফিন্লেই সক্ষম আৰু অভিজ্ঞ মানুহখিনিক বাছি ললে । অলপ আঁতৰে আঁতৰে সা-সুবিধা চাই পাঁচখন পথাৰ তেওঁ ঠিক কৰি পেলালে । প্ৰতিখন পথাৰতে কামৰ তদাৰক কৰাৰ অর্থে তেওঁ পাঁচজন চৰ্দাৰ পাতিলে । প্ৰতিজন চৰ্দাৰৰ তলত 'মতা চালান', 'মাইকী চালান' আৰু 'ছোৱা চালান'ৰ ব্যৱস্থা কৰি দিলে । আনকি একোটা চালানৰ তলত তেওঁ সৰু সৰু 'দফা'ৰ বন্দৱস্ত কৰিলে । কামত কোনো ৰকমৰ খোকোজা নলগাকৈ সুচাৰুৰূপে যাতে কামবোৰ ক্ষিপ্র গতিৰে আগবাঢ়িব পাৰে, তাৰ আটাইবোৰ বন্দৱস্ত ফিন্লেই নিজে মনোযোগ দি সমাধা কৰি যেন শান্তি লাভ কৰিলে । তেওঁলোক দুয়ো, পৰীক্ষা-নিৰীক্ষা কৰি, হিচাপ গণনা কৰি, আশা কৰিলে যে দুবছৰ পিছত, যদি কোনো অঘটন নহয়, তেনে এইখিনি ঠাইৰপৰা পাত তুলিব পৰা হব । ভোলা আৰু ৰামু দুয়ো কেতিয়াবাতেই কামৰপৰা অৱসৰ লৈছে । দুযোৰে বয়স হৈছে, কাম কৰাৰ শক্তি আৰু তাহাতৰ গাত নাই । কিন্তু ফিন্লেই দুয়োকে আকৌ কামৰ তদাৰক কৰাৰ বাবে নিযুক্তি দিলে । সিহঁতে কোনো কাম কৰিব নালাগে, কামৰ দিহা-পৰামৰ্শ দিলেই হব । কামজাৰি চাহাব মেকেজিয়ে নিযমিতভাৱে নিতৌ কাম৪৩ কাজ পৰিদৰ্শন কৰিব, আৰু ভোলা ৰামুৱে মজদুৰহঁতৰ কাম সুচাৰুৰূপে কৰাত সময়মতে পৰামর্শ দি থাকিব । কেবাবছৰ ধৰি পৰিত্যক্ত হৈ থকা সেই অঞ্চলটো আকৌ যেন জী উঠিল । ৰাতিপুৱাৰপৰা গধূলি পৰলৈ তাত প্ৰায় এশজন মানুহৰ কাম অবিৰাম গতিত চলি থাকিল । বনুৱাসকলৰ নিজৰ মনলৈও যেন এটা নতুন উদ্যম আহে । নতুন ঠাইৰ, নতুন মাটিৰ গন্ধ সিহঁতৰ ভাল লাগে । গছত বগাই থকা দীঘল লতাবোৰ সিহঁতে টানি আঁজুৰি মাটিত পেলাই দিয়ে । টানি আনি মাটিত পেলাই দিয়া লতাবিলাকৰ কাটি পেলোৱা ঠাইবিলাকৰপৰা বগা বগা ৰসবোৰ ওলাই মাটিত মিহলি হৈ যায়। দম হৈ একে ঠাইত পৰি থকা লতাবিলাকৰ তলৰ মাটিখিনি ৰসেৰে সেমেকি উঠে । কিজানিবা সেই ৰসৰ মাজতে কোনোবা এদিন জন্ম ললেহেঁতেন অসংখ্য ফুল, আৰু ফুলৰ গৰ্ভত অগণন বীজ, বীজৰপৰা আকৌ লতা । ভাক্ আৰু দয়ালু মাইকী চালান দুটাৰ চৰ্দাৰ । আন কিছুমান চৰ্দাৰৰ দৰে সিহঁত দুয়ো পাৰ্গত আৰু সক্ষম নহয় । দুয়ো কিছু পৰিমাণে এলেহুৱা, দুয়োৰে দায়িত্বজ্ঞান কম, দুয়ো নিচাপানী বেছিকৈ খায় । মেকেন্জিয়ে ইচ্ছা কৰিয়ে সিহঁতক মাইকীৰ কাম চোৱাৰ বাবে নিযুক্ত কৰে । মাইকীবিলাকে যদিও কথা বেছিকৈ থাকে, আন কোনো ধৰণৰ গোলমাল তেওঁলোকৰ মাজত সহজতে নহয় । গতিকে ভা আৰু দয়ালুৱে সেইখিনি কামৰ তত্ত্বাৱধান কৰোতে কোনো বাধা নাপায়, কোনো সমস্যাৰ সম্মুখীন হব নালাগে । কিন্তু মেকেন্জিৰ অইন উদ্দেশ্য আছিল । কামৰ সময়ত কোনো ত্রুটি মেকেজিয়ে সহ্য নকৰে, কাম সম্পূর্ণ নকৰাকৈ কোনেও তেওঁক ফাকি মাৰিব নোৱাৰে । আনহাতে মেকেন্জিৰ লাভ নকমে । পাকে প্রকাৰে তেওঁ ঘনাই মাইকীৰ কাম চাবলৈ যায় । প্রতি লাইনতে থিয় হৈ তেওঁ কাম চায় আৰু লগতে ছাৱালী, মাইকীকো চায় । সেইবাবে ভাৰু দয়ালু,দুযোকে তেওঁৰ প্ৰযোজন । ভাৰু, দয়ালুৱে হঠাৎ কেতিয়াবা মেকেন্জিৰ ঘৰত বিলাতী মদৰ সোৱাদো লৈছে । কেতিয়াবা কণী-মাংসৰ ভাগো পাইছে । দুয়ো মেকেজিক ভাল পায় । দুযো বুজি পায, নিজৰ দেশৰপৰা ইমান দূৰত অকলে অকলে থাকি চাহাবে কিমান কষ্ট পায় । চাহাবৰ মনত আনন্দ ফূর্তি দিব পাৰিলে সিহঁতৰো ভাল লাগে । মদৰ জাল বেছি হলে সিহঁতে মেকেন্জিৰ কথাত মান্তি হয়, তৰে ঘৰৰপৰা মদ লৈ গৈ কোনোবা এজনী মাইকীক খাবলৈ দিলে, তাইক মকেন্জিৰ ওচৰলৈ আনিবও পাৰে । গতিকে মকেন্জিযে সিহঁত দুয়োকে মৰম কৰে । সিহঁত দুযোৰে ঘৈণীয়েক দুজনীযে অৱশ্যে সিহঁতক অকণো ভাল নাপায় । ভাৰুৰ ঘৈণীযেকে ভাৰুক অকণো ভাল নাপায, কাৰণ নিচাপানীত মগ্ন হৈ থক। ভাৰুব ভাতকেইটাৰ মাত্ৰ প্ৰয়োজন । দয়ালুৰ ঘৈণীয়েকে দয়ালুক দেখিব নোৱাৰে, কাৰণ সি নিচাপানী খাই থৰক বৰককৈ উঠি কেতিয়াবা তাইক মাৰিবলৈ যায় আৰু অকথ্য ভাষাৰে গালি পাৰে । তথাপি,ভা আৰু দয়ালু দুয়োৰে কিবা এটা আকর্ষণীয় গুণ আছে। এজনীৰ পিছত এজনীকৈ সিহঁতে মাইকী যোগাৰ কৰি লয় । ইখন পথাৰৰপৰা সিখনলৈ যাব লগা হলে প্রায়ে বিশ্বনাথৰ দৰকাৰ হয় । কাৰণ, মাজে মাজে পানীৰ দোঙাবোৰ থকা বাবে ঘূৰি ঘূৰি ভালেখিনি দূৰ অতিক্ৰম কৰি যাব লগা হয় । বিশ্বনাথে চাইকেলত উঠিব পাৰে আৰু দৰকাৰ হলে অনায়াসে চাইকেলখন কান্ধত তুলি লৈ দ ঠাইবোৰ পাৰ হৈ যাবও পাৰে । গতিকে খবৰ পঠাবলৈ বিশ্বনাথৰ আবেলিপৰত বিশ্বনাথ সিদিনাও চাইকেল লৈ ওলাল । মেকেন্জিৰ হুকুম যে আজিৰ বাবে নিৰ্ধাৰিত কৰি দিয়া যাৰ য'ত যি কাম আছে, সেইখিনি শেষ নকৰাকৈ কোনেও যাব নোৱাৰিব । চাৰি বজাত যদি কাম শেষ নহয় তেনে পাঁচ বজালৈ কাম কৰিব লাগিব । এঘণ্টা সময়ৰ বাবে অধিক বানচ যি হয়, বাগানে সেই বানচ নিশ্চয় দিব । কিন্তু কাম শেষ নোহোৱাকৈ কোনেও ঘৰলৈ যাব নোৱাৰিব । এখন পথাৰৰপৰা সিখনলৈ গৈ বিশ্বনাথে এই কথা সকলোকে জনাই দিলে । মাইকী চালানবোৰো বাদ নপৰিল । বিশ্বনাথে দয়ালুৰ ওচৰলৈ গৈ কলে, তই সাৰে আছনে দয়ালু ? চাওঁ চকু মেলচোন । -চকু মেলি কি চাব লাগে ? - দয়ালুৱে মূৰ নোতোলাকৈয়ে কয় । ঔখোল যেন তোৰ আঁঠু দুটা চাবলৈ কি আছে ? সেইবাবে কওঁ ইমানকৈ বাইচিকেল চলাই নুফুৰিবি, আঁঠু দুটা আৰু বেছিকৈ ওলাব । চাহাবৰ মনত ৰং লগাবলৈ যাওঁতে তোৰ নিজৰেই আঁঠুৰ ঘিলা দুটা কেতিয়াবা ওলাই আহিব । বেয়া কথা কলো নে ? মনত ৰাখিবি কথাষাৰ । অলপ আগলৈ যা, - সেইখিনিতে আছে দুগ্গা । - কামজাৰি চাহাবৰ হুকুম -বিশ্বনাথে কয়, যে আজিৰ কামখিনি - কামজাৰি চাহাবেইতো চাহাব, - দয়ালুৱে তাক বাধা দি কয়, - চাহাৰ মানেই কামজাৰি চাহাব । আমাৰ বাবে আৰু কেইটা চাহাব আছে ? - বাৰু বাৰু, -বিশ্বনাথে কয় । চাহাবৰ হুকুম হ'ল যে, -চাহাবৰ এতিয়া আৰু কি হুকুম হব ? - দয়ালুৱে কয় । এতিয়া তিনি বাজি গ'ল, চাহাবৰ হুকুমো আজিলৈ অন্ত হ'ল, মোৰ টেকেলিটোও খালী হ'ল । আজিলৈ হুকুম শেষ । দুগ্গাই লাহে লাহে সিহঁত দুয়োৰে ওচৰলৈ আহি থাকে । বিশ্বনাথে কিবা নহয় কিবা এটা খবৰ লৈ আহিছে তাই জানে । বিশ্বনাথৰ বাইচিকেল দেখিলে সকলোৱে সেই কথা গম পায় । - তোৰ আগত দেখোন কথা কোৱা টানেই হ'ল - বিশ্বনাথে কয় । মানুহে কয় তোৰ হেনো গাত কাচিৎহে হচ্ থাকে । এতিয়া দেখিছোঁ তোৰ গাত হুচ্ নাথাকিব পাৰে, মনত হলে আছে । তোৰ মনটোৱে সাৰ পাই আছে । গতিকে হুকুমটো তোক শুনাই যাওঁ । - কৈছো, নহয়, - সি কয়, মোৰ টেকেলি উদং, হুকুমো উদং । - তেনেহলে আৰু এটা টেকেলিৰ বন্দৱস্ত কৰ । বিশ্বনাথে কয়, তোৰ মাইকীজনী ক'ত ? তাই যোগাৰ কৰি দিবও পাৰে । --মোৰ মাইকীক কিয় লাগে তোক ? - দয়ালুৱে মূৰ দাঙি চায় । মই নাজানো বুলি ভাবিছ নেকি ? তোক দেখিলেই তাই তোৰ ফালে চাই থাকে, মই দেখিছোঁ । তয়ো তাইক দেখিলে চকু ঘূৰাব নোৱাৰ । পিছে তই কিয়, কোনেও নোৱাৰে । এবাৰ দেখিলে আটায়ে তাইক ঘূৰি ঘূৰি চায । তাইৰ গাত কি যে আছে তহঁতে দেখা পাৱ, তহঁতেহে জান । তাই দেখোন তেনেই খীণ । তহঁতৰ বাবে আমি মাইকী এজনীও আনিব নোৱাৰা হলো। তাইলৈ ঘূৰি ঘূৰি চাই যাওঁতে কিমানজনে যে উজুটি খালে ! আনকি আমাৰ চাহাবে খন্তেক সময় সি নামাতে, তাৰ পিছত সোঁধে -কি হুকুম চাহাবৰ ? চাহাবৰ হুকুম, যে আজি কাম এঘণ্টা বেছি কৰিব লাগিব । দয়ালুৱে টেকেলিটো আনি কাণৰ ওচৰত জোকাৰি চায়, কোনো শব্দ সি নুশুনে । বিশ্বনাথে তাৰ ওচৰৰপৰা আঁতৰি আহি দুগ্গাক সোধে, - ভাগৰ লাগি গ'ল ? - বাবুসকলে তেনেকৈ সোধে। - -দুগ্গাই কয় ! ভাগৰ লগাৰ কথা সোধে, - আমনি লগাৰ কথা সোধে। জাৰ-জহৰ কথা কয় । বতাহ-বৰষুণৰ কথা কয় । এনেয়ে কয় । আমাৰ আকৌ ভাগৰ কি ? জাৰ-জহ কি ? লাগিছে বাৰু মোৰ ভাগৰ, তই কি কৰিবি ? - মই কম, সেই গছজোপাৰ তলতে খন্তেক বহু । - তাৰ পিছত ? - তাই সোধে । - ময়ো তোৰ ওচৰতে বহিম ? তোৰ ভাগৰ লাগিছে, মোৰ লগা নাই । তই কথা নোকোৱাকৈ গছত আঁউজি বহি থাকিবি, মই কথা কৈ থাকিম । তোৰ ভাগৰ পলাই যাব । - ভাগৰ যদি বাঢ়ে ? - তাই আকৌ সোধে । -বহি থাকিলে মানুহৰ ভাগৰ নাবাঢ়ে, কমে -সি উত্তৰ দিয়ে । তাই ধিক্ ধিক্ কৈ হাঁহি দিয়ে । - কিয় হাঁহিছ ? - সি তাইক সোধে আৰু তাইৰ মুখৰ পিনে ৰ লাগি চাই থাকে । তাইৰ হাঁহিখিনি ঠিক যেন হাঁহি নহয়, যেন হাঁহিখিনিৰে তাই তাক পুতৌহে কৰিছে । - কৈছিলি নহয় বহিলে ভাগৰ পলাব, - তাই কয়, - -বহি চাওঁ বাৰু, আহ । - কিয় হাঁহি দিছিলি ? - সি আকৌ সোধে । তাই ভৰি দুখন সম্মুখলৈ পোনাই দি গছত আঁউজি বহে । তাইৰ ওচৰতে বিশ্বাথো বহে । বেলি পৰিবলৈ তেতিয়াও বহুপৰ বাকী আছে । কিন্তু সিহঁতৰ ওচৰত চাৰিওফালে ইমান গছ-গছনি যে ধাৰণা হয় যেন গধূলিৰ ছাঁ নামি আহিব ধৰিছে । বাগিচাত তেনেকুৱাই হয় । ওখ ডাঙৰ গছবিলাকে আকাশখন যেন আৱৰি পেলায়, আকাশৰ পোঁহৰবোৰ গছবিলাকে শুহি লয়, আৰু পৃথিৱীলৈ সন্ধিয়াৰ পূৰ্বেই সন্ধিয়া নামি আহে । - তই বেয়া পাইছ ? - দুগ্গাই সোধে । তঁই কিয় কথাবোৰ তেনেকৈ কৱ ? হাঁহি উঠি যায় । ইস্কুলত মাষ্টৰে তেনেকৈ কয়, দুয়ে দুয়ো চাৰি হয়, দুয়ে চাৰিয়ে ছয় হয়, মহে কামুৰিলে জ্বৰ হয়, লেতেৰা বস্তুৰ ওপৰত মাখি পৰে, মাখিয়ে বেমাৰ বিয়পায় । তয়ো তেনেকৈ কৈছিলি, - বহিলে ভাগৰ কমে । হাঁহি নুঠিব ? - তোৰ কাণখনত সেয়া কিহৰ দাগ ? - সি সোধে । - দাগ নহয়, ফোঁট । - তাই কয় । -ফোঁট ? সি অবাক হৈ দুগ্গাৰ ফালে চায় । ছোৱালীয়ে কাণতো ফোঁট লয় নেকি ? আৰু এখন কাণত ? - লয়। - তাই উত্তৰ দিয়ে, সেয়া নিয়ম । যদি সোঁফালে বিছাই কামোৰে তেনে বাঁওকাণত চূণৰ ফোঁট লব লাগে । যদি বাঁওফালে কামোৰে তেনে সোঁকাণত । ছোৱালী হওক, ল'ৰা হওক একে কথা । - তই সোঁকাণত ফোঁট লৈছ, বাঁওঁফালে তোক কোনখিনিত বিছাই কামুৰিছে ? অসম্ভৱ বিষায় । বিষাইছে, নহয় জানো ? - ক'ত কামুৰিছে চাবি ? - তাই কয় । একেবাৰে ৰঙা পৰি উঠিছে, বিষাইছে জ্বলিছে । ফোঁটটো লোৱাৰপৰা কোনো উপকাৰ পোৱা নাই । চাওঁ - সি কয়। -দেখুৱাবলৈ মন যায় । - তাই কয় । কিজানি পিহি দিলে অলপ আৰাম পালোহেঁতেন । কিন্তু ইয়াত দেখুৱাব নোৱাৰোঁ । আচলতে ইমান বিষাইছে যে ঘৰলৈ গৈ পৰি থাকিবৰ মন গৈছে । বিশূনাথে একো নামাতে । সি আঁঠুৰ ওপৰত মূৰটো থৈ কিবা ভাবি থাকে । - নামাত কিয় ? --দুগ্গাই সোধে । আগলৈ কি চাই আছ ? বিষ্ণী ইয়াত নাই, তাই সিখন পথাৰত আছে । - মই জানো । - বিশ্বনাথে কয় । - জান যদি কাক চাই আছ ? - তাই সোধে । - বিষ্ণী খুব ধুনীয়া, নহয় ? - সি যেন নিজকে কৈ থাকে । হ্য, তাই অতিপাত ধুনীয়া । যেন চমক্ লাগি যায় । তাইৰ ফালে চালে চকুত চমক্ লাগি যোৱা যেন লাগে, যেন চকু জ্বলি যায় । তই কিজানি হাঁহি দিবি, মোৰ হলে ভয় লগাৰ দৰে হয় । তাই চমকি থাকে, মোৰ হলে এনেকুৱা লাগে যেন তাইৰ ওচৰলৈ যাব নোৱাৰি । -ক, কিয় ৰৈ গলি ? -তাই কয় । - মই ইয়ালৈ কিয় আহিছিলোঁ তোক কোৱাই নাই, - বিশ্বনাথে কয় । কামজাৰি চাহাবৰ হুকুম আজি আটাইবিলাকে এঘণ্টা বেছি কাম কৰিব লাগিব । এঘণ্টা বেছি মানে পাঁচ বক্তা । আজি কাম পাঁচ বজালৈ । - পাঁচ বজালৈ ? ৰাতিলৈ ? - তাই আচৰিত হয় । -পাঁচ বজাত ৰাতি নহয় । সি কয় । প্রায় সাঁজ লাগি আহিব অৱশ্যে । ৰাতিয়ে যিয়েই হওক, চাহাবৰ হুকুম । ব'ল দয়ালুক কৈ তোক ঘৰত থৈ আহোঁ । তোৰ জ্বৰ উঠিছে । বিছাৰ কামোৰ সাংঘাতিক কথা । দুগ্গাই কয়, - পাঁচ বজালৈ কাম, চাৰে তিনিত কেনেকৈ যাম ? - পদ গাইছ ? - সি কয় । ইস্কুললৈ গৈ তই বহু কথা শিকিছ । ব'ল এতিয়া । - মই সঁচাকৈ কৈছো, - তাই কয় । তই নিজে চাহাবৰ হুকুম লৈ আহিছ । আটাইবোৰ মতা-মাইকীক তই পাঁচ বজালৈ কাম কৰিবলৈ কৈছ, মোক হলে কৈছ মই এতিয়া যাব লাগে । কিয় ? - তোৰ গাল-মুখ ৰঙা পৰি আহিছে, - সি কয়, তোৰ জ্বৰ উঠিছে । কি বিছাই কামুৰিছে মই দেখা নাই । কিন্তু বিছাৰ কামোৰত তোৰ জ্বৰ উঠিছে, হয়নে নহয় ? --হয় ডাক্তৰ ! - তাই কয় । - তেনে ব'ল । --কামজাৰি চাহাবক তই কি কবি ? কবি নেকি যে ছুক্ৰীজনী দেখি মোৰ মৰম লাগিল, ভাল লাগিল । গতিকে কামৰপৰা তাইক মই লৈ আহিলো ? - মৰম লগাৰ কথা ক'ৰপৰা ওলাল ? - বিশ্বনাথে সুধিলে । - তোৰ মৰম লগা নাই ? - দুগ্গাই সোধে । কান্ধৰপৰা পৰি যোৱা চাদৰখন তাই কান্ধত পেলাই লয় । কিন্তু পিছমুহূর্ততে চাদৰখন আকৌ পৰি যায় । ভৰি দুখন কেঁাঁচাই লৈ তাই বাঁও কান্ধেৰে গছডালত আঁউজি বিশ্বনাথৰ ফালে চাই আকৌ কয়, - মৰম লগা নাই যদি তই কেনেকৈ জানিলি মোৰ জ্বৰ উঠিছে ? কান্ধৰপৰা চাদৰখন পৰি গলে তই কিয় মনে মনে ভাব, পৰি গলেই ভাল ? ভৰি কোঁচাই দিলে, মোৰ কলাফুলতে বিছাই কামুৰিছে নেকি তই কিয় চাবলৈ চেষ্টা কৰ ? দূৰৰপৰা দয়ালুৱে চিঞৰি কয় -তোৰ কাম শেষ হ'ল নেকি দুগ্গা ? নে এনেয়ে অলপ আৰাম কৰিছ ? বিশ্বনাথৰো আজি অৱসৰ যেন পাইছো, আনবিলাকৰ কাম পাঁচবজালৈ । চাহাবৰ হুকুম তামিল কৰা হৈ গ'ল, এতিয়া ছুটী । তাৰো ছুটী তোৰো ছুটী । চাহাবক কি বুলি কম, বিশ্বনাথ ? - তোৰ খুচি, - দুগ্গাই কয় । নহলে, তোৰ মাইকীজনীক সুধিবি । তোৰ টেকেলিটোত কিবা আছে, নে খালী ? - বিশ্বনাথক যদি এঢোক লাগে, -দয়ালুৱে কয়, তেনেহলে সি দেখোন মোকেই কব পাৰে । তোক সি কিয় খুজিব লাগে ? ওঁ হয়, গিলাচত দাৰুৰ লগতে তই আন সোৱাদ দাৰু মিহলাই দিব পাৰ কিজানি । খঙত বিশ্বনাথ ঘপহকৈ উঠে । দুগ্গাই তাক আকৌ টান মাৰি বহুৱাই দি কয়, - বাগিচাত দুজন মানুহৰ কথাত খং কৰাৰ কোনো অৰ্থ নহয় । এজন ভাৰু আৰু আনজন ই দয়ালু । তাহাতৰ লগত কথা পাতিবই নালাগে । মোৰেই ভুল হ'ল । তই বহু। দয়ালুৰ কথাবোৰ এনেকুৱাই । তাত খং কৰাৰ একো নাই । কাম আছে যদি যাগৈ, নহলে বহ। বিশ্বনাথ বহে । খন্তেকপৰ কোনেও একো নামাতে । দুগ্গাই চকু মুদি থাকে । বিশ্বনাথে জানে তাইৰ যথেষ্ট কষ্ট হৈছে । সি দুগ্গাৰ ৰঙা হৈ উঠা মুখখনলৈ চাই থাকে । দুগ্গাই চকু নেমেলাঁকৈ কয়, - কি চাই আছ তই ? - তই চকু মুদি থাকিও দেখা পাৱ ? - বিনাথে সুধিলে । মই নকলেও মোৰ মনৰ ভিতৰৰ কথাবোৰ তই গম পাৱ ? - ময়ে নহয়, আটায়ে গম পায় । কোনোবাই যদি মোৰ পিঠিখনলৈ চাই মোৰ পাছফালে থিয় হৈ থাকে, মই গম নাপাম জানো ? পাম । মানুহে কেৱল চকুৰেই নেদেখে, গাটোৰেও দেখে । যেনেকৈ গৰু-ছাগলীয়ে দেখে, বাঘ-হৰিণাই দেখে, কুকুৰাই দেখে। - দুগ্গা ! - সি মাতে । - আৰু বেছিকৈ মৰম লাগিল ? - তাই কয় । চাদৰখন তাই কান্ধত তুলি লয়, কিন্তু পুনৰ্বাৰ পৰি যায় । -মিছাতে কষ্ট কৰি লাভ নাই, - সি কয় । ইমান ঘনকৈ বুকুখন উঠা-নমা কৰি থাকিলে কাপোৰখন পিছলি নপৰি কি হব ? কিয় বাৰু ? সঁচাকৈ তোৰ জ্বৰ বেছিকৈ উঠিছে ? নে বিষটো বাঢ়ি আছে ? সুধিলে তই কিয় একো এটা নকৱ ? - তই কৈছিলি নহয়, - তাই কয়, - কৈছিলি যে বহি থাকিলে ভাগৰ কমিব । কমিল জানো ? বাঢ়িলহে । মই কিন্তু জানিছিলোঁ -বাঢ়িব + - কিয় বাঢ়িল ? - তই ওচৰতে বহি আছ, সেইবাবে । - তাই কয় । - ওঁ, - সি উঠি থিয় হয় । বাৰু, মই যাওঁ । তই সোনকালে গলে ভাল । - তই কিয় ঘামি উঠিছ ? - দুগ্গাই সোধে । তই অতিপাত কষ্ট কৰি কাম কৰি থকা নাই, এতিয়া ৰ'দো নাই । কিয় ঘামিছ ? বিশ্বনাথে একো মাতিব নোৱাৰে । সি এবাৰ ম্লান হৈ অহা সূৰ্যটোলৈ চায়, ওখ গছৰ তিবিৰাই থকা পাতবোৰলৈ চায়, অলপ নিলগত বহি থকা দয়ালুলৈ চায় । তাৰ পিছত সি আকৌ বহে । - তই মোৰ ওচৰতে বহি আছ, সেইবাবে ঘামিছ, - তাই কয় । হয় ? মোৰ ওচৰত বহি থাকি তই ঘামিছ, তোৰ ওচৰত বহি থাকি মই ভাগৰি পৰিছোঁ । এইবাৰ মই সঁচাকৈ কৈছো, তই যাঁগৈ । ওচৰতে তই বহি থাকিলে মোৰ এনেকুৱা লাগি থাকিব যে তই মোক মৰম কৰ বাবে মোৰ ওচৰলৈ আহিছ । কিন্তু সেয়া মিছা কথা । তই চাহাবৰ হুকুম লৈ আহিছ, বাটতে মোৰ লগত দেখা হ'ল । নকলেও হ'লহেঁতেন, তথাপি মোৰ মুখৰপৰা ওলাই গ'ল, - মোক বিছাই কামুৰিছে । শুনিয়ে তই এনেকুৱাখন কৰিলি যেন আগৰেপৰা তই মোক মৰম কৰ । - এটা কথা ক, - বিশ্বনাথে কয়, মৰম কৰা মানুহ ওচৰত বহি থাকিলে আনজনৰ ভাগৰ লাগে নেকি ? - তেনেহলে কি হয়, তয়ে ক, - তাই কয় । কব নালাগে বাৰু, তই যা । - উঠ, ব'ল - সি কয়, - ঘৰলৈ যাবি ব'ল । - আৰু তই ? - তাই সোধে । সি কয়, - তোক ঘৰত থৈ মই হাস্পাতাললৈ যাম । চকু মুদিয়ে দেখি থাক বুলি কলে কি হব, নিজৰ মুখখন তই দেখা নাপাৱ । আচলতে তোৰ মুখখন খুব ৰঙা পৰি উঠিছে । লুকুৱাবলৈ চেষ্টা কৰিলে কি হব । মই গম পাইছোঁ, বিষৰ জ্বালত তই পুৰিব লাগিছ । ডাক্তৰে নিশ্চয় সুধিব কোনখিনি ঠাইত তোক বিছাই কামুৰিছে । মই কি বুলি কম ? আৰু তই বিছাটো দেখিছিলি জানো ? - দেখিছিলোঁ, তাই কয়, - বিছাটো ক'লা, দীঘল, নোমবোৰ কাঁইটৰ দৰে ঠৰঙা, আৰু থিয় । মুঠতে, দেখিলে ভয় লাগে । ইমান বিষাইছে যে কান্দি দিবৰ মন গৈছে । বিছাটো কিমানপৰ মোৰ গাতে লাগি আছিল মই কবই নোৱাৰিছিলোঁ । যেতিয়া গম পালো যে একুৰা জুই মোৰ গাতে লাগিছে, তেতিয়া চাওঁতে দেখিলোঁ, বিছা । ঘৰলৈ নাযাওঁ, তই মোক হাস্পাতাললৈ লৈ ব'ল । মই নিজে ডাক্তৰক দেখুৱাম । সিহঁত দুয়ো দয়ালুৰ ওচৰত থিয় দিয়ে । বিশ্বনাথে কয়, - দুগ্গাৰ জ্বৰ উঠিছে । তাইক হাস্পাতালত দেখুৱাব লাগে এতিয়াই । মই তাইক লৈ যাওঁ? দয়ালুৱে দুয়োৰে ফালে চাই কয়, - ৰচোন ৰ । দুগ্গাৰ কি হোৱা বুলি কলি তই ? জ্বৰ ? - তাইৰ জ্বৰ-বিষ উঠিছে, বিশ্বনাথে কয় । - তাই দেখোন ৰাতিপুৱাৰেপৰা কাম কৰি আছে - দয়ালুৱে কয় । দুপৰীয়া টোপোলাৰপৰা উলিয়াই কিবা খাইছে । তাৰ পিছত আকৌ কাম কৰিছে । যেই মাত্র তই আহি পালি, সেই মাত্রকে তাইৰ জ্বৰো আহি পালে । দুয়ো একেলগে আহি পালি । আৰু কোনোবা ছুক্ৰীৰ ওচৰলৈ তই আজি গৈছিলি নেকি ? - তোৰ লগত ইয়াতে বলকি থকাৰ সময় নাই । তই চৰ্দাৰ, তোক কৈ থৈ গলো । তাইৰ গা অসুখ নোহোৱা হলে, তাইক মই কিয় লৈ যাম ? -নে, লৈ যা - দয়ালুৱে কয় । নিবৰ মন গৈছে নে । কিন্তু এই জ্বৰ-তৰৰ কথা কিয় উলিয়াইছ ? দিনৰ দিনটো ভাল, হঠাৎ তোক দেখা মাত্রকে জ্বৰ, - এইবোৰ কেনেকুৱা কথা ? - তাইক বিছাই কামুৰিছে, - বিশ্বনাথে কয়, -ক'লা বিহ-বিছা । সেইবাবে তাইৰ জ্বৰ উঠিছে । এতিয়া বুজিলি ? দয়ালুৱে এবাৰ দুগ্গালৈ চায়, এবাৰ বিশ্বনাথলৈ চায় । তাৰ পিছত ঘেঘেক্কৈ হাঁহি সি কৈ থাকে, - বুজিলোঁ বুজিলোঁ । নুবুজিম কিয়, বুজিলোঁ । ক'লা বিছা ! হাঁহি হাঁহি সি প্ৰায় বাগৰি পৰে । হাঁহোতে হাঁহোতে তাৰ চকুৰ পানী ওলাই যায় । সি দুয়োখন হাত মাটিত পাৰি লৈ এবাৰ দুগ্গাৰ ফালে এবাৰ বিশ্বনাথৰ ফালে চাই, হাঁহিৰ মাজে মাজে কৈ থাকে, -ক'লা বিছাই কামুৰিছে ? তেনেহলে যাগৈ যা । ক'লা বিছাৰ বৰ কামোৰ । কিজানি বিছা তোৰ গাতে লাগি আছে । ভালকৈ চাই লগৈ যা । সি হাঁহি হাঁহি মাটিতে বাগৰি পৰে । দুগ্গাই বিশ্বনাথক টানি লৈ তাৰপৰা গুচি যায় । দয়ালুৱে সিহঁতৰ পিনে চাই চাই কৈ থাকে, যা, যা সোনকালে যা । বৰ কামোৰে । তাৰ পিছত, সিহঁতে শুনাকৈ সি সুৰ লগাই গায়, গ'ৰী নাৰী চৰিকে বাহি খেদা হায়ৰে ভাৰ কোনো সমস্যা হোৱা নাছিল । আগদিনাখন সি মেকেন্জিৰপৰা টকা দুটা বক্ছিছ পাইছিল । কিহৰ কাৰণে চাহাবে তাক বক্ছিছ দিলে, সি ভালকৈ ধৰিব নোৱাৰিলে । চাহাবৰ বঙলাত সি কাম নকৰে । আজি এসপ্তাহ ৰামুৱে মেকেন্জি চাহাবৰ বঙলাত কামৰ তদাৰক কৰে । সি নিজে আৰু ৰন্ধা-বঢ়া কৰিব নোৱাৰে, পানীৱালাৰ কামো কৰিব নোৱাৰে । কোনোরকমে সি ঘৰটো পৰিষ্কাৰ কৰিব পাৰে । বহি বহি লাহে-ধীৰে সি ঘৰটো সাৰিব পাৰে । মাইকী নোহোৱা ঘৰ, তাৰ খুঁত ধৰিব পৰা মানুহ কোনো নাই, গতিকে কোনোৰকমে চলি যায় । দহ বজাত সি কামলৈ আহে, আৰু আবেলি চাৰি বজাত বিষ্ণীয়ে তাক ঘৰলৈ লৈ যায় । চাহাবৰ বাবুচীয়ে তাক এটুকুৰা ৰুটিৰ লগত নিমখ দিয়া ফিকা চাহ একাপ দিয়ে, কেতিয়াবা দুকাপ । ৰামুৰ বিশেষ একো কষ্ট নহয়, তথাপি সি মাজে সময়ে মাটিত বাগৰি পৰি থাকে । খন্তেক পিছতে আকৌ উঠি বহে । আটায়ে জানে ৰামুৰ গাত কিবা এটা হৈছে । তাৰ গা সমূলি ভালে নাথাকে । দুটকা চাহাবৰপৰা পোৱাৰ পিছত ভাৰ কেবাদিনলৈ চিন্তা নাইকিয়া হয় । তাৰ ঘৈণীয়েকক এটকা দিয়াৰ পিছতো তাৰ এটকা ৰূপ থাকিল, এটকা ৰূপত কমেও চাৰিটেকেলি নিচাপানী । সিদিনাখনন টেকেলিটো প্রায় শেষ হৈ আহিছিল, তেনেতে বিশ্বনাথে চাহাবৰ হুকুমৰ কথা কৈ গ'ল । হুকুম শুনা মাত্রকে সি টেকেলিটো হাতত তুলি লৈ চালে । বেছি নাই, ডেৰ গিলাচ হব কিজানি । প্রায় দুঘণ্টা সময় বাকী পাঁচ বাজিবলৈ । অলপ অলপস্টিক খালে তিনিবাৰ । কোনোৰকম হৈ যাব, সি ভাবে । আধাঘণ্টাৰ মূৰে মূৰে আধা গিলাচ, সি হিচাপ কৰে । ঢলি যাব কিবাকৈ, ঘৰ পালে হ'ল । টেকেলিটো কাষত থৈ সি উঠিল । হাতত লোৱা গিলাচটো সি থৈ দিলে । এতিয়া মহয়, এপাক ঘূৰি আহি খাব লাগিব । সি শাৰীপাতি কাম কৰি থকা মানুহকেইজনীৰ ওচৰলৈ যায় । এনেয়ে দুই-এটা কথা সাধে, তাৰ পিছত আনফালে যায় । এবাৰ সি কয়, তহঁতে মুখ গামোঠা মাৰি আছ কিয় ? গোমোঠা মাৰি বহি থাকিলে আপোনা-আপুনি কাম হৈ থাকিব নেকি ? এঘণ্টা সময় বেছি কাম কৰিবি । এনেয়ে কৰিবি নে ? এঘণ্টা বেছি কাম, উপৰি ঘণ্টাৰ উপৰি পইচাও । এনেয়ে কৰিবি নে কিবা ? শেষ হৈ আহিছেই দেখোন, আৰু এনলো পূৰাকৈ নাই । এইখিনি শেষ কৰিলেই হৈ গ'ল । কামোহ'ল, উপৰি পইচাও আহিল । মাইকীকেইজনীয়ে কোনেও নামাতে । ভাৱে ইফালে সিফালে দুই-এবাৰ ঘূৰি, এবাৰ ওপৰলৈ চাই কলে, এৰা, তহঁতৰনো কি ? ঘৰলৈ পইচা বেছি আহিল নে কম আহিল তাত তহঁতৰ কি ? মতাবিলাকেতো আনিবই । বিষ্ণীয়ে কয় -তই ইয়াৰপৰা যা, সৌ টেকেলিটোৰ ওচৰলৈ যাঁগৈ । লাজ-চৰম নাই বাবে তই এইবোৰ কথা কৈছ । তই কেইটা পইচা ঘৰত দিয় ? তোৰ ৰুটিৰ খৰচ তই দিয় নে তোৰ মাইকীয়ে দিয়ে ? যাগৈ যা । আমাৰ কাম আমি কৰিয়ে আছোঁ । তই শিকাব নালাগে । ভাৱে বিষ্ণীক ভয় কৰে । কিয় যে তাৰ ভয় লাগে, সি নাজানে । কোনোদিনে সি চিন্তা কৰা নাই । তাইৰ লগত কাজিয়াও কৰা নাই । তাইক বহুতেই । ভয় কৰে । তাইক বেয়াকৈ কোৱা মানুহৰ সংখ্যা তেনেই তাকৰ । তাই চকুলৈ চালে সকলোৱে তলমূৰ কৰে । দুই-এজনে নকৰে । তুল্সীয়ে নকৰে, মাঘোই নকৰে । সি আৰু এবাৰ ওপৰলৈ চাই কয়, - বৰষুণ দিয়ে নেকি ? এনেকুৱা সময়ত নো ক'ৰবাত বৰষুণ দিয়ে নে ? পিছে, মেঘবোৰলৈ চাচোন । যেন মূৰৰ ওপৰত ছাতি মেলি ৰৈ আছে । দুপৰীয়া আহ, তেতিয়াহে ভাল । দুপৰীয়াৰ ৰ'দত মূৰৰ ওপৰত ছাতি মেলি ধৰিবি, আমি আৰামত কাম কৰিম । এতিয়া কি হব ? সাঁজ লাগি আহিছে, এতিয়া ছাতিৰে কি কৰিম । তই কি কর, বিষ্ণী ? হাতৰ মাটিবোৰ ফটা কাপোৰ এখনেৰে মচি মচি বিষ্ণী থিয হ'ল । তায়ো এবাৰ ওপৰলৈ চালে, তাৰ পিছত কলে, - তই মোক কি সুধিছিলি ? - নাই সোধা । - ভাকৰুৱে কয়। - তেনে মোক মাতিছিলি ? - তাই সোধে । - নাই মতা, -সি উত্তৰ দিয়ে । - ওঁ, - তাই মিচিকিয়াই হাঁহি কয়, - মোৰ নামটো জপ কৰিলে তোৰ গাঁলৈ গৰম আহে হবলা ? সেইবাবে বৰষুণৰ কথা ভাব ? আকাশত মেঘ উঠিছে, বৰষুণ দিবও পাৰে । তিতিলে আমাৰ ঠাণ্ডা লাগিব । তোৰ নালাগে । মোৰ নাম জপি জপি তইতো গা গৰম কৰি লৈছ । চুলিবোৰ বান্ধিবলৈ বিষ্ণীয়ে দুয়োখন হাত ওপৰলৈ নি চুলিখিনি ঠিক কৰিবলৈ ধৰে । ভাৱে চকু মেলি মুখ মেলি অবাক হৈ তাইৰ ফালে চাই থাকে । যেন তাইৰ গাত এটা জোন লাগি আছে, - আকাশৰ জোন এটা নহয় দুটা । খস্তেকপৰ ভাৱে ৰ লাগি চাই চাই থাকে । তাৰ মুখৰ মাত বন্ধ হৈ যায় । হঠাৎ কেইটোপালমান বৰষুণ পৰি আকৌ নাইকিয়া হৈ যায় । কাম কৰি থকা মাইকীসকলে খৰধৰ আৰম্ভ কৰে । সিহঁতৰ কাম শেষ হৈ আহিছিল । শেষ হলেই সিহঁতে ঘৰমুৱা হব পাৰে । বিষ্ণীয়ে আৰু থিয় হৈ নাথাকে । তায়ো তাইৰ লাইনৰ কামখিনি শেষ কৰাত লাগি পৰে । ভাৰু অলপ সময় তেনেকৈ থাকি আগৰ ঠাইলৈ গুচি আহি এগিলাচ পানী খাই লৈ নানা কথা চিন্তা কৰিবলৈ ধৰে । ভাৰ চিন্তাৰ কোনো লাগবান্ধ নাই । সি দুটোপাল বৰষুণ মূৰত লৈ, এগিলাচ ফটিকা পেটত লৈ মূৰ গুদ্ধি লৈ নানা কথা ভাবে । ধৰিবলৈ গলে সি একো নাভাবে, তাৰ মনটো ইফালে-সিফালে ঘূৰি ফুৰে । হঠাৎ সি ভাবিবলৈ ধৰে তাৰ মাইকীজনী দেখিবলৈ কেনেকুৱা বাৰু ? তাৰ আগৰ মাইকীকেইজনী গ'ল, আৰু এজনী সি আনিলে । কি তাইৰ নামটো ! ততালিকে তাইৰ নামটো তাৰ মনত নপৰে । সি আচৰিত হৈ এবাৰ চকুমেলি চায়, সঁচাকৈয়ে সি নিজৰ মাইকীৰ নামটোকে পাহৰিলে নেকি ! হয়, বিজলী । তাইৰ নাম বিলী । আকৌ তাৰ মনলৈ আহে, - মাঘোই কিয় বিয়া নকৰালে বাৰু ! মাঘো ! মাঘো একনম্বৰ বুৰ্বক । মাঘোৰ কথা তাৰ কিয় মনত পৰিল বাৰু ! মাঘো ? হয়, তাৰ নাম মাঘো । তাৰ আগৰ মাইকীজনীক মাঘোই নিছিল । তাইৰ নামটো আৰু একোতে মনত নপৰে । তথাণি তাৰেই মাইকী আছিল । তাই বাৰু দেখিবলৈ কেনেকুৱা আছিল । মাঘোই তাইক মৰম কৰিছিল । তেতিয়াহলে, দেখিবলৈ তাই শুৱনীয়ে আছিল কিজানি । তাই মৰি গ'ল । দহবছৰ হলেই কিজানি, তাই মৰি গ'ল, আৰু মাঘোই কান্দিলে । মাঘো একনম্বৰ বুৰ্বক । এইজনী কিন্তু ভাল, - ভাৰুৰ মনটো আকৌ উভতি আহে । তাৰ এইজনী মাইকী, - বিলী - দেখিবলৈ তাই ভাল । দেখিবলৈ ভাল ? - সি আকৌ চিন্তা কৰিবলৈ ধৰে । নিজে গম নোপোৱাকৈয়ে সি টেকেলিটো আনি কেতিয়াবা মুখত ঢালি · দিয়ে, আৰু ভাবে । বিলী কেনেকুৱা শুৱনী ? বিষ্ণী শুৱনী, ধুনীয়া । কপালৰ ঘামখিনি এহাতেৰে মচি সি আকৌ ভাবে, বিলীৰ কি ভাল । তাইৰ মুখখন ভাল ? - চুলিবোৰ ? দাঁতকেইটা ? কঁকালখন ? ভৰি দুখন ? কি ভাল ? এদিন ভালকৈ চাই লব লাগিব, - সি মনতে ভাবে । - উঠ । যাবি নে ইয়াতে বহি থাকিবি ? - বিক্ষ্নীয়ে কয় । ভাকুৰুৱে চকুমেলি থিৰ দৃষ্টিৰে তাইলৈ চায় । এখন্তেক সি নিমিষ নপেলোৱাকৈ তাইৰ ফালে চাই থাকে । বিজলী হয় জানো, নে আন কোনোবা ? - কি হৈছে তোৰ ? - তাই আকৌ সোধে, - ধৰিব লাগিব ন নিজে উঠিব পাৰিবি ? টেকেলিটো বাগৰি আছে । পাৰ যদি উঠ ।
pdf
6793b519de798b26407505ccc192b326b0b438db
যোৱা ১ ফেব্ৰুৱাৰীত সেনা অভ্যুত্থানৰ পিছৰ পৰাই প্রতিবাদত উত্তাল চ্যু কি-ৰ দেশ ম্যানমারীৰ। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চলা সেনা বিৰোধী বিক্ষোভত চলিল আৰক্ষীৰ গুলি, কন্দুৱা গেছ, লাঠিচার্জ, ব্যাপক গ্ৰেপ্তাৰী অভিযান। এই পর্যন্ত আৰক্ষীৰ গুলি আৰু সংঘর্ষত দেশজুৰি নিহত হৈছে ১৮ জন লোক। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে । দেশৰ সর্ববৃহৎ চহৰ ইয়াঙ্গন-সহ দেশৰ একাধিক স্থানত আৰক্ষীয়ে লাঠিচার্জ কৰাৰ লগতে কন্দুৱা গেছ এৰিছে। ইয়াৰ পিছতো জনতাক নিয়ন্ত্রণ কৰিব নোৱাৰি গুলি চালনা কৰে আৰক্ষীয়ে। আহত বহু লোকক আঁতৰাই নিয়া হৈছিল। তেওঁলোকৰ ভিতৰত বহুলোকৰ এতিয়া পর্যন্ত কোনো খবৰ নাই। ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ বিভাগৰপৰা জনোৱা হৈছে, 'ম্যানমাৰৰ আৰক্ষী আৰু সেনাই শান্তিপূর্ণ প্রতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত ১৮ জন লোকৰ মত্যু হৈছে। আহত হৈছে কমপক্ষেও ৩০ জন লোকৰ। ' যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ক্ষমতা দখল কৰে সেই দেশৰ সেনাই। আটক কৰা হয় নির্বাচিত গণতান্ত্রিক নেত্রী চ্যু কি-ক । ইয়াৰোপৰি আটক কৰা হয় দেশৰ অধিকাংশ নেতাক। পাঁচ দশকৰ পিছত দেশলৈ গণতন্ত্র ঘুৰি অহাৰ যি পৰিৱেশ সৃষ্টি হৈছিল সেই সকলোবোৰ ধ্বংস কৰি পেলালে সেই দেশৰ সেনাই। ইয়াৰেই প্রতিবাদত ৰাজপথত নামিছে সাধাৰণ জনতা। যোৱা সপ্তাহত মিলিটেৰী জুন্টা নেতা মিন আঙে সংবাদমাধ্যমত জনাইছিল, সেনাই আন্দোলনকাৰীসকলৰ বিৰুদ্ধে অতি কম বল প্রয়োগ কৰিছে। আনহাতে, সেনাই দিয়া তথ্যৰ বিপৰীতে প্ৰকৃত তথ্য বাহিৰলৈ আহিছে । এই পর্যন্ত ম্যানমাৰত সেনা বিৰোধী বিক্ষোভত নিহত হৈছে ২১ জন লোক। ৰাজপথত নমা বিক্ষোভকাৰীসকলক দমন কৰাৰ বাহিৰেও দেশৰ চৰকাৰী প্রতিষ্ঠান, পৌৰসভা, বিচাৰব্যৱস্থাও দখল কৰা আৰম্ভ কৰিছে সেনাই। ফলত পৰিস্থিত অধিক বেয়াৰ ফালেই ঢাল খাইছে বুলি ভবা হৈছে আন্তর্জাতিক ভাৱে।
web
ec3d4910cfa437c91b3e72f1e90f9e05f06bc682
বহু কষ্ট আৰু প্ৰচেষ্টাৰ ফলত আজি বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ` কলৰাৰ লগাবলৈ সক্ষম হ`ল ৰাজ্যৰ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ ডব্লিউ ডব্লিউ এফে। ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে। শোণিতপুৰ আৰু বিশ্বনাথ জিলাত পাঁচটাকৈ বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমটো সফলতা অৰ্জন কৰিছে। ৰঙাপৰাৰ আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নম্বৰ শাখাত এজনী মাইকী বনৰীয়া হাতীক চিকিৎসকে ট্ৰেংকুলাইজ কৰাৰ পাছত ডিঙিত ৰেডিঅ` কলাৰটো সংস্থাপন কৰে। এই ৰেডিঅ কলাৰৰ জৰিয়তে বনৰীয়া হাতীয়ে প্ৰকৃততে কোন ঠাইত অৱস্থান কৰিছে, জাকটোক কিমান হাতী আছে, জাকটো কোনটো হস্তীৰে অহা-যোৱা কৰিছে আৰু বনৰীয়া হাতীৰ জাকটো সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা নে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে নে তাৰ প্ৰকৃত তথ্য জানিবৰ বাবে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থায়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ লগোৱাৰ উদ্দেশ্যৰে উক্ত চাহ বাগিচাখনত পদ্মশ্ৰী বঁটা প্ৰাপ্ত তথা জ্যেষ্ঠ পশু চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা, ডাঃ কৌশক বৰুৱা, কাজিৰঙাস্থিত পানপুৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ চামচুল আলি, অসম হস্তী সংস্থাৰ বিষয়া পৰিক্ষিত কাকতি, ডব্লিউ ডব্লিউ এফৰ মুখ্য সচিব অনুপম শৰ্মাকে ধৰি পশ্চিম শোণিতপুৰ জিলাৰ বন প্ৰাধিকাৰী বিষয়া নৃপেন্দ্ৰ নাথ কলিতা, ডব্লিউ ডব্লিউ এফৰ ক্ৰমে সমন্বয়ক হিতেন গোস্বামী, প্ৰজেক্ট সঞ্চালক ডেভিদ স্মিথ, অৰ্জুন কাণগাৰকে ধৰি আমাৰীবাৰী, তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসুধূন সুৱৰিছে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। খেতি পথাৰ বিনষ্ট কৰাৰ উপৰিও সা-সম্পত্তি আৰু মানৱ সম্পদৰো ক্ষতি সাধন কৰিছে। বনাঞ্চল ধ্বংসৰ সমান্তৰাল ভাৱে বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বন্যহস্তীৰ বিচৰণ ভূমি, খাদ্য আৰু পানীৰ অভাৱত জনাঞ্চললৈ গতি কৰিছে। আজিও মানৱ সমাজে দেৱতাৰ জ্ঞান কৰা বন্যহস্তীৰ ত্ৰাসত শংকিত হৈ থাকিও যা বাবা, যা মা বুলি চিঞৰি চিঞৰি খেদিবলৈ চেষ্টা কৰা এক নিত্য নৈমিত্তিক কামৰ দৰে হৈ পৰিছে। ইয়াৰ বিপৰীতে হাতী আৰু মানুহৰ মাজত অব্যাহত থকা সংঘাত হ্ৰাস কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে ডব্লিউ ডব্লিউ এফ আৰু বন বিভাগে বন্যহস্তীৰ বিচৰণৰ উমান লোৱাৰ বাবে পৰীক্ষামূলক ভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিছে।
web
78902565ace427159d1ef63ed7f3ab96395f32ad
দিল্লীত বিপুল জয়ৰ উচ্ছ্বাসত যেতিয়া ভাহি আছিল আম আদমী পাৰ্টী (আপ) আৰু তাৰ দলৰ কর্মী-সমর্থকসকল, ঠিক তেতিয়াই আহিল দুঃসংবাদটো। মঙ্গলবাৰে নিশা তেতিয়া ১০. ৩০টা। আপ বিধায়ক নৰেশ যাদৱৰ কনভয়ক লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে এজন দুষ্কৃতিকাৰীয়ে। উক্ত আক্ৰমণত মৃত্যু হয় বিধায়কজনৰ গাড়ীত থকা এজন কর্মীৰ। অৱশ্যে কোনো ধৰণৰ আঘাত পোৱাৰ পৰা কথমপি ৰক্ষা পৰে বিধায়কগৰাকী। উল্লেখ্য যে মেহৰউলিৰ পৰা এইবাৰৰ নিৰ্বাচনত জয়ী হৈছে নৰেশ যাদৱ। জয় নিশ্চিত হোৱাৰ পিছতেই তেওঁ কর্মী-সমর্থকসকলক লৈ দক্ষিণ দিল্লীৰ কিষাণগড়ৰ এটি মন্দিৰত পূজা দিবলৈ গৈছিল। হুডখোলা এখন গাড়ীত উঠি মন্দিৰলৈ গৈছিল নৰেশ। তেওঁৰ ঠিক ওচৰতেই আছিল অশোক মান নামৰ এই কর্মীজন। নিশা তেতিয়া সময় ১০. ৩০টা। পূজা দি উভতাৰ সময়ত হঠাতে ভিৰৰ মাজৰ পৰা এজন দুষ্কৃতিকাৰীয়ে বিধায়কজনৰ গাড়ীক লক্ষ্য কৰি গুলী চলায়। গুলিবিদ্ধ হৈ ঘটনাস্থলীতেই মৃত্যু হয় অশোকৰ। আনহাতে, আহত হয় আন এজন কর্মীও। এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে নৰেশ যাদৱৰ। দলৰ কর্মীজনৰ মৃত্যুত শোক প্রকাশ কৰিছে আপে।
web
28a72ec826f61152b23a498d4fc7ceb496d500b4e2c7bb0d6e2ca7e8fd077371
অৰুণোদয়ৰ চিনিক-চাষাক পোহৰত আধুনিক অসমীয়া ভাষা-সাহিত্যৰ জন্ম হৈছিল যদিও ৰাহু, কেতু, শনি আদি ৰুগ্ৰহ কেইটাৰ প্ৰভাৱ পৰাৰ কাৰণে ই বহু দিনলৈ ঠিহিৰা মাৰি থাকিবলগীয়া হৈছিল। স্বনামধন্য আনন্দৰাম ঢেকিয়াল ফুকন আস হেষ-গুণাভিৰ দিনত ই চেৰাশালিতে আছিল বুলি কলে মিছ। কোৱা নহয়। সেই সময়ত স্বাধীনতা স্যমন্তক ৰণি হেৰুৱাই লেলাই-খেলাই জীয়াই থকা চৈতনাহীন অসমীয়া জাতিক চৈতন্যৰ সংস্কৃতিয়ে গিলি পেলাৰৰ উপক্ৰৰ কৰিছিল। তেনে এটি ছেগ পাই নৱজাত সাহিত্য-শিশুটি বিনাশ কৰিবলৈ বজীর অব বৰ-পুতনাই কিমান যে কুট-কৌশলৰ জাল পেলাইছিল তাৰ আভাস এই গ্রন্থৱলীৰ ভিতৰতে পোৱা যাব । সৌভাগ্যৰ বিষয় জোনাকী যুগৰ পোহৰ পুৰঠ হৈ অহাৰ লগে লগে কুচক্রীবিলাকৰ সকলো প্ৰকাৰ অপচেষ্টাৰ মুদ। যৰি আহিবলৈ ধৰিলে আৰু ক্ৰমাৎ ৰষ্ট গ্রহবিলাক তুষ্ট হৈ আঁতৰি যাবলৈ বাধ্য হল। চমু কথাত কবলৈ হলে অসমীয়া ভাষা-সাহিত্য 'জোনাকী যুগ' আৰু 'বাঁহী যুগ'তে গজগজীয়। হৈ সুদৃঢ় ভেটিত প্রতিষ্ঠিত হল বুলি কব পৰা যায়। বিসকল সাহিত্যিক ধনুৰ্দ্ধৰে হাতত কাৰ্কাই ধনুকীৰ লৈ বাহিৰৰ আক্ৰমণ আৰ ভিতৰৰ অপার-অমঙ্গলৰ পৰা ভাষা-সাহিত্যক ৰক্ষা কৰিছিল সেইসকলৰ ভিতৰত আগৰণুৱা আছিল লক্ষ্মীনাথ, চন্দ্ৰকুমাৰ, হেমচন্দ্ৰ, সত্যনাখ, ৰজনীকান্ত, পদ্মনাথ, বেণুধৰ, আনলচন্দ্ৰ, লক্ষ্মীৰাম প্রভৃতি সাহিত্য-গাধকাকল। এইসকলৰ ওচৰত অসমীয়। জাতি চিৰকৃতজ্ঞ। এই ধনুৰ্দ্ধৰসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা আছিল বৰসেনাপতি ব। অগ্ৰগণী পুৰুষ। অসমীয়া ভাষা-সাহিত্য আৰু শঙ্কৰী ধৰ্গৰ ওপৰত ওপৰাউপৰিকৈ বিবোৰ আক্ৰমণ চলিছিল লক্ষ্মীনাখে সেই সকলোবোৰ আক্ৰৰণ সিংহৰিক্ৰমেৰে ওফৰাই পেলাইছিল। প্ৰতিখন ৰণতে জয়লাভ কৰি তেওঁ অসমীয়াৰ ন্যায্য দাৰী দৃঢ়তাৰে সাধ্যস্ত কৰিবলৈ সক্ষম হৈছিল। সমসাময়িক আন সকলোবিলাক সাহিত্যিক নেতাই বৰসেনাপত্তি লক্ষ্মীনাথৰ বলিষ্ঠ নেতৃত্ব মানি লৈছিল। মানি লৈছিল। বিশেষকৈ ভাষা-সাহিত্যৰ খৈৱানখৈয়। ৰণত দিগ্বিজয়ী হোৱাৰ যাৰেই লক্ষ্মীনাথৰ আজি দেশবাসীয়ে সাহিত্যৰথী আখ্যাৰে বিভূষিত কৰিছে। শতবার্ষিকী উৎসব উপলক্ষে আমিও সেই মহান পুৰুষ-সিংহৰ স্মৃতিত ভূক্তিৰে মূৰ দোঁৱাইছোঁ। বেজবৰুৱা আৰু তেওঁৰ সতীৰ্ধসকলক সম্যকভাবে জানিবলৈ হলে তেওঁলোক কি পৰি স্থিতিৰ মাজত ডাঙৰ-দীঘল হৈছিল আৰু কেনে বিজতৰীয়া শিক্ষা-সংস্কৃতিৰ মাজত তেওঁলোকে জীৱনৰ পাগছোৱা অতিবাহিত কৰিবলগীয়া হৈছিল সেই কথা জনাটো আবশ্যক। লক্ষ্মীনাথ প্ৰমুখ্যে আধুনিক অসমীয়া সাহিত্য গঢ়ে অবফলে পঢ়াশালিত ৰঙলা ভাষাৰে পাঠ লবলগীয়া হৈছিল। সেইসকলৰ দিনত দেশৰ স্কুল-কলেজত অসমীয়া ভাষা-সাহিত্য ন্যায্য স্বাদও প্রতিষ্ঠিত হোৱা নাছিল । আবি ছা দবে ভেতির क्डে (जनवड करজ माहिटगই) অসমীয়া ভাষা-সাহিত্য বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰিবলৈ বিচৰাটো পৰ্যন্ত কাঞ্চকণ ৰ নিচিমা Wছিল। জেনে এটা গীরা পৰিবেশৰ মাজতে मी व पाচम यूपन নেদেখাৰৈমে ক্ষ্মীনার পাশনীনা আৰু কলেজীরা শিক্ষা লাভ কৰিছিল যদিও পিছত বংশৰ প্ৰভাৱ, স্বধীন প্রতিভা আৰু জীৱনব্যাপী সাধনাৰ ফলত অসমীয়া সাহিত্যৰ অধিনায়ক হিচাপে তেওঁ আনাব ননস্য পুষ হ'ল। এইখিনিতে সাহিত্য-বুৰঞ্জীবিদ ডঃ শ্ৰীমহেশ্বৰ নেওগৰ ভাষাৰে কৈছে। : "সাহিত্যৰধী লক্ষ্মীনাথ বেজবৰৱ। ডাঙৰীয়া অধুনিক অসমীয়া সাহিত্যৰ ৰোমাণ্টিক স্তৰটোৰ এজন ধৱৰ্ত্তকেই মাত্র নহয, তেৰ ব্যক্তিত্বই আৰু সাহিত্য-প্রচেষ্টাই থূলমূলভাবে ১৮৯০ন পৰ। ১৯৩০ লৈকে, এই চাৰিটা দশকক, নৱ-বৈষ্ণৱ সাহিত্যক শঙ্কৰদেৱৰ জীৱন আৰু ৰচনাই দিয়াৰ দৰে এক উজ্জ্বল ঐক্য প্রদান কৰিছিল। সেই বাৰেই বৈষ্ণর যুগটৌ শঙ্কৰদেৱৰ যুগ আৰু এই চল্লিশৰচৰীয়। আধুনিক সাহিত্যৰ যুগটো বেজৰৱাৰ যুগ । অসমীয়া সাহিত্যত এই দুটি বিশেষ কালৰ বাহিৰে আন সমনবোৰক ব্যক্তিৰ নামেৰে চিনাকি দিবলৈ টান, কাৰণ কোনে। এজন কবি-সাহিত্যিকেই কোনো এডোখৰ কালৰ অবিসম্বাদী কেন্দ্ৰৰূপে অৱস্থিত হোৱা নাই। শঙ্কৰদেৱৰ চৰিত জানিলে যেনেকৈ বৈষ্ণৱ সাহিত্যৰ বুৰঞ্জীৰ প্ৰাণটোৰ লগত আমাৰ পৰিচয় ঘটে, তেনেকৈ অসমীয়। নৱন্যাস সাহিত্যৰ পৃষ্ঠভূমিৰূপে বেজবৰৱাৰ জীৱনী ও স্পষ্টৰূপে শিব দিব পাবে।" যোৰহাটত বহ। জগম সাহিত্য সভাৰ অধিবেশনৰ আদৰণি সভাৰ সভাপতির অভি ভাষণত জোনাকী যুগৰ অন্যতন জ্যোতিষ্ক এৰাৰানাথ ফুবন ডাঙৰীয়াই উৱলি যোৱ। সেই দিনৰ ফটফটীয়। হৰিখন আঁকি থৈ গৈছে এইদৰে : "জগতৰ ইতিহাগত চাব, ৰজাঘৰৰ পৰা উৎসাহ আৰু সহায় নোপোৱাৰৈ কোনো দেশৰ সাহিত্যৰ উন্নতি হোৱা নাছিল। আমাক বিদেশী ইংৰাজ ৰজাই সহায় যে নকৰিলেই, এবং আনাৰ ভাষাৰ বিদ্বেষ কৰিলে। প্রথম আহিলেই তেওঁ ৰিলাকে বুজিলে যে অগনীব। জাতি জাতি নহর, অসমীয়া ভাষা ভাষা নহয়, এইদৰেই তেওঁলোকৰ ৰুজালে। তেওঁবিলাকে বুজিয়ে যে স্বসনীনা ভাষা বঙলা ভাষাৰ অপপ্ৰংশ। এই 1 ৰসয়ে তেওঁণোৰৰ প্ৰধান যুক্তি হল যে এতিমাও ৰংপুৰ, বোচবিহাৰ আদি পুৰঙ্গৰ মানুহে ৰঙল, ভাষ। কন। এইটো গচ। বৰা যে এইবোৰ মানুহে বিকৃত অসমীয়া বা ভঙা ভঙা অসৰীয়া কবাহে কয়। বি ও অ নি সেই সনত বিদেশী ৰজাক বুজাব নোৱাৰিগোঁ যে অতীজত পুৰ্ব্ব-ৰঙ্গৰ ৰন্থ তবিনি ঠাই বাচীন বিশাল সমৃদ্ধিশানী কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু সকলোৱে কানৰূপৰ ভাষাকেহে কৈছিল আৰু এতিযাও তাকে কৈ আছে। প্রাচীন কামৰূপ ৰাজ্যৰ গৌৰৱৰ কথা তেতিয়াও তেওঁবিলাকে জনা নাছিল। এই কথাটে। জানিবলৈ তেওঁবিলাকৰ এশ বছৰ লাগিব আৰু যেতিয়া জানিলে তেতিয়া তেওঁবিলাকৰ যাবৰে হ'ল। এই কথাটো নজনাৰ বাবেই, তেওঁবিলাকে আমাৰ বিৰদ্ধে যি যিহকে কৈছিল তাকে মানি লৈছিল । এজন উচ্চপদস্থ বিদ্গেী বিষয়াই - 'The Mahapurushiya Sect in Assam' নামেৰে এখন কিতাপ লিখিছিল। তাত মহাপুরুষ শঙ্কৰদেৱৰ কথা যেনেকৈ লিখিছিল শুনিলে কাণত মাঙুলি দিব লাগে । তেওঁ শেষত মত দিলে, নিশ্চয় বঙ্গদেশৰ খ্ৰীচৈতন্যদেৱৰ কথাৰোৰ আনি শ্ৰীশঙ্কৰদেৱে অসমত প্ৰচাৰ কৰিলেহি, নহলে, অসমীয়া হৈ তেওঁ কেনেকৈ এনে বিশুদ্ধ ধৰ্ম্ম প্ৰচাৰ কৰিব পাৰে । ইংৰাজ গৱৰ্ণমেণ্টে এই অশ্রাব্য কথাটো বিশ্বাস কৰিলে। ১৮৯১ চনৰ চেহু ৰিপোৰ্টত এইদৰেই লিখিলে। অতি দুখৰ বিষয় যে ১৮৯১ চনৰ চেছ ৰিপোর্টখন অসমৰ ৰুঞ্জীলিখক গেইট চাহাবৰ লিখা। সেই সময়ত তেওঁৰ নিশ্চয় এরে মত আছিল। পোনেই ৰিলাভৰ পৰা আছি তেওঁ এই বিশ্বাসেৰেই কাম আৰম্ভ কৰিছিল। কুৰি বছৰৰ পিছত ছাৰ এড্ৱাৰ্ড গেইটে তেওঁৰ তুলটো বুজিলে আৰু তাৰ সংশোধন কৰি দুখ প্ৰকাশ কৰিলে । তেওঁ ৰেতিয়া গোটেই ভাৰতবৰ্ষৰ চেঞ্চৰ্ছ কৰিছনাৰ তেতিয়া তেওঁৰ অনুৰতি মতেই খনৰ গৱৰ্ণমেণ্টে এই মহা ভুলটে। শুধৰালে। ভাষা সম্পর্কেও আদিতে তেওঁৰে সেই ভুলেই আছিল। ইংৰাজ ৰজাৰ দৰেই তেওঁ নিশ্চয় ভাৰিছিল যে আমাৰ ভাষাটে। এটা দোৱান। ইংৰাজ গৱৰ্ণমেন্টে বোধকৰে। ধৰি নলে যে অসমীয়াৰ এই দোৱানৰ ঠাইত ৰঙলা ভাষা চলাব পাৰিলে দেশৰ এটা নহৎ উপকাৰ কৰা হ'ব। এনে ভাবিয়েই তেওঁবিলাকে অসমীয়া ভাষা একেবাৰে তুলি দিলে। ৰিচাৰালয়, স্কুল-পঢ়াশালি সকলো ঠাইতে বঙল। ভাষা, ৰঙালী বিচাৰক আৰু ৰঙালী শিক্ষক হ'ন। ১৮৩৫ চনৰ পৰা ১৮৭২।৭৪ চনলৈকে এইদৰে চলিল। আমাৰ দুই এজন মানুহে আৰু পাদুৰী চাহাৰসকলে মিছাতে প্রতিবাদ কৰিলে- অৰণ্যত ৰেদিন কৰিলে। ইংৰাজ গৱৰ্ণমেণ্টে কাণ নিদিলে। ১৮৭২-৭৪ চনত অসমীয়া ভাষা গাঁৱলীয়। পঢ়াশালি আৰু আদালতত চলাৰলৈ হুকুম হ'ল হয়, কিন্তু অৱস্থাৰ একো পৰিবৰ্ত্তন নহল । "মোৰ ৰিণিকি ৰিণিকি মনত পৰে যে যার এই সময়তে মই প্রথম স্কুললৈ গৈযেই বঙলা ভাষা আৰম্ভ কৰে।। আমাৰ মাৰৈ ৰঙালী, কিতাপ বঙলা, কথাও কওঁ ৰঙলা । মই এনে কথা কোৱা নাই বে পছ। ৰাবে মোৰ বিশেষ ক্ষতি হ'ল। আধুনিক বঙ্গভাষা প্রাচীন নহলেও অতি উন্নত ভাষা : পঢ়িলে লাভ আছে। এই ভাষা জানি মোৰ উপকাৰহে হ'ল। কিন্তু আমাৰ বিশেষ ক্ষতি এই ৰাৰে হ'ল যে স্থূলত আৰ বাহিৰতো সদার আমি গুনি আহিলোঁ যে আমাৰ ভাষা ভাষা নহয়; ই ৰঙনাৰ অপভ্রংশ। আমি এটা সুকীয়া জাতি নহওঁ আমি জাগৰ বহুদেশৰ পৰা ভাগি অা নিকৃষ্ট বঙালী - আমাৰ সকলো কথাই বেয়া। এইবোৰ কথা এইদৰে শুনি শুনি আমাৰ বিশ্বালে। হৈছিল যে সঁচাকৈয়ে আমি অসমীয়া ভূতেইহে । এনে অৱস্থাত স্কুলৰ শিক্ষা কেনে হ'ৰ পাৰে এবাৰ ভাবি চাওক। সদার অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ নিন্দা শুনি শুনি আৰু শেহত তাকে বিশ্বাস কৰি আমাৰ আয়গৌৰৱ বুলি এটা ভাব নাইকিয়া হৈছিল । পঢ়াশুনাও তেনেই হৈছিল । ১৮৩৫ চনত অসমত জিলা স্কনবোৰ (আজিকালিন হাইস্কুল বোলে) স্বাপিত হৈছিল । ইয়াৰ পিছত ১৮৯৭ চনলৈকে, এই তিনিকুৰি বছৰেও আমাৰ দেশত এজন এম-এ পাছ কৰ। মানুহ নাছিল। বিশ্ববিদ্যালয়ত উচ্চ স্থান অধিকাৰ কৰাৰ যে আমাৰ শক্তি আছে এনে ভাব আমাৰ মনলৈ নাহিছিল। কিয় এনে অৱস্থা হৈছিল আপোনাসকলক ৰুজোৱা টান । বোৰ কথা বিশ্বাস কৰক যে আমাৰ স্কুলৰ শিক্ষা অতি বেয়া আছিল । আমি কলিকতালৈ গৈহে বুজিলোঁ যে গরুতে আমাৰ আচলতে কুশিক্ষাহে আছিল। আমাৰ প্ৰধান অভাৱ আছিল আত্মগৌৰৱ - নিজৰ ওপৰত বিশ্বাস। আমাৰ ভাষাক আমি নিজেই অৱজ্ঞা কৰিছিলো । কলিকতাত আমাৰ বহুত ভাল ভাল লৰা ফেইন হৈছিল আমাৰ দোষত নহয়, আমাৰ বাল্যকালৰ শিক্ষাৰ দোষত। নিতৌ স্কুললৈ গৈ যদি কিতাপ পঢ়াৰ পৰিৱৰ্ত্তে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বিষয়ে নিন্দা শুনিৰ লাগে, তেন্তে পঢ়াশুনা কেনে হ'ৰ তাৰ আপোনালোকে নিজেই তাৰি চাওক । আমাৰ অমনোযোগী শাসনকৰ্ত্তাসকলৰ দোষত বা ভূলত আমাৰ শিক্ষা এশবছৰ পাছ পৰিল। ইংলণ্ডৰ এই কলঙ্ক, এনে কুশাসনৰ দৃষ্টান্ত ভাৰতবৰ্ষৰ বুৰঞ্জীত মহলেও অসমৰ বুৰঞ্জীত ৰৈ গ'ল । এটা জাতিৰ চূড়ান্ত অধঃপতন হৰলৈ যেনে হ'ব লাগে আৰাৰে। ঠিক তেনেই হৈছিল। আবার বছতে বিশ্বাস কৰিছিল আৰু কৈ কৰিছিল যে অসমীয়া ভাষা ৰঙলাৰ অপপ্ৰংগ কৰলৈ লাজ লাগে যে ইংৰাজ গৱৰ্ণমেণ্টলৈ কেইবা ঠাইৰ পৰা আমাৰ মানুহৰ চহীবেই আবেগন-পত্র গৈছিল যে স্থূলত অসমীয়া চলিব নেলাগে : চলিলে দেশৰ অমঙ্গল হ'ব। এয়ে জাতীয় অধঃপতনৰ শেষ সীৰা নহয় নে ? "ঠিক এনে সমরতে, সম্ভবতঃ ১৮৮৬ চনত, এদিন গুড় ক্ষণত কলিকতাৰ এটি সরু মেছত এখন চাহ-খোৱা যেলত দুজনমান অসমীয়া ছাত্ৰৰ মনত খেলালে যে যদি আমায়
pdf
810d711590c3e950970d7429495957ed2b8cb3c7
আজি চাউথ বইটামাৰী হাইস্কুলত অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱা অনুষ্ঠিত হয় এই অনুষ্ঠান। উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বিশিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়ায় ড• হেমন্ত কোৰ আৰু সঞ্জীৱ বাগলাৰীয়ে।
web
a47e60c63dc3b676d0e0932e48503b8397b6f0d4
এতিয়া সৰ্বত্ৰ কোৰোণাৰ সংহাৰ। কোৰোণাক প্ৰতিহত কৰাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ল'ক ডাউন। এই ল'ক ডাউনৰ সময়ছোৱাত খেলপথাৰলৈ যাব নোৱাৰি খেতিৰ কামতে ব্যস্ত হৈছে কেবাজনো খেলুৱৈ। সেই সকলৰ ভিতৰত অন্যতম হ'ল টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ লাভলীনা বৰগোহাঁই। গোলাঘাটৰ বৰ পথাৰৰ জীয়ৰী লাভলীনাই ঘৰতে সময় উলিয়াই অনুশীলন চলোৱাৰ মাজতে ব্যস্ত আছে খেতি পথাৰত। আনফালে টীম অসমৰ ৰোলবল খেলুৱৈ সকল সম্প্ৰতি ব্যস্ত মহানগৰীৰ কাষৰীয়া অঞ্চল চপাইদঙৰ খেতি পথাৰত। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনিষা প্ৰধানে যদি ৰুইছে ভূঁই, পুৰুষ খেলুৱৈ বি কাৰ্গিল, সুমন ডেকা , মানস গগৈ হতে হাতত কোৰ,দা লৈ বোকাৰ মাজত আলি দিয়াত ব্যস্ত। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ মনিষাই খেতিপথাৰত ব্যস্ত হৈ এতিয়া আনন্দিত। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বি এ কাৰ্গিল আৰু ৰাষ্ট্ৰীয় খেলুৱৈ সুমন ডেকা , মানস গগৈয়ো ব্যস্ত কৃষিকৰ্মত। অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ট্ৰেক্টৰ চলাই চহাইছে খেতিপথাৰৰ মাটি। সম্পূৰ্ণ ৰূপে বন্ধ এই সময়ছোৱাতে খেতিৰ কামত লাগি থকাৰ মাজতে চপাইদঙত শিশু খেলুৱৈ সকলক ৰোল বল প্ৰশিক্ষণ দিছে ভূমিধৰ বৰ্মনে। - First Published :
web
8b84a318aa21ce800099509783d10a653ca36d58
স্বাস্থ্য প্ৰতিবেদনঃ কেনেদৰে? পেটলৈ খাদ্য যোৱাৰ পিছৰ পৰাই শৰীৰে কাম কৰা আৰম্ভ কৰি দিয়ে। খাদ্যৰ যথেষ্ট পৰিমাণৰ অংশ পেটৰ পৰা ক্ষুদ্রান্ত্র পর্যন্ত গুচি যায়। বহু গৱেষণাই কৈছে, খোৱাৰ পিছত খোজকাঢ়িলে পেটৰ পৰা ক্ষুদ্রান্ত্র পৰ্যন্ত খাদ্য সোনকালে গৈ পাব। যিমান সোনকালে এইটো হ'ব, সিমানে গেছ, পেটত বিষ, এচিডিটীৰ দৰে সমস্যা কম দেখা যাব। গৱেষণাই এয়াও কৈছে যে খোৱাৰ পিছত ৩০ মিনিট খোজকাঢ়িলে আৰু নিয়মিত লঘু ব্যায়াম কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা বহুখিনি কমি যায়। কাৰ বাবে বেছি উপকাৰী? কেৱল হজমৰ ক্ষেত্রতেই নহয়, যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, তেওঁলোকৰ পক্ষেও খোৱাৰ পিছত খোজকাঢ়াটো অত্যন্ত উপকাৰী। নিউজীলেণ্ডৰ ওটাগো বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বিষয়ত জনাইছে, যিসকলৰ টাইপ টু ডায়েবেটিছ আছে, তেওঁলোকে খোৱাৰ পিছত ৩০ মিনিট খোজকাঢ়িলে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰাত সহায় কৰে। বিশেষকৈ যদি খাদ্যত কার্বোহাইড্রেটৰ পৰিমাণ বেছি থাকে। পেটলৈ খাদ্য গ'লে শৰীৰে তাৰ পৰা গ্লুকোজ প্ৰস্তুত কৰে। যিয়ে মূলত আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। কিন্তু খোৱাৰ পিছত ৰক্তত সেই গ্লুকোজৰ মাত্রা বেছি হৈ যায় কিছু সময়ৰ বাবে। সেয়ে শৰীৰত ইনছুলিন তৈয়াৰ হয় যাতে এই গ্লুকোজ শৰীৰৰ বিভিন্ন কোষলৈ সঠিকভাৱে যাব পাৰে। কিন্তু ডায়েবেটিছৰ ৰোগীসকলৰ ক্ষেত্রত এই ইনছুলিনৰ কার্যকাৰিতা প্রয়োজন অনুযায়ী নাথাকে। ফলত ৰক্তত শর্কৰাৰ মাত্রা বাঢ়ি যায়। সুস্থ হৈ থাকিবলৈ বিচাৰিলে, যদি এই সময়ত খোজকঢ়া যায়, তেনেহ'লে এই বৰ্ধিত গ্লুকোজ শৰীৰে ব্যৱহাৰ কৰিব পাৰে। ফলত ৰক্তত শর্কৰাৰ মাত্রাও নিয়ন্ত্রণত থাকে। কিমান সময় পিছত? কিন্তু মনত ৰাখিব লাগিব যে খোৱাৰ ঠিক পিছতেই যদি খোজকাঢ়িবলৈ আৰম্ভ কৰে তেনেহ'লে এচিডিটীৰ সমস্যা হ'ব পাৰে। সেয়ে দুপৰীয়া বা নিশাৰ খাদ্য খোৱাৰ পিছত অন্তত ৩০-৪০ মিনিট বিৰতি দিব পাৰিলে বেছি উপকৃত হ'ব।
web
10bfd5f9b7b0116b329eff2d23f59b7ab5181993df28d4ba6f26278e3159fd1c
কোম্পানীৰ জাহাজেৰে। জৱাহৰলাল নেহেৰু নিৰাশ হৈ ছোভিয়েট ইউনিয়নৰ ওচৰ চাপিছিল। ছোভিয়েট ৰাছিযাই তৎক্ষণাত সম্মত হৈছিল ভাৰতত তীখা উদ্যোগ ভাৰত নিৰ্মাণ কৰিবলৈ আৰু দুর্গাপুৰ, ভিলাইত তীখা উদ্যোগ স্থাপন হৈছিল। পৰৱৰ্তী কালত ইউৰোপৰ সমাজবাদী দেশ কেইখনৰ সাহায্যত ভাৰতত পেট্ৰ'লজাত তেলৰ অন্বেষণ, শোধানাগাৰ স্থাপন আদি কার্য সম্পন্ন হৈছিল। তীখা উৎপাদনেই ভাৰতত আজি বিভিন্ন বিষয়ৰ উদ্যোগৰ অগ্ৰগতিৰ মৌলিক আধাৰশীলা (Basic foundation) স্থাপন কৰিছিল। আমেৰিকাৰ পৰা তীখা ৰপ্তানি কৰি থাকিলে ভাৰতৰ আজি যিখিনি উন্নতি হৈছে সেইখিনি উন্নতি নহ'লহেঁতেন আৰু আন্তর্জাতিক কোনো বিষয়ৰ ভাৰত আমেৰিকাৰ লগত নাথাকিলে তীখা পঠোৱা বন্ধ কৰিলেহেঁতেন। আমেৰিকাই ভাৰত স্বাৱলম্বী হোৱাটো কেতিয়াও নিবিচাৰিছিল। ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত পাকিস্তানৰ লগত যুদ্ধৰ সময়ত (বাংলাদেশ সৃষ্টিৰ তদানীন্তন ৰাষ্ট্ৰপতি নিক্সনৰ সমৰ্থন বিচৰাত আমেৰিকাই পাকিস্তানৰ পক্ষে ভাৰতৰ বিৰুদ্ধে যুদ্ধ জাহাজ সপ্তম নৌবহৰ পঠাইছিল। ছোভিয়েট ইউনিয়নে ভাৰতক ৰক্ষা কৰিছিল। ৰাজীৱ গান্ধীয়ে ৰিগানৰ লগত কূটনৈতিক সম্পৰ্কৰ উন্নতিৰে ভাৰতত আমেৰিকান প্রযুক্তিক বিনিয়োগৰ ব্যৰ্থ চেষ্টা কৰিছিল। ভাৰতৰ উন্নয়নত আমেৰিকাৰ অৰিহণাৰ ইতিহাসে কয় যে আমেৰিকা ভাৰতৰ কোনো সময়তে শুভাকাংক্ষী নাছিল । মুক্ত বজাৰ বা নব্য উদাৰ অৰ্থনীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কঁকাল ভাগিলে। বর্তমান শক্তিশালী সমাজবাদী শিবিৰ নাই, প্ৰত্যাহ্বান জনাব পৰা শক্তি নাই পৃথিৱীত। কিন্তু আমেৰিকাৰ অৱস্থা কিয় আজি জৰাজীর্ণ। আমেৰিকাৰ নিজৰ অৰ্থনৈতিক নীতিয়ে নিজক শেষ কৰিলে - বিশ্বৰ জনসাধাৰণকো বিপদত পেলালে। ২০০৭-০৮ চনত বিশ্বৰ আৰম্ভ হোৱা অৰ্থনীতিৰ মহাবিপর্যয় আনিলে আমেৰিকান অর্থনীতিয়ে। ২০০৭ চনত আমেৰিকাৰ ছাব-প্রাইম বন্ধকী সংকট আৰু পৰৱৰ্তী কালত দীর্ঘস্থায়ী অর্থনীতিৰ মন্দা অৱস্থাৰ ফলত আমেৰিকাই বর্তমানে বিশ্বৰ অৰ্থনীতিৰ কোনো বিষয়তে আধিপত্য কৰিব পৰা শক্তি নাই। ভাৰতক আমেৰিকাৰ দৰকাৰ নে আমেৰিকাক ভাৰত দৰকাৰ। সমৃদ্ধিশালী আমেৰিকাক আজি নিবনুৱাৰ ভূতে খেদি ফুৰিছে, দ্বিতীয় মহাসমৰৰ পাছত অধিকতম নিবনুৱাৰ হাৰ। ভাৰতৰ দৈনিক বাতৰি কাকতসমূহে সঠিকভাৱেই কৈছে "obama's visit is all about economic and job growth" অ'বামাইও স্বীকাৰ কৰিছে তেখেতৰ ভ্ৰমণৰ উদ্দেশ্য "I make no apologies to do whatever I can for job creation and business investment in America"। অ'বামাৰ দিল্লীতকৈ মুম্বাইৰ অধিক প্রয়োজন। মুম্বাই ভাৰতৰ অৰ্থনীতিৰ ৰাজধানী। সেয়ে অ'বামাৰ মুম্বাই ভ্ৰমণ গুৰুত্বপূৰ্ণ - বাঙ্গালোৰ ভ্ৰমণতো তেখেতে ইণ্টাৰেষ্ট দিয়া নাই। ২০০ আমেৰিকান ব্যৱসায় অধিকাৰক (CEO) অ'বামাৰ লগত আহিছে তেওঁলোকৰ বাবে মুম্বাই দৰকাৰ দিল্লী নহয়। ভাৰতৰ কোম্পানীসমূহৰ প্ৰতিপক্ষৰ লগত আলোচনা কৰিছে তেওঁলোকে ভাৰতৰ লগত ব্যৱসায় বৃদ্ধিৰ বাবে। তেওঁলোকৰ কোম্পানীসমূহ জীয়াই ৰাখিবলৈ বজাৰ লাগে। ভাৰতে আমেৰিকাৰ পৰা আমদানিত সকলো ধৰণৰ বাধা উঠাই দিব। অ'বামাই কৈছে "I have marshalled the full resources of the US Government to increase exports to India"। অসামৰিক সামৰিক সকলো সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰিবলৈ আমেৰিকা উদ্গ্রীব হৈ পৰিছে। আমেৰিকাৰ ভাগ্য নির্ণায়ক কোম্পানী, জেনেৰেল মটৰ, ফৰ্ড, জেনেৰেল ইলেক্ট্রিক, বোয়িং, জেনেৰেল ফুড, ১৩৮ ১ \\\' সমকালীন অর্থনীতিঃ বিকল্পৰ অন্বেষণ (দুই) ৱালমাৰ্ট, বীমা, অস্ত্ৰ কাৰখানা সকলো আমেৰিকান কোম্পানীক বজাৰ লাগে - উৎপাদিত সামগ্রী ভাৰতত বিক্ৰী কৰিব পাৰিলে কোম্পানীকেইটাৰ অৱস্থা ভাল হ'ব আৰু আমেৰিকান নাগৰিকক চাকৰি দিব পাৰিব - আমেৰিকান অর্থনীতিক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ পোৱাৰ চেষ্টা কৰিব। অক্সফোর্ড শিক্ষিত প্রধানমন্ত্রী মনোমোহন সিঙৰ ডক্টৰেল থেচিচ আছিল মুক্ত বজাৰৰ বাণিজ্য (Free Trade) তেখেতে মুক্ত বজাৰ অৰ্থনীতি ভালকৈ বুজি পায়। আমেৰিকাই পাকিস্তানক বহু বিলিয়ন সামৰিক সাহায্য অবিৰত দি থাকে। ভাৰততো দহ বিলিয়ন ডলাৰৰ (Combat Aircraft) বহু সমাৰস্তু বিক্ৰী কৰিব। ভাৰত আৰু পাকিস্তানৰ যুদ্ধ লাগিলে আমেৰিকাৰ বাবে খুব ভাল। ভাৰত-চীন যুদ্ধ লাগিলে আমেৰিকাৰ বাবে অতি উত্তম। আমেৰিকান সমবাস্ত্ৰ কাৰখানাসমূহে দিনে-ৰাতিযে উৎপাদন কৰিব লাগিব। আমেৰিকাৰ নিবনুৱাসকলে চাকৰি পাব । আমেৰিকাই ভাৰতলৈ ৰপ্তানি কৰিব - কিন্তু ভাৰততে ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত বিভিন্ন বাধা-নিষেধ আৰোপ কৰিছে আমেৰিকাই। ভাৰতক ১৬টা টেকনোলজিকেল কেটগৰি (lechnological Categories )ৰ ১১টাৰ ওপৰতে প্ৰৱেশত বাধা-নিষেধ আৰোপ কৰিছে আমেৰিকাই। বিশ্ব বাণিজ্য সন্থাৰ ডোহা ৰাউণ্ডৰ সমাপ্তি ঘটা নাই আমেৰিকাৰ কাৰণেই - ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহে কৃষিত ৰাজ-সাহায্য উঠাই দিব লাগে। আমেৰিকাৰ বাবে উদ্যোগীয় সামগ্ৰীৰ বজাৰ উন্নয়নশীল দেশসমূহে সম্পূর্ণ মুক্ত কৰি দিব লাগে। আমেৰিকাই কেইবাহাজাৰ বিলিয়ন ডলাৰ কৃষিত ৰাজসাহায্য উঠাই নিদিযে। লেটিন আমেৰিকাৰ দেশসমূহৰ চৰকাৰৰ প্ৰশাসন বাওঁপন্থী বা সমাজবাদী অর্থনীতিপন্থী দলসমূহে অধিকাৰ কৰাত আমেৰিকাৰ একছত্ৰী বজাৰৰ সংকোচন ঘটিছে। ব্ৰাজিলৰ নিচিনা বৃহৎ বজাৰ হেৰুবাব লগা হৈছে। চীন ইতিমধ্যে বহু উন্নত হৈ গ'ল। চীনে আমেৰিকালৈ ৰপ্তানি কৰে ২৬২ বিলিয়ন ডলাৰৰ সামগ্ৰী, আমদানি কৰে ১৭২ বিলিয়ন ডলাৰ (২০০৯) অর্থাৎ ৯০ বিলিয়ন ডলাৰ চীনৰ বাণিজ্য ৰাহি। ভাৰত আৰু আমেৰিকাৰ মুঠ বাণিজ্যৰ পৰিমাণে হ'ল মাত্ৰ ৬০ ২ বিলিয়ন ডলাৰ। বৰ্তমানৰ পৰিস্থিতিত ভাৰত আমেৰিকাৰ বাণিজ্য বৃদ্ধি হ'লে আমেৰিকাৰ ৰপ্তানি বৃদ্ধি হ'ব। আমেৰিকাৰ মুঠ বিদেশী লোকৰ ভাৰতীয় মূলৰ ৪৩ শতাংশ। ভাৰতে বহু ধন খৰচৰে আই আই টি, আই আই এম স্নাতক, বিভিন্ন ভাৰতীয় বিশ্ববিদ্যালয় মেডিকেল, ইঞ্জিনিয়াৰিং কলেজে স্নাতক স্নাতকোত্তৰ তৈয়াৰ কৰিছে। আমেৰিকাই বিনা খৰচে বিজ্ঞানী, অভিযন্তা, ডাক্টৰ আদি ভাৰতৰ পৰা পাইছে ভাৰতে ব্যৱহাৰ কৰিব পৰা নাই । অ'বামাৰ ভ্ৰমণক লৈ ভাৰতৰ উচ্চ শ্ৰেণীৰ খুব হুলস্থূল লাগিছে। মনোমোহন সিঙে প্রটোকল ভঙ্গ কৰি বিমান বন্দৰত অ'বামাক আদৰণি জনাইছে। ভাৰতৰ জনসাধাৰণে বুজি পোৱা নাই আমেৰিকাক ইমান তেল লগালে ভাৰতৰ কি ধৰণৰ জাতীয় স্বার্থ পূৰণ হ'ব। অৰ্থনীতিৰ সংকটৰ পৰা উদ্ধাৰ পাবলৈ আমেৰিকাৰ দৰকাৰ হৈছে ভাৰতৰ। ভাৰতৰ জাতীয় স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত আমেৰিকাক ভাৰতে ব্যৱহাৰ কৰিব পাৰিবনে? চীনে আমেৰিকাক ব্যৱহাৰ কৰিছে নিজৰ জনসাধাৰণৰ স্বাৰ্থত, জাতীয় স্বাৰ্থত। চীনে বর্তমান বহুত শক্তিশালী আমেৰিকাক ভয় নকৰে। আমেৰিকাই চীনৰ পৰা একলাখ কোটি ডলাৰ ঋণ লৈ নিজৰ অৰ্থনীতি চলাইছে। চীনে জনসাধাৰণৰ চাহিদা বৃদ্ধিৰে ঘৰুৱা বজাৰৰ বিৰাট সম্প্ৰসাৰণ কৰিছে। ভাৰতৰ জৰুৰী হ'ল জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰে ঘৰুৱা বজাৰখনৰ সম্প্ৰসাৰণৰ। এই বজাৰৰ ওপৰত ভিত্তি কৰি জাতীয় উদ্যোগৰ বিকাশসাধন। অবামাৰ সমকালীন অর্থনীতি : বিকল্পৰ অন্বেষণ (দুই)````` (১৩৯) ভ্ৰমণৰ বাবে আমেৰিকাৰ বোয়িং কোম্পানীয়ে ৪.১ বিলিয়ন ডলাৰ নিবিদা পাইছে ২২,১৬০ কর্মসংস্থান সৃষ্টি হ'ব আমেৰিকাত। ঠিক সেইদৰে স্পাইছজেটৰ ক্ৰয় নিবিদাৰ ১.৭ বিলিয়নত ১২,৯৭০ জন কর্মসংস্থান আৰু ছয়টা প্ৰতিষ্ঠানৰ ছয়খন ক্ৰয় নিবিদা মুঠ ১০ বিলিয়ন ক্ৰয় অৰ্ডাৰৰ বাবে আমেৰিকাত ৫০ হাজাৰ চাকৰিৰ সৃষ্টি হ'ব। অ'বামা ধনী নে দুখীয়া ঘৰৰ ল'ৰা কৃষ্ণা বৰ্ণৰ নে স্বেতবৰ্ণৰ সেইটো ডাঙৰ কথা নহয় ; ডাঙৰ কথা হ'ল অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, আমেৰিকাৰ ডেম'ক্রেটিক দলৰ প্ৰতিনিধি। অ'বামাই আমেৰিকা সাম্ৰাজ্যবাদী বৃহৎ পুঁজিপতিৰ ৰাষ্ট্ৰৰ স্বাৰ্থক প্রতিনিধিত্ব কৰিব। অ'বামাই তাকে নকৰিলে এদিনো ৰাষ্ট্ৰপতি হৈ থাকিব নোৱাৰে। ১৯ নৱেম্বৰ, ২০১০ চন \\\'সমকালীন অর্থনীতি ঃ ৰিকল্পৰ অন্বেৰণ (দুই) ইতিহাসৰ অৱসান হ'ল নে? 'Liberal capitalism had beaten communism and it would now be the way forever' কথাখিনি লিখিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰখ্যাত হোৱা দার্শনিক, ৰাজনৈতিক, অর্থনীতিবিদ ওচিহিৰো ফ্রান্সিচ ফুকুয়ামা (Yoshihiro Francis Fukuyama)ই তেখেতৰ বিখ্যাত গ্ৰন্থ ইতিহাসৰ শেষ' (The End of History and the lastman)ত। ১৯৮৯ চনত বাৰ্লিনৰ দেৱাল ভাঙি পেলোৱা আৰু ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত পুঁজিবাদী অৰ্থনীতিৰ পণ্ডিতসকলে এনেকুৱা ধাৰণাৰ সৃষ্টি কৰিলে যে পুঁজিবাদী অর্থনীতিয়েই পৃথিৱীত টিকি থাকিব আৰু ই মানৱ জাতিৰ মুক্তি আনিব - সমাজবাদী অৰ্থনীতিৰ দিন শেষ, বিফল হৈছে, ই অবাস্তৱ, মানৱ জাতিৰ মুক্তি আনিব নোৱাৰে। তথাকথিত গণতন্ত্ৰৰ আৰু পুঁজিবাদী অৰ্থনীতিৰ তত্ত্বৰে প্ৰভাৱান্বিত বুদ্ধিজীৱীসকল অতি উৎসাহিত হৈ পৰিছিল আৰু তত্ত্বগতভাৱে প্ৰমাণ কৰাৰ বাবে উঠি-পৰি লাগিছিল যে সমাজবাদী অর্থনীতি অবাস্তৱ, পুঁজিবাদী অর্থনীতিয়েহে মানৱ জাতিৰ মুক্তি আনিব। এইক্ষেত্ৰত জাপানী মূলৰ আমেৰিকান পুঁজিবাদৰ আমেৰিকান বুদ্ধিজীৱী ফ্রান্সিচ ফুকুয়ামা অন্যতম। সেই সময়ত আনকি সমাজবাদী অৰ্থনীতিৰ সমৰ্থক বহু বুদ্ধিজীৱীও বিভ্ৰান্ত হৈছিল। ১৯৯২ চনত প্ৰকাশিত ফ্রান্সিচ ফুকুয়ামাৰ 'The End of History'য়ে আলোড়নৰ সৃষ্টি কৰিলে - 'The New Yo;k Times' Bestseller গ্ৰন্থত পৰিণত হ'ল। পুঁজিবাদৰ জয়-জয় ময়-ময় অৱস্থা। কার্লমার্ক্সে দাচ-কেপিটেলত প্ৰমাণ কৰি দেখুৱাইছিল যে পুঁজিবাদৰ সংকট জন্মগত। মার্ক্সৰ তত্ত্ব অসত্য প্রমাণিত কৰিলে এই বুদ্ধিজীৱীসকলে। লেনিনৰ নেতৃত্বত ৰাছিয়াত ১৯১৭ চনত অক্টোবৰ বিপ্লৱ সফল কৰি সমাজবাদ প্ৰতিষ্ঠা কৰা হৈছিল - এই বিপ্লৱক ভুল বুলি প্ৰতিপন্ন কৰিছিল । কিন্তু ২০০৭-০৮ চনত আকৌ ইতিহাসৰ গতি উলটি গ'ল। কার্ল মার্ক্সৰ বাণী সত্যত পৰিণত হ'ল। বিশ্বত পুঁজিবাদী অর্থনীতি দুর্লঙ্ঘ্য সংকটত নিমজ্জিত হ'ল। পুঁজিবাদী অৰ্থনীতিৰ কেন্দ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু ব্ৰিটেইন, ইটালী, ফ্রান্স আদি ইউৰোপৰ দেশসমূহৰ অৰ্থনীতি জৰাজীৰ্ণ হ'ল। বিশ্বৰ বহু কোটি লোকে জীৱিকাৰ পথ হেৰুৱাই জীয়াই থকাৰ বাবে সম্বলহীন হ'ল। মানৱ জাতিৰ বাবে বিপর্যয় আহি পৰিল। এই বিপর্যয় আৰম্ভ হোৱাৰ আজি তিনি বছৰ পূৰ হ'বৰ হ'ল, নিৰাময় হোৱাৰ কোনো লক্ষণ নাই। যিসকল পণ্ডিতে বৰাই মাৰি কৈছিল যে সমাজবাদী অৰ্থনীতিৰ মৃত্যু হৈছে, পুঁজিবাদী অর্থনীতিয়েহে মানৱ জাতিৰ মুক্তি আনিব, সেইসকলৰ মুখ ক'লা পৰিল, বহুতে সুৰ সলনি কৰিলে, বহুতে দাচ কেপিটেল কিনি আকৌ পুঙ্খানুপুঙ্খৰূপে পঢ়িব ধৰিলে । পুঁজিবাদী অর্থনীতি, বিশ্বায়নৰ উগ্ৰ সমৰ্থক ফুকুয়ামাই পুঁজিবাদী অর্থনীতিৰ বিপৰ্যয়ৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বকহে দায়ী কৰিলে ; পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ অন্তৰ্নিহিত ত্ৰুটিটো দেখা সমকালীন অর্থনীতি ঃ বিকল্পৰ অন্বেষণ (দুই) নাপালে। ২০০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি নিৰ্বাচনৰ সময়ত তেওঁ ক'লে - "I'm voting for Barack Obama this November for a very simple reason It is hard to imagine a more disastrous presidency than that of George W Bush. It was bad enough that he launched an unnecessary war and undermind the standing of the united US states throughout the world in his first term But in the warning days of his administration, he is presiding over a collapse of the American financial system and broader economy that will have consequence for years to come." I ফুকুয়ামাই জর্জ বুশ্বকে আমেৰিকাৰ যুদ্ধৰ বিভীষিকাৰ বাবে আৰু আমেৰিকাৰ পুঁজিবাদী অৰ্থনীতিৰ বিপৰ্যয়ৰ বাবে দায়ী কৰিছে। আমেৰিকা সাম্রাজ্যবাদী বৃহৎ পুঁজিপতিৰ ৰাষ্ট্ৰৰ নীতি হ'ল যুদ্ধৰ ফালেঙ্গী আৰু মুক্ত বজাৰ অৰ্থনীতি। অকল জর্জ বুশ্বেই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ইয়াৰ সকলোবোৰ ৰাষ্ট্ৰপতিয়েই এই নীতিকে দৃঢ়ভাৱে ৰূপায়ণ কৰি আহিছে। ১৯৪৫ চনত চীন দেশত সামৰিক হস্তক্ষেপৰ দ্বাৰা ১৯৫৪-৭৩ চনত ভিয়েটনাম, লেবানন (১৯৮২-৮৪) আৰু বহু দেশত সামৰিক আক্রমণকে ধৰি আজি ইৰাক, আফগানিস্থানত যুদ্ধ লগাইছে। আমেৰিকাত পুঁজিবাদী অৰ্থনীতিৰ ৰূপায়ণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ জন্মৰে পৰা। ১৯৮০ চনত ৰিগানে বৰ্তমানৰ পুঁজিবাদী অৰ্থনীতিৰ মুক্ত বজাৰৰ পৰ্যায়টো আৰম্ভ কৰিছে। অ'বামায়ো কোনো ধৰণৰ মৌলিক অর্থনৈতিক নীতিৰ পৰিৱৰ্তন অনা নাই, ৰিগান, বুশ্বৰ অৰ্থনৈতিক নীতিকে অনুসৰণ কৰিছে- অ'বামাই ৰূপায়ণৰ কৌশল হয়তো সলনি কৰিব পাৰে। পৃথিৱীত আজি স্পষ্টভাৱে প্ৰমাণিত হৈছে যে পুঁজিবাদী অৰ্থনীতিযে মানৱ জাতিৰ মুক্তি আনিব নোৱাৰে। পুঁজিবাদী অর্থনীতিৰ মুখ্য পৃষ্ঠপোষকসকলে বিশ্বৰ প্ৰধান-ঊন্নয়নশীল দেশকেইখনক লগত লৈ জি ২০ গঠন কৰি উদ্ধাৰ হোৱাৰ প্ৰচেষ্টা চলাইছে - কামত অহা নাই, দিনে দিনে সংকট গভীৰহে হৈছে। এই পটভূমিত বিশ্বত সমাজবাদী অৰ্থনীতিৰ প্ৰথম ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়ন সৃষ্টিৰ মহান অক্টোবৰ বিপ্লবৰ ৯৩ বছৰ পূৰ্ণ হ'ল। সেয়া আছিল ১৯১৭ চনৰ ২৫ অক্টোবৰত (নতুন কেলেণ্ডাৰমতে ৭ নৱেম্বৰ) সফল হোৱা লেনিনৰ নেতৃত্বত প্রথম সমাজতান্ত্রিক বিপ্লৱ। এই বিপ্লৱে নতুন ৰাষ্ট্ৰৰ তথা নতুন যুগৰ সৃষ্টি কৰে। বৰ্তমান সময়ত পুঁজিবাদী অৰ্থনীতিৰ সৰ্বনাশী ৰূপ আৰু গৰিষ্ঠসংখ্যক লোকৰ চৰম দুখ-দুর্দশাৰ প্ৰেক্ষাপটত বেছিকৈ উজ্জ্বল হৈ উঠিছে অক্টোবৰ বিপ্লৱৰ গুৰুত্ব, তাৎপর্য, প্রাসংগিকতা। সমকালীন ইতিহাসক নতুনকৈ ৰূপ দিয়াৰ বাবে সমাজবাদী অৰ্থনীতিৰ ছোভিয়েট ইউনিয়নৰ গৌৰৱোজ্জ্বল ভূমিকাৰ কথা সমাজতন্ত্ৰৰ বিৰোধীসকলেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। বিশ্বৰ জনসাধাৰণৰ চকু বন্ধ কৰি ৰাখিব পৰা নাই কোনোৱে। তেওঁলোকে স্পষ্টভাৱে দেখিছে যি সময়ত উন্নত পুঁজিবাদী দেশসমূহত দাৰিদ্ৰ পীড়িত লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈছে সেই সময়ত চীনৰ দৰে ১৩০ কোটি লোকৰ জনসংখ্যাৰ দেশত সমাজবাদী অর্থনীতিয়ে জনসাধাৰণক দৰিদ্ৰ অৱস্থাৰ পৰা মুক্ত কৰিছে। লেটিন আমেৰিকাৰ এখনৰ পাছত এখন দেশে নিজৰ দেশৰ জনসাধাৰণক দাৰিদ্ৰ পৰা মুক্ত কৰাৰ বাবে পুঁজিবাদী অর্থনীতিৰ পৰিৱৰ্তে সমাজবাদী অর্থনীতি গ্ৰহণ কৰিছে। মানৱ সমাজৰ দুখ-দুর্দশাৰ অৱসানৰ ক্ষেত্ৰত পুঁজিবাদী উৎপাদন ব্যৱস্থা খাপ নোখোৱা হৈ পৰিছে। সেইটো অতি সুস্পষ্টভাৱে প্ৰমাণিত হ'ল বৰ্তমানৰ পুঁজিবাদী অৰ্থনীতিৰ বিশ্ব মহাসংকটৰ পৰা। দৰিদ্ৰতা, নিবনুৱা সমস্যা, প্ৰশাসনীয় দুর্নীতি, নৈতিক অধঃপতন, অপসংস্কৃতি, অমানৱীয়তা আদিক নির্মূল কৰাৰ কোনো পৰিস্থিতি নাই পুঁজিবাদী সমাজ ব্যৱস্থাত - এইসমূহ এই সমাজ ব্যৱস্থাৰ অঙ্গাঙ্গী। সেয়ে আজিৰ পুঁজিবাদী অৰ্থনীতিৰ দেশসমূহ ক্রমবর্ধমান দৰিদ্ৰতা, নিবনুৱা, নৈতিক অধঃপতন, দুৰ্নীতিৰ সমস্যাত বুৰ গৈছে আৰু পুঁজিবাদী দেশসমূহৰ পৰস্পৰৰ মাজত সংকুচিত হৈ পৰা পণ্যৰ বজাৰৰ কাৰণে তীব্র প্রতিদ্বন্দ্বিতা, জাতীয় তিক্ততা আদিৰ চূড়ান্ত প্ৰকাশ ঘটিছে। এনেকুৱা এক পৰিস্থিতিত আমেৰিকা-ইউৰোপৰ পুঁজিপতিসকলে নিজৰ দেশত যেনেকৈ নতুন চাহিদা সৃষ্টিৰ চেষ্টা কৰিছে তেনেকৈ বিশ্ব বজাৰৰ দখলৰ পৰিধি বিস্তাৰৰ চেষ্টা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি অ'বামাৰ অতি সম্প্রতি ভাৰত ভ্ৰমণৰ কাৰণো সংকুচিত হৈ পৰা পণ্যৰ বজাৰৰ সন্ধান। যোৱা ১১ আৰু ১২ নৱেম্বৰত অনুষ্ঠিত হোৱা জি-২০ শীর্ষ সম্মিলনতো পণ্যৰ বজাৰৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে হাহাকাৰ। চীনৰ ওপৰত প্ৰচণ্ড হেঁচা - চীনৰ মুদ্ৰাৰ মূল্য বৃদ্ধি কৰিব লাগে। বিশ্ব বাণিজ্য সংস্থাৰ ডোহা ৰাউণ্ড - এই সকলোবোৰ পণ্য বজাৰ দখলৰ প্ৰতিযোগিতা। সমাজবাদী অর্থনীতিৰ লক্ষ্য হ'ল সমাজত যুগ যুগ ধৰি গঢ়ি উঠা শোষণৰ ব্যৱস্থা, উচ্চ শ্ৰেণীৰ দ্বাৰা জনসাধাৰণৰ নিপীড়ন, মানুহৰ মাজত বৈষম্য নিৰ্মূল কৰাহে, উচ্চ লাভৰ বাবে পণ্যৰ বজাৰ দখলৰ লক্ষ্য নহয়। ফুকুয়ামা বা পুঁজিবাদী অৰ্থনীতিৰ বুদ্ধিজীৱীসকলে জোৰ জবৰদস্তি কৰি ইতিহাস শেষ কৰিব নোৱাৰে - সমাজৰ দ্বন্দ্বই ইতিহাসক আগবঢ়াই লৈ যাব - যেতিয়ালৈ মানুহৰ মাজত দ্বন্দ্বৰ শেষ নহয়, ইতিহাসৰ শেষ নহয়। এইক্ষেত্ৰত মার্ক্সে কোৱা কথা এষাৰলৈ মনত পেলাব পাৰি "বাস্তৱ জীৱনৰ উৎপাদন পদ্ধতিয়েই সাধাৰণভাৱে সমাজৰ সামাজিক ৰাজনৈতিক আৰু চিন্তামূলক জীৱনটো নিৰ্ধাৰণ কৰি দিয়ে। মানুহৰ চেতনাই মানুহৰ অস্তিত্ব নিৰ্ধাৰণ নকৰে, বৰং বিপৰীতভাৱে মানুহৰ সামাজিক অস্তিত্বই মানুহৰ চেতনা নিৰ্ধাৰিত কৰি দিয়ে।" (Critic of Political Economy preface) 00 ২৬ নৱেম্বৰ, ২০১০ চন দুর্নীতিয়ে এতিয়া নীতি থুৰাৰ ৰজা কংশই বালক কৃষ্ণক হত্যা কৰাৰ অভিসন্ধিৰে পূতনা নামৰ এজনী ৰাক্ষসীক ব্রজধামলৈ পঠাইছিল। পূতনাৰ ৰাক্ষসীয়ে মাতৃৰূপ ধাৰণ কৰি স্তনত বিষ ঘঁহি কৃষ্ণক স্তনপান কৰাই হত্যা কৰাৰ চেষ্টা কৰিছিল। পূতনা ৰাক্ষসীৰ মাতৃমূৰ্তি সংহাৰধৰ্মী ; অৰ্থাৎ এই ঘটনাটোৰ পৰা প্ৰকাশিত হৈছে যে মাতৃ ৰূপ লৈ সন্তানক গাখীৰ খুওৱাৰ ভাও পালেই প্রকৃত মা নহয়। কোনো এখন দেশৰ চৰকাৰে যদি জনসাধাৰণৰ উন্নয়ন, কল্যাণৰ পক্ষৰ ভাও লৈ চৰকাৰ গঠন কৰে মাতৃ পুতনা ৰাক্ষসীৰ দৰে চৰকাৰখনে জনসাধাৰণক সংহাৰ কৰাৰ অভিসন্ধিত লিপ্ত হয়, চৰকাৰখন জনসাধাৰণৰ প্ৰকৃত চৰকাৰ হ'ব নোৱাৰে। ভাৰতত জাতীয় চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ প্ৰায় ৬৩ বছৰ হৈ গ'ল। প্ৰথম অৱস্থাত দুর্নীতি, নৈতিক অধঃপতনৰ ঘটনা এটা-দুটা আছিল যদিও সমগ্ৰ চৰকাৰী যন্ত্ৰটোতে বিয়পি পৰা নাছিল । যোৱা ২০/২৫ বছৰে দুৰ্নীতি, নৈতিক অধঃপতন, জনসাধাৰণৰ উন্নয়নৰ বাবে জমা হোৱা চৰকাৰী কোষাগাৰৰ ধন লুটপাত আদি প্ৰতিষ্ঠানিক হৈ পৰিছে, সমগ্ৰ চৰকাৰী যন্ত্ৰটোৱেই দূষিত হৈ পৰিছে। ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনৰ বফ'ৰ্ট কেলেংকাৰিৰ পৰা মন্ত্ৰী বুটা সিঙৰ কেলেংকাৰি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে উৎকোচ লোৱা আদি দুৰ্নীতিৰ ঘটনাৰ আৰম্ভণিৰে আজি কেইবছৰমানে সঘনে এটাৰ পাছত আনটো দুর্নীতি, নৈতিক অধঃপতনৰ ঘটনাৰ বিস্ফোৰণ ঘটিছে। যোৱা এবছৰৰ ভিতৰতে অসমত উত্তৰ কাছাৰ পাহাৰ জিলাৰ চৰকাৰী ধন হাজাৰ কোটি টকাৰ হৰলুকি, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মধুকোড়াই কৰা হাজাৰ কোটি টকাৰ লুট, কমনৱেল্থ গেমছ বহু শ কোটি আত্মসাৎ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অশোক চৱনৰ আদৰ্শ হাউছিং ছোচাইটিৰ কেলেংকাৰি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এডুৰাপাৰ বেআইনীভাৱে আইৰণ ওৰ মাইনিঙৰ লাইচেন্স প্রদানেৰে বহু হাজাৰ কোটি লেন-দেনৰ অভিযোগ আৰু বেআইনী মাটি বিতৰণ আদি বহু দুৰ্নীতি আৰু কোষাগাৰৰ ধন আত্মসাতৰ ঘটনা আদি পোহৰলৈ আহিছে। বিভিন্ন বিৰোধী দলে বহুদিনৰ পৰা অভিযোগ কৰি অহা ২-জি স্পেকট্রাম লাইচেন্স প্ৰদানৰ অনিয়ম আৰু ধন আত্মসাতৰ অভিযোগ শেষত চৰকাৰী অডিত বিভাগ চি এ জিত নিশ্চিত কৰিলে যে উক্ত লাইচেন্স প্রদানত চৰকাৰৰ ১,৭৬০০০ কোটি টকা লোকচান হৈছে। বাওঁ দলসমূহে লাইচেন্স বিতৰণৰ যিবোৰ অভিযোগ আনিছিল চি এ জিয়ে সেইবোৰ সঁচা বুলি স্পষ্ট কৰি দিছে। ২-জি স্পেকট্রাম কেলেংকাৰি বৃহত্তম কেলেংকাৰিত পৰিণত হৈছে আৰু বিভিন্ন বিষয়া, কর্পোৰেট প্রতিষ্ঠানকে ধৰি টেলিকম মন্ত্রী এ ৰাজা মুখ্য অপৰাধী বুলি চিহ্নিত হৈছে। পার্লিয়ামেণ্ট তথা দেশত ২-জি কেলেংকাৰিৰ হুলস্থুল হৈ থকা অৱস্থাতে জীৱন বীমা হাউছিং ফাইনেন্সৰ আন এটা কেলেংকাৰিৰ বিস্ফোৰণ ঘটিছে। দেশখনৰ অৰ্থনৈতিক, ৰাজনৈতিক সমাজ ব্যৱস্থা তথা চৰকাৰী সমকালীন অর্থনীতিঃ বিকল্পৰ অন্বেষণ (দুই) যন্ত্ৰৰ সৰ্বত্ৰ কেন্সাৰ ৰোগৰ দৰে দুৰ্নীতিৰ প্ৰসাৰ ঘটিছে। কোর্ট-কাছাৰী, পঞ্চাযত, পৌৰনিগম সকলো চৰকাৰী কাৰ্যালয়ত ভেটি দিলেহে কাম কৰা সংস্কৃতিৰ সৃষ্টি হৈছে। জনসাধাৰণৰ জীৱন-জীৱিকাৰ উন্নযনৰ আঁচনি, দেশৰ উন্নয়নৰ আঁচনিৰ অধিকাংশ ধনেই আত্মসাৎ কৰে দুষ্ট চক্ৰই। এই দুৰ্নীতিৰ সংস্কৃতি মজ্জাগত হৈ পৰিছে, প্ৰতিষ্ঠানিক ৰূপ লৈছে। ভূতপূৰ্ব ভাৰতৰ চেণ্ট্ৰেল ভিজিলেন্স কমিচনাৰ প্ৰত্যুশ সিন্হাই কৈছে "If somebody has a lot of money, he is respectable Nobody questions by what means he has got the money" আজিৰ ভাৰতৰ সমাজ জীৱনত বহু ৰাজনৈতিক লোক, ব্যৱসায়ী, চৰকাৰী আমোলাতন্ত্ৰৰ লোকে অগাধ ধন-সম্পত্তিৰ মালিক হৈছে। তেওঁলোক সমাজত সন্মানীয় আৰু পৰাক্ৰমী শক্তি। ভাৰতত ধন থাকিলে যিকোনো বেআইনী তথা অপৰাধমূলক কাম কৰিব পাৰে, কোনো ধৰণৰ শাস্তি নহয। দেশত আয়কৰ বিভাগ, চি আই ডি, চি বি আই, বিত্তীয় অপৰাধ বিভাগ, অ'ডিত আদি বহু বিভাগ আছে। প্রায় ৯৯ শতাংশ অপৰাধৰ ক্ষেত্ৰত এইসমূহ অকামিলা। ৰাজনৈতিক লবিত চৰকাৰী যন্ত্ৰ আৰু ক'পোৰেটৰ লুটপাতৰ প্ৰকোপে দেশৰ ৭০/৮০ শতাংশ লোকৰ জীৱনলৈ দুৰ্গতিৰ অভিশাপ কঢ়িয়াই আনিছে। আশী শতাংশ লোকৰ বাবে আমাৰ দেশৰ চৰকাৰখন পূতনা ৰাক্ষসী মাতৃৰ নিচিনা হৈছে। পূতনা ৰাক্ষসীয়ে যেনেকৈ মাতৃৰূপে শিশু কৃষ্ণক সংহাৰ কৰাৰ চেষ্টা কৰিছিল, বৰ্তমানৰ বিশ্বায়নৰ অৰ্থনীতিৰ তত্ত্বৰ চৰকাৰসমূহে জনসাধাৰণৰ চৰকাৰৰ ভেশচন লৈ ভাৰতৰ আশী শতাংশ লোকক সংহাৰ কৰিব নেকি। বাস্তৱত এনেধৰণৰ পৰিস্থিতিয়েই বিৰাজ কৰিছে ভাৰতবৰ্ষত। যোৱা ১১ অক্টোবৰত খাদ্যনীতি গৱেষণা প্রতিষ্ঠান (Food policy research Institute ) নামৰ এটি আন্তর্জাতিক অনুষ্ঠানে প্রস্তুত কৰা বিশ্ব ক্ষুধা সূচক - ২০১০ (Global Hunger Index - 2010) অনুযায়ী ভাৰতত অধিকসংখ্যক লোক খাদ্যৰ অভাৱত লঘোনে থাকে আৰু উক্ত সংগঠনটোৱে পিযল কৰা ৮৪ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৬৭। সংগঠনটোৰ সমীক্ষা মতে ভাৰতৰ জনসাধাৰণৰ অৱস্থা নেপাল, শ্রীলংকা, পাকিস্তান, ম্যানমাৰতকৈও বেযা। শ্রীলংকাৰ স্থান ৩৯, ম্যানমাৰৰ ৫০, পাকিস্তানৰ ৫২, নেপালৰ ৫৬। সমীক্ষাটোত দেশসমূহক চাৰিটা ভাগত ভাগ কৰিছে- ১) মধ্যমীয়া (Moderate), ২) গুৰুতৰ (Serious), ৩) বিপজ্জনক (Alarming), 8 ) অতি বিপজ্জনক (Extremely Alarming)। ভাৰতে স্থান পাইছে বিপজ্জনক কেটগৰিত। শ্রীলংকা, ম্যানমাৰ, পাকিস্তানৰ স্থান উন্নত গুৰুতৰত । ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ পৃথিৱীত দ্বিতীয়। চীন প্রথম বছৰি ৮/৯ শতাংশ হাৰত ভাৰতৰ অৰ্থনৈতিক উন্নয়ন হয়। এই অর্থনৈতিক উন্নয়নৰ ভাগ জনসাধাৰণে পোৱা নাই। পূতনা ৰাক্ষসীৰূপী ভাৰত চৰকাৰে দেশৰ জনসাধাৰণক সংহাৰ কৰি অৰ্থনৈতিক উন্নয়নৰ সকলো লাভালাভেই দেশৰ পৰাক্ৰমী ৰাজনৈতিক, আমোলাতান্ত্রিক, ক'ৰ্পোৰেট লবিটোক হস্তগত কৰাৰ সুবিধা কৰি দিছে। উক্ত সমীক্ষাৰ চীন দেশৰ স্থান ৯ আৰু এক নম্বৰ কেটগৰী মধ্যমীযাত। Global Financial Integrity (GFI)ৰ সমীক্ষা মতে চুইছ বেংক, আমেৰিকান বেংক আৰু বিশ্বৰ বিভিন্ন কৰহীন দেশত ভাৰতৰ এই পৰাক্ৰমী গোষ্ঠীটোৰ ক'লা ধন ২১ লাখ কোটি টকা (৪৬২ বিলিয়ন ডলাৰ) বিনিয়োগ কৰিছে। এই ধনসমূহ হস্তগত কৰিছে ১৯৪৮ৰ পৰা ২০০৮ চনৰ ভিতৰত। ইয়াৰ উপৰি দেশৰ ভিতৰতে ক'লা ধন ৮৫ লাখ কোটি টকা (১৭৮ বিলিয়ন ডলাৰ) ঘূৰি আছে। উক্ত প্রতিষ্ঠানটোৰ সমীক্ষা মতে অর্থনৈতিক সংস্কাৰৰ আগত ১৯৪৮-১৯৯০ চনৰ মাজত ভাৰতৰ মুঠ অৰ্থনীতিৰ ২৭ শতাংশ আছিল ক'লা ধন। ১৯৯১-২০০৮ চনৰ মাজত অৰ্থনীতিৰ সংস্কাৰৰ সময়ছোৱাত ক'লা ধনৰ পৰিমাণ হয় ভাৰতবৰ্ষৰ মুঠ অৰ্থনীতিৰ ৪৩ শতাংশ। ভাৰতৰ সীমাহীন দুৰ্নীতি, নৈতিক অধঃপতন কেতিয়া শেষ হ'ব? হুলস্থুল হৈছে - লোকসভাত আলোড়নৰ সৃষ্টি হৈছে; কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিলে দুর্নীতি, নৈতিক অধঃপতনৰ শেষ হ'ব? প্ৰকৃততে দুৰ্নীতি আৰু নৈতিক অধঃপতন আজিৰ অৰ্থনৈতিক ব্যৱস্থাই সৃষ্টি কৰিছে। ১৯৯০ চনৰ আগৰ ভাৰতৰ পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত দুর্নীতি, নৈতিক অধঃপতন সীমিত আছিল। ১৯৯১ চনত ভাৰতৰ অৰ্থনীতি বিশ্বায়ন, নব্য-উদাৰ নীতিলৈ পৰিৱৰ্তনৰ বাবে দুৰ্নীতি সীমাহীন হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে। মানৱ জাতিয়ে ক্রমবিকাশৰ স্তৰে স্তৰে তেওঁলোকৰ কাম, ক্রোধ, লোভ, মোহ প্রভৃতি আদিম বৃত্তিসমূহ ক্ৰমাত সংযমৰ বন্ধনত আনি সামাজিক ক্ষেত্ৰৰ উন্নয়ন কৰিছিল। আজিৰ বিশ্বায়ন অর্থনীতিয়ে ইয়াৰ মৌলিক স্বাৰ্থত এই সংযমৰ বান্ধোনক ক্ৰমে ক্ৰমে চূর্ণবিচূৰ্ণ কৰি দিছে। কার্ল মার্ক্সে কৈছিল ধনতান্ত্রিক সমাজৰ মূল্যবোধটো 'naked self interest' মনোবৃত্তিৰ। "ফ্রি মাৰ্কেট', 'ফেয়াৰ কম্পিটিচন' আৰু 'প্রাইভেট প্ৰ'পার্টি'ত মানুহক এক সমাজ বিচ্ছিন্ন একক, নগ্ন, আত্মস্বাৰ্থপৰ সত্তাত পৰিণত কৰে।'a man who is concerned only with himself and does not care a rat for anybody else (Lenin)'। মানুহৰ কাম, ক্রোধ, লোভ, মোহ নৈতিক অধঃপতন আৰু বেছি উদ্দীপিত কৰি দিছে বিশ্বায়ন, মুক্ত বজাৰ অৰ্থনীতিয়ে । আত্মকেন্দ্ৰিকতা, লোভ, অমানৱীয়তা, স্বাৰ্থপৰতা আদি দুৰ্গুণৰ প্ৰবৃত্তি বিশ্বায়ন অৰ্থনীতিৰ এটা প্ৰধান উপাদান। সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিৱৰ্তে নিজৰ প্ৰতি দায়বদ্ধতাৰ সংস্কৃতি আনিছে বিশ্বায়নে। বিশ্বব্যাপী পুঁজিবাদী বিশ্বায়নৰ মকৰাজালৰে ৮০ শতাংশ বঞ্চিত লোকক মেৰিয়াই ৰাখিছে। ফলত সমাজত বঞ্চিত লোকৰ অৱস্থাৰ উন্নয়নৰ পৰিৱৰ্তে ব্যক্তিগত অৱস্থাৰ উন্নয়ন চিন্তাই প্রাধান্য পাইছে। এ ৰাজা, অশোক চৱনৰ মন্ত্ৰীত্ব গ'ল, কেইদিনমানৰ বাবে হয়টো জেইললৈ যাব। আকৌ জামিনত জেইলৰ পৰা ওলাই আহিব। সমাজত স্বাভাৱিক জীৱন-যাপন কৰিব। মন্ত্রীত্ব নাপালেও কোম্পানী খুলি বৃহৎ ব্যৱসায় আৰম্ভ কৰিব। দেশত কিন্তু বিশ্বায়নৰ অৰ্থনীতি চলিয়েই থাকিব। দুৰ্নীতি, ভ্ৰষ্টাচাৰ জন্ম দিয়াৰ মূল উৎস থাকিয়েই যাব। বিশ্বায়নৰ অৱসান নহ'লে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, নৈতিক অধঃপতনৰ অৱসান হ'ব জানো? ভিত্তি (structure) ধ্বংস নহ'লে উপৰিসৌধৰ (superstructure) মৃত্যু নহয়। 00 ৩ ডিচেম্বৰ, ২০১০ চন ১৪৬, MINATION AN \\\\\\\\\\\ সমকালীন অর্থনীতি ঃ বিকল্পৰ অন্বেষণ (দুই)
pdf
5dd4e549dbc852e19a18e91fa84049e5
Taf in Assamese ৰ ব্যৱহাৰ, পালি, পাৰ্শ্চক্ৰিয়া, উপকাৰ, ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সতৰ্কতাবাণী - Taf ar byavahar, ppali, parshwakriya, upkaar, kriya-pratikriya aaru satarkatabani\nTaf की जानकारी\nTaf ৰ লাভ আৰু ব্যৱহাৰসমূহ- Taf Benefits & Uses in Assamese- Taf ar laabh aaru byavaharsamuh\nTaf ৰ পালি আৰু সেয়া কেনেদৰে ল'ব- Taf Dosage & How to Take in Assamese - Taf ar paali aaru xeya kenedore lobo\nTaf ৰ পাৰ্শ্চক্ৰিয়াসমূহ- Taf Side Effects in Assamese- Taf ar parshwakriyasamuh\nTaf সংক্ৰান্ত সতৰ্কতাবাণীসমূহ- Taf Related Warnings in Assamese- Taf xonkranta xatarkatabanisamuh\nঅইন দৰৱৰ সৈতে Tafৰ গুৰুতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া- Severe Interaction of Taf with Other Drugs in Assamese- Oinor xoite Taf ar gurutor kriya-pratikriya\nTaf মতভেদসমূহ- Taf Contraindications in Assamese- Taf nishedhsamuh\nTaf ৰ বিষয়ে সততে সোধা প্ৰশ্নসমূহ- Frequently asked Questions about Taf in Assamese- Taf ar bikhoye satate xodha prashnasamuh\nখাদ্য আৰু মদৰ সৈতে Taf ক্ৰিয়া-প্ৰতিক্ৰিয়া- Taf Interactions with Food and Alcohol in Assamese- khadya aaru modor xoite Taf kriya-pratikriya\nTaf ৰ লাভ আৰু ব্যৱহাৰসমূহ - Taf Benefits & Uses in Assamese - Taf ar laabh aaru byavaharsamuh\nTaf তলত দিয়াবোৰৰ চিকিত্সাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় -\nTaf ৰ পালি আৰু সেয়া কেনেদৰে ল'ব - Taf Dosage & How to Take in Assamese - Taf ar paali aaru xeya kenedore lobo\nTaf-ৰ উপাদানসমূহ - Taf Active Ingredients in Assamese - Taf-ar upadaansamuh\nTaf ৰ পাৰ্শ্চক্ৰিয়াসমূহ - Taf Side Effects in Assamese - Taf ar parshwakriyasamuh\nগৱেষণাৰ ভিত্তিত, Taf ব্যৱহাৰৰ ক্ষেত্ৰত তলত দিয়া পাৰ্শ্চক্ৰিয়া প্ৰত্যক্ষ কৰা হৈছে -\nTaf সংক্ৰান্ত সতৰ্কতাবাণীসমূহ - Taf Related Warnings in Assamese - Taf xonkranta xatarkatabanisamuh\nTaf-ৰ ব্য়ৱহাৰ গৰ্ভৱতী মহিলাৰসকলৰ বাবে নিৰাপদনে?\nTaf গৰ্ভৱতী মহিলাৰ বাবে সুৰক্ষিত।\nTaf-ৰ ব্য়ৱহাৰ কেচুৱাক বুকুৰ গাখীৰ খুৱাই থকা মহিলাসকলৰ বাবে নিৰাপদনে?\nTaf স্তন্যপায়ী মহিলাৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত।\nবৃক্কত Taf কি প্ৰভাৱ দেখা গৈছে?\nবৃক্ক ৰ বাবে Taf সম্পূৰ্ণৰূপে সুৰক্ষিত।\nযকৃতত Taf কি প্ৰভাৱ দেখা গৈছে?\nকলিজা ৰ বাবে Taf ক্ষতিকাৰক নহয়।\nহৃদযন্ত্ৰৰ ক্ষেত্ৰত Taf ৰ কি প্ৰভাৱ দেখা গৈছে?\nহৃদয় ৰ বাবে Taf সম্পূৰ্ণৰূপে সুৰক্ষিত।\nঅইন দৰৱৰ সৈতে Tafৰ গুৰুতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া - Severe Interaction of Taf with Other Drugs in Assamese - Oinor xoite Taf ar gurutor kriya-pratikriya\nTaf তলত দিয়া দৰৱৰ সৈতে লোৱা উচিত যিহেতু ই ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে -\nTaf মতভেদসমূহ - Taf Contraindications in Assamese - Taf nishedhsamuh\nআপুনি যদি তলত দিয়া যিকোনো এবিধ ৰোগৰ সমুখীন হৈ আছে, আপুনি তেন্তে ডাক্তৰৰ পৰামৰ্শ অবিহনে Taf লোৱা অনুচিত যাতে -\nTaf ৰ বিষয়ে সততে সোধা প্ৰশ্নসমূহ - Frequently asked Questions about Taf in Assamese - Taf ar bikhoye satate xodha prashnasamuh\nএই Taf-এ অভ্য়াস বা নিচাৰ সৃষ্টি কৰে নেকি?\nনহয়, আপনি Tafৰ প্ৰতি আসক্ত নহয়।\nহয়, Taf লোৱাৰ পিছত এনে কাৰ্যকলাপ বা কাম কৰা নিৰাপদ যিহেতু ই আপোনাক তন্দ্ৰাচ্ছন্ন নকৰে।\nহয়, কিন্তু ডাক্তৰৰ পৰামৰ্শ মতেহে Taf লওক।\nনহয়, মানসিক ৰোগৰ চিকিত্সাৰ ক্ষেত্ৰত Tafৰ ব্যৱহাৰ প্ৰভাৱশালী নহয়।\nখাদ্য আৰু মদৰ সৈতে Taf ক্ৰিয়া-প্ৰতিক্ৰিয়া - Taf Interactions with Food and Alcohol in Assamese - khadya aaru modor xoite Taf kriya-pratikriya\nখাদ্য আৰু Tafৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া\nখাদ্যৰ সৈতে Taf লোৱাটো স্বাভাৱিক।\nমদ আৰু Tafৰ মাজৰ প্ৰতিক্ৰিয়া\nTafৰ সৈতে মদ্যাপনে কোনো হানিকাৰক প্ৰভাৱ নেপেলায়। যাহওক, আপুনি যদি তেনে কৰে, তেন্তে অনুগ্ৰহ কৰি সাৱধান হওক।\nTaf ৰ অনুকল্প - Substitutes for Taf in Assamese\nআপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই Taf লয় নেকি? অনুগ্ৰহ কৰি এটা সমীক্ষাত ভাগ লওক আৰু আনকো সহায় কৰক\nআপুনি চিকিৎসকে নিদান আগবঢ়োৱা Taf ব্যৱহাৰ কৰিছিল নেকি?\nআপুনি কিমান পৰিমাণে Taf সেৱন কৰিছিল?\nআপুনি Taf ভোজন কৰাৰ আগত নে পাছত সেৱন কৰিছিল?\nআপুনি কোন সময়ত Taf সেৱন কৰে?
web
a5cb1c217490c7a3a95e09c90d37d4ebd39205b1800140a3e1eea186e9df3443
অসমীয়া ভাষা-সাহিত্যলৈ বাঁহীৰ অৱদান : সম্পাদক বেজবৰুৱাৰ কৃতিত্ব/২১৩ থৈয়া-নথৈয়া যুদ্ধত পদার্পণ কৰিছিল। অসমীয়াৰ অপপ্ৰচাৰ, অসমীয়া ভাষাৰ অপপ্ৰচাৰ নাইবা অসমৰ বিৰুদ্ধে কোৱা কথাৰ প্ৰতিবাদ কৰিবলৈ বেজবৰুৱাই 'বাঁহী'ৰ পাতত সিংহমূৰ্তি ধাৰণ কৰিছিল। সেই অৱস্থাত বেজবৰুৱাৰ মনত সৃষ্টি হোৱা বিষোদ্গাৰৰ পৰাই তেওঁৰ কলমেৰে অমৃতময় লিখনীৰ সৃষ্টি হৈছিল; সেই অমৃত সুধা পান কৰি অসম-অসমীয়াৰ বিৰোধীজনো উপকৃত হৈছিল। 'অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য সভা সম্পর্কীয় প্ৰবন্ধটোৱে ইয়াৰ লন্ত প্রমাণ দাঙি ধৰিব। এই প্রসংগত ডঃ বাণীকান্ত কাকতিদেৱে কৈছে : "... 'বাঁহী' নতুনকৈ ওলাইছে। আমি 'অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য সভা' বুলি ধাৰাবাহিক বেজবৰুৱাৰ পৰা যি তিতা-মিঠা ৰস মিহলোৱা প্ৰবন্ধ কেতবোৰ ওলাইছিল, তাৰ ভিতৰত বেজবৰুৱাৰ অফুৰন্ত হাস্যৰসৰ কথাবোৰে আমাক বৰকৈ আমোদ দিছিল আৰু হাস্যৰসৰ ধুমুহাকেই আমি ততকৈও বেছি প্রবল যেন পাইছিলো। তাৰ ভিতৰত সভাপতিক লক্ষ্য কৰি কোৱা 'বিদ্যাবিনোদ ভায়া' আদি কেতবোৰ কথা কলেজত পঢ়োতেও অধ্যাপক বিদ্যাবিনোদক দেখিলে মনত পৰিছিল। সেই যে বিদেশী প্ৰভাৱৰ বিৰুদ্ধে আত্মমর্য্যাদা জাগি উঠিল, তাৰ কোবত প্রবাসীয়ে আৰু বেছি দিনলৈ মূৰ দাঙিব নোৱাৰিলে। তাৰ পিছত কামাখ্যা পৰ্ব্বতত আৰু এবাৰ বঙ্গীয় সাহিত্য-পৰিষদ বহিছিল। তাৰ পিছতে আৰু অসমৰ পৰা ইয়াৰ তিৰোধান।" সম্পাদক হিচাপে তেওঁ অপ্রিয় হ'লেও সত্যক প্ৰকাশ কৰাত সদায় আগ্রহী আছিল। হাতত লৈ, যেতিয়াই যেনে প্রয়োজন, সেইমতেই তাক সুৰ-সংযত কৰিব ধৰিলে।" এয়া বেজবৰুৱাৰ কৃতিত্বৰে পৰিচায়ক। 'বাঁহী'ৰ তৃতীয় সংখ্যাত এখনি চিত্র সংযোজিত হৈছে, য'ত বুকুত মেঠনি মৰা এগৰাকী নাৰীয়ে বাঁহী বজাই আছে; ওচৰত পেখম্ ধৰি থকা এটি ম'ৰা চৰাই। এই চিত্র সম্পর্কে শ্রীশ্রীআউনীআটীয়া গোস্বামীয়ে 'নিৰ্ম্মানি' (১ ম বছৰ ৮ ম সংখ্যা) কবিতাত লিখিলে : "আজি ৰাতি দহ বজাত স্নান কৰি আহি। পঢ়িবলৈ ধৰোতে পৰিল হাতত 'বাঁহী' ।। ময়ূৰ পক্ষীয়ে পাখি কৰি পাহি পাহি। বাঁহীত নাচিছে ম'ৰা দেখি উঠিল হাঁহি ।। নন্দৰ নন্দনে বাঁহীত ম'ৰা নচুৱায়। ব্রজবাসী গোপীগণে বেৰি বেৰি চায়।। আজিকালি কলিকতাত ৰাধাই বজায়। বুকুত মেঠনি মাৰি ম'ৰা নচুৱায়।। ৰাধাৰ মুৰুলি ধ্বনি শুনিবলৈ কেনে। সম্পাদক মহাশয় বৰুৱাইহে জানে ।। আমিও নেজানো গুণ নুশুনিলে কাণে। ইমান দূৰৰ পৰা বুজাব নো কোনে ।। ৰাধাই এদিন বাঁহী বজাইছিল হেনো। কাইছিল কৃষ্ণই ইয়াকেহে জানো।। নাহিল শৰীৰৰ ভাঁজ, নেভাগিল জানু। হাঁহি উঠি গুচি গ'ল বৃন্দাবনৰ কানু ।। ৰাধাই বজাই বাঁহী ক'তো শুনাই নাই। উত্তৰ পঠাব মোলৈ বেজবৰুৱাই।" বেজবৰুৱাই কোনো প্রতিবাদ নকৰি কবিতাটো 'বাঁহী'ত কৰিছে। গোস্বামীদেৱলৈ সম্মান জনाই বেজবৰুৱাই সেই ছবি 'বাঁহী'ৰ পাতৰ পৰা আঁতৰাই দিলে। সম্পাদকৰ এনে মহান ব্যক্তিত্বৰে 'বাঁহী' অধিক অলংকৃত হৈ পৰিছিল। অতুলচন্দ্ৰ হাজৰিকাৰ ভাষাত, "বাঁহীৰ প্রথম তিনি বছৰমান প্রায় প্রতি সংখ্যাতে 'কৃপাবৰ বৰুৱাৰ সামৰণি' শিতানত কিছুমান কার্টুন বা কৌতুক চিত্র প্রকাশ হৈছিল। আজিকালি এনে ব্যঙ্গ চিত্ৰৰ প্ৰচলন ভাত-মাছ খোৱা কথা হৈছে যদিও সেই কালত সমালোচনাৰ বিকল্প পৰিপূৰক হিচাপে আগৰণুৱা হৈ ইয়াক প্ৰৱৰ্তন কৰিব পৰাত বেজবৰুৱাৰ কৃতিত্ব নিশ্চয় উলাই কৰিব পৰা বিধৰ নহয়।" লক্ষ্মীনাথ বেজবৰুৱাই কেৱল আলোচনীখন জীয়াই ৰখাটোতে গুৰুত্ব দিয়া নাছিল, আলোচনীখনকে উপযুক্ত মাধ্যম হিচাপে লৈ বুদ্ধি আৰু কলমেৰে অসমীয়া ভাষা-সাহিত্যক ন্যায্য স্থানত প্রতিষ্ঠিত কৰিবলৈ প্রথম বছৰ ২য় সংখ্যাৰ 'সম্পাদক চ'ৰা' 'বাঁহীৰ আত্মকথা'ত বেজবৰুৱাই লিখিছেঃ "কাৰ্য্যক্ষেত্ৰত সোমাই নিজৰ ক্ষুদ্ৰ শক্তি অনুসৰি লাহে লাহে কাম কৰি যোৱাটোহে বাঁহীৰ ইচ্ছা। কাৰ্য্যহে যোগ্যতা-অযোগ্যতাৰ চিনাকি, ডাঙৰ দীঘল জাননী নহয়। ক্ষুদ্র বাঁহী টিকিবৰ অযোগ্য হ'লে ৰসাতললৈ যাব আৰু যোগ্য হলে ওপৰলৈ উত্থাব, এইটো নিশ্চয়। ...যদি আমাৰ এই ক্ষুদ্র নগণ্য বাঁহীৰ বিনাশ ঘটে, তেন্তে তাৰ নিমিত্তে আমিহে জগৰীয়া, গ্ৰাহকসকল নহয়। আমি নিজৰ ত্রুটি আৰু যোগ্যতাৰ অভাৱত টিকিব নোৱাৰিম, অথচ গ্ৰাহকৰ গাত সোপাকে দায় দি নিজৰ গাটোত এপোছ ধল সানি তাক বগাকৈ দেখুৱাম এনে অভিপ্রায় আমাৰ নাই। আমাৰ কাকতক গ্ৰাহকৰ লাগতিয়াল কৰি তুলিব পাৰিলে, আমি গ্ৰাহকসকলৰ অনুগ্ৰহৰ পৰা বঞ্চিত নহওঁ বুলি আমাৰ বিশ্বাস। আৰু এটি কথা, আমি যদি বতৰত ওলাব নোৱাৰি, ফেনাই খোৱা মুজুৰা আৰু আবতৰীয়া হৈ ওলাই
pdf
a8d7ea6005dac7ea4cdd8b708cea182bf93bb8a9
নৰ সংহাৰী ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২১ দিনীয়া ল'কডাউন ঘোষণা কৰাৰ পিছৰে পৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী অধিক কঠোৰ হৈ পৰিছে। ঠাইয়ে ঠাইয়ে ঘৰ তথা পথলৈ ওলাই অহা লোকক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে। পশ্চিমবংগত আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত মৃত্যু ঘটিছে এজন লোকৰ। মৃত লোকজনৰ পৰিয়ালে এই দাবী কৰিছে। পশ্চিমবংগৰ হাওৰাৰ ৩২ বছৰীয়া লাল স্বামী নামৰ লোৰকজনে যোৱা বুধবাৰে গাখীৰ কিনিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। আৰক্ষীৰ লোকে লোকজনক ল'কডাউন অমান্য কৰি ওলাই অহাৰ বাবে পথত অতি বৰ্বৰভাৱে লাঠিচাৰ্জ কৰি প্ৰহাৰ কৰে। আৰক্ষীৰ নিৰ্মম প্ৰহাৰত আহত লোকজনক স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষীয়ে দাবী কৰিছে যে হৃদযন্ত্ৰৰ ৰোগত ভুগি থকা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত হৃদৰোগজনিত কাৰণতহে মৃত্যু ঘটিছে।
web
f4021d16d553d0d656099da6ddc4609aba8b8677
গিৰিজানন্দ ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন'লজি চমুকৈ জিআইএমটি-গুৱাহাটীৰ ক্ৰিকেট দলটোৱে এনজিপিএল (নেমকেয়াৰ গ্ৰুপ প্ৰিমিয়াৰ লীগ)ত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা মুঠ ২৪টা দলে অংশগ্ৰহণ কৰিছিল। জিআইএমটিৰ ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙ বিভাগৰ বি টেকৰ সপ্তম ষাণ্মাষিকৰ ৱাহিদুজ জামান (জামান ৱাহিদুজ)য়ে চেম্পিয়ন দলটোৰ অধিনায়ক আছিল। জিআইএমটিৰ ক্ৰিকেট দলটো বি টেক বিভাগৰ ছাত্ৰসকলৰ দ্বাৰা গঠিত হৈছিল। চেম্পিয়ন হোৱাৰ সূত্ৰে জিআইএমটিৰ দলটোৱে ট্ৰফীৰ লগতে নগদ ৪০,০০০টকা পুৰস্কাৰ হিচাপে লাভ কৰে। জিআইএমটিৰ দলটোৱে লাভ কৰা এই কৃতিত্বৰ বাবে দলটোক জিআইএমটিৰ পৰিয়ালৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।
web
af36eed8afb39a104dcd4315a5f71c3825bc4a3d
Varieties of Bharta: বেঙেনাৰ ভৰ্তা প্ৰায় সকলো ঘৰতে বনোৱা হয় আৰু খোৱা হয়। সকলো বয়সৰ লোকৰ মাজত বেঙেনাৰ ভৰ্তা যথেষ্ট জনপ্ৰিয়। আজি আমি আপোনালোকক বেঙেনা ভৰ্তাৰ লগতে আৰু কিছুমান ভাৰতীয় ভৰ্তাৰ বিষয়ে তথ্য দিম, যিবোৰ আপুনি ঘৰত বনাব পাৰে আৰু ইয়াৰ সোৱাদ ল'ব পাৰে। এই ভৰ্তাবোৰে কেৱল আপোনাৰ খাদ্যৰ সোৱাদ বৃদ্ধি নকৰে, স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী হ'ব। আৰু এটা কথা নিশ্চিত যে এইবোৰ অতি কম সময়ৰ ভিতৰতে সাজু হৈ উঠে।
web
9f7ff3e10f2957ac3349274c654301c58ba3d7d1
অসমত পশুধনৰ বাবে মুকলি হ'ল ভ্ৰাম্যমান এম্বুলেঞ্চ। 'পশুধন সাৰথি' নামেৰে নামাকৰণ কৰা হৈছে এই এম্বুলেঞ্চ (Ambulance) সেৱাৰ। ১৬খন জিলাত ১৬খন এম্বুলেঞ্চ প্ৰদান কৰি পশু চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে এই নতুন পদক্ষেপৰ শুভাৰম্ভণি কৰে। এই অনুস্থানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী অতুল বৰা (Atul Bora), পশুপালন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া। অনুস্থানৰ মাজতে ১৩ জনক অসম চৰকাৰৰ পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে । আনহাতে ৩৭৮ জনক প্ৰশিক্ষণ দি থকা হৈছে আৰু অতি সোনকালে নিযুক্তি দিয়া হ'ব বুলি কয় মন্ত্ৰী অতুল বৰাই। ১৫৯ জন ডাক্তৰ নিযুক্তি কৰা হ'ব। এই নতুন পশুধন সাৰথি (Pashudhan Sarathi) সেৱা বিনামুলীয়া হ'ব। পশুধন নিগম আৰু পশু চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীক বান শেষ নহোৱালৈকে ছুটী দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
0806880cbecc2ce695042815824a012002132029add71b498776e49e469ce089
ৰজাঘৰীয়া বিজ্ঞানী এন্টইন, লউৰেণ্ট লেভইচিয়াৰ প্লেটো আৰু এৰিষ্ট'টলৰ দিনৰেপৰা কেইবাশও বছৰলৈ পানী আৰু বায়ু লম্বন্ধে বিজ্ঞানীসকলৰ কোনো স্পষ্ট ধাৰণা নাছিল। ভিন্ ভিন্ বিজ্ঞানীয়ে ভিন্ ভিন্ মত পোষণ কৰিছিল। এই মতসমূহৰ অন্তৰালত কোনো বৈজ্ঞানিক ভিত্তি নাছিল, কিন্তু আছিল সেই সময়ৰ দার্শনিক পণ্ডিতসকলৰ অকুণ্ঠ সমর্থন। অকল সেয়ে নহয়, এই মতসমূহৰ বেছিভাগৰে স্ৰষ্টাও সেই সময়ৰ দার্শনিকসকলেই। দার্শনিকসকলৰ মতকে সেই সময়ত সকলোৱে ধ্ৰুৱসত্যৰূপে মানি লৈছিল। পৰীক্ষা-নিৰীক্ষা কৰি প্ৰয়োজন হ'লে তাৰ বিৰুদ্ধে মাত মতাৰ সাহস সেইকালৰ বিজ্ঞানীসকলৰ নাছিল। এই দার্শনিকসকলৰ মত হ'ল - বায়ু আৰু পানী দুয়োৱেই মৌলিক পদার্থ। সেই সময়তে বায়ু সম্পর্কে অন্য এটি মতবাদে। দুই-একে বিশ্বাস কৰিছিল। মতবাদটোৰ নাম - ফ্লজিষ্টন মতবাদ। গ্রীক ভাষাত ফ্লজ শব্দৰ অৰ্থ হ'ল-জুইৰ শিখা । এই মতবাৰটোৰ মতে সকলে। দাহ্য বস্তুৰ মাজতে ক্লজিষ্টন্ নামৰ এবিধ পদার্থ থাকে আৰু এই পদার্থবিধেহে প্ৰকৃততে জুই জ্বলাত সহায় কৰে। মতবাদটে। দাঙি ধৰিছিল বেকৰ, আৰু ষ্টাল নামৰ ছজন বিজ্ঞানীয়ে। তেওঁলোকৰ মতে ক্লজিষ্টন্ চকুৰেতো দেখা নাপায়েই, আন ইঞ্জিয়ৰ দ্বাৰাও অনুভৱ কৰিব নোৱাৰি। বিজ্ঞানী ছজনাৰ এনেবিলাক কথাকে সেই সময়ৰ আন বিজ্ঞানীলকলে দ্বিধাহীনভাৱে গ্ৰহণ কৰিছিল। তাৰ পাছত বায়ু সম্বন্ধে গৱেষণা মাৱিষ্কাৰৰ আঁৰে আঁৰে কৰিবলৈ আগবাঢ়ি আহিল আন দুগৰাকী বিজ্ঞানী। এওঁলোক হ'ল শীলে আৰু প্রিষ্টলি। বতাহ সম্বন্ধে এওঁলোকে ক'লে যে বতাহত দুই ধৰণৰ পদার্থ থাকে। তাৰে এটাই তুই অলোৱাত সহায় কৰে আৰু আনটোৱে নকৰে। এওঁলোকেও কিন্তু আওপকীয়াকৈ ফ্ললিটনবাৰ সমৰ্থন কৰিয়েই ক'লে যে বতাহৰ এই দুটা ভাগছে, মূল পদার্থ বতাহেই। এনেকৈয়ে এফালে দার্শনিকসকলৰ মত আৰু আনফালে ফ্লজিষ্টবাদ - এই দুয়োৰে মাজত বিজ্ঞানীসকল সোমাই থাকিল। পাছলৈ কিন্তু বিজ্ঞানীসকলৰ লাহে লাহে মন ঘূৰিল । তেওঁলোকে সকলে। কথাৰে ব্যাথ্যা দৰ্শনত বিচৰাতকৈ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰপৰাহে বিচাৰিবলৈ ধৰিলে। বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন যন্ত্রপাতি লৈ পৰীক্ষা নিৰীক্ষাত ব্যস্ত হৈ পৰিল। ইমান দিনে শ্রদ্ধা কৰি অহা দার্শনিকসকলৰ সকলে। মতকে পোনে পোনে গ্ৰহণ কৰিবলৈ তেওঁলোকে টান পোৱা হ'ল। ঠিক সেই সময়তে এগৰাকী বিজ্ঞানীয়ে সাহসেৰে আগবাঢ়ি আহি প্ৰমাণ কৰিলে যে বতাহ মূল পদার্থ নহয়, ই কেইবাবিধে। মূল পদাৰ্থৰ সমষ্টিহে। বতাহ সম্বন্ধে দীর্ঘদিন ধৰি থকা ভুল ধাৰণা এটা ওফৰাই দিয়া এই বিজ্ঞানীজনাৰ নামেই এন্টইন্ লউৰেণ্ট, লেভইচিয়াৰ, । লেভইচিয়াৰে বায়ুত পাৰা পুৰি মাৰকিউৰিক অক্সাইদ তৈয়াৰ কৰিছিল। আকৌ সেই অক্সাইদকে গৰম কৰি তেওঁ সংগ্ৰহ কৰিছিল অক্সিজেন গেছ। অক্সিজেন গেছ যে দহনৰ সহায়ক আৰু সকলে। জীৱেৰে শ্বাস কাৰ্য্যত ইয়াৰ প্রয়োজন, তাকো তেৱেঁই পোন প্রথম প্ৰমাণ কৰি দেখুৱায় । তেওঁ আৰু প্রমাণ কৰে যে বায়ুৰ পাঁচভাগৰ এভাগেই অক্সিজেন। বাকী চাৰিভাগ সম্পর্কে অৱশ্যে তেওঁ একো নক'লে। তেওঁৰ পাছৰ বিজ্ঞানীসকলেহে প্রমাণ কৰিলে যে সেই চাৰিভাগ নাইট্ৰ'জেন্ । ১৭৪৩ চনৰ ২৬ আগষ্টত পেৰিছৰ এটি ধনী পৰিয়ালত লেভইচিয়াৰৰ জন্ম হয়। সকালৰেপৰাই তেওঁ বৰ মেধাবী ছাত্র আছিল। তাতে দেউতাকৰ আছিল একমাত্র পুতেক। গতিকে দেউতাকে লেভইচিয়াৰৰ পঢ়া-শুনাৰ প্ৰতি খুব যত্ন লৈছিব। স্কুলৰ প্ৰাথমিক শিক্ষা শেষ কৰাৰ পাছত বিজ্ঞান শিক্ষাৰ প্ৰতি তেওঁৰ ধাউতি জন্মে। তেওঁ পঢ়িবলৈ লয় জ্যোতির্বিদ্যা, উদ্ভিদবিদ্যা আৰু অসায়ন। অধ্যয়ন শেষ কৰিয়েই লেভইচিয়াৰে জিনএটিনি গুৱেটাৰ্ণ নামেৰে এগৰাকী প্রখ্যাত খনিবিদৰ তলত কাম কৰিবলৈ লয়। গুৱেটাৰ্দ্ৰ আছিল কঠোৰ নিয়ম-নীতি মানি চলা লোক। গতিকে বেছিভাগ লোকেই তেওঁৰ লগত কাম কৰিবলৈ ভাল নাপাইছিল। পাছে লেভইচিয়াৰে আকৌ তাল পাইছিল কঠোৰ নিয়ম-নীতিহে। তেওঁ বিশ্বাস কৰিছিল যে সুযোগ সম্বার মাহে আৰু সৌভাগ্যৰ বাট সবার কাইটীয়া। সেইকাৰণেই তেওঁ আনন্দ সম্বায় মনেৰে গুৱেটাৰ্দৰ লগত কাম কৰিবলৈ লৈছিল। তেওঁৰ কাম হ'ল - ধোঁৰা এটাৰ ওপৰত উঠি ফ্ৰান্সৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা আৰু সেই ঠাইবিলাকত থকা খনিজ পদাৰ্থৰ বিষয়ে জ্ঞান আহৰণ কৰা। লেভইচিয়াৰে এনেকৈ ঘুৰি পর্কিক খনিজ পদার্থ সম্বন্ধে যথেষ্ট জ্ঞান আহৰণ কৰিলে আৰু ফলত গুৱেটাৰ্দক সহায় কৰাৰ উপৰি নিজেও উপকৃত হ'ল । লেভইচিয়াৰৰ যে কেৱল ৰণায়নতহে ৰাপ আছিল, এনে নহয়। শৰীৰ তত্ত্ব, কৃষি আৰু কাৰিকৰী বিদ্যাতে। তেওঁৰ সমানেই ৰাপ আছিল। তেওঁ এগৰাকী প্রখ্যাত অর্থনীতিবিৰো আছিল। যি কোনো প্রতিযোগিতাই তেওঁৰ বৰ প্রিয় আছিল। এনে প্রতিযোগিতাৰ মাজেদিও তেওঁ বহুতো সময়ত যশ্যা অর্জন কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ বিভিন্ন সময়ত বিভিন্ন কামত হাত যিছিল। তাৰ মুলতেই আছিল ধনৰ প্ৰতি থকা তেওঁৰ মোহ। ধনৰ মোহেই তেওঁক মাজে-সময়ে অন্ধ কৰি পেলাইছিল আৰু তাৰ কাৰণে তেওঁ অসুবিধাতো পৰিছিল। পঁচিশ বছৰ বয়সত লেভইচিয়াৰ বিজ্ঞানৰ ৰয়েল একাডেমীলৈ নির্বাচিত পাছে, একাদেমীৰ সদ্য পদতকৈ তেওঁক আকৰ্ষণ কৰিলে অন্য এটি প্রতিষ্ঠানেছে। প্রতিষ্ঠানটোৰ নাম 'ফামি জেনেৰেল'। প্রতিষ্ঠানটোৱে ৰজাৰপৰা ঠিক। লৈ ৰাইজৰপৰ। কপচা আদি আদায় কৰে। লেভইচিয়াৰে দেখিলে যে ইয়াত দুপচা বাহিৰাকৈও ঘটিব পৰা যায়। গতিকে তেওঁ তাতে সোমাই পৰিল। অকল সোমোৱাই নহয়, কাৰ্মৰ এজন অংশীদাৰেই হ'লগৈ। এই কামৰ যোগেছিয়েই লেডইচিয়াৰ বহুতো ধন-সম্পত্তিৰ মালিক হ'ল। বিজ্ঞান চৰ্চা তল পৰি ওপৰ উঠিল ধন। ধনৰ জোৰতে ফাৰ্মৰ ওপৰৱালা এজনৰ মেৰী নামৰ ছোৱালী এজনীও তেওঁ বিয়া কৰালে। লেভইচিয়াৰৰ সাংসাৰিক জীৱন সুখৰেই আছিল। অৱঙে ল'ৰা-ছোৱালীহে তেওঁলোকৰ একো নাছিল। ফার্মত সোমাই লেভইচিয়াৰৰ অনিষ্টও হ'ল। ফৰাচী বিপ্লৱৰ বিৰোধী হিচাপে তেওঁৰ নাম ফাটি ফুটি গ'ল। লেভইচিয়াৰে প্ৰথমতে জিপচামৰ ওপৰত কাম কৰিছিল। তেওঁ হাইডুমেট্ৰিৰ ওপৰত এখনি গৱেষণা পুস্তিকাও প্রকাশ কৰিছিল। চাৰ্থৰ পানী পৰীক্ষা কৰা আৰু বিশুষ্কীকৰণৰ কাষতো তেওঁ কিছু মনোনিৱেশ কৰিছিল। বাইকৈ ধাতুৰ ওপৰত কৰা দহন আৰু দন্ধীকৰণ কাৰ্য্যৰ বাবেই লেভইচিয়াৰৰ খ্যাতি চাৰিওগিনে ৰৈ বৈ গৈছিল। ১৭৭২ চনত তেওঁ আৱিষ্কাৰ কৰে অক্সিজেন গেছ। অক্সিজেন প্রস্তুত কৰাত অৱখে লেভইচিয়াৰৰ লগতে প্রিষ্টলিরেও সমানে খাটিছিল। দগ্ধীকৰণ পদ্ধতি আৰু এই পদ্ধতিৰ দ্বাৰা ওজন বঢ়োৱাৰ ব্যাখ্যাও লেভইচিয়াৰে দিছিল। জুইৰ বিষয়ে ব্যাখ্যা দিওঁতে লেভইচিয়াৰক সহায় কৰে পিয়েৰি চাইমন্ দালাপ্পেচ নামৰ এগৰাকী বিজ্ঞানীয়ে। লেভইচিয়াৰে দহন কাৰ্য্যৰ ব্যাখ্যা বিচাৰোতেই শ্বাস-প্রশ্বাসৰ ব্যাখ্যাও বিচাৰি পালে। গিনিপিগৰ ওপৰত পৰীক্ষা কৰি তেওঁ দেখিলে যে শৰীৰৰ ভিতৰত হোৱা দহনকাৰ্য্যইছে শৰীৰৰ উত্তাপ নিৰ্ণয় কৰে। শৰীৰত কেনেকৈ তাপমাত্রা স্থিৰ অৱস্থাত থাকে, তাৰো এটা ব্যাখ্যা তেওঁ বিচাৰি উলিয়ালে। ১৭৭৪ চনত লেভইচিয়াৰে আন এটি মূল্যবান সূত্র আৱিষ্কাৰ কৰিলে। এই সূত্রমতে পদার্থ অক্ষয়। পদাৰ্থৰ ৰূপান্তৰণ হ'ব পাৰে, কিন্তু ক্ষয় বা ধ্বংস হ'ব নোৱাৰে। উদাহৰণস্বৰূপে মমবাতিৰ কথাকে ক'ব পাৰি। মমবাতি এডাল জ্বলি জ্বলি এসময়ত শেষ হৈ যায়। দেখাত পদাৰ্থবিধ শেষ হৈ যোৱা যেন লাগে। কিন্তু জ্বলি থকা অৱস্থাত ই বতাহৰ লগত ক্ৰিয়া কৰি ছবিধ গেছ উৎপন্ন কৰে। কার্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্প। বিশেষ ব্যৱস্থাৰে এই গেছ ছবিধ সংগ্ৰহ কৰি দেখা গৈছে যে এই গেছ ছবিধৰ মুঠ ওজন মমডালৰ ওজনতকৈ বেছি। কাৰণ, মমবাতিডাল জ্বলোতে যি পৰিমাণৰ অক্সিজেন ব্যৱহাৰ হৈছে, সেই পৰিমাণৰ ওজনেই বাঢ়িছে। লেভইচিয়াৰে এনেধৰণৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি প্ৰমাণ কৰিলে যে ৰাসায়নিক ক্ৰিয়াৰ আগত আৰু পাছত পদাৰ্থৰ ভৰ বা ওজন একেই থাকে । গন্ধকৰ ধৰ্ম নিৰ্ণয় কৰোতাও আছিল লেভইচিয়াৰেই। তেওঁ চালফিউৰিক আৰু নাইট্রিক এচিডৰ উপাদান নিৰ্ণয় কৰিবলৈও সমৰ্থ হৈছিল। তেৱেঁই প্রথম জ্বলি থকা ক'ক কয়লাৰ ওপৰেদি জলীয় বাষ্প পাৰ কৰাই প্ৰস্তুত কৰিছিল ওৱাটাৰ গেছ। তেওঁ এক বিশেষ ধৰণৰ গেছোমিটাৰো আৱিষ্কাৰ কৰিছিল। পাছে, ১৭৭৫ চনত লেভইচিয়াৰে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষ প্রায় বাদ দিবলগাতে পৰিল। কাৰণ, ফৰাচী চৰকাৰে তেওঁক এক বিশেষ কামত লগালে। কাম হ'ল - বন্দুকৰ খাৰ উৎপাদন বৃদ্ধি কৰা। লেভইচিয়াৰ আগৰেপৰাই আছিল ৰাজভক্ত। বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাতো তেওঁ ৰজাৰ সমর্থন পাইছিল। ধনী ও হৈছিল ৰজাৰ খাজানা সংগ্ৰহ কৰিয়েই। গতিকে ৰাজ আদেশ অমা কৰাৰ সাহস তেওঁৰ নাছিল। লেভই চিয়াৰে মনপুতি লাগি গ'ল খাৰ উৎপাদনত। তেওঁৰ চেষ্টাতে খাৰৰ উৎপাদন বছৰি ৭১৪ৰপৰা ১৬৮৬ টনলৈ বৃদ্ধি পালে। এই কাৰ্য্যই আওপকীয়াকৈ আমেৰিকাৰ স্বাধীনতা লাভতো কিছু সহায় কৰিলে। কাৰণ, ফ্রান্সে সেই সময়ত আমেৰিকালৈ পাৰ-বাৰুদ পঠাইছিল। থাৰ-বাৰুদ তৈয়াৰ কৰা ৰজাঘৰীয়া প্ৰতিষ্ঠানটোৰ নাম আছিল - ৰয়েল আর্টিনেল। ৰয়েল আৰ্চিনেলত কাম কৰিবলৈ সকলো ধৰণৰ সা-সুবিধা আগবঢ়োৱা হৈছিল । প্ৰিষ্টলি, ব্লাগদেন্ ইয়ং, ওৱাট, ফ্রেৎকলিন আদি বহুতো বিজ্ঞানীক লেভইচিয়াৰেই এই অনুষ্ঠানটোৰ লগত জড়িত কৰাইছিল। বহুতো দামী যন্ত্রপাতিৰে বিজ্ঞানাগাৰটো আধুনিকভাৱে সজাই-পৰাই তোলা হৈছিল। বহুতো ভাল ভাল গৱেষকক কামত লগোৱা হৈছিল। এনেবিলাক কাৰণতে এই অনুষ্ঠানটে। সেই সময়ত আধুনিক বিজ্ঞানৰ কেন্দ্রস্থল হৈ পৰিছিল। পাছে, এবাৰ এই বিজ্ঞানাগাৰটোতে এক ডাঙৰ চৰ্ঘটনাও হৈছিল। বিস্ফোৰক পদাৰ্থৰ ওপৰত কাম কৰি থাকোতে বিস্ফোৰণ ঘটি লেভইচিয়াৰৰ তিনিজন বন্ধুৱে প্ৰাণ হেৰুৱাবলগাত পৰিছিল। লেভইচিয়াৰে। কোনোমতেহে বাচিছিল। আন হোৱা হ'লে সেইদিনাই কাম এৰিলেহেঁতেন। কিন্তু লেভইচিয়াৰে নেৰিলে । বন্ধু বিয়োগত তেওঁ বেজাৰ পালে সঁচা, কিন্তু হতাশ নহ'ল। আনহাতে লেভইচিয়াৰে এই দুৰ্ঘটনাৰপৰা সুযোগহে গ্ৰহণ কৰিলে। তেওঁ ৰজাৰ মন্ত্ৰীলৈ এনেদৰে লিখিলে - "আপুনি অনুগ্ৰহ কৰি ৰজাক জনাব যে বিস্ফোৰক পদাৰ্থৰ ওপৰত কাম কৰাৰ কাৰণেই মোৰ তিনিজন বিজ্ঞানী বন্ধু নৃত্যুৰ মুখত পৰিল। মই কোনোমতেহে বাচিলোঁ । অৱশ্যে মই হতাশ হোৱা নাই। ৰজাক আৰু ক'ব যে মই মোৰ জীৱন তেখেত আৰু তেখেতৰ ৰাজ্যৰ কাৰণেই উচৰ্গ। কৰিলে।। বৰ্তমান ৰজাক লুধি কেৱল এটা কথ। মোক জনাব, সেই বিস্ফোৰক পদাৰ্থৰ ওপৰতে কাম কৰিব লাগিব নে আন কিবা নতুন কামত হাত দিব লাগিব।" সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি লেভইচিয়াৰে এনেকৈয়ে বন্দা, মন্ত্রী আদিক তোষামোদ কৰিব জানিছিল। কাৰণ, বিজ্ঞানী হ'লেও লেডইছিয়াৰৰ ধন-সম্পত্তিৰ প্ৰতি এক দুর্বলতা আছিল আৰু ৰজাৰ লগত থাকিলে সবার লাভৰ ঘৰতে থাকিব বুলি ভাবিছিল। অৱশ্বে এই সকলো লোভৰ ওপৰতো বিজ্ঞান সাধনা আছিল তেওঁৰ জীৱনৰ আন এক ব্রত। আবিষ্কাৰৰ আঁৰে আঁৰে সেইসময়ত মাহুহৰ এটা বিশ্বান আছিল যে পানীক মাটিলৈ ৰূপান্তৰিত কৰিব পাৰি। লেভইচিয়াৰে সেই অন্ধবিশ্বাস ভাঙি দিলে। ১৭৭৬ চনত লেভইচিন্তাৰে পানী আৰু নাইট্রিক এচিম্বৰ ওপৰত কিছু অধ্যয়ন কৰিলে। ১৭৭৭ চনত তেওঁ ন-খনকৈ গৱেষণা পুস্তিকা লিখি আগৰেপৰা চলি অহা ফ্লপিষ্টন মতবাদটোৰ ওপৰত মাধমাৰ মাৰিলে। ব্লাগদেন নামৰ এগৰাকী বিজ্ঞানীৰ যোগেদি লেভইচিয়াৰে জানিবলৈ পালে যে হাইড্ৰ'জেন নামৰ এবিধ গেছ জলাব পাৰি। এই কথা জনাৰ পাছত হাইড্ৰ'জেনৰ বিষয়ে অধিক কথা জনাৰ হেপাহত তেওঁ গৱেষণা কৰাত লাগিল। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে হাইড্ৰ'জেন আৰু অক্সিজেনৰ সমষ্টিয়েই পানী। অৱশ্যে এই লৈ মতৰ পাৰ্থক্য আছে। কোনো কোনোৰ মতে কেভেন্দিছ নামৰ বিজ্ঞানী এজনাইহে পানীৰ ৰাসায়নিক ব্যাথ্যা দাঙি ধৰিছিল। ১৭৮৭ চনত লেভইচিয়াৰে বাৰ্থেপ্লট আৰু আন দুজনমান বিজ্ঞানীৰে লগ লাগি ৰসায়নৰ বিভিন্ন নাম সম্বলিত এখনি পুস্তিক। প্রকাশ কৰে। ৰসায়নৰ বিভিন্ন নামৰ এইখনেই আদি গ্রন্থ। ১৭৮৯ চনত ট্ৰেইটি নামৰ আন এখন পুথিও তেওঁ প্ৰকাশ কৰে। ইয়াতেই আধুনিক ৰসায়নৰ আৰম্ভণি বুলি ক'ব পাৰি। ইয়াৰ পাছত অৱশ্যে লেভইচিয়াৰে ৰসায়নৰ ওপৰত বিশেষ কাম কৰা নাছিল। কেৱল জীৱনত কেৱল জীৱনত সম্মুখীন হোৱা ঘাট-প্রতিঘাতসমূহছে টোক। হিচাপে লেখি গৈছিল। তাকে? তেওঁ তেওঁৰ মৃত্যুৰ পাছতহে সেইবিলাক প্ৰকাশ কৰিবলৈ পৰিবাৰক কৈ গৈছিল লেভইচিয়াৰৰ প্রতিভা আছিল বহুমুখী। এসময়ত তেওঁ এখন খেতিৰ ফার্মে। কিনি লৈছিল। থেতিৰ বিভিন্ন কাম তেওঁ নিজ হাতেই কৰিছিল আৰু ফাৰ্মৰ্থনৰ পৰা হোৱা আয়-ব্যয়ৰ হিচাপে। লিখি গৈছিল। খেতিৰ বিভিন্ন কামত লাগোতে লাগোতে পাছলৈ তেওঁ এগৰাকী কৃষিবিশেষজ্ঞই হৈ পৰিছিল। পাছে, লেভইচিয়াৰৰ শেষ জীৱনহে বৰ দুখৰ আছিল। ফ্ৰান্সৰ সাধাৰণ মানুহৰ মনত বহুত আগৰেপৰাই ৰজা আৰু ৰজাঘৰীয়া মানুহৰ বিৰুদ্ধে এক বিদ্বেষৰ ভাব জাগি আছিল। সেয়ে ১৭৮৯ চনত ভয়ঙ্কৰ ৰূপ লৈছিলগৈ। নাম পাইছিল ফৰাচী বিপ্লৱ। ১৭৯৩ চনত হত্যা কৰা হ'ল ৰজা ষোড়শ লুইক। প্রতিষ্ঠা কৰা হ'ল প্রজাতন্ত্র। এইবাৰ আৰু ৰজাঘৰীয়া মানুহ সাৰি নগ'ল। ৰজাৰ লগত হাত-বাত কৰাৰ কাৰণে লেভইচিয়াৰকো ৰজাৰ ফৈত ধৰি লোৱা হ'ল। নতুন চৰকাৰে লেভইচিন্তাৰৰ উপাৰ্জনৰ সকলো পথ বন্ধ কৰি দিলে। বিভিন্ন মনে নক্ষ। অপৰাধত ৰজাৰ ফলীয়া মানুহবোৰক শান্তি দিয়া হ'ল। ইয়াৰপৰা লেভইচিয়াৰো নাৰি নগ'ল। তেওঁৰ ওপৰতো বিচাৰ চলিল। ৰায় দিয়া হ'ল - লেভইচিয়াৰৰ মৃত্যুদণ্ড। ১৯৭৪ চনৰ যে' মাহত তেওঁৰ শিৰচ্ছো কৰা হ'ল। ৰাজনীতিৰ মেৰপাকত পৰি এগৰাকী প্ৰখ্যাত ৰসায়নবিদৰ জীৱন বৰ্তি গছি হঠাতে ঘুমাই থাকিল। তেওঁৰ মৃত্যুৰ পাছত প্রখ্যাত গণিতজ্ঞ যোচেফ লউইচ লেগ্ৰেঞ্জে এবাৰি কথা কৈছিল এনেদৰে - "কু-বিচাৰৰ দ্বাৰা মুহূৰ্ত্তৰ ভিতৰতে লেভইচিয়াৰৰ মুৰ কটা গ'ল সঁচা, কিন্তু তেওঁৰ ঘৰে এগৰাকী বিজ্ঞানীৰ জন্ম হ'বলৈ বহু শতিকা লাগিব। ক্রমবিকাশ তত্ত্বৰ বাটকটীয়া জিন বাপ্টিষ্ট দা লেমার্ক যি সময়ত জীৱ মাত্রেই এক পৰমব্ৰহ্মৰ সৃষ্টি বুলি ভবা হৈছিল, জীৱৰ আক্বতি, গঠন কাৰ্য্যপ্রণালী আদিও তেওঁৰেই মহিমা বুলি কোৱা হৈছিল ; তেনে এটা সময়ত জীৱদেহৰ গঠন সম্পর্কে কিবা নতুন কথা ক'বলৈ যোৱাটো কম দুঃসাহসৰ কথা নাছিল। পাছে লেমাৰ্ক, ডাউন আদিৰ দৰে সাহসীলোকে। সেই সময়ত আছিল। এওঁলোকৰ বৈজ্ঞানিক অধ্যয়ন আৰু তাৰ ওপৰত ভিত্তি কৰি দাঙি ধৰা সুচিন্তিত মতামতক হয়তো এচাম মানুহে উপলুঙা কৰিছিল আৰু এচাম মানুহে ঈৰ্ষাৰ চকুৰেও চাইছিল। কিন্তু সেইবিলাক আছিল ক্ষণস্থায়ী। তদুপৰি তেনেবোৰ কথালৈ তেওঁলোকে কর্ণপাতো কৰা নাছিল আৰু আচলতে কর্ণপাত কৰিবলৈ তেওঁলোকৰ সময়ো নাছিল। পাছে এতিয়া সেই দ্বিনাও সমালোচকসকৰ ক্ষেত্ৰত বুৰঞ্জী নিমাত। অথচ লেমার্ক, ড্ৰাৰউইন আদিৰ দৰে লোকসকলৰ নাম ইতিহাসৰ পাতে পাতে । এই দুই মহামানৱৰ ভিতৰত লেমার্ক, ডাউইনতকৈ আগৰ। ১৭৪৪ 604 ১ আগষ্টৰ দিন। ফ্ৰান্সৰ বেজেষ্টন্ নামেৰে ঠাইত লেমার্কে জন্ম গ্রহণ কৰে। দেউতাকৰ ইচ্ছা আছিল - পুতেকক যাজক কৰাৰ। সেই উদ্দেশ্যেই লেমার্কর নাম লগাই দিয়া হ'ল জেচুৰ স্কুলত। পাছে পুতেকৰ মন ক'ৰবাতহে। লেমাৰ্কৰ ইচ্ছা লৈনিক হোৱাৰ। হ'লেও দেউতাকক নিজৰ ইচ্ছাৰ কথা ক'বলৈ লেমাৰ্কৰ সাহল নহ'ল। ইতিমধ্যে লেমাৰ্কৰ বোল বছৰ মান বয়লত দেউতাক স্বৰ্গী হ'ল। দেউতাকৰ মৃত্যুত লেমাৰ্কে এহাতে যেনেকৈ বেজাৰ পালে, আনআৱিষ্কাৰৰ আঁৰে আঁৰে হাতে মুক্ত হলো বুলি ভাবি আনন্দও পালে। এইবাৰ সৈন্তবিভাগত যোগ বিয়াটে। তেওঁ প্ৰায় থাটাং কৰিলে। সেই সময়তে জার্মেনী আৰু ফ্ৰান্সৰ মাজত যুদ্ধ চলি আছিল। গতিকে চৰকাৰে সৈন্য মকৰণ কৰিয়েই আছিল। এইবাৰ লেমাৰ্কে প্রথম সুযোগতেই সৈন্যদলত যোগ দিলে। তেওঁ কিছুদিন সৈন্যবাহিনীত কাম কৰিলে যদিও পাছলৈ স্বাস্থ্য ভাঙি পৰিল। শেষত সৈন্যবাহিনীৰপৰা ওলাই আহিবলৈ বাধ্য হ'ল। এইবাৰ লেমাৰ্কে টুলন নামে ঠাইৰ এট! বেংকৰ চাকৰিত যোগ দিলে। টুলনত বহুতো ফল-ফুলৰ উত্থান আছিল। এই উদ্যানসমূহে লাহে লাহে লেমাৰ্কৰ মন আকৰ্ষণ কৰিবলৈ ল'লে। তেওঁ হঠাতে উদ্ভিদ জগতৰ বিষয়ে জানিবলৈ উদজীৱ হৈ পৰিল। চাকৰি হৈ পৰিল গৌণ। বেছিভাগ সময় উদ্ভিদৰ বিভিন্ন চৰিত্ৰ অধ্যয়নতে কটাবলৈ ল'লে। ইতিমধ্যে তেওঁ উদ্ভিদৰ বিষয়ে বর্ণনা থকা গ্রন্থও বহুত পঢ়িলে। কিন্তু এইবিলাক পঢ়ি উদ্ভিদৰ বিষয়ে বেছি জনাতকৈ মনত থোকোপাতে লাগিল। তেওঁ অনুভৱ কৰিলে গ্রন্থসমূহ যেন কিছুমান" বিষয়ত অসম্পূর্ণ। এই অসম্পূর্ণ কাম সম্পূৰ্ণ কৰিবলৈ গৈরেই তেওঁ 'ফ্ৰান্সৰ ফ্ল'ৰা' অর্থাৎ ফ্ৰান্সৰ উদ্ভিদ নামেৰে গ্ৰন্থ এখনকে লিখি পেলালে। এইদৰেই তেওঁ লাহে লাহে উদ্ভিদ জগতৰ ভিতৰত সোমাই পৰিল । লেমাৰ্কৰ লাহে লাহে চাকৰিত মন নবহা হ'ল। এইবাৰ তেওঁ আন আন দেশৰ উদ্ভিদ অধ্যয়ন কৰিবলৈও মন মেলিলে। সেই উদ্দেশ্যে হলেও, জার্মোনী আদি বিভিন্ন দেশলৈ ফুৰিবলৈ গ'ল। ফুৰি-চাকি ঘূৰি আহি লেমার্কে উদ্ভিদ বিজ্ঞানৰ বিষয়ে আন এখন গ্ৰন্থ ৰচনা কৰি উলিয়ালে। ইয়াৰ নাম থ'লে বিশ্বকোষ। লেমাৰ্কে যে কেৱল উদ্ভিদেই অধ্যয়ন কৰিছিল - এনে নহয়, লগে লগে প্রাণী ও অধ্যয়ন কৰিছিল। প্ৰাণীৰ শ্ৰেণী বিভাজনৰ ওপৰত তেওঁ কাম কৰিছিল। অমেৰুদণ্ডী প্রাণী সম্পর্কে তেওঁ এখন গ্রন্থ ও লিখিছিল। প্রাণী জগতৰ মেৰুদণ্ডী আৰু অমেৰুদণ্ডী - এই ভাগ দুট। মুলতঃ তেওঁৰেই আৱিষ্কাৰ। আনকি জীৱ বিজ্ঞানৰ ইংৰাজী নাম 'বায়লজী' শব্দটোও তেওঁৰেই সৃষ্টি। মুঠতে উদ্ভিদ আৰু প্ৰাণী - এই দুয়োখন জগতলৈ আগবঢ়োৱা তেওঁৰ বৰঙণি জীৱ বিজ্ঞানৰ বুৰঞ্জীত এক ডাঙৰ আৰু মূল্যবান অধ্যায়। লেমাৰ্কৰ আটাইতকৈ উল্লেখযোগ্য মতবাদটো হ'ল - "জীৱনকালত গঢ়ি উঠ! শৰীৰৰ লক্ষণসমূহ বংশানুক্রমে গতি কৰা"টো। জীৱৰ ক্ৰমবিকাশ কেনেকৈ হয় - তাৰে উত্তৰ দিবলৈ গৈ লেমার্কে এই বিখ্যাত তত্ত্বটি দাঙি ধৰিছিল। তোমাকে অতি মনোযোগেৰে লক্ষ্য কৰিছিল যে এটা নিৰ্দিষ্ট পৰিবেশৰ লগত খাপ খাই জীয়াই থাকিবলৈ উদ্ভিদ বা প্রাণীক কিছুমান নির্দিষ্ট অংগপ্রত্যগংৰত্ৰ প্রয়োজন হয়। অর্থাৎ সকলো উদ্ভিদ বা প্রাণীৰ ওপৰতে পৰিবেশৰ প্ৰভাৱ পৰে। পৰিবেশ বুলিলে আহাৰ, পানী, থকা ঠাই, জলবায়ু আদি বহুতো কথাই সোমাই পৰে । তেওঁৰ দ্বিতীয় চিন্তাতো হ'ল যে এই পৰিবেশৰ যদি পৰিবৰ্তম হয়, তেন্তে সেই পৰিবৰ্তিত পৰিবেশত থাপ থাবলৈ উদ্ভিদ আৰু প্রাণীসমুহৰো পৰিবৰ্তন হ'ব লাগিব। তেওঁৰ ধাৰণা হ'ল যে পৰিবেশেই একোটা প্রাণীৰ আকৃতি আৰু অংগপ্ৰত্যগংৰ গঠনত প্ৰভাৱ পেলায়। লেমাৰ্কে আৰু ক'লে যে কোনে। এটা অংগ সঘনাই ব্যৱহাৰ কৰি থাকিলে তাৰ আকৃতিৰ পৰিবৰ্তন হয় আৰু কৰ্ম ক্ষমতা বাঢ়ে। আনহাতে ব্যৱহাৰ কৰিবলৈ এৰি দিলে অংগৰ আকাৰ ক্ৰমাৎ সৰু হৈ আহে আৰু এটা সময়ত সম্পুর্ণভাৱে লোপ পায়। লেমাৰ্কৰ এই মতসমূহ যে কেৱল মৌখিকহে আছিল এনে নহয়, তেওঁ তাক 'প্রতিপন্ন কৰিবৰ জোখাৰে প্ৰমাণে। দিছিল। এই সম্পৰ্কত তেওঁ . জিৰাফ, উটপক্ষী আদি বিভিন্ন প্ৰাণীৰ উদাহৰণ দিছিল। জিৰাধৰ বিষয়ে তেওঁ কৈছিল যে একালত জিৰাফবিলাকৰ ডিঙি চুটিয়েই আছিল। জিৰাফ হ'ল পত্রভোজী প্রাণী। গতিকে ডিঙি চুটি হৈ থকা অৱস্থাত গছৰ চাপৰত থকা পাতবিলাক খাইছিল। এনেকৈ খাওঁতে খাওঁতে গছৰ চাপৰত থকা পাতবিলাক নাইকিয়া হ'ল আৰু জিৰাফে ডিঙি মেলি ওপৰত থকা পাতবিলাক খাললৈ বাধ্য হ'ল। এনেকৈ, কেইবা পুৰুষো ধৰি ডিঙি মেলিবলৈ চেষ্টা কৰাৰ ফলতেই জিৰাফৰ ডিঙিটে। দীঘল হৈ পৰিল। উটপক্ষী সম্পর্কেও তেওঁ কৈছিল যে উটপক্ষী এসময়ত উৰণীয়া চৰায়েই আছিল। কিন্তু কালক্ৰমত উৰাৰ প্ৰয়োজন নোহোৱাত ডেউকাৰ ব্যৱহাৰ কমি আহিল, ডেউকাৰ পেশীসমূহ নিশকতীয়া হ'ল আৰু পাছলৈ খোজকাঢ়িয়েই ভাল পোৱা হ'ল। ইয়াৰ উপৰিও সৰুলুৰা উদাহৰণৰ তেওঁ আৰু অনেক দাঙি ধৰিছিল । লেমাৰ্কৰ মতবাদৰ আটাইতকৈ বিতর্কিত অংশটো হ'ল - "জীৱনকালত গঢ়লোৱা চৰিত্ৰসমূহ পুৰুষাহুক্রমে গতি কৰাটো। তেওঁৰ মতে ব্যৱহাৰৰ ফলতে হওক বা অব্যৱাহাৰৰ ফলতে হওক, একোটা অংগই পীৱনকালত বি ৰূপ লয়, সি পাছৰ পুৰুষলৈ সেই ৰূপতে গতি কৰে। ইয়াৰ সমর্থনতো তেওঁ ই-এটা উদাহৰণ দাঙি ধৰিছে। নিজৰ মতবাধৰ ওপৰত লেমাৰ্কৰ সম্পুর্ণ আস্থা আছিল আৰু সেই কাৰণেই যিহুকে নকওক, নিৰ্ভীকভাৱে কৈছিল। পাছে, তেমাকে যিমানেই কষ্ট নকৰক, তেওঁ কোৱা সকলোখিনি কথা সেই সময়ব বিজ্ঞানীসকলে মানি ল'বলৈ টান পাইছিল। ইয়াৰ ভিতৰত প্রখ্যাত জীৱ-বিজ্ঞানী ওয়াইজমেনেও লেমাৰ্কৰ মতবাদৰ ঘোৰ বিৰোধিতা কৰিছিল। ওয়াইজমেনে এছাল মতা-মাইকী এন্দুৰৰ মেজ কাটি পোৱালি জগাবলৈ দিছিল। দেখা গৈছিল যে পোৱালিবিলাকৰ দীঘল নেজেই থাকে। এইবাৰ ইহঁতৰো লেজ কাটি পুনৰ পোৱালি জগাবলৈ দিলে। এইদৰে বাইশ পুৰুষ তেওঁ এন্দুৰৰ নেজ কাটি দেখিলে যে নেজৰ কোতো পৰিবৰ্তন হোৱা নাই। জীৱনকালত গঢ়ি উঠ। চৰিত্ৰ যদি পাছৰ পুৰুষলৈ গলহেঁতেন, তেন্তে চুটি নেজেৰেই পোৱালিবিলাক জগিলহেঁতেন । এই পৰীক্ষাৰ যোগেদিয়েই ওয়াইজমেনে লেমাৰ্কৰ মতবাদৰ ওপৰত কুঠাৰাঘাত কৰিলে। লেমাৰ্কৰ মতবাদটোৰ দুই-এটা দোষ-ত্রুটী আধুনিক জীৱ-বিজ্ঞানীসকলৰ চকুতো ধৰা নপৰাকৈ থকা নাই । তথাপিও এওঁলোকে ক'ব খোজে যে লেমাৰ্কৰ মতবাদৰ কিছু কিছু অংশৰ সত্যতা জীৱ-বিজ্ঞানী মাত্রেই স্বীকাৰ কৰিব লাগিব। যিয়েই যি নকওক, লেমাৰ্কৰ মতবাদ জীৱৰ ক্ৰমবিকাশৰ বুৰঞ্জীত এক সোণালী অধ্যায়। আন নহ'লেও ১৮১৬ চনত প্ৰকাশ পোৱা "ফিচফিক্ জুলজিক" নামৰ গ্ৰন্থখনেই তেওঁক অমৰ কৰি ৰাখিব। লেমাৰ্কৰ প্ৰতিভা আছিল বহুমুখী। গোটেই জীৱন যুৰি জীৱবিজ্ঞানকে অধ্যয়ন কৰিছিল যদিও সময় আৰু সুবিধাৰ সুৰুঙা বিচাৰি বিচাৰি আন আন বিষয়তো তেওঁ হাত দিছিল। ভূ-বিজ্ঞান, ৰসায়ন আৰু বতৰ বিজ্ঞানলৈও তেওঁ দুই-এটা অৱদান এৰি থৈ গৈছে । পৰিতাপৰ কথা এয়ে যে এই মহান বিজ্ঞানী গৰাকীয়ে সুখেৰে চকু মুদিব নোৱাৰিলে ; কিবা এক কাৰণত নেপোলিয়নৰ লগত তেওঁৰ মতৰ অমিল হ'ল। ৰজাৰ ৰোষত পৰাৰ কাৰণে ৰাইজেও ফালৰি কাটিলে। আনকি তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত কাষত ঠির হ'বলৈ হেনো এগৰাকী লোকো আগবাঢ়ি নাহিল। তাতে অত্যধিকভাৱে অণুবীক্ষণ যন্ত্র আৱিষ্কাৰ কৰাৰ ফলত জীৱনৰ শেষৰ সাতোটা বছৰ তেওঁ অন্ধও হৈ পৰিল। এফালে অন্ধ আৰু আনফালে সাৰথিবিহীন। এনে এক বিপৰ্যয়ৰ মাজতেই অস্তৰত দুখ-শোকৰ ভাৰ বৈ ১৮২৯ চনত ৮৫ বছৰ বয়সত এই মহান বিজ্ঞানী গৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰে। তড়িৎকোষৰ আৱিষ্কাৰক তাম চাৰ আলেকজেণ্ডাৰ ভোল্টা একোজন বিজ্ঞানীৰ একোটা আৱিষ্কাৰ পৰৱৰ্তিকালত আন এজন বিজ্ঞানীরে নাকচ কৰি পেলায়। তাকে। কথাৰে নহয় - যুক্তিৰে, উপযুক্ত প্রমাণেৰে । যুক্তিও আকৌ মৌখিক হ'ব নালাগিব, হ'ব লাগিব বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ ভেঁটিত গঢ়ি উঠা সবল যুক্তি। তাৰ কাৰেণে বিজ্ঞানীজনাৰ প্ৰয়োজন হয় অশেষ পৰিশ্ৰম, একাগ্ৰতা আৰু সাধনাৰ । পাছে, সত্যৰ কাৰণে প্ৰাণ আহুতি দিব থোজা বিজ্ঞানীসকলৰ ধৰ্ম ও সেয়েই। তেনে এগৰাকী বিজ্ঞানীয়েই আছিল চাৰ আলেকজেণ্ডাৰ ভোল্টা। লুইগি গাল্ভানিৰ বেঙৰ ওপৰত কৰা পৰীক্ষা সম্পর্কে আগতেই উল্লেখ কৰি অহা হৈছে। গাভানিৰ সিদ্ধান্ত আছিল যে নিমখ পানীত জুবুৰিওৱা কেঙৰ ঠেঙত আপোনা আপুনি তড়িৎ উৎপন্ন হয়। কিন্তু ভোল্টাই এই সিদ্ধান্ত মানি ল'বলৈ টান পালে। তেওঁৰ অনুমান হ'ল যে বেঙৰ দেহত তড়িৎ পাকিব নোৱাৰে। পিতল আৰু লোহা - এই দুই ধাতুৰ সংস্পশতহে তড়িৎ উৎপন্ন হৈছিল। কাৰণ, বেঙৰ ঠেং ওলোমোৱা হাঁকোট। কেইডাল আছিল পিতলৰ আৰু থিড়িগীৰ ৰবিলাক আছিল লোহাৰ। বেঙৰ দেহৰ মজেদি তড়িৎ প্ৰবাহিত হোৱাৰ কাৰণেহে বেঙৰ ঠেংকেইথন সংকুচিত হ'ল। ভোল্টাই নিজকে নিজে প্রশ্ন কৰিলে তেওঁৰ অনুমানটো সঁচা নহ'বও পাৰে । পৰীক্ষাৰ অবিহনে অনুমানৰ মূল্যই বা ক'ত? সেইকাৰণে তেওঁ এটা পৰীক্ষাৰ আয়োজন কৰিলে। তাৰ পাত আৰু দস্তাৰ পাতৰ মাজত লঘু চালফিউৰিক এচিদত তিওৱা এখন কাপোৰ থোৱা হ'ল। এনেকৈ কেইবায়োৰাও তামৰ পাত আৰু দস্তাৰ পাত সাল-সলনিকৈ ৰথা হ'ল। একেবাৰে ওপৰত তামৰ পাত আৰু একেবাৰে তলত দত্তাৰ পাত থাকিল। এতিয়া এই দুইখন পাতক তামৰ তাঁৰ এডালেৰে সংযোগ কৰাত দেখা গ'ল যে তড়িৎ প্রবাহৰ হুষ্টি হৈছে। এই পৰীক্ষাৰ পাছত তেওঁৰ প্ৰত্যয় জন্মিল যে গাল্ভানিৰ তথ্য ভূল। ভোল্টাই এই পৰীক্ষাৰ ওপৰত ভিত্তি কৰিয়েই ১৮০০ চনত এক বিশেষ ধৰণৰ তড়িৎকোষ সাজি উলিয়ালে। তড়িৎ বিজ্ঞানত এই কোষটোৰ নাম থোৱা হ'ল সৰল ভোণ্টীয় কোষ। কোষটোৰ নিৰ্মাণ প্রণালী আছিল অতি সহজ। এটা কাচৰ পাত্ৰত লঘু চালফিউৰিক এচিদ ঢালি তাৰ মাজত তাম আৰু স্বত্তাৰ দুখন পাত থিয়কৈ থৈ দিয়া হয়। এই পাত দুখন তামৰ তাৰেৰে সংযোগ কৰিলেই তড়িৎ উৎপন্ন হয়। অৱস্তে পৰৱৰ্তী বিজ্ঞানীসকলে তড়িৎ উৎপাদনৰ মূল কাৰণ ৰাসায়নিক বিক্রিয়া বুলিছে ক'ব খোজে। কাৰণ যিয়েই নহওক, ভোল্টাই এই কোষটে। নিৰ্মাণ কৰাৰ পাছতহে মানুহে লাহে লাহে তড়িৎ ব্যৱহাৰ কৰিবলৈ শিকিলে। ভোল্টাই জন্ম গ্ৰহণ কৰে ১৭৪৫ চনৰ ১৮ ফেব্ৰুৱাৰীত ইটালীত। তেওঁৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় সৰুৰেপৰাই পোৱা হৈছিল। কলেজত পঢ়ি থকা অৱস্থাতেই হেনো তেওঁ 'লেদেন জাৰ' সম্পর্কে তথ্য-পাতি দাঙি ধৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি তেওঁ কেমে। কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকৰ পদত যোগদান কৰে। এই সময়ছোৱাতে তেওঁ তড়িৎ সম্পর্কে গভীৰভাৱে অধ্যয়ন কৰিবলৈ লয় আৰু তাৰ ফলস্বৰূপেই আৱিষ্কাৰ হয় বিখ্যাত তড়িৎ কোষটো। বহুতো সৰুলুৰা বস্তু আৱিষ্কাৰতকৈ এটা মাত্ৰ মহৎ আৱিষ্কাৰেই বেছি মূল্যবান। বহু আৱিষ্কাৰৰ দীঘলীয়া তালিকা তেওঁৰ নাই। তেওঁ সিংহৰছে সমর্থক, জাকৰুৱা শিয়ালৰ নহয়। মহৎ আৱিষ্কাৰে আৱিষ্কাৰক গৰাকীৰ মহত্বৰ কথাকে হুচায়। ভোল্টাৰ ক্ষেত্ৰতো সেয়ে হ'ল। এটা মাত্র তড়িৎকোষ আৱিষ্কাৰ কৰিয়েই তেওঁ অমৰ হৈ ৰ'ল । তেওঁৰ এই তড়িৎকোষটো চাবলৈকে দেশ-বিদেশৰ বহুতো বিজ্ঞানী তেওঁৰ কাষ চাপিছিল। আনকি নেপোলিয়নেও হেনে। এই তড়িৎকোষটো চাই আনন্দ পাইছিল। ১৮২৭ চনৰ ৫ মাৰ্চত এই মহান তড়িৎ বিজ্ঞানীজনাই মৃত্যু বৰণ কৰে ।
pdf
0a6a5f0fde40cf7446bb4b5db00d51a9
বিহুৱা। কোনোমতে প্ৰাণটো ৰক্ষা পৰিছে। যেতিয়া জুই দিয়ে তেতিয়া সকলো ভৰ টোপনিত। জুইৰ তাপ গাত লাগিলতহে সাৰ পালে। সাৰ পাই দেখে দুৱাৰ মুখৰ ফালে জুয়ে জুৰি ধৰিছে। সেই ফালে ওলাবৰ উপায় নাই। লোকনাথে বহুত যতন কৰি ঘৰৰ পোলা এটা ফালিলে আৰু সেই ফালেই বুঢ়া-বুঢ়ীক লৈ কোনোমতে বাহিৰ ওলাল।
web
0943db0611fe1739cb0dea59a5813e5ea8716b17
আগষ্টৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষবর্ষ । কিন্তু দেশজুৰি ক্রমশ বাঢ়িছে কাগজৰ সংকট । এনে পৰিস্থিতিত আগন্তুক শিক্ষাবর্ষৰ সমস্ত পাঠ্যপুথি ছপা বন্ধ কৰাৰ সিদ্ধান্ত ল'লে 'অল পাকিস্তান পেপাৰ মার্চেন্ট এছ'চিয়েছন', 'পাকিস্তান এছ'চিয়েছন অৱ প্রিন্টিং গ্রাফিক আর্ট ইণ্ডাষ্ট্ৰিজ' (পিএপিজিএআই)-সহ কাগজ আৰু মুদ্রণ শিল্পৰ স'তে জড়িত বিভিন্ন সংগঠন । পাকিস্তানৰ শীর্ষস্থানীয় অর্থনীতিবিদ কায়ছাৰ বাংগালিৰ স'তে এটা যৌথ সাংবাদিক বৈঠকত মুদ্রণ ব্যৱসায়ী, প্রকাশক আৰু কাগজ ব্যৱসায়ীসকলৰ সংগঠনবোৰে জনাইছে, বর্তমান সংকটৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ৰ আগন্তুক শিক্ষাবর্ষৰ বাবে পাঠ্যপুথি ছপা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । এনে পৰিস্থিতিৰ বাবে সেই দেশৰ চৰকাৰৰ 'ভুল নীতি'য়ে দায়ী বুলি অভিযোগ পাকিস্তানৰ কাগজ আৰু মুদ্রণ ব্যৱসায়ীসকলৰ । তেওঁলোকৰ মতে, পাক চৰকাৰে দীর্ঘ দিন ধৰি দেশীয় কাগজ উৎপাদক সংস্থাবোৰক একপক্ষীয় ব্যৱসায় কৰাৰ সুযোগ দিছে । বিদেশী কাগজ আমদানি ৰোধ কৰিছে । ফলত মূল্যবৃদ্ধিৰ পৰিস্থিতিত সেই দেশত কাগজ উৎপাদন বন্ধ হৈ থকাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই । লগতে, বিশ্বজুৰি মুদ্রাস্ফীতিৰ বাবে দ্রুততাৰ ভিত্তিত কাগজ আমদানিও কৰিব পৰা নাই । কাৰণ, পাকিস্তানৰ কাগজ আৰু মুদ্রণ সংস্থাবোৰৰ স'তে বিদেশী কাগজ উৎপাদকসকলৰ কোনো দীর্ঘম্যাদী চুক্তি নাই । প্রসংগত, কাগজ-সংকটৰ বাবে শ্রীলংকা শিক্ষা দপ্তৰতো বিগত মার্চত দেশৰ ১০ লাখৰো অধিক বিদ্যালয়ত বার্ষিক পৰীক্ষা স্থগিত কৰিবলৈ বাধ্য হৈছিল ।
web
bcf7ca2dc8704479c3f4122c5457dd99
বেয়া দিন চলিছে ৰামদেৱৰ! কোৰোণাৰ নামৰ ব্যৱসায় কৰাৰ অভিযোগ যোগগুৰুজনৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিলে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক। কোৰোনিল নামৰ ঔষধৰ জৰিয়তে কোৰোণা প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰচাৰ কৰিছিল পতঞ্জলিয়ে। কোৰোণা ৰোগীক কোৰোনিলৰ যোগেদি সুস্থ কৰিব পাৰে বুলি দাবী কৰিছিল পতঞ্জলিয়ে। কিন্তু এতিয়াৰ পৰা ঔষধত কোৰোনিল নামটো ব্যৱহাৰ কৰিব নোৱাৰিব পতঞ্জলিয়ে। চেন্নাইত এটা বিশেষ প্ৰতিষ্ঠানৰ গোচৰৰ শুনানিত এই ৰায়দান দিয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কোৰোণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে প্ৰচাৰ কৰা কোৰোনিল ঔষধৰ ট্ৰেডমাৰ্ক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কোৰোনিল মুকলি হোৱাৰ আগত বাবা ৰামদেৱে দাবী কৰিছিল যে, কোৰোনিলে কোৰোণাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰিব। কিন্তু আয়ুস মন্ত্ৰণালয়ে এই ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে। আৰু পিছত মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হয় যে, পতঞ্জলিৰ এই ঔষধে ৰোগ প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে। মন্ত্ৰণালয়ে স্পষ্ট ৰূপত কয় যে, কোৰোনিল কোৰোণাৰ চিকিত্সা হিচাপে বিক্ৰী কৰিব নোৱাৰিব। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
web
806653475ac7997cb4c5c51c6bad2fb0f08d6884
বাহাৰঘাটঃ অহা ২৪ জানুৱাৰীত অমিত শ্বাহ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত এখন বিশাল "বিজয় সংকল্প সমাবেশ"ত অংশগ্ৰহণ কৰিব। এই পৰিপ্ৰেক্ষিতত আজি নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদলবলে নলবাৰী উপস্থিত হৈ উক্ত সমাৱেশস্থলী পৰিদৰ্শন কৰে। লগতে সমাবেশৰ প্ৰতিটো দিশ সামৰি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত। উক্ত আলোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক বিজেপিৰ উপসভাপতি শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাৰ লগতে দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলে আলোচনাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উক্ত সমাবেশ সফল ৰূপায়ণ কৰাৰ বাবে নলবাৰীবাসী ৰাইজক সকলো প্ৰকাৰৰ সহায়-সহায়োগিতা আগবঢ়াবলৈ আহ্বান জনোৱা লগতে দলীয় কাৰ্যকৰ্তাসকলক এক লগ হৈ কাম কৰিবলৈ আহ্বান জনায়।
web
b8d24981411d3af498a46e33e32bc5c2bcb1618a
৩. পৰিস্কাৰ হৈ থাকিলেও প্ৰায় ৪০-৬০ ছেকেণ্ডৰ অন্তৰে অন্তৰে হাত ধোৱাটো প্ৰয়োজন । লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক । হাঁচি, কাহ অহাৰ পিছত ব্যৱহাৰ কৰা ৰুমাল, টিছু একাষৰীয়াকৈ ডাষ্টবিনত পেলাব লাগিব।
web
9bc86058938fd4f221aa9872a8236888573f72e1
মনোমোহা লাডাখ(-ৰুমী বৰা) ভ্ৰমণ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অঙ্গ। সুন্দৰ পৃথিৱীখনৰ সৌন্দৰ্য্য উপভোগৰ এক আহিলা ভ্ৰমণ। আমাৰ এইবাৰৰ ভ্ৰমণ স্থল আছিল লাডাখ। কাশ্মীৰৰ উত্তৰ দক্ষিণ দিশতঅৱস্থিত। নৱম শতিকাৰ এক স্বাধীন ৰাজ্য। ইয়াৰ স্থানীয় লোক সকল বৌদ্ধধৰ্মৱালম্বী লোক। ইন্ডো -আৰ্য্য শাখাৰ অন্তৰ্গত। দৰ্দ বুলি কোৱাহয়। ইয়াৰ লাডাখী লোকসকলৰ প্রিয় খাদ্য নাংপে, স্কুয়ু, থুকপা ইত্যাদি। লাডাখৰ জলবায়ু শীতল। ঠেৰেঙা বতাহে হাড়লৈকে কপাই তোলা। বৰফৰ পাহাৰবোৰ,লুনীয়া হ্রদবোৰ,বুদ্ধ স্তূপ আৰু বিহাৰ লাডাখৰ আকৰ্ষণীয় কেন্দ্রস্থল। লাডাখ আমি থকা ঠাই অনন্তনাগৰ পৰা ৫০০কিঃ মিঃ দূৰত্বত অৱস্থিত। আমি দিনৰ ১২ বজাত যাত্রা আৰম্ভ কৰিছিলো। শ্রীনগৰৰ পৰা সোনমাৰ্গ হৈ লাহে লাহে জজিলা গিৰিপথেৰে ৰোমাঞ্চকৰ যাত্রা আৰম্ভ কৰিছিলো। জজিলা গিৰিপথেৰে চীনা পৰিব্রাজক হিউৱেনচাং ভাৰত ভ্ৰমণলৈ আহিছিল। জজিলা গিৰিপথটো কুন্দলী পকোৱা আছিল বাবে বৃটিচসকলে জিগজেগ ৰ'ড নাম দিছিল। কলহনে আকৌ ৰাজতৰংগিনীত এই পথক ভূত স্থান বুলিছিলি। বহু দূৰলৈকে কোনো জনবসতি চকুত পৰা নাছিল। আমি যিমান উপৰলৈ উঠি গৈছলো সিমানে চেঁচা বতাহজাকে হাড়লৈকে চুই যোৱা যেন ভাব হৈছিল। আকাশখন কাষ চাপি আহিছিল। ড্রাছ নৈ খনো আমাৰ লগে লগে সমানে বাট বুলিছিল। এবাৰ পানীখিনি চুই চাইছিলো। হাতখন চিঙি নিব খোজা ঠাণ্ডা পানী! সন্ধ্যা লগাৰ আগেয়ে আমি ড্রা ছ ভেলী পাইছিলোগৈ। এৰা ড্রাছ ভেলী। পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান পোৱা ঠাইখন ঠান্দাআৰু তুষাৰপাতৰ বাবে বিখ্যাত। মানুহবোৰ মঙ্গোলীয় গোষ্ঠীৰ সাইলাখ আমাৰ অসমীয়া মানুহৰ লেখীয়া দেখাত। মই তেতিয়াহে বুজিছিলো কাশ্মীৰত কিয় মানুহবোৰে আমাক লাডখী নে কি বুলি সোধে! বাৰু যি কি নহওক. . আমি গৈ এঘৰ লাডাখী মানুহৰ ঘৰত কিছুসময় বিশ্রাম ললো। নুন চায়ে[লুনীয়া গাখীৰ চাহ]ৰ সোৱাদ লৈ গৃহস্থৰ মুখেৰে কাৰ্গিলৰ যুদ্ধৰ কাহিনী শুনিলো। অসম ৰাইফলৰ জোৱানৰ কথাও কলে। কিদৰে তেওঁলোকৰ মাটিৰে নিৰ্মিত ঘৰটোত গোলা বাৰুদ বৰষিছিল শুনি আচৰিত লাগিল। তেওঁলোকৰ গাওঁখন টুললিঙৰ কাষতে। যৰ পৰা পাকিস্থানৰ বৰ্ডাৰ আৰম্ভ হয়। তাৰপৰা নিচেই কাষতে কাৰ্গিল ৱাৰ মেমৰিয়েল। এইবাৰ কাৰ্গিল ৱাৰ মেমৰিয়েল চাবলৈ গলো। তেতিয়া ৰাতি ৮ বাজিছে। কৰ্তব্যৰত সেনা জোৱানে প্রথমে কলে যে ৭ বজাত দ্বাৰ বন্ধ হয়। পিছে আমি অনুৰোধ কৰিলো যে আমি বীৰ স্বহীদ কেপ্টেইন জিন্টুগগৈৰ ঘৰৰ মানুহ। যাবলৈ দিবই লাগিব! সম্ভ্রমেৰে আমাক লৈ গল আৰু সকলোবোৰ যুদ্ধৰ স্মৃতি খুচৰিবলৈ সুযোগ পালো। স্বহীদৰ অমৰ জ্যোতিৰ কাষত পুস্পান্জলীৰে আমি বীৰ সকললৈ সন্মান জনালো। জিন্টু গগৈৰ ফটোখন দেখুৱাই গৌৰৱ অনুভৱ কৰিলো। তেতিয়াও কাৰ্গিললৈ ৬৭কিঃমিঃআছিল। ৰাতি১০বজাৰ পৰা পূৱতি নিশালৈকে বাটত আমাৰ গাড়ীখনযান জটতসোমাই ওলাব নোৱাৰা হল। ইফালে দোকান হাটো বন্ধ। খাবলৈ বাটত একো পোৱা নগল,কিয়নো কাৰ্গিলৰো জনবসতি বৰ পাতল। লাহে লাহে বাট খুলিল আৰু আমি জান্সকাৰ ভেলী অৰ্থাৎ কাগিল পালোহি পূৱতি নিশা। কাৰ্গিলৰ পৰা আহোতে বাটত আমি নমকিলা পাহাৰ,মেগনেটিক পাহাৰ আদি বিপদজনক পৰ্বতীয়া ঠাই অতিক্রম কৰিলো। বাটতে গুমতি জতীয় দোকানএখনত চাহ খাই থাকোতে লঠঙা পাহাৰবোৰৰ নামনিত এজাক সুগৰি পহু নিৰ্ভয়ে উমলি ফুৰা দেখি হতবাক হলো! পিচে এইখিনিতে এষাৰ কথা কওঁ. . পাহাৰবোৰ লঠঙা হলেও পিছে অপূৰ্ব সুন্দৰ লাগিছিল। বাটৰ কাষৰ বুদ্ধবিহাৰ বিলাকে ভাগৰুৱা মন বোৰ জীপাল কৰি তুলিছিল। যাত্রাপথৰ সকলোতকৈ ভাললগা ঠাইখন আছিল মুন লেন্ড। সচাইযেন জোনবাইৰ দেশ! কুন্ডত কটা পাহাৰবোৰ একো একোটা মৃন্ময় মূৰ্তি নহৈ যেন পলে পলে জাগ্রতহৈ পৰিব খুজিছিল। গছ নথকা ইমান নয়নাভিৰাম পাহাৰ মই কাহানিও কতো দেখা নাছিলো। যাত্রাস্থল পাবলৈ বেছি দূৰ নাছিল। নিম্মো নামৰ ঠাই টুকুৰা পাৰ হৈ আমি লাহে লাহে 'লিটিল তিববত' লেহ পাইছিলোগৈ। তেতিয়া দিনৰ ১২ বাজিছল। সম্পূৰ্ণ২৪ ঘন্টাৰ ভ্ৰমণ। লেহ খন দেখা পাই খূবেই আনন্দিত হৈ উঠিছিল মন। লেহত আকাশখনৰ কি মোহনীয় বেশ! প্রকাশ কৰিব নোৱাৰাকৈ অপৰূপ এই লাডাখ। মোৰ জীৱণৰ এক অবিস্মৰণীয় স্মৃতি। সিন্ধু নদীৰ কমনীয় ৰূপ এই ঠাইৰ অনতম বিশেষত্ব।
web
b4d980bda52242342e7cedf8ec69e85774194b1f
এটা কবিতাৰ(! ! ) জন্মগাথা (নৱনাথ চহৰীয়া) তেতিয়া বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভনি, ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণ, সন্ধ্যাবেলাৰ দৰে, ২০০০ চনৰ জুন মাহৰ কথা। ৬ কিল'মিটাৰ চাইকেল মাৰি স্কুললৈ সদায় স্কুললৈ অহা-যোৱা কৰোঁ, স্কুলঃ ছিপাঝাৰ উঃ মাঃ আৰু বহুমূখী বিদ্যালয়। মে মাহৰ তৃতীয় সপ্তাহত প্ৰথম বাৰ্ষিক বিজ্ঞান শাখাৰ পৰীক্ষা দি উঠিছোঁ মাত্ৰ। পহিলা জুনৰ পৰা আৰম্ভ হৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ টিউছন। পৰীক্ষা বৰ বাৰু হোৱা নাই। স্কুলত প্ৰ্যাত্যাহিক শ্ৰেণী তেতিয়াও আৰম্ভ হোৱা নাছিল। উপন্যাস পঢ়ি ভালপোৱা মই-জনে মাজে-মাজে নিজেই কবিতাৰ নামত দি কিবা-কিবি লিখোঁ। পিছত গম পাইছিলোঁ সেইবোৰ কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ। ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা টিউছন শ্ৰেণীত ৰসায়নৰ ৰস উলিয়াই শ্ৰদ্ধাৰ ৰফিক ছাৰে। চাৰ্লচ, বয়ল, হাইজেনবাৰ্গ ... কত যে কিমান সুত্ৰ। শ্ৰেণীৰ মাজতে আমি (আমি মানে জ্যোতিৰ্ময়, চন্দন, হৰেকৃষ্ণ, উদয়, অঞ্জন,যুগল আৰু মই) কেইজনমানে বিচাৰি থাকোঁ ৰাম, হৰি, যদু, মধু, ৰহিমৰ সুত্ৰ কিয় নাই...বিৰক্তি লাগে চাৰ্লচ, বয়লৰ দৰে বিদেশীমখাৰ সুত্ৰ মুখস্থ কৰি। কিন্তু কি কৰিম, মুখস্থ নকৰি উপায় নাই। পৰীক্ষা ভাল নোহোৱাৰ বাবে লাহে লাহে এটা ধাৰণাৰ জন্ম হৈছে মোৰ- "কলা শাখাত নামভৰ্ত্তি কৰা হ'লেই ভাল আছিল। " আকৌ কেতিয়াবা ভাবো যদি দ্বিতীয় বৰ্ষৰ শেষান্ত পৰীক্ষা বেয়া হয় তেতিয়া কি হ'ব? পৰীক্ষা বেয়া হোৱাতকৈ এতিয়াও সময় আছে- কলা শাখাত নামভৰ্ত্তি কৰাই ভাল, এবছৰহে গৈছে। আকৌ কেতিয়াবা ভাবো- এহ্, ভালদৰে পঢ়ি বিজ্ঞান শাখাত পৰীক্ষা দিয়াই ভাল আৰু এবছৰহে আছে। এবছৰ অতিক্ৰম কৰি আহিলোঁ আৰু এবছৰ আছে, কিযে এক বিড়ম্বনা, কিযে এক সন্ধিক্ষণ। কিবা কাৰণত চাৰ আহিব নোৱাৰাৰ বাবে সেইদিনা টিউছন শ্ৰেণী হোৱা নাছিল। চন্দনে আহি ক'লে - "মই Robert Fost-ৰ ধুনীয়া কবিতা এটা পঢ়িলো। নাম -"The Road Not Taken"। সন্ধিয়া কবিতাটো উলিয়াই পঢ়িলোঁ। তাৰ পিছত লিখিলোঁ এটা সন্ধিক্ষণৰ কবিতা (! ! আচলতে কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ)। "The Road Not Taken" কবিতাটো আজিও মোৰ প্ৰিয় কবিতা সমূহৰ এটা। কলা শাখাত নামভৰ্ত্তি কৰা ধাৰণাটো লাহে লাহে নাইকিয়া হ'ল, কিন্তু আজিও সেই সন্ধিক্ষণৰ কথা ভাবি ভয় লাগে। নীল সাগৰত মৰীচিকা নাই .... পিছে লুমিং (? ) সেওঁতা ফালিছে সোণাৰুৱে।
web
7df369ac2889d0b19af8fd7b2f15f864563e5d67
গুৱাহাটীঃ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে বিধানসভাৰ বিশেষ অধিবেশনৰ মাজতে বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ ভাষণ ফেচবুকত লাইভ কৰাৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ তৰিছে । উল্লেখযোগ্য যে ২০১৭ চনত বিধানসভাত নিজ ভাষণ ফেচবুক লাইভ কৰাৰ বাবে বিধানসভাৰ পৰা তিনি দিনৰ বাবে বৰ্খাস্ত কৰা হৈছিল এ আই ইউ ডি এফ ৰ বিধায়ক আমিনুল ইছলামক। যি ক্ষেত্ৰত কিছুদিন পিছত বিধায়কগৰাকীয়ে নিজ ভুলৰ বাবে লিখিতভাবে ক্ষমা বিচাৰে। এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে সেই বিতৰ্কিত ফেচবুক লাইভৰ সময়ত অবৈধ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ওপৰত মন্তৱ্য আগবঢ়াইছিল অন্যহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত মন্তব্য আগবঢ়াইছিল। বিধায়ক আমিনুল ইছলামে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ সম্পৰ্কত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ওচৰত গোচৰ তৰিছে। ভিডিঅ প্ৰতক্ষ্য কৰকঃ Protesters, who walked all the way from Tinsukia-Guwahati to protest against CAA 2019, Detained!
web
28bf7bb9fae46631218073078d05dccdd9514781
জনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস। হাতী, গঁড়, ভালুকৰ পিছতেই ৰাজ্যত এতিয়া বাঘৰ আতংক। দেওবাৰে পুৱাই বাঘে নিধন কৰিলে পশুধন। এই ঘটনা সংঘটিত হৈছে বৰছলাত। বৰছলাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে মাধৱ সৰকাৰ নামৰ লোকজনৰ ঘৰৰ গোহালিত সোমাই বাঘে নিধন কৰিলে চাৰিটাকৈ ভেড়া ছাগলী। এই ঘটনাই নহয়, কিছুদিনৰ আগতে বাঘটোৱে বৰছলাৰ নিছলামাৰীত দুটা গৰু আৰু ছাগলী নিধন কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাস।
web
d3943695f2760a7640851fea7309a1f2b17022f7635b6d6206c6aa9ffba9e730
আছা যদি সোণাৰ আইদেউক পিন্ধং দি । আয়তীৰ উৰুলি / ৬৬ উঘা চেৰেকী গাঞ। মেলেকি আনছা যদি পাতৰ কাপোৰ আইদেউক পিন্ধং দি । এক টেকলি পাইন) গাখীৰ ও ও মন নীলা ও আনে আৰু নেই ও তাকে খাবা পাই মায়ে ও ও মন নীলা ও পাঠশালাতে দিলা ও। এক জোৰা ডাব নাৰিকল ও ও মন নীলা ও আনে আৰু নেই ও তাকে খাবা পাই মাযে ও ও মন নীলা ও পাঠশালাতে দিলা ও ( দৰাঘৰে কইনালৈ অনা বস্তুৰ বৰ্ণনাৰে গীতটো দীঘল কৰি গাব পাৰি। উল্লেখযোগ্য যে দৰাঘৰে কইনা ঘৰলৈ অনা খোৱা বস্তুবোৰক সমানে দুভাগ কৰি এভাগ এখন অনাকাটা কাপোৰত বান্ধি দৰা ঘৰলৈ দি পঠাব লাগে । কিছুমান ঠাইত নিজৰ ঘৰৰ পৰা মিঠাই, নাৰিকল আদি দৰা ঘৰলৈ পঠিয়াই দিয়ে
pdf
357d5dd9dd309cf5f53f0ff1e93b5e225751835a
বিহুসদৃশ উৎসৱ 'লোছাৰ' ষাঠি-সত্তৰৰ দশকত পিতৃদেৱৰ (বৰ্তমান প্ৰয়াত) কৰ্মসূত্ৰে (তেখেত বিদ্যালয় এখনৰ প্ৰধান শিক্ষক আছিল ) তদানীন্তন 'নেফা' ( বৰ্তমান অৰুণাচল প্ৰদেশ)ৰ অবিভক্ত কামেং জিলাৰ সদৰ ঠাই ব'মডিলা তথা দাঁতিকাষৰীয়া ডিৰাং আৰু জীগাঁও (প্ৰথিতযশা সাহিত্যিক শ্ৰদ্ধেয় য়েছে দৰজে ঠংছিদেৱৰ গাঁও) নামৰ ঠাইত মোৰ শৈশৱৰ কিছু কাল কটোৱাৰ অভিজ্ঞতা হৈছিল। সেই দুখন ঠাই ক্ৰমে মনপা আৰু শ্বেৰদুকপেন জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলত অৱস্থিত। সেই সময়ত 'নেফা'ৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম আছিল অসমীয়া আৰু চৰকাৰী প্ৰশাসনিক কাম-কাজো অসমৰ তেতিয়াৰ ৰাজধানী শ্বিলঙৰ পৰাই অসমৰ লগতেই পৰিচালিত হৈছিল বাবে বিদ্যালয়সমূহৰ সৰহ সংখ্যক শিক্ষক আৰু চৰকাৰী বিভাগসমূহৰো বেছিভাগ বিষয়া-কৰ্মচাৰী অসমীয়া লোকেই আছিল। সেয়েহে তাত কৰ্মৰত অসমীয়া লোকসকলে নিজ নিজ কৰ্মস্থলীত অসমীয়া ভাষা-সাহিত্যৰ লগতে কৃষ্টি-সংস্কৃতিৰো চৰ্চা অব্যাহত ৰাখিছিল আৰু তাৰ স্থানীয় বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসমৰ মহাপুৰুষ দুজনা গুৰুৰ তিথি - জয়ন্তীকে ধৰি জাতীয় উৎসৱ বিহু আদিও উদযাপন কৰিছিল, বিশেষকৈ স্থানীয় লোকসকলক জড়িত কৰি ৰঙালী বিহুটি উলহ-মালহকৈয়ে পালন কৰি অসমীয়া নৱবৰ্ষটিক আদৰিছিল। উজনিৰ ফালৰ ডেকা শিক্ষক-কৰ্মচাৰীসকলে লগতে লৈ ফুৰা ঢোল, পেঁপা, বাঁহী, গগণাৰ মাত আৰু বিহুনামৰ ধ্বনি পৰ্বতে আগুৰি থকা সেই ঠাইবোৰত ৰজনজনাই প্ৰতিধ্বনি তুলি এক সুকীয়া মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰিছিল। আঁতৰত থাকিও অসমীয়াৰ বাপতি সাহোন বিহুটিৰ আনন্দ উপভোগ কৰাৰ সেইবোৰ স্মৃতিমধুৰ কথা আমাৰ মনত এতিয়াও সজীৱ হৈ আছে। পৰৱৰ্তী কালত, ১৯৭২ চনত, 'নেফা' নাম সলাই অৰুণাচল প্ৰদেশ নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৯৮৭ চনত পূৰ্ণাংগ ৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰাৰ লগে লগে অসমৰ সৈতে থকা তাৰ মানুহখিনিৰ সাতামপুৰুষীয়া সম্পৰ্কত কিছু যতি পৰিল। বিদ্যালয়সমূহৰ পৰা অসমীয়া মাধ্যম অপসাৰিত হৈ ইংৰাজী, হিন্দীয়ে স্থান লোৱাত বিদ্যালয়সমূহত শিক্ষকতা কৰা আৰু অন্যান্য বিভাগত চাকৰি কৰা অসমীয়া মানুহৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। কিন্তু সেই সময়ত 'নেফা'ৰ অধিকাংশ লোকেই অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ভালদৰেই পৰিচিত আৰু অসমীয়া মানুহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি গৌৰৱ বোধ কৰিছিল। এতিয়াও অৱশ্যে অনেকেই এই ঐতিহ্য বজাই ৰাখিছে। সি যি কি নহওক, আমি 'নেফা'ৰ 'কামেং' জিলাত থকা সময়ত অসমীয়া নৱ-বৰ্ষটি আদৰা বসন্তোৎসৱ ৰঙালী বিহুৰ লেখীয়াকৈ প্ৰায় একে সময়তে ব'মডিলা, ডিৰাং আদি অঞ্চলৰ মনপা জনগোষ্ঠীৰ লোকসকলে আৰু জীগাঁও, ৰূপা আদি অঞ্চলৰ শ্বেৰদুকপেন জনগোষ্ঠীৰ লোকসকলেও তেওঁলোকৰ নৱ-বৰ্ষ আদৰিবলৈ 'লোছাৰ' ( বা 'লোছেৰ') বুলি এক বসন্তঋতুকালীন কৃষিভিত্তিক উৎসৱ পালন কৰা দেখিছিলোঁ। এই উৎসৱ পালনত তাত কৰ্মৰত অসমীয়া বা অন্যান্য লোকসকলেও সহযোগিতা আগবঢ়াইছিল আৰু তাৰ স্থানীয় লোকসকলৰ ঘৰলৈ সসন্মানে আমন্ত্ৰিত হৈ আদৰ-আপ্যায়ন লাভ কৰিছিল। আমাৰ বিহুৱানৰ দৰে এবিধ হাতেবোৱা কপাহী বগা পবিত্ৰ গলবস্ত্ৰ 'খাদা' অতিথিসকলৰ ডিঙিত পৰিধান কৰাই তেওঁলোকে সম্ভাষণ যাচিছিল আৰু তেওঁলোকৰ থলুৱা জনগোষ্ঠীয় খাদ্য পৰিৱেশন কৰিছিল। তদুপৰি তেওঁলোকৰ উপাসনা থলী 'গোম্পা'ত পৰম্পৰাগত পূজা-পাতল আৰু 'গোম্পা'ৰ বাকৰি অথবা ৰাজহুৱা মুকলি স্থানত স্বকীয় নৃত্য-গীত আদিৰ অনুষ্ঠানত গাঁৱৰ সকলো লোকেই সামূহিকভাৱে অংশ গ্ৰহণ কৰা দেখিছিলোঁ। তাত আমিও দৰ্শক হিচাপে উপস্থিত আছিলোঁ। এই 'লোছাৰ' উৎসৱটি অতীজৰে পৰা সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি উদযাপিত হৈ আহিছে। অসমৰ নৱ-বৰ্ষ আদৰণি ব'হাগ বা ৰঙালী বিহু সদৃশ ওচৰ-চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লোছাৰ উৎসৱটি প্ৰধানতঃ বৌদ্ধ ধৰ্মাৱলম্বী মহাযানপন্থী মনপা আৰু শ্বেৰদুকপেন জনগোষ্ঠীয় লোকসকলৰ উপৰি মেম্বা, খাম্বা, নাহ আদি জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ নৱ-বৰ্ষ আদৰাৰ মুখ্য উৎসৱ। বসন্ত কালৰ আগমনিৰ লগে লগে তিব্বতীয় ৰীতিৰ চান্দ্ৰমাহ ভিত্তিক বৰ্ষ আৰম্ভণিৰ প্ৰথম দিনটোতে লোছাৰ উৎসৱটি আৰম্ভ কৰা হয়। স্থান আৰু জনগোষ্ঠী বিশেষে চান্দ্ৰমাহৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ কৰি তিনি, পাঁচ, আঠ বা পোন্ধৰ দিনীয়াকৈ পালন কৰে। অৰুণাচল প্ৰদেশৰ ব'মডিলা, টাৱাং অঞ্চলত খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ আগৰে পৰা বসবাস কৰি থকা মনপাসকলৰ কৃষিকৰ্ম, পশুপালন আৰু ধৰ্মীয় পৰম্পৰাৰ সৈতে সম্পৰ্ক থকা মুখ্য উৎসৱ হৈছে লোছাৰ। উপ-জনগোষ্ঠীভেদে লোছাৰ পালন ৰীতিৰ প্ৰভেদ থাকিব পাৰে যদিও মূলতঃ অপায় অমংগলৰ কাৰক অপদেৱতাবোৰক আঁতৰাই যাতে নতুন বছৰটিয়ে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে আনন্দ উৎসৱৰ মাজেৰেই কামনা তথা উপাসনা কৰা হয়। 'লোছাৰ' শব্দটো 'লো' ( অৰ্থঃ বছৰ ) আৰু 'ছাৰ' ( অৰ্থঃ নতুন ) শব্দ দুটাৰ সংযুক্তিত গঢ় লৈছে যাৰ সৈতে নতুন বছৰক আদৰণি জনোৱাৰ ধাৰণা সংপৃক্ত হৈ আছে। এই উৎসৱটি সাধাৰণতে চান্দ্ৰমাহৰ গণনা অনুসৰি জানুৱাৰী, ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত উদযাপন কৰা হয়। বিভিন্ন ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰ মাজেৰে সকলো শ্ৰেণীৰ লোকে যথেষ্ট উৎসাহ উদ্দীপনাৰে লোছাৰ উৎসৱ পালন কৰে। সকলোৱে নিজৰ ঘৰ-দুৱাৰ ন-ৰঙেৰে সজাই তোলে, ঘৰৰ মূধচত ধৰ্মীয় পতাকা উত্তোলন কৰে আৰু ভিতৰত ঘিউৰ চাকি জ্বলায়, বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ পাঠ তথা প্ৰাৰ্থনা কৰে আৰু ৰাজহুৱা উপাসনা থলী গোম্পাত বৌদ্ধ ভিক্ষু 'লামা'সকলে উৎসৱটিৰ সৈতে প্ৰাসংগিক গ্ৰন্থৰ শ্লোক আবৃত্তি কৰে আৰু মুনিহসকলে বিখ্যাত মুখা নৃত্য প্ৰদৰ্শন কৰে। বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, নাচ-গান আদিও অনুষ্ঠিত হয় য'ত সকলো বয়সৰ পুৰুষ, মহিলা, যুৱক, শিশুসকলে নিজৰ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি অনুষ্ঠানসমূহত ভাগ লৈ আনন্দ উপভোগ কৰে। ইয়াৰ সমান্তৰালভাৱে ঘৰে ঘৰে বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰে আৰু আলহী গ'লে আদৰ-সাদৰেৰে আপ্যায়িত কৰি সন্তুষ্টি লভে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ৰ কৃষিজীৱী লোকসকলৰ মাজত পূৰ্বৰে পৰা ঋতু পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰাৰ প্ৰথা প্ৰচলিত হৈ আহিছে। অসমীয়াৰ বিহুৰ দৰে বহু দিশেৰে একেধৰণৰ বৈশিষ্ট্যসম্পন্ন উৎসৱ প্ৰায়বোৰ জনগোষ্ঠীৰে আছে। অৰুণাচল প্ৰদেশৰ অন্যান্য জিলাৰ বিভিন্ন জনগোষ্ঠীয় জাতি-উপজাতিৰো তদ্ৰুপ উৎসৱ-পাৰ্বণ আছে যদিও অবিভক্ত কামেং জিলাৰ মনপা, শ্বেৰদুকপেন আদি লোকসকলৰ নৱবৰ্ষৰ আদৰণি উৎসৱ 'লোছাৰ'ৰ ঐতিহাসিক গুৰুত্ব আৰু সামাজিক- সাংস্কৃতিক জনপ্ৰিয়তাই বিশেষ স্থান লাভ কৰিছে। ।
web
06ec8e1a0c374e0c92875aabb112b092ca681cfb
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নেতৃত্বত জুবিন গাৰ্গ Fan Club উদ্যোগত কলাগুৰু আটিষ্ট ফাউণ্ডেশ্যনৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে বান সাহাৰ্য্য বিচাৰি এক সমদল। উল্লেখযোগ্য যে এই সমদল আজি চান্দমাৰীৰ পৰা শুভাৰম্ভ হৈছে। জানিব পৰা মতে অসমৰ বিভিন্ন জিলাত থকা জুবিন Fan Club ৰ সদস্য সকলে বিভিন্ন ঠাইৰ পৰা সাহাৰ্য সংগ্ৰহ কৰিব। ইতিপূৰ্বেও শিল্পী গৰাকীয়ে বানে জুৰুলা কৰা জনৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছিল। আজিৰ এই সমদলত বিভিন্ন জন শিল্পীয়ে অংশগ্ৰহণ কৰা দেখা যায়। ইফালে কালি বিশ্ব সৰ্প দিৱস উপলক্ষ্যে শোণিতপুৰ প্ৰেচ ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকীক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে সৌৰভ বৰকটকীয়ে সাপ সংৰক্ষণত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
web
e4e84a7a70eb92dbd5699ba8c092cced
বিৰোধী সাংসদসকলৰ তীব্ৰ বিৰোধিতাৰ পিছতো দেওবাৰে গৃহীত হ'ল দুখন কৃষি বিধেয়ক। বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈ আঠগৰাকী বিৰোধী সাংসদ চলিত অধিৱেশনৰ পৰা নিলম্বিত হ'বলগীয়াও হ'ল। ইয়াৰ মাজতে বলিউড অভিনেতা অনুপম খেৰে কৃষি বিধেয়ক সন্দৰ্ভত মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে ঠিয় দিছে। তেওঁ কয়, "যোৱা ৭০ বছৰত কৃষকসকলৰ অৱস্থা চিন্তনীয় হৈ পৰিছে। কিন্তু এতিয়া এই বিধেয়কৰ বাবে তেওঁলোকৰ অৱস্থা সলনি হৈ যাব। কৃষকসকল এতিয়া মালিক হৈ গ'ল। কৃষকসকল আন্তনিৰ্ভৰ হ'ব লাগে"। উল্লেখ্য যে পঞ্জাৱ, হাৰিয়ানাৰ লগতে আন আন ৰাজ্যসমূহত কৃষকসকলে ৰাজপথলৈ ওলাই আহি এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আছে। ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক কেইবাবাৰো প্ৰতিশ্ৰুতি দিছে যে এই বিধেয়কৰ জৰিয়তে নূন্যতম সমৰ্থন মূল্য (এম এছ পি) আঁতৰাই দিয়া নহয়। কেইগৰাকীমান সাংসদে অধ্যক্ষৰ ডেস্কৰ মাইক্ৰ'ফোন ভাঙি পেলোৱাৰ লগতে উপাধ্যক্ষৰ কাষত থিয় হৈ কাগজ ফালি পেলোৱাৰ দৃশ্যও কেমেৰাত ধৰা পৰিছিল।
web
5b1b813bbf23add5056026e9900b672c1dd3f8f8
যোৱা কালি বুধবাৰে মাজনিশা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত এটা গীৰ্জাত কোনো অচিনাক্ত লুটপাতকাৰীয়ে আক্ৰমণ সংঘটিত কৰে আৰু দুগৰাকী জ্যেষ্ঠ পাদ্ৰীক শাৰীৰিকভাৱে অপদস্ত কৰে। গাৰো পাহাৰৰ ড'মিনিক ছভিঅ' মিশ্যনত আক্ৰমণ সংঘটিত কৰা লুটপাতকাৰীৰ দলটোত প্ৰায় ২০জন মান সদস্য আছিল। লুটপাতকাৰীৰ দলটোৱে ৰেভাৰেণ্ড ফাডাৰ থমাছ জন আৰু ডেনিয়েল ছাংমাক লোহাৰ ৰ'ডেৰে বেয়াকৈ মাৰধৰ কৰে। প্ৰতিৱেদন অনুসৰি, লুটপাতকাৰীসকলে গীৰ্জাৰ চৌহদ লণ্ডভণ্ড কৰে আৰু দুটা স্মাৰ্টফোনসহ প্ৰায় ১. ২৫ লাখ টকা লুটি লৈ যায়। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ এটা তদন্ত কৰি আছে। আৰক্ষীৰ মতে এই লুটপাতকাৰীসকল গাৰো পাহাৰৰ আন তিনিটা দুটপাতৰ ঘটনাৰ সৈতে যুক্ত আছে। এইটোকে ধৰি মুঠ ৪টা লুটপাতৰ সময়ত একেই উপায় অৱলম্বন কৰিছে দলটোৱে। ইয়াৰ পূৰ্বৰ লুটপাতৰ ঘটনাসমূহ পূব গাৰো পাহাৰৰ ডাওগ্ৰি, দক্ষিণ গাৰো পাহাৰৰ চোকপট আৰু পশ্চিম গাৰো পাহাৰৰ ডালুত সংঘটিত কৰিছিল।
web
f64f1425b1c124e75406d0167f4261e4cb877058
সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পিছতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেল অনুষ্ঠিত কৰি উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জনাইছে। "সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব" - কলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
web
b9dcd65a6c15af2a1f967862b0b5eb580c25fb95
দুৰ্ঘটনাৰ ফলত বিমানখনত যাত্ৰা কৰা ১৪ জন যাত্ৰীৰ ভিতৰত ১৩ জন যাত্ৰীয়েই প্ৰাণ হেৰুৱায়। সেনাবাহিনীৰ মুখ্য বিপিন ৰাৱটক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বৰ্তমান তেখেতৰ স্বাস্থ্য সন্দৰ্ভত কোনো ঘটনা পোহৰলৈ অহা নাই। নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে সকলোৰে। ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ বিমান MI-17V5। পত্নী সহিতে ঘনঘোৰ জংঘলত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাবাহিনীৰ মুখ্য(CDS) বিপিন ৰাৱট। বুধবাৰে, ১৪ জন যাত্ৰী কঢ়িয়াই নিছিল ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমান MI-17V5 হেলিকপ্টাৰখনে। তামিলনাডুৰ চুলুৰৰ সেনা বাহিনীৰ কেম্পৰ পৰা উৰা মৰা MI চিৰিজৰ হেলিকপ্টাৰখন তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হয়। বুধবাৰে দুপৰীয়া ১২. ২০ বজাত তামিলনাডুৰ নীলগিৰি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় এই হেলিকপ্টাৰখন। দুৰ্ঘটনাৰ ফলত বিমানখনত যাত্ৰা কৰা ১৪ জন যাত্ৰীৰ ভিতৰত ১৩ জন যাত্ৰীয়েই প্ৰাণ হেৰুৱায়। সেনাবাহিনীৰ মুখ্য বিপিন ৰাৱটক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে বিপিন ৰাৱটে। এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ। ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে। তামিলনাডুৰ পাহাৰত ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে হেলিকপ্টাৰখন জুইৰ লেলিহান শিখাই আৱৰি ধৰে। স্থানীয় লোক আৰু সেনাৰ সহযোগত ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলোৱা হয় যদিও কেইবাজনো লোকৰ শৰীৰৰ ১০০ শতাংশই জ্বলি যায়। বুধবাৰে ৱেলিংটনস্থিত ডিফেন্স ষ্টাফ কলেজলৈ যাত্ৰা কৰিছিল বিপিন ৰাৱটৰ লগতে আন ১৩ জন সেনা বিষয়াই। উল্লেখ্য যে, বায়ু সেনাৰ বিশেষ বিমান MI-17V5য়ে যিকোনো পৰিস্থিতিতে উৰা মাৰিব পাৰে। এই হেলিকপ্টাৰখন Starboard Sliding Door, Parachute Equipment, Searchlight আৰু Emergency Floatation Systemৰ দৰে অত্যাধুনিক সা-সুবিধাসম্পন্ন। এই অত্যাধুনিক সুবিধা থকা স্বত্তেও হেলিকপ্টাৰখন কিদৰে দুৰ্ঘটনাত পতিত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত অব্যাহত ৰখা হৈছে অভিযান। এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই দুৰ্ঘটনাত ১৪ জন লোকৰ ভিতৰত ১৩ জন লোকেই প্ৰাণ হেৰুওৱাৰ বিপৰীতে এজন লোক সংকটজনক অৱস্থাত চিকিৎসা চলাই থকা হৈছে। নিহত লোকসকলৰ DNA পৰীক্ষা কৰি চিনাক্ত কৰা হ'ব মৃতদেহ। বিপিন ৰাৱটৰ মৃত্যু ভাৰতীয় সেনাৰ বাবে বিস্তৰ ক্ষতি। তেখেতৰ মৃত্যু দেশৰ বাবে বিস্তৰ ক্ষতি। ঘটনাৰ বাবে, আজি বিয়লি ৬. ৩০ বজাত এখন বিশেষ বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰীসকল । এই বৈঠকত হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত বিশেষ আলোচনা কৰা হ'ব।
web
f84b8189fadaa3a7f5a22efa87ea6b06d353b400
GODOTE YONETAMO DA:HAWAKALILAMIYA: 1 Ba:moe hopolo tete tatalilo dikulihomena:, Ya:su Kelisote ba:bi komokomo ebeno huiyaha: okopa:tamo ba:moe bukalo hawakalilamena. Ba: hibila, Godote ba:bi komo Ya:sutamo dopamo hawakalilamete, ba:bene ebete ebeno nopodawa na ebeno huiyaha: okodawa Yonetamo poemi, nale ba:bi atu komo ebegodone hidamo kiya:tawama:. 2 Ba:bema: na Yonete kebe komo nopodawagodolo dulamimo, nale ba:bi hiya:hiya: komo ba:moe bukamo miya:tehomo, iyo, kebe tabo komokomo Godogodone natamo da:pikuli ba:gala Ya:suti natamo kebe hibi komokomo da:hawakalilami, nale ba:moe bukalo ba:bi hiliyonomo komo ama: buka ka:lamiholedawatamo olamagitamo. 3 Ba:bema: lumagiti ba:moe bukoeno tabo da:ka:lamiholemene, ebete na:kalakalamene! Ba:gala puya:te ba:moe bukoeno tabo ulihote da:papamila:hamena:, iba:te na:kalakalahamena:! Ba: hibila, Godote kebe hiliyonomo komo ba:moe bukalo da:hawakalilamena, tete tatalila ba:bi komate kikulihoma:na:. Yonete Sa:ba:ni Sosa:tamo Nolata Tabo Doemiya: 4-5 Na Yonete ba:moe bukoeno tabo komokomo A:isiya hopoeno sa:ba:ni habahaboeno sose tawakaluba:tamo poelamitamo. Ba:moe hopo tupuimihino Godote dopamo nemedenami, ba:gala ba:ma tetelo ebete bemedena, ba:gala ebete emedena emedena tetelo bemedenamene. Ba: hibila, ebeno Gobogoboeno sa:ba:ni komate ebeno Ko Gawadalagi luta bahi dopo hapulu la:mota:hana. Ba:gala ebeno hibi komo hawakalimidawa ba: Ya:su Kelisotela, ebe ba: hoe ipuwane da:mahiguya: ba:be Dopodawala, ba:gala ebe hopo haboeno hiliyonomo koko gawadubuino Namutudawala. Ba:bema: wadiyala malemale komo ba:gala hete komote la: hibima: midipi ipuwalo na:pola:namena:, mabu ba:bi netewa komate Godogodone ba:gala ebeno Gobogobogodone ba:gala Ya:sugodone la:tamo puluhukuna. Ba: hibila, Ya:suti a malemalelo emalagidoloena, ba:gala ebete ha:kiya ebeno hawa:mo a aeno kuba ododili ipuwane uluhukua:tete, 6 ebeno Ko Gawadalagi habanapima: a:midiya:, ale emedena tetelo ebeno Nabiwi Godokono oko kowatinama:. Ba:bema: wadiyala konomo awagaha komo ba:gala konomo helo komote Ya:su Kelisogodolo emedena emedena tetelo na:pola:namena:! Ba:moe tabo hibinomola, ba:ba:la! 7 Mu numitota:la:, ebete hawai ipuwado puluhukuta! Ba:bema: hopo habanapi hiliyonomate ebe ibino baida:mo kumima:na:, ba:gala puya:te ebe ba anakapumi tabilo kibila:mo dahohamiduya: iba:te ebe ba: atumu kakumima:na:, iyo, ba:moe hopo konomolo demedehona ba:bi tawakalubi hiliyonomate ibino hiya:hiya: tama kapiyuimi ipuwalo ebe eba toleme konomamo ba:bo kihimitama:na:. Ba:bema: wadiyala ba:be tetete hibilo nuluhukamene! 8 Kodawa Godote na:goena, "Na ba: Mabula ba:gala na ba: Kuititila!" Ba: hibila, ebe Helonomodawala, ebete ba:moe hopo tupuimihino dopamo nemedenami, ba:gala ebete ba:ma tetelo bemedena, ba:gala ebete emedena emedena tetelo bemedenamene! Yonekono Baiditi Hiya:ma: Ba Eda:hame Ya:suku Dumiya: 9 Na ba: Yonetela, a hibima: midipino badininipala ipuwalo na ba: ekawi etala. Iyo, na ba:gala la:, a ba: puya:te Ya:suku ta:mata mabuma: koko temeteme ipuwalo kapimilo demedehonama: ba:bi tawakalubila, huiyatiya a ebeno Ko Gawadalagi habanapima: ba eda:hana aeno tepo ipuwa kodakoduilamete heloha:ma: keda:hanaha:. 12 Ba:bene pote natamo tabo da:goi, nale ba:be dawa umima: dohobiguimo, huiya koko golodo alo sa:ba:ni ba ulamita 13 ibi tetenomolo ebete la:nalo ba:bo umimo. Ba:be dawoeno holoholo ba: hopo lumagino holoholo huiyala, ba:bene ebete da:puli ba:be ga:ga: kalikote haka ologi, ba:gala ebeno bodolo tetelo ditama:nui ba:be kawali ba: huiya konomo golodo ilinala. 14 Ba:bene ebeno wato ba:gala hinibo keyakeyahibinomola, alomoeno a:la:mina keba ka:nala:ka: ba:ba ka:nala, ba:gala ebeno baiditi koe powamo wamotemeti. 15 Ba:bene ba:be dawoeno natote alonomoma: eda:hami, iyo, okodawate hiya:nomo auli ilinoeno dalowa: koa:mo demadolamemene, ba:bene koe ipuwane uluhukutiti kalikamo ba meteteho a:la:minanomoma: da:midinako, ebeno natote ba:ba ka:na a:la:minalemiti, ba:gala konomo beyate da:goenapenanako ebeno tabo madodo ba: ba:ba ka:nala. 16 Ba:bene ebeno tu hapu kokotolo sa:ba:ni oloki na:pola:ma:nui, ba:gala ebeno tabo ipuwane giha kiyokiyo giliti puluhukui, ba:gala hegela tuli tetelo hegelate keba ka:na ka:la:minutanako ebeno holoholoeno a:la:mina ba: ba:ba ka:nala.
web
1da9d4137b64da31d78910eeddfe284a829faf58
মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি যাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই চকলা চকলকৈ এৰাই গৈছে পকী পথ। উল্লেখযোগ্য যে নামনি মাজুলীৰ মেৰুদণ্ড স্বৰূপ গড়মূৰ বালিচাপৰি গড়কাপ্তানি পথটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে যদিও পথটোৰ নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ বিষয়াই ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। যাৰ ফলত ৬৪ লাখ টকা ব্যয়ৰে নিৰ্মাণৰ কাম চলি থকা পথটোৰ নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ আগতেই বিভিন্ন অংশ চকলা চকলকৈ খহি পৰা দেখা গৈছে। শিল নিদিয়াকৈয়ে কেৱল বালি মাটিৰ ওপৰতে ব্লেক টপিং দিয়া হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰে। ইয়াৰ প্ৰতিবাদত আজি মাজুলী ছাত্ৰ সন্থাই বালিচাপৰিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে পথ নিৰ্মাণত চলি থকা দুৰ্নীতি বন্ধ কৰাৰ লগতে পুনৰ পথটো নিৰ্মানৰ দাবী তোলে।
web
a4ccde109cf4a52354b08e4ea66ff801
মাজুলী গড়মূৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ অমানৱীয় কাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনক লৈ হেতালি অধীক্ষক বাচা গোস্বামীৰ। ঘণ্টা ঘন্টা ধৰি পুৱাৰ পৰা চিকিৎসালয়ৰ বাহিৰত চিকিৎসাৰ বাবে ৰখি থকা মহিলাগৰাকীক চিকিৎসা নকৰালে অধীক্ষকে। মহিলাগৰাকীৰ নাম জিলি পায়েং। কমলাবাৰী ফাৰ্ম তিনিআলিৰ মহিলাগৰাকী ৬ মাহৰ আন্তসত্তা লগতে পেটত পাথৰ। বিষ আৰু যন্ত্ৰনাত চটফটাই পুৱা ৭ বজাৰ পৰা দিনৰ দিনটো চিকিৎসালয় বাহিৰত ৰখি থাকিল আত্মীয়ৰ লগত। কিন্তু চিকিৎসা নকৰিলে চিকিৎসকে। কিয়নো কেইদিন মান পূৰ্বে এই মহিলা গৰাকীৰ এজন আত্মীয়ই চিকিৎসালয় খনৰ দুৰৱস্থাৰ ওপৰত দিছিল এটা ফেচবুক পোষ্ট। আৰু সেই পোষ্ট টোৱেই এতিয়া বিপদ মাতি আনিলে মহিলাগৰাকীৰ বাবে। আত্মীয়ই পোষ্টতো দিয়াৰ বাবে এই মিহিলা গৰাকীক আজি চিকিৎসা প্ৰদান নকৰিলে চিকিৎসালয়ত।
web
79f925076faf1baf9887862b041b9bf9a7426899
অসমীয়া ভাষাৰ বৈভৱৰ বিষয়ে চিন্তাগধুৰ গুৰুত্বপূৰ্ণ আলোচনাই আজি অসম প্রকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাক নতুন মাত্ৰা প্ৰদান কৰে। ভাষাচাৰ্য ডঃ গোলোকচন্দ্ৰ গোস্বামী সোঁৱৰণী 'অসমীয়া ভাষা বৈভৱ' শীৰ্ষক দুটা ভাগত হোৱা এই আলোচন। সত্ৰত ৰাজ্যখনৰ কেবাগৰাকী ভাষাতত্ববিদ, পণ্ডিত-গৱেষক, বিদ্বৎ ব্যক্তিয়ে অংশগ্ৰহণ কৰি সুৱদীসুৰীয়া অসমীয়া ভাষাৰ গৰিমা আৰু বৈভৱ পৃথিৱীৰ ভিতৰতে অনন্য তথা লেখত ল'বলগীয়া বুলি ঘোষণা কৰে। গ্ৰন্থমেলাৰ বেণু মিশ্ৰ সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচন সত্ৰৰ 'ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা-প্রযুক্তি' শীৰ্ষক প্রথম আলোচনা সত্ৰ উদ্বোধন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মাই বৈভৱশালী বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ অমৰত্বৰ ক্ষেত্ৰত সংশয়ৰ প্রশ্ন নাই বুলি কয়। তেওঁ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব ডঃ মহেশ্বৰ নেওগৰ উদ্ধৃতিৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণ অধ্যয়নৰ প্রয়োজনীয়তা অনস্বীকাৰ্য বুলি কয়। আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট ভাষা-প্রযুক্তিবিদ ডঃ উৎপল শৰ্মাই। তেওঁ স্পষ্ট কৰি দিয়ে যে সকলো ভাষাৰ আধাৰ হৈছে কথিত ভাষা। কথিত ভাষাৰ পৰাই ক্ৰমশঃ এটা মান্য ভাষাই সমৃদ্ধি লাভ কৰে। একেদৰে লেখক-ভাষাবিদ ডঃ ভাস্কৰজ্যোতি শৰ্মাই অসমীয়া ভাষা ভালদৰে বুজিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ আটাইকেইখন কিতাপ পঢ়া অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি কয়- 'ভাষা আৰু প্রযুক্তিৰ মাজত এতিয়াও ডাঙৰ দূৰত্ব আছে। ভাষাবিজ্ঞান আৰু প্রযুক্তিৰ মাজত যিমানে সংযোগ-সম্পৰ্ক স্থাপন কৰিব পৰা যাব সিমানেই ভাষা-প্রযুক্তি সফলতাৰ দিশত আগুৱাব। এগৰাকী লেখক-ভাষাবিদ ডঃ লক্ষী হাজৰিকায়ো ভাষা-প্রযুক্তিৰ চৰ্চা আৰু প্রয়োগ এই সময়ৰ দাবী বুলি উল্লেখ কৰে। 'ভাষা বৈজ্ঞানিক অধ্যয়ন, অভিধান, ব্যাকৰণ আৰু আনুষংগিক বিষয়' শীৰ্ষক দ্বিতীয় আলোচনা সত্ৰ সঞ্চালনা কৰে বিশিষ্ট লেখক, অভিধান প্রণেতা সুমন্ত চলিহাই। আন এগৰাকী আলোচক অতিথি বিশিষ্ট লেখক-ভাষাবিদ ডঃ দিলীপ ৰাজবংশীয়ে ভাষা মানুহৰ মহত্তম উপাদান বুলি উল্লেখ কৰি আধুনিক ভাষা-বিজ্ঞানে কথিত ভাষাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে বুলি কয়। ইপিনে আজি গুৱাহাটী গ্রন্থমেলাৰ সপ্তম দিনা প্রকাশন পৰিষদৰ অস্থায়ী কাৰ্যালয়ৰ সভাকক্ষত উন্মোচিত হয় প্রকাশৰ নিৰ্বাচিত গল্প। বিশিষ্ট উপন্যাসিক জয়ন্ত মাধৱ বৰা আৰু 'প্রকাশ'ৰ সম্পাদক মিহিৰ দেউৰীয়ে সম্পাদনা কৰ। এই নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰে ডঃ দীপ্তি ফুকন পাটগিৰিয়ে। ইপিনে আজি গ্রন্থমেলাৰ গগনচন্দ্ৰ অধিকাৰী সভাগৃহত 'বিন্দু সাহিত্য সন্মান' প্রদান কৰে বিশিষ্ট উপন্যাসিক-লেখিকা ডাঃ নীলাক্ষি চলিহা গগৈক। আনহাতে গ্ৰন্থমেলাৰ মূল মঞ্চত উন্মোচিত হয় ডাঃ গকুল বৰাৰ গ্ৰন্থ 'লাই হালে জালে' বিশিষ্ত শিশু সাহিত্যিক বন্দিতা ফুকনে উন্মোচন কৰা এই অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ-অধ্যাপক সপোন দুৱৰাকে ধৰি কেবাগৰাকী বিশিষ্ট, ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজিও গ্ৰন্থ বিক্ৰীৰ হাৰ সন্তোষজনক বুলি প্ৰকাশকসকলে জানিবলৈ দিছে। অসম প্রকাশন পৰিষদৰ বিপণীত আজিও 'হীৰেন ভট্টাচাৰ্য ৰচনাৱলী'ৰ চাহিদাই অধিক প্রতিফলিত হয়।
web
1c10f104e8c1372a5b527c6b4acb6b59090a768d
UIDAI বাতিল কৰিলে ৬ লাখ ভুৱা আধাৰ নম্বৰ; আপোনাৰ আধাৰ কাৰ্ড আচল হয় নে নহয়? PF আৰু Adhaar লিংক কৰাত অসুবিধা হৈছে নেকি? জানক কেনেকৈ কৰিব? ১ এপ্ৰিলৰ পৰা আয়কৰ, GST সহ PANৰ সলনি হ'ব নিয়ম, কি পৰিব প্ৰভাৱ? ২০কোটি মানুহৰ পেন কাৰ্ড অচল হৈ পৰিব পাৰে, কিয়? ২ হাজাৰ টকা বিনিয়োগ কৰি আপুনি ডেৰ লাখ টকা পাব! ডাকঘৰৰ কি আঁচনিত এই সুবিধা? মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পুৱা ৯ বজাৰ পৰা ৫ বজালৈ কৰিব লাগিব পাঠদান !
web
8a0fa5a7babda38171327f8583c3c59a4d1884d0
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৭১ নং তিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত শাৰী পাতি থাকোতে ঠেলা-হেঁচা হোৱাত প'লিং এজেণ্টৰ গাত লাগে। ইয়াকে লৈ দুই পক্ষৰ মাজত প্ৰথমে কথাৰ কটা-কটি তাৰ পিছত মাৰ-পিট আৰম্ভ হয়। নিৰাপত্তাৰক্ষীৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
web
b9cb0df1cc88eff6cf89085f948ffb90894ab2a9
দেশজুৰা দ্বিতীয় পৰ্য্যায়ৰ তলাবন্ধৰ মাজতে আজিৰ পৰা অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত চৰকাৰী কাম-কাজকে ধৰি কেতবোৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা হয়। সেই অনুসৰি অসমতো সংশ্লিষ্ট ক্ষেত্ৰবোৰৰ লগতে চৰকাৰী কাৰ্য্যালয় বোৰ খোলা হয়, কিন্তু চৰকাৰৰ সুপৰিকল্পিত ব্যৱস্থাৰ অভাৱ আৰু একাংশ অবিবেচক কৰ্মচাৰীৰ অতপালিত প্ৰথম দিনাই সমগ্ৰ ব্যৱস্থাটোত বেমেজালিৰ সৃষ্টি হয়। ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে বাধ্যতামূলক হোৱা সামাজিক দূৰত্ব ৰক্ষাও আনকি জনতা ভৱনৰ কৰ্মচাৰীৰ ক্ষেত্ৰতে ধোঁৱাচাঙত উঠে। উল্লেখ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩৩% কৰ্মচাৰীৰে কালিৰে পৰা কাম কাজ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনৰ মূল কেন্দ্ৰস্থল জনতা ভৱনতো বিভাগবোৰৰ মুৰব্বীসকলে ৰ'ষ্টাৰ পদ্ধতিত কৰ্মচাৰীৰ উপস্থিতিৰ তালিকা প্ৰস্তুত কৰিছে। অৱশ্যে তলাবন্ধৰ ফলত যিসকল কৰ্মচাৰী গুৱাহাটীৰ পৰা দূৰৰ অন্য জিলাত আবদ্ধ হৈ আছে তেঁওলোকক সদ্যহতে উপস্থিতিৰ তালিকাৰ পৰা আতঁৰত ৰখা হৈছে। গতিকে জনতা ভৱনৰ পৰা ঢুকি পোৱা স্থানৰ কর্মচাৰী সকলক লৈ যুগুত কৰা তালিকাৰ ভিত্তিত তেঁওলোকক অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ১৬ খন বাছৰ ব্যৱস্থা কৰি বৃহত্তৰ গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ পৰা চলোৱা হয় । কিন্তু আজাৰকে ধৰি একাধিক পইণ্টৰ পৰা চলা বাছত সামাজিক দূৰত্ব ধোঁৱাচাঙত উঠে। বৰঞ্চ থিয় হৈও কৰ্মচাৰী আহিবলগীয়া হয়। অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই ইয়াকে লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। কিন্তু জিলা পৰ্য্যায়ৰ সৰহ সংখ্যক কাৰ্যালয়ত চৰকাৰী নিৰ্দেশ পালন কৰাটো জটিল হয়। এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাই কয় যে জিলা পৰ্য্যায়ৰ কাৰ্যালয়ত চৰকাৰী বাহনেৰে কৰ্মচাৰীক অনাৰ ব্যৱস্থা নাই। যদিও তেনে কাৰ্য্যালয় বোৰৰ বেছিভাগ স্থানীয় হয় তথাপিও তেওঁলোকৰ ঘৰ কাৰ্য্যালয়ৰ একেবাৰে কাষত নহয়। বেছিভাগ কৰ্মচাৰীৰে ঘৰ নূন্যতম ছয়-সাত কিলোমিটাৰ নিলগত। গতিকে চৰকাৰে যিহেতু ব্যক্তিগত বাহনেৰে কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছে তেনেক্ষেত্ৰত বেছিভাগ কৰ্মচাৰী কাৰ্যালয়লৈ আহিব নোৱাৰিলে। প্ৰসংগ ক্ৰমে উল্লেখ্য যে চৰকাৰী ব্যৱস্থাৰ মাজতে জনতা ভৱনৰ একাংশ কৰ্মচাৰীয়ে অবিবেচকভাবে ব্যক্তিগত বাহনেৰে কৰ্মস্থলীলৈ অহাৰ অভিযোগ উক্ষাপিত হৈছে। যাৰ বাবে বাটত তেওঁলোক আৰক্ষী-নিৰপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন হয়। এনে ঘটনা ৰাজ্যৰ কে'বাস্থানতো সংঘটিত হয়।
web
73f16c3d981740b6710dba79874ed5dd34c26dc6
নিউজ ডেস্কঃ বিভিন্ন খন ৰাজ্যৰ বিভিন্ন খন হাস্পাতালত কোৱাৰেন্টাইনত থকা ১৫৫ জন ৰোগী বৰ্তমান ক'ৰ'ণা মুক্ত হৈ পৰিছে। টুইট যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Delighted to share that 1⃣5⃣5⃣ more patients have been discharged from various civil, district & modal hospitals after being tested negative. ইয়াৰ লগতে ৰাজ্যত ক'ৰ'ণা মুক্ত হৈছে ১৯৬০ জন আৰু ইয়াৰ বিপৰীতে সক্ৰিয়ৰ সংখ্যা হৈছে ১৯৭২ জন।
web
0fb1f5461a556e61abc72e62c2cd837f1b3a929a
তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এগৰাকী জনপ্ৰতিনিধি বন্যাৰ্তৰ ৰোষত পৰা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে বিধায়ক মনচীৰেড্ডী কিশন ৰেড্ডীয়ে বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ যাওতে ক্ষুব্ধ জনতাই বিধায়কৰ গালৈ চেণ্ডেল দলিয়াই আৰু বিধায়কৰ গাড়ীখন লণ্ড-ভণ্ড কৰে। বৃহস্পতিবাৰে ইবৰাহিমপটনমৰ বিধায়ক ৰেড্ডীয়ে টি আৰ এছৰ নেতা-কৰ্মীসকলৰ সৈতে মেডিপলী অঞ্চল পৰিভ্ৰমণ কৰিবলৈ গাছিল আৰু তেতিয়াই এই ঘটনাটো সংঘটিত হয়। অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলক যথেষ্ট সমস্যাত পেলাইছে। বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকল ক্ষুব্ধ হৈ আছিল আৰু বিধায়কে দলৰ অন্য কৰ্মকৰ্তাৰ সৈতে খবৰ ল'বলৈ যোৱাত অঞ্চলবাসীয়ে চেণ্ডেলেৰে আক্ৰমণ কৰি মনৰ ক্ষোভ আঁতৰ কৰে। তথ্য অনুসৰি লোকসকলে বিধায়কৰ গাড়ীতো আক্ৰমণ কৰিছে। এই ঘটনা পোহৰলৈ অহাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে অতিবৃষ্টি আৰু বানৰ ফলত তেলেংগানা ৰাজ্যৰ প্ৰায় ৫০০০ কোটি টকাৰ লোকচান হোৱা বুলি মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওে জানিবলৈ দিয়ে। এই সংকটৰ সৈতে যুঁজিবলৈ তেলেংগানাক ১,৩৫০ কোটি টকা প্ৰদান কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰৰ জৰিয়তে অনুৰোধ জনাইছে। বৃহস্পতিবাৰৰ নিশাৰ তথ্য অনুসৰি তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
web
f6caa8bbc4b2791eab748de19351e322
Home অৰুণজ্যোতি দাস প্ৰৱন্ধ প্ৰৱন্ধ\nxukhdukh.com December 28, 2014 অৰুণজ্যোতি দাস, প্ৰৱন্ধ,\nজ্ঞান-সমুদ্ৰ ইণ্টাৰনেট, ফেচবুকঃ\nভাল বনাম বেয়া দিশবোৰ\nসিদিনা এগৰাকী ছোৱালীক তেওঁৰ "ফেচবুক বন্ধু"ৱে সহযোগীৰ সতে মিলি নিৰ্যাতন কৰাৰ খবৰ বাতৰি কাকতত প্ৰকাশ পাইছে । এনে ঘটনা আগতে বিদেশত হৈছিল, দুদিনমানৰ পৰা ভাৰতৰ আন আন ঠাইত হৈছিল আৰু আজি আমাৰ নিজৰ অসমৰ মাটি-ভেঁটিতে সংঘটিত হৈছে। দেশ-দুনীয়া কোন দিশলৈ গতি কৰিছে,চাওঁকচোন! 'বন্ধু' শব্দৰে এজন সুহৃদৰপৰা আমি যি আস্থা ,বিশ্বাস আৰু ভালপোৱা আদায় কৰো, তাক যেন এনে কাণ্ডই ভীষণভাৱে উপলুঙা কৰিছে! কোনোবা এজন কবিয়ে বন্ধুক উদ্দেশ্যি কৈছিল, "চৰম হতাশা আৰু ক্ষোভৰ দিনত ওলামগৈ তোমালোকৰ ঘৰ"। কবিৰ সেই ভাৱ-ভাষাক যেন আজিৰ বাস্তৱেও বুঢ়া আঙুলি দেখুৱাই কিৰিলি পাৰিছে।\nআপুনি নিশ্চয় ভাৱিছে, "এনেতো হোৱা নাছিল আগতে, তেন্তে কিয় হৈছে এইবোৰ? যুগৰ দোষনে?" কথাবোৰ সঁচাকৈয়ে চিন্তনীয় ।\nদূৰদৰ্শনৰ বিষয়ে এদিন আপুনি কিতাপত পঢ়িছিল । দূৰৰ কাণ্ড-কাৰখানা ওচৰতে চাব পৰা যন্ত্ৰ মানুহে উদ্ভাৱণ কৰিছে বুলি শুনিছিল । কিছু বছৰৰ পিছতে সেই যন্ত্ৰ আহি আপোনাৰ ঘৰত সোমাল । ক'বলৈ গ'লে সেই তেতিয়াই গোটেই জগতখন আহি আপোনাৰ চোতাল পোৱাহি নাই নে বাৰু? আৰু এই ভ্ৰাম্যমাণ কাণ-ফুচ্ ফুচ্ যন্ত্ৰটো একা ? ইয়াৰ বিষয়ে কি ক'ব ?\nএই ঘটনাবোৰ হৈছে সংস্কৃতিবান তৃতীয় বিশ্বৰ দেশ এখনে তথাকথিত প্ৰগতিৰ দিশেৰে বাট বুলোতে সন্ধিক্ষণত উদ্ভৱ হোৱা কিছুমান কু-প্ৰভাৱৰ ফল । সহজ অৰ্থত, আপোনাৰ ছোৱালীজনীয়ে 'হাই-হিল' পিন্ধি প্ৰথম খোজ দিওঁতে বাৰে বাৰে পিছলি পৰাৰ দৰে এটা ঘটনা । দিয়া আৰু লোৱাৰ দোমোজাত পৰি উঠা-বহাত আউল লগা জাতিৰ এটা সমস্যা । গোলকীকৰণৰ চক্ৰত পৰি দেশৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ইমানেই সঘন পৰিৱৰ্তন ঘটিছে যে আজিৰ এটা সামগ্ৰী কিনিবলৈ লৈ আপুনি চিন্তা কৰিব লগীয়াত পৰিছে, কাইলৈ এইটো বস্তু 'পুৰণিকলীয়া' হৈ পৰিব নেকি বুলি । ঘৰে ঘৰে ডিজিটেল টিভি,বাইক,গাড়ী-মটৰ, এ.চি., ৱাশ্চিংমেছিন, মোবাইল ফোন-এইবোৰ ইমান সহজলভ্য আৰু জনপ্ৰিয় হৈ পৰিছে যে কালি আমেৰিকাত উপলব্ধ হোৱা সামগ্ৰী এবিধ আজি ভাৰতৰ বজাৰ পাবলৈ বেছি পৰ নালাগে । গোটেই পৃথিৱীখন এখন গাঁৱলৈ পৰ্যবেসিত হোৱাৰ পথত আজি । যাওঁ বুলিলেই আপুনি গোটেই পৃথিৱী ভ্ৰমণ কৰি আহিব পাৰে আজি-কালি ।\nহয় , এয়াই হৈছে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগ । আপোনাক এতিয়া 'কোনোবা জকাইচুকীয়া গঁঞা' বুলি জোকাবলৈ কাৰো সাহস নাই, কাৰণ ব্ৰহ্মাণ্ডৰ খবৰ হাতৰ মুঠিত লৈ আপুনি এতিয়া এজন বিশ্বজনীন নাগৰিক। আপুনি ব্যৱহাৰ কৰা মোবাইল ফোনটোৰ কথাই কৈছো । কম দামী সাধাৰণ মোবাইল ফোনটোতেই দেখোন আজিকালি কেলকুলেটৰ, স্টপ-ৱাচ্চ, এলাৰ্ম ঘড়ী, পেজাৰ, কেলেণ্ডাৰ , ৰিমাইন্ডাৰ , কনভাৰ্টাৰ, টৰ্চ লাইট, ভইছ ৰেকৰ্ডাৰ, মিউজিক প্লেয়াৰ ইত্যাদি পুৰণা দিনৰ দহ-বাৰটামান যন্ত্ৰ একেলগে সোমাই থাকে । আৰু যদি আপুনি অলপ মান উন্নত মানৰ মোবাইল ব্যৱহাৰ কৰি আছে, তেন্তে তাতে এটা পৃথিৱীখনৰ দৰে গোলাকাৰ বস্তু দেখা পাব পাৰে । সেইটো হৈছে ইন্টাৰনেট ব্ৰাউজাৰ । ই এটা অতি সাংঘাটিক বস্তু । চন্দ্ৰলৈ কোন কেতিয়া গৈছিল, আমাৰ ভাৰতবৰ্ষৰ বিষয়ে সকলো কথা, আমেৰিকাৰ শিক্ষা পদ্ধতিৰ কথা, শ্বেয়াৰ-মাৰ্কেট বেংকিঙৰ খবৰ, জাপানত হোৱা ভুমিকম্পৰ কথা, চীনৰ প্ৰাচীৰৰ কথা,বাজেটৰ কথা, ছবি অংকনৰ পদ্ধতিৰ কথা, বিজ্ঞান-কলা-বাণিজ্য চিকিৎসা এই সকলো বিভাগৰ কথা, আমাৰ স্বাস্থ্য-কথা, খেলজগতৰ কথা, ব্ৰহ্মাণ্ড-ৰহস্যৰ কথা -এই সকলোবোৰেই আপোনাক এই সৰু বস্তুটোৱেই মূহুৰ্তৰ ভিতৰতে আলোকচিত্ৰ তথা চলচ্চিত্ৰৰে সৈতে দাঙি ধৰিব পাৰে । ইয়েই হৈছে ইন্টাৰনেটৰ চমকপ্ৰদ সুবিধা । ক'বলৈ গ'লে এনে কোনো কথা নাই, যাৰ বিষয়ে তথ্য আপুনি ইন্টাৰনেটত বিচাৰি নাপায় । ইন্টাৰনেটক সেয়ে বহুতেই জ্ঞানৰ এখন সমুদ্ৰৰ লগত তুলনা কৰে ।\nইন্টাৰনেট বা আন্তঃজাল হৈছে পৃথিৱীৰ বিভিন্ন ঠাইত থকা বহু কম্পিউটাৰ ইটোৱে সিটোৰ লগত তাঁৰ বা বেতাঁৰ যোগে সংলগ্ন হৈ গঠন কৰা এটা 'নেটৱৰ্ক চিষ্টেম' অৰ্থাৎ 'সংলগ্ন হৈ থকা কম্পিউটাৰৰ এটা গোট'। এই কম্পিউটাৰবোৰৰ মাজত তথ্যৰ আদান-প্ৰদান হোৱাটোৱেই হৈছে ইন্টাৰনেট ।ফোন অথবা কম্পিউটাৰত উপলব্ধ 'ইন্টাৰনেট ব্ৰাউজাৰ' নামৰ বস্তুটো হ'ল এনে এটা সঁজুলী যাৰ সহায়ত আপুনি 'তথ্য থকা এটা কম্পিউটাৰ'(চাৰ্ভাৰ)লৈ আপোনাৰ তথ্য বিচৰা অনুৰোধটো পঠিয়াব পাৰে ।এই অনুৰোধ পোৱাৰ পিছত চাৰ্ভাৰটোৱে আপুনি বিচৰা তথ্যখিনি HTTP ৰ মাজেৰে আপোনালৈ পঠিয়ায় আৰু ব্ৰাউজাৰটোৱে সেই তথ্যখিনি আপোনাৰ আগত উপস্থাপন কৰে ।\nৱেবচাইটনো কি ?\nএটা ৱেবচাইট হৈছে সুনিৰ্দিষ্ট কিছুমান তথ্যৰে পূৰ্ণ জালপৃষ্ঠা(ৱেবপে'জ)ৰ সমষ্টি,যিখিনিক এটা চাৰ্ভাৰ কম্পিউটাৰত থোৱা হয় ।এটা ৱেবচাইটত কেনে ধৰণৰ আৰু কি কি তথ্য থাকিব ,সেয়া ৱেবচাইটটো বনোৱা অনুষ্ঠান বা ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰে। যেনে কটন মহাবিদ্যালয়ৰ ৱেবচাইট www.cottoncollege.org ত কেৱল তেওঁলোকৰ মহাবিদ্যালয়ৰ বিষয়ে বিভিন্ন তথ্য পাব । আমেৰিকাৰ মহাকাশ বিজ্ঞানৰ সংস্থা NASA ৰ বিষয়ে পাব তেওঁলোকৰ ৱেবচাইট www.nasa.gov ত । সেইটো ৱেবচাউইটত কিন্তু সৌন্দৰ্য-চৰ্চাৰ বিষয়ে বিচাৰি থাকিলে আপুনি নাপাব । কিছুমান ৱেবচাইটতত কেৱল চলচ্চিত্ৰহে পাব ,যেনে www.youtube.com . । ঠিক সেইদৰে অন্য কিছুমানত আকৌ কেৱল শুনিব পৰা (গান ,কথা-বতৰাৰ ৰেকৰ্ডিং আদি)তথ্যহে পাব । মন কৰিব যে, এটা ৱেবচাইটৰ নাম সদায় www ৰে আৰম্ভ হয় । ইয়াৰ অৰ্থ হৈছে বিশ্বজনীন-জাল (World Wide Web) ।\nচাৰ্চ ইঞ্জিননো(Search Engine) কি ?\nকোনোবা এটা বিষয়ে আমি ইন্টাৰনেটত তথ্য বিচাৰিবলৈ হ'লে সেই বিষয়টো,অনুষ্ঠানটো,আঁচনীখন,চলচ্চিত্ৰখন,দোকানখন বা যিয়েই নহওঁক, তাৰ আনুষ্ঠানিক ৱেবচাইটটো খুলিব লাগিব ।তেতিয়া আমি সেই বিষয়ে শুদ্ধ তথ্যটো পাম । কিন্তু সকলো বিষয়ৰে নিজা আনুষ্ঠানিক ৱেবচাইট নাথাকে । গতিকে তেনে বিষয়ত তথ্য আহৰণ কৰিবৰ বাবে আমাক আন কিছুমান ৱেবচাইটে সহায় কৰিব পাৰে । যেনে ধৰক , পৃথিৱীৰ পৰা কেতিয়া আৰু ক'ত পোনপ্ৰথমবাৰৰ বাবে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল সেয়া জানিবলৈ আপোনাৰ মন গ'ল । এই বিষয়টোত নিৰ্দিষ্ট কৈ এটা আনুষ্ঠানিক ৱেবচাইট নাই। ভাৰত,আমেৰিকা,চীন দেশৰ দৰে যিবোৰ দেশে কৃত্ৰিম উপগ্ৰহ ইতিমধ্যে উৎক্ষেপণ কৰিছে, তেওঁলোক সকলোৰে কিন্তু নিজা নিজা আনুষ্ঠানিক ৱেৱচাইট আছে । গতিকে এটা চাৰ্চ ইঞ্জিনে আপুনি বিচৰা মূল শব্দ কেইটাৰ(যেনে 'পৃথিৱীৰপৰা প্ৰথম কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণ') ওপৰত ভিত্তি কৰি সেই শব্দকেইটা থকা যিমানবোৰ ৱেবচাইট আছে তাৰ সকলোৰে তালিকা আপোনাৰ ওচৰত দাঙি ধৰে।\nসকলো প্ৰয়োজনীয় ৱেবচাইটৰ ঠিকনা (URL=Uniform Resource Locator) আপুনি মনত ৰখাটো সম্ভৱো নহয় ।গতিকে তেনে ক্ষেত্ৰত আনুসংগিক শব্দৰে(যেনে কটন মহাবিদ্যালয়ৰ ৱেবচাইটটো বিচাৰিবলৈ ইংৰাজীত 'কটন কলেজ গুৱাহাটী' বুলি ) বিচাৰিলেই সি আপোনাক উলিয়াই দিব পাৰে । গতিকে ইন্টাৰনেট ব্যৱহাৰকাৰী সকলৰ বাবে চাৰ্চ ইঞ্জিন এটা বৰ সহায়কাৰী আহিলা । চাৰ্চ ইঞ্জিনে অৱশ্যে ইয়াৰ বাহিৰেও অন্য বহু কামো কৰে ; যেনে কোনটো ৱেৱচাইট মানুহে কিমান বাৰ খুলিছে, জনপ্ৰিয়তা কিমান ইত্যদিবোৰৰো তথ্য ৰাখে ।এনেকি কোনোবা ৱেবচাইটত যদি কিবা 'অনলাইন ভাইৰাচ' থাকে, তেন্তে চাৰ্চ ইঞ্জিনে সেয়াও ধৰা পেলাব পাৰে আৰু সেই ৱেবচাইটটো খোলাৰ আগেয়ে আপোনাক সতৰ্ক কৰি দিবও পাৰে । পৃথিৱীৰ জনপ্ৰিয় কেইটামান চাৰ্চ ইঞ্জিন হ'ল গুগল(www.google.com), বাইদু(www.baidu.com), য়াহু(www.yahoo.com), বিং(www.bing.com) আদি । পৃথিৱীৰ ৬৮.৬৯% ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে তথ্য বিচৰাৰ বাবে গুগলক ব্যৱহাৰ কৰে ।\nই-মেইল হৈছে আধুনিক যুগৰ চিঠি । ক'বলৈ গ'লে ই-মেইলো এটা ৱেৱচাইটেই হয়, য'ত আপুনি এখন ই-পত্ৰ লিখিব পাৰে , কাৰোবালৈ পঠিয়াব পাৰে নতুবা আপোনালৈ অহা ই-পত্ৰবোৰ পঢ়িব পাৰে । বিনামূলীয়াকৈ ই-মেইলৰ একাউন্ট খুলিব পৰা জনপ্ৰিয় ৱেৱচাইট কেইটামান হ'ল www.gmail.com, www.yahoomail.com, www.rediffmail.com , www.live.com, www.rocketmail.com আদি। ইয়াৰে যিকোনো এটা ই-মেইল প্ৰদানকাৰী অনুষ্ঠানৰ অধীনত এটা একাউন্ট থাকিলে আপুনি অন্য যিকোনো একাউন্টৰ ই-মেইল থকা ব্যক্তিলৈ ই-মেইল পঠিয়াব পাৰে বা তেওঁলোকৰপৰা আপুনি ই-মেইল পাব পাৰিব । ই-মেইলৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল পৃথিৱীৰ যিকোনো ঠাইতে থকা এজন ই-মেইল ব্যৱহাৰকাৰীলৈ আপুনি এখন ই-পত্ৰ পঠিয়ালে তেওঁ প্ৰায় এক মিনিটৰ ভিতৰতে সেয়া লাভ কৰে ।এখন ই-পত্ৰৰ লগত আপুনি কোনো আলোকচিত্ৰ, কোনো চলচ্চিত্ৰ, কোনো শুনিবপৰা ধৰণৰ তথ্য,ই-গ্ৰন্থ বা অন্য বহু ধৰণৰ ই-সামগ্ৰী বা ফাইল পঠিয়াব পাৰে । অৱশ্যে ৱেবচাইট ভেদে এনে সংলগ্ন কৰি পঠিওৱা ই-সামগ্ৰীৰ আকাৰসমূহত কিছু বাধ্য-বাধকতা আছে । খুব বেচি ডাঙৰ আকাৰৰ ফাইল ই-পত্ৰৰ যোগেদি পঠিয়াব নোৱাৰি ।তথাপি ই-মেইল এই পৃথিৱীত বৰ্তমানে প্ৰচলিত আটাইতকৈ বেছি সুবিধাজনক সংযোগ মাধ্যম হিচাপে পৰিগণিত হৈছে ।\nৱিকিপেডিয়া কি ? \nৱিকিপেডিয়া হৈছে এটা অতি জনপ্ৰিয় ৱেৱচাইট । ইয়াৰ সম্পূৰ্ণ জাল-ঠিকনাটো হ'ল www.wikipedia.org । এই ৱেবচাইটটোৰ বিশেষত্ব এয়াই যে ইয়াত একো একোটা বিষয়ৰ ওপৰত বিভিন্ন উৎসৰ প্ৰসংগ ৰাখি সামগ্ৰিকভাৱে এখন ৰচনাৰ আকাৰে তথ্য সমূহ পোৱা যায় । পৃথিৱীৰ ২৮৬টা ভিন ভিন ভাষাত উপলব্ধ এই ৱেৱচাইটটোত আছে মুঠ ৩ কোটি ৯ লাখতকৈও অধিক প্ৰৱন্ধ । এই তথ্যসমূহক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰি ,কিয়নো ইয়াত উল্লেখিত কথাখিনি সাধাৰণতে আনুষ্ঠানিক ৱেৱচাইটসমূহৰ পৰা লোৱা হয় । তাৰোপৰি এই তথ্যসমূহত কিবা বিসংগতি লক্ষ্য কৰিলে এজন ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে তাক শুধৰাবৰ শুদ্ধ তথ্যখিনি জমা দিব পাৰে । ৱিকিপেডিয়াৰ সেই পৃষ্ঠাটোৰ প্ৰশাসক গৰাকীয়ে এনে অনুৰোধবোৰ চালি-জাৰি চাই শুদ্ধ তথ্যখিনিক পুণৰ উপস্থাপন কৰে । এই ৰচনা সমূহ সাধাৰণতে এজন ব্যক্তিয়ে লিখা নহয় । এইবোৰ পৃথিৱীৰ ভিন ভিন ঠাইৰ ভিন ভিন ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে লিখা ।তেওঁলোকৰ মাজত শুদ্ধ তথ্য উপস্থাপনৰ বাবে আলোচনা-মঞ্চৰ ব্যৱস্থাও ৱেবচাইটটোত আছে । প্ৰাসংগিক আলোকচিত্ৰ,চলচ্চিত্ৰ আদিৰে ভৰপূৰ এই তথ্যপূৰ্ণ ৱেবচাইটটোৱে সাধাৰণ ব্যৱহাৰকাৰীৰ উপৰিও সকলো স্তৰৰ শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলাব পাৰিছে অসমীয়া ভাষাতো বৰ্তমানে বহুখিনি প্ৰবন্ধ ইয়াত উপলব্ধ হৈছে ।অসমীয়া ভাষাত ৱিকিপেডিয়াত কিবা বিচাৰিবলৈ হ'লে আপুনি www.as.wikipedia.org এই জাল-ঠিকনাটো(ৱেবচাইট) খুলিব লাগিব ।\nফেচবুক কি ?\nকিছুমান ৱেবচাইটক "চ'চিয়েল মেডিয়া" বা সামাজিক মাধ্যম বুলি কোৱা হয়। এই ৱেবচাইটবোৰে এজন ইন্টাৰনেট ব্যৱহাৰকাৰীক আন এজনৰ সতে চিনাকী হোৱাৰ সুযোগ দিয়ে ।ফেচবুক হৈছে এনে এটা চ'চিয়েল মেডিয়া । আৰু কেইটামান জনপ্ৰিয় চ'চিয়েল মেডিয়া হৈছে গুগল প্লাচ,কিউয'ন,ফ্লিকাৰ,মাইস্পে'চ,টুইটাৰ,লিংকড ইন ইত্যাদি । এইবোৰ ব্যৱহাৰ কৰিবৰ বাবে প্ৰথমে আপোনাৰ এটা ই-মেইল একাউন্ট থকাটো প্ৰয়োজনীয় । তাৰ পিছত আপুনি ৱেবচাইটটোলৈ গৈ এটা একাউন্ট খুলিবৰ বাবে পঞ্জীয়ন(Sign Up) কৰিব লাগে । এই পঞ্জীয়ন পক্ৰিয়াত আপোনাক এটা গুপ্ত-শব্দ বাচনি কৰি ল'বলৈ কয় যাতে আপোনাৰ হৈ অন্য কোনেও আপোনাৰ একাউন্ট যোগে প্ৰৱেশ(Sign In) কৰিব নোৱাৰে । প্ৰৱেশ কৰাৰ পিছত আপুনি আপোনাৰ নাম-ঠিকনা, আলোকচিত্ৰ, ৰুচি, জন্মৰ তাৰিখ আদি নিজৰ বিষয়ে কথাখিনি তাত সংযোগ কৰিব লাগিব (প্ৰফাইল আপডেট)। ইয়াৰ পিছত আপুনি অন্য মানুহৰ পৃষ্ঠাবোৰ খুলি তেওঁলোকৰ আলোকচিত্ৰ,চলচ্চিত্ৰ, তেওঁলোকৰ ৰুচি,তেওঁলোকৰ কাম-কাজ ইত্যাদিৰ বিষয়ে পঢ়িব পাৰিব । আৰু আপোনাৰ পছন্দৰ হ'লে বা চিনা-জনা হ'লে সেই ব্যক্তিলৈ আপুনি এটা বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াব পাৰে ।\nএই ৱেবচাইটবোৰত এনেকুৱা কিছুমান সুবিধা থাকে য'ত আপুনি আপোনাৰ বিষয়ে কি কি কথা কোনবোৰ বন্ধুৱে চাব পাৰিব , তাৰো কিছুমান নীতি বান্ধি থ'ব পাৰে । ফলত আপোনাৰ 'ফেচবুক বন্ধু' নোহোৱা অচিনাকী লোকে আপোনাৰ বিষয়ে সৱিশেষ জানিবলৈ সক্ষম নহ'ব । এনে হোৱা প্ৰায়ে দেখা যায় যে আপুনি চিনি নোপোৱা মানুহেও আপোনালৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়ায় । সেই প্ৰস্তাৱ আপুনি প্ৰত্যাখ্যানো কৰিব পাৰে বা গ্ৰহণো কৰিব পাৰে । প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগেই আপোনালোক দুজন হৈ পৰে 'ফেচবুক ফ্ৰেণ্ড' ।\nফেচবুকত থকা দুটা মান সুবিধাৰ কথা এইখিনিতে উল্লেখ কৰাটো সমীচীন হ'ব । ১) ধৰি লওঁক আপুনি গোৱালৈ ফুৰিবলৈ যাব বিচাৰিছে । কিন্তু গোৱাত থকা-মেলাৰ সুবিধা কিমান ,ক'ত ক'ত ফুৰিব লাগে ইত্যাদি কথাবোৰ আপুনি নাজানে । যদিহে আপোনাৰ কোনো ফেচবুক বন্ধু গোৱাত আছে, তেন্তে আপুনি তেওঁৰ পৰা সহায় ভিক্ষা কৰিব পাৰে । অথবা আপুনি আপোনাৰ বন্ধুসকলক সুধিব পাৰে তেওঁলোকৰ কাৰোবাৰ গোৱা ভ্ৰমণৰ অভিজ্ঞতা আছে নেকি বুলি ।ঠিক সেইদৰে ধৰি লওঁক,আপুনি যদি দীৰ্ঘদিন ধৰি অসমৰ বাহিৰত আছে আৰু এসপ্তাহৰ বাবে অসমলৈ আহিব খুজিছে । অসমত আপোনাৰ কি কি পৰিকল্পনা আছে,বা ঘৰলৈ আহি কোনটো মোবাইল নম্বৰ আপুনি ব্যৱহাৰ কৰিব , কাক কাক লগ ধৰিব ইত্যদি কথাবোৰ এটা মাত্ৰ 'স্টেটাছ আপডেট'ৰ যোগেৰে আপুনি বন্ধুবৰ্গক আগতীয়াকৈ জনাব পাৰে । ইয়াৰ জৰিয়তে বহুখিনি সুবিধা পাব পৰা হয় ।\n২) ঠিক সেইদৰে, আপুনি বহ বছৰৰ আগেয়েই মহাবিদ্যালয় বা বিদ্যালযত পঢ়োতে লগ পোৱা বন্ধু সকলৰ লগত হ'ব পাৰে যে বিভিন্ন কাৰণত বৰ্তমানে সংযোগ বিচ্ছিন্ন হৈ আছে । কাৰণ আগতে আজিৰ দৰে হাতে হাতে মোবাইল ফোনৰ ব্যৱস্থা নাছিল । এই পুৰণি বন্ধু সকলৰ সতে আপুনি পুণৰ সংযোগ স্থাপন কৰাত ফে'চবুকে সহায় কৰিব পাৰে । সেই নিৰ্দিষ্ট বন্ধুজনে যদি বৰ্তমানে ফেচবুক ব্যৱহাৰ কৰি আছে, তেন্তে আপুনি তেখেতৰ নাম যদি ফেচবুকৰ 'অনুসন্ধান'(Search) সঁজুলিৰে বিচাৰে, তেন্তে আপুনি তেওঁক ফেচবুকত বিচাৰি উলিয়াব পাৰিব । তাৰ পিছত আপুনি তাতে তেওঁৰ আলোকচিত্ৰ,দূৰভাষ নং, বৰ্তমানে ক'ত আছে, কি কৰি আছে ইত্যাদি সকলো তথ্য পাব । আৰু যদি সৱিশেষ একো তথ্য বিচাৰি নাপায়, তেন্তে তেওঁক আপুনি এটা ফেচবুক বাৰ্তা ('মেছেজ')এৰি থৈ আহিব পাৰে । পিছত আপোনাৰ বন্ধুজনে ফেচবুকত প্ৰৱেশ কৰি আপোনাৰ বাৰ্তাটো পঢ়িব পাৰিব আৰু তেওঁও আপোনালৈ বিনিময়-বাৰ্তা(ৰিপ্লাই) দিব পাৰিব ।\n৩) ফেচবুকত আপুনি গোট(গ্ৰুপ) খুলিব পাৰে । এটা গোট খোলাৰ পাছত সেই গোটত যোগদান কৰিবলৈ আপোনাৰ বন্ধুসকলক বা বন্ধুসকলে তেওঁলোকৰ বন্ধুসকলক অনুৰোধ জনাব পাৰে । এনেকৈ এজন এজনকৈ লগ হৈ গঠন হোৱা এটা গোটত বিভিন্ন আলোচনা আপুনি কৰিব পাৰে । সদস্য সকলৰ মতামত ল'ব পাৰে বা অন্য যিকোনো গঠনমূলক কাম-কাজৰ বাবে আগবাঢ়িব পাৰে ।উদাহৰণ স্বৰূপে, ফেচবুকত 'অসমীয়াত কথা বতৰা' নামৰ এটা গোটত ১৭ হাজাৰৰো বেছি সদস্য আছে ।এই গোটে ইন্টাৰনেটত অসমীয়া ভাষা অধিক প্ৰচলনৰ বাবে ইংৰাজীৰ ৰোমান লিপিৰে লিখাৰ সলনি অসমীয়া য়ুনিকোডত লিখিবৰ বাবে মানুহক উৎসাহিত কৰে ।\nএই গোটৰ সামুহীয়া প্ৰচেষ্টাৰে বেজবৰুৱাদেৱৰ 'লিতিকাই'কে ধৰি কেইবাখনিও শ্ৰাব্য মাধ্যমৰ নাটক সৃষ্টি কৰা হৈছে, যাৰ অভিনেতা অভিনেত্ৰীসকলে ভিন ভিন ঠাইত থাকি ইন্টাৰনেটৰ মাধ্যমেৰে সমন্বয় স্থাপন কৰে আৰু নাটক খনৰ বাণীবন্ধন তথা সংগীত সংযোগ কৰে । অন্যহাতে এই গোটত লিখা-মেলা কৰা লোকসকলৰ পৰা বাচি উলিয়াই ৰুচিসম্পন্ন লিখনীৰে প্ৰতি-মাহে তেওঁলোকে এখন সতাঁৰ ই-আলোচনী প্ৰকাশ কৰে । এই আলোচনীখনৰ ৱেবচাইটটো হৈছে www.xahitya.org (সাহিত্য.অৰ্গ) । গোটটিৰ প্ৰচেষ্টাতে কীৰ্তনকে আদি কৰি কেইবাখনো অসমীয়া আপুৰুগীয়া তত্বগধূৰ গ্ৰন্থ তথা বিদেশী উপন্যাস অসমীয়া য়ুনিকোডলৈ তৰ্জমা কৰা হৈছে । এনে কৰাৰ ফলত এই গ্ৰন্থসমূহ পৃথিৱীৰ যিকোনো মূৰত থকা ব্যক্তিয়ে অতি সহজতে পাব পৰা হৈছে, স্থায়ীৰূপত সংৰক্ষিত হৈছে আৰু বহুল প্ৰচাৰো হৈছে । এই গোটৰ আৰু এটা উল্লেখনীয় পদক্ষেপ হ'ল সদস্যসকলৰ দান-বৰঙণিৰে তেওঁলোকে পৰাগ দাসৰ এটা প্ৰতিমূৰ্তিও তেওঁৰ সমাধি-স্থলীত স্থাপন কৰিছে। এই গোটৰ মঞ্চৰ পৰাই কেইবাজনো স্তম্ভ-লেখক, কবি, সাহিত্যিক আৰু খুহুতীয়া সাহিত্য-ৰচকৰ ইতিমধ্যে জন্ম হৈছে ।\n৪) ফে'চবুকৰ আন এটা গুৰুত্বপূৰ্ণ সুবিধা হৈছে ইয়াত থকা পৃষ্ঠা(পে'জ)সমূহ । আপুনি যদি ভাৰত চৰকাৰৰ india.gov.in নামৰ পৃষ্ঠাটো পছন্দ কৰে , তেন্তে সেই পৃষ্ঠাৰ যোগেদিয়েই আপুনি দৈনিকভাৱে গম পাই থাকিব ভাৰত চৰকাৰে কি বিষয়ত কি পদক্ষেপ লৈছে, প্ৰধানমন্ত্ৰীয়ে কাৰ সতে কি আলোচনা কৰিছে অথবা জলপানীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা কি কি সাহাৰ্য পাব পাৰি ইত্যাদি বিভিন্ন তথ্যসমূহ । সেইদৰে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ নিজা নিজা একোটা ফে'চবুক-পৃষ্ঠা থাকে, সেইবোৰত আপুনি এবাৰ 'লাইক' বা পছন্দ কৰিলেই তেওঁলোকে প্ৰচাৰ কৰা খবৰ সমূহ আপুনি নিজৰ একাউন্টত নিয়মিত ভাৱে দেখা পাই থাকিব । অন্যহাতে 'চিনাকী'(www.facebook.com/ur.sinaki) আৰু 'চাকৰী'(www.facebook.com/sakorikhabar) নামৰ পৃষ্ঠা দুটিৰ দ্বাৰা আপুনি অসমত খালী হোৱা বিভিন্ন পদৰ বিজ্ঞাপনসমূহো নিয়মিত ভাৱে ঘৰতে বহি পাব পাৰে । দিল্লী-বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়ৰৰ নামভৰ্তিৰ জাননী,অৱস্থিতি,নতুন পাঠ্যক্ৰম ইত্যাদিৰ বিষয়ে সৱিশেষো আপুনি সহজতে পাব পাৰে এই পৃষ্ঠাবোৰৰ যোগেদি ।বৰ্তমানে ৰাজনীতিকসকলেও জনতাৰ সতে মত -বিনিময়ৰ বাবে এনে পৃষ্ঠা ব্যৱহাৰ কৰে । ইয়ে মানুহৰ মাজত দূৰত্ব হ্ৰাস হোৱাত যথেষ্ট সহায় কৰিছে ।\nআগেয়ে কেৱল ডেস্ক-টপ কম্পিউটাৰৰ জৰিয়তেহে ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা গৈছিল । কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে বৰ্তমানে লেপ-টপ,নোটবুক,স্মাৰ্টফোনকে আদি কৰি এনেকি সাধাৰণ মোবাইল বোৰৰ দ্বাৰাও ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা হৈছে । ঘৰে ঘৰে এই সা-সৰঞ্জামবোৰ উপলব্ধ হোৱাৰ লগে লগে ইয়াৰ ব্যৱহাৰো অধিক বেছি হৈ পৰিছে । আমাৰ দেশত সকলো মানুহেই আজিকালি মোবাইলৰ পৰা ইন্টাৰনেট ব্যৱহাৰ নকৰিলেও অন্তঃত বুজি পোৱা হৈছে এই ইন্টাৰনেট বোলা বস্তুটোনো প্ৰকৃততে কি, ইয়াক খায় নে পিন্ধে ।গতিকেই আপুনি বিচাৰকেই বা নিবিচাৰক, আজিকালিৰ ল'ৰা-ছোৱালীয়ে ইন্টাৰনেট, ই-মেইল বা ফেচবুক কৰিবই ।\nভাল দিশবোৰ :\nক) তথ্য প্ৰকাশৰ সুবিধা : ৰাইজে নিশ্চয় গম পাইছে যে যোৱা কিছুবছৰৰ পৰা আনুষ্ঠিত হোৱা 'টেট' পৰীক্ষাৰ বাবে আবেদন-পত্ৰ আজিকালি ইন্টাৰনেটতে পঠিয়াব লাগে আৰু তাৰ ফলাফলো ইন্টাৰনেটতেই পোৱা যায়। ঠিক সেইদৰে আজিকালি প্ৰায় সকলো পৰীক্ষাৰেই ফলাফল,প্ৰৱেশ-পত্ৰ আদি ইন্টাৰনেটৰ জৰিয়তেই প্ৰদান কৰা হয় । এনেকি বহু ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাও সম্পূৰ্ণৰূপে ইন্টানেটত 'অনলাইন পৰীক্ষা' হিচাপে পতা হয় ।মহাবিদ্যালয়ৰ সকলো নথি-পত্ৰও NAAC ৰ নিৰ্দেশ-মৰ্মে আজিকালি মহাবিদ্যালয়ৰ নিজাববীয়া ৱেবচাইটযোগে প্ৰকাশ কৰিব লাগে । আপুনি যদি এখন হোটেল ৰেষ্টোঁৰাৰ মালিক, তেন্তে আপুনিও এটা ৱেৱচাইট খুলি লৈ মানুহক আপোনাৰ হোটেললৈ নহাকৈয়ে কি কি খাদ্য সামগ্ৰী উপলব্ধ, কোন ঠাইত অৱস্থিত, দাম কিমান ইত্যাদি বহুখিনি তথ্য আলোকচিত্ৰ সহ যোগান ধৰিব পাৰে ।\nখ) তথ্য বিচৰাৰ সুবিধাঃ আগতেই উল্লেখ কৰা হৈছে যে , যিকোনো বিষয়েতে আপুনি যিকোনো তথ্য ইন্টাৰনেটত বিচাৰি উলিয়াব পাৰে । অৱশ্যে এইখিনিতে এটা কথা কৈ থওঁ যে, তথ্য এটা পাবৰ বাবে সেইবিষয়ে কোনোবা এজনে কোনোবা এটা চাৰ্ভাৰত সেয়া থ'ব লাগিব । ইন্টাৰনেটেৰে সংলগ্ন সকলো কম্পিউটাৰৰ এটাতো যদি সেই তথ্য নাই, তেতিয়াহে আপুনি তাক বিচাৰি নাপাব । যেনে আপুনি জানিব বিচাৰিছে বড়োসকলে 'ভাত খালি নে নাই?' বাক্যটো কি বুলি কয়।তেতিয়া আপুনি কিন্তু ইয়াৰ উত্তৰ নাপাবও পাৰে । কাৰণ অসমৰে কোনোবা এজনে এই বিষয়ে কোনোবা এটা চাৰ্ভাৰত এই কথাটোৰ বিষয়ে অন্তঃত লিখি ৰাখিব লাগিব ,অৰ্থাৎ ইন্টাৰনেটলৈ আপলোড কৰিব লাগিব ।তেহে চাৰ্চ-ইঞ্জিন এটাই তাক বিচাৰি পাব ! লাহে লাহে কিন্তু অসমীয়া ভাষাতো বিভিন্ন তথ্য বিভিন্ন জনে আপলোড কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আপুনি আজিকালি অসমীয়া ৰন্ধন-প্ৰকৰণৰ পৰা আদি কৰি সাজ-পাৰ,বিহুগীত ইত্যাদি মোটামুটি সকলো তথ্যই ইন্টাৰনেটত বিচাৰি পাব ।\nগ) ব্যৱসায় কৰাৰ সুবিধাঃ কাজিৰঙাত ওচৰে-পাঁজৰে যদি আপোনাৰ থকা-হোটেল বা লজ আছে, তেন্তে দেশী-বিদেশী পৰ্যটকে ইন্টাৰনেটৰ মাধ্যমতে আপোনাৰ হোটেলৰ কোঠা আগতীয়াকৈ বন্দোৱস্ত কৰিব পাৰে ।তেনেদৰে আপোনাৰ যদি বাঁহ-বেতৰ বা অন্য কোনো থলুৱা সামগ্ৰী উৎপাদনৰ কেন্দ্ৰ আছে, তেন্তে সেয়া ভাৰতৰ ভিতৰতে থকা বা বিদেশত থকা অসমীয়া সকলে পাব পৰাকৈ এটা ৱেবচাইটযোগে আপুনি তাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰে । ছবি অঁকা চিত্ৰকৰ সকলেও ছবি বিক্ৰি কৰিবৰ বাবে আজিকালি ৱেবচাইটৰ সহায় লয় ।\nঘ) টকা-পইচা লেন-দেনৰ সুবিধা : আজিকালি প্ৰায় সকলো বেংকৰ বাবেই আপুনি ইন্টাৰনেটতে সকলো লেন-দেন কৰিব পাৰে । অৰ্থাৎ বেংকলৈ নোযোৱাকৈ আপুনি কাৰোবালৈ টকা পঠিয়াবও পাৰে বা গ্ৰহণো কৰিব পাৰে । আজিকালি এনেকি ড্ৰাফ্ট কটা ,ৰেকাৰিং একাউন্ট খোলা,ফিক্সড ডিপোজিত,পেনচন ফাণ্ড খোলা আদিও অনলাইন নেট বেংকিঙৰ সহায়ৰত সম্ভৱপৰ হৈ উঠিছে । মাথো টকা উলিয়াবলৈহে আপুনি বেংক বা এ.টি.এম.লৈ ধাপলি মেলিব লগীয়া হয় ।\nঙ)টকা-পইচা জড়িত কিনা-বেচাঃ ৰেলৰ টিকত কিনা (www.irctc.co.in) , চিনেমাৰ টিকট কিনা, বাচৰ টিকট কিনা (www.redbus.in) , শ্বেয়াৰ কিনা , উৰাজাহাজৰ টিকট কিনা , আয়কৰ দিয়া, ফোনৰ বিল দিয়া, দূৰদৰ্শনৰ ৰিছাৰ্জ কৰা , জীৱন-বীমা পলিচিৰ কিস্তিৰ টকা দিয়া , হোটেল বুক কৰা,চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিয়া আদি নানানটা কাম আপুনি ইন্টাৰনেটৰ সহায়তে কৰিব পাৰে । পেন-কাৰ্ড আৰু পাচপোৰ্টৰ বাবেও আবেদন আপুনি ইন্টাৰনেটৰপৰাই কৰিব পাৰে ।\nচ) বজাৰ-সমাৰ কৰা (অনলাইন চপিং): এতিয়া ইন্টাৰনেটৰ চমকপ্ৰদ সুবিধাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে এই ই-বজাৰ কৰা অৰ্থাৎ অনলাইন চপিং । মানুহৰ ভিৰৰ মাজত থেলা-থেলি কৰি থকাতকৈ বহুতে আজিকালি ঘৰতে বহি কৰিব পৰা এই অনলাইন চপিঙক বেছি গুৰুত্ব দিয়ে । আজিকালি প্ৰায় প্ৰতিটো বস্তুৱেই ইন্টাৰনেটৰ যোগেদি কিনিব পাৰে ।ইয়াৰ বাবে আপুনি এনে অনলাইন-চপিঙৰ সুবিধা দিয়া ৱেবচাইট বোৰ খুলি লাগিব । তাত আপোনাৰ পছন্দৰ বস্তুবোৰৰ বৰ্ণনা , দাম ,চলচ্চিত্ৰ আৰু আলোকচিত্ৰ দিয়া থাকে । সেইবোৰ চাই আপুনি বাছি উলিয়াব লাগে কোনটো বস্তু কিনিলে আপোনাৰ লাভ হ'ব বা কোনটো বস্তু আপোনাৰ বাবে বেছি প্ৰয়োজনীয় । তাৰ পিছত নিজৰ ঠিকনা দি আপুনি বস্তুটো কিনাৰ বাবে অৰ্ডাৰ দিব লাগে । বহু ৱেবচাইটত অৰ্ডাৰ দিয়াৰ সময়ত কোনো টকা নিদিলেও হয় । বস্তুটো যেতিয়া আপোনাৰ ঘৰ পাবহি , তেতিয়া দিলেও হয় । অন্যহাতে কিছুমান বস্তুৰ ক্ষেত্ৰত বা কিছুমান ৱেৱচাইটত এনে সুবিধা নাথাকে । তেতিয়া আপুনি অৰ্ডাৰ দিয়াৰ লগে লগে আপোনাৰ এ.টি.এম. কাৰ্ডযোগে বা ইন্টাৰনেট বেংকিংযোগে আগতীয়াকৈ টকা দিব লাগে । ইন্টাৰনেটত বস্তু বেচা কোম্পানীবোৰে সাধাৰণতে গ্ৰাহকক নঠগে । সেয়ে দেখুওৱা বস্তুৰ সলনি অন্য বস্তু গ্ৰাহকলে নপঠিয়ায় । কিন্তু কেতিয়াবা ভুলক্ৰমে কিছু ওলট-পালট নোহোৱাও নহয় । তেনে হ'লে সাধাৰণতে তেওঁলোকে আপোনাক টকা ওভটাই দিয়ে নতুবা বস্তুটো সলাই দিয়ে ।\nছ)উন্নত সংযোগ ব্যৱস্থাঃ ইন্টাৰনেটত উপলব্ধ 'চ্চাট' নামৰ চফ্টৱেৰবোৰৰ যোগেদি আপুনি পলকতে পৃথিৱীৰ যিকোনো মূৰতে থকা আন এজন ব্যক্তিৰ সতে লিখিত-ভাৱে(অৰ্থাৎ ক'বলগীয়াখিনি টাইপ কৰি) অথবা দৃশ্য-শ্ৰাব্য ৰূপত কথা পাতিব পাৰে । এনেকি কেইবা ঠাইত থকা বেলেগ বেলেগ মানুহ গোট খাই সামূহীয়াভাৱেও কথা-বতৰা(কনফাৰেঞ্চ) আপুনি পাতিব পাৰে ইন্টাৰনেটৰ সহায়ত । ই অতি ক্ষীপ্ৰ আৰু ফলপ্ৰসু । অন্যহাতে যিকোনো মোবাইল ফোনলৈ আপুনি ইন্টাৰনেটতে এচ এম এচ বা এম এম এচো পঠিয়াব পাৰে । এইবোৰৰ বাবে আপুনি অন্য কোনো আতিৰিক্ত টকাও ভৰিব নালাগে ।\nজ) বা-বাতৰি : দেশ-বিদেশৰ বা-বাতৰি আজিকালি সৰ্বপ্ৰথমে ইন্টাৰনেটতে উপলব্ধ হয় । ভাৰতৰ ৰাষ্ট্ৰীয় বাতৰি -কাকতসমূহৰ উপৰিও অসমীয়া প্ৰায় প্ৰতিখন কাকতৰে নিজা নিজা ৱেৱচাইট আছে ।গতিকে এই ৱেবচাইটবোৰ খুলিও আপুনি বিভিন্নখন বাতৰি কাকত পঢ়িব পাৰে । তাৰোপৰি কিছুমান বাতৰি-বিশ্লেষক ৱেবচাইট ইন্টাৰনেটত পোৱা যায় যিবোৰে আপোনাক আপোনাৰ পছন্দ মতে বেলেগ বেলেগ শিতানৰ বা-বাতৰি চকুৰ প্ৰচাৰতে দাঙি ধৰে । যেনে আপুনি যদি কেৱল অৰ্থনীতিৰ বাতৰিহে চাব খুজিছে, তেন্তে সেয়াও সম্ভৱ । অৰ্থনীতিৰ ভিতৰতো যদি আপুনি কেৱল ভাৰত বা কেৱল ভাৰত আৰু চীনৰ বিষয়ে বা-বাতৰি চাব খুজিছে তেন্তে তেনেকৈ ছেকি(ফিল্টাৰ) ল'লেই সি আপোনাক কেৱল আপোনাৰ পছন্দৰ বাতৰিবোৰ পৰিৱেশন কৰিব । কেতিয়াবা আকৌ নিৰ্দিষ্ট এটা মাত্ৰ শব্দ(কী-ৱ'ৰ্ড,যেনে -'সোণ' বা 'আলফা') জড়িত বাতৰিবোৰ আপুনি যদি পঢ়িব বিচাৰে,তেন্তে ইন্টাৰনেটত সেয়াও সম্ভৱ ।\nইয়াৰ উপৰিও আন বহুতো সা-সুবিধা ইন্টাৰনেটৰ পৰা ল'ব পাৰি যিবোৰ এজন ব্যৱহাৰকাৰীয়ে নিজে নিজেই লাহে লাহে শিকিব পাৰে ।\nকিন্তু ইন্টাৰনেটৰ ব্যৱহাৰৰ আন কিছুমান কুফলো আছে । সেইবোৰৰ বিষয়ে আলোচনা নকৰিলে এই লেখাটি একপ্ৰকাৰে আধৰুৱা হৈ ৰ'ব - \nক) পৰ্ণ'গ্ৰাফী বা যৌনতা : যদিও যৌন-শিক্ষা উঠি অহা ল'ৰা-ছোৱালীৰ বাবে প্ৰয়োজনীয়, তথাপি সুসংহত প্ৰণালী অবিহনে এই শিক্ষা আহৰণ কৰিলে ই ওলোটা ফল দিব পাৰে বুলি চিকিৎসকসকলে কয় । প্ৰজননৰ বৈজ্ঞানিক পদ্ধতিটোক যিহেতু প্ৰত্যেকখন সমাজতেই কিছু লুক-ঢাক কৰিয়েই পৃথিৱীত সভ্যতা বৰ্তি আছে, গতিকে অতি কম বয়সতে এইবোৰৰ বিষয়ে মুক্তভাৱে জানিবলৈ পালেও শিশুৰ কম-বয়সীয়া মগজুত ই বিৰূপ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে । গোটেই বিশ্বতে মানি লোৱা ইন্টাৰনেটৰ আটাইতকৈ ডাঙৰ অপকাৰিতা হৈছে এই যৌনতা বা যৌনগন্ধী লেখা,আলোকচিত্ৰ তথা চলচ্চিত্ৰৰ সহজলভ্যতা। অভিভাৱকসকলে এই ক্ষেত্ৰত কিছু সতৰ্ক নহ'লে শিশুৰ মানসিকতাত ভীষণ পৰিবৰ্তন আহিব পাৰে ,যিয়ে তাক গোটেই জীৱনৰ বাবে বিকাৰগ্ৰস্ত কৰি তুলিব পাৰে ।\nখ) ভাইৰাছৰ দ্বাৰা আক্ৰমণঃ কিছুমান ৱেবচাইটে ইচ্ছাকৃতভাৱে কম্পিউটাৰ ভাইৰাছ তেওঁলোকৰ ৱেৱপে'জত ৰাখে । ফলত সেই ৱেৱপেজটো আপুনি খোলাৰ লগে লগে সেই ভাইৰাছ আপোনাৰ কম্পিউটাৰলৈ বিয়পি পৰে । ভাইৰাছটোৰ উদ্দেশ্য ভেদে সি সৃষ্টি কৰা ধ্বংসলীলা বেলেগ বেলেগ ধৰণৰ হয়। যেনে কিছুমান ভাইৰাছে আপোনাৰ কম্পিউটাৰত থকা সকলো তথ্য-পাতি নাইকীয়া কৰি পেলাব পাৰে , কিছুমানে আকৌ শুই থকাৰ ভেশ ধৰি আপোনাৰ ব্যক্তিগত তথ্য দূৰত থকা কোনোবা এজনক যোগান ধৰে আৰু হয়তো কোনোবা এটাই আকৌ সি ইন্টাৰনেটত কৰা অসৎ কামবোৰৰ বদনাম আপোনাৰ ওপৰত জাপি দিয়ে । গতিকে এনে ভাইৰাছপূ্ৰ্ণ ৱেৱচাইটবোৰ আপোনাৰ কম্পিউটাৰেৰে খোলাৰ পৰা বিৰত থকাটো ভাল । আজিকালি প্ৰায় সকলো 'এন্টিভাইৰাছ চফ্টৱেৰে'ই এনে ভাইৰাছ থকা ৱেবচাইটবোৰ চিনাক্ত কৰিব পাৰে ।\nগ) ঠগ-প্ৰৱঞ্চকৰ বলিঃ কেতিয়াবা কেতিয়াবা ই-মেইলযোগেৰে আপুনি বাৰ্তা লাভ কৰিব পাৰে এইবুলি -"ৰীজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত লটাৰীত আপুনি ২০ কোটি টকা লাভ কৰিছে । এই টকা পাবৰ বাবে নিজৰ নাম, ঠিকনা, বেংকৰ একাউন্ট নং আমালৈ পঠিয়াওক ।" যদি আপুনি তেওঁলোকৰ সেই ই-মেইলৰ উত্তৰ দিয়ে , তেন্তে আপোনাক হয়তো লটাৰীৰ টকাখিনি ট্ৰেন্সফাৰ কৰিবৰ বাবে দহ হাজাৰ টকা তেওঁলোকলৈ পঠিয়াবলৈ ক'ব । আৰু আপুনি টকাখিনি পঠিওৱাৰ পিছতে ই-মেইলকাৰী ব্যক্তি নিৰুদ্দেশ হয় । এনেদৰে বহু ঠগে ইন্টাৰনেটৰ যোগেদি সহজ-সৰল মানুহবোৰক আঁভুঁৱা ভৰিবলৈ সক্ষম হয়। অইন কেতিয়াবা আকৌ আয়কৰ বিভাগৰ ৱেৱচাইটযোগে আপোনাক আপোনাৰ অতিৰিক্ত আয়কৰ ঘুৰাই(Income Tax-Return) ল'বলৈ কিছুমান প্ৰৱঞ্চকে আপোনাৰ ই-মেইললৈ 'লিংক' বা অন্য ৱেবচাইটৰ ঠিকনা পঠিয়ায় ।সেই জালপৃষ্ঠাটো খুলিলে আপুনি সাইলাখ ভাৰত চৰকাৰৰ আয়কৰৰ আনুষ্ঠানিক ৱেৱচাইট বুলিয়েই ভাৱিব , কাৰণ সি দেখিবলৈ হুবহু একে হয় । কিন্তু এই ৱেবচাইটত আপুনি আপোনাৰ বেংকৰ সৱিশেষ জমা দিয়াৰ পিছতে হয়তো দেখা পাব যে আপোনাৰ বেংক একাউন্টত এটাকাও নাই ! গতিকে এনে ঠগ বোৰৰ পৰা নিজকে বচাই চলিবলৈ হ'লে সদায় ব্ৰাউজাৰৰ ওপৰত থকা জালঠিকনাটো ভালদৰে চাব লাগে । তদুপৰি টকা-পইচাৰ দেন-দেন কৰিলে ব্ৰাউজাৰৰ ওপৰতে থকা 'ৱেবচাইটোৰ লগত সংযোগ'টো সুৰক্ষিত("https") হয় নে নহয় সেয়া পৰীক্ষা কৰিব লাগে ।\nঘ) চাইবাৰ -ক্ৰাইমঃ বেনামী ই -মেইল যোগে টকা দাবী, মানসিক হাৰাশাস্তি, ব্যক্তিগত তথ্য চুৰি, নেট বেংকিংযোগে টকা চুৰি ইত্যাদি এশ-এবুৰি ধৰণৰ ইন্টাৰনেট যোগে হ'বপৰা ধৰণৰ অপৰাধকে 'চাইবাৰ-ক্ৰাইম' বুলি কোৱা হয়। অতি সাৱধানে খোজ নিদিলে আপুনিও এনে চাইবাৰ-ক্ৰাইমৰ বলি হ'ব পাৰে । আমাৰ বহু উঠি অহা ল'ৰা-ছোৱালীয়ে প্ৰযুক্তিৰ নতুন কৌশলসমূহ চলে বলে আয়ত্ব কৰি 'হেকাৰ' বা 'ধূৰ্ত প্ৰযুক্তিবিদ ' হ'ব খোজে । লগৰীয়াৰ পৰা কেৱল বাহ্ বাহ্ ল'বলৈ বুলি আৰম্ভ কৰা এনে আসক্তিয়ে কিন্তু আপোনাৰ শিশুটিক কাৰাগাৰৰ ভাতো খুৱাবগৈ পাৰে । গতিকে সাৱধান ।\nঙ) দুষ্টচক্ৰৰ মইমতালীঃ ফেচবুক বা অন্য চ'চিয়েল মেডিয়াত আৰু অন্য এক প্ৰকাৰৰ দুষ্ট চক্ৰ সততেই দেখা যায় । তেওঁলোকে আপোনাৰ ব্যক্তিগত তথ্য, আলোকচিত্ৰ আদি নকল কৰি ইন্টাৰনেট যোগে আপোনাৰ এটা বেয়া ভাৱমূৰ্তি গঢ়ি তোলে । আৰু এসময়ত এইবোৰৰ প্ৰচাৰ বন্ধ কৰিবৰ বাবে এনেকে টকা দাবী কৰাও পৰিলক্ষিত হয় । এইধৰণৰ কাম-কাজত সাধাৰণতে 'ব্লেক-মেইলিং' বুলি কোৱা হয় । তেওঁলোকে আপোনাৰ ব্যক্তিগত আলোকচিত্ৰৰ পৰা আপোনাক এৰুৱাই নি অন্য কোনো অশ্লীল বা অপৰাধমূলক আলোকচিত্ৰত কম্পিউটাৰৰ চফ্টৱেৰৰ জৰিয়তে আপোনাক সংযোগ কৰিব পাৰে আৰু সেই দুষ্কাৰ্যত আপুনি জড়িত আছে বুলি ইন্টাৰনেটত প্ৰচাৰ চলাব পাৰে । ফে'চবুকত বহু পুৰুষে আকৌ নিজকে ছোৱালীৰূপে উপস্থাপন কৰি আপোনাৰ বন্ধু হ'বলৈ চেষ্টা কৰে ,যাতে তেওঁলোকে আপোনাৰ আলোকচিত্ৰ চুৰি কৰিব পাৰে অথবা আপুনি ক'ত কি কৰি আছে তাৰ শুংসূত্ৰ ল'ব পাৰে । সেয়েহে অচিনাকী কোনো ব্যক্তিৰপৰা ফেচবুক বন্ধুত্বৰ প্ৰস্তাৱ আহিলে চালি-জাৰি চাইহে তাক গ্ৰহণ কৰিব লাগে । বিশেষকৈ ছোৱালীসকল সেয়ে এনে দুষ্ট চক্ৰৰ পৰা অতিকে সাৱধান হোৱাটো জৰুৰী ।\nচ) ভুল তথ্যঃ ইন্টাৰনেটত উপলব্ধ সকলো তথ্যই যে সম্পূৰ্ণ সত্য হ'ব তাৰ কোনো নিশ্চয়তা নাই । ইয়াৰ কাৰণ হৈছে এয়ে যে একেটা বিষয়ৰ ওপৰতে বিভিন্নজনে বিভিন্নটা ৱেবচাইট খুলিব পাৰে আৰু সেই ৱেবচাইটবোৰত কাৰো অনুমতি নোলোৱাকৈ নিজা নিজা অভিমত বক্তব্য কৰিব পাৰে । যিহেতু এনে ৱেবচাইটত লিখা-মেলা কৰা প্ৰত্যেকজন ব্যক্তি সেই বিষয়ত অভিজ্ঞ আৰু জ্ঞানী নহ'বও পাৰে, গতিকেই তথ্যবোৰৰ ক্ষেত্ৰতো ভিন্নতাই দেখা দিয়াটো স্বাভাৱিক । সেয়েহে ইন্টাৰনেটযোগে প্ৰাপ্ত সকলো কথাই চূড়ান্ত সত্য বুলি মানি ল'বলৈ কিছু অসুবিধা হয় ।\nছ) নিচাঃ এনে হোৱা প্ৰায়ে দেখা যায় যে আজিকালিৰ নতুনকৈ শিকা ল'ৰা-ছোৱালীবোৰে কেৱল ফেচবুক আৰু ইন্টাৰনেটতে মূৰ গুজি বহু সময় অবাবত নষ্ট কৰে । এনেকি বহুতেই ইয়াৰ প্ৰতি আসক্তি অনুভৱ কৰে আৰু সময়ৰ বাচ-বিচাৰ নকৰাকৈ সকলো সময়ৰে কেৱল মোবাইল লৈ ব্যস্ত থাকে । এনে ল'ৰা-ছোৱালীৰ বাবে ই এটা নিচা হৈ পৰে যাৰ কুফলৰ প্ৰভাৱত তেওঁলোকে আন কোনো বিষয়তে ভালদৰে মনোনিৱেশ কৰিব নোৱাৰা হয় । গতিকেই ইন্টাৰনেট -ফে'চবুকৰ এনে অতিপাত ব্যৱহাৰৰ পৰা যিকোনো লোকে আঁতৰি থকাই মংগল ।\nজ) সৃষ্টিশীলতাৰ বিলুপ্তিঃ সহজতে পোৱা তথ্যৰ প্ৰভাৱত বহু ছাত্ৰ-ছাত্ৰীৰে শিশুগত সৃজনীশীলতাৰ ক্ৰমাগত বিলুপ্তি ঘটে । বহুতেই আকৌ শৈক্ষিক প্ৰশ্নোত্তৰৰ বাবেও ইন্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হয় । প্ৰকল্প,ঘৰুৱা কাম ইত্যাদিৰ বাবে লাগতিয়াল কথাখিনি পাঠ্যপুঠিৰ সলনি ইন্টাৰনেটৰপৰাই তুলি দিলে ছাত্ৰ বা ছাত্ৰীজনে নিজে সেইবিষয়ত জ্ঞান অৰ্জনৰ আনন্দৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হয়, কিয়নো এনে কাৰ্যৰদ্বাৰা ভাটৌ-শিক্ষাৰ বাদে আন একো লাভজনক কাম সমাধা নহয় ।\nঝ) শাৰীৰিক অৱনতি : ঘন্টাৰ পিছত ঘন্টা কম্পিউটাৰৰ সমুখত বহি থাকিলে চকুৰ দৃষ্টিশক্তি কমে আৰু ৰাজহাঁড়ৰ বিষ হয় বুলি বিজ্ঞানীসকলে অধ্যয়ন কৰি পাইছে ।\nগতিকে ওপৰৰ আলোচনাৰ পৰা এই বিষয়ে নিশ্চিত হ'ব পাৰি যে ইন্টাৰনেটৰ ভাল সুবিধাবোৰ গ্ৰহণ কৰাৰ সলনি আমি যদি কুফলবোৰহে লাভ কৰোঁ ,তেন্তে ইয়েই ব্যক্তিগত জীৱনত বেয়া প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ সামাজিক জীৱনকো কলুষিত কৰিব । অন্যহাতে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইন্টাৰনেটৰ বিষয়ে ভালদৰে জানিলে তাৰপৰা ভালেখিনি লাভ ল'ব পাৰে । ইন্টাৰনেটৰ সহায়তে নিজৰ শৈক্ষিক বিষয়ত কি ক'ত কেনেকৈ পঢ়িব পাৰি, চৰকাৰী জলপানি কেনেকৈ পাব পাৰি, উচ্চ শিক্ষাৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি ইত্যাদি নানা কেৰিয়াৰ বিষয়ক তথ্য গোটাব পাৰি । অন্যহাতে, গৱেষণাৰ বাবেও ইন্টাৰনেটক বহুতেই এতিয়া বন্ধু কৰি লৈছে । কোনো প্ৰশিক্ষণ নোলোৱাকৈ কিতাপ পঢ়ি আৰু ইন্টাৰনেটৰ পৰা সমল গোটায়েই ধেমাজিৰ পিছপৰা অঞ্চলৰ পৰা শ্ৰীমান সত্যকাম দত্তই সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ উদাহৰণ দেখুৱাই থৈছে। সেয়েহে উঠি অহা চামলৈ আমাৰ অনুৰোধ, তেওঁলোকে ইন্টাৰনেটক যেন সমাজ গঢ়াৰ ভেঁটি হিচাপে ব্যৱহাৰ কৰে আৰু নিজৰ জীৱনত ইয়াৰ সুব্যৱহাৰেৰে সফলতা অৰ্জন কৰে ।\nলেখকৰ ঠিকনাঃ বিজ্ঞানী-'খ', ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰ(National Informatics Centre), মাৰফৎ-জিলাধিপতিৰ কাৰ্যালয় ,মৰিগাওঁ-৭৮২১০৫, (দূৰভাষ নং-৯৪৩৫১৫২৭৬৮)।
web
bad45497ccd4370c72544038dbf798573eae27afc87b07c2c5caecf8a07efe6a
পিচদিন। কমলে ঘৈণীয়েক আৰু ছোৱালীজনীক লগত লৈ ৰেলৰ প্ৰথম শ্ৰেণীৰ কোঠ। এটাত উঠি শহুৰেকৰ ঘৰলৈ যাত্ৰা কৰিলে। ৰেলত প্ৰথম শ্ৰেণীৰ কোঠাটোত কমল আৰু ঘৈণীয়েক মাত্র যাত্রী হোৱাত, কমলে ঘৈণীয়েকক বুকুৰ মাজত সাবোটি ধৰি দেশবিদেশৰ ৰেলৰ বিষয় ক'লে । ছোৱালীজনীক দৌৰি যোৱ। গছগছনি, দূৰৈৰ পৰ্বত পাহাৰ আদি দেখুৱালে। ৰেলগাড়ী গুম গুম শব্দেৰে নৈৰ দলঙত উঠিলে, কমলে জীয়েকক নৈৰ নাম কয়। ৰেলতে তিনিও ৰাতি খানা খালে। ইয়াৰ পিচত ছোৱালীজনীক শুৱাই থৈ কমল আৰু ঘৈণীয়েকে দুয়ো নানা কথা পাতিলে। ৰেলগাড়ীৰ খিড়িকীবোৰ খুলি, কোঠাৰ বিজুলী চাকিবোৰ হুমাই দি ঘৈণীয়েকক সাবোটি ধৰি কমলে নানা কথা পাতিলে, কবিতা গালে। জোনৰ মধুৰ শীতল পোহৰ খিড়িকীৰ মাজেৰে আহি কমলে সাবোটি ধৰি থকা ঘৈণীয়েকৰ মুখৰ ওপৰত পৰাত, ঘৈণীয়েকক কমলৰ মানত স্বৰ্গৰ কোনোবা অপেচৰীৰ দৰে লাগিল। জোনৰ পোহৰত পদুম ফুলৰ দৰে ঘৈণীয়েকৰ মুখখনিও জিলিকি উঠিল। ঘৈণীয়েকৰ দুয়োখন গাল কমলৰ মানত পদ্মম ফুলৰ পাহিৰ দৰে লাগিল। ৰঙা ওঁঠ দুটা যেন আধা মেল খোৱা পদুম ফুলৰ মাজৰ ৰঙা কেশৰবোৰহে। কমলে আবেগতে, মৰমতে, পৰম প্ৰেমত ঘৈণীয়েকৰ ৰঙা ওঁঠ দুটাত চুমা খালে। ভোমোৰাই পছম ফুলত পৰি মৌ পিয়াৰ দৰে কমলেও ঘৈণীয়েকৰ ওঁঠত ওঁঠ লগাই মৌ পিলে। পিচদিনা পুৱাই ৰেলতে কমলে প্রত্যেকৰ বাবেই ওটচ, গাখীৰ, ৰুটি, মাখন, কল, দুটাকৈ কুহুম নভঙাকৈ ভজা কণিৰ আৰু নিজৰ আৰু ঘৈণীয়েকৰ বাবে চাহৰ অৰ্ডাৰ দিলে। কমলে আমেৰিকাত কিদৰে তাৰ মানুহে প্রাতঃ ভোজন কৰে তাকো ঘৈণীয়েকক ফলে। ৰাতিপুৱাই ইমান খাবলৈ ভোক নাই বুলি ঘৈণীয়েকে আপত্তি কৰাত কমলে ক'লে, "এইদৰে নাখাই নবইতো তোমাৰ চেহেৰা গৰু খো। গুফান মাৰিদালৰ দৰে হৈছে। বুকুৰ কামি হাৰবোৰ গণিব পৰা হৈছে। সদায় পুৱা দুটাকৈ কণি, ছচকল ৰুটি, আধাহতাক মাখন, এগিলাচ গাখীৰ, এবাটি ওটচ, আৰু লগত এটাকৈ কল আজিৰ পৰা তুমি খাব লাগিব। দুদিন পিচতে দেখিবা তুমি কেনে শকত আৱত হৈছা। তেজ মঙ্গহৰে শৰীৰ ফুলি উঠিব, গালভৰি পৰিব । কমলৰ কথাত ঘৈণীয়েকে ক'লে, "বাৰু আগেয়ে ডাঙৰ চাকৰি বাকৰি এটা হওক। তেতিয়াহে এনেদৰে খোৱাবোৱা কৰিব পৰা যাব।" অৱশেহত ৰেল আহি কমলৰ শহুৰ শাহুয়েক থকা চহৰৰ ষ্টেচনত থামিলছি। কমলে ৰেলৰ খানচামাক খোৱাবোৱাৰ বিলৰ সকলো টকা আদায় দি খানচামাক এটকা বকচিচ দিলে। আমেৰিকাৰ দৰেই টিপ দিয়া নিয়ম আমাৰ দেশতো থক। বুলি কমলে ধৰি ললে। যগা পোছাক আৰু টুপী পিন্ধা খানচামাই অপ্রত্যাশিত ভাবে এটকা বকচিচ পাই বৰ খুচী হ'ল আৰু কমলক আৰু কমলৰ ঘৈণীয়েকক দীঘল চালাম দিলে। কমলে কুলীৰ হতুৱাই মালপত্র নমাই ।• অনা বকচিচ পোৱ। কুলীক ১, টকা বকচিচ দি টেক্সিৰে আহি শহুৰেকৰ ঘৰ পালেহি। টেক্সিৱালাক একো মুণ্ডধি কমলে ৫, টকাৰ নোট এখন টেক্সিৱালাই একো কব নৌ পাওঁতে দি তাক বিদায় দিলে। ইয়াৰ পিচত ভিতৰ সোমাই শহুৰ শাহুৰেক সেৱা কৰিলে। জীয়েক, জোৱায়েক আৰু নাভিনীয়েক অহাত শহুৰ শাহুয়েকৰ অন্তৰ আনন্দৰে উপচি পৰিল। শহুৰ শাহুয়েকে বিলাত ফেষত জোৱায়েকক কি খুৱাব, ক'ত থব এইলৈ ব্যতিব্যস্ত হৈ পৰিল। কমলে তাৰ খোৱাবোৱা থকালৈ শহুৰ শাহুয়েকক ব্যতিব্যস্ত হবলৈ মানা কৰি শাহুয়েকক ফলে, "মা মোৰ খোৱালৈ একো ব্যতিব্যস্ত হব নালাগে। দালি, ভাত, শাক পাতৰে মোৰ হব। খুৱাব খুজিছে যদি জীয়েকক খুৱাক। তেওঁ যেনেদৰে হাৰে ছালে লাগিছে তেওঁৰহে ভাল খোৱাৰ আৱশ্যক। এইদৰে কমল শহুৰ শাহুয়েকৰ ঘৰত ১৫ দিন থাকিল। ১৫ দিনৰ মূৰত শহুৰেকে কমলক ৰাজধানীলৈ গৈ ভাল চাকৰি বাকৰি এটাৰ যোগাৰ কৰিবলৈ ক'লে। কমলে.দেউতাকক কোৱা দি শহুৰেককে। ক'লে। কমলে ক'লে, "মই দেশ আহি পোৱ। খবৰ চৰকাৰক জনাই দিছে।। বিদেশত কি পঢ়িলো, কি শিকিলো তাকো জনাই দিছে।। আজি কিছুদিন আগতে চৰকাৰক এইবোৰ কথা মনত পেলাই আকৌ এখন চিঠি দিছে।" জোৱায়েকৰ কথাত শহুৰেকে ক'লে "চিঠিৰে কাম হলেতো ভালেই। পিচে আমাৰ দেশৰ যিহে কথা। চিঠিৰ জবাব হেনো কোনেও নাপায়। সকলো কথাৰ বাবে হেনো ৰাজধানীলৈ নিজে দৌৰিব লাগে।" কমলে শহুৰেক ক'লে, "মোৰ কথা বেলেগ। মোক চৰকাৰেই কেইবাহাজাৰে। টকা খৰচ কৰি পঢ়াই আনিছে। বিদেশৰ পৰা অহাৰ পাচত চৰকাৰক চাকৰি কৰি দিব লাগিব বুলি মোৰ পৰা চৰকাৰে দলিলে। লিখাই লৈছে। গতিকে এতিয়া মোৰ বিচাৰলৈ মোক কামত খটোৱাৰ চৰকাৰৰহে জগৰ। তথাপি মই চৰকাৰক জনাই দিছে।। ডাঙৰ চাকৰিৰ বন্দবস্ত কৰিবলৈ অলপ দেৰি হবই।" কমলৰ কথাত দেউতাকৰ দৰে শহুৰেকেও মনে মনে থাকিল । আৰু ১৫ দিন কমলৰ শহুৰেকৰ ঘৰত কব নোৱাৰাকৈ বাগৰি গ'ল। বিৰহৰ পিচত মিলন সদায়ে মধুৰ। তাতে সুদীর্ঘ তিনিবছৰ বিৰহৰ মূৰত কমল আৰু কমলৰ প্ৰিয়তমাৰ মিলন। ছয়ো দুয়োকে। বুকু উজাৰি প্ৰেম বিলাইছে। সংসাৰত যে কি হৈছে, কেনে ধৰে দেশত নানা ঘটনাই ঢাল লৈছে তাৰ খবৰ এইহাল প্রেমিক প্ৰেমিকাৰ নাই। দেশত কি হৈছে তাক জানিবৰ বাবে কমলে কেতিয়াবা দিনত এবাৰ, কেতিয়াবা দুই তিনিদিনৰ মূৰত এবাৰ খবৰৰ কাগজ হাতত লয়; কিন্তু সেই কাগজ কোন দিনৰ, তাত কি লিখিছে কমলে কব নোৱাৰে । কমলে কাগজত কেইটামান ছপোৱ। ক'লা আখৰ দেখে ; কিন্তু পিচ মুহূৰ্ততে সেই আখৰ কেইটা নেদেখা হয়। খবৰৰ কাগজ পঢ়াতকৈ প্ৰিয়াক বুকুত সাবোটি ধৰি কমলে ৰবি ঠাকুৰৰ কবিতা পঢ়ি বেচি ভাল পায়। কমলে কবিতা পঢ়ে আৰু প্রত্যেকটি কবিতা পঢ়া শেষ হলেই ঘৈণীয়েকক একোবাৰ চুমা খায়। কেতিয়াবা ঘৈণীয়েককে ৰবি ঠাকুৰৰ কবিতা পঢ়িবলৈ দিয়ে। কমলে ঘৈণীয়েকৰ মুখলৈ তথা লাগি চাই শুনি থাকে ; কিন্তু পাঁচ মিনিট পঢ়াৰ পিটতে ঘৈণীয়েক পঢ়িব নোৱাৰা হয়। কাৰণ কমলে তাৰ প্ৰিয়াৰ ওঁঠ দুটা তাৰ ওঁঠৰে বন্ধ কৰি দিয়ে। ঘৈণীয়েকে আপত্তি কৰিলে কমলে কয়, - 'ৰবি ঠাকুৰৰ কবিতা তোমাৰ ওঁঠৰ মাজৰ পৰা ওলাই বতাহৰ তৰপ ভেদ কৰি মোৰ কাণত সোমোৱাতকৈ তোমাৰ ওঁঠৰ পৰা মোৰ ওঁঠৰ মাজেৰে গৈ পোনে পোনে অন্তৰত সোমোৱাহে মই ভাল পাওঁ; কাৰণ তেতিয়া শব্দৰ ঢৌৰ কোনে। বিকৃতি নঘটে।" এইদৰে শহুৰেকৰ ঘৰত কমলে এমাহ সংসাৰৰ কোনো খবৰ নোহোৱাকৈ ঘৰৰ ভিতৰতে ঘৈণীয়েকক লৈ কবিতা শুনি থকাত ওচৰ চুবুৰীয়াই 'বু বা' কৰিবলৈ ধৰিলে। বিলাতৰপৰা আহিল বুলিনো মানুহে কেৱল ঘৰৰ ভিতৰতে ঘৈণীয়েকক লৈ থাকে নে? এইবোৰ কথা কমলৰ কাণত নোসোমায়; কিন্তু শহুৰেক শাহুয়েকৰ কাণত সোমায়। তেওঁলোকে জীয়েকক কমলে এনেকৈ মৰম কৰাত মনে মনে সুখী হলেও, কমলে চাকৰি বাকৰি এটাৰ বাবে কোনো যত্ন নোলোৱাত মনে মনে অতিষ্ঠ অনুভৱ কৰিলে। প্রেমত, আনন্দততো সদায় দিন নাযায়। খোৱাবোৱা, প্ৰকামিলা, ল'ৰাছোৱালী ডাঙৰ দীঘল কৰা এইবোৰৰ বাবেও তো ব্যৱস্থা কৰা দৰ্কাৰ। এমাহৰ মূৰত কমলৰ শাহুয়েকে জীয়েকক ক'লে, "কমলৰ দেখোন বিলাতৰপৰা অহা আজি দুমাহে হ'ল; কিন্তু চাকৰিৰ দেখোন কোনো খা-খবৰ নহ'ল? তই কমলক ৰাজধানীৰ পৰা এবাৰ বা খবৰ লৈ আহিবলৈ ক। কমলে খা-খবৰ কৰি অহালৈকে তই ছোৱালীজনীলৈ আমাৰ ইয়াতে থাক। কমলে ছদিনতে ৰাজধানীৰ পৰা ঘূৰি আহিব পাৰিব।" মাকৰ কথাত জীয়েকে সিদিনা ৰাতি কমলক চাকৰিৰ খবৰ কবিবৰ বাবে ৰাজধানীলৈ যাবলৈ খাটিব ধৰিলে। কমলে ঘৈণীয়েকৰ কথা উৰাই দি ক'লে, "তোমালোক সকলোৰে দেখিছো একে কথা। কেৱল ৰাজধানীলৈ যোৱ। কথা । ৰাজধানীত গৈ মই কি কৰিম? চৰকাৰক মই দেখোন মোৰ কথা জনায়ে থৈছোঁ। দুদিন ধৈৰ্য্য ধৰ।। হাজাৰ টকাৰ চাকৰিতো একেদিনাই নহয় ?" "সেই বুলিনো ৰাজধানীলৈ গৈ খবৰ কৰি আহিলে কি লোকচান হয়?" ঘৈণীয়েকে ক'লে। "সেইবোৰ বাজে কথা এৰা। এতিয়। এইপিনে আহা। ৰৰি ঠাকুৰৰ এই নতুন কবিতাটো পঢ়ি গুনোৱাহি।" এই বুলি কৈ কমলে ঘৈণীয়েকক টানি আনি কোলাত বহুৱাই চুমা খালে। ঘৈণীয়েকে জোৰ কৰি কমলৰ আলিঙ্গনৰ পৰা নিজকে মোকোলাই লৈ ক'লে, "আপুনি কাইলৈ ৰাজধানীলৈ ন'গলে মই আজি কবিতা নপঢ়ো। কেৱল চুমাই জানে। পেট ভৰায় ? খোৱা বোৱা থকামিলাৰ বাবে টকাৰ জানো দৰ্কাৰ নাই ? আপোনাৰ বন্ধু গোসাইৰ ল'ৰা ধনেশ্বৰে হেনো খুব ডাঙৰ চাকৰি কৰে, মটৰত ঘুৰি ফুৰে ; আৰু আপুনি কেৱল চাকৰি বাকৰি নোহোৱাকৈ ঘৰৰ ভিতৰতে সোমাই থাকে।" এই বুলি ঘৈণীয়েকে মুখ ওফন্দাই দূৰৈত বহি চকুৰপানী মুছিলে। কমলে তেতিয়া ক'লে, "তোমালোক তিৰোতাবোৰৰ প দেখিছো একে। উপায় নাই। তিৰোতাৰ দৰে অবুজন সৃষ্টি বিধাভাই বোধকৰে। আৰু কৰা নাই। বাক, কাইলৈ নহলেও পৰহি ৰাজধানীলৈ যাম বাক। তোমালোকৰে জিত। এতিয়া আহা। কন্দাকট। এৰি কবিতা এটাকে পঢ়ি শুনোৱাহি।" কমলৰ কথাত ঘৈণীয়েক কমলৰ ওচৰলৈ আহি কবিতা পঢ়িবলৈ ললে। কমলৰ কিন্তু পৰহিৰ পাচতো আৰু দুদিন পাৰ হ'ল। ৰাজধানীলৈ যোৱাৰ কোনো উমধাম নাই। পুনৰ শাহুয়েকে জীয়েকক করে। জীয়েকে আকৌ গিৰীয়েকক ক'লে, অভিমান কৰিলে। কমলে অৱশেহত ঘৈণীয়েকক লগত লৈ ৰাজধানীলৈ যাবলৈ ঠিক কৰিলে। কমলৰ শহুৰেক বুদ্ধিমান মানুহ । কমলে ঘৈণীয়েকক লগত লৈ গলে চাকৰিৰ কি দৰে বিচাৰ কৰিব সেই সম্পর্কে যথেষ্ট সন্দেহ আছে। হয়তো কমল হোটেলৰ পৰাই বাহিৰে নহব । আকৌ ঘৈণীয়েকক লগতলৈ নগলে আধাবাটৰ পৰা ফিৰিও আহিব পাৰে। গতিকে বহুৰেকে জীয়েকক লগত লৈ যোৱাত আপত্তি নকৰিলে; কিন্তু কমলৰ ছোৱালীজনীক এৰি থৈ যাবলৈ ক'লে। কমলে মুণ্ডনাকৈ মাক দেউতাকে জীয়েকক বহুত কথাও শিকালে। কমলে যাতে চাকৰি বিচাৰি মন্ত্ৰীক দেখা কৰে, অফিচবোৰত খা-খবৰ লয়, কমল হোটেলতে যাতে সোমাই নাথাকে - এইবোৰ কথা চাবৰ বাবে জীয়েকক মাক দেউতাকে বাৰে বাৰে বুজালে। দেউতাকে জীয়েকক কলে, "ডাঙৰ চাকৰি বাকৰি এটা হোৱাৰ পিচত তহঁতে যি ইচ্ছা তাকে কৰিব পাৰিবি, কিন্তু চাকৰি বাকৰি নোহোৱাকৈতে। এনেকৈ থকা টান। কমলৰ ঘৰৰ অৱস্থাও ভাল নহয়। মোৰো সেই একে অৱস্থা। গতিকে যিদৰে তহঁতৰ ভাল হয় চাবি। দেউতাকৰ কথাৰ পাচত মাকেও জীয়েকক ফুচফুচাই কিবা ক'লে। জীয়েকে মাকৰ কথাত ৰঙাপৰি গৈ মাকক কলে "যাঃ"। মুঠতে কমলক ঠিক পথত চলাবলৈ মাক দেউতাকে জীয়েকক নানাপ্ৰকাৰ শিক্ষা আৰু বুজনি দি তৈয়াৰ কৰি কমলৰ লগত ৰাজধানীলৈ পঠালে। অৱশেহত এদিন কমল ঘৈণীয়েকক লগত লৈ ৰাজধানী পালেহি। ৰাজধানীত হয়ে। এটা হোটেলত গৈ উঠিল। হোটেল পাই গা পা ধুই থানচামাৰ হতুৱাই নিজৰ কোঠালৈ খানা আনি কমল আৰু ঘৈণীয়েকে ভাল খান। খালে। থানাৰ পিচত থাল গিলাচ নিলৈ অহা খানচামাক কমলে । অন! বকচিচ দিলে। খানচামাই বকচিচ পাই হুয়োকে। দীঘল চেলাম ঠুকিলে? খোৱাবোৱাৰ পিচত ঘৈণীয়েকে কমলক চাকৰিৰ খা-খবৰ লবৰ বাবে অফিচলৈ যাবলৈ ক'লে। ঘৈণীয়েকৰ কথাত কমলৰ হঠাতে মূৰৰ কামোৰণি উঠিল। কমলে ক'লে, "একা বেকা বাটেৰে ৰাজধানীলৈ আহি মূৰ ঘূৰাইছে। আজি অলপ শুই জিৰণি লওঁ। কাইলৈৰ পৰা চাকৰি বিচৰাত লাগিম।" এইবুলি কমলে বিছনাত দীঘল দিলে। বিছনাত পৰি মূৰ কামোৰণি বেচি যেন অনুমান হোৱাত ঘৈণীয়েকক মূৰ টিপিবলৈ ওচৰলৈ মাতিলে। ঘৈণীয়েকে মূৰ টিপি দিয়াত ভাল পাই চকুমুদি থাকিল। অলপ পিচতে বুকুখনে কিবা কৰা যেন পাই ঘৈণীয়েকক বুকুৰ মাজত সাবোটি ধৰিলে। ৰাতি ধোঁৱাবোৱাৰ পিচত কমলে খানচামাক বকচিচ দিবলৈ বেগ খুলিলে। এনেতে ঘৈণীয়েকে ক'লে, "প্রত্যেক বাৰেই নো কিয় বকচিচ দিব লাগে? পিচত একেলগে দিলে নহব জানে। কমলে ঘৈণীয়েকৰ কথাত খানচামাক সিহঁত হোটেলত থকা দিন কেইটা ভালদৰে আলপৈচান ধৰিবলৈ ক'লে। ভালদৰে খোৱাবোৱা দি আলপৈচান ধৰিলে শেষত ভাল বকচিচ পাব বুলি খানচামাক ক'লে। খানচামাই দুয়োকো দীঘল চেলাম দি সকলো কাম ভাল দৰে কৰিব বুলি প্রতিশ্রুতি দি ওলাই গ'ল। খোৱাৰোৱাৰ পিচত কমলে ঘৈণীয়েকক সাবোটি ধৰি কিছু সময় কবিতা শুনিলে। তাৰ পিচত টোপনি লগা বুলি কৈ লেপৰ তল সোমাল। ঘৈণীয়েকেও লাইট ঘুমাই অগত্য। কমলৰ লগতে একেখন লেপৰ তলতে সোমাল। পিচদিন। পুৱা চাহ জলপান খোৱাৰ পিচত ঘৈণীয়েকে কমলক সজাই পৰাই মন্ত্ৰীৰ ঘৰলৈ পঠালে। মন্ত্ৰীৰ ঘৰৰ সমূখত কমলে দেখে যে তাতকৈ আগৰে পৰা বহুত মানুহ ৰৈ আছে। চাপ্রাচীয়ে সেই ভিৰৰ পৰা এজন এজনকৈ মানুহ ৫ মিনিট, ১০ মিনিট আৰু কেতিয়াবা আধা ঘণ্টাৰ অন্তৰে অন্তৰে মন্ত্ৰীৰ ওচৰলৈ মাতি নি আছে। কমললৈ চাপ্রাচীয়ে ভ্রূক্ষেপেই কৰা নাই। তেতিয়। চাপ্রাচীক মাতি আনি তাৰ নাম ছপোৱ। কাৰ্ড এটা চাপ্ৰাচীৰ হাতত মন্ত্ৰীক দিবলৈ দি বাহিৰত থকা মানুহবোৰৰ ৰেহৰূপ চাই বাহিৰতে থিয় হৈ থাকিল; কিন্তু দুঘণ্টাৰ ওপৰ থিয় হৈ থকা সত্ত্বেও কমলক চাপ্রাচীয়ে নমতাত কমলৰ আমনি লাগিল; মনে মনে খঙে। উঠিল। ইপিনে হোটেললৈ যাবৰ বাবেও মনটো উচপিচাই আছে। অৱশেহত কমলে চাপ্রাচীক মাতি আনি তাৰ কার্ডটো মন্ত্ৰীক দিলে নে সুধিলে। চাপ্রাচীয়ে কলে "আজি দেখা নহব। আপোনাৰ কাৰ্ড মোৰ হাততে আছে। মই মন্ত্ৰীক দিয়াই নাই।" কমলে তেতিয়। চাপ্রাচীক এটকা বকচিচ দি সোনকালে মন্ত্ৰীক দেখা কৰি দিয়াৰ কিবা এটা ব্যৱস্থা কৰি দিবলৈ ক'লে। চাপ্রাচীয়ে টকাটো পাই খুচী হ'ল আৰু কমলক ক'লে "এতিয়াই মন্ত্ৰীৰ লগত দেখা হব। মন্ত্ৰীৰ লগত কোনে দেখাশুনা কৰিব সেই কথা মইহে নিৰ্ণয় কৰোঁ।" এইবুলি চাপ্রাচীয়ে হাঁহি ভিতৰ সোমাল আৰু একমিনিট পিচতে কমলক ভিতৰলৈ মাতি নি মন্ত্ৰীৰ লগত দেখা কৰাই দিলে। মন্ত্ৰীয়ে মূৰত বগা টুপী, গাত জহৰ কোট পিন্ধি, টেবুলৰ ওপৰত ভৰি দুখন থৈ আৰামকৈ চিগাৰেট খাই আছে। কমলে ভিতৰ সোমাই মন্ত্রীক নমস্কাৰ কৰিলে। মন্ত্রীয়ে কমলক বহিবলৈ কৈ লুধিলে, "তুমি কোন, ডেকা ল'ৰ। ? তোমাক কি লাগে।" কমলে তেতিয়া তাৰ কথা বিবৰি ক'লে। কেনেকৈ চৰকাৰেই কমলক লো উৎপাদনৰ বিষয় শিকিবলৈ বৃত্তি দি আমেৰিকাত তিনিবছৰ পঢ়াইছিল, কেনেকৈ বিদেশত দিন ৰাতি একে কৰি পঢ়ি ডক্টৰেট ডিগ্রী পালে, কেনেকৈ আমেৰিকাৰ বৃহৎ বৃহৎ কাৰখানাত হু মাহ থাকি কাম কাজ হাতে কলমে শিকিলে এইবোৰ সকলো কথা মন্ত্ৰীক ক'লে। মন্ত্ৰীয়ে কমলৰ কথা শুনি কমলে আমেৰিকালৈ যোৱাৰ আগতে কি কৰিছিল সুধিলে। কমলে এইদে এইদেদ কলেজৰ ৰসায়নৰ প্ৰফেচাৰি কৰা বুলি ক'লে। লগতে কমলৰ আগৰ ছাত্ৰ জীৱনৰ কথা, পৰীক্ষাত ফাৰ্ষ্ট ক্লাচ পোৱা, সোণৰ মেদেল আদি পোৱাৰ কথাও ক'লে। কমলৰ কথা শুনি মন্ত্ৰীয়ে হাঁহি ক'লে, "তোমাৰ কথা শুনি বৰ ভাল পালো। মইও সদায়ে কওঁ - আমাৰ ল'ৰাৰো বুদ্ধি আছে। সুবিধা পালে আমাৰ ল'ৰাইও ডাঙৰ বৈজ্ঞানিক, ডাঙব ইঞ্জিনিয়াৰ, ডাঙৰ ডাক্তৰ, ডাঙৰ কবি আৰু ডাঙৰ ৰাজনীতিজ্ঞও হব পাৰে। তুমি বিদেশত আমাৰ দেশৰ নাম ৰখাত মই বৰ সুখী হলো।" কমলে তেতিয়। মন্ত্ৰীক সৰুকৈ ক'লে, "এতিয়া ইমান কষ্টৰে অর্জ। বিদ্যা দেশৰ কামত লগাব পাৰিলে ভাল লাগিব। এটা ভাল চাকৰি বাকৰি - " কমলৰ কথাত মন্ত্ৰীয়ে টেবুলৰ ওপৰৰ পৰা ভৰি দুখন নমাই ক'লে, "সেইবোৰ কথা মোৰ নহয়। তুমি তোমাৰ সকলো কথা চেক্রেটাৰীক কৰা। চাকৰি বাকৰি ক'ত খালি আছে, ক'ত তোমাক ৰাখিব খুজিছে, কিমান দৰ্মহা তোমাক দিব এই সকলোবোৰ কথা চেক্রেটাৰীয়েহে জানে। মই তেওঁৰ কথাত 'তথাস্ব'হে কৰো।" এইবুলি মন্ত্ৰীয়ে হাঁহিলে। এনেতে চাপ্রাচীয়ে মন্ত্ৰীৰ কোঠাত ব্যস্ত হৈ ফোপাই জোপাই সোমাই মন্ত্ৰীক ক'লে, "চাহাব, আমি হ'লে এনেকৈ আৰু কাম কৰিব নোৱাৰে।। মোক আজিয়ে বিদায় দিয়ক।" মন্ত্ৰীয়ে চাপ্রাচীক লুধিলে, "কি হ'ল বাহাছৰ ?" চাপ্রাচীয়ে ক'লে, "কি হব আৰু? সৌৱা চাওক, ভিতৰ সোমাবলৈ আহিছে। খদ্দৰৰ ধুতি আৰু বগা টুপী পিন্ধিলে বুলিয়ে তেওঁলোক ৰজা হ'ল নেকি? মই তেওঁলোকক ক'লো - খন্তেক ৰওক। মন্ত্রী চাহাবে অন্য এজন চাহাবৰ লগত কথা পাতি আছে। সেইজন চাহাব ওলাই আহিলেই আপোনালোকক লৈ যাম ; কিন্তু তেওঁলোকে ক'লে - আমি কোন চিনি পাইছ নে নাই ? চাপ্রাচী হৈ ৰজা হৈছ - এইবুলি জোৰকৈ ভিতৰ সোমাবলৈ আহিল। সৌৱা চাওক, দুৱাৰমুখ পালেহিয়েই।" মন্ত্ৰীয়ে তেতিয়া মূৰ দাঙি কেইজনমান বগা টুপী পিন্ধ। মানুহ দেখি তেওঁলোকক ক'লে, "আপোনালোক বাহিৰৰ কোঠাতে অলপ বহুক। মই এওঁক বিদায় দিয়ে আপোনালোকক দেখা কৰিছোঁ। বাহাদুৰ, এখেত চাহাবসকলক ড্রইং কমত বহিবলৈ দেগৈ।" মন্ত্ৰীৰ কথাত চাপ্ৰাচীয়ে অসন্তুষ্ট মনেৰে বগা টুপী পিন্ধা চাহাব কেইজনক অন্য এটা কোঠালৈ লৈ গ'ল। বাটত সি ভোৰভোৰাই গ'ল - "স্বাধীন হোৱাত ৰাম হৰি যহু সকলো চাহাব হ'ল।" বগা টুপী পিন্ধ। মানুহ কেইজন অদৃশ্য হোৱাত মন্ত্ৰী চকিৰ পৰা উঠিল আৰু কমলক ক'লে, "বুজিছা, আমি এইবোৰ অবুজন মানুহবোৰৰ কথাত লাগি থাকোতেই যায়। ভাল কথা ভাবিবলৈ, ভাল কথা পাতিবলৈ, ভাল কাম কৰিবলৈ সময়কে নাপাওঁ। দেশ বিদেশীৰ তলত থাকোতে, দেশখন স্বাধীন কৰিলৈ ধনে ধানে নদন বদন কৰি গঠন কৰাৰ কিমান সপোন নেদেখিছিলো। বৃটিছ সিংহৰে সৈতে কিমান যুদ্ধ নকৰিলো। ঘৰ দুৱাৰ, ল'ৰাছোৱালী এৰি জেল খাটিলো, পুলিচৰ মাৰ খালো। তোমালোকে পঢ়াশুনা কৰি থাকিলা। আমি কিন্তু ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ পঢ়াশুনা এৰিলে।, গাৱেঁ ভূঞে মিটিং কবি চিঞৰি ফুৰিলে।। দেশ স্বাধীন হোৱাৰ পিচত, দেশখন শ্য, শিল্প আদিত চহকী কৰি দুর্ভিক্ষ, মহামাৰী, ৰোগ ব্যাধি দূৰ কৰি ইমান দিনৰ সপোন দিঠকত পৰিণত কৰিব পাৰিম বুলি ভাবিলো। মনত বিশ্বাস হ'ল প্ৰত্যেক মানুহে দুবেলা দুমুঠি পেট ভৰাই খাব পাৰিব, প্রত্যেক ল'ৰাছোৱালীয়ে গাখীৰ একণ পাব, প্রত্যেকৰে ঘৰছৱাৰ টিনৰ হব, দেশত অশিক্ষিত লোক নাথাকিব, গৱেষণা, সাহিত্য, কাব্য, বিজ্ঞান আদিৰ চৰ্চাত দেশে আগশাৰীত স্থান লব। সকলো মানুহে আনন্দত, তৃপ্তিত, চোৰ, ডকাইতৰ ভয় নোহোৱাকৈ বাস কৰিব। গাওঁ,-ভূঁই, নগৰ চহৰ, পৰ্বত ভৈয়ামত থকা সকলোবোৰ মানুহ মিলিজুলি বিৰাট এক জাতি গঠন কৰিব। আমাৰ দেশৰ পৰ্বত ভৈয়ামৰ নৃত্যগীত, ঘুপুৰৰ কমজুম শব্দ, খোলতাল ঢোলৰ দুমদুম শব্দ, কেৱল আমাৰ দেশৰ পৰ্বত ভৈয়ামৰ মাজতে আৱদ্ধ হৈ নাথাকি পৃথিবীৰ চাৰিওপিনে বিয়পি পৰিব। বলিষ্ঠ দেহৰ, সবল মনৰ, তীক্ষ্ণ প্রতিভাৰ, অন্তৰত অফুৰন্ত আশা আকাঙ্ক্ষা থকা আমাৰ দেশৰ পৰ্বত ভৈয়াম, নগৰ গাওঁত বাস কৰা যুবক যুবতী দলে একেলগে একেটা ডোলৰ বান্ধত বান্ধখাই দেশৰ বিজয় ডঙ্কা গাব; কিন্তু দেশ স্বাধীন হোৱাৰ কিছুদিন পিচতে সেই সপোন ভাঙি গ'ল। দলাদলি, হিংসা, কুর্চ্চ ট দেখি সেই সপোন ত্যাগ কৰিলো। যিবোৰে দেশৰ কাৰণে ত্যাগ কৰিছিল, সেইবোৰকে এতিয়। লগা হ'ল ত্যাগৰ পুৰস্কাৰ। ত্যাগৰ পূজাৰী হ'ল, ভোগৰ পূজাৰী । সততা, সাধুত। এৰি তেওঁলোকে মুখত পিন্ধিলে মিছাৰ মুখ। যিবোৰ মানুহক ত্যাগৰ বাবে আগতে গাওঁৰ মানুহে বৃটিছৰ পুলিচ, বন্দুককে। ভয় নকৰাকৈ স্বাধীনতাৰ যুদ্ধৰ সময়ত নিজৰ ঘৰত লুকাই ৰাখিছিল, আশ্রয় দিছিল, নিজে নাখাই খুৱাইছিল, ধুৱাইছিল, সেই একেবোৰ গাৱঁৰ মানুহে এতিয়া সেই স্বাধীনতাৰ যুঁজাৰুসকলৰ স্বাৰ্থপৰতা দেখি, পুৰস্কাৰ লৈ টনাটনি কৰা দেখি তেওঁলোকক ঘৃণা কৰা হ'ল, মূৰত বগা টুপী দেখিলেই শিয়াল কাউৰীক খেদা দি খেদা হ'ল, জুতা, শিল দলিওৱা হ'ল।" মন্ত্রীয়ে এইখিনি কৈ খঙতে কোঠাটোৰ এমূৰৰ পৰা আনমূৰলৈ ঘনঘনকৈ খোজ কাঢ়িবলৈ ধৰিলে। কমলে মন্ত্ৰীৰ উত্তেজনা দেখি ভয়তে নিমাত হ'ল। কিছু সময় কোঠাটোত দুই তিনিবাৰ খোজ কাঢ়ি মন্ত্ৰীয়ে আকৌ কবলৈ ধৰিলে, "এই খদ্দৰৰ ধুতি, মূৰত বগা টুপী পিন্ধা, চাপ্ৰাচীক গালাগালি পৰ। মানুহবোৰৰ ব্যৱহাৰকে চোৱাচোন। তেওঁলোকে চাপ্রাচীক গালাগালি কৰি জোৰকৈ মোৰ কোঠালৈ সোমাবলৈ আহি জানে। মূৰত পিন্ধা বগা টুপীৰ অপমান কৰা নাই? মুখত তেওঁলোক মহাত্মাৰ শিশু, গান্ধীৰ ভক্ত, অহিংসাৰ পূজাৰী; কিন্তু কামত তেওঁলোক ডকাইতৰ দৰে। অকথ্য ভাষাত অমুকক দেখিম, তমুকক চাম, এইবোঁৰ কয়। কাকে। কাকে। মাৰধৰো কৰে। মিছা কথা কবলৈও সঙ্কোচ নকৰে। গাৱঁত তেওঁলোকৰ কথা কোনো মানুহে মুগুনিলে তাৰ বিৰুদ্ধে পুলিচক লগায়, পুলিচে মুশুনিলে আমাক আহি পুলিচৰ বিৰুদ্ধে লগায় আৰু আমি মুগুনিলে আমাক মন্ত্ৰীৰ গদিৰ পৰ। খেদিবলৈ নানা ষড়যন্ত্র কৰে। আমাৰ এতিয়া মন্ত্রীত্ব বজায় রাখোতেই সময় যায়। ষড়যন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্র কৰোঁ। দেশৰ, দহৰ বিষয় এতিয়া চিন্তা কৰিবলৈ আমাৰ সময় নাই। বাৰু, তুমি এতিয়া যোৱা। চাপ্ৰাচী !" চাপ্ৰাচী আহি মন্ত্ৰীক চেলাম ঠুকিলে। কমলে ব্যস্ত হৈ তাৰ চাকৰিৰ বাবে কি কৰিব বুলি সোধাত মন্ত্ৰীয়ে বিৰক্তিৰে ক'লে, "কৈছোৱেই। নহয়। আমি একো কৰিব নোৱাৰো । চেক্রেটাৰাঁক কোৱাগৈ। চাপ্ৰাচী, মূৰত বগা টুপী পিন্ধ। মানুহ কেইজনক ইয়ালৈ ভালদৰে মাতি আন।" কমলে মন্ত্ৰীৰ কথাত হতাশমনে হোটেললৈ উভটিল। হোটেলত ঘৈণীয়েকক সকলো কথা ক'লে। কমলে ক'লে, "মন্ত্ৰীয়ে মোৰ কথা শুনক ছাৰি মইহে তেওঁৰ দুখৰ কথা শুনিব লগা হ'ল।" ঘৈণীয়েকে ক'লে, "মন্ত্ৰীয়েতে। ঠিকেই কৈছে। চেক্রেটাৰীয়ে যি কৰে তাতে তেওঁ তথাস্তু কৰিব। এতিয়। চেক্রেটাৰীয়ে যদি আপোনাক ভাল চাকৰি এটা দিয়ে, তেতিয়া মন্ত্ৰীৰ পৰা কোনো বাধা পোৱা নাযাব। গতিকে খাই বৈ আজিয়ে আবেলি চেক্রেটাৰীক অফিচতে দেখা কৰকগৈ।" চকী এখনত ভাগৰ পলাবলৈ ভৰি মেলি বহি ক'লে, "বাৰু সেয়ে হব। এতিয়া খানচামাক মাতা। খোৱাবোৱা কৰে।। মন্ত্ৰীৰ ঘৰৰ সমুখতো দুঘণ্টাৰো ওপৰ থিয়হৈ থাকি ভৰিৰ বিষত তত নোহোৱা হৈছে। পেটেও ইপিনে কলমলাইছে।" খাইবৈ উঠি কমলে ভাগৰ পলাবলৈ বিছনাত দীঘল দিব খুজিছিল; কিন্তু ঘৈণীয়েকে বৰকৈ কোৱাত চেক্রেটাৰীক দেখা কৰিবলৈ অফিচলৈ গ'ল। অফিচলৈ গৈ চেক্রেটাৰীৰ কোঠাৰ মুখতে বৈকুণ্ঠত গোসাইৰ ঘৰৰ দুৱাৰ মুখত থকা জয়বিজয়ৰ দৰে মূৰত দীঘল টুপী, গাত দীঘল পোছাক পিন্ধ। চাপ্রাচীক পালে। কমলে চাপ্রাচীক তাব নাম ছপোৱ। কাৰ্ড এটা দি চেক্রেটাৰীক সেইটো দিবলৈ ক'লে । চাপ্রাচীয়ে কিন্তু কার্ড নলৈ কমলক ক'লে, 'এতিয়া দেখা নহব। চাহাবে ডেপুটি চেক্ৰেটাৰীৰ লগত মিটিং কৰিছে।' কমলে চাপ্ৰাচীক তেতিয়া ॥ অন। পইচা বকচিচ দি কাৰ্ডটো চেক্রেটাৰীক দিবলৈ খাটিলে। বকচিচ পাই চাপ্ৰাচীয়ে কমলৰ হাতৰ পৰা কাৰ্ডটো নি চেক্ৰেটাৰীক দিলেগৈ আৰু চেক্ৰেটাৰীক ভাল চাহাবী পোছাক পিন্ধা ডাঙৰ মানুহ এজন অহা বুলি ক'লে। চেক্রেটাৰীয়ে কাৰ্ডত 'ডক্টৰ কমলেশ্বৰ' নাম দেখি কোনোবা ডাঙৰ ভদ্রলোক অহা বুলি ভাবি কমলক ভিতৰলৈ মাতি আনিবলৈ চাপ্ৰাচীক ক'লে । কমলে চেক্রেটাৰীৰ কোঠা সোমাই 'গুড আফটাৰমুন, চাৰ' বুলি চেক্রেটাবীক অভিবাদন কৰিলে। চেক্রেটাৰীয়ে "গুড়, আফটাৰ নুন, ডক্টৰ" বুলি প্ৰত্যাভিবাদন কৰি কমলক চকী এখনত বহিবলৈ অনুৰোধ কৰিলে। ডেপুটি চেক্রেটাৰী কমল ভিতৰ সোমোৱাত চেক্রেটাৰীক পিচত আহিম বুলিকৈ ওলাই গ'ল। কমলে তেতিয়া নিজৰ পৰিচয় দি আমেৰিকাত কেনেকৈ তিনিবছৰ শিক্ষা কৰিলে, কি কি পঢ়িলে ইত্যাদি সকলো কথা বিবৰি ক'লে। তাৰ পিচত ৰাতিপুৱ। মন্ত্ৰীৰ লগত ভেট হোৱাৰ কথাও ক'লে আৰু মন্ত্ৰীৰ কথাতে কমলে এতিয়া চেক্রেটাৰীক দেখা কৰা বুলি ক'লে। চেক্রেটাৰীয়ে এতিয়া কমলক ভাল চাকৰি এটাত নিয়োগ কৰি তাৰ কষ্টেৰে অৰ্জ। বিদ্য। কামত লগালে সি দেশৰ সেৱা কৰিবলৈ সুযোগ পাই ধন্য মানিব। চেক্রেটাৰীয়ে যি কৰে মন্ত্ৰীয়ে তাতে সম্মতি দিব বুলি মন্ত্ৰীয়ে কোৱা বুলিও কমলে ক'লে। চেক্রেটাৰীয়ে কমলৰ সকলো কথা শুনি প্ৰথমতে কোনোবা ডাঙৰ মানুহ অহা বুলি যি ব্যস্ততাৰ ভাব দেখুৱাইছিল, সেই ভাব এৰি এতিয়া প্ৰভুৰ ভাব ললে। চেক্রেটাৰী বয়সস্থ মানুহ। মূৰৰ চুলিও ভালেখিনি পকিছে। কাৰ লগত কেনেকৈ কথা কব লাগে জানে। বৃটিছৰ দিনত চেক্রেটাৰীয়ে কোনো মানুহৰ লগতে দেখা নকৰিছিল আৰু কাৰোবাৰ লগত দেখা কৰিলেও এইটো নহব, সেইটো নহব' বুলি কৈ ৰূঢ় ভাবে বিদায় দিছিল। বৃটিছৰ দিনত চেক্রেটাৰীয়ে গল্ফ, টেনিছ খেলিছিল, ক্লাবলৈ গৈ বল নাচ কৰিছিল। শনিবাবে সদায় ৰেচ কোচলৈ গৈ ঘোঁৰদৌৰ খেলিছিল। তেতিয়া চেক্রেটাৰীৰ গাত ডেকা তেজো আছিল। এতিয়া চেক্রেটাৰীয়ে গল্ফ, টেনিছ আদি খেলা বাদ দিছে, বল নাচো বাদ দিছে, কেৱল মাজে মাজে অভ্যাসৰ দোষত ৰেচ কোৰ্চলৈ যায়' আৰু কেতিয়াবা কেতিয়াবা ক্লাবত গৈও অকলে অকলে 'বাৰ'ত বহে। স্বাধীনতাৰ পিচত চেক্রেটাৰীৰ কথাবার্তাৰে। পৰিবৰ্তন হৈছে । এতিয়া কথাৰ সুৰ নৰম, অতি মিঠা। মানুহক ভদ্র ভাবে ব্যৱহাৰ কৰে; কিন্তু কামত হ'লে সেই একেই, অর্থাৎ 'এইটো নহব' এইখিনি কথা মানুহক হুবুজাকৈ, আশা ভঙ্গ নকৰাকৈ কৈ বিদায় দিয়ে । কমলৰ কথাত চেক্রেটাৰীয়ে ক'লে, "মন্ত্ৰীয়ে মোৰ কথাত 'তথাস্তু' কৰিব বুলি যি কৈছে সেইটো সঁচা কথাই কৈছে। পিচে মন্ত্ৰীৰ দৰে মোৰে। অৱস্থ। । ময়ে। অফিচে যি কয় তাতে 'তথাস্তু' কৰে।। বাৰু ৰবা, মই চুপাৰিণ্টেগুণ্টক মাতি আনি সোধো। এতিয়। 'তুমি' বুলি সম্বোধন কৰিছোঁ। বেয়া নাপাবা দেই।" এই বুলি চেক্রেটাৰীয়ে বেল টিপিলে। চাপ্রাচী আহিলত চুপাৰিণ্টেণ্ডেণ্টক মাতিবলৈ ক'লে। চাপ্ৰাচীয়ে গৈ চুপাৰিণ্টেণ্ডেণ্টক চাহাবে চেলাম দিয়া বুলি ক'লে। চুপাৰিণ্টেণ্ডেন্ট অহাত চেক্রেটাৰীয়ে কমলা পৰিচয় দি ক'লে, "এওঁ আমেৰিকাত তিনিবছৰ থাকি ডক্টৰেট ডিগ্ৰী লৈ আহিছে। পঢ়াশুনাত খুব নাম কৰিছে। এতিয়। এওঁক এওঁৰ বিদ্য। অনুযায়ী কামত খটাবলৈ আমাৰ কিবা কাম খালি আছে জানো?" চুপাৰিণ্টেণ্ডেণ্টেক'লে যে বিলাতৰ পৰা ঘূৰি অহা ছাত্ৰ-ছাত্ৰী সকলৰ বিষয় অন্য এজন কেৰাণীয়েহে কৰে। হেইজন কেৰাণীক নোসোধাকৈ তেওঁ একো কব নোৱাৰে। চেক্রেটাৰীয়ে তেতিয়া চুপাৰিণ্টেণ্ডেণ্টক কমলক লগত লৈ গৈ কমলৰ 'ফাইল'টে। ভালদৰে চাবলৈ ক'লে। চুপাৰিণ্টেণ্ডেণ্টে কমলক তেওঁৰ লগত মাতি নি অন্য এজন কেৰাণীৰ লগত কমলৰ পৰিচয় কৰি দি সেইজন কেৰাণীক কমলৰ ফাইলটে। চাবলৈ ক'লে। তেওঁ কমলৰ ফাইলটো উলিয়াই সকলোবোৰ কাগজ পত্ৰ চাবলৈ ধৰিলে। কমলৰ মনত তাৰ ফাইলটো যমৰজাৰ প্ৰধান সচীৱ চিত্রগুপ্তৰ খাটাৰ দৰে অনুমান হ'ল। চিত্রগুপ্তৰ খাটাত পাপ পুণ্যৰ হিচাপ থকাৰ দৰে সচীৱালয়ৰ কেৰাণীজনৰ হাতত থকা তাব ফাইলটোতো তাৰ ভূত ভৱিষ্যত কৰ্মৰ হিচাপো তাত লিপিবদ্ধ হৈ থকা যেন তাৰ ভাব হ'ল। কমলৰ ফাইলৰ সকলো কাগজ পত্র চাই চিন্তি কেৰাণীজনে ক'লে, "মোৰ তলৰ কেৰাণীজনেও আপোনাৰ বাবে একে। চাকৰি নাই বুলি লিখিছে। লো উৎপাদনৰ বিষয় জ্ঞান জন। কোনো মানুহৰ হেনো আৱশ্যক নাই।" যমৰ নগৰত চিত্রগুপ্তই পাপ পুণ্যৰ হিচাপ মৃতাত্মাক শুনোৱাৰ দৰে কেৰাণীজনৰ পৰাও কমলে তাৰ ভাগ্যলিপি শুনি জাপ মাৰি উঠিল। কমলে খঙেৰে ক'লে, "লো উৎপাদনৰ জ্ঞান থকা মানুহৰ আৱশ্যক নাই। দেশত লোৰখনি আবিষ্কাৰ হৈছে। সেই লোৰ খনিৰ পৰ। লো উৎপাদন কৰি কাৰখান। চলাবলৈ কোনো মানুহৰ দৰ্কাৰ নাই ! এইবোৰ কি অদ্ভুত কথা লিখিছে ?" কেৰাণীজনে কমলক ৰাগ কৰিবলৈ মানা কৰি ক'লে, "বাৰু ৰব, মই তেখেতক সোধো তেখেতে কিয় এনেকৈ লিখিছে।" সৰু কেৰাণীজন অলপ দূৰৈতে বহি আছিল। বৰ কেৰাণীজনে সৰু কেৰাণীক তেওঁ এনেকৈ কিয় লিখি থৈছে সুধিলে। কেৰাণীজনে কমলৰ কথা শুনি আছিল। সেইবাবে তেওঁ খঙেৰে ক'লে, "তাকে নিলিখি কি লিখিব লাগে? লো উৎপাদনৰ জ্ঞান পকা মাই আমাৰ কলেজতে আৱশ্যক নে বিশ্ববিদ্যালয়তে আৱশ্যকঃ বরখানাতো হোৱাই নাই। চাকৰি তৈয়াৰ নকৰাকৈ এখেতক ক'ত বাৰু সোমায় ?" কমলে তেতিয়া সৰু কেৰাণীজনক ক'লে, "চাকৰিকে তৈয়াৰ কৰক । কাৰখানা নিৰ্মাণ কৰিবলৈ, কাৰখানাৰ প্ৰাথমিক কামবোৰ কৰিবলৈ জানো বিশেষ জ্ঞান থকা মানুহৰ আৱশ্যক নাই?" "সেইবোৰ কাম কৰিবলৈ বিশেষ জ্ঞান থকা মানুহৰ আৱশ্যক নাই। সেইবোৰ কাম কৰিবলৈ আমাৰ এক শ্ৰেণীৰ মানুহ বৃটিছৰ দিনৰে পৰা আছে। এতিয়া স্বাধীনতাৰ পিচতো তেনে এক শ্রেণী মানুহ আমাৰ চৰকাৰে তৈয়াৰ কৰিছে। লোৰ কাৰখানাৰ জেনেৰেল মেনেজাৰ, সাৰ উৎপাদন কৰা কাৰখানাৰ জেনেৰেল মেনেজাৰ, বৈদ্যুতিক আচনিৰ জেনেৰেল মেনেজাৰ আদি কাম তেওঁলোকৰ বাবেহে - আপোনাৰ বাবে নহয়। কাৰখানাৰ প্রাথমিক কামৰ বাবেও আমাৰ চৰকাৰে আমাৰ ডেপুটি চেক্রেটাৰীকে বাচি থৈছে।" সৰু কেৰাণীয়ে ক'লে । "এইবোৰ কি অদ্ভুত কথা! লোৰ 'ল' ঢোকে নজন। মানুহে এইবোৰ কাম কৰিব ?" কমলে আচৰিত হৈ সুধিলে। "এইবোৰ একে। অদ্ভুত কথা নহয়। শাসন যন্ত্ৰ চলোৱাৰ জ্ঞান থকা মানুহে এইবোৰ কাম নকৰি কোনে কৰিব ? তেওঁলোক সকলোকামৰ বাবেই উপযুক্ত। শিক্ষাই হওক, কৃষিই হওক, শিল্পই হওক, যি কোনো বিষয়তে তেওঁলোক উপযুক্ত, যি কোনো বিষয়তে তেওঁলোকে আনক পৰিচালনা কৰিব পাৰে। বৃটিছে এই সকলো বিষয়তে উপযুক্ত, সকলো বিষয়তে লগাবপৰ। এই শ্ৰেণীৰ মানুহৰ তৈয়াৰ নকৰাহেঁতেন, স্বাধীনতাৰ পিচত আমাৰ দেশত কি বিপর্যয়ে যে নহ'লহেঁতেন!" সক কেৰাণীয়ে ক'লে। কমলে তেতিয়। এই লৈ কথা কটাকটি কৰা অঙ্কুচিত বুলি ভাবি সৰু কেৰাণীক ক'লে, "লোৰ কাৰখানাৰ প্ৰাথমিক কাম কৰিবলৈ ডেপুটি চেক্রেটাৰীৰ ঠাইত দেখোন মোৰ নামকে প্রস্তাব কৰিব পাৰে ? যদি অগত্যা তেনেকৈ লিখিলে ডেপুটি চেক্রেটাৰীয়ে বেয়া পায় বুলি ভাবে তেনেহ'লে ডেপুটি চেক্রেটাৰীৰ সহকাৰী হিচাপেও মোৰ নাম উল্লেখ কৰিব পাৰে। ডেপুটি চেক্রেটাৰী জন বুৰঞ্জীৰহে মানুহ। শুনিছে। তেওঁ হেনো মাত্র বি,এ,। গতিকে তেওঁৰ তলত লোৰ জ্ঞান থকা এজন মানুহ সহকাৰী হিচাপে থকা নিশ্চয় আৱশ্যক।" সৰু কেৰাণীয়ে তেতিয়। বিজ্ঞ মানুহৰ দৰে ক'লে, "মই সেইটো কেতিয়াও নকৰোঁ। এজন মানুহে কৰিব পৰা কামত হুজন বেচি দৰ্মহাৰ মানুহ লব লাগে বুলি লিখিলে চেক্রেটাৰীয়ে বা মোক কি ভাবিব ? আপোনাৰ কথামতে আপোনাক বেচি দৰ্মহাৰ চাকৰি দিব লাগে বুলি লিখিলে মোব কি লাভ? বৰং লোকচানৰহে ভয়। চেক্রেটাৰীয়ে মোৰ লিখা বেয়া পালে মোৰ জানো প্রমোচন হব ? আপোনাৰ বিষয় যি কৰিব লাগে তাক মই 'নোটত' লিখিয়ে থৈছোঁ। আপুনি এইদেদ কলেজত আগেয়ে প্ৰফেচাৰি কৰিছিল। এতিয়াও সেই কলেজতে চাকৰি কৰক। ভৱিষ্যতে কেতিয়াবা আপোনাৰ দৰ্কাৰ হ'লে আমি মাতি আনিম ।" বৰ কেৰাণীয়েও তেতিয়া সৰু কেৰাণীৰ কথাতে হয় ভৰ দিলে আৰু কমলক আগৰ এইদেদ কলেজতে বর্তমানে চাকৰি কৰি থাকিবলৈ ক'লে। ইয়াৰ পিচত বৰ কেৰাণীয়ে কমলক চুপাৰিষ্টেণ্ডেন্টৰ ওচৰলৈ নি কমলৰ বিষয় ফাইলত কি লিখা আছে সেই কথা চুপাৰিন্টেণ্ডেণ্টক ক'লে । চুপাৰিণ্টেণ্ডেণ্টেও সৰু কেৰাণীৰ কথাতে হয় ভৰ দিলে। কমলে তেতিয়া পুনৰ চেক্রেটাৰীক দেখা কৰি সকলো কথা ক'লে। চেক্রেটাৰীয়েও সৰু কেৰাণীৰ কথাতে হয় ভৰ দিলে আৰু কমলক বৰ্তমানে আগৰ কলেজতে প্ৰফেচাৰ হৈ থাকিবলৈ ক'লে। চেক্রেটাৰীয়ে কমলক লগতে এইটো আশ্বাসে। দিলে, "কলেজত তুমি বেচি দিন থাকিব নালাগিব। কেইমাহমানৰ ভিতৰতে খুবসম্ভৱ আমি তোমাক উপযুক্ত কাম দিব পাৰিম। এতিয়া ইমান দিনৰ মূৰত বিদেশৰ পৰা অহাৰ পিচত আগৰ চিনাকী বন্ধুবান্ধৱবোৰৰ লগড় কলেজত কেইমাহমান কাম কৰিলে তোমাৰে ভাল লাগিব। চাকৰিৰ পৰা ছুটি লৈ জিৰণিত থকা যেন পাবা।" কমলেও চেক্রেটাৰীৰ মিঠা কথাত আৰু আশ্বাসত ভোল গৈ বর্তমানে আগৰ কলেজতে প্ৰফেচাৰী কৰা ভাল বুলি ভাবিলে। চেক্রেটাৰীয়েতে। কৈছেই কেইমাহমানৰ পিচতে কমলৰ ভাল চাকৰি হয়। কমলে হোটেললৈ গৈ কমলৰ বাবে অধীৰ আগ্ৰহৰে অপেক্ষা কৰি থকা ঘৈণীয়েকক সকলে। কথা ক'লে। "মই আগতেই কৈছিলো নহয় ৰাজধানীলৈ অহাৰ কোনো আৱশ্যক নাই বুলি । এতিয়া মোৰ কথাই ঠিক হ'ল। মোৰ চিঠি পত্ৰ সকলো অফিচত পাইছে আৰু মোক ভাল চাকৰি নোহোৱা পৰ্য্যন্ত আগৰ কলেজতে বর্তমানে চাকৰি কৰি থাকিব লাগে বুলি সৰু কেৰাণীয়ে চিঠি এখনো লিখি থৈছে। দুই এদিনতে চেক্রেটাৰীয়ে সেই চিঠিত চহি কৰি চিঠিখন মোলৈ ডাক যোগে পঠাবও।" কমলৰ কথাত ঘৈণীয়েকে একে। উৎসাহ বোধ নকৰিলে। ঘৈণীয়েকে ক'লে, "আপোনাৰ পুৰণি বন্ধু গোসাইৰ ল'ৰাই হেনে। ইয়াত বৰ ডাঙৰ চাকৰি কৰে। তেওঁতে। একো পাচকে কৰা নাই। তথাপি শুনিছোঁ তেওঁ হেনো ডাঙৰ ঘৰ, চাকৰবাকৰ, মটৰ আদি পাইছে। তেওঁক কাইলৈ দেখা কৰিলে কিজানি কিবা এটা আপোনাৰে। হয়েই।" ঘৈণীয়েকৰ কথাত কমলে ক'লে, "ধনেশ্বৰে এতিয়। মোক চাকৰি যোগাৰ কৰি দিব! আগেয়ে তাক মই হাতত ধৰি লৈ ফুৰাইছিলে।। পিন্ধিব নাজানে, খাব নাজানে, কথা কব নাজানে! কোনো ছোৱালীয়েও তাক বিয়া কৰাব খোজা নাছিল।" কমলৰ কথাত ঘৈণীয়েকে ক'লে, "তথাপি এবাৰ কাইলৈ দেখা কৰক । আপোনাৰ আগৰ নলে গলে লগা পুৰণি বন্ধু নহয় জানো "বাৰু, বাৰু, সেইটো হব। এতিয়া মোৰ বৰ পিয়াছ লাগিছে। পিয়াহতে অণ্ঠ কণ্ঠ শুকাই গৈছে। এটোপাল পানী আগতে দিয়া।" কমলে ক'লে। কমলৰ কথাত ঘৈণীয়েকে বটলৰ পৰ। পানী এগিলাছ ঢালি আনি কমলৰ আগত ধৰিলেহি। কমলে তেতিয়া ক'লে "এই পানীৰ কথা মই কোৱা নাই। এই পানীয়ে জানে! মোৰ অন্তৰৰ পিয়াহ পলাব পাৰিব ? তোমাৰ ওঁঠৰ মৌ মিহলোৱ। পানীয়েহে মোৰ পিয়াহ গুচাব পাৰিব।" এই বুলি কমলে ঘৈণীয়েকক সাবোটি ধৰি চুমা খালে। ঘৈণীয়েকে 'ধেৎ' বুলি মৃহু আপত্তি কৰিলে। পিচদিনা ৰাতিপুৱা চাহ জলপান ধোৱা শেষ কৰি ঘৈণীয়েকৰ পিড়াপিড়িত কমল দুৰ্ধোৰ অনিচ্ছা সত্ত্বেও সাজি পাৰি ধনেশ্বৰক দেখা কৰিবলৈ ওলাল। ঘৈণীয়েককো লগত ওলাবলৈ ক'লে। কথাত ঘৈণীয়েকে গা পা ধুই কানি কাপোৰ পিন্ধি ওলাবলৈ গ'ল : ইতিমধ্যে কমলে টেলিফোনত ধনেশ্বৰৰ লগত দেখা সাক্ষাতৰ বন্দৰৰ্ত্ত কৰিবলৈ হোটেলৰ অফিচ ঘৰলৈ ওলাই গ'ল। কমলে টেলিফোন গাইদত ধনেশ্বৰৰ টেলিফোনৰ নম্বৰটো বিচাৰিলে; কিন্তু বনেশ্বৰৰ নাম বিচাৰি নাপালে। অৱশেহত হঠাৎ কমলৰ মনত পৰিল আমেৰিক। এৰাৰ সময়ত ধনেশ্বৰে কমললৈ লিখা চিঠিখনলৈ। সেই চিঠিত, ধনেশ্বৰ যে 'মিষ্টাৰ ধান' হৈছে লিখা আছিল। টেলিফোন গাইদত মিষ্টাৰ ধানৰ নাম বিচাৰি পাই কমলে টেলিফোন কৰিলে। অলপ পিচতে টেলিফোনৰ সিমূৰৰ পৰা কোৱা তিৰোতা মানুহৰ মিঠা বিদেশী মাতৰ 'হেলো' শুনিলে। কমলে তিৰোতাৰ মাত শুনি মিচেচ ধানে টেলিফোনত কোৱা বুলি জানিলে। কমলে 'গুদ মর্নিং, মিচেচ ধান' বুলি অভিবাদন কৰিলে। টেলিফোনৰ সিমূৰৰ পৰা 'গুদ্মর্নিং', বুলি প্ৰত্যাভিবাদন আহিল। কমলে তেতিয়া মিষ্টাৰ ধানৰ লগত কথা কবলৈ বিচাৰিলে। কমলৰ কথাত মিষ্টাৰ থান টেলিফোনলৈ আহি উত্তৰ কৰিলে, "মিষ্টাৰ ধান স্পিকিং' কমলে তেতিয়। তাৰ নাম ধাম কৈ তাক চিনি পায়নে বুলি ইংৰাজীত লুধিলে ; কাৰণ টেলিফোনত কথা কোৱা মিষ্টাৰ ধান মদনপুৰসত্ৰৰ গোসাইৰ ল'ৰা ধনেশ্বৰ নহৈ আন কোনোবা 'ধানে।' হব পাৰে । মিষ্টাৰ ধানে কমলৰ পৰিচয় পাই নিজ মাতৃভাষাত কৈ উঠিল, "অ কমল, কেতিয়া আমেৰিকাৰ পৰা আহিলি ? এতিয়া ক'ৰ পৰা কথা কৈছ ?" কমলে আমেৰিকাৰ পৰ। ছমাহমান আগতে অহা বুলি আৰু বৰ্তমানে ৰাজধানীৰে হোটেল এটাৰ পৰা কথা কোৱা বুলি ক'লে। লগতে ধনেশ্বৰৰ সৈতে যে কমলব দৰ্কাৰি কথা আছে সেইটোও জনালে। ধনেশ্বৰে তেতিয়া কমল আৰু কমলৰ ঘৈণীয়েকক কুপৰীয়া তাৰ ঘৰলৈ 'লাঞ্চ' খাবলৈ মাতিলে। কমলে কিন্তু দুপৰীয়া তাব কিবাকিবি আন দৰ্কাৰি কাম আছে বুলি 'লাঞ্চ'ৰ নিমন্ত্ৰণ ভদ্রভাবে প্রত্যাখান কৰিলে আৰু এতিয়াই ধনেশ্বৰৰ লগত দেখা হব নে সুধিলে। ধনেশ্বৰে 'নিশ্চয়, নিশ্চয়' বুলি ক'লে ; কিন্তু কমলে জানো ধনেশ্বৰৰ ঘৰ বিচাৰি উলিয়াব পাৰিব? ধনেশ্বৰে সেইবাবে কমলক ক'লে, "তই আৰু তোৰ পৰিবাৰে কাপোৰ-কানি পিন্ধি ওলাই থাকিবি। ঠিক ১০ বজাত মোৰ মটৰ গৈ তহঁকত হোটেলৰ পৰা মোৰ ঘৰলৈ লৈ আনিব। এতিয়া গুবাই, কমল।" টেলিফোনত ধনেশ্বৰৰ লগত দেখা সাক্ষাতৰ সকলো বন্দবস্ত কৰি কমল তাৰ কোঠাত সোমাই দেখে যে ঘৈণীয়েকে পাটৰ ৰিহা মেখেলা, চাদৰ পিন্ধি, খোপাত ফুল এটা লৈ সাজি কাছি ধুনীয়া পখিলাটোৰ দৰে চকীত বহি আছে। কমলৰ তেতিয়া ঘৈণীয়েকক পৃথিবীৰ ভিতৰতে আটাইতকৈ বেচি ধুনীয়া যেন লাগিল। তাহানি সত্যযুগত সকলো ধুনীয়া বস্তুৰে সৌন্দৰ্য্য তিল তিলকৈ লৈ বিধাতাই তিলোত্তমাক স্ৰজন কৰিছিল। তাৰ ঘৈণীয়েকেই যেন সেই তিলোত্তমা। কমলৰ অন্তৰ ঘৈণীয়েকৰ প্রতি প্ৰেমৰ ৰসেৰে ভৰি পৰিল। শৰীৰ উত্তেজিত হৈ উঠিল। শিৰ। উপশিৰাৰে গৰম ভেজ ববলৈ ধৰিলে। কমলে বলিয়। হাতীৰ দৰে একো নভবা নিচিন্তাৈ ঘৈণীয়েকক সাবোটি ধৰিলেগৈ, জোৰকৈ বুকুত চেপি ধৰিলে আৰু জোৰকৈ ঘৈণীয়েকৰ ওঁঠ দুটা কমলৰ ওঁঠৰ মাজত সোমাই লৈ চুহিবলৈ ধৰিলে। কমলৰ এই আকস্মিক আক্রমণলৈ ঘৈণীয়েক অকণো প্রস্তুত নাছিল। সেইবাবে কমলৰ আক্ৰমণত ঘৈণীয়েকে প্রথমতে বাধা দিব পৰা নাছিল; কিন্তু ক্ষন্তেক পিচতে কি হ'ল ধৰিব পাৰি ঘৈণীয়েকে ছতফতাবলৈ ধৰিলে আৰু কিছু সময় এইদৰে ছতফতাই থাকি কমলৰ আলিঙ্গনৰ পৰা নিজকে মুক্ত কৰিলে, ওঁঠ দুটাও কমলৰ ওঁঠৰ মাজৰ পৰা উলিয়াই আনিলে আৰু কমলক এনেকৈ নভবানিচিন্তাকৈ সাৱোটি ধৰা বাবে খং কৰিলে। কমলৰ আলিঙ্গনত ঘৈণীয়েকৰ নতুন কানি কাপোৰৰ ভাজ নষ্ট হোৱাত বিৰক্তি প্ৰকাশ কৰিলে। কমলৰ দানবীয় চুমাৰ চিন গালত, ওঁঠত প্ৰকাশ পোৱাত ঘৈণীয়েকৰ বৰ খং উঠিল। ধুনীয়া পখিলাৰ আলফুল ডেউক। দুখনি মানুহৰ নিষ্ঠুৰ স্পৰ্শত নষ্ট হোৱাৰ দৰে কমলৰে। নিষ্ঠুৰ আলিঙ্গনত ঘৈণীয়েকৰ ধোবাই ধোৱা কানি কাপোৰ, অতি কষ্টেৰে পাউদাৰ, স্নো আদি সানি ধুনীয়া কৰি ৰখা নিমজ গাল দুখনি, বহু সময় ধৰি বন্ধ। খোপাটে। নষ্ট হোৱাত ঘৈণীয়েকৰ সঁচাকৈ কমলৰ ওপৰত খং উঠিল। খং আৰু দুখত দুই চকুৰ পৰা পানীও ওলাল। আয়নাৰ ওচৰলৈ গৈ আকৌ পাউদাৰ আদি নতুনকৈ সানি কমলৰ দানবীয় চুমাৰ চিনবোৰ লুকাই ৰাখিবলৈ যত্নকৰি খঙেৰে ক'লে, "সময় অসময় নোহোৱাকৈ এনেবোৰ কাম কৰা মই ভাল নাপাওঁ। মানুহৰ আগত এনেয়ে মোক ওলাব নোৱাৰ। কৰিছে। এইবাৰ ঘৰত মায়ে গালত ক'লা ক'লা দাগবোৰ দেখি সেইবোৰ কি বুলি মোক সুধিছিল। মই কি কম ? মায়ে পিচত বুজিলে আপোনাৰ কীৰ্তিৰ কথা আৰু মোক মানুহৰ আগত ওলাওঁতে গালত পাউদাৰ আদি সানি ক'লা দাগবোৰ লুকাই ৰাখি ওলাবলৈ ক'লে। এতিয়া, দেখক কি কৰিলে? কানি কাপোৰ বোৰৰে। ইদ্ৰি নষ্ট হ'ল কমলে তেতিয়। ঘৈণীয়েকক ক'লে, "তোমাক দেখিলেই মই দেখোন ৰব নোৱাৰা হওঁ। মই ইচ্ছা কৰি জানে! ধুনীয়া পখিলাৰ নিমজ পাখি দুখনি নষ্ট কৰিবলৈ বিচাৰোঁ? তোমাৰ সৌন্দৰ্য্যই মোক মতলীয়া কৰে। আকৌ অন্য মানুহলৈ লাজ বা ভয়কে কিয় কৰিব লাগে ? সকলোৱেতে। জানে আমি স্বামী স্ত্রী আৰু তোমাৰ গালৰ চিন তোমাৰ স্বামীয়ে কৰা বুলিয়ে আনে ধৰি লব। বিয়াবাক নোহোৱা ছোৱালীৰ গালত তেনে চিন থক। অৱশ্যে লাজ আৰু ভয়ৰ কথা। স্বামীৰ সঙ্কত থকা বিবাহিতা স্ত্ৰীৰ তাত কিয় লাজ বা ভয় হব লাগে মই বুজি নাপাওঁ।" "সেইবুলি মোৰ লাজ নালাগে নেকি? বাৰু এতিয়া কি হ'ল আপোনাৰ বন্ধুৰ লগত দেখা সাক্ষাতব ?" কমলে ক'লে, "১০ বজাত ধনেশ্বৰৰ মটৰ গাড়ী আহি আমাক হোটেলৰ পৰা লৈ যাব। এতিয়াও এঘণ্টা সময় বাকী। তুমি কানি কাপোৰবোৰ ঠিক কৰি ওলোৱা। নতুন কাপোৰ এযোৰকে পিন্ধা । মইও গা পা ধুই ওলাওঁ।" এইবুলি কমল গা ধোৱা ঘৰত সোমাবলৈ গ'ল। ঠিক দহবজাত ধনেশ্বৰৰ প্ৰকাণ্ড ধুনীয়া মটৰগাড়ীখন আহি হোটেল পালেহি। কমল আৰু ঘৈণীয়েক গাড়ীৰ পিচত বহিল। ধনেশ্বৰৰ গাড়ী ৰাজধানীৰ অকিয়া পকিয়া ৰাস্তাৰে আহি ৰাজধানীৰ সোঁমাজতে থকা 'লেক'ৰ ওচৰৰ এটা প্রকাণ্ড ধুনীয়। বঙলাত সোমাল। বঙলাৰ গেটত দুৱাৰ খুলিবলৈ ড্রাইভাৰে মটৰ ৰখা সময়ত কমলে ধনেশ্বৰৰ নাম ফলিখন লক্ষ্য কৰিলে। নাম ফলিত লিখা আছিল। "Mr. Dhan M. A. (Cal), Gold Medalist, A. M, A. M. O., M.A.S.A., F. A.H. K. Setc. " ( মি. ধান এম, এ, (কেল, ) গোল্ড মেদালিষ্ট এ, এম, এ, এম, ও ; এম, এ, এছ, এ ; এফ, এ, এচ, কে, এছ, ইত্যাদি। ধনেশ্বৰ আৰু ধনেশ্বৰৰ বিলাতী ঘৈণীয়েক বঙলাৰ সমুখত থকা ধুনীয়া ঘাঁহনিৰ মাজত ছুখন আৰামী চকীত বহি ৰ'দ লগাই আছিল। ঘাঁহনিৰ ঘাঁহবোৰ ছুটি ছুটিকৈ এনে ধুনীয়াকৈ কাটি ৰখা হৈছে যে সেই ঘাঁহনিখনক এখন সেউজীয়া দলিছা বুলি বহুতে ভুলকে কৰিব। ঘাঁহনিৰ ঠায়ে ঠায়ে অঁকা ৰং বেৰঙৰ ফুলবোৰ যেন কোনোবা নিপুণ শিল্পীয়ে ৰচা দলিছাৰ ফুলহে। ধনেশ্বৰৰ হাতত ইংৰাজী খবৰৰ কাগজ আৰু ঘৈণীয়েকৰ হাতত এখন ইংৰাজী উপন্যাস। দুয়োৰো মাজত এখন সৰু টেবুল। তাত ছিগাৰেটৰ ছাই পেলোৱ। ধুনীয়া থাল। ধনেশ্বৰে আমেৰিকাৰ ফুলাম হাৱাইন চাৰ্ট পিন্ধি আছে । ঘৈণীয়েকে বুকুৰ স্তন হালি উধানৰ দৰে উন্নত কৰি লৈ ৰগা ব্লাউচ আৰু ক'লা স্কার্ট পিন্ধিছে। কমলে ধনেশ্বৰক প্ৰথমতে চিনিবকে পৰা নাছিল। সেই কপালত ফোট মৰা, দীঘল চুলি বখা, জুতা নিপিন্ধা, আঠুৰ মূৰত ধুতি পিন্ধা মদনপুৰৰ গোসাইৰ ল'ৰা ধনেশ্বৰৰে। যে এনে পৰিবৰ্তন হব পাৰে কমলে ভাবিবকে পৰা নাছিল। কমল আৰু কমলৰ ঘৈণীয়েকক দেখি ধনেশ্বৰেই চিঞৰি উঠিল "Hello, Kamal, my buddy, how are you?" ( হেলো কমল, মাই বাদি, হাউ আৰ ইউ?) তাৰ পিচত কমলৰ ঘৈণীয়েকক কলে, 'গুড মণিং, মাদাম, হাউ আৰ ইউ ?" কমলে ধনেশ্বৰক ক'লে, "ধনেশ্বৰ তোৰ যে ইমান পৰিবৰ্তন হব পাৰে মই ভাবিবই পৰা নাছিলোঁ। তোৰ দেখিছোঁ আগৰ ধনেশ্বৰৰ লগত কোনো তুলনাই নহয়!" কমলৰ কথাত ধনেশ্বৰে ক'লে, "সেই তাহানিৰ ধনেশ্বৰ কেতিয়াবাই মৰিল । সি আৰু নাই। মই মিষ্টাৰ ধান। মোক ধান বুলিহে মাতিবি।" এই বুলি কৈ ধনেশ্বৰে হাঁহিলে। তাৰ পিচত ঘৈণীয়েক বাৰবাৰাৰ লগত কমল আৰু কমলৰ ঘৈণীয়েকক পৰিচয় কৰাই দি ক'লে, "মৌমুখী, এওঁ কমল, মোৰ নলেগলে লগা বন্ধু আৰু এওঁ মিচেচ কমল।" (Honey, this is Mr. Kamal my buddy and this is Mrs. Kamal. ) বাৰবাৰাই তেতিয়। "হাউ হ ইউ হ, মিষ্টাৰ কমল, হাউ দু ইউছ মিচেচ কমল" বুলি মুহু হাঁহিৰে দুয়োকে অভিবাদন কৰিলে। কমলে তাৰ নিজৰু আৰু ঘৈণীয়েক কমলাৰ হৈ উত্তৰ দি ক'লে, "বেচ ভাল, ধন্যবাদ, আপুনি কেনে মিচেচ ধান ?" ( Fine, thank you. How do you do Mrs. Dhan ? )। বাৰবাৰাই "বেচ ভাল, ধন্যবাদ" বুলি ক'লে। এই দৰে চিন। পৰিচয় হৈ যোৱাৰ পিচত ধনেশ্বৰে কমলৰ লগত নিজ ভাষাৰে কথা পাতিবলৈ ধৰিলে। বাৰবাৰাক ক'লে, "মৌমুখী আমি যদি কিবা দুর্বোধ ভাষাত কথা পাতে। তাৰ বাবে দোষ নধৰিবা" ( Excuse us, honey, if we speak in some unintelligible tongue) । বাৰবাৰাই ক'লে, "ধান, তোমালোকে কথা পাতা। মই জানো তোমালোকে দুয়ে। বিশেষ বন্ধু।" তাৰ পিচত কমলৰ পিনে চাই ক'লে "কমল, তোমাৰ বিষয় ধানে বহুত কথা হৈছে।" বাৰবাৰাই মিষ্টাৰ কমল কব এৰি খালি কমল বুলি ঘনিষ্ঠ সম্বোধন কৰাত কমলে ভাল পালে আৰু প্ৰথম দেখাৰ লাজ, সঙ্কোচ গুচাত হাঁহি উত্তৰ দিলে "ধানে মোৰ বিষয় কি কব পাৰে? সি নিশ্চয় বহুত মিছা কথা কৈছে, মিচেচ ধান।" কমলৰ কথাত সকলোৱে হাঁহিলে। তেতিয়া বাৰবাৰাই ক'লে "কমল, মোক বাৰবাৰা বুলি মাতিবা ।" ধনেশ্বৰে ঘৈণীয়েকৰ কথাত হাঁহি ক'লে, "আহাহা, দুয়ো ইতিমধ্যেই প্ৰেমত পৰিলা। মিচেচ, কমল, তোমাৰ স্বামীক কিন্তু ভালদৰে প্ৰহৰ। দিবা।" ( Ah, both of you have already fallen in love. Now, Mrs. Kamal, guard your husband. carefully. ) ধনেশ্বৰৰ কথাত সকলোৱে পুনৰ হাঁহিলে। তাৰ পিচত ধনেশ্বৰে ঘৈণীয়েকক ক'লে, "মৌমুখী, তুমি মিচেচ কমলক ভিতৰলৈ মাতি নি আমাৰ ছবিৰ এলবামটে। কিয় নেদেখুৱাগৈ ?" বাৰবাৰাই ধনেশ্বৰৰ কথাত হাঁহি ক'লে, "বাৰু, তোমালোক দুষ্ট ল'ৰা দুজনে নিজৰ ভিতৰতে বোধকৰে। কথা পাতিব খুজিছা ?" (Ah ! you two naughty boys want to speak amongst yourselves) এই বুলি বাৰবাৰাই কমলৰ ঘৈণীয়েকক ছবিৰ এলবাম দেখুৱাবলৈ ভিতৰলৈ মাতি নিলে। দুয়োজনী মাইকী মানুহ ভিতৰলৈ সোমোৱাত ধনেশ্বৰে কমলক আমেৰিকাৰ পৰা কেতিয়া আহিলে, এতিয়। কি কৰিছে এইবোৰ সকলো কথা সুধিলে। কমলে ধনেশ্বৰক সকলো কথা বিবৰি ক'লে। আমেৰিকাৰ পৰ। ঘূৰি অহাৰ আজি দুমাহৰো ওপৰ হোৱা সত্বেও আৰু তাৰ আমেৰিকাত লভা শিক্ষা আদিৰ সকলো বিশদ বিবরণ চৰকাৰক জনাই দিয়া সত্ত্বেও চৰকাৰে তাৰ কোনো খা-খবৰ নোলোৱাত শাহুৱেক, শহুৰেক, ঘৈণীয়েক আদি সকলোৰে কথাত চৰকাৰেনে। তাক কি চাকৰি বাকৰি দিব খুজিছে, ক'ত নে। তাৰ শিকি অহা বিদ্য। টুৱাব খুজিছে এইবোৰ খা-খবৰ লবলৈ সি ৰাজধানীলৈ আহিছে। যোৱাকালি মন্ত্ৰীৰ লগত আৰু চেক্রেটাৰীৰ লগত দেখা সাক্ষাৎ হোৱাৰ কথাও কমলে ক'লে। "মন্ত্ৰীয়ে কি ক'লে?" ধনেশ্বৰে সুধিলে। "মন্ত্রীয়ে কি কব আৰু? তেওঁ হেনো 'তথাস্তু' কৰাহে। সকলো কথা হেনে। চেক্রেটাৰীয়ে কৰে। ইয়াৰ পিচত তেওঁ নিজৰ কথাকে গালে। তেওঁ কি কৰিম বুলি ভাবিছিল, কেনেকৈ তেওঁৰ আগৰ সহকর্মীসকলৰ বাবে এতিয়া সেই সকলো পৰিকল্পনা বাদ দি মন্ত্রীত্ব বজায় ৰখাতে ব্যস্ত থাকিবলগীয়া হৈছে তাকে গালে।" "চেক্রেটাৰীয়ে কি ক'লে?" ধনেশ্বৰে পুনৰ শুধিলে। "চেক্রেটাৰীও মন্ত্ৰীৰ দৰেই ক'লে। তেৱেঁ। হেনো কেৱল 'তথাস্তু' হে কৰে। সকলো কথা হেনো তেওঁৰ অফিচেহে কৰে। এইদৰে চেক্রেটাৰীৰ পৰা অফিচ চুপাৰিণ্টেণ্ডেণ্ট, উচ্চবিভাগৰ কেৰাণী আৰু শেষত নিম্নবিভাগৰ কেৰাণীক লগ ধৰিলোঁ। নিম্নবিভাগৰ কেৰাণীয়ে মোৰ ফাইলত লিখি থৈছে "বর্তমানে কোনো চাকৰি এওঁক দিবলৈ নাই। চাকৰি নোহোৱা পৰ্য্যন্ত আগৰ চাকৰিকে তেওঁ কৰি থাকক।" এই কথাত ইয়াৰ পিচত উচ্চবিভাগৰ কেৰাণীয়ে হয়ভৰ দিলে, চুপাৰিন্টেণ্ডেণ্টে হয়ভৰ দিলে, আৰু চেক্রেটাৰীও হয়ৰ দিলে। এতিয়া কমলাৰ কথাত তই কিবা সুবিধা কৰি দিব পাৰিবি নে তাকে সুধিবলৈ আহিছোঁ। তইতো খুব ডাঙৰ চাকৰিকে কৰ?" বন্ধুৰ কথা শুনি ধনেশ্বৰে খং কৰি ক'লে, "মন্ত্ৰী আৰু চেক্রেটাৰী যদি কেৱল 'তথাস্তু' কৰাহে তেনেহ'লে তেওঁলোকৰ দৰ্কাৰে বা কি? মন্ত্ৰীৰ চকিত, চেক্রেটাৰীৰ চকিত একোটা চাব মৰা মেচিন বহাই থলেই হয় দেখোন ? তেতিয়া টকাও ৰাহি হয়, কামে। সোনকালে হয়। মন্ত্ৰীয়ে বাৰু একো নাজানেই। চেক্রেটাৰীয়েতে। জনা উচিত। তেওঁকতে। চৰকাৰে তিনিহাজাৰ টকা মাহে দৰ্মহা দিছে, মটৰ দিছে, ঘৰ দিছে। কিয় ইমানবোৰ দিয়া হৈছে ? এনেবোৰ মানুহ ওপৰত থাকি শাসন চলাই থাকিবলগীয়া হ'লে দেশৰ কি যে গতি হব তাক মই ধৰিবকে পৰা নাই। পাচে এটা কথা ; তেওঁলোকৰ বোধকৰো তোক চাকৰি দিয়াৰ মতলব নাই। সেইবাবেই সেইবোৰ গাইছে। ডেপুটি চেক্রেটাৰীক নিদি তোকে দেখোন সেই চাকৰিটো সহজেই দিব পাৰিলেহেভেঁন। যোগ্যতা হিচাপে তোৰহে দেখোন সেই চাকৰি পোৱা উচিত। আচলতে দিব খুজিলে একেদিনাই তোক হাজাৰ টকাৰ চাকৰি দিব পাৰে। মই কেনেকৈ চাকৰি পালো জান ?" "কেনেকৈ?" কমলে লুধিলে। "মই আমেৰিকাৰ পৰা বাৰবাৰাক লগত লৈ পোনে পোনেই ৰাজধানীলৈ আহেঁ। আৰু তোৰ দৰেই ৰাজধানীত ডাঙৰ হোটেল এটাত থাকিবলৈ লওঁ। আমেৰিকাৰ পৰা আহি পোৱা সময়ত হাতত সামান্য মাথোন টকা আছিল। হোটেলৱালাই কিমান টকাৰ মই মানুহ সেইটো তেতিয়াই জনাহেঁতেন হোটেলত থাকিবকে নিদিলেহেঁতেন। পিচে বিলাতী মেম বিয়া কৰোৱাৰ এইটোৱে সুবিধা। মোৰ লগত বাৰবাৰাক দেখি হোটেলৱালাই খুব শশব্যস্ত হৈ হোটেলৰ আটাইতকৈ ভাল আৰু দামী কোঠাটোতে থাকিবলৈ দিলে। আমিও খুব ভাল খানা আৰু দামী সুৰা পি থাকিবলৈ ধৰিলোঁ। দামটো লগে লগেই দিব নালাগে। হোটেলৰ পৰা যোৱাৰ সময়তহে দিব লাগে। পিচদিন। টেক্সিত উঠি মন্ত্ৰীৰ ওচৰলৈ গলোঁ। চাপ্রাচীয়ে আমি চাহাব মেমক দেখি দীঘল চেলাম দি আমাৰ এইং ৰুমত বহালেগৈ আৰু মন্ত্ৰীক মোৰ ছপোৱ। কাৰ্ড দিলেগৈ । মোৰ কার্ড দেখিছ জানো? এই চা।" কমলে ধনেশ্বৰৰ কাৰ্ডটো চাই আচৰিত হৈ সুধিলে, "তই ছবছৰতে আমেৰিকাত ইমানবোৰ ডিগ্রী ললিনে? আকৌ তই দেখোন এম. এ দ্বিতীয় শ্রেণীৰ একেবাৰে শেহৰ স্থান অধিকাৰ কৰিহে পাচ কৰিছিলি ? সোণৰ মেডেল কেতিয়া পালি? সোণৰ মেডেল ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্টক হে দিয়ে।" ধনেশ্বৰে কমলৰ কথাত ক'লে, "তই একেবাৰে একো নাজান। আগেয়ে তই মোক শিকাইছিলি। এতিয়া দেখিছোঁ ময়ে তোক শিকাব লাগিব । শুন, A. M.A.M. O. ( এ, এম, এ, এম, ও )ৰ অৰ্থ হ'ল এচোচিয়েট মেম্বাৰ অব আমেৰিকান মার্কেটিং অৰগেনিজেচন্ ( Associate Member of American Marketing Organisation ), এম, এ, এচ, এ ( M.A. S. A. ) ৰ অৰ্থ হ'ল মেম্বাৰ অফ আমেৰিকান চপকিপাৰচ এচোচিয়েচন ( Member of American Shop-keeper's Association ), এফ, এ, এইচ, কে, এচ (F.A.H.KS ) ৰ অর্থ হ'ল ফেলে। অব আমেৰিকান হোটেল কিপাৰচ, চোচাইটি (Fellow of American Hotel keeper's Society ) । সোণৰ মেডেল মই এম,এ পৰীক্ষাত পোৱা বুলি জানে। লিখিছো ? সোণৰ মেডেল বা সোণৰ মাছলি তাহানি মোক একেবাৰে সৰুতে অন্নপ্রাশনৰ সময়ত মোমাই দিছিল।" ধনেশ্বৰৰ কথাত কমলে ক'লে, "তই তো কম নহয়।" "কম নহয় বুলিতে। ধুনীয়া ঘৰত থাকি, মটৰ দৌৰাই, হাজাৰ টকাৰ দৰ্মহাৰ চাকৰি লৈ খাই-বৈ থাকিব পাৰিছোঁ। পিচে মই একে। মিছাও লিখা নাই। কিছুমানে মিছা লিখিও ডাঙৰ চাকৰি লৈছে। নোপোৱা ডিগ্ৰীকে। নামৰ পিচত লিখিছে। কোনোবাই বা আকৌ ডাঙৰকৈ নামৰ শেহত এম, এ (M.A.) লিখি কাষত অণুবীক্ষণৰে চালেহে ধৰিব পৰাকৈ 'অনুত্তীর্ণ' লিখিছে। মই পিচে সঁচা কথাহে লিখিছোঁ।" "পিচে সেই এ, বি, চি, ডি বোৰ যে লিখিছ সেইবোৰতো টকা দিলেই এনেয়ে পায় ? সেইবোৰতো ডিগ্রী বা ডিপ্লোমা নহয় কমলে ক'লে। "টকা দি পাই বুলিতে। নামৰ পিছত লিখিব লাগে। নহ'লে মূৰ্খৰ দৰে টকা খৰচ কৰাৰ লাভ কি? আমাৰ দেশত নামৰ পিচত যাৰে "এইবোৰ এ, বি, চি, ডি, লিখা নেজদাল দীঘল, তাৰে আদৰ বেচি, তাৰে মূল্য বেচি। সেইজনমানুহকে আমাৰ দেশৰ মানুহ আৰু চৰকাৰে খুব বিদ্বান বুলি ভাবে। সেই বাবেই এইবোৰ লিখিব লাগে। এতিয়া শুন, মন্ত্ৰীক চাপ্ৰাচীয়ে মোৰ ছপোৱ! কাৰ্ড দিয়াৰ লগে লগেই মন্ত্রীয়ে আগৰে পৰা অপেক্ষা কৰি থকা মানুহবোৰক নামাতি মোক মাতি পঠালে। আমি গৈ মন্ত্ৰীক 'গুডমর্ণিং' দি অভিবাদন কৰিলোঁ। বাৰবাৰাইও মন্ত্ৰীক গুডমর্নিং দিলে আৰু 'হাউ দু ইউ দু "( How Do you Do ?" ) বুলি হাঁহি হাঁহি হাতখন আগবঢ়াই দি মন্ত্রীক 'হেণ্ড চেক' ( Hand Shake) কৰিলে। মন্ত্ৰীয়ে বাৰবাৰাৰ আমেৰিকান সুৰত কোৱা কথা হুবুজিলে নে নার্ভাচে হ'ল কব নোৱাৰিলো। "লিট্ল্, লিট্ল" ( Little, little ) বুলি কৈ হাঁহিলে দেখোন। তাৰপিচত মই মন্ত্ৰীক কেনেকৈ এইবোৰ নানান কথা আমেৰিকাত শিকিলে। তাক ইংৰাজীৰে ক'লে। আৰু মোক দেশৰ সেৱাত লগাবলৈ খাটিৰ ধৰিলো। মন্ত্ৰীয়ে তেতিয়া মোক খুব প্রশংসা কৰিলে আৰু তোক কোৱাৰদৰেই মোকো ক'লে। চেক্রেটাৰীয়েহে হেনো এই সকলো কৰে। চেক্রেটাৰীয়ে মোক ডাঙৰ চাকৰি এটা দিবলৈ প্ৰস্তাৱ দিলে তেওঁ হেনো আপত্তি নকৰে আৰু চেক্রেটাৰীৰ প্ৰস্তাৱত তথাস্তু কৰিব। তেতিয়া বাৰবাৰাই কি কৰিলে জান ?"
pdf
11dc29a2f6c8307bf5ac930e6761780f2d94f51b
অসম গণ পৰিষদ কোনো বিশেষ বা ব্যক্তি সমষ্টিৰ দল নহয় ,ই অসমৰ ৰাইজৰ দল।এই মন্তব্য অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ।অসম গণ পৰিষদে আৰম্ভণিৰ পৰাই বিধেয়কৰ বিৰোধিতা কৰি কৰি আহিছে ।ই আইনত পৰিণত হ'লে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব আৰু ৮৫৫ গৰাকী শ্বহীদক ভেঙুচালি কৰা হ'ব ।আজি মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চিত অনুষ্ঠিত এক সংবাদ মেলত মহন্তই কয় যে ৭জানুবাৰীত কৰ্মকৰ্তাই মিত্ৰতা ভংগ কৰা সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য্যক আমি আদৰণি জনাইছো।অসমত চলি থকা সন্মিলিত চৰকাৰ ভংগ কৰক।মাজুলীত অনুষ্ঠিত কৰা কাৰ্য্যনিৰ্বাহক সভাই কোনো অংশীদাৰ দলৰ সৈতে মতামত লোৱা নাছিল বুলি তেখেতে মন্তব্য কৰে।
web
e202b2fb8eb971ddc2a20743a0840b87ff010bb4
গুৱাহাটীৰ দীঘলী পুখুৰীত মৰিছে শতাধিক মাছ। দীঘলী পুখুৰী কৰতৃপক্ষই জানিবলৈ দিয়া মতে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক মাছৰ। আৰু জনায় যে সূৰ্য্য উদয় নহওঁতেই পানীত উপঙি উঠিছে মৃত মাছবোৰ। - থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ'ল ধৰ্ষণ আৰু হত্যাৰ!
web
c11efd667c046ee966d3db499147057bf230c5de
সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাই মঙলবাৰে জনজাতিকৰণৰ দাবীত ওডালগুৰি জিলাৰ পানেৰীৰ ওদালগুৰি-তামুলপুৰ পথত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে। প্ৰতিবাদ স্থলীত বামুণজুলি, পানেৰী, হাতীগড, ওৰাংজুলিকে কৰি বহুকেইখন চাহ বাগিচাৰ প্ৰায় ৬০০ ৰো অধিক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি মানৱ শৃংখল গঠন কৰে। ৰাজপথত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত প্ৰতিবাদকাৰী সকলে যান-বাহনৰ চলাচল ব্যাহত নোহোৱাকৈ প্ৰায় দুঘণ্টা সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। "এয়া চৰকাৰৰ সন্মুখত আমি ঐক্যবদ্ধ হৈ থকাৰ এক প্ৰতীকি উপস্থাপন। আমি চৰকাৰৰ ওচৰত আমাৰ সাংবিধানিক অধিকাৰ বিচাৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছো," লক্ষ্মণ পূজা নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে কয়। "অন্য ৰাজ্যত আমাৰ ভাই-ভনী সকলে জনজাতিৰ মৰ্যদা লাভ কৰিছে কিন্তু অসমত স্বাধীনতাৰ পাছৰে পৰা আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে। কেনেদৰে এটা সম্প্ৰদায়ক পৃথক পৃথক অঞ্চলত পৃথক পৃথক ধৰণে চিহ্নিত কৰা হৈছে," দুৰপতি লোহাৰ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে এনেদৰে প্ৰশ্ন কৰে। আনাহাতে, ওদালগুৰি ছাত্ৰ সন্থাৰ সভাপতি ৰবীন গোৱালাই তেওঁলোকে আদিবাসী লেণ্ড বিচৰা নাই মাত্ৰ ভাৰতীয় সংবিধান অনুসৰি জনজাতিৰ মৰ্যদাহে বিচাৰিছে বুলি মন্তব্য কৰে।
web
bd3f52a4a6d67f7f4719d92eab55ceaf73afb994
ডবকাঃ হোজাইৰ বৰবহাৰ বাশন্তি বালা দাস নামৰ মহিলা গৰাকীৰ সামাজিক ভাৱে বিবাহ হৈছিল হাওঁৰাঘাটৰ এজন গৃহ আৰক্ষী বিষয়া শ্বাদন দাসৰ লগত। বিবাহ সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা আৰক্ষীৰ উপাধী লৈ বলপূৰ্বক ভাৱে পত্নীক যৌতুকৰ বাবে প্ৰহাৰ কৰি আহিছিল। হাওঁৰাঘাটৰ গৃহ জোৱান শ্বাদন দাসে বিবাহ ৭ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো দুই সন্তানৰ মাতৃ বাশন্তি বালা দাসক আজিও একেই ভাৱে যৌতুকৰ বাবে কৰিছে প্ৰহাৰ। শক্তি-শালী গৃহ জোৱান শ্বাদন দাসে অকল প্ৰহাৰ কৰাই নহয় ঘৰত শুকুৰবাৰৰ পৰা ঘৰত বন্দী কৰি ৰাখিছে নিজ পত্নী বাশন্তি বালা দাসক। গৃহ জোৱান শ্বাদন দাসে যৌতকৰ বাবে কিদৰে নিজ পত্নীক প্ৰহাৰ কৰি আহিছে আপোনাৰো জানিলে চকু কপালত উঠিব। এনে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে হোজাই বৰবহাৰ বাশন্তি বালা দাস নামৰ মহিলা গৰাকীৰ স্বামী হাওঁৰাঘাটৰ শ্বাদন দাস নামৰ এজন গৃহ জোৱানে নিজ পত্নীৰ সৈতে। গৃহ জোৱানজনে নিজ পত্নীক বাঁহেৰে কোবাইছিল যদিও তাতে ক্ষান্ত নাথাকি ৰডেৰেও কোবালে। এনেদৰে প্ৰহাৰ কৰাৰ পাছতো কোনো খবৰ পোৱা নাছিল বাশন্তি বালাৰ পৰিয়ালৰ লোকে। এই ঘটনা সংঘটিত হোৱাৰ দুদিন-তিনিদিন পূৰ্বে বেলেগৰ মোৱাইল ফোনেৰে নিজ পৰিয়ালৰ লগত যোগাযোগ কৰাত ভায়েকে নিজ বায়েকক চাবলৈ যোৱাত ভায়েককো আক্ৰমণ কৰিবলৈ আহে। যদিও কোনো মতে প্ৰাণ ৰক্ষা কৰি আহে। এনে ঘটনাক লৈ ভয়ত আতংকিত হৈ পৰিছে বাশন্তি বালাৰ পৰিয়ালৰ লোক। সেয়ে ভুক্তভোগি পৰিয়ালটোৱে উপায়হীন হৈ আইনৰ কাষ চাপে। এই ঘটনা শ্বাদন দাসৰ প্ৰথম বাৰৰ বাবে নহয় বুলিও বাশন্তি বালা দাসৰ পৰিয়ালৰ লোকে জানিব দিয়ে। শ্বাদন দাস এজন শক্তিশালী গৃহ জোৱান হোৱাৰ বাবেই বলে নোৱাৰি বাশন্তি বালাৰ পৰিয়ালৰ লোকে সাংবাদিকৰ সহযোগ বিচাৰে। এই ঘটনাক কেন্দ্ৰকৰি বাশন্তি বালাৰ পৰিয়ালৰলোকে তেওঁৰ স্বামী শ্বাদন দাসৰ বিৰুদ্ধে উত্তৰ বৰবীল আৰক্ষী পহৰা চকীত এখন এজাহাৰ দিয়ে। অৱশ্যে আৰক্ষী প্ৰশাসনে তদন্ত সম্পূৰ্ণ কৰি গৃহ জোৱান শ্বাদন দাসৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়তে লক্ষ্যণীয়।
web
588aeac64c6cf8d2c8846ea5adff9a830fc874410c2610c0937d44fcd99444d9
ৰঙহৰ মঙহ প্ৰমাণ কৰিবলৈ বৰ চীন হৈছিল, তাৰ মুখ আমি দেখা নাছিলো। তথাপি জীৱেশ্বৰ বৰাক সঙ্গেছ কৰিছিলো বেতিয়া তেওঁৰে ৰাছনি হৈ থকা মানুহটোকনো সহে নকৰো কিন্তু। সেই ভাবি, ফেতিৱাৰা কেতিয়াব। কামত আহিব বুলি তাৰো ফটো এখন নৰলৈ মই ডেকাৰ কৈছিলো। আকস্মিক তারে কিন্তু সেইখন ফটোরে নোৰ বত সহায় কৰিলে, এক লেখীয়া সেইখনেই মোক বৰখেদাকৈ উলটি আহিবলৈ বাধ্য কৰিলে। "ইতিমধ্যে ৰাজীৱলোচনক খবৰ দিব পৰা নগ'ল কাৰণে আমি সময় পালো । তেওঁ কলিকতাত নাহিল, দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ গৈছিল, তেওঁৰ হোষ্টেলৰ পৰা টেলিগ্রাম কৰি খবৰ দিবলৈ যত্ন কৰা হৈছিল। এই সুযোগতে ৰাজীৱলোচন বুৰি আছে যানে, মই উজনি অসমলৈ যাত্ৰা কৰিলো। যোৰ উদ্দেশ্য আছিল বীৰেশ্বৰ বৰাৰ অতীত সম্পর্কে অলপ ঘাটি চোৱা যাতে তেওঁৰ পূৰ্ব্ব শত্রু কোমোৰা থাকিলে বিচাৰি উলিয়াৰ আৰু অনুসন্ধান কৰি চাব পাৰো । কাৰণ তেতিয়ালৈকে জীৱেশ্বৰ বৰা মাত্র সন্দেহৰ পাত্ৰছে, তেওঁৰ বিৰুদ্ধে মোৰ হাতত কোনো প্রমাণ নাছিল। বীৰেশ্বৰ বৰাই চলোৱা হাতিলীয়। ধুলীয়া চাই ৰাখিচা উহিলা ওলালোগৈ, তিনিচুকীয়াৰ পৰা কুৰি মাইলমান দূৰত। সেই অঞ্চলত ৰীৰেশ্বৰ বৰাৰ বহুত বদনাম । কেৱল চৰিত্ৰহীনতাৰ অভিযোগ, বাগিচাৰ নমুৱা ছোৱালীৰ ওপৰত অত্যাচাৰ চলাই প্ৰাণৰ ভয়ত তেওঁ বাগিচা বিক্ৰী কৰি পলাই আহিবলৈ বাধ্য হৈছিল। ওচৰৰে এখন গাৱঁত বংশী শইকী নামৰ বুঢ়া মানুহ এজনৰ পৰাও বহুত খবৰ, বৰ লাগতীয়ান बचय পালো । ৰংশী শইকীয়াই বীৰেশ্বৰ বৰাৰ ৰাগিচা গঢ়ি তোলাত সম্ভাৱ কৰিছিল। বীৰেশ্বৰ বৰাই শইকীয়াৰ দেখনিয়াৰ জীয়েক বস্তাক পলুৱাই নি ৰঙলাত ৰাখি তাৰ 'প্ৰতিদান' দিলে। সন্তানসম্ভৱ। হৈ ৰা ঘৰলৈ উভতি গ'ল । না এটা হওঁতে ৰস্ত। আকৌ ক'ৰবালৈ পলান। কলৈ গ'ল কোনেও কব নোৱাৰিলে, এতিয়াও নোৱাৰে । ল'ৰাটে। ডাঙৰ হৈ গুণ্ডা হ'ল, ডকাইতি কৰি পুলিচৰ হাতত পৰিবলৈ ধৰিলে। তাৰ পিচত এবাৰ পুলিচৰ হাতৰ পৰা নদীত জপিয়াই পৰি পলাল । তাৰ নাম মাকে ধৈছিল নিধি। মোৰ হাতত ফটোবোৰ আছিল । সেইবোৰ কথাই কথাই উচিয়াই দেখুৱাত বংশী শইকীয়াই এক প্ৰকাৰ চিঞৰিয়েই কলে যে ধনীৰামৰ ফটোখানেই f ধিৰ ফটো।"আৰু ক'ত ৰক্ষা ! মই তেতিয়াই গুৱাহাটীলৈ উনটি আহিতো । নিধিৰ নিচিনা সাংঘাটিত আততায়ী এটা জীৱেশ্বৰৰ লগ লাগিছে বেতিয়া পদ্মৰ হত্যাৰ লগত জীৱেশ্বৰ আৰু নিধি বা ধনীৰামৰ কিব। সম্পর্ক থাকিবই লাগিব। ইফালে ৰাজীৱলোচন যদি আহি পাইছে তেওঁক বা কোন মুহূৰ্ত্তত ইহঁতে হত্যা কৰে তাৰ ঠিক নাই, এই ভয়ত ওৰে ৰাটে মোৰ বুকু কঁপি আছিল। মোৰ অনুমান মিছাও নহয়। "হত্যাকাৰী হলে জীৱেশ্বৰ বৰা আৰু ধনীৰামৰ মনত আয়বিশ্বাস বেছি কৰি তুলিবলৈকে মই মদন বৰুৱা আৰু ফানৰিয়াকৰ গ্ৰেপ্তাৰ কৰিবলৈ কৈ গৈছিলো আৰু খবৰ কাগজত প্ৰচাৰো কৰিবলৈ কৈ গৈছিলে। ; তেতিৱাহে হত্যাকাৰীয়ে নির্ভয়ে কাম কৰি যাব পাৰিব ।" "ৰাৱনে উপাহ লবলৈ অলপ ৰোৱাত অ' চিরে বলে, "ন বৰুৱা আৰু কানৰিয়াক আমি গ্ৰেপ্তাৰ কৰিছিলো, বাতৰি কাকততো খবৰটো ওলাইছিল, পিচে তেওঁলোকক যার লগে লগেই জানিত এৰি দিয়া হয়।" পানী এগিলাচ একে সোহাই খাই বারণে কলে, "তেওঁলোকক আমি যৰি ৰখাৰ আৰু আরণ্যকো নাই। কাৰণ আচল হত্যাকাৰীৰ ধৰিবৰ কাৰণেহে আমি তেওঁলোকৰ ওপৰত চাই দিছিলো। তেওঁলোকৰ ফেছটো কিনা উপায়েৰে বিচৰাট কৰিব লাগিব ।"
pdf
3f00df4d7d67d77472b57bfc88f4287b
বিভাগটোৱে দেশৰ সকলো পানকাৰ্ডধাৰীক তেওঁলোকৰ পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিবলৈ এতিয়ালৈকে বহুকেইবাৰ জাননী দিলে যদিও ১৭ কোটিতকৈ অধিক কাৰ্ডধাৰীয়ে এতিয়াও সেয়া কৰা নাই। জানিব পৰামতে, আয়কৰ বিভাগে ইয়াৰ বাবে সময়সীমা ৮বাৰকৈ বৃদ্ধি কৰিছে। বিত্ত বিধেয়ক, ২০১৯ (Finance Bill, 2019)-ৰ সংশোধনৰ পিছত আয়কৰ বিভাগক এই আধাৰ সংযোগবিহীন কাৰ্ডবোৰ নিষ্ক্ৰিয় কৰাৰ অনুমতি দিছে। "যদি এজন ব্যক্তিয়ে আধাৰ নম্বৰ সংযোগ কৰাত ব্যৰ্থ হৈছে, তেনে ব্যক্তিৰ বিপৰীতে থকা পান নম্বৰ জাননীত দিয়া তাৰিখৰ পিছত নিয়ম অনুযায়ী নিষ্ক্ৰিয় কৰা হ'ব", আয়কৰ আইনৰ ধাৰা 139AA দফা 41-ত এইদৰে কোৱা হৈছে। সংশোধনটো ২০১৯ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হৈছে। ইয়াৰ পৰা স্পষ্ট হয় যে এই নিষ্ক্ৰিয়কৃত পান কাৰ্ডবোৰ আধাৰ সংযোগ নকৰিলে কামত নহা হৈ পৰিব। বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লোকসভাত দিয়া তথ্যমতে, জানুৱাৰি মাহলৈকে ৩০.৭৫ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে। সংযোগবিহীন হৈ থকা পান কাৰ্ডৰ সংখ্যা ১৭.৫৮ কোটি। বিভাগটোৱে পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ সময়সীমা শেহতীয়াকৈ ২০১৯ চনৰ ৩১ ডিচেম্বৰ কৰিছিল যদিও ইয়াক পুনৰ বৃদ্ধি কৰি ২০২০ চনৰ ৩ মাৰ্চ কৰিছে। "বৰ্ধিত সময়ছোৱাই পানকাৰ্ডধাৰী লোকসকলক উপকৃত কৰিব, কাৰণ তেওঁলোকে তাৰ বাবে প্ৰয়োজনীয় কিছু অতিৰিক্ত সময় পাব", ঠাকুৰৰ মন্তব্য। আয়কৰ বিভাগৰ তথ্য মতে, ভাৰতত ৪৮ কোটিতকৈ অধিক লোকৰ পান কাৰ্ড আছে। ইয়াৰ বিপৰীতে ১২০ কোটিতকৈ অধিক লোকৰ আধাৰ কাৰ্ড আছে। আধাৰ সংযোগ কৰা হ'লে আয়কৰ সম্পৰ্কীয় কামত দুয়োটা পৰিচয়বাহক কাৰ্ড পৰস্পৰ ঠাইত ব্যৱহাৰ কৰিব পৰা যাব। যদি দুয়োটা সংযোগ কৰা নহয়, আৰু আপুনি যদি পান কাৰ্ডৰ ঠাইত আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে আয়কৰ বিভাগে আপোনাৰ বাবে স্বয়ংক্ৰিয়ভাৱে এটা নতুন পান কাৰ্ড জাৰি কৰিব পাৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
web
6a5853c22ff8e3c8c61d62e5f20a85e4ee1d15c5
কৰ'না মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমগ্র বিশ্ববাসী এতিয়া ভেকচিনৰ অপেক্ষাত । এই সন্দৰ্ভত এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰীয়াই কয় যে, যদি সকলো পৰিকল্পনা অনুসাৰে হয়, তেন্তে ২০২১ৰ জানুৱাৰীলৈ কৰ'না মহামাৰীৰ ভেকচিন ভাৰতত উপলব্ধ হোৱাৰ আশা কৰিব পাৰি । The India Today Healthgiri Awards 2020 ত গুলেৰীয়াই প্ৰকাশ কৰে যে, দেশত ভেকচিন কেতিয়া উপলব্ধ হ'ব সেয়া কোৱাটো কঠিন আৰু ই বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । লগতে কয় যে, দেশত প্ৰাথমিক পৰ্যায়ত ভেকচিন উপলব্ধ হ'লেও সকলো জনসাধাৰণৰ বাবে পৰ্যাপ্ত নহ'ব । ভেকচিন প্ৰস্তুত কৰাৰ পাছত বৃহৎ পৰিমাণে উৎপাদন আৰু বিতৰণৰ প্ৰত্যহ্বানে দেখা দিব । ক'ভিড ভেকচিন ভাৰতীয়ৰ মাজত কিদৰে বিতৰণ কৰাৰ সন্দৰ্ভত গুলেৰীয়াই কয় যে, এই বিষয়ত ইতিমধ্যে আলোচনা আৰম্ভ কৰা হৈছে আৰু এই সন্দৰ্ভত ভেকচিন অগ্ৰাধিকাৰ মডেলক অনুসৰণ কৰা হ'ব বুলি ইংগিত প্ৰদান কৰিছে । এই মডেলটিত দুটা সমূহক অধিক প্ৰাধান্য দিয়া হ'ব । স্বাস্থ্যকৰ্মী আৰু মৃত্যুৰ সম্ভৱনা বেছি থকা লোকক এই দুটা সমূহত অন্তৰ্ভুক্ত কৰা হৈছে । যদি আমি অগ্ৰাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি অনুসৰণ কৰো তেন্তে ভেকচিনৰ বিতৰণো সমানে হ'ব । আনহাতে, কৰ'না সংক্ৰমণৰ ক্ষেত্ৰত দ্ৰুতগতিত ৬৩লাখৰ সীমা অতিক্ৰম কৰিছে ভাৰতে। সকলো ভাৰতীয় বিশেষকৈ গাঁও অঞ্চলত মহামাৰীৰ সংক্ৰমণ সীমাবদ্ধ কৰাৰ কৰাৰ বাবে সচেতনতা গঢ় দিয়া উচিত । ক'ভিড-১৯ ৰ প্ৰটকল ৰ সন্দৰ্ভত সকলোৱে অৱগত হোৱা উচিত বুলিও কয় এইমছৰ সঞ্চালকগৰাকীয়ে ।
web
b0323911722bf71d97ee3e8f8466cd34f5eaef467881cab148cf0c6096e9b9f3
যি কালত জ্ঞান-অস্ত্ৰে ছেদে অহঙ্কাৰ । ছিন্দে কর্মবন্ধ তেবে জীৱে আপোনাৰ ।। হৃদয়ত পৰম আনন্দ হোৱে জাত । পৰিপূৰ্ণ আত্মা হোৱে মনত সাক্ষাত । দেহকো নেদেখে জীৱে হোৱে ব্রহ্মময়। ইয়াকে বুলি ৰাজা আত্যন্তিক লয় । ইয়াতে। আমি দেখিলোঁ যে ব্ৰহ্ম আৰু জীৱৰ নিজৰ ঐক্যজ্ঞানেই মোক্ষ। অদ্বৈত জ্ঞান হৈ যোৱা মাত্ৰে জীৱ শিৱ হৈ যায়, পৰিপূৰ্ণ সচ্চিদানন্দ ৰূপে অৱস্থান কৰে। এই অদ্বৈত ব্রহ্মজ্ঞানব্যতিৰেকে যে আত্যন্তিক মুক্তি হব নোৱাৰে এইটো ইস্লাতেই বুজা গ'ল । অদ্বৈতৰূপ স্বৰূপ অনুভৱদ্বাৰা মায়া বা অজ্ঞানৰ নিবৃত্তি ঘটে, তেতিয়া আত্ম! অখণ্ড, নিত্য, শুদ্ধ চৈতন্যৰূপে অৱস্থান কৰে । ইয়াকে মাধৱদেৱেও কৈছে - আত্মা ঈশ্বৰক লাগ অবিদ্যা নাশিলে লাগ নাপায় জানা তাঙ্ক অবিদ্যাত । হে কৃষ্ণ তুমি মাত্র সংসাৰ আৰু মুক্তি * ১০৯ প্রত্যক্ষ সতত পাৱে । কণ্ঠলগ্ন বস্তুক সাক্ষাত ।। আৱৰ যতেক ইটো কৃষ্ণক পাৱয় জানা সত্য শুদ্ধ জ্ঞান অখণ্ডিত। চৈতন্যম্বৰূপ নিত্য। । নাঃ ঘোঃ ৪১ ↑ চৰাচৰ মায়াৰ কল্পিত ॥ তোমাৰ বিনোদৰূপ মায়িক বিষয়বস্তুবোৰৰ সখণ্ডতা অনিত্যতা মলিনতা আদি আৰোপিত হোৱাৰ কাৰণেই জ্ঞান অনিতা, সখণ্ড, অবিশুদ্ধ বুলি প্রতিভাত হয়; তাৰ সম্যক্ জ্ঞান হলে বিষয় আৰু জ্ঞান যে অত্যন্ত ভিন্ন বিষয়ৰদ্বাৰা যে জ্ঞানৰ কোনো পাৰমাৰ্থিক বিকাৰ নঘটে সেইটে। জানিলে বিষয়ৰ ধৰ্ম সখণ্ডতা, অনিত্যতা, মলিনতা আদি জ্ঞানত আৰোপিত বা অধ্যন্ত হব নোৱাৰে । ভগৱদ ভক্তিদ্বাৰা তেওঁৰ কৃপাৱশতঃ তেওঁৰ স্বৰূপ বিদ্য। অৰ্থাৎ জ্ঞানৰ প্রকাশ হলে, জীৱব আত্মবোধ হয়; গতিকে কুঠাৰে উৎপাতন নিপাতন মোক্ষৰ সাধন (উঠা-নমা) ৰূপৰ্য্যাপাযুক্ত হৈ কাঠ আদিৰ দ্বৈধীভাৱ বা ছেদনৰ সাধন হোৱাৰ দৰে ভগৱভক্তিয়ে অদ্বৈজ্ঞান বা আত্মবোধৰূপ ব্যাপাযুক্ত হৈ মোক্ষৰ সাধন হয়।
pdf
ef00a902298e8b45d00edcffe8f31d07
'যদি মাহেকীয়াৰ সময়ত মহিলা সকলে খাদ্য বনাই তেন্তে নিশ্চিতভাৱে তেওঁ পৰজনমত কুকুৰৰ ৰূপত জন্ম ল'ব,' গুজৰাটৰ স্বামী কৃষ্ণস্বৰূপ দাসৰ মন্তব্য। এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গুজৰাটৰ স্বামী নাৰায়ন ভূজ মন্দিৰৰ স্বামী কৃষ্ণস্বৰূপ দাসে এনেদৰে কৰা বিতৰ্কিত মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মন্দিৰ ষ্ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ হোষ্টেলত বিগত সময়ত ছোৱালীৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা ঘটনাই সৰ্বত্ৰে সমালোচনাৰ সূত্ৰপাত ঘটাইছিল। মাহেকীয়াৰ প্ৰমাণ চোৱাৰ বাবেই ছোৱালীৰ অন্তৰ্বাস খোলাৰ নিৰ্দেশ দিয়া হৈছিল। স্বামীনাৰায়ন ভূজ মন্দিৰৰ য়ুটিউব চেনেলত স্বামী কৃষ্ণস্বৰূপ দাসৰ বহু ভিডিঅ' আপলোড কৰা হৈছে। ইয়াৰ এটা ভিডিঅ'ত স্বামীয়ে কৃষ্ণস্বৰূপে মাহেকীয়া হোৱা মহিলাই বনোৱা খাদ্য খালে পুৰুষ গৰাকীয়ে পৰজনমত বলধৰ জনম লাভ কৰিব বুলিও কয়। ভুলতে এবাৰলৈও যদি মহেকীয়া হোৱা মহিলাই খাদ্য বনাই আৰু এই খাদ্য যিয়ে গ্ৰহণ কৰে সকলোৱে পশুৰ জনম লাভ কৰাটো নিশ্চিত। ভিডিঅ'টোত স্বামী গৰাকীয়ে তেওঁৰ ভক্ত সকলক এনে কাম নকৰিবলৈ উপদেশ দি যদি নিজে খাদ্য প্ৰস্তুত কৰিব নাজানে বিয়াৰ পূৰ্বে খাদ্য বনোৱা শিকিবলৈ আহ্বান জনায়। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
web
de17f064d90dda3c8715c29e54d7e2e03e6a81e6
জানিব পৰা মতে ৰাতি প্ৰায় ১২. ৩০ মান বজাত যুৱকজনক চিপ লৈ থকা মাকে দেখা পায়। কিন্তু মাকে দেখা অৱস্থাত ইতিমধ্যে মৃত্যু হৈছিল যুৱকজনৰ। পিছত ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ২৫ বছৰীয়া আনোৱাৰ হুছেইনে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ লোকে কোৱা মতে যুৱকজনৰ সৈতে কোনো ধৰণৰ অন্তঃকণ্ডল নাছিল।
web
d301c5ba0368ed37a5c5b031f08565dbad554bda
গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ জগতত ইন্দ্ৰ বনিয়া এজন উজ্জল নক্ষত্ৰ। তেখেতে সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল। ১৯৭০ চনৰ পৰা ২০১৪-১৫ চনলৈকে বিভিন্ন শিল্পীৰ লগত অসমৰ বিভিন্ন মঞ্চত কৌতুক অভিনয় প্ৰদৰ্শন কৰি ফুৰিছিল। ১৯৮৮ চনত 'হালধীয়া চৰায়ে বাওধান খায়' নামৰ ছবিখনৰ জৰিয়তে তেখেতে আন্তৰ্জাতিক লোকাৰ্ণ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনয় শিল্পীৰ বঁটা লাভ কৰা পঞ্চমজন ভাৰতীয় আৰু প্ৰথমজন অসমীয়া আছিল। ২০১৫ চনৰ ২৬মাৰ্চ তাৰিখে তেখেত প্ৰয়াত হয়। আৰু চাওঁতে চাওঁতে তেখেতৰ মৃত্যু হোৱা ৪ বছৰ পাৰ হয়। বহু বছৰৰ কষ্ট আৰু ত্যাগৰ মাজেৰে কৌতুক অভিনেতা ইন্দ্ৰ বণিয়াৰ সপোন বাস্তৱত ৰূপায়িত কৰি তেখেতৰ সোঁৱৰণিত একক অভিনয় প্ৰতিযোগিতাখনি প্ৰতিবছৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আহিছে। ইন্দ্ৰ বনিয়াই প্ৰতিষ্ঠা কৰা নাটকৰ শিক্ষানুষ্ঠান অসম অভিনয় প্ৰতিষ্ঠাৰ উদ্যোগত ২৬ মে' ২০১৯ চনত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। বিগত বছৰত তেওঁৰ মৃত্যুবাৰ্ষিকী দুদিনীয়াকৈ আয়োজন কৰা হয় যদিও এইবছৰ কিছু অসুবিধাৰ বাবে এদিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থলৈকে নিৰ্বাচন কৰা হ'ব। প্ৰতিযোগিতাখনত কিছুমান নিয়মাৱলী ৰখা হৈছে। প্ৰতিযোগীসকলৰ বয়সৰ সীমা ১৬ বছৰৰ পৰা ধাৰ্য কৰা হৈছে। একক অভিনয় যদিও এখনি পাণ্ডুলিপি থাকিব। প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে পাণ্ডুলিপি আনিব লাগিব। পাণ্ডুলিপিৰ জৰিয়তে বাচনি কৰা হ'ব যাতে কোনো ধৰণৰ ৰাজনৈতিক কথাৰ অৱতাৰণা কৰা নহয়। এই অভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৯৪৩৫১৯৯২২৭/৯৪৩৫১০২৪৬৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।
web
7f7e13051f976b5cb1499fa3ea0a0e26
ইছলামত সকলো কামৰ এক শৃংখল বদ্ধতা আমাৰ গ্ৰন্থসমূহত পোৱা যায়। আমাৰ অন্তিম নবী মোহাম্মাদ (ছাঃ) মে যি কৈছে সেইটো কৰা ডাঙৰ পুণ্যৰ কাম। সেইদৰে আমাক খোৱা-বোৱাত কিছুমান আদব আৰু নিয়ম কানুন দেখুৱাইছে । আমি এইবিলাক নীতি-নিয়ম অন্তৰৰে পালন কৰাৰ চেষ্টা কৰিম। সৰ্বপ্ৰথমে আমি খোৱাৰ আগত হাতদুখন ধুই পৰিস্কাৰ কৰি সোঁহাতেৰে বহিহে খাদ্য গ্ৰহণ কৰিব লাগে। (বিছমিল্লাহ)কৈ খোৱা আৰম্ভ কৰিব , আৰু যদি -বিছমিল্লাহ- কোৱা পাহৰি যায় তেনেহলে (বিছমিল্লাহি আওৱালাহু ওৱা আখিৰাহু) কব। নবী (ছাঃ) মে কৈছে প্লেটৰ যিকোনো একাষৰ পৰা খোৱা, কাৰণ বৰকত কাহীৰ মাজত উদয় হয়। সেইবাবে আমি প্লেটৰ ভিন ভিন ঠাইৰ পৰা খোৱাৰ পৰিৱৰ্তে একাষৰ পৰা খাব লাগে। নবী(ছাঃ) মে কৈছে যদি আমাৰ খোৱাৰ পিছত পেট ভৰা নাই তেন্তে হয়তো আমি একলগে সকলোৱে মিলি আহাৰ গ্ৰহণ কৰা নাই নাইবা (বিছমিল্লাহ) কোৱা নাই। পানী অথবা বেলেগ কোনো জুলীয়া বস্তু পিয়াৰ সময়তো এইবিলাক কানুন মানি চলা উচিত। নবী(ছাঃ) মে সদায় পানী বহিহে পান কৰিব কৈছে, যদি আমি পাহৰি যাও বমি পৰ্যন্ত কৰাৰ আদেশ কৰিছে। আমি কেতিয়াও একে নিশ্বাসত উটৰ দৰে পিব নালাগে। নবী(ছাঃ)ৰ দৰে তিনি নিশ্বাসে পিয়া ছুন্নত । ইয়াৰ উপৰি পানীত নিশ্বাহ এৰিব নালাগে। আহাৰৰ প্ৰশংসা কৰা বা গুণ গোৱাও এক ছুন্নত , বেয়া হলেও তাক কেতিয়াও প্ৰকাশ নকৰা ভাল। খাদ্য ভাল লাগিলে লোৱা আৰু বেয়া লাগিলে এৰিব পাৰি। এবাৰ নবী(ছাঃ) ক কেৱল মাত্ৰ ভিনেগাৰক আঞ্জা হিচাপে খাব দিয়া হৈছিল; তথাপিও তেখেতে সেয়াক প্ৰশংসা কৰিছে। আমি সাৱধান হোৱা দৰকাৰ যাতে পাতত কোনো দানা বাকী নাথাকে আৰু লগতে থালিখন চেলেকি খাব লাগে,কিয়নো আমি নাজানো কোনখিনি আহাৰত বৰকত দিয়া হৈছে। অন্যক এইবিলাকৰ প্ৰতি উপদেশ দিয়াও মুছতাহাব। সেইবাবে আমিতো কৰিমেই লগতে বেলেগ মুছলমান ভাই-ভনীকো কৰাৰ উপদেশ দিম।খোৱাৰ-বোৱাৰ শেষত আল্লাহ তালাৰ প্ৰশংসাৰ হকে (আলহামদুলিল্লাহ) পঢ়িব লাগে। আৰাফাৰ দিনৰ তাৎপৰ্য, গুৰুত্ব আৰু বৈশিষ্ট্য : Save my name, email, and website in this browser for the next time I comment.
web
32848147ddc29cc2e1df8c97ec68086ef7ee0552
দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে অতিথি অনুষদৰ খালী পদৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক! দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে অতিথি অনুষদৰ খালী পদৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। ডিটিইউ চাকৰিৰ খালী পদ ২০২২ ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক। দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় অতিথি অনুষদৰ খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ সন্ধানত আছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ ডিটিইউৰ চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা BE/B. Tech, M. Sc, ME/ M. Tech, পিএইচডি সম্পূৰ্ণ কৰিব লাগিব। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আৱেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন দিল্লীৰ ডিটিইউ ৰসায়ন বিভাগলৈ প্ৰেৰণ কৰিব লাগিব - ১১০০৪২, ই-মেইলঃ sgwarkar@dtu. ac. in। দিল্লী টেকন'লজিকেল ইউনিভাৰ্চিটি (ডিটিইউ), যাক পূৰ্বতে দিল্লী অভিযান্ত্ৰিক মহাবিদ্যালয় (ডিচিই) বুলি জনা গৈছিল, ভাৰতৰ দিল্লীৰ ৰোহিণীৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়াক ১৯৪১ চনত দিল্লী পলিটেকনিক হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৫২ চনত, ই দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হোৱাৰ পিছত ডিগ্ৰী প্ৰদান কৰা আৰম্ভ কৰে। প্ৰতিষ্ঠানটো ১৯৬৩ চনৰ পৰা দিল্লী চৰকাৰৰ অধীনত আছে আৰু ১৯৫২ চনৰ পৰা ২০০৯ চনলৈ দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আছিল। ২০০৯ চনত, মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হয়, এনেদৰে ইয়াৰ নাম সলনি কৰি দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় কৰা হয়।
web
c6638888a3e5bb3c58ace531e8d4701ea5527d19
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেৱালীৰ মাত্ৰ দুদিন পিছতেই আজি এখন 'গুৰুত্বপূৰ্ণ' সংবাদমেল অনুষ্ঠিত কৰে। দেশৰ অৰ্থনীতি উন্নত কৰাৰ উপায়ৰ বিষয়ে উল্লেখ কৰি আম আদমী পাৰ্টিৰ (আপ) আহ্বায়কজনে কয় যে দেশক সৰ্বশক্তিমানৰ আশীৰ্বাদৰ প্ৰয়োজন আৰু ভাৰতীয় মুদ্ৰা নোটত মহাত্মা গান্ধীৰ সৈতে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ফটো থাকিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে। "মই কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক আমাৰ নতুন মুদ্ৰা নোটত গান্ধীজীৰ ফটোৰ সৈতে শ্ৰী গণেশ জী আৰু শ্ৰী লক্ষ্মীজীৰ ফটো লগাবলৈ অনুৰোধ জনাইছো," অৰবিন্দ কেজৰিৱালে এনেদৰে কয়। মন কৰিবলগীয়া যে, ইণ্ডোনেছিয়াৰ ২০,০০০ ৰূপিয়া টকাত ভগৱান গণেশৰ ছবি লিপিবদ্ধ আছে। - First Published :
web
b9f7b276ed95ce293c18c3e23c12140f98e578e5
ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড (বি. ই. এল) এটা নৱৰত্ন কোম্পানী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ মুখ্য পেছাদাৰী ইলেক্ট্ৰনিক্স কোম্পানীয়ে ভাৰতত ০৪ টা প্ৰশিক্ষাৰ্থী প্ৰকাশন বিষয়া-১ চাকৰিৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক! ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ বিষয়ে - ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড (বি. ই. এল) হৈছে প্ৰায় নটা কাৰখানা, আৰু ভাৰতৰ কেইবাটাও আঞ্চলিক কাৰ্যালয়ৰ সৈতে এক ভাৰতীয় চৰকাৰী এৰোস্পেচ আৰু প্ৰতিৰক্ষা কোম্পানী। ই ভাৰত চৰকাৰৰ মালিকানাধীন আৰু মুখ্যতঃ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে উন্নত ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণ কৰে। বিইএল হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ নটা পিএছইউৰ ভিতৰত এটা। ভাৰত চৰকাৰে ইয়াক নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ১৯৫৪ চনত ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৫৬ চনত কেইটামান যোগাযোগ সঁজুলি নিৰ্মাণৰ পৰা আৰম্ভ কৰি, বিইএল-এ ১৯৬১ চনত ভাল্ভ প্ৰাপ্ত কৰা আৰম্ভ কৰে, ১৯৬২ চনত জাৰ্মানিয়াম অৰ্ধপৰিবাহী আৰু ১৯৬৪ চনত এআইআৰৰ বাবে ৰেডিঅ' ট্ৰেন্সমিটাৰ প্ৰস্তুত কৰা আৰম্ভ কৰে। বিইএল হৈছে আকাশৰ মুখ্য ইণ্টিগ্ৰেটৰ, ভাৰতীয় নিৰ্মিত গাইডেড মিছাইল এয়াৰ ডিফেন্স অস্ত্ৰ প্ৰণালী। আন এটা মুখ্য প্ৰণালী হৈছে ৰাডাৰ চিনাক্ত কৰা অস্ত্ৰ, অত্যাধুনিক নিষ্ক্ৰিয়, পৰ্যায়ক্ৰমে এৰে ৰাডাৰ যাক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ দ্বাৰা সফল ব্যৱহাৰকাৰী পৰীক্ষণ কৰা হৈছে। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে (বিইএল) শেহতীয়াকৈ প্ৰশিক্ষাৰ্থী প্ৰকাশন বিষয়া-১ খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী বিচাৰিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ শিক্ষাগত অৰ্হতাঃ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান/বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ পৰা M. Sc (ইলেক্ট্ৰনিক্স)। কেনেদৰে আবেদন কৰিবঃ আগ্ৰহী প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰা আৱেদন প্ৰপত্ৰখন ডাউনলোড কৰিব লাগিব আৰু ৰঙীন পাছপোৰ্ট আকাৰৰ ফটো, এছএছএলচি/এছএছচি/আইএছচি নম্বৰ কাৰ্ড, বা আন যিকোনো বৈধ নথিপত্ৰৰ সৈতে "উপ মহাপ্ৰৱন্ধক (SSLC/SSC/ISC)লৈ প্ৰেৰণ কৰিব লাগিব। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, জালাহাল্লি পোষ্ট, বেংগালুৰু - ৫৬০০১৩"। প্ৰাৰ্থীসকলে অনলাইন মোডৰ জৰিয়তে ২০০/- টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব। প্ৰাৰ্থীসকলে এছবিআই শাখাৰ ওচৰলৈ গৈও পৰিশোধ কৰিব পাৰে। বাছনি প্ৰক্ৰিয়াঃ বাছনি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।
web
168522c7890836c412387ac86a7ce896d36988a5
শীতৰ কোব বাঢ়িছে দিনে দিনে! এইকেইদিন আমাৰ মাজত কথা বতৰাবোৰ শীতকাললৈয়ে হৈছে, মানে ক'ল্ডক্ৰীম - টুপী - মাফলাৰ - শ্বল - হাতমোজা। কেতিয়াবা জলা চাতনি আৰু পকৰিৰ কথা পাতোঁ, আকৌ কেতিয়াবা জলকীয়া আচাৰ, বুট ভজা। এদিন যদি জেকেট - চুৱেটাৰৰ কথা পাতিম, আনদিনা গৰম গৰম আলু চপৰ কথা পাতিম। শীতকালত লগ পালে এনেকুৱা কথাই পাতিব লাগে চাগে, আৰুনো কি পাতে আৰু! সিদিনা আবেলিৰ কথা, ডুবযোৱা বেলিটো চাই চাই আমি ভেড়া নোমৰ পৰা ঊণ কেনেকৈ তৈয়াৰী হয় সেই বিষয়টোৰ পৰা জাঁপমাৰি টুপীৰ বিষয়টোত মৰণা মাৰি আছিলোঁ। শীতকালৰ জৰুৰী বস্তু! বিভিন্ন ৰকমৰ টুপী আৰু গুণগত মানদণ্ড - ব্যৱহাৰ - উপকাৰিতা এই সম্পৰ্কে বহুতো কথা। কথাৰ মাজতে মোৰ মনলৈ আহিল- বান্দৰ টুপী এটা বৰ জৰুৰী হৈ আছে মোৰ। যিহে ঠেণ্ডা পৰিছে, কাণ দুখনত সোঁ সোঁৱাই হাৱা সোমাই মটৰ চাইকেলত! একদম মূৰলৈকে তাহ্ মাৰি ধৰে চেঁচাই! কিনিম বুলি ভাবিয়ে আছোঁ, পাহৰণিত থাকি যায়। আকৌ ভাৱিলোঁ - এতিয়া কিনিম বুলি ভাবিলে ডাবুল খৰচ হ'ব। এটা কিনিলে নহ'ব, মই বান্দৰ টুপী কিনা দেখিলে এইকো কিনি দিব লাগিব। পিন্ধা নিপিন্ধা পিছ কথা কিনি দিবই লাগিব। অৱশ্যে লগে ভাগে দুইজনেই দুইজনৰ বুলি আমেজ এটাৰ কথাও সুকীয়া! একেলগে ফুৰা, একপ্লেত পকৰি দুইজনে খোৱা, একেলগে চিনেমা চোৱা, এপেকেট পপকৰ্ণ দুইজনে খোৱা- মানে একেলগৰ পৰম্পৰাৰ নিচিনাই হৈ পৰিছে আমাৰ। এজনে অকলে কিবা কৰিলে বুলি গম পালে তিনি চাৰিদিনমান বেলেগ এখন মহাভাৰতহে হয়গৈ। হয়ো, অভিমানবোৰ থাকিবই, থাকেই। কথাৰ মাজতে তাই ক'লে১, : বলচোন, বস্তু এটা ল'ব লগা আছে, ঠাণ্ডাকালি জৰুৰী। মই টু-বুলি কৈয়ো পী- শব্দটো ডিঙিতে থৈ দিলোঁ। মাতটো অলপমান গেনগেনীয়া কৰি ক'লোঁ, : অকল এটাহে ল'বি নেকি ? তাই মোৰ ফালে চাই কপালখন কোঁচাই ক'লে, : তোকো লাগিব নেকি. . ? মই বোলো মাতটো আৰু অকণমান গেনগেনীয়া কৰি দিয়াই ভাল, মনতে ভাবিলোঁ অলপ বেছিয়ে হ'ল নেকি! ইমানখিনি কৈ ভয়ো লাগিল কিজানি জাঙুৰ খায় আহে! অৱশ্যে মই ভৱাৰ দৰে তেনে একো নহ'ল। বৰ শান্তভাৱে ক'লে, : ব'ল ব'ল, বস্তু চইচ কৰোঁতে তোৰ বৰ সময় লাগে। ইয়াৰ পিছৰ সময়ত আমি কান্ধেৰে কান্ধ খুন্দিয়াই খুন্দিয়াই গড় আলিত। মনতে ভাবিলোঁ - চুৱেটাৰ নে মাফলাৰ জৰুৰী হ'ব বাৰু! নাই, দুটা চুৱেটাৰ কিনিব পৰাকৈ এইৰ অৱস্থা তথৈবচ, মাফলাৰ অৱশ্যে একে ৰঙৰ দুইটাৰে লোৱা হ'ল সিদিনা। টুপীৰ কথাটোকে বাৰে বাৰে মোৰ মনলৈ আহি থাকিল। ভাবিয়ে ল'লোঁ - টুপীয়ে হয়। মনতে হাঁহি এটাও লাগি আছে টুপীৰ নামত তাইক টুপী দিয়াৰ কথাটোত ! ভাবিলোঁ মই ল'লে বান্দৰটুপী এটাকে লোৱা ভাল হয় নেকি! ষ্টাইলৰ কথাতকৈ নিৰাপত্তা বেছি জৰুৰী। এনেতে টুপীৰ দোকান এখনৰ কাষ পালোঁগৈ। বিধে বিধে টুপী সজায় থোৱা আছে, মই ঠিক টাৰ্ণিং ল'ব খোজোঁতেই নাকীলগোৱা গৰুটোক নাকীত ধৰি টানি অনাদি আনি দি তাই ক'লে, মানে ঠাণ্ডাদিনত তাইৰ জৰুৰী বস্তুটো টুপী নাছিল। পটকৈ ভাবিলোঁ - হাতমোজা! হ'লেই হ'ল, হাতমোজাৰ ৰঙৰ কথা নাই। অৱশ্যে ৰঙা টাইপৰ এযোৰ চাব লাগিব বুলি মনতে ভাবি ল'লোঁ। খোজত খোজ মিলাই গৈ আছোঁ গৈ আছোঁ। মনৰ ভিতৰত বস্তুবোৰ সলনি কৰি গৈ আছোঁ। গৈ গৈ দোকান এখনৰ কাষত ৰৈ তাই ক'লে, : ব'ল ইয়াত পাম। মইতো অবাক! তাইৰ পিছতে দোকানত সোমায় যাওঁতে মই ঠিক চিন্তা কৰি উলিয়াব পৰা নাই যে ঠাণ্ডাকালি জৰুৰী বস্তু ৰমেশ হাৰ্ডৱেৰত কি পায়! তাইৰ পিছতে ৰৈ আছোঁ, তেনেতে তাই ক'লে, মোৰ এনে লাগিল, কাণ দুখনৰ পৰা যেন চিমণি এটাৰ দৰে ধোঁৱাহে ওলাইছে! একোবত ভাবিলোঁ দোকানখনৰ পৰা ওলাই যাওঁ! তেনেতে তাই মোৰ কাষলে আহি ফুচফুচাই ক'লে, : এলুমিনিয়ামৰটোৱে বৰ চাউণ্ড দিয়ে, হয় নাই ক...! মই খৰধৰকৈ ক'লোঁ, : এটা ল। মই বাহিৰতে ৰৈছোঁ।
web
8c9a607cfd1a954153e94d9decebce4bf2e7159e
নিউজ ডেস্কঃ নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল। অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দাখিল কৰিলে প্ৰতিবেদন। উল্লেখ্য যে নগাঁও এনকাউণ্টাৰৰ ঘটনা শুদ্ধ নাছিল। আৰক্ষীৰ ভুল আছিল এনকাউণ্টাৰত। চৰকাৰে গঠন কৰি দিয়া তদন্তৰ প্ৰতিবেদনত উন্মোচিত এই কথা। ইফালে তদন্তৰ প্ৰতিবেদনৰ পাছতেই নগাঁৱৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাৰকটিক স্কোৱাড ভংগৰ নির্দেশ। লগতে অধীক্ষক মিশ্ৰ আৰু প্ৰদীপ বণিয়াৰ বাহিৰে স্কোৱাডৰ সকলো সদস্যক অন্য জিলালৈ বদলিৰ নিৰ্দেশ। গুৰুত্বপূৰ্ণ কথা এই যে ,এনকাউণ্টাৰত মূল অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক নিলম্বনৰ নির্দেশ। তাৎপৰ্যপূৰ্ণ কথা এই যে ,ৰোগীয়া মাতৃৰ ঔষধ আনিবলৈ যাওঁতেই সু- ভৰিত গুলিবিদ্ধ হৈছিল কীৰ্তি কমল বৰা। বৰ্তমানো গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে ভৰ্তি হৈ আছে গুলিবিদ্ধ ছাত্ৰ নেতা গৰাকী। গুৰুত্বপূৰ্ণ কথা এই যে ,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছিল পৱন বৰঠাকুৰ কমিটীক। কিন্তু ১৭দিন উকলি যোৱাৰ পাছতো প্ৰতিবেদন ৰাজহুৱা নকৰাত মঙলবাৰে দিনৰ ভাগত বিধায়ক অখিল গগৈয়ে শিৱসাগৰত সংবাদমেল যোগে ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাইছিল। বিধায়ক গগৈৰ সংবাদমেলৰ পাছতে ৰাজ্য চৰকাৰে ঘটনাৰ চৰকাৰী তদন্ত ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল।
web
a4655d2f6b59c0003378cbb6ed1eb822d204905f
ডিজিটেল ডেস্কঃ অসমৰ পৰা ৰামেশ্বৰ তেলীয়ে কেন্দ্রীয় মন্ত্রীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। জানিব পৰা মতে ৰামেশ্বৰ তেলীলৈ প্ৰধানমন্ত্রী কাৰ্যালয়ৰ পৰা ফোনযোগে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্রী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ জনোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তেলীক আজি বিয়লি ৪. ৩০ বজাত নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে। প্ৰধানমন্ত্রী কাৰ্যালয়ৰপৰা অহা এই ফোনে এতিয়া ৰামেশ্বৰ তেলীৰ কেন্দ্ৰীয় মন্ত্রীসভাত স্থান লাভৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।
web
c5a052f3394e9fd9f8b615fe06c152d8e7f36904
ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আহিছে আন এক দুখৰ খবৰ। বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। গুৱাহাটীৰ মালিগাওঁ নিবাসী মৌচুমী শইকীয়াৰ কালি ৰাতি হঠাৎ পেটৰ বিষ অনুভৱ কৰাত ততাতৈয়াকৈ তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও কিছুসময়ৰ পিছতেই তেওঁৰ মৃত্যু হয়। বিহুৰ গুৰু, বিহু সম্ৰাজ্ঞী তথা লোকনৃত্য শিল্পী মৌচুমী শইকীয়াৰ মৃত্যুত সমগ্ৰ মালিগাওঁৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হোৱা মৌচুমী শইকীয়াই ২০০১ চনত ঐতিহাসিক লতাশিল বিহু সন্মিলনীত বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰাৰ লগতে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ পৰা বিহু গুৰু উপাধি লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ বিভিন্ন জাতি জনগোষ্ঠীয় লোকনৃত্যৰ শিল্পী আছিল। তেওঁ বিহু গুৰু ড০ প্ৰসন্ন গগৈৰ সহধৰ্মিনী আছিল। মৌচুমী শইকীয়াৰ মৃত্যুত বিহু শিল্পী সংস্থা অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।
web
a373b1e98711baf11283c067f36c4cc4fa048e20
শক্তিপীঠ কামাখ্যাত বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰা আহি উপস্থিত হৈছে। বুধবাৰে অসমলৈ আহি অভিনেতাজনে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে আৰু মাৰ শ্ৰীচৰণত বিশেষ পূজা অৰ্চনা আগবঢ়ায়। অভিনেতা সঞ্জয় মিশ্ৰাই জনসাধাৰণ তথা সংবাদ মাধ্যমৰ পৰা আঁতৰত অৱস্থান গ্ৰহণেৰে মা কামাখ্যাৰ দৰ্শন কৰে। উল্লেখ্য যে, সঞ্জয় মিশ্ৰাই নিজৰ অভিনয়ৰ জৰিয়তে বিগত দুটা দশকতকৈও অধিক সময় দৰ্শকক আমোদ দি আহিছে। বহুকেইখন জনপ্ৰিয় ছবিৰে আজিও বলিউডত নিজৰ দপদপনি অব্যাহত ৰাখিছে অভিনেতাজনে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
d8811bca8b45b530c5ef53fa385c51e8
সুৰক্ষিত মাতৃত্বঃ - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / সুৰক্ষিত মাতৃত্বঃ\nগৰ্ভৱতী মহিলাগৰাকীৰ সুস্বাস্থ্য তথা শিশুটিৰ সুৰক্ষিত প্ৰসৱৰ উদ্দেশ্যে চৰকাৰে লোৱা কিছু ব্যৱস্থাৰ আলোচনা কৰা হৈছে\nগৰ্ভৱতী মহিলাগৰাকীৰ সুস্বাস্থ্য তথা শিশুটিৰ সুৰক্ষিত প্ৰসৱৰ উদ্দেশ্যে চৰকাৰে লোৱা কিছু ব্যৱস্থা\nএই ব্যৱস্থাৰ জৰিয়তে-\nজননী সুৰক্ষা যোজনাৰ অধীনত গাঁও অঞ্চলৰ পাবলগীয়া ১৪০০/- টকাৰ কুপন প্ৰদান কৰা হব।\nপ্ৰসুতি মাতৃ আৰু নৱজাতকৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে জননী শিশু সুৰক্ষা কাৰ্যসূচী।\nঅসম বিকাশ যোজনাৰ অন্তৰ্গত মা-মণিৰ জৰিয়তে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ ১০০০/- টকাকৈ দুটা কিস্তিত প্ৰদান কৰা হ'ব।\nপ্ৰসৱপূৰ্বক স্বাস্থ্যপৰীক্ষাৰ সময়ত উপ স্বাস্থ্য কেন্দ্ৰ বা গাঁও স্বাস্থ্য আৰু পুষ্টিদিনত এ.এন.এম.ৰ পৰা মা-মণিৰ চেক লাভ কৰিব।\nতৎকালীন সময়ত গৰ্ভৱতী মহিলাগৰাকীক ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।\nএই সুবিধাৱলী লাভ কৰিবলৈ হ'লে-\nপ্ৰথমে, গৰ্ভাৱস্থা নিশ্চিতকৰণৰ পাছত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰাওঁক।\nদ্বিতীয়তে, ওচৰৰ যিকোনো বেংকত মহিলাগৰাকীৰ নামত এটা একাউণ্ট খুলি লওঁক যাতে উদগণিমূলক মাননিসমূহ পোৱাত সহজ হয়।\nমহিলাৰ স্বাস্থ্য সম্বন্ধে জানিবলগীয়া কিছু কথাঃ\nগৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক।\nপৰিষ্কাৰ পৰিৱেশ আৰু স্বাস্থ্যকেন্দ্ৰতহে মহিলাগৰাকীৰ পৰীক্ষা কৰাওক।\nপতি-পত্নীয়ে বিচাৰিলেহে গৰ্ভধাৰণৰ কথা চিন্তা কৰক। মাক আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি পৰিয়ালৰ প্ৰত্যেকে যত্ন লওঁক। তেতিয়াহে মাতৃ-সন্তান সুস্বাস্থ্যৰ অধিকাৰী হ'ব। এয়া সম্ভৱ হ'ব তেতিয়াহে-\nযেতিয়া গাঁৱত সকলোৱে এই বিষয়ে জানিব।\nযেতিয়া প্ৰত্যেক দম্পতিয়ে নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী পৰিয়াল কল্যাণ সেৱা গ্ৰহণ কৰিব।\nএই সন্দৰ্ভত পুৰুষ সকলেও নিজৰ দায়িত্ব উপলব্ধি কৰি পত্নীসকলক গৰ্ভাৱস্থাত ল'বলগীয়া স্বাস্থ্য যতনত সহযোগ কৰক আৰু এই প্ৰক্ৰিয়াৰে প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ সেৱাৰ সুফল গাঁৱৰ প্ৰতিটো পৰিয়ালেই উপভোগ কৰক।\nপ্ৰজনন আৰু শিশু স্বাস্থ্যৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ কথাঃ\nমহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ দিনৰ সঠিক হিচাপ ৰাখিব লাগে।\nগৰ্ভধাৰণ চিনাক্তকৰণ নিম্নলিখিত লক্ষণসমূহৰ দ্বাৰা কৰা হয়-\n- মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা।\n- বমি হোৱা, বিশেষকৈ ৰাতিপুৱা সময়ত (সকলো মহিলাৰ নহয়)।\n- স্তনৰ আকাৰ ডাঙৰ হোৱা।\n- পেটৰ আকাৰ ডাঙৰ হোৱা।\nইয়াৰোপৰি প্ৰস্ৰাৱ পৰীক্ষা কৰিও গৰ্ভধাৰণ নিৰ্ণয় কৰিব পাৰি।\nগৰ্ভধাৰণৰ লগে লগেই স্বাস্থ্যকেন্দ্ৰত নাম পঞ্জীয়ন কৰাই নিয়মিত পৰীক্ষা কৰাওক।\nগৰ্ভৱতী অৱস্থাত নিয়মিতভাৱে পুষ্টিকৰ আহাৰ খোৱাটো নিশ্চিত কৰক, যাতে নিজৰ আৰু গৰ্ভত থকা সন্তানটোৰ আৱশ্যকীয় পুষ্টিসাধন হয়।\nটিটেনাছ বেজী লওক আৰু আইৰণ ফলিক এচিডৰ এটাকৈ বড়ি ১০০ দিনলৈকে খাওক। তেজ কম থকা সকলে দিনে দুটাকৈ বড়ি ১০০ দিনলৈ খাওক।\nপৰিপুষ্টি আৰু প্ৰসৱৰ বিষয়ে স্বাস্থ্য কৰ্মীৰ পৰা পৰামৰ্শ লওক।\nগৰ্ভৱতী মহিলাসকলে প্ৰয়োজনতকৈ অধিক শ্ৰম কৰিব নালাগে আৰু গধুৰ বস্তু দাঙিব নালাগে। পৰ্যাপ্ত আৰাম কৰক আৰু খোজ কঢ়া বা তেনেধৰণৰ সাধাৰণ কাম-কাজ কৰক।\nগৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা সন্তান প্ৰসৱৰ সময়লৈকে মহিলাগৰাকীৰ ওজন ১০-১২ কেজি বাঢ়িব লাগে।\nপ্ৰতিবাৰ প্ৰসৱপূৰ্বক পৰীক্ষাৰ সময়ত ওজন, হিম'গ্লবিন পৰীক্ষা আৰু ৰক্তচাপ নিয়মীয়াকৈ চাওঁক। যদি ওজন কম বা বেছি হয় তেন্তে ডাক্তৰৰ পৰামৰ্য ল'ব লাগে।\nগৰ্ভাৱস্থাত জটিলতা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱস্থা ল'ব লাগে।\nমাক আৰু সন্তানৰ স্বাস্থ্যৰ বাবে কেতিয়া আহিব পাৰেঃ\nমহিলাগৰাকীৰ বয়স ১৮ বছৰৰ কম বা ৩৫ বছৰৰ বেছি হ'লে।\nমহিলাগৰাকীৰ উচ্চতা ৫ ফুটতকৈ কম হ'লে (১৪৫ ছেঃমিঃ)।\nমহিলাগৰাকীৰ ওজন ৩৮ কিঃ গ্ৰাঃ তকৈ কম হ'লে।\nআগৰটো মৃত সন্তান জন্ম হোৱা বা আগতে গৰ্ভপাত হোৱা।\nচাৰিটাতকৈ অধিক সন্তান হ'লে।\nআগৰটো প্ৰসৱ কষ্টেৰে বা অপাৰেশ্যনৰ দ্বাৰা কৰা হ'লে।\nআগতে দুই কে.জি. তকৈ কম ওজনৰ সন্তান বা সময়তকৈ আগতে সন্তান জন্ম হোৱা।\nশেহতীয়া সন্তানটোৰ বয়স যদি ২ বছৰতকৈ কম হয়।\nগৰ্ভাৱস্থাত যদি হৃদৰোগ, মধুমেহ আদি ৰোগত আক্ৰান্ত হয়।\nপ্ৰথম দুই-তিনি মাহত তলপেটৰ বিষ বা লগতে ৰক্তস্ৰাৱ।\nগৰ্ভাৱস্থাৰ শেষৰ ফালে বিষ নোহোৱাকৈ ৰক্তস্ৰাৱ হ'লে।\nমূৰ ঘূৰণি/চকুৰে জলক-তবক দেখা।\nঅতিপাত জ্বৰ হোৱা।\nঅন্য উপসৰ্গ দেখা দিলে।\nএনে বিপদজনক অৱস্থাত চিকিৎসকৰ পৰামৰ্শৰ অতি প্ৰয়োজন আৰু ওচৰৰ চিকিৎসালয়ত চিকিৎসকৰ দ্বাৰা বা অৰ্হতাসম্পন্ন স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰাব লাগে। গৰ্ভাৱস্থাৰ সময়ছোৱাত দেখা দিয়া বিপদজনক সংকেতসমূহৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু ওচৰৰ সুব্যৱস্থা থকা চিকিৎসালয়লৈ নিয়া উচিত।\nসুৰক্ষিত প্ৰসৱৰ বাবে নিম্নলিখিত সাৱধানতাসমূহ পালন কৰা আৱশ্যকঃ\n- প্ৰসৱ কোনো সু-ব্যৱস্থা থকা স্বাস্থ্য কেন্দ্ৰত কৰাওক।\n- সন্তান জন্ম হোৱাৰ লগে লগেই, অৰ্থাৎ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰতে স্তনপান কৰাওক।\n- পিচৰ সন্তানৰ বাবে উচিত ব্যৱধান (অতি কমেও তিনি বছৰ) ৰাখিবৰ বাবে পৰিয়াল পৰিকল্পনাৰ কোনো উপায় গ্ৰহণ কৰক।\nআপোনাৰ যদি মাহেকীয়া ঋতুস্ৰাৱ হোৱা নাই বা গৰ্ভধাৰণ কৰিছে বুলি সন্দেহ আছে তেন্তে তৎক্ষাণাত ওচৰৰ আশা কৰ্মী গৰাকীক লগ ধৰক।\nযদি আপুনি গৰ্ভৱতী তেন্তে সন্তান জন্মৰ আগৰ, প্ৰসৱৰ সময়ত, প্ৰসৱৰ পিছত ল'বলগীয়া সকলো সেৱাৰ সবিশেষ আশাকৰ্মী গৰাকীয়ে আপোনাক জনাব।\nগৰ্ভৱতী মহিলা তথা শিশুৰ পঞ্জীয়ন, টীকাকৰণ, বিপদকালীন সময়ত বিনামূলীয়াকৈ বাহনৰ দ্বাৰা স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ আদি সকলো সময়তে আশা কৰ্মীগৰাকী আপোনাৰ লগত থাকিব।\nগৰ্ভৱস্থাৰ সময়ত ল'বলগীয়া যতনঃ\nপৰিয়ালে নিশ্চিত কৰিব-\nগৰ্ভাৱস্থাৰ সময়ত যাতে মহিলাগৰাকীয়ে যথেষ্ট পৰিমাণে পুষ্টিকৰ আহাৰ খায় আৰু এইছোৱা সময়ত যাতে তেওঁ ব্ৰত পালন নকৰে।\nগৰ্ভাৱস্থাৰ সময়ত সুৰা আৰু ধূমপান কৰা অনুচিত।\nচিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ সেৱন কৰা উচিত।\nএগৰাকী গৰ্ভৱতী মহিলাই দিনৰ ভাগত কমেও দুঘণ্টাকৈ বিছনাত শুই জিৰণি ল'ব।\nঘৰুৱা কাম-কাজৰ মাজে মাজে দিনৰ ভাগত অলপ সময়ৰ বাবে জিৰণি লোৱা আৱশ্যক।\nজিৰণি লওঁতে কাটি হৈ শুব।\nগৰ্ভৱতী মহিলাগৰাকীয়ে যাতে ঘৰত কষ্টকৰ কাম কৰিবলগীয়া নহয়।\nঘৰুৱা কাম-কাজত যাতে পৰিয়ালৰ লোকসকলে তেওঁক সহায় কৰে।\nগৰ্ভৱতী মহিলাৰ আহাৰঃ\nএকোগৰাকী গৰ্ভৱতী মহিলাই অধিক পৰিমাণে আহাৰ খোৱা দৰকাৰ, কিন্তু এবাৰতে বেছিকৈ খাব নালাগে। কম কমকৈ ঘনাই খোৱা উচিত।\nভাত, ৰুটি আদিৰ লগতে সেউজীয়া শাক-পাচলি, ফল-মূল, ডাইল, কণী, চয়াবিন, মাছ-মাংস, গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য তেওঁ খোৱা উচিত।\nতেওঁ কেৱল আয়োডিনযুক্ত নিমখহে খোৱা উচিত।\nআয়োডনযুক্ত নিমখ খালে গৰ্ভপাত হোৱা, মৃত সন্তান প্ৰসৱ কৰা, নিৰ্দিষ্ট সময়ৰ আগতে প্ৰসৱ হোৱা আদি ঘটনা নঘটে।\nনিমখ বা নিমখীয়া বস্তু কমকৈ খাব লাগে। অধিকমাত্ৰাত নিমখ খালে ৰক্তচাপ বঢ়া, ভৰি ফুলা আদি হ'ব।\nসঠিক মাত্ৰাত খোৱা-বোৱা কৰিলে গৰ্ভাৱস্থাৰ সময়ত প্ৰয়োজনীয় দৈহিক ওজন লাভ কৰিব পাৰি। ইয়াৰ ফলত গৰ্ভস্থ সন্তানটিৰো ওজন বৃদ্ধি পায়।\nগৰ্ভাৱস্থাত আৱশ্যকীয় ঔষধঃ\nগৰ্ভাৱস্থাত হোৱা ৰক্তাল্পতাৰ ফলত নিৰ্দিষ্ট সময়তকৈ আগতেই প্ৰসৱ হ'ব পাৰে। তদুপৰি মৃত শিশু বা কম ওজনৰ শিশু জন্ম হ'ব পাৰে।\nঅত্যধিক ৰক্তাল্পতাৰ ফলত সংকটজনক অৱস্থাটো পৰিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ মতে আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে।\nগৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা ৩ মাহলৈ ফলিক এচিডৰ টেবলেট (৫ মিলিগ্ৰাম) দিনে এটাকৈ চিকিৎসক/এ.এন.এম.ৰ পৰামৰ্শ মতে খাব লাগে। ফলিক এচিডে ভ্ৰূণৰ বিকাশত সহায় কৰে আৰু শৰীৰত তেজ বঢ়ায়।\nগৰ্ভাৱস্থাৰ তিনি মাহৰ পিছৰ পৰা দিনে এটাকৈ আইৰণ ফলিক এচিড (আই.এফ.এ.) টেবলেট খাব লাগে। অতি কমেও ১০০ টা আইৰণ টেবলেট খোৱা উচিত। তেজ কম থকা বা ৰক্তাল্পতাত ভোগা মহিলাসকলে দিনে দুটাকৈ অতি কমেও ১০০ দিনলৈ আইৰণ টেবলেট খোৱা উচিত। প্ৰসৱৰ পিছৰ ৩-৪ মাহলৈও এই টেবলেট খাই থাকিব পাৰিলে ভাল হয়।\nকেলচিয়ামঃ আইৰণ আৰু ফলিক এচিডৰ উপৰিও গৰ্ভাৱস্থাৰ সময়ত কেলচিয়াম টেবলেটও খাব লাগে। গৰ্ভাৱস্থাৰ তিনি মাহৰ পৰা প্ৰসৱৰ পিছত কেঁচুৱাক গাখীৰ খুৱাই থকালৈকে এটাকৈ দিনে কেলচিয়াম টেবলেট খাব লাগে।\nৰক্তাল্পতাৰ লক্ষণসমূহ হৈছে-\nভাগৰুৱা অনুভৱ কৰা।\nঘৰুৱা কাম-কাজ কৰোতে উশাহ ল'বলৈ কষ্ট পোৱা।\nবুকু ঢপ্ ঢপোৱা।\nহাৰ-ভৰিৰ তলুৱা আৰু আঙুলিৰ মূৰত বেজীৰে খোচা-বিন্ধা কৰা যেন পোৱা।\nমূৰ কামোৰণি, চকুৰে কম দেখা, মূৰঘূৰণি আৰু গা ৰাই জাই কৰা।\nচকু, চকুৰ পতাৰ ভিতৰফাল আৰু নখ শেতা পৰা।\nগৰ্ভৱতী মহিলাগৰাকীয়ে কমেও চাৰিবাৰ প্ৰসৱপূৰ্বক পৰীক্ষা কৰাওক। প্ৰতিবাৰে পৰামৰ্শ ল'বলৈ আহোতে ৰক্তচাপ পৰীক্ষা কৰাব।\nৰক্তচাপ পৰীক্ষা কৰোৱাটো আৱশ্যক-\nউচ্চ ৰক্তচাপ শিশু আৰু মাতৃ উভয়ৰে বিপদৰ কাৰণ হ'ব পাৰে।\nৰক্তচাপ ১৩০-৮০ৰ অধিক হলে চিকিৎসকৰ পৰামৰ্শ ল'ব।\nপ্ৰতিবাৰ পৰামৰ্শৰ বাবে আহোতে গৰ্ভৱতী মহিলাগৰাকীয়ে ওজন পৰীক্ষা কৰাব।\nগৰ্ভাৱস্থাৰ সময়ছোৱাত ওজন ১০-১২ কেজিমান বৃদ্ধি পোৱা দৰকাৰ। শেষৰ ছয়মাহত মাহে কমেও ২ কেজিকৈ বৃদ্ধি হোৱা দৰকাৰ।\nওজন লোৱাটো প্ৰয়োজনীয়-\nওজন কমকৈ বাঢ়িলে জন্মৰ সময়ত শিশুটিৰ আকৃতি সৰু হ'ব পাৰে। ফলত শিশুটিৰ বৃদ্ধি কমকৈ হোৱাৰ উপৰি স্বাস্থ্যও ভালে নাথাকিব পাৰে। শিশুটিৰ ওজন ২.৫ কেজিতকৈ কম হ'লে ৰুগীয়া হোৱাৰ সম্ভাৱনা থকাৰ লগতে এনে শিশুবোৰৰ মৃত্যুৰ হাৰো অধিক হয়।\nটি টি (টিটেনাছ টক্সাইড) ইঞ্জেকশ্বনঃ\nগৰ্ভৱতী মহিলা এগৰাকীয়ে টি টি ইঞ্জেকশ্বন লোৱা উচিত।\nগৰ্ভাৱস্থাৰ প্ৰথম ৪-৫ মাহৰ ভিতৰত প্ৰথমটো টি টি ইঞ্জেকশ্বন অৰ্থাৎ ধনুষ্টংকাৰ প্ৰতিৰোধী বেজী ল'ব লাগিব। দ্বিতীয়টো ইঞ্জেকশ্বন ল'ব লাগিব ইয়াৰ এমাহৰ পাছত।\nমহিলাগৰাকীয়ে যদি শেহতীয়া সন্তান জন্মৰ তিনি বছৰতকৈ কম সময়ৰ পূৰ্বে গৰ্ভধাৰণ কৰিছিল আৰু সেই সময়ত যদি তেওঁ টি টি ইঞ্জেকশ্বন লৈছিল তেন্তে তেওঁ এটা টি টি ইঞ্জেকশ্বন ল'লেই হ'ব।\nকোনো কাৰণত টি টি ইঞ্জেকশ্বন যথা সময়ত লোৱা নহ'লে প্ৰসৱৰ এমাহ পূৰ্বে এই ইঞ্জেকশ্বন লোৱা পৰ্ব শেষ কৰা উচিত।\nগৰ্ভাৱস্থাৰ সময়ত টি টি ইঞ্জেকশ্বনে মাক আৰু শিশু উভয়কে টিটেনাছৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰে।\nগৰ্ভৱতী মহিলাই কৰিবলগীয়া কামঃ\nযিহেতু আপুনিয়েই গৰ্ভস্থ সন্তানটিৰ বাবে প্ৰয়োজনীয় সকলো পৰিপুষ্টিৰ উৎস, সেয়ে আপুনি পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কম পৰিমাণত আৰু সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।\nআপোনাৰ দৈনিৰ আহাৰৰ তালিকাত গাখীৰ আৰু গাখীৰজাতীয় বস্তু, সেউজীয়া শাক-পাচলি, ডাইল আৰু মাহজাতীয় খাদ্য, ফল-মূল, কণী, মাছ আৰু মাংস অন্তৰ্ভূক্ত কৰক।\nপৰাপক্ষত গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহলৈকে কোনো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে।\nকেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে ঔষধ সেৱন কৰিব।\nগৰ্ভৱতী মহিলাই কি কৰা অনুচিতঃ\nআহাৰঃ তেলত ভজা, নিমখীয়া, মছলাযুক্ত আৰু অত্যধিক মিঠা আহাৰ পৰিত্যাগ কৰিব। বাহিৰত খোৱা-বোৱা নকৰিব, মাদক দ্ৰব্য, ধূমপান আৰু আন নিচাযুক্ত ঔষধ ব্যৱহাৰ নকৰিব।\nভ্ৰমণঃ গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত আৰু প্ৰসৱৰ পূৰ্বৰ তিনিমাহত কষ্টকৰ ভ্ৰমণ, দুচকীয়া-তিনিচকীয়া বাহনত ভ্ৰমণ নকৰিব।\nঔষধঃ নিজে নিজে ফাৰ্মাচীৰ পৰা ঔষধ কিনি নাখাব\nআপোনাৰ গৰ্ভস্থ সন্তানটিৰ যদি সঞ্চালন অনুভৱ নকৰে, তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক। শাৰীৰিক কষ্ট বা মানসিক চাপ পৰা কোনো কাম নকৰিব। আপোনাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ হাততে পোৱাকৈ ৰাখক। কুহুমীয়া গৰম পানীৰে নিয়মীয়াকৈ গা ধুব, অত্যধিক গৰম বা অত্যধিক ঠাণ্ডা পানীৰে গা নুধুব। গা ধোৱা ঘৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব।\nএনে কৰা অনুচিত-\nহাউলি কাম নকৰিব।\nঢুকি নোপোৱা ঠাইত বস্তু নথব।\nনিজে নিজে ঔষধ কিনি নাখাব।\nগধুৰ বস্তু নাদাঙিব।\nগৰ্ভাৱস্থাত বিপদৰ লক্ষণঃ\nগৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত ৰক্তস্ৰাৱ হোৱা মহিলাক ততালিকে চিকিৎসালয়লৈ নিয়া আৱশ্যক।\nগৰ্ভাৱস্থাৰ সময়ত বা পাছত সাধাৰণভাৱে বা অত্যধিকভাৱে ৰক্তস্ৰাৱ হোৱাটো মাতৃ আৰু শিশু বা দুয়োৰে বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে।\nঅত্যধিক ৰক্তাল্পতাত ভোগা গৰ্ভৱতী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা আৱশ্যক।\nগৰ্ভাৱস্থাত ৰক্তাল্পতাত ভুগিলে প্ৰসৱৰ সময়ত হৃদযন্ত্ৰ বিকল হোৱা, নিৰ্দিষ্ট সময়ৰ আগতেই প্ৰসৱ বেদনা হোৱাৰ উপৰিও ৰোগৰ সংক্ৰমণ ঘটিবও পাৰে।\nঅত্যধিক ৰক্তাল্পতাত ভোগা মহিলাৰ চকুৰ পতা, নখ আৰু হাতৰ তলুৱা শেঁতা হৈ পৰে। অৱশ্যে এনে মহিলাই উশাহ-নিশাহ লওতে কষ্ট পোৱাৰ লগতে বুকু ঢপঢপনি হয়।\nগৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ এমাহৰ ভিতৰত অতিমাত্ৰা জ্বৰত ভোগাঃ\nগৰ্ভাৱস্থাৰ কালত বা প্ৰসৱৰ এমাহৰ ভিতৰত যদি মহিলাগৰাকীৰ অতিমাত্ৰা জ্বৰ হয় তেন্তে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব।\nঅতিমাত্ৰা জ্বৰ হোৱাতো মহিলাগৰাকীৰ দেহত কোনো ৰোগৰ সংক্ৰমণ হোৱাৰ লক্ষণ। গৰ্ভত বাঢ়ি অহা শিশুটি ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে।\nজ্বৰ কমাবলৈ মূৰত শীতল পটি দিয়া উচিত।\nমূৰ্চ্ছা যোৱা, চকুৰে জলক-তবক দেখা, মূৰ কামোৰণি, বমি আৰু ভৰি উখহাঃ\nগৰ্ভাৱস্থাৰ শেষৰ ফালে আৰু প্ৰসৱৰ সময়ত বা প্ৰসৱৰ ২-৩ দিনৰ ভিতৰত মহিলাগৰাকীৰ হাত-ভৰি অস্বাভাৱিকভাৱে জোকাৰণি খাই মূৰ্চ্ছা যোৱা, চকুৰে জলক-তবক দেখা, অত্যধিক মূৰ কামোৰণি হোৱা বা ভৰি ফুলা আদি লক্ষণে দেখা দিব পাৰে। এনেধৰণৰ লক্ষণসমূহে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক।\nএনে অৱস্থা হ'লে মাতৃ আৰু শিশু উভয়ৰে সংকটজনক অৱস্থা হ'ব পাৰে।\nপৰিয়ালে নিশ্চিত কৰিবঃ\nচকুৰে জলক-তবক দেখা, মূৰ কামোৰণি হোৱা আৰু ভৰি ফুলিবলৈ ধৰিলে বাঘিনী প্ৰসুতাৰ (এক্লেম'চিয়া) পূৰ্বাভাস হ'বও পাৰে আৰু গৰ্ভৱতীক চিকিৎসকৰ পৰামৰ্শ মতে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।\n১২ ঘণ্টাতকৈ অধিক সময় প্ৰসৱ বেদনাত ভুগিলে ততালিকে তেওঁক চিকিৎসালয়লৈ লৈ যাব।\nসময়মতে প্ৰসৱ নহ'লে শিশু আৰু মহিলা উভয়ৰে বিপদজনক অৱস্থা হ'ব পাৰে।\nপ্ৰসৱ বেদনা নোহোৱাকৈয়ে পানী যোৱাঃ\nপ্ৰসৱ বেদনা নোহোৱাকৈয়ে কোনো মহিলাৰ পানী গ'লে তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে।\nপানী গ'লে মহিলাগৰাকীৰ উপৰি শিশুটিৰো সংক্ৰমণ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে।\nমহিলাগৰাকীক ততালিকে চিকিৎসালয়লৈ নিয়া উচিত।\nগৰ্ভাৱস্থাত মনত ৰাখিবঃ\n৪ টা প্ৰসৱপূৰ্বক পৰীক্ষা সম্পূৰ্ণ কৰক।\n১০০ দিনলৈ আইৰণ টেবলেট খাওক।\nআইৰণযুক্ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। যেনে- ভাত, ৰুটি আদিৰ লগতে সেউজীয়া শাক-পাচলি, ফল-মূল, দাইল, কণী, চয়াবিন, মাছ, মাংস, গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য খোৱা উচিত।\nজননী শিশু সুৰক্ষা কাৰ্যসূচী (JSSK)ৰ সুবিধা সমূহঃ\nপ্ৰসৱৰ বাবে চিকিৎসালয়লৈ অহা প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া পঞ্জীয়ন, চিকিৎসাৰ খৰচ তথা প্ৰসৱকালীন আৰু প্ৰসৱোত্তৰ স্বাস্থ্য পৰীক্ষা।\nপ্ৰসূতিৰ বাবে কৰিবলগীয়া তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, চনোগ্ৰাফী, এক্স-ৰে আৰু চিটি স্কেন আদি পৰীক্ষা সমূহ বিনামূলীয়াকৈ কৰা হ'ব।\nসাধাৰণ প্ৰসৱ বা চিজাৰিয়ান অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ঔষধ তথা আন যিকোনো আনুষংগিক খৰচ সম্পূৰ্ণ ৰেহাই।\nচৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত বিনামূলীয়া পথ্য আৰু আহাৰ যোগান ধৰাৰ লগতে চিকিৎসালয়ৰ পৰা ছুটি লোৱাৰ সময়ত ৫০০ গ্ৰামৰ এপেকেট মাদাৰচ্ হৰ্লিক্সো দিয়া হ'ব।\nৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব।\nপ্ৰসৱৰ কাৰণে প্ৰসূতি মহিলাই ঘৰৰ পৰা চিকিৎসালয় তথা এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰেফাৰ কৰাৰ ক্ষেত্ৰত আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা লাভ কৰিব।\nনৱজাতকৰ জন্মৰ পৰা ৩০ দিনলৈকে চিকিৎসাৰ ক্ষেত্ৰতঃ\nজন্মৰ পৰা চিকিৎসাৰ বাবদ সকলো বিনামূলীয়া হ'ব।\nদৰব তথা যাৱতীয় সামগ্ৰীৰ বিনামূলীয়া যোগান।\nৰোগ নিৰ্ণয়ৰ বাবে কৰিবলগীয়া পৰীক্ষা সমূহ যেনে- তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, আল্ট্ৰাচাউণ্ড আদি বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা।\nৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষাৰ বাবদ কোনো খৰচ দিব নালাগে।\nচিকিৎসালয়ত পঞ্জীয়ন তথা বিছনাৰ মাচুল আদি সম্পূৰ্ণ বিনামূলীয়া হ'ব।\nপ্ৰসৱৰ ঠিক পাছৰে পৰাই নৱজাতকৰ যতন লোৱা আৱশ্যক।\nপ্ৰথম সাতদিন শিশুটিক গা নুধুৱাব।\nশিশুৰ গা, হাত-ভৰি, নিতম্ব আদি কুহুমীয়া পানীৰে মচি, লগতে শুকান কাপোৰেৰে মোহাৰি গোটেই গাটো শুকান আৰু গৰম কৰি ৰাখিব।\nপ্ৰতিবাৰ প্ৰস্ৰাৱ বা শৌচ কৰাৰ পিছত একেদৰে কুহুমীয়া পানীত টিওৱা তুলা বা কাপোৰেৰে মোহাৰি শুকান কৰি থ'ব।\nজন্মৰ ঠিক পাছৰে পৰাই স্তনপান কৰাব, পানী বা আন একো নুখুৱাব।\nশিশুটিৰ ওজন ২.৫ কেজিতকৈ কম হ'লে বিশেষ যতন ল'ব।\nঅসুস্থ লোকৰ পৰা শিশুটিক আঁতৰাই ৰাখিব।\nশিশুটিৰ দেহা গৰম কৰি ৰাখিব-\nজন্মৰ ঠিক পাছতেই কোমল চাফ কাপোৰ এখনেৰে শিশুটিৰ দেহটো মচি দিব।\nশিশুটিক কাপোৰেৰে কেইবাতৰপীয়াকৈ মেৰিয়াই ৰাখিব যাতে শিশুটিয়ে ঠাণ্ডা নাপায়।\nকোঠাটো গৰম হৈ থকাটো বাঞ্ছনীয়। কোঠাটোত বতাহ বলিবলৈ নিদিব। গৰ্ভাৱস্থাত উষ্ণ আৰু নিৰাপদ পৰিৱেশত থকা হেতুকে জন্মৰ পাছত শিশুটিক ঠাণ্ডা নলগাকৈ ৰখা দৰকাৰ।\nনিজৰ দেহাটো উষ্ণ কৰি ৰাখিবৰ বাবে নৱজাতক শিশু এটিৰ দেহত যথেষ্ট তাপৰ সৃষ্টি নহয়। সেয়েহে মাকৰ দেহৰ উমেৰে শিশুটিৰ দেহ উষ্ণ কৰি ৰাখিব লাগে।\nপ্ৰথম সাত দিনত শিশুটিক গা নুধুৱাব-\nজন্মৰ এসপ্তাহৰ পাছলৈকে শিশুটিক পানীত জুবুৰিয়াই গা নুধুৱাব। গা ধুৱালে শিশুটিৰ ঠাণ্ডা লাগিব, ফলত বিপদ ঘটিবও পাৰে।\nজন্মৰ ঠিক পাছৰে পৰা মাতৃদুগ্ধ খুৱাবলৈ আৰম্ভ কৰিব। পানী বা আন একো বস্তু নুখুৱাব।\nগৰ্ভফুল আঁতৰাৰ আগতেই শিশুটিক মাকৰ স্তনপান কৰাব। মাক আৰু শিশু উভয়ৰ বাবেই ই উপকাৰী।\nশিশুটিৰ ক্ষেত্ৰত হ'ব পৰা উপকাৰঃ\nস্তনৰ পৰা সোনকালে গাখীৰ ওলোৱাত ই সহায় কৰে।\nস্তনৰ পৰা প্ৰথম ওলোৱা গাখীৰে (কল'ষ্ট্ৰাম) শিশুটিক ৰোগৰ পৰা ৰক্ষা কৰে।\nমাতৃ আৰু শিশু উভয়ৰ মাজত গভীৰ আৰু স্নেহপূৰ্ণ, আৱেগিক সম্পৰ্ক গঢ়ি উঠে।\nমাতৃৰ ক্ষেত্ৰত হ'ব পৰা উপকাৰঃ\nগৰ্ভফুল ওলাই অহাত আৰু গৰ্ভাশয় সংকোচন হোৱাত সহায় কৰে।\nপ্ৰসৱৰ পাছত অত্যধিক ৰক্তস্ৰাৱ হোৱাৰ পৰা মাতৃগৰাকীক ৰক্ষা কৰে।\nশিশুক কেৱলমাত্ৰ মাতৃদুগ্ধ পান কৰাই থাকিলে মাতৃগৰাকীয়ে পুনৰ গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা কম হয়।\nস্তনপানৰ পৰা উপকৃত হ'বলৈ হ'লে শিশুটিক প্ৰকৃত অৱস্থানত ৰাখি ভালকৈ গাখীৰ খুওৱা দৰকাৰ।\nশিশুটিক এইদৰে প্ৰকৃত অৱস্থানত ৰাখিব পাৰি-\nশিশুটি কোলাত লৈ থাকোতে মূৰ আৰু তলফালেও ধৰি থাকিব, অকল মূৰ বা বাহুত ধৰি নাথাকিব।\nশিশুটিক গাৰ কাষ চপাই ল'ব।\nশিশুটিৰ মুখখন স্তনৰ ফালে আৰু নাকটো স্তনাবৃত্তৰ বিপৰীতে ৰাখিব।\nশিশুটিৰ মুখখন ভালদৰে মাকৰ স্তনত লগাব লাগে এনেকৈ-\nশিশুটিৰ থুতুৰিটোৱে মাকৰ স্তন স্পৰ্শ কৰিব লাগিব।\nতলৰ ওঠটো বাহিৰফালে ঘোৰ খাই থাকিব লাগিব।\nস্তনাবৃত্তৰ চাৰিওফালে থকা ক'লা অংশটোৰ সৰহ অংশ শিশুটিৰ মুখত সোমাব লাগিব।\nশিশুটিয়ে যেতিয়াই যিমান সময় ধৰি বিচাৰে স্তনপান কৰাব। দিন-ৰাতিয়ে কমেও ৮-১০ বাৰ শিশুটিক স্তনপান কৰাব।\nবেছিকৈ স্তনপান কৰালে গাখীৰ বেছিকৈ ওলায়। শিশুটিয়ে যিমান গাখীৰ খাব, গাখীৰৰ পৰিমাণো সিমানে বাঢ়িব।\nচেনিপানী, মৌ, গৰুৰ গাখীৰ, ছাগলীৰ গাখীৰ, পানী বা অন্যান্য জুলীয়া বস্তু বা অন্য খাদ্য শিশুটিক নুখুৱাব।\nআন খাদ্য বা জুলীয়া বস্তু খুৱালে শিশুটিৰ তলত দিয়া অপকাৰ হ'ব পাৰে-\nপানী বী আন জুলীয়া বস্তু খুৱাবলৈ ব্যৱহাৰ কৰা পাত্ৰৰ পৰা শিশুটিৰ দেহত জীৱাণু প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত শিশুটিৰ ডায়েৰীয়া হ'ব পাৰে।\nগৰু-ছাগলীৰ গাখীৰৰ পৰা শিশুটিয়ে যথেষ্ট পৰিমাণে আইৰণ নাপায়, ফলত শিশুটি ৰক্তহীনতাত ভুগিব পাৰে।\nশিশুটিৰ এলাৰ্জি হ'ব পাৰে।\nজন্তুৰ গাখীৰ শিশুটিয়ে হজম কৰিব নোৱাৰিব পাৰে, সেয়ে ইয়াৰ ফলত ডায়েৰীয়া, ৰঙাপৰা আদি ৰোগে দেখা দিব পাৰে। ডায়েৰীয়া দীৰ্ঘদিন ধৰি হ'বও পাৰে।\nশিশুটিৰ বাবে প্ৰয়োজনীয় পানী মাতৃদুগ্ধতে থাকে। আনকি গৰমকালিও শিশুটিক অতিৰিক্ত পানীৰ প্ৰয়োজন নহয়।\nজ্বৰ, কাহ, ছালৰ ৰোগ, ডায়েৰীয়া ইত্যাদিত আক্ৰান্ত হৈ থকা লোকৰ পৰা শিশুটিক আঁতৰতে ৰাখিব। এনে লোকক শিশুটিক স্পৰ্শ কৰিবলৈ নিদিব।\nমানুহৰ সমাগমৰ মাজলৈ শিশুটিক নিয়া অনুচিত।\nনৱজাতক শিশু এটি সহজেই ৰোগত আক্ৰান্ত হ'ব পাৰে।\nটীকাকৰণ সম্পূৰ্ণ নিৰাপদ।\nটীকা দিলে দেহত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি পায়।\nছয়টা মাৰাত্মক ৰোগৰ পৰা শিশুক টীকা দি ৰক্ষা কৰিব পাৰি।\nএই ৰোগকেইটাৰ ফলত বিকলাঙ্গ হোৱাৰ উপৰিও শিশুটিৰ মৃত্যু ঘটিব পাৰে।\nএই ৰোগকেইটা প্ৰতিৰোধ কৰিবৰ বাবে দিয়া টীকাসমূহ হৈছে-\nBCG : যক্ষ্মা\nOPV : পলিঅ'\nDPT : ডিপথেৰিয়া, হুপিং কাহ, টিটেনাছ\nসৰু আই : সৰু আই\n- ৯ মাহৰ পিছৰ পালিবোৰত ভিটামিন 'এ'ৰ বটলৰ লগত অহা চামুচেৰে ১ চামুচ (২ মিঃ লিঃ)হে খুৱাব লাগিব।\n- ঠিক একেদৰে ৫ বছৰ বয়সলৈ ৬ মাহৰ অন্তৰে অন্তৰে মুঠতে ৯ বাৰ ভিটামিন 'এ'ৰ খোৰাক খুৱাব লাগে।\n৫ বছৰ বয়সতঃ\n- ৫ বছৰ বয়সত ডি.পি.টি. ইঞ্জেকশ্বন দিয়াব লাগে।\n১০ বছৰ আৰু ১৬ বছৰ বয়সতঃ\n- টিটেনাছ বা ধনুষ্টংকাৰৰ প্ৰতিষেধক ইঞ্জেকশ্বন দিব লাগে।\nশিশুটিক ডেৰমাহ, আঢ়ৈমাহ, চাৰে তিনিমাহ আৰু ন মাহ বয়সত টীকা দিবৰ বাবে উপস্বাস্থ্যকেন্দ্ৰ/অংগনবাদী কেন্দ্ৰ (AWC)লৈ যাব।\nটীকাকৰণ আৰু ভিটামিন 'এ'\n০-১২ মাহ (০-১বছৰ)\n০-১২ মাহৰ ভিতৰত বিচিজি, হেপাটাইটিছ 'বি', অ'পিভি, ডি.পি.টি. আৰু ৯ মাহ বয়সত সৰু আইৰ টীকা দিব। ৯ মাহ বয়সত সৰু আইৰ টীকাৰ লগতে প্ৰথমবাৰৰ বাবে ভিটামিন 'এ' খুৱাব।\nপ্ৰথম পালিত ১ মিঃ লিঃ (১ লাখ আই.ইউ.) অৰ্থাৎ ভিটামিন 'এ'ৰ বটলৰ লগত অহা চামুচৰ আধা চামুচহে খুৱাব লাগিব।\n১৬-২৪ মাহ (১ বছৰ ৪ মাহৰ পৰা)\n১৬ মাহ (১ বছৰ ৪ মাহ) বয়সত ডি.পি.টি. আৰু পলিঅ'ৰ টীকা দিয়াৰ উপৰি শিশুটিক স্বাস্থ্যকেন্দ্ৰ/অংগনবাদী কেন্দ্ৰলৈ (AWC) লৈ যাব লাগিব।\nটীকা দিয়াৰ পাছত শিশুটি অত্যধিক জ্বৰত আক্ৰান্ত হোৱা দেখিলে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।\nটীকা দিয়াৰ পাছত সাধাৰণভাৱে জ্বৰ, টীকা দিয়া স্থানত ৰঙা পৰা আদি হ'ব পাৰে। অৱশ্যে ইয়াৰ বাবে বিশেষ চিন্তা কৰাৰ দৰকাৰ নাই।\nপৰিয়াল পৰিকল্পনাৰ পদ্ধতি অৱলম্বন কৰকঃ\nসৰু পৰিয়াল সুখী পৰিয়াল। দুটা সন্তানৰ জন্মৰ ব্যৱধান অতি কমেও তিনি বছৰ হ'ব লাগে। দুটা সন্তানেই যথেষ্ট। ঘনাই আৰু অধিক সন্তান জন্ম দিলে মাক দুৰ্বল হয় আৰু ৰুগীয়া হৈ পৰে আনকি মাকৰ মৃত্যুও হ'ব পাৰে। সুখৰ সংসাৰ এখন গঢ়ি তুলিবলৈ পৰিয়াল পৰিকল্পনা অতিকে জৰুৰী। তাৰ বাবে পতি-পত্নী উভয়ে আলোচনা কৰি পৰিয়াল পৰিকল্পনাৰ যিকোনো এটা উপায় অৱলম্বন কৰিব লাগে। আজিকালি বিভিন্ন উপায় আছে যিয়ে শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে। পৰিয়াল কল্যাণ সম্বন্ধীয় উপদেশ তথা উপায় প্ৰতিটো উপ স্বাস্থ্যকেন্দ্ৰ/প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ/সামূহিক স্বাস্থ্যকেন্দ্ৰ/চিকিৎসালয়ত বিনামূলীয়াকৈ পোৱা যায়। তাৰোপৰি গাঁৱৰ আশাকৰ্মীৰ হাততো পৰিয়াল পৰিকল্পনাৰ সামগ্ৰী থাকে। এই সংক্ৰান্তত কিবা জানিব বিচাৰিলে আশা সকলেও সহায় কৰিব।\nপৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিসমূহঃ\nকণ্ড'ম (পুৰুষৰ বাবে)-\nএইটো এটা ৰবৰৰ পাতল মোনাৰ দৰে, যিটো পুৰুষে প্ৰয়োগ কৰে। যেতিয়ালৈকে সন্তান নিবিচাৰে তেতিয়ালৈকে ইয়াৰ ব্যৱহাৰ আৱশ্যক। প্ৰতিবাৰ সম্ভোগৰ সময়ত নতুন কণ্ড'ম ব্যৱহাৰ কৰিব লাগে। কণ্ড'মে এইডছৰ দৰে ঘাটক ৰোগৰ লগতে আন আন যৌন সংক্ৰমিত ৰোগৰ পৰাও ৰক্ষা কৰে।\nগৰ্ভনিৰোধক পিল (মহিলাৰ বাবে)-\nএইটো মহিলাসকলৰ বাবে সৰল উপায়। যেতিয়ালৈকে সন্তান নিবিচাৰে মহিলাসকলে এটাকৈ পিল (মালা ডি) ঋতুস্ৰাৱ হোৱাৰ পঞ্চম দিনৰ পৰা খাব লাগে। বেলেগ বেলেগ ধৰণৰ পিলো পোৱা যায় আৰু সেইবোৰৰ ব্যৱহাৰৰ পদ্ধতি বেলেগ বেলেগ। সেয়েহে গৰ্ভনিৰোধক পিল কেৱল ডাক্তৰ বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ উপদেশ অনুযায়ীহে গ্ৰহণ কৰিব। গাখীৰ খুৱাই থকা মাক বা ছমহীয়া সন্তান থকা মাকে এই পদ্ধতি নল'ব।\nঅসুৰক্ষিত যৌন ক্ৰিয়াৰ ফলত হ'ব পৰা গৰ্ভধাৰণ ৰোধ কৰিবলৈ ৭২ ঘণ্টাৰ ভিতৰত 'ইমাৰজেঞ্চি পিল' ১২ ঘণ্টাৰ মূৰে মূৰে দুটা পিল খাব লাগে।\nন' স্কেলপেল ভেচেক্টমী (কটা-চিঙা নকৰাকৈ পুৰুষৰ বন্ধ্যাকৰণ)-\nপুৰুষৰ বাবে অত্যাধুনিক জন্ম নিয়ন্ত্ৰণৰ স্থায়ী ব্যৱস্থা। এই পদ্ধতি গ্ৰহণকাৰীক ১,১০০/- টকাকৈ উদগণিমূলক মাননীও প্ৰদান কৰা হয়। সবিশেষ জানিবলৈ ওচৰৰ চৰকাৰী চিকিৎসালয়ত খবৰ কৰক।\nলেপাৰ'স্কপিক পদ্ধতিৰে মহিলাৰ স্থায়ী বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ-\nএই পদ্ধতি অতি সহজ আৰু ফলপ্ৰসূ।\nমাত্ৰ ১০-১৫ মিনিট সময়ৰ ভিতৰতে অস্ত্ৰোপচাৰ সম্পন্ন হয়।\nচিকিৎসালয়ত থকাৰ প্ৰয়োজন নহয়।\nবিভিন্ন চৰকাৰী চিকিৎসালয় আৰু প্ৰয়োজন সাপেক্ষে শিৱিৰ পাতিও এই সেৱা আগবঢ়োৱা হয়।\nএই পদ্ধতি উজু আৰু নিৰাপদ।\nএই পদ্ধতিৰ সেৱা সম্পূৰ্ণ বিনামূলীয়া বৰঞ্চ ৬০০/- টকাৰ উদগণিমূলক মাননীহে দিয়া হয়।\nমিনি লেপ পদ্ধতি (মহিলাৰ বাবে)-\nমিনি লেপ হৈছে মহিলাৰ বাবে পৰিয়াল পৰিকল্পনাৰ এক স্থায়ী পদ্ধতি। যিসকল মহিলা দুই বা ততোধিক সন্তানৰ মাতৃ, তেওঁলোকে এই পদ্ধতিৰে সহজতে বন্ধ্যাকৰণ কৰোৱাই ল'ব পাৰে। এগৰাকী মহিলাই চিকিৎসালয়ত সন্তান প্ৰসৱৰ ২-৩ দিনৰ ভিতৰতে এই পদ্ধতিৰে বন্ধ্যাকৰণ কৰোৱাই ল'ব পাৰে। এই পদ্ধতিৰে সন্তানটো অলপ ডাঙৰ হোৱাৰ পাছতো বন্ধ্যাকৰণ কৰাই ল'ব পাৰি। সাধাৰণতে দ্বিতীয়টো সন্তান প্ৰসৱৰ পিছতে পৰিয়াল পৰিকল্পনাৰ এই পদ্ধতি গ্ৰহণ কৰিব পাৰি।\nকপাৰ টি (মহিলাৰ বাবে)-\nপৰিয়াল পৰিকল্পনাৰ ই আন এবিধ পদ্ধতি। সাধাৰণতে অতি কমেও এটি শিশু থকা মাতৃয়ে পৰৱৰ্তী গৰ্ভাৱস্থালৈ কিছু অন্তৰ ৰখাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰিব পাৰে। সুৰক্ষিত মাতৃত্বৰ বাবে এই পদ্ধতি ১০ বছৰলৈ ব্যৱহাৰ কৰিব পাৰি। তাৰ মাজতে প্ৰয়োজন হ'লে কপাৰ টি আঁতৰাই আনিব পাৰি আৰু তেতিয়া মহিলাগৰাকী গৰ্ভধাৰণ কৰিব পৰা অৱস্থা পায়। ইয়াক পুনৰ সংস্থাপিতও কৰিব পাৰি।\nএই বিষয়ে জানিবৰ বাবে চৰকাৰী চিকিৎসানুষ্ঠানত যোগাযোগ কৰক।\n(উৎসঃ মা-মণি, গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, অসম)।
web
5afc40b4eff181b994abe672705391705f3855cf
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱা ধুমুহাৰ তাণ্ডৱ। ধুমুহাত প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আহিছে। ছিপাঝাৰত ধুমুহাৰ ফলত উভালি পৰিল প্ৰকাণ্ড গছ। বন্ধ হৈ পৰিছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। ছিপাঝাৰৰ বিজুলীবাৰীত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ ফলত বহু যান-বাহন আবদ্ধ হৈ পৰিবলগীয়া হয়। আনহাতে, ছিপাঝাৰৰ বিভিন্ন গাঁৱতো ধুমুহাই তচনচ কৰিলে ঘৰ-দুৱাৰ। ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুটা। যাৰ ফলত বহু পৰিয়ালৰ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
web
349b2bd776e0128c82b9d4ded8308c520adb95e6
সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত পঞ্চায়ত নিৰ্বাচনৰ ৰণ ডংকা বজাই কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ ক্ষুৰধাৰ সমালোচনা কৰে মুখ্য মন্ত্ৰীয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, এইবাৰ পঞ্চায়ত নিৰ্বাচনত গাঁৱে গাঁৱে বিজেপি বিকশিত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা বিজেপিয়ে আয়োজন কৰা এখন নিৰ্বাচনী সভাত শিৱসাগৰ জিলা পৰিষদ, গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী সকলৰ উপস্থিতিত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, "বৃহত্তৰ অসমীয়া জাতিটোৰ শক্তিশালী সমাজ গঠন কৰা চাওল্যুং চুকাফাৰ আদৰ্শৰে আমি বৃহত্তৰ অসমীয়া মহা জাতিৰ অন্তৰ্ভুক্ত সকলো সৰু বৰ জাতি- জনগোষ্ঠীক সমবিকাশ আৰু সম মৰ্যাদাৰে আগবাঢ়ি যাব লাগিব। বিজেপিয়ে সবকা চাথ, সবকা বিকাশৰ মন্ত্ৰ লৈ অসমৰ সকলো জিলাৰ জাতি-জনগোষ্ঠীৰ আৰু ধৰ্মাৱলম্বী লোকক সমমৰ্যাদা প্ৰদানেৰে পৃথিৱীৰ ভিতৰত অসমক এক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰিছে। সমাজত মূল্যবোধৰ নীতি আদৰ্শৰ বাবে সংকল্পবদ্ধ হোৱা বিজেপিক ভোটদান কৰি ৰাজ্যখনত সুস্থ আৰু নিকা পঞ্চায়তীৰাজ স্থাপন কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্য মন্ত্ৰী গৰাকীয়ে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬' গৃহীত হ'লে অসম বিদেশীৰ চৰণীয়া ভূমি হ'ব বুলি কোৱা দল সংগঠনক উভতি ধৰি তেওঁ কয়, গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা কৰাৰ বিপৰীতে যুক্তিহীন আন্দোলনক ঘৃণা কৰো। এই দল সংগঠন বিলাকে ৰাইজক বিপথে পৰিচালিত কৰিছে। বহু দল, সংগঠনে উগ্ৰপন্থী কাৰ্য্যকলাপক উদগনি দিছে। তেওঁ লোক অসমৰ শত্ৰু। উক্ত সভাত সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দেউৰী, বিজেপিৰ উপ সভানেত্ৰী সুৰভী ৰাজকুমাৰী, জিলা বিজেপি সভাপতি ভবেন্দ্ৰ নাথ মহন, অসম বেচা কিনা নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰা, মনোজ বৰুৱা, অসম বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা, প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, বিনীতা শইকীয়া, দীপিকা কাকতি দুৱৰী, অংকুৰ দত্ত, অমিয় কুমাৰ বৰা, ময়ুৰ বৰগোঁহইকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
web