text
stringlengths 0
188k
|
---|
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পৃথিৱীত থকা স্থাৱৰ-অস্থাৱৰ সকলো বস্তুৱেই ধনাত্মক আৰু ঋণাত্মক দুয়োটা গুণ সন্নিৱিষ্ট হৈ থাকে। ঠিক তেনেদৰেই বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰো ঋণাত্মক গুণ সমূহৰ লগতে বহুতো ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। প্ৰযুক্তিবিদ্যাৰ দিশত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা বহুতো নামী-দামী বৈজ্ঞানিক, নামী-দামী দেশ এই ক’ভিড-১৯ ৰ প্ৰতিষেধক সৃষ্টি কৰাৰ ক্ষেত্ৰত বিফল হৈৱা প্ৰতিফলিত হৈছে। কৃত্ৰিমভাৱে চন্দ্ৰ, সূৰ্য্য বনাবলৈ সক্ষম হোৱা দেশ সমূহেও ক’ভিড-১৯ ৰ আগত মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত গৃহবন্দী হোৱাৰ বাহিৰে নিজকে জীৱশ্ৰেষ্ঠ আখ্যা দিয়া মানুহৰ হাতত আন কোনো উপায়েই নাই। এক কথাত ক’বলৈ গ’লে নিজকে শ্ৰেষ্ঠ সজাবলৈ গৈ ডাঙৰতকৈ ডাঙৰ ঘৃণনীয় অপৰাধ সমূহ কৰা মানৱ কুলৰ তাণ্ডৱনৃত্যৰ পৰা কিছু জিৰণি লবৰ বাবে পৃথিৱী তথা প্ৰকৃতিয়ে এনে কালমূৰ্তি ধাৰণ কৰিছে। আজি কেওফালে নিমাত-নিতাল! নাই দুৰ্ঘটনা, নাই নাৰীৰ ওপৰত নিৰ্যাতনৰ কৰুণ দৃশ্য। মানুহৰ ন্যায়ৰ বাবে যিদৰে আদালতৰ ব্যৱস্থা কৰি লৈছে, ঠিক সেইদৰে প্ৰকৃতিয়ে নিজৰ আদালতত বিচাৰ কৰি নিজৰ ন্যায় কাঢ়ি লৈছে। |
এতিয়া আহোঁ মূল বিষয়ৰ মাজলৈ! ক’ভিড-১৯ ফলত আমাৰ যথেষ্ট সমস্যা হৈছে সেইটো ঠিক, কিন্তু ইয়াৰ যথেষ্টখিনি ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। সদাব্যস্ত মানৱকুল স্বাৰ্থৰ লোভত পৃথিৱী তথা প্ৰকৃতি সংৰক্ষণৰ কথা সম্পূৰ্ণৰূপে পাহৰি গৈছিল। উদাহৰণস্বৰূপে, টকাৰ বল দেখুৱাই ইখনৰ পিছত সিখনকৈ গাড়ী কিনি বায়ু প্ৰদূষণৰ পৰিমাণ দিনক দিনে যথেষ্ট পৰিমাণে বৃদ্ধি কৰি গৈ আছে। কিন্তু বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে লকডাউন। ৰাজপথ সমূহ সম্পূৰ্ণ খালী। যাৰ ফলস্বৰূপে প্ৰদূষণ হ্ৰাস হৈছে আৰু প্ৰমাণ বিজ্ঞানীসকলে কোৱা মতে অ’জন স্তৰত পোৱা গৈছে। অ’জন স্তৰত যি সৰু সৰু ফুটাৰ সৃষ্টি হৈছিল, সেইসমূহ বৰ্ত্তমান নাইকিয়া হৈছে বুলি বিজ্ঞানীসকলে জানিব দিছে। তাৰোপৰি, মানুহৰ মাজত প্ৰায় লুপ্তপ্ৰায় অৱস্থাত থকা মানৱীয়তা গুণখিনি এই সময়ত কিছু পৰিমাণ হ’লেও স্বতস্ফুৰ্ত হৈ উঠিছে। ধনী ব্যক্তি সকলে খাদ্য সামগ্ৰী নষ্ট কৰিবলৈ অলপো কুন্ঠাবোধ নকৰিছিল। কিন্তু বৰ্ত্তমান ? বৰ্ত্তমান পৰিস্থিতি তাৰ সম্পূৰ্ণ বিপৰীত। এতিয়া সকলোৱে নিয়াৰিকৈ চলিবলৈ শিকিছে। কেনেকৈ খাদ্য সামগ্ৰী বচাব লাগে, নষ্ট কৰিব নালাগে তেনেধৰণৰ বহুতো শিক্ষা স্বয়ংক্ৰিয়ভাবে গ্ৰহণ কৰিছে। তাৰোপৰি সময়ৰ লগতে খোজ মিলাবলৈ গৈ বাহিৰা খাদ্য, যেনে- চাউমিন, ফ্ৰইড ৰাইচ, ম’ম ইত্যাদি সেৱন কৰি থলোৱা খাদ্য, যেনে- কচু, ধেকীয়া, বন শাক ইত্যাদিক হেয় কৰি নিজকে আধুনিক সজাব যোৱা সকলেও সেই বস্তুবোৰৰ গুৰুত্ব বুজি উঠিছে। |
অৱশেষত পৃথিৱীৰ অতি সোনকালে পুনৰ আগৰ অৱস্থালৈ ঘূৰি অহাৰ লগতে এক সুস্থিৰ পৰিৱেশ গঢ় লৈ উঠিব বুলি আশা ৰাখিলো।<eot>A document repository where all types of the documents of the organization can be searched and located in the shortest possible time. |
আমাৰ সৱিশেষ |
আমাৰ বিষয়ে |
আমি কি কৰো |
ইতিহাস |
You can find information on Our Ministers, Key Officials, Our Vision,Mission and Functions and more details about our department here. |
যোগাযোগ কৰক |
সঘনাই সোধা প্ৰশ্ন |
মতামত জনাব |
অধিক |
অসম চুক্তি আৰু ইয়াৰ দফাসমূহ |
অসম চুক্তিৰ অন্তৰ্গত বিশেষ আঁচনিআৰু কাৰ্য্যকলাপসমূহ |
অসম আন্দোলনৰ শ্বহীদসকল |
অসম চুক্তি আৰু ইয়াৰ দফাসমূহ |
অসম চুক্তিৰ ৫ নম্বৰ দফাঃ বিদেশী নাগৰিক সংক্ৰান্তীয় বিষয় |
দফা ৬: সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা |
দফা ৭- অৰ্থনৈতিক বিকাশ |
দফা– ৮ |
দফা – ৯: আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা |
দফা – ১০- চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰা |
দফা – ১১ – বিদেশীসকলৰ দ্বাৰা স্থাৱৰ সম্পত্তিৰ অধিগ্ৰহণ সীমিত কৰা |
দফা – ১২ জন্ম-মৃত্যুৰ পঞ্জীয়ন |
দফা – ১৩ |
দফা – ১৪ |
দফা – ১৫ |
অসম চুক্তিৰ ৫ নম্বৰ দফাঃ বিদেশী নাগৰিক সংক্ৰান্তীয় বিষয় |
দফা |
৫.১ – বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ তথা বহিস্কাৰৰ বাবে ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰা হয়। |
৫.২ – ১৯৬৬ চনৰ পহিলা জানুৱাৰী তথা তাৰ পূৰ্বে অসমলৈ অহা আৰু ১৯৬৭ চনৰ নিৰ্বাচনত নাম অন্তৰ্ভুক্ত হোৱাসকলক নিয়মীয়াকৰণৰ সিদ্ধান্ত। |
৫.৩ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ পিছৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰবেশ কৰা লোকসকলক ১৯৪৬ চনৰ বিদেশী নাগৰিক আইন আৰু ১৯৬৪ চনৰ বিদেশী নাগৰিক সম্বন্ধীয় ন্যায়িক আদেশৰ জৰিয়তে চিনাক্ত কৰি বহিস্কাৰ কৰা। |
৫.৪ – বিদেশী নাগৰিকসকলক চিনাক্ত কৰি নিৰ্বাচন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে বহিস্কাৰ কৰা। তেনে নাগৰিকসকলক বিভিন্ন জিলাৰ পঞ্জীয়কৰ কাৰ্যালয়ত ১৯৩৯ চনৰ বিদেশী নাগৰিক পঞ্জীয়ন আইনৰ জৰিয়তে পঞ্জীয়ন কৰোৱাৰ ব্যৱস্থা কৰা। |
৫.৫ – এনেবোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিব। |
৫.৬ – দহ বছৰৰ এটি সময়সীমা ধাৰ্য কৰি, যিসকলৰ নাম ইতিমধ্যে নাগৰিকৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ প্ৰতিষ্ঠা কৰা। |
৫.৭ – অসমৰ পৰা ইতিপূৰ্বে বিতাৰিত কিন্তু বৰ্তমান অনাধিকাৰ প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি পুনৰ বিতাৰণৰ ব্যৱস্থা কৰা। |
৫.৮ – ১৯৭১ চনৰ মাৰ্চৰ ২৫ তাৰিখ তথা তাৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকসকলক চিনাক্ত কৰি তত্কালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোককো খেদি পঠোৱা। |
৫.৯ – আইন বহিৰ্ভুত প্ৰব্ৰজন আইন,১৯৮৩ৰ ৰূপায়নৰ ক্ষেত্ৰত আছু আৰু এ.এ.জি.এছ.পি.য়ে ব্যক্ত কৰা বিছুমান অসুবিধাৰ ওপৰতো চৰকাৰে দৃষ্টি আৰোপ কৰে। |
ব্যৱস্থা গ্ৰহণ – |
৫.১ – এই ব্যৱস্থাক সম্পূৰ্ণ কৰি বাস্তৱায়িত কৰা। |
৫.২ – বিদেশী বহিস্কাৰ নীতিক বাস্তৱ ৰূপ দিয়া। |
৫.৩ – ২০১৬ চনৰ ৩১ মাৰ্চলৈ ৭৫,৪৮৯জন লোক বিদেশী বুলি চিনাক্ত কৰা হয়। ইয়াৰে ৩৩,১৮৫জন ১৯৬৬ৰ পৰা ৭১ৰ সময়ছোৱাৰ আৰু ৪২,৩০৩জন ১৯৭১ চনৰ পৰৱৰ্ত্তী সময়ছোৱাৰ। ইয়াৰে মাথো ১৪,১৯৮ জনকহে বিদেশী নাগৰিক হিচাপে পঞ্জীয়ন কৰা হৈছে। |
৫.৪ – ৩৩০১৫জনৰ ভিতৰত ১৩,৯৩১জনেহে মাথো নিজৰ নাম বিদেশী নাগৰিকৰ তালিকাত পঞ্জীয়নভুক্ত কৰে। |
৫.৫ – বিদেশী নাগৰিকক চিনাক্ত কৰ বহিস্কাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। |
৫.৬ – এই ক্ষেত্ৰত পদক্ষেপসমূহ গ্ৰহণ কৰা হয়। |
৫.৭ – সৰ্বমুঠ ১৪৩২ জন পুনঃঅনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ১৯৮৬ চনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰলৈ বিতাৰণৰ ব্যৱস্থা কৰে আৰু এই ব্যৱস্থা এতিয়াও অব্যাহত আছে। |
৫.৮ –অবৈধ অনুপ্ৰৱেশকাৰী চিহ্নাক্তকৰণ আৰু নিৰ্বাসনৰ ক্ষেত্ৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ জুলাই মাহৰ ১২ তাৰিখে আই.এম.(ডি.)টি. আইনখন প্ৰণয়ন কৰে। সেই অনুসৰি – |
ক. বিদেশীআইন, ১৯৪৬ৰ লগতেবিদেশী(ন্যায়াধিকৰণ) আদেশ, ১৯৪৬। |
খ. পাছপোৰ্ট(ভাৰতত প্ৰৱেশ কৰা) আইন, ১৯২০। |
গ. পাছপোৰ্ট আইন, ১৯৬৭। |
ঘ. অনুপ্ৰবেশমূলক(অসমৰ পৰা বহিস্কাৰ আইন, ১৯৫০ আৰু |
ঙ. নাগৰিকত্ব আইন, ১৯৫৫। |
বিদেশীৰ চিহ্নাক্তকৰণ আৰু নিৰ্বাসনৰ কাৰণে ৰাজ্যখনত ১০০ সংখ্যক বিদেশী ন্যায়াধিকৰণে কাম কৰি আছে। |
৫.৯ – আই.এম.(ডি.)টি. আইনখন ইতিমধ্যে মাননীয় ভাৰতীয় উচ্চতম ন্যায়ালয়ে ১২-০৭-২০০৫ চনত খাৰিজ কৰে। |
দফা ৬: সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা |
দফা |
৬. সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা। অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা। |
ব্যৱস্থা গ্ৰহণঃ |
এই ক্ষেত্ৰত বহুখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো খুত নাথাকে। |
১. অসম চুক্তিৰ অন্তৰ্গত ৬ নম্বৰ অনুচ্ছেদ অনুসৰি অসমীয়া সংস্কৃতিৰ বাহকৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ প্ৰতিষ্ঠা কৰা। ১০.২৮ হেক্টৰ মাটিকালিত গুৱাহাটী চহৰৰ পাঞ্জাবাৰী অঞ্চলত এই অনুষ্ঠান নিৰ্মাণ কৰাৰ বাবে অনুমোদন জনায়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা ১৮.৮৫ কোটি টকা আৰু ৰাজ্যিক চৰকাৰৰ পৰা ১.৫০ কোটি টকাৰ অনুমোদন অনুসাৰে মুঠ ২০ হাজাৰ কোটি টকাৰ এই বৃহত্ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। |
২. জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আঁচনি(পৰ্য্যায়-১ আৰু পৰ্য্যায়-২) ৰূপায়নৰ নামত ব্যয় কৰা হয় ৮.৭৯ কোটি টকা। |
৩. জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণৰ নামত তৃতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ১০ কোটি টকা অনুমোদন জনায়। ইতিমধ্যে ইয়াৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈছে। সৰু ছবি গৃহ নিৰ্মাণৰ কাম চলি আছে। জ্যোতি চিত্ৰবনক উত্তৰ-পূবৰ ছবিৰ এক প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াটোৱে হৈছে এই আঁচনিৰ মুখ্য উদ্দেশ্য। চলচ্চিত্ৰৰ আৰ্কাইভৰ নিৰ্মাণৰ কাম চলি আছে আৰু অতি সোনকালই ইয়াক সম্পূৰ্ণ কৰা হব। |
৪. অসমৰ ২১৯ খন সত্ৰক বিত্তীয় সাহাৰ্য্য প্ৰদানৰ কাৰণে ২১ কোটি টকা অনুমোদন জনোৱা হয়। |
৫. ১১টা ঐতিহাসিক কীৰ্তি চিহ্নৰৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ নামত ৭ কোটি টকাৰ অনুমোদন জনোৱা হয়। |
৬. কেন্দ্ৰীয় চৰকাৰৰ পূৰাতাত্বিক জৰীপ বিভাগে, ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নতি সাধন কৰাৰ দিহা কৰে ৫ কীৰ্তিচিহ্নৰ। এইবোৰ হল- |
১. শিঙৰি মন্দিৰ প্ৰাঙ্গন |
২. উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল |
৩. হাজোৰ পোৱামক্কা |
৪. হাজোৰ কেডাৰ মন্দিৰ |
৫. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ |
৭. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কাৰ্য্যবাহী পৰিষদে বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰত এটি অসমীয়া বিভাগৰ প্ৰতিষ্ঠাক মঞ্জুৰী দিয়াৰ সংকল্প লৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই বিষয়টিৰ ওপৰত আলোচনা হৈছে। |
৮. ১৯৮৯ চনৰ ১২ ডিচেম্বৰত আনন্দৰাম বৰুৱা প্ৰতিষ্ঠান নামেৰে অসমৰ সাহিত্য-সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে এক স্বায়ত্ত শাসিত প্ৰতিষ্ঠান মুকলি কৰা হয়, অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত। তদুপৰি উচ্চ শিক্ষা সঞ্চালকালয়েও বছৰি এক অনুদান আগবঢ়ায় ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি থকা অসমৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানলৈ।তেনে স্বেচ্ছাসেৱী অনুষ্ঠানৰ তালিকাত আছে- |
১. ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ |
২. অসম সাহিত্য সভা |
৩. অসম বিজ্ঞান সমিতি |
৪. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঐচ্ছিক প্ৰতিষ্ঠান |
৫. কেন্দ্ৰীয় টাই একাডেমী, পাতসাকোঁ |
৬. সদৌ অসম লেখিকা সমাৰোহ সমিতি |
৭. টাই সাহিত্য সভা |
৮. মণিপুৰী সাহিত্য পৰিষদ |
৯. ডিমাছা সাহিত্য সভা |
১০. গণিত শাস্ত্ৰ অধ্যয়ন ক্ষেত্ৰ, অসম |
১১. বৰাক উপত্যকা বংগাও সাহিত্য সন্মিলন |
১২. দক্ষিণ-পূব এছিয়াৰ ৰামায়নী সাহিত্যৰ গৱেষণা কেন্দ্ৰ |
১৩. কাৰ্বি সাহিত্য সভা |
১৪. নেপালী সাহিত্য পৰিষদ |
১৫. ৰাভা একাডেমী |
১৬. কামৰূপ সংস্কৃত সঞ্জীৱনী সভা |
১৭. কামৰূপ অনুসন্ধান সমিতি |
১৮. পূৰ্ণকান্ত বুঢ়াগোঁহাঞি প্ৰতিষ্ঠান |
১৯. টাই অধ্যয়ন প্ৰতিষ্ঠান। |
৯. বিভিন্ন ৰাজনৈতিক দল, সাহিত্য সভা, যুৱ অনুষ্ঠান, সদৌ অসম ছাত্ৰ সন্মিলন, প্ৰতিষ্ঠিত বেচৰকাৰী সংগঠনসমূহৰ পৰা সময়ে সময়ে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত বিভিন্ন পৰামৰ্শসমূহ আহ্বান কৰা হয়। অৱশ্যে সকলোৰে পৰা আহ্বান কৰিলেও গ্ৰহণযোগ্যতাৰ ভিত্তিতহে বিবেচনা কৰা হয়। বিষয়টো বৰ্তমান কেবিনেট উপ-সমিতিৰ বিচৰাধীন হৈ আছে। |
দফা ৭- অৰ্থনৈতিক বিকাশ |
দফা |
৭ - এই সুযোগতে অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ উন্নতি সাধনৰো চৰকাৰে পোষকতা গ্ৰহণ কৰে যাতে নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত হয়। ইয়াৰ উপৰিও ৰাষ্ঠ্ৰীয় প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ জৰিয়তে শিক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.