text
stringlengths 0
188k
|
---|
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অহা ২৩ আগষ্টত মেঘালয়ৰ দক্ষিণ তুৰা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদিনাই মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নিৰ্ণয় হ’ব ভাগ্য। কিয়নো এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বণ্ডিতা কৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে। |
চলিত মাহৰ আৰম্ভণিতে তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ এন পি পিৰ বিধায়িকা আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। আগাথাই তেওঁৰ ভাতৃ তথা মুখ্য মন্ত্ৰী কনৰাড চাংমাক মুখ্য মন্ত্ৰীৰ দায়িত্ব নিয়াৰিকৈ চলাই যোৱাৰ উদ্দেশ্যে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধানসভাৰ সদস্যৰ পদ এৰি দিয়া বুলি ৰাজনীতি মহলত চৰ্চিত হৈছিল। |
উল্লেখ্য যে মুখ্য মন্ত্ৰী কনৰাড চাংমা এতিয়াও লোকসভাৰ সদস্য হৈয়ে আছে। আৰু জানিব পৰা মতে অহা সপ্তাহত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। |
ইফালে জানিব পৰা মতে ৰাজ্যখনৰ ৫১ নং দক্ষিণ তুৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ৬ আগষ্ট, ৭ আগষ্টত মনোনয়নপত্ৰ পৰীক্ষা, ২৩ আগষ্টত ভোটদান আৰু ২৭ আগষ্টত ফলাফল ঘোষণা কৰা হ’ব। |
Recent News |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব |
ভাৰতীয় সেনাৰ উদ্যোগত ৰঙিয়াত পূর্ব সৈনিক সন্মান সমাৰোহ অনুষ্ঠিত। |
২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব চতুৰ্থ বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলা |
‘বন্দে ভাৰতম নৃত্য উৎসৱ’ শিল্পগ্ৰামত উত্তৰ পূব মণ্ডলৰ শিল্পীৰ দলৰ মনোনয়নৰ বিশাল প্ৰতিযোগিতাৰ অনুষ্ঠান |
NE Focus - |
সম্পাদনাৰ মেজৰ পৰা |
অনুভৱ |
উদ্যমী |
উদ্যমী |
খাদ্য সম্ভাৰ |
পৰ্যটন |
ফটোগ্ৰাফী |
ENGLISH |
ব্যৱসায় |
সম সাময়িক |
সুখবৰ |
Home |
উদ্যমী |
ভাস্কৰ্য্য শিল্পী দিলীপ শৰ্মা |
ভাস্কৰ্য্য শিল্পী দিলীপ শৰ্মা |
উদ্যমী |
By admin On Aug 16, 2016 |
4 154 |
Share |
মানুহজনে ৰ’দে বতাহে বাটকুঁৰি বাই মানুহৰ ঘৰে ঘৰে গৈ ফুলনি বাগিছা স্থাপনৰ বাবে প্ৰস্তাৱ ৰাখিছিল । কিয়নো সেইসময়ত তেঁওৰ হাতত মহানগৰীত চলিব পৰা কে কোনো জীৱিকাৰ সম্বল নাছিল। এনেদৰে কাম বিচাৰি যাঁওতে, কেতিয়াবা হয়টো অকথ্য গালি , ভেকাহি, আৰু কেতিয়াবা অতি সহজতে কামৰ সন্ধান পাইছিল। কিন্তু তেঁও কোনো ক্ষেত্ৰতে নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। অপেক্ষা কৰিছিল মাথো সময় আৰু সুযোগ লৈ। |
এনেদৰে প্ৰায় ৩ বছৰ জীৱন সংগ্ৰামৰ যুঁজত অৱত্তীৰ্ণ হৈছিল। সময়ৰ পাকচক্ৰত এদিন মানুহজনলৈ ভাল দিন আহিল । সমাজৰ বাবে নিজেই ভাবাধৰণে প্ৰতিষ্ঠা হল। অত্যন্ত ধৈৰ্য্যশীল, উপস্থিত বুদ্ধিসম্পন্ন এই বিশেষ মানুহজন কোন জানেনে? |
এই বিশেষ মানুহজন হ’ল, বৰ্ত্তমান সময়ৰ জনপ্ৰিয় ভাস্কৰ্য্য শিল্পী দিলীপ শৰ্মা । আজি চৰকাৰী ভাস্কৰ্য্য শিল্প সম্বন্ধিত প্ৰায়বোৰ কাম কাজ দিলীপ শৰ্মাই কৰে। উদাহৰণস্বৰূপে ভুপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিয়েই হওঁক কিম্বা জ্যোতি চিত্ৰবন, খানাপাৰাৰ বিজ্ঞান সংগ্ৰহালয়ৰ বাগিছাৰ সজাই পৰাই তোলাৰ কাম কাজেই হ’ওক, এই সকলোবোৰতে তেঁওৰ হাতৰ পৰশত প্ৰতিটো শিল্পই প্ৰান পাই উঠে । |
এই যে, আজি আপুনি আমি চিনি পোৱা দিলীপ শৰ্মা কি দৰে এইলৈ পৰিবৰ্ত্তিত হ’ল জানিব বিচাৰাত শৰ্মাই এনেদৰে কয়- শিল্পী সত্বা আমাৰ তেজতেই আছিল। মোৰ দেউতা লক্ষী শৰ্মা তেজপুৰৰ এজন নামজলা শিল্পী আছিল। দেউতা ঢুকোৱাৰ পিচত আমাৰ ঘৰুৱা অৱস্থা একেবাৰে বেয়া হ’ল। পৰিস্থিতিৰ তাড়নাত পৰি মোৰ বিশেষ পঢ়া-শুনা নহ’ল। মাত্ৰ মেট্ৰিকলৈকে পঢ়িলো । কামৰ সন্ধানত এদিন গুৱাহাটীলৈ আহিলো । গুৱাহাটীত চলিব পৰাকে মোৰ একো কাম নাছিল, কিন্তু এইখিনিতে জনাও যে সৰুৰে পৰা ছবি আঁকিছিলো, ছবি আঁকি ভাল পাইছিলো। অষ্টম শ্ৰেণীত পঢ়ি থাকোতে, এজন বন্ধুৰ সহযোগত গহপুৰত এখন আৰ্ট স্কুল খুলিছিলো। তাত বহু ছাত্ৰ-ছাত্ৰীক ছবি আঁকিবলৈ শিকাইছিলো। অৱশ্যে গুৱাহাটীলৈ অহাত স্কুলখনৰ কাম বাদ দিব লগা হয়। গুৱাহাটীত আহি ছবি বা পেইণ্টিঙ আকা কামে চলিব নোৱাৰা হও। সেয়েহে প্ৰথমে ড্ৰইনিং তৈয়াৰ কৰি Rock Garden তৈয়াৰ কৰা কামত ব্ৰতী হও। প্ৰথম অৱস্থাত চলিবলৈ যথেষ্ট কষ্ট হৈছিল। যদিও পিছলৈ চৰকাৰী অফিচৰ কাম কাজ পোৱাত আৰ্থিক দিশত টনকিয়াল হওঁ। এইখিনি সময়তে গুৱাহাটী Artist Guild ৰ ধ্ৰুৱ ডেকা চাৰ আৰু প্ৰণবেন্দ্ৰ বিকাশ ধৰ ছাৰৰ সহায় সহযোগত আৰ্টৰ পৰা আদিকৰি ভাস্কৰ্য্য শিল্পলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সক্ষম হঁও। কলিকতাৰ শান্তি নিকেতনত ভাস্বৰ্য্য শিল্পীৰ যোগালি হিচাপে কৰ্মৰত আছিলো। |
এনেদৰে এদিন গোলাঘাটৰ সেই সময়ৰ DC চাৰৰ সানিধ্যত আহি শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ বাগিচা প্ৰস্তুত কৰা কাম পাও। চাৰে প্ৰথমে মোক ৰংঘৰৰ বাগিচা প্ৰস্তুত কৰাৰ বাবে ড্ৰইনিং বনাব দিয়ে। তেতিয়া মোৰ মনলৈ এটা ধাৰণা আহিছিল। দেখা পাইছিলো ৰংঘৰৰ বাকৰিত গৰু, মহ চৰি থকা এটা দৃশ্য । সেই ধাৰণাটোকে বাস্তৱ ৰূপত ভাস্কৰ্য্য শিল্পলৈ গঢ় দিলো। ৰংঘৰৰ বাকৰিৰ বাগিচাত কৰা শিল্প কৰ্মই কৰ্মৰ প্ৰথম আৰম্ভণি। |
উল্লেখযোগ্য যে ব্ৰঞ্জ, ফাইবাৰ, মাটিৰে তেখেতে ভাস্কৰ্য্য শিল্প নিৰ্মাণ কৰে। Diya Fine Art নামৰ এখন প্ৰতিষ্ঠান শৰ্মাৰ আছে । শেহতীয়াকৈ শিল্প আশ্ৰম নিৰ্মাণৰ পৰিকল্পনা হাতত আছে। ইতিমৈধ্য চৰকাৰৰ ফালৰ পৰা পানীখেতি নামৰ ঠাইখনত শিল্প নিৰ্মানৰ বাবে চৰকাৰে মাটি দিছে। সেয়েহে দিলীপ শৰ্মাই এক গ্ৰুপ গঠন কৰিছে। যি গ্ৰুপৰ দ্বাৰা উত্তৰ প্ৰজন্মৰ শিল্পী সকলে এক নৱ পথ সন্ধান পাব পাৰে। দিলীপ শৰ্মাৰ এনে মহান কৰ্মক জনাইছো প্ৰণাম ।<eot>সেই অনুসৰি AJPৰ সভাপতি পদত লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদকৰ পদত জগদীশ ভূঞা। |
অভিৱৰ্তনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে লুৰিণজ্যেতি গগৈৰ মাতৃ। সমাজ সেৱাৰ লগতে ৰাইজৰ বাবে আগবাঢ়ি যোৱা পুত্ৰক একাজলি আৰ্শীবাদ দিবলৈ উপস্থিত হয়গৈ মাতৃ। |
সভাপতিৰ পদ গ্ৰহণ কৰিয়েই লুৰিণজ্যোতি গগৈয়ে কয় যে এই শুভক্ষণত আমি ৰাইজৰ পৰা আৰ্শীবাদ-শুভাশীষ বিচাৰিছো। |
অসম জাতীয় পৰিষদৰ যোগেদি আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যি আশা যি সপোন এখন স্বাভিমানী অসমৰ জনগণৰ প্ৰভুত্ব থকা এখন অসম, সাম্প্ৰদায়িকতাহীন এখন অসম বিচাৰে যত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকে সুন্দৰকৈ নিজৰ জীৱনশৈলী আগবঢ়াই নিব পাৰে।<eot>ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত বৃহৎ ভূমিকা লৈ থকা ডাটা এণ্ট্ৰি অপাৰেটৰ সকলৰ দৰমহা বন্ধ হৈ থকাত সমস্যাত পৰিছে অপাৰেটৰসকল। নিচেই কম দৰমহা পোৱা ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত মাজে মাজে আন্দোলনৰ পথ ল’ব লগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। |
যোৱা দুদিন মান পূৰ্বে ৰাজ্যখনৰ বিভিন্ন ঠাইত ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো দৰমহা পাবলৈ সক্ষম হোৱা নাই। |
আজিও প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত নগাওঁ জিলাৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে দৰমহা নিয়মীয়াকৰণৰ দাবীৰে শ্ল’গান দিয়ে। দৰমহা আদায় নিদিয়া পৰ্যন্ত এন আৰ চিৰ কাম বন্ধ ৰখাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। |
জানিব পৰামতে, প্ৰতিবাদটোত ৰাজহ চক্ৰটোৰৰ অন্তৰ্গত ৩৪টা এন আৰ চি সেৱা কেন্দ্ৰৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। |
“আমি দৰমহা নিচেই কমকৈ পাওঁ। তাকো সময়ত নাপাওঁ। আমাৰ বহুতে ভালেমান দূৰলৈ গৈ কাম কৰিবগৈ লাগে। মটৰ চাইকেলৰ তেল ভৰাবলৈও পকেটত পইচা নাথাকে।” এইদৰে কয় প্ৰতিবাদকাৰীসকলৰ এজনে। |
প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলালৈ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁলোকে দৰমহাটো যাতে মাহৰ ১ তাৰিখেই হয়, সেইটো নিশ্চিত কৰাৰ দাবী জনাইছে। |
উল্লেখযোগ্য যে এন আৰ চিৰ কামত নিযুক্ত ডাটা এণ্ট্ৰি অপাৰেটৰসকলক তেনেই কম দৰমহাত খটাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই ডাটা এণ্ট্ৰি অপাৰেটৰসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰিত দৰমহা একেবাৰে কম নহয় যদিও মাজত থকা দুটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে এওঁলোকৰ দৰমহাৰ সমানে এফাল নিজৰ বাবে ৰাখি ডাটা এণ্ট্ৰি অপাৰেটৰসকলক কম টকাত খটুৱাই আহিছে। |
Recent News |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সমগ্র দক্ষিণ কামৰূপৰ লগতে গোৱালপাৰা জিলাৰ কোনো কোনো অঞ্চলত পালন কৰা এক লোক উৎসৱ হ’ল সুঁৱৰী বা স’ৰি উৎসৱ। ই তেওঁলোকৰ গ্ৰাম্য সমাজৰ প্ৰধান সামাজিক উৎসৱ। ব’হাগ মাহত এই উৎসৱ পালন কৰা দেখা যায়। সুঁৱৰীৰ আৰম্ভণি ক’ত, কেতিয়া, কি প্ৰসংগত, কেনেদৰে হৈছিল তাৰ কোনো ঐতিহাসিক তথ্য পোৱা নগ’লেও এটা কথা কিন্তু ধুৰূপ যে আৰম্ভণিতে এই উৎসৱটিৰ সৃষ্টি হৈছিল মূলতঃ সোঁৱৰণি পৰ্ব ৰূপেহে। এই্ সোঁৱৰণি আছিল শ্রীকৃষ্ণই ল’ৰালি কালত গকুলত কৰা আনন্দদায়ক ক্রীড়া-কৌতুক আদিৰ সোঁৱৰণ। পৰৱৰ্তী সময়ত এই সোঁৱৰণি পৰ্বটিয়ে প্ৰসাৰ লাভ কৰি জনসাধাৰণৰ মাজত ভক্তি আৰু আনন্দৰ উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰিলে। লগে লগে উৎসৱ উদযাপন কৰা সৰ্বসাধাৰণে ইয়াক সোঁৱৰণিৰ অৰ্থৰেই ‘সুঁৱৰী’ বা স’ৰি নামেৰে আঞ্চলিক ৰহণ সানি স্বকীয় ৰূপেৰে পালন কৰিবলৈ ধৰিলে। ফলত ই লাভ কৰিলে অঞ্চলটোৰ জাতীয় উৎসৱৰ মৰ্যাদা। এই উৎসৱ উপলক্ষে সেই অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান, নামঘৰ বা মন্দিৰ প্ৰাংগণ’ আদিক সুন্দৰকৈ সজাই– পৰাই আটকধুনীয়া কৰি তোলা হয়। সেই অঞ্চলৰ পূজিত বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহবোৰক ৰাতিপুৱাৰ ভাগতে ভক্তবৃন্দই গাখীৰ-পানী আৰু ফুল-তুলসী আদিৰে সজাই-পৰাই তোলে। তাৰ পাছত পৰম্পৰাগত নিৰ্দিষ্ট ধর্মীয় আচাৰ আৰু নীতিনিয়মেৰে চাকি-বন্তি, ধুপ-ধুনা জ্বলাই লগতে ঢুলীয়া-খুলীয়াই ঢোল-খোল, বৰকাহ আদি বজাই হৰি কীৰ্তনৰ নিজৰা বোৱাঁই লৈ আনি যথাস্থানৰ নিৰ্দিষ্ট বেদীত স্থাপন কৰে। দক্ষিণ কামৰূপৰ অঞ্চল বিশেষত পালন কৰা এই সুঁৱৰী উৎসৱত উৎসৱৰ দিনা ব্যক্তিগতভাৱেও অনেক পৰিয়ালৰ লোকে নিজৰ মংগল কামনাৰ অৰ্থে ভগৱন্ত পুৰুষলৈ সেই বিগ্ৰহ আৰু মালা- নিৰ্মালিৰ শৰাই স্থাপন কৰা বেদীত ফুল-তুলসীসহ নৈৱেদ্যৰ শৰাই আগবঢ়ায়। |
ইফালে আকৌ এই সুঁৱৰী উৎসৱৰ্থলীত অনুষ্ঠিত হয় উৎসৱটিৰ মূল সোঁৱৰণি পৰ্বমূলক শিশু কৃষ্ণ আৰু গোপিনীসবৰ অতি চমকপ্রদ আৰু আকর্ষণীয় দধিমথন নৃত্য। সুঁৱৰী উৎসৱৰ এই দধি মথা কাৰ্যত ভাগ লোৱা কুমাৰী ছোৱালীহঁতে ধর্মীয় পৰম্পৰা অনুসৰি সুঁৱৰী উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি ভক্তিভাবেৰে উৎসৱত অংশগ্ৰহণ কৰে। অঞ্চল বিশেষৰ কোনো কোনো সুঁৱৰীথলীত সুঁৱৰী উৎসৱৰ মূল দধিমথন কাৰ্যৰ লগতে শিশু কৃষ্ণৰ চল-চাতুৰীৰে পৰিপূৰ্ণ ‘অৰ্জুন-ভঞ্জন’ নাটৰো অভিনয় কৰি উৎসৱ উপভোগকাৰীসকলক আনন্দ দিয়া দেখা যায়। লোক-বিশ্বাস অনুযায়ী সুঁৱৰী উৎসৱত পূজা-সেৱা কৰিলে মনোকামনা পূর্ণ হয়। সেইহে যেন ভক্তপ্ৰাণ সৰ্বসাধাৰণে এই গোপ বালকসকলক ভক্তিভাবেৰে পূজা অৰ্চনা কৰি নিজৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহে। এই সুঁৱৰী উৎসৱৰ আন এটি বিশেষত্ব হৈছে হাঁনাঘোঁৰা আৰু পাৰবাহ নৃত্যৰ প্রদর্শন। বকো, গোলাইহাট আদি অঞ্চলত উদযাপিত হোৱা সুঁৱৰী উৎসৱত উৎসৱটিৰ ধৰ্মীয় দিশৰ লগত সংগতি ৰাখি এই উৎসৱবোৰৰ উপাস্য দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়। উৎসৱৰ দিনা উৎসৱৰ্থলীত বিভিন্ন দোকান-পোহাৰৰ আগমন আৰু উৎসৱৰ মাদকতা উপভোগ কৰিবলৈ অহা দূৰদূৰণিৰ লোকসকলে যেন উৎসৱটিক বেছি আকর্ষণীয় কৰি তুলিছে। ভক্তি আৰু আনন্দ প্ৰদানৰ লগতে যুগ যুগ ধৰি এনেবোৰ আঞ্চলিক উৎসৱে অঞ্চলবোৰৰ সৰ্বসাধাৰণক একতাৰ ডোলেৰে বান্ধ খুৱাই ৰাখি মানৱ সমন্বয় সাধনতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এনেবোৰ উৎসৱৰ মহত্ত্ব তুলনাবিহীন।<eot>…পুৰুষৰো বলাৎকাৰ হয় শব্দকেইটাই দু:স্বপ্নৰ দৰেই বহুদিনলৈ খেদি থাকিল মোক। কিমানখিনি ৰিক্ততা থাকিলে অথবা কিমানখিনি অসহায়বোধ কৰিলে এজন পুৰুষে এগৰাকী নাৰীৰ আগত নিজকে এনেকৈ উদঙাই দিব পাৰে বাৰু? মইতো বৰদৈচিলা! মোৰ স্থিৰতা নাই। অসীমৰ পম খেদি আকাশৰ বিশালতাত নিজক হেৰুৱাই দিয়াৰ উন্মাদনাত আজন্ম বন্দী মই! কিন্তু তেওঁক কিহে উচতালে? আশ্চৰ্যবোধ কৰাৰ লগতে অকাৰণ সমমৰ্মিতাৰে ভৰি পৰিছিল মোৰ মন। থাকি থাকি মগজুত খুন্দিয়াইছিল এটা প্ৰশ্নই-কি দিলো মই তেওঁক যে তেওঁ নিজকে মোৰ আগত এনেকৈ উদঙাই দিলে? বিশ্বাস-আস্থা-প্ৰেম-ভালপোৱা নে আন কিবা? নে স্বাৰ্থপৰতা অথবা সাময়িক মোহাছন্নতা? ওহোঁ সেইবোৰ একো নহয়। হয়তো মই দিছিলো তেওঁক আজিৰ দিনত দুৰ্লভ-দুষ্প্ৰাপ্য অলপ সঁচা আন্তৰিকতা!!! |
…মোৰ এটা লেখা পঢ়ি মোৰ বন্ধু হৈছিল তেওঁ। বৰ বেছি নহয় কেতিয়াবা এদিন দুদিন এটা দুটা মেছেজৰ মাজেৰে কথা বিনিময় কৰিছিল মোৰ লগত। সৰু সৰু চুটি চুটি কথা পাতিছিলো আমি। কেতিয়াবা কিতাপৰ কথা কেতিয়াবা জীৱনৰ কথা। পেছাত তেওঁ এজন সাংবাদিক। দিনে ৰাতিয়ে খবৰ সংগ্ৰহ কৰি ঘূৰি ফুৰে। খবৰ গোটোৱাই তেওঁৰ কাম। জীৱিকা উপাৰ্জনৰ পথ। কিন্তু মানুহৰ মাজত খবৰ বিচাৰি ঘূৰি ফুৰোঁতে তেওঁ নিজেই কেতিয়া যে এটা খবৰ হৈ পৰিল তাক উপলব্ধি কৰিলে সৌ সিদিনা। নি:সঙ্গগতাৰ আৱৰণ পিন্ধি কেতিয়া যে তেওঁ বিলুপ্তিৰ গৰাহত পৰি ৰ’ল গমেই নাপালে। পত্নী-সন্তান-পৰিয়াল সকলোৰে কাষত মাত্ৰ এটা অবয়ৱ হৈ ৰ’ল। তেওঁলোকৰ প্ৰয়োজনীয় আহিলা পূৰাব পৰা কেবল মাত্ৰ এটা কাৰক হৈ গ’ল। অস্তিত্বহীনতাৰ দংশনত ৰোগাক্ৰান্ত হৈ ক্ষণে ক্ষণে কাটি গ’ল উশাহৰ ধাৰ। কবই নোৱাৰিলে হৃদয়ৰ সেউজীয়া হেৰুৱাই কেতিয়া মৰুৰ বালিত পৰি প্ৰাণ হেৰুৱালে তেওঁ আলফুলীয়া সপোনবোৰে। |
…কবি তেওঁ। বচা বচা শব্দৰে ফুল বাচে অনুভৱৰ আকাশত। ঠিক কোনদিনা তেওঁৰ শব্দৰ মায়াজালত আবদ্ধ হৈ পৰিছিলো মোৰ মনত নাই। কিন্তু এইটো মনত আছে উত্তৰ-প্ৰতিউত্তৰ কৰোঁতে ক’ব নোৱাৰাকৈয়ে তেওঁ ধৰা দিছিল মোৰ সন্ধানী দুচকুত। টুকুৰিয়াই-টুকুৰিয়াই উলিয়াই আনিছিলো তেওঁৰ মনৰ মাজত সুপ্ত হৈ শুই থকা পাহৰণিৰ গৰ্ভৰ এচোৱা দীঘল সোণোৱালী সময়। কল্প কথাৰ দৰে পাঠ কৰি গৈছিল তেওঁ তেওঁৰেই অতীত বুৰঞ্জী। মেলি দিছিল শৈশৱ-কৈশোৰ-যৌবনৰ অপ্ৰকাশিত দাস্তান। প্ৰথম প্ৰেমৰ অসফলতা। জীৱিকাৰ সন্ধান। প্ৰকৃতিৰ টান। বিবাহ বন্ধনত বান্ধ খালে। এটা সন্তানো জন্ম হ’ল। ক’ত জানো ভুল হ’ল! ৰক্তবীজৰ দৰে বাঢ়ি আহিল সংসাৰৰ বিৰাগ। হোম চুইট হোম হোৱাৰ পৰিবৰ্তে সংসাৰে গলগ্ৰহৰ ৰূপ ল’লে। বিক্চিনা লাগি সকলো যুক্তি তৰ্ক বাদ দি মাথো কৰ্তব্য বুলি পালন কৰি গ’ল সংসাৰৰ ধৰ্ম। কিন্তু এনেকৈ কিমান দিন!! |
…মূৰ্খৰ দৰে মই প্ৰশ্ন কৰিছিলো আপোনাৰ ওচৰত তেওঁৰ কোনো দাবী নাই? অথবা আপুনিয়েই বা ইমান নিৰ্বিকাৰ হৈ থাকে কেনেকৈ? সৰুকৈ হাঁহি তেওঁ উত্তৰ দিছিল দাবীবোৰ যেতিয়া জোৰ কৰি আদায় কৰি লয় তেতিয়া সেইবোৰ দাবী হৈ নাথাকে; বৰং শাস্তি হৈ পৰে। পাৰ হৈ গৈছিল নিৰৱ সময়। কথা বিচাৰি পোৱা নাছিলো ক’বলে। ইটো সিটো বহু কথাই মূৰত পাকঘূৰণি খাবলৈ আৰম্ভ কৰিছিল। পুৰুষ-নাৰী সম্পৰ্কৰ জটিলতাই সদায় মোক আকৰ্ষণ কৰে। দুৰ্বোধ্য এই বিভেদৰ ৰহস্য বিচাৰি নিজকে নিজে প্ৰশ্ন কৰোঁ অহৰহ। পুৰুষ কি নাৰী কি? শৰীৰ নে প্ৰাণ নে আত্মা নে মন? ঠিক কোনখিনিত উলমি ৰয় ইয়াৰ যুক্তিযুক্ততা? কিহে নিৰ্ধাৰণ কৰে ইয়াৰ সীমা অথবা ধাৰাবাহিকতা? কি সঁচা শৰীৰ নে মন? কি নিৰ্ভুল মন নে মগজু? কি ডাঙৰ জীৱন নে মৃত্যু? জীৱন কিয় লাগে নিজে জীয়াই থাকিবলে’ নে আনক জীয়াই তুলিবলে’? জীৱনৰ বিশুদ্ধতাৰ মাপকাঠি কি? কোন কাৰ পৰিপূৰক? কোন কাৰ পৰিচায়ক? ভাগৰুৱা মনে উত্তৰ বিচাৰি নাপায়। |
…উত্তৰবিহীন প্ৰশ্নেৰে মূৰটো গৰম কৰি আকৌ আওঁৰাইছিলো সেই ভয়াবহ শব্দটো-বলাত্কাৰ। কি বাৰু ই? এটা শব্দ? এটা বিশেষণ? এক অপবাদ? এক অভিশাপ? এক অনৈতিক কাৰ্যৰ অপলাপ? শক্তিশালীৰ শক্তি প্ৰদৰ্শন নে শক্তিহীনৰ দুৰ্বলতাৰ বাহন? যিয়েই নহওক লাগিলে ইয়াৰ এটাই ধৰ্ম ধ্বংশ-অনিষ্ট। য’তেই নহওক যেনেকৈয়ে নহওক পলকতে ই মানুহৰ পৰিবেশ-পৰিস্থিতি সলনি কৰি দিয়ে। মুহূৰ্ততে নমাই আনে অমানিশাৰ কলীয়া ডাৱৰ। শেষ হৈ যায় জীৱনৰ আনন্দ। শুহি পেলায় সকলো ৰং। এইয়াই সঁচা। কিন্তু বলাত্কাৰ কিহৰ হয় শৰীৰৰ? নে মনৰ? স্পন্দন থাকে মানে শৰীৰ থাকে। শৰীৰ থাকে মন থাকে। শৰীৰ যদি ঘূণীয়া হয় মন ঘূণীয়া নহয় নেকি? শৰীৰৰ ঘাঁ হয়তো সময়ত শুকাই যায় কিন্তু মনৰ ঘাঁ? আচলতে বলাত্কাৰ মানে কি? কেনেকৈ হয়? এজনৰ সন্মতিৰ অবিহনে আন এজনে সিজনৰ ওপৰত চলোৱা অত্যাচাৰকে বলাত্কাৰ কৰা বুলি কোৱা হয়। ঘৰ্ষণত পিষ্ট হয় শৰীৰ। যন্ত্ৰণাত কোঙা হয় শৰীৰ। কিন্তু কেবল শৰীৰেই নে? আৰু মন? আত্মা? |
…নিজৰ মনৰ ভিতৰলৈ জুমি চাইছিলো। মইয়োতো একপ্ৰকাৰ বলাত্কাৰৰ বলি। শাৰীৰিকভাবে নহ’লেও মানসিকভাবে! বিয়াৰ পাছৰ পাৰ হৈ যোৱা বছৰবোৰত কিজানি প্ৰতিদিনেই বলি হৈছোঁ বলাত্কাৰৰ। ঘৰৰ মানুহৰ সন্মতিতেই বিয়া হৈছিলো সংসাৰৰ ধৰ্ম পালন কৰি। ভাবিছিলো মোৰ শিক্ষা মোৰ সততা মোৰ মমতাৰে ভৰাই তুলিম প্ৰতিটো পল-অনুপল। কিন্তু কাৰ্য্যত: তেনে একো নহ’ল। মই ভাবি থকাবোৰ ভাবতেই থাকিল। কোনো কথাতেই মিল নাই আমাৰ। কথা নিমিলে, ৰুচিবোধ নিমিলে, ব্যৱহাৰ নিমিলে, চিন্তা নিমিলে, একো নিমিলে। এনেকি চিৰন্তনীয় কথা কিছুমানৰ সত্যাসত্যৰ যুক্তিযুক্ততাও নিমিলে। নাৰী মই। নাৰীসুলভ ধৈৰ্য্য, সহ্য, বিচাৰ, বিবেচনাৰে পাৰ কৰি নিলো সংসাৰ চলোৱাৰ নামত কটাব লগা দিনবোৰ। তেওঁৰ বাবেই মই মাতৃ হ’লো, পত্নী হ’লো, ভগ্নী হ’লো, প্ৰেমিকা হ’লো, শুভাকাংক্ষী হ’লো। আনকি বেশ্যাও সাজিলো। তথাপি বলাত্কাৰৰ বলি হোৱাৰ পৰা নিজকে বচাব নোৱাৰিলো। গতানুগতিকতাত ক্ৰমে ক্ৰমে চিগি ভাগি গৈ থাকিল মোৰ হেঁপাহবোৰ, মোৰ সপোনবোৰ, মোৰ আশাবোৰ। মনে মনে অভিমানবোৰ পাহাৰ হ’ল। দুপৰ ৰাতিৰ চকুলোবোৰ জেদ হ’ল। বেথাবোৰ আক্ৰোশ হ’ল। দুখবোৰ সাহস হ’ল। যুক্তিবোৰ সখী হ’ল। নাৰ্চিচাচৰ দৰে নিজৰ ৰূপত নিজেই ভোল গ’লো। অপ্ৰাপ্তিৰ চাকনৈয়াত নিজক হেৰুৱাই নি:শেষ হ’বলৈ মন নগল। সংগোপনে সযতনে সজাগ কৰি আনিলো নিজকে। মন মগজু একাকাৰ কৰি পণ কৰিলো। নাৰীৰ পৰা মই মানুহ হ’লো। হুমুনিয়াহবোৰক হাঁহিলৈ সলাই পেলালো। উচুপনিবোৰক শক্তি কৰি ল’লো। আকাশখনক সাৰথি কৰি ল’লো। নিৰাশাবোৰক উপলদ্ধিৰ মালিতাৰে সজায় ন-সাজ পিন্ধি আকৌ বাট বুলিলো জীৱনৰ। এইবাৰ মই স্থিতপ্ৰজ্ঞ। দুখ নাই শোক নাই খং নাই দ্বন্দ নাই; আছে মাথো আবেগ আৰু কিছু অভিমান। অভিজ্ঞতাৰ পাহাৰ। |
…প্ৰাপ্তিয়ে মানুহজনক না ক’ব নোৱাৰি ৰাতি ভগৱানক আৰাধনা কৰাৰ ভাও জোৰে। প্ৰাৰ্থনা শেষ হয় মানে গৰাকী টোপনিত ঢলি পৰে। মৰমীয়ে নোহোৱা-নোপজা কথা এটা উলিয়ায় লৈ মিছাতে তৰ্ক কৰে। তৰ্কত উফোন্দ পাতি সময়তকৈ আগতে গৈ বিচনাত বাগৰ দিয়ে। নিশা বাইদেৱে কয় না বুলি কম সেই সাহস মোৰ নাই। আৰু বিদিশা! অনন্তক নোসোধাকৈ ৰুটি এখনো বেচিকৈ নাখায়। সীমা বাইদেউৰ কথা নকলোৱেই যেনিবা! জানি-শুনি নপুংসক মানুহজনে পুৰুষ সাজি দিঠকতে বিধ্বস্ত কৰি পেলাইছিল বাইদেউৰ জীৱন। ৰূপে-গুণে শিক্ষা-দীক্ষাৰে বিভূষিতা হৈয়ো বাইদেউ মুক্ত হ’ব পৰা নাছিল বিবাহ নামৰ বান্ধোনটোৰ পৰা। পতি গৃহৰ প্ৰতিজনে খোজে খোজে লাঞ্চিত কৰিছিল বাইদেউৰ মমতাক। এটা সন্তানৰ মোহত ১৬ বছৰে নি:শব্দে মূৰত তুলি লৈছিল যন্ত্ৰণাৰ প্ৰহৰবোৰ। এই যে মোৰ চাৰিওকাষে প্ৰায় প্ৰতিদিনে মই লগ পোৱা এই চৰিত্ৰবোৰ এইবোৰো জানো বলাত্কাৰৰ বলি হোৱা নাই? কথাবোৰ বাৰু অশ্লীল যেন লাগিছে নেকি? আচলতে অশ্লীলৰ ধাৰণাটো আপেক্ষিক। ধৰক এটা কণী। সকলোৱে জানে যে কণীৰ খোলাটো টান আৰু ভিতৰৰ পদাৰ্থখিনি জুলীয়া। এতিয়া কণীটো ভক্ষণ কৰিব খুজিলে সেইটো কেনেকৈ ৰান্ধিব সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। কণীটো সিজাই খাব নে ভাজি খাব? অম্লেট কৰি খাব নে আন কিবা ব্যঞ্জণ কৰি খাব? কিন্তু অম্লেট ৰান্ধিবলৈ গৈ তাক যদি বাটি এটাত আগতীয়াকৈ ভাঙি নলৈ পাৰবীন বেবীৰ দৰে কপালত চপৰিয়াবলৈ যায় সি আপোনাকেই অপৰিস্কাৰ কৰি পেলাব। মোৰ বাবে অশ্লীলতাৰ ধাৰণাতো তেনেকুৱা। |
…বিৰক্তিবোৰ কৰিছে নেকি কথাবোৰ পঢ়ি পঢ়ি? অলপ ৰব মই শ্লীল-অশ্লীলতাৰ শিক্ষা দিব খোজা নাই। আপোনালোকৰ পৰা জানিবহে খুজিছো মোৰ বিবেচনাই ঢুকি নোপোৱা কিছুমান কথাৰ অৰ্থ। উমান লব খুজিছো মোৰ দৰেই কোনোবা সংবেদনশীল মানুহক এই কথাবোৰেই খোচাঁ-বিন্ধা কৰে নেকি? কৈ আছিলো বলাত্কাৰ/ধৰ্ষণৰ কথা। বাতৰি কাকত এখন মেলিব নোৱাৰি। নিউজ চেনেল এটা চাব নোৱাৰি। দুগৰাকীমান লগ হৈ সামাজিক কথা-বতৰা পাতিব নোৱাৰি। এখোজ ওলায় যাব নোৱাৰি। সময়ে-অসময়ে প্ৰতি দিনে প্ৰতি ক্ষণে চাৰিওফালে হত্যা-হিংসা-ধৰ্ষণৰ বিভীষিকা। অন্যায়-অনীতি-দুৰ্নীতিৰ ধুমুহাত বিলুপ্তপ্ৰায় জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন। পৰুষৰ হাতত নাৰী ধৰ্ষিতা হয় অথবা নাৰীৰ হাতত পুৰুষ ধৰ্ষিত হয় বুলি ই একমাত্ৰ শৰীৰৰ ক্ষতিকে কিয় প্ৰতিনিধিত্ব কৰে? ধৰ্ষণ মানেই কিয় সকলোৱে একমুখে স্বীকাৰ কৰে শৰীৰে শালীনতা হেৰুৱাৰ? এই যে দিনে দিনে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে ইয়ো জানো ধৰ্ষণৰ নামান্তৰ নহয়? সমগ্ৰ মানব জাতিৰ ধৰ্ষণৰ! প্ৰাপ্তি-প্ৰাচুৰ্য-প্ৰচাৰৰ জালত ভৰি দি মানুহ নামধাৰী প্ৰাণীবোৰে একে নামধাৰী আন এচাম মানুহৰ প্ৰতি অবিচাৰ কৰি অন্যায় কৰি দেশ তথা সমাজৰ অনিষ্ট কৰি গৈছে ইয়ো জানো ধৰ্ষণৰে ৰূপান্তৰ নহয়? উন্নত দেশবোৰে উন্নতিৰ নামত উন্নয়নশীল দেশবোৰত অযুক্তিকৰ ভাবে মেলি দিছে প্ৰতিযোগিতাৰ বজাৰ ইয়ো জানো ধৰ্ষণৰে এক প্ৰকাৰ নহয়? প্ৰতিপত্তিশালী বিষয়াৰ পৰা দেশ শাসন কৰা ৰাজনীতিবিদসকলৈকে সকলোৱে যে নিৰীহ জনগণক লুটি-পুটি খাইছে ইয়াকো ধৰ্ষণৰ শাৰীতে থব নোৱাৰি জানো? ক্ষয়-ক্ষতি, দুখ-যন্ত্ৰণা আৰু মনোকষ্টৰ আন এটা নাম যদি বলাত্কাৰ বা ধৰ্ষণ হয় তেনে এই ধৰণৰ সকলো কথাকেই আমি সৰলীকৰণ কৰিব পাৰোঁ। ধৰা হ’ল প্ৰথমে এজন বা এগৰাকী ব্যক্তি ধৰ্ষণৰ বলি হ’ল; শাৰীৰিক-মানসিকভাবে তেওঁ ঘূণীয়া হ’ল। তেন্তে কাইলৈ সমাজ ঘূণীয়া হ’ব। সমাজ ঘূণীয়া হ’লে দেশ ঘূণীয়া হ’ব। দৰাচলতে সমগ্ৰ দেশেই বিভিন্ন ভাবে বিভিন্ন ৰূপত ধৰ্ষণৰ বলি। দুৰাৰোগ্য ব্যাধিৰ দৰে ধৰ্ষণৰ চিকাৰ। মানব শৰীৰত বিহ-ফোঁহা উঠিলে কি হয়? ফোঁহাৰ প্ৰচণ্ড বিষত মানুহে দেদাউৰি পাৰে। সোনকালে ফোঁহাটোৰ পৰা নিস্তাৰ পোৱাৰ যা-জোগাৰ কৰে। পকি উঠিলে চেপি-মেলি পূঁজ-তেজ উলিয়ায় দিয়ে। কিন্তু চকুটো ওলায় নোযোৱালৈকে বিহ-ফোঁহা হেনো ভাল নহয়। বৰ্তমানে দেশৰ অৱস্থাও তেনেকুৱা। গোটেই দেশখনক যদি এটা মানব শৰীৰ বুলি ধৰি লোৱা যায় তেন্তে দেশখন ধৰ্ষণৰ বলি হৈছে। লগতে বিহ-ফোঁহাৰ কবলত পৰিছে। ফোঁহাৰ বিষে জৰ্জৰিত কৰিছে দেশক। ভালকৈ পকিবলৈ নাপাওঁতেও ফুটুৱায় দিছে ফোঁহাটো। ফলত তেজ-পূঁজ ওলালেও চকুটো ৰৈ গৈছে। ফোঁহাটো ভাল হোৱা নাই। নহয়। সময় লাগিব। এতিয়া গৰ্ভৱতী সময়। |
…ফুলন দেৱীৰ কথা জানিছিলো যদিও সীমা বিশ্বাসে অভিনয় কৰা বেণ্ডিত কুইনখন যিদিনা চাইছিলো ভাত খাব পৰা নাছিলো। ৰাতি শুব পৰা নাছিলো। এমাহমান টোপনিতে চিঞৰ মাৰি উঠিছিলো। পুৰুষ কিম্বা মহিলা যিয়েই নহওক ধৰ্ষণৰ বলি হ’লে ই কেবল ধৰ্ষিত ব্যক্তিগৰাকীকে আক্ৰান্ত নকৰে। ব্যক্তিৰ পৰা গৈ পৰিয়াল, পৰিয়ালৰ পৰা গৈ চুবুৰী, চুবুৰীৰ পৰা গৈ সমাজ, সমাজৰ পৰা গৈ সমগ্ৰ দেশক গ্ৰাস কৰে। ধৰ্ষণ বা বলাত্কাৰ এটা আছিলা মাথোন। শৰীৰ নহয় মনৰহে বলাত্কাৰ হয়। বলাত্কাৰ হয় মানসিকতাৰ, মানৱতাৰ, সজাগতাৰ, আকংক্ষাৰ, দায়বদ্ধতাৰ, সততাৰ। নিৰ্মোহ হৈ জীৱন ধাৰণৰ আধাৰ আজি এক দু:স্বপ্ন। |
…কষ্ট হয় কোনোবা অকালতে মৰহি গ’লে। জীয়াই থাকিবলৈ এৰি মৃত্যুৰ কোলালৈ ঢাপলি মেলিলে। মানুহক ভালপায় ভালপাওঁ মই। ভাললগাখিনি ধৰি ৰাখিব খোজোঁ। অতিমানৱ বা অন্যগ্ৰহৰ প্ৰাণী নহয় মই। ময়ো মাটিৰ মানুহ। মাটিতেই মিলি যাম এদিন। তথাপি কিয় জানো জীয়াই থকাৰ অনুভুতিয়ে আন্দোলিত কৰাতকৈ জীৱন দিয়াৰ অনুভৱে সদায় উদ্ভাসিত কৰে মোক! ৰামায়ণ-মহাভাৰত, নীতি কথা নপঢ়োঁ; কিন্তু বিক্ৰম-বেতাল/ বত্ৰিছ পুতলাৰ সাধু আজিও পঢ়োঁ। ধৰ্ম বিশ্বাস নকৰোঁ। কিন্তু মানুহক আপোন কৰাই মোৰ ধৰ্ম। মগজু আছে যদিও মনৰ নিৰ্দেশ মানো। চকুলো মচি হাঁহি বিলাব খোজোঁ। কি আছে জীৱনত! আশাবাদী মই। বাৰে বাৰে প্ৰকৃতিলৈ চাওঁ। বান আহে, প্ৰলয় নামে। তথাপিও প্ৰকৃতিয়ে মাথোন দি যাব জানে। শুকান পাত সৰি লঠঙা হোৱা গছডালে ন কুঁহিপাত মেলি আকৌ ফলে-ফুলে জাতিস্কাৰ হৈ পৰে। সিঁচি দিয়ে জীৱনৰ অংকুৰ। মই মানুহ। কাৰোবাক এপলক সান্নিধ্য অলপ উম দিলে ভুল হ’ব নেকি বাৰু? নোৱাৰোঁ দেখোন জানি-শুনি কাকো দেখুৱায় দিব লব আত্মহননৰ পথ। কি নাম এই যন্ত্ৰণাৰ? উন্মাদনা? প্ৰেৰণা? নে মানুহ হৈ মানুহৰ প্ৰতি কঢ়িয়াই ফুৰা জীৱনৰ সম্ভাৱনা?? |
← বন্ধন (প্ৰতিম প্ৰতাপ বৰুৱা) |
বাম্বোলপিটা গীত আৰু অনুস্থান : এক দৰঙী লুপ্তপ্ৰায় লোকসংস্কৃতি (বিতোপন শৰ্মা বৰুৱা) → |
You May Also Like |
চাঁচনিৰ দস্তাবেজ (২) -আকাশৰ নীলাখিনি (দ্বিপেন শইকীয়া) |
May 14, 2015 1 |
নামঘৰৰ ডবাটো কোনোবাই বজাইছে- নিশান্ত বৰদলৈ |
July 19, 2019 0 |
জীৱনৰ গান |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.