text
stringlengths
0
188k
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ৰাইজৰ সজাগতা আৰু চাপৰ আৰক্ষীৰ তৎপৰতাৰ বাবেই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল চাপৰবাসী ।উল্লেখ্য গোৱালপাৰা জিলাৰ চুনাৰীৰ ফালৰ পৰা অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত হৈ নদীপথেদি পাঁচ/ছয়জনীয়া ডকাইতৰ দল নাৱেৰে চাপৰৰ ধীৰেৰ চৰ দ্বিতীয় খণ্ড গাঁওলৈ আহি থকা গাঁওৰ একাংশ ৰাইজে প্ৰত্যক্ষ কৰে ।
আনহাতে ডকাইতৰ দলৰ নাওখনত কেইবাটাও গৰু থকা গাঁওবাসীয়ে দেখা পায় আৰু এয়া ডকাইতৰ দল বুলি নিশ্চিত হয় ।তাৰ পাছত ডকাইতৰ দলটোৱে ডকাইতিৰ উদ্দেশ্যেৰে নাওৰ পৰা নমাৰ সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত গাঁওবাসীয়ে তাৰে পাঁচটা ডকাইতক আটক কৰি উত্তম মাধ্যম শোধায়।
কিন্তু দলটোত থকা দুজন মানে গৰুভৰ্তি নাওখন লৈ পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ধৃত ডকাইত কেইটা ক্ৰমে গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ শিয়ালমাৰী গাঁওৰ বাদশাহ আলী, মজিদ আলী, চাকাদ আলী, আনোৱাৰ হুছেইন আৰু ছাইজুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে।
ইপিনে ৰাইজে ডকাইতৰ দলটোক আটক কৰি চাপৰ আৰক্ষীক খবৰ দিয়াৰ লগে লগে তৎপৰতাৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আটকাধীন ডকাইতকেইটাক চাপৰ থানালৈ আনে। আৰক্ষীয়ে ধৃত দলটোৰ পৰা চোকা অস্ত্ৰকে ধৰি কেইবাবিধো মাৰণাস্ত্ৰ সদৃশ সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Recent News
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>pranjal ghatowar son of ex congress minster pawansingh ghatowar set to join bjp threatens Rameswar Teli's position– News18 assam
অসম
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
assam
»
BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ!
BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ!
প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ
প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ
News18 Assam
Last Updated : September 24, 2022, 22:18 IST
Share this:
RAJU BARUAH
শেহতীয়াকৈ শাসকীয় গেৰুৱা দলৰ ৰাষ্ট্ৰীয় নেতাৰ আগমন সঘনাই ঘটিছে অসমলৈ ৷ অহা ৭ আৰু ৮ অক্টোবৰত অসমলৈ আহিব বিজেপি (BJP)ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda)আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah) ৷ ৭ অক্টোবৰত পদ্ম ভৱনত উত্তৰ পূবৰ সাংগঠনিক বৈঠকত মিলিত হ'ব জে পি নাড্ডা আৰু ৮ অক্টোবৰত দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই মুকলি কৰিব বশিষ্ঠৰ নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় (Assam BJP Office) ৷ কাৰ্যালয় মুকলিৰ পিছতে খানাপাৰাত আছে বিজেপিৰ বৃহৎ কাৰ্যকৰ্তা সন্মিলন ৷ এই কাৰ্যকৰ্তা সন্মিলনতে বিজেপিত যোগ দিব হাইপ্ৰফাইল বহু নেতাই ৷
বৰাক উপত্যকাৰ কংগ্ৰেছী ৰাহুল ৰয়, অজিত সিঙে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ৷ একেটা দিনতে আছু আৰু আন সংগঠনৰ নেতাই যোগ দিব বিজেপিত ৷ খানাপাৰাতে দুই ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ উপস্থিতিত বিজেপিত যোগ দিব পাৰে প্ৰাঞ্জল ঘাটোৱাৰে ৷ যি খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমত ৷
উজনিৰ প্ৰতাপী চাহ জনগোষ্ঠীয় কংগ্ৰেছী নেতা পৱনসিং ঘাটোৱাৰ (Pawansingh Ghatowar) আৰু জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনক লৈ তলে তলে বিজেপিত আৰম্ভ হৈছে বিৰোধ ৷ প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ লগে লগে মৰাণৰ বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈলৈ আহি পৰিব প্ৰত্যাহ্বান ৷ অৱশ্যে এই কথা স্বীকাৰ নকৰি প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে বিজেপিৰ সংগঠনত প্ৰভাৱ পেলাব বুলি ক'লে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ৷
শনিবাৰে সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰাণৰ বিধায়ক গৰাকীয়ে এইদৰে কয়, "প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিলৈ আহিব বুলি অব্যাহত থকা চৰ্চাই হাঁহিৰ খোৰাক যোগাইছে ৷ আশ্ৰয় বিচাৰি বিজেপিলৈ মন মেলিছে নেকি ঘাটোৱাৰে প্ৰাঞ্জল ঘাটোৱাৰৰ শক্তি আৰু সম্ভাৱনা মই একো দেখা নাই ৷ প্ৰাঞ্জল ঘাটোৱাৰেই নহয়, তেওৰ পিতৃকো পৰাজিত কৰিছোঁ ৷ ঘাটোৱাৰে বিজেপিত যোগদান কৰাটো দলীয় কৰ্মীয়ে বিচৰা নাই ৷ ঘাটোৱাৰ পৰিয়ালৰাজৰ পৰা পৰিত্ৰাণ বিচাৰিছে সমষ্টিবাসীয়ে ৷ ঘাটোৱাৰ দললৈ আহিলে সাংগঠনিক দিশত বিৰূপ প্ৰভাৱ পৰিব কিন্তু !"
চক্ৰ গগৈৰ লগতে ঘাটোৱাৰ পৰিয়ালৰ বিজেপি আগমনৰ লগে লগে চাহ জনগোষ্ঠীয় নেতা বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli)লৈও এক প্ৰকাৰ আহিব পাৰে বৃহৎ প্ৰত্যাহ্বান ৷ একমাত্ৰ চাহ জনগোষ্ঠীয় নেতা বুলিয়েই বাৰে বাৰে বিজেপিৰ টিকট পোৱা আৰু এইবাৰ মন্ত্ৰীত্বৰো সোৱাদ লোৱা সাংসদ তেলীৰ কাম-কাজক লৈ সুখী নহয় সমষ্টিৰ লোক ৷ ক্ৰমান্বয়ে জনপ্ৰিয়তা হেৰুওৱা তেলীৰ সন্মুখত প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানে আনিছে ৰাজনৈতিক কেৰীয়াৰলৈ অনিশ্চয়তা ৷
একেদৰে প্ৰত্যাহ্বান আহিব পাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালালৈ ৷ উজনিৰ বিজেপিৰ চাহ জনগোষ্ঠীয় নেতাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়েও বিৰোধ কৰিছে প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ ৷ কিন্তু এই বিৰোধে যে প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান ৰোধ কৰিব যে নোৱাৰে সেয়া একপ্ৰকাৰ নিশ্চিত ৷