text
stringlengths 0
188k
|
---|
Δ |
I want in |
I've read and accept the Privacy Policy. |
ৰাজনীতিঃ |
৭ ডিছেম্বৰ পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন |
pragjyotishassam - December 7, 2022 |
Read more |
গুজৰাটত সপ্তমবাৰৰ বাবে পুনৰ বিজেপি শাসনলৈ আহিব |
BREAKING NOW |
বদৰুদ্দিন আজমল |
BREAKING NOW |
সোমবাৰে অনুষ্ঠিত গুজৰাট নিৰ্বাচনৰ দ্বিতীয়াংশত ভোটদাল কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে |
BREAKING NOW |
বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব |
BREAKING NOW |
মুখ্যমন্ত্ৰী নাম লোৱাটো অতি ভুল, অৰবিন্দ কেজৰিৱাল দিল্লীৰ প্ৰচাৰ মন্ত্ৰী : বিজেপি সাংসদ গৌতম গম্ভীৰ |
ভাৰত |
Related News/Articles |
স্থানীয় সংবাদঃ |
BREAKING NOW |
নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্যাপনাৰ্থে সমিতি গঠন |
প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ... |
BREAKING NOW |
লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ |
প্ৰাগ্জ্যোতিষ বাৰ্তা,শুৱালকুছি : জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ... |
BREAKING NOW |
শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত... |
BREAKING NOW |
কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল |
ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত... |
Follow us |
Pragjyotish Prakashan Trust || Pragjyotish & Ishan Darpan English Weekly Newspaper & PRAGJYOTISH LIVE || Industrial Estate, Bye Lane 2, Shade No 28 (A), Bamunimaidan, Guwahati, Assam 781021<eot>ৰং বা বৰণ মানে কি কোৱাটো বৰ মস্কিল, কিন্তু বুজিবলৈ বৰ সহজ। আপুনি দেখিয়েই ক’ব পাৰিব সেইটো ৰং ৰঙা, সেইটো নীলা, সেইটো হালধীয়া, সেইটো বগা, সেইটো ক’লা! ৰং মানে কি বুলি সুধিলে দিবলৈ উত্তৰ এটা পটকৈ বিচাৰি নাপায়। অলপ দ-লৈ গ’লে বৰ আচৰিত কথা কিছুমান ওলায়। |
ৰং কি বুজিবলৈ পদাৰ্থ বিজ্ঞানৰ সহায় লৈ চাওচোন। ৰং মানে বিদ্যুৎ-চুম্বকীয় তৰংগ মাত্ৰ। কোনো এটা বস্তুৱে শক্তি নিৰ্গত কৰে বিদ্যুৎ-চুম্বকীয় তৰংগৰ ৰূপত, যেতিয়া এই বিদ্যুৎ-চুম্বকীয় তৰংগবোৰে এটা নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ সীমাৰ ভিতৰত থাকে, তেতিয়াই আমি তাক ৰং হিচাপে ‘দেখা’ পাও। এই ‘দেখা’ শব্দটো ভালকৈ মন কৰিব, কাৰণ ৰঙৰ সংজ্ঞাৰ সেইটো আটাইতকৈ জৰুৰী উপাদান। আমাৰ চকুৱে যেনেদৰে কাম কৰে তাতহে ৰঙৰ অস্তিত্ব আছে, সেয়ে ৰং আমাৰ মগজুৰ সৃষ্টি বুলিলেও ভুল নহয়। প্ৰকৃততেই আমাৰ চকু অবিহনে ৰঙৰ কোনো অস্তিত্ব নাই। এই অস্তিত্ববিহীন কথাটো ক’বলৈ সহজ, কিন্তু অনুভৱ কৰিবলৈ বৰ কঠিন। কাৰণ পৃথিৱীখন আমি যেনেকৈ দেখোঁ, যিদৰে অনুভৱ কৰোঁ সেইটোত ৰং ইমানেই ওতঃপ্ৰোত ভাৱে সোমাই আছে যে ৰং বিহীন অৱস্থা এটা কল্পনা কৰাটোও অসম্ভৱ। ৰঙ অবিহনে ভৌতিক জগত সম্বন্ধে আমাৰ ধাৰণাই বেলেগ হ’লহেঁতেন। |
ৰঙৰ অস্তিত্ব একমাত্ৰ আমাৰ মনতহে এই কথাটো পটকৈ বিশ্বাস কৰিবলৈ বৰ টান হয়। কিন্তু তাৰ সত্যতাৰ প্ৰমাণ আপোনাৰ চকুৰ আগতে আছে। পদাৰ্থবিজ্ঞানৰ দৃষ্টিৰে চালে চিত্ৰ ১ ত দেখাটোহে প্ৰকৃত ৰং। একেবাৰে ওপৰত দীঘল তৰংগ দৈৰ্ঘ্যৰ ৰঙা ৰং আৰু তললৈ ক্ৰমাৎ চুটি হৈ অহা তৰংগ দৈৰ্ঘ্যৰে হালধীয়া, সেউজীয়া, নীলা আৰু বেঙুনীয়া ৰং। স্বাভাৱিক প্ৰশ্নটো উঠে ইয়াতকৈ বেছি চুটি বা দীঘল তৰংগ দৈৰ্ঘ্যবোৰ ৰং নহয় নেকি? সহজ উত্তৰ এটা দিবলৈ হয়ো, নহয়ো। হয়, কাৰণ ৰং মানে যদি তৰংগ দৈৰ্ঘ্য, তেন্তে ইয়াতকৈ চুটি বা দীঘল তৰংগ দৈৰ্ঘ্যবোৰো ৰং হ’বই লাগিব। আনহাতে নহয়ো, কাৰণ ইয়াতকৈ চুটি আৰু দীঘল তৰংগ দৈৰ্ঘ্যবোৰ আমি দেখা নাপাওঁ, গতিকে তেনে তৰংগদৈৰ্ঘ্যবোৰক ৰং নুবুলিলেও কোনো অসুবিধা নাই! আচলতে আমি ৰং নোবোলোও! দীঘল তৰংগ দৈৰ্ঘ্যবোৰ ৰেডিঅ’ তৰংগ বা মাইক্ৰৱেভ তৰংগ আৰু চুটিবোৰ ৰঞ্জন ৰশ্মি বা গামা ৰশ্মি। |
তেন্তে ৰং মানে বিদ্যুৎ-চুম্বকীয় তৰংগ মাত্ৰ? ওহোঁ! এটা ডাঙৰ সমস্যা আছে। ২নং চিত্ৰত দৃশ্যমান হোৱা সকলো ৰঙৰ তালিকা দিয়া আছে। ছবিখনৰ একেবাৰে বাওঁফাল আৰু সোঁফালটো ক’লা হৈ আছে। অৰ্থাৎ সেইখিনি তৰংগ-দৈৰ্ঘ্যৰ ৰং আমি দেখা নাপাওঁ। গতিকে কোনো ৰঙ নাথাকিলে ক’লা দেখা পাওঁ বুলি আমি বুজিলোঁ। কিন্তু দৃশ্যমান ৰঙৰ তালিকাত আমি প্ৰায়েই দেখা বগা ৰঙটোৱেই নাই! গতিকে আমি দেখা ৰঙৰ কথা যদি ধৰোঁ তেন্তে পদাৰ্থবিজ্ঞানৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত ৰঙৰ যিটো বাখ্যা সেইটো সম্পূৰ্ণ নহয় বুলি বুজিব পাৰোঁ। |
বগা ৰং যদি তৰংগ তালিকাত নায়েই তেন্তে আমি বগা ৰং দেখোঁ কেনেকৈ? মই আগতেই কৈছিলো ৰং আমাৰ মগজুৰহে সৃষ্টি। গতিকে বগা ৰঙৰ বিষয়ে বুজিবলৈ আমি পদাৰ্থবিজ্ঞানৰপৰা আঁতৰি আহি চকু আৰু মগজুৰ ভিতৰলৈ চাব লাগিব। ৩নং চিত্ৰলৈ মন কৰক। ছবিখনৰ আমাৰ চকুৰ ভিতৰত থকা ৰেটিনাৰ পাৰ্শ্বচ্ছেদ দেখুওৱা হৈছে। আমাৰ চকুত থকা লেন্সেৰে ফ’কাছ হৈ বাহিৰৰ জগত পোহৰ চকুৰ ৰেটিনাত পৰে আৰু ৰেটিনাই সেই পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰি মগজুলৈ পঠিয়ায়। ৰেটিনাৰ চকুৰ ফালে থকা অংশত (চিত্ৰত সোঁফালৰ অংশ) শংকু আকৃতিৰ ৰঙা, সেউজীয়া আৰু নীলা গাঁথনি কেইটালৈ মন কৰক। আৰু তাৰ মাজে মাজে সোমাই আছে দীঘলীয়া ক’লা আকাৰৰ আন এবিধ গাঁথনি। শংকু আকৃতিৰ গাঁথনিসমূহক ক’ন (Cone) আৰু দীঘলীয়া মাৰি আকৃতিৰ গাঁথনিসমূহক ৰড (rod) বোলা হয়। ৰেটিনাত থকা এই ৰড আৰু ক’নসমূহেহে পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। বাকীখিনি গাঁথনি ৰেটিনাৰ ভিতৰত থকা স্নায়ু, ৰক্ত পৰিবাহী নলিকা, বা সুৰক্ষা দিয়া গাঁথনিহে। |
ৰড সমূহে কোনো এটা বস্তুৰ পৰা কিমান বেছি পোহৰ আহিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেছি বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে। পোহৰৰ পৰিমাণৰ লগত ৰঙৰ তৰংগদৈৰ্ঘ্যৰ প্ৰত্যক্ষ সম্বন্ধ নাই, কিন্তু আমি দেখা ৰঙৰ আছে। কথাটো বুজিবলৈ আন এটা কথা মনত পেলাওক; ধৰি লওক ৰঙা ৰঙৰ দেৱাল এখনৰ এটাফালে ৰ’দ পৰি আছে, আনটোফালে ছাঁ পৰি আছে। আমি দেখোঁতে ৰ’দ পৰি থকাটো উজ্জ্বল ৰঙা দেখোঁ, আৰু ছাঁ পৰি থকা অংশটো অনুজ্বল ৰঙা। কিন্তু বেৰখনৰ মূল ৰঙৰ কোনো পৰিৱৰ্তন আচলতে হোৱা নাই। মাত্ৰ প্ৰত্যক্ষভাৱে ৰ’দ পৰি থকা অংশৰপৰা বেছিকৈ তীব্ৰ তৰংগদৈৰ্ঘ্য আহিছে, আৰু ছাঁ পৰি থকা অংশৰপৰা কম তীব্ৰ। কিমান পোহৰ আহিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ৰডসমূহে কম আৰু বেছি বৈদ্যুতিক সংকেত মগজুলৈ প্ৰেৰণ কৰে। |
কিন্তু সমস্যাটো হৈছে বেৰখনৰ ৰং ৰঙাই হওক বা নীলাই ৰডে তাৰ ওপৰত কোনো সালসলনি নকৰে, মাত্ৰ উজ্জ্বলতাৰ হিচাপেৰেহে বৈদ্যুতিক সংকেত সালসলনি কৰিব। সেয়ে ৰডে ৰঙৰ কোনো আভাষ নিদিয়ে মাত্ৰ পোহৰৰ উজ্জ্বলতাৰ আভাষহে দিয়ে। সমস্যাটো হৈছে অকল উজ্জ্বলতা আমি কেনেকৈ দেখোঁ বুলিলে কোনো চিধা উত্তৰ দিব নোৱাৰি। বগা-ক’লা দেখোঁ বুলি ধাৰণা এটা কৰিব পাৰি। কিন্তু সমস্যাটো হৈছে পদাৰ্থবিজ্ঞানৰ মতে বগা বুলি কোনো ৰঙেই নাই। বগা ৰঙৰ বাখ্যাৰ বাবে আমি ক’নৰ কামখিনি চাব লাগিব। |
চিত্ৰ-ত ক’ন তিনি প্ৰকাৰৰ দেখুওৱা হৈছে- ৰঙা, সেউজীয়া আৰু নীলা। সেয়া আচলতে তিনিটা ভিন্ন প্ৰকাৰৰ ক’ন চিহ্নিত কৰিবলৈ দিয়া হৈছে। তিনি প্ৰকাৰৰ ক’নে তিনিটা ৰঙৰ বাবে নিৰ্দিষ্ট বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে। যেনে, ৰঙা ক’নসমূহে অকল ৰঙাৰ উজ্জ্বলতাৰ ওপৰ নিৰ্ভৰ কৰি বৈদ্যুতিক সংকেতৰ তাৰতম্য ঘটাব, নীলা ক’নে নীলা ৰঙৰ তাৰতম্য অনুসৰি আৰু সেউজীয়া ক’নে সেউজীয়া ৰঙৰ তাৰতম্য অনুসৰি। আমাৰ মগজুৱে যেতিয়া এই তিনি ধৰণৰ ক’নৰপৰা যোৱা বৈদ্যুতিক সংকেত বিশ্লেষণ কৰে, তেতিয়া এই তিনিবিধ বিশ্লেষণৰ লগত ৰডৰপৰা পোৱা তথ্যকো সাঙুৰি নিজাববীয়াকৈ এখন চিত্ৰ নিৰ্মাণ কৰে। |
যদি এটা বস্তুৰপৰা সমানে ৰঙা, সেউজীয়া আৰু নীলা পোহৰ নিৰ্গত হয়, তেন্তে আমাৰ মগজুৱে সেইটোক বগা ৰং বুলি চিনি পায়। যদিও বস্তুটোৰপৰা আচলতে বগা ৰং ওলোৱা নাই, বৰং ৰঙা, নীলা আৰু সেউজীয়া তিনিওটা ৰঙেই সমান মাত্ৰাত নিৰ্গত হৈছে। সেয়ে বগা ৰঙৰ আচলতে কোনো অস্তিত্ব নাই, বগা ৰং আমাৰ মগজুৱে দিয়া আমাক দিয়া এক নিৰ্দেশহে মাত্ৰ। |
অৱশ্যে সমান মাত্ৰাত বগা ৰং বুলি ক’লো যদিও সেয়া সিমান সহজ নহয়। আচলতে তিনিওটা কল’নৰপৰা সমান মাত্ৰাত সংকেত গ’লে তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি সি শুধ বগাৰপৰা ধোঁৱা বৰণীয়া হৈ ক’লা চানেকীয়ালৈ ৰং সলনি কৰিব পাৰে। অৰ্থাৎ তিনিওটা ক’নৰ জৰিয়তেও বগা আৰু ক’লা ৰঙৰ আভাষ পাব পাৰি। |
এইখিনি আলোচনাৰপৰা ৰং যে আমাৰ মগজুৰহে সৃষ্টি সেয়া বুজিব পাৰি। আৰু এটা জমনি কথা হ’ল, ৰং যিহেতু আমাৰ মগজুৰহে সৃষ্টি আৰু যিহেতু চকুৰ গাঁথনি বেলেগ বেলেগ হ’ব পাৰে, সেয়ে এনে হোৱাটো নিতান্তই সমীচীন যে প্ৰতিজন মানুহেই আচলতে একেটা ৰঙকে বেলেগ বেলেগ ধৰণে দেখে। ৰঙাটো সেউজীয়া দেখে ধৰণৰ বুলি কোৱা নাই, কিন্তু হয়তো আপুনি যিটো উজ্জ্বল ৰঙা দেখিছে, সেইটো কিজানি আনজনে তাতকৈ অনুজ্বল ৰঙা দেখিছে তেনে হ’ব পাৰে। কিন্তু তাতকৈ আমোদজনক কথাটো হ’ল, যিহেতু দুয়োজন মানুহজনে সৰুৰেপৰাই ৰংবিলাক তেনেকৈয়ে দেখি আছে, আৰু তেনেকৈয়ে শিকিছে সেয়ে প্ৰকৃত দেখাটো বেলেগ বেলেগ হ’লেও দুয়োজনৰ মাজত ৰংটো সম্পৰ্কে কোনো বিৰোধ নহয়। |
(এয়া গ’ল ৰং দেখাৰ কথাহে। কিন্তু ৰংবিলাক আমাক দেখুৱাবলৈ আৰু কিছুমান বেলেগ বেলেগ ধাৰণাৰ কথা আহি পৰে। সেইখিনি পাছৰ খণ্ডলৈ এৰিছোঁ।) |
“ৰং” বিজ্ঞান-ৰ পিছৰ খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক। |
← হিতেন শৰ্ম্মাৰ দিনলিপি-১১ (২য় অধ্যায়)(-ধ্ৰুৱজ্যোতি শৰ্মা) |
পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (-অচিন্ত বৰঠাকুৰ) → |
You May Also Like |
প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়-ধ্ৰুৱজ্যোতি শইকীয়া |
September 24, 2020 0 |
তৃতীয় লিংগৰ অন্তৰ্নাদৰ সমসাময়িক অভিক্ৰিয়া: ফায়াৰ ফ্লাইজ (জোনাকী পৰুৱা) — ড• দীপশিখা ভাগৱতী |
December 16, 2020 1 |
দীৰ্ঘায়ুৰ মুলমন্ত্ৰ: "সাৱধানতা" (ধীৰাজ কলিতা) |
October 14, 2013 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.