text
stringlengths
0
188k
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কৰ্কট ৰোগৰ ১৯টা নতুন চিকিৎসাকেন্দ্ৰৰ আধাৰশিলা স্থাপনেৰে আজি ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত এক মাইলৰ খুঁটি স্থাপন কৰা হয়। কেৱল ৰাজ্যৰে নহয়, এই নতুন সংযোজন সমগ্ৰ উত্তৰ-পূবৰ ৰাইজৰ বাবে ডাঙৰ সুবিধা হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে যুটীয়াভাৱে গঠন কৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনৰ অধীনত ৰাজ্যৰ মেডিকেল কলেজকেইখনৰ চৌহদত স্থাপন হ’ব লগীয়া এই ১৯টা চিকিৎসাকেন্দ্ৰৰ আজি আনুষ্ঠানিকভাৱে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আধাৰশিলা স্থাপন কৰা হয়।
এই আধাৰশিলা স্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা, অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্য চৰকাৰৰ মুখ্য সচিব টি ৱাই দাস প্ৰমুখ্যে ভালে সংখ্যক আমোলা-বিষয়া আৰু ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা কৰ্কট ৰোগৰ বিশেষজ্ঞ।
উল্লেখ্য যে, প্ৰায় দুহেজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া এই ১৯টা কৰ্কট চিকিৎসাকেন্দ্ৰৰ বাবে টাটা ট্ৰাষ্টে ৯০০ কোটি টকা আৰু ৰাজ্য চৰকাৰে ১,০৩০ কোটি টকা আগ বঢ়াইছে। ইয়াৰ উপৰি এই কেন্দ্ৰসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনে ১৮০ কোটি টকাৰ অনুদান লাভ কৰিব বুলি আজিৰ অনুষ্ঠানৰ মাজতে স্বাস্থ্য বিভাগৰ বিষয়া প্ৰধান সচিব সমীৰ সিনহাই জানিবলৈ দিয়ে।
আজি গুৱাহাটীৰ লগতে ডিব্ৰুগড়, বৰপেটা, ধুবুৰী, ডিফু, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শিলচৰ, তেজপুৰ, তিনিচুকীয়া, দৰং, গোৱালপাৰা, গোলাঘাট, হাফলং আৰু শিৱসাগৰত নিৰ্মাণ হ’ব লগীয়া এই কেন্দ্ৰসমূহৰ একেলগে আধাৰশিলা স্থাপন কৰা হয়।
সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয়, “এই ১৯টা কেন্দ্ৰ অসমৰ লগতে উত্তৰ-পূবৰ মানুহৰ জীৱনদায়িনী স্বৰূপ হ’ব। ই ভাৰতৰ স্বাধীনতাৰ পাছত অসমৰ স্বাস্থ্যখণ্ডৰ ইতিহাসত সকলোতকৈ ডাঙৰ পদক্ষেপ।”
তেওঁ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক প্ৰশংসাৰে ওপচাই দি কয় যে সোণোৱালৰ নেতৃত্বত অসম এতিয়া দেশৰ এখন উন্নত ৰাজ্য হোৱাৰ সপোন দেখিব পৰা হ’ল।
সমান্তৰালভাৱে অমিত শ্বাহে কংগ্ৰেছক সমালোচনা কৰি কয়, “ভাৰতত প্ৰায় সংখ্যক ৰাজ্যতে স্বাধীনতাৰ পৰা বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিছে। কংগ্ৰেছৰ দিনত দেশৰ জি ডি পি নিম্নগামী হৈ গৈছিল, কিন্তু বিজাপি অহাৰ পাছৰে পৰা জি ডি পি ওপৰলৈ গতি কৰিছে।”
তেওঁ লগতে অসমক বিজেপি চৰকাৰে ৰে’লসেৱা, পথসেৱা আৰু তথ্য-প্ৰযুক্তিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়াৰ উপৰি বাংলাদেশৰ চিটাগং বন্দৰৰ লগত অসমৰ পোনপটীয়া যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা দোহাৰে। শ্বাহে লগতে অসমৰ জিডিপি দেশৰ ভিতৰতে সৰ্বাধিক হ’ব বুলিও মন্তব্য কৰে।
অনুষ্ঠানত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয়, “কৰ্কটৰ দৰে নীৰৱ ঘাতকৰ বিৰুদ্ধে আমি যুঁজিব বিচাৰিছো। ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতেই কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। গতিকে অসমত কৰ্কট ৰোগৰ উপযুক্ত চিকিৎসা কেন্দ্ৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলো।” তেওঁ লগতে অসম তথা উত্তৰ-পূবত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰো অশ্বাস দিয়ে।
ইপিনে সোমবাৰে আধাৰশিলা স্থাপন কৰা ১৯টা কৰ্কট চিকিৎসাকেন্দ্ৰৰ নিৰ্মাণকাৰ্য আগন্তুক ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত ড০ শৰ্মাই কয়, “এই কেন্দ্ৰসমূহে ভাৰতৰ বিভিন্ন স্থানত থকা আগশাৰীৰ কৰ্কট চিকিৎসালয়সমূহৰ লগত মুহূৰ্তে মুহূৰ্তে যোগাযোগ ৰক্ষা কৰি অসমৰ ৰোগীসকলক সেৱা আগ বঢ়াই যাব। এই সেৱা কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ নাথাকি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ জনসাধাৰণক সামৰি ল’ব। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে অতল অমৃত যোজনাৰ অধীনত এই কৰ্কট চিকিৎসা কেন্দ্ৰসমূহত ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি আগন্তুক তিনিমাহৰ ভিতৰত ৰাজ্য চৰকাৰে ‘সমৰ্থ অসম’ নামেৰে এক নতুন আঁচনি মুকলি কৰি ১৪ বছৰ বয়সৰ তলৰ প্ৰতিগৰাকী শিশুৰ যিকেনো ৰোগৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিব বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাস্থ্যখণ্ডৰ এই নৱ-সংযোজনে কৰ্কটৰ দৰে ৰোগত আক্ৰান্ত হৈ দিশহাৰা হোৱা ৰোগীৰ পৰিয়ালৰ বাবে আশাৰ সঞ্চাৰ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে এডভাণ্টেইজ আছামত বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে মুঠ ১৪০খন বুজাবুজিৰ চুক্তি হৈছিল বুলি জানিবলৈ দি টাটা ট্ৰাষ্টে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে টাটাক ধন্যবাদ জনায়।
অনুষ্ঠানত উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই কৰ্কট চিকিৎসা কেন্দ্ৰসমূহে অৰুণাচল প্ৰদেশৰ ৰাইজকো উপকৃত কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে অৰুণাচল প্ৰদেশৰ স্বাস্থ্যখণ্ডৰ বাবে ‘আৰোগ্য অৰুণাচল’ নামে এক আঁচনি মুকলি কৰিব বুলিও জানিবলৈ দিয়ে।
Recent News
পন্নিয়িন চেলভান-১
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩ জন নিহত, আহত ১১ জন
সমকামিতাৰ বিৰুদ্ধে কঠোৰ আইন ৰাছিয়াৰ! সংসদত গৃহীত বিধেয়ক
আমেৰিকাৰ আদালতত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ; মানহানিৰ অভিযোগ ট্ৰাম্পৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>লকডাউনৰ মাজতে পুনৰ সম্প্ৰচাৰ কৰিবলৈ লোৱা ধাৰাবাহিক ৰামায়ণে জনপ্ৰিয়তাৰ লেখেৰে ভাৰতীয় টিভিৰ এক অভিলেখ ভংগ কৰিছে।
দূৰদৰ্শনৰ ডি ডি নেচনেলত দেওবাৰে হোৱা ৰামায়ণৰ সম্প্ৰচাৰ ২০১৫ চনৰ পৰা হিন্দী সাধাৰণ মনোৰঞ্জন চেনেলৰ শিতানত সৰ্বাধিক দৰ্শকে উপভোগ কৰিছে।
এই তথ্য বাৰ্ক (Broadcast Audience Research Council)-নীলচনৰ। বাৰ্কে ২০১৫ চনৰ পৰাহে টিভিৰ দৰ্শকৰ তথ্য সংগ্ৰহ কৰি আহিছে।
সেয়ে ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ প্ৰথম দৰ্শনীৰ দৰ্শকসংখ্যা বাৰ্কৰ সংগৃ্হীত তথ্যৰ ভিতৰত সৰ্বকালৰ সৰ্বাধিক।
২৮ মাৰ্চ শনিবাৰৰ পৰা সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখন দেওবাৰে গধূলি ৫.১ কোটি দৰ্শকে উপভোগ কৰিছে।
শনিবাৰে পুৱা ৯ বজাত পুনৰ সম্প্ৰচাৰৰ প্ৰথম শ্ব’টোত ৩.৪ কোটি, শনিবাৰে গধূলি ৯ বজাত ৪.৫ কোটি আৰু দেওবাৰে পুৱা ৪ কোটি লোকে দৰ্শন কৰিছে।
মেট্ৰ’সমূহকে ধৰি নগৰ অঞ্চলৰ লোকে এই মেগা ধাৰাবাহিকখন অধিক চোৱা পৰিলক্ষিত হৈছে।
অৰুণ গোভিলে ৰাম, দাৰা সিঙে হনুমানৰ চৰিত্ৰত অভিনয় কৰা ৰামানন্দ সাগৰৰ এই ধাৰাবাহিকখনে পূৰ্বেও অভূতপূৰ্ব জনপ্ৰিয়তা আৰ্জন কৰিছিল।
ধাৰাবাহিকখনৰ অভিনেতা-অভিনেত্ৰীসকলক বহুতে সাক্ষাৎ ঈশ্বৰজ্ঞান কৰিছিল আৰু ইয়াৰ দৰ্শনীৰ সময়ত ভাৰতৰ ৰাষ্টা-ঘাট জনশূন্য হৈ পৰিছিল।
কেৱল টিভিয়ে নহয়, ইউটিউবতো ৰামায়ণৰ সম্প্ৰচাৰৰ পিছৰ পৰা দূৰদৰ্শনৰ দৰ্শকসংখ্যা ১০০ শতাংশলৈকে বৃদ্ধি পাইছে।
কেৱল ৰামায়ণেই নহয় মহাকাব্য মহাভাৰত আধাৰিত আন এখন মেগা ধাৰাবাহিক মহাভাৰতৰ লগতে চুপাৰহিৰ’ কাহিনী শক্তিমান, চাৰ্কাছ, ব্যোমকেশ বক্সি আদিও দূৰদৰ্শনে পুনৰ সম্প্ৰচাৰ কৰিবলৈ লৈছে।
Recent News
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সেই পানী শিৱসাগৰৰ গৱেষণাগাৰত পৰীক্ষা কৰাৰ লগতে গুৱাহাটীলৈও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে শিৱসাগৰ প্ৰদূষণ বোৰ্ডৰ এগৰাকী বিষয়াই।
প্ৰাথমিক পৰীক্ষা হিচাবে আজি ডিজলভড অক্সিজেন টেষ্ট কৰা হয় আৰু এই পৰীক্ষাত দিখৌ নদীৰ পানী স্বাভাৱিক পৰ্যায়ত আছে বুলি জনা যায়।
বিষয়াগৰাকীয়ে কয় এয়া দিখৌ নদীৰ পানীৰ ওপৰত পৰা শেলুৱৈ বুলি কয় বিষয়া গৰাকীয়ে।
এইসময়ত এই শেলুৱৈবিলাক বাঢ়ি যায় বা ফুলি যায় আৰু ইয়াৰ ৰং নীলা বা সেউজীয়া হয়। সেইবাবে নদীৰ পানী নীলা আৰু সেউজীয়া বৰণ হৈছে বুলি ধাৰণা কৰা হৈছে।
ইপিনে দিখৌ নদীত মাছৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ত তেওঁ কয় যে এই শেলুৱৈবোৰ বাঢ়ি যোৱাত বা ফুলি যোৱাৰ ফলত কিছুমান ৰেণু ওলায় আৰু এই ৰেণু বিলাক মাছৰ বাবে বিষাক্ত।
এই ৰেণু খালে মাছ মৰে। সেইবাবে যোৱা কিছুদিন ধৰি দিখৌ নদীৰ মাছ অস্বাভাৱিক ভাৱে মৰিছে বুলি কয় বিষয়া গৰাকীয়ে মন্তব্য কৰে।
Recent News
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বাৰে বাৰে বেংকৰ গ্ৰাহকৰ জমা ধন টাৰ্গেট হৈছে লুটপাতকাৰীৰ। যোৱা ২০ ফেব্ৰুৱাৰিৰ দিনা দৰঙৰ এটা হেকাৰ চক্ৰই দলগাওঁ এছ বি আইৰ শাখাৰ পৰা এজন গ্ৰাহকৰ ৫ হাজাৰ টকা উলিয়াই নিছিল। পিছত আৰক্ষীয়ে হেকাৰ চক্ৰটোৰ মাজৰ এজন চহৰ আলীক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰ এদিন পিছতে আজি আকৌ এছ বি আইৰ মঙলদৈ শাখাৰ চৌহদৰ পৰা আন এজনক আটক কৰে।
ছানি শ্বাহ (২২) নামৰ বঙাইগাৱঁৰ যুৱকজনে আজি চৌহদৰ পৰা আব্দুল মালিক নামৰ এজন লোকৰ পৰা ১ লাখ টকা থকা এটা পলিথিনৰ বেগ লৈ উধাও হ’ব খোজোতেই উপস্থিত লোকে ধৰে।
জানিব পৰামতে আব্দুল মালিক এজন ঠিকাদাৰ আৰু তেওঁ মঙলদৈৰ জয়ানগৰৰ বাসিন্দা। তেওঁ জনোৱামতে, তেওঁ নিজৰ মটৰচাইকেলখনত নিজৰ বেগটো আঁৰি লৈ যাবলৈ ওলাওঁতেই কোনোবাই ‘আপোনাৰ পইচা পৰিল’ বুলি চিঞৰা শুনে। মাত্ৰ কেই ছেকেণ্ডমানৰ বাবে তেওঁৰ মনোযোগ সেইপিনে যাওঁতেই এজন ল’ৰাই তেওঁৰ বেগটো টানি লৈ পলাবলৈ ওলাইছিল। কিন্তু পলাব নোৱাৰিলে। তেওঁলোকে ল’ৰাটোক ধৰিল। বেংকৰ ওচৰ-পাঁজৰৰ ব্যৱসায়ীসকলে জনোৱামতে এইটোৰ এটা চক্ৰ আছে আৰু সিহঁতে বেংক একাউণ্টধাৰীসকলে টকা উলিওৱাৰ লগে লগে তেওঁলোকক অনুসৰণ কৰে আৰু সুকীয়া সুকীয়া কৌশল অৱলম্বন কৰি টকা সৰকাই।
সূত্ৰটোৱে জনোৱামতে কিছু দিনৰ পূৰ্বে এগৰাকী বিধৱা মহিলা একে ঠাইতে একেদৰেই এই চক্ৰটোৰ বলি হৈছিল। মহিলাগৰাকীৰ পৰা চক্ৰটোৱে ৩০ হাজাৰ টকা সৰকাইছিল।
আৰক্ষীয়ে জনোৱামতে আজিৰ ল’ৰাটোৰ পৰা এখন ছুৰী উদ্ধাৰ কৰিছে। ল’ৰাজনে এতিয়ালৈকে আন কাৰো নাম লোৱা নাই বুলি আৰক্ষীৰ সূত্ৰটোৱে জনাইছে।
Recent News
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>W7s news ষ্টাফৰিপোৰ্টাৰ : অসম আৰক্ষীৰ পৰা অৱসৰপ্ৰাপ্ত বিষয়া জগত চন্দ্ৰ ভৰালীৰ বৰ্ধক্যজনিত কাৰণত মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁ ২০০৩ চনত দেৰগাঁওস্থিত অসম আৰক্ষীৰ ১১ বেটেলিয়নৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেওঁ দেৰগাঁওৰ বঙালগাওঁৰ বিভিন্ন ৰাজহুৱা কামৰ লগত জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী , পুত্ৰ , কন্যা , বোৱাৰী আৰু নাতি - নাতিনীক এৰি যায় ।
তেওঁৰ মৃত্যুত দেৰগাঁওত শোকৰ ছাঁ পৰে ।
Tags # অসম
Share This
About W7S News
অসম
By W7S News at October 11, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: অসম
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...