text
stringlengths
0
188k
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>''শক্তিশালী নেতা নাথাকিলে পুনৰ আফতাব জন্ম হ'ব,মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ সুযোগ দিয়া গুৰুত্বপূৰ্ণ''
২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰৰ ভয়ংকৰ হত্যাকাণ্ডই এতিয়া ঠাই পাইছে গুজৰাট নিৰ্বাচনী প্ৰচাৰত ।
Asomiya Pratidin
Published on :
19 Nov, 2022, 11:00 am
ডিজিটেল ডেস্ক: ২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰৰ ভয়ংকৰ হত্যাকাণ্ডই এতিয়া ঠাই পাইছে গুজৰাট নিৰ্বাচনী প্ৰচাৰত । বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কচ্ছত এক ৰেলীত ৰাইজক সতৰ্ক কৰি দিছে যে যদি দেশত কোনো শক্তিশালী নেতা নাথাকে, তেন্তে প্ৰতিখন চহৰতে আফতাব আমিন পুনাৱালাৰ জন্ম হ'ব । যদি তেনে হয় তেন্তে আমি আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰিম বুলি কয় শৰ্মাই।
শৰ্মাই কয় যে দেশৰ জনতাই নৰেন্দ্ৰ মোডীক কেন্দ্ৰত তৃতীয় কাৰ্যকাল শাসন কৰিবলৈ সুযোগ দিব লাগে। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ বিৱৰণ দি শৰ্মাই ঘটনাটো লাভ জিহাদ বুলি কয় ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে "আফতাবে শ্ৰদ্ধাক মুম্বাইৰ পৰা আনিছিল আৰু লাভ জিহাদৰ নামত তাইক ৩৫ টুকুৰা কৰিছিল।আৰু শৰীৰটো ক'ত ৰখা হৈছিল? ফ্ৰিজত। আৰু যেতিয়া মৃতদেহটো ফ্ৰিজত আছিল, তেওঁ আন এগৰাকী মহিলাক ঘৰলৈ লৈ আহিছিল আৰু তাইৰ সৈতে সম্পৰ্ক কৰিছিল। যদি দেশখনক মাতৃ বুলি গণ্য কৰা কোনো শক্তিশালী নেতা নাথাকে, তেন্তে এনে আফতাব প্ৰতিখন চহৰতে জন্ম হ'ব আৰু আমি আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰিম। সেয়েহে, ২০২৪ চনত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী কৰাটো অতি গুৰুত্বপূৰ্ণ''।
উল্লেখ্য যে, ২০২২ চনৰ ১৮ মেত আফতাবে প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল। তাৰ পাছত মৃতদেহৰ ৩৫ টুকুৰা কৰি ১৮ দিন ধৰি কোনো স্থানত পেলাই থৈ আহিছিল। এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে।<eot>উচ্চতম ন্যায়ালয়ে আজি হিজাব বিতৰ্কক ৰাষ্ট্ৰীয় আলোচনাৰ বিষয় নকৰিবলৈ আহ্বান জনোৱাৰ সময়তে স্পৰ্শকাতৰ বিষয়টোকলৈ কাশ্মীৰতো উত্তেজনাৰ সৃষ্টি হ’ল।
আজি কাশ্মীৰৰ শ্বপিয়ানত অকাংশ লোকে হিজাবৰ সমৰ্থনত প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাকাৰীসকলে বিভিন্ন ধৰণৰ শ্ল’গান দিয়ে। সমদলত ছাত্ক-ছাত্ৰীয়েও ভাগ লয়।
আনৰ ব্যক্তিগত আৰু ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।
হিজাব পিন্ধা নিষিদ্ধ কৰিলে কাশ্মীৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰতিবাদকাৰী সকলে সকিয়াই দিয়ে।
Recent News
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আজিৰ খবৰ, গোলাঘাট, ৫ ছেপ্টেম্বৰঃ ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়া (এছ বি আই)ৰ গোলাঘাট শাখাই আজি নিজা কাৰ্যালয়ত শিক্ষক দিৱস উদযাপন কৰে। এই উপলক্ষে অধ্যাপক অমৰেন্দ্ৰ নাৰায়ণৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও কৃতী শিক্ষকক এছ বি আই-এ…
Sports
Tokyo Paralympics 2020: PM Modi dials to Golden boy Sumit Antil and praises the athlete
Ranbir Hanse Aug 31, 2021 0
New Delhi, August 30: After clinching 'Gold' medal India's Prime Minister Narendra Modi has congratulated Paralympian athlete and javelin thrower, Sumit Antil, over a telephone call after the latter broke his own world record in men's…
Entertainment
ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া আৰু কিমান দিন জীয়াই আছিল ? জানিবলৈ মন নাযায় নে …
Azir Khobor Aug 30, 2021 0
আজিৰ খবৰ,৩০ আগষ্ট : আজি পৱিত্ৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে কৃষ্ণৰ জন্মস্থান উত্তৰ প্ৰদেশৰ মথুৰা-বৃন্দাবন, গোকুল-মহাবন, নন্দগাঁও-বৰষানা, গোৱৰ্ধন আদি চহৰৰ লগতে সমগ্ৰ দেশতে উলহ-মালহেৰে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে ৷ কৃষ্ণৰ বিনে…
Assam
গুৱাহাটীত অব্যাহত আছে ভাং – ড্ৰাগছৰ সৰবৰাহ: ভঙাগড়ত ভাংসহ এজনক আটক।
Azir Khobor Aug 27, 2021 0
আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্ব , নিৰ্দেশ আৰু তত্বাৱধানত জিলাখনৰ সকলো আৱকাৰী চক্ৰ কার্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা , চুলাই…
Assam
দীপৰ বিল সংযোগী পামহী কেনেলৰ পাৰত পেলাব নোৱাৰিব আৱৰ্জনা।
Azir Khobor Aug 27, 2021 0
আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা…
Assam
গুৱাহাটীত চলিব ভিষ্টাডোম ৰেল : ২৮ আগষ্টৰ পৰা হাফলঙলৈ চলিব ভিষ্টাডোম ৰেল সেৱা ।
Azir Khobor Aug 26, 2021 0
আজিৰ খবৰ , ২৬ আগষ্ট : ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি পৰ্যটনথলী সমূহ পৰ্যটকৰ বাবে মুকলি কৰা কাৰ্য্য আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । আনকি নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ…
Entertainment
অসমীয়া চলচ্চিত্ৰলৈ আহিছে সূখবৰ :ব্ৰীজ’ ছবিয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ নবাগত…
Azir Khobor Aug 26, 2021 0
আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : অসমীয়া চলচ্চিত্ৰ ব্ৰীজ ছবিখনে আনিছে অসমীয়া ছবিজগতলৈ আনিছে এক সুখৰ খবৰ । ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰৰ…
Entertainment
পালেহি দুৰ্গা পূজা । কিহত উঠি আহিব আৰু কিহত উঠি যাবগৈ মা দুৰ্গা?
Azir Khobor Aug 26, 2021 0
আজিৰ খবৰ,২৬ আগষ্ট : মাজত মাথোঁ কেইটামান দিন । বৰ্ষাক বিদায় দি ধাৰলৈ নামি আহিব শৰৎ । শৰৎ মানেই পূজাৰ বতৰ । সমগ্ৰ দেশৰ লগতে বঙালীসকলে অতি হেঁপাহেৰে বাট চাই থকা উৎসৱ সমূহৰ ভিতৰত অন্যতম হৈছে দুৰ্গা পূজা ৷ বিগত বৰ্ষত কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে…
Assam
পাণ্ডু ,ভঙাগড়ত বিদেশী সুৰা জব্দ: মহিলাসহ দুজনক আটক
Azir Khobor Aug 26, 2021 0
আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে ৰাজহুৱা অভিযোগৰ…
Assam
২৯ আগষ্টত কেন্দ্ৰীয় সংস্কৃত দিৱসৰ অভিনন্দন অনুষ্ঠানৰ আয়োজন।
Azir Khobor Aug 25, 2021 0
আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট : গুৱাহাটী মহানগৰীৰ জালুবাৰিস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অসম উচ্চ সংগীত বিদ্যালয় সন্মিলনৰ উদ্যোগত সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম সংস্কৃত সাহিত্য সভাৰ সহযোগত অহা ২৯ আগষ্টত কেন্দ্ৰীয় ভাবে…<eot>মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত ৬জনকৈ শ্ৰমিকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। শ্ৰমিককেইজন নিৰ্মীয়মান অট্টালিকাটোৰ তলত শুই আছিল।
নিদ্ৰাৰত অৱস্থাতে অট্টালিকাটোৰ গাঁথনিৰ লোহাৰ শ্লেব শ্ৰমিক কেইজনৰ ওপৰত খহি পৰে। ফলত থিতাতে ছয়জন শ্ৰমিকৰ মৃত্যু ঘটে।
বাতৰি অনুসৰি, পুনেৰ ইয়াৰবদা শাস্ত্ৰীনগৰ অঞ্চলত বৃহস্পতিবাৰে মাজ নিশা এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়।
ঘটনা সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়।
লগতে পঢ়ক: বিধানসভা নির্বাচনৰ পূর্বে বালি সৰবৰাহ গোচৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ভতিজাকক গ্ৰেপ্তাৰ ইডিৰ
আৰক্ষীয়ে জানিবলৈ দিয়া মতে এটা শ্বপিং মল নিৰ্মাণৰ কাম চলি আছিল আৰু তাতেই শ্ৰমিককেইজনে কাম কৰিছিল। দিনটো কাম কৰি তেওঁলোকে বেছমেন্টৰ গাড়ী পাৰ্কিঙৰ স্থানত শুই পৰিছিল।
শুই থকা শ্ৰমিককেইজনৰ ওপৰত হঠাতে প্ৰকাণ্ড লোহাৰ শ্লেব খহি পৰে। তীব্ৰ শব্দ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আৰক্ষীক খৱৰ দিয়ে।
লগতে পঢ়ক:ছিৰিয়াত আমেৰিকান সেনাৰ অভিযানত নিহত ইছলামিক ষ্টেটৰ শীৰ্ষ নেতা
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ছয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাত আহতসকলক ততাতয়াকৈ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে ইতিমধ্যে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত বৈধ তথা অবৈধ ভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুসংখ্যক ইটাভাটাই ৰয়েল্টি ফাঁকিৰে বৃহৎ লুণ্ঠনৰাজ চলাই যোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ্য যে ৰাজহ চক্ৰখনৰ অন্তৰ্গত বহলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত গঢ়ি উঠা ২০ টা আৰু শালকোচা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত গঢ়ি উঠা ৩৬ টা ইটাভাটাই অঞ্চলটোৰ চৰকাৰী ‘খাছ’ ভূমি, কৃষিভূমি, বনাঞ্চলৰ ভূমি তথা আৰ্দ্ৰভূমি খনন তথা ব্যৱহাৰ কৰি বৃহত্তৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্য ৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে প্ৰতি বছৰে প্ৰতিটো ইটাভাটাই গড়ে ২০ হাজাৰৰো অধিক কিউবিক মিটাৰ( চি এম) মাটি ইটা প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে ।চ
ৰকাৰী নিৰিখ মতে প্ৰতি ‘চি এম’ মাটিৰ বিপৰীতে ইটাভাটাই বনবিভাগক পঞ্চলিছ টকাকৈ ৰয়েল্টি হিচাপে দিব লাগে । প্ৰকৃততে এই ৫৬ টা ইটাভাটাই প্ৰতি বছৰে মাটিৰ ৰয়েল্টি বাবদ কমেও চাৰে পাঁচ কোটি টকা চৰকাৰক আদায় দিব লাগে যদিও ইটাভাটাকেইটাই নাম মাত্ৰ জৰিমনা হিচাপে আদায় দিয়েই নিজৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি অভিযোগ উঠিছে। ইটাভাটাসমূহে নিজাববীয়াকৈ কিম্বা মাটি খননক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চিণ্ডিকেট চক্ৰ এটাৰ জৰিয়তে কৃষি ভূমি, ৰঙা মাটি , চাপৰিৰ মাটি, নৈ পৰিয়া বালি মাটি ,বনাঞ্চল আদিৰ পৰা অবৈধ ভাৱে মাটি খনন কৰি থকা পৰিলক্ষিত হৈছে। ছিণ্ডিকেট চক্ৰটোৱে ১০০০ চি এম মাটি খননৰ ৰয়েল্টি জমা দিয়াৰ বিপৰীতে উক্ত নিৰ্ধাৰিত স্থানৰ পৰা হেজাৰ হেজাৰ চি এম মাটি খনন কৰি থকাৰো গুৰুতৰ অভিযোগ পোৱা গৈছে।
বনাঞ্চলিক বিষয়াই মাটি খনন কৰা চক্ৰটোক প্ৰতিখন ট্ৰাকৰ বিপৰীতে প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে ৫ চি এম মাটি কঢ়িয়াবলৈ চালান দিয়ে যদিও উক্ত ট্ৰাকসমূহে একেখন চালানেৰে গোটেই দিন ধৰি মাটি কঢ়িওৱা দেখা যায়। আনহাতে উক্ত চালানত মাটিখিনি ক’ত লৈ যাব সেই সংশ্লিষ্ট ইটাভাটাটোৰ নাম থাকে যদিও মাটিখিনি কৰ পৰা খনন কৰা হৈছে সেই নিৰ্ধাৰিত জি পি এছ কৰা স্থানটোৰ নাম কৌশলেৰে উল্লেখ কৰাৰ পৰা বিৰত থাকি সংশ্লিষ্ট ৰাজহ গাওঁখনৰ নামহে উল্লেখ কৰে।
ৰয়েল্টি জমা দিয়া সংশ্লিষ্ট স্থানত জোখ-মাপ কৰিলেই কিমান মাটি খনন কৰা হৈছে সেই কথা ওলাই পৰিব যদিও বন বিভাগে ৰহস্যজনক কাৰণত খনন কৰা মাটিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ পৰাও বিৰত আছে। জানিব পৰা মতে পুৱতি নিশাৰ পৰা আৰম্ভ কৰি নিশা লৈকে চাপৰৰ ৰাষ্ট্ৰীয় ঘাই পথ , চাপৰ অঞ্চলৰ ভিতৰুৱা পথ , বনাঞ্চলৰ মাজৰ পথ আদিয়ে দি বিয়াগম বিয়াগম ডাম্পাৰে দি অভাৰলোড মাটি বজাই দি কঢ়িয়াই থকাৰ উপৰি ট্ৰেক্টৰ , সৰু বৰ বাহনে দি মাটি কঢ়িযাই থকা দেখি সচেতন মহল আৰু প্ৰকৃতিপ্ৰেমী সকলৰ মাজত নান ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে।
এই খনন কাৰ্য সমূহ কিমান বৈধ আৰু কিমান অবৈধ ভাবে চলি আছে এই সমগ্ৰ বিষয় সম্পৰ্কে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰকৃতি প্ৰেমী সংগঠন তথা সমাজ সচেতন স্থানীয় ৰাইজ আদিয়ে ৰাজ্যৰ বন মন্ত্ৰীৰ হস্তক্ষেপৰ লগতে ধুবুৰীৰ উপায়ুক্তক আহ্বান জনাইছে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ হতাশাজনক প্ৰদৰ্শন। ঝাৰখণ্ড, হাৰিয়ানা, তামিলনাডু আৰু বেংগলৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত সোমবাৰে অনুষ্ঠিত হোৱা আন এখন মেচত ৰাজস্থানৰ বিৰুদ্ধেও ৫৬ ৰানৰ ব্যৱধানত লজ্জাজনকভাৱে পৰাস্ত হয় অসম।
প্রথমে বেট ধৰা ৰাজস্থানে নিৰ্ধাৰিত ৫০ অভাৰত সাত উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। ৰাজস্থানৰ মহেন্দৰ নৰেন্দৰ সিঙে ১০১ ৰাণৰ শতকীয় ইনিংছ খেলাৰ লগতে মাহীপল লমৰোৰে ৫৪ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে। অসমৰ হৈ জিতুমণি কলিতাই দুটা, অৰূপ দাস, ৰিয়ান পৰাগ, অমিত সিনহা আৰু মৃণ্ময় দত্তই এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়।
২১৮ ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা অসমে নিজৰ বেটিং ব্যৰ্থতা অব্যাহত ৰাখি ৩৮.৪ অভাৰতেই ১৬১ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। অসমৰ হৈ অধিনায়ক অমিত সিনহাই ৫২ আৰু ৰিয়ানে পৰাগে ৪৫ ৰাণ কৰাৰ বিপৰীতে কোনো এজন বেটছমেনে ৰাজস্থানৰ বলিং আক্ৰমণক প্ৰতিহত কৰিবলৈ সামৰ্থ হোৱা দেখা নগ’ল।
অসমৰ বেটিং ব্যৰ্থতাৰ মূলতে আছিল ৰাজস্থানৰ বলাৰৰ সঠিক আক্ৰমণ। ৰাজস্থানৰ টিএম উল হকে ৩ টা, ৰাহুল চাহাৰ, চন্দ্ৰপাল সিঙে দুটাকৈ আৰু ৰাজেশ বিষ্ণোই এটা উইকেট লাভ কৰে।
উল্লেখ্য যে বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অসমে এতিয়ালৈ ধাৰাবাহিকভাৱে পাঁচখন মেচত পৰাস্ত হৈছে। অহা ৫ অক্টোবৰত অসমে চাৰ্ভিচেজৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যোৱা ২৬ এপ্ৰিলত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত আজি বৃহস্পতিবাৰে বনবিভাগৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱ কুমাৰ দলেই।
কাৰ্য্যালয় প্ৰৱেশৰ আগ মুহূৰ্তত প্ৰায় আধাঘন্টা সময় ধৰি পূজা-পাতল কৰাত ব্যস্ত হৈ পৰা দেখা গ’ল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক।
পূজাৰ অন্তত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মাধ্যমত কয় ‘মই আৰু নৱ কুমাৰ দলেই এটা বিভাগৰ দায়িত্ব পাইছো। আমি কাৰ্য্যভাৰ লোৱাৰ আগতে ভাবিলো ঈশ্বৰক আৰাধনা কৰি বিভাগটোৰ দায়িত্ব ল’ব লাগে। সেয়েহে আমি এই বৃক্ষ পূজা ভাগ কৰিলো। শাস্ত্ৰ মতে কৈছে যে অচৈতব বৃক্ষৰ মূল ব্ৰহ্মা, কাণ্ডটো বিষ্ণু আৰু পত্ৰত মহাদেৱৰ অৱস্থান। আজি আমি একেলগে তিনিওজনক আৰাধনা কৰিলো। এই আৰাধনাৰ মাধ্যমেৰে আমি দুয়োজনে মিলি দায়িত্বভাৰ গ্ৰহণ কৰিলো, যাতে তেওঁলোকৰ কৃপাত আমি বনবিভাগটো আগুৱাই লৈ যাব পাৰো। আমি দুয়োজনে মিলি আজিৰে পৰা বনবিভাগৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ দি যাম।’
Recent News