text
stringlengths 0
188k
|
---|
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ৰাজ্যৰ হিন্দু- বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷ |
ৰাজ্যৰ হিন্দু- বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷ |
News18 Assam |
Last Updated : September 19, 2020, 09:28 IST |
Share this: |
HAREN BHUMIJ |
ৰাজ্যৰ হিন্দু বাঙালী সকলৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই গঠন হ’ব এটা নতুন ৰাজনৈতিক দল ৷ ২০২১ৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতাও আগবঢ়াব ৷ এই লক্ষ্যৰে ৰাজ্যৰ সকলো হিন্দু বাঙালী সংগঠনে একত্ৰিত হৈ শীঘ্ৰে অনুষ্ঠিত কৰিব জাতীয় অভিৱৰ্তন ৷ অহা ১০ আৰু ১১ অক্টোৱৰত ঢেকীয়াজুলিত সকলো হিন্দু বাঙালী সংগঠনৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব ৷ হিন্দু বাঙালী সকলে নিজৰ সুৰক্ষিত ভৱিষ্যত আৰু অস্তিত্ব ৰক্ষাৰ বাবে গঠন কৰিব ৰাজনৈতিক দল ৷ ঢেকীয়াজুলিত এই কথা প্ৰকাশ কৰে সদৌ বাঙালী যুৱ -ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে’ই ৷ |
সদৌ বাঙালী ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে’ৰ মুকলি প্ৰত্যাহ্বান চৰকাৰলৈ ৷ ‘একলাখ খিলঞ্জীয়া ভূমিহীনক সোণোৱাল চৰকাৰে মাটি পট্টা দিছে। যদি এক লাখৰ ভিতৰত এজনো যদি হিন্দু বাঙালী ভূমিহীনক চৰকাৰে মাটিৰ পট্টা দিছে তেনেহ’লে দেখুৱাই দিয়ক ৷ হিন্দু বাঙালী সকল অসমৰ খিলঞ্জীয়া নহয় নেকি ? যদি এজন হিন্দু বাঙালীক মাটিৰ পট্টা দিছে তেনেহ’লে বিজেপিৰ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক ৷ মুখ্যমন্ত্ৰীয়ে কেৱল মুখেৰে পাহৰ -ভৈয়াম বুলি ক’লে নহ’ব ৷’ |
সভাপতিজনে লগতে কয় যে, ‘৬ নং দফাৰ আমি কোনেও বিৰোধিতা কৰা নাই ৷ অসম চুক্তিৰ ৬ নং দফাত কোৱা হৈছে-অসমীয়া মানুহৰ ভাষা সংস্কৃতি,সাহিত্য,ঐতিহ্য আৰু সংৰক্ষণ কৰিব লাগে ৷আমিও অসম সন্তান অসমীয়া বুলি কবলৈ অলপো কৃপনালী নকৰো ৷ কিন্তু এইখন চৰকাৰ অহাৰ পিছত নতুনকৈ এক অসমীয়া জাতি, খিলঞ্জীয়া জাতি সৃষ্টি কৰিব বিচাৰিছে ৷ ১৯৮৫ৰ পিছৰ পৰা অসমীয়া -বাঙালীৰ মাজত সংঘাত আঁতৰিছিল। কিন্তু বিজেপিয়ে পুনৰ সংঘাত আৰম্ভ কৰিছে অসমীয়া-বাঙালীৰ মাজত ৷ সোণোৱাল চৰকাৰ হিন্দু বাঙালী বিৰোধী ৷’ |
একেদৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰে কয়-‘বৰাক -ব্ৰহ্মপু্ত্ৰ আৰু বিটিচিৰ বাঙালী সকলৰ সুৰক্ষিত ভৱিষ্যতকলৈ ৰাজনীতি দল গঠন কৰা হ’ব৷ হিন্দু বাঙালীৰ সকলো দল সংগঠনকে ধৰি নিস্পেষিত বহু জাতি-জনগোষ্ঠীয় সংগঠৰ সৈতে আলোচনা কৰি ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অহা ১১অক্টোৱৰত ৰাজনৈতিক দলৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰি যিটো সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সমষ্টিত প্ৰাৰ্থীত্ব দিয়া হ’ব ৷’ |
Published by:Himangshu Bhuyan |
First published: September 19, 2020, 09:28 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
assambjpHindu BenglaiNew Political partySarbananda Sonowal |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
বাংলাদেশৰ হাতত শৃংখলাৰ পৰাজয় নেকি ? সাত বছৰৰ পিছত আশংকাত ৰোহিতৰ টীম ইণ্ডিয়া ... |
Pathaan New Poster: 'পাঠান'ত প্ৰকাশ পাইছে শ্বাহৰুখ খানৰ নতুন ৰূপ, 'পাঠান'ৰ প্ৰতিটো আপডেট জানিবলৈ উৎসাহিত অনুৰাগীসকল ... |
"এইটো ভাৰতৰ বাবে গৌৰৱৰ অনুষ্ঠান": জি-২০ সন্মিলনৰ পূৰ্বে দিল্লীত সৰ্বদলীয় বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ |
UPSC Mains Result 2022: ইউপিএছচিৰ চিভিল চাৰ্ভিছ মেইনছ পৰীক্ষা ২০২২ ৰ ফলাফল প্ৰকাশ কৰা হৈছে, এনেদৰে চাওক আপোনাৰ ফলাফল ... |
ব্লাড ছুগাৰ ! এই ফল আৰু পাচলিৰ ৰস আহাৰত ৰাখিব, আপুনি লাভালাভ পাব ... |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>আজিলৈকে ক’তো নিলিখা অভিজ্ঞতা স্মৰণ কৰি দুআষাৰ লিখিবলৈ কি-বৰ্ডত আঙুলি বুলাব আৰম্ভ কৰিছোঁ৷ আজিৰ পৰা তিনি বছৰ আগতে নেপালৰ মেডিকেল কলেজ এখনত অধ্যাপনা কৰাৰ বাবে কামত যোগদান কৰিছিলোঁ৷ মোৰ লগত মোৰ ছোৱালীয়েও এম বি বি এচ পাঠ্যক্ৰমত নাম লিখালে৷ গুৱাহাটীৰ ভাস্কৰ ডেকা নামৰ কৰ্মচাৰী এজনে কলেজখনত বহুত বছৰৰ পৰা কাম কৰি আছিল৷ তেওঁ মই মোৰ কন্যাসহ তালৈ যোৱাৰ কথাটোত যথেষ্ট আগ্ৰহ দেখুৱাই উৎসাহীত কৰিলে৷ সেই প্ৰতিষ্ঠানটো আছিল নেপালৰ এখন উল্লেখযোগ্য মেডিকেল কলেজ৷তাৰ ৬০% ছাত্ৰ দেশখনৰ আৰু বাকী ৪০% হ’ল বিদেশৰ৷ ভাৰতৰ বাহিৰে পাকিস্তান, বাংলাদেশ, মালদ্বীপ, দক্ষিণ আফ্ৰিকা আৰু আন দুই এখন দেশৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ইয়াত মেডিকেল পঢ়িবলৈ আহে৷ ভালেকেইটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমো কলেজখনত আছে৷ প্ৰিন্সিপালসহ ভালেকেইজন অধ্যাপক হ’ল অসমৰ৷ তাৰে দুজন আছিল মোৰ নিজৰ শিক্ষাগুৰু৷ কলেজখনৰ প্ৰতিষ্ঠাপক মণ্ডলী দক্ষিণ ভাৰতৰ৷ কলেজৰ সঞ্চালক সেই সময়ত নিজে স্নাতকোত্তৰ ৰেডিঅ’লজি ফাইনেল বৰ্ষৰ ছাত্ৰ৷ তেওঁ সুন্দৰী এগৰাকী মেডিকেল ছাত্ৰীক পৰীক্ষাত ফেল কৰাই দিয়াৰ ভাবুকিৰে বিয়া কৰোৱা বুলি শুনিবলৈ পাইছিলোঁ৷ তেওঁ সদায় লগত কেইজনমান চিকিউৰিটিলৈ ফুৰিছিল৷ কলেজখনৰ প্ৰসাশনীয় ক্ষমতা ৯৯% তেওঁৰ হাতত আছিল৷ সদায় নেপালৰ ৰাজনৈতিক নেতাসকলৰ লগত তেওঁ ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল৷ |
কলেজখনত শিক্ষা-দানৰ সা-সুবিধা, লেবৰেটৰী, যন্ত্ৰপাতি আদি পৰ্যাপ্ত পৰিমাণৰ চকুত পৰিল৷ ৰোগীৰ সংখ্যাও বেচ ভাল৷ দেশখনৰ অশান্ত পৰিস্থিতিৰ মাজতো মুটামুটি নিয়মীয়া পাঠদান চলি থাকে৷ স্নাতক আৰু স্নাতকোত্তৰ উভয়তেই নিয়মীয়াকৈ উচ্চমানৰ চেমিনাৰ চলি থাকে৷ বেচি ভাগ ছাত্ৰ-ছাত্ৰীয়েই হোষ্টেলৰ নিবাসী৷ হোষ্টেলত চিট নাপালে কেইজনমানে মিলি মেছ কৰি থাকে৷ সৰু নগৰখনক মেডিকেল কলেজ খনে এটা সুকীয়া পৰিচয় প্ৰদান কৰিছে৷ কেম্পাচত এটা ডাঙৰ আৰু ভিতৰত ঠায়ে ঠায়ে সৰু সৰু তিৰুপতিৰ মন্দিৰ স্থাপনা কৰি থোৱা আছে৷ ৰোগীৰ পৰিয়ালৰ মানুহ, চিকিৎসালয় আৰু কলেজৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,ডাক্তৰ আদি সকলোৱে সভক্তিৰে সেৱা জনাই ফোঁট নিৰ্মালিলৈ নিজ নিজ কামত যায়৷ |
কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ ওপৰিও বিশ্বৰ কেইবাখনো মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত৷ নেপালৰ মাত্ৰ এখন মেডিকেল কলেজৰহে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা আছে৷ ভাৰতীয় মেডিকেল কাউঞ্চিলে এই কলেজখনৰ স্নাতক শ্ৰেণীক মান্যতা দিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত পৰিদৰ্শনো কৰিছিল৷ কিন্তু কাউঞ্চিলৰ মুৰব্বী ডা০ কেতন দেসাইয়ে সেই সময়ত বিনা বুজন দক্ষিণাৰে কোনো প্ৰাইভেট কলেজকে মান্যতা নিদিয়াত কথাটো তল পৰি ৰ’ল৷ এনেয়েো ভাৰতীয় ছাত্ৰৰ বাহিৰে আন কাৰোৱেই একো অসুবিধা নহয়৷ ভাৰতৰ ছাত্ৰসকলে ইয়াৰ পৰা এম বি বি এচ পাচ কৰি ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্ট দিব লাগে৷ তাত উত্তীৰ্ণ হলেহে আমাৰ দেশত চাকৰি, প্ৰেকটিচ বা পৰৱৰ্তী শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷ |
তিনি মাহলৈ মোক প্ৰতিশ্ৰুতি দিয়া দৰমহাৰ এটকাও কলেজখনে নিদিলে৷ আবাসৰ সুবিধাৰ নামত দুমাহ ছাত্ৰ হোষ্টেলৰ এটা কোঠা আৰু এমাহ কলেজৰ অতিথিশালাত কটালোঁ৷ নিগাজীকৈ কাম কৰাৰ মানসেৰে নিজা অগ্ৰিম ধনেৰে ঘৰ এটা ভাড়াত লৈছিলোঁ৷ কিন্তু বহুতবাৰ অনুৰোধ কৰাৰ পিছতো “আজি দিম,কালি দিম”কৈ এপদো ঘৰখনৰ আচবাব যোগাৰ নধৰিলে৷ দুপৰীয়া আৰু ৰাতিৰ সাজ ভাত হোষ্টলৰ মেছত খাইছিলোঁ৷ কলেজৰ সঞ্চালকৰ মিথ্যা প্ৰতিশ্ৰুতি শুনি শুনি মনটো টেঙাবলৈ আৰম্ভ কৰিছিল৷ |
এনেতে কেইদিনমানৰ বন্ধ পাই ঘৰলৈ আহিলোঁ৷ নেপালত বাচেৰে নাইবা ৰিজাৰ্ভ টেস্কিৰে যাত্ৰা কৰিব লাগে৷ |
ৰেল সেৱা দেশৰ কেইটামান ৰেলষ্টেচনতে সীমাবদ্ধ৷গতিকে চৰকাৰী- বেচৰকাৰী সমূহ বাচত অতিপাত ভীৰ সকলো সময়তে৷ ভিতৰত ঠিয় হবলৈও ঠাই নাইকীয়া হলে বাচৰ ওপৰত উঠি মানুহে যাত্ৰা কৰে৷ নিৰ্দিষ্ট ষ্টেচনৰ বাহিৰেও য’তেই বাটত মানুহে হাত ডাঙে তাতেই বাচ ৰখায়৷ গতিকে দূৰণিবতিয়া বাচসমূহে নিৰ্ধাৰিত সময়ত কেতিয়াও গন্তব্য স্থান নাপায়গৈ৷ নৈশ বাচসমূহত বাটত কোনো কোনো দিন ডকাইতিৰ ঘটনাও সংঘটিত হয়৷ নগৰখনত বিমানবন্দৰ আছে যদিও যি কোনো বিমান সেৱা ভায়া কাঠমাণ্ডুহৈহে চলাচল কৰে৷ গতিকে বিমান যাত্ৰা আমাৰ বাবে কোনোমতে সুবিধাজনক নহয়৷ |
গুৱাহাটীৰ ঘৰৰপৰা ঘূৰি আহোতে নিউ জলপাইগুৰিৰ পৰা পোনতে নেপালৰ বৰ্ডাৰৰ নগৰ কাকৰভিটালৈ আহিলোঁ৷নৈশ বাচৰ যাত্ৰাৰ সময় বিয়লি ৪বজা যদিও সেইদিনা আৰম্ভণিৰ পৰাই যেন কেনা লাগিছিল৷ দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ কৰি অভাৰলোড বাচখনে পঞ্চাছ কিলোমিটাৰমান আহি এটা ষ্টেচনত ৰখাই ঘোষণা কৰিলে- বাচখন আমি সলনি কৰিব লাগিব৷ এঘন্টা পৰ দিয়াৰ পিছত আমি বেলেগ এখন বাচেৰে পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷ মোৰ সহযাত্ৰী এজন শিক্ষিত নেপালী বয়সিয়াল ভদ্ৰলোকৰ সৈতে নানান বিষয়ৰ ওপৰত আলোচনা কৰি গৈ আছোঁ৷ তেতিয়া নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটিবৰ এবছৰৰ ওপৰকাল হৈছে মাথো৷ নেপাল দেশখনৰ সামগ্ৰিক পৰিস্থিতি তেতিয়া মুঠেই ভাল নহয়৷ য’তে ত’তে হঠাতে ২৪ঘন্টীয়া বা ৪৮ঘন্টীয়া বন্ধ হৈ যায়৷ নেপালী ভদ্ৰলোকজনৰ মতে ধৈৰ্য্য ধৰাৰ বাহিৰে আৰু একো উপায় নাই৷ স্বাধীনতাৰ তিনি কুৰি বছৰৰ মূৰতহে ভাৰতে আজি এক উন্নত পৰ্য্যায়ত উপনীত হব পাৰিছে আৰু নেপাল স্বাধীন হবৰ আজি দুবছৰেই হোৱা নাই, আনকি নতুন সংবিধানখনেই ৰচনা কৰি হোৱা নাই৷ |
মাজনিশা এটামান বজাত গাড়ীখন দুয়োফালে ঘন অৰণ্যৰ মাজত ৰখাই দিলে৷ ড্ৰাইভাৰে বাচৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেনক জনালে- গাড়ীত তেল শেষ হৈছে৷ পিছফালৰ পৰা অহা গাড়ীত উঠি হাতত দুটা গেলনলৈ দুজন বাচৰ কৰ্মচাৰী তেল আনিবলৈ গ’ল৷ যাত্ৰীবিলাকে ড্ৰাইভাৰৰ গাত দোষ দি, ডকাইতৰ ভয়ৰ মাজত এঘন্টা অতিবাহিত কৰিলে৷ গেলনৰ তেল ভৰাই বাচখনে কিছুদূৰ যাত্ৰা কৰি এটা ডিপোত তেল লবলৈ সোমালে৷ ফুল টেংকী তেল ভৰোৱাৰ পিছত কমেও আধা ঘন্টা বাচৰ কৰ্মচাৰীৰ ডিপোৰ কৰ্মচাৰীৰ লগত বাক-বিতণ্ডা লাগিল-কাৰণ ডিপোৰ মিটাৰে গাড়ীৰ টেংকিৰ কেপাচিটিতকৈ কুৰি লিটাৰ বেচি তেল ভৰোৱা দেখুৱাইছিল৷ যি কোনো প্ৰকাৰে বুজাবুজি হোৱাত বাচখন চলিল৷সকলোৰে পেটত ভোকে কলমলাইছিল৷ এইবাৰ এখন লাইন হোটেলত বাচখন ৰখাই যাত্ৰীসকলক ভাত-পানী খাই লবলৈ ক’লে৷খোৱা-লোৱা হ’লত বাচখন পুনৰ চলিল৷ ইমান ঘটনাবহুল যাত্ৰাটোৱে “বোম্বে টু গোৱা” চিনেমাখনলৈ মনত পেলাই দিছিল৷ কিন্তু তেতিয়াও আমাৰ বাবে আৰু অধিক বিস্ময় ৰৈ আছিল৷ তেতিয়া আছিল গৰমৰ দিন৷ বাচখন চলিলেহে বাহিৰৰ বতাহত গৰম সহ্য কৰিব পাৰি৷ সকলো যাত্ৰীৰ এইবাৰ টোপনি আহিব আৰম্ভ হৈছিল৷ মোৰ চকুলৈ কিন্তু টোপনি নামি অহা নাছিল৷ |
মোৰ দৃষ্টি আৱদ্ধ আছিল সন্মুখৰ পৰা অহা যান-বাহনবোৰৰ ওপৰত৷ ভাতৰ সৈতে ড্ৰাইভাৰে গলাদ্ধ কৰা ৰঙীন পানীয়ই গোলাপী নিচা আনিব পাৰে বুলি মোৰ মনত সংশয়ে ক্ৰিয়া কৰি আছিল৷ বাচখনে অতি তীব্ৰ বেগেৰ যাত্ৰা কৰি বোধহয় লোকচান হোৱা সময়ৰ কিছু ‘মেক-আপ’ কৰিবলৈও চেষ্টা চলাইছিল৷ এনেতে দেখিলোঁ বিপৰীত দিশৰ পৰা এখন বাচ মাজ ৰাস্তাৰে তীব্ৰবেগেৰে আহি আছে৷ মুখামুখি দুয়োখন বাচে কোনেও কাকো চাইড দিব খোজা নাই৷ ফলত লাগিল বিকট শব্দ কৰি দুয়োখন বাচৰ সংঘৰ্ষ৷ আমাৰ বাচখনে পোনতে বাওঁদিশলৈ গতিকৰি ঢলংপলংকৈ আকৌ মাজলৈ আহি কোনোমতে লুটি নোখোৱাকৈ থাকিল৷ তথাপিও সেই ভগ্ন অৱস্থাৰে বাচখন চলি আছিল নিজ গন্তব্যস্থান অভিমুখে আৰু হয়তো নৰখোৱাকৈ গৈয়ে থাকিলহেতেন৷ কিন্তু বাচৰ অন্তিম ছিটৰ পৰা অহা এটা আৰ্তনাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ “অ’হ-মই মৰিলোঁ” চিঞৰাজনক লক্ষ্য কৰিলত চকু পৰিল – সোঁফালৰ শেষ ছিটৰ মানুহজনে দুয়োটা ভৰি বাহিৰ ওলিয়াই বতাহলৈ বিপদজনকভাবে যাত্ৰা কৰি আছিল৷ তাৰ পৰিণামত দুয়োটা ভৰি আনখন বাচৰ খুন্দা লাগি ভাগিল৷ সকলোৰে দাবীত ড্ৰাইভাৰে গাড়ী ৰখাবলৈ বাধ্য হ’ল৷ আৰু অনিচ্ছা সত্বেও পুনৰ বাচখন ঘূৰাই আহত ব্যক্তিজনক চিকিৎসালয়লৈ নিবলৈ ধৰিলে৷ উভটি যাওঁতে দেখা পালোঁ সিখন বাচ ৰখাই থোৱা আছে আৰু তাৰো কেইজনমানে কিছু আঘাত পাইছে৷এইবাৰ দুয়ো ড্ৰাইভাৰৰ ভীষণ তৰ্ক লাগিল৷ দুয়োকে সৈমান কৰাই আমি যেনে তেনে চিৰিয়াচ ৰোগীজনৰ কথাকৈ বাচখন চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ৷এটা প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পালোঁগৈ৷অৱস্থা জৰাজীৰ্ণ৷ভঙা ষ্ট্ৰেচাৰেৰে ৰোগীক গাড়ীৰ পৰা নমাই কেজুৱেলিটিৰ লেতেৰা বিচনাত তুলি দিয়া হ’ল৷ডিউটিৰ ডাক্তৰক খবৰ দিবলৈ ৱাৰ্ড বয়ে ঢপলিয়ালে৷ মই নাৰ্চজনীক নিজা পৰিচয় দি এটা চেলাইন লগাই দিয়ালোঁ আৰু ওচৰৰ ফাৰ্মাচীৰ পৰা কেইটামান লাগতিয়াল বেজী কিনাই আনি লগোৱাৰ ব্যৱস্থা কৰিলোঁ৷ ডাক্তৰে আহি চাই ৰোগীক অপাৰেচনৰ আৰু তেজৰ প্ৰয়োজন হোৱা হেতুকে প্ৰাথমিক চিকিৎসা দি মেডিকেল কলেজলৈ এম্বুলেঞ্চেৰে পঠোৱাৰ ব্যৱস্থা কৰিলে৷ |
(দ্বিতীয় খণ্ড) |
নেপালৰ বিস্ময়কৰ অভিজ্ঞতাৰ কিবা সাহিত্যিক মূল্য থাকক বা নাথাকক ই মোৰ মূৰৰ ভিতৰত কিলবিলাই থকা ভাৱবোৰ আন আগত প্ৰকাশ কৰিবলৈ পোৱাৰ এক সুযোগ বুলি মই গণ্য কৰিছোঁ৷ |
বুদ্ধদেৱৰ জন্মস্থান আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই দেশখনৰ প্ৰতি মোৰ মনত এক দূৰ্বাৰ আকৰ্ষণ সৰুকালৰ পৰাই আছিল৷ সৰুতে নেপালী চকিদাৰ আৰু গোৱাল দেখি তেওঁলোকৰ দেশখনৰ বিষয়ে জনাৰ কৌতুহল মনত ওপজিছিল৷ কিন্তু নেপাল ভ্ৰমণৰ সুযোগ পোৱা নাছিলোঁ৷ বাৰ বছৰ মানৰ আগতে গুৱাহাটীৰ ভেটাপাৰাত থকা ভন্টিজনীয়ে নিজা গাড়ীলৈ কাঠমাণ্ডু ভ্ৰমণলৈ ওলাওঁতে আমাৰ পৰিয়ালটোকো লগ ধৰিছিল৷ কিন্তু কিবা অসুবিধাৰ হেতু তেওঁলোকক লগ দিয়া নহ’ল৷ ঘূৰি আহি আমাক নিজৰ ভ্ৰমণৰ টেঙা-মিঠা অভিজ্ঞতাসমূহ জনাইছিল৷ নিজা গাড়ী লৈ গৈ খৰচান্ত হৈছিল৷ কাৰণ প্ৰতিখন নতুন নগৰত গাড়ী সোমোৱাৰ লগে লগেই নিৰ্ধাৰিতকৈ অনেক বেছি প্ৰবেশ-কৰ দিবলগীয়া হৈছিল৷ বিদেশী নম্বৰ প্লেট থকা গাড়ীক ইচ্ছামতে ধন দাবী কৰে আৰু ধন নোপোৱালৈকে বাঁহৰ হেঙাৰডাল ডাঙি নিদিয়ে৷ এই তিক্ত অভিজ্ঞতাই তেওঁলোকৰ ভ্ৰমণৰ আনন্দ ভালেখিনি হ্ৰাস কৰিছিল৷ |
মই মোৰ কন্যা সপ্তমীৰ বাবেই পোন প্ৰথমবাৰৰ বাবে নেপাললৈ ওলালোঁ৷ হায়াৰ চেকেণ্ডৰীত ভাল নম্বৰেৰে উতীৰ্ণ হৈয়ো যেতিয়া মেডিকেলৰ বাচনি পৰীক্ষাত নাম নুঠিল৷ তেতিয়া তাইৰ মেডিকেল পঢ়াৰ ইচ্ছাক পূৰণ কৰাৰ দায়িত্ব-বোধলৈ কলেজৰ সন্ধানত ওলালোঁ৷ অসমৰ বাতৰি কাকতত বিজ্ঞাপন দেখিলোঁ ভাৰতৰ সীমান্তবৰ্তী নেপালৰ এক চহৰত মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত এখন মেডিকেল কলেজ খুলিছে৷ গুৱাহাটীৰ এজেন্টৰ ওচৰত কলেজৰ প্ৰচপেক্টাচো চাইছিলোঁ৷ নিজ চকুৰে কলেজখন চাই এজেন্টৰ সহায় নোলোৱাকৈ নিজা উদ্যমেৰে নামভৰ্তিৰ কথা মনতে পাঙিলোঁ৷ |
অবধ আসাম ৰেলেৰে গুৱাহাটীৰ পৰা গোৰখপুৰলৈ আহিঁলোঁ৷ গোৰখপুৰৰ পৰা ৩ ঘন্টাৰ বাচ যাত্ৰা কৰি ভাৰতৰ সীমান্তৰ চহৰ চুনৌলি পালোঁগৈ৷ নেপালৰ আদৰণি তোৰণ পাৰহৈ প্ৰৱেশ কৰিলোঁ ভৈৰৱা নামৰ চহৰত৷ সীমাৰপৰা ৫কিলোমিটাৰ দূৰত্বত থকা কলেজখনলৈ ৰিক্সাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ৰিক্সাখন গাঁৱৰ ধাননি পথাৰৰ মাজেৰে কেতিয়াবা পকা, কেতিয়াবা কেঁচা ৰাস্তাৰে আগবাঢ়িল৷ ৰিক্সাৱালাই অহৰ্নিশ মোৰ সৈতে কথা পাতি গৈছিল৷ কথাই কৈ গৈ আছিল৷ মাজে মাজে মই দুই এটা প্ৰশ্ন সোধো৷ বিৰক্তি মুঠেই লগা নাছিল৷ মেডিকেল কলেজখনৰ বিষয়ে ৰিক্সাৱালাজনৰ ধাৰণা ভাল নহয় বুলি গম পাইছিলোঁ৷ তেওঁৰ মতে মেডিকেল কলেজতকৈ ভাল চিকিৎসা তাৰ নাৰ্চিংহ’মখনতেই হয়৷ কলেজৰ প্ৰৱেশদ্বাৰে দি সোমাই দুমহলীয়া কলেজ আৰু চিকিৎসালয়ৰ মূলভৱনত প্ৰৱেশ কৰিলোঁ৷ওচৰতে নতুন চাৰিমহলীয়া এটা বিল্ডিংঙৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ওচৰতে কেইটামান সৰু সৰু ঘৰ৷ দেখা পোৱা দূৰত্বত দুমহলীয়া হোষ্টেল৷ কেম্পাচৰ বাহিৰত কেইখনমান ফাৰ্মাচী, চাহ-ভাতৰ হোটেল, পিচিঅ’, জেৰস্ক আৰু ষ্টেচনাৰীৰ দোকান, ৰিক্সা আৰু অটোৰ ষ্টেণ্ড৷ কলেজৰ মূলভৱনত তলৰ মহলাত কেজুৱেলিটি আৰু বহিৰ্বিভাগ৷ ৰোগীৰ উপস্থিতি তেনেই সেৰেঙা৷ ওপৰ মহলাত অধ্যক্ষৰ কোঠা,লাইব্ৰেৰী আৰু অফিচ৷ অধ্যক্ষ তেতিয়ালৈ আহি নোপোৱাত তেওঁৰ সহায়কৰ পৰা খা-খবৰলৈ জানিলোঁ -কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত৷ তেতিয়ালৈ এটা বেটচ্ এম বি বি এচ পাচহৈ ওলাইছে৷ অসমৰ কোনো ছাত্ৰ বা শিক্ষক কলেজখনত নাই৷ অধ্যক্ষ আহিলত তেওঁক লগ ধৰি মোৰ আগমনৰ উদ্দেশ্য জনাই কলেজখনে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা পাইছে নেকি বুলি পোনপতিয়াকৈ প্ৰশ্ন সোধাত তেওঁ অস্বীকাৰ কৰিলে৷ তেতিয়া মই তেওঁক জনালোঁ – আসাম ট্ৰিবিউন আৰু অইন কেইখনমান বাতৰি কাকতত কলেজখনৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা থকা বুলি বিজ্ঞাপন ওলাইছে৷ অধ্যক্ষই জনালে – সেয়া আমি নিয়োগ কৰা এজেন্ট নহয়৷ |
কলেজখনৰ পুতৌ লগা অৱস্থাই নিৰাশ কৰিলে৷ আমাৰ বহুতবোৰ চিভিল হস্পিতেল ইয়াতকৈ উন্নত মানৰ৷ ডাক্তৰী পঢ়াসকলে কি শিকিব ইয়াত ? ইয়াৰ পৰা ডাক্তৰ হৈ ওলালেও ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্টত উত্তীৰ্ণ হোৱাটো অসম্ভৱ হব৷ ভাগ্যে এজেন্টৰ কথাতে ভৰষা কৰি ঘৰতে বহি এডমিচন লোৱাৰ কথা চিন্তা নকৰিলোঁ৷ কলেজৰ নতুন প্ৰচপেক্টাচ এখন কিনি তাৰ পৰা বিদায় ললোঁ৷ প্ৰচপেক্টাচত ক’তোৱেই ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা বা পৰিদৰ্শনৰ কথা উল্লেখ কৰা নাই৷ |
পাঠকৰ ধৈৰ্য্যচ্যুতি ঘটাৰ আগতে দূৰ্ঘটনাগ্ৰস্ত বাচৰ কাহিনীলৈ পুনৰ ওভটি আহোঁ৷ নিজে কন্যাসহ ইমান ডাঙৰ দূৰ্ঘটনা এটাৰ মুখামুখি হৈয়ো দৈৱক্ৰমে নমৰাকৈ যে বাচিলোঁ সেই বিষয়ে চিন্তা কৰাৰ অবকাশেই পোৱা নাছিলোঁ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনখন বাচো যাত্ৰীসহ আহিল৷ আহতলোকসকলে প্ৰাথমিক চিকিৎসা লৈ থাকোতে দুইখন বাচৰ কৰ্মচাৰীৰ মাজত ‘কাৰ দোষ’ তাকলৈ পুনৰ তৰ্কাতৰ্কি আৰম্ভ হ’ল৷ তেনেতে নেপাল পুলিচৰ পেট্ৰলিং গাড়ী আহি দুয়োখন গাড়ীক থানালৈ নিবলৈ নিৰ্দেশ দিলে৷ থানাৰ বাহিৰত যাত্ৰীসহ দুয়োখন বাচ আহি যেতিয়া ৰখায়হি তেতিয়া নিশাৰ আন্ধাৰে মেলানি মাঙিব ধৰিছে৷ আমি কেইজনমানে থানাৰ দায়িত্বত থকা পুলিচ বিষয়াক সোধা-পোচা শেষ কৰি আমাক যাবলৈ দিবলৈ অনুৰোধ জনালোঁ৷ তেওঁ কিন্তু নাচোৰবোন্দা – আমাক কোনোপধ্যেই যাব দিব নোৱাৰি, কাৰণ গাড়ীৰ ৰেজিষ্ট্ৰেচন,বাচৰ পাৰমিট, ড্ৰাইভাৰৰ লাইচেঞ্চ একোৱেই ঠিক-ঠাক নহয়৷ আমাৰ বাচখনত অন্তত: এক তৃতীয়াংশ মহিলা আৰু বৃদ্ধ আছিল৷ ৯টা বজাত থানাৰ অ’চি আহিল৷গাড়ীৰ মালিকৰ লগত ফোনেৰে কিবাকিবি আলোচনা হোৱাৰ পিছত দহ বজাত বাচখন যাবলৈ দিলে৷ ১১বজাত বাচখন এখন হোটলত ৰখাই দিলত আমি মুখ-হাত ধুই কিছু চাহ-জলপান খাই সতেজ হলোঁ৷এইবাৰ ‘নন-ষ্টপ’ যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৬বজাত নিৰ্ধাৰিত সময়তকৈ সম্পূৰ্ণ ১২ঘন্টা পলমকৈ বাচখন গন্তব্য স্থান পোৱাত আমি যাত্ৰীসকলে এক স্বস্তিৰ নিশ্বাস কাঢ়িলোঁ৷ থানাত ৰৈ থকা সময়খিনিত দূৰ্ঘটনাগ্ৰস্ত বাচৰ দুয়োখন বাচৰ যাত্ৰীসকলৰ ধৈৰ্য্য দেখি মই বিচূৰ্তি খাইছিলোঁ- সঁচাই নেপালীসকল কষ্টসহিষ্ণু আৰু ধৈৰ্য্য ধৰিব পৰা জাতি৷ |
ইয়াৰ পাচৰ কাহিনীখিনি চমু৷কলেজত ছাত্ৰ আৰু সহকৰ্মীসকলৰ আদৰ থকা সত্বেও লাহে লাহে কলেজৰ ‘ডন’ টাইপ সঞ্চালকৰ মোৰ প্ৰতি উদাসীন মনোভাৱ মোৰ বেচিকৈ অসহ্য লাগি আহিবলৈ ধৰিলে৷ তেনেতে আৰু এটা ঘটনা ঘটিল৷ সেইবাৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং পৰীক্ষাৰ ফলাফল ওলাল – সেইখন কলেজৰ ৭০ জনৰ ৯জনহে উত্তীৰ্ণ হৈছে৷ আমাৰ আৰু সিদ্ধান্ত লবলৈ সময় নালাগিল -আৰু পলম নকৰি ঘৰমুৱা হোৱাই শ্ৰেয় হব! |
এটা বছৰ ক্ষতি কৰি সপ্তমীয়ে হায়দৰাবাদত মেডিকেল পঢ়িবৰ আজি দুটা বছৰ সুকলমে পাৰ হ’ল৷ আৰু মই ? পোনতে আবু ধাবিত, পিছত ড’হাত মেডিচিনৰ বিশেষজ্ঞ হিচাবে কৰ্মৰত হলোঁ৷ অধ্যাপনা কৰিবলৈ নোপোৱাৰ দুখ এটা মনত চিৰদিনলৈ থাকি গ’ল অৱশ্যে! |
← শৰত কালি, আজি আৰু কালিলৈ (ৰক্তিম গোস্বামী) |
জ্ঞানৰ মূল্য (মূল: অজান, অনুবাদ:ৰাজীৱ ৰঞ্জন) → |
You May Also Like |
গদাপাণি ডালিমীক বিচাৰি নগাপাহাৰলৈ- হিমাশ্ৰী দাস |
April 14, 2017 0 |
মোৰ তুৰ্কী যাত্ৰা |
August 21, 2022 August 21, 2022 0 |
ডিমা-হাচাও, বাইক ৰাইডিং ইত্যাদি…. – ঋতুৰাজ বসন্ত |
January 17, 2018 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.