text
stringlengths 0
188k
|
---|
এই সংস্কৰণত কিতাপখনত থকা প্ৰয়খিনি উদ্ধিতিৰেই অসমীয়া ৰূপ দিয়া হৈছে। তদুপৰি অসম গণিত শিক্ষায়তনৰ ‘গণিত বিকাশ’ত ইতিমধ্যে প্ৰকাশ পোৱা আমাৰ ‘লীলাৰ ডিঙিৰ মণি সৰি পৰি’ শীৰ্ষক প্ৰবন্ধটিও এই সংস্কৰণত সংযোজন কৰা হৈছে। এই আপাহতে ‘গণিত বিকাশ’লৈ আমাৰ সৌজন্যতা প্ৰকাশ কৰিছোঁ। |
কনিংচ-বাৰ্গ সমস্যাৰ চিত্ৰ দুটি আৰু অতুলনীয় অনুপাতৰ দুটি চিত্ৰ অন্য উৎসৰ পৰা স্কেন কৰি নতুনকৈ সংযোজন কৰা হৈছে। |
আমাৰ বিশ্বাস গণিত- এটি বিৰক্তিকৰ বিষয়(!)ৰ মাজত দিব বিচৰা গণিতৰ কলাসুলভ অ-বিৰক্তিকৰ তথা মোহনীয় কলাসুলভ ব্যাপ্তিখিনিক পাঠক সমাজে আগৰদৰেই তাৰিফ কৰিব। শেষত দ্বিতীয় সংস্কৰণৰ প্ৰকাশৰ সতে জড়িত সদৌটিলৈ আমাৰ হিয়াভৰা কৃতজ্ঞতা লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। |
খনীন চৌধুৰী |
পাতনি |
বহুত দিন আগতে (১৯৭৫-৭৬) Social Scientist নামৰ আলোচনীখনৰ Vol-6 (১৯৭৬) সংখ্যাত “Marxism and Mathematics” শীৰ্ষক এটা প্ৰবন্ধ পঢ়িছিলোঁ, পঢ়ি কলেজৰ সহকৰ্মীকেইজনমানৰে আলোচনা কৰিছিলোঁ। সেই সময়ত বিজ্ঞানী আইনষ্টাইনৰ “Ideas and opinion” পঢ়ি আছিলোঁ। লগতে R. Stollঅৰ “Mathematical Logic” আৰু অন্য এখন “ক্লাছিক” বাৰ্ট্ৰাণ্ড ৰাছেলৰ Principles of Mathematical Philosophyয়ে সহায় কৰিলে “গণিত- এটা বিৰক্তিকৰ বিষয়” প্ৰবন্ধটিৰ ৰচনাত। ১৯৭৯-৮০ ৰ কথা। অসম আন্দোলনৰ বতৰ। চিনাকি ডেকা বন্ধুকেইজনমানৰ চেষ্টাত “প্ৰহৰ” নামৰ এখন আলোচনীয়ে জন্ম পায়। তাতেই ছপা হ’বলৈ দিলোঁ এই প্ৰবন্ধটি। দুই-এজন ‘ছিৰিয়াছ’ গণিতপ্ৰেমী সচেতন পাঠকে প্ৰবন্ধটি ভাল পালে। |
কলেজ-বিশ্ববিদ্যালয়ত গণিত পঢ়াওতে ছাত্ৰ-ছাত্ৰীক পাৰ্যমানে যুক্তিৰ শিকলি নিছিগাকৈ বুজাবলৈ (নিজেও বুজিবলৈ) চেষ্টা কৰোঁ। সেয়ে “কোৰ্ছ” আগবঢ়াত কিছু দেৰি হয়। গণিতৰ ক্লাছত নোটচ নিদিওঁ বাবে, প্ৰশ্ন কৰোঁ বাবে ছাত্ৰ-ছাত্ৰীৰপৰা জোৰ কৰি হ’লেও প্ৰশ্ন বিচাৰি, তেওঁলোকক বিষয়বস্তুৰ লগত জড়িত (involve) কৰি ল’ব খোজো বাবে কোনোৱে ভাল পায় আৰু কোনোজন বিৰক্ত হয়। প্ৰশ্নোত্তৰ পদ্ধতিত (Socratic way?) গণিত আলোচনা কৰিব খুজিলে Parrot feedingঅত অত্যাভস্ত ছাত্ৰ-ছাত্ৰীয়ে বিৰক্তি অনুভৱ কৰে। অথচ এই মানসিকতায়েই যে ব্যুমেৰাং হৈ গণিত বিষয়টোক এটা বিৰক্তিকৰ বিষয় হিচাপে গঢ় দিয়াত সহায় কৰে- সেয়া বেছিভাগেই উপলব্ধি নকৰে। ফলস্বৰূপে গণিত শিকিবৰ বাবে এটা কৃত্ৰিম পৰিবেশ গঢ় দিবলগীয়া হয়। অন্য ভাষাত, গণিত বিষয়টো “আপোন” হৈ ধৰা নিদিয়ে। এই সকলো অনুভূতি উপলব্ধিয়েই আচলতে খুন্দিয়াই আছিল- এটা প্ৰকাশৰ বাবে। |
ছাত্ৰাৱস্থাৰপৰা আজিলৈকে, গণিতৰ পাঠ্যক্ৰমৰ কিতাপৰ লগতে গণিত সম্পৰ্কীয় (পাঠ্যক্ৰমৰ বাহিৰৰ) যি দুই-এখন কিতাপ পঢ়িলো- সেইবোৰৰ কিবাকিবি কথা গণিতপ্ৰেমী সাধাৰণ পাঠকৰ (গণিতৰ ছাত্ৰ হওক বা নহওক) কিবা কামত আহক বুলিয়েই প্ৰবন্ধৰ এই সংকলনটিৰ কল্পনা! |
এনেবোৰ কথা মনতে পাঙি থাকোতেই জন্ম হওক অসম গণিত শিক্ষায়তনৰ- ‘গণিত বিকাশ’। গণিত বিকাশৰ পাতত ‘এটা অতুলনীয় অনুপাত’, ‘সৃষ্টিশীল কলাৰ মানসিকতাৰে অবিৰত ভগ্নাংশ’, ইউক্লিডৰ দশম কিতাপখনৰ প্ৰসংগত- এই তিনিটা প্ৰবন্ধ প্ৰকাশ পায়। |
গণিতৰ বিভিন্ন প্ৰাথমিক ধাৰণা, যেনে: মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা, কাল্পনিক সংখ্যা সম্পৰ্কে জানিবলগীয়াখিনি বা এনেবোৰ ধাৰণাই গণিতৰ বিকাশত কেনে ধৰণে, কোন দিশত, কি নতুন বতৰা দিছে, সেইবোৰ খৰচি মাৰি আলোচনা কৰাৰ চেষ্টা কৰা হৈছে। এটা অতুলনীয় অনুপাত বা ইয়াৰ লগত জড়িত ফিব’নাচি শ্ৰেণী এনে এটা বিষয় যি সাধাৰণ পাঠকেও জনাতো নিতান্তই উচিত আৰু আমোদজনকো। অবিৰত ভগ্নাংশ সম্পৰ্কীয় প্ৰবন্ধটিত আমি বুজাব বিচৰা সৃষ্টিশীল কলাৰ মানসিকতা পাঠকে নিশ্চয় মন কৰিব। অকল এই ক্ষেত্ৰতেই নহয়, মৌলিকতা থকা যিকোনো গাণিতিক সৃষ্টিত কলাত্মক দিশ এটাও সদায় থাকে, অথবা মানুহৰ মগজুৰ কলা সুলভ চিন্তাৰ ফালটোৱে গণিতক বহু ক্ষেত্ৰত প্ৰভাৱিত কৰে বা দিশ নিৰ্দেশ কৰে- গণিতপ্ৰেমীয়ে এই বিষয়ত আলোকপাত কৰা উচিত। |
‘জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত’ আলোচনাখিনি কোনো পাঠ্যক্ৰমৰ আদিপাঠ অৱশ্যেই নহয়। সেয়ে, স্বীকাৰ্য বা স্বতঃসিদ্ধ আৰু জ্যামিতি সম্পৰ্কীয় ন্যূনতম ধাৰণাখিনি লৈহে আমাৰ আলোচনাৰ অংশীদাৰ হ’লে বেছি ভাল হ’ব। জ্যামিতিৰ এই আলোচনা প্ৰসংগতো প্লেট’ৰ একাডেমীৰ প্ৰৱেশ পথত লিখি থোৱা কথাষাৰ মনত পেলাই থোৱাই শ্ৰেয়ঃ “Let no man ignorant of geometry enter here” পিছে আজিৰ আধুনিক যুগৰ কি কলা, কি বিজ্ঞান (হাইস্কুল পৰ্যন্ত অন্ততঃ) সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীৰেই জ্যামিতিৰ প্ৰাথমিক জ্ঞান আছে। তদুপৰি বহু খেলি-মেলি ধাৰণাৰ মাজতো ইউক্লিডীয় জ্যামিতি সম্পৰ্কে দাৰ্শনিক কাণ্ট (Kant)অৰ মন্তব্য কিয়নো মনত নাৰাখোঁ : “আমাৰ মানসিক গঠনত ‘ইউক্লিডীয়-জগত’খন স্বভাৱতেই বৰ্তি আছে।” ১৭৮১ খ্ৰি.ত কাণ্টৰ বিখ্যাত পুথি “Critique of pure reason”ত ইউক্লিডীয় জ্যামিতি সম্পৰ্কে তেওঁৰ ঘোষণাখিনিও মনত ৰাখি নথওঁ কিয় : “এই(ইউক্লিডীয়) জগতখনৰ ধাৰণা কোনোপধ্যেই অভিজ্ঞতালব্ধ নহয়, বৰঞ্চ ই আমাৰ চিন্তাৰ এক অৱশ্যম্ভাৱী টান(necessity)।” “সমান্তৰাল স্বীকাৰ্যৰ উযুটিত…!!” শীৰ্ষক প্ৰবন্ধটিত, ইউক্লিডীয় জ্যামিতিৰ উজুটি খোৱা যেন ধাৰণাই আনি দিয়া অ-ইউক্লিডীয় জ্যামিতিৰ বিভিন্ন ধাৰণা আৰু ইয়াৰ আঁৰত লুকাই থকা কাৰণ আৰু এনেবোৰ জ্যামিতিৰ প্ৰসাৰৰ লগত জডিত বিভিন্ন গাণিতজ্ঞৰ অভিজ্ঞতাবোৰৰ এক চমু আভাস দিয়াৰ চেষ্টা কৰা হৈছে। |
জীৱনৰ বহুতো সময় (আমাৰ কথা বাদেই) মহা মহা বিজ্ঞজনেও অযথা অবান্তৰ কথাত খৰচ কৰে। এনেবোৰ চিন্তা কোনোপধ্যেই অৱসৰ বিনোদনো নহয় বা প্ৰকৃত চিন্তা-চৰ্চাৰ সপক্ষত দিয়া এটা খোজো নহয়- এক গাজাখুৰী আলোচনাহে! ঠিক এনে এক, এৰাব নোৱাৰা গাজাখুৰী আলোচনাৰেই মূৰ্তৰূপ হ’ল- প্ৰায়োগিক (applied) আৰু মৌলিক (pure) গণিতৰ (গণিতজ্ঞৰ?) বিৰোধ! এই বিৰোধকেই আলম কৰি প্ৰায়োগিক আৰু মৌলিক গণিতৰ এক তুলনামূলক আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে, “প্ৰায়োগিক আৰু মৌলিক গণিতৰ বিৰোধৰ প্ৰসংগত প্ৰবন্ধটিত- আমাৰ হাতত থকা বা আমাৰ আয়ত্তৰ ভিতৰৰ খবৰখিনিৰে (Information)। |
গণিত যে প্ৰকৃততে হিচাব-নিকাচ (calculations) নহয়, এই কথাটো, এনে ধৰণৰ আলোচনামূলক প্ৰবন্ধই বুজাত নিশ্চয় সহায় কৰিব। “গণিত সাধাৰণতে ধাৰণা (idea) সম্পৰ্কেহে।” এইখিনিতে মনত লগা ঘটনা এটা জনাই থোৱাৰ ইচ্ছা হ’ল। এবাৰ এজনে মৌলিক সংখ্যা সম্পৰ্কীয় এটা উপপাদ্যৰ সন্দৰ্ভত ক’লে যে- ইয়াক প্ৰমাণ কৰিব নোৱাৰি, কাৰণ মৌলিক (prime)ৰ ভাল(যথোপযুক্ত) “notation” নাই। পিছে গণিতজ্ঞ কাৰ্ল ফ্ৰেডেৰিক্ গাউছে একেবাৰে আৰম্ভণ বিন্দুৰপৰা আগবাঢ়ি প্ৰায় পাঁচ মিনিটতে প্ৰমাণটো দিলে। আৰু তেওঁ ক’লে যে- “তেওঁক লাগে মাথোন ধাৰণা(notions), চিহ্ন(notation) নহয়।” প্ৰখ্যাত গণিতজ্ঞসকলে কয়: হিচাব-নিকাচখিনি শেষ লক্ষ্যলৈ বুলি উপায়টোহে মাথোন। অৱশ্যে সকলো ধাৰণায়েই গণিত নহয়, পিছে সকলো ভাল গণিতৰ মাজত এইা ধাৰণা থাকিবই।” |
গতিকেই, গণিত হ’ল idea সম্পৰ্কেহে। বিশেষতঃ ভিন্ন ধাৰণা কেনেদৰে সংযোজিত(unified)- সেই সম্পৰ্কে, কোনো খবৰ জনাৰ পিছত তাৰ নিশ্চিত ফলশ্ৰুতি কি হ’ব সেই সম্পৰ্কে। গণিতৰ লক্ষ্য হ’ল এনেধৰণৰ সমস্যা বুজাটো- অদৰকাৰীখিনি বাদ দি, সমস্যাৰ গভীৰলৈ প্ৰৱেশ কৰি। “ভাল গণিতৰ মাজত আছে মিতব্যয়িতাৰ বাতাবৰণ আৰু আছে এক আশ্চৰ্যৰ ৰেশ। পিছে সবাতোকৈ ওপৰত আছে ইয়াৰ গুৰুত্বতা।” |
প্ৰবন্ধকেইটাৰ ৰচনাৰ বিভিন্ন ক্ষেত্ৰত উৎসাহ দিয়াসকলৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব আশীৰ দশকতে কবি ৰূপে চকুত পৰা, কেইবাটাও মননশীল প্ৰবন্ধৰ লেখক, সংবাদসেৱী মনোজ বৰপূজাৰীৰ। তাৰ পিছতেই, কেইবাটাও প্ৰবন্ধৰ খুতি-নাটি চাই উৎসাহেৰে উপদেশ দিয়া আৰু গণিত সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কত দুষাৰ লিখি কিতাপখনৰ মান বঢ়াই উদগণি দিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰফেছৰ (বৰ্তমান মুৰব্বী অধ্যাপক) ড° বুদ্ধপ্ৰসাদ চেতিয়া ছাৰক কৃতজ্ঞতা নিশ্চয়েই জনাব লাগিব। শেষত প্ৰবন্ধ সংকলন আকাৰে মনতে ভাবি থকা ভাবনাটোক সাহস দিলে গণিত বিকাশৰ সম্পাদক, কটন কলেজৰ গণিতৰ প্ৰবক্তা, এজন গণিতপ্ৰেমী শ্ৰীদিলীপ শৰ্মাই। এখেতৰ উৎসাহেই প্ৰবন্ধকেইটাক আচলতে কিতাপৰ ৰূপ দিলে। গতিকেই দিলীপ শৰ্মা আমাৰ কৃতজ্ঞতা পোৱাৰ বাবে অন্য এজন উচিত ব্যক্তি। |
সংকলনটিৰ পাণ্ডুলিপি সাজু কৰোঁতে, আৰম্ভণিৰপৰা শেষলৈকে বিভিন্ন ধৰণে সহায় কৰি দিয়া বাবে মোৰ ছাত্ৰ হেমধৰ দাস আৰু বৰ্ণাশুদ্ধি আদিৰ কামত বিশেষভাৱে সহায় কৰি দিয়া মোৰ সহোদৰ গুণিনৰ নামো এই সুযোগতে লৈ থওঁ। |
বেটুপাতৰ কামত সহায় কৰি দিয়া বাবে প্ৰণৱ ডেকা আৰু গীতা ডেকালৈ মোৰ ধন্যবাদ ৰ’ল। |
শেষত, আধুনিক ছপাশালাৰ মালিক আৰু কৰ্মচাৰীবৃন্দক অশেষ ধন্যবাদ জনাইছোঁ- বিভিন্ন ব্যস্ততাৰ মাজতো উৎসাহ আৰু মনোযোগেৰে কিতাপখনৰ ছপা কামৰ দায়িত্ব লোৱা বাবে। |
কিতাপখনে পাঠকৰ মন আকৰ্ষণ (মনোৰঞ্জন নহয়) কৰিব, গণিত সাধাৰণ পাঠক-পাঠিকাই ভাল পোৱা হ’ব, গাণিতিক চিন্তা মধুৰ হ’ব- এই আশাৰে। |
খনীন চৌধুৰী। |
প্ৰবন্ধকেইটিৰ ৰচনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যৱহাৰ কৰা পুথিকেইখনমান |
Adler, I. : A New Look at Geometry, New York : John Day Co. 1966. |
Beck, A.M.B. : Excursion into Mathematics, New York : Worth Crowe, D. 1969. |
Beiler, A.H. : Recreation in the theory of Numbers – The queen of mathematics entertains, Dover, New York, 1964. |
Bell, E.T. : (i) The Search for Truth, New York Reynal and Hitchcock, 1934. (ii) Development of Mathematics, Mc Graw Hill, New York, 1945. (iii) Men of Mathematics, New York : Simon and Schuster, 1961. (iv) Father and Son : Wolfgans and John Bolyai, in Memorable Personalities in Mathematics : Nineteenth Century, Staubord, Calif. School Maths. Study group. |
Borissavlievitch, M. : The Golden Number, Philosophical Library, 1958. |
Courant, R. : What is Mathematics? Oxford University Press, Robbins, H. 1961. |
Coxeter, H.S.M. : (i) The Golden Section and Phyllotaxis in Introduction to Geometry, John Wiley and Sons Ltd. 1961. (ii) Geometry Re-visited, New York, Random House, 1967. |
Davenport, H. : The Higher Arithmatic, Cambridge University Press, 1982. |
De Long, H. : A Profile of Mathematical logic Reading Mass, Addison Wisley, 1970. |
Edwards, H.M. : Farmat’s Last Theorem – a genetic introduction to algebraic number theory, Springer, New York, 1977. |
Einstein, A. : Idea and Opinions, Rupa Co. 1981. |
Gamow, G. : One, Two, Three….Infinity, Bantam Science and Mathematics, 1967. |
Ghyka, M. : The Geometry of Arts and Life, New York, Dover, 1977. |
Golos, E.B. : Foundation of Euclidian and Non-Euclidian Geometry, New York, Holf, Renehart and Kinston, 1968. |
Hadamard, J. : The Psychology of Invention in the Mathematical Field, Princeton, N. J. : Princeton University Press, 1968. |
Hardy, G.H. : A Mathematician’s Apology, New York, Cambridge University Press, 1940. |
Hellman, M.E. : The Mathematics of Public-key Cryptography, Scientific American, Aug. 1979. |
Benkin, L.P.S. : The Axiomatic Method, Amsterdam, North Tarski, A. Holland, 1959. |
Hilbert, D. : Geometry and Imagination, New York Chelsa, Cohen Vosseu, S. 1952. |
Kline, M. : (i) Mathematical Thought from Ancient to Modern Times, Oxford University Press, 1972. (ii) Mathematics – The loss of certainly, Oxford University Press, 1980. |
Lenstra, Jr. W.H. : Fast Prime Number Test, Nieuw Archiv voor Wishunde (40) I (1983). |
Maschkowski, H. : (i) Non-Euclidian Geometry, New York, Academic Press, 1964. (ii) Evalution of Mathematical thought, San Francisco : Holden-Day, 1963. |
Niven, I.M. : Numbers : Rational and Irrational, Raadom House, New York, 1963. |
Olds, C.D. : Continued Fractions, L.W. Singer Company, New Mathematical Library, 1963. |
Poincare, H. : Science and Hypothesis, New York : Dover, 1952. |
Polanyi, M. : Personal Knowledge, New York, Harper and Row, 1964. |
Pomerance, C. : The Search for Prime Numbers, Scientific American Dec, 1982. |
Prenowitz, W. : Basic Concepts of Geometry, New York, Jordan, M. Blaisdell, 1965. |
Renyi, A. : Dialogues on Mathematics, San Francis Co. Holden Day, 1967. |
Riesel, H. : Prime Numbers and Computer Methods for Factorization, Birkhauser, Boston, 1985. |
Russell, B. : Introduction to Mathematical Philosophy, Simon and Schuster, New York. |
Scholfield, P.H. : The Theory of Proportion in Architecture, Cambridge University Press, 1958. |
Schroder, M. : Nember Theory in Science and Communication, Springer, New York, 1984. |
Simmons, G.J. : Cryptology : The Mathematics of Secure Communication, Mathematical Intelligencer I No 4 (1979). |
Steen, L.A. : Mathematics To-morrow, Springer, New York, 1981. |
Stewart, I. : Complex Analysis, Cambridge University Press, Tall David, 1983. |
Stoll, R. : Set Theory and Logic. |
Thecadeth, K.K. : Marxism and Mathematics, Monthly Journal of the Indian School of Social Science Social Scientist V 1, N 6, 1973, January. |
Thomas, S.T.L. (Ed.) : Euclid : The Thirteen Books of the Elements (3 Vols), Dover, New York, 1956. |
Vander Warden, B.L. : Science Awakening, Oxford University Press, 1961. |
[ad#ad-2] |
সূচীপত্ৰ |
গণিত- এটা বিৰক্তিকৰ বিষয়! |
এটা অতুলনীয় অনুপাত |
(ফাই) |
সৃষ্টিশীল কলাৰ মানসিকতাৰে অবিৰত ভগ্নাংশ |
কাল্পনিক সংখ্যা |
অপৰিমেয় সংখ্যা আৰু ইউক্লিদৰ দশম কিতাপখন |
মৌলিক সংখ্যা আৰু ইয়াৰ গোপন বতৰা |
জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত |
সমান্তৰাল স্বীকাৰ্যৰ উজুটিত! |
প্ৰায়োগিক আৰু মৌলিক গণিতৰ বিৰোধ-এটি আলোচনা |
লীলাৰ ডিঙিৰ মণি সৰি পৰি… |
[ad#ad-2] |
পংকজ জ্যোতি মহন্ত |
pankajjyoti.com |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
অসমীয়া গ্ৰন্থ |
No Comments |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected] |
বিনামূলীয়া ই-বুক |
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August 2018 July 2018 June 2018 May 2018 April 2018 March 2018 February 2018 December 2017 November 2017 August 2017 July 2017 June 2017 April 2017 March 2017 February 2017 January 2017 December 2016 October 2016 August 2016 July 2016 May 2016 March 2016 November 2015 October 2015 September 2015 August 2015 April 2015 March 2015 January 2015 December 2014 November 2014 October 2014 August 2014 July 2014 June 2014 May 2014 April 2014 March 2014 February 2014 December 2013 November 2013 August 2013 July 2013 June 2013 May 2013 April 2013 February 2013 January 2013 December 2012 November 2012 October 2012 September 2012 August 2012 July 2012 June 2012 May 2012 April 2012 March 2012 February 2012 January 2012 October 2011 September 2011 August 2011 July 2011 June 2011 May 2011 April 2011 |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.