text
stringlengths 0
188k
|
---|
0 shares |
Share 0 Tweet 0 |
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি |
0 shares |
Share 0 Tweet 0 |
এটি কলি দুটি পাত |
0 shares |
Share 0 Tweet 0 |
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা |
0 shares |
Share 0 Tweet 0 |
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য |
0 shares |
Share 0 Tweet 0 |
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।<eot>তেতিয়া মই ডিৰাঙত৷ মনোমোহা ডিৰাং৷ চৌদিশে নৈসৰ্গিক সৌন্দৰ্য্য৷ প্ৰকৃতিয়ে কোনো কৃপণালি নকৰাকৈ উপহাৰ দিছে এই পাহাৰীয়া ঠাইখনক৷ যিয়ে আহে সিয়েই ইয়াৰ প্ৰেমত পৰে৷ সকলোৰে মন কৰি তোলে ৰোমাণ্টিক৷ |
পেটেলত মই তেতিয়া পৰিৱেশ বিষয়া হিচাপে কৰ্মৰত৷ জলবিদ্যুৎ প্ৰকল্পৰ কাম৷ তাতেই লগ পাইছিলো দাৰ্জিলিংৰ অভিযন্তা আকাশ ছেত্ৰীক৷ মোতকৈ বয়সত প্ৰায় তিনি বছৰ সৰু আকাশ ভাৰতৰ এক বিখ্যাত অভিযান্ত্ৰিক প্ৰতিষ্ঠান BITS পিলানীৰ স্নাতক৷ চিভিল ইঞ্জিনীয়াৰিং যেন নখ দৰ্পনত৷ |
আকাশ আৰু মই প্ৰায় সম বয়সৰ বাবেই এক বন্ধুত্ব গঢ় লৈ উঠিছিল৷ সন্ধিয়া জমি উঠিছিল ৰসাল আদ্দা৷ দাৰ্জিলিঙৰ পৰা আৰম্ভ কৰি পিলানীৰ হোষ্টেল হৈ ডিৰাঙলৈকে আকাশৰ জীৱন যাত্ৰা৷ নলবাৰী নৱোদয়ৰ পৰা বিশ্ববিদ্যালয়, তাৰ পিছত দিল্লী হৈ ভায়া গুৱাহাটী ডিৰাঙলৈ মোৰ কৰ্ম জীৱন৷ তেনে এক ৰসাল সন্ধিয়াতেই আকাশ কৈছিল তাৰ সদ্য প্ৰাক্তন প্ৰেয়সী মৌলীৰ কথা৷ আকাশৰ ঘৰৰ পৰা ইতিমধ্যে আন এজনী ছোৱালীৰ লগত বিয়া ঠিক হৈছিল৷ কিন্তুু মৌলীয়ে অধিকাৰ কৰি আছে আকাশৰ হৃদয়ৰ এটি চুক৷ |
সেইদিনা আকাশ আৰু মই ফিল্ডৰ কামত গৈছিলোঁ৷ সন্ধিয়া দেৰি হৈছিল৷ কাম বাকী ৰৈ যোৱা বাবে আমি দুয়ো ফিল্ডতেই কেম্প কৰি থকাৰ সিদ্ধান্ত ল’লোঁ৷ মোৰ পৰিৱেশৰ বায়ু প্ৰদূষণ মাপ কৰা যন্ত্ৰ এটা লগাই থৈছোঁ৷ সময়ে সময়ৰ সেইটো নিৰীক্ষণ কৰি থকাটো প্ৰয়োজন৷ লগত দুজন সহায়ক আৰু ড্ৰাইভাৰ বাব্লু৷ সহায়ক দুজনে বাব্লুৰ সৈতে গৈ নাতিদূৰত অৱস্থিত আমাৰ অস্থায়ী কেম্পৰ পৰা খোৱা যোগাৰ আনিবলৈ গ’ল৷ সিহঁত প্ৰায় দুঘণ্টা পিছত আহি পাব৷ এনেকুৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ লগতে পাহাৰ নিসংগতা ভৰা নিশাবোৰ উপভোগ কৰিবলৈ যোগাৰ সদায় লগত লৈ ফুৰোঁ আমি৷ আৰ্মি কেণ্টিনৰ পৰা অনা স্কটচৰ বটল এটা খুলি দুয়ো বহি ল’লো৷ বাকী সকল গ’ল খানা আনিবলৈ৷ |
আড্ডা আৰু স্কটচ! আস্! কি মজ্জ্বা৷ অলপ পিছতে আকাশ বহা ঠাইতে থিয় হ’ল৷ সি মোক ৰূপ দাদা বুলি মাতে৷ |
-ৰূপ দাদা৷ |
-কোৱা আকাশ? |
– সৌৱা চোৱা৷ মৌলী! |
– ধেই! আৰ ইউ বিক’ম মেড? মৌলী ইয়াত কেনেকৈ আহিব? |
– আই এম চিৰিয়াছ ব্ৰ’! |
মই মৌলীৰ ফ’টো দেখিছোঁ আকাশৰ ম’বাইলত৷ যদিও যোৱা প্ৰায় ডেৰ বছৰ ধৰি আকাশৰ কোনো যোগাযোগ নাই মৌলীৰ লগত সি মাজে মাজে মৌলীৰ ফ’টোখন চাই থাকে৷ ফেচবুকত তাক কেতিয়াবাই মৌলীয়ে ব্লক কৰি থৈছে৷ ম’বাইলটো একেই দশা৷ |
আকাশৰ ভুল ভঙাৰ উদ্দেশ্যেই মই থিয় দিলোঁ৷ মই নিশ্চিত আছিলোঁ যে এয়া আকাশৰ ভ্ৰান্ত ধাৰাণা৷ স্কটচ পানী নিদিয়াকৈ খোৱাৰ বাবে তাৎক্ষণিক নিচাৰ বাদে একো নহয়৷ |
কিন্তুু এয়া কি দেখি আছোঁ মই! আমাৰ সন্মুখত সেয়া শুভ্ৰ চুৰিদাৰ পৰিহিত সাক্ষাৎ মৌলী দেখোন! মিঠা হাঁহি এটিৰে চাই আছে আকাশৰ পিনে! |
তেনেদৰে প্ৰায় দহ-পোন্ধৰ মিনিট৷ মৌলী আৰু আকাশ দুয়ো দুয়োকে চাই আছে বাকৰূদ্ধ হৈ৷ মই কাষত থিয় হৈ আছো নীৰৱ দৰ্শক হৈ চাৰি চকুৰ মিলনৰ! |
অলপ পিছত যেন অনাকাংক্ষিত অন্ধকাৰ নামি আহিল ধৰাৰ বুকুলৈ৷ চৌদিশে ধোঁৱাময়৷ পাহাৰত এয়া পৰিচিত পৰিৱেশ৷ |
মৌলী নেদেখা হৈ পৰিল সেই ধুঁৱলীৰ মাজত৷ পৰিৱেশ ফৰকাল হ’ল কিন্তুু মৌলী নেদেখাই হৈ থাকিল৷ কিংকৰ্তব্যবিমূঢ় হৈ স্থানু হৈ থাকিলোঁ আমি দুয়ো৷ |
বাব্লু আৰু সহায়ক দুজনে আহি আমাক মাতোতেহে সন্বিত ঘূৰাই পালোঁ৷ সেইদিনা ৰাতিটো তেনেকৈ কটালো৷ নিশব্দে৷ |
পিছদিনা পুৱাই ডিৰাঙ গৈ পাই আকাশে ঘৰত ফোন কৰিলে ভায়েকক৷ তাৰ পিছত সি যিখিনি কথা ক’লে সেয়া শুনি মই হতচকিত! |
এমাহমান আগতেই মৌলী আহিছিল দাৰ্জিলিনঙৰ পৰা৷ ডিৰাং আৰু টাৱাং ফুৰিবলৈ৷ তাইৰ লগৰ আন বন্ধু-বান্ধৱী কেইজনমানৰ লগত৷ মৌলীৰ মনতে আছিল এক ইচ্ছা আকাশক শেষ বাৰৰ বাবে এবাৰ লগ কৰাৰ৷ কিন্তুু সেই ইচ্ছা বাস্তৱায়িত নহ’ল জীয়াই থকা অৱস্থাত৷ মৌলী সহ সিহঁত আটাইকেইজন অহা গাড়ীখন দুৰ্ঘটনাত পতিত হয় ডিৰাঙ পোৱাৰ আগত৷ সম্ভৱত আমি আগদিনা কেম্প কৰি থকা ঠাই খিনিতে৷ তাতেই বিলীন হৈ যায় সিহঁতৰ নিঠৰ দেহ৷ এই সমগ্ৰ ঘটনা আকাশক কোৱা নাছিল কোনেও৷ সি অন্তৰত আঘাত পাব বুলি৷ |
মৌলীৰ আত্মাই শেষ দেখা দিবলৈ আহিছিল চাগে আকাশক সেইদিনা ৰাতি৷ সাক্ষী মাথোঁ মই! |
← মাইক্ৰ’ কাহিনী – আব্দুল ৰাকিব |
বাবা সংস্কৃতি ( জ্ঞানদীপ শইকীয়া ) → |
You May Also Like |
সম্ভোগ – অভিজিত দত্ত |
April 20, 2019 0 |
দ্যুতি- (মানবেন্দ্ৰ কুমাৰ শৰ্মা) |
February 28, 2017 0 |
যন্ত্ৰণাৰ মুহূৰ্তবোৰ পাৰহৈ (প্ৰীতিমা চাংমাই নেওগ) |
November 15, 2011 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>নিজৰ জীয়েকৰ নাম এ পি এছ চিৰ কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আজি সংবাদমেলত চাফাই গোৱাৰ চেষ্টা কৰে। তেওঁৰ জীয়েক পল্লৱী শৰ্মাক হস্তাক্ষৰ নমুনাৰ বাবে এ পি এছ চিৰ কেলেংকাৰিটোৰ তদন্তকাৰী আৰক্ষীয়ে চমন জাৰি কৰাটোক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি দাবী কৰে। |
তেওঁৰ বিৰুদ্ধে অসম বিজেপিত এজন-দুজন অতি প্ৰভাৱশালী নেতাই যোৱা কিছু দিনৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি জানিবলৈ দিয়ে। |
কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই ষড়যন্ত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল নাই বুলিও স্বীকাৰ কৰে। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰীৰ মংগল কামনাৰে প্ৰতিদিনে পুৱা ভগৱানৰ ওচৰত এপাহ ফুল দিয়ে সাংসদগৰাকীয়ে। |
তেওঁ নিজৰ জীয়েকক বচাবলৈ মুখ্য মন্ত্ৰীৰ কাষ চাপিছে বুলি উঠা অভিযোগৰ উত্তৰ দিবলৈ গৈ এইদৰে কয়। আনহাতে মুখ্য মন্ত্ৰীক অনুৰোধ কৰি এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত লেহেমীয়া কৰাৰ চেষ্টা কৰা বুলি উঠা অভিযোহ সন্দৰ্ভত কয়, “অখিল গগৈয়ে এই কথাটোৰ প্ৰমাণ দিয়ক। প্ৰমাণ দিব পাৰিলে মই ৰাজনীতি ত্যাগ কৰিম, আজিয়েই সাংসদ পদো ত্যাগ কৰিম।” |
Recent News |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.