text
stringlengths 0
188k
|
---|
Apache License 2.0 and partly GPL v2 |
ৱেবছাইট |
www.wikibhasha.org |
সূচী |
1 চমু ৰূপৰেখা |
2 উপলব্ধতা |
3 ব্যৱহাৰকাৰী নিৰ্দেশিকা |
4 তথ্য সংগ্ৰহ |
5 লগতে পঢ়ক |
6 বাহ্যিক সংযোগ |
চমু ৰূপৰেখাসম্পাদনা কৰক |
ৱিকিভাষাই অৱদানকাৰীসমূহক ৱিকিপিডিয়াৰ নিবন্ধৰ পৰা সমল বিচাৰিবলৈ, ইয়াক আন ভাষালৈ অনুবাদ কৰিবলৈ, আৰু তাৰ পিছত নতুন নিবন্ধ ৰচনা কৰিবলৈ বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষা সংস্কৰণত মজুত থকা নিবন্ধসমূহ বৃদ্ধি কৰিবলৈ সমৰ্থবান কৰে।[3] টুলটো এক সৰল আৰু অন্তৰ ভাগত ব্যৱহাৰকাৰীৰ আন্তঃপৃষ্ঠত লেয়াৰ হিচাপে কাম কৰে যিটো ৱিকিপিডিয়াৰ ভাষা অনুচ্ছেদত থাকে আৰু ব্যৱহাৰকাৰী-অধিবেশনৰ সময়ত সৃষ্টি বা বৰ্ধিত হয়। অধিবেশনৰ শেষত, আপডেটিং প্ৰক্ৰিয়াত ৱিকিপিডিয়াৰ লক্ষ্য ভাষালৈ সমলৰ সকলো যোগ বা পৰিৱৰ্তন দাখিল কৰা হয়। |
ৱিকিভাষাই ৩০ৰো অধিক ভাষাক সমল সৃষ্টিত সমৰ্থন কৰে। ই তথ্যৰ উৎস হিচাপে ইংৰাজী ৱিকিপিডিয়াৰ সমলত বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা অনা-ইংৰাজী ৱিকিপিডিয়াসমূহ সহজ সমল সৃষ্টি কৰাত সক্ষম কৰে। আৰম্ভণিতে, ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু মাইক্ৰছফ্ট ৰিচাৰ্ছে ৱিকিপিডিয়া ব্যৱহাৰকাৰী সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছিল, যিবোৰে আৰু আৰবী, জাৰ্মান, হিন্দী, জাপানী, পৰ্তুগীজ আৰু স্পেনিজ ভাষাৰ ৱিকিপিডিয়া ব্যৱহাৰকাৰী সম্প্ৰদায়সমূহৰ সমল সৃষ্টিৰ ওপৰত গুৰুত্ব দিছিল। 'ভাষা' শব্দৰ অৰ্থ হৈছে বহুতো উত্তৰ ভাৰতীয় ভাষাত ভাষা, আৰু ই মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ ভাষা শব্দৰ সৈতে সম্পৰ্কিত। |
ছফ্টৱেৰটো গুগল ট্ৰান্সলেট টুলকিটৰ সৈতে একে আৰু ইয়াক ২০০৮ চনৰ পৰা ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ অনুবাদ কৰিবলৈ ব্যৱহাৰ কৰিছিল। ই দুটাৰ মাজৰ মূল পাৰ্থক্যটো হৈছে যে, ৱিকিভাষা ৱিকিপিডিয়া ইণ্টাৰফেচৰ ভিতৰত অভাৰলে হিচাপে চলায়, আনহাতে গুগল টুলকিটে আন স্থানত চলে লগতে ইয়াত গুগল একাউণ্ট এটাৰ প্ৰয়োজন হয়। |
উপলব্ধতাসম্পাদনা কৰক |
২০১০ চনত, ৱিকিভাষা (বিটা) এনেদৰে উপলব্ধ আছিল: |
MediaWiki extension, under Apache License 2.0 and partly under GPL v2, |
Installable bookmarklet (and a Greasemonkey Script for Firefox users) from the WikiBhasha site. |
ব্যৱহাৰকাৰী নিৰ্দেশিকাসম্পাদনা কৰক |
ৱিকিভাষা বিটা ব্যৱহাৰকাৰী গাইডে স্থাপন আৰু ব্যৱহাৰৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ Enhancing Multilingual Content in Wikipedia - Microsoft Research |
↑ "Write wikis in any language with new multilingual content creation tool" (Relaxnews story), The Independent, 20 October 2010. Retrieved 10 December 2010. |
↑ WikiBhasha: Translate And Edit Wikipedia Articles in Your Own Language |
লগতে পঢ়কসম্পাদনা কৰক |
A. Kumaran, K. Saravanan, Naren Datha, B. Ashok, Vikram Dendi (2009). "WikiBABEL: A Wiki-style Platform for Creation of Parallel Data". ACL 2009, Proceedings of the 47th Annual Meeting of the Association for Computational Linguistics and the 4th International Joint Conference on Natural Language Processing of the AFNLP. doi:10.3115/1667872.1667880.<eot>কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ যোৱা ৫ জুলাইত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াই প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। |
২৮ বিঘা মাটিজুৰি থকা উদ্যানখনে ৬ বিঘা মাটি বেদখল কৰি থকা বুলি অভিযোগ কৰি এই বেদখল ৭ দিনৰ ভিতৰত খালী নকৰিলে উচ্ছেদ কৰা হ’ব বুলি জাননী জাৰি কৰা হৈছে। |
‘এই জাননী পোৱাৰ ৭ দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হ’ল। অন্যথা আইন অনুসৰি আপোনাক/ আপোনালোকক উক্ত জমিৰ পৰা উচ্ছেদ কৰা হ’ব,’ চক্ৰ বিষয়াৰ নিৰ্দেশ। |
ৰাজহ চক্ৰ বিষয়াই প্ৰেৰণ কৰা জাননীত অভিযোগ কৰা হৈছে যে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কৰা চৰজমিন তদন্তত পোৱা হৈছে যে উদ্যানখনৰ বাবে আবণ্টিত ভূমিতকৈ তেওঁলোকে প্ৰায় ৬ বিঘা মাটি অধিককৈ দখল কৰি আছে। ‘আপোনালোকে কাজিৰঙা জাতীয় অৰ্কিদ উদ্যানৰ নামত আবণ্টনৰ বাবে অনুমোদন হোৱা জমিতকৈ অতিৰিক্তভাৱে ৬ বিঘা ১ কঠা ১২ লোচা মাটি বেদখল কৰি আছে,’ চৰকাৰী জাননীত উল্লেখ। |
উচ্ছেদৰ জাননী পোৱাৰ পিছতে ইয়াক অসম চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু আইনৰ আশ্ৰয় লোৱাৰ কথা ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। ‘কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰখনৰ বিৰোধিতা কৰি আছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি হাজাৰ-হাজাৰ মানুহক সংগঠিত কৰি প্ৰতিবাদ কৰিছো। সেয়েহে প্ৰতিশোধপৰায়ণ হৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অত্যাচাৰ কৰিছে,’ দাবী অখিল গগৈৰ। |
অৰ্কিড উদ্যানখনৰ অধ্যক্ষ অখিল গগৈয়ে কয় ‘অৰ্কিড উদ্যানৰ মুঠ ২৮ বিঘা মাটিৰ ২২ বিঘা মাটিৰ অনুমোদন আগতেই লাভ কৰিছিলো। কিন্তু ৬ বিঘা ১ কঠা ১২ লোচা মাটিৰ পট্টাৰ বাবে চৰকাৰৰ ৰাজহ বিভাগক আবেদন কৰিছিলো বহু দিনৰ আগতে। কিন্তু আমি এতিয়ালৈকে অনুমোদন নাপালো।’ |
উল্লেখযোগ্য যে দুলাল বৰা নামৰ আৰ টি আই কৰ্মীজনে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ২৭ বিঘা মাটি বেদখল কৰি থকা বুলি বোকাখাত থানাত পূৰ্বে এক এজাহাৰ দাখিল কৰিছিল। |
দুলাল বৰাৰ অভিযোগৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈয্য কোঁৱৰে ‘পতঞ্জলিৰ উদ্যোগ পাতিবলৈ বিজেপি চৰকাৰে হাজাৰ বিঘা মাটি দিছে। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ প্ৰতি ইন্সি মাটি আমি বৈধভাৱে লৈছো’ বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল। |
ৰাজ্যবাসীৰ লগতে দেশী-বিদেশী বিভিন্ন পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখনত উত্তৰ-পূৰ্বাঞ্চলত পোৱা ৫০০ বিধ দুৰ্লভ অৰ্কিডৰ লগতে কেইবা শও থলুৱা ধানৰ সঁচ, ঔষধি গছ, ফলৰ বাগিচা, থলুৱা মাছৰ পুখুৰী আদিও আছে। |
সেউজ গৃ্হ, ফট’ গেলাৰি আদিও থকা এই উদ্যানখনত থলুৱা খাদ্যৰ লগতে অতিথিৰ মনোৰঞ্জনৰ বাবে থলুৱা নৃত্য-গীত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছিল। |
বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিয়ে যোৱা ২০১৫ চনৰ ১৪ অক্টোবৰত এই উদ্যানখন উদ্বোধন কৰিছিল। |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ভাৰতীয় চলচ্চিত্ৰৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু প্ৰিয়াংকাৰ স্বামী তথা চলচ্চিত্ৰ প্ৰেমীৰ জোৱাঁই নিক জ’নাছ সম্প্ৰতি দিল্লীত ৷মংগলবাৰে পুৱাই দিল্লীত উপস্থিত হৈয়ে ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে দিল্লী বাসীক সম্ভাষণ জনায় প্ৰিয়াংকাই ৷লগতে স্বামী নিক জোনছক উদ্দেশ্য কৰি প্ৰিয়াংকাৰ ভাষ্য যে বেষ্ট ট্ৰেভেল ৱাডী ৷ ইফালে এইবাৰ প্ৰিয়াংকাক দেখিবলৈ পোৱা গ’ল ২০১৯ বৰ্ষৰ অস্কাৰত ৷হলীউডৰ বহু ছুপাৰষ্টাৰৰ লগত একে শাৰীত দেখা গ’ল প্ৰিয়াংকা আৰু নিক জ’নাছক ৷ প্ৰিয়াংকাই ক’লা ৰঙৰ পোচাক পৰিধান কৰাৰ বিপৰীতে নিক জ’নাছে পৰিধান কৰিছিল নীলা ৰঙৰ চ্যুট ৷এক বিশেষ তথ্যৰ খবৰৰ অনুসৰি। প্ৰিয়াংকাই অভিনেতা ফাৰহান আখতাৰ আৰু জাইৰা ৱাছিমৰ লগত মুক্তিৰ অপেক্ষাত থকা ছবি 'দ্য স্কাই ইজ পিংক'ৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ পৰিব ৷ ছবি খনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১১ অক্টোবৰত ৷ |
https://www.instagram.com/p/BuWruRUH3X2/ |
উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷ |
অন্যহাতে প্ৰিয়াংকা নিকৰ বিয়াত হলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷তাৰ ভিতৰত ড্ৰবেন জনচন,কানাডীয়ান অভিনেত্ৰী লিলী সিং,আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী তথা নৃত্যশিল্পী য়াস্মীন অল মচৰী,অমেৰিকাৰ অভিনেতা জোনাথন টক্কৰ,অভিনেত্ৰী এলিজাবেথ চেম্বাছ,আমেৰিকান গায়ক মাৰ্টিন গেৰিক্স,আমেৰিকাৰ গায়ক ফেংকী জোনাচ অন্যতম ৷ |
য’ত উপস্থিত আছিল হলীউডৰ লগতে বলীউডৰ বহু অভিনেতা অভিনেত্ৰী ৷ উল্লেখ্য যে,হলীউড তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ প্ৰেম তথা বিয়াকলৈ চৰ্চাৰ যেন অন্ত নপৰিব অনুৰাগীসকলৰ মাজত। প্ৰায়ে প্ৰিয়ংকাৰ প্ৰেম,ষ্টাইল,গ্লেমাৰ আদি সকলোবোৰ চৰ্চা শীৰ্ষত থাকে ৷ |
প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷ |
প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ প্ৰেমৰ সন্দৰ্ভত প্ৰকাশ কৰে যে, ২০১৭ চনত প্ৰিয়াংকা আৰু নিকক ডিজাইনাৰ Ralph Lauren য়ে এটি শ্ব’ত ভাগ ল’বলৈও আমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পিছত প্ৰিয়াংকা আৰু নিক নিউয়ৰ্কৰ এটি পাৰ্টিত মিলিত হৈছিল যদিও পিছত প্ৰিয়াংকাই নিউয়ৰ্কস্থিত বাসগৃহলৈও নিকক আমন্ত্ৰণ জনাইছিল ৷সেই সময়ত প্ৰিয়াংকাৰ ঘৰত মাতৃ মধু চোপ্ৰাও আছিল ৷ প্ৰিয়াংকাই কয় যে আমি ঘৰত বহু ঘন্টা কথা পাতিছিলো ৷ লগতে সেই সময়ত কোনো চুম্বন হোৱা নাছিল বুলি আলোচনীখনৰ আগত প্ৰকাশ কৰে প্ৰিয়াংকাই ৷আলোচনীখনৰ আগত প্ৰিয়াংকাই নিকে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱ সম্বন্ধেও প্ৰকাশ কৰে ৷ |
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন |
Tags: প্ৰিয়াংকা চোপ্ৰা |
Categories: মনোৰঞ্জন |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: [email protected] |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ। শুকুৰবাৰে পুৱা গোলাঘাটৰ পুলিবৰত সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন স্কুলীয়া ছাত্ৰৰ। |
দুৰ্ঘটনাত প্ৰাণ নাশ হোৱা ছাত্ৰজনৰ নাম চন্দনজ্যোতি গগৈ। নিহত চন্দন পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। দুৰ্ঘটনাত প্ৰথমে আহত চন্দনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁক মৃত ঘোষণা কৰা হয়। |
ইফালে দুৰ্ঘটনাৰ পিছতে এই কাণ্ড সংঘটিত কৰা বাহনখনৰ সৈতে চালকজনে আত্মসমৰ্পণ কৰিছে। আনহাতে নিহত চন্দনৰ পিতৃয়েও গোলাঘাট আৰক্ষী থানাত ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে।<eot>ৰে’ল ষ্টেচনত সন্মুখত কোনো বাচন বা কাপোৰ পাৰি ভিক্ষা খুজি পেট পবৰ্তোৱা ভিক্ষাৰীসকলৰ দৃশ্য কাৰো অজানা নহয়। কিন্তু ৰে’ল ষ্টেচনৰ ... |
Read more |
Recent News |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এয়েৰচে’ল গ্ৰাহকৰ বাবে সুখবৰ : ১৫ এপ্ৰিললৈকে গ্ৰাহকক ম’বাইল নম্বৰ পৰ্তেবিলিতিৰ সুবিধা দিবলৈ কোম্পানিটোক নিৰ্দেশ ত্ৰাইৰ |
About |
Copyright |
Privacy Policy |
Authors |
Grievance Redressal |
Contact |
English | |
Tuesday, December 6, 2022 |
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.