text
stringlengths 0
188k
|
---|
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত হঠকাৰী, স্বৈৰতান্ত্ৰিক আৰু ছাত্ৰ বিৰোধীঃ এছ এফ আই - W7S News |
Home |
about |
contact |
404 |
Breaking News |
অসম |
গুৱাহাটী |
উত্তৰ-পূৰ্বাঞ্চল |
ব্যৱসায়-বাণিজ্য |
ৰাজনীতি |
মনোৰঞ্জন |
সাহিত্য |
Breaking |
Home Top Ad |
Responsive Ads Here |
Post Top Ad |
Responsive Ads Here |
Monday, 1 August 2022 |
Home গুৱাহাটী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত হঠকাৰী, স্বৈৰতান্ত্ৰিক আৰু ছাত্ৰ বিৰোধীঃ এছ এফ আই |
হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত হঠকাৰী, স্বৈৰতান্ত্ৰিক আৰু ছাত্ৰ বিৰোধীঃ এছ এফ আই |
W7S News August 01, 2022 গুৱাহাটী, |
ৰাজ্যৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ |
যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে |
আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে |
অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬ জন অপ্রশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে -এছ এফ আই |
' |
W7s news ষ্টাফৰিপোৰ্টাৰ: |
হিমন্ত বিশ্ব শর্মা কেবিনেটে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে বিৰোধিতা কৰি পুনৰ বিবেচনা কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সোমবাৰে এছ এফ আই অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে কয়- ৰাজ্যৰ শিক্ষাবিদ, শিক্ষক, ছাত্র ছাত্রী,অভিভাৱক,বিভিন্ন ছাত্র সংগঠন আদিৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ গ্ৰহণ কৰা এই হঠকাৰী আৰু স্বৈৰতান্ত্ৰিক সিদ্ধান্তসমূহ একান্তই ছাত্ৰ বিৰোধী আৰু ভবিষ্যতমুখী শিক্ষাৰ বাবে ক্ষতিকাৰক। সাম্প্ৰতিক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা অত্যন্ত সংকটৰ মাজেৰে আগবাঢ়িব ধৰিছে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে। অন্যহাতে অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬ জন অপ্রশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ। যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে। তেনেস্থলত চৰকাৰে খালি হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি ৰাজ্যত শিক্ষাৰ মাধ্যম বা পাঠদানৰ ভাষা সলনি কৰাত গুৰুত্ব দিয়াটো এক হঠকাৰি সিদ্ধান্ত বুলি আমি বিবেচনা কৰো।' সংবাদ মেলত এছ এফ আইৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সংগীতা দাসে কয়-ৰাষ্ট্ৰসংঘৰ শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰৰ গৱেষণা অনুসৰি মাতৃভাষাৰ শিক্ষাই শিক্ষাৰ গুণগত মানৰ আৰু সামূহিক বিকাশৰ মূল ভিত্তি। সেয়েহে আজি বিশ্বৰ বিভিন্ন আগশাৰী দেশেও প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক স্থানীয় তথা মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰি তুলিবৰ বাবে পুনৰ আগবাঢ়িছে। উচ্চশিক্ষাতহে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মাধ্যম নিৰ্বাচন কৰাত বা দ্বৈত বা তাতোধিক ভাষাক শিক্ষাৰ মাধ্যম হিচাপেও স্বীকৃতি প্ৰদান কৰিছে। ইউনেস্কৰ মতেও প্রাথমিক বিদ্যালয়ত জ্ঞানৰ ব্যৱধান হ্রাস কৰিবলৈ আৰু শিক্ষা তথা বুজিব পৰা শক্তি বৃদ্ধি কৰিবলৈ মাতৃভাষা মাধ্যম অতি গুৰুত্বপূর্ণ। বিশ্বত আনুমানিক ৪০ শতাংশ জনসংখ্যাই তেওঁলোকে কোৱা বা বুজি পোৱা ভাষাত শিক্ষা লাভ কৰিব নোৱাৰে। ভয়ংকৰ হাৰত ভাষা হেৰাই যাব ধৰা প্ৰক্ৰিয়াই এফালেদি আকৌ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকিৰ সৃষ্টি কৰিছে। যাৰ ফলত সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যও হেৰাই যায়। সেয়েহে আমি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বিভাষিক মাধ্যমত পাঠদান আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধ কৰিছোঁ। দ্বৈত ভাষা শিক্ষাৰ মাধ্যমে ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা বৃদ্ধি কৰিব। আনকি এই সিদ্ধান্তক কাৰ্যকৰি কৰি তুলিবলৈ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পর্যাপ্ত আন্তঃগাথঁনিৰো অভাৱ। প্ৰচলিত ব্যৱস্থাতেই, অসমৰ ৩০ শতাংশ ছাত্র ছাত্রীয়ে আধাতে মাধ্যমিক স্তৰত বিদ্যালয় এৰি যাব লগা হয়। |
কেবিনেটৰ তৃতীয় সিদ্ধান্ত অনুসৰি সমাজ অধ্যয়নৰ পৰিৱৰ্তে ভূগোল আৰু ইতিহাস বিষয় বাধ্যতামূলক কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে ৰাজনীতি বিজ্ঞান,অর্থনীতিৰ নিচিনা বিষয়ক বাদ দিয়া হ'ব। অর্থাৎ মানৱ সম্পদ উন্নয়ন,আর্থ সামাজিক উন্নয়ন,ভাৰতৰ সংবিধান, সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, মৌলিক অধিকাৰ শীৰ্ষক বিষয়বোৰ ছাত্র-ছাত্রীক পঢ়োৱা নহয়। ইয়াতে স্পষ্ট যে অসমৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীয়ে ভাৰতবৰ্ষৰ সংবিধান জনাটো বিচৰা নাই। যদি ছাত্ৰ-ছাত্ৰীক ৰাজনীতি বিজ্ঞানৰ ধাৰণা সম্পর্কে পঢ়িবলৈ দিয়া নহয়, তেওঁলোকৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি কোনো ধৰণৰ সজাগতা নাথাকিব । গণতান্ত্রিক অধিকাৰ, সংবিধান,দেশ শাসন প্রক্রিয়া, ন্যায় ব্যৱস্থা এই কথাবোৰ শিক্ষাৰ্থীৰ বাবে এক বৃহৎ সাঁথৰ হৈ ৰ'ব । চৰকাৰৰ এনেধৰণৰ নীতিয়ে দেশৰ গণতান্ত্রিক প্ৰমূল্যবোধৰ বাবে এক চিন্তাজনক দিশ উন্মুক্ত কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ শোচনীয় শৈক্ষিক ছবিখন উন্নত কৰাৰ বাবে নিৰ্দেশাৱলী আহিছে। সেয়েহে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি দিয়া, ড্রপ আউটৰ সংখ্যা হ্ৰাস কৰা আৰু শৈক্ষিক মানদণ্ড উন্নত কৰা, ছাত্ৰ ছাত্ৰীসকলক গণতান্ত্রিক চেতনাসম্পন্ন মানৱ সম্পদ হিচাপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব লাগিছিল। তেনেসময়ত চৰকাৰখনে স্বৈৰাচাৰিতাৰে কিছুমান কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আমি বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা কৰিছে আৰু শিক্ষা বিভাগক সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছোঁ।' সংবাদ মেলত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্রতুল বৰ্মন উপস্থিত থাকে। |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at August 01, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত Adopt a heritage নামৰ আঁচনিখনৰ অধীনত অসমৰ এটা টুৰিজম কোম্পানি জাংগল ট্ৰেভেলছ ইণ্ডিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰসমূহৰ চোৱাচিতাৰ দায়িত্ব পাইছে বুলি আজি সংবাদমেলত ব্যক্ত কৰিছে কোম্পানীটোৰ সঞ্চালক আশিস ফুকনে। |
মন কৰিব লগীয়া কথা যে নিজৰ ৱেবছাইটত destination management company বুলি ঘোষণা কৰা টুৰিজম কোম্পানিটোৰ কৰ্তৃপক্ষই দুদিন পূৰ্বে সংবাদ মাধ্যমক তেওঁলোকে এই দায়িত্ব পোৱা নাই বুলি কৈছিল। লগতে তেওঁলোকে পালেও ইমান ডাঙৰ কাম এটা চম্ভালিব নোৱাৰিব বুলি মন্তব্য কৰিছিল। |
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এই বিতৰ্কিত আঁচনিখনৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ চলি আছে। Adopt a heritage নামৰ আঁচনিখনৰ অচিলাত কাজিৰঙা, আৰু শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰবোৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ কুচকাৱাজ চলিছে বুলি আৱাজ উঠিছে সমগ্ৰ ৰাজ্যবাসীৰ মাজত। |
আনহাতে আজি দায়িত্ব পোৱা বুলি জানিবলৈ দি সংবাদ মাধ্যমৰ আগত destination management company টোৰ সঞ্চালক আশিস ফুকনে মন্তব্য কৰে যে মূল এলেকাৰ বাহিৰত ৫০একৰ চৰকাৰী ভূমিত এটা বৃহৎ যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ তেওঁ চৰকাৰলৈ আগ বঢ়াইছে। |
সঞ্চালকজনৰ এই স্বীকাৰোক্তিয়ে স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ মতলব সম্পৰ্কত অধিক সন্দেহী কৰি তুলিছে অসমবাসীক। দায়িত্ব পোৱাৰ আগতেই বা পায়েই যাদুঘৰৰ নামত বন্যপ্ৰাণীৰ বাবে ঠাইৰ নাটনি হোৱা কাজিৰঙাত ৫০একৰ (প্ৰায় ২০০ বিঘা) চৰকাৰী ভূমি হস্তগত কৰিব খোজাটোৱে চকু কপালত তুলিছে সচেতন ৰাইজৰ। |
আনহাতে সঞ্চালকজনে সংবাদ মাধ্যমৰ আগত কয় যে দায়িত্ব পালেও তেওঁলোকে কাজিৰঙাৰ মূল ভূখণ্ডৰ বাহিৰতহে ইয়াক অধিক জিলিকাই তুলিবৰ বাবে কিছুমান আন্তঃগাঁথনিৰ কাম কৰিব। |
কিন্তু স্বাভাকিভাৱে উঠা প্ৰশ্নটো হৈছে- নিজকে সৰু কোম্পানি বুলি দুদিন আগত কোৱা কোম্পানি এটাই কিদৰে ইমান ধন খৰচ কৰিব? এনেকুৱা আঁচনিৰ নামত যদি চৰকাৰৰ পৰা ধন ল’বলৈ হয়, তেন্তে তেওঁলোকে adopt কৰাৰ অৰ্থ কি হ’ব? আৰু CSR ৰ তাৎপৰ্য্য কি হ’ব? |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মই যৌন ৰোগৰ(STI) পৰীক্ষা কৰি যদি গম পালোঁ যে মই এই ৰোগত আক্ৰান্ত, সেই সম্পৰ্কে মই মোৰ অভিভাৱকক কেনেকৈ অৱগত কৰাম? |
সন্মতি বুলিলে কি বুজাই? |
মই HIV/STDৰ পৰীক্ষা ক'ত কৰিব পাৰিম? |
See more |
PrEP মানে কি? |
PrEP হৈছে HIVৰ বিৰুদ্ধে যুঁজ দিব পৰা এক বিশেষ কাৰ্যক্ষম আহিলা। এই চিকিৎসা ব্যৱস্থাৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰা HIV সংক্ৰমণত বাধা প্ৰদান কৰিব পাৰি। অৱশ্যে PrEP য়ে অন্যান্য যৌন ৰোগ নিৰাময় কৰিব নোৱাৰে। |
বৰ্তমান সময়ত HIV নিৰাময়ৰ বাবে ভাৰতত উপলব্ধ একমাত্ৰ বড়ি হৈছে TENVIR EM বা TD/FTC, যিটো প্ৰতি মাহে দৈনিক সেৱন কৰিব কৰিব লাগে। ইয়াৰ বাদে অৱশ্যে অন্যান্য দেশ কিছুমানত HIV নিগেটিভ ব্যক্তিয়ে PrEP হিচাপে ব্যৱহাৰ কৰিব পৰা ঔষধ বিধ হৈছে Truvada আৰু Descovy যিটো TENVIR EM বা TD/FTC ৰ দৰেই, কিন্তু ইয়াৰ উপলব্ধতা এতিয়াও বহু বাকী ।<eot>ৱিকিভাষা (ইংৰাজী: WikiBhasha) হৈছে অনলাইন বিশ্বকোষ ৱিকিপিডিয়াৰ বাবে এক বহুভাষিক সমল সৃষ্টি এপ্লিকেচন যাক কম্পিউটাৰত স্থাপন কৰিব লাগে।[2] |
ৱিকিভাষা |
মূল উদ্ভাৱক |
মাইক্ৰছফ্ট ৰিচাৰ্ছ |
বিকাশক |
মাইক্ৰছফ্ট |
প্ৰথম মুক্তি |
১৮ অক্টোবৰ ২০১০; ১২ বছৰ আগত (2010-10-18)[1] |
স্থিৰ মুক্তি |
১.০.১ / ২৫ অক্টোবৰ ২০১০; ১২ বছৰ আগত (2010-10-25) |
লিখা হৈছে |
জাভাস্ক্ৰীপ্ট, পিএইছপি |
অপাৰেটিং চিষ্টেম |
মাইক্ৰছফ্ট ৱিনড’জ, লিনাক্স |
অনুজ্ঞাপত্ৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.