text
stringlengths 0
188k
|
---|
Telegram |
Digital Desk |
RELATED ARTICLES |
Assam lifts curbs on vehicular movement along its border with Meghalaya |
Assam November 27, 2022 |
FIFA World CUP 2022: Schedule for November 27 |
Top News November 27, 2022 |
Jorhat: Miscreants open fire at business outlet in Jorhat, an employee injured; one attacker arrested<eot>অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম প্ৰকাশন পৰিষদ আৰু অসম চাহ জনজাতি সাহিত্য সভাৰ সহযোগত বোকাখাতত ‘চাহ জনগোষ্ঠী গ্ৰন্থ মেলা’ অনুষ্ঠিত কৰাৰ বাবে এক পৰিকল্পনা হাতত লৈছে ৷ |
চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানৰ বাবে শনিবাৰ অৰ্থাৎ ২৯ ছেপ্টেম্বৰত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ |
এই ৰাজহুৱা সভাত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস, গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, মহকুমাধিপতি বিবেক শ্যাম, চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সঞ্চালক পলাশ ৰঞ্জন ঘৰফলীয়া, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, প্ৰকাশ আৰু মুকুতাৰ সম্পাদক মিহিৰ দেউৰী , চাহ জনগোষ্ঠী সাহিত্য সভা সভানেত্ৰী মনোমতী কুৰ্মী , সম্পাদক মনিষ ঠাকুৰ , মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপৰিও বোকাখাত মহকুমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷ |
অনুষ্ঠানত মন্ত্ৰী পল্লৱ লোচন দাসে শিক্ষাৰ ক্ষেত্ৰত পিচপৰা চাহ জনগোষ্ঠীক কিতাপৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক ইতিবাচক চিন্তাৰে এই গ্ৰন্থ মেলাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে ৷ |
লগতে এই গ্ৰন্থ মেলা চাহ জনজাতিৰ তিনিজন সাহিত্যিক ক্ৰমে মেঘনাথ কৰ্মকাৰ, দেউৰাম তাচা আৰু নাৰায়ন ঘাটোৱাৰৰ স্মৃতিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷ |
মন্ত্ৰী গৰাকীয়ে গ্ৰন্থমেলাখনৰ বাবে বোকাখাতৰ গড়মূৰ খেলপথাৰক স্থান হিচাপে নিৰ্বাচন কৰি ইতিমধ্যে এক প্ৰাথমিক পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। |
তাৰোপৰি মন্ত্ৰী পল্লৱ লোচন দাসে আগন্তুক দিনত গ্ৰন্থ মেলাখন অনুস্থিত কৰাৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আৰু সহযোগিতা বিচাৰে। |
আনহাতে কালিৰ সভাত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বোকাখাতত এই চাহ জনগোষ্ঠী গ্ৰন্থ মেলা আয়োজন কৰাৰ বাবে আদৰণী জনোৱাৰ লগতে বিভিন্ন দিহা পৰামৰ্শও আগবঢ়ায়। |
Recent News |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Fan died after violent clashes during a football match ইণ্ডোনেছিয়াৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিল এইবাৰ আৰ্জেণ্টিনাত! ফুটবল খেলত ভয়ংকৰ সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱালে এজন সমৰ্থকৰ। এই ঘটনাত বহুতো লোক আহত হৈছে। ৰাজধানী বুয়েনোছ আইৰেছত সংঘটিত হৈছে এই ঘটনা। |
সংঘৰ্ষ বন্ধ কৰিবলৈ খেলপথাৰত নামি পৰে আৰক্ষী। কন্দুৱা গেছৰ নিক্ষেপ কৰা হয়। সংঘৰ্ষৰ বাবে ৯ মিনিটৰ পিছতে বন্ধ কৰিব লগা হয় খেলখন। |
আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনোছ আইৰেছৰ পৰা ৫০ কিলোমিটাৰ দূৰত লা প্লাটাৰ কাৰমেলো জেৰিচিলো ষ্টেডিয়ামত জিমনাছিয়া আৰু বোকা জুনিয়ৰ্ছ এখন খেলত মুখামুখি হৈছিল। ট্ৰফী অৰ্জন কৰিবলৈ দুয়োটা দলৰ বাবে এই খেলখন জিকাটো গুৰুত্বপূৰ্ণ আছিল। |
ফটো: সংগৃহীত। |
বৃহস্পতিবাৰৰ আৰ্জেন্টিনাৰ এই ঘটনাটো কেইদিনমান পূৰ্বে ইণ্ডোনেছিয়াত সংঘটিত ঘটনাটোৰ দৰেই। ইয়াতো বিপক্ষ ক্লাবৰ সমৰ্থকসকলক খেলপথাৰত প্ৰৱেশ কৰিব দিয়া নাছিল। |
তদুপৰি, আসনৰ সংখ্যাতকৈ অধিক দৰ্শকে খেলপথাৰত প্ৰৱেশ কৰিব বিচাৰে। আৰক্ষীয়ে তেওঁলোকক বাধা দিয়াৰ লগে লগে হতাহাতি আৰম্ভ হয়। আৰক্ষীয়ে ৰবৰ বুলেট আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়। |
ষ্টেডিয়ামৰ ভিতৰত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে উন্মত্ত সমৰ্থকসকলক বাধা দিবলৈ খেলপথাৰৰ ভিতৰতো কন্দুৱাগেছ নিক্ষেপ কৰি থাকে। |
ফটো: সংগৃহীত। |
তাৰ পিছত খেলখন আৰম্ভ হ’ল যদিও খেলপথাৰখন গেছৰে ভৰি থকাৰ বাবে ফুটবল খেলুৱৈসকলে উশাহ ল’ব পৰা নাছিল। ফলত ৰেফাৰীয়ে খেলখন বন্ধ কৰিবলৈ বাধ্য হয়। |
সেই সময়ত সমৰ্থকসকলে কন্দুৱা গেছৰ পৰা ৰক্ষা পাবলৈ খেলপথাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। |
বাতৰি অনুসৰি, এই ঘটনাৰ পিছতে আৰ্জেন্টিনা চৰকাৰে সুৰক্ষা বাহিনীৰ মুৰব্বী গৰাকীক নিলম্বিত কৰিছে। |
Recent News |
গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিলে বিজেপিয়ে |
‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী |
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন |
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰাৰ দাবীত আজি সদৌ অসম তাই-আহোম ছাত্ৰ সন্থাৰ চ’ৰগুৱা সমিতিয়ে অসম চৰকাৰৰ পুৰাতত্ব বিভাগ আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। |
‘১২ ফেব্ৰুৱাৰিত ঐতিহাসিক বৰ মৈদামৰ নিচেই কাষতে এজন ব্যক্তিয়ে এজোপা গছ কটা পৰিলক্ষিত হয়। মৈদামৰ অন্তৰ্গত উক্ত গছজোপা ব্যক্তিগৰাকীয়ে তেখেতৰ বুলি দাবী কৰিছে’, মৈদামটোত শেহতীয়াকৈ চলা বেদখল সন্দৰ্ভত এইদৰে মন্তব্য কৰে সংগঠনটোৱে। |
চৰকাৰৰ এই সন্দৰ্ভত কোনো কাণসাৰ নোহোৱাৰ অভিযোগ তুলি তেওঁলোকে কয় যে চৰকাৰে কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰা বাবেই কিছুমান অসাধু ব্যক্তিয়ে এইদৰে মাটি দখল কৰিবলৈ লৈছে। |
আটাছুৰ চ’ৰগুৱা সমিতিৰ উপ-সভাপতি বিজয় গগৈ আৰু যুটীয়া সম্পাদক অনুপম বৰগোহাঁই আৰু ভাস্কৰ কোঁৱৰে চৰকাৰক সকীয়াই কয়, ‘ইয়াৰ পাছতো যদি প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা নকৰে তেন্তে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।’ |
সংগঠনটোৱে দাবী কৰে যে উক্ত কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে বহুদিনধৰি দাবী জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। |
Recent News |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জেণ্ডাৰ কাউঞ্চিলৰ ষ্টিয়েৰিং কমিটী (কর্ণধাৰ কমিটী)ৰ সদস্যৰূপে দ্বিতীয়বাৰৰ বাবে নির্বাচিত হৈছে ‘দৈনিক অগ্ৰদূত’ৰ বার্তা সম্পাদক চেমিম চুলতানা আহমেদ |
by Sharfaraz Khan May 25, 2022 May 25, 2022 |
Share this: |
গুৱাহাটী : ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জার্নেলিষ্টছ (আইএফজে)ৰ জেণ্ডাৰ কাউঞ্চিলৰ ষ্টিয়েৰিং কমিটী (কর্ণধাৰ কমিটী)ৰ সদস্যৰূপে দ্বিতীয়বাৰৰ বাবে নির্বাচিত হৈছে ‘দৈনিক অগ্ৰদূত’ৰ বার্তা সম্পাদক চেমিম চুলতানা আহমেদ। জার্নেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ কাৰ্যকৰী সভাপতি তথা জুৱাৰ জেণ্ডাৰ কাউঞ্চিলৰ সভাপতি চেমিম চুলতানা আহমেদে ইণ্ডিয়ান জার্নেলিষ্টছ ইউনিয়ন (আই জে ইউ)ক প্রতিনিধিত্ব কৰি দ্বিতীয়বাৰৰ বাবে আই এফ জেৰ উক্ত পদত এছিয়া পেচিফিকৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰে। |
এছিয়া পেছিফিক অঞ্চলৰ পৰা পাঁচখন দেশৰ পাঁচগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল। বিশ্বৰ সাতটা মণ্ডলৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। এইসমূহ হৈছে এছিয়া পেছিফিক, আফ্রিকা, মধ্যপ্রাচ্য, আৰৱ বিশ্ব, ইউৰোপ, লেটিন আমেৰিকা আৰু নর্থ আমেৰিকা। ইয়াৰে ইউৰোপ, লেটিন আমেৰিকা আৰু নৰ্থ আমেৰিকাৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়। চেমিম চুলতানা আহমেদে এছিয়া পেচিফিকৰ পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত সর্বাধিক ভোট লাভ কৰি নির্বাচিত হয়। উল্লেখ্য যে আই এফ জেৰ জেণ্ডাৰ কাউন্সিলে লিংগ সমতা স্থাপনৰ বাবে যুঁজ দি আহিছে। |
বিশ্বজুৰি মহিলা সাংবাদিকে সন্মুখীন হোৱা হিংসা আৰু আতিশষ্যৰ বিৰুদ্ধে কাম কৰি আহিছে জেণ্ডাৰ কাউন্সিলে। মহিলা সাংবাদিক সকলে তেওঁলোকৰ জীৱিকাৰ লগতে সম্প্ৰদায়ৰ মাজতো সন্মুখীন হোৱা ৰাজনৈতিক, ন্যায়িক,সাংস্কৃতিক বৈষম্যকে ধৰি বৰ্ণ বৈষম্য আৰু সামাজিক ক্ষেত্ৰতো সন্মুখীন হোৱা বৈষম্যৰ বিৰুদ্ধে যুঁজ দি আহিছে আই এফ জেৰ জেণ্ডাৰ কাউন্সিলে। ঘোষিত ফলাফল অনুসৰি সভাপতি, উপ-সভাপতি, উপ-সচিব, ষ্টিয়েৰিং কমিটীৰ ১২ গৰাকী সদস্যকে ধৰি ২০২২-২০২৫ কার্যকালত বাবে এই কমিটী গঠন কৰা হৈছে। ইয়াৰ উপৰি জেণ্ডাৰ কাউন্সিলত সদস্যৰূপে আছে মুঠ ৩৭ গৰাকী সদস্য। |
কমিটীৰ সভাপতি মাৰিয়া এঞ্জেলেছ ছামপেৰিঅ’ স্পেইনৰ, উপ-সভাপতি ৰাইডাৱাকাফ ছিৰিয়া আৰু সচিব বিয়েট্রিজ পেৰেজ ছানচেজ ক’ষ্টা ৰিকাৰ সাংবাদিক। উল্লেখ্য যে ২০১৯ ত টিউনিছিয়াত সম্পন্ন হোৱা আই এফ জে কংগ্ৰেছত নিৰ্বাচিত হোৱা জেণ্ডাৰ কাউন্সিলৰ ষ্টিয়েৰিং কমিটীৰো সদস্যৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল চেমিম চুলতানা আহমেদ। প্রসংগক্রমে উল্লেখ্য যে আই জে ইউ হৈছে ভাৰতৰ এক আগশাৰীৰ সাংবাদিক সংগঠন। |
দেশৰ বিভিন্ন ৰাজ্যৰ সাংবাদিক ইউনিয়ন ইয়াৰ সদস্য। আই এফ জেৰ স্বীকৃতিপ্রাপ্ত ভাৰতীয় সদস্য সংগঠন হৈছে আই জে ইউ।মনকৰিবলগীয়া যে অহা ৩১ মে’ৰ পৰা তিনি জুনলৈ ওমানৰ ৰাজধানী মাস্কেটত অনুষ্ঠিত হ’ব আই এফ জে ৱৰ্ল্ড কংগ্ৰেছ। ইয়াত ভাৰতৰ পৰা আই জে ইউৰ সভাপতি গীতার্থ পাঠক, সচিব ছাবিনা ইন্দৰজিৎ, চেমিম চুলতানা আহমেদ আৰু অৰুণাচলৰ অমৰ ছাংনোৱে অংশগ্রহণ কৰিব। |
লগতে পঢ়ক – খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলে আমিনুল ইছলাম |
এই বিশ্ব সাংবাদিক সন্মিলনত ৩১ মে’ৰ সন্ধিয়া আই এফ জে জেণ্ডাৰ কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকতে নৱনিৰ্বাচিত ষ্টেয়েৰিং কমিটিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব । তদুপৰি এই বৈঠকতে বিশ্বৰ মহিলা সাংবাদিকৰ নানা সমস্যৰাজিক লৈ আলোচনা হ’ব। সাংবাদিকগৰাকীক অসমৰ লগতে বিভিন্ন দেশ বিদেশৰ সতীৰ্থই অভিনন্দন জনায়। |
Related |
মুখ্যমন্ত্ৰীলৈ গীতেৰে ঈদৰ শুভেচ্ছা জনালে এগৰাকী ছাত্ৰীয়ে |
২৮ আগষ্টত এছিয়া কাপৰ মেচত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান |
পাকিস্তানৰ বাবে চীনৰ মৰমঃ UNSCৰ মঁজিয়াত ভাৰতৰ প্ৰস্তাৱ স্থগিত |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,597 other subscribers |
Tagged: Guwahati |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
স্বাধীনতাৰ ৭৫ বছৰৰ পিছত নতুন প্ৰভাত হব ঘূনাসুঁতিত |
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী |
হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতি কোন? হঠাৎ দূৰত্ব বাঢ়িছে নেকি হিমন্ত-পীয়ুষৰ? |
আৰ্জেণ্টিনা (২) বনাম অষ্ট্ৰেলিয়া (১) : বিশ্বকাপৰ Tactical Analysis |
দক্ষিণ কোৰিয়া (২) বনাম পৰ্তুগাল (১) : বিশ্বকাপৰ Tactical Analysis |
Latest News |
GUFC-GCFC ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি December 4, 2022 |
দৰং জিলা সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন-প্ৰফুল্ল নগৰ শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী অনুষ্ঠান December 4, 2022 |
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ এজাহাৰ দাখিল December 4, 2022 |
আৰ্জেণ্টিনা (২) বনাম অষ্ট্ৰেলিয়া (১) : বিশ্বকাপৰ Tactical Analysis December 4, 2022 |
মাৰ্ঘেৰিটাত কয়লা সৰবৰাহী ট্ৰাকৰ খুন্দাত পথচাৰীৰ মৃত্যু December 4, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দেৱস্থানত বৃহস্পতিবাৰে নিশা মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষীয়ে যৌথ অভিযান চলাই পাঁচজন জাল নোটৰ ব্যৱসায়ীক হাতে-লোটে আটক কৰাৰ লগতে জাল নোট উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত। |
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱস্থানত দুটা পক্ষৰ মাজত জালনোট আদান প্ৰদান হ'ব বুলি এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। খবৰৰ ভিত্তিত যোৱা নিশা মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষীয়ে অতৰ্কিতে সম্ভাৱ্য স্থানত অভিযান চলাই ব্যাৱসায়ী পাঁচজনক জালনোটৰ সৈতে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। |
দলটোৰ পৰা পাঁচশ টকীয়া নোটৰ ৬ লাখ ৮০ হেজাৰ টকা আৰু চাৰিটা ম'বাইল ফোন উদ্ধাৰ কৰে আৰক্ষীৰ দলে । বৃহৎ দলটোৰ পাঁচজনক আৰক্ষীয়ে আটক কৰিলেও এন্ধাৰৰ সুযোগ লৈ আন কেইবাজনো পলাই যাবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। |
আটক কৰা জালনোট ব্যৱসায়ী কেইজন হৈছে আব্দুল কৰিম , বাসু আলী, কুদ্দুছ আলী, চিচেন্দূ আৰু ছালেহ আহমেদ ওৰফে নাজু । |
ধৃত ব্যাৱসায়ী কেইজনৰ ঘৰ ডবকাত বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰি তুলিছে আৰু অতি শীঘ্ৰে জাল নোট ব্যৱসায়ত জড়িত আন বহু কেইজন আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। |
ইপিনে আৰক্ষীয়ে আটক কৰা ছালেহ আহমেদ ওৰফে নাজু এটা ভুৱা ফেচবুক সাংবাদিক আৰু আৰক্ষীৰ অভিযান ব্যৰ্থ কৰিবলৈ ষড়যন্ত্ৰ চলোৱা বুলি আৰক্ষীয়ে অভিযোগ উত্থাপণ কৰিছে।<eot>২০০৩ চনৰ কথা৷ নিউ ইয়ৰ্ক চহৰ৷ বিশ্বৰ আটাইতকৈ ধনী মানুহবোৰ থকা চহৰখন৷ মোৰ লগত আছিল প্ৰশিক্ষণ এটাত একেলগে যোৱা একে বিভাগৰে এজন সহকৰ্মী দাদা৷ দুয়ো ফুটপাথেৰে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ৷ টেক্সী লোৱাতকৈ খোজকাঢ়ি পইচা বচোৱাৰ লগতে নিউ ইয়ৰ্কৰ ফুটপাথৰ আনন্দ লৈছোঁ৷ ওখ ওখ ঘৰবোৰ ডিঙি বেকা কৰি কৰি চাইছোঁ৷ চিনেমাত বহুত বাৰ নিউ ইয়ৰ্কৰ ৰাষ্টাৰ দৃশ্য দেখিছোঁ৷ কিন্তু নিজ চকুৰে চোৱাৰ আমেজেই বেলেগ৷ |
প্ৰতিটো ৰাস্তাৰে একোটা নম্বৰ৷ কোনোবা এখন ঠাইৰ ঠিকনা ৰাস্তাৰ নম্বৰেৰে হে কয়৷ এম্পায়াৰ ষ্টেট বিল্ডিং ক’ত বুলি সুধিলে ক’ব, ‘ৱেষ্ট ৩৪ নং ৰাস্তাত ফিফথ এভিনিউ ক্ৰছিঙত আছে’৷ এতিয়া ৱেষ্ট ৩৪ নং ৰাষ্টা ক’ত, ফিফট এভিনিউ ক্ৰছিং কেনেকৈ উলিয়াম, এদিনীয়া মানুহৰ কাৰণে অলপ অসুবিধা৷ হাতত মেপ এখন আছিল যদিও সৰলৰেখাৰ দৰে ৰাষ্টাবোৰ কোনটো কেনি গৈছে, আমি কোন ঠাইত আছোঁ বুজিবলৈ সমস্যা৷ তাতে বন্ধু এজনে আমাক সকীয়াই থৈছিল, নিউ ইয়ৰ্ক চহৰত যাকে তাকে ঠিকনা সোধাতো কেতিয়াবা বিপদ জনক হ’ব পাৰে৷ সেয়েহে পৰা পক্ষত কাকো একো নোসোধাকৈ ঘুৰ্মুটিয়াই ফুৰিছোঁ৷ |
ইফালে সিফালে ঘূৰি ফুৰোঁতে এসময়ত আমাৰ উভতি অহাৰ বাট বিচাৰি হাবাথুৰি খাব লগীয়া হ’ল৷ আমি এক নিৰ্দিষ্ট সময়ত এঠাইত ৰৈ থকা বাছ এখন ধৰিবগৈ লাগে৷ ইফালে ঘূৰিলে একে ধৰণৰ ঘৰ, সিফালে ঘূৰিলেও একে ধৰণৰ ঘৰ৷ আমি বিপাঙত পৰিলোঁ৷ উপায় নাপাই মানুহ এজনৰ ওচৰ চাপিলোঁ৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.