text
stringlengths
0
188k
The CrossCurrent Jun 6, 2022
বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্যই আন্ত:ৰাষ্ট্ৰীয় স্তৰত লজ্জিত কৰিছে ভাৰতক ৷ টাইমছ নাওৰ এক বিতৰ্কত ভাগ লৈ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত এক অতি অশালীন মন্তব্য কৰিছিল ৷ তাৰ পাছতেই দেশে বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়…
জনপ্ৰিয়
দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত !
খাৰ্গেই হ’ব বিৰোধী দলপতি
বিবাহথলীতে মৃত্যু কইনাৰ
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>বয়ঃসন্ধি সময়টো মানৱ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়। ই শৈশৱ অৱস্থা আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ সময়খিনি বুজায়। ই প্ৰায় বাৰ বছৰ বয়সৰ পৰা বিশ/একৈশ বছৰলৈকে বুজায়। এই সময়ত দৈহিক বিকাশ অতি খৰতকীয়াকৈ হয় আৰু শৰীৰত বিভিন্ন হৰম’নৰ প্ৰভাৱত কিছু বিশৃংখলতা সংঘটিত হয়। এই সময়ত সঠিক পথত বাট দেখুৱাই আগবঢ়াই নিয়াটো প্ৰত্যেক অভিভাৱকৰ কৰ্তব্য। বয়ঃসন্ধি শিশুৰ স্বাভাৱিক বিকাশ যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্ত নহয় আৰু তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সমস্যাসমূহ যাতে যথাযথ সমাধান হয় তাৰবাবে পিতৃ-মাতৃ, শিক্ষক প্ৰভৃতি সকলোৰে সহযোগিতা একান্তই প্ৰয়োজন। এইক্ষেত্ৰত পিতৃ-মাতৃসকলে কিছুমান বিশেষ বিষয়ৰ প্ৰতি শেনচকু ৰাখিব লাগে। যেনে-
(১)এই শ্ৰেণীৰ ল’ৰা-ছোৱালীসকলৰ প্ৰতি সহানুভূতি আৰু বিচক্ষণতাৰে আচৰণ কৰিব লাগে। তেওঁলোকৰ শাৰীৰিক পৰিৱৰ্তনসমূহ সহজভাৱে ল’ব লাগিব আৰু যিমানদূৰ পাৰি তেওঁলোকৰ সৈতে মানসিক সংঘাত এৰাই চলিব লাগে।
(২)তেওঁলোকক সকলো কথাতে হকা-বধা নকৰি কিছু পৰিমাণে স্বাধীনভাৱে কাম কৰাৰ সুযোগ দিব লাগে। বৰ সাৱধানতাৰে ভুলটো আঙুলিয়াই দি ভাল কামকণৰ কাৰণে প্ৰশংসা কৰা উচিত।
(৩)পঢ়া-শুনাৰ উপৰিও তেওঁলোকৰ কিছুমান বিশেষ বিশেষ বিষয়ত যেনে-সঙ্গীত, ছবিঅঁকা, নৃত্য কৰা অথবা কিবা খেল-ধেমালি ইত্যাদিত ৰাপ থাকিব পাৰে। পঢ়া-শুনাত বাধাপ্ৰাপ্ত হ’ব বুলি এইবোৰৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই ৰখাতকৈ অভিৰুচি অনুযায়ী কিছু সুবিধা প্ৰদান কৰি ৰাপ থকা বিষয়ত আগবাঢ়িবলৈ দিবহে লাগে।
(৪)শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক ‘বলে নোৱাৰা শিল’ জোৰকৈ জাপি দিব নালাগে। যিটো বিষয় তেওঁলোকৰ আয়ত্তৰ বাহিৰত তাত জোৰকৈ নাম লগাই দিলে বেয়াকৈ হতাশগ্ৰস্ত হ’ব অথবা ব্যৰ্থতাই তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল কৰি তুলিব। কথাতে কয় বোলে ‘দহো আঙুলি সমান নহয়’। গতিকে যি যিমানৰ তাক মানি লৈ সেইমতে শিক্ষা প্ৰদান কৰিব লাগে। পিতৃ-মাতৃৰ সামৰ্থ থাকিলে পঢ়া-শুনা নিজে চাব লাগে।
(৫)তেওঁলোকে যাতে নিসংগ অনুভৱ নকৰে তাৰবাবে পিতৃ-মাতৃয়ে চকু ৰাখিব লাগে। বনভোজ, শিক্ষামূলক ভ্ৰমণ অথবা নিজৰ আত্মীয় স্বজনৰ ঘৰলৈও তেওঁলোকক মাজে-সময়ে নিব লাগে। লগ-সমনীয়াৰ লগত অলপ হলেও মুকলিকৈ ভাবৰ আদান-প্ৰদান কৰাৰ সুযোগ দিব লাগে। কিন্তু বেয়া সঙ্গ লৈছেনেকি সেইটোও চকু দিব লাগে।
(৬) এই সময়চোৱাত তেওঁলোকৰ মনত যাতে জীৱনৰ প্ৰতি এক উচ্চ আদৰ্শবোধ গঢ়ি তুলিব পাৰি তাৰ প্ৰতিও পিতৃ -মাতৃ তথা অভিভাৱক সকলে চকু দিব লাগে। ভাল ভাল কিতাপ পঢ়িবলৈ সুযোগ দিয়া, জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহক লৈ তেওঁলোকৰ সৈতে আলোচনা কৰা, সেইবিলাকৰ ওপৰত সুস্থ আৰু সম্যক ধাৰণা লোৱাত সহায় কৰা, প্ৰগতিশীল চিন্তাধাৰাৰ সৈতে পৰিচিত হ’বলৈ সুযোগ দিয়া, তেওঁলোকৰ মনত উদাৰ দৃষ্টিভংগী গঢ়ি তোলা ইত্যাদিৰ প্ৰতি যত্নবান হ’ব লাগে। সুপৰিকল্পিত প্ৰকৃতিবীক্ষণ, কল্পনাশক্তি বিকাশৰ ক্ষেত্ৰত অতি সহায়ক। সেয়ে প্ৰকৃতিৰ সৈতে যাতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে। ইয়াৰোপৰি দেশভ্ৰমণৰ ফলত যুৱকসকলৰ মানসিক দৃষ্টিভংগী প্ৰসাৰিত হয় আৰু তেওঁলোকে উদাৰ জীৱন দৰ্শন গঢ়ি তুলিবলৈ সক্ষম হয়।
(৭)উপযুক্ত পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকক যৌন বিষয়ক বিজ্ঞানসন্মত জ্ঞান দিয়াও অতি প্ৰয়োজনীয়।
(৮)এই সময়ত এটা ডাঙৰ সমস্যা হ’ল অপৰাধ প্ৰৱণতা। ঘৰৰ পৰিৱেশ যাতে বিশৃংখল নহয় তাৰ প্ৰতি পিতৃ -মাতৃয়ে চকু ৰাখিব লাগে। মাক-দেউতাকে সন্তানৰ সন্মুখত কাজিয়া কৰা উচিত নহয়। ই সন্তান সকলক নিৰাপত্তাহীনতাত ভোগায়। তাৰফলত বহুতে ৰাগিয়াল বস্তু সেৱন কৰে আৰু অপৰাধমূলক কাৰ্য্য কৰে। এই সময়ত অতি সতৰ্কতাৰে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখি সহানুভূতিৰে আৰু মৰম সাদৰেৰে বুজাই সৎপথলৈ অনাতো প্ৰয়োজন।
(৯) এই সময়ত দিয়া অত্যাধিক প্ৰশ্ৰয়ে ল’ৰা-ছোৱালীক স্বাৰ্থপৰ কৰি তোলে। ল’ৰা-ছোৱালী কেইবাটাও থাকিলে গোটেই কেইটাকে সমানে মৰম কৰিব লাগে। এটা হ’লেও তাক প্ৰয়োজনীয়খিনিতকৈ বেছি দিয়া অনুচিত।
(১০) পিতৃ-মাতৃয়ে যেতিয়া তেওঁলোকক শিশুৰ দৰে আচৰণ কৰে অথবা অত্যাধিক শাসন কৰে তেওঁলোকে পিতৃ-মাতৃৰ লগত কাজিয়াত লিপ্ত হয়। এইসময়ত এই কথা বুজি লৈ অসীম ধৈৰ্যৰে তেওঁলোকৰ সমস্যাসমূহ মন দি শুনি লৈ তাক নিৰাময়ৰ বাবে যত্নবান হোৱা উচিত। অযথা সংঘাতৰ সৃষ্টি কৰিব নালাগে। প্ৰয়োজন হ’লে উপযুক্ত মানসিক চিকিৎসকৰ হতুৱাই চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ পুৰণি লেখা সমূহ পঢ়কঃ-
মৃত্যুৰ দুৱাৰদলিত কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ প্ৰয়োজন কিমান
November 21, 2022 November 22, 2022 0
ৰাজদ্ৰোহ বা দেশদ্ৰোহ (Sedition) আৰু ভাৰতীয় আইন
November 21, 2022 November 22, 2022 0
মাতৃভাষা অসমীয়া, শিক্ষাৰ মাধ্যম আৰ আমাৰ কৰণীয়
November 21, 2022 November 22, 2022 0
মনোবিজ্ঞানৰ দৃষ্টিৰে সাম্প্ৰতিক সময়ৰ সামাজিক নেৰেটিভ!
October 23, 2022 October 24, 2022 0
শিশুটিৰ মানসিক জগতখনৰ খৱৰ আপুনি কেনেদৰে ৰাখে!
September 18, 2022 September 20, 2022 0
মাতৃভাষা বনাম ইংৰাজী: কিছু কথা, কিছু চিন্তা
September 18, 2022 September 20, 2022 0
অটিজম – শিশুৰ এক জটিল মানসিক ৰোগ
September 18, 2022 September 20, 2022 0
গণিত আৰু বিজ্ঞান শিক্ষা, চৰকাৰৰ সিদ্ধান্ত আৰু ভাষা বিভ্ৰাট
August 21, 2022 August 21, 2022 0
জেমছ ওৱেব মহাকাশ দূৰবীক্ষণ যন্ত্ৰই লোৱা ব্ৰহ্মাণ্ডৰ ফটো পৰ্যালোচনা (খণ্ড-১)
August 21, 2022 August 21, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>পৰ্যটকৰ বাবে আজি পুৱা মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল। আজি পুৱা কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ বন সংৰক্ষক জৰ্জেচ আহমেদে ফিটা কাটি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে জীপ চাফাৰী মুকলি কৰে।
অনুষ্ঠানত অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ধৰণীধৰ বৰা, জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ উপৰি ফ্ৰান্সৰ পৰ্যটক মাৰ্কচাণ্ড পাউলিন আৰু ইংলণ্ডৰ পৰ্যটক কেম্পিয়ন ডেভিডো উপস্থিত থাকে।
অনুষ্ঠানত অতিথি সকলক অগৰাতলি জীপ চাফাৰীৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷ অনুষ্ঠানত বন সংৰক্ষক জৰ্জেচ আহমেদ আৰু অনিমেষ শইকীয়াই অগৰাতলি বনাঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে ট্যুৰ অপাৰেটৰ আৰু পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত স্থানীয় যুৱকসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে অগৰাতলিৰ লগতে আজি বুঢাপাহাৰ বনাঞ্চলতো পৰ্যটকৰ বাবে মুকলি কৰাৰ হয় জীপ চাফাৰী৷ স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি মানিক মুণ্ডাই আনুষ্ঠানিক বুঢ়াপাহাৰত জীপ চাফাৰী মুকলি কৰে।
বুঢ়াপাহাৰৰ উদ্বোধনী অনুষ্ঠানত ডি এফ অ ৰোহিনী বল্লভ শইকীয়াৰ লগতে বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক প্ৰনৱ জ্যোতি বৰা আৰু আৰণ্যকৰ আৰিফ হুছেইন উপস্থিত থাকে।
Recent News
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>হলিষ্টিক শব্দৰ অসমীয়া প্ৰতিশব্দ সঠিককৈ কোৱা অসুবিধা তথাপি শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ আৰু নিৰোগী হোৱাকে হলিষ্টিক স্বাস্থ্য বুজোৱা হয়৷
স্বাস্থ্য কি?
সাধাৰণতে দেহৰ সকলো অংগ বা তন্ত্ৰ সম্পূৰ্ণৰূপে সুস্থ- সবল হৈ থকাকে স্বাস্থ্যৱান বুলি ভৱা হয়, কিন্তু WHO ৰ সংজ্ঞা মতে, Health is a state of complete physical, mental and social well-being and not merely absence of disease or infirmity৷ অৰ্থাৎ এজন ব্যক্তি শাৰীৰিকভাবে সুস্থ হলেই স্বাস্থ্যৱান নুবুজাই, তেওঁ মানসিক আৰু সামাজিক ভাবেওঁ সুস্থ হ’ব লাগিব৷ মানুহৰ শৰীৰ, মন আৰু পৰিৱেশৰ মাজত এক ওতপ্ৰোত সম্পৰ্ক আছে৷