text
stringlengths
0
188k
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।[1] ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
কৃষ্ণ জন্মাষ্টমী
কৃষ্ণৰ প্ৰতিমূৰ্তিৰ এখন ছবি
পালন কৰে
হিন্দু
প্ৰকাৰ
ধৰ্মীয়
তাৰিখ
ভাদ, কৃষ্ণ পক্ষ, অষ্টমী
উদযাপন
২-৮ দিন
আচাৰ
উপবাস, পূজা-প্ৰাৰ্থনা
এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়।[2]কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।[3] ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।[4]
সূচী
1 কিংবদন্তী
2 অসমত জন্মাষ্টমী
3 তথ্য সংগ্ৰহ
4 বাহ্যিক সংযোগ
কিংবদন্তীসম্পাদনা কৰক
কৃষ্ণক নদী পাৰ কৰাই লৈ যোৱা দৃশ্য
কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে[5] খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী।[6][7] কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল।[8]
অসমত জন্মাষ্টমীসম্পাদনা কৰক
[9]শ্ৰী কৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহসম্পাদনা কৰক
↑ "Sri Krishna Janamashtami celebrated in the city". The Hindu. 24 August 2008. http://www.hindu.com/2008/08/24/stories/2008082458410200.htm। আহৰণ কৰা হৈছে: 12 August 2009.
↑ Krishna Janmashtami
↑ "In Pictures: People Celebrating Janmashtami in India". http://www.ibtimes.co.in/articles/372380/20120810/pictures-people-celebrating-janmashtami-india.htm। আহৰণ কৰা হৈছে: 10 August 2012.
↑ Packert, Cynthia. The Art of Loving Krishna: Ornamentation and Devotion. Indiana University Press, 2010. Print.
↑ Knott, Kim (2000). Hinduism: A Very Short Introduction. Oxford University Press, USA. পৃষ্ঠা. 160. ISBN 0-19-285387-2. http://books.google.com/books?id=Wv8XK_GU9icC.
↑ "Information on Lord Krishna Birth and Death Time". http://www.drikpanchang.com/dashavatara/lord-krishna/krishna-date-of-birth.html। আহৰণ কৰা হৈছে: 29 March 2015.
↑ Krishna
↑ Pargiter, F.E. (1972) [1922]. Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, pp.105–107.<eot>কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত শনিবাৰে নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।
জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন পাষণ্ড লোকে পত্নীসহ তিনি কন্যাক নিজ ঘৰতেই নৃংশসভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হত্যাকাৰী বৰ্মনে তিনিওজনকে কটাৰীৰে ঘপিয়াই হত্যা কৰে। গাৰ নোম শিয়ৰি উঠা এই হত্যাকাণ্ড সংঘটিত কৰি নিশাই ঘৰৰ পৰা পলায়ন কৰে লোকজনে।
হত্যাৰ বলি হোৱা লোক কেইগৰাকী বজয়ন্তী বৰ্মন (পত্নী), তিনি কন্যা ক্ৰমে নিকিতা বৰ্মন(১২), ভাস্বতী বৰ্মন (১০) আৰু নিবেদিতা বৰ্মন (৬) বুলি জানিব পৰা গৈছে।
ইফালে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
ঘটনা সন্দৰ্ভত এগৰাকী বিষয়াই কয়, ‘জয়ন্ত বৰ্মন নামৰ শিলঘাট মিলৰ কৰ্মচাৰীগৰাকীৰ আৱাসত পৰিয়ালৰ সকলো সদস্যৰ মৃতদেহ পোৱা গৈছিল। সেই খবৰৰ ভিত্তিত শিলঘাট থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত কৰি গম পালো যে তেওঁৰ মহিলা গৰাকী আৰু তিনি ছোৱালীৰ মৃতদেহ আমি কটা অৱস্থাত উদ্ধাৰ কৰিলো’।
আৰক্ষী বিষয়াজনে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দি কয়, ‘স্বামী জয়ন্ত বৰ্মন বৰ্তমান পলাতক অৱস্থাত আছে। ঘৰৰ ভিতৰত কটাৰী এখনত তেজ লাগি থকা পাইছো। ফৰেনস্কিক ৰিপ’ৰ্ট অহাৰ পিছতহে আমি তদন্ত আগ বঢ়াম। মাটি-বাৰী সম্পৰ্কীয় কাগজ এখনো পাইছো’।
ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে জয়ন্ত কুমাৰ বৰ্মন নামৰ লোকজনে বহু বছৰৰ পৰাই জুৱা খেলৰ লগত জড়িত হৈ আছিল আৰু বহু টকাৰ ধাৰত ডুব গৈ আছিল। তেনে ধৰণৰ কিছু কথাৰ কাৰণেই এনে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় বুলি লোকসকলে সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে পলাতক হত্যাকাৰি বৰ্মনে আজি ৰাতিপুৱা শিলঘাট-গুৱাহাটী ৰেইলযোগে গুৱাহাটীৰ দিশে পলায়ন কৰে বুলি জানিব পৰা গৈছে।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>cricketer shane warne death news live updates virat to ricky ponting mourns | Shane Warne Death: শ্বেন ৱাৰ্নৰ মৃত্যুত শোকপ্ৰকাশ ক্ৰিকেট জগতৰ, মোহালি টেষ্টত ক'লা ফিটা পিন্ধি নামিল খেলুৱৈ– News18 assam
বিশ্ব
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
world
»
Shane Warne Death: শ্বেন ৱাৰ্নৰ মৃত্যুত শোকপ্ৰকাশ ক্ৰিকেট জগতৰ, মোহালি টেষ্টত ক'লা ফিটা পিন্ধি নামিল খেলুৱৈ
Shane Warne Death: শ্বেন ৱাৰ্নৰ মৃত্যুত শোকপ্ৰকাশ ক্ৰিকেট জগতৰ, মোহালি টেষ্টত ক'লা ফিটা পিন্ধি নামিল খেলুৱৈ
বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মা তথা বিশ্বৰ বহুকেইগৰাকী ক্ৰিকেটাৰে জনালে শ্ৰদ্ধাঞ্জলি
বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মা তথা বিশ্বৰ বহুকেইগৰাকী ক্ৰিকেটাৰে জনালে শ্ৰদ্ধাঞ্জলি