text
stringlengths 0
188k
|
---|
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal to visit Assam today) ৷ বিয়লি 4 বাজি 45 মিনিটত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ |
যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতত আৰক্ষী অধীক্ষকৰ ম’বাইল |
এগৰাকী যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতৰ পৰা আৰক্ষী অধীক্ষকৰ চুৰি ম’বাইল উদ্ধাৰ । কিন্তু যৌন কৰ্মী সৰবৰাহকাৰীয়ে আৰক্ষী অধীক্ষকৰ ম’বাইল কেনেকৈ পালে ? ৰহস্যৰ মাজত সমগ্ৰ ঘটনা । |
ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃতী শিক্ষক বঁটা |
ৰাজ্য চৰকাৰৰ কৃতী শিক্ষকৰ তালিকাত ২২ গৰাকী কৃতী শিক্ষকৰ নাম (22 teachers in Assam received Kriti Shikshak Awards) ৷ ইয়াৰে ১৩ গৰাকী শিক্ষক হৈছে মাধ্যমিক পৰ্যায়ৰ, 2 গৰাকী শিক্ষক উচ্চ প্রাথমিক পৰ্যায়ৰ আৰু ৭ গৰাকী শিক্ষক নিম্ন প্রাথমিক পৰ্যায়ৰ । |
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী |
মূল্যবৃদ্ধিৰ লগতে দেশৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কংগ্ৰেছ দলে ৰামলীলা ময়দানত আয়োজন কৰিছে বিশাল প্ৰতিবাদী সভাৰ (Congress protest at Ramlila Maidan)। বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মী দিল্লীত গৈ উপস্থিত হৈছে । দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । |
লোক সংস্কৃতিবিদ ড৹ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা লোক সংস্কৃতিবিদ ড৹ প্ৰবীন চন্দ্ৰ দাসৰ দেহাৱসান ৷ |
Burmese supari seized: কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে ১ কোটি টকাৰ বাৰ্মিজ চুপাৰী |
কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized in Karimganj) ৷ |
Elephant menace at Namchang road: অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক |
অসম-অৰুণাচল সীমান্তত তিনিটাকৈ বনৰীয়া হাতীৰ আতংক ৷ শনিবাৰৰ পৰা অঞ্চলটোৰ নামচাং পথছোৱা আৱদ্ধ কৰিলে বনৰীয়া হাতীকেইটাই (Elephant menace at Namchang) ৷ |
Raha Road Accident: বগৰীগুৰিত পথ দুৰ্ঘটনাত নিহত তিনিজন |
ৰহাৰ বগৰীগুৰিত পথ দুৰ্ঘটনা (Road accident at Bagariguri) ৷ ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে আন এখন ট্ৰাকে ৷ চালকসহ তিনিজন নিহত আৰু আহত দুজন (Two Injured in Raha Road Accident) ৷ |
জুলাই মাহত গুগলে লাভ কৰিলে ১.৩৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ অভিযোগ |
নতুন আই টি নিয়ম, ২০২১ অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত ভাৰতত গুগলে অভিলেখসংখ্যক ১৩৭,৬৫৭ টা ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰিছিল ৷ একে মাহতে আঁতৰাই পেলোৱা হৈছিল দেশৰ ৬,৮৯,৪৫৭ টা Bad Content । সবিশেষ পঢ়ক... |
Asia Cup 2022: আজি আকৌ মুখামুখি হ’ব ভাৰত-পাকিস্তান |
ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২২ ৰ ভাৰত বনাম পাকিস্তান মেচখন । সন্ধিয়া 7.30 বজাৰ পৰা মেচখন আৰম্ভ হ’ব ৷<eot>পত্নীৰ এই ৪টা গুণ থাকিলে স্বামীৰ উন্নতি নিশ্চিত, জানক সকলো গুণ | Husbnad’s Life Is Happy If This Quality Is Present In The Wife - JibonorShongram.in |
Skip to content |
Menu |
Facts |
শুভেচ্ছা বাণী সমূহ |
মহৎ লোকৰ বাণী |
Education Tips |
হিন্দু ধর্ম |
ইছলাম ধর্ম |
জানিবলগীয়া কথা |
Digital Marketing |
Make Money Online |
Carrere |
Lifestyle |
স্বাস্থ্য |
পত্নীৰ এই ৪টা গুণ থাকিলে স্বামীৰ উন্নতি নিশ্চিত, জানক সকলো গুণ | Husbnad’s Life Is Happy If This Quality Is Present In The Wife |
by Admin |
(Chanakya Niti In Assamese) আচাৰ্য্য চাণক্য আছিল এজন মহান কৌশলবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ, অৰ্থনীতিবিদ। আচলতে তেওঁ কেৱল জীৱনৰ সকলো দিশতে গভীৰভাৱে অধ্যয়ন কৰাই নহয়, মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও এক বিস্তৃত ধাৰণা দিছিল। আজিও তেওঁৰ কথাবোৰক “চিৰন্তন সত্য” বুলি গণ্য কৰা হয়। লগতে আচাৰ্য্য চাণক্যৰ নীতি অনুসৰণ কৰি চন্দ্ৰগুপ্ত মৌৰ্যৰ সম্ৰাট হৈছিল। |
( Husbnad’s Life Is Happy If This Quality Is Present In The Wife ) আচাৰ্য্য চাণক্যই জীৱনত দিয়া নীতিসমূহ মানি চলিলে তেওঁ জীৱনত চৰম উন্নতি সাধন কৰিবলৈ সক্ষম হ’ব। এই প্ৰসংগত আমি সকলোৱে এই কথাষাৰ শুনিছো যে প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান থাকে। অৰ্থাৎ এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে স্বামীৰ জীৱন উন্নত কৰিব পাৰে। সেই বাবে আজি আমি কথা পাতিম আচাৰ্য্য চাণক্য কোৱা এই ৪ টা গুণৰ বিষয়ে, যদি এই ৪টা গুণ আপোনাৰ স্ত্রীৰ মাজত থাকে তেনেহলে আপোনাৰ জীৱন সুখী হ’ব। |
Contents hide |
1 যিগৰাকী নাৰীৰ ইচ্ছা সীমিত |
2 শান্ত মহিলা |
3 সততা থকা মহিলা |
4 শিক্ষা আৰু যোগ্যতা |
5 Share this: |
যিগৰাকী নাৰীৰ ইচ্ছা সীমিত |
আচাৰ্য্য চাণক্যই তেওঁৰ প্ৰবাদত কৈছে যে যিগৰাকী নাৰীৰ ইচ্ছা সীমিত, তেওঁৰ স্বামী অত্যন্ত সৌভাগ্যৱান। চাণক্য নীতিত কোৱা হৈছে যে বহুক্ষেত্ৰত স্বামীয়ে পত্নীৰ ইচ্ছা পূৰণৰ বাবে অনৈতিক কাৰ্য্যত লিপ্ত হয়। যাৰ বাবে তেওঁ বহু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু নাৰীৰ ইচ্ছা সীমিত হ’লে অৰ্থাৎ অলপ সুখী হ’লে স্বামীৰ জীৱনটোও সুখী হৈ পৰে। |
শান্ত মহিলা |
আচাৰ্য চাণক্যৰ মতে অত্যন্ত শান্ত নাৰীক দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। এজন পুৰুষে যদি জীৱনত কোনোবা নিৰৱ, শান্ত পত্নীৰ সমৰ্থন পায়, তেন্তে তেওঁক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। ঘৰত সুখ আৰু শান্তি বজাই ৰখাৰ লগতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এই সকল মহিলাই। আৰু ফলত পৰিয়ালটো সমৃদ্ধিশালী হয়। |
সততা থকা মহিলা |
যিগৰাকী নাৰীৰ মাজত সততা থাকে, তাৰ স্বামী বহুত সুখী হয় ! সেই বাবে এজনী মহিলাৰ সততা কথা অতি প্রয়োজন, আৰু যিজনী মহি |
শিক্ষা আৰু যোগ্যতা |
আচাৰ্য চাণক্যই কৈছে যে যিগৰাকী নাৰী শিক্ষিত, সংস্কৃতিৱান আৰু গুণী, তেওঁৰ গোটেই পৰিয়ালটো সুখেৰে জীয়াই থাকে। এনে নাৰী জীৱনত আগবাঢ়ি যোৱাৰ এক প্ৰেৰণাৰ লগতে পৰিয়ালৰ সদস্যসকলক প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে।<eot>আজি এটা চাঞ্চল্যকৰ ঘটনাত গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাত এটা গুলীচালনাৰ ঘটনা ঘটে আৰু দহজনকৈ লোক আহত হয়। ইয়াৰে দুজনক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ নিয়া হৈছে। বাগিচাখনত এতিয়াও ভীতি তথা চেপা উত্তেজনা অব্যাহত আছে। জানিব পৰামতে বাগিচা কৰ্তৃপক্ষই যোৱা ভালেমান ন মাহতকৈ অধিক সময়ৰ দৰমহা দিয়া নাছিল। পি এফ, গ্ৰেচুইচটিও দিবলৈ বাকী আছিল। আনকি যোৱা বছৰৰ ২০ শতাংশ পূজাৰ বোনাচো শ্ৰমিকসকলক দিয়া নাছিল। এই সম্পৰ্কত যোৱা নৱেম্বৰ ১৮ তাৰিখে ৩০০তকৈও অধিক শ্ৰমিকে বাগিচাখনৰ কাৰ্য্যালয় তথা মালিকপক্ষক ঘেৰাও কৰিছিল। গোলাঘাটৰ শ্ৰম আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ উপস্থিতিত শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদত সেও মানি মালিকপক্ষই তেওঁলোকক ১২ ডিচেম্বৰৰ ভিতৰত ১৪ শতাংস বোনাছ দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু কালি সেই সময়সীমা পাৰ হোৱাত আজি কিছু সংখ্যক শ্ৰমিকে সমীৰ ৰয় আৰু সুধীৰ ৰয়ক সাক্ষাৎ কৰে। আলোচনাৰ মাজত দুই পক্ষৰ মাজত কথাৰ কটাকটি হৈ ক্ৰমে হতাহতিৰ ৰূপ লয়। পৰিস্থিতিটোৰ বিষয়ে তৎক্ষণাত নুমলীগড় আৰক্ষীলৈ খবৰ দিয়া হয়। অলপ পিছতে নুমলীগড় আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষী বিষয়াৰ উপস্থিতিতে মালিকদ্বয়ে শ্ৰমিকসকলৰ ওপৰত গুলী চলায়। এই গুলীচলনাত দহজনকৈ লোক আহত হয়। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক। দুয়োজনকে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ নিয়া হৈছে। আনসকল আহতক চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছে। ঘটনাৰ পিছত দুহেজাৰতকৈও অধিক শ্ৰমিক বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত গোট খায় আৰু কাৰ্য্যালয় ঘেৰাও কৰে। তেওঁলোকে মালিক দুজনক তেওঁলোকক গতাই দিবলৈ দাবী জনায়। |
Recent News |
প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ উপস্থিতিত শুকুৰবাৰে নতুন দিল্লীত গৃহ মন্ত্ৰ্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আয়োজিত বৈঠকখনত হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পৰ্কে অৱগত কৰে। |
হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰি বৰ্তমান কিদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে তাক ‘পাৱাৰ পইণ্ট’যোগে উপস্থাপন কৰে। তদুপৰি, এইক্ষেত্ৰত তেওঁ সন্মুখীন হোৱা সমস্যাসমূহৰ কথাও উল্লেখ কৰে। আনহাতে, শুকুৰবাৰে সময়ৰ অভাৱত এই বৈঠক সমাপ্ত নহ’ল। |
আনহাতে, আজি পুৱা ১০.৩০ বজাৰ পৰা এই বৈঠক পুনৰ অনুষ্ঠিত হ’ব। আজিৰ বৈঠকত হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ ওজৰ-আপত্তি দাখিলৰ ক্ষেত্ৰত পূৰ্বৰ পাঁচবিধ নথি কৰ্তন কৰা সন্দৰ্ভত যুক্তি দাঙি ধৰিব। |
শুকুৰবাৰৰ বৈঠকত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা শান্তনু ভঁৰালী, মহাপঞ্জীয়ক শ্ৰী শৈলেশ, কেন্দ্ৰীয় গৃহ দপ্তৰৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গসহ গৃহ দপ্তৰৰ বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত আছিল। |
উল্লেখযোগ্য যে ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আদালতত বন্ধ খামত দুখন প্ৰতিবেদন জমা দিছিল। ইয়াৰে এখন প্ৰতিবেদন আছিল গোপনীয়। হাজেলাই আনখন প্ৰতিবেদনত পাঁচবিধ নথি কৰ্তনৰ সপক্ষে বিভিন্ন যুক্তি প্ৰদান কৰিছিল। |
আনহাতে, ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিন্তন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠখনে হাজেলাক পাৱাৰ পইণ্ট উপস্থাপনৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কি কাৰণত পাঁচবিধ নথি কৰ্তন কৰা হৈছে আৰু কিদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে সেই সম্পৰ্কে বিতংভাৱে বুজাই দিয়াৰ নিৰ্দেশ দিছিল। |
Recent News |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ চলালে ৰাছিয়াই। ৰাছিয়াৰ আক্ৰমণৰ পিছত জ্বলি উঠিছে ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প। |
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই ৰাছিয়াৰ আক্ৰমণৰ এই শেহতীয়া খবৰ ৰাজহুৱা কৰিছে। |
তেওঁ লগতে এই আক্ৰমণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত এই স্থানত তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী জনায়। |
ৰাছিয়াৰ সৈন্যৰ আক্ৰমণৰ সময়ত পাৰমাণৱিক শক্তি প্ৰকল্পটোৰ এটা উৎপাদন অংশ ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰকল্পটোৰ কিছু অংশ জুইত জ্বলি উঠিছে বুলি ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি মন্ত্ৰালয়ে জানিবলৈ দিছে। |
অৱশ্যে প্ৰকল্পটোৰ এজন মুখপাত্ৰই সংবাদ সংস্থা RIA ৰ আগত উল্লেখ কৰা অনুসৰি বিকিৰণৰ পৃষ্ঠভূমিৰ স্তৰৰ কোনো সলনি হোৱা নাই। |
ৰাছিয়াৰ সেনাই ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জাপোৰিজজিয়া এনপিপিৰ ওপৰত সকলো ফালৰ পৰা গুলীবৰ্ষণ কৰি আছে বুলি বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই টুইট কৰে। |
“ইতিমধ্যে প্ৰকল্পটোত জুই লাগিছে। ৰাছিয়ানসকলে তৎকালীনভাৱে আক্ৰমণ বন্ধ কৰিব লাগিব। অগ্নিনিৰ্বাপক বাহিনীক অনুমতি দিব লাগিব, এটা সুৰক্ষা ক্ষেত্ৰ স্থাপন কৰিব লাগিব!”- টুইটটোত তেওঁ লগতে কয়। |
উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আজি নৱম দিনত উপনীত হৈছে। সমগ্ৰ ইউক্ৰেইনতে ৰাছিয়াৰ আক্ৰমণে দিশহাৰা কৰি তোলাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে পশ্চিমক সামৰিক সাহায্য বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। |
Recent News |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>চীনদেশীয় উৰন্ত পাৰ (Flying Pigeon) হৈছে সবাতোকৈ জনপ্ৰিয় চাইকেলৰ আৰ্হি আৰু পৃথিৱীত থকা যি-কোনো ধৰণৰ বাহনৰ ভিতৰতে সবাতোকৈ জনপ্ৰিয় বাহন। এতিয়ালৈকে ৫০ কোটিখন নিৰ্মাণ কৰা হৈছে।[1] |
বাইচাইকেলৰ পৰিচিত টিলিঙাৰ শব্দ |
চাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল। এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল। |
যান্ত্ৰিক বাহনৰ বাটকটীয়া বাই-চাইকেলখন হৈছে সৰ্বত্ৰ ব্যৱহৃত বাহন। দুচকীয়া এই বাহনখন সৰ্বসাধাৰণৰ মাজত চাইকেল নামেৰেই পৰিচিত। চাইকেল চলোৱা মানুহজনক চাইকেল-চালক, চাইক্লিষ্ট অথবা বাইচাইক্লিষ্ট বুলি কোৱা হয়। |
১৯ শতিকাত ইউৰোপৰ ফালে পোনপ্ৰথমবাৰৰ বাবে চাইকেল দেখিবলৈ পোৱা গৈছিল; আৰু ২১ শতিকাৰ প্ৰাৰম্ভত ১০০ কোটিতকৈও অধিক চাইকেল দৃশ্যমান হ'ল।[1][2][3] পৃথিৱীৰ বহু ঠাইতেই চাইকেল হৈছে যাতায়াতৰ অন্যতম মাধ্যম। চাইকেলক আমোদ-প্ৰমোদ, অথবা শিশুৰ খেলনা-সামগ্ৰী, শাৰীৰিক ব্যায়াম, সামৰিক সেৱাত, কুৰিয়াৰ সেৱা, চাইকেল-চালনা প্ৰতিযোগিতা আৰু চাইকেলৰ দুঃসাহসিক ক্ৰীড়াতো ব্যৱহাৰ কৰা হয়।[4] |
শব্দতত্ত্ব[সম্পাদনা কৰক] |
বাইচাইকেল শীৰ্ষক শব্দটো সৰ্বপ্ৰথমে লিপিবদ্ধ হৈছিল ১৮৬৮ চনত; ''দ্য ডেইলি নিউজ''ৰ ইংৰাজী কাকতত। শব্দটো উল্লেখ কৰিবলগীয়া হৈছিল "চেম্পছ্ ইলিছিছ এণ্ড বয়ছ ডি বাগনি"ত "বাইচাইকেলছ্ এণ্ড ট্ৰাইচাইকেলছ্"ক বুজাবৰ বাবে।[5] শব্দটো পোনপ্ৰথমবাৰ ব্যৱহাৰ কৰা হৈছিল ১৮৪৭ চনত এখন ফৰাচী প্ৰকাশনত; এক অচিন দুচকীয়া বাহন (বোধহয় চকাযুক্ত সামগ্ৰী কঢ়িয়াই নিয়া বাহন)-ক বুজাবৰ বাবে।[5] চাইকেলখনৰ আৰ্হিটো আছিল "ভেল'ছিপেড"ৰ আধুনিক সংস্কৰণ, যদিও সিহঁতৰ নামকেইটাক কিছুসময়ৰ বাবে ওপৰা-উপৰিকৈ ব্যৱহাৰ কৰা হৈছিল।[5][6] |
ইতিহাস[সম্পাদনা কৰক] |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। |
অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। |
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই। |
অনুগ্ৰহ কৰি HTML markupৰ যোগেদি প্ৰযোজ্য অংশত নকলৰ পুৰীয়া চিহ্নসমূহ যোগ কৰক। |
ৱিকি চিহ্নসমূহ যোগ দিয়ক (সহায়) প্ৰয়োজন অনুসৰি, অন্য প্ৰবন্ধসমূহলৈ "[[" আৰু "]]" সম্পৰ্কীয় শব্দৰ দুয়োকাষে যোগ কৰাৰ (অধিক জানিবৰ বাবে সহায়:সংযোগ পৃষ্ঠা চাওক) লগতে পৰীক্ষা কৰক যে আপুনি দিয়া সংযোগসমূহ ৱিকিপিডিয়াত বিচৰাধৰণে হয়। অনুগ্ৰহ কৰি সংযোগসমূহ পাঠকৰ সহায়ৰ বাবে, যেনে: বিখ্যাত ব্যক্তিৰ নাম, বিখ্যাত ঠাই, সাধাৰণ জীৱিকাকে আদি ধৰি নিত্য ব্যৱহৃত প্ৰয়োজনীয় শব্দসমূহ যিবোৰ ৱিকিপিডিয়াত প্ৰবন্ধ হিচাপে সংযোগ কৰিব পাৰি। |
প্ৰবন্ধৰ পৰিচিতি অংশটো সুন্দৰভাৱে গঢ় দিয়ক, লক্ষ্য ৰাখিব যে ই অতি চমু বা বেছি দীঘল হৈ নাথাকে। |
গঠনশৈলী আৰ্হি অনুসৰি অনুচ্ছেদৰ শিৰোনাম সমূহ সজাওক |
যদি সম্ভৱ হয় তেন্তে প্ৰবন্ধটোত এটা সঠিক তথ্যপেৰা যোগ দিয়ক। |
ওপৰত দিয়া চৰ্তসমূহ পূৰণ হোৱাৰ পাছত সাঁচটো আঁতৰাই দিয়ক। |
কাঠেৰে নিৰ্মিত ড্ৰেইছিন(১৮২০ চন মানৰ); প্ৰথমখন দুচকীয়া। বাইচাইকেলৰ আদিৰূপ বুলিও জনাজাত |
মানুহৰ যাতায়াতৰ কাৰণে সাজি উলিওৱা প্ৰথম দুচকীয়া বাহনখন হৈছে "ডেণ্ডী হৰ্ছ" (dandy horse), যাক ড্ৰেইছিয়েন অথবা ল'ফমেছাইন বুলিও কোৱা হয় আৰু য'ত দুয়োফালে দুটা চকা সংযুক্ত হৈ আছিল। উদ্ভাৱণ কৰিছিল জাৰ্মানৰ বেৰন কাৰ্ল ভন ড্ৰেইছে। ইয়াক আধুনিক বাইচাইকেলৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.