text
stringlengths 0
188k
|
---|
অনুভৱ |
উদ্যমী |
উদ্যমী |
খাদ্য সম্ভাৰ |
পৰ্যটন |
ফটোগ্ৰাফী |
ENGLISH |
ব্যৱসায় |
সম সাময়িক |
সুখবৰ |
Home |
উদ্যমী |
স্বাৱলম্বীতাৰ অন্য এক পথ- থাইলেণ্ড বগৰী |
স্বাৱলম্বীতাৰ অন্য এক পথ- থাইলেণ্ড বগৰী |
উদ্যমী |
By admin On Jan 27, 2017 |
6 151 |
Share |
গণতন্ত্ৰ দিৱসৰ দিনা হঠাৎ ফোনতো বাজি উঠিল। খবৰ পালো, এজন ব্যক্তিয়ে ব্যতিক্ৰম ধৰণৰ কৃষি পদ্ধতিয়ে অঞ্চললৈ কঢ়িয়াই আনিছে এক কৃষি বিপ্লৱৰ। কেৱল এয়াই নহয় তেওঁৰ কৰ্ম আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰি ৭ টা পৰিয়ালে লাভ কৰিছে স্বাৱলম্বীতাৰ অন্য এক পথ। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই খবৰ খিনি আমাক জনাইছিল বঙাইগাওঁ জিলাৰ মানিকপুৰৰ সাংবাদিক আব্দুল কায়ুমে। |
প্ৰতিদিনে আমি ইতিবাচক, গঠনাত্মক খবৰৰ সন্ধানত থাকো। গতিকে এনে এটা ভাল খবৰ পাই পলম নকৰি, আমি উপস্থিত হৈছিলো বঙাইগাওঁ জিলাৰ মানিকপুৰৰ গোসাইগাৱত। সেই সময়ত আমাক সহযোগিতা আগবঢ়াইছিল স্থানীয় দুজন সাংবাদিকে। |
দেখাত কেচাঁ সৰু আপেল যেন লগা এবিধ বগৰী। আপুনি যেতিয়ালৈকে নিজে Taste নকৰে হয়টো অনুভৱ কৰিব নোৱাৰিব, বগৰী বিধৰ সোৱাদ। বিশ্বাস কৰিব ! বগৰী বিধত আছে আপেল, নাচপতি আৰু কেঁচা অমিতাৰ সোৱাদ। সেয়েহে আজিৰ দিনত এইবিধ বগৰী হয়তো আমাৰ অপৰিচিত। কাৰণ এনে প্ৰকাৰৰ বগৰীৰ খেতি হয় থাইলেণ্ড আৰু বাংলাদেশত। প্ৰিয় পাঠক, এনে ধৰণৰ বগৰীৰ খেতি কৰি আৰ্থিক দিশত স্বাৱলম্বী হৈছে বহুকেইজন কৃষক। যি সময়ত কৃষিৰ প্ৰতি আমি অনীহা প্ৰদৰ্শন কৰো, বৰ বিশেষ যত্ন নোলোৱাকৈ এনেধৰণৰ বগৰীৰ খেতিয়ে হয়তো আপোনাক আশাৰে হেপাহেৰে জীৱন নিৰ্বাহ কৰিবলৈ উৎসাহ যোগাৱ। |
আমাৰ অসমত এই ধৰণৰ বগৰী খেতি কৰা গুৰিৰ মূল মানুহজন হ’ল মানিকপুৰ ১ নং ভাণ্ডাৰাগাৱৰ আব্দুল কৰিম। পেছাত এজন কৃষক। তেখেতৰ বাগিছা দেখা পাইছিলো তিনিপ্ৰকাৰৰ বগৰী। এনেধৰণৰ বগৰীৰ ক’ৰ পৰা আনিল, কিদৰে এনে খেতিৰ প্ৰতি আকৰ্ষিত হ’ল জানিব বিচৰাত আব্দুল কৰিমে আমাক এনেদৰে জনায়- এইবিধ থাইলেণ্ড বগৰী, থাইলেণ্ডত এনে বগৰী পোৱা যায়। আজিৰ পৰা ৩ বছৰৰ আগৰ কথা। দুজন বন্ধুৱে বাংলাদেশলৈ গৈছিল আৰু তাত এনেধৰণৰ বগৰী খাই ভালপোৱা বুলি জনোৱাৰ লগতে এনে খেতিৰ বিষয়ে আমাৰ অসমত চাহিদা আৰু গুণাগুণৰ সম্পৰ্কে বুজাই দিয়াত আগ্ৰহী হৈ পৰো আৰু তাৰ পিছতে যোগাযোগ কৰি কলম কৰা ডাল আনি ৰোৱাত এনে ধৰণৰ বগৰী উৎপাদিত হয়। মোৰ বাগিছাত বাওকুল, তাহেন কুল আৰু আপেল কুল প্ৰজাতিৰ বগৰীৰ পোৱা যায়। প্ৰতিটো প্ৰজাতিৰ বগৰীৰ সোৱাদ আকাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। চ’ত মাহত এনে প্ৰজাতিৰ বগৰী ৰোপন কৰাৰ উত্তম সময়। ২২ দিনৰ পিছত সাৰ দি পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে স্পে” কৰিছিলো। আৰু সপ্তাহত এদিনকৈ এনে প্ৰজাতিৰ বগৰী গছত পানী দিয়া হয়। |
উল্লেখযোগ্য যে সাধাৰণ বগৰীতকৈ এনে প্ৰজাতিৰ বগৰী চাপৰ আৰু কাইঁটবিহীন গছ হয়। আব্দুল কৰিমৰ এনে বগৰী খেতিৰ দ্বাৰা দিনে ১০,০০০ টকাকৈ উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে। কৰিমৰ ব্যৱসায় তথা কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সেই অঞ্চলৰ ৭ টা পৰিয়ালে (হাইব্ৰিড প্ৰজাতি এনে) খেতিয়ে ব্যৱসায়ৰ যোগেদি সফলতাৰ মুখ দেখিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সেই অঞ্চলত দিনে দিনে এনে বগৰীৰ চাহিদাও বৃদ্ধি পাইছে। |
প্ৰিয় পাঠক, আপোনাৰ অঞ্চলত যদি এনে কোনো ভাল খবৰ আছে, আমাক জনাবলৈ নাপাহৰিব। আমাৰ ই মেইল- [email protected] বিভিন্ন ধৰণৰ ইতিবাচক খবৰৰ বাবে চাই থাকিব www.nefocus.com<eot>এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। ১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন জোৰা সাধনা আৰু গৱেষণাই অৰ্থনীতিৰ প্ৰচলিত ধাৰণাৰে কুঁৱলি ফালি বিশ্বৰ কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন তত্ত্ব দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁৰ এই তত্ত্বত পৃথিৱীৰ দৰিদ্ৰ আৰু দুৰ্ভিক্ষসকলৰ কল্যাণ উন্নয়নৰ সুগম পথৰ সন্ধান পোৱা যায়। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ সন্মান ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ মহলানবিশ বঁটা, দেশীকোত্তম সন্মান, জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড, এছিয়াটিক ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, এডিনবাৰ্গ পদক, নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ, ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা, ই ৰেংক, ডিউভেলী এগনেলী ইণ্টাৰনেশ্যনেল প্ৰাইজ, আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড আদি সন্মান লাভ কৰিবলৈ সক্ষম হয়।[1] |
অমৰ্ত্য সেন |
ব্যক্তিগত তথ্য |
জন্ম |
১১ নৱেম্বৰ, ১৯৩৩ (৮৯ বছৰ) |
শান্তিনিকেতন, বেংগল প্ৰেছিডেঞ্চী, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পশ্চিমবংগ, ভাৰত) |
নাগৰিকত্ব |
ভাৰতীয় |
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
দাম্পত্যসঙ্গী |
নৱনীতা দেৱ সেন, ইভা ক'লোৰণি, এমা ৰ'থশ্বিল্ড |
সূচী |
1 জন্ম আৰু পৰিয়াল |
2 শিক্ষা |
3 কৰ্মজীৱন |
4 পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান |
5 গ্ৰন্থ সংকলন |
6 তথ্য সংগ্ৰহ |
7 লগতে চাওক |
8 বাহ্যিক সংযোগ |
জন্ম আৰু পৰিয়ালসম্পাদনা কৰক |
অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ১১ নৱেম্বৰত, প্ৰথম ভাৰতীয় ন'বেল বঁটা বিজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানসকুঞ্জ পশ্চিমবংগৰ শান্তিনিকেতনত। তেওঁৰ পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃতা সেন। অমৰ্ত্য সেন এই নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। এই নামটো ৰাখি তেওঁ পৰিয়ালৰ লোকক কৈছিল এইটো এটা অসাধাৰণ নাম। সৰুতে তেওঁৰ ঘৰত মতা নাম আছিলবাবলু। তেওঁৰ দাম্পত্য জীৱনত তিনি গৰাকী নাৰীক জীৱন সঙ্গী হিচাপে পাইছিল, তেওঁলোক যথাক্ৰমে নৱনীতা দেৱ সেন, ইভা ক'লোৰণিআৰুএমা ৰ'থশ্বিল্ড। প্ৰথমা গৰাকী পত্নীৰ ফালৰ সন্তান আছিল অন্তৰা আৰু নন্দিনী। দ্বিতীয় গৰাকীৰ ফালৰ সন্তান আছিল ইন্দ্ৰাণী আৰু কবীৰ।[1] |
শিক্ষাসম্পাদনা কৰক |
অমৰ্ত্য সেনে তেওঁৰ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনতে অতি সাধাৰণভাবে অতিবাহিত কৰে। তেওঁ আছিল মাকৰ প্ৰথম সন্তান। শৈশৱতে ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ আদৰ্শ আৰু সান্নিধ্যই জীৱনত তেওঁক বিশেষ ৰেখাপাত কৰিছিল। অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল, সেয়ে যিকোনো কথা এবাৰ শুনি বা পঢ়ি আয়ত্ত কৰিব পাৰিছিল। তদুপৰি যিকোনো কথাতে আছিল তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠা। তেওঁৰ পৰ্যবেক্ষণ ক্ষমতাও প্ৰখৰ আছিল। লগৰীয়াৰ লগতো সমানে মিলিব পাৰিছিল, বন্ধুবৰ্গৰ লগত তেওঁ আলাপ কৰাৰ উদ্দেশ্য আছিল যাতে তেওঁলোকৰ পৰা নতুন কিবা কথা শিকিব পাৰে। সৰুতে অমৰ্ত্য সেন বন্দুক চলাই মেলাত দৰ্শকক স্তম্ভিত কৰিব পাৰিছিল। স্কুলীয়া জীৱনত তেওঁ এজন ভাল তাৰ্কিক ৰূপেও প্ৰতিষ্ঠা লাভ কৰিছিল। অমৰ্ত্য সেনে ইণ্টাৰমিডিয়েট স্তৰলৈকে শান্তিনিকেতনতেই পঢ়িছিল। কিশোৰ অমৰ্ত্য সেনে শান্তিনিকেতনৰ দাঁতি-কাষৰীয়া অঞ্চললৈ চাওঁতাল গাঁওবোৰলৈ গৈ গাঁৱৰ দুখীয়া লোকসকলক এমুঠি অন্ন দান কৰিবলৈ ঘৰে ঘৰে ঘূৰি মুষ্ঠি ভিক্ষা কৰিছিল।[1] |
১৯৫১ চনত তেওঁ শান্তিনিকেতনত বিজ্ঞান বিষয়ত ইণ্টাৰমিডিয়েট পৰীক্ষাত পাছ কৰে। আই এছ চি পঢ়ালৈকে, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৱ নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ হৈছিল। কিন্তু ভবাতকৈ তেওঁৰ পৰীক্ষাৰ খৱৰ বহু ভাল হৈছিল। তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তথাপি পৰিয়ালৰ চিন্তাই লগ এৰা দিয়া নাছিল, সেয়ে এইবাৰ তেওঁক বিজ্ঞান শাখাৰ সলনি কলা শাখাত নাম ভৰ্তি কৰিবলৈ দিহা দিলে। তাৰ পিছত তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজত ভৰ্তি হয়। তেওঁ কলেজত অৰ্থনীতি বিষয়ত মনোযোগেৰে পঢ়িবলৈ ধৰিলে। প্ৰেছিডেন্সি কলেজৰ অধ্যাপক ভৱতোষ দত্তৰ তেওঁ বিশেষ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হল। ১৯৫৩ চনত তেওঁ অৰ্থনীতি বিষয়ৰ অনাৰ্ছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক উপাধি লাভ কৰিবলৈ সক্ষম হয়। স্নাতক উপাধি লাভ কৰাৰ সময়ত তেওঁ মাত্ৰ ১৯ বছৰীয়া আছিল আৰু এই সময়ছোৱাতেই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয়। পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁক ইংলেণ্ডত পঢ়ুৱাবলৈকে ঠিক কৰিলে যাতে পঢ়া আৰু চিকিৎসা দুয়োটা সমানে চলাব পাৰে। সেয়ে তেওঁক ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ট্ৰিনিটি কলেজত নাম লগাই দিলে। কিছুদিন পিছত তেওঁ আৰোগ্য হল। ১৯৫৯ চনত তেওঁ এই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁ এই পৰীক্ষাত কৃতিত্ব দেখুওৱাৰ বাবে আডাম স্মিথ বঁটা লাভ কৰিবলৈও সক্ষম হয়। তাৰ পিছত তেওঁ পি. এইচ. ডি উপাধি লাভ কৰে। পি. এইচ.ডিত তেওঁৰ গৱেষণাৰ বিষয় বস্তু আছিল The Choice of Technique.[1] |
কৰ্মজীৱনসম্পাদনা কৰক |
১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে। তেওঁ সুদীৰ্ঘ দিন ধৰি ইংলেণ্ড আৰু আমেৰিকাৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ পৰে। এগৰাকী শিক্ষক হিচাপে তেওঁ ছাত্ৰ সমাজৰ মাজত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অৰ্থনীতিৰ দৰে এটি জটিল আৰু নীৰস বিষয়কো ছাত্ৰ সমাজৰ হৃদয় চুই যোৱাকৈ তেওঁ ব্যাখ্যা কৰিব পাৰিছিল। কেণ্টিনত বহি টিচু কাগজত অৰ্থনীতিৰ লেখচিত্ৰ অংকন কৰি থকা সময়তো যিকোনো ছাত্ৰ-ছাত্ৰীয়ে তেওঁক লগ পাব পাৰিছিল। তেওঁ ছাত্ৰ সমাজৰ লগত এনেদৰে সম্পৰ্ক গঢ়ি তুলিছিল যে কেতিয়াবা খোৱাৰ মেজৰ পৰাও ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দিছিল।[1] |
এই বিশ্ব বৰেণ্য শিক্ষকগৰাকী ১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ফেল নিৰ্বাচন হয়। ষাঠিৰ দশকত তেওঁ আমেৰিকাৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয় আৰু এম. আই. টিত ভিজিটিং প্ৰফেছাৰ নিযুক্ত হয়। ১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে। তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ'ৰ্ডৰ নাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অক্সফ'ৰ্ডত অধ্যপনা কৰে। ১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ হাৰ্ভাৰ্ডত তেওঁ অৰ্থনীতি কলেজত মাষ্টাৰ (আচাৰ্য্য) পদ লাভ কৰে। তদুপৰি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লেমণ্ট এমেৰিটাছ প্ৰফেছাৰ ৰূপেও কাৰ্য-নিৰ্বাহ কৰে। তেওঁ বিশ্ব বেংক উপদেষ্টা পৰিষদৰো এগৰাকী সদস্য আছিল।[1] |
১৯৪৩ চনত বংগত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ মানুহৰ মৃত্যু ঘটিছিল। ইয়াৰ পিছত ৭০ৰ দশকত বংগদেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ মূল কাৰণবোৰ অমৰ্ত্য সেনে নিজে গৈ ওচৰৰ পৰা অধ্যয়ন কৰিছিল। একে সময়তে ব্ৰাজিল আৰু আফ্ৰিকা আদিৰ উপৰি আন কেইখনমান দেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ কাৰণবোৰ প্ৰত্যক্ষ কৰিছিল। এই গৰীৱ জনসাধাৰণক কেনেকৈ এমুঠি ভাত দিব পৰা যায় আৰু লিংগ-বৈষম্য আঁতৰ কৰিব পৰা যায়, সেয়ে হল তেওঁৰ জীৱনৰ সাধনা, গৱেষণা। পিছত ইয়াক উত্তৰণ ঘটাই তেওঁৰ চিন্তা-চৰ্চা হল, কল্যাণ অৰ্থনীতি।[1] |
পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মানসম্পাদনা কৰক |
ন'বেল বঁটা, (১৯৯৮) |
ভাৰত-ৰত্ন, (১৯৯৯) |
মহলানবিশ বঁটা, |
দেশীকোত্তম সন্মান, |
জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড, |
এছিয়াটি ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, |
এডিনবাৰ্গ পদক, |
নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ, |
ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা, |
ই ৰেংক, |
ডিউভেলী এগনেলী ইণ্টানেশ্যনেল প্ৰাইজ, |
আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড। |
গ্ৰন্থ সংকলনসম্পাদনা কৰক |
দি ষ্টেণ্ডাৰ্ড অব্ লিভিং, (১৯৩৩) |
গ্ৰ'থ ইক'নমিক্ছ, (১৯৬০) |
চয়েচ অব্ টেকনিক, (১৯৬৯) |
অন ইক'নমিক ইন ইকুৱেলিটি, (১৯৭৩) |
এমপ্লয়মেণ্ট টেকন'লজি এণ্ড ডেভেলপমেণ্ট এণ্ড ডিপ্ৰাইভেছন, (১৯৮১) |
চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, (১৯৮২) |
হাংগাৰ এণ্ড পাবলিক একছন, (১৯৮৯) |
ইনইকুৱেলিটি ৰিয়েক্ট জামিন্দ, (১৯৯২) |
মাৰ্কেট এণ্ড ফ্ৰিডম, |
ইণ্ডিয়াঃইক'নমিক ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল অপৰ্ছ্যুনিটি (১৯৯৫, সেন আৰু জাঁ ড্ৰেজ) |
ইণ্ডিয়া ডেভেলপমেণ্টঃচিলেকটেড ৰিজ'নেল পাৰ্ছপেকটিং (জাঁ ড্ৰেজ আৰু সেন) |
ছুইডিছ অকাডেমি অব্ ছাইন্সেজ ( ন'বেল বঁটা), (১৯৯৮) |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১৩৮, ১৩৯, ১৪০, ১৪১, ১৪২, ১৪৩.<eot>গুৱাহাটী : ২০০৮ চনত ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তন, অভিযোজন আৰু প্ৰশমন, শক্তি দক্ষতা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বুজাবুজিৰ ওপৰত গুৰুত্ব দি জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা (এনএপিচিচি) আৰম্ভ কৰাৰ সময়ত ভাৰতৰ সৌৰ যাত্ৰাৰ উত্তৰণ দেখা গৈছিল।এনএপিচিচিৰ অধীনত ৰাষ্ট্ৰীয় সৌৰ অভিযানৰ লক্ষ্য হৈছে দেশৰ মুঠ শক্তি মিশ্ৰণত সৌৰ শক্তিৰ অংশ বৃদ্ধি কৰা, লগতে অন্যান্য নৱীকৰণযোগ্য উৎসৰ পৰিসৰ সম্প্ৰসাৰিত কৰা। ২০০৮ চনত এজিউৰ পাৱাৰ প্ৰতিষ্ঠা কৰা হৈছিল, এক দক্ষ, বহনক্ষম আৰু সামাজিকভাৱে দায়বদ্ধ প্ৰকাৰে সুলভ সৌৰ শক্তি প্ৰদান কৰাৰ এক দৃষ্টিভংগীৰে। সৌৰ বিপ্লৱৰ দিশত ভাৰতৰ যাত্ৰাই আৰু এজিউৰ পাৱাৰে তেতিয়াৰ পৰাই এক সমান্তৰাল বিকাশৰ কাহিনী দেখিছে। |
এজিউৰ পাৱাৰে ভাৰতৰ প্ৰথম ব্যক্তিগত ইউটিলিটি স্কেল সৌৰ প্ৰকল্প, পঞ্জাৱৰ আৱানৰ এখন সৰু গাঁৱত ২ মেগাৱাটৰ প্ৰকল্প, ২০,০০০ ৰো অধিক লোকৰ সৈতে ৩২ খন গাঁৱত বিদ্যুৎ যোগান ধৰি যাত্ৰা আৰম্ভ কৰে। তেতিয়া, এক দশকতকৈও অধিক সময়ৰ যাত্ৰাত, সংগঠনটো দ্ৰুতগতিত বৃদ্ধি হৈ ১০+ ৰাজ্যত ~৭ গিগাৱাট~সৰ্বভাৰতীয় পৰ্টফলিঅ’ৰ সৈতে দেশৰ সৰ্ববৃহৎ সৌৰ শক্তি বিকাশকাৰীসকলৰ ভিতৰত অন্যতম হৈ পৰিছে। এজিউৰ পাৱাৰ, ইয়াৰ আৰম্ভণিৰ পৰাই পৰিষ্কাৰ আৰু সুলভ শক্তিৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ সৈতে ওতঃপ্ৰোতভাৱে সংযোজিত হৈ আহিছে আৰু ইয়াৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। কোম্পানীটো সৌৰ ক্ষেত্ৰত অগ্ৰণী হৈ আছে। পঞ্জাৱত ভাৰতৰ প্ৰথম ব্যক্তিগত ইউটিলিটি ৱাই স্কেল সৌৰ প্ৰকল্প স্থাপন কৰাৰ উপৰিও, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যত ব্যক্তিগত ইউটিলিটি স্কেল সৌৰ প্ৰকল্প স্থাপন কৰা প্ৰথম সৌৰ শক্তি উৎপাদক আৰু লগতে সীমান্ত চৌকিসমূহলৈ সৌৰ শক্তি যোগান ধৰা দেশৰ প্ৰথম ব্যক্তিগত সৌৰ উৎপাদক। |
অসমৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সৌৰ শক্তিৰ মুখ্য অব্যৱহৃত সম্ভাৱনা উপলব্ধি কৰা দেশৰ প্ৰথম সংগঠনসমূহৰ ভিতৰত এজিউৰ পাৱাৰ অন্যতম। কোম্পানীটোৱে উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৯০ মেগাৱাট প্ৰকল্প এটা কাৰ্যকৰী কৰি অসমত ইয়াৰ সৌৰ শক্তি প্ৰচেষ্টা সম্প্ৰসাৰিত কৰি আছে। ই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডিচিএল) সৈতে প্ৰতি কিলোৱাটত ৩.৩৭ টকাৰ ওজনযুক্ত গড় শুল্কত ২৫ বছৰীয়া শক্তি ক্ৰয় চুক্তি (পিপিএ) স্বাক্ষৰ কৰিছে। প্ৰকল্পটো ২০২১ বৰ্ষৰ কেলেণ্ডাৰ বৰ্ষৰ তৃতীয় চতুৰ্থাংশত সম্পূৰ্ণৰূপে আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটোৱে ২০২২ চনৰ ভিতৰত ৬৮৮ মেগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদনৰ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ দ্বাৰা অসমৰ বাবে নিৰ্ধাৰিত লক্ষ্যত অৰিহণা যোগাব। |
এক বিশুদ্ধ সৌৰ শক্তি কোম্পানী হিচাপে, আভ্যন্তৰীণ অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ দক্ষতা, লগতে উন্নত আভ্যন্তৰীণ কাৰ্যকলাপ আৰু তত্বাৱধান ক্ষমতাৰ সৈতে, এজিউৰ পাৱাৰে আজি সমগ্ৰ ভাৰতত কম ব্যয়ৰ আৰু নিৰ্ভৰযোগ্য সৌৰ শক্তি সমাধান প্ৰদান কৰে। ই বৰ্তমান বিদ্যুৎ অবিহনে লাখ লাখ ভাৰতীয়লৈ বিদ্যুতৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছো যাৰ ফলত বহনক্ষম অৰ্থনৈতিক বিকাশ, সামগ্ৰিক বিকাশ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে স্থিতিস্থাপকতা সক্ষম হ’ব। |
ভাৰতে ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য ৰাখিছে যি ২০৪০ চনৰ ভিতৰত 15,820 ১৫,৮২০ টিডব্লিউএইচ’ত উপনীত হ’ব বুলি আশা কৰা হৈছে। নৱীকৰণযোগ্য শক্তিয়ে এই লক্ষ্য প্ৰাপ্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ বাধ্য আৰু ২০৩০ চনৰ ভিতৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৪০% পূৰণ কৰিব বুলি আশা কৰা হৈছে। ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ সৌৰ ক্ষমতাৰ দেশ হৈ পৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য ক্ষমতাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ভিতৰত আছে ৩০০ গিগাৱাট সৌৰ ক্ষমতা। সৌৰ শক্তি ক্ষেত্ৰত ভাৰতৰ ‘আত্মনিৰভাৰ’ লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত এজিউৰ পাৱাৰে আৱৰণ ধৰি ৰাখে, মূল্য অভিযান্ত্ৰিক, কাৰ্যকৰী প্ৰদৰ্শন নিৰীক্ষণ আৰু দক্ষ বিত্তীয় ৰণনীতিৰ জৰিয়তে কম ব্যয়ৰ সৌৰ শক্তি প্ৰদান কৰাৰ সামৰ্থ্যৰ সৈতে। ইয়াৰ নিজস্ব ই.পি.চি. দক্ষতাই প্ৰণালীৰ ব্যয় হ্ৰাস কৰে আৰু ইয়াৰ উন্নত নিজস্ব কাৰ্যকলাপ আৰু তত্বাৱধান ক্ষমতাই ইয়াক বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু বাস্তৱ-সময়ৰ ওচৰত প্ৰকল্পৰ প্ৰদৰ্শন নিৰীক্ষণ কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ দক্ষ বিত্তীয় ৰণনীতিৰ সৈতে, এজিউৰ পাৱাৰে উচ্চ দক্ষতা উৎপাদনত কম ব্যয়ৰ সৌৰ শক্তি সমাধান আগবঢ়ায়। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 15 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.