text
stringlengths
0
188k
পদক্ষেপ-I : চৌম্বক ক্ষেত্ৰ এখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙঠি দুটাও তাৰ সৈতে ঘূৰে ৷
পদক্ষেপ-II : AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায়(ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে) ৷
পদক্ষেপ-III : AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আৱিষ্ট কৰে যি বহিঃ বৰ্তনীত ABCD ৰ দিশত চালিত হয় ৷
পদক্ষেপ-IV : আধা পাক ঘূৰাৰ পিছত আঙঠি R1 আৰু R2 ব্ৰাছৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ উঠে ৷
পদক্ষেপ-V : আঙঠি R2 আৰু B1 ৰ সংস্পৰ্শলৈ আহে আৰু AB বাহু তললৈ যায় ৷ এই সঞ্চালনৰ ফলত বাহু দুটাত াৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱ্ষ্টি প্ৰবাহ DCBA ৰ দিশত চালিত হয় ৷
পদক্ষেপ-VI : এই অবিৰত প্ৰধিয়াটোৰ কাৰণে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰদিশ সলনি হৈ থাকে আৰু পৰিৱৰ্তী প্ৰবাহ(AC)ৰ উৎস লাভ কৰা হয় ৷
17. এটা বৈদ্যুতিক হ্ৰস্ববৰ্তনী(short circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰঃ সজীৱ তাঁৰ(ধনাত্মক তাঁৰ)আৰু উদাসীন(ঋণাত্মক তাঁৰ)ৰ অন্তৰণ নষ্ট হোৱাৰ বাবে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে বৰ্তনীত বিদ্যুৎ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায় ৷ ইয়াৰ ফলস্বৰুপে হ্ৰস্ববৰ্তনী সংঘটিত হয় ৷
একেটা খাঁজতে অত্যধিক সঁজুলি সংযোগ কৰিলে ৰোধ হ্ৰাস পায় ৷ ইয়াৰ ফলস্বৰুপে বৰ্তনীৰ মাজেৰে বৰ্ধিত মাত্ৰাত বিদ্যুৎ চালিত হৈ হ্ৰস্ববৰ্তনী সংঘটিত হ’ব পাৰে ৷ বৈদ্যুতিক সঁজুলিত থকা ক্ৰুটিৰ বাবেও কেতিয়াবা হ্ৰস্ববৰ্তনী হ’ব পাৰে
18. ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি ?
উত্তৰঃ ভূমি সংযোগী তাঁৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্হানান্তৰ কৰা ৷
যেতিয়া ধাতুৰ শৰীৰ থকা সঁজুলি প্ৰবাহ নিঃসাৰিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰকাৰীয়ে বৈদ্যুতিক আগাত পোৱাৰ সম্বাৱনা থাকে৷ যদি সঁজুলিবিধৰ কিবা প্ৰকাৰে ভূমি সংযোগী তাঁৰৰ দ্বাৰা ভূমিৰ সংস্পৰ্শত থাকে, এই আঘাত প্ৰতিৰোধ কৰিব পৰা যায় ৷<eot>ডিজিটেল ডেস্কঃ নতুন দিল্লীত অহা ১৩ মে'ৰ পৰা১৫ মে'লৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে অসম টাং চু ডু সন্থাৰ পৰা ৪৭ জন খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰিবৰ বাবে বুধবাৰে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে । দলটোৰ লগত গৈছে ১০ জন ৰেফাৰীও। উক্ত প্ৰতিযোগিতাৰ পৰাই দিল্লীত হ'বলগা আগন্তুক আন্তৰ্জাতিক টাং চু ডু প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব ।
কোভিডৰ পাছত ৰাষ্ট্ৰীয় খেলত ভাগ ল'বলৈ পায় অসমৰ খেলুৱৈসকল উৎসাহিত হৈ পৰিছে । উক্ত প্ৰতিযোগিতাত অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ, দিপাংকৰ চেতিয়া, হাৰুণ আলীৰ লগতে অন্যান্য প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰিব ।
অসমৰ খেলুৱৈসকলে যাতে ভাল ফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ কাৰণে অসম টাং চু ডু সন্থাৰ সভাপতি আৰু উপ-সভাপতিযে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।<eot>আজি ৩০ অক্টোবৰ। অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি এটা দশক সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি আশীজনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰত শোকৰ উদ্ৰেক সৃষ্টি কৰে।
উল্লেখযোগ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল এলানি ধাৰাবাহিক বিস্ফোৰণ।
পৰিতাপৰ কথা, ধাৰাবাহিক বিস্ফোৰণেৰে নিৰীহৰ তেজৰ ফাঁকু খেলা হত্যাকাৰী অভিযুক্তই এতিয়াও শাস্তি পোৱা নাই। ভুক্তভোগী পৰিয়ালে ন্যায়ৰ আশাত বন্দী হৈ ক্ৰমে আশাহত হৈ পৰিছে।
২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিত সংঘটিত বিস্ফোৰণৰ দৃশ্য। ফটো : ইন্টাৰনেটৰ সৌজন্যত
প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা এই নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে।
আনহাতে, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আহতসকলৰ আশু-আৰোগ্য কামনাৰে আৰু অসমৰ মাটিৰ পৰা ‘সন্ত্ৰাসবাদ নিপাত যাওক’ ধ্বনিৰে আজি সন্ধিয়া সমগ্ৰ অসমত প্ৰতিখন জিলা, মহকুমা সদৰত ৰাইজৰ সহযোগত আছুৱে বন্তি প্ৰজ্বলন কৰিব।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছুৱে ৰাইজৰ সহযোগত দৃঢ়তাৰে যুঁজ অব্যাহত ৰখাৰ লগতে সন্ত্ৰাসবাদক অসমৰ পৰা উৎখাত কৰিবই লাগিব বুলি উল্লেখ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয় যে ৩০ অক্টোবৰৰ বৰ্বৰ ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে আজিলৈকে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আহতসকলৰ সুচিকিৎসা কৰা নহ’ল আৰু পৰিয়ালসমূহক সংস্থাপনৰ ব্যৱস্থা কৰা নহ’ল।
আছুৰ নেতা দুগৰাকীয়ে উক্ত ঘটনাৰ বাবে চৰকাৰে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব বুলিও দৃঢ় মত পোষণ কৰে।
Recent News
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনতাক সুৰক্ষা দিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ
W7s news ষ্টাফৰিপোৰ্টাৰ: 'অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনতাক সুৰক্ষা দিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমে। বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় ' বিগত ৬ বছৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যই ভয়ানক ভাৱে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আহিছে। অসম চৰকাৰে যদি দুৰ্বল আৰু আত্মসমৰ্পণৰ নীতি গ্ৰহণ কৰি থাকে তেনেহলে চুবুৰীয়া ৰাজ্য মেঘালয়ে আৰু কিছু দিনৰ পাছতে দিছপুৰলৈকে দখল কৰিব। কিয়নো দিছপুৰ সমষ্টিৰ অসম মেঘালয় সীমান্তবৰ্তী বহু অঞ্চল নগাই দখল কৰিছে। অসম-অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলসমূহতো ব্যাপক বে-দখল হৈছে। লখিমপুৰ ধেমাজি জিলাৰ অন্তৰ্গত ৫খন বঞ্চালৰ ৪৮৫০ বিঘা মাটি অৰুণাচলে দখল কৰিছে। লখিমপুৰ জিলাৰ বনবিভাগৰ প্রতিবেদনত উল্লেখ কৰা অনুযায়ী দুলুং সংৰক্ষিত বনাঞ্চলৰ মুঠ ৯৯০০ বিঘা মাটিৰ ভিতৰত ৮০০-৮৫০ বিঘা, কাকৈ সংৰক্ষিত বনাঞ্চলৰ মুঠ ৪৪১৫.০৩ বিঘাৰ ভিতৰত ৪০০ বিঘা, কদম সংৰক্ষিত বনাঞ্চলৰ নামত ৩৬২৫.৯১ বিঘা আছিল ,পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৬২৫.৮৭ বিঘাৰ ভিতৰত ২৫৫০ বিঘা বে-দখলৰ কবলত। সেইদৰে ৰঙা সংৰক্ষিত বনাঞ্চলৰো ৮৫২৯.৭১ বিঘাৰ ভিতৰত ১০০০বিঘা বে-দখলৰ কবলত। সেয়ে আমি অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ অসম চৰকাৰ তথা শক্তিশালী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনালোঁ। লগতে দুৰ্বল নীতি আৰু এক ইঞ্চি মাটিও নিদিওঁ বুলি কোৱা নীতি পৰিহাৰ কৰি প্ৰকৃতাৰ্থত চুবুৰীয়া ৰাজ্য সমূহৰ পৰা অসমৰ মাটি উদ্ধাৰ কৰিবলৈ আমি দাবী জনালোঁ।'
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at August 11, 2021
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
মন্তব্য
Archive
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>দেশৰ সৰ্বত্ৰে জম্মু কাশ্মীৰৰ ঘটনাক একমুখে গৰিহনা দিয়াৰ লগতে বলীউডৰ চেলীব্ৰেটীসকলেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ৷ বলীউডৰ চিৰসেউজ অভীনেত্ৰী প্ৰয়াত শ্ৰীদেৱী আৰু বনীকাপুৰৰ জীয়ৰী জাহ্নৱী কাপুৰে জম্মু কাশ্মৰীৰ পুলৱামাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত নিজৰ মনৰ ব্যক্তব্য এখন পত্ৰৰ যোগেদি প্ৰকাশ কৰে। ইফালে বলীউডৰ অন্যান্য অভিনেতা অভিনেত্ৰীসকলৰ ভিতৰত আছে শ্বাহৰুখ খান,অক্ষয় কুমাৰ,কংগনা ৰাণাউট,বৰুণ ধাৱনৰ দৰে বহু চেলীব্ৰেটীয়ে এই কাৰ্যক ছ’চিয়েল মিডিয়াৰ জৰিয়তে গৰিহনা দিছে ৷
ইফালে অভিনেত্ৰী জাহ্নৱী কাপুৰে পত্ৰখনত উল্লেখ কৰে যে, মই বহুত দুঃখিত যে,আমাৰ লোকসকলে নিজৰ কাৰণে যুদ্ধ কৰাৰ কোনো সুবিধা নাপায়। লগতে অভানেত্ৰী গৰাকীয়ে পুলৱামাত নিজৰ জীৱন দান দিয়া বীৰ জোৱানসকলৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰে ৷ উল্লেখ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহম্মদে পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণৰ দায়িত্ব লয় ৷ এই আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হ’ল চিআৰপিএফৰ ৪০ জন বীৰ জোৱান ৷ সম্প্ৰতি ৪০ জনতকৈ অধিক বীৰ জোৱান শ্বহীদ হোৱাৰ পিছত সমগ্ৰ দেশ জোঁকাৰি যোৱাই নহয় সমগ্ৰ দেশক একত্ৰিতও কৰিলে।
এক তথ্য অনুসৰি বলীউডৰ বিগ বি অমিতাভ বচ্চনে শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ প্ৰদান কৰিব ৷ সম্প্ৰতি বিগ বিয়ে এই সমগ্ৰ ঘটনাক প্ৰত্যক্ষ কৰি আছে যে,কেনেকৈ শ্বহীদৰ পৰিয়ালক কেনেকৈ সাহাৰ্য প্ৰদান কৰিব ৷
বলীউডৰ আন এজন নতুন প্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনেও পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। বৰুন ধাৱন সম্প্ৰতি আহিবলগীয়া ছবি "ষ্ট্ৰীট ডান্সাৰ ৩ ডী" দৃশ্যগ্ৰহণ কৰি আছে ৷ ৪০ জন বীৰ জোৱান শ্বহীদ হোৱা তথা বহুকেইজন আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বৰুন ধাৱানে লিখে যে "জয় হিন্দ" মই কেতিয়াওঁ হিংসাৰ ওপৰত কেতিয়াো বিশ্বাস নকৰোঁ ৷ কিন্তু আমাৰ সৈনিক সকলক আক্ৰমণ কৰিবৰ কাৰণে শত্ৰুৰ ৰূপত ভীৰুসকল আছে ৷সন্ত্ৰাসবাদ সম্প্ৰতি এটা ব্যৱসায়লৈ পৰিণত হৈছে ৷কিন্তু আমাৰ সৈনিকসকল উচ্চ পৰ্যায়ৰ ৷তেওঁলোকে মানুহৰ মাজত ঘৃণা বিয়পোৱা যিকোনো কাম নকৰে ৷
https://www.instagram.com/p/Bt6f0_8ne4O/
বৰুন ধাৱান,শ্ৰদ্ধা কাপুৰ,ৰেম’ ডিচুজাৰ লগত "ষ্ট্ৰিট ডান্স"ৰ কলাকুশলী সকলে লণ্ডনত ছবি খনৰ দৃশ্যগ্ৰহণ থলীত এক মিনিট সময় মৌন ব্ৰত পালন কৰে ৷লগতে শ্বহীদ হোৱা বীৰ জোৱানসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
https://www.instagram.com/p/Bt7hWBVDfgI/
আনহাতে, দেশৰ লগতে সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই কংগনা ৰানাউটে মণিকৰ্ণিকাৰ সাফল্যৰ কাৰণে দিয়া পাৰ্টিক বাতিল কৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰে ৷যেতিয়া সকলো দেশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুজঁ দিব,তেতিয়া সন্ত্ৰাসবাদী নিঃশেষ হৈ যাব ৷জোৱানসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশ্বাস প্ৰদান কৰে যে, অপৰাধ সংঘটিত কৰা দুস্কৃতিকাৰীসকলক নিঃশেষ কৰাৰ কাৰণে উচিত ব্যৱস্থা লোৱা হ’ব৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things worth reading/ Or do things worth writing - Benjamin Franklin
Friday, March 9, 2018
মোবাইল ফোন আৰু মগজুৰ টিউমাৰ - Sadin 9-March-2018
মোবাইল ফোন আৰু মগজুৰ টিউমাৰ