text
stringlengths 0
188k
|
---|
উত্তৰঃ বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্হাৰ নাম হ’লঃ- |
ফিইজ তাঁৰ আৰু ভূমি সংযোগী তাঁৰ ৷ |
2. এটা বৈদ্যুতি ওভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ(220V)ৰ লগত সংযোগ কৰা হৈছে ৷ কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা ৷ |
উত্তৰঃ আমি জানো যে, |
p = VI |
` ওপৰৰ গণনাটোৱে সূচায় যে 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ পৰা অ’ভেনটোৰ দ্বাৰা টনা প্ৰবাহ হ’ল 9.09A ৷ গতিকে, বৰ্তনীটোত অত্যধিক বোজা হৈছে ৷ ইয়াৰ ফলত অগ্নিৰ সূত্ৰপাত হ’ব পাৰে ৷ এনে ক্ষেত্ৰত ফিউজ তাঁৰ গলি বৰ্তনীটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব ৷ |
3. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ? |
উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ অৱলম্বন কৰা সাৱধানতাসমূহ হ’লঃ |
(i) একেটা খাজ(Socket)ত বাহুবোৰ সঁজুলি সংযোগ কৰিব নালাগে ৷ |
(ii) বৰ্তনী বিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে ৷ |
(iii) উত্তম মান বিশিষ্ট তাঁৰ ব্যৱহাৰ কৰিব লাগে ৷ |
(iv) সঁজুলিসমূহত কিবা ক্ৰুটি আছেনে নাই পৰীক্ষা কৰিব লাগে ৷ |
(v) উপযুক্ত ক্ষমতাৰ ফিউজ তাৰেৰে বৰ্তনীত এটা ফিউজ সংযোগ কৰিব লাগে ৷ |
অনুশীলণী(পৃষ্ঠা নং 240-241) |
1. তলৰ কোনটোৱে এডাল পপোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ? |
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত ৷ |
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত ৷ |
(c) ) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী(redial)ৰেখাৰে গঠিত ৷ |
(d) ) ক্ষেত্ৰখন তাঁৰডালত থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত ৷ |
উত্তৰ : d) ) ক্ষেত্ৰখন তাঁৰডালত থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত ৷ |
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে |
(a) বস্ত আহিতকৰণৰ প্ৰক্ৰিয়া |
(b) কুণ্ডলীত চালিত প্ৰবাহে চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া ৷ |
(c) চু্ম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া |
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া ৷ |
উত্তৰ : (c) চু্ম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া |
3. বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক |
(a) জেনেৰেটৰ বোলা হয় |
(b) গেলভন’মিটাৰ বোলা হয় |
(c) এমিটাৰ বোলা হয় |
(d) মটৰ বোলা হয় |
উত্তৰ : (a) জেনেৰেটৰ বোলা হয় |
4. পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে |
(a) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত স্হায়ী চুম্বক থাকে ৷ |
(b) প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে |
(c) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে ৷ |
d) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে ৷ |
উত্তৰ : d) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে ৷ |
5. হ্ৰস্ববৰ্তনী(Short circuit)হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ— |
(a) বুজন পৰিমাণে কমি যায় |
(b) সলনি নহয় |
(c) অত্যধিক পৰিমাণে বৃদ্ধি পায় |
(d) অবিৰত ভাৱে সলনি হয় |
উত্তৰ : (c) অত্যধিক পৰিমাণে বৃদ্ধি পায় |
6. তলৰ উক্তিসমূহ শুদ্ধ নে ভূল কোৱা— |
(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তি্লৈ ৰূপান্তৰ কৰে ৷ |
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে ৷ |
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযু্ক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব |
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে ৷ |
উত্তৰ : অশুদ্ধ |
7. চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা ৷ |
উত্তৰ: চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ’ল : |
(i)স্হায়ী দণ্ড চুম্বকৰ ব্যৱহাৰ পদ্ধতি |
(ii)প্ৰবাহযুক্ত পৰিবাহীৰ ব্যৱহাৰ পদ্ধতি |
8. ছ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত ছ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা৷ |
উত্তৰঃ ছ’লেনইড হ’ল চুঙা এটা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাক থকা কুণ্ডলী ৷ যেতিয়া এটা ছ’লেনইডৰ মাজেদি প্ৰবাহ পৰিবাহীত হয় ইয়াত থকা জটিল বৃত্তাকাৰ পাকবোৰৰ বাবে ই চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে ৷ ছ’লেনইডৰ অন্তৰ্ভাগত চুম্বকক্ষেত্ৰৰ দ্বাৰা সৃষ্টি হোৱা বলৰেখাবোৰৰ সমান্তৰাল সৰলৰেখা হোৱা বাবে ই এডাল দণ্ড চুম্বকৰে দৰে কাম কৰে ৷ |
প্ৰবাহযুক্ত ছ’লেনইডৰ এটা মূৰৰ ওচৰলৈ দণ্ড চুম্বকৰ উত্তৰ মেদৰু(N)টো আনি প্ৰবাহযুক্ত ছ’লেনইড এটাৰউত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পৰা যায় ৷ যদি চুম্বকডালে কিবা আকৰ্ষণ অনুভৱ কৰে তেতিয়া হ’লে ছ’লেনইডৰ সেই মূৰটো দক্ষিণ মেৰু(S)ৰ সৈতে একে হয়(কাৰণ বেলেগ বেলেগ মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে)আৰু যদি তাত বিকৰ্ষণ অনুয়ভৱ হয় তেন্তে সেই মূৰটোক উত্তৰ মেৰুৰ দৰেগণ্য কৰা হয়(যিহেতু একেধৰণৰ মেৰুৱে পৰস্পৰক বিকৰ্ষিত কৰে)৷ |
9. চৌম্বক ক্ষেত্ৰত স্হাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বোচ্চ হয় ? |
উত্তৰঃ চৌম্বক ক্ষেত্ৰত স্হাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল তেতিয়া সৰ্ব্বোচ্চ হয় যেতিয়া প্ৰবাহৰদিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ সৈতে লম্ব হয় ৷ ইয়াৰ কাৰণ হ’ল পৰিবাহীডালত প্ৰয়োগ হোৱা বলে প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে ৷ |
10. ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা ৷ ইলেক্ট্ৰনৰ কিৰণ এটা পিছপালৰ বেৰৰ পৰা সন্মুকৰ বেৰলৈ অনুভূমিক ভাৱে আহিছে ৷ এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব ? |
উত্তৰঃ এই পৰিস্হিতিত, ফ্লেমিঙৰ বাওহতীয়া নীতটো বিবেচনা কৰা হয় ৷ যিহেতু ইলেক্ট্ৰ’নৰ বলক সোঁফাললৈ সূচাইছে সেয়ে প্ৰবাহৰ দিশ ইিলেক্ট্ৰ’নৰ প্ৰবাহৰ বিপৰীতদিশ হ’ব ৷ গতিকে চৌম্বক ক্ষেত্ৰৰ দিশ উলম্বভাৱে নিম্নমুখী হ’ব ৷ |
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা ৷ ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ? |
উত্তৰঃ বৈদ্যুতিক মটৰ হৈছেবৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা এটা আবৰ্ত সঁজুলি ৷ইয়াক বহুতো বৈদ্যুতিক যন্ত্ৰ আৰু সঁজুলিত মুখ্য উপাদান হিচাপে বাৱহাৰ কৰা হয় ৷ |
মূলনীতিঃ বৈদ্যুতিক মটৰ এটা প্ৰতিষ্ঠিত হোৱা মূলনীতিটো হৈছে-যেতিয়া বিদ্যুৎ প্ৰবাহী পৰিবাহী এডালক চৌম্বক ক্ষেত্ৰত স্হাপন কৰা হয় ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় যাৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়য়ত উলিয়াব পাৰি ৷ |
গঠনঃ |
(i) অন্তৰিত তামৰ তাঁৰেৰে তৈয়াৰী আৱৰ্ত আয়তাকাৰ কুণ্ডলী ABCD ৰে বৈদ্যুতিক মটৰএটা গঠিত হয় ৷ ইয়াৰ মূৰকেইটা এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Q সৈতে সংযোগ কৰি ৰখা হয় ৷ |
(ii) ফলা আঙঠিটোত ভিতৰভাগত অন্তৰিত কৰি ৰখা দুটা অৰ্ধাংশ তাকে, যি দুটাক অক্ষদণ্ড দণ্ডা এডালৰ লগত সংলগ্ন কৰা হয় ৷ |
(iii) X আৰু Y দুটা স্হিতিশীল কাৰ্বন ব্ৰাছ অক্ষদণ্ডডালৰ সৈতে সংলগ্ন হৈ থাকে আৰু প্ৰবাহৰ গতি ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত নিয়ন্ত্ৰণ কৰে ৷ |
(iv) চৌম্বক ক্ষেত্ৰৰ দুটা মেৰুৰ মাজত(উত্তৰ আৰু দক্ষিণ)কুণ্ডলীটো এনেদৰে ৰখা হয় য়াতে ইয়াৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয় ৷ |
কাৰ্যপ্ৰণালীঃ |
পদক্ষেপ-I :ধৰি লোৱা, বেটেৰীৰ পৰা X পৰিবাহী ব্ৰাছেৰে ABCD কুণ্ডলীত প্ৰবাহ সোমায় আৰু Y পৰিবাহী ব্ৰাছেৰে পুনৰ বেটেৰীলৈ উভতি যায় ৷ |
পদক্ষেপ-II : AB আৰু CD বাহুকেইটা চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হ’ব ৷ |
পদক্ষেপ-III : ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো প্ৰয়োগৰ দ্বাৰা আমি পাওঁ যে AB বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে তাক ওপৰলৈঠেলিব ৷ গতিকে কুণ্ডলী আৰু অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব ৷ |
পদক্ষেপ-IV: আধা পাক ঘূৰাৰ পিছত ফলা আঙঠিৰ অৰ্ধাংশ P আৰু Q য়ে Y আৰু X ব্ৰাছক স্পৰ্শ কৰিব আৰু তাৰ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীতমুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷ |
পদক্ষেপ-V: প্ৰবাহ বিপৰীতমুখী হোৱাৰ কাৰণে AB আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হ’ব, অৰ্থাৎ CD বাহুক বলে তললৈ ঠেলিব আৰু AB বাহুক ওপৰলৈ ঠেলিব ৷ |
পদক্ষেপ-VI : কুণ্ডলী আৰু অক্ষদণ্ডডালে আৰু আধা পাক একে দিশত ঘূৰিব ৷ প্ৰতি আধা পাক ঘৰ্ণনত এই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি হৈ থাকিব আৰু এইদৰে কুণ্ডলী আৰু অক্ষদণ্ডডাল একে দিশত অবিতৰভাৱে ঘূৰি থাকিব ৷ |
ফলা আঙঠিৰ কামঃ বৈদ্যুতিক মটৰত ফলা আঙঠি্য়ে এটা দিক্ পৰিৱৰ্তক হিচাপে কাম কৰে, যিয়ে বৈদ্যুতিক ৰ্তনী এটাৰ মাধ্যমেৰে প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷ |
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধ মান সঁজুলিৰ নাম লিখা ৷ |
উত্তৰঃ বৈদ্যুতিক মটৰত বাৱহৃত হোৱা কেইবিধমান সঁজুলি হ’ল-বৈদ্যুতিক পাংখা, প্ৰশীতক, বাতানুকুলন যন্ত্ৰ, জুইচাৰ, মিক্সাৰ গ্ৰাইণ্ডাৰ, কম্পিউটাৰ, কাপোৰ ধোৱা মেচিন আদি ৷ |
13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী গেলভেন’মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে ৷ যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে (ii) কুণ্ডলী ভিতৰৰ পৰা আতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগত স্হিতিহিত অৱস্হাত ৰাখিলে কি হ’ব ? |
উত্তৰঃ |
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলেঃ যেতিয়া এডাল দণ্ড চুম্বক কুণ্ডলীটোৰ ভিতৰলৈ ঠেলি দিয়া হয়, বৈদ্যুতিক প্ৰবাহ উৎপন্ন হয় যিটোক গেলভেন’মিটাৰৰ কাঁটাডালৰ এটা দিশ(উত্তৰফালে)ত হোৱা ক্ষণস্হায়ী বিক্ষেপণৰ দ্বাৰা সূচোৱা হয় ৷ |
(ii) কুণ্ডলীটোৰ ভিতৰৰ পৰা দণ্ড চুম্বক আঁতৰাই আনিলেঃ যেতিয়া কুণ্ডলীটোৰ ভিতৰৰ পৰা দণ্ড চুম্বক আঁতৰাই অনা হয় তেতিয়া চুম্কে ঠেলা দিশৰ বিপৰীত দিশ(দক্ষিণ)ত কাঁটাডালৰ এক ক্ষণস্হহায়ী বিক্ষেপণ হয় ৷ গতিকে, বিপৰীত দিশ(দক্ষিণ দিশ)তো প্ৰাহ উৎপন্ন হয় ৷ |
(iii) কুণ্ডলীৰ অন্তৰ্ভাগত দণ্ড চুম্বক এডাল স্হিতিশীল অৱস্হাত ৰাখিলেঃ যেতিয়া কুণ্ডলীটোৰ ভিতৰত দণ্ড চুম্বক এডাল স্হিতিশীল অৱস্হহাত ৰখা হয়, কোনো প্ৰবাহ উৎপন্ন নহয় ৷ ফলস্বৰুপে কাঁটাডা্লৰ কোনো বিক্ষেপণ নঘটে ৷ |
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে ৷ A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’বনে ? কাৰণ দৰ্শোৱা ৷ |
উত্তৰঃ যদি কুণ্ডলী Aৰ প্ৰবাহ পৰিৱৰ্তন হয়, তেন্তে কুণ্ডলীত Bত আৱিষ্ট হয় ৷ |
ইয়াৰ কাৰণ হ’ল, যেতিয়া দুটা ববৃত্তাকাৰ কুণ্ডলী A আৰু B ক পৰস্পৰ ওচৰা ওচৰিকৈ স্হাপন কৰা হয় তেতিয়া কুণ্ডলী A ত হোৱা প্ৰবাহৰ যিকোনো পৰিৱৰ্তনৰ পৰিমাণস্বৰুপে ইয়াৰ চাৰিওফালেৰ থকা চৌম্বক ক্ষেত্ৰখনক প্ৰভাৱিত কৰে ৷ যিহেতু কুণ্ডলী B ক কুণ্ডলী A ৰ ওচৰত স্হাপন কৰে হৈছে কুণ্ডলী B ৰ চৌম্বক ক্ষেত্ৰখনো প্ৰভাৱিত হয় ৷ গতিকে কুণ্ডলী B তো প্ৰবাহ আৱিষ্ট হ’ব ৷ |
15. (i) প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্হাপন কৰা প্ৰবাহযুক্ত পোনপৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্ৰ এখনত ঘূৰাওতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা ৷ |
উত্তৰঃ (i) মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলি নীতিৰ দ্বাৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা হয় ৷ |
(ii) ফ্লেমিঙৰ বাৌঁহতীয়া নীতিৰে চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে স্হাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বলৰ দিশ নিৰ্ণয় কৰা হয় ৷ |
(iii) ফ্লেমিঙৰ সোঁহতীয়া নীতিৰে চৌম্বক ক্ষেত্ৰ এখনত কুণ্ডলী এটা ঘূৰাওঁতে কুণ্ডলীত আবৃষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰা হয় ৷ |
16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালীৰ বৰ্ণনা কৰা ৷ ইয়াত ব্ৰাচ দুডালৰ কাম কি ? |
উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰুপান্তৰ কৰা এটা সঁজুলি ৷ |
মূলনীতিঃ বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুতিক চুম্বকীয় আৱেশ নীতিৰ আধাৰত নিৰ্মিত, যাৰ অৰ্থ হৈছে যেতিয়া চৌম্বক ক্ষেত্ৰৰ মাজেদি এটা পৰিবাহী কুণ্ডলী পৰিবাহী ঘূৰে তেতিয়া কুণ্ডলীটোত বিদ্যুৎ প্ৰবাহ আৱিষ্ট হয় ৷ এই আৱিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ দ্বাৰা প্ৰদত্ত ৷ |
গঠনঃ |
(i) ই এটা আয়তাকাৰ আৱৰ্ত কুণ্ডলী ABCD ৰে গঠিত যাৰ মূৰকেইটা দুটা আঙঠি R1 আৰু R2 ৰ সৈতে সংযোগ কৰা হয় ৷ |
(ii) আঙঠিকেইটাৰ ভিতৰভাগকেইটা অন্তৰিত কৰি ৰখা হয় আৰু ভিতৰেৰে অক্ষদণ্ড ডালৰসৈতে সংলগ্ন কৰা হয় ৷ |
(iii) ব্ৰাছ B1আৰু B2 ক আঙঠিৰ সৈতে সংলগ্ন কৰি ৰখাৰ লগতে বাহিৰফালৰ মূৰ দুটা গেলভেন’মিটাৰৰ লগত সংযোগ কৰা হয় ৷ |
(iv) কুণ্ডলীটি স্হায়ী চুম্বকৰ দুটা মেৰুৰ মাজত এনেদৰে স্হাপন কৰা হয় যাতে AB আৰু CD বাহুৱে সৰ্বাধিক আৱিষ্ট প্ৰবাহ অনুভৱ কৰিব পাৰে ৷ |
কাৰ্যপ্ৰণালীঃ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.