text
stringlengths 0
188k
|
---|
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>গৰৈমাৰী : পুনৰ এক জঘন্য ধর্ষণকাণ্ড। পুনৰ ধর্ষণৰ বলি হ’ল এগৰাকী নাবালিকা। ধর্ষণ কৰি ৰাজপথত পেলাই গ’ল ১৫ বছৰীয়া নাবালিকাক। স্থানীয় ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নাবালিকা গৰাকী গণ ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ। |
অপৰাধীৰ বিৰোধী অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই |
ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। বিশেষকৈ মহিলা সকলৰ ওপৰত হোৱা অপৰাধৰ ঘটনা ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহভাৱে বৃদ্ধি পাইছে। আৰক্ষী গুলীকো যেন কেৰেপ নকৰা হৈছে অপৰাধীয়ে। |
পুনৰ এক জঘন্য অপৰাধ সংঘটিত হৈছে ৰাজ্যত। এগৰাকী ১৫ বছৰীয়া নাবালিকা বলি হৈছে ধর্ষণৰ। এই জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত। ধর্ষণৰ বলি হোৱা ১৫ বছৰীয়া নাবালিকা গৰাকীক ধর্ষণ কৰি ধৰ্ষণকাৰীয়ে পেলাই যায় পথৰ ওপৰত। |
শুকুৰবাৰে নিশাৰ ভাগত কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই যায় ১৫ বছৰীয়া নাবালিকা গৰাকীক। শনিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে ধৰ্ষণৰ বলি হোৱা নাবালিকা গৰাকীৰ পথৰ ওপৰত পৰি থকা প্ৰত্যক্ষ কৰে। ৰাইজে নাবালিকা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। |
গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত নাবালিকা গৰাকীক ভৰ্তি কৰোৱা হয় যদিও গোপনস্থানেৰে প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসকে নাবালিকা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নাবালিকা গৰাকী গণধর্ষণ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 13 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 22 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ |
Read More... |
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 14 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পুৰণি ভৱনৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। |
উদ্ধাৰ হোৱা মৃতদেহটো ২১ বছৰীয়া আয়েচা খাতুনৰ বুলি জানিব পৰা গৈছে। |
মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল হাস্পাতালত ৷ |
নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী ৷ |
মহিলাগৰাকীক তেওঁৰ দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আয়েচাৰ মাতৃয়ে। দ্বিতীয় স্বামী হাদি আলিৰ সৈতে আয়েচাৰ কাজিয়া লগাৰ সময়ত মাক উপস্থিত আছিল। |
অভিযোগ অনুসৰি পূৰ্বৰ স্বামীৰ লগত এতিয়াও সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহ কৰি আয়েচাৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হয় বৰ্তমানৰ স্বামী হাদি আলিয়ে। |
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু কেইবাজনো লোকক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিষয়টো এতিয়া আৰক্ষীৰ তদন্তত৷ |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সময়বোৰ পূৰৱীৰ বাবে প্ৰায়েই অসহ্যকৰ হৈ উঠে৷ পৰাণ অফিচলৈ ওলাই যোৱাৰ পাছত অকলশৰীয়া ঘৰখনৰ নিৰ্জনতাই তাইক যেন গিলিহে পেলাব৷ কামনো কেইটা? আগৰে পৰাই তাইৰ পুৱা সোনকালে উঠাৰ অভ্যাস৷ কাম কাজবোৰো পুৱাৰ ভাগতেই শেষ হৈ যায়৷ তাৰ পাছত হয় টিভি চোৱা, নহয় বিছনাত বাগৰি থকাই তাইৰ কাম৷ লাহে লাহে তাইৰ বাবে এইবোৰ বিৰক্তিকৰ হৈ উঠিল৷ সেয়ে তাই ঘৰৰ একেবাৰে ওচৰতে থকা ভেঞ্চাৰ স্কুলখনতেই সময়বোৰ পাৰ কৰিবৰ বাবেই যোগদান কৰিলে৷ |
লাহে লাহে পূৰৱী স্কুলৰ সকলোৰে মাজত প্ৰিয় হৈ পৰিল৷ সময়বোৰেও যেন নতুন মোৰ পালে৷ মনৰ পৰা একাকিত্বৰ বেদনা অলপ হলেও আঁতৰিল৷ বহুজনৰ সৈতে বন্ধুত্বও গঢ়ি উঠিল৷ এনে এগৰাকী আছিল পাহাৰী আৰু নিৰুৰ মাক৷ মানুহজনীৰ ৰাংঢালী স্বভাৱটোৱে পূৰৱীৰ লগতে বাকী শিক্ষকসকলকো মুহি ৰাখিছিল৷ ছোৱালী দুজনীও বৰ মৰম লগা আৰু বাধ্য৷ সিহঁত দুজনীৰ চাৰিবছৰীয়া ভনীয়েক এজনীও আছিল৷ বাপেকে পাহাৰীয়া জেগা এখনতে থাকি কোম্পানীৰ গাড়ী চলায়, মাহেকৰ মুৰত ঘৰলৈ আহে৷ |
এদিন এই মানুহজনীয়ে বৰ আমনজিমনকৈ পূৰৱীৰ আগত থিয় হৈ পূৰৱীৰ পৰা অলপ সহায় বিচাৰিলে৷ পিছে সেই বিশেষ সহায়টোৰ কথা শুনিহে পূৰৱী মানুহজনী একেবাৰে জিকাৰ খাই উঠিল৷ বিয়া হোৱা আঠবছৰ ধৰি এনে এটা ভাল খবৰৰ বাবে তাই ক’ত কি কৰিছে, কিন্তু তাইৰ সেই আশা কোনোদিনেই আৰু নফলিয়ায় বুলি ইতিমধ্যে পৰীক্ষাত ধৰা পৰিছে৷ ক’ত উজাগৰী নিশা চকুপানীৰে তাইৰ শেতেলী তিতিছে তাৰো সীমা নাই৷ তাইৰ প্ৰতি নিষ্ঠুৰ হোৱা বাবে ভগৱান নামৰ সত্ত্বাটোক যেন তাই কোনোদিনে ক্ষমা কৰিব নোৱাৰিব৷ অথচ এই মানুহজনীয়ে কিমান সহজকৈ আহিব ধৰা জীৱনটোক মাৰি পেলোৱাৰ বাবে তাইৰ সহায় বিচাৰিছে৷ উঠি অহা খংটো সামৰি মানুহজনীৰ পৰাই পূৰৱীয়ে সম্পূৰ্ণ কথাবোৰ জানিব বিচাৰিলে৷ |
কথাটো হ’ল যে ল’ৰা এটা বিচাৰি তিনিজনীকৈ ছোৱালী জন্ম দিয়াৰ পাছত আকৌ ভুলক্ৰমে এটি সন্তানে গৰ্ভত স্থিতি লোৱা বুলি জানি মানুহগৰাকী চিন্তিত হৈছে৷ তিনিজনী ছোৱালী ভৰণ পোষণ কৰিবলৈকে অসুবিধা, আকৌ নতুনকৈ এটা আহিব লাগিলে নাখাই মৰিব লাগিব৷ গতিকে এইটো পেটলৈ অহা বুলি গম পাই ঘৰতে গাঁৱলীয়া দৰৱ খাই গৰ্ভপাত কৰিবলৈ চেষ্টা কৰিও সফল হোৱা নাই৷ চাওঁতে চাওঁতে ছমাহেই হ’ল৷ এতিয়া উপায়বিহীন হৈ চিকিৎসালয়ত গৰ্ভপাত কৰিবলৈ পূৰৱীৰ ওচৰত অলপ পইচা ধাৰে বিচাৰিছে৷ |
প্ৰথমে কথাবোৰ শুনি মানুহজনীলৈ খং উঠিলেও অলপ পাছতে বেয়াও লাগিল৷ পূৰৱীয়ে প্ৰথমে মানুহজনীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাটো জৰুৰী ভাবি চিনাকি প্ৰসূতি বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গ’ল৷ তেখেতে চাই মেলি ক’লে যে এতিয়া গৰ্ভপাত কৰিলে মাকৰ জীৱনলৈকে সমস্যা আহিব পাৰে৷ ক্ষণিকতে উচুপি উঠা মানুহজনীলৈ পূৰৱীৰ কিয় জানো দুখো লাগিল৷ হঠাতে তাই মানুহজনীক এটা প্ৰস্তাৱ দিলে যে মানুহজনীৰ আহিব লগীয়া সন্তানটো তায়ে নিজৰ কৰি ল’ব৷ কথাটো শুনি মানুহজনীয়ে অলপ সকাহ পালে৷ |
পূৰৱীৰ বাবে এই ঘটনাটোৰ পিছৰ দিনবোৰ স্কুল আৰু আহিবলগীয়া সন্তানটিৰ যত্ন লোৱাৰ মাজেৰেই পাৰ হ’ল৷ ইতিমধ্যে সেই বিশেষ দিনটো আহি পালে৷ কিছুদিন আগতে হৈ যোৱা পৰীক্ষাত ধৰা পৰাৰ দৰেই মানুহজনীয়ে দুটি যমজ সন্তান জন্ম দিলে৷ পূৰৱী সেই সময়ত স্বামী পৰাণৰ সৈতে চিকিৎসালয়তে আছিল৷ যথাসময়ত পূৰৱীহঁতক সন্তানদ্বয়ৰ কাষলৈ লৈ যোৱা হ’ল৷ দুকাষে দুটি সন্তানসহ মাতৃগৰাকী শুই আছিল৷ নাৰ্চে পূৰৱীৰ কোলাত এটি দেৱশিশু তুলি দিলে৷ |
: “এইটো ল’ৰা, ইজনী ছোৱালী৷ ” |
নাৰ্চৰ কথাষাৰ শুনি মাতৃগৰাকীয়ে এটি অসহায় আৰু কৰুণ দৃষ্টি লৈ পূৰৱীৰ চকুলৈ চাই থকা কথাটো পূৰৱীয়ে মন কৰিলে৷ তাই আগুৱাই গৈ তাইৰ কোলাৰ কেচুঁৱাটো মাকৰ কাষত ৰাখি, আনটি দেৱশিশু বুকুৰ মাজলৈ তুলি ললে৷ ক্ষণিকতে যেন পূৰৱীৰ খালী হৈ থকা বুকুখন মমতাৰ মধুৰতাৰে ভৰি পৰিল৷ তাইক মাথো এটি সন্তান লাগে, সেয়া কন্যা নে পুত্ৰ, তাইৰ বাবে সেয়া ডাঙৰ কথা নহয়৷ এটি সন্তান বুকুত সাৱটি তাই মাথো ‘মা’ হ’ব বিচাৰে৷ |
পূৰৱীৰ চকুত আনন্দৰ অশ্ৰুকণা জিলিকি উঠিল৷ ইফালে পুত্ৰ সন্তানটিক কাষত পাই পাহাৰী আৰু নিৰুৰ মাকৰ চকুতো প্ৰস্ফুটিত হ’ল নিৰাপত্তাৰ জিলিঙনি৷ দুগৰাকী সদ্যোজাত সন্তানৰ মাতৃৰ সেই বিশেষ আনন্দৰ ক্ষণটিত সমগ্ৰ চিকিৎসালয়খনেই যেন আকৌ এবাৰ প্ৰাণ পাই উজলি উঠিল৷ |
← চিকেন ৰাইচ বল – ৰূপালী ভৰালী বৰুৱা |
চিকেন পপাৰ্চ – মৌচুমী দাস → |
You May Also Like |
মোক ক্ষমা কৰা বছি সিং: প্ৰতিম প্ৰতাপ বৰুৱা |
January 14, 2013 0 |
বৰফৰ ঘৰ (উজ্জল ফুকন) |
December 14, 2014 0 |
পিঞ্জৰা (প্ৰাঞ্জল দাস) |
August 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.