text
stringlengths 0
188k
|
---|
উজবেকিস্তান |
O‘zbekiston Respublikasi |
উয্বেকিস্তন্ ৰেস্পুব্লিকাছি |
ৰাষ্ট্ৰীয় সঙ্গীত |
উজবেকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত |
ৰাজধানী |
(আৰু বৃহত্তম নগৰ) তাশখণ্ড |
41°16′N 69°13′E / 41.267°N 69.217°E / 41.267; 69.217 |
ৰাষ্ট্ৰভাষা (সমূহ) |
উজবেক ভাষা আৰুৰুচ ভাষা |
জাতীয়তাসূচক বিশেষণ |
উজবেকিস্তানী[1] |
চৰকাৰ |
গণতন্ত্ৰ |
- ৰাষ্ট্ৰপতি (ভাৰপ্ৰাপ্ত) নিগামাতিলা আলাদাচেভ |
- প্ৰধানমন্ত্ৰী ছেভকেত মিৰজিয়য়েভ |
স্বাধীনতা |
ছোভিয়েট ইউনিয়নৰ পৰা |
- গঠন ১৭৪৭1 |
- ঘোষণা ১ ছেপ্টেম্বৰ ১৯৯১ |
- স্বীকৃতি ৮ ডিচেম্বৰ ১৯৯১ |
- সম্পূৰ্ণ ২৫ ডিচেম্বৰ ১৯৯১ |
মাটিকালি |
- মুঠ ৪,৪৭,৪০০ বৰ্গ কিমি (৫৬তম) |
১,৭২,৭৪২ বৰ্গ মাইল |
- জলভাগ (%) ৪.৯ (২১,৯২৩ বৰ্গ কিমি) |
জনসংখ্যা |
- ২০১৫ আনুমানিক ৩,১০,২৫,৫০০ '"`UNIQ--ref-০০০০০০০১-QINU`"' '"`UNIQ--ref-০০০০০০০২-QINU`"' (৪১ তম) |
জিডিপি (পিপিপি) ২০০৫ আনুমানিক |
- মুঠ $৫০.৩৯৫ বিলিয়ন (৭৪তম) |
- জনমুৰি $২,২৮৩ (১৪৫ তম) |
জিনি সহগ? (২০০০) ২৬.৮ (নিম্ন) |
মানৱ উন্নয়ন সূচক (২০০৭) ০.৭০২ (মধ্যম) (১১৩তম) |
মুদ্ৰা |
উজবেকিস্তানী চম (Uzbekiston so'mi) (UZS) |
সময় অঞ্চল |
উজবেক সময় (UZT) (ইউটিচি+৫) |
ইণ্টাৰনেট টিএলডি |
.uz |
কলিং ক'ড |
+৯৯৮ |
1 বুখাৰিয়ান সাম্ৰাজ্য, কোনন্দ খানাতে আৰ খৱাৰেযম হিচাপে |
১৯২৪ চনৰ পৰা ১৯৯১ লৈ উজবেকিস্তান ছোভিয়েট ইউনিয়নৰ অধীন উজবেক ছোভিয়েট সমাজতান্ত্ৰীক প্ৰজাতন্ত্ৰ নামে জনাজাত আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। ১৯৯২ চনত সংবিধান সংশোধন কৰা হয় আৰু ইয়াক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰীক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছোভিয়েট আমলত প্ৰচলিত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিভিন্ন ৰূপ আজিও দেশখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিদ্যমান। যদিও সংবিধানত বহুদলীয় ব্যৱস্থাৰ আশ্বাস দিয়া আছে, দেশখনৰ ৰাষ্ট্ৰপতি ইছলম কাৰিমভে (উজবেক ভাষা: Islom Karimov) এক প্ৰকাৰৰ স্বৈৰশাসনৰ প্ৰৱৰ্তন কৰিছে। যাতে বিৰোধী সকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শিত কৰা নহয়। কাৰিমভ বজাৰ সংস্কাৰৰ ক্ষেত্ৰতো ধীৰে চলা নীতি গ্ৰহণ কৰিছে। ফলত এতিয়াও অৰ্থনীতিৰ অনেক ক্ষেত্ৰত চৰকাৰৰ শক্তিশালী নিয়ন্ত্ৰণ আছে। |
সূচী |
1 ইতিহাস |
1.1 জাৰশাসিত উজবেকিস্তান |
1.2 ছোভিয়েট উজবেকিস্তান |
1.3 স্বাধীনতা |
2 ৰাজনীতি |
3 ভূগোল |
4 পৰ্যটন |
5 তথ্য উৎস |
ইতিহাসসম্পাদনা কৰক |
জাৰশাসিত উজবেকিস্তানসম্পাদনা কৰক |
ৰুছ শাসন প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে উজবেকিস্তান বুখাৰা আমিৰাত, খিভা খানাত আৰু কোকান্দ খানাতৰ মাজত বিভক্ত আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে উজবেকিস্তান ৰুচ সাম্ৰাজ্যৰ অন্তৰ্গত হয়। সেইসময় বহিটো ৰুছ নাগৰিক এই অঞ্চলত বসতি স্থাপন কৰে। ১৯১২ চনৰ হিচাপ অনুযায়ী, জাৰশাসিত উজবেকিস্তানত বসবাসকাৰী ৰুছীয়ান সকলৰ সংখ্যা আছিল ২,১০,৩০৬ জন।[4] প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ৰুছ চৰকাৰে উজবেকিস্তানসহ মধ্য এছিয়াৰ পৰা সৈন্য সংগ্ৰহ কৰাৰ চেষ্টা চলোৱাত এই অঞ্চলব্যাপী বিদ্ৰোহে দেখা দিয়ে। ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলত ৰাছিয়াৰ জাৰতন্ত্ৰৰ পতন ঘটে আৰু ৰাছিয়াৰ গৃহযুদ্ধ আৰম্ভ হয়। এই অৱস্থাত ৰুছ চৰকাৰ উজবেকিস্তানৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়। |
ছোভিয়েট উজবেকিস্তানসম্পাদনা কৰক |
১৯২০ চনৰ মাজভাগত কেন্দ্ৰীয় এছিয়াত এশিয়ায় ৰুছৰ কৃতিত্ব পুনঃপ্ৰতিষ্ঠিত হয়। আৰু কিছু প্ৰতিৰোধৰ সত্ত্বেও উজবেকিস্তানসহ সমগ্ৰ মধ্য এছিয়া ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হয়। ১৯২৪ চনৰ ২৭ অক্টোবৰ তাৰিখে উজবেক ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰাত ১৪,৩৩,২৩০জন উজবেক সৈন্য ছোভিয়েট ৰেড আৰ্মীৰ পক্ষে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে। ২,৬৩,০০৫জন উজবেক সৈন্য যুদ্ধৰ কালছোৱাত নিহত হয় আৰু ৩২,৬৭০জন নিৰুদ্দেশ হয়।[5] |
স্বাধীনতাসম্পাদনা কৰক |
১৯৯১ চনৰ ৩১ আগষ্টত ছোভিয়েট ইউনিয়নৰ পতনকালত উজবেকিস্তানে স্বাধীনতা ঘোষণা কৰে। ১ ছেপ্টেম্বৰক উজবেকিস্তানৰ জাতীয় স্বাধীনতা দিৱস ঘোষণা কৰা হয়। |
ৰাজনীতিসম্পাদনা কৰক |
উজবেকিস্তান ৰাষ্ট্ৰপতিশাসিত গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক আইনসভা উভয়ৰ ওপৰত ন্যস্ত। উজবেকিস্তানত চৰকাৰী পদপ্ৰাপ্তি কোনো ৰাজনৈতিক দলৰ সদস্যপদ নহয়, বৰং বংশ আৰু কোন গোত্ৰৰ, তাৰ ওপৰত হে বহুলভাৱে নিৰ্ভৰশীল। |
ভূগোলসম্পাদনা কৰক |
উজবেকিস্তানৰ ভূ-সংস্থানিক মানচিত্ৰ |
উজবেকিস্তানৰ ৮০% অঞ্চল সমতল মৰুভূমি। দেশখনৰ পূবভাগত প্ৰায় ৪,৫০০ মিটাৰ সুউচ্চ পৰ্বতমালা আছে। উজবেকিস্তানৰ দক্ষিণ-পূব প্ৰান্ত তিয়ান শান পৰ্বতমালা পশ্চিম পাদদেশ লৈ গঠিত। উজবেকিস্তানৰ উত্তৰে নিম্নভূমি কিজিল কুম নামৰ এক বিশাল মৰুভূমি আছে। ই দক্ষিণে কাজাখাস্তান পৰ্যন্ত প্ৰসাৰিত হৈ আছে। ফেগাৰ্ণা উপত্যকা উজবেকিস্তানৰ আটাইতকৈ উৰ্বৰ অঞ্চল। ই কিজিল কুম মৰুভূমিৰ ঠিক পূবত অৱস্থিত আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে পৰ্বতমালাৰ দ্বাৰা বেষ্টিত। চিৰ দৰিয়া নদী এই অঞ্চলখনক কিজিল কুম মৰুভূমিৰ পৰা পৃথক কৰিছে। আমু দৰিয়া আন এক গুৰুত্বপূৰ্ণ নদী। |
উজবেকিস্তানত প্ৰায়েই ভূমিকম্প হয়। ১৯৬৬ চনৰ এক প্ৰবল ভূমিকম্পত ৰাজধানী তাশখণ্ডৰ বেছি ভাগ অংশ ধ্বংস হৈছিল। |
পৰ্যটনসম্পাদনা কৰক |
বুখাৰাৰ বিবি খানুম মছজিদ |
উজবেকিস্তান প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাক সংযুক্তকাৰী বিখ্যাত ৰেচম পথৰ ওপৰত অৱস্থিত। উজবেকিস্তানৰ যাদুঘৰ আৰু সংগ্ৰাহালয় সমূহত প্ৰায় ২০ লাখতকৈ বেছি প্ৰত্নতাত্বিক সম্পদ সংগ্ৰাহীত হৈ আছে। এইবোৰে মধ্য এছিয়াৰ প্ৰায় ৭০০০ বছৰ ধৰি বসবাসকাৰী বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু ইতিহাসৰ সাক্ষ্য বহন কৰিছে। অনেক পৰ্যটকে এই সমৃদ্ধ ইতিহাস সম্বন্ধে জনাৰ উদ্দেশ্যে উজবেকিস্তান ভ্ৰমণ কৰে। উজবেকিস্তানৰ পাহাৰ পৰ্বতৰ শৃংগ আৰু তুষাৰাবৃত পাহাৰ সমূহত স্কি আৰু দুঃসাহসিক ক্ৰীড়াৰ সুব্যৱস্থা আছে। উজবেকিস্তানৰ ২য় বৃহত্তম দহ চমৰকণ্ড ৰেচম পথৰ মধ্যস্থানত অৱস্থিত আৰু ই বিশ্বৰ প্ৰাচীনতম সহৰসমূহৰ ভিতৰত অন্যতম। আনুমানিক খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত এই চহৰ প্ৰতিষ্ঠিত হয়। ইয়াৰ অধিবাসীসকল মূলত তাজিক। ৩২৯ খ্ৰীষ্টপূৰ্বত মহান আলেকজেণ্ডাৰে ইয়াক জয় কৰে। চমৰকণ্ডৰ প্ৰধান আকৰ্ষণ ৰেগিস্তান নামৰ অঞ্চল। ইয়াৰ আশে পাশে কেইবাটাও প্ৰাচীন মাদ্ৰাছা আদি। তদুপৰি ইয়াত অনেক বিখ্যাত মছজিদ আৰু স্মৃতিস্তম্ভ আছে। |
তথ্য উৎসসম্পাদনা কৰক |
↑ CIA World Factbook, Uzbekistan |
↑ "Official population 1 January 2015" (Russian ভাষাত). Stat.uz. 16 March 2015. http://www.gazeta.uz/2015/03/16/statistics/. |
↑ "Error: no |title= specified when using {{Cite web}}" (Russian ভাষাত). Uzreport.com. 5 September 2013. http://news.uzreport.uz/news_4_r_108608.html। আহৰণ কৰা হৈছে: 6 September 2013. |
↑ Shlapentokh, Vladimir; Sendich, Munir; Payin, Emil (1994) The new Russian diaspora: Russian minorities in the former Soviet republics. p. 108. ISBN 1-56324-335-0. |
↑ Chahryar Adle, Madhavan K.. Palat, Anara Tabyshalieva (2005). "Towards the Contemporary Period: From the Mid-nineteenth to the End of the Twentieth Century". UNESCO. p.232. ISBN 9231039857<eot>আজি হঠাতে কিছু পুৰণি কথা মনত পৰিল, যি নিলিখিলে চাগে মনতোৱে শান্তি নেপাব৷ ’ভূত’ এই শব্দটোৰ প্ৰতি সকলোৰে কৌতুহল আছে, ক’ৰবাত এই শব্দটোৰ কথা ওলালেই বহুতে উৎসুক হৈ পৰে৷ অচিনাকি দুজনমানে এই বিষয়ত কথা পাতি থাকিলেও আমি বহুতেই কাণখন দাঙি দিওঁ৷ মুঠতে অনাদি কালৰেপৰা ভূতৰ ওপৰত সমগ্ৰ পৃথিৱীবাসীৰে অপৰিসীম কৌতুহল বিৰাজমান৷ |
পুৰণি এলবাম এটা মেলি চাওঁতে পুৰণি ফ’টো এখিনিত চকু পৰিল, এখন ফ’টো চাইয়ে মনতো অতীতৰ এটা পাহৰিব নোৱাৰা ঘটনালৈ উৰি গ’ল, যিটো ঘটনাই আমাৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছিল৷ এয়া আজিৰপৰা পোন্ধৰ বছৰৰ আগৰ কথা, সেই সময়ত এই লেখকৰ বয়স বেছি হোৱা নাছিল৷ সময়তো ডিচেম্বৰ মাহৰ কোনোবা এটা গধূলি, যেতিয়া উধাতু খাই আমাৰ ঘৰৰ লগুৱা বগাই বাৰাণ্ডাত হামখুৰি খাই পৰিছিল৷ তাৰ চকুৱে মুখে এক আতংক ফুটি উঠিছিল৷ |
ঘৰৰ মুৰব্বী আমাৰ ককাই চিঞৰি উঠিছিল, ’কি হ’ল তোৰ, ইমান উধাতু খাই ক’ৰপৰা আহিলি? ’ বগাই অলপ শান্ত হৈছিল, তাৰ চকুৰপৰা লোতক বাগৰি আহিছিল, তাৰ মুখৰপৰা তিনিতা শব্দ ওলাল, ’পোনা জীয়াই আছে! “ এই কথাষাৰে আমাৰ ঘৰত পলকতে এক ধুমুহাৰ সৃষ্টি কৰিলে৷ দদাইদেই গৰজি উঠিল, বগাইক এফালৰপৰা গালি দি যাবলৈ ধৰিলে৷ মুহূৰ্ততে আমাৰ ঘৰখনত আতংকই বিৰাজ কৰি উঠিল৷ |
এতিয়া আপোনালোকে হয়তো ভাবিছে, এই পোনা কোন? কিয় এই নামতোৱে নিমিষতে এখন ঘৰত ধুমুহাৰ সৃষ্টি কৰিলে! ! আচলতে পোনাৰ সম্পূৰ্ণ নাম আছিল, পূণ্যধৰ বৰুৱা৷ আমাৰ গাওঁখনৰ এক চৰ্চিত নাম আছিল পূণ্যধৰ, যাক সকলোৱে পোনা বুলি মাতিছিল৷ সৰুৰে পৰা পোনা আন সকলতকৈ ব্যতিক্ৰম স্বভাৱৰ আছিল, তেওঁৰ সাহসৰ কথা আমি আইতাৰ মুখৰপৰায়ে শুনিছিলো৷ অতি পাহোৱাল এই মানুহজনে জ্যোতিষ শাস্ত্ৰৰ অধ্যয়ন কৰিছিল৷ বহুতো গাঁৱলীয়া দৰৱ দি তেওঁ বহুতো বেমাৰ পলকতে নিৰাময় কৰি দিব পাৰিছিল৷ মুঠতে তেওঁ এজন অতি জনপ্ৰিয় মানুহ আছিল৷ |
আৰু এদিন এই মানুহজনকে গাওঁৰ আহতজোপাৰ ডালত ওলমি থকা অৱস্থাত পোৱা গ’ল৷ মুহূৰ্ততে আমাৰ অঞ্চলটোত হুৱাদুৱা লাগি গ’ল৷ পোনাৰ আত্মহননক কোনোৱে সহজভাৱে ল’ব পৰা নাছিল৷ সকলোৱে ইয়াক হত্যা বুলিয়ে ভাবিছল, পুলিচে তদন্ত আৰম্ভ কৰিছল, কিন্তু কিছুদিনৰ পিছতে তদন্তৰ ফাইল বন্ধ হৈ পৰিছিল৷ লাহে লাহে পোনাৰ মৃত্যুক সকলোৱে পাহৰিবলৈ ধৰিছিল, কিন্তু এদিন হঠাতে চুবুৰীৰে এজন যুৱক ৰমেন(নামতো সলাই দিয়া হৈছে) ক সেই আহতজোপাতে ওলমি থকা পোৱা গ’ল৷ এই ঘটনাই সকলোৰে মনত ভয়ৰ সৃষ্টি কৰিলে, বহুতে আহতজোপাত অশৰীৰীয়ে বাস কৰে বুলি ভাবিবলৈ ধৰিলে৷ তাৰ কিছুদিনৰ পিছতে আৰু এজন যুৱক, যি ঠিকাদৰ বুলি জনাজাত, তেওঁকো সেই আহতজোপাৰ গুৰিতে মৃত অৱস্থাত পোৱা গ’ল৷ এই ঘটনাবোৰে অঞ্চলটোৰ লোকসকলক এক আতংকৰ মাজলৈ লৈ গ’ল, গধূলিতে সকলোৱে দুৱাৰ বন্ধ কৰি থাকিবলৈ ল’লে৷ দিনতে আহতজোপাৰ ফালে কোনোৱে যাবলৈ সাহ কৰিব নোৱাৰা হ’ল৷ |
এই সময়খিনিতে এদিন হোৱা এখন ৰাজহুৱা সভাত অঞ্চলটোৰে দুজন যুৱকে পোনাক হত্যা কৰাৰ কথা স্বীকাৰ কৰি দিলে, যিয়ে অতি পৰিকল্পিতভাৱে পোনাক হত্যা কৰিছিল৷ তেওঁলোক দুয়োজনৰ মুখতে মৃত্যুৰ ভয়ে স্পষ্ট ৰূপত ধৰা দিছিল৷ পিছত দুয়োজনকে জেললৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু সকলোকে মনত এটা প্ৰশ্নই বাৰে বাৰে খেলাইছিল, এই হত্যাবোৰ কি পোনাৰ অশৰীৰীয়ে কৰিছে, ইয়ো জানো সম্ভৱ! ! বহুদিনলৈ অঞ্চলটোত আতংকই বিৰাজ কৰি আছিল আৰু হঠাতে লগুৱা বগাইৰ কথাই সকলোকে পুনৰ এক আতংকৰ মাজলৈ লৈ গৈছিল, যি মই দদাই দেউহঁতৰ মুখত স্পষ্ট ৰূপত ফুটি উঠা দেখিছিলো৷ |
এতিয়া সেই কাহিনীটো সকলোৱে পাহৰি পেলাইছে৷ বৰ্তমান সেই আঁহতজোপাও নাই৷ কিন্তু আজিও মনত দোলা দি যায়, সঁচায়ে বাৰু সেই হত্যাবোৰৰ আঁৰত পোনাৰ অশৰীৰী আছিল নেকি? ? এয়াও জানো সম্ভৱ! ! মুঠতে পুৰণি এই ফ’টোখনে গোটেই জীৱন মোক এই প্ৰশ্নটোৰে খেদি থাকিব৷ |
← স্বাধীনতা (ড৹ সমাদৃতা গোস্বামী ) |
সাঁচিপাতৰ পুথি ( সাক্ষৰ জ্যোতি মহন্ত ) → |
You May Also Like |
শংকৰদেৱৰ বিষয়ে এটা টোকা (বিশ্বজিৎ সূত্ৰধাৰ) |
November 15, 2013 1 |
কাতি বিহু বুলিলেই… (কবিতা দত্ত গোস্বামী) |
November 21, 2016 0 |
অনুভৱঃ অলপ প্ৰেম, অলপ ভালপোৱা’ ৰূপাঞ্জলি চেতিয়া৷ |
December 16, 2018 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.