text
stringlengths
0
188k
Hindi
Tamil
Marathi
Odia
Malayalam
Assamese
Kannada
Bengali
Urdu
Read the story in pictures
Share
Print this story
Beed , Maharashtra
See more from this region
অৱশেষত নিজে সংক্ৰমিত হোৱাৰ দিনলৈকে শ্বাহবাই ঘাৰাটে প্ৰায় এটা বছৰ ক’ৰনা ভাইৰাছৰ পিছত লাগি আছিল। স্বীকৃতিপ্ৰাপ্ত সামূহিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী) শ্বাহবাইয়ে মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নিজৰ গাওঁ চুলতানপুৰত ক’ভিড-১৯ বিচাৰি প্ৰতিঘৰ মানুহলৈ তালৈ গৈছিল। মে’ মাহৰ শেষ সপ্তাহত তেওঁৰ দুস্বপ্ন সত্য প্ৰমাণিত হয় আৰু পৰীক্ষা কৰোতে ক’ভিড সংক্ৰমিত হোৱা বুলি জানিব পাৰে।
মহামাৰীৰ সময়ত কৰি থকা এই কামৰ পৰা বিপদৰ আশংকা সম্পৰ্কে ৩৮ বছৰীয়া আশাকৰ্মী শ্বাহবাই সতৰ্ক আছিল যদিও ইয়াৰ দ্ৰুত প্ৰাদুৰ্ভাৱ সম্পৰ্কে তেওঁ ভাবিব পৰা নাছিল। তেওঁৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পিছত তেওঁৰ ৬৫ বছৰীয়া মাতৃও সংক্ৰমিত হয়। তাৰপিছত তেওঁৰ চাৰিজন ভতিজাৰ গাতো ক’ভিড ধৰা পৰে। মহামাৰীৰ বাবে গোটেই পৰিয়ালটোৰ জীৱন যন্ত্ৰণাময় হৈ পৰে।
আৰোগ্য হ’বলৈ শ্বাহবাইক কেবাসপ্তাহো লাগিছিল। তেওঁ কয়, “মোৰ ভতিজাকেইটাও আৰোগ্য লাভ কৰে, কিন্তু মোৰ মাক চিকিৎসালয়ত ভৰ্তি কৰিবলগা হয়। মোৰ মাৰ চিকিৎসাৰ নামত আঢ়ৈ লাখ টকা হয়। আমাৰ আঢ়ৈ একৰ খেতিমাটি বিক্ৰী কৰাৰ লগতে চিকিৎসালয়ত টকা দিবলৈ আ-অলংকাৰ পৰ্যন্ত বিক্ৰী কৰিবলগা হ’ল।”
আশাকৰ্মী হিচাপে তেওঁৰ কাম ইমান সহজ নাছিল, মহামাৰীয়ে তাক আৰু কঠিন কৰি পেলালে। শ্বাহবাই কয়, “মই বহুতো ভাবুকি আৰু তিৰস্কাৰ সহ্য কৰিবলগা হৈছিল। প্ৰথমাৱস্থাত বহুতেই ক’ভিডৰ লক্ষণসমূহৰ বিষয়ে নকয়। মোৰ গাঁৱত কাম কৰিবলৈ গৈ মই বিভিন্ন ধৰণৰ কটুকথা শুনিছো।”
মহাৰাষ্ট্ৰত ৭০ হাজাৰৰো অধিক আশাকৰ্মী আছে। ২০২০ৰ মাৰ্চত যেতিয়া প্ৰথমতে ক’ভিডৰ প্ৰাদুৰ্ভাৱ বাঢ়িবলৈ ধৰে, তেতিয়া তেওঁলোক হৈ পৰিছিল প্ৰথম শাৰীৰ প্ৰতিৰোধকাৰী। মানুহৰ ঘৰে ঘৰে যোৱাৰ উপৰি বিভিন্ন গাঁৱলৈ গৈ ভেকচিন ল’বলৈ দ্বিধাগ্ৰস্ত হোৱা লোকসকলক তেওঁলোকে বুজাবলগা হৈছিল।
PHOTO • Parth M.N.
চুলতানপুৰ গাঁৱত থকা নিজৰ ঘৰত চিলাই মেচিনৰ কাষত শ্বাহবাই ঘাৰাট । আশাকৰ্মীৰ দায়িত্বই যোৱা মে ’ মাহত পৰিয়ালটোক বিপদত পেলালে
আনুষ্ঠানিকভাৱে স্বেচ্ছাসেৱী বুলি কোৱা আশাকৰ্মীসকল হৈছে সামুহিক স্বাস্থ্যকৰ্মী, তেওঁলোকেই সমগ্ৰ দেশৰ হাজাৰ হাজাৰ গাঁৱত চৰকাৰৰ স্বাস্থ্য আঁচনি কাৰ্যকৰী কৰাত সহায় কৰে। গৰ্ভধাৰণ কালত মহিলাসকলক সহায় কৰা, চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিবলৈ উদগনি দিয়া, নৱজাতকসকলৰ টিকাকৰণ নিশ্চিত কৰা, পৰিয়াল পৰিকল্পনা জনপ্ৰিয়কৰণকৰণ, প্ৰাথমিক চিকিৎসা আগবঢ়োৱা আৰু তথ্য পঞ্জীয়ন কৰাকে ধৰি বিভিন্ন দায়িত্ব তেওঁলোকৰ মূল কৰণীয় কাম।
এই সকলো কাম তেওঁলোকে মাহে ৩৩০০ টকাৰ মাননি আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত লাভ কৰা মাননিৰ বিনিময়ত কৰিবলগা হয়। মাননিৰ লগতে শ্বাহবাইয়ে ৩০০-৩৫০ টকাৰ বানচ পায়। কঠোৰ পৰিশ্ৰম আৰু বহু ঘণ্টা সেৱা আগবঢ়োৱা স্বত্ত্বেও মহামাৰীৰ সময়ত আশাকৰ্মীসকলে সামান্য সাহায্য লাভ কৰিছিল। শ্বাহবাইয়ে কয়, “কষ্টৰ সময়ত অকলে কাম কৰিবলগা হৈছিল, আনকি সময়মতে দৰমহা পোৱা নাছিলো। যোৱা এপ্ৰিলত আমি শেষবাৰৰ বাবে মাননিৰ ধন পাইছিলো।”
সুৰক্ষাৰ নামত তেওঁলোকক কেৱল একোখন মাস্ক দিয়া হৈছিল, সেয়াও পৰ্যাপ্ত নাছিল। শ্বাহবাইয়ে কয়, ২০২০ৰ মাৰ্চৰ পৰা তেওঁ মাত্ৰ ২২ খন ডিচপ’জেবল মাস্ক আৰু পাঁচখন N95 মাস্ক পাইছিল। “ইমান বিপজ্জনক অৱস্থাত কাম কৰাৰ বিনিময়ত আমি ন্যায্যখিনি পাওঁ বুলি আপুনি ভাবেনে?”
এই প্ৰশ্নটো দেশৰ প্ৰায় প্ৰতিগৰাকী আশাকৰ্মীয়ে সোধে।
পৰিয়ালটোক ক’ভিড-১৯ৰ পৰা ৰক্ষা কৰিবলৈ স্নানাগাৰৰ পৰিৱৰ্তে শৌচাগাৰত কেইবামাহ ধৰি শোভা গানাগায়ে গা ধুবলগা হৈছে। “মোৰ ছোৱালীজনীৰ আঠ বছৰ হৈছে। তাই কান্দিলেও মই তাইক অকণমান সাৱতি ল’ব নোৱাৰো। তাই মোৰ কাষত শুব বিচাৰে যদিও মই দিব নোৱাৰো,” চুলতানপুৰৰ পৰা দুই কিলোমিটাৰ দূৰৰ বীড় জিলাৰ চৌশালা গাঁৱৰ ৩৩ বছৰীয়া আশাকৰ্মী শোভাই কয়।
PHOTO • Parth M.N.
শোভা গানাগেই চৰকাৰে দিয়া প্ৰতিশ্ৰুতিতকৈ বেছি আশা কৰিছিল
জুন মাহৰ মাজভাগত মহাৰাষ্ট্ৰৰ আশাকৰ্মী সংস্থাই আৰম্ভ কৰা অনিৰ্দিষ্ট ধৰ্মঘট প্ৰায় এসপ্তাহ চলিছিল। ৰাজ্য চৰকাৰে তেওঁলোকৰ মাননি প্ৰতিমাহে ১৫০০ টকা বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰি ধৰ্মঘটৰ দাবীৰ প্ৰতি সহাঁৰি জনাইছিল - ১০০০ টকা দৰমহাৰ বাবে আৰু ক’ভিড ভাট্টাৰ বাবে ৫০০ টকাৰ প্ৰতিশ্ৰুতি দিছিল
তেওঁলোকৰ ত্যাগবোৰ উপেক্ষিত, শোভাই ভাৱে। “মুখ্যমন্ত্ৰীয়ে আমাক প্ৰশংসা কৰিলে ঠিকেই, কিন্তু বাস্তৱত একো নাপালো।” জুলাই মাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে আশাকৰ্মীসকলক প্ৰশংসা কৰাৰ বাতৰি প্ৰকাশ পাইছিল আৰু ‘যোদ্ধা তথা বীৰ’ বুলি আখ্যা দিছিল। তেওঁ কৈছিল যে ক’ভিডৰ যদি তৃতীয়টো ঢৌ আহে, তেন্তে ইয়াক প্ৰতিহত কৰিবলৈ আশাকৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিন্তু শোভাই মুখ্যমন্ত্ৰীৰ প্ৰশংসাতকৈ বেছি আশা কৰিছিল, “তেওঁৰ প্ৰশংসাৰে আমাৰ পৰিয়ালবোৰৰ পেট নভৰে।”
শ্বাহবাই আৰু শোভাই পৰিয়ালৰ আৰ্থিক সুস্থিৰতাৰ লক্ষ্যৰে এই কামত জৰিত হৈছিল যদিও কাৰণ আছিল ভিন্ন।
মাৰাঠা সম্প্ৰদায়ৰ মহিলা শ্বাহবাই বিবাহ বিচ্ছেদিত আৰু তেওঁৰ মাতৃ তথা দুই ভাতৃ আৰু সিহঁতৰ পৰিয়ালৰ লগত তেওঁ থাকে। ১৩ বছৰৰ আগতে বিবাহ বিচ্ছেদ হোৱাৰ কথা উল্লেখ কৰি শ্বাহবাইয়ে কয়, “বিবাহ বিচ্ছেদৰ পিছত এগৰাকী মহিলাক গাঁৱৰ মানুহে সহজভাৱে নলয়। মানুহে বিভিন্ন গুজৱ ৰচে। পৰিয়ালটোৰ ক্ষতি কৰিছো বুলি মোৰ মনলৈ ভাৱ আহে।” নিজৰ আত্মসন্মান অটুত ৰাখিবলৈ শ্বাহবাইয়ে নিজৰ ভৰিত থিয় দিব খুজিছিল।
পৰিয়ালটোলৈ ক’ভিড কঢ়িয়াই অনা বুলি তেওঁৰ নিজৰ দোষী ভাৱ আহে। “মই নিজকে নিজে ক্ষমা কৰিব নোৱাৰো, মই তেওঁলোকৰ ওপৰত বোজা জাপি দিব নিবিচাৰো। কিন্ত কেনেকৈ এই বোজা আঁতৰাম নাজানো। তেওঁলোকে মোক দোষাৰোপ কৰা মই নিবিচাৰো।” তদুপৰি গাঁৱত বিশেষকৈ পুৰুষসকলে তেওঁ কৰা কামটোৰ বাবে বিভিন্ন ধৰণৰ অনাকাংক্ষিত মন্তব্য কৰে। “মই কোনো লোকৰ সৈতে কথা পাতিলে পুৰুষে হস্তক্ষেপ কৰে আৰু তৰ্কত লিপ্ত হয়। মানুহৰ সৈতে কথা পতা মোৰ চাকৰি। গতিকে মই কি কৰিম?” শ্বাহবাইয়ে কয়।
PHOTO • Couretsy: Lahu Kharge
PHOTO • Couretsy: Lahu Kharge
PHOTO • Couretsy: Lahu Kharge
মহামাৰীৰ সময়ত চৰকাৰে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰীসকলৰ চুক্তি শেষ হোৱাৰ লগে লগে ৰাতিটোৰ ভিতৰতে নিবনুৱা হৈ পৰে
মানুহৰ কঠুৱা মন্তব্যই কৰ্তব্যৰত অৱস্থাত তেওঁৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি শোভাই কয়। “মই জানো তেনেবোৰ মন্তব্যৰ উত্তৰ কেনেকৈ দিব লাগে।” তেওঁৰ সমস্যাবোৰ বেলেগ - তেওঁৰ উপাৰ্জনৰ ওপৰত পৰিয়ালটো নিৰ্ভৰশীল। শোভাই কয়, “আমাৰ নিজৰ খেতিৰ মাটি নাই, মোৰ স্বামীয়ে শ্ৰমিক হিচাপে কাম কৰি দৈনিক ৩০০ টকা উপাৰ্জন কৰে। সপ্তাহত ৩/৪ দিন কাম পায়। কিন্তু ক’ভিডৰ পিছত কাম পাবলৈ নাইকিয়া হ’ল।”
ক’ভিড-১৯ আৰম্ভ হোৱাৰ এমাহৰ পিছত শোভাৰ পৰিয়ালে পচিবলৈ ধৰা চাউল, ঘেঁহু আৰু দাইল আদি ঘৰলৈ আনিছিল। “সেইবিলাক আচলতে বিদ্যালয়ৰ ছাত্ৰৰ বাবে ৰখা হৈছিল (মধ্যাহ্ন ভোজন), কিন্তু বিদ্যালয় বন্ধ হৈ পৰিল আৰু খাদ্য-সামগ্ৰীবোৰৰ ম্যাদ উকলিল।” শোভাই কয়। এই গোটেইবিলাক খাদ্যশস্য নষ্ট হ’বলৈ দিয়াতকৈ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে খাবলৈ নোহোৱা মানুহৰ মাজত বিলাই দিয়ে। “আমি এই খাদ্য-সামগ্ৰী আমাৰ কাৰণে ৰান্ধিছিলো আৰু খাইছিলো।”
শ্বাহবাই আৰু শোভাই জানে যে আশা শব্দটোৱে দেশৰ বিভিন্ন ভাষাত কি বুজায় - কিন্তু দুয়ো উপলব্ধি কৰে যে আৰ্থিক স্বচ্ছলতা লাভ কৰাৰ আশা নাই।
দীৰ্ঘদিনৰ বাবে আশাকৰ্মীসকলে ভাল মাননি আৰু স্থায়ী কৰ্মচাৰীৰ মৰ্য্যাদা দাবী কৰি আহিছিল। জুন মাহৰ মাজভাগত মহাৰাষ্ট্ৰৰ আশাকৰ্মী সংস্থাই অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট আৰম্ভ কৰিছিল। এই ধৰ্মঘট এসপ্তাহ চলিছিল। ৰাজ্য চৰকাৰে তেওঁলোকৰ দৰমহাৰ লগত ১০০০ টকা আৰু ক’ভিড ভাট্টা হিচাপে ৫০০ টকা ধৰি ১৫০০ টকাৰ মাননি বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দি সঁহাৰি জনাইছিল আৰু ১ জুলাইৰ পৰা নতুন মাননি কাৰ্যকৰী হ’ব বুলি কৈছিল। মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ঘোষণা কৰিছিল যে প্ৰতিগৰাকী আশাকৰ্মীয়ে যাতে অনলাইন ৰিপ’ৰ্ট কৰাত সুবিধা হয়, সেয়ে প্ৰতিগৰাকীকে একোটাকৈ স্মাৰ্টফোন দিয়া হ’ব।
শুভা শ্বামিমে কয় যে প্ৰতিশ্ৰুতিবিলাক এতিয়াও কাৰ্যকৰী হোৱা নাই, তেওঁ ভাৰতীয় ট্ৰে়ড ইউনিয়ন কেন্দ্ৰ (চিআইটিইউ)ৰ ৰাজ্যিক সচিব। “চৰকাৰে ঘোষণা কৰা সুবিধাবোৰ আশাকৰ্মীসকলে কেতিয়া পাব, সেইসম্পৰ্কে স্পষ্টতা নাই,” শ্বামিমে কয়। ৰাজ্যখনত মে’ মাহৰ পৰা আশাকৰ্মীসকলক মাননি আদায় দিয়া নাই বুলি উল্লেখ কৰি শ্বামিমে কয় যে যোৱা বছৰতে ক’ভিডৰ ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছিল যদিও আজিপৰ্য্যন্ত পোৱা নাই।
PHOTO • Parth M.N.
PHOTO • Courtesy: Prashant Sadare
PHOTO • Parth M.N.
বাওঁফালে আৰু মাজতঃ লাহু খাৰ্গে আৰু প্ৰশান্ত চাদাৰে । সোঁফালেঃ অংকিতা পাটিল (বাওঁফালে) , বীড়ৰ শ্ৰমিকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পূৰ্বে সহকৰ্মীৰ সৈতে
সমগ্ৰ মহাৰাষ্ট্ৰত যেতিয়া আশাকৰ্মীসকলে ধৰ্মঘট আৰম্ভ কৰিছিল, বীড় জিলাৰ প্ৰতিবাদত ২৫০ গৰাকী অস্থায়ী স্বাস্থ্যকৰ্মীয়ে চাকৰি নিয়মীয়াকৰণ তথা ভাল বেতনৰ দাবীত প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।
চৰকাৰৰ চিকিৎসালয় বা চিকিৎসা কেন্দ্ৰসমূহত বৃদ্ধি পোৱা ৰোগীৰ চোৱাচিতাৰ বাবে অস্থায়ী ভিত্তিত নাৰ্ছিং আৰু ৱাৰ্ড সহায়কৰ পদত বহুতো লোকক নিযুক্তি দিয়া হৈছিল। চুক্তি শেষ হোৱা বাবে অথবা চিকিৎসাকেন্দ্ৰসমূহত ৰোগীৰ ভীৰ কমি অহা বাবে এনে বহুতো কৰ্মচাৰীক কামৰ পৰা বৰ্খাস্ত কৰা হয়। “‘ব্যৱহাৰ কৰক আৰু পেলাই দিয়ক’ নীতিৰ পৰা চৰকাৰৰ এই পদক্ষেপৰ কোনো পাৰ্থক্য নাই,” ২৯ বছৰীয়া প্ৰশান্ত চাদাৰে কয়। বীড় চহৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ ৱাড়ৱানি তালুকৰ উৎসৰ্গিত ক’ভিড চিকিৎসাকেন্দ্ৰত ৱাৰ্ড সহায়ক ৰূপে তেওঁ কাম কৰিছিল। “মোক এইবছৰৰ মে’ মাহত নিযুক্তি দিছিল আৰু দুমাহৰ পিছত কাম এৰি যাবলৈ কয়।”
কৃষিশ্ৰমিক ৰূপে জীৱন নিৰ্বাহ কৰা প্ৰশান্তৰ পিতৃ-মাতৃয়ে জীৱিকাৰ বাবে কঠিন সংগ্ৰাম কৰিবলগা হৈছিল। তেওঁ যেতিয়া চাকৰি পাইছিল আৰু দৈনিক ৪০০ টকাকৈ পাইছিল, তেতিয়া প্ৰশান্তই পিতৃ-মাতৃক অলপ সকাহ দিব পাৰিম বুলি ভাবিছিল। “মই নিজৰ জীৱনটো বিপদৰ মাজলৈ ঠেলি দি চিকিৎসালয়ত গোট খোৱা অগণন ৰোগীৰ বাবে মোক কৰিবলৈ কোৱা সকলো কাম কৰিছিলো। ক’ভিড ৰোগীৰ কোঠা পৰিস্কাৰ কৰাৰ পৰা ক’ভিড পজিটিভ ৰোগীৰ খুওৱালৈকে দায়িত্ব পালন কৰিছিলো। মই সকলো কৰিছিলো। আমি কেনেকুৱা মানসিক চাপত ভূগিছিলো জানেনে? কোনোবাই সেইবিষয়ে ভাবেনে?” প্ৰশান্তই প্ৰশ্ন কৰে। বৰ্তমান প্ৰশান্তই ব্যক্তিগত মালিকাধীন এখন বিদ্যালয়ত অংশকালীন শিক্ষক ৰূপে কাম কৰি মাহে ৫,০০০ টকা পায়।
বিজ্ঞাপন দেখাৰ পিছত চাকৰিৰ বাবে আবেদন জনোৱা ৱাড়ৱানিৰ একেটা ক’ভিড কেন্দ্ৰত ৱাৰ্ড সহায়ক ৰূপে ২৪ বছৰীয়া লাহু খাৰ্গে নিযুক্তি পাইছিল। কাম পাবলৈ প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা হ’ল দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লাহোৱে স্থানীয় বেংক এটাৰ ক্ষুদ্ৰ সঞ্চয়ৰ ধন সংগ্ৰহ কৰা এজেণ্টৰ কাম এৰি নিৰ্বাচিত হোৱাৰ পিছত ক’ভিড চেণ্টাৰত যোগ দিছিল। “আমাক তিনিমাহ কাম কৰিবলৈ চুক্তিবদ্ধ কৰিছিল আৰু চুক্তি শেষ হ’লে মাজত এদিন বাদ দি চুক্তি নৱীকৰণ কৰা হ’ব বুলি কোৱা হৈছিল। শ্ৰম আইন মতে কোনো এজনক যদি একেৰাহে এবছৰ কাম কৰোৱা হয়, তেওঁক নিয়মীয়া কৰ্মচাৰী হিচাপে নিযুক্তি দিব লাগিব। সেই কাৰণে এই চুক্তিবিলাক মাহত এদিন বাদ দি কেইমাহমানৰ মুৰে মুৰে নতুনকৈ কৰে,” এতিয়াও ক’ভিড চেণ্টাৰত কাম কৰি থকা খাৰ্গেয়ে কয়।
PHOTO • Couretsy: Lahu Kharge
PHOTO • Couretsy: Lahu Kharge
বাওঁফালেঃ ১৮ জুনত মন্ত্ৰীসকলৰ সৈতে কথা পাতিবলৈ বীড় জিলাত অপেক্ষা কৰি থকা অস্থায়ী স্বাস্থ্যকৰ্মীসকল। সোঁফালেঃ আৰক্ষীয়ে লাঠিচালনা কৰিছে
অমানৱীয় নিয়োগ নীতিৰ দিশ উন্মোচিত কৰি বীড় চহৰত অস্থায়ী স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদ জনায় আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায়। তেওঁলোকে আশা কৰিছিল যে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, মন্ত্ৰীয় ধনঞ্জয় মুন্ধে আৰু স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপেৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। উল্লেখ্য যে ক’ভিড-১৯ৰ এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰিবলৈ জিলাখনলৈ ১৮ জুনত মন্ত্ৰীসকল আহিছিল।
সেইদিনা প্ৰতিবাদত অংশগ্ৰহণ কৰা ২৯ বছৰীয়া অংকিতা পাটিলে কয়, “তেওঁলোকে আমাক অৱজ্ঞা কৰিলে। আমি আমাৰ কথা ক’বলৈ তেওঁলোকৰ পৰা ৫ মিনিট সময় বিচাৰিছিলো। আমি এখন কাগজত দাবীবিলাক লিখি লৈছিলো আৰু যেতিয়া আমাক এই দাবীবিলাক উপায়ুক্তৰ কাৰ্য্যালয়ত দাখিল কৰিবলৈ কোৱা হ’ল, এজন কৰ্মচাৰীয়ে আমাৰ এই কাগজখন লৈ আঁতৰি গ’ল। মন্ত্ৰী তিনিজনৰ এজনে আমাক আঁতৰি যাবলৈ ক’লে, বাকীকেইজনে আমাৰ ফালে ঘূৰিও নাচালে।”
মন্ত্ৰীসকলৰ আচৰণত ক্ষুব্ধ হৈ পৰা একাংশ প্ৰতিবাদকাৰীয়ে মন্ত্ৰীৰ গাড়ী আগভেটি ধৰিবলৈ চেষ্টা কৰিছিল। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে। অংকিতাই কয়, “স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি মন্ত্ৰীৰ আচৰণ এনেকুৱাই নেকি? এদিনো বিৰতি নোলোৱাকৈ ক’ভিড ৰোগীৰ বাবে কেবামাহো আমি ত্যাগ স্বীকাৰ কৰিছো, নিজৰ জীৱনক বিপদৰ মাজলৈ ঠেলি দিছো আৰু আমাৰ পৰিয়ালবোৰকো বিপদত পেলাইছো, অথচ আমাৰ কাৰণে তেওঁলোকে কথা পাতিবলৈ পাঁচ মিনিট সময় কিয় খৰছ কৰিব নোৱাৰে? আমাৰ প্ৰতি চৰকাৰৰ আচৰণ সন্মানজনক হোৱাটো আমি বিচাৰো।”
অংকিতাই ৱাড়ৱানিৰ ক’ভিড কেন্দ্ৰত নাৰ্ছ হিচাপে কাম কৰে আৰু মাহে ২০ হাজাৰ টকা দৰমহা পায়। “মোৰ চাকৰি এতিয়াও আছে, কিন্তু কাইলৈ কৰ্মহীন হৈ পৰিব পাৰো। ইতিমধ্যে সাংঘাতিকভাৱে মানসিক ক্লান্তি আৰু আৱেগিক চাপে অৱসাদগ্ৰস্ত কৰি তুলিছে। আমাক চাকৰিৰ স্থায়িত্ব লাগে। ক’ভিডৰ দ্বিতীয় ঢৌ হ্ৰাস পোৱাৰ লগে লগে আমাৰ বহুতো কৰ্মী কৰ্মচ্যুত কৰা দেখিছো। আমাৰ ক্ষেত্ৰতো তেনেকুৱা হ’ব পাৰে।” অংকিতাই কয়।
অনাকাংক্ষিত যদিও ক’ভিডৰ যদি তৃতীয় ঢৌ আহে, তেন্তে অস্থায়ী স্বাস্থ্যকৰ্মীসকলক পুনৰ মকৰল কৰাৰ একমাত্ৰ আশা আছে, কিন্তু এনে আশা কৰাটো বাঞ্চনীয় নহয়।
এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: পংকজ দাস
Parth M.N.
@parthpunter
Share
Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.
Other stories by Parth M.N.
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ১৫ দিন ধৰি নিৰুদিষ্ট হৈ আছে ওদালগুৰিৰ এগৰাকী সদ্য পদত্যাগী এচিএছ বিষয়া কাৰ্পূণ পাটিৰ। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী সুমিত্ৰা পাটিৰৰ জ্যেষ্ঠ পুত্ৰ কাৰ্পূণ পাটিৰে বিগত ১৮ আগষ্টৰ পৰাই কাৰ্যালয়ৰে সৈতে কোনো ধৰণৰ যোগাযোগ ৰখাৰ পৰা বিৰত আছে।
২০১৬ চনৰ পৰাই ওদালগুৰিত নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে। যোৱা ১৮ আগষ্টত হঠাৎ জিলা উপায়ুক্তৰ অনুপস্থিতিত ওদালগুৰিৰ নিৰ্বাচনী বিষয়াৰ দ্বায়িত্বত থকা এচিএছ বিষয়া গৰাকীয়ে উপায়ুক্তৰ ব্যক্তিগত সহায়কৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰি সেই সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছে। পত্ৰখনত তেওঁ মাতৃ মধুমেহ ৰোগত আক্ৰান্ত হোৱা হেতুকে শুশ্ৰূষা কৰাৰ উদ্দেশ্যে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে যদিও সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত আছে।
ইয়াৰ পাছত জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে উক্ত পদত্যাগ পত্ৰখন চৰকাৰলৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত সাংবাদিকে আজি জিলা নিৰ্বাচনী বিভাগৰ সৈতে যোগাযোগ কৰাত বিভাগটোৰ কৰ্মচাৰীসকলে বিষয়াগৰাকীৰ সৈতে কোনো যোগাযোগ এই পৰ্যন্ত হোৱা নাই বুলি জানিবলৈ দিয়ে। ইফালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা দিনটোৰ পৰা আজি পৰ্যন্ত বিষয়া কাৰ্পূণ পাটিৰৰ ব্যক্তিগত মোৱাইল নম্বৰ ৮৪৮৬৩৩০০৬৮ টো বন্ধ হৈ আছে।
উল্লেখ্য যে, এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত হোৱা নিযুক্তি কেলেংকাৰীৰ তদন্তত বক্ৰ পথেৰে চাকৰি লোৱাৰ সন্দেহত বিষয়াগৰাকীৰ নাম উচ্চাৰিত হৈছিল। ইয়াৰ পাছত আন বহুতৰ লগতে বিষয়া কাৰ্পূণ পাটিৰৰ পৰীক্ষা বহীখন তদন্তকাৰী আৰক্ষীয়ে ফৰেনচিকলৈ প্ৰেৰণ কৰিছিল যদিও বৰ্তমান পৰ্যন্ত ইয়াৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাই।
প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পূৰ্ৱে কোনো ধৰণৰ অশনি সংকেত লাভ কৰিয়েই বিষয়াগৰাকীয়ে পদত্যাগ কৰিলে নেকি তাক লৈও বৃহৎ প্ৰশ্নৰ উদ্ভৱ হৈছে। যদি সঁচাকৈয়ে মাতৃৰ অসুস্থতাৰ বাবে বিষয়গৰাকীয়ে পদত্যাগ কৰিছিল তেন্তে এইপৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখলৈ আহি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা বিষয়টোৱে সমগ্ৰ ঘটনাটোক অধিক ৰহস্য ঘনীভূত কৰি তুলিছে।
সি যি কি নহওঁক যদিহে বক্ৰ পথেৰে চাকৰি ক্ৰয় কৰা কাৰ্যত বিষয়াগৰাকী জড়িত আছিল তেন্তে ফৰেনছিক প্ৰতিবেদনত সকলো স্পষ্ট হৈ পৰাৰ পাছত বিষয়া গৰাকী যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব সেয়া নিশ্চিত বুলিও ভিন্নজনে মত প্ৰকাশ কৰিছে।<eot>জাতি এটাৰ লোকসংস্কৃতিৰ অপৰিহাৰ্য উপাদান হ’ল লোকবাদ্য। লোকগীত আৰু লোকনৃত্য লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে বাদ্যযন্ত্ৰ৷ এটা জাতিৰ সংগীত প্ৰীতি আৰু শিল্প-কলা চেতনাৰ অন্যতম নিৰ্দশন হ’ল বাদ্যযন্ত্ৰসমূহ৷ নৃত্য তথা গীতৰ তাল লয় ৰক্ষা কৰাৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ সংযোগ কৰাটো অপৰিহাৰ্য৷ সংগীতৰ ক্ষেত্ৰত ধবনি সৃষ্টি কৰিবৰ বাবে ব্যৱহাৰ কৰা যিকোনো উপাদানকে বাদ্যযন্ত্ৰ বোলা হয়৷ লোকসংগীত বা শাস্ত্ৰীয় সংগীত সকলোতেই বাদ্যই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে৷ ভৰতমুনিৰ নাট্যশাস্ত্ৰতো বাদ্যযন্ত্ৰৰ কথা উল্লেখ আছে৷ বাদ্যযন্ত্ৰসমূহক মূলত চাৰিটা ভাগত ভাগ কৰা হৈছে৷ নাট্যশাস্ত্ৰত উল্লেখ আছে –
ততং চৈৱানদ্ধং ঘনং সুষিৰমেৱ চ৷
চতুৰ্বিধং তু বিজ্ঞেয়মাতোদ্যং লক্ষণান্বিতম্‌৷৷
তত, অৱনদ্ধ, ঘন আৰু সুষিৰ– এই চাৰিটা শ্ৰেণীত বাদ্যযন্ত্ৰসমূহ বিভাজিত কৰিব পাৰি৷ উল্লেখযোগ্য যে অসমৰ লোকবাদ্যসমূহকো এই চাৰিটা শ্ৰেণীত বিভাজিত কৰি আলোচনা কৰিব পাৰি৷ এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ বিচৰা টকা হ’ল এবিধ ঘন বাদ্য৷ বাঁহ, কাঠ, শিল, মাটি বা ধাতুৰে নিৰ্মিত যতনেৰে এডোখৰে সিডোখৰৰ ওপৰত কোবাই ঘনকাৰ্য সম্পাদনেৰে শব্দৰ সৃষ্টি কৰি গীত বা নৃত্যৰ লগত সংযোগ কৰা হয়৷ ঘনকাৰ্যৰ বাবে ব্যৱহৃত এনে বাদ্যসমূহকে ঘন বাদ্য বুলি কোৱা হয়৷ অসমৰ লোকসমাজত প্ৰচলিত আন কেইটিমান উল্লেখযোগ্য ঘন বাদ্য হ’ল – তাল, কৰতাল, খুটিতাল, মঞ্জুৰী, কাঁহ, বৰকাঁহ, ইত্যাদি৷ অসমৰ নৃগোষ্ঠীসমূহৰ মাজতো এনে ঘন বাদ্য প্ৰচুৰভাৱে ব্যৱহৃত হয়৷ যেনে– মিচিংসকলৰ লুপি, বৰোসকলৰ জোথা, কাৰ্বিৰ ছেংছ, ৰাভাৰ কাসি, ইত্যাদি৷
টকা সজা কৌশল ও নিয়ম:
অসমৰ লোকউৎসৱ বিহু মূলত গীত, নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰ। ঢোল, তাল, গগণা, সুতলি আদিৰ লগতে অতিকে প্ৰয়োজনীয় বাদ্য হল টকা। অসমীয়া সংস্কৃতিৰ নিজস্ব সম্পদৰূপে খ্যাত এই ‘টকা’ অসমৰ জন-জীৱনে অতি কম খৰচতে, সময়তে সাজি ল’ব পৰা এবিধ লোকবাদ্য। কৃষিজীৱী অসমীয়াই শস্যক্ষেত্ৰক জীৱ-জন্তু, চৰাই চিৰিকটি আদিৰ পৰা ৰক্ষা কৰিবৰ বাবে বাঁহ ফালি ‘টকা’ ৰূপত ব্যৱহাৰ কৰি ডাঙৰ শব্দৰ উৎপত্তি কৰি ভয় খুৱাইছিল। জীৱন-নিবাহত ব্যৱহৃত এই সজুঁলিবোৰ কালক্ৰমত জন-জীৱনে পালন কৰা লোকউৎসৱবোৰত বাদ্যযন্ত্ৰ হিচাপে ব্যৱহৃত হৈছিল। ‘টকাও’ এনে এবিধ বাদ্যযন্ত্ৰ। অসমৰ জাতীয় উৎসৱ বিহুৰ, বিশেষভাৱে ৰঙালী বিহুত এই ‘টকা’ৰ ব্যৱহাৰ অপৰিহাৰ্য। ৰঙালী বিহুত ঢোল, পেঁপা, গগণা, তাল, সুতুলি আদিৰ দৰে ‘টকা’ৰ টক্ টক্ স্বকীয় মাতেৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিহুনামত প্ৰাথমিক তাল আছিল হাত চাপৰি আৰু কালক্ৰমত এই হাত চাপৰি ছন্দটোকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হয় বুলি অনুমান কৰা হয়। প্ৰাচীন কালৰ পৰা প্ৰচলত হৈ অহা এই ‘টকা’ বৰ্তমান সময়তো বিহুৰ এক অঙ্গাঙ্গী বাদ্য।
‘‘ইফালে টকাৰ মাত সিফালে টকাৰ মাত
মাজত সোলোক গুৰি সুঁতি।
টকাৰ মাত শুনি বাঢ়িল চতিয়না
পুলিয়ে ধৰিলে গুজি। ।”
‘টকা’ বাঁহেৰে সজা হয়। টকা এটা সাজিবলৈ এজন নিপুণ বাঢ়ৈৰ প্ৰয়োজন নাই বা ই ব্যয়বহুল নহয়। আগলি বাঁহৰ দুফালে গাঁঠিযুক্ত পাব এটা অক্ষত অৱস্থাত ৰাখি গুৰিৰ ফালে ঠিক সোঁমাজেৰে ফালিব লাগে। বিশ ইঞ্চি মান দৈঘ্যৰ এই বাঁহৰ পাবটো (ঠাইভেদে বেলেগ জোখৰো হয়) সাৱধানে তলৰ গাঁঠিটো নফলাকৈ সোঁমাজত ফালিব লাগে আৰু আগলি মূৰৰ ফালে সাত -আঠ ইঞ্চিমানৰ ওপৰত দুয়োফালে কৌণিক ৰূপত কাটি এৰুৱাব লাগে। পাট দুটা হাতেৰে ধৰাৰ সুবিধা কৰি মিহিকৈ এনেদৰ চঁচা হয় যে এচটাৰে আন এচটাৰ ওপৰত আঘাত কৰিলে টক্ টক্ শব্দ হয়। বাঁহেৰে সজা এই সৰু বাদ্যটোৰ পৰা টক্ টক্ শুৱলা শব্দ ওলাই বাবে হয়টো ইয়াক টকা বোলে। এই বাদ্যটি সাধাৰণতে গাভৰুসকলে বিহু মাৰোতে ব্যৱহাৰ কৰে। কিন্তু হুচৰি বা মুকলি বিহু মাৰোতে ডেকা সকলেও ব্যৱহাৰ কৰে।
‘‘ঔৰে গছতে মৌৱে বাহ ল’লে
ককাই পাৰি দিয়া খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ। ।”
বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত টকাৰ ব্যৱহাৰ:
অসমত বাস কৰা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীয়ে অন্যান্য লোকবাদ্যৰ দৰে টকাৰ ব্যৱহাৰ কৰে। অৱশ্য জনগোষ্ঠীভেদে ইয়াক ব্যৱহাৰ কৰা উৎসৱ-পাৰ্বন বা ইয়াৰ নাম ভিন্ন দেখা যায়। তলত কেইটামান জনগোষ্ঠী কেনেকৈ টকা ব্যৱহাৰ কৰে তাৰ বিষয়ে দিয়া হ’ল।
মিচিং: মিচিং সকলে টকাক “কক্ তেৰ টকা” বোলে। ই তেওঁলোকৰ বহুমূলীয়া বাদ্য, যাৰ দ্বাৰা মিচিং ডেকা-গাভৰুৱে ঐনিঃতম গাই গাই বিহু মাৰোতে ব্যৱহাৰ কৰে। ইয়াক তেওঁলোকে লেহুকাকৈ আগলি বাঁহৰে সাঁজি লয়।
দেউৰী: দেউৰীসকলে প্ৰধানকৈ হুঁচৰি গাওঁতে টকা ব্যৱহাৰ কৰে। তেওঁলোকে হুঁচৰি গাওঁতে গৃহস্থৰ পদূলিত পুতি লোৱা বাঁহ ডালত প্ৰত্যেকেই লগত অনা সৌকা বেতেৰে কোবাই ঢোলৰ ছেৱত নাচে। পূৰ্ণ আগ থকা আৰু পবিত্ৰ স্থানৰ পৰা অনা বাঁহহে ইয়াত ব্যৱহাৰ কৰে।
বড়ো: বড়োসকলে টকা “থৰকা” বা “ওৱাখোৱা” বুলি কয়। বড়োসকলে ব’হাগ বিহুত ঘৰে ঘৰে বিহু মাৰোতে নৃত্য-গীতৰ লগত ব্যৱহৃত এই “থৰকা” ভলুকা বাঁহৰ পৰা সাজে।
সোণোৱাল-কছাৰী: এওঁলোকে ব্যৱহৃত বা উৎসৱ আদিত পৰিৱেশন কৰা টকা সাধাৰণ টকাতকৈ যথেষ্ট ডাঙৰ। তেওঁলোকৰ বিশ্বাস “বালি ৰজা দোমাহীত” টকা ৰূপত নটা গাঁঠি আৰু নটা পাবযুক্ত বাঁহ তিনি বা চাৰিযোৰ বাঁহৰ খুঁটাৰ ওপৰত বান্ধি ঘৰে ঘৰে হুঁচৰি গাঁৱতে লৈ ফুৰে৷ এই বাঁহডাল মানৱ দেহৰ নৱ-গ্ৰন্থিৰ প্ৰতীক।
নিৰ্মোহ আমোদ-প্ৰমোদ, পবিত্ৰ বিহু বা হুঁচৰিৰ সামৰণি অনুষ্ঠানত প্ৰায় সকলো জনগোষ্ঠীৰ লোকে কৃষিকাৰ্যৰ নিয়োজিত হ’বলৈ “উৰুৱা” নামৰ সামৰণি অনুষ্ঠান পাতি ৰীতি-নীতিৰে টকা এটি বা ভাটি থৈ আহে। যিটো অসমীয়া সাংস্কৃতিক পৰম্পৰা। অসমৰ লোকসংস্কৃতিৰ এই আপুৰুগীয়া লোকবাদ্যটি মূল্যায়ন যাতে কোনো কালে হেৰ-ফেৰ নহয় বা নগণ্য বুলি অৱহেলা নকৰে তাৰ প্ৰতি সচেতন হৈ স্বকীয়তা বজাই ৰখাটো আমাৰ দায়িত্ব।
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল