text
stringlengths 0
188k
|
---|
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডিজিটেল সংবাদ , বেবেজীয়াঃ এক্সছেচ ডেপলপমেণ্ড ছাৰ্ভিছেছৰ উদ্যোগত আৰু মাষ্টাৰ কাৰ্ড ফাউণ্ডেশ্যনৰ সহযোগত মঙলবাৰে নগাঁও নতুন বজাৰস্থ বিদিশা হোটেলত এখন এদিনীয়া কৃষকৰ কৰ্মশালা অনুষ্ঠিত কৰে। উক্ত কৰ্মশালাত নগাঁও জিলাৰ ৭ টা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যন চমুকৈ (এফ পি অ)ৰ ৫০ গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে গাইড বুক প্ৰদান কৰে। |
প্ৰশিক্ষণত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যনৰ অধিনস্থ কৃষক সকলে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ সুবিধা, প্ৰকৃত মূল্য লাভৰ ব্যৱস্থা, আৰু কৃষি সামগ্ৰীৰ ব্যৱসায় বাবে ঋণৰ ব্যৱস্থা কেনেদৰে লাভ কৰিব পাৰিব তাৰ ওপৰত বিতংকৈ আলোচনা কৰে। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে ফাৰ্মাৰ প্ৰডিওচাৰ অৰ্গেনাইশ্যনৰ জেষ্ঠ্য প্ৰবন্ধক ড০ ৰিংকু দাস আৰু প্ৰবন্ধক প্ৰদীপ পাৰমাণিক উপস্থিত থাকে। শিবিৰত নগাঁৱৰ কেইবজনো স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষকে অংশ গ্ৰহণ কৰে।<eot>অহা ১২ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ হিমাচল প্ৰদেশৰ কাংৰাত অনুষ্ঠিত হ’বলগীয়া ১৪ বছৰৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসমৰ ল’ৰা আৰু ছোৱালীৰ উভয় দলৰ নাম ঘোষণা কৰা হৈছে। |
অসম বাস্কেটবল সন্থাৰ সম্পাদক মুকুট মেধিয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ ল’ৰাৰ দলটোৰ খেলুৱৈসকল হৈছে- স্পন্দন শইকীয়া, প্ৰাকৃতিশ ৰামচিয়াৰী, কৃতাৰ্থ শৰ্মা, অনিকেট গৌতম, ভাস্কৰ দাস, ৰৌনক চেতাৰ্জী, ৰণক দাস, সুভম দাসগুপ্ত, বিভুৰঞ্জন কলিতা, সিদ্ধাৰ্থ পুৰকায়স্থ, প্ৰাচুৰ্য ডেকা আৰু প্ৰথম শইকীয়া। দলটোৰ নেতৃত্ব দিব প্ৰশিক্ষক এল পুইয়াই। |
আনহাতে, দেবকুমাৰ বৰুৱা প্ৰশিক্ষক হিচাপে যাবলগীয়া অসমৰ ছোৱালীৰ দলটো খেলুৱৈসলক হৈছে- ঐশানী শইকীয়া (অধিনায়িকা), দিশা ৰাভা, পলাক্ষী ঠাকুৰ, নুছৰত নাফিছা আহমেদ, বাৰ্বী দাস, গাৰ্গী বড়ো, মৈত্ৰেয়ী শৰ্মা, ছাইমা বেগম, উপাসনা গোড়াই, বিদিশা শৰ্মা, সান্ত্বনা দাস আৰু ধৃদিতা বৰুৱা। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>“ৰাফেল বিমান ক্ৰয়ৰ অনিয়মৰ জৰিয়তে মোদীয়ে দেশবাসীৰ বিশ্বাসক অৱমাননা কৰিছে”, আজি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দিয়া এখন সংবাদমেলত এইদৰে কয় অসমৰ কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। |
সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় উচ্চ দামত আৰু যথাৰ্থ মূল্যায়ন নকৰাকৈয়ে মোদীয়ে একপক্ষীয় সিদ্ধান্তেৰে ফ্ৰান্সৰ পৰা ৩৬খন ৰাফেল বিমান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তটো হ’ল দেশৰ জনতাই তেওঁৰ ওপৰত স্থাপন কৰা বিশ্বাসত প্ৰতাৰণাৰ নামান্তৰ।” |
তেওঁ এই লেনদেনত প্ৰধান মন্ত্ৰী মোদী ব্যক্তিগতভাৱে জড়িত হোৱাটোকো তেওঁ সমালোচনা কৰে। এইটোক তেওঁ এটা বৃহৎ কেলেংকাৰি আখ্যা দিয়ে যিটোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা জড়িত আছে। |
তেওঁ কয় যে এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এই বৃহৎ চুক্তিৰ পূৰ্বে কোনো প্ৰতিৰক্ষা মন্ত্ৰী বা প্ৰতিৰক্ষা সচিবৰ সৈতে বা কোনো কেবিনেট বৈঠকত আলোচনা কৰা হোৱা নাছিল। |
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুতেক, ৰাজ্যখনৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱা গৌৰৱে কয় যে চুক্তিৰ পূৰ্বে ইয়াৰ বাবে প্ৰয়োজনীয় নিৰাপত্তাৰ কেবিনেট কমিটী (Cabinet Committee on Security)ৰ পৰা অনুমোদন লোৱা হোৱা নাছিল। |
মূল্য দৰদাম কৰা কমিটীৰ (Price Negotiation Committee) সৈতে আলোচনাকে ধৰি অন্যান্য বহুকেইটা বিধিগত প্ৰক্ৰিয়া এৰি চলিছিল মোদীয়ে। |
প্ৰতিখন বিমানৰ পূৰ্বৰ ৫২৬ কোটি টকাৰ পৰা ১৬৭০ কোটি টকালৈ নি মুঠ ৪১,২০৫ কোটি ৰাজহুৱা ধনৰ অপচয় কৰিলে মোদীয়ে। তেওঁ ইয়াক বৃহৎ কেলেংকাৰি আখ্যা দিয়ে। |
উল্লেখযোগ্য যে এই ৰাফেল বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াটো ২০১২ চনতে কংগ্ৰেছে আৰম্ভ কৰিছিল। তেতিয়া প্ৰতিখন বিমানৰ মূল্য ৫২৬.১০ কোটি টকাকৈ ধাৰ্য্য কৰা হৈছিল। এই চুক্তিৰ অন্তৰ্ভুক্ত ১২৬খন বিমানৰ ৩৬খন বিমান সম্পূৰ্ণ অৱস্থাত আৰু বাকীকেইখন ভাৰতৰ হিন্দুস্তান এৰ’নাটিকছ লিমিটেডৰ দ্বাৰা ফ্ৰান্সে ভাৰততে নিৰ্মাণ কৰাৰ কথা আছিল। এই ৩৬খনত সেই হিচাপত দাম পৰিলহেঁতেন ১৮,৯৪০ কোটি টকা। কিন্তু এতিয়াৰ চুক্তিমতে, ৩৬খনত দাম পৰিব ৬০১৪৫ কোটি টকা। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰীৰ কেলেংকাৰীৰ গোচৰটোৰ তদন্তকাৰী আৰক্ষী দলটোৱে কেতবোৰ নতুন তথ্যপাতি লাভ কৰিছে। এই নতুন তথ্যপাতিৰ সত্যাসত্য নিৰূপণ কৰি অধিক নিশ্চিত হোৱাৰ বাবে নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু আন ৩৩ জন কাৰাবন্দী অৱস্থাত থকা বিষয়াক জেৰা কৰাৰ প্ৰচেষ্টা চলাইছে। |
কাৰাবন্দী হৈ থকা অভিযুক্তসকলক কাৰাগাৰতে জেৰা কৰাৰ বাবে অনুমতি বিচাৰি গোচৰটোৰ মুখ্য তদন্তকাৰী বিষয়া তথা ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত অধীক্ষক এছ এছ পানেছাৰে বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালতত এখন আবেদন দাখিল কৰিছে। |
তদন্তকাৰী বিষয়াই দাখিল কৰা আবেদনৰ ভিত্তিত বিশেষ ন্যায়াধীশৰ আদালতত আজি শুনানি হ’ব। তদন্তকাৰী বিষয়াই অভিযুক্ত বিষয়াসকলক পৃথকে আৰু লগতে ৰাকেশ পালৰ সৈতে মুখামুখিকৈ জেৰা কৰিব বিচাৰিছে। |
ৰাকেশ পাল আৰু তেওঁৰ সহযোগীক ধন দি পৰীক্ষাত উত্তীৰ্ণ হৈ এ চি এছ, এ পি এছ আদি ৰাজপত্ৰিত বিষয়া হোৱা আৰু বৰ্তমান কাৰাবন্দী হৈ থকা অভিযুক্তসকলৰ একাংশই অন্য বহু প্ৰাৰ্থীৰ হৈ দালালি আৰু ধনৰ লেনদেন কৰা বুলি আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে বুলি জানিব পৰা গৈছে। |
জালিয়াতিৰে অৰ্থাৎ নকল উত্তৰবহীত উত্তৰ লিখি অধিক নম্বৰ পাই বিষয়া হোৱা ২০১৫ আৰু ২০১৬ চনৰ বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ উত্তৰবহী আৰু হাতৰ আখৰৰ ফৰেণছিক পৰীক্ষাৰ প্ৰমাণ আৰক্ষীৰ হাতত ইতিমধ্যে আহি পৰিছে। সেইবোৰ তথ্য প্ৰমাণে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অধিক মসৃন কৰি তুলিছে। |
আনহাতে, এ পি এছ চিৰ মূল গোচৰত জামিন লাভ কৰিলেও নিলম্বিত অধ্যক্ষ ৰাকেশ পাল ২০১৫ চনৰ কৃষি উন্নয়ন বিষয়াৰ বাছনিত হোৱা কেলেংকাৰীৰ গোচৰত বৰ্তমানো কাৰাবন্দী হৈ আছে। আজি শুনানিৰ পিছতে আদালতে দিয়া নিৰ্দেশৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়াই অধিক গতি লাভ কৰাৰ সম্ভাৱনা আছে। |
Recent News |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নাজিৰা : নাজিৰা মহকুমাত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্য শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ তত্বাবধানত অতিৰিক্তভাৱে নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ত ২ টা কৈ আধাৰ কেন্দ্ৰ ৪ অক্টোবৰ পৰা ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে। ইতিমধ্যে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া চলাই থকা হৈছে। |
ইয়াৰ উপৰিও পৰ্যায়ক্ৰমে নাজিৰা নাট্য মন্দিৰ, নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাটো আধাৰ কেন্দ্ৰ মুকলি কৰা হ’ব। গাঁও পঞ্চায়ত সমূহতো জিলা প্ৰশাসনৰ তৰফৰ পৰা আধাৰ কেন্দ্ৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই আধাৰ কেন্দ্ৰ সমূহ হ’ল মেকিপুৰ, নাজিৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বাণ্টুং, জয়মতী, গেলেকী, পিয়লি ফুকন, বৰবৰুৱা, ন-পাম বৰুৱাটি, বিহুবৰ, দোলাকাষৰীয়া, ন-পুখুৰী, ৰজাভেটা, ফুলপানী, ৰহদৈ পুখুৰী, ৰমণী, লেঙিবৰ, চুকাফা, শিমলুগুৰি আৰু নাজিৰা গাঁও পঞ্চায়ত। |
খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকল হিতাধিকাৰীয়ে নিজৰ নাম সমূহ আধাৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা নাই তেওঁলোকক উপৰোক্ত আধাৰ কেন্দ্ৰ সমূহত গৈ নামভৰ্তি কৰিবলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে আহ্বান জনাইছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 18 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>ভাৰতৰ ২০২১ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচন সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা সাংবাদিকসকলক উদ্দেশি চি পি জে’এ এলানি নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে। |
March 8, 2021 9:59 AM EST |
সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী ভিন্ন ভাষাত উপলব্ধ আছে নিউ য়ৰ্ক, ৮ মাৰ্চ, ২০২১ – ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত অনুস্থিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন সামৰি সংবাদ বিস্তাৰৰ সৈতে জড়িত থকা সম্পাদক, সাংবাদিক আৰু ফটো সাংবাদিক সকলক উদ্দেশি সাংবাদিক সুৰক্ষা সমিতি (চমুকৈ চি পি জে)এ এলানি নতুন নিৰ্বাচন কেন্দ্ৰিক সুৰক্ষা নিৰ্দেশনাৱলী যুগুত কৰি… |
Read More › |
ভাৰতৰ ৰাজ্যিক বিধান সভা নিৰ্বাচন ২০২১: সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী |
March 5, 2021 10:02 AM EST |
চলিত ২০২১ বৰ্ষৰ অহা মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত বিধানসভাৰ নিৰ্বাচন অনুস্থিত হ’ব। এই নিৰ্বাচনসমূহ সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা গণসংযোগ মাধ্যমৰ কৰ্মচাৰীসকল যিকোনো ধৰণৰ সম্ভাৱনীয় শাৰীৰিক আঘাত, ভীতিপ্ৰদৰ্শন, আৰু হাৰাশাস্তি; অনলাইন ভাবুকি; ক’ভিড–১৯ সংক্ৰমণৰ আশংকা; গ্ৰেপ্তাৰ অথবা আটক; আৰু প্ৰতিবেদন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ইন্টাৰনেট একচেছকে ধৰি… |
Read More › |
চিপিজে নিৰাপত্তা পৰামৰ্শৱলীঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাতৰি পৰিবেশন |
July 8, 2020 5:07 PM EDT |
২০ মে’, ২০২১ ত আপডেট কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’) ই ১১ মাৰ্চ, ২০২০ ত ক’ভিড-১৯ (ন’ভেল ক’ৰোনা ভাইৰাছ) ৰ প্ৰাদুৰ্ভাবক অতিমাৰী হিচাপে ঘোষণা কৰে। বাতৰি অনুসৰি এই গোলকীয় পৰিস্থিতিৰ বিবৰ্তন অব্যাহত আছে আৰু ক’ৰোনাভাইৰাছৰ নতুন প্ৰজাতি চিনাক্ত হোৱা আৰু ক’ভিড-১৯ ৰ টিকাদান কাৰ্য্যক্ৰম তীব্ৰ গতিত আগবঢ়াৰ পৰিপ্ৰেক্ষিতত দেশসমূহে তেওঁলোকৰ ভ্ৰমণৰ ক্ষেত্ৰত বলবৎ থকা… |
Read More › |
Uncategorized by Year: 2021 2020 |
Back to Top |
Subscribe to CPJ Newsletters: |
Email Address |
Sign Up |
Become a Supporter Donate |
Contact Us |
CPJ is a 501(c)3 non-profit. |
Our EIN is 13-3081500. |
Committee to Protect Journalists |
The John S. and James L. Knight Foundation Press Freedom Center |
P.O. Box 2675 |
New York, NY 10108 |
Tel 212-465-1004 |
Fax 212-465-9568 |
[email protected] |
Except where noted, text on this website is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License. |
Images and other media are not covered by the Creative Commons license. For more information about permissions, see our FAQs.<eot>সদ্য পৰিচিত কোলাহলৰ পৰিবেশ সেইৰাতি নাছিল ইঞ্জিনিয়াৰিং কলেজৰ পাঁচ নম্বৰ হোষ্টেলত৷ ওপৰৰ মহলাৰ বাৰাণ্ডাত চলি থকা কেৰম খেলৰ পৰা অহা দুই এটা মাতেই যি কপাইছিল জানুৱাৰীৰ কুৱলিৰ চাদৰ৷ দুপৰীয়া ঘোষিত চেমিষ্টাৰ ৰিজাল্টে সৃষ্টি কৰা এই উদাসিনতা হয়তো আৰু দুই তিনি দিন বিৰাজ কৰিব হোষ্টেলত৷ অবশ্যে ৰিজাল্ট বেয়া হোৱা বাকীবোৰৰ মন আগৰ অবস্থালৈ ঘূৰি আহিলেও ব্যতিক্ৰম হৈ ৰব বিক্ৰমৰ ক্ষেত্ৰত৷ দূপৰীয়া ৰিজাল্ট চোৱাৰ পৰাই হাঁহো নে কান্দো যেন ভাব লৈ থকা বিক্ৰমৰ কোঠাত শান্তনা দিবলৈ উপস্থিত হৈছিলহি ৰাজ আৰু অমৃত৷ |
“শিক্ষকৰ নামত কলংক সি এটা, ইমান পঢ়া লিখা মানুহ এটা ইমান তললৈ কেনেকৈ পৰিব পাৰে বে? ” –ক্ষোভত ৰাজে বিক্ৰমৰ বিছনাত ঘোচা এটা মাৰি কৈছিল৷ |
“নাপাই এনেকুৱা কৰিব কাৰ’বাৰ লগত, শাও খাই মৰিব সি”- অমৃতেও একে সুৰতে কৈছিল তল মূৰ কৰি থকা বিক্ৰমৰ দিশত চাই৷ |
“বহীখন ৰি-কল কৰো বুলি ভাবিছো”- বিক্ৰমে লাহেকৈ কলে৷ |
“ওহো, সি নিজে ইচ্ছা কৰি তোক ফেইল কৰাইছে যেতিয়া বহী ৰি-কল কৰি লাভ নহব৷ ”- চিগাৰেট এটা মূখত লৈ ৰাজে পুনৰ গৰজি ৰ্উঠিল-“ আমাৰ এই পৰীক্ষাৰ বহী চোৱাৰ চিষ্টেমটোৱে বেয়া বুজিছ’, নিজ ইচ্ছা মতে যি টি কৰিব পাৰে শিক্ষকবোৰে৷ ” |
“কিন্তু কিবা এটা টো কৰিব লাগিব ন’৷ ”-ৰাজৰ কথাত নিৰাশ হৈ অমৃতে কলে৷ |
“অৰুনিমাই এক্স টেকৰ এইচ আৰ জনলৈ মেইল এটা কৰিছে অনুৰোধ কৰি, পৰীক্ষাৰ আগত বেমাৰ হৈছিল বুলি লিখিব’ কৈছো”৷ -বহুতদেৰিৰ মূৰত মূখত অলপ আশাৰ ভাব লৈ বিক্ৰ্মে কলে৷ |
“ৰিপ্লাই আহিছে কিবা? ”-ৰাজে সুধিলে৷ |
“নাই অহা বৰ্তমানলৈ৷ ” |
“তোক নিৰাশ কৰিবৰ অলপো মন নাই পিছে যোৱা বছৰ অৰুপ দাই বেক থকাৰ বাবে বেমাৰৰ অজুহাত দেখুৱায়ে এক্স-টেকৰ কেম্পাচ ইণ্টাৰভিউত বহিব খুজিছিল, বহিব নিদিলে কিন্তু”৷ –ৰাজৰ কথাষাৰ শুনি পূনৰ তলফালে চাইছিল বিক্ৰ্মে৷ |
ৰাজে পূনৰ কিবা এষাৰ কব খুজোতেই দুৱাৰত কোনোবাই টোকোৰিয়ালে, “দাদা, আহিব পাৰোনে? ” |
“আহ”-বিক্ৰ্মৰ পৰা সহাৰি পাই জুনিয়ৰ লৰা দুটা সোমাই আহিল৷ “ৰাজ দাকে বিচাৰি আহিছিলো” |
“ক’” |
“দাদা, বস্তু কেইটা আপোনাৰে কোঠাতে থৈ আহিছো, বাকী থকা টকা কেইটা লওক”- ৰাজে টকা কেইটা জেপত ভৰাই বিক্ৰমৰ দিশত চালে৷ “বীয়েৰ খাবি? ” |
“তঁহতলৈ কম নহব? ”-খোৱাৰ ইচ্ছা লৈ বিক্ৰমে সুধিলে৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.