text
stringlengths 0
188k
|
---|
৬) বয়স্ক লোক সকল দোমোজাত পৰি মানসিক ভাবে ভাঙি পৰিব পাৰে, সহায় বিচাৰিব পাৰে। তেনে অবস্থাত তেওঁলোকৰ ঔষধ পাতি তথা দৈনন্দিন প্ৰয়োজনসমূহ যোগান ধৰি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়োৱা। |
চিত্ৰা বৰ্মণ |
প্ৰিয়ংকা দত্ত |
কৰোনা মহামাৰীৰ বাবে হোৱা শিশু তথা কিশোৰ-কিশোৰীৰ অসুবিধা |
বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই মহামাৰীৰ পৰা হাত সাৰিবলৈ বিশ্বৰ প্ৰত্যেকজন ব্যক্তি গৃহবন্দী হব লগা হৈছে। এই গৃহবন্দীত্বৰ জীৱন প্ৰায়বোৰ লোকৰ বাবে যেন এক অভিসাপ স্বৰূপ হৈ পৰিছে। মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰা অসমত লকডাউন আৰম্ভ হয়। বৰ্তমানেও অসমত সকলোৱে গৃহবন্দীত্বৰ জীৱন কটাই আছে। আৰু ইয়াৰ ফলত শিশু তথা ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী সকল যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে। বিশেষকৈ তেওঁলোক বিদ্যালয়লৈ যাব পৰা নাই। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মিছে। লকডাউন খোলাৰ পিছৰ মাহ কেইটাত সম্পূৰ্ণ পাঠ্যক্ৰম আয়ত্ব কৰিব পাৰিবনে, এই ভাবনাত ছাত্ৰ-ছাত্ৰী সকল হতাশগ্ৰস্ত হৈছে। যদিও কিছু ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে পাঠদান কৰা হৈছে, তথাপি সকলো ছাত্ৰ-ছাত্ৰীৰ হাতত স্মাৰ্ট ফোন নথকাৰ বাবে এই সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। এনেদৰেই সেইসকল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা বছৰ পাৰ হৈ যাব নেকি? ইয়াকে লৈ সেইসকল ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনহাতে শিশুসকলৰ ক্ষেত্ৰত, বহুতে হয়তো শিশুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পৰা নাই, ফলত বহু শিশুৱে পুষ্টিকৰ খাদ্যৰ অভাবত ভুগিছে। এইক্ষেত্ৰত স্থানীয় বাসিন্দা অপৰাজিতা গগৈক সোধাত কয় যে – এই ক’ৰোনাৰ পৰা হাত সাৰিবলৈ হ’লে কেৱল এজন ব্যক্তিয়েই নহয়, প্ৰত্যেকজন ব্যক্তিয়ে সজাগ আৰু সচেতন হ’ব লাগিব। নিজে ব্যৱহাৰ কৰা কাপোৰ, অন্যান্য সামগ্ৰী, বাহিৰলৈ ওলাই গ’লে লগত নিয়া বা অনা সামগ্ৰীসমূহ চেনিটাইজ কৰিব লাগে অথবা চাবোনেৰে ধুব লাগিব। তেতিয়াহে এই ক’ৰোনা সন্ত্ৰাসৰ পৰা মানৱজাতিয়ে পৰিত্ৰাণ পাব বুলি তেখেতে কয়। আনহাতে, কিশোৰী উন্মনা বৰুৱাক সোধাত কয় – এই ভাইৰাছ এনে এবিধ ভাইৰাছ, য’ত মানুহৰ জ্বৰ, চৰ্দি, ডায়েৰিয়া, মূৰৰ বিষ আদি লক্ষণ সমূহে দেখা দিয়ে। আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে পৰিস্কাৰকৈ থাকি নিজৰ হাতখন প্ৰতি ঘন্টাৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে ধুব লাগে বুলি কোৱা হয়। দ্বিতীয়তে, তেখেতে স্মৰ্ট ফোন নথকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্হা লবলৈ অনুৰোধ জনায়।<eot>শাস্ত্ৰত তুলসীৰ পিছতে কল গছক অতি শুভ বুলি গণ্য কৰা হয়। বৃহস্পতি গ্ৰহৰ সৈতে ইয়াৰ সম্বন্ধ আছে বুলি কোৱা হয়। শুভ আৰু মাংগলিক কামত কল গছৰ বিশেষ গুৰুত্ব আছে। |
কল গছৰ শিপা হালধীয়া সূতাৰ লগত দেহত ধাৰণ কৰিলে বৃহস্পতি শক্তিশালী হয়।যদি সঠিক দিশত কলগছ ৰোপণ কৰা হয় তেনেহলে বহু ৰোগৰ পৰাও হাত সাৰিব পৰা যায়। |
কিন্তু এই কলগছবোৰ কোনটো দিশত ৰোপণ কৰিব লাগে আপুলি জানেনে ? বাস্তু-শাস্ত্ৰৰ দ্বাৰা ঘৰৰ কোন দিশত কল গছ ৰোপণ কৰিলে শুভ সেয়া জানিব পাৰি। |
Contents hide |
1 ঘৰৰ কোনটো দিশত কলৰ গছ ৰোপণ কৰিব নালাগে– |
2 কলৰ চমৎকাৰী উপকাৰ সমূহ হৈছে– |
3 Share this: |
ঘৰৰ কোনটো দিশত কলৰ গছ ৰোপণ কৰিব নালাগে– |
ঘৰত কলগছ ৰোপণ কৰিলে বৃহস্পতি ৰ সৈতে সম্পৰ্কিত সকলো সমস্যা আঁতৰ হয়।ঘৰৰ শিশুৰ পক্ষটো সদায় সুখী হৈ থাকে। বিবাহিত জীৱনত কোনো অসুবিধা নাহে। |
বাস্তুৰ মতে,যদি আপুনি ঘৰৰ বাগিচাত কলগছ ৰোপণ কৰিবলৈ গৈ আছে,তেন্তে মনত ৰাখিব যে ইয়াক কেতিয়াও পূব বা দক্ষিণ দিশৰ দক্ষিণ-পূব কোণত অৰ্থাৎ বাগিচাৰ মধ্য স্থানত ৰোপন নকৰিব। |
ইয়াৰ বাহিৰেও,বাস্তু শাস্ত্ৰত কোৱা হৈছে যে পশ্চিম দিশত কলগছ ৰোপণ কৰাটো সঠিক নহয়। |
আৰু পঢ়ক |
>> এলোভেৰা গছে আপোনাৰ জীৱন সলনি কৰিব পাৰে |
>> ৰাতিপুৱা সাৰ পাই এই ৭টা কাম নকৰিব ! |
কলৰ চমৎকাৰী উপকাৰ সমূহ হৈছে– |
যদি বৃহস্পত্তিয়ে সমস্যা প্ৰদান কৰে,তেন্তে বৃহস্পতিবাৰে কল দান কৰক।কিন্তু দান কৰাৰ দিনা আপুনি নিজে কল নাখাব। যদি বৃহস্পতি দুৰ্বল হয়,তেন্তে সূৰ্য্যোদয়ৰ সময়ত কল খাব। |
ভগৱান গণেশক কলৰ মালা এটা আগবঢ়াওক। পিছত ইয়াক গ্ৰহণ কৰক ।ই শিশুৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যা সমাধান কৰিব।<eot>অৰুণাচল প্ৰদেশত আপছুৱে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভে ৰাজ্যখনত বসবাস কৰি থকা অনা অৰুণাচলী লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। শনিবাৰেও আপছুৱে এই অভিযান অব্যাহত ৰখাৰ পিছত অনা অৰুণাচলী লোকসকলে ভয়-শংকাত সময় পাৰ কৰিছে। |
বাহিৰৰ পৰা আহি বাস কৰি থকা এই লোকসকলে যিকোনো সময়তে ৰাজ্যখন ত্যাগ কৰিবলগীয়া হ’ব পাৰে বুলি শংকিত হৈ পৰিছে। আপছুৱে দেশৰ লগতে অৰুণাচলৰ স্বাৰ্থত এন আৰ চি উন্নীতকৰণৰ যি দাবী উত্থাপন কৰিছিল তাৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে পূৰ্বে ঘোষণা কৰি অনুসৰি ৰাজ্যখনত শুকুৰবাৰৰ পৰা অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ কৰে। |
আপছুৱে শুকুৰবাৰে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভত এতিয়ালৈকে এহেজাৰৰো অধিক আন্ত:ৰাজ্যিক পাৰপত্ৰ নথকা তথা কোনো তথ্য পাতি নথকা বৈধ ভাৰতীয় লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইপিনে আৰক্ষীয়ে এই সন্দেহজনক লোকসকলক অসমত মুকলি কৰি দিয়ে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশত চাকৰি কৰি থকা কৰ্মচাৰীসকলকো আপছুৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। |
জানিব পৰা মতে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভত ৰাজ্যখনৰ আন এটা ছাত্ৰ সংগঠন ওৱাংচু ছাত্ৰ সন্থায়ো সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সৰ্বাধিক সন্দেহজনক লোক থকা বুলি অৰুণাচলৰ কানুবাৰীত প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আপছুৱে দাবী জনাইছে। ইপিনে ৰাজ্যখনৰ ১৮ জিলাত একেলগে এই অপাৰেশ্যন ক্লীন ড্ৰাইভ চলোৱা বুলি আপছুৱে জানিবলৈ দিছে। |
আনহাতে, অৰুণাচল ৰাজ্যিক প্ৰশাসনে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভক আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে। পাপুমপাৰেৰ উপায়ুক্তই জানিব দিয়ে যে ‘বেংগল ইষ্টাৰ্ণ ৰেগুলেশ্যন আইন ১৮৭৩’ৰ বিপৰীতে আপছুৱে আইন হাতত তুলি লোৱাটো আইন বিৰোধী কাম। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিটিচি পৰিষদীয় নিৰ্বাচনলৈ যিমানেই দিন চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় আৰু উত্তপ্ত হৈ পৰিছে বিটিচিৰ ৰাজনৈতিক বতাহ। এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক সভা-সমিতিৰ জৰিয়তে সমালোচনাৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। |
শনিবাৰে বাক্সা জিলাৰ ২৯ নং শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাওকাটাত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে বিপিএফ দলে। |
শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা এম চি এল এ গণেশ কছাৰীৰ সমৰ্থনত শুক্লাই চেৰফাং ব্লক বিপিএফৰ সভাপতি জিনাৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৰ সদ্য প্ৰাক্তন সভাপতি তথা য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু আৰু ৫ নং কোকৰাঝাৰ লোকসভা সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ (হীৰা) শৰণীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰে। |
সাংসদ গৰাকীয়ে লগতে কয়, “নিৰ্বাচনে আমাৰ ভৱিষ্যতৰ ভাল-বেয়া, উন্নতি আদিৰ দিশবোৰ নিৰ্ধাৰণ কৰে। সেয়ে ৰাইজে নিজৰ বহুমূলীয়া ভোটদানৰ ক্ষেত্ৰত সচেতন হোৱা প্ৰয়োজন। এই নিৰ্বাচনৰ জৰিয়তে এজন উপযুক্ত জনপ্ৰতিনিধি নিৰ্বাচন কৰি একোটা অঞ্চলৰ উন্নয়ন, শান্তি-প্ৰগতি, বিভিন্ন কল্যাণমূলক আঁচনিৰ বুনিয়াদ সৃষ্টি কৰা হয়। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজে এবাৰ ভুল কৰিলে পিছত অনুশোচনা কৰি লাভ নাই”। |
ভাষণ প্ৰসংগত দৈমাৰীয়ে প্ৰমোদ বড়োৰ প্ৰসংগ উত্থাপন কৰি এবছুৰ সভাপতিৰ দৰে পদত থকাৰ পিছতো শান্তি চুক্তিত সাক্ষৰ কৰি য়ুপিপিএলৰ দৰে ৰাজনৈতিক দলত যোগদান কৰি এবছুক ধ্বংস কৰা বুলি কটাক্ষ কৰি সদায় বড়ো বড়ো বুলি চিঞৰি ৰাজভোগ দখল কৰিবলৈ ওলোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। |
প্ৰমোদ বড়োও এতিয়া আন ৰাজনৈতিক দলৰ নেতাৰ দৰে হৈ পৰিল বুলি কৈ তেওঁৰ কথাত ৰাইজক বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায়। |
আনহাতে কোকৰাঝাৰৰ সাংসদ নব কুমাৰ শৰণীয়াই বড়ো আৰু অনাবড়োৰ নামত ৰাজনীতি কৰি নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰি ৰাইজক অশান্তিৰ বাদে একো দিব পৰা নাই বুলি উল্লেখ কৰি নব কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা দল গঠন কৰিলেও ৰাইজক একো সুৰক্ষা দিৱ নোৱাৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। |
নব শৰণীয়াই কোনো জাতিৰ বাবে উন্নয়নৰ একো কাম কৰিবলৈ সক্ষম হোৱা নাই যদিও বড়ো-অনাবড়ো ৰাইজৰ মাজত সংঘাত অনাৰ ক্ষেত্ৰত ঠিকেই কাম কৰা বুলিও সাংসদ দৈমাৰীয়ে কটাক্ষ কৰে। লগতে নৱকুমাৰ শৰণীয়াই চিঞৰি অহা অনাবড়ো প্ৰকৃততে কোন বুলি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰি তেওঁক নিৰ্বাচনত উপেক্ষা কৰাৰ বাবে ৰাইজক আহ্বান জনায়। |
শুক্লাই চেৰফাং ব্লক বিপিএফৰ সম্পাদক দিগন্ত বেজবৰুৱাই আঁত ধৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকি আন এগৰাকী বক্তা তথা বিটিচিৰ চিএমবিৰ সদস্য চাহাবুদ্দিন আহমেদে গোবিন্দ বসুমতাৰী, প্ৰমোদ বড়ো, নব কুমাৰ শৰণীয়াক সমালোচনা কৰি তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ শাসন কালত বিটিচি অঞ্চলত বৈপ্লবিক উন্নয়ন সাধন হৈছে। |
য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োয়ে এবছুৰ নেতৃত্ব লৈ থাকোতে এন আৰ চিৰ সময়ত বাঙালী আৰু গোর্খা সম্প্ৰদায়ৰ লোক সকলৰ বিৰুদ্ধে মাত মাতিছিল বুলিও মন্তব্য কৰি আগন্তক নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুপিপিএলক প্ৰত্যাখ্যান কৰিবলৈ ৰাইজক আহ্বান জনায়। |
যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে সভাত ভাষণ ৰাখি কয় যে আগন্তুক বিটিচি নিৰ্বাচনত গণেশ কছাৰীক ৰাখিব পৰা শক্তি কাৰো নাই, তেওঁ অপ্ৰতিৰোধ্য। |
তেওঁ পুনৰ কয় যে এনডিএফবি নেতাক জেলত ৰাখি বিটিচি চীফ হোৱাৰ প্ৰমোদ বড়োৰ যি সপোন সেয়া কেতিয়াও পূৰণ নহয়। |
সভাত বাক্সা জিলা বিজেপিৰ সম্পাদক তথা বিগত পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী বাসুদেৱ বসুমতাৰী, সুৱাগপুৰ শাখা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ইশ্বৰ ছেত্ৰী, দেওচুঙা প্ৰাইমাৰী এবছুৰ সভাপতি শান্তি বড়ো আদিকে ধৰি য়ুপিপিএল, বিজেপি, অবড়ো সুৰক্ষা সমিতি, আগছু, কংগ্ৰেছ, চিপিআই(এম), এবছু, প্ৰাক্তন এনডিএফবি সমন্বয়ৰক্ষী সমিতি আদিকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ চাৰি শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। |
সভাত তামুলপুৰ বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি আদিত্য সিনহা, সম্পাদক উপেন বসুমতাৰী, যুব বিপিএফৰ সভাপতি মৃদুল ব্ৰহ্ম, সম্পাদক ৰুবুল আলী, এনডিএফবি(চাওৰাইগৌৰা) গোটৰ এৰিয়া কমাণ্ডাৰ বি দাহাল ঠুংগৰী, সহকাৰী কমাণ্ডাৰ বি বিফাং আদিকে ধৰি বিপিএফ দলৰ নেতা-কৰ্মী, মহিলা বিপিএফ নেত্ৰী সকল উপস্থিত থাকে। |
ইপালে সভাত এনডিএফবি (চাওৰাইগৌৰা) ফৈদৰ একাংশ নেতা বিপিএফৰ নিৰ্বাচনী সভাত উপস্থিত থকা কাৰ্যই বিটিচিৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিনাৰাম বড়োক অধ্যক্ষ আৰু কৃষ্ণ সুবেদীক মুখ্য আহ্বায়ক হিচাপে লৈ ২৯ নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিখনো গঠন কৰা হয়। |
Recent News |
‘যুঁজখন কঠিন, কিন্তু ন্যায় লাভ কৰিম বুলি বিশ্বাস আছে’: ওমৰ খালিদক দোষমুক্ত ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া পিতৃৰ |
এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড! হোষ্টেলৰ ‘চিনিয়ৰ’ৰ প্ৰহাৰত কাণ বিকল হ’ল ছাত্ৰৰ |
কিয় হিন্দী দৃশ্যম-২ ছবিখনে চেৰ পেলাব নোৱাৰিলে দৃশ্যম-১ক? মূল মালয়ালম ছবিখনৰ কিমান কাষ চাপিল! |
খুজেস্তান প্ৰদেশত পাৰমাণৱিক শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ইৰাণে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিতৰ্কৰ মাজত সুস্মিতা দেব : প্ৰতিবাদৰ সময়ত দলীয় কৰ্মীক বাহন কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে (ভিডিঅ’ চাওক) |
দিল্লীৰ ৰাজপথত দলীয় কৰ্মীৰ কান্ধত উঠি প্ৰতিবাদী শোভাযাত্ৰাত নামিল সুস্মিতা |
by এন ই নাও নিউজ |
September 10, 2018 6:06 pm |
নতুন দিল্লীত প্ৰতিবাদৰ সময়ত দলীয় কৰ্মীৰ কান্ধত উঠিল অসমৰ কংগ্ৰেছী সাংসদ সুস্মিতা দেব। |
276 |
VIEWS |
Share on FacebookShare on Twitter |
ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি কংগ্রেছে দিয়া ভাৰত বন্ধৰ সময়ত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দলীয় কৰ্মীৰ কান্ধত উঠিল শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেব। |
দিল্লীৰ ৰাজপথত ঘটা এই ঘটনাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমালোচনাৰ সন্মুখীন কৰাইছে সাংসদগৰাকীক। মানুহৰ কান্ধত উঠি মানুহক বাহন হিচাপে ব্যৱহাৰ কৰাটোৱে এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনৈতিক নেতাৰ কাণ্ডজ্ঞান সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক কৰিছে। |
মন কৰিব লগীয়া কথা যে দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা স্নাতক ডিগ্ৰী লৈ ইংলেণ্ডত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। দেশ-বিদেশে উচ্চ শিক্ষাগ্ৰহণ কৰি অহা নেত্ৰীগৰাকী নিখিল ভাৰত মহিলা কংগ্ৰেছৰো সভানেত্ৰী। |
তাৰোপৰি তেওঁ যোৱা প্ৰায় পাঁচটা দশক ৰাজনীতিত থকা এটা পৰিয়ালৰ সদস্যা। তেওঁৰ ককাক সতীন্দ্ৰমোহন দেবে ১০ বছৰ ধৰি অসমৰ বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল আৰু মন্ত্ৰীও হৈছিল। দেউতাক সন্তোষমোহন দেবো অসমৰ ৰাজনীতিৰ এজন উল্লেখযোগ্য ব্যক্তি। এইখন চৰকাৰৰ আগলৈকে সন্তোনমোহন দেব মন্ত্ৰী হৈ আছিল। |
ইয়াৰ পিছতো এনেকুৱা এটা ৰাজনৈতিক সচেতন পৰিয়ালৰ পৰা অহা নেত্ৰীগৰাকীৰ আজিৰ কাণ্ডই বহুতকে হতভম্ভ কৰিছে। ছ’চিয়েল মিডিয়াতো নেত্ৰীগৰাকীৰ আজিৰ এই কাণ্ডক লৈ ইতিমধ্যে সৰৱ চৰ্চা আৰম্ভ হৈ গৈছে। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে বিশ্ব হিন্দু পৰিষদৰ বহিষ্কৃত শীৰ্ষনেতা তথা কট্টৰপন্থী হিন্দুত্ববাদী হিচাপে জনাজাত প্ৰবীণ ভাই টোগাড়িয়াক দুমাহৰ বাবে অসম ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও আজি সেই নিষাধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই নেতাজন পুৱাতে গুৱাহাটীত উপস্থিত হৈছেহি। |
গুৱাহাটীত ১৮ আৰু ১৯ জুলাইত অনুষ্ঠিত হ’ব লগীয়া নৱগঠিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ এখন সন্মিলনত নেতাজনে ভাষণ দিয়াৰ কথা। |
মন কৰিব লগীয়া যে সততে সাম্প্ৰদায়িক মন্তব্য দিয়া আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা নেতাজনক ৰাজ্যখনত এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়ত পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ শংকা কৰি ৰাজ্য প্ৰশাসনে ভ্ৰমণত নিষাধাজ্ঞা আৰোপ কৰিছিল। কিন্তু তাৰ পিছতো সংগঠনটোৰ তৰফৰ পৰা নেতাজন আহিবই বুলি হুংকাৰ দিয়া হৈছিল। লগতে সংগঠনটোৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ বিৰোধী শ্ল’গান দি আৰু মোদী আৰু সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰিছিল। |
এই নিষেধাজ্ঞা আৰু প্ৰবীণ ভাইৰ সৈতে থকা হিন্দুত্ববাদী শিবিৰটোৰ প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত আজি নেতাজনৰ উপস্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে। চৰকাৰৰ স্থিতি এই ক্ষেত্ৰত সকলোৱে মন কৰিব লগীয়া বিষয়। আনহাতে প্ৰশাসনে নেতাজনক গ্ৰেপ্তাৰ কৰিব নে নিষ্ক্ৰিয় ভূমিকা লয় সেয়াও লক্ষণীয় হ’ব। |
প্ৰবীণ ভাই টোগাড়িয়াই আজি বৰঝাৰ বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আহে। তাৰ পিছতে তেওঁ উগ্ৰতাৰা মন্দিৰ দৰ্শন কৰিব। মন্দিৰ দৰ্শনৰ অন্তত পৰিষদৰ বিষয়ববীয়াৰে বৈঠকত মিলিত হ’ব টোগাড়িয়া। ছচিয়েল মিডিয়া টীমৰ সৈতেও মিলিত হ’ব আলোচনাত। আন্তঃৰাষ্ট্ৰী হিন্দু পৰিষদৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। |
Recent News |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালাত ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত এটা পৰিয়ালৰ ঘৰ-দুৱাৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰিয়ালটোৰ পাঁচ জনকৈ সদস্যৰ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। বানৰ পানীত প্লাৱিত শতাধিক গাঁও। জিলাখনৰ অসম-মেঘালয় সীমান্তবৰ্তী শতাধিক গাঁৱত কৃত্ৰিম বানত জলবন্দী লক্ষাধিক লোক। |
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ প্ৰায় ৩৫ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে নৈপৰীয়া শতাধিক গাঁও জলমগ্ন কৰিছে। একেদৰে জিলাখনৰ পূব প্ৰান্তত থকা অসম-মেঘালয় সীমান্তবৰ্তী প্ৰায় ১৫ খন গাঁও পঞ্চায়ত এলেকা কৃত্ৰিম বানৰ কবলত পৰিছে। বিগত প্ৰায় ২০ দিন ধৰি শতাধিক গাঁও কৃত্ৰিম বানৰ কবলত পৰি লক্ষাধিক লোক জলবন্দী হৈ থাকিব লগীয়া হৈছে। |
ইফালে মেঘালয়ৰ গাৰো পাহাৰৰ লগতে মানকাচৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত শুকুৰবাৰে অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা আৰু বৰকোনা এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। তেলঢালা গাঁৱৰ জুলহাছ শেখ নামৰ লোক এজনৰ পৰিয়াল পুৱা শুই থকা অৱস্থাত পাহাৰৰ মাটি খহি ঘৰৰ তলত পৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত পৰিয়ালটোৰ সদস্য কেইজনৰ প্ৰাণ ৰক্ষা পৰে। অৱশ্যে ইয়াৰে এজন গুৰুত্বৰভাৱে আহত হয়। |
ভূমিস্খলনৰ ফলত পৰিয়ালটোৰ এটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাত পৰিয়ালটো গৃহহীন হৈ পৰিছে। একেদৰে গাঁওখনৰ পাৰ্শ্ববৰ্তী বৰকোনাত ভূমিস্খলনৰ ফলত এন ই চি পথৰ যাতায়ত ব্যাহত হৈ পৰে। অৱশ্যে ভূমিস্খলনৰ পিছত পানীৰ ঢল নামি অহাত এন ই চি পথৰ ওপৰেদি পানী বৈ থকা পৰিলক্ষিত হৈছে। গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ ন ন অঞ্চল বুৰাই পেলাইছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 2 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 13 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 22 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ<eot>ভাৰতৰ চৌদিশে অতি উলহ মালহেৰে উদযাপন কৰা হৈছে নৱৰাত্ৰী। সুন্দৰকৈ সজাই তোলা মণ্ডপবোৰে সকলোৰে হৃদয় জয় কৰি আছে। কিন্তু শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ এটা মন্দিৰে ইয়াৰ অতিৰিক্ত সজ্জাৰ বাবে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। এশ বছৰতকৈও অধিক পুৰণি দেৱী বসৱী কন্যাক পৰমেশ্বৰীৰ মন্দিৰত মুদ্ৰাৰ নোট আৰু সোণেৰে সজাই তোলা হৈছে। মন্দিৰৰ নিয়মীয়া স্থাপত্য নিজৰ মাজতে আকৰ্ষণীয় যদিও নৱৰাত্ৰী উৎসৱৰ সময়ত প্ৰকৃত চকু কপালত তুলিব পৰা কথাটো হ’ল ইয়াৰ সজ্জা। নৱৰাত্ৰীৰ বাবে প্ৰশাসকসকলে দেৱীগৰাকীক ৮ কোটি টকাৰ ধন আৰু সোণৰ অলংকাৰেৰে শোভা বঢ়াইছে। লগত সংযোজন কৰি ক’বলৈ গ’লে কেৱল দেৱীয়েই এই বিলাসীতাৰে সজ্জিত নহয়, মুদ্ৰাৰ নোটেৰে সজাই তোলা হৈছে সমগ্ৰ মন্দিৰটো। গছ আৰু চিলিঙত বাণ্ডিল ওলমি আছে। |
এ এন আইৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছিল এটা ছেট স্নেপ। ইয়াত স্নেপসমূহ চাওক: |
Visakhapatnam, Andhra | A 135-yr-old temple of Goddess Vasavi Kanyaka Parameswari decorated with currency notes & gold ornaments worth Rs 8 cr for Navratri |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.