text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আলমাৰীটো খুলিলেই চকু পৰে ফাইলটোত আৰু ফাইলটোত চকু পৰিলে মনটো বিষাদ হৈ উঠে৷ প্ৰায়ে খুলি চাও ফাইলটোৰ ভিতৰত থকা মোৰ বিভিন্ন দৰকাৰী কাগজ পত্ৰৰ সৈতে থকা সেই নিৰ্দিষ্ট খামটো৷ খামটো খুলি তাত থকা সেই বিশেষ কাগজ কেইখন উলিয়াই চুই চাও, মুহূৰ্ততে বুকুত এটা খোঁচ মৰা অনুভৱ কৰো, চকু দুটা সেমেকি উঠে, আকৌ অতি আলফুলে কাগজ কেইখন সামৰি খামটো ভৰাই থও৷
এইখিনি কথা আজিলৈকে কাৰো আগত ক’ব পৰা নাই, আনকি একেবাৰে ঘনিষ্ঠ জনকো৷ এয়া মোৰ জীৱনৰ একান্ত ব্যক্তিগত এক অধ্যায়, অথচ সেই অধ্যায় আজি সমূহীয়া কৰি দিব মন গ’ল৷ কিছুমান কথা উকমুকাই থাকি কষ্ট দিয়ে, কাৰোবাৰ আগত প্ৰকাশ কৰিলে মনোকষ্ট যেন আংশিক লাঘৱ হয়৷ ভবা নাছিলো এইবোৰ কথা কেতিয়াবা কাৰোবাক ক’ম, কিন্তু জীৱন আৰু সময়ে দিয়া বিভিন্ন অভিজ্ঞতাৰ দ্বাৰা মানুহ পুষ্ট হৈ উঠে আৰু কিছুমান কথা অকপটে স্বীকাৰ কৰিব পৰা হৈ যায়৷ এইখিনিতে সকলোকে ক্ষমা প্ৰাৰ্থনাৰে জনাও যে কথাখিনি অতি দীঘলীয়া হ’ল, আমনি নাপায় যেন৷
সেয়া আছিল ১৯৯৬ চনৰ শেষৰ পিনৰ কথা৷ মোৰ শৰীৰত প্ৰথম মাতৃত্বৰ অনুভৱ৷ অসুস্থ শৰীৰ যদিও মানসিক সুখ, আবেগ আৰু অনুভূতিয়ে অসুস্থতাক তুচ্ছ কৰিছিল৷ প্ৰতিমাহে তেজপুৰলৈ গৈ চিকিৎসকৰ দিহা পৰামৰ্শ মৰ্মে ঔষধ আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰিছিলো৷ জুন মাহৰ ৰুটিন ছেকআপৰ বাবে যাঁওতে চিকিৎসকে যেন সন্দেহজনক কিবা এটা পালে আৰু সেইদিনা আবেলি তেখেতৰ নাৰ্চিংহ’মত ভৰ্তি কৰালে৷ ultra sound ৰ তথ্য অনুসৰি মোৰ পিছদিনা ছিজাৰীয়ান অষ্ট্ৰোপচাৰ হ’ব বুলি জানিব দিলে মাত্ৰ৷ পৰিয়ালৰ সকলোটি সদস্য মোৰ লগত ব্যস্ত হৈ পৰিলে, মই মাথোঁঁ গম পালো যে সাধাৰণ এটা বিজুতিৰ বাবে নিৰ্দিষ্ট তাৰিখতকৈ এমাহৰ আগতেই অষ্ট্ৰোপচাৰ হ’ব৷ মই মানসিক ভাৱে সাজু হ’লো, মোৰ অপাৰেছন হ’ল, শৰীৰত তেজ যোগান ধৰিব লগা পৰিল ( পিছতহে গম পাও)৷ অপাৰেছনৰ অন্তত যেতিয়া মোৰ সংজ্ঞা ঘূৰি আহিছিল, অনুভৱ কৰিছিলো ৰোগীৰ বিছনাত মই অকলে আছোঁ৷ মোৰ সন্তানটোৰ কথা সোধাত সকলোৱে ক’লে ল’ৰাক আছুতীয়াকৈ চিকিৎসকে ৰাখিব দিছে৷ মোৰ শৰীৰত বিভিন্ন যন্ত্ৰ সংযোজিত কৰি ৰখা হৈছিল, সকলোৰে মুখত এটা গধুৰ দুখৰ ভাৱ থকা যেন লাগিলেও মই সেইকথাত বিশেষ চিন্তা কৰিব নোৱাৰা অৱস্থা৷ চতুৰ্থ দিনা ডাক্তৰে আহি জনালে যে মোৰ সন্তানটো অলপ অসুস্থ আছিল আৰু তাক অশেষ চেষ্টা কৰিও তেওঁ বচাব নোৱাৰিলে, আগদিনা ৰাতি সি ঢুকাল ! মোৰ কি হৈ গৈছিল মই নিজেই গম পোৱা নাছিলো৷ এটা হাতত তেতিয়াও চেলাইন লগোৱা আছিল আৰু পেটত অনুভৱ হৈ আছিল অসহ্য বিষ৷ চকুপানীও হয়তো উলিয়াব পৰা নাছিলো, বেদনাত মুক হৈ পৰিছিলো৷ গম পাই গলো কি কাৰণে সকলোৰে মন বোৰ বিষণ্ণ আছিল৷ অসুস্থ শৰীৰ আৰু বেছিকৈ অসুস্থ হৈ পৰিল৷ দুদিন পিছত কিছু সুস্থ হোৱাত ঘৰৰ মানুহক সন্তানটিৰ কথা সুধিলত সি অলপ অসুস্থ আছিল বুলি ক’লে, চকু আৰু নাক মুখৰ বৰ্ণনা কৰিলে, কিন্তু তাতকৈ আৰু বেছি মোক কোৱা নাছিল৷ আজি মই আচৰিত হওঁ কেনেকৈ মই সেই সত্যক বিনাবাক্যে মানি ললো, কিয় মই চিকিৎসক জনকে হওক বা পৰিয়ালৰ লোককে হওক কিয় সুধিব নোৱাৰলো যে মোক নেদেখুৱাকৈ মোৰ সন্তানক কিয় আঁতৰাই নিয়া হ’ল !
অষ্টমদিনা কিছু সুস্থ হোৱাত ঘৰলৈ উভতিলো খালী হাতেৰে৷ ঘৰ সোমাই কান্দি দিছিলো, মোৰ কোঠাত সজাই থোৱা কেচুৱাৰ ফটোখন ইতিমধ্যে আঁতৰাই নিয়া হৈছিল৷ ঘৰৰ পৰিবেশ বিষণ্ণ হৈ পৰিছিল৷ ইতিমধ্যে মোৰ শৰীৰত মাতৃত্বৰ বাবে হোৱা পৰিবৰ্তন সমূহক চিকিৎসা পদ্ধতিৰে কৃত্ৰিম উপায়েৰে বন্ধ কৰি দিয়া হৈছিল৷ উস! কি নিদাৰুণ যন্ত্ৰনা! কেইদিনমানৰ পিছত ঘৰত এটা ধৰ্মীয় আচাৰ পালন কৰা হয়৷ সেইদিনা মই ultra sound খনৰ copyটো চাইছিলোঁ, লগে লগে মোৰ মূৰ আচন্দ্ৰাই কৰিছিল৷
এমাহমান গ’ল৷ মই কিছু পৰিমাণে শাৰীৰিকভাৱে সুস্থ হ’লো৷ Hydrocephalus ৰোগত আক্ৰান্ত মোৰ ল’ৰাটো গৰ্ভতে মৃত আছিল৷ শেষৰ বাৰ শৰীৰ পৰীক্ষা কৰিব যাঁওতে তাৰ heart beat ৰ উমান পোৱা নগৈছিল বাবে পৰবৰ্তী ব্যৱস্থা চিকিৎসকজনে লবলগীয়া হ’ল৷
ল’ৰাটো মই নেদেখাকৈয়ে হেৰুৱালোঁ৷ চাকৰিয়াল মহিলা হিচাপে মাতৃত্বৰ ছুটীও আবেদন কৰিব নোৱাৰিলো৷ এক মাহৰ medical leave ললো৷ বহুদিনৰ পিছত ছুটী লোৱা টকাকেইটা মোৰ হাতত পৰিল৷ অন্তৰে কান্দি উঠিল৷ ২০ টকীয়া নোটৰ বাণ্ডিল এটাৰ পৰা ১০খন কাগজী নোট খাম এটাৰ ভিতৰত থৈ ফাইলটোত থলো৷ ল’ৰাটোৰ মুখখন দেখা নাপালো, চুই নাপালোঁ, চুমা এটাও দিব নোৱাৰিলো তাক! আছেনে বাৰু এনে কোনো দুৰ্ভগীয়া মাতৃ মোৰ দৰে ! তাৰ বয়সৰ ল’ৰা ছোৱালীবোৰ দেখিলে হেঁপাহ পলুৱাই মৰম কৰিব মন যায়, কিন্তু বাস্তৱত সেয়া সম্ভৱ নহয়৷ internet ব্যৱহাৰ কৰিব জনাৰ পিছত সেই বেমাৰটোৰ বিষয়ে কিছু কথা জানিলো আৰু বিভিন্ন ছবিও দেখিবলৈ পালো৷ সেইবোৰে মনতো সদায় ভাৰাক্ৰান্ত কৰে৷ ল’ৰাটোৰ স্মৃতি লাগি থকা সেই কাগজ নোট কেইটাত বহুত বেদনা থাকিলেও কিবা এটা মৰম সোমাই আছে, যাক নেকি মই আজীৱন বুকুৰ এটুকুৰা মঙহ বুলিয়েই সাঁচি ৰাখিম!
মানসী দেৱী
← তথাপিও তোৰ প্ৰেমত পৰোঁ, জীৱন -ৰশ্মিৰেখা ভূঞা
ধোঁৱাময় দুনীয়াৰ ভয়াবহতা – কৌশিক তালুকদাৰ →
You May Also Like
চাৰ (অনন্ত বৰা)
November 21, 2016 0
আমাৰ ঘৰৰ শেৱালিজুপি (নিকুঞ্জ কাশ্যপ)
October 14, 2016 0
এটা টেলিফ’নৰ কথাৰে (নীলোৎপল শৰ্মা)
August 14, 2014 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>তাই আহোম ছাত্ৰ সন্থা আৰু ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ পৰা আহ্বন জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰে শিৱসাগৰত। বন্ধৰ ফলত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱা পৰিলক্ষিত হয় । প্ৰতিকূল বতৰকো নেওচি পুৱাই বন্ধৰ সমৰ্থকসকল ওলাই আহি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ সময়চোৱাত পুৱাৰে পৰা দোকান পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বিদ্যালয় আদিৰ লগতে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা যায়।
উল্লেখ্য যে , যোৱা ২০ জুলাইত দিল্লীত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক সম্পূৰ্ণ ৰূপে বিফল হোৱা আৰু বাৰে বাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আটাছু আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল ।
কিন্তু লক্ষ্যণীয়ভাৱে আজি আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জনায় যে অসমৰ ৰাইজৰ অনুৰোধ আৰু পূৰ্বতে নিৰ্ধাৰিত হৈ থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় সেয়ে আমি এই বন্ধ ৪৮ ঘণ্টাৰ পৰা ১২ ঘন্টালৈ হ্ৰাস কৰিছো। আজি বিয়লি ৫ বজাত এই বন্ধৰ কাৰ্য্যসূচী অন্ত পৰিব।
ডিমৌৰ ৰাজপথত বন্ধ সমৰ্থকৰ প্ৰতিবাদ
আনহাতে তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ আজি ডিমৌ আঞ্চলিকৰ সদস্য সকলে পুৱাই ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে মৰাণত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বন্ধৰ সমৰ্থন কৰে যদিও প্ৰতিবাদকাৰীসকলে কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে।
ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জাতিৰ স্বাৰ্থত সকলো অসমবাসীকে অসম বন্ধটো সফল কৰিবলৈ আহ্বান জনায়।
Recent News
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সফলতাৰ জয়গান গোৱাত অহৰহ ব্যস্ত থকা চৰকাৰৰ দিনত নগাঁৱৰ কচুৱাত ঘটিছে এক আজৱ ঘটনা। শিক্ষাখণ্ডৰ পয়াঁলগা স্বৰূপ উদঙাইছে এখন বিদ্যালয়ে। শিক্ষকৰ অভাৱত তিনি বছৰে প্ৰধান শিক্ষকৰ পত্নীয়ে কৰিছে স্বেচ্ছামূলক পাঠদান। বিদ্যালয় গৃহ ,ছাত্ৰছাত্ৰী সকলো আছে…
ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়
The CrossCurrent Feb 5, 2022
ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি…
জনপ্ৰিয়
ঐ ৰাম দীপাংক নাথৰ বিয়াহে…
বিশ্ৱ কাপ ফুটবল: গ’ল্ডেন বুটৰ দৌৰত এমবাপে, পিছে পিছে মেছি
প্ৰধানমন্ত্ৰীয়ে ফোন কৰা কৃপাল পাৰমাৰৰ কি হ’ল ?
হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস
‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা…’
পদুম দলিয়াই ‘হাত’ত ধৰিলে হিমাচলীয়ে
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>কালী পূজাৰ প্ৰাকক্ষণত এটা বিষয়লৈ মন কৰেনে ? অন্যান্য প্ৰতিমাৰ দৰে কালীৰ প্ৰতিমাক বস্ত্ৰ পৰিধান কৰোৱা নহয়। কালীৰ মূৰ্তি সদায়ে উলংগ। সকলো দেৱতাকে বস্ত্ৰ পৰিধান কৰোৱা হয় যদিও কালীৰ প্ৰতিমাত কিয় বস্ত্ৰ পৰিধান কৰোৱা নহয় ! ইয়াৰ কাৰণ সম্পৰ্কে হিন্দু শাস্ত্ৰত বিস্তৃতৰূপত উল্লেখ আছে।
কালী দেৱীৰ বহুকেইটা ৰূপৰ কথা শাস্ত্ৰত উল্লেখ আছে। দক্ষিণাকালী, ভদ্ৰকালী, সিদ্ধকালী, গুহ্যকালী আদি নামেৰে কালীক পূজা কৰা হয়। সকলোবোৰৰ মাজত দক্ষিণাকালীৰ ৰূপকেই সৰ্বাধিক পূজা কৰা হয়। এই ৰূপত দেৱীৰ হাতত থাকে এটা ছিন্ন নৰমুণ্ড। আনখন হাতত তৰোৱাল। দেৱীৰ গাৰ বৰণ কলীয়া মেঘৰ দৰে। দিগম্বৰী ৰূপেৰেই আৰাধনা কৰা হয় মা কালীক।
উল্লেখ্য যে কালী আদিশক্তি। তেওঁ কাল বা সময়তকৈ ওপৰত। এই অনন্তকালক কাপোৰে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সেয়ে কালী দেৱী সদায়ে নগ্ন। আনহাতে আন একাংশই কয়, কালী হৈছে শক্তিৰ প্ৰতীক। শক্তিক কোনো আৱৰণেৰে আবদ্ধ কৰিব নোৱাৰি। সেয়ে নগ্ন ৰূপতেই এই শক্তিক পূজা কৰা হয়। ভাৰতীয় সেৱাশ্ৰম সংঘই প্ৰকাশ কৰা গ্ৰন্থ ‘দুই দেৱী’ ত কালীৰ এই ৰূপৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনত স্বামী নিৰ্মলানন্দই লিখিছে, ‘তেওঁ বিশ্বতে বিৰাজমান। অৰ্থাৎ বিশ্বমাতা। তেওঁৰ আভূষণৰ যোগ্য বস্ত্ৰ ক’ত পোৱা যাৱ ?
আৰু পঢ়ক
>> কেৱল সোণেই নহয়, ধনতেৰাছত কিনিব লাগে ঝাড়ু ! সেইদিনা কিয় ঝাড়ু কিনাৰ পৰামৰ্শ দিয়া হয় ?
>> মঙলবাৰে কৰক এই ৫টা বিশেষ কাম, ৰামভক্ত হনুমানৰ কৃপাত সকলো সমস্যা নিশ্চয় শেষ হ’ব
ইপিনে দক্ষিণাকালীৰ ৰূপৰ বিষয়ে শাস্ত্ৰত থকা অনুযায়ী কালীয়ে তেওঁৰ বাওঁ ভৰিখন স্বামী শিৱৰ বুকুত ৰাখিছে। সেই সময়তেই কালী বিবস্ত্ৰা। তেওঁ সেই সময়ত ডিঙিত পৰিধান কৰিছে নৰমুণ্ডৰ মালা। কোৱা হয় সৃষ্টি আৰু ধ্বংসৰ মাজত ক্ৰিয়াশীল যি শক্তি সেয়া কালজয়ী। এই শক্তিৰ জীৱন্ত প্ৰতীক মা কালী। সেয়ে কালীক কোনো আৱৰণেই ঢাকি ৰাখিব নোৱাৰে। তেওঁ দিগম্বৰী। কালীৰ দিগম্বৰ ৰূপে সৃষ্টি, স্থিতি, প্ৰলয়ৰ প্ৰতীক বুজায়। যোনী য়ে সৃষ্টি, স্তনদ্বয়ে স্থিতি আৰু ওলাই থকা জিভাখনে প্ৰলয়ৰ প্ৰতীক বুজায়।<eot>পঢ়াশলীয়া দিনবোৰত ‘কুঁহিপাঠ’ৰ পাতত পঢ়া পানীৰ আত্মবৰ্ণনাই সেই বয়সতে আমাৰ মনৰ পথাৰত পানীৰ গুৰুত্ব ৰোপিত কৰাইছিল যদিও তেতিয়া এই কথা অনুধাৱন কৰাৰ বয়স আমাৰ হোৱা নাছিল যে পৃথিৱী নামৰ আমাৰ গোলকীয় গ্ৰহটোৰ তিনি-চতুৰ্থাংশ আৱৰি থকা সত্ত্বেও তৃষ্ণা নিবাৰণৰ বাবে এটোপাল পানী বিচাৰি এদিন মানুহে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ কিন্তু বিধিৰ দুৰ্বিপাকত এই ভয়াৱহ দিনবোৰেই এদিন সাকাৰ ৰূপ ল’বলৈ গৈ আছে৷ পানী জীৱৰ জীৱন ধাৰণ আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এক অনিবাৰ্য পূৰ্বচৰ্ত৷ পৰিচ্ছন্নতাৰ বুনিয়াদস্বৰূপ অনাময় ব্যৱস্থাৰ আধাৰো এই পানীয়েই৷ কিন্তু ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনতেই প্ৰকাশ যে বিশ্বৰ প্ৰতি দহজন লোকৰ ভিতৰৰ দুজনেই নিৰাপদ খোৱাপানীৰ উৎসৰপৰা বঞ্চিত৷ প্ৰতিবছৰে নিযুতৰ ঘৰত লোক পানীজনিত ৰোগত মৃত্যুমুখত পৰে, চিন্তনীয়ভাৱে তাৰে অধিকাংশই হৈছে শিশু৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই কাৰণৰ বাবেই বিশ্বত প্ৰতিদিনে প্ৰায় ৩,৯০০টা শিশুৱে মৃত্যুক সাবটি লয়, যিটো শিশুৰ মৃত্যুৰ দ্বিতীয় ভয়াৱহ কাৰক৷ খোৱাপানীৰ সংকট, পানীৰ নিম্ন মান আৰু অনাময়ৰ অপৰ্যাপ্ততাই বিশ্বজুৰি খাদ্য, বাসস্থান আৰু শিক্ষাৰ সা-সুবিধাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ পানীৰ লগত জড়িত প্ৰাকৃতিক দুৰ্যোগ যেনে বান, সামুদ্ৰিক ধুমুহা, ছুনামি আদিয়ে জীৱ-জগতৰ প্ৰতি সময়ে সময়ে প্ৰবল প্ৰত্যাহ্বান জনাই আহিছে৷ বিপৰীতে বিশ্বৰ বহুসংখ্যক দেশ বছৰৰ পিছত ধৰি খৰাঙৰ দ্বাৰা পীড়িত হৈছে, যাৰ ফলত অপুষ্টি আৰু ক্ষুধাই তাৰ অধিবাসীসকলক পিষ্ট কৰি আনিছে৷ কৃষিক্ষেত্ৰ আৰু শক্তি উৎপাদনৰ বাবেও পানীৰ অপৰিহাৰ্যতা অনস্বীকাৰ্য৷ বিশ্বৰ খনিজ পদাৰ্থৰ ভাণ্ডাৰ ক্রমান্বয়ে টুটি আহিছে৷ খনিজাত ইন্ধন খাৰুৱা তেল আৰু কয়লাৰ বিকল্প হিচাপে শক্তিৰ নৱীকৰণযোগ্য উৎসৰ নিৰ্ভৰযোগ্যতা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ সেয়ে বিশ্বত জলবিদ্যুত প্ৰকল্পৰ মাধ্যমেৰে উৎপাদিত শক্তিৰ প্ৰতি অধিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে৷ প্ৰাপ্ত তথ্য মতে ২০৩০ চনলৈ নৱীকৰণযোগ্য শক্তিৰ চাহিদা প্ৰায় ৬০ শতাংশ বৃদ্ধি পাব৷ একেদৰে ২০০৭ চনৰ পৰা ২০৩৫ চনলৈ গোলকীয়ভাৱে শক্তিৰ ব্যৱহাৰো প্ৰায় ৫০ শতাংশ বাঢ়িব৷ ২০৫০ চনলৈ কৃষিক্ষেত্ৰত ব্যৱহৃত পানীৰ চাহিদাও ১৯ শতাংশ বৃদ্ধি পাব৷ সামগ্ৰিকভাৱে ২০৩৫ চনলৈ পানীৰ চাহিদা বৃদ্ধি পাব প্ৰায় ৮৫ শতাংশ৷ কিন্তু হতাশজনকভাৱে বিশ্বৰ প্ৰায় ২.৮ বিলিয়ন লোকে পানীৰ উচ্চ অভাৱগ্ৰস্ত অঞ্চলত আজিও বাস কৰে৷
এই কথা নিশ্চিত যে এক সুচিন্তিত কৰ্মপন্থাৰেহে পানীৰ এই সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ উদ্ভাৱন কৰিব পৰা যাব৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ চুকে-কোণে প্ৰতিজন লোকৰে মাজত এই বিষয়ক লৈ সজাগতাৰ সৃষ্টি হোৱাটো৷ এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ সজাগতাৰ বাবে এটা বিশেষ দিন উদ্‌যাপনৰ প্ৰস্তাৱ লোৱা হয়৷ সেইমতেই ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰে৷ ৰাষ্ট্ৰসংঘ, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বহুসংখ্যক স্বেছাসেৱী সংগঠনেও পানীৰ এই জটিল সমস্যাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে বিশ্ব জল দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবছৰে এই দিৱসৰ বাবে এটা মূল বিষয় বাছনি কৰাৰ লগতে নিৰ্দিষ্ট অন্তৰালত এই দিৱসৰ দিনা ৰাষ্ট্ৰসংঘৰ বিশ্ব জল উন্নয়ন প্ৰতিবেদনো প্ৰকাশ পায়৷ চলিত বৰ্ষৰ বাবে এই দিৱসৰ মূল বিষয় হৈছে– ‘পানী আৰু বহনক্ষম উন্নয়ন’৷
বিশ্ব জল দিৱস, ২০১৫ : পানী আৰু বহনক্ষম উন্নয়ন
বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ মূল অভিকেন্দ্ৰই হৈছে পানী৷ জলসম্পদৰাজি আৰু ই আগবঢ়োৱা সেৱাসমূহে দৰিদ্ৰতা দূৰীকৰণ, অৰ্থনৈতিক বিকাশ আৰু পাৰিৱেশিক বহনক্ষমতা শক্তিশালী কৰে৷ খাদ্য আৰু শক্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ পৰা মানৱ জাতিৰ স্বাস্থ্য আৰু সুস্থ পৰিৱেশ বৰ্তাই ৰখালৈকে পানীয়ে সদায়েই সামাজিক কল্যাণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰক্রিয়া উন্নীত কৰাত অৰিহণা যোগায়৷ বহনক্ষম উন্নয়নৰ অন্যতম পূৰ্বচৰ্ত শক্তিৰ লগত পানীৰ সম্পৰ্ক অতি নিবিড় আৰু ইহঁত দুয়ো পৰম্পৰৰ ওপৰত দৃঢ় নিৰ্ভৰশীল৷ শক্তিৰ উৎপাদন আৰু সংবহনত জলসম্পদ প্ৰভূতভাৱে ব্যৱহৃত হয়৷ একেদৰেই বিশ্বজুৰি উৎপাদিত শক্তিৰ প্ৰায় ৮ শতাংশই জল উত্তোলন, পৰিশোধন আৰু উপভোক্তাসকলৰ মাজত বিতৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হয়৷ পানী আৰু বহনক্ষম উন্নয়নৰ এই পাৰস্পৰিক সম্পৰ্কৰ দিশটোৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰবোৰে ২০১৫ বৰ্ষৰ আন্তৰ্জাতিক জল দিৱসত এই বিষয়টোক মুখ্য বিষয়ৰূপে গ্ৰহণ কৰিছে৷ আমাৰ জীৱন-যাপনৰ প্ৰতিটো দিশৰ লগতে পানী কেনেদৰে জড়িত আৰু ই আমি বিচৰা ভৱিষ্যতটো সৃষ্টি কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ত সজাগতা আৰু আলোচনাৰ দুৱাৰ মুকলি কৰাই এইবছৰৰ জল দিৱস উদ্‌যাপনৰ মূল উদ্দেশ্য৷