text
stringlengths 0
188k
|
---|
‘জীৱনৰ বাবে পানী’ শীৰ্ষক আন্তৰ্জাতিক দশক, ২০০৫-২০১৫ |
জীৱন ধাৰণৰ বাবে এক অন্যতম মৌলিক প্ৰয়োজন হোৱা সত্ত্বেও পানীৰ ব্যৱহাৰ আৰু ইয়াৰ সংকটৰ প্ৰতি বিশ্ববাসী দীৰ্ঘদিন ধৰি উদাসীন হৈ আছিল৷ কিন্তু বিগত দশকটোত এই সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰাত বিশ্বৰ সচেতন মহল ক্রমান্বয়ে এই বিষয়ত সজাগ হৈ উঠিছে৷ ২০০০ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ সন্মিলনত বিশ্বৰ নেতাসকলৰ উপস্থিতিত ‘সহস্ৰাব্দ ঘোষণা-পত্ৰ’ গ্ৰহণ কৰা হয়৷ এই ঘোষণাপত্ৰত বিশ্বৰ দৰিদ্ৰ নাগৰিকসকলৰ কল্যাণৰ বাবে ‘সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য’ শীৰ্ষক কিছুসংখ্যক সময়সাপেক্ষ লক্ষ্য সন্নিৱিষ্ট কৰা হয়৷ ইয়াৰ ১০ নং লক্ষ্যটোৱেই আছিল নিৰাপদ খোৱাপানীৰ বহনক্ষম সা-সুবিধা লাভ নকৰাকৈ জীৱন নিৰ্বাহ কৰা লোকৰ পৰিমাণ আধালৈ হ্ৰাস কৰা৷ ২০০২ চনৰ বহনক্ষম উন্নয়নৰ বাবে জোহান্সবাৰ্গ বিশ্ব সন্মিলনত এই লক্ষ্যক পৰিবৰ্ধিত কৰি অনাময়ৰ মৌলিক সা-সুবিধাকো ইয়াৰ লগত সামৰি লোৱা হয়৷ জোহান্সবাৰ্গ সন্মিলনৰ পাছৰ পৰা এই ক্ষেত্ৰত সজাগতা বৃদ্ধি পোৱাত সৰ্বসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানী আৰু মৌলিক অনাময়ৰ সা-সুবিধা সহজলভ্য কৰি তোলাত যথেষ্ট অগ্ৰগতি লাভ কৰা গৈছে যদিও দৰিদ্ৰতম লোকসকলক এই সেৱাৰ অধিকতৰ প্ৰদান সুনিশ্চিত কৰাৰ বাবে এতিয়াও বহুতো কৰণীয় আছে৷ এই কথা মনত ৰাখি জল আৰু শক্তিক্ষেত্ৰৰ বহনক্ষম বিকাশ ত্বৰান্বিত কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৩ চনৰ ডিচেম্বৰত এক প্ৰস্তাৱযোগে ২০০৫-২০১৫ বৰ্ষৰ সময়ছোৱাক ‘জীৱনৰ বাবে পানী’ৰ হকে কাম কৰাৰ আন্তৰ্জাতিক দশকৰূপে ঘোষণা কৰে (International Decade for Action ‘Water for Life’)৷ ২০০৫ চনৰ ২২ মাৰ্চত বিশ্ব জল দিৱসৰ দিনাৰ পৰা এই দশকটো আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ চলিত বছৰৰ বিশ্ব জল দিৱসত এই কাৰ্যসূচীৰ অন্ত পৰিব৷ |
জলসংকট আৰু আমাৰ মুলুকত ইয়াৰ প্ৰভাৱ |
খোৱাপানীৰ বিশ্বজনীন সংকটৰ কলীয়া ডাৱৰে ভাৰতবৰ্ষৰ আকাশৰো এক বিস্তীৰ্ণ অংশ অন্ধকাৰাছন্ন কৰি তুলিছে৷ ভাৰতৰ ক্ষেত্ৰত এই সমস্যাটো অধিক স্পৰ্শকাতৰ এইবাবেই, কিয়নো আমাৰ দেশখন হৈছে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ৷ জনসংখ্যাবিদসকলে অংক কৰি পাইছে যে ২০৫০ চনমানত দেশৰ জনসংখ্যাই ১৬০ কোটি অতিক্রম কৰি চীনৰ পৰা বিশ্বৰ শীৰ্ষস্থান কাঢ়ি ল’ব৷ জনসংখ্যাৰ সমান্তৰালভাৱে দেশত খোৱাপানীৰ চাহিদাও বিপজ্জনকভাৱে বাঢ়ি যাব৷ ২০০১ চনত দেশৰ জনসংখ্যা ১০০ কোটি অতিক্রম কৰাৰ সময়তে দেশৰ ৬৮.২ শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ সুবিধা লাভ কৰিছিল বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছে৷ বিগত দশকটোত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটিলেও বৰ্ধিত জনসংখ্যাৰ তুলনাত সি নিচেই নগণ্য৷ প্ৰাপ্ত তথ্যমতে, দেশৰ প্ৰায় ৩৭.৭ নিযুত লোক প্ৰতিবছৰে বিভিন্ন পানীজনিত ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু চিন্তনীয়ভাৱে ইয়াৰ শতকৰা ৭৫ ভাগতকৈও অধিক হৈছে শিশু৷ খোৱাপানীৰ বাবে ভূ-জলৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা বাবে এই সংকট অধিক গাঢ়তৰ হৈছে, কিয়নো ফ্লুৰাইড, আৰ্ছেনিক আদি মাৰাত্মক বিহে দেশৰ বহু অংশৰ ভূ-জল বিষময় কৰি তুলিছে৷ দেশৰ ২০খন ৰাজ্যৰ প্ৰায় ৬৬ নিযুত লোক সম্প্ৰতি অত্যধিক ফ্লুৰাইড বিশিষ্ট পানী সেৱনৰ ফলত হ’ব পৰা বিপদাশংকাত ভুগিছে৷ |
খোৱাপানীৰ এই ভয়াবহ সংকটে নদীমাতৃক ৰাজ্য অসমকো ৰেহাই দিয়া নাই৷ বাৰিষাৰ বানৰ তাণ্ডৱে খোৱাপানীৰ প্ৰাকৃতিক উৎসসমূহ প্ৰদূষিত কৰাৰ সমান্তৰালভাৱে বিগত কিছুবছৰৰ পৰা খৰালি অহাৰ লগে লগেই ৰাজ্যৰ প্ৰায়বোৰ নদীতেই জলস্তৰ অভাৱনীয়ভাৱে নিম্নগামী হ’বলৈ আৰম্ভ কৰাও দেখা গৈছে৷ মহাবাহু ব্ৰহ্মপুত্ৰকো ই বাদ এৰা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পাৰ্শ্ব প্ৰভাৱস্বৰূপে জলবায়ুৱে ইয়াৰ স্বাভাৱিকতা হেৰুৱাই পেলোৱাত আমাৰ ৰাজ্যখনতো বৰষুণৰ পৰিমাণ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে৷ ফলত খৰাংসদৃশ পৰিস্থিতিৰ কবলত পৰা অঞ্চল ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ৰাজ্যৰ বেছ কিছুসংখ্যক সৰু-বৰ উপনৈৰ লগতে বহুবোৰ জলাশয় ফাগুন-চ’তমহীয়া একেবাৰে শুকাই যোৱাও চকুত পৰিছে৷ ভূ-জলৰ লগতে ভূ-গৰ্ভস্থ জলৰ স্তৰ ক্রমান্বয়ে নিম্নগামী হোৱাৰ ফলতেই এনে হোৱা বুলি অনুমান কৰা হৈছে৷ ৰাজ্যৰ বহু স্পৰ্শকাতৰ অঞ্চলৰ পানীত বিপজ্জনকভাৱে ফ্লুৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ এনে বিষাক্ত পানী সেৱনৰ ফলত জলসম্ভুত ৰোগসমূহেও সঘনাই দেখা দিবলৈ আৰম্ভ কৰিছে৷ চহৰ-নগৰবোৰত খোৱাপানীৰ এই সংকট অধিক জটিলতৰ হৈছে৷ উদ্যোগীকৰণৰ লগে লগে নগৰাঞ্চলৰ পৰিসৰো ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ফলত ওখ ওখ অট্টালিকা নিৰ্মাণৰ সমান্তৰালভাৱে ভূ-গৰ্ভৰ বহু গভীৰতাৰ পৰা জল উত্তোলন কৰাৰ ফলত এই ঠাইবোৰত ভূ-গৰ্ভস্থ জলৰ স্তৰ দ্ৰুতভাৱে অধোগামী হৈছে৷ ফলত বৰ্ষাকালৰ বিদায়ৰ লগে লগে কুঁৱা, পুখুৰী, অগভীৰ নলীনাদ আদিৰ পৰা পানীয়েও বিদায় ল’বলৈ আৰম্ভ কৰিছে৷ |
জলসংকটৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও জনসাংখ্যিক দৃষ্টিকোণৰ পৰা এয়াই নিশ্চয় পৰ্যাপ্ত নহয়৷ বৰ্ধিত জনসংখ্যা, দ্ৰুত উদ্যোগীকৰণ, নগৰীকৰণ, পৰিৱৰ্তিত জলবায়ু আদি কাৰকৰ বিপৰীতে খোৱাপানী বা অন্যান্য জলৰ ক্রমবৰ্ধিত চাহিদাৰ জোৰা মৰাৰ বাবে চৰকাৰ, জনসাধাৰণ সকলোৰে বহুতো কৰণীয় আছে৷ জলসম্পদত অতি সমৃদ্ধ ৰাজ্য হৈও অসমে ইয়াৰ সম্পদৰাজিক আজিকোপতি সম্পূৰ্ণৰূপত কামত লগাব পৰা নাই৷ এইক্ষেত্ৰত এক সু-পৰিকল্পিত আঁচনিৰে আগবাঢ়িব লাগিব৷ বৰষুণৰ পানী সংৰক্ষণ, ব্যৱহৃত পানীৰ পুনৰুদ্ধাৰৰ বাবে পৰিশোধন প্ৰকল্পৰ ব্যৱস্থাত অগ্ৰাধিকাৰ দিব লাগিব৷ ভূ-গৰ্ভস্থ জল ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰাটোও সমানেই অপৰিহাৰ্য৷ মাথো চৰকাৰেই নহয়, এইক্ষেত্ৰত আমাৰ সকলোৰে সমতি প্ৰচেষ্টাৰো অপৰিসীম গুৰুত্ব আছে৷ ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানৰ পৰ্যাপ্ততাৰ সময়তো যদি আমি পানীৰ ব্যৱহাৰত হাত ধৰি চলোঁ, ইয়াৰ অপচয় ৰোধ কৰি সংৰক্ষণত হাত উজান দিওঁ, প্ৰাকৃতিক জলাশয়সমূহক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰোঁ, তেন্তে আমি নিশ্চিতভাৱে আশ্বস্ত হ’ব পাৰিম যে প্ৰাণীৰ প্ৰাণস্বৰূপ এই পানী নামৰ মূল্যৱান সম্পদবিধ কেতিয়াও প্ৰাণীৰ প্ৰাণহৰণৰ কাৰকত পৰিণত নহ’ব৷ বিশ্ব জল দিৱসৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী উদ্যাপনৰ বেলিকা ইয়াতকৈও ডাঙৰ উপলব্ধি আমাৰ বাবে আন কি হ’ব পাৰে! |
← দেৱদাস আৰু ৰিচাৰ্ড ফিলিপ্ছ ফাইনমেন (পংকজ জ্যোতি মহন্ত) |
অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক ৰূপ আৰু ইয়াৰ স্বতন্ত্ৰতাঃ এক ঐতিহাসিক বিশ্লেষণ (ড° ভাস্কৰজ্যোতি শৰ্মা) → |
You May Also Like |
এজন প্ৰিয় গল্পকাৰৰ সন্ধানত (ৰিতেশ গোহাঁই) |
March 14, 2014 March 10, 2021 0 |
ব্ৰয়লাৰ মাংসৰ ওপৰত ভ্ৰান্ত ধাৰণা(-ডঃ যোগদেৱ মহন্ত) |
July 14, 2014 0 |
আদম আছাৰঃ কাৰ্বিসকলৰ ছয়তৰপীয়া বিবাহ প্ৰথা – কাচে টেৰনপী |
September 18, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ইংলেণ্ডৰ বাৰ্মিংহামত এটা হিন্দু মন্দিৰত মুছলমান লোকে অগ্নি সংযোগ কৰাৰ অভিযোগ আনি শ্বেয়াৰ কৰা এটা বিল্ডিঙত সংঘটিত এক অগ্নিকাণ্ডৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। |
ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই আনকি মন্দিৰৰ বাহিৰত হিন্দু লোকক মুছলমান লোকে মাৰপিট কৰাৰো অভিযোগ আনিছে। |
সঞ্জয় ফাড়নাৱিছ (@sanjayfandavis1) নামৰ এজন টুইটাৰ ইউজাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে লিখে, “নৱৰাত্ৰিৰ সময়ত বাৰ্মিংহামত মুছলমানৰ দ্বাৰা মন্দিৰত অংগ্নি সংযোগ। হিন্দুক মাৰপিট। হিন্দুক সুৰক্ষা দিয়াত অসাৰ্থক ইংলেণ্ডৰ আৰক্ষী।” |
ভাইৰেল টুইটৰ archived লিংকৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক। |
অৱশ্যে ইষ্টম’জয়ে ফেক্ট-চেক কৰি উক্ত দাবী যে ভূৱা তথা সামাজিক মাধ্যমত দাবী কৰাৰ দৰে দুয়োটা সম্প্ৰদায়ৰ মাজত যে কোনোধৰণৰ সংঘাত ঘটা নাছিল সেই কথা জানিব পাৰে। |
ফেক্ট-চেক |
আমি InVid tool-ৰ সহায়ত ভিডিঅ’টো কেইবাটাও keyframes-ত ভাগ কৰো আৰু ভালদৰে চাই এটা স্ক্ৰিনশ্বটত ‘SM Vapes’ বুলি লিখি ৰখা এখন ছাইন ব’ৰ্ড দেখা পাওঁ। ইয়াৰ পিছত আমি Google Maps ব্যৱহাৰ কৰি বাৰ্মিংহামত SM Vapes সন্ধান কৰি Alum Rock Road-ত থকা উক্ত ষ্ট’ৰখন বিচাৰি উলিয়াও। |
ইয়াৰ পিছতে আমি ‘Zeenat Supermarket Birmingham fight’ আদি keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰো আৰু ২০২২ চনৰ ২০ ছেপ্টেম্বৰত Birmingham Mail-ত প্ৰকাশিত এই বাতৰিটো দেখা পাওঁ। বাতৰিটোত থকা ভিডিঅ’টোৰ সৈতে আমি ভাইৰেল ভিডিঅ’টো তুলনা কৰিলত দুয়োটা ভিডিঅ’তে যে একেটা ঘটনা দেখুওৱা হৈছে সেই কথা গম পোৱা যায়। |
উক্ত বাতৰিটোৰ মতে বাৰ্মিংহামৰ Alum Rock Road-ত থকা Zeenat ষ্ট’ৰৰ বাহিৰত যোৱা ১৯ ছেপ্টেম্বৰত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। “১৯ ছেপ্টেম্বৰত Bearded Broz নামৰ এজন ইউজাৰে ফে’চবুকত মাৰপিটৰ ভিডিঅ’টো প্ৰকাশ কৰিছিল। ভিডিঅ’টোত একাংশ লোকে সজাই থোৱা ফলমুল আৰু শাক-পাচলিৰ সন্মুখত মাৰপিট কৰা দেখা যায়,” বাতৰিটোত কোৱা হয়। |
বাতৰিটোত উল্লেখ কৰা মতে বিল্ডিংটোত লগা জুই নুমাবলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে কাম কৰি থকাৰ সময়তে মাৰপিটক সূত্ৰপাত ঘটে। |
Birmingham Mail-ত একেই তাৰিখত প্ৰকাশিত আন এক বাতৰিৰ মতে কি কাৰণত অগ্নিকাণ্ডটো সংঘটিত হৈছিল সেই কথা জানিব পৰা হোৱা নাছিল। |
আনহাতে, West Midland Fire Service –এ উক্ত অগ্নিকাণ্ড সম্পৰ্কত প্ৰকাশ কৰা এক বিবৃতিত দুৰ্ঘটনাবশত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি কয়। |
See more |
UPDATE: Our investigators are satisfied that last night's supermarket fire in Saltley started accidentally, when the outdoor burning of rubbish spread to the building. The details: https://t.co/cIgSyDk2JA pic.twitter.com/Up8x3g6nAf |
— West Midlands Fire Service (@WestMidsFire) September 20, 2022 |
অৰ্থাৎ Birmingham Mail-ৰ বাতৰিয়ে হওক নতুবা West Midland Fire Service-ৰ বিবৃতি, কোনো এটাতে হিন্দু মন্দিৰত অগ্নি সংযোগৰ কথা বা হিন্দু লোকক মাৰপিটৰ কথা উল্লেখ কৰা নাই। |
ইয়াৰ দ্বাৰা আমি এই কথা স্পষ্টভাৱে ক’ব পাৰো যে সামাজিক মাধ্যমত দাবী কৰাৰ দৰে নৱৰাত্ৰিৰ সময়ত বাৰ্মিংহামত হিন্দু মন্দিৰত অংগ্নি সংযোগৰ কোনো ঘটনা ঘটা নাছিল। |
লগতে পঢ়ক – উত্তৰ-পূবৰ উদ্যোগীৰ বাবে Project NEW শীৰ্ষক নতুন অভিলাষী প্ৰকল্প |
Related |
ফেক্ট-চেক: অসমত উদ্ধাৰ কৰা হৈছে নেকি এই প্ৰকাণ্ড ঘঁৰিয়ালটো? |
ফেক্ট-চেক: পাকিস্তান-আফগানিস্তানৰ অনুৰাগীৰ মাজৰ মাৰপিটৰ এই ভিডিঅ’ এছিয়া কাপৰ নহয় |
ফেক্ট-চেক: পাকিস্তানত হিন্দু মহিলাৰ ওপৰত চলোৱা হৈছে নিৰ্মম অত্যাচাৰ? |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,587 other subscribers |
Tagged: Hindu, Mandir |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.