text
stringlengths 0
188k
|
---|
চন্দন কাঠ খেতিৰ বাবে বীজ আৰু উদ্ভিদ দুয়োটা ক্ৰয় কৰিব পাৰি। ইয়াৰ বাবে, কেন্দ্ৰীয় চৰকাৰৰ কাঠ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (কাঠ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান) বাংগালোৰৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ পৰা আপুনি চন্দন কাঠৰ উদ্ভিদ পাব পাৰে। ইয়াৰ উপৰিও, উত্তৰ প্ৰদেশত এটা নাৰ্চাৰী আছে য’ৰ পৰা এই উদ্ভিদ লাভ কৰিব পাৰি। অসমত নগাওঁত বিভিন্ন নাৰ্চাৰীত ইয়াৰ পুলি পাব পাৰে। নাইবা আপোনাৰ জিলাৰ কৃষি বিকাশ কেন্দ্রৰ লগত যোগাযোগ কৰিলে ইয়াৰ পুলি যোগান ধৰিব পাৰে। ইয়াৰ উপৰিও বন বিভাগৰ লগতো যোগাযোগ কৰিব পাৰে।<eot>ডিজিটেল সংবাদ দুমুনিচকীঃ যোৱা আগষ্ট মাহতেই উত্তোলন কৰা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা সুদীৰ্ঘ ডেৰ মাহ পাৰ হৈ যোৱাৰ পিছত যোৱা নিশা নমোৱা এক আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই তিক্ততাপুৰ্ণ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰমুলাত। |
বিষয় সন্দৰ্ভত জানিব পৰা মতে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰমুলাস্থিত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত উক্ত পতাকাখন বিগত আগষ্ট মাহৰ পৰা একে স্থানতে থাকে। সম্প্ৰতি ভূত বঙলাত পৰিণত হোৱা উক্ত কাৰ্যালয়ত কৰ্মৰত বুলি দেখুৱাই কেইবাজনো কৰ্মচাৰীয়ে বিভাগীয় ভাবে মোটা অংকৰ দৰমহা লাভ কৰি থকা বুলি জানিব পৰা গৈছে। |
উল্লেখ্য যে, দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা শাসকীয় চৰকাৰে ভাৰতৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন নিজ নিজ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়ত সম্পূৰ্ণ শ্ৰদ্ধা তথা নীতি-নিয়মেৰে তিনি দিনিয়াকৈ উত্তোলন কৰাৰ আহ্বান জনাযইছিল। ইয়াৰ উপৰিও এই সন্দৰ্ভত সৰ্ব সাধাৰণ লোকৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে প্ৰতিটো পৰিয়ালে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী ফলভাৱে ৰূপায়ন কৰাৰ বাবে ৰাজ্যখনত গাঁৱে গাঁৱে চৰকাৰৰ পৃষ্ঠপোষকটাত প্ৰচাৰ অভিযান চলোৱা হৈছিল। |
সেই মৰ্মে ১৫ আগষ্ট লৈকে তিনি দিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হয়। উক্ত কাৰ্যত সহযোগ কৰি কামৰূপ জিলাৰ বৰমুলাস্থিত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়তো এখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কিন্তু পতাকা উত্তোলন কৰিয়েই দায়িত্ব সামৰিলে কাৰ্যালয়ৰ কৰ্মচাৰীলকলে। |
যাৰ ফলত তিনি দিনিয়াকৈ উত্তোলন কৰিবলগীয়া দেশৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন বিগত ডেৰ মাহ ধৰি দিনে নিশাই একেটা স্থানত থাকিবলগীয়া হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ বৰমুলাৰ এটা বিভাগীয় কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাখন চৰম ভাৱে অৱহেলিত হ'বলগীয়া হয়। |
বিষয়টোৰ সন্দৰ্ভত অবগত হৈ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াই নিশা পতাকাখন নমোৱাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ এনেদৰে একাংশ লোকৰ কৰ্ম কাণ্ডত তিক্ত হৈ পৰিছে। স্থানীয় লোকে বিষয়টোৰ সন্দৰ্ভত এক দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।<eot>পিয়াঁজ (বৈজ্ঞানিক নাম এলিয়াম চেপা) আৰু নহৰু (এলিয়াম চেটাইভাম) একেই গণ এলিয়ামৰ অন্তৰ্ভুক্ত আৰু একে ৰাসায়নিক গঠনযুক্ত হ’লেও ইহঁতে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱাই। এই পাচলি দুবিধৰ প্ৰায় আটাইবিলাক লক্ষণীয় বিশেষত্বৰ কাৰণ হৈছে ছালফাৰযুক্ত কিছুমান বিপাকীয় দ্ৰব্য়ৰ (মেটাবলাইট) ফলত হোৱা কিছুমান ৰাসায়নিক বিক্ৰিয়া। |
চকুৰ পানী উলিয়াব পৰা ক্ষমতাৰ বাবে পিয়াঁজ বিখ্যাত। পিয়াঁজৰ মেছ’ফিল কলাত আইচ' এলীন নামৰ এবিধ এমিন' এচিড থাকে। এলিনেজ হৈছে পিয়াঁজত থকা এবিধ উৎসেচক।যেতিয়া পিয়াঁজ এটা কটা হয়, তেতিয়া আইচ'এলীন আৰু এলিনেজ পৰস্পৰৰ সংস্পৰ্শলৈ আহে আৰু ইয়াৰ ফলত ই-থায়'প্ৰপানেল- এচ্ -অক্সাইড নামৰ এবিধ অশ্ৰু নিৰ্গমনকাৰকৰ সৃষ্টি হয়। পানীয়ে এই যৌগ বিধৰ প্ৰভাৱ কম কৰে আৰু কম উষ্ণতাত ই কম উদ্বায়ী হয়। গতিকে ৰেফ্ৰিজাৰেটৰত থোৱা বা পানীত ডুবাই থোৱা পিয়াঁজ কাটিলে চকু পানী ওলোৱাৰ সমস্যা কমে। |
নহৰুৰ আকৌ এবিধ বিশেষ গোন্ধ আৰু ঔষধি গুণ আছে। ইয়াত এলীন নামৰ এবিধ এমিন’ এচিড থাকে। এলিনেজ নামৰ উৎসেচকৰ উপস্থিতিত এলীনে এলিচিন নামৰ বেক্টেৰিয়া প্ৰতিৰোধী যৌগ এবিধ সৃষ্টি কৰে। নহৰুৰ ব্যৱহাৰে হেলিক’বেক্টাৰ পাইল’ৰি নামৰ বেক্টেৰিয়া বিধক প্ৰতিৰোধ কৰি আমাক গেষ্ট্ৰিক আলচাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে।<eot>নিউজ ডেস্কঃ দাক্ষিণাত্যৰ অভিনেতা Suriya Sivakumar বৰ্তমানৰ এগৰাকী সফল অভিনেতা।শুকুৰবাৰে ঘোষণা কৰা ৬৮সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে দক্ষিণ ভাৰতৰ এই গৰাকী অভিনেতাই।অভিনেতাগৰাকীয়ে ২০২০চনত মুক্তিলাভ কৰা তামিল ভাষাৰ চিনেমা ‘Soorarai Pottru’ কৰা অভিনয়ৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। আজি অভিনেতাগৰাকীৰ জন্মদিন। জন্মদিনৰ এদিন পূৰ্বে পালে অভিনেতাগৰাকীয়ে পালে জীৱনৰ অন্যতম ডাঙৰ স্বীকৃতি। এই সন্মান লাভ কৰি খুবেই আনন্দিত হৈ পৰিছে অভিনেতাগৰাকী। |
অভিনেতাগৰাকীৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ‘জয় ভীম’ নামৰ চলচ্চিত্ৰখনে বিশেষ চৰ্চা লাভ কৰিছে। ‘জয় ভীম’ চিনেমাখন মুক্তিৰ পিছত অভিনেতাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিয়ো দিয়া হৈছিল। ভান্নিয়াৰ সম্প্ৰদায় লোক সকলে অভিনেতাজনৰ ওপৰত গোচৰো তৰিছিল। এই বিবাদে চৰম সীমা চুইছিল যাৰ ফলত অভিনেতাজনে নিৰাপত্তাৰক্ষী নিয়োজিত কৰিবলগীয়া গৈছিল। |
ছুপাৰষ্টাৰ Suriya Sivakumar এ গজনী, ৭ এএম, ৰিবাৰ দৰে কেইবাখনো জনপ্ৰিয় চিনেমাত অভিনয় কৰিছে। এই চলচ্চিত্ৰকেইখনত অভিনেতাগৰাকীয়ে বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ন কৰিছিল যি নেকি দৰ্শকে খুবেই পচন্দ কৰিছিল। ৯০খনতকৈ অধিক চিনেমাত অভিনয় কৰিছে অভিনেতাগৰাকীয়ে। Suriya Sivakumar এগৰাকী অভিনেতাই নহয় তেওঁ টেলিভিছনৰ এজন জনপ্ৰিয় এংকৰৰ লগতে পৰিচালক আৰু নিৰ্দেশকো। অভিনেতাগৰাকীৰ জন্ম ২৩জুলাই ১৯৭৫ত চেন্নাইত হৈছিল। দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে অভিনেতাগৰাকীয়ে চিনেমাত কাম কৰাৰ সুযোগ লাভ কৰিছিল। কিন্তু সেই সময়ত তেওঁ অধ্যয়নৰ বাবে ফিল্ম ইণ্ডাষ্টীত ভৰি থোৱা নাছিল। তেওঁ তিনি বছৰ কাপোৰৰ ফেক্টৰীতো কাম কৰিছিল। |
Suriya Sivakumar এ মণিৰত্নমৰ ‘নেৰক্কু’ নামৰ চিনেমাখনেৰে ১৯৯৭চনত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৫চনত মুক্তিলাভ কৰা ‘গজনী’ নামৰ চিনেমাখন তামিল ভাষাৰ সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ আছিল। এই চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণটো আমিৰ খানে নিৰ্মাণ কৰিছিল। |
Related |
68th National Film Awards: চাৰি অসমীয়াই আজুৰিলে শ্ৰেষ্ঠত্বৰ সন্মান |
২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম ঘোষণা |
২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা বিজয়ীৰ নাম ঘোষণা |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,594 other subscribers |
Tagged: Suriya Sivakumar |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
নগাঁৱত মাক-দেউতাকৰ মাজত শুই থকা কণমানিক অপহৰণৰ চেষ্টা |
২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’ |
ফ্ৰান্স (৩) বনাম পোলেণ্ড (১): বিশ্বকাপৰ Tactical Analysis |
আৰ্জেণ্টিনা (২) বনাম অষ্ট্ৰেলিয়া (১) : বিশ্বকাপৰ Tactical Analysis |
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis |
Latest News |
ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ তালিকা December 6, 2022 |
জল জীৱন মিছনত নিযুক্তি সৃষ্টি December 6, 2022 |
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis December 6, 2022 |
নগাঁও মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীলৈ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা December 6, 2022 |
সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ December 6, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Indian Railways, Railway Minister, Ashwini Vaishnaw, Mumbai Ahmedabad Bullet Train Project, Bullet Train Fare, Ahmedabad Mumbai Bullet Train Fair, Eastern Railways, South Eastern Railways, South Central Railways, North Central Railways, Southern Railways, Business News: ধুমুহাৰ গতিত ভ্ৰমণ কৰক ! মুম্বাই-আহমেদাবাদ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত, দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাৰা কিমান ?– News18 assam |
জীৱন শৈলী |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home » photogallery » lifestyle »Bullet Train: ধুমুহাৰ গতিত ভ্ৰমণ কৰক ! মুম্বাই-আহমেদাবাদ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত, দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাৰা কিমান ? |
Bullet Train: ধুমুহাৰ গতিত ভ্ৰমণ কৰক ! মুম্বাই-আহমেদাবাদ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত, দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাৰা কিমান ? |
Mumbai Ahmedabad Bullet Train Ticket Price: দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ ভাড়াৰ বিষয়ে ৰে'ল মন্ত্ৰীৰ ডাঙৰ ইংগিত! |
News18 Assam |
| June 07, 2022, 19:50 IST |
1/ 12 |
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুলেট ট্ৰেইনখনৰ ভাড়াৰ ইংগিত দিছে, যাৰ অৰ্থ হৈছে বুলেট ট্ৰেইনখনৰ ভাড়া প্ৰথম শ্ৰেণীৰ এচিৰ ভাড়াৰ সমান হ'ব পাৰে। প্রতীকী ছবি ৷ |
2/ 12 |
অৱশ্যে, এই বিষয়ত কোনো দৃঢ় চৰকাৰী সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু ভাড়া যিয়েই নহওঁক, এনে লাগে যে ই সাধাৰণ মানুহৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিব। |
3/ 12 |
এই কাৰণেই ইয়াক প্ৰথম এচি মানদণ্ড কৰা হৈছে যাৰ ভাড়া খুব বেছি নহয়। ভাড়া বিমানতকৈ কম হ'ব, কিন্তু আপুনি বহুতো লাভালাভ পাব।প্রতীকী ছবি ৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.