text
stringlengths 0
188k
|
---|
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে |
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’ |
শীঘ্ৰেই বিজেপিত বিলীন হ’ব প্ৰমোদ বড়ো - হাগ্ৰামা মহিলাৰী |
Review Blast: EP 03 || Bulu Film |
গুজৰাট আৰু হিমাচল প্ৰদেশত কোনে মাৰিব শেষ হাঁহি? |
Latest News |
পৰ্তুগাল বনাম মৰক্কো | ইংলেণ্ড বনাম ফ্ৰান্স | কোৱাৰ্টাৰ ফাইনেল Preview (২) December 9, 2022 |
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’ December 8, 2022 |
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে December 8, 2022 |
শীঘ্ৰেই বিজেপিত বিলীন হ’ব প্ৰমোদ বড়ো – হাগ্ৰামা মহিলাৰী December 8, 2022 |
ডিমা হাচাওত মেচিনত আৱদ্ধ হৈ কাৰখানাৰ শ্ৰমিকৰ মৃত্যু December 8, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>যিকোনো বিখ্যাত ব্যক্তিৰ বিষয়ে জানিবলৈ আমি সৰুৰেপৰা মহান ব্যক্তিৰ জীৱনী পঢ়োঁ। এই কিতাপ অধ্যয়নে আমাক ব্যক্তিবিশেষৰ বিষয়ে জনাৰ লগতে তেওঁলোকৰ অনুপ্ৰেৰণাদায়ী জীৱন-কাহিনীয়ে আমাৰ জীৱনতো বহু প্ৰভাৱ পেলায়। বিশেষকৈ বিজ্ঞানী আদিৰ উদ্ভাৱনমূলক যাত্ৰা-কাহিনীবোৰ বহুতৰে বাবে হৈ পৰে অনুপ্ৰেৰণাৰ অন্যতম উৎস। সময়ৰ ধামখুমীয়াত মানুহৰ এনে কাহিনী অধ্যয়নৰ উৎসতো বিভিন্নতা আহি পৰে। কেৱল কিতাপতে নাথাকি এনে ঘটনা-পৰিঘটনাসমূহ মানুহৰ মাজলৈ চলচ্চিত্ৰ, নাটক আদিৰ মাজেৰেও আহিবলৈ ধৰে। য’ত বিশ্ববিখ্যাত ব্যক্তিৰ মাজত বিজ্ঞানী, গণিতজ্ঞৰ কাহিনীয়েও স্থান পায়। মানুহৰ ভিন্ন ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি ই আছিল এক যুগান্তকাৰী পদক্ষেপ। বিশেষকৈ সঠিক তথ্যভিত্তিত নিৰ্মিত বৈজ্ঞানিক আৱিষ্কাৰ-উদ্ভাৱন জড়িত, গাণিতিক ইতিহাস সম্বলিত চলচ্চিত্ৰ, তথ্যচিত্ৰ আদিয়ে শিক্ষাৰ্থীক বহু বেছি সহায় কৰে, প্ৰভাৱিত কৰে। কিতাপ পঢ়িবলৈ কৈ কৈ পঢ়ুৱাব নোৱৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত এইবোৰ অনুঘটক হ’ব পাৰে। তদুপৰি বিজ্ঞানীসকলৰ জীৱনী আজিকালি প্ৰায়ভাগৰে অসমীয়া ভাষাত পোৱা যায় কিন্তু গণিতজ্ঞৰ তাৰ তুলনাত অতি কম বুলিলেও বঢ়াই কোৱা নহ’ব। |
ইতিমধ্যে উল্লেখ কৰাৰ দৰেই গণিতজ্ঞক লৈ চলচ্চিত্ৰৰ সংখ্যা তুলনামূলকভাৱে কম। যিকেইখন আছে সেইকেইখনো সম্পূৰ্ণ শুদ্ধ সত্য তথ্যভিত্তিক বুলি একে আষাৰে কৈ দিব পৰা নাযায়। তথাপিতো সেইসমূহৰ নিৰ্মাণে চলচ্চিত্ৰ জগতৰ লগতে গণিত জনপ্ৰিয়কৰণতো যে অভুতপূৰ্ব অৰিহণা যোগালে সেইয়া স্বীকাৰ কৰিব লাগিব। গণিতজ্ঞকলৈ নিৰ্মিত বুলিলে সততে মনলৈ অহা দুখন চলচ্চিত্ৰ হৈছে “দ্য মেন হু নিউ ইনফিনিটি” আৰু “দ্য ইমিটেশ্যন গেম”ৰ কথা। বিখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত হৈছে “দ্য মেন হু নিউ ইনফিনিটি”। একেদৰে তাত্ত্বিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃপুৰুষ বুলি খ্যাত এলেন টিউৰিঙৰ জীৱনক লৈ “দ্য ইমিটেশ্যন গেম” নিৰ্মাণ হৈছে। অতি কম জীৱনকালতে নিজ উদ্ভাৱনেৰে অমূল্য অৱদান আগবঢ়াই যোৱা গণিতজ্ঞ দুজনাৰ জীৱনক লৈ ৰচিত এই দুখন চলচ্চিত্ৰৰ বিষয়ে এক পৰিচয়মূলক টোকা আগবঢ়োৱা হ’ল। |
“Mathematics, rightly viewed, possesses not only truth but supreme |
beauty.” – ব্ৰাটাণ্ড ৰাছেলৰ এই উক্তিটোৰে আৰম্ভ হোৱা “দ্য মেন হু নিউ ইনফিনিটি” নামৰ চলচ্চিত্ৰখনত লেখক-গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনৰ বিষয়ে মন্তব্য দিছে এইদৰে- |
“I owe more to him than to anyone else in the world and my association with him is the one romantic incident of my life.” ইয়াৰ পাছতে ছবিখনে গতি কৰে ১৯১৪ চনৰ মাদ্ৰাছলৈ। মন্দিৰৰ মজিয়াত চকপেঞ্চিলেৰে ধূতি কুৰ্তা পৰিহিত ৰামানুজন অংক কৰাত ব্যস্ত। দৰিদ্ৰতাৰে কোঙা কৰি পেলোৱা সেইসময়খিনি বিবাহিত ৰামানুজনৰ বাবে আছিল প্ৰত্যাহ্বানপূৰ্ণ। গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ উদ্দেশ্যৰে ৰামানুজনে ট্ৰিনিটি কলেজত প্ৰবেশ কৰে। গণিতক কেন্দ্ৰ কৰিয়েই ট্ৰিনিটি কলেজৰ অধ্যাপক হাৰ্ডি আৰু ৰামানুজনৰ মাজত প্ৰায়েই তৰ্ক হয়। গণিতত সমস্যাৰ সমাধানৰ বাবে যে প্ৰমাণৰ খুব প্ৰয়োজন এই কথা বাৰে বাৰে হাৰ্ডিয়ে ৰামানুজনক কৈ আছিল। |
কেতিয়াবা এই তৰ্ক-বিতৰ্কসমূহে গণিতক চেৰ পেলাই ধৰ্ম-বিশ্বাস আৰু ভগৱানৰ ধাৰণা পৰ্যন্ত পাইছিলগৈ। অথচ এইজন হাৰ্ডিয়েই ৰামানুজনক অয়লাৰ আৰু জেকবিৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰিছিল। মাত্ৰ তেত্ৰিছ বছৰ বয়সতে গণিতৰ জগতত আলোড়নৰ সৃষ্টি কৰা এইজন গণিতজ্ঞই হাৰ্ডিৰ ওচৰত তেওঁৰ গণিতৰ চমৎকাৰী প্ৰতিভাৰ উৎসৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে কেতিয়াবা নিদ্ৰাৰত অৱস্থাত বা কেতিয়াবা প্ৰাৰ্থনাৰত অৱস্থাত ৰামানুজনক নামাগিৰি দেৱীয়ে গণিতৰ বৈচিত্ৰ্যময় জগতৰ সম্ভেদ দিয়েহি। ঈশ্বৰৰ অস্তিত্বক বিশ্বাস নকৰা হাৰ্ডিয়ে প্ৰত্যুত্তৰত কয় যে তেওঁ প্ৰমাণ অবিহনে কোনো কথাৰেই বিশ্বাস নকৰে। কিন্তু ৰামানুজনে সেইসময়ত কয়- |
“An equation has no meaning to me unless it expresses a thought of God.” এনেকুৱা মতভেদৰ সত্ত্বেও প্ৰত্যাহ্বানেৰে পূৰ্ণ এক পৰিৱেশৰ পৰা অহা ৰামানুজনক হাৰ্ডিয়ে এক শুদ্ধপথ দেখুৱাবলৈ চেষ্টা কৰিছিল। আনকি ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্যপদত অধিষ্ঠিত কৰাবলৈও সক্ষম হৈছিল। |
ৰামানুজন আৰু হাৰ্ডিৰ এই যুটিকে লৈ “দ্য মেন হু নিউ ইনফিনিটি”ৰ কাহিনীভাগ আগবাঢ়িছে। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ একে নামৰ জীৱনীমূলক উপন্যাসৰ আধাৰত এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য ৰচনা কৰিছে মেথিউ ব্ৰাউনে। ৰামানুজনৰ ভূমিকাত অভিনয় কৰা দেৱ পেটেল আৰু হাৰ্ডিৰ ভূমিকাত অভিনয় কৰা জেৰেমি আইৰণছকো তেওঁলোকৰ সাৱলীল অভিনয়ৰ বাবে উচ্চ প্ৰশংসা কৰা হয়। |
আন এখন চলচ্চিত্ৰ “দ্য ইমিটেশ্যন গেম” হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃপুৰুষ বুলি খ্যাত এলেন টিউৰিঙৰ জীৱনৰ ওপৰত আধাৰিত এখন বহুল প্ৰশংসিত চলচ্চিত্ৰ। ইয়াত এলেন টিউৰিং এজন সাতাইছ বছৰীয়া যুৱক। জাৰ্মানী ভাষাৰ নূন্যতমো জ্ঞান নথকা যুৱকজনক সাক্ষাৎকাৰ লৈ থকা ব্ৰিটিছ নৌ সেনাৰ কামাণ্ডাৰ ডেনিষ্টনে তেওঁক একপ্ৰকাৰ উভতি যাবলৈকে নিৰ্দেশ দিছিল। কিন্তু যুৱকজনৰ মুখত উচ্চাৰিত হোৱা “এনিগমা” নামৰ যন্ত্ৰটোৰ কথা-বতৰাই ডেনিষ্টনক তেওঁৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰাইছিল। এই “এনিগমা” হৈছে এক বিদ্যুৎচুম্বকীয় যন্ত্ৰ। এই যন্ত্ৰৰ জৰিয়তেই জাৰ্মানীয়ে গোপন সাংকেতিক বাৰ্তা প্ৰেৰণ কৰে। ১৯৩৯ চনত ব্ৰিটেইন আৰু জাৰ্মানীৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সময়ত ব্ৰিটিছ নৌসেনাৰ কামাণ্ডাৰ ডেনিষ্টনে টিউৰিঙক তেওঁলোকৰ পাঁচজনীয়া দলত অন্তৰ্ভুক্ত কৰি লয়। এই দলটোৰ কাম হ’ল এনিগমা ক’ডৰ অৰ্থ উদ্ধাৰ কৰা। নিজৰ চিন্তা আৰু বুদ্ধিমত্তাৰে বিশেষ সংকেত ৰহস্য উদ্ধাৰ কৰি টিউৰিঙে যুদ্ধ বিধস্ত এক সময়ত অসংখ্য মানুহৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ ৪১ বছৰকাল জীয়াই থকা টিউৰিঙৰ জীৱনকাল সমকামিতাকে ধৰি কিছু বিতৰ্ক আৰু সংঘাতে আগুৰি আছিল। যুদ্ধৰ সময়ত টিউৰিঙৰ অনুপস্থিতিৰ বাবে আৰক্ষীয়ে তেওঁক জেৰা চলাইছিল। এই জেৰাৰ সন্মুখীন হৈয়েই টিউৰিঙে জীৱনৰ সকলো পৃষ্ঠা আৰক্ষী বিষয়াৰ আগত উন্মোচন কৰি দিছিল। জেৰাৰ অন্তত টিউৰিঙৰ শাস্তি ঘোষণা কৰা হয় আৰু কাৰাবাসৰ সময়তেই ১৯৫৪ চনত টিউৰিঙে আত্মহত্যা কৰে। ৮৭তম একাডেমী বটাঁৰ “শ্ৰেষ্ঠ আধাৰিত চিত্ৰনাট্য”ৰ সন্মান পোৱা চলচ্চিত্ৰখন মূলতঃ এন্দ্ৰিউ হোজেছৰ “Alan Turing:The Enigma” নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত। গ্ৰাহাম ম’ৰে চিত্ৰনাট্য ৰচনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৰ্টেন টিলডামে।প্ৰণিধানযোগ্য যে অসমীয়া ভাষাত এতিয়ালৈকে হয়তো বিজ্ঞানী বা গণিতজ্ঞৰ জীৱন কাহিনীক লৈ চলচ্চিত্ৰ নিৰ্মাণ হৈ উঠা নাই। তথাপি এসময়ত সেয়া হৈ উঠিব বুলি আমি আশাবাদী। |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক |
সম্পাদকীয় |
October 24, 2022 October 24, 2022 0 |
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা |
September 18, 2022 September 19, 2022 0 |
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি |
August 21, 2022 August 21, 2022 0 |
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ |
July 18, 2022 July 23, 2022 0 |
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা |
June 16, 2022 June 16, 2022 0 |
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত |
May 22, 2022 June 9, 2022 0 |
সম্পাদকীয় |
April 23, 2022 April 23, 2022 0 |
প্ৰবাসী অসমীয়াৰ মনৰ কথা |
March 19, 2022 April 13, 2022 0 |
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে |
February 17, 2022 March 26, 2022 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এ ইউ এছ ইউৰ সভাপতি মিলন দাসে ঘটনাৰ বলি ছাত্ৰীগৰাকীৰ সৈতে শিলচৰত সংবাদমেল সম্বোধন কৰিছে। ফটো : নৰ্থইষ্ট নাও |
369 |
VIEWS |
Share on FacebookShare on Twitter |
শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত এতিয়া অস্থিৰতাই বিৰাজ কৰিছে। কেইদিনমান আগতে অসম বিশ্ববিদ্যালয় ছাত্র সন্থা (এ ইউ এছ ইউ) ই এলানি দাবী উত্থাপন কৰাৰ পিছতেই এইবাৰ যৌন কেলেংকাৰিয়ে জোকাৰি গৈছে বিশ্ববিদ্যালয় চৌহদ। এ ইউ এছ ইউৰ সদস্যসকলে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কাইলৈ দুপৰীয়া ১২ বজালৈকে সময় বান্ধি দিছে। |
ঘটনাই গুৰুতৰ ৰূপ গ্ৰহণ কৰিছে যেতিয়া ৰিম্পি নাথ (নাম সলনি কৰা হৈছে) নামৰ কৃষি বিজ্ঞান বিভাগৰ এম টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীয়ে এ ইউ এছ ইউৰ আগত স্কুল অফ টেকন’লজি বিভাগৰ মুৰব্বী ড০ সুদীপ্ত সৰকাৰৰ যৌন নিৰ্যাতনৰ ঘটনাত কোনো ন্যায় নোপোৱাৰ অভিযোগ কৰে। |
ড০ সুদীপ্ত সৰকাৰে অতীতত বহু ছাত্ৰীৰ সৈতে এনেকুৱা কৰিছে আৰু তেওঁলোকে ইয়াক মানি লৈছিল যদিও মই তেওঁৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনোৱা নাছিলো। ইয়াৰ বাবে তেওঁ মোক চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা তিনিবাৰ ‘ভাইভা’ত ফেইল কৰাই দিছে। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে। |
ছাত্ৰীগৰাকীয়ে লগতে কয়, ‘’ড০ সুদীপ্ত সৰকাৰে আনকি মোক তেওঁৰ কোৱাৰ্টাৰত একেলগে ড্ৰিংকছ কৰিবলৈ আৰু আনকি তেওঁ বিচৰা যৌন সম্পৰ্কৰ বাবে আমন্ত্ৰণ জনাইছিল। ইয়াৰ বাবে তেওঁ নিয়মিত বিৰতিৰ মূৰে মূৰে হোৱাটছএপত মেছেজ দিছিল।‘’ |
তেওঁ কয়, ‘’ তেওঁ এতিয়ালৈকে মোৰ সৈতে যিবোৰ কৰিছে সেই সকলোবোৰ প্ৰমান মোৰ হাতত আছে আৰু তেওঁক এইবোৰ বন্ধ কৰিবলৈ কৈ থকাৰ পিছতো তেওঁৰ কু-দৃষ্টি তথা স্বভাৱৰ পৰিৱৰ্তন হোৱা নাই।‘’ |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.