text
stringlengths
0
188k
এনেধৰণৰ যৌন আতিশয্য বাধা দিয়াত ব্যৰ্থ হৈ ৰিম্পি নাথে (নাম সলনি কৰা হৈছে) ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীস অসমৰ মুখ্যমন্ত্ৰী আৰু অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ চলিত বৰ্ষৰ ১৬ জুলাইত পত্ৰ লিখিছিল। এই পত্ৰ পোৱাৰ পিছতে অসম বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে পৰৱৰ্তী দিনটোতে (১৭ জুলাই) বিষয়টো গ্ৰহণ কৰে, কিন্তু তেওঁক ন্যায় দিয়াৰ পৰিৱৰ্তে কথাটো বুমেৰাং হৈ পৰে।
ছাত্ৰীগৰাকীয়ে একেসময়তে ছাত্ৰ আৰু শিক্ষকৰ পৰা অভিযোগ পত্ৰ উঠাই ল’বলৈ তথা ড০ সুদীপ্ত সৰকাৰৰ নাম প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি পাবলৈ আৰম্ভ কৰে। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
অন্য কোনো উপায় নথকাত বিষয়টোত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংস্থা এ ইউ এছ ইউয়ে হস্তক্ষেপ কৰে। বৃহস্পতিবাৰে সন্ধিয়া এ ইউ এছ ইউ য়ে ডাৰগাকোনা চৌহদত এখন সংবাদমেলত তেওঁলোকৰ ভৱিষ্যত কাৰ্যপন্থা ঘোষণা কৰে।
এ ইউ এছ ইউৰ সভাপতি মিলন দাসে নৰ্থইষ্ট নাও ক জানিবলৈ দিয়ে যে ‘’ছাত্ৰীগৰাকীৰ অভিযোগৰ ১০ দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, যাৰ বাবে আমি পঞ্জীয়কৰ ওচৰলৈ যাওঁ আৰু তেওঁক শুকুৰবাৰৰ দিনৰ ১২ বজালৈ অপেক্ষা কৰাৰ সময়সীমা দিম। এই সময়ৰ ভিতৰত যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ বাবে আমি আমাৰ অধিকাৰ সাৱ্যস্ত কৰিম।‘’
তেওঁ লগতে কয়, ‘’ ড০ সুদীপ্ত সৰকাৰৰ ইচ্ছা পূৰণ নকৰাৰ বাবে বহু ছাত্ৰীয়ে এতিয়াও পৰীক্ষা সম্পূৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ আছে।‘’
ইয়াৰ মাজতে ব্যথিত হৈ পৰা ছাত্ৰী গৰাকীয়ে কিবা ইতিবাচক ফলাফল লাভ কৰে নে নাই তাকে চাবলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে আজি দিনৰ ১২ বজালৈকে। অন্যথা ন্যায়ৰ বাবে যুঁজখনে হয়তো আন পথৰ সন্ধান কৰিব।
Recent News
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰলৈ সহযোগিতা আগবঢ়াই ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ বৰঙণি আগবঢ়ায়।
এই উদ্দেশ্যে আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিপিএফৰ সাংসদজনে ১ লাখ টকাৰ এখন চেক অৰ্পন কৰে।
ক’ৰ’না’ৰ বিৰুদ্ধে চলাই থকা যুঁজখনত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই সাংসদ গৰাকীয়ে আগবঢ়োৱা এই বৰঙণিৰ বাবে সাংসদ গৰাকীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে ধন্যবাদ জনায়।
উল্লেখযোগ্য যে, অসম আৰোগ্য নিধিত কালিলৈকে অসমৰ ৩১ হাজাৰ ৩৭৭ গৰাকী ব্যক্তিয়ে মুঠ ৭০.৯৬ কোটি টকা বৰঙনি আগবঢ়াইছে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>দুটা দশকৰ আগলৈকে পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ দশম বা একাদশ জন্ম দিৱসত এটা ম'বাইল ফোন বা ' আইপেড ' উপহাৰ দিয়াৰ প্রৱনতা খুব সীমিত আছিল | কিন্ত একবিংশ শতিকাৰ প্রেক্ষাপটত আমাৰ সন্তানক এটা ইলেকট্ৰনিক গেজেট ( স্মাৰ্টফোন, লেপটপ, টেবলেট) উপহাৰ দিয়াটো এক অঘোষিত ফেশ্বন বা সাধাৰণ কথাৰ দৰে | সম্প্রতি এখন চাইকেল বা ভাল কিতাপ বা অভিধান ... Read article
অসম বাজেট ২০২১ : এক অৱলোকন
যতীন্দ্ৰ নাথ তালুকদাৰ মুৰব্বী, পৰিসংখ্যা বিভাগ, বি.প্ৰ.চ. মহাবিদ্যালয়
অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওঁগে যোৱা মাহত এখন জনকল্যাণমুখী ঘাটি বাজেট উত্থাপন কৰাৰ লগে লগে এক নতুন দিশৰ সূচনা হয়। বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বাৰ্ষিক আয়-ব্যয়ৰ তথ্য দিয়াৰ উপৰিও কেবাখনো নতুন আঁচনিৰ কথা ঘোষণা কৰে। নিসন্দেহে এই বাজেটখন অসমৰ জনসাধাৰণৰ সৰ্বস্তৰৰ লোকৰ বাবে এখন জনকল্যাণমুখী বাজেট বুলি ক'ব পাৰি।... Read article
ব্যক্তিগত অনুভৱৰ পৰা...
শঙ্কৰ জ্যোতি দত্ত টংলা
কলা-সাহিত্য ভাল পাওঁ, সাহিত্যৰ আলোচনা ভাল পাওঁ। এই বিষয়ক বিভিন্ন আলোচনা, বিশ্লেষণ, ৰচনা আদিৰ বাবে এক আকৰ্ষণ অনুভৱ কৰোঁ। বহু কথা... Read article
ক'ভিড মহামাৰীৰ সময়ত প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ মানসিক স্বাস্থ্যৰ অৱনতি আৰু তাক অটুট ৰখাত শিক্ষকৰ ভুমিকা
চন্দামিতা শৰ্মা বিজ্ঞান শিক্ষক, ৰাজকদমতল বালিকা বিদ্যাপীঠ, নলবাৰী
চলিত শতিকাৰ দ্বিতীয়টো দশকৰ শেষৰ ফালে সমগ্ৰ বিশ্ব এক অভাৱনীয় সংকট আৰু অনিশ্চয়তাৰ সম্মুখীন হৈছিল আৰু সেই অনিশ্চয়তাই বৰ্তমান... Read article<eot>মিজোৰাম আৰক্ষী আৰু শুল্ক বিভাগে অলপতে মিজোৰামত অভিযান চলাই দুটা ভিন্ন স্থানৰ পৰা ৫কোটিতকৈয়ো অধিক মূল্যৰ সোণ জব্দ কৰে।
আৰক্ষীয়ে ৭ মে’ৰ দিনাখন ভাৰত-ম্যানমাৰ সীমান্তৰ সৈতে লাগি থকা চাম্ফাই জিলাৰ ৰুৱাইকাৱন গাঁৱত সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে।
জব্দ কৰা এই সোণৰ বিস্কুটখিনিৰ ওজন প্ৰায় ৯.৯৬ কিলোগ্ৰাম হ’ব আৰু আৰক্ষীয়ে জানিব দিয়া মতে ইয়াৰ বজাৰ মূল্য প্ৰায় ৩.১৮ কোটি টকা হ’ব।
‘’সোণৰ বিস্কুটখিনি ৰখাৰ অভিযোগত চাম্ফাই জিলাৰ এজন বাসিন্দা জোহমাহৰুয়াক (৫১) গ্ৰেপ্তাৰ কৰা হৈছে। মেক্সি কেব আৰু ইয়াৰ ড্ৰাইভাৰজনকো গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা বিস্কুটখিনি শুল্ক বিভাগৰ বিষয়াক গতাই দিয়া হৈছে,’’-মিজোৰাম আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া লালডুহথালাংগাই কয়।
আন এক ঘটনাত আইজলৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ ছেলিঙত আইজলৰ শুল্ক বিভাগৰ চোৰাংবেহা নিবাৰক শাখাই যোৱা ৮মে’ত এম জেদ-জি-৩১৬৩ পঞ্জীয়ন নম্বৰৰ যাত্ৰীবাহী গাড়ীখনত তালাচী চলাই দুজন যাত্ৰীৰ পৰা ৮৬৩৫.৮৭ গ্ৰাম ওজনৰ ৫২ খন সোণৰ বিস্কুট জব্দ কৰে। এই সোণখিনিৰ মূল্য প্ৰায় ২.৬৯ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।
ম্যানমাৰৰ কাৱালপিৰ এজন বাসিন্দা ডেভিদ মুৱাংপি (২৩) আৰু ম্যানমাৰৰ টাহান-বিৰ ছোমখানকাপ (১৯)ক শুল্কবিভাগে গ্ৰেপ্তাৰ কৰে।
আইজলৰ শুল্ক বিভাগৰ অধীক্ষক এল এইচ হাউকিপে জানিব দিয়া মতে এই সোণখিন তেওঁলোকে হালধীয়া টেপ লগাই চিনিব নোৱাৰাকৈ ককাঁলত বান্ধি আনিছিল।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ইছলামত সকলো কামৰ এক শৃংখল বদ্ধতা আমাৰ গ্ৰন্থসমূহত পোৱা যায়। আমাৰ অন্তিম নবী মোহাম্মাদ (ছাঃ) মে যি কৈছে সেইটো কৰা ডাঙৰ পুণ্যৰ কাম। সেইদৰে আমাক খোৱা-বোৱাত কিছুমান আদব আৰু নিয়ম কানুন দেখুৱাইছে । আমি এইবিলাক নীতি-নিয়ম অন্তৰৰে পালন কৰাৰ চেষ্টা কৰিম।
সৰ্বপ্ৰথমে আমি খোৱাৰ আগত হাতদুখন ধুই পৰিস্কাৰ কৰি সোঁহাতেৰে বহিহে খাদ্য গ্ৰহণ কৰিব লাগে। (বিছমিল্লাহ)কৈ খোৱা আৰম্ভ কৰিব , আৰু যদি –বিছমিল্লাহ- কোৱা পাহৰি যায় তেনেহলে (বিছমিল্লাহি আওৱালাহু ওৱা আখিৰাহু) কব। নবী (ছাঃ) মে কৈছে প্লেটৰ যিকোনো একাষৰ পৰা খোৱা, কাৰণ বৰকত কাহীৰ মাজত উদয় হয়। সেইবাবে আমি প্লেটৰ ভিন ভিন ঠাইৰ পৰা খোৱাৰ পৰিৱৰ্তে একাষৰ পৰা খাব লাগে। নবী(ছাঃ) মে কৈছে যদি আমাৰ খোৱাৰ পিছত পেট ভৰা নাই তেন্তে হয়তো আমি একলগে সকলোৱে মিলি আহাৰ গ্ৰহণ কৰা নাই নাইবা (বিছমিল্লাহ) কোৱা নাই।
পানী অথবা বেলেগ কোনো জুলীয়া বস্তু পিয়াৰ সময়তো এইবিলাক কানুন মানি চলা উচিত। নবী(ছাঃ) মে সদায় পানী বহিহে পান কৰিব কৈছে, যদি আমি পাহৰি যাও বমি পৰ্যন্ত কৰাৰ আদেশ কৰিছে। আমি কেতিয়াও একে নিশ্বাসত উটৰ দৰে পিব নালাগে। নবী(ছাঃ)ৰ দৰে তিনি নিশ্বাসে পিয়া ছুন্নত । ইয়াৰ উপৰি পানীত নিশ্বাহ এৰিব নালাগে।
আহাৰৰ প্ৰশংসা কৰা বা গুণ গোৱাও এক ছুন্নত , বেয়া হলেও তাক কেতিয়াও প্ৰকাশ নকৰা ভাল। খাদ্য ভাল লাগিলে লোৱা আৰু বেয়া লাগিলে এৰিব পাৰি। এবাৰ নবী(ছাঃ) ক কেৱল মাত্ৰ ভিনেগাৰক আঞ্জা হিচাপে খাব দিয়া হৈছিল; তথাপিও তেখেতে সেয়াক প্ৰশংসা কৰিছে।
আমি সাৱধান হোৱা দৰকাৰ যাতে পাতত কোনো দানা বাকী নাথাকে আৰু লগতে থালিখন চেলেকি খাব লাগে,কিয়নো আমি নাজানো কোনখিনি আহাৰত বৰকত দিয়া হৈছে।
অন্যক এইবিলাকৰ প্ৰতি উপদেশ দিয়াও মুছতাহাব। সেইবাবে আমিতো কৰিমেই লগতে বেলেগ মুছলমান ভাই-ভনীকো কৰাৰ উপদেশ দিম।খোৱাৰ-বোৱাৰ শেষত আল্লাহ তালাৰ প্ৰশংসাৰ হকে (আলহামদুলিল্লাহ) পঢ়িব লাগে।
drinking waterfooding in islam
You May Also Like
Current Affairs, History, Lifestyle July 20, 2021
আৰাফাৰ দিনৰ তাৎপৰ্য, গুৰুত্ব আৰু বৈশিষ্ট্য :
Lifestyle June 15, 2021
প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ব
Show CommentsClose Comments
Leave a comment Cancel reply
Your Name *
Your Email *
Save my name, email, and website in this browser for the next time I comment.
Comment *
I agree that my submitted data is being collected and stored. For further details on handling user data, see our Privacy Policy<eot>অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলৰ বাবে সাজু হৈ উঠিছে অসম ক্ৰিকেট সন্থা তথা বৰ্ষাপাৰা ষ্টেডিয়াম।
মঙলবাৰে এই কথা সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিলয় দত্ত, সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ শইকীয়াই। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন সংবাদমেলত এ চি এৰ বিষয়ববীয়া সকলে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া খেলখন দিনৰ ঠিক ১২-৩০ বজাৰ পৰা আৰম্ভ হ’ব বুলি জনায়।
ইফালে, এদিনীয়া খেলখনৰ বাবে টিকট অনলাইনযোগে বিক্ৰী কৰা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে আয়োজক অসম ক্ৰিকেট সন্থাই। অহা ১১ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা ক্ৰিকেট অনুৰাগীসকলে ‘বুক মাই শ্ব’ যোগে টিকট সমূহ ক্ৰয় কৰিব পাৰিব।
উল্লেখযোগ্য যে টিকটৰ সৰ্বনিম্ন মূল্য ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ টিকটৰ মূল্য হৈছে ক্ৰমে ১২৫০, ১৫০০, ১৭৫০, ২০০০, ২২৫০, ২৫০০, ৪০০০ আৰু ৪৫০০ টকা। প্ৰতিজন দৰ্শকে সৰ্বাধিক চাৰিটাকৈ টিকট ‘বুক মাই শ্ব’ যোগে ক্ৰয় কৰিব পাৰিব বুলি এ চি এৰ বিষয়ববীয়াসকলে কালিৰ সংবাদমেলত স্পষ্ট কৰি দিয়ে।
২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা ১৭ অক্টোবৰতে গুৱাহাটীত আহি উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।
ইফালে কালি অসম ক্ৰিকেট সন্থাই সদৰী কৰা টিকটৰ মূল্যক লৈ ক্ৰিকেট প্ৰেমীসকল মুঠেই সন্তুষ্ট নহয়। আশা কৰাতকৈ টিকটৰ মূল্য বহু পৰিমানে বেছিকৈ ধাৰ্য কৰা হোৱা বুলি ক্ৰিকেটানুৰাগীসকলে ফেইচবুকৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি বহুতো ক্ৰিকেট প্ৰেমীয়ে টিকটৰ মূল্য সম্পৰ্কত নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈও এ চি এক আহ্বান জনায়।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নিজৰ জীৱনজোৰা কষ্টৰ বিনিময়ত আৰ্জিত বৃহৎ অংকৰ ধন জাতীয় স্বাৰ্থৰ হকে হেলাৰঙে খৰচ কৰি জাতীয় দলিলস্বৰূপ এন আৰ চিৰ বাট মোকলোৱা প্ৰদীপ ভূঞা আৰু বন্তি ভূঞালৈ ২০১৮ বৰ্ষৰ ‘লাচিত বঁটা’ আগ বঢ়োৱা হৈছে। এই কথা তাই আহোম যুৱ পৰিষদৰ এখন বিজ্ঞপ্তিত প্ৰকাশ।
উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই তাই আহোম যুৱ পৰিষদে বীৰ লাচিত বঁটা প্ৰদান কৰি আহিছে। প্ৰথমবছৰ এই বঁটা দিয়া হৈছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাক। তাৰ পিছত ২০১৩ চনত মৰণোত্তৰভাৱে কাৰ্গিলৰ চহিদ জিন্তু গগৈক, ২০১৫ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱা, ২০১৬ চনত পণ্ডিত হীৰেন গোহাঁই আৰু ২০১৭ চনত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক এই বঁটা দিয়া হৈছিল।
ভূঞা দম্পতীক অহা ২৪ নৱেম্বৰত লাচিত দিৱসৰ কাৰ্য্যসূচীত বঁটা প্ৰদান কৰিব সংগঠনটোৱে।
উল্লেখযোগ্য যে ভূঞা দম্পত্তীয়ে তেওঁলোকৰ কষ্টোপাৰ্জিত প্ৰায় ৭০ লাখ টকা এন আৰ চি উন্নীতকৰণৰ সপক্ষে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ চলোৱাৰ খৰচ হিচাপে দান দিছিল অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোক।
তাই আহোম যুৱ পৰিষদৰ বিজ্ঞপ্তিটোত এই কামক জাতিৰ প্ৰতি ত্যাগ হিচাপে অভিহিত কৰা হৈছে।
ভূঞা দম্পত্তী গুৱাহাটী ফেকাল্টী স্কুলৰ প্ৰতিষ্ঠাপক।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বৃহস্পতিবাৰে হাফলঙৰ অগপ কাৰ্যালয়ত অগপ ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ'জ লাংথাচাই এক সংবাদমেলত বক্তৱ্য ৰাখিছে। ফটো : পংকজ কুমাৰ দেব
81
VIEWS
Share on FacebookShare on Twitter
ডিমা হাচাও জিলাত আকৌ আৰম্ভ হৈছে সন্দেহযুক্ত উগ্ৰপন্থীৰ দপদপনি। পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ হাজাদিচা পৰিষদীয় সমষ্টিত নিশাৰ আন্ধাৰত হাতত এ কে ৪৭ হাতত লৈ অগপ নেতাৰ সন্ধানত বিচৰণ কৰিছে উগ্ৰপন্থী দল। অগপৰ ডিমা হাচাও জিলা ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ’জ লাংথাচাক বিচাৰি চলিছে উগ্ৰপন্থীৰ এই অভিযান।
আজি হাফলঙৰ অগপ কাৰ্যালয়ত এক সংবাদমেল পাতি উগ্ৰপন্থীয়ে ভাবুকি দিয়া তথা উগ্ৰপন্থীৰ দলে মাৰণাস্ত্ৰলৈ তেওঁৰ সন্ধান কৰি থকাৰ কথা নিজ মুখে সদৰী কৰে অগপ ট্ৰাইবেল পৰিষদৰ সভাপতি ফিৰ’জ লাংথাচায়।
তেওঁ কয় যে যোৱা দেওবাৰে হাজাদিচা পৰিষদীয় সমষ্টিৰ দৈৰাঙ্গি গাওঁত অগপ যুৱ পৰিষদৰ সভা সামৰি হাজাদিচাৰ নাবলাইদিচা গাওঁৰ নিজ ঘৰত শুৱলৈ যোৱাৰ সময়ত ৰাতি দুটা মান বজাত পাঁচ জনীয়া উগ্ৰপন্থীৰ এটা দলে হাতত এ কে ৪৭ লৈ ঘৰৰ দুৱাৰত টুকুৰিয়ায়। উগ্ৰপন্থীকেইজনৰ এজনে টি-ছাৰ্ট পৰিধান কৰাৰ বাহিৰে বাকি চাৰি জনে সেনাৰ পোছাক পৰিধান কৰি আহিছিল।
আনহাতে, হাজাদিচাৰ দিদাম্ব্ৰা গাঁওত লাংথাচাৰ এখন বেচৰকাৰী আবাসিক বিদ্যালয়তো একেই দিনাই নিশা উগ্ৰপন্থীৰ দলটো মাৰণাস্ত্ৰলৈ উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীক ফিৰ’জ লাংথাচাৰ বিষয়ে সোধাপোছ কৰে।
ডিমা হাচাও জিলাত আজিৰ দিনত আপাতত: কোনো উগ্ৰপন্থী নাই। যিবোৰ উগ্ৰপন্থী আছিল চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰি এতিয়া মূলসুঁতিলৈ ঘুৰি অহাৰ উপৰি অবৈধ মাৰণাস্ত্ৰসমূহ চৰকাৰৰ ঘৰত জমা দিছে। তেনেক্ষেত্ৰত এতিয়া এ কে ৪৭ ৰাইফেল হাতত লৈ সেনাৰ পোছাক পৰিধান কৰি ৰাতিৰ আন্ধাৰত ভয় ভাবুকি দিয়া সকলক কোনে সহযোগ কৰি আছে ? লাংথাচাই এনে ঘটনাৰ চৰকাৰক তদন্ত কৰাৰ লগতে ঘটনাত জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ অন্যথা বৃহত্তৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
ইতিমধ্যে এই সন্দৰ্ভত লাংথাচাই মাইবাঙ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। লাংথাচাই এই ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। আনহাতে জিলা অগপ সভাপতি বকুল বড়োয়েও এনে ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে।
উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অহা চেপ্টেম্বৰ বা নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ কথা আৰু ফিৰ’জ লাংথাচা হৈছে অগপ দলৰ হাজাদিচা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী।
Recent News
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ
আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নিজৰ দুগৰাকী কন্যা সন্তান, ভাতৃ আৰু এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ত্ৰিপুৰাৰ এগৰাকী ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে।
ৰাজ্যখনৰ খোৱাই জিলাৰ আদালতে ৪০ বৰ্ষীয় ব্যক্তিগৰাকীক এই চৰম শাস্তি প্ৰদান কৰে।
যোৱা বৰ্ষৰ ২৬ নৱেম্বৰত প্ৰদীপ দেৱৰয় নামৰ ব্যক্তিগৰাকীয়ে এই অপৰাধ সংঘটিত কৰিছিল আৰু তদন্ত তথা বিচাৰৰ পিছত আদালতে তেওঁক দোষী সাব্যস্ত কৰি বুধবাৰে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।