text
stringlengths
0
188k
সৰুৰে পৰা নিজৰ ভাষা, সংস্কৃতি, খাদ্যক ভালপোৱা কাব্যশ্ৰীয়ে আজিৰ পৰা তিনি বছৰৰ আগতে গুজৰাটলৈ গৈছিল‌। উদ্দেশ্য আছিল National Institute of design ত ষ্টেটিজি ডিজাইন মেনেজমেণ্ট অধ্যয়নৰ কৰা। অধ্যয়নৰ অন্তত বুজি উঠিছিল যে থলুৱা খাদ্য সম্ভাৰৰ বহুতো গুণাগুণ‌ আছে, আৰু থলুৱা খাদ্যই বৰ্হি বজাৰ দখল কৰিবলৈ হ’লে অলপমান ব্যতিক্ৰম ধৰণে উপস্থাপন কৰিব লাগিব। ইয়াৰে চিন্তাৰ ফচল প্ৰজেক্ট ঔ টেঙাত।
প্ৰজেক্ট ঔ টেঙাত কি কি উপলব্ধ?
সচৰাচৰ লোকেল ৰেষ্টুৰেণ্ট, হোটেলত নোপোৱা কিছুমান বস্তু প্ৰজেক্ট ঔ টেঙাত উপলব্ধ‌। এই ধৰক ঔ টেঙা, টেঙামৰা, খৰিচা, ক’লাবাও, শিলিখা, অমৰা, আমলখি। কাব্যশ্ৰীয়ে ক’লে প্ৰজেক্ট ঔ টেঙাত পোৱা টেঙামৰাৰ চাহ গুজৰাটৰ এতিয়া খুবেই জনপ্ৰিয়।
অসমৰ খাদ্যক কি দৰে আগবঢ়াইছে গ্ৰাহকক
কাব্যশ্ৰীয়ে nefocous.com ৰ আগত প্ৰকাশ কৰে যে, ঔ টেঙাৰ জুচ, অম্বৰ অথবা সজাই বিভিন্ন ধৰণে গ্ৰাহকলৈ আগবঢ়াইছে। ইয়াত কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূবৰ খাদ্য উপলব্ধ। উল্লেখযোগ্য যে কাব্যশ্ৰীৰ এই কামত মণিপুৰী এজন বন্ধুৱে সহযোগ কৰিছে। গুজৰাটৰ দৰে এখন ব্যৱসায়িক ভাবে সুপ্ৰতিষ্ঠিত চহৰত উত্তৰ পূবৰ থলুৱা খাদ্য সম্ভাৰ লৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো নিসন্দেহ আদৰণীয়।<eot>কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বৰপেটাৰ ছায়াৰাম শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈছে কলাগুৰু সংগীত মহোৎসৱ। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজন কৰা মহোৎসৱখনিৰ উদ্দেশ্য হ’ল বিষ্ঞুপ্ৰসাদ ৰাভা দেৱৰ আদৰ্শ জনমানসত প্ৰবাহিত কৰা আৰু অসমৰ থলুৱা কৃষ্টি সংস্কৃতি বিকাশ কৰা। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বৃক্ষৰোপন, Save Rhino Assam শীৰ্ষক সজাগতা সমদল, বিষ্ঞুৰাভা সংগীত আৰু আধুনিকগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ইয়াৰ উপৰিও সন্ধ্যা আতচবাজী প্ৰদৰ্শিত হয়। আনহাতে আজি চিত্ৰাংকণ প্ৰতিযোগিতা, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই কয় যে যদিও তাহানিৰ দিনত কোনো ইলেকট্ৰনিক মাধ্যম অথবা চ’ছিয়েল মেডিয়া নাছিল তথাপিও বিষ্ঞুৰাভা দেৱৰ কৰ্ম, আদৰ্শ প্ৰতি মুগ্ধ হৈ সকলোৱে তেখেতক “ষ্টাৰ” জ্ঞান কৰিছিল।
উল্লেখযোগ্য যে স্মৃতিচাৰণ সভাত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, হেমৰাজ ৰাভা আৰু পংকজ বৰদলৈয়ে অংশ গ্ৰহণ কৰে। সন্ধ্যাৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
আনহাতে অসমৰ অন্যতম অগ্ৰণীয় সামাজিক বে-চৰকাৰী সংস্থা Needs ৰ উদ্যোগত কালি খানাপাৰাৰ গ্ৰীণ উদ্ ৰিৰ্জট Needs excellance award শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। সামাজিক উদ্যমী অমৰদ্বীপ পালৰ প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিভাগৰ বহু কেইগৰাকী উদীয়মান যুৱকক Promising Youth Award- 2017 ৰে সন্মানিত কৰে।
আনহাতে বিজু ফুকন মেমো’ৰিয়েল বঁটা, সমাজসেৱী, সাংবাদিকতা, ফেশ্বন ফটোগ্ৰাফী, সংগীত, ফটোগ্ৰাফী, ম’বাইল থিয়েটাৰ, ক্ৰীড়া অভিনয়, উদ্যমী শিতানত বঁটা আগবঢ়ায়। তৰ্ক বিভাগত বঁটা আগবঢ়ায় নৱনীল বৰুৱাক, সমাজকৰ্মী ড০ ইলিয়াচ আলী, নৃত্যত মৰমী মেধীক, ফেশ্বন ফটোগ্ৰাফাৰ ৰাহুল বিশ্বাসক, সাংবাদিকতাৰ শিতানত নিখিল তালুকদাৰ, পংকজ কুমাৰ দাসক, সংগীত শিল্পী তৰালী শৰ্মাক, অভিনেত্ৰী নিশিতা গোস্বামীক, ম’বাইল থিয়েটাৰত মৃদুল ভূঞাক, ক্ৰীড়াৰ ক্ষেত্ৰত ৰবচ ৰথে আৰু উদ্যমী পৱন আগৰৱালাক বঁটা প্ৰদান কৰে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বিভিন্ন সামাজিক জলন্ত সমস্যাৰ প্ৰতিবাদ ফেশ্বন শ্ব’টোত মডেলৰ জৰিয়তে উপস্থাপন কৰে। অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।<eot>ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ সোমাবাৰে গুৱাহাটীৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ মন্ত্ৰী মামা নাটুং।
এই সীমা বিবাদক লৈ ইয়াৰ পূৰ্বেও কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তৰ চাৰিখন গাঁৱৰ পৰিদৰ্শন ওপৰত ভিত্তি কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ বুজাবুজিৰ মাজেৰে এই সীমা বিবাদৰ সমাধানৰ সিদ্ধান্তত উপনীত হ'ব চৰকাৰ। আনহাতে, অসম আৰু অৰুণাচলৰ দুয়োগৰাকী মন্ত্ৰীয়ে নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব প্ৰতিবেদন। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।<eot>শিৱসাগৰৰ শিক্ষকৰ কৃতজ্ঞতা অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : বিভিন্ন বিষয়ত বিস্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাৰ : তলা ভাঙি চাৰ্জ লাইটৰ পোহৰত পৰিদৰ্শন কৰিলে টাই যাদুঘৰ - sangbad365.com
প্ৰথম পৃষ্ঠা
সম্পাদকৰ বাছনিত
ৰাজ্য
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্ৰীড়াংগন
তথ্য-সঁফুৰা
কলা-সংস্কৃতি
ব্যৱসায়
Hindi
English
Friday, December 02, 2022
sangbad365.com
প্ৰথম পৃষ্ঠা
সম্পাদকৰ বাছনিত
ৰাজ্য
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্ৰীড়াংগন
তথ্য-সঁফুৰা
কলা-সংস্কৃতি
ব্যৱসায়
Hindi
English
শিৱসাগৰৰ শিক্ষকৰ কৃতজ্ঞতা অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : বিভিন্ন বিষয়ত বিস্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাৰ : তলা ভাঙি চাৰ্জ লাইটৰ পোহৰত পৰিদৰ্শন কৰিলে টাই যাদুঘৰ
In ৰাজ্য
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
১৬ অক্টোবৰ
শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত অসম শিক্ষক সন্মিলনৰ কৃতজ্ঞতা সভাত অংশ গ্ৰহণ ৰাজ্যৰ শিক্ষা, বৃত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শিক্ষকৰ সমস্যা সমাধানৰ চেষ্টা চৰকাৰে অব্যাহত ৰাখিছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। প্ৰাদেশিকৰণ, টেট শিক্ষকক নিয়মীয়া কৰা, খালি পদ পূৰণ কৰা আদিৰ লগতে দৰমহা বঞ্চিত শিক্ষকৰ সমস্যা সমাধান কৰাৰ চেষ্টাও চৰকাৰে অব্যাহত ৰাখিছে বুকিও সভাত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিয়োগ পোৱা কিন্তু বিভিন্ন কাৰণত দৰমহা নোপোৱা শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয়‌। এই সকলৰ যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ নিয়মীয়া বেছিকৰ ভিত্তিত দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাই সেই সকলক এক ফিক্স দৰমহা প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত নিয়মীয়া কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। যি সকল শিক্ষাকে নিয়োগ লাভ কৰাৰ পাছত দৰমহা লাভ কৰা নাছিল আৰু প্ৰশিক্ষণো গ্ৰহণ কৰা নাছিল সেই সকলৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব যদিও চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিব বুলি জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শিক্ষকৰ অনুষ্ঠানৰ পৰা বিদায় লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত টাই আহোম যাদুঘৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে।উক্ত সময়ত কৰ্মচাৰী উপস্থিত নথকা যাদুঘৰৰ তলা ভাঙি মন্ত্ৰীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হয় যদিও তলৰ মহলত বিদ্যুৎ সংযোগ নথকাৰ বাবে চাৰ্জ লাইটৰ পোহৰত যাদুঘৰ পৰিদৰ্শন কৰি যাদুঘৰৰ দুৰাৱস্থা দেখি মৰ্মাহত হয় মন্ত্ৰী গৰাকী। যাদুঘৰটোৰ উন্নয়ণৰ লগতে শিৱসাগৰৰ ঐতিহাসিক সমল সমূহৰ উচিত সংৰক্ষণৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ সৈতে কথা পাতি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্রী গৰাকীয়ে। যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্তই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাদ্ৰাছা বৰ্ডৰ লগতে মাদ্ৰাছা নামৰ বিলোপ ঘটাই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাব বুলি উল্লেখ কৰে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সভ্যতাৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰি কয় যে এক বিশেষ সম্প্ৰদায়ৰ বাবে অসমীয়া মহিলা বিপদত পৰিছে। উজনি অসমত এনে প্ৰভাৱ নাই যদিও নগাঁৱৰ পৰা আৰম্ভ কৰি নামনি অসমত অসমীয়া মহিলাক বিভিন্ন ভুৱা নামেৰে প্ৰলোভিত কৰি বিবাহ কৰায় অত্যাচাৰ কৰি ধৰ্মান্তৰিত কৰিবলৈ বাধ্য কৰে। এনে অৱস্থাত বহু মহিলাই আত্মহত্যা কৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে। এই সমূহৰ অৱসান হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে আৰক্ষী নিয়োগ কেলেংকাৰীৰ সন্দৰ্ভত আৰক্ষীৰ তদন্তই যদি কাৰোবাক দোষী বুলি প্ৰমাণ লাভ কৰে তেন্তে সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। যি সময়ত আৰক্ষীয়ে স্বয়ং আৰক্ষী অধীক্ষকক ৰেহাই দিয়া নাই তেন্তে মন্ত্ৰী-বিধায়কক ৰেহাই দিয়াৰ প্ৰশ্ন নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। সেইদৰে গঠন হোৱা জাতীয় দল সমূহক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দতা কৰিবলৈ আহবান জনায়।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কভিড-১৯ ৰোগৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে কয় যে অসমত এতিয়া কভিড ৰোগৰ পৰিস্থিতি ভাললৈ আহিছে। সকলো নিৰ্ভৰ কৰিব আগন্তুক দূৰ্গা পূজাক লৈ। পূজা যদি ৰাইজে সাৱধানতাৰে পালন কৰে তেন্তে এই বছৰৰ শেষলৈ কভিড নিৰাময় হ’ব। পুজা সম্পৰ্কে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম ৰাইজে পালন নকৰে তেন্তে কভিডে ৰাজ্যত পুনৰ বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>মনে মনে থকা মানে হ’ল মানি লোৱা৷ কথা, বিষয় বা ঘটনা এটা আমি গ্রহণ নকৰিব পাৰোঁ, কিন্তু মনে মনে থকাই আমাৰ সন্মতিয়েই বুজায়৷ অর্থাৎ কোনো বাধা নোহোৱাকৈ আৰু নোপোৱাকৈ সেহ কথা চলি থাকিব, সেই ঘটনা ঘটি থাকিব৷
কোনো নাৰীয়েই স্বামীৰ পৰা লাঞ্ছনা–গঞ্জনা নিবিচাৰে৷ শাৰীৰিক বা মানসিক অত্যাচাৰ, উৎপীড়ন, নির্যাতন নিবিচাৰে৷ বহু আশা বুকুত বান্ধি এজনী ছোৱালী বিয়াত সোমায়৷ সোণৰ নহ’লেও এখন সুখৰ সংসাৰৰ সপোন লৈ যুগ্মজীৱনৰ পাতনি মেলে৷ কিন্তু পৃথিৱীৰ পঁইত্রিশ শতাংশ বিবাহিত মহিলাৰ সেই সপোন ভাঙি দিয়ে স্বামীৰ আচৰণে৷ বিশ্বাস কৰিবলৈ টান পালেও পৃথিৱীৰ প্রতি তিনিগৰাকীৰ এগৰাকীকৈ নাৰীয়ে স্বামীৰ হাতত শাৰীৰিক বা মানসিক অত্যাচাৰ ভুগি আছে৷ আমাৰ বিশ্বাস নহয়৷ কাৰণ দেখিলেতো একো গম নাপায়৷ সকলোৱেই দেখোন হেপ্পিলী মেৰিড৷ হয়, আনৰ চকুত প্রায় প্রতিটো দম্পতীয়েই সুখী৷ কাৰণ তেওঁলোকে সুখী হৈ দেখুৱায়৷ ফুৰিবলৈ আৰু ঘৰত পিন্ধা কাপোৰ যেনেদৰে বেলেগ বেলেগ হয়, এই এক–তৃতীয়াংশ দম্পতীৰ ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ আচৰণ ভিন্ন হয়৷ এতিয়াতো ছ’চিয়েল মিডিয়াত ফটো আৰু কমেণ্ট পোষ্ট কৰি আমি আমাৰ আচল ৰূপটো আৰু ধৰিব নোৱাৰাকৈ মেকআপ কৰিব পৰা হ’লোঁ৷ একেটা ঘৰত একেটা ৰুমত একেলগে থকা পতি–পত্নীয়ে এতিয়া পৰস্পৰক বিবাহ বার্ষিকীৰ শুভেচ্ছা জনায় সামাজিক মাধ্যমত, তাকো মাজনিশা ঠিক বাৰ বজাৰ লগে লগে৷ কিন্তু এহ মেকআপৰ তলত লুকাই আছে এক কুৎসিত চেহেৰা, এখন ভয় লগা ছবি৷
সেহ কাৰণে গার্হস্থ্য হিংসাৰ প্রকৃত তথ্য কাৰো হাতত নাই৷ কিয়নো যিমান ঘটনা ৰিপ’ট হয়, ভগৱানেহে জানে, তাতকৈ কিমান গুণ ৰিপ’ট নোহোৱাকৈ থাকে৷ ক’ভিড পেনডেমিক লকডাউনৰ সময়ত যেতিয়া আমি সকলো ঘৰে ঘৰে সোমাই আছিলোঁ, পাৰিবাৰিক আৰু সামাজিক প্রমূল্যক কৈ গৌৰৱবোধ কৰিছিলোঁ, কোৱালিটী ফেমিলী টাহম কটাই ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰিছিলোঁ, ষ্ট’ৰী দিছিলোঁ, সেহ সময়ত ৰুজু হোৱা গার্হস্থ্য হিংসাৰ ঘটনা বাঢ়িহে গৈছিল আৰু এটা শ্বেড’ পেনডেমিকৰ ৰূপ লৈছিল৷
গার্হস্থ্য হিংসা এটা সামাজিক–সাংস্কৃতিক সমস্যা৷ পতি–পত্নীৰ মাজৰ কথা বুলি কৈ এহ বিষয়টোৰ পৰা আঁতৰি থকাৰ দিন আচলতে কেতিয়াবাই পাৰ হৈ গৈছে৷ আমাৰ দেশৰ সাক্ষৰতাৰ হাৰ এতিয়া ৭৪ শতাংশ৷ ৮২ শতাংশ পুৰুষৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৫ শতাংশ৷ গাঁও অঞ্চলৰ প্রত্যেক এহেজাৰ মহিলাৰ ৩৪৭গৰাকীয়ে কেৱল ঘৰুৱা কাম–কাজ কৰে যদিও ৬৫৩গৰাকীয়েই পৰিয়ালক আর্থিক উপার্জনত সহায় কৰে৷ ভাৰতত এতিয়া ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ মহিলা আৰু বিবাহিত নাৰীৰ ৩২ শতাংশৰে নিজা কর্মসংস্থান আছে৷ সুকল–কলেজৰ পৰীক্ষা, প্রতিযোগিতামূলক পৰীক্ষাবোৰতো ছোৱালীয়ে বেছি ভাল ৰিজাল্ট কৰিছে৷ এটা ধাৰণা আছে যে শিক্ষা নাথাকিলে আৰু টকা–পহচাৰ ফালৰ পৰা আত্মনির্ভৰশীল নহ’লে নাৰীয়ে মুখ খুলিব নোৱাৰে, প্রতিবাদ কৰিব নোৱাৰে, ন্যায় বিচাৰিব নোৱাৰে৷ কিন্তু বাস্তৱতটো আমি সেয়া দেখা নাপাওঁ৷ ধনী–দুখীয়া, শিক্ষিত–শিক্ষিত, ধর্ম–ভাষা–বর্ণ নির্বিশেষে আমি মনে মনে থাকোঁ৷
মহ যদি মুখ খোলোঁ সকলোৱে মোকেহ দোষ দিব, নাৰীৰ সহ্যশক্তি থাকিব লাগে, মোৰ মা–দেউতাই সমাজত মুখ উলিয়াব নোৱাৰা হ’ব, মোৰ ভণ্টিৰ বিয়া নহ’ব, মা ল’ৰা–ছোৱালীকেহটাৰ কি হ’ব, মোৰ যদি ডিভর্ছ হয় আকৌ বিয়া হ’ব জানো, এহবাৰেই লাষ্ট আৰু নহ’ব কিজানি, ইমান দিনটো পাৰ হৈ গ’লেই৷ বাকীকেইটা দিনো এনেকৈয়ে যাব৷ মনলৈ অহা ভাব সাধাৰণতে এনেধৰণৰ আৰু আমি মনে মনে থাকোঁ৷ কেৱল যে বিবাহিত জীৱনতেই নহয়, প্রেমৰ সম্পর্কতো যেতিয়া শাৰীৰিক নির্যাতন হয়, আমি মনে মনে থাকোঁ৷ বেছি পজিটিভ, বন্বুূ মহলত লাজ পাম, হয়াতকৈ ভাল ল’ৰা মহ পাম জানো– আমি সহ্য কৰিবলৈ আৰম্ভ কৰি দিওঁ৷
আইন আছে, সহজে পোৱাকৈ আহনী ব্যৱস্থা আছে৷ আমি কিন্তু মনে মনে থাকোঁ৷ অপৰাধী (স্বামী হওক বা প্রেমিক হওক) বেপৰোৱা হৈ পৰে৷ পত্নীৰ ওপৰত বা প্রেমিকাৰ ওপৰত হাত তোলা, আৱেগিক–মানসিক নির্যাতন কৰা এহ অদ্ভট মানুহখিনিৰ মানসিকতা এনেও স্বাভাৱিক নহয়৷ ভীষণ হীনমন্যতাত ভুগি থাকে এই মানুহখিনিয়ে৷ বহুতৰে হয়তো পত্নীতকৈ শিক্ষা–দীক্ষা কম, চাকৰি কম খাপৰ বা উপার্জন কম৷ তদুপৰি নিচাসক্তও হ’ব পাৰে৷ এই মানহবোৰে ভাবে যে পুৰুষ মহিলাতকৈ ওপৰত৷ মহিলা সদায় পুৰুষৰ তলত থাকিব লাগে৷ তেওঁলোকে নিজৰ পত্নীকে হিংসা কৰে আৰু অশান্তিত ভোগে৷ এই নিৰাপত্তাহীনতাৰ পৰা ওলাই আহিবলৈ তেওঁলোকে পত্নীক প্রহাৰ কৰি নিজৰ পুৰুষত্ব জাহিৰ কৰিব খোজে৷ ক্ষমতা প্রদর্শনৰ এহ প্রৱণতাৰ কাৰণেহ পত্নীৰ ওপৰত মানসিক নির্যাতন আৰম্ভ কৰে৷ প্রথম অৱস্থাত অলপ ভয় খাহ থাকে পত্নীয়ে কাৰোবাক ক’ব নেকি? কোনোবাহ গম পাব নেকি? তেতিয়া কি হ’ব যেতিয়া গম পাহ যায় যে পত্নী মনে মনেহ থাকিব, তেতিয়া এওঁলোক দিনে দিনে অধিক বেপৰোৱা হৈ উঠে৷
আৰু এই মহিলাসকলে দিনৰ পাছত দিন অকথ্য শাৰীৰিক–মানসিক নির্যাতন ভুগি থাকে৷ সহ্য কৰি থাকে, পৰিয়াল বচাই ৰখাৰ স্বার্থত আৰু সামাজিক সন্মান হেৰুওৱাৰ ভয়ত৷ কাৰোবাক যদি মনৰ কথা কৈও তেওঁ মনে মনে থাকে– হয় আনৰ ঝামেলাত নোসোমাওঁ বুলি নহয় পৰিয়ালটোত চলি থাকক বুলি বা হয়তো ভুক্তভোগীয়ে কাকো নক’বলৈ কয়৷ আন এটা আচৰিত কথা বহু এনে ভুক্তভোগী মহিলাহ আকৌ পতিৰ এই অস্বাভাৱিক স্বভাৱ লুকুৱাহ ৰাখি তেওঁক পৰিয়াল, সমাজ আৰু ন্যায়ৰ চকুত হেয় হ’বলৈ নিদিয়াকৈ বচাই ৰাখিব খোজে৷
এটা ধাৰণা আছে যে নাৰীয়ে যদি নাৰীৰ আগত নিজৰ দুখ ব্যক্ত কৰিব পাৰে, তেনেহ’লে খোলোচাকৈ সকলো কথা ক’ব পাৰে৷ ১৯২১ চনত নিউয়র্কত প্রথমটো কেৱল মহিলাৰ আৰক্ষী থানা খোলা হৈছিল৷ ভাল লগা কথাটো হ’ল এই আমেৰিকান কনছেপ্ঢটো আচলতে ভাৰতে গ্রহণ কৰিলে আৰু সমগ্র দেশতে মহিলা আৰক্ষী থানা আৰম্ভ কৰিলে৷ এতিয়া ভুক্তভোগী মহিলাহ মুকলি মনে সংকোচ নকৰাকৈ আন এগৰাকী মহিলাক সকলো কথা ক’ব পৰা হ’ল৷ কিন্তু আমি এতিয়াও মনে মনে থাকোঁ৷
আমি ভাবোঁ যে এয়া মাত্র মোৰ লগতহে হৈছে, মই মুখ খুলিলে সকলোৱে মোকেহ দোষাৰোপ কৰিব৷ গার্হস্থ্য হিংসাহ কিন্তু কাকো ৰেহাহ নিদিয়ে৷ বহু চেলিব্রিটীও আনকি গার্হস্থ্য নির্যাতনৰ বলি হৈছে৷ ল এণ্ড অর্ডাৰ,Prodigol চ’ন আদিৰ দৰে টিভি ছিৰিজ আৰু ফ্রীডম ৰাইটছি আদিৰ দৰে চিনেমাৰ অভিনেত্রী এপ্রিল হার্নাণ্ডেজ কেষ্টিল’ প্রেমিকৰ হাতত সততেই নিগৃহীত হৈছিল৷ এমী এৱার্ড বিজয়ী ডেবিব মৰগান গার্হস্থ্য হিংসাৰ আন এক ভুক্তভোগী৷ পপষ্টাৰ ৰিহানাক প্রেমিক ক্রিছ ব্রাউনে গাড়ীৰ পৰা ঠেলি পেলাই দি মাৰি পেলাবলৈয়ে ওলাইছিল৷ জনপ্রিয় হলীউড তাৰকা হেলি বেৰীৰ মাক দেউতাকৰ হাতত প্রায় প্রতিদিনেই নির্যাতিত হৈছিল৷ পপ সম্রাজ্ঞী মেডোনাও সাৰি যোৱা নাছিল পতিৰ অত্যাচাৰৰ পৰা৷ স্বামী চ’ন পেলে মেডোনাক আনকি বেচবল বেটেৰেও কোবাইছিল৷ প্রখ্যাত গায়িকা হুহটনি হুহষ্টনো স্বামী ববী ব্রাউনৰ হাতত শাৰীৰিকভাৱে প্রহূত হৈছিল৷ ভাৰততো এনেকুৱা ঘটনা পোহৰলৈ আহিছে৷ কৰীশ্মা কাপুৰ, অতি জনপ্রিয় তাৰকা৷ বলীউডৰ এটা অতি প্রভাৱশালী পৰিয়ালৰ ছোৱালী৷ বিয়াও হৈছিল কোটিপতি উদ্যোগপতি সঞ্জয় কাপুৰৰ লগত৷ বিয়াৰ দহ বছৰৰ পাছত দুটাকৈ সন্তান জন্ম হোৱাৰ পাছত বিবাহ বিচ্ছেদ বিচাৰি কৰীশ্মাই আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে তেওঁ স্বামীৰ কেৱল মানসিকেহ নহয়, শাৰীৰিক নির্যাতনৰো বলি হৈছিল৷ ‘এক দুজে কে লিয়ে’ৰ নায়িকা ৰতি অগ্ণিহোত্রীৰ কাহিনীত যেন ভাৰতীয় নাৰীৰ গোটেহ মনোভাব প্রতিফলিত হয়৷ ত্রিশ বছৰ অকথ্য অত্যাচাৰত থকাৰ পাছত ৰতি অগ্ণিহোত্রীয়ে মুখ খুলিছিল, ক’লে– ‘মোৰতো যি হ’ল হ’লেহ, মোৰ ল’ৰাটো ডাঙৰ হোৱালৈ ৰৈ আছিলোঁ৷’
নির্যাতনৰ এই কাহিনীবোৰো কিন্তু তৎক্ষণাতে পোহৰলৈ অহা নাছিল৷ এহ ভুক্তভোগীসকলো মনে মনেহ আছিল৷ এটা ডাঙৰ ঘটনা হোৱাৰ পাছতহে বা নিজৰ নতুবা সন্তানৰ আত্মবিশ্বাস বঢ়াৰ পাছতহে এই কথাবোৰ মুকলিলৈ আহিল৷
আমি সততেহ কওঁ নাৰী ত্যাগৰ প্রতীক৷ নাৰী সহনশীলতাৰ মূর্ত ৰূপ৷ নিগেটিভ কথাত কিন্তু এই মহান আৰু পৱিত্র ধাৰণাত অন্ধ হৈ থকাৰ কোনো যুক্তি নাই৷ অপৰাধী অপৰাধীয়েহ৷ অপৰাধীক সজগুণৰ সুবিধা ল’বলৈ দিয়াটো অপৰাধীক উদগনি দিয়াৰ দৰে৷
অথচ ভুক্তভোগীসকল মনে মনে থাকে৷ যিসকলে নিজকে শুভাকাংক্ষী বুলি ভাবে তেওঁলোকো মনে মনে থাকে৷
আমি সকলো মনে মনে থাকোঁ৷
কিয়?
Featured
Share
Prev Post
আজিৰ দিনটোৰ ৰাশিফল
Next Post
বিষ্ণু ৰাভা দিৱস
You might also like
আঞ্চলিক
বিশেষ লেখা : ড০ হিমন্ত বিশ্ব শর্মা
বিশেষ
বিশেষ লেখাঃ মোক ন’ বুলি ক’লে৷ মোক!!!
বিশেষ
ভাৰতৰ নোটৰ বিষয়ে সকলোৱে জানে, কিন্তু পাকিস্তানৰ নোটত কি লিখা আছে জানেনে?
বিশেষ
বিশেষ লেখা : কাৰ দখললৈ যাব অসমৰ ভৱিষ্যৎ?
Prev Next
Trending
লেতেৰা পাকঘৰ : অসন্তুষ্ট বিৰুষ্কাৰ অনুৰাগী
নৱে 26, 2022
মাৰণাস্ত্ৰ লৈ অসমত প্ৰৱেশ নগা যুৱকৰ : অসম-নাগালেণ্ড সীমান্তত…
নৱে 26, 2022
আন এক সফলতা ইছৰোৰ : পিএছএলভি চি৫৪ সফল উৎক্ষেপণ
নৱে 26, 2022
‘সন্ত্ৰাসবাদ নিৰ্মূল বিৰুদ্ধে ভাৰতৰ সৈতে’ :…
নৱে 26, 2022
মৰিয়নিৰ নকছাৰীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ :…
নৱে 26, 2022