text
stringlengths 0
188k
|
---|
জানিব পৰা মতে, ৰাজ্যখনত এনএছচিএন (আই এম) উগ্ৰপন্থীয়ে এগৰাকী এনপিপি কৰ্মীক গুলীয়াই হত্যা কৰে। |
ৰাজ্যখনৰ তিৰাপ জিলাৰ পশ্চিম খনছা সমষ্টিত এই ঘটনাটো সংঘটিত হৈছে। উগ্ৰপন্থীৰ গুলীত নিহত এনপিপিৰ কৰ্মীজনক জেলি আন্না বুলি চিনাক্ত কৰা হৈছে। |
এই ঘটনাত উগ্ৰপন্থীৰ দলে আন এগৰাকী ব্যক্তিকো গুলীয়াই গুৰুতৰভাৱে আহত কৰে। আহত ব্যক্তি গৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰা হৈছে। |
আসন্ন লোকসভাৰ নিৰ্বাচনৰ বাবে সমগ্ৰ দেশতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও উগ্ৰপন্থী অধ্যুষিত উত্তৰ-পূৰ্বাঞ্চলত যে সুৰক্ষা ব্যৱস্থাৰ দিশটো অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন সেয়া এই ঘটনাই স্পষ্ট কৰি তুলিছে। |
নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা-কৰ্মীক উগ্ৰপন্থী গোটবোৰে পূৰ্বৰে পৰা লক্ষ্য কৰি আহিছে আৰু বিগত সময়ত নিৰ্বাচনৰ সময়ত এনে বহু আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। |
Recent News |
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আকৌ এবাৰ কোৰোনাৰ সংহাৰ । ২০২০ বৰ্ষত কোৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে কোৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে কোৰোনা ভাইৰাছ । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পত্নী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । |
বলিউদৰ চুপাৰষ্টাৰ আমিক খানৰ দেহতো কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৰাজ্য খনত ২৬ মাৰ্চৰ পৰা পুনৰ লকডাউন দিয়াৰ সম্ভাবনাই দেখা দিছে । গুজৰাটৰ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্য খনলৈ অহা যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ২৪ মাৰ্চ ২০২১ত । |
এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোক সকলে লগত কোভিড নিগেটিভৰ ৰিপ’ৰ্ট আনিব লাগিব । আৰু এই ৰিপ’ৰ্ট ৭২ ঘন্টাৰ পুৰনি হ’ব নোৱাৰিব । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশ । |
সকলোৱে ভাবিছিল কোৰোনাৰ পৰা পৰিত্ৰান পালো । আবিস্কাৰ হ’ল কোৰোনাৰ ভেকক্সিন । ছাত্ৰ-ছাত্ৰী সকলে এবছৰ জোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণী কোঠালৈ যাবলৈ সাজু হৈছিল । কোৰোনাৰ বাবেই স্মাৰ্ট ফোনৰ ক্লাছ ৰুম,ৱাটছএপ পৰীক্ষা,জুমৰ ভিডিঅ’ কনফাৰেণ্স আদি আন্ত পৰিব বুলি ভবা হৈছিল । |
কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতিয়ে তেনে ইংগিত বহন কৰা নাই । বুধবাৰে অৰ্থাত ২৪ মাৰ্চ ২০২১ত কোভিড ১৯ৰ সংক্ৰমনৰ সংখ্যাই চৰকাৰকো চিন্তিত কৰি তুলিছে । সন্মুখত হোলী । কেইবাখনো ৰাজ্যই কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি হোলী উদযাপনতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । |
গুজৰাট চৰকাৰে ঘোষণা কৰিছে এইবাৰ ৰাজহুৱা স্থানত হোলী উদযাপন কৰিবলৈ দিয়া নহ’ব । কোভিডৰ সংক্ৰমণৰ সংখ্যা অসমতো বাঢ়িছে । যোৱা ২৪ ঘন্টাত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতহে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ অহা নাই । |
মনিপুৰ, মেঘালয়.মিজোৰাম.চিকিম,ত্ৰিপুৰা,আন্দামান,নাগালেণ্ড,অৰুনাছল প্ৰদেশ,লাডাখ,উৰিষ্যা আদি ৰাজ্যত কোভিডত মৃত্যু হোৱা তথ্য নাই যদিও আনবোৰ ৰাজ্যত কোভিডৰ মৃত্যুৰ নতুন নতুন তথ্য আহিছে । তেলেংগানাত যোৱা ২৪ ঘন্টাত নতুনকৈ ৪৩১ জন লোকৰ দেহত কোভিড সংক্ৰমণৰ খবৰ পোৱা গৈছে । ৰাজ্যখনত ২ জন লোকৰ মৃত্যু হৈছে কোভিডত । |
পশ্চিম বংগতো কোভিডে ভয়াবহ ৰূপ লোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । ৰাজ্য খনৰ ১৯ খন জিলাক ইতিমধ্য ৰেড অঞ্চল বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে । মহাৰাষ্ট্ৰৰ বীড জিলাত প্ৰশাসনে ২৬ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছে । |
জাৰ্মানীতো কোভিডৰ সংক্ৰমন বাঢ়িছে । এদিনতে দেশ খনত ১৫,৮১৩ জন লোক সংক্ৰমন হৈছে । বিশ্বৰ আন দেশ বোৰতো কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা দেখা পোৱা গৈছে । ভাৰতত কোৰোনা ভাইৰাছৰ নতুন সংক্ৰমনৰ বাবে উদ্বিগ্ন হৈছে স্বাস্থ্য মন্ত্ৰনালয় । |
কোভিড ১৯ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত প্ৰথম বাৰৰ বাবে চিন্তা ব্যক্ত কৰিছে । কোভিড ১৯ক লৈ উদ্বিগ্ন চৰকাৰে চিঠি লিখি কোভিড ১৯ৰ প্ৰট’কল কঠোৰ ভাবে মানিবলৈ অনুৰোধ জনাইছে । ২৩ মাৰ্চ ২০২১ত অসমত নতুনকৈ ৫২ জন লোকৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰে । ইয়াৰ ভিতৰত ৩৮ জনেই গুৱাহাটী মহানগৰীৰ । |
বিহু,ফাকুৱা,ঈদ আদি উৎসৱৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্য মন্ত্ৰনালয়ে । অচিৰেই ৰাজ্য চৰকাৰে পৰিস্থিতিৰ লগত সংগতি ৰাখি এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাবনা আছে । |
লক্ষনীয় যে অসমত এতিয়া চৌদিশে ৰাজনৈতিক সমাবেশ । অথচ স্বাস্থ্য মন্ত্ৰনালয়ে এনে সমাবেশ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰক । কোভিডৰ সংক্ৰমনৰ নতুন ৰূপে অসমৰ নিৰ্বাচনত প্ৰভাব পেলোৱাৰ সম্ভাবনা নথকাও নহয় । |
শাসকীয় বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ অহা সূচীতো কিছু সালসলনি ঘটোৱা হৈছে বুলি জানিব পৰা গৈছে । কোভিডৰ বাবেই লক্ষ্য ৰাখি ছিপাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণ অগতীয়াকৈ কৰা হ’ল বুলিও চৰ্চা চলিছে । |
উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ সময়ত কোভিডৰ বাবেই ভোটগ্ৰহনৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল । চলিত বৰ্ষত কোভিডত একেদিনাই ২০০ৰো অধিক লোকৰ মৃত্যুৰ পিছত অসমৰ নিৰ্বাচনত ইয়াৰ প্ৰভাব পৰিলেও আচৰিত হ’ব লগা একো নাথাকিব । |
নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ প্ৰচাৰ আৰু ভোট গ্ৰহনৰ সময়ত বহু নিৰ্দেশনা তথা প্ৰট’কল নিৰ্ধাৰন কৰি দিছে । কিন্তু প্ৰায়বোৰ ৰাজনৈতিক দলে সেই নীতি নিৰ্দেশনা ধোৱাচাঙত তুলি লাখ লাখ লোক সমাগম কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে । |
২৩ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত লকডাউনৰ নিৰ্দেশনা কঠোৰ ভাবে মানি লোৱা নাই । সেই নিয়ম সমূহ কঠোৰ ভাবে পালন কৰিবলৈ আৰু কন্টেইমেন্ট জ’ন সমূহত এই নিৰ্দেশনা মানি চলিচে নে নাই সেই সন্দৰ্ভত জিলা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে । |
টেষ্ট-ট্ৰেক-ট্ৰিট প্ৰট’ক’ল দেশৰ প্ৰতিটো প্ৰান্তত মানি চলাটো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি গৃহ মন্ত্রণালয়ে নিৰ্দেশনাটোত কয় কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাত আৰটি-পিচিআৰ টেষ্ট অতি কম পৰিমানত কৰা হৈছে। |
এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাসমূহত এই টেষ্টসমূহৰ পৰিমান ৭০ শতাংশ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে গৃহমন্ত্রণালয়ে। উল্লেখ্য যে, অহা ৩০ এপ্ৰিল, ২০২১লৈ এই নিয়মসমূহ কঠোৰভাৱে মানিব লাগিব ৰাজ্য চৰকাৰসমূহে। |
ৰাজ্যত এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ ।ষ্টাৰ কেম্পেনাৰেৰে লাখ লাখ মানুহ গোটাই প্ৰচাৰ অব্যাহত ৰাখিছে শাসক -বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে । ক্ষমতাৰ লালসাত যেন নেতা সকলে পাহৰি গৈছে কোৰোনাৰ ভয়াবহতা । ভোটৰ স্বাৰ্থত ভোটাৰৰ জীৱনৰ সৈতে যেন হেতালি খেলিছে নেতাই । কোৰোনাক লৈও যেন হৈছে ৰাজনীতি । |
কোৰোনাৰ এই ভয়াবহ সময়ত যেন নেতা,মন্ত্ৰীৰ লগতে জনসাধৰন সজাগ নহয় । স্বাস্থ্য মন্ত্ৰানালয়ে বাৰে বাৰে সকলোকে মাস্ক ছেনিটাইজাৰৰ বাবে আহ্বান জনাইছে যদিও জন সমাবেশ সমূহত কোভিডৰ সকলো প্ৰট’কল ভংগ হোৱা দেখা গৈছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ লগতে চৰকাৰে কি ধৰনে ব্যৱস্থা গ্ৰহন কৰিব সেয়াহে লক্ষনীয় হ’ব । |
The post এইবাৰো চাগে পতা নহ’ব হেপাহৰ ৰঙালী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal. |
Facebook |
Linkedin |
Twitter |
Pinterest |
PrevPreviousকোৰোনাৰ বিৰুদ্ধে যুঁজঃ গৃহ মন্ত্রণালয়ৰ নতুন নিৰ্দেশনা… |
Nextআমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ…Next |
আগামী ২০ শে ডিসেম্বর থেকে শুরু হচ্ছে বিহাড়া দেশ বন্ধু ক্লাবের সেভেন এ সাইড নৈশ ক্রিকেট প্রতিযোগিতা |
December 4, 2022 |
শৈল শহর হাফলঙে রাধারমন গোস্বামীর আবির্ভাব তিথি উৎসবের প্রস্তুতি জোরকদমে চলছে |
December 4, 2022 |
সাম্প্রদায়িক মন্তব্যের দায়ে বদর উদ্দিন আজমলের বিরুদ্ধে এফ আই আর দায়ের করলো আম আদমি পার্টির কাছাড় জেলা কমিটি<eot>ডিজিটেল ডেস্ক : Bigg Boss 16: টেলিভিছনৰ সবাতোকৈ চৰ্চিত ৰিয়েলিটী শ্ব’ ‘বিগ বছ’ৰ ৰজা হ’ল শিৱ থাকৰে।এতিয়া গোটেই ঘৰখনকে আঙুলিৰ মূৰত নচুৱাব পাৰিব শিৱ থাকৰেয়ে।শিৱৰ প্ৰতিটো আদেশ মানিব লাগিব ঘৰৰ প্ৰত্যেকজন সদস্যই। হয়, বিগ বছৰ এই সপ্তাহৰ কেপ্টেইন হিচাপে নিৰ্বাচিত হয় ‘বিগ বছ মাৰথী’ৰ বিজেতা তথা অভিনেতা শিৱ থাকৰে।উল্লেখ্য, কেপ্টেইনসকলক শেহতীয়াকৈ ‘বিগ বছ’ত ৰজা হিচাপে আখ্যা দিয়া হৈছে। |
ইফালে টুইটাৰত ‘ট্ৰেণ্ড’ত থকা ‘বিগ বছ’ৰ প্ৰতিযোগীৰ সকলো অভিলেখ ভংগ কৰিছে শিৱ থাকৰেয়ে।শিৱৰ নামত তেওঁ অনুৰাগীয়ে ২ মিলিয়ন টুইট কৰি পূৰ্বৰ সকলো প্ৰতিযোগীৰ অভিলেখ ভংগ কৰিছে। ‘বিগ বছ-১৬’ত ২ মিলিয়ন টুইট অতিক্ৰম কৰা শিৱেই হৈছে প্ৰথম প্ৰতিযোগী। |
অত্যন্ত চতুৰালিৰে খেল খেলি দৰ্শক হৃদয় জয় কৰা শিৱে এটা বিশেষ কাৰ্যৰ জৰিয়তে কেপ্টেইনৰ অধিকাৰ নিজৰ নাম কৰে।ছাজিদ খানৰ কেপ্টেইনৰ ম্যাদ উকলি যোৱাত ‘বিগ বছ’য়ে ছাজিদৰ প্ৰিয় আব্দু ৰজিক, নিমৰিত কৌৰ আহলুৱালিয়া আৰু শিৱ থাকৰেৰ মাজতহে কেপ্টেইন হ’ব বুলি নিশ্চিত কৰি তেওঁলোকক এক বিশেষ কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে।এই কাৰ্যত তেওঁলোক তিনিজনক বাকী ঘৰৰ সদস্যই চৰ্ত সাপেক্ষে কেইটামান বিশেষ কাম কৰিবলৈ দিয়ে।এই কাৰ্যত আব্দু ৰজিক আৰু নিমৰিত কৌৰ আহলুৱালিয়া বিফল হোৱাৰ বিপৰীতে শিৱ থাকৰে এই কাৰ্যত জয়ী হয়। |
কিন্তু ইয়াৰ পাছতে ‘বিগ বছ’য়ে খেলখনত এক নতুন মোৰ আনে।এই কাৰ্যত জয়ী হোৱাৰ পাছত শিৱক পোনপটীয়াকৈ কেপ্টেইনৰ অধিকাৰ নিদিলে ‘বিগ বছ’য়ে। ‘বিগ বছ’য়ে ঘৰৰ অন্যতম চৰ্চিত সদস্য ছালীন ভানোট,টীনা দত্ত আৰু সৌন্দৰ্য্যা শৰ্মাক তিনি প্ৰতিদ্বন্দ্বী আব্দু ৰজিক, নিমৰিত কৌৰ আহলুৱালিয়া আৰু শিৱ থাকৰেৰ ভিতৰৰ এজনক ঘৰৰ কেপ্টেইন নিৰ্বাচিত কৰাৰ দায়িত্ব দিয়ে।ছালীন, টীনা আৰু সৌন্দৰ্য্যাইহে শিৱক ঘৰৰ পৰৰ্ৱতী কেপ্টেইন হিচাপে নিৰ্বাচন কৰে। |
ইফালে,নিজৰ বয়সতকৈ ২০ বছৰ ডাঙৰ ছালীন ভানোটৰ প্ৰেমত পৰি চৰ্চাত থকা ছুম্বুল তৌকিৰ খানক তেওঁৰ পিতৃৰ সৈতে ফোন যোগে কথা পতাৰ সুযোগ দিলে ‘বিগ বছ’য়ে।কিন্তু প্ৰতিযোগীগৰাকীৰ পিতৃয়ে ছালীন-টীনাৰ বিষয়ে বহু বেয়াকৈ বাখ্যা কৰি ‘বিগ বছ’ৰ ৰোষত পৰে।ফলত, ‘বিগ বছ’য়ে ছুম্বুলক পৰৱৰ্তী সময়ত আৰু এনে সুযোগ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে।<eot>বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত অভিলেখ সংখ্যক ৭৮.২০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ৯০ খন আসনৰ লগতে মণিপুৰৰ এখন লোকসভা আসনৰ বাবেও শান্তিপুৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত হয়। |
ৰাজ্যখনৰ মুঠ ১৫৬২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ সকলে শান্তিপুৰ্ণভাবে ভোটদান কৰে। চৌৰাচান্দপুৰ বিধানসভা সমষ্টিৰ গোটেইকেইটা ভোটগ্ৰহণ কেন্দ্ৰ আৰু অন্যান্য জিলাসমূহৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ কিছুমান সম্পুৰ্ণৰূপে মহিলাই পৰিচালনা কৰে। উক্ত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং বিষায়াকে ধৰি নিৰাপত্তাৰক্ষী সকলো মহিলাকে নিয়োগ কৰা হয়। |
মণিপুৰৰ ১২ খন জিলাৰ ২৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ ৰাতিপুৱাৰ ভাগত কিছু সেৰেঙা আছিল যদিও দুপৰীয়াৰ ভাগলৈ ভোটদানৰ হাৰ বৃদ্ধি পাই। ৯ বজালৈ ১৫.৬ শতাংশ হোৱা ভোটদান ১১ বজাত ৩৫.০৩ শতাংশ হয়। |
আনহাতে, ৰাজ্যখনত ৩ বজালৈ ভোটদান ৬৮.১৬ শতাংশ হোৱাৰ পৰৱৰ্তী সময়ত আবেলি ৫ বজাত মুখ্য নিৰ্বাচনী বিষয়া পি কে সিঙে ৰাজ্যত মুঠ ভোটদানৰ হাৰ ৭৮.২০ শতাংশ হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী |
আকৌ শীৰ্ষত মোদী!মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন |
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ |
শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ইউ টিউবত বি কে শিৱানীৰ খঙৰ ওপৰত এটি ভিডিঅ শুনাৰ সুযোগ হ'ল৷ তেখেতে কৈছে যে খং উঠাৰ সময়ত তিনিটা কথা এজন ব্যক্তিৰ মাজত নিহিত হৈ থাকে ৷ সেই তিনিটা কথা হ'ল -- ভাব,সিদ্ধান্ত আৰু কাৰ্যকাৰিতা (thought,decision and action)- এই তিনিটা কথাৰ প্ৰথমটোতেই আমি যদি ৰৈ যাব পাৰোঁ তেন্তে আমি আমাৰ খঙক নিয়ন্ত্ৰণ কৰাৰ কৌশলত সফল হওঁ৷ সেয়ে কিজানি জ্ঞানীলোকে খং উঠিলে একৰ পৰা দহলৈ গন্তি কৰিবলৈ কয় অথবা খং উঠাৰ সময়ত মুখত পানী লৈ থাকিবলৈ পৰামৰ্শ দিয়ে৷ কিন্তু ইয়াতে এটা প্ৰশ্ন হয় যে খং উঠাৰ সময়ত একৰ পৰা দহলৈ গন্তি কৰা অথবা পানী মুখত দিবলৈ মনত পৰে জানো? হয়, মনত পৰিব যদিহে আমি প্ৰতিকাৰৰ উপায়সমূহ পালন কৰিবলৈ যত্নপৰ হওঁ৷যিয়েই নহওক খং নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰাটো খুবেই জৰুৰী৷ এবাৰ এগৰাকী মাকে সন্তানক পঢ়ুৱাই আছিল৷ সন্তানটিয়ে 40 সংখ্যাটো বাক্যত লিখিব পৰা নাছিল৷ মাকে কেইবাবাৰো পঢ়ুৱাৰ পিছতো সন্তানটিয়ে নোৱাৰা দেখি হাতত পাচলি কটা কটাৰীখন খঙতে সন্তানৰ গালৈ মাৰি পঠিয়ালে৷ তাৰপিছৰ বিষম পৰিণতিৰ কথা নক'লেও হ'ব নিশ্চয়৷ এবাৰ আকৌ পতি-পত্নীয়ে টিভিৰ ৰিম'ট লৈ কাজিয়া কৰি কৰি পতিয়ে পত্নীক একেবাৰে মাৰিয়েই পেলালে - এয়া হঠাতে উঠা নিয়ন্ত্ৰণহীন খঙৰ বিষম পৰিণতি৷ গতিকে খঙক নিয়ন্ত্ৰণলৈ আনিবলৈ খং আছে বুলি ভবা প্ৰতিজনলোকে সাধনা কৰিব লাগে৷ পুনৰ দোহাৰিব পাৰি যে খং উঠিলে আমি যদি সিদ্ধান্ত আৰু কাৰ্যকাৰিতালৈ নগৈ ভাবতেই ৰৈ যাওঁ তেতিয়াই আমাৰ খং বহুখিনি নিয়ন্ত্ৰণত আহে৷ কাৰণ ভাবৰ জগতত খঙৰ মাত্ৰা সময়ৰ লগে লগে কমি আহিবলৈ ধৰে৷ |
আপুনি বাৰু ভাবে নেকি যে খং কৰি নক'লে কোনো কাৰ্য সমাধা নহয় অথবা আপুনি দেখি আহিছে যে গালি ধমকিৰেহে অফিচ,ঘৰ আদিৰ কামসমূহ নিয়াৰিকৈ চলাই নিব পাৰি৷ সেয়ে আপুনি ঘৰৰ যিকোনো কাম, অফিচ/কম্পেনীৰ কাম ভালকৈ চলাই নিবলৈ বিচাৰিলে খঙখোৱা পদ্ধতিয়েই ব্যৱহাৰ কৰে আৰু এয়া ক্ৰমান্বয়ে আপোনাৰ স্বভাৱত পৰিণত হ'বলৈ আৰম্ভ কৰিছে৷এয়া আপোনাৰ সংস্কাৰ হৈ পৰিছে৷ কিন্তু আপুনি ভাবি চাইছেনে আপোনাৰ সংস্কাৰ হৈ পৰা এই পদ্ধতিটো স্বাস্থ্যৰ বাবে কিমান উপযোগী? হয়, নিশ্চয়কৈ আপোনাৰ খঙৰ পদ্ধতিৰে ঘৰ,অফিচ সুচাৰুৰূপে চলিছে কিন্তু আপোনাৰ শৰীৰ, মন সুচাৰুৰূপে চলিছেনে? আপোনাৰ খঙৰ বাবে আপোনাৰ লগতে আপোনাৰ ঘৰৰ সদস্যসকল কিমান সুখী? আপোনাৰ অফিচৰ ব্যক্তিসকল কিমান সুখী? নিজৰ লগতে তেওঁলোকৰ মনৰ খবৰ আপুনি ৰাখিছেনে? এইবোৰ কথাৰ নিশ্চয় বিশ্লেষণৰ দৰকাৰ আৰু খং নকৰাকৈ অফিচ,ঘৰৰ সমস্যাসমূহ কেনেকৈ সমাধা কৰিব পাৰি তাৰ উপায় চিন্তনৰ দৰকাৰ৷নি:সন্দেহে সকলো সমস্যাৰে সমাধান থাকে৷ দিন দিন ধৰি আপুনি যে এটা ভুল ধাৰণাৰে জীৱন-যাপন কৰি আছে, আপোনাৰ ৰক্তচাপ বাঢ়িছে অথবা মূৰৰ বিষ হৈছে অথবা নতুনকৈ চুগাৰ পাইছে -- এইবোৰৰ আঁৰত যে আপোনাৰ খংটোও এটা কাৰণ, আপুনি হয়তো গম নাপায়৷ |
খং উঠিলে এজন মানুহৰ শৰীৰৰ "stress mechanism" সক্ৰিয় হয় যাৰ বাবে শৰীৰত বিভিন্নধৰণৰ লক্ষণ দেখা দিব পাৰে৷ ই একপ্ৰকাৰৰ শৰীৰক দিয়া আসন্ন বিপদৰ আগজাননীৰ দৰে৷ খং উঠিলে শৰীৰত দেখা দিয়া লক্ষণসমূহ -- |
১) এড্ৰিনেল গ্লেণ্ডে এড্ৰিনেলিন নামৰ ষ্ট্ৰেছ হৰম'ন নি:সৰন কৰে যি নেকি লিভাৰত সন্নিবিষ্ট হৈ থকা গ্লাইক'জেনক ব্লাড চুগাৰলৈ ৰূপান্তৰ কৰি শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে৷ |
২) শ্বাস-প্ৰশ্বাসৰ মাত্ৰা ঘন হয় আৰু শৰীৰক বেছিমাত্ৰাত অক্সিজেনৰ দৰকাৰ হয়৷ |
৩) হৃদস্পন্দন বাঢ়ি যায় আৰু তাৰ লগেলগে তেজ চলাচলৰ মাত্ৰাও বাঢ়ি যায়৷ |
৪) ৰক্তচাপ বাঢ়ি যায়৷ |
৫) হজমিশক্তি কমি যায় আৰু তেজে শৰীৰৰ পেশীসমূহক শক্তি প্ৰদান কৰে৷ |
৬) শৰীৰত প্ৰচুৰ পৰিমাণে ঘাম নি:সৰন হয়৷ |
৭) চেলিভাৰি গ্লেণ্ডৰ নি:সৰন কমি যোৱাৰ বাবে মুখখন শুকাই যায়৷ |
৮) "Immune System" ৰ কাৰ্যকাৰিতা অলপ সময়ৰ বাবে বন্ধ হয়৷ |
খং উঠা সময়ছোৱাত এজন খঙাল ব্যক্তিৰ চকু ৰঙা পৰে, হাত-ভৰিৰ কঁপনি হয়, মাতটো প্ৰয়োজনতকৈ ডাঙৰ হয়৷ |
ওপৰৰ লক্ষণসমূহ মানুহজনৰ আসন্ন বিপদৰ মুখামুখা হ'বৰ বাবে শৰীৰত দেখা দিয়ে আৰু লগেলগে খং উঠোতাজনৰ শৰীৰত এনে এক প্ৰচণ্ড শক্তি উৎপন্ন হয় যি নেকি কল্পনাৰ বাহিৰত৷ সেই প্ৰচণ্ড শক্তিৰ আধাৰতেই খঙৰ গৰাকীজন হত্যাকাৰী হৈ উঠিব পাৰে অথবা বহুত ওপৰৰ পৰা জাঁপ মাৰি আত্মহত্যাৰ দৰে ভয়ানক কাণ্ড কৰাৰ ওপৰি বহুতো কল্পনাতীত বিভৎস কাম কৰিবলৈও পিছনুহুঁকে৷ কিন্তু এই প্ৰচণ্ডশক্তিৰ সময়সীমা বেছি সময়ৰ বাবে নাথাকে৷ সেই শক্তি শেষ হৈ যোৱাৰ লগে লগে মানুহজন অৱশ হৈ পৰে৷ |
খঙে আয়ুস কমাই বুলিও কয়৷ সঘনাই খং উঠি থকা ব্যক্তি এজনৰ "Stress mechanism" সঘনাই সক্ৰিয় হোৱাৰ বাবে শৰীৰৰ নিয়মীয়া কাৰ্যকাৰিতাত ব্যাঘাত জন্মে আৰু শৰীৰৰ কিছুমান প্ৰক্ৰিয়া যেনে হৃদযন্ত্ৰ, এণ্ড'ক্ৰাইন গ্লেণ্ড আদি অতি সক্ৰিয়তালৈ গুছি যায়৷ সঘনাই উঠা খঙে এজন মানুহৰ শৰীৰত তলৰ বেমাৰসমূহ মাতি আনিব পাৰে -- |
১) মাইগ্ৰেইন, মূৰৰ বিষ |
২) পাচনক্ৰিয়াৰ বেমেজালি, ডায়েৰিয়া, আলচাৰ, গেষ্ট্ৰাইটিজ |
৩) উচ্চ ৰক্তচাপ আৰু হৃদৰোগ |
৪) তেজত কলেষ্টেৰলৰ বৃদ্ধি |
৫) মধুমেহ ৰোগ |
৬) আৰ্থাৰাইটিছ, ৰিউমেটিজম |
৭) স্পণ্ডিলাইটিছ |
৮) নাৰ্ভ দূৰ্বলতা |
৯) শৰীৰৰ প্ৰতিৰোধী শক্তি কমি যোৱা আদি |
গতিকে নিজৰ মনটোক কিদৰে প্ৰশান্তিৰে ভৰাই ৰাখিব পাৰি আৰু লগতে খঙ উঠাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ পৰা হাত সাৰি থাকিবৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিয়ে সজাগ হ'লে নিজৰ উপকাৰ হোৱাৰ লগতে সমাজ তথা জগতৰো উপকাৰ হ'ব৷ খঙ কমাবৰ বাবে যোগ তথা ধ্যানে অভূতপূৰ্ব সহায় কৰে৷ আপুনি আপোনাৰ দৈনিক তালিকাত কেইবিধমান প্ৰাণায়ম (অনুলোম- বিলোম,ভ্ৰামৰী, ওমকাৰ,কপালভাতি,ভস্ত্ৰিকা আদি), আপোনাৰ ভাল লগা যি কোনো meditation commentary ( ইউ টিউব আদিত উপলব্ধ), যোগ নিদ্ৰা, ওমকাৰ ধ্বনি,গায়ত্ৰি মন্ত্ৰ উচ্চাৰন, নাম ম্যহ ৰেংগে ক্য চান্টিং তাৰোপৰি সূৰ্য নমস্কাৰ, অষ্টচক্ৰ ধ্যান, কেইটামান আসন (সৰ্বাঙ্গাসন, ভদ্ৰাসন,পদ্মাসন,গোমুখাসন আদি) যোগ দি আপোনাৰ স্বভাৱজাত প্ৰশান্তি বিনষ্টকাৰী সহজে উঠা খংখিনি কমোৱাৰ লগতে প্ৰকৃত সুখ উপলব্ধিক আপোনাৰ জীৱনলৈ আমন্ত্ৰণ কৰি আনিব পাৰে৷<eot>ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰা বিষয়টো দেশৰ আন প্ৰান্ততকৈ পৃথক বুলি স্পষ্ট কৰি দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অসম চুক্তিত নাগৰিকত্ব প্ৰাপ্তিৰ বাবে ১৯৭১ চনৰ ২৪ মাৰ্চক অন্তিম সময়সীমা( কাট অৱ ডেট) স্পষ্ট কৰি থোৱাৰ পৰিপেক্ষিততে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত নতুনকৈ সংশোধনী কৰা নাগৰিকত্ব আইন-২০১৯ক লৈ অসমৰ পৰা দাখিল কৰা আইন বাতিলৰ আবেদন সন্দৰ্ভত পৃথক শুনানিৰ প্ৰয়োজন আছে বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। |
সৰ্বোচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ বুধবাৰৰ শুনানিত কোৱা হয়, অসম আৰু ত্ৰিপুৰাৰ আবেদন সন্দৰ্ভত সুকীয়াকৈ শুনানি গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰকো অসম সন্দৰ্ভত তেওঁলোকৰ বক্তব্য সম্বলিত আবেদন কেতিয়া দাখিল কৰিব সেই বিষয়ে জানিবলৈ বিচৰাত এৰ্টনী জেনেৰেল কে কে বেণুগোপালে ইয়াৰ বাবে দুসপ্তাহ সময় বিচাৰে আৰু ন্যায়ালয়ে সেয়া মঞ্জুৰ কৰে।<eot>কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ নিচেই সমীপৰ বনৰজা নামৰ এখন ব্যক্তিগত অতিথিশালাৰ অবৈধ নিৰ্মাণত যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে। |
মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত হাতী আৰু জেচিবিৰ সহায়ত চলায় এই উচ্ছেদ। |
উল্লেখ্যে যে বোকাখাতৰ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ২০১৮ বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি আংলং পাহাৰৰ শিল খনন আৰু এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল। |
২০১৯ বৰ্ষৰ ১২ এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা বাগৰীৰ বনৰজা মটেল নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ নির্মাণৰত ৰান্ধনীশালাটো উচ্ছেদৰ জাননী জাৰী কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে। |
উল্লেখ্যে যে কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰত অবৈধ নির্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই তৎপৰ হৈছিল গোলাঘাট,নগাওঁ জিলা প্ৰশাসনৰ লগতে বন বিভাগো। |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯ টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয়। |
যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা দিছিল সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া CEC কমিটিয়ে৷ |
কিন্তু সেই সময় সীমাৰ ভিতৰত উচ্ছেদ নোহোৱাত পুনৰ পৰিবেশকৰ্মী ৰোহিত চৌধুৰীয়ে পুনৰ অভিযোগ দাখিল কৰাত তৎপৰ হৈ পৰে প্ৰশাসন। |
সেই অনুসৰিয়েই ৫ফেব্ৰুৱাৰী তাৰিখে নগাঁও প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় কলিয়াবৰ মহকুমা প্ৰশাসনে। ৫ফেব্ৰুৱাৰী দিনটোত বাগৰীৰ লগতে কলিয়াবৰৰ আমগুৰিৰ তুচিতা বন ৰেষ্টোৰাত প্ৰশাসনৰ হাতোৰা পৰে। |
আনহাতে কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ তুচিতা বন নামৰ ৰেষ্টোৰাখনত উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে। উচ্চেদৰ সময়ত নতুনকৈ নিৰ্মিত ৰেষ্টোৰাখনৰ এটা কোঠা ভাঙি পেলাই প্ৰশাসনে। |
ইয়াৰ পাছতে পুনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে বাগৰীৰ লাহেকে চাই কেফে আৰু জঙ্গল চিটী নামৰ ৰেষ্টোৰাত প্ৰশাসনে উচ্ছেদ চলাই। |
এই উচ্ছেদক অৱশ্যে একাংশই সহজ ভাবে লব পৰা নাই। কাজিৰঙাৰ এই এনিমেল কৰিডৰত একাংশ পুঁজিপতি লোকৰ ৰেস্তোৰা তথা বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান থকাৰ পাছতো প্ৰশাসনৰ হাতোৰা নপৰাত থলুৱা লোকক কৰা প্ৰৱঞ্চনাৰ প্ৰকৃত ছবি খন পোহৰলৈ আহিছে বুলি অভিযোগ কৰিছে। |
এনিমেল কৰিডৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰৰ কুঁৱৰীটোলৰ পৰা ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথেদি হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি কলিয়াবৰ তিনিআলিৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয়। |
উল্লেখযোগ্য যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বতে চাৰিটাকৈ এনিমেল কৰিডৰ থকাৰ পাছত পুনৰ পাঁচটাকৈ এনিমেল ক’ৰিডৰ নিৰ্মাণ কৰা সিদ্ধান্ত শংকিত হৈ পৰে সাধাৰণ লোকসকল। |
সেয়ে ভেঁটি মাটি হেৰুৱাৰ ভয়ত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। |
যদিহে এই প্ৰতিবাদ চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেন্তে আগন্তক ৰাষ্ট্ৰপতি ভ্ৰমনৰ সময়চোৱাতো পুনৰ প্ৰতিবাদত বহাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই ।প্ৰতিবাদৰ বাবে ৰাজপথ কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। |
Recent News |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.